সূৰ্য্য গ্ৰহণ 2024 (Surya Grahan 2024)

Author: Lobitha Dutta | Updated Thu, 04 Jan 2024 09:20 AM IST

সূৰ্য্য গ্ৰহণ 2024 (Surya Grahan 2024) ৰ ঘটনাৰ বিষয়ে সকলো তথ্য প্ৰদান কৰাৰ হেতু এষ্ট্ৰোছেজৰদ্বাৰা এই বিশেষ প্ৰৱন্ধটো আমি কেৱল আপোনাৰ বাবে প্ৰস্তুত কৰু তুলিছোঁ, যাৰ ভিতৰত আপোনাক বৰ্ষ 2024 ত হ’বলগীয়া সকলো তথ্য প্ৰদান কৰা হ’ব। আপোনাক এয়াও জৱোনা হ’ব যে সূৰ্য্য গ্ৰহণ কি তাৰিখে, কি তিথিত, কোনদিনা, কেই বজাৰপৰা কেই বজালৈ লাগিব। ইয়াৰ লগতে, আপুনি এয়াও জানিব পাৰিব যে বৰ্ষ 2024 ত মুঠতে কেইটা সূৰ্য্যগ্ৰহণ দেখা যাব, এয়া বিশ্বৰ কোন কোন ঠাইত দৃশ্যমান হ’ব,সূৰ্য্য গ্ৰহণৰ সুতক কাল কেতিয়া আৰম্ভ হ’ব তথা সূৰ্য্য গ্ৰহণৰ ধৰ্মীয় আৰু আধ্য়াত্মিক গুৰুত্ব কি হ’ব। লগতে জ্যোতিষীয় দৃষ্টিকোণৰপৰা আপুনি জানিব পাৰিব যে সূৰ্য্য গ্ৰহণৰ কি প্ৰভাৱ পৰিব পাৰে।

সূৰ্য্য গৰ্হণৰ সৈতে জড়িত আন গুৰুত্বপূৰ্ণ কথাবোৰো আপুনি এই প্ৰৱন্ধটোৰ জৰিয়তে জানিব পাৰিব যিবোৰ এষ্ট্ৰোছেজৰ গণ্য-মান্য জ্যোতিষীডা. ম্ৰগাংক শৰ্মাই প্ৰস্তুত কৰি তুলিছে। যদিহে আপুনি সূৰ্য্য গ্ৰহণ 2024 (Surya Grahan 2024) ৰ বিষয়ে জানিবলৈ উৎসুক আৰু ইয়াৰ সৈতে জড়িত কোনো তথ্য একে ঠাইতে একে সময়তে সম্পূৰ্ণ ৰূপত প্ৰাপ্ত কৰিব বিচাৰে তেনেহ’লে এই লিখনিটো আৰম্ভণিৰপৰা শেষলৈকে নিশ্চয় পঢ়ক।

2024 ত আপোনাৰ ভাগ্যৰ পৰিৱৰ্তন হ’ব নে? বিদ্বান জ্যোতিষীসকলৰ সৈতে ফোনত কথা পাতক

সূৰ্যগ্ৰহণ হৈছে আকাশত সংঘটিত এক বিশেষ পৰিঘটনা যাক জ্যোতিৰ্বৈজ্ঞানিক পৰিঘটনা হিচাপে জনা যায়। আকাশ মণ্ডলত সূৰ্য, পৃথিৱী আৰু চন্দ্ৰৰ স্থিতিৰ বাবে এই পৰিঘটনা হয়। আমি সকলোৱে জানো যে আমাৰ পৃথিৱীখনে একেৰাহে সূৰ্য্যৰ চাৰিওফালে ঘূৰি থাকে আৰু তাৰ লগতে ই নিজৰ অক্ষতো ঘূৰে তথা পৃথিৱীৰ উপগ্ৰহ চন্দ্ৰই পৃথিৱীৰ চাৰিওফালে প্ৰদক্ষিণ কৰি থাকে। বহুবাৰ এই গ্ৰহসমূহৰ গতিৰ কাৰণে আকাশত কিছুমান বিশেষ পৰিস্থিতিৰ সৃষ্টি হয়। সূৰ্য্যৰ পোহৰৰদ্বাৰাই পৃথিৱী আৰু চন্দ্ৰ আলোকিত হয়। বহুবাৰ এনে পৰিস্থিতিৰ উদ্ভৱ হয় য’ত চন্দ্ৰ, পৃথিৱী আৰু সূৰ্য্য এডাল সৰল ৰেখাত স্থিত হয় আৰু সেই পৰিস্থিতিত সূৰ্যৰ পোহৰ পোনপটীয়াকৈ পৃথিৱীৰ ওপৰত নপৰে কাৰণ পৃথিৱী আৰু সূৰ্যৰ মাজত চন্দ্ৰ থাকে আৰু এনে পৰিস্থিতিত সূৰ্যৰ পোহৰ চন্দ্ৰৰ ওপৰত পৰে আৰু চন্দ্ৰৰ ছাঁয়াই কিছু সময়ৰ বাবে সূৰ্যৰ পোহৰ পৃথিৱীত পৰাত বাধা প্ৰদান কৰে। এনে পৰিস্থিতিত, পৃথিৱীৰ পৰা চালে সূৰ্য্যটো সম্পূৰ্ণ বা আংশিকভাৱে দৃশ্যমান নোহোৱা হৈ পৰে আৰু দিনতে অন্ধকাৰৰ দৰে এক পৰিস্থিতিৰ উদ্ভৱ হয়। এই পৰিঘটনাটোক সূৰ্যগ্ৰহণ বুলি কোৱা হয়। সূৰ্য, পৃথিৱী আৰু চন্দ্ৰৰ এই সংৰেখনেই হৈছে সূৰ্যগ্ৰহণৰ কাৰণ। এই সূৰ্যগ্ৰহণৰ স্থিতিত পৃথিৱীৰ পৰা চালেটো সূৰ্য ক'লা দেখা যায় কিয়নো সূৰ্য্যৰ ওপৰত চন্দ্ৰৰ ছাঁয়া পৰিলক্ষিত হয়, এই অৱস্থাটোকেই সূৰ্যগ্ৰহণ বুলি কোৱা হয়।

Click Here to Read in English: Solar Eclipse 2024 (LINK)

সূৰ্য্য গ্ৰহণ 2024 : এক বিশেষ জ্যোতিৰ্বৈজ্ঞানিক ঘটনা

সূৰ্যগ্ৰহণ হৈছে এক বিশেষ জ্যোতিৰ্বৈজ্ঞানিক ঘটনা। হিন্দু ধৰ্মত ইয়াক বিশেষভাৱে মান্যতা প্ৰদান কৰা হয়। যদিও ই এক জ্যোতিৰ্বৈজ্ঞানিক ঘটনা তথাপি কিন্তু ইয়াৰ জ্যোতিষীয় আৰু আধ্যাত্মিক গুৰুত্বও আছে আৰু ইয়াক ধৰ্মীয়ভাৱেও এক গুৰুত্বপূৰ্ণ ঘটনা হিচাপে গণ্য কৰা হয়। বৈদিক জ্যোতিষশাস্ত্ৰৰ অধীনত সূৰ্য্যক আত্মাৰ কাৰক হিচাপে গণ্য কৰা হয় সেয়েহে যেতিয়াই সূৰ্যগ্ৰহণৰ ঘটনা সংঘটিত হয়, তেতিয়া পৃথিৱীত বাস কৰা সকলো প্ৰাণীৰ ওপৰত ইয়াৰ কিবা নহয় কিবা প্ৰভাৱ নিশ্চিতভাৱে পৰে। আপোনাৰ প্ৰায়েই দৃষ্টিগোচৰ হৈছে যে সূৰ্যগ্ৰহণৰ সময়ছোৱাত পৃথিৱীত বাস কৰা পশু-পক্ষীবোৰে কিছু সময়ৰ বাবে অদ্ভুত আচৰণ কৰিবলৈ আৰম্ভ কৰে আৰু কিছুমানে চাটি-ফুটি কৰে। এই পৰিঘটনাৰ সময়ত প্ৰকৃতিত এক ভিন্ন পৰিৱেশ প্ৰতীত হোৱা দেখা যায়। সূৰ্যগ্ৰহণৰ ক্ষেত্ৰত দেখা যায় যে আকাশমণ্ডলত যেতিয়া এই ঘটনা ঘটে তেতিয়া এক অতি আশ্চৰ্যকৰ দৃশ্য পৰিস্ফূট হয় আৰু অতি সুন্দৰ দেখা যায়। সেইকাৰণেই গোটেই পৃথিৱীৰ মানুহে সূৰ্যগ্ৰহণ চাবলৈ আৰু ইয়াৰ ফটো তুলিবলৈ চেষ্টা কৰে।

অৱশ্যে আমি আপোনাক এয়াই পৰামৰ্শ দিওঁ যে কেতিয়াও আপোনাৰ খালী চকুৰে সূৰ্যগ্ৰহণ নাচাব কিয়নো এনে কৰাটো আপোনাৰ চকুৰ বাবে ক্ষতিকাৰক প্ৰমাণিত হ'ব পাৰে আৰু ই আপোনাৰ দৃষ্টিশক্তি নাইকিয়া কৰিব পাৰে। যদি আপুনি নিজ চকুৰে সূৰ্যগ্ৰহণৰ দৃশ্য চাব বিচাৰে তেনেহ’লে আপুনি সুৰক্ষা গিয়েৰ আৰু ফিল্টাৰ আদি ব্যৱহাৰ কৰিব পাৰে আৰু এনে কৰি আপুনি কেৱল সূৰ্যগ্ৰহণ 2024 চোৱাৰ লগতে ইয়াৰ ফটোও ল'ব পাৰিব আৰু ভিডিঅ'ও বনাব পাৰিব।

বৃহৎ কুণ্ডলী: জানক গ্ৰহসমূহৰ আপোনাৰ জীৱনত প্ৰভাৱ আৰু উপায়

এতিয়া যদি আমি সূৰ্যগ্ৰহণৰ ধৰ্মীয় তাৎপৰ্যৰ কথা ক’বলৈ যাওঁ তেন্তে সূৰ্য্যগ্ৰহণৰ ঘটনাক এক শুভ ঘটনা হিচাপে গণ্য কৰা নহয় কিয়নো এয়া হৈছে সেই সময়, যেতিয়া জগতৰ আত্মা বুলি কোৱা সূৰ্য্য গ্ৰহৰ ওপৰত ৰাহুৰ বৃদ্ধি হ’বলৈ ধৰে আৰু সূৰ্য্য গ্ৰাসত পৰে আৰু দিনতো ৰাতিৰ দৰে পৰিস্থিতি দেখা যায়। এই কৌতূহলৰ বাবে চৰাইবোৰো নিজৰ বাঁহলৈ উভতি আহে। এই সময়ছোৱাত প্ৰকৃতিত এক অদ্ভূত ধৰণৰ নীৰৱতা আৰু অদ্ভুত শান্তিৰ অনুভৱ অনুভূত হয় তথা প্ৰকৃতি আৰু ইয়াৰ সৈতে জড়িতবিভিন্ন প্ৰকাৰৰ নিয়মো প্ৰভাৱিত হ'বলৈ আৰম্ভ কৰে। ধৰ্মীয় দিশপৰা সূৰ্য্যক প্ৰত্যক্ষ দেৱতা বুলি কোৱা হয় যি নিজৰ শক্তিৰে সমগ্ৰ জগতৰ পালন কৰে। জ্যোতিষশাস্ত্ৰ অনুসৰি সূৰ্য্যক ব্যক্তিৰ আত্মা, পিতৃ, ইচ্ছা শক্তি, অভিজ্ঞতা, আশা, ৰজা, ৰাজনীতি, শাসনৰ কাৰক হিচাপে গণ্য কৰা হয়। সূৰ্যগ্ৰহণৰ সময়ত সূৰ্য পীড়িত অৱস্থালৈ আহে আৰু সূৰ্যগ্ৰহণ যি ৰাশি আৰু যি নক্ষত্ৰত লাগে সেই ৰাশি আৰু নক্ষত্ৰত জন্ম গ্ৰহণ কৰা জাতক আৰু তেওঁলোকৰ সৈতে জড়িত দেশৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ বিশেষভাৱে পৰিলক্ষিত হয়। অৱশ্যে, কেতিয়াও বিশ্বাস কৰিব নালাগে যে সূৰ্যগ্ৰহণৰ প্ৰভাৱ সদায়ে নেতিবাচক হয়, বৰঞ্চ এই সময়ছোৱাত কিছুমান লোকৰ বাবে ইয়াৰ প্ৰভাৱ শুভ হ'ব পাৰে। আপুনি এই প্ৰবন্ধটোত আগলৈ জানিব পাৰিব যে সূৰ্য্যগ্ৰহণৰ প্ৰভাৱ আপোনাৰ বাবে কেনেকুৱা হ'ব।

সূৰ্য্য গ্ৰহণ 2024 (Surya Grahan 2024) : জানক সূৰ্য্য গ্ৰহণৰ প্ৰকাৰ

যেতিয়াই প্ৰকৃতিত সূৰ্যগ্ৰহণৰ পৰিঘটনা ঘটে তেতিয়াই ই সদায় আমাৰ বাবে নতুন উৎসুকতা লৈ আহে কিয়নো সংবাদ মাধ্যমৰ পৰা সকলো ঠাইতে ইয়াৰ আলোচনা হয় আৰু প্ৰতিগৰাকী ব্যক্তিয়ে জানিব বিচাৰে যে সূৰ্যগ্ৰহণৰ যি ঘটনা এতিয়া সংঘটিত হ’বলৈ গৈ আছে, সেয়া আমাৰ সন্মুখত কেনেদৰে আহিব। সূৰ্য্যগ্ৰহণ কেইবা প্ৰকাৰৰো হ'ব পাৰে, সেয়েহে আজি আমি আপোনাক এই প্ৰবন্ধটোৰ জৰিয়তে প্ৰতিটো সূৰ্যগ্ৰহণৰ বিষয়ে জনাবলৈ গৈ আছোঁ। এই প্ৰবন্ধটো আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চিতভাৱে পঢ়ক যাতে আপুনি সূৰ্য্যগ্ৰহণ সম্পৰ্কীয় সকলো তথ্য সম্পূৰ্ণৰূপে প্ৰাপ্ত কৰিব পাৰে। আহক এতিয়া জানি লওঁ সূৰ্য্যগ্ৰহণ কেইপ্ৰকাৰৰ:

পূৰ্ণ সূৰ্য্য গ্ৰহণ - খগ্ৰাস সূৰ্য্যগ্ৰহণ

আমি ইতিমধ্যে জানিব পাৰিলোঁ যে সূৰ্য্যগ্ৰহণ কেনেদৰে হয়। এতিয়া আহক পূৰ্ণ সূৰ্যগ্ৰহণ কাক কয় জানো, এয়া হৈছে সেই স্থিতি যেতিয়া সূৰ্য আৰু পৃথিৱীৰ মাজলৈ চন্দ্ৰ আহে আৰু ই সিমানখিনি দূৰত্বত থাকে যে সূৰ্য্যৰ পোহৰ কিছু সময়ৰ বাবে পৃথিৱীলৈ যোৱাত সম্পূৰ্ণৰূপে বাধা প্ৰদান কৰে আৰু চন্দ্ৰৰ সম্পূৰ্ণ ছাঁয়া পৃথিৱীত পৰে যাৰ ফলত পৃথিৱীত প্ৰায় অন্ধকাৰ হৈ পৰে আৰু এই সময়ছোৱাত সূৰ্য সম্পূৰ্ণৰূপত দৃশ্যমান নহয়। এই পৰিঘটনাটোকে পূৰ্ণ সূৰ্য্যগ্ৰহণ বুলি কোৱা হয়। ইয়াক খগ্ৰাস সূৰ্য্যগ্ৰহণ বুলিও কোৱা হয়। ইয়াৰ প্ৰভাৱ সৰ্বাধিক বুলি গণ্য কৰা হয়।

আংশিক সূৰ্য্যগ্ৰহণ - খণ্ডগ্ৰাস সূৰ্য্যগ্ৰহণ

পূৰ্ণ সূৰ্য্যগ্ৰহণৰ বাহিৰেও, কেতিয়াবা এনে স্থিতিত হয় যেতিয়া সূৰ্য, চন্দ্ৰ আৰু পৃথিৱীৰ মাজৰ দূৰত্ব ইমান হয় যে চন্দ্ৰই সূৰ্য্যৰ পোহৰ পৃথিৱীলৈ অহাত সম্পূৰ্ণৰূপে বাধা দিব নোৱাৰে আৰু ইয়াৰ ফলত চন্দ্ৰৰ কিছু ছাঁয়া পৃথিৱীত পৰে আৰু পৃথিৱীৰপৰা চালে সূৰ্য্যটো সম্পূৰ্ণৰূপে ক'লা বা অদৃশ্যমান নহয় বৰঞ্চ ইয়াৰ কিছু অংশহে দৃশ্যমান হয়। এই অৱস্থাটোক আংশিক সূৰ্যগ্ৰহণ বুলি কোৱা হয়। আন শব্দত খণ্ডগ্ৰাস সূৰ্য্যগ্ৰহণ বুলিও কোৱা হয়।

কংকণাকৃতি সূৰ্য্যগ্ৰহণ - বলয়াকাৰ সূৰ্য্যগ্ৰহণ

পূৰ্ণ সূৰ্যগ্ৰহণ আৰু আংশিক সূৰ্যগ্ৰহণৰ উপৰিও আন এক প্ৰকাৰৰ সূৰ্য্যগ্ৰহণো দেখিবলৈ পোৱা যায়। যেতিয়া সূৰ্য্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰি পৃথিৱী আৰু পৃথিৱীৰ চাৰিওফালে প্ৰদক্ষিণ কৰি চন্দ্ৰ এনে এক স্থিতিলৈ আহে যে য’ত পৃথিৱীৰ পৰা চালে চন্দ্ৰক সূৰ্যৰ মাজভাগত দেখা যায় অৰ্থাৎ পৃথিৱীৰ ওপৰত চন্দ্ৰ ছাঁয়া এনেদৰে পৰে যে পৃথিৱীৰপৰা চালে সূৰ্যৰ মাজভাগত ক'লা আৰু আন সকলো ফালৰপৰা উজ্জ্বল দেখা যায়। এই পৰিঘটনাক এটা আঙুঠি বা খাৰুৰ দৰে দেখা যায়। এই পৰিঘটনাটোকেই কংকণাকৃতি সূৰ্য্যগ্ৰহণ বুলি কোৱা হয়। গ্ৰহবোৰৰ মাজৰ দূৰত্ব ইয়াৰ মুখ্য কাৰণ হৈ পৰে। অৰ্থাৎ, এই সূ্যৰ্যগ্ৰহণক বলয়াকাৰ সূৰ্য্যগ্ৰহণ বুলিও কোৱা হয়। বিশেষ কথাটো হ'ল যে এই পৰিস্থিতিটো কেৱল অতি কম সময়ৰ বাবেহে হয়।

মুখ্যতঃ ওপৰোক্ত তিনি প্ৰকাৰৰ সূৰ্যগ্ৰহণ দৃশ্যমান হয় কিন্তু কেতিয়াবা এক বিৰল স্থিতিও দেখা যায়! ওপৰোক্ত তিনি প্ৰকাৰৰ সূৰ্য্যগ্ৰহণৰ উপৰিও, আন এক প্ৰকাৰৰ সূৰ্য্যগ্ৰহণো এক বিৰল পৰিস্থিতিত দেখা যায়, ইয়াক হাইব্ৰিড সূৰ্য্যগ্ৰহণ বুলি কোৱা হয়। ক’ব পৰা যায় যে প্ৰায় সকলো সূৰ্য্যগ্ৰহণৰ মাত্ৰ পাঁচ শতাংশতহে হাইব্ৰিড সূৰ্যগ্ৰহণৰ স্থিতি উৎপন্ন হয়। এই প্ৰকাৰৰ সূৰ্য্যগ্ৰহণত আৰম্ভণিতে ই এক বলয়াকাৰ সূৰ্য্যগ্ৰহণ হিচাপে দৃশ্যমান হয় আৰু তাৰ পিছত লাহে লাহে পূৰ্ণ সূৰ্য্যগ্ৰহণ হয় আৰু তাৰ পিছত পুনৰ লাহে লাহে এক বলয়াকাৰ স্থিতি দেখা দিবলৈ আৰম্ভ কৰে। ইয়াক হাইব্ৰিড সূৰ্য্যগ্ৰহণ বুলি কোৱা হয় আৰু খুব কমেইহে এই সূৰ্য্যগ্ৰহণ দৃশ্যমান হয়।

বৰ্ষ 2024 ত কেইটা সূৰ্য্যগ্ৰহণ লাগিব

এতিয়ালৈকে আমি সূৰ্য্যগ্ৰহণৰ বিষয়ে বহুত কথাই জানিব পাৰিলোঁ যে প্ৰকৃততে সূৰ্য্যগ্ৰহণ কি, ইয়া কেনে দেখা যায় আৰু ই কেই প্ৰকাৰৰ। এতিয়া আমি2024বৰ্ষটোত সূৰ্য্যগ্ৰহণ মুঠতে কেইটা আৰু কেনেদৰে দেখা যাব সেই বিষয়ে কথা পাতিম। সেইবোৰ কোন কোন তাৰিখে, কোন দিনা, কেই বজাত আৰু ক’ত ক'ত দেখা যাব? যদি আমি সূৰ্যগ্ৰহণ 2024(Surya Grahan 2024) ৰ কথা কওঁ তেনেহ’লে ক’ব পৰা যায় যে এই বৰ্ষত মুঠ দুটা সূৰ্যগ্ৰহণ দেখা যাব যাৰ প্ৰথমটো হ'ব খগ্ৰাস সূৰ্য্যগ্ৰহণ অৰ্থাৎ পূৰ্ণ সূৰ্য্যগ্ৰহণ আৰু দ্বিতীয় সূৰ্য্যগ্ৰহণটো হ'ব কংকণাকৃতি সূৰ্য্যগ্ৰহণ বা বলয়াকাৰ সূৰ্য্যগ্ৰহণ। আহক এতিয়া আমি এইবোৰৰ বিষয়ে বিতংভাৱে জানো:-

প্ৰথম সূৰ্য্যগ্ৰহণ 2024 - খগ্ৰাস সূৰ্য্যগ্ৰহণ
তিথি দিন তথা তাৰিখ

সূৰ্য্য গৰ্হণ প্ৰাৰম্ভ সময়

(ভাৰতীয় ষ্টেণ্ডাৰ্ড টাইম অনুসৰি)

সূৰ্য্য গৰ্হণ সমাপ্তি সময় দৃশ্যতাৰ ক্ষেত্ৰ

চ’ৎত মাহ কৃষ্ণ পক্ষ অমাৱস্যা তিথি

সোমবাৰ

8 এপ্ৰিল 2024

ৰাতি 21:12 বজাৰপৰা

ৰাতি 26:22 পৰ্য্যন্ত

(9 এপ্ৰিল 2024 ৰ পুৱা 02:22 বজা পৰ্য্যন্ত)

পশ্চিমী ইউৰোপ পেচিফিক, আটলাণ্টিক, আক্টিক মেক্সিকো, উত্তৰী আমেৰিকা (আলাস্কাকক বাদ দি), কানাডা, মধ্য আমেৰিকা, দক্ষিণ আমেৰিকাৰ উত্তৰী ভাগত, ইংলেণ্ডৰ উত্তৰ পশ্চিম ক্ষেত্ৰত, আয়াৰলেণ্ড

(ভাৰতত দৃশ্যমান নহয়)

নোট: যদি গ্ৰহণ 2024 (Grahan 2024) ৰ কথা ক’বলৈ যোৱা যায় তেনেহ’লে ওপৰোক্ত তালিকাত দিয়া সূৰ্য্যগ্ৰহণৰ সময় হৈছে ভাৰতীয় মানক সময়। ই হৈছে 2024 বৰ্ষৰ প্ৰথম সূৰ্য্যগ্ৰহণ যি খগ্ৰাস অৰ্থাৎ পূৰ্ণ সূৰ্যগ্ৰহণ হ'ব, কিন্তু ভাৰতত দৃশ্যমান নোহোৱাৰ বাবে ভাৰতত ইয়াৰ কোনো ধৰ্মীয় প্ৰভাৱ নপৰে বা ইয়াৰ সুতক কালক প্ৰভাৱশালী হিচাপেও গণ্য কৰা নহ'ব। ভাৰতৰ সকলো লোকে নিজৰ সকলো কাৰ্যকলাপ সুচাৰুৰূপে অব্যাহত ৰাখিব পাৰিব।

2024 বৰ্ষৰ প্ৰথম সূৰ্য্যগ্ৰহণ সোমবাৰে, 8 এপ্ৰিল 2024 তাৰিখে ৰাতি 09 বাজি 12 মিনিটত আৰম্ভ হ'ব আৰু মঙলবাৰ 9 এপ্ৰিল 2024 তাৰিখে মাজৰাতি 02 বাজি 22 মিনিট পৰ্য্যন্ত সংঘটিত হ'ব। ই এক পূৰ্ণ সূৰ্য্যগ্ৰহণ অৰ্থাৎ খগ্ৰাস সূৰ্য্যগ্ৰহণ হ'ব। ই মীন ৰাশি আৰু ৰেৱতী নক্ষত্ৰৰ মাজত আকাৰ ল'ব। মীন ৰাশি হৈছে দেৱ গুৰু বৃহস্পতিৰ ৰাশি যি হৈছে সূৰ্যৰ মিত্ৰ ৰাশি। এই দিনটোত সূৰ্য্যৰ সৈতে চন্দ্ৰ, শুক্ৰ আৰু ৰাহু একেলগে স্থিত হ'ব। চন্দ্ৰৰপৰা দ্বাদশ গৃহত শনি আৰু মঙ্গল স্থিত হ’ব তথা বুধ আৰু বৃহস্পতি দ্বিতীয় গৃহত স্থিত হ'ব। বিশেষভাৱে ৰেৱতী নক্ষত্ৰ আৰু মীন ৰাশিত জন্ম গ্ৰহণ কৰা ব্যক্তিসকল আৰু তেওঁলোকৰ সৈতে সম্পৰ্কিত ৰাষ্ট্ৰসমূহৰ বাবে এই সূৰ্য্যগ্ৰহণ সৰ্বাধিক প্ৰভাৱশালী হ'ব।

খগ্ৰাস সূৰ্য্যগ্ৰহণৰ 2024 ৰ প্ৰভাৱ

বছৰটোৰ প্ৰথমটো খগ্ৰাস সূৰ্য্যগ্ৰহণ চ’ত মাহৰ শুক্ল পক্ষৰ অমাৱস্যা তিথিত সোমবাৰে হ’ব। এই সূৰ্য্যগ্ৰহণৰ প্ৰভাৱৰ ফলস্বৰূপে বিশ্বৰ প্ৰেক্ষাপটত ডাঙৰ ডাঙৰ নেতাসকলে নিজৰ ব্যৱহাৰৰ বাবে গম্ভীৰ সমালোচনাৰ পাত্ৰ হ’ব পাৰে। তেওঁলোকৰ কাম কৰাৰ পদ্ধতিক বাৰে বাবে মানুহে বাৰে বাৰে বিচাৰ কৰিব আৰু তেওঁলোকৰ ওপৰত আৰোপ লগোৱা হ'ব। কিছুমান খঙাল ৰাজনীতিবিদৰ কাৰণে দেশত এক অশান্তিৰ পৰিৱেশে বিৰাজ কৰিব পাৰে, যিসকল অত্যন্ত অহংকাৰী হ'ব তেওঁলোকে যিকোনো স্তৰলৈ যাবলৈ সাজু হৈ থাকিব, যাৰ ফলত বিশ্বত অস্থিৰতাৰ পৰিৱেশ বৃদ্ধি পাব পাৰে। কোনো এগৰাকী নিৰ্দিষ্ট মহিলা ৰাজনীতিবিদৰ ওপৰতো কিছুমান আৰোপ লাগিব পাৰে। তেওঁ বিদ্বেষৰ সম্মুখীন হ'ব পাৰে। বৰ্তমান ক্ষমতাত থকা বিষয়াসকলে পৰিস্থিতি চম্ভালাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'ব। এই গ্ৰহণৰ প্ৰভাৱৰ ফলস্বৰূপে বিভিন্ন প্ৰকাৰৰ আয়ুৰ্বেদিক ঔষধ, ইউনানী ঔষধ, সোণ, বাণিজ্যিক সামগ্ৰী, ভেষজ পদাৰ্থ ব্যয়বহুল হোৱাৰ সম্ভাৱনা আছে।

ইয়াৰ উপৰিও, ৰহৰ দালি, মগু, তেল, ঘিউ, তিল, আফিম আদি ক’লা ৰঙৰ বস্তু মজুত থকা লোকসকল লাভাম্বিত হ'ব। বিদ্বান লোক আৰু সৈনিকসকলে কষ্ট ভুগিবলগীয়া হ’ব পাৰে। বিত্তীয় অপৰাধৰ সংখ্যা বৃদ্ধি পাব আৰু বেংকত জালিয়াতিৰ কাৰ্য্য বৃদ্ধি পাব আৰু অৰ্থনৈতিক অপৰাধ শীৰ্ষত থাকিব। এই গ্ৰহণৰ ফলস্বৰূপে বৰষুণো হ্ৰাস পাব পাৰে আৰু কিছুমান ঠাইত খাদ্যশস্যৰ ভঁৰাল নষ্ট হোৱাৰ বাবে আকাল সদৃশ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, যাৰ ফলত দুৰ্ভিক্ষৰ সমস্যাও হ'ব পাৰে। এই সূৰ্যগ্ৰহণৰ ফলত কৃষকসকল সমস্যাৰ সন্মুখীন হ'ব পাৰে আৰু সামুদ্ৰিক সামগ্ৰীৰ উৎপাদনো হ্ৰাস পাব পাৰে।

যদি জ্যোতিষশাস্ত্ৰৰ আধাৰত এই সূৰ্যগ্ৰহণৰ প্ৰভাৱৰ বিষয়ে ক’বলৈ যোৱা যায় তেনেহ’লে ক’ব পাৰি যে মেষ ৰাশিৰ লোকসকল আৰ্থিক ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'বলগীয়া হ’ব পাৰে। বৃষ ৰাশিৰ জাতকসকলৰ ধন লাভ হ’ব আৰু আপোনাৰ পৰিকল্পনাসমূহ সফল হোৱাৰ যোগ আছে। মিথুন ৰাশিৰ জাতকসকলে স্বাস্থ্যজনিত সমস্যা আৰু অসুবিধাৰ বিৰুদ্ধে নিজকে শক্তিশালী কৰিব তুলিবলৈ চেষ্টা কৰিব লাগিব। কৰ্কট ৰাশিৰ জাতকসকলে মানসিক চাপ অনুভৱ কৰাৰ বিপৰীতে সিংহ ৰাশিৰ জাতকসকলে বিভিন্ন প্ৰকাৰৰ লাভালাভ প্ৰাপ্ত কৰিব, যাৰ বাবে তেওঁলোক সুখী হ’ব। কন্যা ৰাশিৰ জাতকসকলৰ বৈবাহিক জীৱনত চাপ বৃদ্ধি হ'ব পাৰে আৰু ব্যৱসায়ত উত্থান-পতন আহিব পাৰে। তুলা ৰাশিৰ জাতকসকলক শাৰীৰিক সমস্যাই আমনি কৰিব পাৰে। বৃশ্চিক ৰাশিৰ জাতকসকলে কৰ্মক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি কাম কৰা উচিত, কাৰণ কাৰোবাৰপৰা কথা শুনাৰ আৰু অপমানিত হোৱাৰ পৰিস্থিতি হ'ব পাৰে। ধনু ৰাশিৰ জাতকসকলৰ কামত সফলতা লাভৰ যোগ আছে। মকৰ ৰাশিৰ জাতকসকল বিভিন্ন ধৰণৰ লাভালাভ প্ৰাপ্ত কৰি সন্তুষ্ট হ'ব আৰু কুম্ভ ৰাশিৰ জাতকসকল বিত্তীয় প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে। মীন ৰাশিৰ জাতকসকল মানসিক আৰু শাৰীৰিক সমস্যাৰ প্ৰতি সতৰ্ক হৈ থকা উচিত।

দ্বিতীয় সূৰ্য্যগ্ৰহণ 2024 - কংকণাকৃতি সূৰ্য্যগ্ৰহণ
তিথি দিন তথা তাৰিখ

সূৰ্য্য গ্ৰহণ প্ৰাৰম্ভ সময়

(ভাৰতীয় ষ্টেণ্ডাৰ্ড টাইম অনুসৰি)

সূৰ্য্য গ্ৰহণ সমাপ্তি সময় দৃশ্যতাৰ ক্ষেত্ৰ
আহিন মাহ কৃষ্ণ পক্ষ অমাৱস্যা

বুধবাৰ

2 অক্টোবৰ, 2024

ৰাতি

21:13 বজাৰপৰা

মাজৰাতি উপৰান্ত 27:17 বজা পৰ্য্যন্ত (3 অক্টোবৰৰ পুৱা 03:17 বজা পৰ্য্যন্ত)

দক্ষিণ আমেৰিকাৰ উত্তৰী ভাগ, প্ৰশান্ত মহাসাগৰ, আটলাণ্টিক, আৰ্কটিক, চিলী, পেৰু, হন’লুলু, এণ্টাৰ্কটিকা, আৰ্জেণ্টিনা, উৰুগুৱে, ব্যুনছ আয়াৰ্চ,বেকা আইলেণ্ড, ফ্ৰেন্স পলিনেছিয়া মহাসাগৰ, উত্তৰ আমেৰিকাৰ দক্ষিণ ভাগ ফিজী, নিউ চিলী, ব্ৰাজিল,মেক্সিকো, পেৰু

(ভাৰতত দৃশ্যমান নহয়)

নোট: যদি আপুনি গ্ৰহণ2024 (Grahan 2024) অনুসৰি লক্ষ্য কৰেতেনেহ’লে ওপৰোক্ত তালিকাত দিয়া সময় ভাৰতীয় মানক সময় অনুসৰি আছে। এই সূৰ্যগ্ৰহণো ভাৰততো দৃশ্যমান নহ'ব আৰু সেয়েহে ভাৰতত এই সূৰ্যগ্ৰহণৰ কোনো ধৰ্মীয় প্ৰভাৱ বা সুতক কাল প্ৰভাৱিত বুলি গণ্য কৰা নহ'ব আৰু সকলো লোকে নিজৰ নিজৰ কাম যথাযথভাৱে সম্পন্ন কৰিব পাৰিব।

এই গ্ৰহণটো 2024 বৰ্ষৰ দ্বিতীয় সূৰ্য্যগ্ৰহণ হ'ব যিটো কংকণাকৃতি সূৰ্য্যগ্ৰহণ হ’ব। ই 2 অক্টোবৰৰ ৰাতি বুধবাৰে নিশা 09 বাজি 13 মিনিটৰপৰা আৰম্ভ হ'ব আৰু বৃহস্পতিবাৰ 3 অক্টোবৰ 2024 তাৰিখে পুৱা 03 বাজি 17 বজালৈ আৰম্ভ থাকিব। এই সূৰ্য্যগ্ৰহণ কন্যা ৰাশি আৰু হস্ত নক্ষত্ৰত হ'ব। এই দিনটোত সূৰ্য্যৰ সৈতে চন্দ্ৰ, বুধ আৰু কেতু স্থিত হ'ব। ইয়াত দেৱগুৰু বৃহস্পতি আৰু মঙ্গল মহাৰাজৰ পূৰ্ণ দৃষ্টি পৰিব। সূৰ্যৰপৰা দ্বিতীয় গৃহত শুক্ৰ তথা ষষ্ঠ গৃহত শনি বিৰাজমান হ’ব। এই সূৰ্য্যগ্ৰহণ হস্ত নক্ষত্ৰ আৰু কন্যা ৰাশিত জন্ম গ্ৰহণ কৰা জাতকসকল আৰু দেশসমূহৰ বাবে বিশেষভাৱে প্ৰভাৱশালী প্ৰমাণিত হ'ব।

কংকণাকৃতি সূৰ্য্যগ্ৰহণ 2024 ৰ প্ৰভাৱ

2024 বৰ্ষৰ দ্বিতীয়টো সূৰ্য্যগ্ৰহণ বুধবাৰ 2 অক্টোবৰ 2024 বুধবাৰে আহিন মাহৰ কৃষ্ণ পক্ষৰ অমাৱস্যা তিথিত হ'ব। এই গ্ৰহণৰ প্ৰভাৱৰ ফলস্বৰূপে শস্যৰ ক্ষেত্ৰত ক্ষতি হ'ব পাৰে। বিশেষভাৱে ধান শস্য বেয়া হ'ব পাৰে। অৱশ্যে ভাল কথাটো হ'ল যে গ্ৰহণৰ ওপৰত দেৱগুৰু বৃহস্পতিৰ দৃষ্টিৰ বাবে কিছুমান ভাল ফলাফলো প্ৰাপ্ত হ'ব। পৃথিৱীলৈ কল্যাণ আহিব আৰু সমৃদ্ধিৰ অৱস্থা থাকিব। অৱশ্যে অত্যাধিক বৰষুণৰ কাৰণে কৃষিজাত সামগ্ৰীৰ ক্ষতি হ’ব পাৰে, তৎস্বত্বেও শস্যৰ মূল্য হ্ৰাস হ'ব পাৰে। সোণ, চুপাৰি, মজিদ, জোৱাৰ, বজৰা, লৱঙ্গ, আফিম, কপাহ, বুট আৰু ৰঙা ৰঙৰ বস্ত্ৰৰ ভাণ্ডাৰপৰা লাভ হ'ব। কপাহ, ঘিউ, তেল, বুট, চাউল, পিতল, সোণ, মগু আদি সামগ্ৰীৰ ক্ষেত্ৰত দ্ৰুত বিকাশৰ স্থিতি দেখা যাব। ইয়াৰ লগতে সূৰ্য্যগ্ৰহণৰ প্ৰভাৱৰ ফলস্বৰূপে বিশেষভাৱে সেইসকল লোক যিসকলে কোনো কাঠ বা আচবাবৰ কাম কৰে অৰ্থাৎ আচবাব নিৰ্মাতা বা তাৰ ব্যৱসায় কৰা লোকসকল, চিকিৎসক আৰু শিল্পীসকলৰ বাবে এই স্থিতি বিশেষভাৱে প্ৰভাৱশালী হ'ব। সমাজত অসামাজিক উপাদান বিশেষকৈ চোৰাং ব্যৱসায়ী আৰু চোৰৰ উপদ্ৰৱ বৃদ্ধি হ'ব পাৰে। বিভিন্ন দেশৰ চৰকাৰ, তেওঁলোকৰ শাসন আৰু তেওঁলোকৰদ্বাৰা কৰা অনীতিৰ বাবে জনসাধাৰণৰ ক্ষতি হ'ব পাৰে। মহামাৰীৰ পৰিস্থিতি উদ্ভৱ হ'ব পাৰে। ইয়াৰ উপৰিও বিভিন্ন দেশৰ মাজত ক্ষমতাৰ সংঘৰ্ষ আৰু যুদ্ধৰ বিভীষিকাৰ দৰে পৰিস্থিতিৰ ফলত উচ্চ স্থানত থকা শাসকসকল অত্যন্ত কঠিন পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে।

জ্যোতিষ শাস্ত্ৰ অনুসৰি, বিভিন্ন ৰাশিচিহ্নৰ ওপৰত এই কংকণাকৃতি সূৰ্য্যগ্ৰহণৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰিবলৈ গ’লে ক’ব পৰা যায় যে মেষ ৰাশিৰ লোকসকল স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আনহাতে বৃষ ৰাশিৰ লোকসকলে তেওঁলোকৰ আত্মসন্মানৰ সৈতে আপোচ কৰিবলগীয়া হ’ব পাৰে। মিথুন ৰাশিৰ লোকসকলে সকলো কামতে সফলতা লাভ কৰা যোগ আছে আৰু কৰ্কট ৰাশিৰ জাতকসকলে বিভিন্ন ধৰণৰ লাভালাভ প্ৰাপ্ত কৰিব। সিংহ ৰাশিৰ লোকসকল আৰ্থিক ক্ষতিৰ সন্মুখীন হ'ব পাৰে। কন্যা ৰাশিৰ জাতকসকল শাৰীৰিক সমস্যা আৰু আঘাতৰ সন্মুখীন হ'ব পাৰে। তুলা ৰাশিৰ জাতকসকলে বিভিন্ন বিষয়ত লোকচানৰ পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে। বৃশ্চিক ৰাশিৰ লোকসকলৰ ধন লাভ আৰু উপাৰ্জন বৃদ্ধিৰ যোগ আছে। ধনু ৰাশিৰ জাতকসকল সমস্যাৰ সন্মুখীন হ'ব পাৰে। মকৰ ৰাশিৰ জাতকসকলে মানসিক চিন্তাত ভুগিব পাৰে আনহাতে কুম্ভ ৰাশিৰ জাতকসকলে সকলো ধৰণৰ সুখ প্ৰাপ্ত কৰিব। মীন ৰাশিৰ জাতকসকলে পাৰিবাৰিক জীৱনত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব আৰু তেওঁলোকৰ ব্যৱসায়ত উত্থান-পতন আহিব পাৰে।

সূৰ্য্য গ্ৰহণ 2024 ৰ সুতক কাল

এতিয়ালৈকে আমি সূৰ্যগ্ৰহণ 2024 ৰ বিষয়ে বহু কথা জানিব পাৰিলোঁ কিন্তু এতিয়া আন এটা আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়ৰ বিষয়ে জানো আহক, সেয়া হৈছে সূৰ্যগ্ৰহণৰ সুতক কাল। সুতক কাল হৈছে সেই সময় য'ত কোনো শুভ কাম কৰাটো উচিত নহয়। সূৰ্য্যগ্ৰহণৰ বাবে সুতক কাল সূৰ্য্যগ্ৰহণৰ স্পৰ্শৰ সময়ৰ প্ৰায় চাৰি প্ৰহৰ পূৰ্বে আৰম্ভ হয় অৰ্থাৎ সূৰ্যগ্ৰহণ আৰম্ভ হোৱাৰ প্ৰায় বাৰ ঘণ্টা পূৰ্বে আৰু ই গ্ৰহণৰ মোক্ষ কাল অৰ্থাৎ গ্ৰহণৰ সমাপ্তিৰ সৈতে শেষ হয়। মন কৰিবলগীয়া কথাটো হ’ল যে সুতক কালৰপৰা গ্ৰহণৰ সমাপ্তিলৈকে কোনো শুভ কাম কৰিব নালাগে কিয়নো এনে কৰাৰ দ্বাৰা সেই শুভ কামত বাধা আহে। অৱশ্যে, যিবোৰ ঠাইত সূৰ্য্যগ্ৰহণ দৃশ্যমান নহয়, তাত সূৰ্য্যগ্ৰহণৰ কোনো সুতক সময় মান্য নহয় আৰু তাত থকা বাসিন্দাসকলে নিজৰ সকলোবোৰ কাম পূৰ্বৰ দৰে সম্পন্ন কৰিব পাৰে।

সূৰ্য্য গ্ৰহণ 2024 ৰ সময়ত এই কথাকেইটাৰ প্ৰতি দিয়ক বিশেষ মনোযোগ

এতিয়া আমি আপোনাক এনে কিছুমান বিশেষ কথা জনাবলৈ গৈ আছোঁ যিবোৰৰ সূৰ্য্য গ্ৰহণ 2024(Surya Grahan 2024) ৰ সময়ছোৱাত বিশেষ মনোযোগ ৰাখিব লাগিব আৰু যদি আপুনি এই সকলোবোৰ কথাৰ প্ৰতি মনোযোগ দিয়ে আৰু সেইবোৰ অনুসৰণ কৰে তেনেহ’লে আপুনি সূৰ্যগ্ৰহণৰ অশুভ প্ৰভাৱৰ পৰা নিজকে ৰক্ষা কৰিব পাৰিব। ইয়াৰ লগতে সূৰ্য্যগ্ৰহণৰ সময়ছোৱাত এনে কিছুমান বিশেষ কাম কৰাৰ দ্বাৰাও আপুনি উপকৃত হ'ব পাৰিব, গতিকে আহক জানি লওঁ সেই বিশেষ কথাবোৰ কি কি যিবোৰৰ প্ৰতি আপুনি মনোযোগ দিয়া উচিত:

সূৰ্য্য গ্ৰহম 2024 - গৰ্ভৱতী মহিলাৰ বাবে বিশেষ কথা

সূৰ্য্য গ্ৰহণৰ প্ৰভাৱে গৰ্ভৱতী মহিলাসকলক বিশেষভাৱে প্ৰভাৱিত কৰিব পাৰে সেয়েহে আমি আপোনাক এনে কিছুমান বিশেষ কথা জনাম যিবোৰৰ প্ৰতি গৰ্ভৱতী মহিলাসকলে সূৰ্য্যগ্ৰহণৰ সুতক কালপ আৰম্ভণি হোৱাৰপৰা সুতক কালৰ সমাপ্তি পৰ্য্যন্ত বিশেষভাৱে মনোযোগ দিয়া উচিত কিয়নো গৰ্ভৱতী মহিলাসকলৰ ওপৰত সূৰ্য্যগ্ৰহণৰ বিশেষ প্ৰভাৱ পৰিব পাৰে আৰু তেওঁৰ গৰ্ভত থকা সন্তানৰ ওপৰতো ইয়াৰ প্ৰভাৱ দৃষ্টিগোচৰ হ’ব পাৰে:

সূৰ্য্য গ্ৰহণ 2024 ৰ সুতক কালত কি কৰিব নালাগে

এতিয়ালৈকে আমি সূৰ্য্য গ্ৰহণ 2024 (Surya Grahan 2024) ৰ বিষয়ে সকলো জানিব পাৰিলোঁ, আহক এতিয়া এই কথা জানি লওঁ যে এনে কোনবোৰ কাম সূৰ্য্যগ্ৰহণৰ সুতক কালত আমি কেতিয়াও কৰিব নালাগে:

সূৰ্য্য গ্ৰহণ 2024 ৰ সুতক কালত কি কি কৰিব লাগে

উপৰোক্তবোৰ হৈছে এনে কাৰ্য্য যিবোৰ আপুনি গ্ৰহণৰ সুতক কালত কৰাটো উচিত নহয়। ইয়াৰ উপৰিও এনে কিছুমান কাৰ্য্য আছে যিবোৰ বিশেষভাৱে আপুনি সূৰ্য্যগ্ৰহণৰ সুতক কালত কৰিব লাগে। এনে কৰাৰদ্বাৰা আপুনি বিশেষ শুভ ফল প্ৰাপ্ত কৰিব পাৰিব। আহক তেনেহ’লে জানি লওঁ এনে কেতবোৰ বিশেষ কাৰ্য্য, যিবোৰ আপোনাক সূৰ্য্য গ্ৰহণ 2024 (Surya Grahan 2024)ৰ সুতক কালত কৰা উচিত:

আমি আশা কৰিছোঁ যে সূৰ্য্য গ্ৰহণ 2024 (Surya Grahan 2024) ৰ বিষয়ে প্ৰদান কৰা তথ্যসমূহৰদ্বাৰা আপুনি সন্তুষ্ট হ’ব আৰু আপোনাৰ বাবে যথেষ্ট প্ৰয়োজনীয় তথ্য হিচাপে প্ৰমাণিত হ’ব।

সকলো ধৰণৰ জ্যোতিষীয় সমাধানৰ বাবে ভিজিট কৰক: এষ্ট্ৰোছেজ অনলাইন শ্বপিং ষ্টোৰ

Talk to Astrologer Chat with Astrologer