অংক জ্যোতিষ (11 মে’-17 মে’, 2025)

Author: Lobitha Dutta | Updated Thu, 10 Apr 2025 09:57 AM IST
কেনেদৰে জানিব নিজৰ মুখ্য অংক (মূলাংক)?

অংক জ্যোতিষ সাপ্তাহিক ভৱিষ্যতফল জনাৰ ক্ষেত্ৰত অংক জ্যোতিষ মূলাংকৰ যথেষ্ট ভূমিকা আছে। মূলাংকক জাতকৰ জীৱনৰ গুৰুত্বপূৰ্ণ সংখ্য হিচাপে বিবেচনা কৰা হয়। আপোনাৰ জন্ম মাহৰ যি তাৰিখে হয়, তাক একক অংকলৈ ৰূপান্তৰ কৰাৰ পিছত যি সংখ্যা প্ৰাপ্ত হয় তাকেই আপোনাৰ মূলাংক বুলি কোৱা হয়। মূলাংক 1 ৰপৰা 9 অংকৰ ভিতৰত যিকোনো হ’ব পাৰে, উদাহৰণস্বৰূপে- আপোনাৰ জন্ম কোনো মাহৰ 10 তাৰিখে হ’লে আপোনাৰ মূলাংক হ’ব 1+0 অৰ্থাৎ1 ।


এনেদৰে যি কোনো মাহৰ 1 তাৰিখৰপৰা 31 তাৰিখ পৰ্য্যন্ত জন্ম হোৱা মানুহৰ বাবে 1 ৰপৰা 9 পৰ্য্যন্ত মূলাংকৰ গণনা কৰা হয়। এইদৰে সকলো জাতকৰনিজৰ ৰুট নম্বৰ জানি লৈ তাৰ আধাৰত সাপ্তাহিক ৰাশিফলো জানিব পৰা যায়।

এয়াও পঢ়ক: ৰাশিফল 2025

পৃথিৱীৰ বিদ্বান অংক জ্যোতিষীসকলৰ সৈতে ফোনত কথা পাতক আৰু জানক কেৰিয়াৰ সম্বন্ধীয় সকলোবোৰ তথ্য

নিজৰ জন্মতিথিৰপৰা জানক সাপ্তাহিক অংক ৰাশিফল (11মে’ৰপৰা 17মে’2025)

আমাৰ জীৱনত অংকজ্যোতিষৰ পোণপটীয়া প্ৰভাৱ পৰে কাৰণ আমাৰ জন্ম তাৰিখেই সংখ্য়াৰদ্বাৰা প্ৰস্তুত হয়। তলত দিয়া লিখনীটোত অৱগত কৰা হৈছে যে সকলো ব্যক্তিৰ জন্ম তাৰিখিৰ হিচাপ মতে তেওঁৰ একমূলাংক নিৰ্দ্ধাৰিত কৰা হয় আৰু এই সকলোবোৰ অংক বেলেগ বেলেগ গ্ৰহৰদ্বাৰা শাসিত।

যেনেদৰে মূলাংক1 ত সূৰ্য্য দেৱৰ আধিপত্য থাকে। চন্দ্ৰমা হৈছে মূলাংক 2 ৰ স্বামী। অংক 3ত দেৱগুৰু বৃহস্পতি ৰ স্বামীত্ব থাকে, ৰাহু হৈছে অংক 4 ৰ ৰজা। অংক 5 বুধ গ্ৰহৰ অধীন। 6 অংকৰ ৰজা হৈছে শুক্ৰ দেৱ আৰু 7 অংকৰ হৈছে কেতু গ্ৰহৰ। শনি দেৱতাক 8 ৰ স্বামী হিচাপে মনা হয়। অংক 9 হৈছে মঙ্গল দেৱৰ অংক আৰু এই গ্ৰহসমূহৰ পৰিৱহনৰ পৰিৱৰ্তনৰদ্বাৰা জাতকসকলৰ জীৱনলৈ বহুতো পৰিৱৰ্তন আহে।

বৃহৎ কুণ্ডলী ত নিহিত হৈ আছে, আপোনাৰ জীৱনৰ সকলো গোপন ৰহস্য, জানক গ্ৰহসমূহৰ গতি-বিধিৰ সম্পূৰ্ণ লেখ-জোখ

মূলাংক 1

(যদিহে আপোনাৰ জন্ম কোনো এটা মাহৰ 1, 10, 19 বা 28 তাৰিখে হৈছিল)

মূলাংক1 ৰ জাতকসকল যথেষ্ট সময়ানুৱৰ্ত্তী হয়। এই সপ্তাহত এই জাতকসকলে নিজৰ কামবোৰ যথেষ্ট বৃত্তিগত মনোভাৱেৰে কৰিব। তেওঁলোক সদায় ডাঙৰ সফলতা লাভ কৰিবৰ বাবে অগ্ৰসৰ হয়।

প্ৰেম জীৱন: অংক জ্যোতিষ অনুসৰিএই সপ্তাহত আপুনি নিজৰ জীৱনসঙ্গীৰ সৈতে সম্পৰ্ক অধিক নৈতিকতা দেখুৱাব। ইয়াৰ ফলত আপোনালোক দুয়োৰে সম্পৰ্ক শক্তিশালী হ’ব।

শিক্ষা: আপুনি নিজৰ শিক্ষাৰ ক্ষেত্ৰত অত্যন্ত ভাল প্ৰদৰ্শন কৰাৰ যোগ আছে। আপুনি অধ্যয়নত নিপুণতা আৰু দক্ষতাৰ বলত সফলতা প্ৰাপ্ত কৰিব।

বৃত্তিগত জীৱন: চাকৰিয়াল জাতকসকলে এই সময়খিনিত ভাল সুযোগ লাভ কৰি সন্তুষ্ট অনুভৱ কৰিব। আনহাতে ব্যৱসায়ীসকলে বৃত্তিগত ধৰণে কাম কৰাৰ বাবে ভাল লাভ উপাৰ্জন কৰিবলৈ সক্ষম হ’ব।

স্বাস্থ্য: এই সপ্তাহ সাহস আৰু দৃঢ় সংকল্পৰ বাবে আপোনাৰ স্বাস্থ্য ভালে থাকিব। আপুনি সুখী হ’ব।

উপায়: শনিবাৰে শনি গ্ৰহৰ বাবে যজ্ঞ-হোম কৰক।

মূলাংক 2

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 2, 11, 20, 29 তাৰিখে হৈছে)

এই মূলাংকৰ জাতকসকলৰ দীৰ্ঘ দূৰত্ব যাত্ৰাৰ কৰাৰ প্ৰতি অধিক আগ্ৰহ থাকে। কেতিয়াবা কেতিয়াবা এই জাতকসকলে জীৱনৰ প্ৰতি অসাৱধান দৃষ্টিভংগী ৰাখিব পাৰে।

প্ৰেম জীৱন: আপুনি নিজৰ জীৱনসঙ্গীৰ সৈতে অধিক মধুৰ আৰু প্ৰেমপূৰ্ণ আচৰণ কৰিব। আপোনাৰ মনত সঙ্গীৰ প্ৰতি ভালপোৱা বৃদ্ধি হোৱাৰ বাবে এনে হ’ব পাৰে।

শিক্ষা: আপুনি একেৰাহে ভাল প্ৰদৰ্শন কৰিব আৰু অধ্যয়নত নিজৰ দক্ষতা প্ৰদৰ্শন কৰিবলৈ প্ৰয়াস কৰিব। আপুনি শিক্ষাৰ ক্ষেত্ৰত নিজৰ এক সুকীয়া পৰিচয় দিবলৈ সক্ষম হ’ব।

বৃত্তিগত জীৱন: চাকৰিয়াল জাতকসকলে এই সময়খিনিত ভাল সুযোগ লাভ কৰাৰ যোগ আছে। ইয়াৰ ফলত আপুনি কেৰিয়াৰত বিকাশ লাভ কৰিব। ব্যৱসায়ীসকলে অধিক লাভ প্ৰাপ্ত কৰা যোগ আছে।

স্বাস্থ্য: এই সপ্তাহত আপোনাৰ স্বাস্থ্য ভালে থাকিব। আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ভাল হোৱাৰ বাবে এনে হ’ব পাৰে।

উপায়: সোমবাৰে মা পাৰ্বতীৰ বাবে যজ্ঞ-হোম কৰক।

কেৰিয়াৰক লৈ হৈ আছে টেনশ্যন! এতিয়াই অৰ্ডাৰ কৰক কগ্নিএষ্ট্ৰো প্ৰতিৱেদন

মূলাংক 3

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 3, 12, 21, 30 তাৰিখে হৈছে)

এই মূলাংকৰ জাতকসকল অধিক সতৰ্ক আৰু সিদ্ধান্ত অটল হয়। এই সপ্তাহত মূলাংক 3 ৰ জাতকসকলে নিজৰ বাবে অধিক লক্ষ্য নিৰূপিত কৰিব পাৰে আৰু তেওঁলোক নিজৰ লক্ষ্যৰ দিশত অগ্ৰসৰ হ’ব।

প্ৰেম জীৱন : আপুনি আপোনাৰ জীৱনসঙ্গীৰ সৈতে একেলগে থাকিবলৈ ল’ব পাৰে আৰু ইয়াৰ বাবে আপুনিযথেষ্ট আনন্দিত হ’ব। আপুনি নিজৰ সঙ্গীৰ সৈতে ক’ৰবাত বাহিৰত ফুৰিবলৈ যাব পাৰে।

শিক্ষা: এই সপ্তাহত অধ্যয়নত শিক্ষাৰ্থীসকলৰ প্ৰদৰ্শন ভাল হ’ব। এইদৰে আপুনি অধ্যয়নত ভাল প্ৰদৰ্শন কৰিবৰ বাবে ইতিবাচক অনুভৱ কৰিব।

বৃত্তিগত জীৱন: আপুনি কৰ্মক্ষেত্ৰত অধিক সফলতা লাভ কৰাৰ যোগ আছে। আপুনি চাকৰিৰ নতুন সুযোগো লাভ কৰিব পাৰে। আনহাে ব্যৱসায়ীসকলে এই সপ্তাহত মোটা অংকৰ লাভ প্ৰাপ্ত কৰিবলৈ সক্ষম হ’ব। আপুনি এগৰাকী সফল উদ্যোগকাৰী হ’বলৈ সাজু হ’ব।

স্বাস্থ্য: শাৰীৰিক স্বাস্থ্যৰ ক্ষেত্ৰত ক’ব পাৰি যে এই সপ্তাহত সাহসী আৰু দৃঢ় সংকল্পৱদ্ধ হৈ থকাৰ কাৰণে আপোনাৰ স্বাস্থ্যও ভালে থাকিব। অৱশ্যে আপোনাৰ আত্মবিশ্বাস কিচু হ্ৰাস পাব পাৰে।

উপায়: বৃহস্পতিবাৰে বৃহস্পতি গ্ৰহৰ বাবে যজ্ঞ-হোম কৰক।

পাওক আপোনাৰ কুণ্ডলী আধাৰিত সঠিক শনি প্ৰতিৱেদন

মূলাংক 4

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 4, 13, 22, 31 তাৰিখে হৈছে)

এই সপ্তাহত মূলাংক 4 ৰ জাতকসকলে নিজৰ লক্ষ্যৰ ওপৰত ধ্যান কেন্দ্ৰিত কৰিব। এই জাতকসকলে নিজৰ কামবোৰ স্বাধীনভাৱে কৰিবলৈ পছন্দ কৰিব।

প্ৰেম জীৱন: এই সপ্তাহত আপুনি নিজৰ প্ৰেমপূৰ্ণ ভাৱনা আপোনাৰ প্ৰেমাস্পদৰ সম্মুখত ব্যক্ত কৰিবলৈ অসমৰ্থ হ’ব। অহংকাৰ সম্বন্ধীয় সমস্যাৰ বাবে এনে হ’ব পাৰে।

শিক্ষা: আপুনি নিজৰ ভাল লগা বিষয়ত অধিক আগ্ৰহ দেখুৱাব নোৱাৰিব পাৰে। এই কাৰণবশতঃ আপুনি ভাল নম্বৰ লাভ কৰাত বিফল হ’ব পাৰে।

বৃত্তিগত জীৱন: এই সপ্তাহত আপোনাৰ এনে কোনো স্থানলৈ স্থানান্তৰণ হ’ব পাৰে, যি আপোনাৰ পছন্দৰ নহয়। এই কাৰণবশতঃ আপুনি কিছু দুখী হ’ব পাৰে। আনহাতে ব্যৱসায়ীসকল ভাল লাভ উপাৰ্জন কৰাত ব্যৰ্থ হ’ব পাৰে।

স্বাস্থ্য: এই সপ্তাহত আপোনাৰ স্বাস্থ্য সিমান ভালে নাথাকিব। আপোনাৰ ছালৰ সৈতে জড়িত সমস্যা হোৱাৰ আশংকা কৰা হৈছে যাৰ কাৰণে আপোনাৰ খজুৱতী হ’ব পাৰে। আপুনি তেলত ভজা খাদ্য পৰিহাৰ কৰা উচিত।

উপায়: আপুনি দৈনিক 22 বাৰ 'ঔঁ ৰাহৱে নমঃ' মন্ত্ৰ জপ কৰক।

মূলাংক 5

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 5, 14, 23 তাৰিখে হৈছে)

এই মূলাংকৰ জাতকসকল সাধাৰণতে বুদ্ধিমান হয়।আপুনি নিজৰ জ্ঞান আৰু বুদ্ধি সঠিক ধৰমে প্ৰয়োগ কৰিবলৈ সক্ষম হ’ব।

প্ৰেম জীৱন: এই সপ্তাহত পাৰিবাৰিক সমস্যা চলি থকাৰ হেতু আপুনি নিজৰ ভালপোৱা প্ৰেমাস্পদৰ সম্মুখত ভালদৰে ব্যক্ত কৰিব নোৱাৰিব পাৰে। এই কাৰণবশতঃ আপোনালোক দুয়োৰে সম্পৰ্ক কিছু দুৰ্বল হ’ব পাৰে।

শিক্ষা: অংক জ্যোতিষ অনুসৰিএই সময়ছোৱাত শিক্ষাৰ্থীসকলে শিক্ষাৰ ক্ষেত্ৰত ভাল দক্ষতা আৰু অধিক নম্বৰ লাভ কৰিবলৈ সক্ষম হ’ব। আপুনি বৃত্তিগত পাঠ্যক্ৰম যেনে ফাইনেন্সিয়েল একাউণ্টিং আৰু কষ্টিঙত ভাল সফলতা প্ৰাপ্ত কৰাৰ যোগ আছে।

বৃত্তিগত জীৱন: এই সপ্তাহত চাকৰিয়াল জাতকসকলে নিজৰ কৰ্মক্ষেত্ৰত কোনো ডাঙৰ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ’ব। আপোনাৰ ওপৰত কামৰ বোজা বৃদ্ধি পাব পাৰে। যদিহে আপুনি ব্যৱসায় কৰে তেনহ’লে আপুনি এই সময়খিনিত অধিক লাভ অৰ্জন কৰিবলৈ সমৰ্থৱান হ’ব।

স্বাস্থ্য: এই সময়খিনিত আপুনি শাৰীৰিকভাৱে কিছু অসুস্থ অনুভৱ কৰিব পাৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱাৰ কাৰণে আপোনাৰ মূৰ ঘূৰণি হ’ব পাৰে।

উপায়: আপুনি দৈনিক 41 বাৰ 'ঔঁ নমো নাৰায়ণ' মন্ত্ৰ জপ কৰক।

মূলাংক 6

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 6, 15, 24 তাৰিখে হৈছে)

এই মূলাংকৰ জাতকসকল এইখিনি সময়ত উৎসাহ তথা জেদেৰে পৰিপূৰ্ণ হৈ থাকিব। এওঁলোকৰ ফুৰা-চকা বা যাত্ৰা কৰাৰ প্ৰতি অধিক আগ্ৰহ থাকিব পাৰে আৰু ইয়াক তেওঁলোকে নিজৰ লক্ষ্য হিচাপে নিৰ্দ্ধাৰিত কৰিব পাৰে।

প্ৰেম জীৱন: এই সপ্তাহত আপুনি নিজৰ জীৱনসঙ্গীৰ প্ৰতি অধিক সংৱেদনশীল হৈ পৰিব পাৰে। পাৰিবাৰিক বিবাদৰ বাবে আপুনি কিছু অশান্তি পাব পাৰে।

শিক্ষা: এই সপ্তাহত শিক্ষাৰ্থীসকলে ভাল নম্বৰ লাভ কৰাত কিছু জটিলাতাৰ সম্মুখীন হ’ব পাৰে। পঢ়া-শুনাৰ সময়ত আপোনাৰ একাগ্ৰতাৰ অভাৱ হ’ব পাৰে আৰু ইয়াৰ বাবে আপুনি চিন্তিত হ’ব পাৰে।

বৃত্তিগত জীৱন: এই সময়ত চাকৰিয়াল জাতকসকল নিজৰ লক্ষ্যত উপনীত হ’বলৈ অসমৰ্ত হ’ব পাৰে। আপুনি পৰিকল্পনা প্ৰস্তুত কৰি চলাৰ প্ৰয়োজনীয়তা আছে। আনহাতে ব্যৱসায়ীসকলে এই সময়খিনিত ভাল লাভ অৰ্জন কৰিব নোৱাৰিব পাৰে।

স্বাস্থ্য: সাহস আৰু দৃঢ়তাৰ অভাৱৰ বাবে আপোনাৰ স্বাস্থ্যৰ কিছু অৱনতি হ’ব পাৰে। আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্হল হোৱাৰ বাবে এনে হ’ব পাৰে।

উপায়: আপুনি দৈনিক 33 বাৰ 'ঔঁ শুক্ৰায় নমঃ' মন্ত্ৰ জপ কৰক।

মূলাংক 7

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 7, 16, 25 তাৰিখে হৈছে)

এই সপ্তাহত মূলাংক 7 ৰ জাতকসকলে আধ্যাত্মিক দৃষ্টিভংগী আঁকোৱালি ল’ব পাৰে। এই জাতকসকলে নিজৰ মনে বিচৰা ধৰণে কাম কৰিব পাৰে।

প্ৰেম জীৱন: এই সময়ছোৱাত আপোনাৰ মনত কোনো দোমোজা থাকিব পাৰে আৰু ইয়াৰ কাৰণে আপুনি প্ৰেমাস্পদৰ প্ৰতি নিজৰ ভালপোৱা ব্যক্ত কৰিব নোৱাৰিব। আপোনাৰ বাবে আপোনাৰ সঙ্গীৰ সৈতে ভাল সময় কটোৱাটো জটিল হ’ব পাৰে।

শিক্ষা: পঢ়া-শুমাৰ বিষয়ে অধিক খা-খবৰ নৰখাৰ বাবে আপুনি মধ্যমীয়া নম্বৰহে লাভ কৰিব পাৰে। আনহাতে পৰিণাম আপুনি আশা কৰাতকৈ বিপৰীতো হ’হব পাৰে।

বৃত্তিগত জীৱন: এই সপ্তাহত চাকৰিয়াল জাতকসকলৰ কামত কোনো ভুল হ’ব পাৰে সেয়েহে তেওঁলোকক সাৱধানে থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। আনহাতে ব্যৱসায়ীসকলৰ বাবে এনে স্থিতিৰ যোগ আছে য’ত তেওঁলোকৰ লাভো নহ’ব আৰু লোকচানো নহ’ব।

স্বাস্থ্য: আপোনাৰ এলাৰ্জীৰ বাবে স্কিন টিউমাৰ হ’ব পাৰে। আপোনাক শীঘ্ৰেই ইয়াৰ চিকিৎসা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

উপায়: আপুনি দৈনিক 41 বাৰ 'ঔঁ কেতৱে নমঃ' মন্ত্ৰ জপ কৰক।

কালসৰ্প দোষ প্ৰতিৱেদন – কাল সৰ্প যোগ কেলকুলেটৰ

মূলাংক 8

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 8, 17, 26 তাৰিখে হৈছে)

এই মূলাংকৰ জাতকসকলে সময়ৰ সঠিকভাৱে প্ৰয়োগ কৰে আৰু পৰিকল্পনা প্ৰস্তুত কৰি চলে। এই জাতকসকলে সদায় নিজৰ কামৰ ওপৰত মনোযোগ কেন্দ্ৰিত কৰে আৰু নিজৰ পৰিয়ালক কম সময়হে দিব পাৰে।

প্ৰেম জীৱন: আপোনমাৰ ফালৰপৰা আপোনাৰ সঙ্গীৰ প্ৰতি ভালপোৱা হ্ৰাস পোৱাৰ কাৰণে আপোনাৰ সম্পৰ্কৰ মিলা-মিছা কমি যাব পাৰে। এই সময়খিনিত আপোনালোকৰ সম্পৰ্কৰ সুখ-শান্তি ভংগ হ’ব পাৰে।

শিক্ষা: যদিহে আপুনি বৃত্তিগত পাঠ্যক্ৰম যেনে অটোম’বাইল ইঞ্জিনিয়াৰিং, কেমিকেল ইঞ্জিনিয়াৰিং আদিৰ অধ্যয়ন কৰি আছে তেনেহ’লে আপুনি নিজৰ পঢ়া-শুনাৰ ওপৰত অধিক মনোযোগ দিয়াৰ আৱশ্যকতা আছে। এই সময়খিনিত আপুনি ভাল নম্বৰ লাভ কৰাত পিছ পৰি থাকিব পাৰে।

বৃত্তিগত জীৱন: এই সময়ছোৱাত চাকৰিয়াল জাতকসকলৰ কামত কোনো ভুল হ’ব পাৰে আৰু এই ঘটনাৰ বাবে উচ্চ বিষয়াসকলৰ সম্মুখত আপোনাৰ প্ৰতিষ্ঠা হ্ৰাস পাব পাৰে। আনহাতে ব্যৱসায়ীসকলে নিজৰ পুৰণি ৰণনীতিসমূহৰ ভিত্তিতেই কাম কৰি থকাৰ ফলস্বৰূপে ভাল লাভ অৰ্জন কৰাৰ ক্ষেত্ৰত পিছ পৰি ৰ’ব পাৰে।

স্বাস্থ্য: এই সপ্তাহত আপোনাৰ উৰু আৰু ভৰিৰ বিষ হ’ব পাৰে। ইয়াৰ বাবে আপোনাৰ সন্তুলন হেৰাব পাৰে আৰু আপুনি অসহজ অনুভৱ কৰিব পাৰে। আপোনাৰ মনটো অসুৰক্ষিত ভাৱনাই আৱৰি ধৰিব পাৰে।

উপায়: আপুনি দৈনিক 11 বাৰ 'ঔঁ হনুমতে নমঃ' মন্ত্ৰ জপ কৰক।

পাওক আপোনাৰ কুণ্ডলী আধাৰিত শনি প্ৰতিৱেদন

মূলাংক 9

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 9, 18, 27 তাৰিখে হৈছে)

এই মূলাংকৰ জাতকসকলে এই সপ্তাহত ভাগ্যৰ সমৰ্তন লাভ কৰিব। ইয়াৰ লগতে তেওঁলোকে অধিক সম্পত্তি লাভ কৰিব পাৰে। এই লোকসকলে শৃংখলাৱদ্ধ দৃষ্টিভাংগী আঁকোৱালি ল’ব পাৰে। এওঁলোকে সম্পৰ্কৰ ওপৰত অধিক মনোযোগ দিব পাৰে।

প্ৰেম জীৱন: অংক জ্যোতিষ অনুসৰিআপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ মাজত অহংকাৰ সম্পৰ্কীয় সমস্যা হ’ব পাৰে। ইয়াৰ কাৰণে আপুনি নিজৰ সঙ্গীৰ সৈতে আনন্দময় সময় কটোৱাৰ সুযোগ লাভ নকৰিব পাৰে।

শিক্ষা: এই সপ্তাহত শিক্ষাৰ্থীসকলে শিক্ষাৰ ক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰিব নোৱাৰিব পাৰে। কেতিয়াব কেতিয়াবা আপোনাৰ পঢ়া-শুনাৰপৰা আপোনাৰ মনোযোগ ভংগ হ’ব পাৰে আৰু ইয়াৰ বাবে আপুনি পিছ পৰি থাকিব পাৰে।

বৃত্তিগত জীৱন: আপুনি নিজৰ কৰ্মক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰিব নোৱাৰিব পাৰে আৰু এই কাৰণবশতঃ আপুনি পিছ পৰি থাকিব পাৰে। লগতে ব্যৱসায়ীসকলে এইখিনি সময়ত অধিক লাভ প্ৰাপ্ত কৰিব নোৱাৰিব পাৰে।

স্বাস্থ্য: আপুনি অত্যাধিক চাপ গ্ৰহণ কৰাৰ বাবে উৰু আৰু কান্ধৰ বিষ হোৱাৰ আশংকা আছে। আপোনাক মেডিটেশ্যন কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

উপায়: আপুনি মঙ্গলবাৰে মঙ্গল গ্ৰহৰ বাবে পূজা কৰক

সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক: এষ্ট্ৰোচেজ অনলাইন শ্বপিং ষ্টোৰ

আমি আশা ৰাখিছোঁ যে আপুনি আমাৰ এই প্ৰৱন্ধটো নিশ্চয় ভাল পাইছে। এষ্ট্ৰোচেজৰ সৈতে জড়িত হৈ থকাৰ বাবে আপোনাক অশেষ ধন্যবাদ।

সঘনাই সোধা প্ৰশ্ন

1. অংকজ্যোতিষে বিবাহ বা সম্পৰ্কৰ বিষে ক’ব পাৰে নে?

হয়, মূলাংকৰ আধাৰত ল’ৰা আৰু ছোৱালীৰ কম্পেটিবিলিটী জানিব পৰা যায়।

2. অংকজ্যোতিষৰদ্বাৰা ভাগ্যৰ পৰিৱৰ্তন কৰিব পাৰ যায় নে?

নোৱাৰি, কিন্তু উচিত বিধানৰ সহায়ত কিছুমান পৰিৱৰ্তন নিশ্চয় কৰিব পৰা যায়।

3. অংক জ্যোতিষ বিজ্ঞানৰ ওপৰত আধাৰিত নেকি?

নহয়, ইয়াত সংখ্যাৰ গূঢ় অৰ্থ আৰু এইবোৰৰ প্ৰভাৱৰ অধ্যয়ন কৰা হয়।

Talk to Astrologer Chat with Astrologer