অংক জ্যোতিষ - Numerology In Assamese (21- 27 এপ্ৰিল, 2024)

Author: Lobitha Dutta | Updated Fri, 15 Mar 2024 04:41 PM IST

এই সপ্তাহটোৱে ভিন ভিন মূলাংকৰ লোকসকলৰ জীৱনলৈ বহুতো ভাল সুযোগ কঢ়িয়াই আনিব। যদিহে আপুনি নিজৰ মূলাংকৰ আধাৰত আপোনাৰ প্ৰেম জীৱন, কেৰিয়াৰ, স্বাস্থ্য বা আৰ্থিক স্থিতিৰ বিষয়ে জানিব বিচাৰে, তেন্তে নিশ্চিতভাৱে এই ব্লগটো শেষলৈকে পঢ়ক। এই প্ৰবন্ধটোত, আমাৰ অভিজ্ঞ অংকজ্যোতিষী আৰু জ্যোতিষাচাৰ্য্যহৰিহৰণ জীয়েমূলাংকৰ আধাৰিত অংক জ্যোতিষ সাপ্তাহিক ৰাশিফল21 এপ্ৰিলৰপৰা27 এপ্ৰিল সপ্তাহটোৰ বাবে সঠিক ভৱিষ্যতবাণী প্ৰদান কৰিছে।


আপোনাৰ ৰাশিৰ বাবে আগন্তুক বৰ্ষটো কেনে হ’ব? বিদ্বান জ্যোতিষী সকলৰপৰা জানক ইয়াৰ উত্তৰ

কেনেদৰে জানিব আপোনাৰ মুখ্য অংক বা মূলাকং?

আপুনি নিজৰ জন্ম তাৰিখক এটা সংখ্যালৈ ৰূপান্তৰ কৰি আপোনাৰ মূল অংক বা মূলাংক জানিব পাৰিব। মূল অংকবোৰ 1 ৰ পৰা 9 ৰ ভিতৰত হয়। উদাহৰণ স্বৰূপে, যদিহে আপোনাৰ জন্ম মাহৰ 11 তাৰিখে হৈছিল, তেনেহ’লে আপোনাৰ মূল অংক হ'ব 1+1, অৰ্থাৎ 2। এনেদৰে, আপুনি আপোনাৰ মূলাংক জানি লৈ আপোনাৰ ৰাশিফল জানিব পাৰিব।

জানক আপোনাৰ মূলাংকৰ ওপৰত আধাৰিত সাপ্তাহিক ৰাশিফল (21 ৰপৰা27 এপ্ৰিল 2024)

অংকজ্যোতিষে আমাৰ জীৱনত যথেষ্ট প্ৰভাৱ পেলায় কিয়নো আমাৰ জন্ম তাৰিখ সংখ্যা বা অংকৰে গঠিত। আপোনাৰ জন্ম তাৰিখৰ আধাৰত আপোনাৰ মূলাংক বা মুখ্য অংক নিৰ্ধাৰিত হয়। নিজৰ মূলাংক জনাৰ পিছত আপুনি অংক জ্যোতিষৰ অধীনত নিজৰ বিষয়ে বহু কিবাকিবি জানিব পাৰিব আৰু আপুনি নিজৰ ভৱিষ্যতফলৰ বিষয়েও তথ্য জানিব পাৰিব।

1 অংকৰ স্বামী হৈছে সূৰ্য্য দেৱতা আৰু চন্দ্ৰমা হৈছে মূলাংক 2ৰ স্বামী, মূলাংক 3 ৰ দেৱ গুৰু বৃহস্পতি, 4ৰ ৰাহু, 5 ৰ বুধ, 6 ৰ শুক্ৰ দেৱতা, 7ৰ কেতু, 8 ৰ শনি আৰু 9 অংকৰ স্বামী হৈছে মঙ্গল গ্ৰহ। এই গ্ৰহসমূহৰ পৰিবহনৰ ফলস্বৰূপে জাতকসকলৰ জীৱনলৈ বহুতো পৰিৱৰ্তন আহে আৰু এই গ্ৰহবোৰৰদ্বাৰা শাসিত অংকসমূহে আমাৰ জীৱনত গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰে।

সেয়েহে আহক আগবাঢ়ি যাওঁ আৰু মূলাংকৰ আধাৰত21 এপ্ৰিলৰপৰা27 এপ্ৰিল পৰ্য্যন্ত সময়খিনি আপোনাৰ বাবে কেনে হ’ব সেই বিষয়ে অৱগত হওঁ।

বৃহৎ কুণ্ডলী ত নিহিত হৈ আছে, আপোনাৰ জীৱনৰ সকলো গোপন ৰহস্য, জানক গ্ৰহসমূহৰ গতি-বিধিৰ সম্পূৰ্ণ লেখ-জোখ

মূলাংক 1

( যদিহে আপোনাৰ জন্ম কোনো মাহৰ 1, 10, 19অথবা28 তাৰিখে হৈছে )

অংক জ্যোতিষ অনুসৰিএই মূলাংকৰ জাতকসকল প্ৰণালীবদ্ধ আৰু পেছাদাৰী মনোভাৱৰ হয় আৰু ইয়াৰ সহায়ত তেওঁলোকে জীৱনত সফলতা অৰ্জন কৰে। এই সপ্তাহত আপুনি অধিক ভ্ৰমণত যাবলগীয়া হ’ব পাৰে আৰু আপুনি কেৰিয়াৰৰ ক্ষেত্ৰত অত্যন্ত ব্যস্ত হৈ থাকিব। আধ্যাত্মিক কামৰ সৈতে জড়িত ভ্ৰমণৰো আপোনাৰ বাবে যোগ আছে আৰু ভাল কথাটো হ'ল আপুনি এই ভ্ৰমণবোৰৰপৰা লাভান্বিতও হ'ব। আপুনি এই সপ্তাহত জীৱনৰ বিভিন্ন দিশত আপোনাৰ দক্ষতা প্ৰদৰ্শন কৰিব পাৰিব।

প্ৰেম জীৱন: এইসপ্তাহত আপোনাৰ জীৱনসঙ্গীৰ সৈতে আপোনাৰ সম্পৰ্ক ভালে থাকিব। আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ মাজত এক ভাল পাৰস্পৰিক সম্পৰ্ক বৰ্ত্তি থাকিব আৰু আপোনালোক দুয়োৱে পৰস্পৰৰ সৈতে মুকলিকৈ কথা পাতিব পাৰিব আৰু আপুনি এইক্ষেত্ৰত সুখী হৈ থাকিব। আপুনি এই সময়ত আপোনাৰ সঙ্গীৰ সৈতে বাহিৰলৈ ফুৰিবলৈ যোৱাৰ সুযোগ লাভ কৰিব পাৰে আৰু এই ভ্ৰমণটো আপোনালোক দুয়োৰে বাবে স্মৰণীয় হৈ পৰিব।

শিক্ষা: এই সপ্তাহত আপুনি পেছাদাৰী মনোভাৱেৰ অধ্যয়নৰ ক্ষেত্ৰত কিছু ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিব পাৰিব। মেনেজমেণ্ট আৰু পদাৰ্থ বিজ্ঞানৰ দৰে বিষয়বোৰ আপোনাৰ বাবে ভাল প্ৰমাণিত হ'ব আৰু সেইবোৰৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত প্ৰতিযোগিতামূলক পৰীক্ষাত অংশগ্ৰহণ কৰাটো আপোনাৰ বাবে লাভজনক প্ৰমাণিত হ'ব আৰু আপুনি ভাল নম্বৰ লাভ কৰাৰ সম্ভাৱনা আছে।

বৃত্তিগত জীৱন: আপুনি আপোনাৰ কামৰ ক্ষেত্ৰত উৎকৃষ্টতা প্ৰদৰ্শন কৰিব পাৰিব। ব্যক্তিগত খণ্ডত কাম কৰা লোকসকলৰ বাবেও এই সপ্তাহটো ভাল প্ৰমাণিত হ'ব। আপোনাৰ পদোন্নতি হোৱাৰ যোগো আছে। ব্যৱসায়ীসকলে আউটচ'ৰ্চিং চুক্তিৰ পৰা ভাল লাভ প্ৰাপ্ত কৰাৰ সম্ভাৱনা আছে। আপুনি কোনো নতুন অংশীদাৰীত্ব আৰম্ভ কৰিব পাৰে আৰু এই পদক্ষেপটো আপোনাৰ বাবে ফলদায়ক প্ৰমাণিত হ'ব।

স্বাস্থ্য: এই সপ্তাহত আপোনাৰ স্বাস্থ্য যথেষ্ট ভাল হ'ব। আপুনি উৎসাহ আৰু উদ্যমেৰে পৰিপূৰ্ণ অনুভৱ কৰিব। নিয়মীয়াকৈ ব্যায়াম কৰিলে আপোনাৰ স্বাস্থ্য ভালে থাকিব আৰু আপুনি সুস্বাস্থ্য উপভোগ কৰিবলৈ সক্ষম হ'ব।

উপায়: সূৰ্য্য দেৱতাক সন্তুষ্ট কৰিবৰ বাবে দেওবাৰে যজ্ঞ-হোম কৰক।

মূলাংক 2

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 2, 11, 20অথবা29 তাৰিখে হৈছে)

এই মূলাংকৰ জাতকসকলে সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত বিভ্ৰান্ত অনুভৱ কৰিব পাৰে। আৰু ই তেওঁলোকৰ বিকাশৰ পথত বাধা হৈ থিয় দিব পাৰে। আপুনি এই সপ্তাহত পৰিকল্পনা কৰি চলিব লাগিব আৰু আশাবাদী হৈ থাকিব লাগিব। আপোনাক এই সময়খিনিত আপোনাৰ বন্ধু-বৰ্গৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে কিয়নো আপুনি তেওঁলোকৰ বাবে সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ইয়াৰ বাহিৰেও, আপুনি এইখিনি সময়ত দীঘলীয়া দূৰত্ব ভ্ৰমণ কৰাটো পৰিহাৰ কৰিব লাগে কিয়নো এই ভ্ৰমণবোৰৰ উদ্দেশ্য পূৰণ নোহোৱাৰ সম্ভাৱনা আছে।

প্ৰেম জীৱন: অংক জ্যোতিষ অনুসৰিএই সপ্তাহত আপোনাৰ সঙ্গীৰ সৈতে আপোনাৰ যুক্তি-তৰ্ক হোৱাৰ সম্ভাৱনা আছে। আপুনি এনে ধৰণৰ পৰিস্থিতি পৰিহাৰ কৰি চলিব লাগিব। এই সময়খিনিত, আপোনাৰ সম্পৰ্কত ৰোমাঞ্চ বজাই ৰাখিবৰ বাবে আপুনি আপোনাৰ সঙ্গীৰ সৈতে মিলা-মিছা কৰি চলিব লাগিব। আপুনি আপোনাৰ জীৱনসঙ্গীৰ সৈতে ধৰ্মীয় ভ্ৰমণলৈ যোৱাৰ সুযোগো লাভ কৰিব পাৰে।

শিক্ষা: এই সময়ত শিক্ষাৰ্থীসকলৰ মনোযোগ ভংগ হোৱাৰ সম্ভাৱনা থাকে, সেয়েহে তেওঁলোকক অধিক মনোযোগেৰে অধ্যয়ন কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। আপুনি একাগ্ৰতাৰে আৰু পেছাদাৰীভাৱে অধ্যয়ন কৰা উচিত। ৰসায়ন বিজ্ঞান বা আইন অধ্যয়ন কৰা শিক্ষাৰ্থীসকলে ভাল প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হ'ব পাৰে। আপুনি অধ্যয়নত যুক্তিবাদী হোৱাৰ আৰু আপোনাৰ সহপাঠীসকলৰ মাজত আপোনাৰ সুকীয়া স্থান গঢ় দিয়াৰ চেষ্টা কৰা উচিত।

বৃত্তিগত জীৱন: চাকৰিয়াল লোকসকলে তেওঁলোকৰ কামত কিছুমান ভুল কৰাৰ সম্ভাৱনা আছে আৰু ই তেওঁলোকৰ বিকাশৰ ক্ষেত্ৰত বাধা হিচাপে কাম কৰিব পাৰে। এই ভুলবোৰৰ বাবে, আপোনাৰ হাতৰ পৰা বহুতো নতুন চাকৰিৰ সুযোগ হেৰাব পাৰে। ইয়াক এৰাই চলিবৰ বাবে আপুনি আনতকৈ ভালদৰে কাম কৰিব লাগিব আৰু কৰ্মক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ উদাহৰণ স্থাপন কৰিবলৈ চেষ্টা কৰিব লাগিব। ই আপোনাক আপোনাৰ সহকৰ্মীসকলতকৈ আগবাঢ়ি যোৱাত সহায় কৰিব। ব্যৱসায়ীসকলৰ বাবে লোকচান হোৱাৰ সম্ভাৱনা আছে আৰু প্ৰতিদ্বন্দীসকলৰ চাপৰ ফলত আপোনাৰ লোকচান হ'ব পাৰে।

স্বাস্থ্য: আপুনি এই সময়খিনিত আপোনাৰ শাৰীৰিক স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগ দিব লাগিব কিয়নো এই সপ্তাহত আপোনাৰ কাহ হোৱাৰ সম্ভাৱনা আছে। আপুনি নিশা নিদ্ৰাহীনতাৰ অভিযোগো কৰিব পাৰে।

উপায়: চন্দ্ৰ দেৱতাক সন্তুষ্ট কৰিবৰ বাবে সোমবাৰে যজ্ঞ-হোম কৰক।

কেৰিয়াৰক লৈ হৈ আছে টেনশ্যন! এতিয়াই অৰ্ডাৰ কৰক কগ্নিএষ্ট্ৰো প্ৰতিৱেদন

মূলাংক 3

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 3, 12, 21 অথবা 30তাৰিখে হৈছে)

আপুনি এই সপ্তাহত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অধিক সাহস দেখুৱাব আৰু এই সিদ্ধান্তবোৰ আপোনাৰ বাবে লাভজনক প্ৰমাণিত হ'ব। এই সময়খিনিত আপুনি আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ থকাৰ লগতে আপোনাক আত্মসন্তুষ্ট দেখা যাব। আধ্যাত্মিকতাৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধি পাব পাৰে। নিজকে অনুপ্ৰেৰণা প্ৰদান কৰাৰ গুণৰ বাবে আপোনাৰ খ্যাতি বৃদ্ধি হ’ব। এই সপ্তাহত আপুনি মুক্ত মনৰ হৈ থাকিব আৰু ই আপোনাৰ হিতৰ পক্ষে ক্ৰিয়া কৰিব।

প্ৰেম জীৱন: এই সময়খিনিত আপুনি আপোনাৰ সম্পৰ্কত ৰোমাঞ্চৰ আনন্দ উপভোগ কৰিব। আপোনালোক দুয়োৱে পৰস্পৰক নিজৰ নিজৰ চিন্তা-ধাৰাৰ বিষয়ে অৱগত কৰিবযাৰ ফলত আপোনালোক দুয়োৰে মাজত পাৰস্পৰিক বুজাবুজি বিকাশ হ’ব। আপুনি আপোনাৰ পৰিয়ালত অনুষ্ঠিত হ’বলগীয়া কোনো শুভ অনুষ্ঠানৰ বিষয়ে আপোনাৰ সঙ্গীৰ সৈতে কথা পাতিব পাৰে।

শিক্ষা: অংক জ্যোতিষ অনুসৰিএই সপ্তাহটো শিক্ষাৰ্থীসকলৰ বাবে অতি চমৎকাৰী প্ৰমাণিত হ'ব। আপুনি অধ্যয়নত ভাল প্ৰদৰ্শন কৰাৰ লগতে পেছাদাৰী মনোভাৱ পোষণ কৰিব। মেনেজমেণ্ট আৰু বিজনেছ এডমিনিষ্ট্ৰেশ্যনৰ দৰে ক্ষেত্ৰবোৰ আপোনাৰ বাবে ফলদায়ক প্ৰমাণিত হ'ব।

বৃত্তিগত জীৱন: এই সপ্তাহত আপুনি নতুন চাকৰিৰ সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে আৰু এই সুযোগবোৰ লাভ কৰি আপুনি অতি সুখী অনুভৱ কৰিব। এই নতুন চাকৰিৰ সুযোগবোৰত আপুনি সম্পূৰ্ণ দক্ষতাৰে আপোনাৰ প্ৰতিভা প্ৰদৰ্শন কৰিব পাৰিব। ব্যৱসায়ীসকলে এই সময়খিনিত কোনো নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে, যি তেওঁলোকক ভাল লাভ প্ৰদান কৰাৰ সম্ভাৱনা আছে।

স্বাস্থ্য: এই সপ্তাহটো শাৰীৰিকভাৱে সুস্থ হৈ থকাৰ বাবে ভাল হ'ব। আপোনাৰ ভিতৰত উৎসাহ আৰু উদ্য়ম বৃদ্ধি পাব আৰু ই আপোনাৰ স্বাস্থ্যৰ ওপৰতো ইতিবাচক প্ৰভাৱ পেলাব।

উপায়: দৈনিক 21 বাৰ ' ঔঁ বৃহস্পতয়ে নমঃ' মন্ত্ৰ জপ কৰক।

মূলাংক 4

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 4, 13, 22 অথবা 31তাৰিখে হৈছে)

এই সপ্তাহত মূলাংক 4 ৰ জাতকসকলৰ মন নিৰাপত্তাহীনতাৰ অনুভূতিৰে আৱৰি থাকিব পাৰে আৰু ইয়াৰ ফলত আপুনি কোনো কাৰ্যকৰী সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত ব্যৰ্থ হ'ব পাৰে। আপুনি এই সময়খিনিত দীঘলীয়া দূৰত্বৰ যাত্ৰা পৰিহাৰ কৰা উচিত কিয়নো এই ভ্ৰমণবোৰৰ উদ্দেশ্য পূৰণ নোহোৱাৰ সম্ভাৱনা আছে। গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত, আপুনি আপোনাতকৈ জ্যেষ্ঠ্য লোকৰ পৰামৰ্শ গ্ৰহণ উচিত।

প্ৰেম জীৱন: আপোনাৰ জীৱনসঙ্গীৰ সৈতে আপোনাৰ তৰ্ক হ'ব পাৰে। আপোনালোক দুয়োৰে মাজত হোৱা ভুল বুজাবুজিৰ বাবে এনে হ'ব পাৰে। পাৰস্পৰিক সমন্বয়ৰ অভাৱৰ বাবে, আপোনালোক দুয়োৰে মাজত অহংকাৰ সম্পৰ্কীয় কিছুমান সমস্যাৰো উদ্ভৱ হ'ব পাৰে। এনে ধৰণৰ পৰিস্থিতি এৰাই চলিবলৈ চেষ্টা কৰক । এনে পৰিস্থিতিত, আপোনাৰ সঙ্গীৰ সৈতে আপোনাৰ সম্পৰ্ক শক্তিশালী কৰিবৰ বাবে আপুনি আপোনাৰ ফালৰপাৰ মিলা-মিছা কৰিবলৈ চেষ্টা কৰা উচিত।

শিক্ষা: শিক্ষাৰ্থীসকলৰ মনোযোগ ভংগ হোৱাৰ বাবে তেওঁলোকে সম্পূৰ্ণ মনোযোগেৰে অধ্যয়ন কৰাত অসুবিধাৰ সম্মুখীন হ’ব পাৰে। আপুনি এই সপ্তাহত অধ্যয়নত অধিক মনোযোগ প্ৰদান কৰিব লাগিব। আপুনি অধ্যয়নত নতুন প্ৰকল্পত ব্যস্ত হ’ব পাৰে আৰু আপুনি এই প্ৰকল্পবোৰৰ বাবে অধিক সময় ব্যয় কৰিবলগীয়া হ’ব পাৰে।

বৃত্তিগত জীৱন: অংক জ্যোতিষ অনুসৰি এই সপ্তাহতকৰ্মক্ষেত্ৰৰ লোকসকলে আপোনাৰ কঠোৰ পৰিশ্ৰমক উপেক্ষা কৰিব পাৰে আৰু ইয়াৰ বাবে আপুনি আপোনাৰ বৰ্তমানৰ চাকৰিৰ ক্ষেত্ৰত অসন্তুষ্ট হ'ব পাৰে। ইয়াৰ বাবে আপুনি হতাশ অনুভৱ কৰিব পাৰে। লগতে, ব্যৱসায়ীসকলে তেওঁলোকৰ বৰ্ত্তমানৰ চুক্তিৰপৰা ভাল লাভ প্ৰাপ্ত নকৰাৰ সম্ভাৱনা আছে। আপোনাৰ ব্যৱসায়িক অংশীদাৰৰ সৈতে আপোনাৰ সম্পৰ্কৰো অৱনতি হোৱাৰ সম্ভাৱনা আছে।

স্বাস্থ্য: এই সপ্তাহত আপোনাৰ পাচনৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে। ইয়াক পৰিহাৰ কৰিবৰ বাবে আপোনাক সময়মতে খোৱা-বোৱা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। আপোনাৰ ভৰি আৰু কান্ধৰ বিষ হোৱাৰ সম্ভাৱনা আছে।

উপায়: দৈনিক 22 বাৰ 'ঔঁ ৰাহৱে নমঃ' মন্ত্ৰ জপ কৰক।

ঘৰত বহিয়েই বিশেষজ্ঞ পুৰোহিতৰদ্বাৰা কৰাক ইচ্ছানুসৰি অনলাইন পূজা আৰু লাভ কৰক উত্তম পৰিণাম!

মূলাংক 5

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 5, 14 অথবা 23তাৰিখে হৈছে)

এই মূলাংকৰ জাতকসকল যুক্তিবাদী হয়। তেওঁলোক ব্যৱসায়ৰ প্ৰতিও অধিক আগ্ৰহী হয়।অংক জ্যোতিষ অনুসৰি এই সপ্তাহতআপুনি ব্যৱসায়ৰ পৰা লাভান্বিত হ'ব আৰু আপুনি একাধিক ব্যৱসায় কৰিব পাৰিব। এই মূলাংকৰ লোকসকল এই সময়খিনিত ফুল-টাইম ব্যৱসায়ৰ প্ৰতি সমৰ্পিত হ'ব।

প্ৰেম জীৱন: আপোনাৰ সম্পৰ্কত ভাল মূল্যবোধ প্ৰতিষ্ঠিত হ'ব। ই আপোনাৰ আৰু আপোনাৰ সঙ্গীৰ মাজত পাৰস্পৰিক সমন্বয় উন্নত কৰিব আৰু আপোনাৰ সম্পৰ্কই আনৰ বাবে এক উদাহৰণ স্থাপন কৰিব পাৰে। আপোনাৰ সঙ্গীৰ প্ৰতি আপোনাৰ মৰম-ভালপোৱা বৃদ্ধি হ’ব আৰু আপোনালোক দুয়ো আপোনালোকৰ সম্পৰ্কত সুখী অনুভৱ কৰিব। এই সপ্তাহত আপুনি আপোনাৰ সঙ্গীৰ সৈতে ক’ৰবালৈ ফুৰিবলৈ ওলাই যোৱাৰ সুযোগো লাভ কৰিব পাৰে।

শিক্ষা: আপুনি অধ্যয়নত উৎকৃষ্টতা প্ৰদৰ্শন কৰিব আৰু এই সময়খিনিত আপোনাৰ মাজত এক বিশেষজ্ঞতা বিকশিত হ’ব পাৰে যাৰ বাবে আপোনাৰ বাবে কঠিন বিষয়বোৰ সহজ হৈ পৰিব পাৰে। মেকানিকেল ইঞ্জিনিয়াৰিং, লজিষ্টিক আৰু ঐচ্ছিক অধ্যয়নৰ দৰে বিষয়বোৰ আপোনাৰ বাবে সহজ অনুভৱ হ'ব পাৰে। আপুনি নিজৰ বাবে যি বিষয় বাছনি কৰিব তাতেই আপুনি অধিক উন্নত প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব।

বৃত্তিগত জীৱন: এই সপ্তাহটো আপুনি নিজৰ সামৰ্থ্য চিনাক্ত কৰাৰ লগতে সম্পূৰ্ণ উৎসাহেৰে কাম কৰিব পাৰিব। আপুনি আপোনাৰ কামৰ ক্ষেত্ৰত পেছাদাৰী মনোভাৱ পোষণ কৰিব। আপুনি কৰ্মক্ষেত্ৰত আপোনাৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনৰ বাবে পুৰস্কাৰো লাভ কৰিব পাৰে। একে সময়তে, ব্যৱসায়ীসকলে এই সময়খিনিত সফলতাৰ শীৰ্ষত উপনীত হ'ব পাৰিব আৰু নিজকে অগ্ৰণী কৰি তোলাত সফলতা অৰ্জন কৰিব।

স্বাস্থ্য: এই সপ্তাহত আপুনি সুস্বাস্থ্য উপভোগ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৱান হৈ থকাৰ বাবে আৰু শক্তি বৃদ্ধি হোৱাৰ আপোনাৰ সুস্বাস্থ্যও অটুত থাকিব। আপুনি অতি উৎফুল্লিত হৈ থাকিব আৰু ই আপোনাৰ স্বাস্থ্যৰ বাবে উপকৃত হ'ব।

উপায়: দৈনিক 41 বাৰ 'ঔঁ নমো ভগৱতে নমঃ' মন্ত্ৰ জপ কৰক।

পাওক আপোনাৰ সোঁৱৰণি আধাৰিত সঠিক শনি প্ৰতিৱেদন

মূলাংক 6

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 6, 15 অথবা 24তাৰিখে হৈছে)

মূলাংক 6ৰ জাতকসকল ভিজুৱেল কমিউনিকেশ্যন, গ্ৰাফিক্স আৰু টেলিকমিউনিকেশ্যন আদি বিষয়ত বিশেষজ্ঞতা অৰ্জন কৰিব পাৰে। তেওঁলোকে প্ৰেমক অধিক গুৰুত্ব প্ৰদান কৰে। তেওঁলোকে নিজৰ জীৱনসঙ্গীৰ সৈতে সময় কটাবলৈ পছন্দ কৰে আৰু তেওঁলোকে শক্তিশালী আৰু ভাল সম্পৰ্ক গঢ়াৰ ওপৰত গুৰুত্ব দিয়ে। এই লোকসকলৰ বাবে, সম্পৰ্ক গঢ় দিয়াটো তেওঁলোকৰ মুখ্য লক্ষ্য হয়।

প্ৰেম জীৱন: অংক জ্যোতিষ অনুসৰিআপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গী বা প্ৰেমাস্পদৰ মাজত পাৰস্পৰিক বুজা-পৰা বৰ্ত্তি থাকিব। গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত, আপোনালোক দুয়োৰে মত পৰস্পৰৰ সৈতে মিলিব। আপোনাৰ সঙ্গীৰ সৈতে বাহিৰলৈ ফুৰিবলৈ যোৱাৰ সম্ভাৱনাও আছে আৰু আপুনি এই ভ্ৰমণটো যথেষ্ট উপভোগ কৰিব।

শিক্ষা: এই সপ্তাহত আপুনি উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ আৰু প্ৰতিযোগিতামূলক পৰীক্ষাত অংশগ্ৰহণ কৰিবলৈ সক্ষম হ'ব। আপুনি আপোনাৰ যিকোনো বিশেষ গুণ বা দক্ষতা এনেদৰে প্ৰতিস্ফূট কৰিবলৈ সক্ষম হ’ব যাৰ জৰিয়তে আপুনি শিক্ষাৰ ক্ষেত্ৰত শীৰ্ষস্থানত উপনীত হ’ব পাৰিব। আপুনি উচ্চ শিক্ষাৰ বাবে বিদেশলৈ যোৱাৰ সুযোগো লাভ কৰিব পাৰে।

বৃত্তিগত জীৱন: এই সপ্তাহত আপুনি নতুন চাকৰিৰ সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে আৰু আপুনি এই সুযোগবোৰ লাভ কৰি যথেষ্ট সুখী অনুভৱ কৰিব। আপুনি বিদেশলৈ যোৱাৰ সুযোগো পাব পাৰে আৰু আপুনি এই সুযোগবোৰৰপৰা যথেষ্ট পৰিমাণে লাভাম্বিত হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলে তেওঁলোকৰ স্থিতি উন্নত কৰিবলৈ সক্ষম হ'ব আৰু অধিক লাভ প্ৰাপ্ত কৰিব বুলি আশা কৰা হৈছে।

স্বাস্থ্য: এই সময়ছোৱাত, আত্মবিশ্বাস বৃদ্ধি হোৱাৰ বাবে, আপুনি শক্তিৰে পৰিপূৰ্ণ অনুভৱ কৰিব। যাৰ বাবে আপুনি সুস্বাস্থ্য উপভোগ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ সামান্য স্বাস্থ্যজনিত সমস্যা যেনে মূৰৰ বিষ আৰু পেটৰ বিষ আদি হ'ব পাৰে, কিন্তু কোনো গুৰুতৰ ৰোগে আমনি নকৰিব।

উপায়: দৈনিক 33 বাৰ 'ঔঁ শুক্ৰায় নমঃ' মন্ত্ৰ জপ কৰক।

মূলাংক 7

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 7, 16 অথবা 25তাৰিখে হৈছে)

মূলাংক 7 ৰ জাতকসকলে তেওঁলোকৰ ঘনিষ্ঠ লোকসকলৰপৰা দূৰত্ব অনুভৱ কৰিব পাৰে। তেওঁলোকৰ বাবে একেটা চাকৰিকে কৰি থকাটো অসুবিধাজনক হ’ব পাৰে আৰু সঘনাই তেওঁলোকে চাকৰি সলনি কৰি থকাৰ সম্ভাৱনা আছে। যদিহে আপুনি ব্যৱসায় কৰে, তেনেহ'লে আপোনাৰ লক্ষ্য প্ৰাপ্ত কৰাৰ বাবে আপোনাৰ প্ৰচেষ্টাত স্থিৰতাৰ অভাৱ হ'ব পাৰে। ইয়াৰ বাবে, আপুনি কোনো ডাঙৰ ক্ষতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে।

প্ৰেম জীৱন: এই সপ্তাহত আপোনালোক দুয়োৰে মাজত অযথা তৰ্ক-বিতৰ্ক হ'ব পাৰে আৰু ই আপোনাৰ সম্পৰ্কৰ সুখ-শান্তি ভংগ কৰিব পাৰে। ইয়াক এৰাই চলিবৰ বাবে আপুনি আপোনাৰ সম্পৰ্ক বা প্ৰেমৰ সম্পৰ্কত আপোনাৰ সঙ্গীৰ সৈতে বুজা-পৰা কৰিবলৈ চেষ্টা কৰিব লাগিব। আপোনাৰ সম্পৰ্কত সুখ-শান্তি বজাই ৰাখিবৰ বাবে আপুনি শান্ত হৈ থাকিব লাগিব।

শিক্ষা: আপোনাৰ শিকাৰ ক্ষমতা দুৰ্বল হ'ব পাৰে, সেয়েহে এই সপ্তাহটো শিক্ষাৰ্থীসকলৰ বাবে অতিশয় ফলদায়ক নহ'ব।অংক জ্যোতিষ অনুসৰিআপুনি অধ্যয়নত ভাল প্ৰদৰ্শন কৰিব নোৱাৰিব পাৰে। ইয়াৰ বাহিৰেও, এই সপ্তাহটো উচ্চ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবেও লাভজনক নহ'ব পাৰে।

বৃত্তিগত জীৱন: এই সপ্তাহত আপোনাৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে তৰ্ক হোৱাৰ সম্ভাৱনা আছে, সেয়েহে তেওঁলোকৰ সৈতে কথা পাতোঁতে কিছু সাৱধান হ'ব। আপোনাৰ জ্যেষ্ঠ সহকৰ্মীসকলে আপোনাৰ কামৰ মানদণ্ডৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিব পাৰে। ই আপোনাক বিৰক্ত কৰিব পাৰে কিন্তু যদি আপুনি আপোনাৰ উৰ্ধতন বিষয়াসকলৰ মাজত আপোনাৰ খ্যাতি বজাই ৰাখিব বিচাৰে তেনেহ’লে বিষয়টো গুৰুত্বসহকাৰে লওঁক আৰু নিজৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। লগতে ব্যৱসায়ীসকলে লাভজনক চুক্তি কৰোঁতে অতি সাৱধান হ'ব লাগিব, কাৰণ কেতিয়াবা পৰিস্থিতি তেওঁলোকৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ যাব পাৰে।

স্বাস্থ্য: আপুনি বাহন চলোৱাৰ সময়ত অত্যন্ত সাৱধানতা অৱলম্বন কৰিব লাগিব কিয়নো এই সপ্তাহত আপুনি আঘাতপ্ৰাপ্ত হোৱাৰ সম্ভাৱনা আছে। দ্ৰুত গতিত বাহন চলোৱাৰ ফলত আপুনি দুৰ্ঘটনাৰ চিকাৰ হ'ব পাৰে, সেয়েহে আপুনি এই সময়ত অতি সাৱধান হ'ব লাগিব। এই সময়ছোৱাত আপোনাৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱা উচিত।

উপায়: দৈনিক 41 বাৰ 'ঔঁ গণেশায় নমঃ' মন্ত্ৰ জপ কৰক।

আপোনাৰ সোঁৱৰণিত আছে নে ৰাজযোগ? জানক আপোনাৰ ৰাজযোগ প্ৰতিৱেদন

মূলাংক 8

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 8, 17 অথবা 26তাৰিখে হৈছে)

এই মূলাংকৰ জাতকসকলে সদায়ে নিজৰ প্ৰতিশ্ৰুতি পূৰণ, লক্ষ্য প্ৰাপ্তি আৰু সময়সীমাৰ ভিতৰত কাম সম্পূৰ্ণ কৰিবৰ বাবে দায়ৱদ্ধ হৈ থাকে। এই লোকসকলে নিষ্ঠাৰে কাম কৰে আৰু তেওঁলোকৰ লক্ষ্য প্ৰাপ্ত কৰা আৰু সময়সীমা পূৰণ কৰাত অধিক মনোযোগ প্ৰদান কৰে। এই লোকসকলে পেছাদাৰী হ'বলৈ চেষ্টা কৰে আৰু তেওঁলোকৰ মনত সদায় এই চিন্তাধাৰা থাকে।অংক জ্যোতিষ অনুসৰিএই লোকসকলে তেওঁলোকৰ কেৰিয়াৰত আগবাঢ়িবলৈ আৰু অগ্ৰগতি লাভ কৰিবলৈ নিৰন্তৰ চেষ্টা কৰি থাকে।

প্ৰেম জীৱন: এই সপ্তাহত পাৰিবাৰিক সমস্যাৰ বাবে আপোনাৰ আৰু আপোনাৰ সঙ্গীৰ মাজৰ দূৰত্ব বৃদ্ধি হ'ব পাৰে। ইয়াৰ বাবে আপোনাৰ সম্পৰ্কৰ সুখ-শান্তি বিঘ্নিত হোৱাৰ সম্ভাৱনা আছে আৰু আপুনি আপোনাৰ হাতৰ পৰা সকলো হেৰাই যোৱা যেন অনুভৱ কৰিব পাৰে। আপুনি নিজৰ ফালৰপৰা আপোনাৰ সঙ্গীৰ সৈতে মিলামিছা কৰি চলিবলৈ আৰু এক মৰমৰ সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগিব।

শিক্ষা: এই সময়খিনিত আপুনি একাগ্ৰতাৰে কাম কৰিব লাগিব। ই অধ্যয়নত আপোনাক লাভান্বিত কৰাৰ সম্ভাৱনা আছে। এই সপ্তাহত প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱাটো শিক্ষাৰ্থীসকলে কিছু জটিল হ'ব পাৰে। পৰীক্ষাত ভাল নম্বৰ লাভ কৰিবৰ বাবে আপুনি ভালদৰে প্ৰস্তুতি চলাব লাগিব।

বৃত্তিগত জীৱন: আপুনি আপোনাৰ বৰ্তমানৰ চাকৰিৰ ক্ষেত্ৰত অসন্তুষ্ট অনুভৱ কৰিব আৰু চাকৰি সলনি কৰাৰ কথাও ভাবিব পাৰে। এই কথাটোক লৈ আপুনি কিছু চিন্তিতও হ'ব পাৰে। কেতিয়াবা আপুনি কামত ভাল প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত পিছ পৰি থাকিব পাৰে আৰু ই আপোনাৰ কামৰ মানদণ্ডকো প্ৰভাৱিত কৰিব পাৰে। ব্যৱসায়ীসকলে লাভ প্ৰাপ্ত কৰাত অসুবিধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। অতি কম বিনিয়োগত আপুনি নিজৰ ব্যৱসায় কৰিবলগীয়া হ’ব পাৰে। যদি আপুনি এনে নকৰে তেনেহ’লে আপুনি লোকচান বহন কৰিবলগীয়া পাৰে।

স্বাস্থ্য: এই সপ্তাহত আপুনি ভৰিৰ বিষ অনুভৱ কৰিব পাৰে আৰু চাপৰ বাবে গাঁঠিবোৰ জঠৰ অনুভৱ কৰিব পাৰে। স্বাস্থ্যৱান হৈ থাকিবলৈ আপোনাক যোগাভ্যাস আৰু ধ্যান কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

উপায়: দৈনিক 44 বাৰ 'ঔঁ মন্দায় নমঃ' মন্ত্ৰ জপ কৰক।

কেৰিয়াৰক লৈ হৈ আছে টেনশ্যন! এতিয়াই অৰ্ডাৰ কৰক কগ্নিএষ্ট্ৰো প্ৰতিৱেদন

মূলাংক 9

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 9, 18 অথবা 27তাৰিখে হৈছে)

অংক জ্যোতিষ অনুসৰিমূলাংক 9 ৰ জাতকসকলৰ আচৰণ এই সময়ছোৱাত কিছু কঠোৰ হ'ব পাৰে আৰু ইয়াৰ বাবে, তেওঁলোকে নিজৰ কেৰিয়াৰত কিছুমান ডাঙৰ সুযোগ হেৰুৱাব পাৰে। তেওঁলোকে সম্পৰ্ক গঢ়ি তোলা আৰু সম্পৰ্ক শক্তিশালী কৰাৰ ওপৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰে। আপুনি আপোনাৰ ভাতৃ-ভগ্নীৰপৰা সমৰ্থন লাভ কৰাৰ সম্ভাৱনা আছে। চিভিল ইঞ্জিনিয়াৰিং, মেকানিকেল ইঞ্জিনিয়াৰিং আদি বিষয় অধ্যয়ন কৰি থকা শিক্ষাৰ্থীসকলে সুন্দৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ব।

প্ৰেম জীৱন: এই সপ্তাহত আপোনাৰ জীৱনসঙ্গীৰ সৈতে এক স্নেহময় সম্পৰ্ক বৰ্ত্তি থাকিব আৰু আপোনাৰ সম্পৰ্কত সুখ-শান্তি অটুত থাকিব। প্ৰেমৰ সম্পৰ্কত আপুনি আপোনাৰ সঙ্গীৰ সৈতে সুখী অনুভৱ কৰিব। বিবাহিত লোকসকলে তেওঁলোকৰ জীৱনসঙ্গীৰ সৈতে ৰোমান্টিক সময় কটোৱাৰ সুযোগ লাভ কৰিব।

শিক্ষা: এই সপ্তাহটো অধ্যয়নৰ ক্ষেত্ৰত আপোনাৰ বাবে ভাল হ'ব আৰু আপুনি ভাল নম্বৰ লাভ কৰিব পাৰিব। ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং আৰু ৰসায়ন বিজ্ঞানৰ দৰে বিষয়ত আপুনি ভাল প্ৰদৰ্শন কৰিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত আপুনি নিজৰ বাবে এক বিশেষ স্থান গঢ় দিব পাৰিব।

বৃত্তিগত জীৱন: মূলাংক 9 ৰ জাতকসকলে এই সপ্তাহত নতুন চাকৰিৰ সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। যদিহে আপুনি চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে আপুনি এই সময়ছোৱাত ভাল সুযোগ লাভ কৰিব।

স্বাস্থ্য: এই সপ্তাহত আপুনি শাৰীৰিকভাৱে স্বাস্থ্যৱান হৈ থাকিব। আপোনাৰ ইতিবাচকতাৰ বাবে আপোনাৰ স্বাস্থ্যও ভালে থাকিব। আপোনাৰ সংকল্পৱদ্ধতা আৰু উদ্যমৰ বাবে আপুনি সুস্বাস্থ্য ধৰি ৰাখিবলৈ সক্ষম হ’ব।

উপায়: মঙ্গল গ্ৰহক সন্তুষ্ট কৰিবৰ বাবে মঙ্গলবাৰে যজ্ঞ-হোম কৰক।

সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক: এষ্ট্ৰোচেজ অনলাইন শ্বপিং ষ্টোৰ

আমি আশা কৰিছোঁ যে আপুনি আমাৰ এই ব্লগটো নিশ্চয় পছন্দ কৰিছে। যদিহে এনে হয় তেনেহ’লেআপুনি ইয়াক নিজৰ শুভাকাংক্ষীসকলৰ সৈতে শ্যেয়াৰ কৰক। ধন্যবাদ!

Talk to Astrologer Chat with Astrologer