যদিহে আপোনাৰ জন্ম কোনো মাহৰ 1, 10, 19 বা 28 তাৰিখে হৈছে তেনেহ’লে আপোনাৰ মূলাংক 1 হ’ব। এনে পৰিস্থিতিত এই সপ্তাহটোৱে আপোনাক অনুকূল ফল প্ৰদান কৰিব। আৱেগিক সম্পৰ্কৰ বাবে এই সপ্তাহটো যথেষ্ট ভাল প্ৰমাণিত হ’ব পাৰে। প্ৰেমৰ সম্পৰ্কৰ বাবে মৰ্যাদিত আচৰণ প্ৰয়োজনীয় হ’ব। আপুনি যদিহে ক’ৰবাত দূৰলৈ যাব বিচাৰে বা কোনো প্ৰকাৰৰ যাত্ৰাৰ পৰিকল্পনা কৰি আছে তেনেহ’লে এই সপ্তাহটোৱে আপোনাক ভাল ফল প্ৰদান কৰিব।
অংক জ্যোতিষ অনুসৰিকলা আৰু সাহিত্যৰ সৈতে জড়িত এই সপ্তাহত ভাল ফল লাভ কৰিব পাৰে। গাখীৰ আৰু পানীৰ ব্যৱসায় কৰা লোকসকলে ভাল লাভ উপাৰ্জন কৰিব পাৰিব। অংশীদাৰিত্বৰ কামত ভাল পৰিণাম লাভ কৰিব।
যদিহে আপুনি কোনো ধৰণৰ সৃষ্টিশীল কামৰ সৈতে জড়িত তেনেহ’লে এই সপ্তাহত য়থেষ্ট ভাল ফল লাভ কৰিব। মাতৃ আৰু মাতৃতুল্য মহিলাৰ মাধ্যমেৰেও আপুনি আৱেগিক সমৰ্থন লাভ কৰাৰ লগতে তেওঁলোকৰ মাৰ্গদৰ্শন আৰু আশীৰ্বাদ লাভ কৰিব।
উপায়: সোমবাৰ আৰু শুক্ৰবাৰে শিৱলিংগত গাখীৰ অৰ্পণ কৰাটো ভাল হ’ব।
যদিহে আপোনাৰ জন্ম 2, 11, 20 বা 29 তাৰিখে হৈছে তেনেহ’লে আপোনাৰ মূলাংক 2 হ’ব আৰু এনে অৱস্থাত আপুনি অনুকূল ফল লাভ কৰাৰ সম্ভাৱনা আছে। যদিহে আপুনি কোনো ধৰণৰ সামাজিক কাৰ্য্যৰ সৈতে জড়িত তেনেহ’লে আপুনি যথেষ্ট ভাল ফল ালভ কৰিব। ব্যৱস্থাপনা আৰু বেংকিং ক্ষেত্ৰৰ সৈতে জড়িত লোকসকলেও ভাল ফল লাভ কৰাৰ সম্ভাৱনা আছে। শিক্ষাৰ্থীসকলেও অনুকূল ফল প্ৰাপ্ত কৰিব পাৰিব।
যদিহে আপুনি কেইবাটাও স্থানত ধনৰ বিনিয়োগ কৰিছে তেনেহ’লে অংক জ্যোতিষ অনুসৰি এই সপ্তাহটোৱে সেই আঁচনিবোৰ আৰু অধিক উন্নত কৰাত সহায় কৰিব। কোনো জেষ্ঠ্য ব্যক্তিৰ মাৰ্গদৰ্শনৰদ্বাৰা আপুনি কামত নতুন উদ্যম লাভ কৰিব। যদিহে আপুনি খৰখেদাকৈ কাম কৰাটোক কিছু নিয়ন্ত্ৰণ কৰে তেতিয়া আপুনি ইতিবাচক ফল প্ৰাপ্ত কৰিব পাৰিব। সৃষ্টিশীল কামৰ বাবে এই সপ্তাহটো অনুকূল হ’ব। বন্ধুত্ব ৰক্ষা কৰাৰ বাবেও এই সপ্তাহটো ভাল হ’ব।
উপায়: আপোনাৰ শিক্ষক বা গুৰুৰপৰা আশীৰ্বাদ লওক।
বৃহৎ কুণ্ডলী ত নিহিত হৈ আছে, আপোনাৰ জীৱনৰ সকলো গোপন ৰহস্য, জানক গ্ৰহসমূহৰ গতি-বিধিৰ সম্পূৰ্ণ লেখ-জোখ
যদিহে আপোনাৰ জন্ম কোনো মাহৰ 3, 12, 21 বা 30 তাৰিখে হৈছে তেনেহ’লে আপোনাৰ মূলাংক 3 হ’ব। এনে স্থিতিত এই সপ্তাহটোৱে আপোনাক মিশ্ৰিত ফল প্ৰদান কৰিব পাৰে। এই সপ্তাহত আপোনাৰ চিন্তাত কিছু দোমোজা থাকিব পাৰে। কামৰ ক্ষেত্ৰত জটিলতা দেখা যাব। এনে পৰিস্থিতিত জৰুৰী কামৰ বাবে কিছু অতিৰিক্ত সময় লৈ চলাটো ভাল হ’ব। নিজৰ বিবেকৰ মতে সিদ্ধান্ত গ্ৰহণ কৰাটো আপোনাৰ বাবে ভাল হ’ব।
এই সপ্তাহত কোনো নতুন প্ৰয়োগ নকৰাটো আপোনাৰ বাবে ভাল হ’ব। এই সপ্তাহত এনে কোনো কাম নকৰিব যাৰ বাবে আপোনাৰ মান-সন্মানত কোনো ধৰণৰ হানি হ’ব পাৰে। এনে ব্যক্তি যি আপোনাক অপমানিত কৰিবৰ বাবে সুযোগ বিচাৰি থাকে তেনেকুৱা মানুহৰ সৈতে বিবাদত লিপ্ত হোৱাটো ভাল নহ’ব। কোনো ধৰণৰ অমৰ্যাদিত কাম নকৰিব। অৱশ্যে ইণ্টাৰনেট আদিৰ সৈতে জড়িত কাম কৰা লোকসকলে এই সপ্তাহত ভাল পৰিণাম লাভ কৰিব।
উপায়: বৈ থকা পৰিস্কাৰ পানীত জটা থকা নাৰিকল উটুৱাই দিয়ক।
যদিহে আপোনাৰ জন্ম কোনো মাহৰ 4, 14, 22 বা 31 তাৰিখে হৈছে তেনেহ’লে আপোনাৰ মূলাংক হ’ব 4। এনে স্থিতিত এই সপ্তাহটোৱে এই মূলাংকৰ জাতকসকলক কিছু পৰিমাণে অনুকূল ফল প্ৰদান কৰিব। যদিহে আপুনি ধৈৰ্য্য ধৰি কাম কৰে তেতিয়াহ’লে অধিকাংশ কামত কোনো ত্ৰুটি নাথাকিব আৰু আপুনি ভাল ফল লাভ কৰিব পাৰিব। এই সপ্তাহত আপোনাৰ সিদ্ধান্তৰ বিৰোধ কৰা লোক কমেই হ’ব। এই কাৰণবশতঃ আৰু বাধাৰহিত পথ লাভ কৰাৰ বাবে আপুনি কোনো বিশেষ সমস্যা অবিহনেই নিজৰ সকলোবোৰ কাম সম্পূৰ্ণ কৰিব পাৰিব। যদিহে আপুনি বৰ্তমান কোনো কাম কৰি আছে আৰু সেই কাম ডাঙৰ কৰিবৰ বাবে ভাবি আছে তেনেহ’লে এই সপ্তাহটোৱে আপোনাক বিস্তাৰ প্ৰদান কৰিব।
অৰ্থাৎ অংক জ্যোতিষ অনুসৰি যদিহে আপুনি নিজৰ কোনো কাম আগবঢ়াব বিচাৰে তেনেহ’লে এই সপ্তাহবত শেষলৈ আপোনাৰ মনোকামনা পূৰণ হ’ব। কোনো নতুন কাম আৰম্ভ কৰিবৰ বাবে এই সপ্তাহটো ভাল হ’ব। যদিহে কোনো ব্যক্তিৰ সৈতে কোনো জৰুৰী কথা পাতিব বিচাৰে তেনেহ’লে সেই কথা আগবঢ়াব পাৰে। কোনো পৰিৱৰ্তন কৰিব বিচাৰে যদি সেই পৰিৱৰ্তন আগবঢ়াব পাৰে। আমোদ-প্ৰমোদ বা মনোৰঞ্জনৰ বাবে এই সপ্তাহটো যথেষ্ট ভাল হ’ব।
উপায়: গাই গৰুক সেউজীয়া ঘাঁহ খুৱাওক।
অনলাইন চফটৱেৰৰপৰা বিনামূলীয়া জন্ম কুণ্ডলী প্ৰাপ্ত কৰক
যদিহে আপোনাৰ জন্ম কোনো মাহৰ 5, 14 বা 23 তাৰিখে হৈছে তেনেহ’লে আপোনাৰ মূলাংক হ’ব 5। এনে পৰিস্থিতিত এই সপ্তাহটোৱে আপোনাক মিশ্ৰিত ফল প্ৰদান কৰিব। এই সপ্তাহটোত পাৰিবাৰিক সম্পৰ্কৰ বাবে আপুনি সমৰ্পিত হৈ থাকিব। যদিহে আপুনি বিবাহিত তেনেহ’লে আপুনি জীৱনসঙ্গীৰ সৈতে ভাল সময় কটাব পাৰিব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰতো এই সপ্তাহত ভাল ফল লাভ কৰিব। বিবাহ আদিৰ সৈতে জড়িত কথা-বতৰা আগবঢ়াবৰ বাবে এই সপ্তাহটো অনুকূল হ’ব। বিশেষকৈ কোনো মহিলাৰ সৈতে বিবাদত লিপ্ত নহ’ব।
এনে অৱস্থাত নতুনকৈ ডেকা-গাভৰু হোৱা জাতকসকলে এই কথাৰ প্ৰতি মনোযোগ দিব লাগিব যে যদিহে আপোনাক কোনোবাই পছন্দ নকৰে নেতেহ’লে জোৰকৈ তেওঁক সৈমান কৰিবলৈ চেষ্টা নকৰিব। অৰ্থাৎ সামাজিক মৰ্যাদাৰ প্ৰতি গুৰুত্ব ৰাখি প্ৰেমপূৰ্বকভাৱে কাৰোবাক প্ৰেমৰ প্ৰসাতৱ দিব বিচাৰে যদি ৰিক্স ল’ব পাৰে অন্যথা অমৰ্যাদিত আচৰণ কৰাটো উচিত নহ’ব। আমোদ-প্ৰমোদ আৰু মনোৰঞ্জনৰ বাবে এই সপ্তাহটো অনুকূল ফলদায়ক হ’ব। লগতে শাসন-প্ৰশাসনৰ সৈতে জড়িত বিষয়ত এই সপ্তাহটোৱে ভাল ফল প্ৰদান কৰিব।
উপায়: কোনো স্ত্ৰীক সৌভাগ্য সামগ্ৰী উপহাৰ দি তেওঁৰ আশীৰ্বাদ লওক।
যদিহে আপোনাৰ জন্ম কোনো মাহৰ 6, 15 বা 24 তাৰিখে হৈছে তেনেহ’লে আপোনাৰ মূলাংক 6 হ’ব। এনে পৰিস্থিতিত আপুনি মজলীয়া ফলাফল লাভ কৰিব। এই সপ্তাহত আপুনি তিতা-মিঠা অভিজ্ঞতাও লাভ কৰিব পাৰে। এনে পৰিস্থিতিত আপুনি এয়া উপলব্ধি কৰিব পাৰিব যে কোন ব্যক্তি আপোনাৰ শুভচিন্তক আৰু কোন ব্যক্তিয়ে আপোনাৰ বাবে অশুভ চিন্তা কৰে। কোন ব্যক্তি প্ৰকৃততে আপোনাৰ মিত্ৰ আৰু কোন ব্যক্তিয়ে মিত্ৰ হোৱাৰ অভিনয় কৰে।
অংক জ্যোতিষ অনুসৰি ধৰ্ম-কৰ্ম আৰু আধ্যাত্মিকতাৰ সৈতে জড়িত বিষয়ৰ বাবে এই সপ্তাহটো অনুকূল ফলদায়ক হ’ব। এনে স্থিতিত আধ্যাত্মিক শক্তি বৃদ্ধি কৰিবৰ বাবে ইচ্ছা ৰখা ব্যক্তিসকলৰ বাবে সপ্তাহটো অনুকূল হ’ব। অৱশ্যে এই সময়খিনিত কোনো ধৰণৰ ৰিস্ক লোৱাটো উচিত নহ’ব। কোনো নতুম কাম কৰাটো বা নতুন প্ৰয়োগ কৰাটো উচিত নহ’ব।
পুৰণি কামসমূহ পুৰণা ধৰণে কৰাটোৱেই সঠিক হ’ব। কোনো অচিনাকী ব্যক্তিৰ ওপৰত ভৰসা কৰাটো সঠিক নহ’ব। যদিহে এই সাৱধানকাসমূহ আঁকোৱালি লয় তেনেহ’লে পৰিণাম আপোনাৰ পক্ষত থাকিব। অৰ্থাৎ সাৱধানতা অৱলম্বন কৰিলে আকাংক্ষিত ফলাফল লাভ কৰিব পাৰিব। অৱশ্যে অসাৱধানতাৰ স্থিতিত লোকচান হোৱাৰ সম্ভাৱনা আছে।
উপায়: ভগৱান গণেশক হালধীয়া ফুল অৰ্পণ কৰাটো শুভ হ’ব।
যদিহে আপোনাৰ জন্ম কোনো মাহৰ 7, 16 বা 25 তাৰিখে হৈছে তেনেহ’লে আপোনাৰ মূলাংক 7 হ’ব। এনে স্থিতিত এই সপ্তাহটোৱে আপোনাৰ বাবে অনুকূল ফল প্ৰদান কৰিব। কেৱল ক্ৰোধ অধিক হোৱাৰ বাবে কোনো কাম নষ্ট হ’ব পাৰে। এনে পৰিস্থিতিত নিজৰ ক্ৰোধৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিবলৈ চেষ্টা কৰক।
আন বিষয়বোৰত আপুনি মোটামোটি ভাল ফল লাভ কৰিব। বিশেষকৈ আৰ্থিক দিশত ধৈৰ্য্য ধৰিলে ভাল ফল লাভ কৰাৰ সম্ভাৱান আছে। কাৰোবাক ধাৰলৈ দিয়া ধন কিছু চেষ্টাৰ পিছত ঘূৰাই পাব। এই সপ্তাহটোৱে আপোনাৰ আত্মবিশ্বাস আৰু শক্তি বৃদ্ধি কৰিব। ধৈৰ্য্য সহকাৰে কোনো নতুন প্ৰয়োগো এই সপ্তাহত কৰিব পাৰে। যদিহে আপুনি ব্যৱসায়ী তেনেহ’লে আপোনাৰ কাৰ্য্যপন্থাত কোনো নতুনত্ব দেখা পোৱা যাব।
ক্ৰোধ আৰু খৰধৰকৈ কৰাৰ স্বভাৱ এই সপ্তাহৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা হ’ব পাৰে। সেয়েহে ইয়াৰপৰা বাচি থকাৰ প্ৰয়াস কৰক। আপুনি জেদী স্বভাৱৰ ব্যক্তি নহয় কিন্তু তৎস্বত্বেও আপুনি এই সপ্তাহত কোনো কথাত জেদ কৰিব পাৰে।
উপায়: কোনো অভাৱী লোকক ভোজন কৰাওক।
যদিহে আপোনাৰ জন্ম কোনো মাহৰ 8, 17 বা 26 তাৰিখে হয়, তেনেহ'লে আপোনাৰ মূলাংক হ'ব 8। যদিও এই সপ্তাহটোৱে আপোনাক মিশ্ৰিত ফলাফল প্ৰদান কৰিব যেন লাগে, কিন্তু অসাৱধানতাৰ বাবে ফলাফলবোৰ মধ্যমীয়াতকৈ দুৰ্বল হ'ব পাৰে। যদিও এই সপ্তাহটো অসম্পূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰাত সহায়ক হ'ব পাৰে, কিন্তু কিবা কাৰণত আপুনি এনে কৰাত পিছ পৰি থাকিব পাৰে। সেই কাৰণ বিচাৰি উলিওৱাটো আৰু সেই অভাৱ দূৰ কৰাটো প্ৰয়োজন হ'ব; ইয়াৰ পিছতহে বাকী থকা কামবোৰ সম্পূৰ্ণ কৰক।
অংক জ্যোতিষ অনুসৰি এই সপ্তাহত আলস্যতাৰপৰা দূৰত থাকিব লাগিব। লগতে খৰখেদা কৰাৰপৰাও বিৰত থাকিব লাগিব। সনতুলন ৰক্ষা কৰি আগবাঢ়ক তেতিয়াহে কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব। ভাই-বন্ধু আৰু মিত্ৰৰ সৈতে সম্পৰ্ক যাতে বেয়া নহয় তাৰ প্ৰতি মনোযোগ ৰাখক। এনেদৰে কিছু সাৱধানতা অৱলম্বন কৰিলে আপুনি নিজৰ কামবোৰ সম্পন্ন কৰিব পাৰিব আৰু উন্নত ফল লাভ কৰিব পাৰিব আৰু নেতিবাচক ফলৰ স্তৰ হ্ৰাস কৰিব পাৰিব।
যদিহে আপুনি মাটি-বাৰীৰ সৈতে জড়িত কোনো কাম কৰে তেনেহ’লে এই সপ্তাহত তেনে ক্ষেতৰ্ত কোনো অসাৱধান কাম নকৰিব আৰু কোনো ব্যক্তিৰ ওপৰত প্ৰয়োজনতকৈ অধিক ভৰসা নকৰিব। বাহন ইত্যাদি চলোৱাৰ সময়ত গতিৰ ওপৰত সংযম ৰাখক। অযথা যাত্ৰা পৰিহাৰ কৰক।
উপায়: হনুমান মন্দিৰত ৰঙা ফল আগবঢ়োৱাটো শুভ হ’ব।
নতুন বছৰৰ কোনো দোমোজা কগ্নিএষ্ট্ৰো প্ৰতিৱেদন ৰদ্বাৰা দূৰ কৰক
যদিহে আপোনাৰ জন্ম কোনো মাহৰ 9, 18 বা 27 তাৰিখে হৈছে তেনেহ’লে আপোনাৰ মূলাংক 9 হ’ব। সাধাৰণভাৱে আপুনি মিশ্ৰিত ফল লাভ কৰিব কিন্তু মধ্যমীয়াতকৈ কিছু উন্নত ফলাফলো প্ৰাপ্ত কৰিব পাৰিব। ক্ৰেধ আৰু অহংকাৰৰপৰা দূৰত থাকক। আনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰক। ইয়াৰ পিছত অনুকূল পৰিণামৰ প্ৰতীক্ষা কৰিব লাগিব। এই সপ্তাহটো কোনো নতুন কাম আৰম্ভ কৰিবৰ বাবে ভাল হ’ব। চাকৰিৰ সন্ধানত থকা লোকসকলে চাকৰি পোৱাৰ সম্ভাৱনা আছে। চৰকাৰী চাকৰিৰ প্ৰস্তুতি চলাই থকাসকলে ইতিবাচক ফল লাভ কৰিব।
যদিহে এই সময়খিনিত কোনো পৰীক্ষাৰ আয়োজন হয় তেনেহ’লে তাত আপোনাৰ প্ৰদৰ্শন ভাল হ’ব। শাসন প্ৰশাসনৰ সৈতে জড়িত বিষয়ত এই সপ্তাহত অনুকূল ফল লাভ কৰিব। যদিহে এই সপ্তাহত কোনো মীমাংসা আহে তেনহ’লে সেই মীনাংসা আপোনাৰ পক্ষত হোৱাৰ সম্ভাৱনা আছে। যদিহে আপোনাৰ পিতৃৰ স্বাস্থ্য বেয়া হৈ আছে তেনেহ’লে এই সপ্তাহত তেওঁৰ স্বাস্থ্য়ৰ শুধৰণি হ’ব পাৰে। মুঠতে এই সপ্তাহটো আপোনাৰ বাবে মোটামোটি ভাল হ’ব। মাত্ৰ ক্ৰোধ আৰু অহংকাৰৰপৰা আতৰি থাকিবলৈ চেষ্টা কৰক। লগতে কোনো জেষ্ঠ্য ব্যক্তিৰ মাৰ্গদৰ্শনো আৱশ্যকীয় হ’ব।
উপায়: মন্দিৰত গোটা ঘেঁহু দান কৰক।
সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক: অনলাইন শ্বপিং ষ্টোৰ
আমি আশা কৰিছোঁ যে আমাৰ এই প্ৰৱন্ধটো আপুনি নিশ্চয় ভাল পাইছে। এষ্ট্ৰোচেজৰ সৈতে সংযুক্ত হৈ থকাৰ বাবে আপোনাক অশেষ ধন্যবাদ!
1. মূলাংক 5 ৰ বাবে এই সপ্তাহটো কেনে হ’ব?
এই সপ্তাহটোত তেওঁলোক চিন্তাত কিছু দোমোজা আহিব পাৰে আৰু কামত জটিলতা আহিব পাৰে।
2. 8 মূলাংকৰ বাবে এই সপ্তাহটো কেনে হ’ব?
এই সপ্তাহটো তেোঁলোকৰ বাবে অনুকূল ফলদায়ক হ’ব।
3. 2 নম্বৰৰ স্বামী কোন?
অংকজ্যোতিষ অনুসৰি মূলাংক 2 ৰ স্বামী হৈছে চন্দ্ৰমা।