অংক জ্যোতিষ - Numerology In Assamese (05 - 11মে’, 2024)

Author: Lobitha Dutta | Updated Tue, 02 Apr 2024 01:50 PM IST

মূল অংক বা মূলাংক জানিবৰ বাবে আপুনি আপোনাৰ জন্ম তাৰিখক এটা একক সংখ্যালৈ ৰূপান্তৰ কৰিব লাগিব। মূল অংকবোৰ 1 ৰ পৰা 9 ৰ ভিতৰত যিকোনো হ'ব পাৰে। উদাহৰণ স্বৰূপে, যদিহে আপোনাৰ জন্ম কোনো এটা মাহৰ 12 তাৰিখে হৈছে তেনেহ’লে আপোনাৰ মূলাংক হ’ব 1 + 2 অৰ্থ 3 । এনেদৰে আপুনিঅংক জ্যোতিষ অনুসৰিআপোনাৰ মূলাংক বিচাৰি উলিয়াব পাৰিব আৰু মূলাংক আধাৰিত পূৰ্বানুমানৰপৰা আপোনাৰ সাপ্তাহিক ৰাশিফল জানিব পাৰিব।


ভৱিষ্যতৰ সৈতে জড়িত যিকোনো সমস্যাৰ সমাধান লাভ কৰিব বিদ্বান জ্যোতিষীসকলৰ সৈতে কথা পাতি

জানক আপোনাৰ মূলাংক আধাৰিত সাপ্তাহিক ৰাশিফল

নিউমেৰ’লজী বা অংকজ্যোতিষে আমাৰ জীৱনত যথেষ্ট গভীৰ প্ৰভাৱ পেলায় কিয়নো অংকৰ আমাৰ জন্ম তাৰিখৰ সৈতে সম্পৰ্ক জড়িত হৈ আছে। আমি আপোনাক ইতিমধ্যেও অৱগত কৰিছোঁ যে কোনো ব্যক্তিৰ মূলাংক তেওঁৰ জন্ম তাৰিখৰ একক অংক বা যোগফল। এই অংকবোৰৰ ওপৰত ভিন ভিন গ্ৰহৰ প্ৰভাৱ থাকে।

1 অংকৰ ওপৰত সূৰ্য্য দেৱতাৰ আধিপত্য থাকে আৰু 2 অংকৰ ওপৰত চন্দ্ৰমাৰ আধিপত্য থাকে, 3 ৰ ওপৰত দেৱ গুৰু বৃহস্পতিৰ, 4ৰ ওপৰত ৰাহুৰ, 5 ৰ ওপৰত বুধৰ, 6 ৰ ওপৰত শুক্ৰ দেৱতাৰ, 7ৰ ওপৰত কেতুৰ, 8 ৰ ওপৰত শনিৰ আৰু 9 অংকৰ ওপৰত মঙ্গল গ্ৰহৰ আধিপত্য থাকে। এই গ্ৰহসমূহৰ পৰিবহনৰ ফলস্বৰূপে জাতকসকলৰ জীৱনলৈ বহুতো পৰিৱৰ্তন আহে আৰু এই গ্ৰহবোৰৰদ্বাৰা শাসিত অংকসমূহে আমাৰ জীৱনত গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰে।

সেয়েহে আহক আগবাঢ়ি যাওঁ আৰু অংক জ্যোতিষ অনুসৰি মূলাংকৰ আধাৰত 05মে’ৰপৰা 11 মে’পৰ্য্যন্ত সময়খিনি আপোনাৰ বাবে কেনে হ’ব সেই বিষয়ে অৱগত হওঁ।

অংকজ্যোতিষ সাপ্তাহিক ৰাশিফল 5-11 মে’, 2024

মূলাংক 1

( যদিহে আপোনাৰ জন্ম কোনো মাহৰ 1, 10, 19অথবা28 তাৰিখে হৈছে )

অংক জ্যোতিষ অনুসৰিমূলাংক 1ৰ জাতকসকলৰ ক্ষেত্ৰত ক’ব পাৰি যে তেওঁলোকৰ জীৱনৰ সফলতাৰ মূল মন্ত্ৰ হৈছে তেওঁলোকৰ অনুপ্ৰেৰণামূলক আত্মবিশ্বাস যাৰ ভিত্তিত তেওঁলোকে জীৱনত আগবাঢ়ি যাবলৈ সক্ষম হয়। এই মূলাংকৰ জাতকসকলৰ বাবে নতুন প্ৰকল্প আৰু কেৰিয়াৰৰ ভাল সুযোগৰ সম্ভাৱনা দেখা যায়। এই সময়ছোৱাত সিদ্ধান্ত গ্ৰহণ কৰাটো আপোনাৰ বাবে সহজ হ’ব যাৰ বাবে আপুনি আপোনাৰ উদ্দেশ্যবোৰ সহজে পূৰণ কৰিবলৈ সক্ষম হ'ব। মূলাংক 1ৰ লোকসকলে এই সপ্তাহত অসাধাৰণ প্ৰশাসনিক ক্ষমতা প্ৰাপ্ত কৰিব, যাৰ বাবে আপুনি আপোনাৰ সকলো কাম সঠিকভাৱে সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। এই মূলাংকৰ জাতকসকলে এই সপ্তাহত অধিক ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে।

প্ৰেম জীৱন: এই সপ্তাহত আপুনি আপোনাৰ জীৱনসঙ্গীৰ সৈতে মনোৰম আৰু প্ৰেমময় মুহূৰ্ত উপভোগ কৰিব পাৰিব যাৰ বাবে আপুনি আপোনাৰ জীৱনসঙ্গীৰ প্ৰতি আপোনাৰ প্ৰেম-ভালপোৱা তেওঁলোকৰ সন্মুখত উপস্থাপন কৰিব পাৰিব। আপোনাৰ হৃদয়ত অধিক ৰোমান্টিক আৰু প্ৰেমৰ অনুভূতি জাগ্ৰত হ’ব যাৰ বাবে আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ মাজৰ বুজাবুজি ভাল আৰু গভীৰ হ'ব।

শিক্ষা: শিক্ষাৰ ক্ষেত্ৰত ক’ব পৰা যায় যে মূলাংক 1-ৰ লোকসকলে এই সপ্তাহত অধ্যয়ন সম্পৰ্কীয় তেওঁলোকৰ সকলো লক্ষ্যত উপনীত হ’বলৈ সক্ষম হ'ব। আপুনি নিজৰ বাবে উচ্চ মানদণ্ড নিৰ্ধাৰণ কৰিব আৰু সেইবোৰো প্ৰাপ্ত কৰিব। প্ৰৱন্ধন, ব্যৱসায়, সাংখ্যিক বিষয়ৰ সৈতে জড়িত এই মূলাংকৰ লোকসকলে অধিক সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। আপুনি ভাল নম্বৰ অৰ্জন কৰিবলৈ আৰু আপোনাৰ সহপাঠীসকলক প্ৰতিদ্বন্দিতা আগবঢ়াব পৰাকৈ শক্তিশালী স্থিতিত থাকিব।

বৃত্তিগত জীৱন: মূলাংক 1ৰ জাতকসকলে এই সপ্তাহত তেওঁলোকৰ কৰ্মস্থানত সৌহাৰ্দ্যপূৰ্ণ পৰিস্থিতি অনুভৱ কৰিব পাৰে।আপোনাৰ সহকৰ্মীসকল প্ৰতিযোগিতাত আপোনাতকৈ পিছ পৰি থাকিব অৰ্থাৎ আপুনি তেওঁলোকতকৈ আগবাঢ়ি যাবলৈ সক্ষম হ'ব। যদিহে আপুনি ব্যৱসায়িক ক্ষেত্ৰৰ সৈতে জড়িত হয় তেন্তে আপুনি লাভ অৰ্জন কৰিবলৈ আৰু আপোনাৰ প্ৰতিযোগীসকলৰ সৈতে প্ৰতিযোগিতাত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। নতুন ব্যৱসায়িক চুক্তি আৰু অংশীদাৰীত্ব আপোনাৰ বাবে অধিক অনুকূল হ'ব।

স্বাস্থ্য: এই সপ্তাহত মূলাংক 1-ৰ লোকসকলৰ শক্তিৰ স্তৰ অতি ভাল হ'ব, যাৰ বাবে আপুনি সুস্বাস্থ্য উপভোগ কৰিবলৈ সক্ষম হ’ব। এই শক্তিৰ বাবে আপোনাৰ স্বাস্থ্য অনুকূল অৱস্থাত থাকিব। লগতে, আপোনাৰ ভিতৰত যথেষ্ট উদ্যম দেখা যাব যাৰ বাবে আপুনি সম্পূৰ্ণৰূপে সুস্থ অনুভৱ কৰিব।

উপায়: দৈনিক 108 বাৰ 'ঔঁ আদিত্যায় নমঃ' মন্ত্ৰ জপ কৰক।

মূলাংক2

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 2, 11, 20অথবা29 তাৰিখে হৈছে)

মূলাংক 2 ৰ লোকসকলে এই সপ্তাহত অধিক দক্ষতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব, যি আপোনাৰ সামৰ্থ্য বৃদ্ধি কৰিব। আপুনি যি কাম কৰে তাত আপুনি নিজৰ পেছাদাৰী মনোভাৱ প্ৰদৰ্শন কৰিব পাৰিব। এই সপ্তাহত যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত, 2 মূলাংকৰ লোকসকলৰ মাজত এক বহল মানসিকতা দেখা যাব। ইয়াৰ বাহিৰেও এইখিনি সময়ত আপুনি আধ্যাত্মিকতাৰ প্ৰতি অধিক আগ্ৰহী হ’ব যাৰ বাবে আপুনি আপোনাৰ লক্ষ্যত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। এই সপ্তাহত মূলাংক 2-ৰ লোকসকলৰ মানসিক অৱস্থাও ইতিবাচক হোৱাৰ সম্ভাৱনা দিছে, যাৰ বাবে আপুনি কামবোৰ সহজে সম্পূৰ্ণ কৰিব পাৰিব।

প্ৰেম জীৱন: অংক জ্যোতিষ অনুসৰিমূলাংক 2-ৰ প্ৰেম জীৱনৰ ক্ষেত্ৰত ক’ব পাৰি যে এই সপ্তাহত প্ৰেমে আপোনাৰ হৃদয় আৰু মনত আধিপত্য বিস্তাৰ কৰিব, যাৰ বাবে আপুনি আপোনাৰ জীৱনসঙ্গীৰ সৈতে আপোনাৰ সম্পৰ্ক বজাই ৰাখিব পাৰিব। আপুনি আপোনাৰ সঙ্গীৰ সৈতে ভালদৰে কথা-বতৰা আলোচনা কৰিবলৈও সক্ষম হ'ব। এই সপ্তাহত আপোনাৰ এনে অনুভৱ হ’ব যেন আপুনি আৰু আপোনাৰ সঙ্গী দুয়ো দুয়োৰে বাবেই সৃষ্ট। এই সপ্তাহত আপুনি আপোনাৰ জীৱনসঙ্গীৰ সৈতে হঠাতে ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিব পাৰে।

শিক্ষা: এই সপ্তাহত মূলাংক 2-ৰ জাতকসকলে অধ্যয়নৰ ক্ষেত্ৰত ভাল মানদণ্ড স্থাপন কৰিবলৈ সক্ষম হ'ব। আপুনি লজিষ্টিক, ব্যৱসায়, পৰিসংখ্যা আৰু অৰ্থনীতি সম্পৰ্কীয় বিষয়ত অনুকূল ফলাফল লাব কৰাৰ সম্ভাৱনা আছে। আপুনি অধ্যয়নতো ভাল নম্বৰ লাভ কৰিবলৈ সক্ষম হ’ব। এই সপ্তাহত আপুনি শিক্ষাৰ ক্ষেত্ৰত আত্মবিশ্বাসী হৈ থাকিব। এই সপ্তাহত প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱাটো আপোনাৰ বাবে অধিক অনুকূল হ'ব।

বৃত্তিগত জীৱন: আপুনি এই সপ্তাহত ভাল চাকৰিৰ সুযোগ লাব কৰাৰ যথেষ্ট সম্ভাৱনা আছে। আপোনাৰ কামৰ প্ৰতি আপোনাৰ সমৰ্পিত মনোভাৱৰ বাবে আপুনি নিজৰ সামৰ্থ্য প্ৰমাণ কৰিব পাৰিব আৰু আপোনাৰ চাকৰিত স্বীকৃতি প্ৰাপ্ত কৰিবলৈও সক্ষম হ’ব। ইয়াৰ লগতে, আপোনাৰ কঠোৰ পৰিশ্ৰমৰ বাবে আপোনাৰ পদোন্নতি হোৱাৰো উচ্চ সম্ভাৱনাও আছে। যদিহে আপুনি ব্যৱসায় খণ্ডৰ সৈতে জড়িত তেনেহ’লে আপুনি ভাল পৰিমাণৰ লাভ প্ৰাপ্ত কৰিব আৰু নতুন ব্যৱসায়িক সম্পৰ্ক গঢ়ি তুলিব পাৰিব।

স্বাস্থ্য: এই সপ্তাহত আপুনি অধিক সুখী হ'ব আৰু আপোনাৰ স্বাস্থ্য ভালে থাকিব। আপুনি উৎসাহী আৰু অনুপ্ৰাণিত অনুভৱ কৰিব যি আপোনাক সুস্থ হৈ থকাত অনুকূল ফলাফল প্ৰজদান কৰিব।

উপায়: সোমবাৰে চন্দ্ৰ গ্ৰহৰ বাবে যজ্ঞ-হোম কৰক।

বৃহৎ কুণ্ডলী ত নিহিত হৈ আছে, আপোনাৰ জীৱনৰ সকলো গোপন ৰহস্য, জানক গ্ৰহসমূহৰ গতি-বিধিৰ সম্পূৰ্ণ লেখ-জোখ

মূলাংক 3

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 3, 12, 21 অথবা 30তাৰিখে হৈছে)

এই সপ্তাহত, মূলাংক 3ৰ জাতকসকলে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অধিক সাহস দেখুৱাব। এই সময়খিনিত আপুনি আপোনাৰ আধাৰ বৃদ্ধি কৰাৰ সুযোগো প্ৰাপ্ত কৰিব। মে’ মাহৰ এই সপ্তাহটোত আপুনি আধ্যাত্মিক উদ্দেশ্যৰ বাবে অধিক ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে আৰু আপুনি এই ভ্ৰমণবোৰৰ পৰাও লাভান্বিত হ'ব। যদি আপুনি কোনো নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰে তেনেহ’লে এই 7 দিন তাৰ বাবে অতি অনুকূল হ'ব।

প্ৰেম জীৱন: এই সপ্তাহত মূলাংক 3-ৰ লোকসকলৰ মনোভাৱ অতি ৰোমান্টিক হ'ব, যি আপোনাৰ সম্পৰ্ক শক্তিশালী কৰি তুলিব। এই সময়ছোৱাত বিবাহিত লোকসকলৰ ঘৰত শুভ অনুষ্ঠান অনুষ্ঠিত হ’ব পাৰে আৰু ঘৰলৈ অতিথিৰ আগমন ঘটিব পাৰে, যাৰ ফলত আপোনাৰ ঘৰত ব্যস্ততা বৃদ্ধি হ'ব আৰু আপুনি আপোনাৰ জীৱন সঙ্গীৰ সৈতে বেছি সময় কটাব নোৱাৰিব।

শিক্ষা: অংক জ্যোতিষ অনুসৰিএই সপ্তাহত মূলাংক 3ৰ লোকসকলে অধ্যয়নৰ ক্ষেত্ৰত অনুকূল ফলাফল লাভ কৰিব। ব্যৱস্থাপনা আৰু ব্যৱসায়িক পৰিসংখ্যা অধ্যয়ন কৰাটো আপোনাৰ বাবে অধিক অনুকূল হ'ব। আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ দ্বাৰা এই বিষয়বোৰত সফলতা অৰ্জন কৰিব পাৰিব। আপুনি আপোনাৰ অধ্যয়নৰ ক্ষেত্ৰত আগবাঢ়ি যাবৰ বাবে আশ্চৰ্যজনক আৰু অসাধাৰণ দক্ষতা প্ৰদৰ্শন কৰিব।

বৃত্তিগত জীৱন: এই সপ্তাহত মূলাংক 3ৰ লোকসকলক চাকৰিৰ ক্ষেত্ৰত ভাল স্থিতিত দেখা যাব। আপোনাৰ বাবে নতুন প্ৰকল্প লাভ কৰা আৰু সেইবোৰত স্বীকৃতি প্ৰাপ্ত কৰাটো সহজ হ'ব। এই সপ্তাহত আপুনি নতুন চাকৰিৰ সুযোগো লাভ কৰিব পাৰে আৰু এনে সুযোগে আপোনাক সন্তুষ্টি প্ৰদান কৰিব। ইয়াৰ বাহিৰেও যদিহে আপুনি ব্যৱসায় খণ্ডৰ সৈতে জড়িত তেনেহ’লে আপুনি এই সপ্তাহত এক আকৰ্ষণীয় চুক্তিও লাভ ৰাৰ সম্ভাৱনা আছে যি ভৱিষ্যতে আপোনাৰ বাবে লাভজনক প্ৰমাণিত হ'ব।

স্বাস্থ্য: এই সপ্তাহত, আপুনি আপোনাৰ ভিতৰত উচ্চ স্তৰৰ উদ্যম দেখা যাব আৰু আপোনাৰ অন্তৰ্নিহিত সাহসৰ বাবে ই সম্ভৱ হ'ব। এই সাহস আৰু উৎসাহে আপোনাক সুস্বাস্থ্য বজাই ৰখাৰ ক্ষেত্ৰত সহায় কৰিব। অধিক আশাবাদে আপোনাক উত্তম স্বাস্থ্য বজাই ৰখাত সহায় কৰিব।

উপায়: দৈনিক 21 বাৰ 'ঔঁ গুৰুৱে নমঃ' মন্ত্ৰ জপ কৰক।

মূলাংক 4

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 4, 13, 22 অথবা 31তাৰিখে হৈছে)

এই মূলাংকৰ জাতকসকলে এই সপ্তাহত পৰিকল্পনা প্ৰস্তুত কৰি আগবঢ়াৰ প্ৰয়োজন আছে কিয়নো আপুনি বৰ্ধিত চাপৰ সন্মুখীন হ'ব পাৰে। এনে পৰিস্থিতিত, গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ সময়ত আপোনাৰ জীৱনত বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে যাৰ ফলত আপোনাৰ বাবে নিজৰ জীৱনত আৰু নিজৰ কামত অধিক গুৰুত্ব দিয়াটো অতিশয় গুৰুত্বপূৰ্ণ হৈ পৰে যাতে আপোনাৰদ্বাৰা কোনো ভুল নহয়। এই সপ্তাহত মূলাংক 4-ৰ লোকসকলক দীঘলীয়া দূৰত্বৰ ভ্ৰমণ পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে কিয়নো এই ভ্ৰমণবোৰ আপোনাৰ বাবে বৰ বিশেষ অনুকূল প্ৰমাণিত নহ'ব। এই সপ্তাহত আপুনি শ্বেয়াৰৰ জৰিয়তে লাভ প্ৰাপ্ত কৰাৰ যথেষ্ট সম্ভাৱনা আছে।

প্ৰেম জীৱন: এই সপ্তাহত মূলাংক 4ৰ লোকসকলে তেওঁলোকৰ সঙ্গীৰ সৈতে সহজে অনুকূল সম্পৰ্ক প্ৰাপ্ত কৰিব নোৱাৰিব কিয়নো আপোনাৰ সম্পৰ্কত কিছুমান উত্থান-পতন অহাৰ সম্ভাৱনা আছে। ভাল মিলা-মিছা আৰু সুখ-শান্তি বজাই ৰাখিবৰ বাবে আপুনি আপোনাৰ জীৱন সঙ্গীৰ সৈতে যথেষ্ট বুজাবুজি কৰি চলিব লাগিব। আপোনাক কিছুমান পাৰিবাৰিক সমস্যা ধৈৰ্য্য সহকাৰে সমাধান কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। যদি আপুনি আপোনাৰ জীৱন সঙ্গীৰ সৈতে কোনো আকস্মিক ভ্ৰমণলৈ যাব বিচাৰে, তেন্তে এই সপ্তাহত আপোনাক এই ভ্ৰমণ স্থগিত ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে।

শিক্ষা: এই সপ্তাহটোৱে মূলাংক 4-ৰ লোকসকলৰ বাবে অধ্যয়নৰ ক্ষেত্ৰত অনুকূল সংকেত প্ৰদান কৰা নাই কিয়নো আপুনি এইক্ষেত্ৰত অধিক পৰিশ্ৰম কৰাৰ প্ৰয়োজন হ'ব পাৰে। যদিহে আপুনি ভিজুৱেল কমিউনিকেশ্বন বা ৱেব ডিজাইনিঙৰ দৰে অধ্যয়নৰ প্ৰতি আগ্ৰহী, তেনেহ'লে আপোনাক এই ক্ষেত্ৰত অধিক পৰিশ্ৰম আৰু একাগ্ৰতাৰ প্ৰয়োজন হ'ব। আপুনি এই সপ্তাহত আপোনাৰ অধ্যয়নৰ পাঠ্যক্ৰম এক সুশৃংখলিত আৰু পৰিকল্পিতভাৱে কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিব। অধ্যয়নৰ সময়ত আপোনাৰ জীৱনত মনোযোগৰ অভাৱ দেখা যাব পাৰে।

বৃত্তিগত জীৱন: এই সপ্তাহতঅংক জ্যোতিষ অনুসৰিআপুনি চাকৰিৰ ক্ষেত্ৰত অধিক চাপৰ সম্মুখীন হ’ব যি আপোনাৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিব পাৰে। আপুনি কৰা কঠোৰ পৰিশ্ৰমৰ বাবে আপুনি সঠিক স্বীকৃতি লাভ কৰিবলৈ সক্ষম নহ'ব যিটোৱে আপোনাৰ বাবে অধিক সমস্যাৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে। কামৰ সন্দৰ্ভত আপোনাৰ কামৰ দক্ষতা হ্ৰাস পোৱা যেন কেতিয়াবা আপোনাৰ অনুভৱ হ’ব পাৰে যাৰ বাবে আপোনাক সেই ক্ষেত্ৰত পৰিকল্পনা অনুসৰি আগবাঢ়িবলৈ পৰামৰ্শ দিয়া হৈছে। মূলাংক 4ৰ যিকসকল লোক ব্যৱসায়ৰ ক্ষেত্ৰৰ সৈতে সম্পৰ্কিত তেওঁলোক এই সময়ছোৱাত নিজৰ প্ৰতিযোগীসকলৰপৰা কঠিন প্ৰতিযোগিতাৰ সন্মুখীন হ'ব পাৰে আৰু ইয়াৰ বাবে, এই সপ্তাহটোৱে প্ৰতিকূল সংকেত প্ৰদান কৰিছে।

স্বাস্থ্য: এই সপ্তাহত স্বাস্থ্য উন্নত কৰি ৰাখিবৰ বাবে মূলাংক 4-ৰ জাতকসকলক সময়মতে খোৱা-বোৱা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে অন্যথা আপোনাৰ পাচনৰ সমস্যা হোৱাৰ আশংকা দেখা গৈছে যাৰ ফলত আপোনাৰ যথেষ্ট শক্তি হ্ৰাস হ'ব পাৰে। মচলাযুক্ত খাদ্য খোৱা পৰিহাৰ কৰাটো আপোনাৰ বাবে ভাল হ'ব।

উপায়: দৈনিক 22 বাৰ 'ঔঁ ৰাহৱে নমঃ' মন্ত্ৰ জপ কৰক।

পাওক আপোনাৰ সোঁৱৰণি আধাৰিত সঠিক শনি প্ৰতিৱেদন

মূলাংক 5

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 5, 14 অথবা 23তাৰিখে হৈছে)

মূালংক 5ৰ জাতকসকলে এই সপ্তাহত সফলতা অৰ্জন কৰিবলৈ আৰু তেওঁলোকে নিৰ্ধাৰণ কৰা নতুন লক্ষ্যবোৰ প্ৰাপ্ত কৰিবলৈ সক্ষম হ'ব। এই সময়ছোৱাত আপোনাৰ ভিতৰত অধিক কলাত্মক দক্ষতা দেখা পোৱা যাব। ইয়াৰ লগতে আপুনি এই সপ্তাহত যি কাম কৰে তাতেই আপুনি অধিক যুক্তিৰ সম্মুখীন হ’ব। অংক জ্যোতিষ অনুসৰিআগন্তুক 7 দিনত মূলাংক 5-ৰ লোকসকলে নিজৰ সম্ভাৱনা চিনাক্ত কৰিবৰ বাবে ভাগ্যৰ সংকেত লাভ কৰিব পাৰে। ইয়াৰ লগতে, আপুনি এই সময়ছোৱাত নতুন সুযোগো লাভ কৰিব যি আপোনাক সন্তুষ্টি প্ৰদান কৰিব। যদিহে আপুনি নতুন বিনিয়োগৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত ল'ব বিচাৰে, তেনেহ'লে এই সপ্তাহৰ সময়খিনিত আপোনাৰ বাবে অনুকূল যোগ আছে।

প্ৰেম জীৱন: আপোনাৰ জীৱন সঙ্গীৰ সৈতে অনুকূল সম্পৰ্ক বজাই ৰখাৰ ক্ষেত্ৰত আপুনি এই সপ্তাহত সফলতা লাভ কৰিব। এই সময়খিনিত আপোনাক ভালপোৱাৰ ৰঙত ৰঙীণ হৈ থকা দেখা যাব। লগতে আপুনি আপোনাৰ জীৱনসঙ্গীৰ সৈতে ৰোমাঞ্চ উপভোগ কৰিবৰ বাবে ভাল সময় পাব। আপোনাক আৰু আপোনাৰ জীৱন সঙ্গীক এই সপ্তাহত পৰিয়ালৰ সৈতে জড়িত বিষয়বোৰ আলোচনা কৰা দেখা যাব পাৰে।

শিক্ষা: মূলাংক 5-ৰ লোকসকলক এই সময়খিনিত তেওঁলোকৰ অধ্যয়নৰ ক্ষেত্ৰত নিজস্ব দক্ষতা প্ৰমাণ কৰা আৰু এই ক্ষেত্ৰত দ্ৰুত বিকাশ প্ৰাপ্ত কৰা দেখা যাব। আপুনি এই সপ্তাহত ভাল নম্বৰ লাভ কৰিব পাৰিব আৰু আপোনাৰ দক্ষতা প্ৰমাণ কৰাত সফল হ’ব পাৰি। আপুনি এই সপ্তাহত ব্যৱসায় প্ৰশাসন, লজিষ্টিক, বিপণন আদি ক্ষেত্ৰত অধিক সফলতা অৰ্জন কৰিব পাৰিব।

বৃত্তিগত জীৱন: এই সপ্তাহত আপুনি কামত ভাল প্ৰদৰ্শন কৰা আৰু আপোনাৰ দক্ষতা প্ৰমাণ কৰাত সফল হ'ব। আপুনি নতুন চাকৰিৰ সুযোগো লাভ কৰিব পাৰে যি আপোনাক সঠিক সন্তুষ্টি প্ৰদান কৰিব। যদিহে আপুনি বিদেশলৈ যোৱাৰ প্ৰস্তুতি চলাই আছে, তেন্তে আপোনাক এই সপ্তাহৰ সুবিধা গ্ৰহণ কৰা দেখা যাব পাৰে। যদি আপুনি ব্যৱসায়ৰ ক্ষেত্ৰখনৰ সৈতে জড়িত তেনেহ'লে আপুনি আপোনাৰ ভাল পৰিৱৰ্তন দেখিবলৈ পাব আৰু ব্যৱসায়তো ভাল পৰিৱৰ্তন লাভ কৰিব।

স্বাস্থ্য: এই সপ্তাহত আপোনাৰ ভিতৰত থকা ভাল স্তৰৰ উদ্যমৰ বাবে আপোনাক সুস্বাস্থ্য বজাই ৰখাত সহায় কৰিব। এই সপ্তাহত আপোনাৰ জীৱনত কোনো গুৰুতৰ স্বাস্থ্যজনিত সমস্যা নাথাকিব।

উপায়: দৈনিক 41 বাৰ 'ঔঁ নাৰায়ণ নমঃ' মন্ত্ৰ জপ কৰক।

মূলাংক 6

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 6, 15 অথবা 24তাৰিখে হৈছে)

এই সপ্তাহত মূলাংক 6-ৰ লোকসকলে ভ্ৰমণ আৰু উপাৰ্জনৰ ক্ষেত্ৰত ভাল ফলাফল লাভ কৰাৰ যথেষ্ট সম্ভাৱনা আছে। আপুনি সঞ্চয় কৰিবলৈও সক্ষম হ'ব। এই সপ্তাহত, আপুনি অনন্য দক্ষতা বিকশিত কৰিব যি আপোনাক জীৱনত সফলতা প্ৰদান কৰিব। যদি এই মূলাংকৰ লোকসকলে সংগীত অনুশীলন কৰি আছে বা সংগীত শিকি আছে, তেনেহ'লে এই 7 দিন তেওঁলোকৰ বাবে যথেষ্ট ভাল হ'ব।

প্ৰেম জীৱন: অংক জ্যোতিষ অনুসৰিএই সপ্তাহত আপুনি নিজৰ জীৱনসঙ্গীৰ সৈতে অধিক সন্তুষ্টি বজাই ৰাখিবলৈ সক্ষম হ’ব। আপুনি সম্পৰ্কত অধিক আকৰ্ষণ অনুভৱ কৰিব। এই সময়খিনি আপোনাৰ আৰু আপোনাৰ সঙ্গীৰ বাবে পৰস্পৰৰ প্ৰয়োজনীয়তা বুজি পোৱা আৰু উপলব্ধি কৰাৰ সঠিক সময় হিচাপে প্ৰমাণিত হ'ব। এই সপ্তাহত, আপুনি আপোনাৰ জীৱনসঙ্গী সৈতে কোনো আকস্মিক ভ্ৰমণলৈও যাব পাৰে আৰু এনে ভ্ৰমণবোৰে আপোনাৰ সম্পৰ্কলৈ সুখ কঢ়িয়াই আনিব।

শিক্ষা: এই সপ্তাহত আপুনি যোগাযোগ, অভিযান্ত্ৰিক, ছফ্টৱেৰ আৰু একাউণ্টিঙৰ দৰে ক্ষেত্ৰসমূহত বিশেষজ্ঞতা অৰ্জন কৰিব পাৰিব। এই সপ্তাহত আপোনাৰ একাগ্ৰতা যথেষ্ট ভাল হ'ব আৰু ই অধ্যয়ন সম্পৰ্কীয় দক্ষতা বিকাশ কৰাত সহায়ক প্ৰমাণিত হ'ব। আপুনি অধ্যয়নৰ ক্ষেত্ৰত অতিৰিক্ত দক্ষতা প্ৰমাণ কৰিব পাৰিব আৰু এনে দক্ষতা অনন্য প্ৰকৃতিৰ হ'ব পাৰে।

বৃত্তিগত জীৱন: এই সপ্তাহত কামৰ ক্ষেত্ৰত আপোনাৰ ব্যস্ততা যথেষ্ট বৃদ্ধি পাব পাৰে। অৱশ্যে, আপুনি ইয়াৰপৰা শুভ ফলাফলো লাভ কৰিব। আপুনি কোনো নতুন চাকৰিৰ সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে যিটো আপোনাৰ বাবে লাভজনক প্ৰমাণিত হ'ব। যদিহে আপুনি ব্যৱসায়ৰ ক্ষেত্ৰৰ সৈতে জড়িত তেনেহ'লে এই সপ্তাহটো আপোনাৰ বাবে ব্যৱসায়ৰ ক্ষেত্ৰ পৰিসৰ বৃদ্ধি কৰাৰ উপযুক্ত সময় হিচাপে প্ৰমাণিত হ'ব। আপুনি কোনো নতুন অংশীদাৰীত্বত ব্যৱসায় কৰাৰ সুযোগ লাভ কৰিব পাৰে আৰু এই সময়ছোৱাত আপুনি ব্যৱসায়ৰ সন্দৰ্ভত দীঘলীয়া দূৰত্ব ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে।

স্বাস্থ্য: এই সপ্তাহটো স্বাস্থ্যৰ দৃষ্টিকোণৰপৰা আপোনাৰ বাবে ভাল আৰু অনুকূল হ'ব। এই সময়খিনিত আপুনি আনকি সৰু সুৰা স্বাস্থ্যজনিত সমস্যাৰো সন্মুখীন হ'বলগীয়া নহ’ব। আপোনাৰ উৎফুল্লিত প্ৰকৃতি আৰু সুস্বাস্থ্যৰ প্ৰতি যোগদান দিয়াৰ আপোনাৰ আৰ্হিবোৰে আনৰ বাবে এক উদাহৰণ স্থাপন কৰিব।

উপায়: দৈনিক 33 বাৰ 'ঔঁ ভাৰ্গৱায় নমঃ' মন্ত্ৰ জপ কৰক।

কেৰিয়াৰক লৈ হৈ আছে টেনশ্যন! এতিয়াই অৰ্ডাৰ কৰক কগ্নিএষ্ট্ৰো প্ৰতিৱেদন

মূলাংক 7

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 7, 16 অথবা 25তাৰিখে হৈছে)

মূলাংক 7 লোকসকলৰ আকৰ্ষণ হ্ৰাস হোৱাৰ সম্ভাৱনা আছে। এই সপ্তাহত আপোনাৰ উন্নতি আৰু ভৱিষ্যতক লৈ আপোনাৰ মনত প্ৰশ্ন উত্থাপন হ’ব পাৰে। এই সময়খিনিত আপোনাৰ আকৰ্ষণৰ অভাৱ হ'ব পাৰে আৰু এই সপ্তাহত আপোনাৰ জীৱনত স্থিৰতা প্ৰাপ্ত কৰাৰ ক্ষেত্ৰত ই এক বাধা হিচাপে দেখা দিব পাৰে। আনকি কোনো সৰু সৰু পদক্ষেপ গ্ৰহণ কৰাৰ সময়তো মূলাংক 7-ৰ লোকসকলে যথেষ্ট ভাবি-চিন্তি, পৰিকল্পনা প্ৰস্তুত কৰি কাম কৰিব লাগিব। এই জাতকসকলে নিজকে প্ৰস্তুত কৰি তুলিবৰ বাবে আধ্যাত্মিক অনুশীলনত অধিক জড়িত হোৱাটো অনুকূল হ'ব। লগতে, দৰিদ্ৰ লোকক দান কৰাটোও আপোনাৰ বাবে লাভজনক হ'ব।

প্ৰেম জীৱন: এই সপ্তাহত, আপোনাক আপোনাৰ জীৱনসঙ্গীৰ সৈতে অধিক মৰম-ভালপোৱা উপভোগ কৰা দেখা নাযাব কিয়নো পৰিয়াললৈ কিছুমান সমস্যা আহিব পাৰে যি আপোনাৰ জীৱনত সুখৰ পথত বাধা হৈ থিয় দিব পাৰে। এই সপ্তাহত নিজকে চিন্তিত কৰাৰ পৰিৱৰ্তে, আপোনাক পাৰিবাৰিক সমস্যাবোৰ সমাধান কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। যদিহে প্ৰয়োজন হয় জ্যেষ্ঠসকলৰ পৰামৰ্শ লওঁক আৰু এনে কৰিলে আপোনাৰ আৰু আপোনাৰ জীৱন সঙ্গীৰ সৈতে আপোনাৰ সম্পৰ্ক অনুকূল অৱস্থাত থাকিব। লগতে, আপোনালোক দুয়োৰে মাজৰ বুজাবুজি আৰু প্ৰেম-ভালপোৱা অটুত থাকিব।

শিক্ষা : এই সপ্তাহটো ৰহস্যবাদ, দৰ্শনশাস্ত্ৰ আৰু সমাজ শাস্ত্ৰ আদি বিষয় অধ্যয়ন কৰি থকা এই মূলাংকৰ লোকসকলৰ বাবে বৰ বিশেষ অনুকূল নহ'ব। আপুনি আপোনাৰ অধ্যয়নৰ ক্ষেত্ৰত আৰু ভাল নম্বৰ লাভ কৰাত সমস্যাৰ সম্মুখীন হ’ব পাৰে। ইয়াৰ উপৰিও, এই মূলাংকৰ শিক্ষাৰ্থীসকলৰ অধ্যয়নৰ লগতে নিজস্ব শক্তি বজাই ৰখাৰ সামৰ্থ্যও কিছু হ্ৰাস পাব পাৰে যাৰ বাবে এই সপ্তাহত আপোনাৰ বাবে ভাল নম্বৰ লাভ কৰাটো সিমান সহজ নহ'ব। অৱশ্যে, এই সপ্তাহত যদিহে আপুনি বিচাৰে, আপুনি আপোনাৰ ভিতৰত সুপ্ত হৈ থকা দক্ষতাবোৰ বজাই ৰখাত সফলতা লাভ কৰিব পাৰিব।অংক জ্যোতিষ অনুসৰিএই সময়ছোৱাত সময়ৰ অভাৱৰ বাবে, আপুনি আপোনাৰ জীৱনত সম্পূৰ্ণৰূপে উন্নতি লাভ কৰিব নোৱাৰিব পাৰে।

বৃত্তিগত জীৱন: এই সপ্তাহটো মূলাংক 7-ৰ লোকসকলৰ বাবে চাকৰিৰ ক্ষেত্ৰত ভাল ফল প্ৰাপ্ত কৰাত মধ্যমীয়া প্ৰমাণিত হ'ব। এই সপ্তাহত আপুনি অতিৰিক্ত দক্ষতাও বিকশিত কৰিব পাৰিব আৰু আপোনাৰ কামৰ ক্ষেত্ৰত প্ৰশংসা লাভ কৰিব পাৰিব কিন্তু একে সময়তে আপুনি চাকৰিত চাপৰ সন্মুখীন হ'বলগীয়া হ’ব পাৰে। ইয়াৰ বাহিৰেও, যদিহে আপুনি ব্যৱসায় খণ্ডৰ সৈতে জড়িত তেনেহ'লে আপুনি লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে আৰু আপোনাৰ বাবে পূৰ্বানুমান কৰাটো আৰু আপোনাৰ ব্যৱসায় নিৰীক্ষণ কৰাটো অতিশয় গুৰুত্বপূৰ্ণ হ’ব। ইয়াৰ বাহিৰেও, আপোনাক এই সপ্তাহত কোনো অংশীদাৰীত্ব বা নতুন চুক্তিত জড়িত হোৱাটো পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

স্বাস্থ্য: এই সপ্তাহত এলাৰ্জিৰ ফলত আপোনাৰ ছালৰ জ্বলা-পোৰা আৰু পাচনৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে, সেয়েহে আপোনাৰ সুস্বাস্থ্য বজাই ৰাখিবলৈ সময়মতে খোৱা-বোৱা কৰক। ইয়াৰ বাহিৰেও, আপুনি ভজা-পোৰা বস্তু খোৱা পৰিহাৰ কৰিব লাগে কিয়নো ই আপোনাৰ স্বাস্থ্য আৰু শক্তি নষ্ট কৰিব পাৰে। অৱশ্যে, এই সপ্তাহত আপোনাৰ কোনো গুৰুতৰ স্বাস্থ্যজনিত সমস্যা হোৱাৰ সম্ভাৱনা নাই।

উপায়: প্ৰতিদিনে 41 বাৰ 'ঔঁ কেতৱে নমঃ' মন্ত্ৰ জপ কৰক।

মূলাংক 8

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 8, 17 অথবা 26তাৰিখে হৈছে)

এই সপ্তাহত, মূলাংক 8ৰ জাতকসকলৰ ভিতৰত ধৈৰ্য্যৰ অভাৱ ঘটিব পাৰে। লগতে, আপুনি সফলতা প্ৰাপ্ত কৰাত কিছু বাধাপ্ৰাপ্ত হোৱাৰ সম্ভাৱনা আছে। এই সপ্তাহত আপুনি যাত্ৰাৰ সময়ত কোনো মূল্যৱান সামগ্ৰী হেৰুওৱাব পাৰে, যাৰ ফলত আপোনাৰ জীৱনত উদ্বেগ বৃদ্ধি পাব। এনে পৰিস্থিতিত, এই সময়ছোৱাত এক প্ৰণালীবদ্ধ পৰিকল্পনা গ্ৰহণ কৰাটো আপোনাৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ হ'ব। মূলাংক 8ৰ লোকসকলক এই সময়ত আধ্যাত্মিক বিষয়ত অধিক আগ্ৰহী হোৱা দেখা যাব আৰু ইয়াৰ বাবে আপুনি ভ্ৰমণো কৰিব পাৰে।

প্ৰেম জীৱন: এই সপ্তাহত,অংক জ্যোতিষ অনুসৰিপাৰিবাৰিক সমস্যাৰ বাবে, আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ মাজলৈ ব্যৱধান অহাৰ সম্ভাৱনা আছে। ইয়াৰ বাবে, আপোনাৰ সম্পৰ্কত সুখ-শান্তি হ্ৰাস হ’ব পাৰে আৰু আপুনি সকলো হেৰুৱাই পেলোৱা যেন অনুভৱ কৰিব পাৰে সেয়েহে আপোনাৰ জীৱনসঙ্গীৰ সৈতে তাল মিলাই চলাটো আৰু এক ভাল সম্পৰ্ক বজাই ৰখাটো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব।

শিক্ষা: এই সপ্তাহত আপোনাক জীৱনত আগবাঢ়ি যাবলৈ আৰু অনুকূল ফলাফল প্ৰাপ্ত কৰিবলৈ সাহসেৰে আগবাঢ়িবলৈ পৰামৰ্শ দিয়া হৈছে। লগতে, এই সপ্তাহত আপুনি আপোনাৰ অধ্যয়নত ব্যস্ত হৈ থাকিব। এই সময়ছোৱাত আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰে আৰু আপুনি সেইবোৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে, সেয়েহে ভাল নম্বৰ লাভ কৰিবৰ বাবে আপোনাৰ বাবে ভালদৰে প্ৰস্তুতি কৰাটো যথেষ্ট গুৰুত্বপূৰ্ণ। অধ্যয়নৰ ক্ষেত্ৰত আপোনাৰ একাগ্ৰতা মধ্যমীয়া হোৱা দেখা যাব।

বৃত্তিগত জীৱন: সন্তুষ্টিৰ অভাৱৰ বাবে, আপুনি চাকৰি সলনি কৰাৰ কথা ভাবিব পাৰে আৰু ই আপোনাৰ উদ্বেগ বৃদ্ধি কৰিব। কেতিয়াবা আপুনি কামত ভাল প্ৰদৰ্শন কৰাত বিফল হ'ব পাৰে আৰু ই আপোনাৰ কামৰ মানদণ্ডক প্ৰভাৱিত কৰাৰ সম্ভাৱনা আছে। যদিহে আপুনি ব্যৱসায়ৰ ক্ষেত্ৰৰ সৈতে জড়িত হয় তেনেহ'লে আপুনি সহজে লাভ প্ৰাপ্ত কৰিব নোৱাৰিব পাৰে। আপুনি নিম্নতম বিনিয়োগৰ ভিত্তিতেই ব্যৱসায় চলাবলগীয়া হ’ব পাৰে। অন্যথা আপুনি আপোনাৰ ব্যৱসায়ত লোকচানৰ পৰিস্থিতিৰ সন্মুখীন হোৱাৰ যথেষ্ট সম্ভাৱনা আছে।

স্বাস্থ্য: এই সপ্তাহত আপোনাৰ চাপৰ বাবে ভৰিৰ বিষ আৰু গাঁঠিবোৰ জঠৰ হ'ব পাৰে, সেয়েহে নিজকে সুস্থ ৰাখিবৰ বাবে যোগাভ্যাস, ধ্যান আদিৰ আশ্ৰয় লোৱা উচিত।

উপায়: প্ৰতিদিনে 11 বাৰ 'ঔঁ হনুমতে নমঃ' মন্ত্ৰ জপ কৰক।

আপোনাৰ সোঁৱৰণিত আছে নে ৰাজযোগ? জানক আপোনাৰ ৰাজযোগ প্ৰতিৱেদন

মূলাংক 9

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 9, 18 অথবা 27তাৰিখে হৈছে)

অংক জ্যোতিষ অনুসৰিমূলাংক 9 ৰ জাতকসকলক এই সপ্তাহত পৰিস্থিতি নিজৰ পক্ষলৈ অনাৰ ক্ষেত্ৰত সন্তুলিত স্থিতিত থকা দেখা যাব। আপোনাৰ জীৱনত আকৰ্ষণ বৃদ্ধি হ'ব। এই মূলাংকৰ লোকসকলে তেওঁলোকৰ জীৱনত অনুকূল আৰু নতুন সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অধিক সাহস লাভ কৰিব। আপুনি এই সপ্তাহত অধিক ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে আৰু এনে ভ্ৰমণ আপোনাৰ বাবে লাভজনক প্ৰমাণিত হ'ব।

প্ৰেম জীৱন: আপোনাক আপোনাৰ জীৱনসঙ্গীৰ সৈতে সৌহাৰ্দ্যপূৰ্ণ আৰু সামঞ্জস্যপূৰ্ণ সম্পৰ্ক বৰ্ত্তাই ৰখা দেখা যাব। যদিহে আপুনি কাৰোবাক ভাল পায় তেনেহ’লে আপুনি আপোনাৰ প্ৰিয়জনৰ সৈতে সম্পৰ্ক সুখময় কৰি ৰাখিব পাৰিব। যদিহে আপুনি ইতিমধ্যে বিবাহিত, তেনেহ'লে আপোনাক এই সময়ত আপোনাৰ জীৱনসঙ্গীৰ সৈতে ভাল সময় উপভোগ কৰা দেখা যাব।

শিক্ষা: এই সপ্তাহটোৱে শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ বাবে প্ৰতিশ্ৰুতিপূৰ্ণ হোৱাৰ সংকেত প্ৰদান কৰিছে কিয়নো আপুনি ভাল নম্বৰ লাভ কৰিবলৈ সক্ষম হ'ব। আপুনি ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ৰসায়ন বিজ্ঞান আদি বিষয়ত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ব। সামগ্ৰিকভাৱে, এই সপ্তাহত আপুনি অধ্যয়নৰ সন্দৰ্ভত নিজৰ বাবে এক বিশেষ স্থান গঢঞি তুলিবলৈ সক্ষম হ'ব।

বৃত্তিগত জীৱন: যদি আপোনাৰ জন্ম 9 মূলাংকৰ অধীনত হৈছে তেনেহ’লে এই সপ্তাহত আপুনি নতুন চাকৰিৰ সুযোগ লাভ কৰাৰ যথেষ্ট সম্ভাৱনা আছে। যদি আপুনি ইতিমধ্যে চৰকাৰী চাকৰিৰ সৈতে জড়িত হৈ আছে বা এই সন্দৰ্ভত প্ৰচেষ্টা চলাই আছে, তেনেহ'লে এই সপ্তাহত আপুনি এক আশাব্যঞ্জক সুযোগ লাভ কৰিব পাৰে।

স্বাস্থ্য: এই সপ্তাহত মূলাংক 9-ৰ লোকসকলৰ স্বাস্থ্য অতি অনুকূল হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত আপোনাৰ শক্তিৰ স্তৰ আৰু অত্যাধিক আত্মবিশ্বাস জীয়াই থাকিব। আপুনি এই সপ্তাহত স্বাস্থ্য সম্পৰ্কীয় কোনো সমস্যাৰ সন্মুখীন নোহোৱাৰ সম্ভাৱনা আছে।

উপায়: মঙ্গলবাৰে দৰিদ্ৰ লোকক ভোজন কৰাওক।

সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক: এষ্ট্ৰোচেজ অনলাইন শ্বপিং ষ্টোৰ

আমি আশা কৰিছোঁ যে আপুনি আমাৰ এই ব্লগটো নিশ্চয় পছন্দ কৰিছে। যদিহে এনে হয় তেনেহ’লেআপুনি ইয়াক নিজৰ শুভাকাংক্ষীসকলৰ সৈতে শ্যেয়াৰ কৰক। ধন্যবাদ!

Talk to Astrologer Chat with Astrologer