যদিহে আপোনাৰ জন্ম কোনো মাহৰ 1, 10, 19 বা 28 তাৰিখে হৈছে তেনেহ’লে আপোনাৰ মূলাংক 1 হ’ব। এই সপ্তাহত আপুনি মিশ্ৰিত ফলাফল প্ৰাপ্ত কৰাৰ সম্ভাৱনা আছে। এই সপ্তাহত এনে কোনো ঘটনা সংঘটিত হ’ব পাৰে যিটো আপোনাৰ পছন্দ নহ’ব অথবা কোনো এনে ব্যক্তিৰ সৈতে কাম কৰিবলগীয়া হ’ব পাৰে বা তেওঁৰ অধীনত কাম কৰিবলগীয়া হ’ব পাৰে যাৰ সৈতে আপোনাৰ চিন্তাধাৰা নিমিলে।
অংক জ্যোতিষ অনুসৰিএনে পৰিস্থিতিত আপুনি পৰিৱেশৰ সৈতে নিজকে খাপ খুৱাবলৈ চেষ্টা কৰাটোৱেই আপোনাৰ বাবে ভাল হ’ব আৰু আপোনাৰ ভাগৰ কামখিনি সততাৰে কৰাটো উচিত হ’ব। আনে আপোনাৰ কামৰ প্ৰশংসা কৰে নে নকৰে তালৈ চকু নিদি নিষ্ঠাপূৰ্বকভাৱে নিজৰ কামবোৰ কৰিবলৈ চেষ্টা কৰক। আৰ্থিক দিশৰপৰা এই সপ্তাহটো আপোনাৰ বাবে ভাল হ’ব। ব্যৱসায়-বাণিজ্যত ধীৰ গতিৰেই সঠিক উন্নতি প্ৰাপ্ত কৰিব। দৰিদ্ৰ আৰু অভাৱী লোকৰ বিৰূদ্ধে কোনো কাম নকৰিব, বৰঞ্চ যথাসম্বৱ তেওঁলোকৰ সহায় কৰিবলৈ চেষ্টা কৰক।
উপায়: কোনো অভাৱী লোকক ভোজন কৰোৱাটো ভাল হ’ব।
যদিহে আপোনাৰ জন্ম কোনো মাহৰ 2, 11, 20 বা 29 তাৰিখে হৈছে তেনেহ’লে আপোনাৰ মূলাংক 2 হ'ব। সাধাৰণতে, এই সপ্তাহটো আপোনাৰ বাবে কিছু কঠিন হ'ব পাৰে। এই জটিলতাৰ আঁৰত আৱেগিক ভাৰসাম্যহীনতাও থাকিব পাৰে। অংক জ্যোতিষ অনুসৰি এই সপ্তাহত নিজকে আৱেগিক হোৱাৰ পৰা বাধা দিয়াটো ভাল হ’ব। আত্ম-নিয়ন্ত্ৰণ বজাই ৰাখিবলৈ চেষ্টা কৰক। একে সময়তে, আত্মনিৰ্ভৰশীল হৈও থাকক। যদি আপুনি আন কাৰোবাৰ ওপৰত নিৰ্ভৰ কৰে আৰু তেওঁ আপোনাৰ বিশ্বাস অনুসৰণ নকৰে, তেনেহ'লে আপুনি দুখী হ'ব আৰু আপুনি আৱেগিকভাৱে অসন্তুলিত হ'ব পাৰে। কাৰণ এই সপ্তাহত আপোনাৰ ভিতৰত ভাল শক্তি থাকিব। আপুনি কেৱল ইয়াক সন্তুলিত কৰি ৰাখিব পাৰিব লাগিব। এনে কৰাৰ দ্বাৰা, আপুনি আপোনাৰ কাম সম্পূৰ্ণ কৰিব পাৰিব আৰু ভাল ফলাফল প্ৰাপ্ত কৰিব পাৰিব।
গতিকে আন কাৰোবাৰ সলনি নিজৰ ওপৰত ভৰসা ৰাখক আৰু আগবাঢ়ি যাওক, তেনে কৰিলে আপোনাৰ কামবোৰ সম্পূৰ্ণ হ’ব আৰু আপুনি সুখী হ’ব। ভাই-বন্ধু আৰু মিত্ৰৰ সৈতে স্নেহপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰক। মাটি-বাৰী ইত্যাদিৰ সৈতে জড়িত সম্পৰ্কত নতুন ধৰণে হাত দিয়াটো ভাল নহ’ব। জুই বা বিজুলীৰ সৈতে সম্বন্ধিত কাম কৰা লোকসকলে এই সপ্তাহত সাৱধানতা অৱলম্বন কৰাটো ভাল হ’ব।
উপায়: হনুমান জীৰ মন্দিৰত ৰঙা ৰঙৰ ফল আগবঢ়াওক।
বৃহৎ কুণ্ডলী ত নিহিত হৈ আছে, আপোনাৰ জীৱনৰ সকলো গোপন ৰহস্য, জানক গ্ৰহসমূহৰ গতি-বিধিৰ সম্পূৰ্ণ লেখ-জোখ
যদিহে আপোনাৰ জন্ম কোনো মাহৰ 3, 12, 21 বা 30 তাৰিখে হ হৈছে তেনেহ’লে আপোনাৰ মূলাংক 3 হব। এই সপ্তাহটোৱে আপোনা মিশ্ৰিত ফল প্ৰদান কৰাৰ সম্ভাৱনা আছে। ফলাফল মধ্যমীয়াতকৈ উন্নতহও হ’ব পাৰে। আপুনি কোনো নতুন আঁচনিত কাম কৰাৰ কথা ভাবিব পাৰে। অংক জ্যোতিষ অনুসৰি পিতৃৰ সৈতে সম্বন্ধীয় ক্ষেত্ৰত আপুনি মধ্যমীয়া পৰিণাম লাভ কৰিব, অৱশ্যে কিছু অধিক প্ৰয়াস কৰিলে আৰু অধিক উন্নত ফলাফল প্ৰাপ্ত কৰিব। শাসন-প্ৰশাসনৰ সৈতে জড়িত বিষয়ত কোনো মধ্যস্থতাকাৰীৰ সহযোগত আপুনি ভাল ফলাফ লাভ কৰিব পাৰিব
ধৰ্ম-কৰ্মৰ বাবে এই সপ্তাহটো সাধাৰণভাৱে ভাল হ’ব। আপোনাৰ কোনো ধৰ্মীয় যাত্ৰালৈ যোৱাৰ ইচ্ছা হ’ব পাৰে। ঘৰ-পৰিয়াল বা কোনো সম্পৰ্কীয় ব্যক্তিৰ ঘৰত ধৰ্মীয় অনুষ্ঠানৰ আয়োজন হ’ব পাৰে। এই সপ্তাহত কোনো মহিলাৰ সৈতে বিবাদত লিপ্ত নহ’ব। মানুহক দেখুৱাবৰ বাবে ধন ব্যয় কৰাটো উচিত নহ’ব।
উপায়: মন্দিৰত গোটা ঘেঁহু দান কৰাটো শুভ হ’ব।
যদিহে আপোনাৰ জন্ম কোনো মাহৰ 4, 14, 22 বা 31 তাৰিখে হৈছে তেনেহ’লে আপোনাৰ মূলাংক 4 হ’ব। এনে পৰিস্থিতিত এই সপ্তাহটোৱে আপোনাক সৰ্বসাধাৰণ ফলাফল প্ৰদনা কৰিব। অৱস্যে কিছুমান ক্ষেত্ৰত জটিলতাৰ সম্মুখনী হ’ব পাৰে। শাসন-প্ৰশাসনৰ সৈতে জড়িত বিষয়ত কিছু কঠিনতা আহিব পাৰে বা কিছু বিলম্ব হ’ব পাৰে। কোনো মহিলা আদিৰ সৈতে সম্বন্ধিত বিষয়ত এনে স্থিতিৰ উৎপন্ন হ’ব পাৰে কিন্তু সৰ্বশেষত পৰিণাম আপোনাৰ পক্ষতেই হ’ব।
সম্পৰ্ক ৰক্ষা কৰিবৰ বাবে এই সপ্তাহটো ভাল হ’ব। বিশেষকৈ মাতাৰ সৈতে সম্পৰ্ক আৰু ভাল হ’ব পাৰে। প্ৰেমৰ সম্পৰ্কৰ বাবে এই সপ্তাহটো অনুকূল হ’ব। অংক জ্যোতিষ অনুসৰি যদিহে আপোনাৰ কাম অংশীদাৰিত্বৰ আৰু আপুনি নিজকে ভুল বুজাবুজিৰপৰা আতৰাই ৰাখিব পাৰে তেনেহ’লে এই সপ্তাহটোৱে যথেষ্ট ভাল ফলাফল প্ৰদান কৰিব পাৰে। ধৈৰ্য্য সহকাৰে কাম কৰিলে ফলাফল ভাল হ’ব।
উপায়: সোমবাৰ বা শুক্ৰবাৰে শিৱলিংগৰ ওপৰত গাখীৰ অৰ্পণ কৰক।
অনলাইন চফটৱেৰৰপৰা বিনামূলীয়া জন্ম কুণ্ডলী প্ৰাপ্ত কৰক
যদিহে আপোনাৰ জন্ম কোনো মাহৰ 5, 14 বা 23 তাৰিখে হৈছে তেনেহ’লে আপোনাৰ মূলাংক 5 হ’ব। সাধাৰণভাৱে এই সপ্তাহটোৱে আপোনাক উন্নত ফলাফল প্ৰদান কৰিব। আপুনি হৈছে সন্তুলন ৰক্ষা কৰি চলা মানুহ আৰু আপুনি এই সপ্তাহত কিছুমান অভিজ্ঞতাসম্পন্ন মানুহ লগ পাব পাৰে। সেই কাৰণে আপোনাৰ পৰিকল্পনাত যথেষ্ট কম ত্ৰুটি থাকিব বা ত্ৰুটি নাথাকিবয়ে। ফলস্বৰূপে আপুনি বিভিন্ন ক্ষেত্ৰত অভিজ্ঞতা প্ৰাপ্ত কৰিব। সামাজিক কামত ভাগ ল’বৰ বাবে এই সপ্তাহটোক যথেষ্ট ভাল হবুলি ক’ব লাগিব।
পৰোপকাৰ বা ধৰ্মৰ সৈতে জড়িত কামত আপুনি যথেষ্ট অন্তঃকৰণেৰে সৈতে অংশগ্ৰহণ কৰিব আৰু ইয়াৰ ইতিবাচক পৰিণামো আপুনি দেখা পাব। মানুহে আপোনাৰ প্ৰচেষ্টাৰ শলাগ ল’ব। অংক জ্যোতিষ অনুসৰি সৃষ্টিশীল কামৰ বাবে এই সপ্তাহটোক যথেষ্ট ভাল বুলি ক’ব লাগিব। শৈক্ষিক ব্যৱস্থাপনা বা বেংকিং খণ্ডৰ সৈতে জড়িত লোকসকলে ভাল পৰিণাম প্ৰাপ্ত কৰিব। বন্ধুত্ব ৰক্ষা কৰাৰ ক্ষেত্ৰত এই সপ্তাহটোৱে আপোনাক ভাল ফল প্ৰদান কৰাৰ সম্ভাৱনা আছে।
উপায়: আপুনি নিজৰ শিক্ষক বা গুৰুক লগ কৰি তেওঁৰপৰা আশীৰ্বাদ গ্ৰহণ কৰাটো শুভ হ’ব।
যদিহে আপোনাৰ জন্ম কোনো মাহৰ 6, 15 বা 24 তাৰিখে হৈছে তেনেহ’লে আপোনাৰ মূলাকং 6 হ’ব আৰু এই মূলাংকৰ জাতকসকলৰ বাবে এই সপ্তাহটোৱে মিশ্ৰিত ফল প্ৰদান কঢ়িয়াই অনাৰ সম্ভাৱনা আছে। অৰ্থাৎ কোনো গুৰুতৰ নেতিবাচকতাৰ সম্ভাৱনা নাই। লগতে সংখ্যাৰ এনেকুৱা সহযোগো প্ৰাপ্ত নহ’ব যে কম প্ৰচেষ্টাৰদ্বাৰাই ডাঙৰ কাম সম্পন্ন কৰিব পাৰিব। আপুনি যি স্তৰৰ প্ৰচেষ্টা কৰে তেন স্তৰৰেই পৰিণাম প্ৰাপ্ত কৰিব। বৰঞ্চ কিছু ওপৰঞ্চি প্ৰয়াস হে যোগ দিবলগীয়া হ’ব পাৰে।
এই সময়খিনিত কল্পনাৰ সলনি তথ্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰাটো ভাল হ’ব। কাৰো প্ৰলোভনৰ জালত নপৰিব আৰু তথ্যহীন কথাৰ ওপৰত বিশ্বাস নকৰিব। এনে কৰিলে আপুনি লোকচান হোৱাৰ ক্ষেত্ৰত বাধা দিব পাৰিব আৰু কষ্ট কৰি সন্তোষজনক ফল প্ৰাপ্ত কৰিবলৈ সক্ষম হ’ব। অৱশ্যে ইণ্টাৰনেট আদিৰ সৈতে জড়িত লোকসকলে ভাল ফলাফল প্ৰাপ্ত কৰিব।
আধুনিক সময়ত সৃষ্টিশীল বা ডিজিটেল ক্ৰিয়েটৰ হিচাপে কাম কৰা লোকসকলৰ কাম এই সপ্তাহত ভাইৰেল হ’ব পাৰে কিন্তু যিসকল লোক এই ধৰণৰ কামৰপৰা দূৰত থাকে তেওঁলোকে সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজন হ’ব। যেনে যদিহে কোনো চৰকাৰী কৰ্মচাৰীয়ে নৈতিকতাৰ ক্ষেত্ৰত আপোচ কৰে তেনেহ’লে মানুহে তেওঁৰ কৰ্ম ভাইৰেল কৰিব পাৰে। অৰ্থাৎ এইখিনি সময়ত প্ৰসিদ্ধি আৰু বদনাম দুয়োটাৰে যোগ আছে। অৰ্থাৎ আপোনাৰ কাম যেনেকুৱা তেনেকুৱা ফলাফল লাভ কৰিব।
উপায়: প্ৰৱাহিত পৱিত্ৰ পানীত জটা থকা নাৰিকল উটুৱাই দিয়াটো শুভ হ’ব।
যদিহে আপোনাৰ জন্ম কোনো মাহৰ 7, 16 বা 25 তাৰিখে হৈছে তেনেহ’লে আপোনাৰ মূলাংক 7 হ’ব আৰু আপোনাৰ বাবে এই সপ্তাহটো অনুকূল পৰিণামদায়ক হ’ব। কোনো ধৰণৰ ডাঙৰ ব্যৱধানৰ যোগ দেখা নাযায়। কেৱল ক্ৰোধ আৰু আৱেগৰ স্থিতিত কিছুমান সমস্যাই দেখা দিব পাৰে। যদিহে খৰধৰ, ক্ৰোধ আৰু গুৰুত্বহীন মনোভাৱ ত্যাগ কৰে তেনেহ’লে পৰিণাম সাধাৰণতে আপোনাৰ পক্ষতেই থাকিব। অংক জ্যোতিষ অনুসৰি এই সপ্তাহত আপুনি সন্তুলন ৰক্ষা কৰি চলিবলৈ প্ৰয়াস কৰিব আৰু যথেষ্ট ভাল ফল লাভ কৰিব। যদিহে আপুনি কোনো ধৰণৰ পৰিৱৰ্তনৰ কথা ভাবি আছে বা পৰিৱৰ্তনৰ বাবে চেষ্টা কৰি আছে তেনেহ’লে সেইক্ষেত্ৰত আপুনি সফলতা লাভ কৰিব। ইতিবাচক পৰিৱৰ্তন লাভ কৰিবৰ বাবে এই সপ্তাহটোক ভাল বুলি ক’ব লাগিব।
আমোদ-প্ৰমোদ আৰু মনোৰঞ্জনৰ বাবে এই সপ্তাহটোক অনুকূল ফল প্ৰদানকাৰী বুলি ক’ব পৰা যাব। নিজৰ আৰু অধিক বিকাশৰ বাবে, সম্পৰ্ক বঢঞাবৰ বাবে, ব্যৱসায়-বাণিজ্য় সম্প্ৰসাৰণ কৰিবৰ বাবে এই সপ্তাহটো অনুকূল হ’ব। কোনো মধ্যস্থতাকাৰীৰ বাবে আপোনাৰ কোনো কাম সম্পূৰ্ণ হ’ব পাৰে। শিক্ষাৰ্থীসকলে এই সপ্তাহত কোনো নতুন কথা শিকিবলৈ পাব। শিক্ষকসকলেও আপোনাক নিষ্ঠাৰে শিকাব। স্বাভাৱিকতে এনে পৰিস্থিতিত আপুনি ভাল ফলাফল প্ৰাপ্ত কৰিব পাৰিব। মুঠতে এই সপ্তাহটো আপোনাৰ বাবে ভাল হ’ব।
উপায়: গাই গৰুক সেউজীয়া ঘাঁহ খুৱাওক।
যদিহে আপোনাৰ জন্ম কোনো মাহৰ 8, 17 বা 26 তাৰিখে হৈছে তেনেহ’লে আপোনাৰ মূলাংক হ’ব 8 । এই মূলাংকৰ জাতকসকলে এই সপ্তাহত মজলীয়া বা মিশ্ৰিত ফলাফল লাভ কৰিব পাৰে। এই সপ্তাহত অধিকাংশ অংক বিৰোধত থাকিব পাৰে কিন্তু সংখ্যা 1ৰ বিৰোধে কিছুমান ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। এনে পৰিস্থিতিত আপুনি শাসন-প্ৰশাসনৰ সৈতে জড়িত ক্ষেত্ৰত কোনো ধৰণৰ অসাৱধানতা কৰাটো উচিত নহ’ব। ইয়াৰ উপৰিও পিতৃ বা পিতৃতুল্য ব্যক্তিৰ মাৰ্গদৰ্শন অনুসৰি কাম কাৰ উচিত। প্ৰত্যক্ষ বা পৰোক্ষ ৰূপত তেওঁৰ যাতে অনাদৰ নহয় তাৰ প্ৰতি আপুনি মনোযোগ ৰখা উচিত।
অংক জ্যোতিষ অনুসৰি ঘৰ-গৃহস্থীৰ বিষয়ত এই সপ্তাহটোক ভাল বুলি ক’ব পৰা যায়। ঘৰুৱা ব্যৱহাৰৰ সামগ্ৰী ক্ৰয় বা প্ৰাপ্ত কৰিবৰ বাবে সপ্তাহটো অনুকূল হ’ব। পাৰিবাৰিক ক্ষেত্ৰত আপুনি অনুকূল ফল লাভ কৰিব। পৰিয়ালৰ কোনো সদস্যৰ সহযোগিতাৰ বাবে আপুনি ভাল প্ৰয়াস কৰিব পাৰে। ফলস্বৰূপে পাৰিবাৰিক সম্পৰ্কত ঘনিষ্ঠতা দেখা পোৱা যাব। দাম্পত্য জীৱনৰ ক্ষেত্ৰত এই সপ্তাহটো ভাল হ’ব। বিবাহ আদিৰ সৈতে জড়িত কথা-বতৰা চলি আছে যদি এই সপ্তাহত সেই কথাবোৰে এক গতি লাব কৰিব।
আনহাতে বিবাহিত লোকসকলৰ দাম্পত্য জীৱন ভালে থাকিব। প্ৰেম জীৱনৰ বাবে সপ্তাহটো ভাল হ’ব। বিলাসীল সামগ্ৰী ক্ৰয় বা প্ৰাপ্ত কৰিবৰ বাবে সময়খিনি অনুকূল হ’ব। আপুনি নিজৰ চখৰ বস্তুবোৰ নিজৰ বাজেট চাই কিনিব পাৰে বা উপহাৰৰ ৰূপত লাভ কৰিব পাৰে। অৱশ্যে সংখ্যা 6 ৰ মধ্যমীয়া সহযোগ আছে, এনে পৰিস্থিতিত এই ক্ষেত্ৰবোৰত কোনো ৰিস্ক লোৱাটো উচিত নহ’ব। অৰ্থাৎ প্ৰয়োজনতকৈ অধিক ব্যয় কৰাটো উচিত নহ’ব। লগতে কোনো মহিলাৰ অসন্মান কৰাটোও উচিত নহ’ব। এই সাৱধানতাসমূহ অৱলম্বন কৰিলে আপোনাৰ অভিজ্ঞতা ভাল হ’ব।
উপায়: কোনো মহিলাক সৌভাগ্য সামগ্ৰী উপহাৰ দি তেওঁৰ আশীৰ্বাদ গ্ৰহণ কৰক।
নতুন বছৰত কেৰিয়াৰৰ যিকোনো দোমোজা কগ্নিএষ্ট্ৰো প্ৰতিৱেদন ৰ জৰিয়তে দূৰ কৰক
যদিহে আপোনাৰ জন্ম কোনো মাহৰ 9, 18 বা 27 তাৰিখে হৈছে তেনেহ’লে আপোনাৰ মূলাংক 9 হ’ব। এই সপ্তাহত আপুনি মিশ্ৰিত বা মধ্যমীয়া স্তৰৰ পৰিণাম লাভ কৰিব পাৰে। কেৱল সংখ্যা 6 ৰ উৰ্জা এই সপ্তাহত আপোনাৰ বাবে সিমান অনুকূল নহ’ব। বাকী সকলোবোৰ সংখ্যা আপোনাৰ বাবে অনুকূল হোৱাৰ সম্ভাৱনা আছে। গতিকে আপোমাৰ পুৰণি অভিজ্ঞতাৰপৰা শিক্ষা লৈ আপুনি আগবাঢ়ি যোৱা উচিত। এই সপ্তাহটোত আপুনি সত্যৰ অনুসন্ধান কৰিব পাৰিব। অৰ্থাৎ আপুনি যিকোনো বস্তুৰ ভাল বা বেয়া জানিব পাৰিব। নিজৰ লাভ বা লোকচনাৰ পূৰ্বনুমান কৰিব পাৰিব।
কোন ব্যক্তি আপোনাৰ হিতৈষী আৰু কোন আপোনাৰ শত্ৰু সেয়াও জানিব পাৰিব। ধৰ্ম-কৰ্ম আৰু আধ্যাত্মিকতাৰ ক্ষেত্ৰত এই সপ্তাহটো অনুকূল হ’ব। আপুনি কোনো ধৰ্মীয় যাত্ৰাত যোৱাৰ পৰিকল্পনা কৰি আছিল যদি তাত এতিয়া আপুনি সফল হ’ব। ঘৰ-পৰিয়াল বা কোনো সম্পৰ্কীয় ব্যক্তিৰ ঘৰত কোনো ধৰ্মীয় অনুষ্ঠানৰ আয়োজন হ’ব পাৰে। মুঠতে তথ্যৰ ওপৰত নিৰ্ভৰ কৰি সিদ্ধান্ত ল’লে এই সপ্তাহটো আপোনাৰ বাবে অনুকূল হ’ব।
আনহাতে কোনো অভাৱী লোকক বিশ্বাস কৰিলে আপোনাৰ লোকচানো হ’ব পাৰে অথবা আপুনি প্ৰৱঞ্চনাৰ বলি হ’ব পাৰে। অংক জ্যোতিষ অনুসৰি সময় অনুসৰি আচৰণ কৰি আপুনি নিজৰ পক্ষৰ ফলাফলৰ স্তৰ বৃদ্ধি কৰিব পাৰে। বিলাসিতাৰ সৈতে সম্বন্ধিত বস্তুত অৰ্থাৎ লাক্জাৰী বস্তুত আপুনি খৰ কৰিব পাৰে।
উপায়: ভগৱান গণেশক হালধীয়া ফুল অৰ্পণ কৰাটো শুভ হ’ব।
সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক: এষ্ট্ৰোচেজ অনলাইন শ্বপিং ষ্টোৰ
আমি আশা ৰাখিছোঁ যে আপুনি আমাৰ এই প্ৰৱন্ধটো নিশ্চয় ভাল পাইছে। এষ্ট্ৰোচেজৰ সৈতে জড়িত হৈ থকাৰ বাবে আপোনাক অশেষ ধন্যবাদ।
1. নম্বৰ 1 ৰ বাবে এই সপ্তাহটো কেনেকুৱা?
এই সপ্তাহটো তেওঁলোকৰ বাবে মজলীয়া পৰিণামদায়ক হ’ব।
2. 4 নম্বৰৰ বাবে এই সপ্তাহটো কেনেকুৱা হ’ব?
এই সপ্তাহটোৱে তেওঁলোকক মধ্যমীয়া স্তৰৰ ফল প্ৰদান কৰিব। অৱশ্যে কিছুমান ক্ষেত্ৰত জটিলতাৰ সম্মুখীন হ’ব পাৰে।
3. 2 নম্বৰৰ স্বামী কোন?
2 নম্বৰৰ স্বামী হৈছে চন্দ্ৰমা।