অংক জ্যোতিষ (04 মে’-10 মে’, 2025)

Author: Lobitha Dutta | Updated Tue, 08 Apr 2025 03:17 PM IST
কেনেদৰে জানিব নিজৰ মুখ্য অংক (মূলাংক)?

অংক জ্যোতিষ সাপ্তাহিক ভৱিষ্যতফল জনাৰ ক্ষেত্ৰত অংক জ্যোতিষ মূলাংকৰ যথেষ্ট ভূমিকা আছে। মূলাংকক জাতকৰ জীৱনৰ গুৰুত্বপূৰ্ণ সংখ্য হিচাপে বিবেচনা কৰা হয়। আপোনাৰ জন্ম মাহৰ যি তাৰিখে হয়, তাক একক অংকলৈ ৰূপান্তৰ কৰাৰ পিছত যি সংখ্যা প্ৰাপ্ত হয় তাকেই আপোনাৰ মূলাংক বুলি কোৱা হয়। মূলাংক 1 ৰপৰা 9 অংকৰ ভিতৰত যিকোনো হ’ব পাৰে, উদাহৰণস্বৰূপে- আপোনাৰ জন্ম কোনো মাহৰ 10 তাৰিখে হ’লে আপোনাৰ মূলাংক হ’ব 1+0 অৰ্থাৎ1 ।


এনেদৰে যি কোনো মাহৰ 1 তাৰিখৰপৰা 31 তাৰিখ পৰ্য্যন্ত জন্ম হোৱা মানুহৰ বাবে 1 ৰপৰা 9 পৰ্য্যন্ত মূলাংকৰ গণনা কৰা হয়। এইদৰে সকলো জাতকৰনিজৰ ৰুট নম্বৰ জানি লৈ তাৰ আধাৰত সাপ্তাহিক ৰাশিফলো জানিব পৰা যায়।

এয়াও পঢ়ক: ৰাশিফল 2025

পৃথিৱীৰ বিদ্বান অংক জ্যোতিষীসকলৰ সৈতে ফোনত কথা পাতক আৰু জানক কেৰিয়াৰ সম্বন্ধীয় সকলোবোৰ তথ্য

নিজৰ জন্মতিথিৰপৰা জানক সাপ্তাহিক অংক ৰাশিফল (04মে’ৰপৰা 10মে’2025)

আমাৰ জীৱনত অংকজ্যোতিষৰ পোণপটীয়া প্ৰভাৱ পৰে কাৰণ আমাৰ জন্ম তাৰিখেই সংখ্য়াৰদ্বাৰা প্ৰস্তুত হয়। তলত দিয়া লিখনীটোত অৱগত কৰা হৈছে যে সকলো ব্যক্তিৰ জন্ম তাৰিখিৰ হিচাপ মতে তেওঁৰ একমূলাংক নিৰ্দ্ধাৰিত কৰা হয় আৰু এই সকলোবোৰ অংক বেলেগ বেলেগ গ্ৰহৰদ্বাৰা শাসিত।

যেনেদৰে মূলাংক1 ত সূৰ্য্য দেৱৰ আধিপত্য থাকে। চন্দ্ৰমা হৈছে মূলাংক 2 ৰ স্বামী। অংক 3ত দেৱগুৰু বৃহস্পতি ৰ স্বামীত্ব থাকে, ৰাহু হৈছে অংক 4 ৰ ৰজা। অংক 5 বুধ গ্ৰহৰ অধীন। 6 অংকৰ ৰজা হৈছে শুক্ৰ দেৱ আৰু 7 অংকৰ হৈছে কেতু গ্ৰহৰ। শনি দেৱতাক 8 ৰ স্বামী হিচাপে মনা হয়। অংক 9 হৈছে মঙ্গল দেৱৰ অংক আৰু এই গ্ৰহসমূহৰ পৰিৱহনৰ পৰিৱৰ্তনৰদ্বাৰা জাতকসকলৰ জীৱনলৈ বহুতো পৰিৱৰ্তন আহে।

বৃহৎ কুণ্ডলী ত নিহিত হৈ আছে, আপোনাৰ জীৱনৰ সকলো গোপন ৰহস্য, জানক গ্ৰহসমূহৰ গতি-বিধিৰ সম্পূৰ্ণ লেখ-জোখ

মূলাংক 1

(যদিহে আপোনাৰ জন্ম কোনো এটা মাহৰ 1, 10, 19 বা 28 তাৰিখে হৈছিল)

মূলাংক 1 ৰ জাতকসকলক সিদ্ধান্ত ল’বলৈ সক্ষম হয় আৰু নিজৰ সিদ্ধান্ত অটল হৈ থাকে। এই জাতকসকল শৃংখলাৱদ্ধ হয়। নিজৰ লক্ষ্যত উপনীত হোৱাটো আৰু সেইবোৰত অটল হৈ থকাটো তেওঁলোকৰ মুখ্য উদ্দেশ্য।

প্ৰেম জীৱন: অংক জ্যোতিষ অনুসৰিএই সপ্তাহত আপুনি জীৱনসঙ্গীৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবৰ বাবে অধিক মিলা-মিছা কৰাৰ প্ৰয়োজনীয়তা আছে অন্যথা আপোনালোক দুয়োৰে মাজক বিবাদ হ’ব পাৰে। আপোনালোকৰ সম্পৰ্কৰ সুখ-শান্তি ভংগ হোৱাৰ আশংকা আছে।

শিক্ষা: এই সময়খিনিত শিক্ষাৰ্থীসকল পঢ়া-শুনাত কিছু দুৰ্বল হৈ পৰিব পাৰে। ভাল ফলাফল লাভ কৰিবৰ বাবে আপুনি অধ্যয়নত আৰু অধিক মনোনিৱেশ কৰিব লাগিব। এই সপ্তাহত আপোনাক অধ্যয়নৰ ক্ষেত্ৰত যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাটো পৰিহাৰ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰা হৈছে।

বৃত্তিগত জীৱন: চাকৰিয়াল জাতকসকল এই সপ্তাহত ভাল কাম কাৰৰ ক্ষেত্ৰত অসমৰ্থ হ’ব পাৰে। কামৰ হেঁচাৰ বাবে এনে হ’ব পাৰে। ব্যৱসায়ীসকলো সফল হোৱাত কিছু পিছ পৰি থাকিব পাৰে। ব্যৱসায়ীসকলে নিজৰ প্ৰতিদ্বন্দীসকলক কঠোৰ প্ৰতিদ্বন্দিতা দিব নোৱাৰিব পাৰে।

স্বাস্থ্য: এই সপ্তাহত আপোনাৰ স্বাস্থ্য সিমান ভালে নাথাকিব কাৰণ আপোনাৰ মূৰৰ বিষ হোৱাৰ সম্ভাৱনা আছে। উচ্চ ৰক্তচাপৰ বাবে এনে হ’ব পাৰে।

উপায়: শনিবাৰে শনি দেৱতাৰ বাবে যজ্ঞ-হোম কৰক।

উপায়: শনিবাৰে শনি দেৱতাৰ বাবে যজ্ঞ-হোম কৰক।

মূলাংক 2

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 2, 11, 20, 29 তাৰিখে হৈছে)

মূলাং 2 ৰ জাতকসকল দোমোজাত থকাৰ বাবে তেওঁলোকে লাহে-ধীৰে কাম কৰিব পাৰে। এই মূলাংকৰ জাতকসকলৰ এলাৰ্জী হোৱাৰ সম্ভাৱনা আছে। তেওঁলোকৰ ফুৰা-চকা আৰু যাত্ৰাৰ প্ৰতি আগ্ৰহ থাকে।

প্ৰেম জীৱন: আপুনি এই সপ্তাহত নিজৰ জীৱনসঙ্গীৰ সৈতে সততা ৰক্ষা নকৰাৰ সম্ভাৱনা আছে। ইয়াৰ কাৰণ আপোনাৰ সঙ্গীৰ প্ৰতি আপোনাৰ বিদ্বেষ হ’ব পাৰে যাৰ পৰা আপুনি আতৰি থকা উচিত।

শিক্ষা: এই সপ্তাহত শিক্ষাৰ্থীসকলে পঢ়া-শুনাত উন্নতি লাভ কৰাটো কিছু জটিল হ’ব। একাগ্ৰতাৰ অভাৱৰ বাবে আপুনি ভাল প্ৰদৰ্শন কৰাত পিছ পৰি থাকিব পাৰে। সফলতা লাভ কৰিবৰ বাবে আপুনি অধিক মনোযোগ কেন্দ্ৰিত কৰাৰ আৱশ্যকতা আছে।

বৃত্তিগত জীৱন: চাকৰিয়াল জাতকসকল ভাল প্ৰদৰ্শন কৰাত পিছ পৰি থাকিব পাৰে। আৰু এই কাৰণবশতঃ আপুনি সহজে সফলতা লাভ কৰাত কঠিনতাৰ সম্মুখীন হ’ব পাৰে। লগতে ব্যৱসায়ীসকলেও আশা কৰা মতে লাভ প্ৰাপ্ত কৰিব নোৱাৰিব পাৰে।

স্বাস্থ্য: এই সপ্তাহত আপুনি গভীৰ চাপৰ বাবে ভৰিৰ বিষৰ সম্মুখীন হ’ব পাৰে। ইয়াৰপৰা বাচি থাকিবৰ বাবে আপুনি ধ্যান কৰাৰ প্ৰয়োজনীয়তা আছে।

উপায়: সোমবাৰে চন্দ্ৰ দেৱতাৰ বাবে যজ্ঞ-হোম কৰক।

কেৰিয়াৰক লৈ হৈ আছে টেনশ্যন! এতিয়াই অৰ্ডাৰ কৰক কগ্নিএষ্ট্ৰো প্ৰতিৱেদন

মূলাংক 3

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 3, 12, 21, 30 তাৰিখে হৈছে)

এই সপ্তাহত মূলাংক 3 ৰ জাতকসকল অধিক মুকলি চিন্তাধাৰাৰ অধিকাৰী হ’ব। ইয়াৰ উপৰিও এইসকল জাতক নিজৰ ভৱিষ্যতক লৈ অধিক সচেতন হ’ব। তেওঁলোকৰ মনত অহংকাৰৰ ভাৱনা জাগ্ৰত হ’ব পাৰে।

প্ৰেম জীৱন: এই সপ্তাহত আপুনি নিজৰ জীৱনসঙ্গীক সুখী কৰি ৰাখিবলৈ সমৰ্থৱান হ’ব। আপোনালোক দুয়োৰে সম্পৰ্ক শক্তিশালী হোৱাৰ বাবে এয়া সম্ভৱপৰ হ’ব।

শিক্ষা: এই সপ্তাহত পঢ়া-শুনাৰ ক্ষেত্ৰত আপুনি যথেষ্ট ভাল উন্নতি কৰিব। আপুনি বৃত্তিগত পাঠ্যক্ৰম যেনে বিজনেচ এডমিনিষ্ট্ৰেশ্যন আৰু কষ্টিং আদিৰ দৰে বিষয় অধ্যয়ন কৰাৰ সুযোগ লাভ কৰিব পাৰে।

বৃত্তিগত জীৱন: এই সপ্তাহত আপুনি নিজৰ কৰ্মক্ষেত্ৰত সফতা লাভ কৰাৰ যোগ আছে। লগতে আপুনি চাকৰিৰ নতুন সুযোগ লাভ কৰি সুখী হ’ব। আপুনি অনচাইট চাকৰিৰ সুযোগ লাভ কৰিব পাৰে। এই সময়ছোৱাত ব্যৱসায়ীসকলে মোটা অংকৰ লাভ প্ৰাপ্ত কৰিবলৈ আৰু নিজৰ প্ৰতিদ্বন্দীসকলক পিছ পেলাবলৈ সক্ষম হ’ব।

স্বাস্থ্য: শাৰীৰিক স্বাস্থ্যৰ ক্ষেত্ৰত দেখা যায় যে এই সপ্তাহত আপুনি স্বাস্থ্যৱান আৰু শক্তিপূৰ্ণ অনুভৱ কৰিব। এই সময়খিনিত আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হোৱাৰ বাবে এয়া সম্ভৱ হ’ব।

উপায়: বৃহস্পতিবাৰে বৃহস্পতি গ্ৰহৰ বাবে পূজা কৰক।

মূলাংক 4

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 4, 13, 22, 31 তাৰিখে হৈছে)

এই সপ্তাহত4 ৰ জাতকসকলনিজৰ ভৱিষ্যতক লৈ জেদী আৰু উদ্যমী হয়। তেওঁলোকে নিজৰ জীৱনটো সাধাৰণভাৱে জীয়াবলৈ পছন্দ কৰে।

প্ৰেম জীৱন: এই সপ্তাহটো আপোনাৰ প্ৰেম জীৱনৰ বাবে ভাল হ’ব কাৰণ এইখিনি সময়ত আপোনাৰ সঙ্গীয়ে আপোনাৰ সৈতে ভাল সম্পৰ্ক বৰ্ত্তাই ৰাখিব। আপুনি আপোনাৰ সঙ্গীৰ বাবে অধিক আৱেগিক হ’ব পাৰে।

শিক্ষা: অংক জ্যোতিষ অনুসৰিবৃত্তিগত পাঠ্যক্ৰম যেনে ভিজুৱেল কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং, মেৰিন ইঞ্জিনিয়াৰিং আৰু মেকানিকেল ইঞ্জিনিয়াৰিং আদি বিষয়ৰ প্ৰতি আপোনাৰ আগ্ৰহ আহিব পাৰে।

বৃত্তিগত জীৱন: যদিহে আপুনি চাকৰি কৰে, তেনেহ’লে আপুনি এই সপ্তাহত সফলতাৰ প্ৰতি আগবাঢ়িব। আপুনি জটিল কাৰ্য্য কৰিও নিজৰ দক্ষতা বিকশিত কৰি সফলতা প্ৰাপ্ত কৰিব পাৰিব। ব্যৱসায়ীসকলৰ অধিক লাভ হোৱাৰ যোগ আছে।

স্বাস্থ্য: এই সময়খিনিত আপুনি শক্তিৰে পৰিপূৰ্ণ অনুভৱ কৰিব যাৰ ফলত আপোনাৰ স্বাস্থ্য উত্তম হ’ব। আত্মবিশ্বাস আৰু সাহসৰ বাবে আপুনি ফিট অনুভৱ কৰিব।

উপায়: দৈনিক 22 বাৰ 'ঔঁ দুৰ্গায় নমঃ' মন্ত্ৰ জপ কৰক।

মূলাংক 5

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 5, 14, 23 তাৰিখে হৈছে)

মূলাকং 5 ৰ জাতকসকলৰ মাজত অধিক বুদ্ধিমত্তাৰে সৈতে নিজৰ লক্ষ্য়ত শীঘ্ৰে উপনীত হোৱাৰ এটা জেদ থাকে। এই জাতকসকল বুদ্ধিমান হয়।

প্ৰেম জীৱন: আপুনি চেন্স অৱ হিউমাৰ আৰু পৰিপক্কতাৰদ্বাৰা নিজৰ সম্পৰ্কটো চম্ভালি ল’ব পাৰিব। ইয়াৰদ্বাৰা আপোনাৰ আৰু আপোনাৰ পাৰ্টনাৰৰ সম্পৰ্কটো শক্তিশালী হ’ব।

শিক্ষা: এই সপ্তাহত আপোনাৰ বুদ্ধিমত্তা বৃদ্ধি হ’ব যাৰ ফলত আপুনি উচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হ’ব। আপুনি পঢ়া-শুনাৰ ক্ষেত্ৰত অধিক বৃত্তিগত হ’ব পাৰে।

বৃত্তিগত জীৱন: আপুনি এই সময়খিনিত চাকৰিৰ নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে আৰু এনে সুযোগ লাভ কৰি আপুনি সুখী হ’ব। ব্যৱসায়ীসকলে সহজে অধিক লাভ প্ৰাপ্ত কৰিব পাৰিব আৰু নিজৰ প্ৰতিদ্বন্দীসকলক পিছ পেলাবলৈ সক্ষম হ’ব।

স্বাস্থ্য: এই সপ্তাহত আপোনাৰ স্বাস্থ্য ভালে থাকিব। আপোনাৰ সৰু-সুৰা স্বাস্থ্যজনিত সমস্যা যেনে স্নায়ুৰ সৈতে সম্বন্ধিত কোনো সমস্যা হ’ব পাৰে।

উপায়: আপুনি নিয়মিতভাৱে 41 বাৰ 'ঔঁ নমো ভগৱতে বাসুদেৱায় নমঃ' মন্ত্ৰ জপ কৰক।

আপোনাৰ কুণ্ডলীত আছে নেকি ৰাজযোগ? জানক আপোনাৰ ৰাজযোগ প্ৰতিৱেদন

মূলাংক 6

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 6, 15, 24 তাৰিখে হৈছে)

এই মূলাংকৰ জাতকসকল অধিক জেদী হ’ব পাৰে। এই জাতকসকলে সদায় আনন্দ উপভোগ কৰে আৰু নিজৰ আকাংক্ষাসমূহ পূৰণ কৰে তথা সেইবোৰক নিজৰ লক্ষ্য হিচাপে স্থিৰ কৰিব পাৰে।

প্ৰেম জীৱন: এই সপ্তাহত আপোনাৰ আৰু আপোনাৰ সঙ্গীৰ সম্পৰ্ক শক্তিশালী হ’ব আৰু আপোনালোকৰ সম্পৰ্ক আগতকৈ অধিক মধুৰ হ’ব। আপুনি প্ৰেমৰ ক্ষেত্ৰত ভাল ফল লাভ কৰাৰ সম্ভাৱনা আছে।

শিক্ষা: এই সময়ছোৱাত শিক্ষাৰ্থীসকল পঢ়া-শুনাৰ ক্ষেত্ৰত সমস্যাৰ সম্মুখীন নহয় আৰু লগতে নিজৰ সহপাঠীসকলতকৈ অধিক নম্বৰ লাভ কৰিবলৈ সক্ষম হ’ব। আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাতো সফলতা লাভ কৰিব পাৰে।

বৃত্তিগত জীৱন: এই সপ্তাহত চাকৰিয়াল জাতকসকলে নিজৰ বৃত্তিগত মনোভাৱৰ জৰিয়তে অধিক সফলতা লাভ কৰিব পাৰিব। আনহাতে ব্যৱসায়ীসকলে নিজৰ প্ৰতিদ্বন্দীতকৈ অধিক শপলতা প্ৰাপ্ত কৰিব।

স্বাস্থ্য: এই সপ্তাহত আপোনাৰ স্বাস্থ্য ভালে থাকিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হোৱাৰ বাবে এনে হ’ব পাৰে।

উপায়: দৈনিক 33 বাৰ 'ঔঁ ভাৰ্গৱায় নমঃ' মন্ত্ৰ জপ কৰক।

মূলাংক 7

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 7, 16, 25 তাৰিখে হৈছে)

এই সপ্তাহত মূলাংক 7 ৰ জাতকসকলে সিদ্ধান্তত অটল হৈ থাকিবলৈ পছন্দ কৰিব। এই জাতকসকলৰ আধ্যাত্মিক দৃষ্টিকোণ থাকিব পাৰে।

প্ৰেম জীৱন: এই সপ্তাহত আপোনাৰ আৰু আপোনাৰ সঙ্গীৰ মাজৰ পাৰস্পৰিক বুজাবুজিৰ অভাৱৰ বাবে আপুনি সম্পৰ্কত ভালদৰে আগবাঢ়িব নোৱাৰিব।

শিক্ষা: এই সময়খিনিত শিক্ষাৰ্থীসকলৰ একাগ্ৰতা হ্ৰাস পাব পাৰে যাৰ বাবে তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰত উন্নতি লাভ কৰাত অসমৰ্থ হ’ব পাৰে।

বৃত্তিগত জীৱন: এই সপ্তাহত চাকৰিয়াল জাতকসকলৰ হাতত অধিক দায়িত্বভাৰ ন্যস্ত হোৱাক বাবে কাম বোজা বৃদ্ধি পাব পাৰে। আনহাতে ব্যৱসায়ীসকলৰ ক্ষেত্ৰত ক’ব পাৰি যে, অধিক লাভ অৰ্জন কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ নেতৃত্ব দিয়া ক্ষমতাৰ অভাৱ হ’ব পাৰে।

স্বাস্থ্য: এই সময়ত এলাৰ্জীৰ কাৰণে শৰীৰত খজুৱতী বা ছাল ফুলি যোৱাৰ দৰে হ’ব পাৰে। আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও হ্ৰাস পাব পাৰে।

উপায়: আপুনি 41 বাৰ 'ঔঁ গণেশায় নমঃ' মন্ত্ৰ জপ কৰক।

কালসৰ্প দোষ প্ৰতিৱেদন – কাল সৰ্প যোগ কেলকুলেটৰ

মূলাংক 8

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 8, 17, 26 তাৰিখে হৈছে)

এই সপ্তাহত এই মূলাংকৰ জাতকসকলে সিদ্ধান্ত অটল হৈ চলিবলৈ পছন্দ কৰিব আৰু নিজৰ কামসমূহ অধিক নিপুণভালে কৰাৰ ওপৰত মনোযোগ কেন্দ্ৰিত কৰিব। এই জাতকসকল নিজৰ জীৱনৰ প্ৰত্যাহ্বানসমূহক লৈ অধিক সচেতন হৈ থাকে।

প্ৰেম জীৱন: এই সময়খিনিত আপুনি নিজৰ জীৱনসঙ্গীৰ সৈতে মিলা-মিছা বৰ্ত্তাই ৰখাত সমস্যাৰ সম্মুখীন হ’ব পাৰে আৰু ইয়াৰ কাৰণে আপোনালোকৰ সম্পৰ্কলৈ কিছু তিক্ততা আহিব পাৰে।

শিক্ষা: অধিক বৃত্তিগত ধৰণে অধ্যয়ন নকৰাৰ ফলত শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলে উন্নতি লাভ কৰিব নোৱাৰিব পাৰে। এই কাৰণবশতঃ আপোনাৰ হাতৰপৰা ভাল সুযোগ সৰকি যাব পাৰে।

বৃত্তিগত জীৱন: চাকৰিয়াল জাতকসকলৰ ওপৰত কামৰ হেঁচা বৃদ্ধি পাব পাৰে। ইয়াৰ কাৰণে আপুনি চিন্তিত হ’ব পাৰে আৰু এই ক্ষেত্ৰত আপুনি পৰিকল্পনা প্ৰস্তুত কৰি চলাৰ প্ৰয়োজনীয়তা আছে। আনহাতে ব্যৱসায়ীসকল নিজৰ প্ৰতিদ্বন্দীসকলতকৈ পিছ পৰি থাকিব পাৰে।

স্বাস্থ্য: এই সপ্তাহত আপোনাৰ তীব্ৰ মূৰৰ বিষ হ’ব পাৰে আৰু লগতে পেট বেয়া হ’ব পাৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱাৰ বাবে আপোনাৰ এনে হ’ব পাৰে।

উপায়: শনিবাৰে দৰিদ্ৰ লোকক দৈ আৰু ভাত খুৱাওক বা দান কৰক।

পাওক আপোনাৰ কুণ্ডলী আধাৰিত শনি প্ৰতিৱেদন

মূলাংক 9

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 9, 18, 27 তাৰিখে হৈছে)

এই মূলাকংৰ জাতকসকলে আধ্যাত্মিক কাৰ্য্যৰ বাবে অধিক যাত্ৰা কৰিবলগীয়া হ’ব পাৰে। এই জাতকসকল অধিক দৃঢ় সংকল্পৱদ্ধ হয়। ইয়াৰ উপৰিও এই জাতকসকলে নিজৰ সম্পৰ্কৰ ওপৰত অধিক মনোযোগ কেন্দ্ৰিত কৰে।

প্ৰেম জীৱন: এই সপ্তাহত আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ মাজৰ সম্পৰ্কৰপৰা সুখ-শান্তি ভংগ হ’ব পাৰে। আপোনাৰ সঙ্গীয়ে মিলা-মিছা নকৰাৰ বাবে এনে হ’ব পাৰে।

শিক্ষা: এই সপ্তাহত পঢ়া-শুনাৰ ক্ষেত্ৰত আপোনাৰ প্ৰদৰ্শন বেয়া হ’ব পাৰে আৰু এই কাৰণবশতঃ আপুনি ভাল নম্বৰ লাভ কৰিবলৈ অসমৰ্থ হ’ব পাৰে।

বৃত্তিগত জীৱন: চাকৰিয়াল জাতকসকলৰ ওপৰত কামৰ হেঁচা বৃদ্ধি পাব পাৰে আৰু এই কাৰণবশতঃআপোনাৰদ্বাৰা কোনো ত্ৰুটি হ’ব পাৰে। যদিহে আপুনি ব্যৱসায় কৰে তেনেহ’লে পুৰণি ৰণনীতিবোৰকে প্ৰয়োগ কৰি থকাৰ কাৰণে আপুনি সঠিক মাৰ্গদৰ্শন লাভ কৰিব নোৱাৰিব পাৰে।

স্বাস্থ্য: আপুনি এই সপ্তাহত গৰমৰ সৈতে সম্বন্ধিত কোনো সমস্যাৰ সম্মুখীন হ’ব পাৰে। ইয়াৰ উপৰিও আপোনাৰ মূৰ ঘূৰণি হ’ব পাৰে।

উপায়: মঙ্গলবাৰে মঙ্গল গ্ৰহৰ বাবে পূজা-অৰ্চণা কৰক।

সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক: অনলাইন শ্বপিং ষ্টোৰ

আমি আশা কৰিছোঁ যে আমাৰ এই প্ৰৱন্ধটো আপুনি নিশ্চয় ভাল পাইছে। যদিহে ভাল পাইছে তেনেহ’লে আপুনি ইয়াক নিজৰ শুভাকাংক্ষীসকলৰ সৈতে শ্যেয়াৰ কৰিব। ধন্যবাদ!

সঘনাই সোধা প্ৰশ্ন

1. অংক জ্যোতিষ কি?

ইয়াত অংকৰদ্বাৰা ভৱিষ্যতবাণী কৰা হয়।

2. অংক জ্যোতিষত কেনেদৰে কাম কৰা হয়?

ইয়াত জন্ম তিথিৰ আধাৰত উলিওৱা মূলাংকৰ ভিত্তিত জীৱনৰ সম্ভাৱনাসমূহৰ অনুসন্ধান কৰিব পৰা যায়।

3. অংক জ্যোতিষে ভৱিষ্যতবাণী কৰিব পাৰে নে?

হয়, অংক জ্যোতিষে কেৰিয়াৰ, স্বাস্থ্য আৰু প্ৰেম জীৱন আদিৰ বিষয়ে ভৱিষ্যতবাণী কৰিব পাৰে।

Talk to Astrologer Chat with Astrologer