অংক জ্যোতিষ সাপ্তাহিক ভৱিষ্যতফল জনাৰ ক্ষেত্ৰত অংক জ্যোতিষ মূলাংকৰ যথেষ্ট ভূমিকা আছে। মূলাংকক জাতকৰ জীৱনৰ গুৰুত্বপূৰ্ণ সংখ্য হিচাপে বিবেচনা কৰা হয়। আপোনাৰ জন্ম মাহৰ যি তাৰিখে হয়, তাক একক অংকলৈ ৰূপান্তৰ কৰাৰ পিছত যি সংখ্যা প্ৰাপ্ত হয় তাকেই আপোনাৰ মূলাংক বুলি কোৱা হয়। মূলাংক 1 ৰপৰা 9 অংকৰ ভিতৰত যিকোনো হ’ব পাৰে, উদাহৰণস্বৰূপে- আপোনাৰ জন্ম কোনো মাহৰ 10 তাৰিখে হ’লে আপোনাৰ মূলাংক হ’ব 1+0 অৰ্থাৎ1 ।
এনেদৰে যি কোনো মাহৰ 1 তাৰিখৰপৰা 31 তাৰিখ পৰ্য্যন্ত জন্ম হোৱা মানুহৰ বাবে 1 ৰপৰা 9 পৰ্য্যন্ত মূলাংকৰ গণনা কৰা হয়। এইদৰে সকলো জাতকৰনিজৰ ৰুট নম্বৰ জানি লৈ তাৰ আধাৰত সাপ্তাহিক ৰাশিফলো জানিব পৰা যায়।
এয়াও পঢ়ক: ৰাশিফল 2025
পৃথিৱীৰ বিদ্বান অংক জ্যোতিষীসকলৰ সৈতে ফোনত কথা পাতক আৰু জানক কেৰিয়াৰ সম্বন্ধীয় সকলোবোৰ তথ্য
আমাৰ জীৱনত অংকজ্যোতিষৰ পোণপটীয়া প্ৰভাৱ পৰে কাৰণ আমাৰ জন্ম তাৰিখেই সংখ্য়াৰদ্বাৰা প্ৰস্তুত হয়। তলত দিয়া লিখনীটোত অৱগত কৰা হৈছে যে সকলো ব্যক্তিৰ জন্ম তাৰিখিৰ হিচাপ মতে তেওঁৰ একমূলাংক নিৰ্দ্ধাৰিত কৰা হয় আৰু এই সকলোবোৰ অংক বেলেগ বেলেগ গ্ৰহৰদ্বাৰা শাসিত।
যেনেদৰে মূলাংক1 ত সূৰ্য্য দেৱৰ আধিপত্য থাকে। চন্দ্ৰমা হৈছে মূলাংক 2 ৰ স্বামী। অংক 3ত দেৱগুৰু বৃহস্পতি ৰ স্বামীত্ব থাকে, ৰাহু হৈছে অংক 4 ৰ ৰজা। অংক 5 বুধ গ্ৰহৰ অধীন। 6 অংকৰ ৰজা হৈছে শুক্ৰ দেৱ আৰু 7 অংকৰ হৈছে কেতু গ্ৰহৰ। শনি দেৱতাক 8 ৰ স্বামী হিচাপে মনা হয়। অংক 9 হৈছে মঙ্গল দেৱৰ অংক আৰু এই গ্ৰহসমূহৰ পৰিৱহনৰ পৰিৱৰ্তনৰদ্বাৰা জাতকসকলৰ জীৱনলৈ বহুতো পৰিৱৰ্তন আহে।
বৃহৎ কুণ্ডলী ত নিহিত হৈ আছে, আপোনাৰ জীৱনৰ সকলো গোপন ৰহস্য, জানক গ্ৰহসমূহৰ গতি-বিধিৰ সম্পূৰ্ণ লেখ-জোখ
(যদিহে আপোনাৰ জন্ম কোনো এটা মাহৰ 1, 10, 19 বা 28 তাৰিখে হৈছিল)
এই মূলাংকৰ জাতকসকলে অধিক সাহসী আৰু দৃঢ় সংকল্পৱদ্ধ হয়। সাধাৰণতে এইসকল জাতকে সিদ্ধান্তত থাকি আগবাঢ়িবলৈ পছন্দ কৰে।
প্ৰেম জীৱন: এই সপ্তাহত আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ সম্পৰ্ক মধুৰ হ’ব আৰু আপোনালোকৰ সম্পৰ্ক শক্তিশালী হ’ব। ইয়াৰ ফলস্বৰূপে আপুনি নিজৰ সঙ্গীৰ আৰু অধিক কাষ চাপি যাব।
শিক্ষা : এই সময়খিনিত আপুনি শিক্ষাৰ ক্ষেত্ৰত অধিক সফলতা অৰ্জন কৰিব আৰু ইয়াৰ ফলস্বৰূপে আপোনাৰ দক্ষতাও বৃদ্ধি হোৱা দেখা যাব।
বৃত্তিগত জীৱন: এই সপ্তাহত আপুনি নিজৰ কামক লৈ দায়ৱদ্ধ হৈ থকাৰ কাৰণে কৰ্মক্ষেত্ৰত সফলতা প্ৰাপ্ত কৰিব পাৰিব। লগতে ব্যৱসায়ীসকলৰ ভাল লাভ প্ৰাপ্ত কৰাৰ যোগ আছে।
স্বাস্থ্য: এই সময়খিনিত আপুনি শাৰীৰিকভাৱে ফিট আৰু দৃঢ় হৈ থকাৰ কাৰণে আপোনাৰ স্বাস্থ্য ভালে থাকিব।সুখী হৈ থ থকাৰ কাৰণে আপুনি সতেজ অনুভৱ কৰিব।
উপায়: দৈনিক 19 বাৰ 'ঔঁ ভাস্কৰায় নমঃ' মন্ত্ৰ জপ কৰক।
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 2, 11, 20, 29 তাৰিখে হৈছে)
এই মূলাংকৰ জাতকসকল সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত কিছু অস্থিৰ হ’ব পাৰে আৰু ই আপোনাৰ বিকাশত বাধাৰ সৃষ্টি কৰিব পাৰে। এই সপ্তাহৰ বাবে আপুনি পৰিকল্পনা প্ৰস্তুত কৰাৰ আৰু অনুকূল ফল লাভৰ আশাৰে আগবঢ়াৰ প্ৰয়োজন আছে।
প্ৰেম জীৱন: এই সপ্তাহত আপুনি নিজৰ জীৱনসঙ্গীৰ সৈতে আগবাঢ়ি যোৱাত কিছু দোমোজা হ’ব পাৰে। এই দোমোজাৰ বাবে আপোনালোকৰ মাজলৈ ব্যৱধান আহিব পাৰে।
শিক্ষা: এই সপ্তাহত শিক্ষাৰ্থীসকল পঢ়া-শুনাৰ ক্ষেত্ৰত কিছু পিছ পৰি থাকিব পাৰে। ভাল প্ৰদৰ্শন কৰা স্বত্বেও আপুনি নিজৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত ব্যৰ্থ হ’ব পাৰে। উচ্চ শিক্ষাৰ বাবে এই সপ্তাহটো সিমান ভাল নহ’ব।
বৃত্তিগত জীৱন: এই সপ্তাহত চাকৰিয়াল জাতকসকলৰ প্ৰদৰ্শন কিছু দুৰ্বল হ’ব পাৰে। এই কাৰণবশতঃ আপোনাৰ হাতৰপৰা বহুতো নতুন আৰু ভাল সুযোগ হেৰাব পাৰে। যদিহে আপুনি ব্যৱসায় কৰে তেনেহ’লে আপুনি নিজৰ প্ৰতিদ্বন্দীসকলৰ ভুল ৰণনীতিৰ চিকাৰ হ’ব পাৰে। এই কাৰবশতঃ আপোনাৰ লোকচান হ’ব পাৰে।
স্বাস্থ্য: ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱাৰ বাবে আপোনাৰ জোৰত মূৰ বিষাব পাৰে। আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ মনোযোগ ৰখা উচিত।
উপায়: মঙ্গলবাৰে মা দুৰ্গাৰ বাবে যজ্ঞ-হোম কৰক।
কেৰিয়াৰক লৈ হৈ আছে টেনশ্যন! এতিয়াই অৰ্ডাৰ কৰক কগ্নিএষ্ট্ৰো প্ৰতিৱেদন ।
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 3, 12, 21, 30 তাৰিখে হৈছে)
এই মূলাংকৰ জাতকসকল মুকলি চিন্তাধাৰাৰ অধিকাৰী হয়। ইয়াৰ বাবে তেওঁলোক আগবাঢ়ি যাবলৈ সক্ষম হয়।
প্ৰেম জীৱন: এই সপ্তাহত আপুনি নিজৰ জীৱনসঙ্গীৰ সৈতে ঘূৰাই-পকাই কথা কোৱাৰ সলনি পোণপটীয়াকৈ কথা পাতিবলৈ পছন্দ কৰিব। ইয়াৰ ফলস্বৰূপে আপোনালোক দুয়োৰে সম্পৰ্ক অধিক শক্তিশালী হ’ব।
শিক্ষা: এই সপ্তাহত অধ্যয়নৰ ক্ষেত্ৰত বিশেষকৈ বৃত্তিগত অধ্যয়নত আপুনি ভাল প্ৰদৰ্শন কৰিব পাৰিব। এমবিএ’, ফাইনেন্সিয়েল একাউণ্টিং আদিৰ দৰে বিষয় আপোনাৰ বাবে লাভদায়ক প্ৰমাণিত হ’ব।
বৃত্তিগত জীৱন: এই সপ্তাহত আপুনি নিজৰ কৰ্মক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰিব আৰু তাত উৎকৃষ্টতা প্ৰাপ্ত কৰিব। ইয়াৰ বাবে আপুনি মান-সন্মানো লাভ কৰিব পাৰে। আনহাতে ব্যৱসায়ীসকলে আউটচ’ৰ্চিং ব্যৱসায়ত লাভ প্ৰাপ্ত কৰাৰ সম্ভাৱনা আছে।
স্বাস্থ্য: এই সময়খিনিত আপুনি শাৰীৰিকভাৱে স্বাস্থ্যৱান হৈ থাকিব।ইয়াৰ ফলস্বৰূপে আপুনি উৎসাহ আৰু উদ্যমেৰে পৰিপূৰ্ণ অনুভৱ কৰিব। ইয়াৰ ফলত আপুনি নিজৰ স্বাস্থ্য ভালে ৰাখিবলৈ সক্ষম হ’ব।
উপায়: দৈনিক 21 বাৰ 'ঔঁ গুৰৱে নমঃ' মন্ত্ৰ জপ কৰক।
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 4, 13, 22, 31 তাৰিখে হৈছে)
মূলাংক 4 ৰ জাতকসকলৰ মাজত অধিক জেদ থাকে। এওঁলোক কিছুমান বস্তুক লৈ অতি বেছি আসক্ত হ’ব পাৰে।
প্ৰেম জীৱন: এই সপ্তাহত আপুনি নিজৰ সঙ্গীৰপৰা দূৰত্ব অনুভৱ কৰিব। এই কাৰণবশতঃ আপুনি নিজৰ সম্পৰ্কত সুখ-আনন্দ বৰ্ত্তাই ৰাখিবলৈ আৰু সম্পৰ্ক শক্তিশালী কৰিব ৰাখিবলৈ অসমৰ্ত হ’ব।
শিক্ষা: এই সপ্তাহত পঢ়া-শুনাৰ প্ৰতি শিক্ষাৰ্থীসকলৰ আগ্ৰহ হ্ৰাস পাব পাৰে। ইয়াৰ লগতে উচ্চ জ্ঞান প্ৰাপ্ত কৰাৰ ক্ষেত্ৰত আপোনাৰ ভিতৰত উৎসাহৰ অভাৱ পৰিলক্ষিত হ’ব পাৰে। আপোনাক এইখনি সময়ত প্ৰতিযোগিতামূলক পৰীক্ষাত অংশগ্ৰহণ কৰাৰপৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে।
বৃত্তিগত জীৱন: এই সময়ত চাকৰিয়াল জাতকসকলে নিজা কৰ্মক্ষেত্ৰত বিশেষ উন্নতি লাভ নকৰাৰ সম্ভাৱনা আছে। ইয়াৰ কাৰণে আপুনি সময়মতে কাম সম্পূৰ্ণ কৰাত কিছু পলম হ’ব পাৰে। ইয়াৰ ফলস্বৰূপে তেওঁলোকৰ লাভ হ্ৰাস পাব পাৰে।
স্বাস্থ্য: এই সপ্তাহত ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱাৰ বাবে আপোনাৰ স্বাস্থ্য মধ্যমীয়া ধৰণে থাকিব। আপোনাক নিজৰ ডায়েটৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিবলৈ পৰামৰ্শ প্ৰদান কাৰ হৈছে।
উপায়: দৈনিক 22 বাৰ 'ঔঁ ৰাহৱে নমঃ' মন্ত্ৰ জপ কৰক।
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 5, 14, 23 তাৰিখে হৈছে)
এই মূলাংকৰ জাতকসকল অধিক কৌশলী আৰু পৰিপক্ক হয়। তেওঁলোকে উচ্চ স্তৰৰ জ্ঞান প্ৰাপ্ত কৰিব পাৰে।
প্ৰেম জীৱন: এই সপ্তাহত আপুনি নিজৰ জীৱনসঙ্গীৰ সৈতে ভাল সম্পৰ্ক বিকশিত কৰাত অসফল হ’ব পাৰে। ইয়াৰ কাৰণে আপোনালোকৰ সম্পৰ্কত সুখ-আনন্দ কিছু কম হ’ব পাৰে।
শিক্ষা: আপোনাৰ এলেহুৱা স্বভাৱৰ কাৰণে আপুনি পঢ়া-শুনাত পিছ পৰি থাকিব পাৰে। আপুনি নিজৰ এনে অভ্যাস ত্যাগ কৰা উচিত কাৰণ ইয়াৰ কাৰণে আপুনি ভাল নম্বৰ লাভ কৰাত অসমৰ্থ হ’ব পাৰে।
বৃত্তিগত জীৱন: কৰ্মক্ষেত্ৰত একেৰাহে পাই থকা বোজা আৰু জেষ্ঠ্য বিষয়াসকলৰপৰা নিজৰ কামক লৈ স্বীকৃতি প্ৰাপ্ত নকৰাৰ বাবে আপুনি ভাল প্ৰদৰ্শন কৰাত কিছু পিছ পৰি থাকিব পাৰে। আনহাতে ব্যৱসায়ীসকল নিজৰ প্ৰতিদ্বন্দীসকলৰ সম্মুখত পৰাজয়ৰ সম্মুখীন হ’বলগীয়া হ’ব পাৰে।
স্বাস্থ্য: এই সপ্তাহত আপোনাৰ স্বাস্থ্য মজলীয়া ধৰণে থাকিব। স্নায়ু সম্বন্ধীয় সমস্যাৰ বাবে আপোনাৰ চাপ বৃদ্ধি হ’ব পাৰে।
উপায়: দৈনিক 41 বাৰ 'ঔঁ নমো নাৰায়ণ' জপ কৰক।
আপোনাৰ কুণ্ডলীত আছে নেকি ৰাজযোগ? জানক আপোনাৰ ৰাজযোগ প্ৰতিৱেদন
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 6, 15, 24 তাৰিখে হৈছে)
এই মূলাংকৰ জাতকসকল সৃষ্টিশীল প্ৰকৃতিৰ হয়। এওঁলোকে সুকুমাৰ কলাক লৈ অধিক উৎসাহ দেখুৱাব পাৰে।
প্ৰেম জীৱন: এই সপ্তাহত আপোনাৰ আৰু আপোনাৰ সঙ্গীৰ মাজত অহংকাৰ সম্পৰ্কীয় সমস্যা উৎপন্ন হ’ব পাৰে। ইয়াৰপৰা পৰিত্ৰাণ লাভ কৰিবৰ বাবে আপুনি নিজৰ সঙ্গীৰ সৈতে ধৈৰ্য্যৰে মোকাবিলা কৰা উচিত অন্যথা আপোনালোকৰ সম্পৰ্কৰপৰা সুখ-আনন্দ হেৰাই যাব পাৰে।
শিক্ষা: এই সময়ছোৱাত শিক্ষাৰ্থীসকলৰ পঢ়া-শুনাৰ প্ৰতি আগ্ৰহ কম হ’ব পাৰে। ইয়াৰ লগতে আপোনাৰ বাবে উন্নতি লাভ কৰাটো জটিল হ’ব যেন আশংকা কৰা হৈছে। যদিহে আপুনি বৃত্তিগত অধ্যয়ন কৰাৰ কথা ভবিছে তেনেহ’লে আপুনি এতিয়া এই সিদ্ধান্ত কিছু পিছুৱাই দিয়া উচিত।
বৃত্তিগত জীৱন: এই সময়ছোৱাত আপোনাৰ ওপৰত কামৰ হেঁচা যথেষ্ট বৃদ্ধি পাব পাৰে। ইয়াৰ প্ৰভাৱ আপোনাৰ কামৰ ওপৰত পৰিব পাৰে। আপোনালোকৰ কোনো কোনোৱে উন্নত সম্ভাৱনাৰ বাবে চাকৰি সলনি কৰাৰ কথা ভাবিব পাৰে।
স্বাস্থ্য: এই সময়খিনিত আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱৰা কাৰণে স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। আনহাতে শক্তি হ্ৰাস হোৱাৰ বাবে আপোনাৰ কাম কৰাৰ ক্ষমতা কিছু দুৰ্বল হ’ব পাৰে।
উপায়: দৈনিক 'ঔঁ শুক্ৰায় নমঃ' জপ কৰক।
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 7, 16, 25 তাৰিখে হৈছে)
মূলাংক 7 ৰ জাতকসকলে ধৰ্মীয় স্থানলৈ যাত্ৰা কৰাৰ সুযোগ লাভ কৰিব পাৰে। তেওঁলোকে সাধাৰণতে ৰীতি-নীতিত বিশ্বাস কৰে আৰু সেইবোৰ সম্পূৰ্ণ নিষ্ঠাৰে পালন কৰে। এই লোকসকল সৰ্বগুণসম্পন্ন হয়।
প্ৰেম জীৱন: এই সপ্তাহত আপুনি নিজকে সঙ্গীৰপৰা দূৰ কৰিব পাৰে। এই কাৰণবশতঃ আপোনাৰ সম্পৰ্কৰপৰা সুখ আৰু আকৰ্ষণ দুয়োটাই হেৰাই যাব পাৰে। আপোনাৰ ইয়াৰপৰা বাচিবলৈ পৰামৰ্শ দিয়া হৈছে।
শিক্ষা: এই সপ্তাহত শিক্ষাৰ্থীসকল পঢ়া-শুনাৰ ক্ষেত্ৰত সমস্যাৰ সম্মুখীন হ’ব পাৰে। পঢ়া-শুনাৰ প্ৰতি আগ্ৰহ কম হোৱাৰ বাবে এনে হ’ব পাৰে। আপুনি ইয়াৰপৰা বাচি থকাৰ প্ৰয়োজন আছে।
বৃত্তিগত জীৱন: চাকৰিয়াল জাতকসকল নিজৰ জেষ্ঠ্য সহকৰ্মীসকলৰ সৈতে সম্পৰ্কত কিছুমান সমস্যাৰ সম্মুখীন হ’ব পাৰে। আপোনাৰ ওপৰত কামৰ বোজা বৃদ্ধি হোৱাৰ বাবে এনে হ’ব পাৰে। যদিহে আপুনি ব্যৱসায় কৰে তেনেহ’লে আপুনি যথেষ্ট কম লাভ প্ৰাপ্ত কৰিব পাৰে।
স্বাস্থ্য: ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱাৰ কাৰণে আপোনাৰ চাণবাৰ্ণ আৰু ছালৰ সৈতে জড়িত সমস্যা হোৱাৰ আশংকা কৰা হৈছে। ইয়াৰ বাবে আপুনি ঔষধ গ্ৰহণ কৰিবলগীয়া হ’ব পাৰে।
উপায়: দৈনিক 41 বাৰ 'ঔঁ কেতৱে নমঃ' মন্ত্ৰ জপ কৰক।
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 8, 17, 26 তাৰিখে হৈছে)
এই মূলাংকৰ জাতকসকল এই সপ্তাহত নিজৰ কামক লৈ সিদ্ধান্তবাদী আৰু দায়ৱদ্ধ হ’ব পাৰে। আপোনাৰ বাবে অধিক যাত্ৰাৰ যোগ আছে।
প্ৰেম জীৱন: এই সময়খিনিত আপোনাৰ ধৈৰ্য্যচ্যুতি ঘটিব পাৰে আৰু ইয়াৰ কাৰণে আপোনাৰ সম্পৰ্কৰ সুখ-শান্তি ভংগ হ’ব পাৰে। আপোনাৰ ধৈৰ্য্যৰে কাম কৰাৰ পৰামৰ্শ দিয়া হৈছে।
শিক্ষা: এই সপ্তাহটো শিক্ষাৰ্থীসকলৰ বাবে সিমান লাভজনক নহ’ব। আপুনি পঢ়া-শুনাত অধিক মনোযোগ কেন্দ্ৰিত কৰাৰ প্ৰয়োজন আছে যাতে আপুনি ভাল প্ৰদৰ্শন কৰিব পাৰে আৰু উচ্চ নম্বৰ লাভ কৰিবলৈ সমৰ্থৱান হয়।
বৃত্তিগত জীৱন: কামৰ অধিক হেঁচাৰ কাৰণে চাকৰিয়াল জাতকসকলৰদ্বাৰা কোনো ত্ৰুটি হ’ব পাৰে। এই কাৰণবশতঃ আপুনি নিজৰ কৰ্মক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰাত পিছ পৰি থাকিব পাৰে। আনহাতে ব্যৱসায়ীসকলে নিজৰ প্ৰতিদ্বন্দীসকলৰপৰা লাভ কৰা চাপৰ বাবে অধিক লাভ অৰ্জন কৰাত অসফল হ’ব পাৰে।
স্বাস্থ্য: এই সপ্তাহত আপোনাৰ গাঁঠি আৰু কান্ধৰ বিষ হ’ব পাৰে। ই আপোনাৰ সমস্যা বৃদ্ধি কৰিব পাৰে। ইয়াক ঠিক কৰিবৰ বাবে আপোনাক যোগাভ্যাস কৰাৰ পৰামৰ্শ দিয়া হৈছে।
উপায়: দৈনিক 11 বাৰ 'ঔঁ হনুমতে নমঃ' মন্ত্ৰ জপ কৰক।
পাওক আপোনাৰ কুণ্ডলী আধাৰিত শনি প্ৰতিৱেদন
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 9, 18, 27 তাৰিখে হৈছে)
এই মূলাংকৰ জাতকসকল সাহসী, গতিশীল আৰু উৎসাহেৰে পৰিপূৰ্ণ হয়। এই লোকসকল পোণপটীয়া স্বভাৱৰ হয়।
প্ৰেম জীৱন: এই সপ্তাহত আপুনি নিজৰ জীৱনসঙ্গীৰ সৈতে আপোনাৰ জীৱনৰ কোনো কথা মুকলিকৈ পাতিব পাৰে। ইয়াৰ ফলত আপোনালোকৰ মাজত মতভেদ হোৱাৰ আশংকা কৰা হৈছে।
শিক্ষা: এই সপ্তাহত আপুনি শিক্ষাৰ ক্ষেত্ৰত বহুতো গুৰুত্বপূৰ্ণ অভিজ্ঞতা লাভ কৰিব পাৰে। ইয়াৰ লগতে আপুনি নিজৰ লক্ষ্যত সহজে উপনীত হ’ব পাৰিব। আপুনি নিজৰ চাপ পেলাবলৈ সক্ষম হ’ব আৰু নিজৰ প্ৰদৰ্শন উন্নত কৰিবলৈ প্ৰয়াস কৰিব।
বৃত্তিগত জীৱন: আপুনি নিজৰ কেৰিয়াৰত যথেষ্ট ভাল কৰিছে আৰু এয়া আপোনাৰ প্ৰদৰ্শনত স্পষ্টকৈ পৰিস্ফূত হৈছে। ব্যৱসায়ীসকলে এইখিনি সময়ত নিজৰ প্ৰতিদ্বন্দীসকলক পিছ পেলাব পাৰিব আৰু বেযৱসায়ৰ ক্ষেত্ৰত এগৰাকী শক্তিশালী প্ৰতিদ্বন্দী হিচাপে প্ৰতিষ্ঠা লাভ কৰিব পাৰিব।
স্বাস্থ্য: এই সময়খিনিত ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হ’ব আৰু আপুনি আত্মবিশ্বাস পৰিপূৰ্ণ হ’ব। ইয়াৰ বাবে আপোনাৰ স্বাস্থ্যও ভাল হ’ব। আপোনাৰ ভিতৰত অধিক সাহস দেখা পোৱা যাব আৰু আপোনাৰ স্বাস্থ্যৰ ওপৰত ইয়াৰ ইতিবাচক প্ৰভাৱ পৰিব।
উপায়: মঙ্গলবাৰে মঙ্গল গ্ৰহৰ বাবে পূজা কৰক।
সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক: অনলাইন শ্বপিং ষ্টোৰ
আমি আশা কৰিছোঁ যে আমাৰ এই প্ৰৱন্ধটো আপুনি নিশ্চয় ভাল পাইছে। এষ্ট্ৰোচেজৰ সৈতে সংযুক্ত হৈ থকাৰ বাবে আপোনাক অশেষ ধন্যবাদ!
1. আপোনাৰ মূলাংক কেনেদৰে জানিব পাৰিব?
নিজৰ জন্মতিথিৰ যোগ কৰি মূলাংক জানিব পৰা যায়
2. মূলাংক 6 ৰ জাতকসকল কেনে হয়?
এই লোকসকল হাঁহিমূখীয়া স্বভাৱৰ হয়।
3. মূলাংক 7 ৰ স্বামী গ্ৰহ কি?
ইয়াৰ স্বামী গ্ৰহ হৈছে কেতু।