অংক জ্যোতিষ - Numerology In Assamese (19 - 25 মে’, 2024)

Author: Lobitha Dutta | Updated Wed, 10 Apr 2024 02:15 PM IST
কেনেদৰে জানিব আপোনাৰ মূখ্য অংক (মূলাংক)?

অংক জ্যোতিষ সাপ্তাহিক ৰাশিফল জানিবৰ বাবে অংক জ্যোতিষ মূলাংকৰ বিশেষ গুৰুত্ব আছে। মূলাংক হৈছে জাতকৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংক। আপোনাৰ জন্ম মাহটোৰ যিকোনো তাৰিখত হ’ব পাৰে, সেই তাৰিখটোক এটা একক সংখ্যালৈ ৰূপান্তৰ কৰি আপোনাৰ মূল নম্বৰ বা মূলাংক জানিব পাৰিব। মূল অংকবোৰ 1 ৰ পৰা 9 লৈকে হয়। উদাহৰণ স্বৰূপে, যদি আপোনাৰ জন্ম মাহৰ 11 তাৰিখে হৈছিল তেনেহ’লে আপোনাৰ মূল অংক হ'ব 1+1, অৰ্থাৎ 2।


এনেদৰে কোনো মাহৰ 1 ৰপৰা 31 তাৰিখলৈতকে জন্ম হোৱাৰ লোকসকলৰ বাবে,1 ৰপৰা 9 পৰ্য্যন্ত মূলাংক গণনা কৰা হয়। এইদৰেআপুনি আপোনাৰ মূলাংক জানি লৈ তাৰ আধাৰত আপোনাৰ ৰাশিফল জানিব পাৰিব।

পৃথিৱীৰ বিদ্বান জ্যোতিষীসকলৰ সৈতে ফোনত কথা পাতক আৰু জানক নিজৰ কেৰিয়াৰৰ লগত জড়িত সকলো তথ্য

নিজৰ জন্মতিথিৰপৰা জানক সাপ্তাহিক অংক ৰাশিফল (19 মে’ৰপৰা 25 মে’, 2024)

নিউমেৰ’লজী বা অংকজ্যোতিষে আমাৰ জীৱনত যথেষ্ট গভীৰ প্ৰভাৱ পেলায় কিয়নো অংকৰ আমাৰ জন্ম তাৰিখৰ সৈতে সম্পৰ্ক জড়িত হৈ আছে। আপোনাৰ জন্ম তাৰিখৰ আধাৰত আপোনাৰ মূলাংক বা ৰূট নম্বৰ নিৰ্দ্ধাৰিত হয়। নিজৰ মূল অংক জনাৰ পিছত আপুনি অংকজ্যোতিষৰ অধীনত নিজৰ বিষয়ে বহুতো কথা জানিব পাৰিব আৰু আপুনি নিজৰ ভৱিষ্যতফলৰ বিষয়ে তথ্য লাভ কৰিব পাৰিব।

1 অংকৰ ওপৰত সূৰ্য্য দেৱতাৰ আধিপত্য থাকে আৰু 2 অংকৰ ওপৰত চন্দ্ৰমাৰ আধিপত্য থাকে, 3 ৰ ওপৰত দেৱ গুৰু বৃহস্পতিৰ, 4ৰ ওপৰত ৰাহুৰ, 5 ৰ ওপৰত বুধৰ, 6 ৰ ওপৰত শুক্ৰ দেৱতাৰ, 7ৰ ওপৰত কেতুৰ, 8 ৰ ওপৰত শনিৰ আৰু 9 অংকৰ ওপৰত মঙ্গল গ্ৰহৰ আধিপত্য থাকে। এই গ্ৰহসমূহৰ পৰিবহনৰ ফলস্বৰূপে জাতকসকলৰ জীৱনলৈ বহুতো পৰিৱৰ্তন আহে আৰু এই গ্ৰহবোৰৰদ্বাৰা শাসিত অংকসমূহে আমাৰ জীৱনত গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰে।

বৃহৎ কুণ্ডলী ত নিহিত হৈ আছে, আপোনাৰ জীৱনৰ সকলো গোপন ৰহস্য, জানক গ্ৰহসমূহৰ গতি-বিধিৰ সম্পূৰ্ম লেখ-জোখ

মূলাংক 1

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 2, 11, 20অথবা29 তাৰিখে হৈছে)

মূলাংক 1 ৰ জাতকসকলে শীঘ্ৰে সিদ্ধান্ত গ্ৰহণ কৰে আৰু তেওঁলোকৰ সিদ্ধান্তৰ পৰিৱৰ্তন হৈ থাকে। এই লোকসকল সাহসী হয় আৰু তেওঁলোকৰ মাজত প্ৰশাসনিক দক্ষতা দেখা যায়। এইসকল লোকে দ্ৰুতগতিত সিদ্ধান্ত গ্ৰহণ কৰে আৰু তেওঁলোকৰ এই গুণৰ বাবেই তেওঁলোকে শীগ্ৰে উন্নতি লাভ কৰে। ইয়াৰ উপৰিও এইসকল লোকে বগুতো কাম একেলগে পৰিচালনা কৰিব পাৰে।

প্ৰেম জীৱন: মূলাংক 1 ৰ জাতকসকল এই সপ্তাহত তেওঁলোকৰ সঙ্গীৰ সৈতে সম্পৰ্ মধুৰ হৈ থাকিব আৰু আপোনালোক দুয়োৱে পৰস্পৰৰ সৈতে মন খুলি কথা পাতিব যাৰ বাবে আপোনাক সুখী দেখা যাব। এইখিনি সময়ত আপুনি তেওঁৰ সৈতে ক’ৰবাত বাহিৰত ফুৰিবলৈ যাব পাৰে। আৰু এনে পৰিস্থিতিত, আপুনি জীৱনজোৰা সময় কটাব পাৰিব। অৱশ্যে, আপোনাৰ ওপৰত অধিক দায়িত্ব ন্যস্ত হ’ব পাৰে। লগতে, সঙ্গীৰ জীৱনত চলি থকা সমস্যাবোৰৰ সমাধান কৰাত আপুনি সহায় কৰিব। এনে পৰিস্থিতিত, আপোনালোকৰ সম্পৰ্ক সকলোৰে বাবে এক উদাহৰণ স্বৰূপ হৈ পৰিব।

শিক্ষা: এই সপ্তাহত মূলাংক 1ৰ শিক্ষাৰ্থীসকলে বৃত্তিগত মনোভাৱ পোষণ কৰি শিক্ষাৰ ক্ষেত্ৰখনত আগবাঢ়ি যাব পাৰিব। যদিহে আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাত অংশগ্ৰহণ কৰাৰ কথা ভাবি আছে তেনেহ’লে এই সপ্তাহটো আপোনাৰ বাবে সহায়ক প্ৰমাণিত হ’ব আৰু ইয়াৰ ফলস্বৰূপে আপুনি ভাল নম্বৰ লাভ কৰিব পাৰিব। লগতে, নিজৰ সহপাঠীসকলক পিছ পেলাই আপুনি আগবাঢ়ি যাব পাৰিব।

বৃত্তিগত জীৱন: এই মূলাংকৰ চাকৰিয়াল জাতকসকলে নিজৰ চাকৰিৰ ক্ষেত্ৰত উৎকৃষ্টতা প্ৰাপ্ত কৰিব আৰু যদিহে আপুনি ৰাজহুৱা খণ্ডত চাকৰি কৰে তেনেহ’লে এই সময়খিনি আপোনাৰ বাবে অতি উত্তম হ’ব। আনহাতে, ব্যৱসায় কৰা লোকসকলৰ বাবে এই সময়খিনি অত্য়ন্ত ভাল হ’ব। ব্যৱসায়ীসকলে আউটচ’ৰ্চিং ব্যৱসায়ৰ জৰিয়তে ভাল লাভ প্ৰাপ্ত কৰিব পাৰিব। লগতে, অংশীদাৰী ব্যৱসায় কৰি থকা জাতকসকলৰ বাবে এই সময়খিনি ফলদায়ক প্ৰমাণিত হ’ব। অৱশ্যে, এইসকল লোকে ব্যৱসায়ৰ জৰিয়তে ভাল লাভ প্ৰাপ্ত কৰিব পাৰিব আৰু এই লাভ আপুনি আশা কৰাতকৈ যথেষ্ট অধিক হ’ব।

স্বাস্থ্য: মূলাংক 1 ৰ জাতকসকল স্বাস্থ্য এই সপ্তাহত ভালে থাকিব যাৰ বাবে আপুনি উৎসাহ আৰু উদ্যমেৰে পৰিপূৰ্ণ হৈ থাকিব। এইখিনি সময়ত আপুনি নিজকে সুস্বাস্থ্যৱান কৰি ৰাখিবৰ বাবে নিয়মিতভাৱে ব্যায়াম কৰিব লাগিব আৰু এনে অৱস্থাত, আপুনি সুস্বাস্থ্য উপভোগ কৰিব পাৰিব। এই সপ্তাহত আপুনি কামবোৰ দ্ৰুতগতিত সম্পন্ন কৰিব যাতে আপুনি নিজৰ ফিটনেছ বৰ্ত্তাই ৰাখিব পাৰে।

উপায়: দেওবাৰে সূৰ্য্যৰ বাবে যজ্ঞ-হোম কৰক।

মূলাংক 2

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 2, 11, 20অথবা29 তাৰিখে হৈছে)

মূলাংক 2 ৰ জাতকসকলৰ ৰূচি দীৰ্ঘ দূৰত্বৰ যাত্ৰাৰ প্ৰতি থাকিব। অৱশ্যে এই যাত্ৰাবোৰ আপোনাক কেৰিয়াৰৰ সন্দৰ্ভত হ’ব পাৰে। এই জাতকসকলৰ মন নেতিবাচক চিন্তাৰ বাবে অশান্ত হৈ থাকিব পাৰে আৰু এনে চিন্তা-ধাৰাই বিকাশৰ পথত বাধা প্ৰদান কৰিব পাৰে। ইয়াৰ ফলস্বৰূপে, মানসিকভাৱে সুস্থিত হ’ব নোৱাৰাৰ হেতু আপুনি প্ৰভাৱশালী সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰিব পাৰে।

প্ৰেম জীৱন: এই মূলাংকৰ জাতকসকলৰ নিজৰ জীৱনসঙ্গীৰ সৈতে যুক্তি-তৰ্ক বা মতভেদ হোৱাৰ আশংকা আছে। ইয়াৰ ফলস্বৰূপে আপুনি সম্পৰ্কত মিলামিছা কৰি চলাৰ প্ৰয়োজন হ’ব। মূলাংক 2 ৰ জাতকসকল নিজৰ জীৱনসঙ্গীৰ সৈতে কোনো তীৰ্থস্থানলৈ যাব পাৰে য’ত তেওঁলোকে শান্তি লাভ কৰিব। সামগ্ৰিকভাৱে, এই সপ্তাহটোক আপোনাৰ প্ৰেম জীৱনৰ বাবে অনুকূল বুলি ক’ব পৰা নাযায়।

শিক্ষা: এই মূলাংকৰ শিক্ষাৰ্থীসকলে অধ্যয়নত অধিক মনোযোগ প্ৰদান কৰিব লাগিব কাৰণ তেওঁলোকৰ ধ্যান ভংগ হ’ব পাৰে। এনে পৰিস্থিতিত আপুনি কোৰ পৰিশ্ৰম কৰিব লাগিব আৰু লগতে, একাগ্ৰচিত্তে আৰু যুক্তি সহকাৰে অধ্যয়ন কৰাটো আপোনাৰ বাবে প্ৰয়োজনীয় হ’ব যাৰ ফলত আপুনি সহপাঠীসকলৰ মাজত নিজৰ স্থান তৈয়াৰ কৰিব পাৰিব।

বৃত্তিগত জীৱন: এই জাতকসকল চাকৰিত সমস্যাৰ সম্মুখীন হ’ব পাৰে যাৰ বাবে বিকাশৰ পথত সমস্যাই দেখা দিব পাৰে। এনে পৰিস্থিতিত, আপুনি কৰ্মক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি কামবোৰ ভালদৰে কৰিব লাগিব যাতে আপুনি সফলতা প্ৰাপ্ত কৰিব পাৰে। ইয়াৰ ফলত আপুনি সহকৰ্মীসকলক পিছ পেলাই আগবাঢ়ি যাব পাৰিব। এই সপ্তাহত ব্যৱসায়ীসকলৰ হানি হ’ব পাৰে যাৰ ফলত প্ৰতিদ্বন্দীসকলৰপৰা লাভ কৰা হেঁচা বৃদ্ধি পাব পাৰে।

স্বাস্থ্য: মূলাংক 2 ৰ জাতকসকল এই সপ্তাহত স্বাস্থ্যৰ প্ৰতি সজাগ হ’ব লাগিব কাৰণ আপুনি স্বাস্থ্যজনিত সমস্যাৰ সম্মুখীন হ’ব পাৰে যেনে পানীলগা জ্বৰ, নিদ্ৰাহীনতা আৰু অশান্তি ইত্যাদি।

উপায়- প্ৰতিদিনে 20 বাৰ 'ঔঁ চন্দ্ৰায় নমঃ' জপ কৰ।

কেৰিয়াৰক লৈ হৈ আছে টেনশ্যন! এতিয়াই অৰ্ডাৰ কৰক কগ্নিএষ্ট্ৰো প্ৰতিৱেদন

মূলাংক 3

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 3, 12, 21 অথবা 30তাৰিখে হৈছে)

মূলাংক 3 ৰ জাতকসকলৰ চিন্তা-ধাৰা যথেষ্ট বহল হয় আৰু তেওঁলোকৰ দৃষ্টিভংগী যথেষ্ট ইতিবাচক হয়। এই লোকসকলৰ আধ্যাত্মিক দিশৰ প্ৰতি আগ্ৰহ থাকে আৰু তেওঁলোকে এই আগ্ৰহক আগবঢ়াই লৈ যাব পাৰে যাৰ আভাস তেওঁলোকৰ ব্যক্তিত্বতো ফুটি উঠিব। এই জাতকসকলৰ কথা-বতৰা স্পষ্ট হয়। তেওঁলোকৰ মাজত অহংকাৰৰ ভাৱ জাগ্ৰত হোৱাৰ আশংকা কৰা হৈছে যি তেওঁলোকৰ বাবে সমস্যাৰ কাৰণ হৈ পৰিব পাৰে।

প্ৰেম জীৱন: এই সপ্তাহত আপুনি সঙ্গীৰ সম্মুখত আপোনাৰ ভাৱনা আৰু প্ৰেমৰ প্ৰকাশ কৰিব। লগতে, আপোনালোক দুয়োৱে ঘৰ-পৰিয়ালত অনুষ্ঠিত হ’বলগীয়া কোনো অনুষ্ঠানক লৈ নিজৰ চিন্তাধাৰা পৰস্পৰৰ আগত প্ৰকাশ কৰিব। যাৰ ফলত আপোনালকৰ সম্পৰ্ক শক্তিশালী হ’ব আৰু পাৰস্পৰিক মিলামিছা ভাল হ’ব। আপোনালোকে পৰস্পৰৰ সম্মুখত চিন্তা-চৰ্চা প্ৰকাশ কৰাৰ বাবে আপোনালোকৰ মাজৰ ভালপোৱা বৃদ্ধি হ’ব।

শিক্ষা: শিক্ষাৰ ক্ষেত্ৰত এইসকল শিক্ষাৰ্থীয়ে উত্থান-পতনৰ সম্মুখীন হ’ব পাৰে। অৱশ্যে যিসকল জাতকৰ সম্পৰ্ক মেনেজমেণ্ট, কমাৰ্চ আদি বিষয়ৰ সৈতে আছে তেওঁলোকৰ বাবে এই সপ্তাহটো ফলদায়ক হ’ব। এই ক্ষেত্ৰসমূহৰ সৈতে জড়িত লোকসকলৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষমতা উন্নত হ’ব আৰু এনে পৰিস্থিতিত আপুনি নিজৰ জীৱনত এই সিদ্ধান্তসমূহ ভালদৰে প্ৰয়োগ কৰিব পাৰিব।

বৃত্তিগত জীৱন: এই সপ্তাহত মূলাংক 3 ৰ জাতকসকলে চাকৰিৰ নতুন সুযোগ প্ৰাপ্ত কৰিব যাৰ ফলত তেওঁলোকক সুখী দেখা যাব। চাকৰিৰ নতুন সুযোগৰ সৈতে আপুনি কামসমূহ ভালদৰে কৰিব পাৰিব। যিসকল জাতকৰ নিজা ব্যৱসায় আছে তেওঁলোকে কোনো নতুন ব্যৱসায়ো আৰম্ভ কৰিব পাৰে আৰু এনে পৰিস্থিতিত তেওঁলোতে ভাল লাভ প্ৰাপ্ত কৰিবলৈ সক্ষম হ’ব। লগতে, আপুনি প্ৰতিদ্বন্দীসকলৰ সৈতে আগবাঢ়ি গৈ তেওঁলোকক কঠোৰ প্ৰতিদ্বন্দিতা আগবঢ়াব।

স্বাস্থ্য: মূলাংক 3 ৰ জাতকসকল এই সপ্তাহত স্বাস্থ্যৱান হৈ থাকিব আৰু এনে পৰিস্থিতিত আপুনি উদ্যমী হৈ থকা দেখা যাব। এই সপ্তাহত এই উদ্যমৰ ফলস্বৰূপে আপোনাৰ স্বাস্থ্য ভালে থাকিব।

উপায়: প্ৰতিদিনে 21 বাৰ "ঔঁ বৃং বৃহস্পতয়ে নমঃ" জপ কৰক।

মূলাংক 4

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 4, 13, 22 অথবা 31তাৰিখে হৈছে)

মূলাংক 4 ৰ জাতকসকল যথেষ্ট আৱেগিক প্ৰকৃতিৰ হয় আৰু যদিহে তেওঁলোকে কোনো কাম বা কথাত সিদ্ধান্ত হয় তেন্তে সেই কাম তেওঁলোকে যিকোনো প্ৰকাৰে কৰিহে এৰে। এনে পৰিস্থিতিত তেওঁলোকৰ সিদ্ধান্ত লৰ-চৰ কৰাটো যথেষ্ট জটিল। এই লোকসকলে ব্যৱসায় বা চাকৰি যিয়েই নকৰক কিয় তাতেই সফলতা প্ৰাপ্ত কৰে। এইসকল জাতকৰ মাজত কোনো কথাক লৈ আৱেগ দেখা যায় আৰু তেওঁলোকে ইয়াক আগবঢ়াই নিয়াৰ ক্ষেত্ৰতো সফতা লাভ কৰে।

প্ৰেম জীৱন: এই সপ্তাহত মূলাংক 4 ৰ জাতকসকলৰ সম্পৰ্কত উদ্ভৱ হোৱা কোনো ভুল বুজাবুজিৰ বাবে তেওঁলোক সমস্যাৰ সম্মুখীন হ’ব পাৰে যাৰ ফলত জীৱনসঙ্গীৰ সৈতে যুক্তি-তৰ্ক বা বিভেদ হ’ব পাৰে। অৱশ্যে, এই বিবাদবোৰৰ কাৰণ অহংকাৰৰ সংঘৰ্ষ হ’ব পাৰে আৰু এনে পৰিস্থিতিত, আপোনাৰ সম্পৰ্কত মধুৰতা বৰ্ত্তাই ৰাখিবৰ বাবে সমস্যাৰ সম্মুখীন হ’ব পাৰে।

শিক্ষা: এই সপ্তাহত একাগ্ৰতাৰ অভাৱৰ বাবে আপোনাৰ মন অধ্যয়নৰপৰা বিচলিত হ’ব পাৰে। এনে পৰিস্থিতিত আপুনি শিক্ষাত সম্পূৰ্ণ মনোযোগ দিয়া উচিত। শিক্ষাৰ ক্ষেত্ৰত আপুনি নতুন প্ৰকল্পত কাম কৰিব পাৰে আৰু ইয়াৰ ফলস্বৰূপে, আপুনি এই প্ৰকল্পবোৰত অধিকতৰ সময় কটাব। আশংকা কৰা হৈছে যে আপুনি এই সপ্তাহত অধ্যয়নত সমস্যাৰ সম্মুখীন হ’ব পাৰে যাৰ বাবে আপুনি শিক্ষাৰ ক্ষেত্ৰত শীৰ্ষস্থানত উপনীত হোৱাত বিফল হ’ব পাৰে।

বৃত্তিগত জীৱন: বৃত্তিগত জীৱনৰ ক্ষেত্ৰত দেখা যায় যে এই জাতকসকলে কঠোৰ পৰিশ্ৰম কৰা স্বত্বেও কৰ্মক্ষেত্ৰত স্বীকৃতি লাভ নকৰাৰ বাবে অসন্তুষ্ট হৈ থাকিব পাৰে। এনে পৰিস্থিতিত, আপুনি নিৰাশ অনুভৱ কৰিব পাৰে। যিসকল জাতকৰ নিজা ব্যৱসায় আছে তেওঁলোকে ব্যৱসাৰ চুক্তিসমূহত অধিক লাভ প্ৰাপ্ত কৰিব নোৱাৰিব পাৰে। লগতে, ব্যৱসায়িক অংশীদাৰৰ সৈতে সমস্যাৰ সম্মুখীন হ’ব পাৰে। এই সময়ছোৱাত নতুন অংশীদাৰিত্ব গঢ় দিয়াৰ দৰে ডাঙৰ সিদ্ধান্ত লোৱাটো আপোনাৰ বাবে ফলদায়ক নহ’ব।

স্বাস্থ্য: মূলাংক 4 ৰ জাতকসকল এই সপ্তাহত সমস্যাৰ সম্মুখীন হ’ব পাৰে। এনে পৰিস্থিতিত, আপোনাক সময়মতে ভোজন কৰাৰ পৰামৰ্শ দিয়ৈ হৈছে। লগতে, আপোনাৰ ভৰি আৰু কান্ধৰ বিষ হ’ব পাৰে আৰু এইবোৰৰ পৰা বাচিবৰ বাবে আপুনি নিয়মিতভাৱে ব্যায়াম কৰা উচিত। আশংকা কৰা হৈছে যে এইখিনি সময়ত আপোনাৰ টোপনিৰ সৈতে জড়িত সমস্যা হ’ব পাৰে যাৰ ফলত আপুনি অশান্তিত ভূগিব পাৰে।

উপায়: মঙ্গলবাৰে ৰাহু গ্ৰহৰ বাবে হোম-যজ্ঞ কৰক।

এতিয়া ঘৰত বহিয়েই বিশেষজ্ঞ পুৰোহিতৰদ্বাৰা কৰাওক ইচ্ছানুসৰি অনলাইন পূজা আৰু লাভ কৰক উত্তম পৰিণাম!

মূলাংক 5

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 5, 14 অথবা 23তাৰিখে হৈছে)

মূলাংক 5 ৰ জাতকসকল এই সপ্তাহত সফলতা প্ৰাপ্ত কৰাৰ যোগ আছে আৰু এনে পৰিস্থিতিত আপুনি নিজৰ বাবে নতুন লক্ষ্য নিৰ্দ্ধাৰণ কৰিব পাৰিব। আপোনাৰ ভিতৰত কলাত্মক গুণ দেখা পোৱা যাব আৰু এইখিনি সময়ত আপুনি যি কাম কৰিব সেয়া যুক্তিবাদী ধৰণে কৰিব। লগতে, এই জাতকসকলে নিজৰ ক্ষমতা জনাৰ চেষ্টা কৰিব য’ত আপুনি ভাগ্যৰ সমৰ্থন লাভ কৰিব। আপুনি নতুন নতুন সুযোগ প্ৰাপ্ত কৰিব যি আপোনাক সন্তুষ্টি প্ৰদান কৰিব। যদিহে আপুনি কোনো নতুন বিনিয়োগ কৰিব বিচাৰে তেন্তে তাৰ বাবে এয়া উপযুক্ত সময় হ’ব।

প্ৰেম জীৱন: এই সময়খিনিত আপোনাৰ প্ৰেম জীৱন অত্যন্ত সুন্দৰ হ’ব আৰু জীৱনসঙ্গীৰ সৈতে আপোনাৰ সম্পৰ্ক খুব ভাল হ’ব। এই সপ্তাহটো আপোনাৰ সম্পৰ্কৰ বাবে ভাল হ’ব আৰু এনে পৰিস্থিতিত আপোনালোক দুয়োৱে পৰস্পৰৰ সৈতে ভাল সময় কটাব।

শিক্ষা: মূলাংক 5 ৰ শিক্ষাৰ্থীসকলে এই সপ্তাহত নিজৰ দক্ষতা প্ৰদৰ্শন কৰিব পাৰিব আৰু এনে পৰিস্থিতিত দ্ৰুতগতিত উন্নতি লাভ কৰিব। লগতে, আনৰ সম্মুখত নিজৰ যোগ্যতা প্ৰদৰ্শন কৰিব পাৰিব। যিসকল শিক্ষাৰ্থীয়ে বিদেশত অধ্যয়ন কৰিব বিচাৰে তেওঁলোকে নতুন সুযোগ প্ৰাপ্ত কৰিব আৰু ই তেওঁলোকৰ বাবে ফলদায়ক হ’ব। যিসকল শিক্ষাৰ্থীয়ে বিজনেছ এডমিনিষ্ট্ৰেশ্যন, লজিষ্টিক, মাৰ্কেটিং আদি বিষয়ৰ অধ্য়য়ন কৰি আছে তেওঁলোকেসেই ক্ষেত্ৰসমূহত বিশেষজ্ঞতা প্ৰাপ্ত কৰিব।

বৃত্তিগত জীৱন : চাকৰিৰ ক্ষেত্ৰত এই সপ্তাহত আপোনাৰ প্ৰদৰ্শন অত্যন্ত ভাল হ’ব আৰু ইয়াৰ ফলস্বৰূপে আপুনি কৰ্মক্ষেত্ৰত উজ্বলি উঠিব। আপোনাৰ দ্বাৰা কৰা কঠোৰ পৰিশ্ৰমৰ বাবে আপুনি স্বীকৃতি লাভ কৰিব। লগতে, এই সপ্তাহটোত চাকৰিৰ নতুন সুযোগো লাভ কৰিব যাৰ বাবে আপুনি সন্তুষ্ট হ’ব। যদিহে আপোনাৰ বিদেশ যাত্ৰা কৰাৰ মন আছে তেনেহ’লে এই সপ্তাহত কোনো ভাল খবৰ লাভ কৰিব পাৰে। যিসকল জাতকৰ নিজা ব্যৱসায় আছে তেওঁলোকে ব্যৱসায়ত ইতিবাচক ফল লাভ কৰিব পাৰে।

স্বাস্থ্য: মূলাংক 5 ৰ জাতকসকলৰ স্বাস্থ্য ভালে থাকিব যাৰ কাৰণ হ’বআপোনাৰ ভিতৰত মজুত থকা উৎসাহ। লগতে, আপোনাৰ সন্তুষ্টিও ইয়াৰ এক ডাঙৰ কাৰণ হ’ব। এইখিনি সময়ত আপোনাৰ কোনো গুৰুতৰ স্বাস্থ্যজনিত সমস্যা নহ’ব।

উপায়: প্ৰতিদিনে 41 বাৰ "ঔঁ নমো নাৰায়ণ" জপ কৰক।

সোঁৱৰণিত আছে নেকি ৰাজযোগ? জানক নিজৰ ৰাজযোগ প্ৰতিৱেদন

মূলাংক 6

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 6, 15 অথবা 24তাৰিখে হৈছে)

মূলাংক 6 ৰ জাতকসকলে যাত্ৰা আৰু ধনৰ সৈতে জড়িত বিষয়ত ইতিবাচক ফলাফল লাভ কৰিব। লগতে, ভাল পৰিমাণৰ উপাৰ্জন হোৱাৰো সম্ভাৱনা আছে যাৰ ফলস্বৰূপে আপুনি সঞ্চয় কৰিবলৈও সক্ষম হ’ব। এই সময়ছোৱাত আপোনাৰ দক্ষতা বৃদ্ধি হ’ব যি আপোনাৰ বাবে ফলদায়ক প্ৰমাণিত হ’ব। যদিহে আপুনি সংগীত শিকি আছে তেনেহ’লে এই সপ্তাহটো আপোনাৰ বাবে উত্তম হ’ব।

প্ৰেম জীৱন: এই সপ্তাহত আপুনি জীৱনসঙ্গীৰ সৈতে সম্পৰ্ক মধুৰ কৰি তুলিবলৈ সক্ষম হ’ব। লগতে, আপোনাৰ সম্পৰ্কত প্ৰেম-ভালপোৱা অটুত থাকিব। এই সময়ছোৱাত আপুনি আৰু আপোনাৰ জীৱনসঙ্গীয়ে পৰস্পৰৰ প্ৰয়োজনীয়তাসমূহ বুজি পাব। এইখিনি সময়ত আপোনালোক দুয়ো একেলগে ক’ৰবাত ফুৰিবলৈ যোৱাৰ যোগ আছে আৰু এনে পৰিস্থিতিত, আপুনি এই সময়বোৰ উপভোগ কৰা দেখা যাব। এই সপ্তাহত আপোনালোক দুয়োৰে মাজৰ প্ৰেম-ভালপোৱা বৃদ্ধি হ’ব আৰু আপোনালোক দুয়োৱে পৰস্পৰক বিশ্বাস কৰিব।

শিক্ষা: যিসকল জাতকৰ সম্পৰ্ক কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং, চফটৱেৰ আৰু একাউণ্টিং আদি বিষয়ৰ সৈতে আছে, তেওঁলোকে এই বিষয়বোৰত উৎকৃষ্টতা প্ৰাপ্ত কৰিব। আপুনি নিজৰ বাবে এক সুকীয়া স্থান গঢ়ি তুলি প্ৰতিদ্বন্দীসকলৰ মাজত এক নিদৰ্শন দাঙি ধৰিব পাৰিব। লগতে, এই সময়খিনিত আপোনাৰ একাগ্ৰতা শক্তিশালী হ’ব আৰু ইয়াৰ ফলত আপুনি শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব। অধ্যয়নৰ সম্পৰ্কত আপুনি নতুন নতুন স্কিল শিকিব আৰু ই আপোনাৰ বাবে অনুকূল প্ৰমাণিত হ’ব।

বৃত্তিগত জীৱন: এই সপ্তাহত আপুনি বেছিভাগ সময় কামতেই ব্যস্ত থাকিব আৰু ইয়াৰ ফলস্বৰূপে আপুনি ইতিবাচক ফল প্ৰাপ্ত কৰিব পাৰিব। এই জাতকসকলে চাকৰিৰ নতুন সুযোগ প্ৰাপ্ত কৰিব যি তেওঁলোকৰ বাবে লাভদায়ক হ’ব। যিসকল জাতকৰ নিজা ব্যৱসায় আছে তেওঁলোকে এই সময়খিনিত নিজৰ ব্যৱসায় সম্প্ৰসাৰিত কৰিব পাৰে। লগতে, আপুনি অংশীদাৰিত্বত ব্যৱসায় কৰাৰ সুযোগ লাভ কৰিব। সম্ভৱ হ’ব পাৰে যে আপুনি ব্যৱসাৰ সন্দৰ্ভত দীৰ্ঘ দূৰত্ব যাত্ৰা কৰিবলগীয়া হ’ব পাৰে আৰু এইখিনি সময়ত আপুনি একেলগে কেইবাটাও ব্যৱসায় কৰিব পাৰে যাৰ জৰিয়তে আপুনি ভাল লাভ প্ৰাপ্ত কৰিব পাৰিব।

স্বাস্থ্য: স্বাস্থ্যৰ ক্ষেত্ৰত দেখা যায় যে, এই সপ্তাহটো আপোনাৰ বাবে অনুকূল হ’ব আৰু আপুনি স্বাস্থ্যৱান হৈ থাকিব। লগতে, এইখিনি সময়ত আপোনাক কোনো স্বাস্থ্যজনিত সমস্যাই আমনি নকৰিব। অৱশ্যে, এইসকল জাতকৰ ভাল স্বাস্থ্যৰ কাৰণ তেওঁলোকৰ হাঁহিমুখীয়া স্বভাৱো হ’ব পাৰে। এই সপ্তাহত আপুনি উদ্যমী হৈ থাকিব আৰু সুস্বাস্থ্য উপভোগ কৰিব।

উপায়: প্ৰতিদিনে "ঔঁ শুক্ৰায় নমঃ" 33 বাৰ জপ কৰক।

মূলাংক 7

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 7, 16 অথবা 25তাৰিখে হৈছে)

মূলাংক 7 ৰ অধীয়নত জন্ম হোৱা লোকসকলে এই সপ্তাহত নিৰাপত্তাহীনতাৰ ভাৱনা অনুভৱ কৰিব পাৰে আৰু এনে পৰিস্থিতিত, এইসকল লোকৰ ব্যক্তিত্বত আকৰ্ষণৰ অভাৱ পৰিলক্ষিত হ’ব পাৰে। লগতে, আপোনাৰ নিজৰ মনত ভৱিষ্যতক লৈ প্ৰশ্নৰ উদয় হ’ব পাৰে। এইবোৰ সমস্যাই আপোনাৰ জীৱনত স্থিৰতা লাভ কৰাত বাধাৰ সৃষ্টি কৰিব পাৰে। সৰু-সুৰা কামৰ বাবেও আপুনি যথেষ্ট চিন্তা-ভাৱনা কৰিবলগীয়া হ’ব পাৰে আৰু এনে পৰিস্থিতিত, আপুনি প্ৰতিটো কাম কৰিবৰ বাবে পৰিকল্পনা কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিব। ইয়াৰ ফলস্বৰূপে, এইসকল জাতকে মানসিকভাৱে নিজকে প্ৰস্তুত কৰি তুলিবৰ বাবে আধ্যাত্মিকতাৰ সহায় লোৱা উচিত আৰু আপোনাৰ বাবে দৰিদ্ৰ লোকক দান দিয়াটো শুভ হ’ব।

প্ৰেম জীৱন: এই সপ্তাহত আপোনাৰ প্ৰেম জীৱন সিমান অনুকূল নহ’ব কাৰণ আপোনাৰ জীৱনসঙ্গীৰ সৈতে সম্পৰ্কত উত্থান-পতন আহিব পাৰেে। এই কাৰণবশতঃ আপুনি পৰিয়ালৰ সৈতে সমস্যাৰ সম্মুখীন হ’ব পাৰে আৰু ই আপোনালোকৰ সম্পৰ্কৰ সুখ-আনন্দক প্ৰভাৱিত কৰিব পাৰে। এনে পৰিস্থিতিত, আপুনি চিন্তা কৰি থকাৰ সলনি জ্যেষ্ঠ্যসকলৰ সহায় লৈ সমস্যা সমাধান কৰাৰ চেষ্টা কৰা উচিত। তেতিয়াহে আপোনাৰ আৰু জীৱনসঙ্গীৰ মাজৰ প্ৰেম-ভালপোৱা বৃদ্ধি হ’ব।

শিক্ষা: আপুনি শিক্ষাৰ ক্ষেত্ৰত ভাল নম্বৰ লাভ কৰাত সমস্যাৰ সম্মুখীন হ’ব পাৰে। এনে পৰিস্থিতিত, আপোনাৰ মনত ৰখাৰ ক্ষমতা মধ্যমীয়া হ’ব যাৰ ফলস্বৰূপে আপুনি ভাল নম্বৰ লাভ কৰাৰ ক্ষেত্ৰত পিছ পৰি থাকিব পাৰে। এনে পৰিস্থিতিত, আপোনাৰ বাবে যোগ আৰু ধ্যানৰ সহায় লোৱাটো অনুকূল প্ৰমাণিত হ’ব কাৰণ ইয়াৰদ্বাৰা আপোনাৰ মন শান্ত হৈ থাকিব আৰু আপুনি অধ্যয়নত ভাল প্ৰদৰ্শন কৰিব পাৰিব।

বৃত্তিগত জীৱন: বৃত্তিগত জীৱনৰ দৃষ্টিকোণৰপৰা, এই স্পতাহত আপুনি নতুন নতুন কথআ শিকিব আৰু এই গুণবোৰে কৰ্মক্ষেত্ৰত স্বীকৃতি লাভ কৰাত সহায় কৰবি। কিন্তু, কৰ্মক্ষেত্ৰত আপোনাৰ ওপৰত চাপো বৃদ্ধি হ’ব পাৰে যিটো সহ্য কৰাটো আপোনাৰ বাবে কিছু জটিল হ’ব। যিসকল জাতকৰ নিজা ব্যৱসায় আছে তেওঁলোক লোকচানৰ সম্মুখীন হ’ব পাৰে, কিন্তু তথাপিও আপুনি সাৱধানে চলিব লাগিব। এইসকল জাতকে এই সপ্তাহত অংশীদাৰিত্ব গঢ়ি তোলা বা নতুন চুক্তি কৰাটো পৰিহাৰ কৰিব লাগিব।

স্বাস্থ্য: মূলাংক 7 ৰ জাতকসকল ছালৰ সৈতে সম্পৰ্কিত সমস্যা বা পাচনৰ সৈতে জড়িত সমস্যাৰ সম্মুখীন হ’ব পাৰে। এনে পৰিস্থিতিত, আপুনি সময়মতে ভোজন কৰাটো আপোনাৰ বাবে ভাল হ’ব। কিন্তু তথাপিও আপুনি তেলত ভজা খাদ্যৰপৰা আতৰি থাকিব লাগিব, অন্যথা আপোনাৰ স্বাস্থ্যৰ অৱনতি হ’ব পাৰে। অৱশ্যে, এইখিনি সময়ত আপোনাৰ কোনো গুৰুতৰ স্বাস্থ্যজনিত সমস্যা নহ’ব।

উপায়: প্ৰতিদিনে "ঔঁ কেতৱে নমঃ" 41 বাৰ জপ কৰক।

মূলাংক 8

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 8, 17 অথবা 26তাৰিখে হৈছে)

মূলাংক 8 ৰ অধীনত জন্ম গ্ৰহণ কৰা জাতকসকলে এই সপ্তাহত ধৈৰ্য্য হেৰুৱাব পাৰে আৰু এনে পৰিস্থিতিত, আপুনি সফলতা লাভ কৰাত বিফল হ’ব পাৰে। আশংকা কৰা হৈছে যে কোনো যাত্ৰাৰ সময়ত আপোনাৰ কোনো মূল্যৱান বস্তু হেৰাব পাৰে যি আপোনাৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিব পাৰে। ইয়াৰ ফলস্বৰূপে, শীৰ্ষস্থানত উপনীত হ’বৰ বাবে আপুনি কঠোৰ পৰিশ্ৰম কৰাৰ লগতে পৰিকল্পনা কৰি চলিব লাগিব। অৱশ্যে, আপুনি কোনো বিনিয়োগ কৰাৰ দৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰাটো পৰিহাৰ কৰিব লাগিব অন্যথা আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা আছে।

প্ৰেম জীৱন: এই সপ্তাহত আপুনি ঘৰ-পৰিয়ালত চলি থকা সম্পত্তি সম্পৰ্কীয় বিবাদৰ বাবে চিন্তাত থাকিব পাৰে। লগতে, আপুনি বন্দু-বৰ্গৰ বাবে জীৱনসঙ্গীৰ সৈতে মধুৰ সম্পৰ্ক বজাই ৰখাত সমস্যাৰ সম্মুখীন হ’ব পাৰে। এনে পৰিস্থিতিত, আপোনালোকৰ মাজৰ মিলামিছাৰ অভাৱ হ’ব পাৰে যাৰ ফলত সম্পৰ্কত সুখ-আনন্দ হ্ৰাস পাব পাৰে। এইখিনি সময়ত আপুনি জীৱনসঙ্গীক সন্দেহ কৰিব পাৰে কিন্তু আপুনি এয়া পৰিহাৰ কৰি চলিব লাগিব।

শিক্ষা: এই জাতকসকলৰ মনোযোগ অধ্যয়নৰ পৰা ভংগ হ’ব পাৰে আৰু ইয়াৰ ফলস্বৰূপে, আপুনি শীৰ্ষস্থানত উপনীত হ’বৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। এনে পৰিস্থিতিত, আপুনি ধৈৰ্য্য ধৰি কঠোৰ পৰিশ্ৰম কৰিব লাগিব যি আপোনাক ভাল নম্বৰ লাভ কৰাত সহায় কৰিব। যিসকল শিক্ষাৰ্থীয়ে মেকানিকেল ইঞ্জিনিয়াৰিং বা অটোমোবাইল ইঞ্জিনিয়াৰিঙৰ সৈতে জড়িত বিষয় অধ্যয়ন কৰি আছে তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰিবৰ বাবে মন পুতি অধ্যয়ন কৰিব লাগিব।

বৃত্তিগত জীৱন: বৃত্তিগত জীৱনৰ দৃষ্টিকোণৰপৰা আপুনি কৰ্মক্ষেত্ৰত যি কঠোৰ পৰিশ্ৰম কৰি আছে, তাত মনে বিচৰা সফলতা লাভ কৰাত ব্যৰ্থ হ’ব পাৰে আৰু এই কথাই আপোনাক চিন্তাত পেলাব পাৰে। এইসকল জাতকৰ সম্মুখলৈ এনে পৰিস্থিতি আহিব পাৰে য’ত আপোনাৰ সহকৰ্মী আপোনাতকৈ আগবাঢ়ি যাব পাৰে। এনে পৰিস্থিতিত আপুনি নতুন নতুন কৌশল শিকিব লাগিব। যিসকল জাতকে ব্যৱসায় কৰে তেওঁলোকে ভাল লাভ প্ৰাপ্ত কৰাত সমস্যাৰ সম্মুখীন হ’ব পাৰে।

স্বাস্থ্য: এই সপ্তাহ আপুনি চাপৰ বাবে ভৰি আৰু গাঁঠিৰ বিষৰ সম্মুখীন হ’ব পাৰে। লগতে, ই আপোনাৰ খোৱা-বোৱাৰ অসন্তুলিত অভ্যাসৰ পৰিণতিস্বৰূপে হ’ব পাৰে।

উপায়: দৈনিক 11 বাৰ "ঔঁ হনুমতে নমঃ" জপ কৰক।

ভ কৰক আপোনাৰ সোঁৱৰণি আধাৰিত সঠিক শনি প্ৰতিৱেদন

মূলাংক 9

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 9, 18 অথবা 27তাৰিখে হৈছে)

মূলাংক 9 ৰ জাতকসকলে পৰিস্থিতি নিজৰ পক্ষলৈ আনিবলৈ সক্ষম হ’ব। এই সময়ছোৱাত আপোনাৰ ভিতৰত এক সুকীয়া আকৰ্ষণ দেখা যাব। অৱশ্যে, এই লোকসকল সাহসেৰে পৰিপূৰ্ণ হৈ থাকিব আৰু জীৱনৰ গম্ভীৰ সিদ্ধান্তসমূহ লোৱা দেখা যাব। জীৱনৰ সকলো ক্ষেত্ৰতে তেওংলোকৰ প্ৰদৰ্শন ভাল হ’ব যাৰ ফলত আপুনি নিজৰ যোগ্যতাসমূহ প্ৰমাণিত কৰিবলৈ সক্ষম হ’ব। এইখিনি সময়ত আপোনাৰ ব্যক্তিত্বৰ বিকাশ হ’ব আৰু ইয়াৰ ফলস্বৰূপে আপুনি নিৱত আগবাঢ়ি যাবলৈ মাৰ্গদৰ্শন লাভ কৰিব।

প্ৰেম জীৱন: মূলাংক 9 ৰ জতাকসকলে জীৱনসঙ্গীৰ সৈতে সম্পৰ্কত উচ্চ মূল্যবোধ বৰ্ত্তাই ৰাখিব পাৰিব আৰু ইয়াৰ সৈতেই তেওঁলোক আগবাঢ়িব। এনে পৰিস্থিতিত, আপোনাৰ আৰু জীৱনসঙ্গীৰ মাজৰ পাৰস্পৰিক বুজাবুজি বৃদ্ধি হ’ব তথা ইয়াৰ ফলস্বৰূপে আপুনি প্ৰেমৰ এক নতুন কাহিনী লিখিব পাৰিব। লগতে, সঙ্গীৰ সৈতে আপুনি ফুৰিবলৈও যাব পাৰে আৰু এনে যাত্ৰাসমূহ আপোনাৰ বাবে চমৎকাৰী হ’ব যাৰ ফলত আপোনালোকৰ সম্পৰ্ক শক্তিশালী হ’ব।

শিক্ষা: এই মূলাংকৰ যিসকল শিক্ষাৰ্থীয়ে মেনেজমেণ্ট, ইলেক্ট্ৰিকেল আৰু কেমিকেল ইঞ্জিনিয়াৰিং অধ্যয়ন কৰি আছে তেওঁলোকৰ অধ্যয়নৰ ক্ষেত্ৰত ভাল প্ৰদৰ্শ কৰিবৰ বাবে দৃঢ় সংকল্পৱদ্ধ হৈ থাকিব। এই জাতকসকলৰ স্মৃতিশক্তি শক্তিশালী হ’ব আৰু তেওঁলোকে যিয়েই পঢ়িব তাতেই উৎকৃষ্টতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ব। এনে পৰিস্থিতিত, আপুনি সহপাঠীসকলৰ বাবে ভাল নিদৰ্শন দাঙি ধৰিব পাৰিব। ইয়াৰ উপৰিও আপুনি বিচাৰিলে এই সপ্তাহত নিজৰ পছন্দ অনুসৰি কোনো বৃত্তিগত পাঠ্যক্ৰমত নামভৰ্ত্তি কৰিব পাৰিব আৰু তাত আপুনি বিশেষজ্ঞতা প্ৰাপ্ত কৰিবলৈ সক্ষম হ’ব। এইখিনি সময়ত শিক্ষাৰ্থীসকলে পেছাদাৰী মনোভাৱেৰে অধ্যয়ন কৰা দেখা যাব।

বৃত্তিগত জীৱন: মূলাংক 9 ৰ জাতকসকলৰ প্ৰদৰ্সন কম্ৰক্ষেত্ৰত ভাল হ’ব আৰু এনে অৱস্থাত আপুনি নিজৰ উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে স্বীকৃতি লাভ কৰিব যি আপোনাৰ ওচৰলৈ পদোন্নতিৰ মাদ্যমত আহিব। ইয়াৰ ফলস্বৰূপে, আপোনাৰ পদ উন্নীত হ’ব আৰু আপুনি সহকৰ্মীসকলৰ দৃষ্টিত সন্মান লাভ কৰিবলৈ সক্ষম হ’ব। যিসকল জাতকৰ নিজৰ ব্যৱসায় আছে তেওঁলোকে এই সপ্তাহত ভাল লাভ প্ৰাপ্ত কৰাৰ সুযোগ লাভ কৰিব আৰু প্ৰতিদ্বন্দীসকলৰ দৃষ্টিত আপোনাৰ সন্মান বৃদ্ধি হ’ব। অৱশ্যে, এই জাতকসকলে ব্যৱসাৰ ক্ষেত্ৰত পৰিকল্পনা প্ৰস্তুত কৰি আগবঢ়া উচিত।

স্বাস্থ্য: স্বাস্থ্য়ৰ দৃষ্টিকোণৰপৰা এই সপ্তাহত আপোনাৰ স্বাস্থ্য ভালে থাকিব আৰু ইয়াৰ ফলস্বৰূপে আপোনাৰ ভিতৰত উদ্যম বৃদ্ধি পাব। লগতে, আপোনাক কোনো ডাঙৰ স্বাস্থ্যজনিত সমস্যাই অসুবিধাত নেপেলাব। এনে পৰিস্থিতিত, আপুনি সন্তুষ্ট হৈ থাকিব আৰু ই আপোনাক উদ্যমী হৈ থকাত সহায় কৰিব।

উপায়: প্ৰতিদিনে "ঔঁ ভৌমায় নমঃ" জপ কৰক।

সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক: এষ্ট্ৰোচেজ অনলাইন শ্বপিং ষ্টোৰ

আমি আশা কৰিছোঁ যে আপুনি আমাৰ এই ব্লগটো নিশ্চয় পছন্দ কৰিছে। যদিহে এনে হয় তেনেহ’লেআপুনি ইয়াক নিজৰ শুভাকাংক্ষীসকলৰ সৈতে শ্যেয়াৰ কৰক। ধন্যবাদ!

Talk to Astrologer Chat with Astrologer