যদিহে আপোনাৰ জন্ম কোনো মাহৰ 1, 10, 19 বা 28 তাৰিখে হৈছে তেনেহ’লে আপোনাৰ মূলাংক 1 হ’ব। এনে পৰিস্থিতিত এই সপ্তাহত আপুনি মিশ্ৰিত বা মধ্যমীয়াতকৈ কিছু দুৰ্বল ফল প্ৰাপ্ত কৰিব পাৰে। অংক জ্যোতিষ অনুসৰি আপোনাৰ কেতিয়াবা কেতিয়াবা কোনো বিশেষ কাৰণ নোহোৱাকৈ খং উঠিব পাৰে। এই কাৰণবশতঃ ভাই-বন্ধুসকলৰ সৈতে আপোনাৰ সম্পৰ্ক কিছু বেয়া হ’ব পাৰে। এইদৰে মাটি-বাৰীৰ ক্ষেত্ৰতো সাৱধানতাৰে কাম কৰিলে আপুনি ভাল ফল লাভ কৰিব পাৰিব।
সাধাৰণতে সাৱধানতাৰে কাম কৰিলে এই সপ্তাহটোত আধা হৈ থকা কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব। যদি আপুনি কোনো কামৰপৰা এতিয়া দূৰত থাকিব বিচাৰে বা সেই কামৰপৰা মুক্তি পাব বিচাৰে, তাৰ বাবেও এই সপ্তাহটো সহায়ক প্ৰমাণিত হ’ব। হৃদৰোগ আদিৰ সৈতে সম্পৰ্কিত বিষয়ৰ বাবে সপ্তাহটো কিছু দুৰ্বল হ’ব। এনে ক্ষেত্ৰত মানুহৰ বুকু বা হৃদয়ৰ সৈতে সম্পৰ্কিত কোনো সমস্যা আগৰেপৰা আছে যদি এই সপ্তাহত তাৰ বাবে সাৱধানতা অৱলম্বন কৰিব লাগিব। অৰ্থাৎ সাৱধান হৈ থাকিলে কোনো ডাঙৰ সমস্যাই দেখা নিদিয়ে।
উপায়: নিয়মিতভাৱে হনুমান চালিশা পাঠ কৰক।
যদিহে আপোনাৰ জন্ম 2, 11, 20 বা 29 তাৰিখে হৈছে তেনেহ’লে আপোনাৰ মূলাংক হৈছে 2 আৰু মূলাংক 2 ৰ জাতকসকলৰ বাবে এই সপ্তাহটো মিশ্ৰিত ফলদায়ক হ’ব। যদিও কোনো ক্ষেত্ৰতে চিন্তা কৰিবলগীয়া কোনো কথা নাই তথাপি কোনো ক্ষেত্ৰতে অসাৱধান হোৱাটো উচিত নহ’ব। এই সপ্তাহত জেষ্ঠ্যসকলৰ সৈতে অধিক মিলা-মিছা কৰাৰ প্ৰয়োজন হ’ব। যদি আপোনাৰ কাৰোবাৰ সৈতে কিবা কাম আছে, তেনেহ’লে সেইক্ষেত্ৰত নিজেই সজাগ হ’ব লাগিব। তাৰ লগতে যাৰ সৈতে কাম আছে তেওঁকো সঠিক সময়ত কথাটো মনত পেলাই দিব লাগিব, এনেকুৱা নকৰিব যে নিজেই অহংকাৰৰ বশৱৰ্তী হৈ তেওঁক আগতে মনত পেলাবলৈ ইচ্ছা নকৰিব। কাৰণ পূৰ্বনুমান কৰা হৈছে যে আপুনি অহংকাৰ ত্যাগ কৰি জেষ্ঠ্যসকলৰ সহায়ত কোনো কাম কৰিলে তাত সফলতা প্ৰাপ্ত কৰিব।
অংক জ্যোতিষ অনুসৰি যিকোনো কথাত প্ৰয়োজনতকৈ অধিক আৱেগিক নোহোৱাটো ভাল। এনেধৰণে ভাবিলে আপুনি নতুন কাম আৰম্ভ কৰিব পাৰিব আৰু সামাজিক সামঞ্জস্য ৰক্ষা কৰিব পাৰিব। যদিহে পিতৃৰ স্বাস্থ্য ভাল নহয় তেনেহ’লে এই সময়ছোৱাত তেওঁৰ সেৱা কৰিবৰ বাবে সম্পূৰ্ণ সময় উলিওৱা উচিত। এনে কৰিলে দুয়ো পক্ষৰে লাভ হ’ব। অন্য লোকেও পিতৃৰ মাধ্যমেৰে লাভাম্বিত হোৱাৰ সম্ভাৱনা আছে।
উপায়: সূৰ্য্য ভগৱানক সেন্দুৰ মিহলোৱা পানী আগবঢ়োৱাটো শুভ হ’ব।
বৃহৎ কুণ্ডলী ত নিহিত হৈ আছে, আপোনাৰ জীৱনৰ সকলো গোপন ৰহস্য, জানক গ্ৰহসমূহৰ গতি-বিধিৰ সম্পূৰ্ণ লেখ-জোখ
যদিহে আপোনাৰ জন্ম 3, 12, 21 অথবা 30 তাৰিখে হৈছে তেনেহ’লে আপোনাৰ মূলাংক 3 হ’ব। এই সপ্তাহত সংকেত দেখা যায় যে মূলাংক 3 ৰ জাতকসকলে এই সপ্তাহত অধিকাংশ ক্ষেত্ৰত যথেষ্ট পৰিমাণে অনুকূলতা প্ৰাপ্ত কৰিব। আগৰেপৰা চলি থকা কামত আৰু অধিক গতি প্ৰদান কৰিবলৈ সক্ষম হ’ব। যদিহে আপুনি চাকৰিয়াল মানুহ তেনেহ’লে ভাল প্ৰদৰ্শনৰ বাবে আপোনাৰ জেষ্ঠ্য বিষয়াৰপৰা আপুনি প্ৰশংসা লাভ কৰিব পাৰে। আনহাতে নিজৰ কাম কৰা লোকসকলো নিজৰ অভিজ্ঞতাৰদ্বাৰা সন্তুষ্ট হ’ব। এই সপ্তাহটো নিজৰ সম্পৰ্ক শুধৰাবৰ বাবে সহায়ক প্ৰমাণিত হ’ব। যদি কাৰোবাৰ মনৰ কথা ক’ব বিচাৰে তেনেহ’লে সপ্তাহটোৰ আৰম্ভণিতে কোৱাটো ভাল হ’ব।
যদিও পিছতো পৰিণা ইতিবাচক হোৱাৰ সম্ভাৱনা আছে তথাপি আৰম্ভণিৰ দিনকেইটাত পৰিণাম ইতিবাচক হ’ব। অংশীদাৰিত্বৰ বাবে এই সপ্তাহটো যথেষ্ট ভাল হ’ব। অংশীদাৰিত্বৰ কামত ভাল লাভ প্ৰাপ্ত কৰিব। পাৰ্টনাৰৰ সৈতে সম্পৰ্কও ভাল হ’ব। কিন্তু আৱেগৰ বশৱৰ্তী হৈ সিদ্ধান্ত লোৱাটো পৰিহাৰ কৰিব লাগিব। লগতে এই সপ্তাহত ধৈৰ্য্যৰ স্তৰ বৃদ্ধি কৰিব লাগিব। অৱশ্যে আপুনি এগৰাকী ধৈৰ্য্যৱান ব্যক্তি কিন্তু তথাপিও এই সপ্তাহত কিছুমান ক্ষেত্ৰত লৰালৰি কৰিব পাৰে। সেয়া নিয়ন্ত্ৰণ কৰিলে পৰিণাম ভাল হ’ব।
উপায়: কোনো মাতৃতুল্য মহিলাক গাখীৰ আৰু চাউল উপহাৰ দি তেওঁৰ আশীৰ্বাদ গ্ৰহণ কৰাটো শুভ হ’ব।
যদিহে আপোনাৰ জন্ম 4, 14, 22 বা 31 তাৰিখে হৈছে তেনেহ’লে আপোনাৰ মূলাংক 4 হ’ব। মূলাংক 4 ৰ জাতকসকলক এই সপ্তাহটোৱে মধ্যমীয়া স্তৰৰ পৰিণাম প্ৰদান কৰিব। যদিহে আপুনি অনুভৱ কৰিছে যে এইক্ষেত্ৰত কাৰোবাৰ পৰামৰ্শ গ্ৰহণ কৰাটো ভাল হ’ব তেনেহ’লে সংকোচবোধ কৰা বা মনে মনে বহি থকাতকৈ ভাল হ’ব কোনো অভিজ্ঞতাসম্পন্ন ব্যক্তিৰ পৰামৰ্শ লোৱাটো। কাৰণ এনে কৰিলে আপুনি লাভাম্বিত হ’ব। শিক্ষাৰ্থীসকলে নিজৰ জেষ্ঠ্য আৰু গুৰুৰ সন্মান কৰাটো যথেষ্ট প্ৰয়োজনীয় হ’ব। লগতে নিজৰ বিষয়সমূহৰ ওপৰতো মনোনিৱেশ কৰিব লাগিব। তেতিয়াহে ফলাফলৰ স্তৰ আৰু ভাল হ’ব। সামাজিক কাৰ্য্যকলাপৰ বাবে এই সপ্তাহটো ভাল হ’ব।
যদিহে পূৰ্বৰ দিনবোৰত কোনো কথাক লৈ আপোনাৰ প্ৰতিচ্ছবি নষ্ট হৈছিল তেনেহ’লে এই সময়খিনিত আপুনি নিজৰ প্ৰতিচ্ছবিৰ শুধৰণি কৰিব পাৰিব। এনে স্থিতিত সামাজিক কামত ভালদৰে অংশগ্ৰহণ কৰিব লাগিব। যদিহে আপুনি কোনো ধৰণৰ সৃষ্টিশীল কামৰ সৈতে জড়িত তেনেহ’লে এই সপ্তাহত আপুনি যথেষ্ট ভাল ফল লাভ কৰিব। এই সপ্তাহত কৰ্মক্ষেত্ৰৰ উপৰিও মিত্ৰৰ সৈতে সম্বন্ধিত বিষয়তো ভাল ফলাফল লাভ কৰিব। যদিও কোনো কাম মিত্ৰৰ ভৰসাত এৰি দিয়াটো উচিত নহ’ব, কিন্তু মিত্ৰৰ ওপৰত আপুনি আস্থা ৰাখিব পাৰিব।
অংক জ্যোতিষ অনুসৰি যদিহে কোমো মিত্ৰক আপোনাৰ সহায়ৰ প্ৰয়োজন হয় তেতিয়া সেই মিত্ৰৰ বাবে সময় উলিয়াবলৈ নিশ্চয় চেষ্টা কৰক। এনেদৰে আপুনি নিজৰ সম্পৰ্ক ভালদৰে ৰক্ষা কৰাৰ লগতে কৰ্মক্ষেত্ৰতো সন্তুলিত ফল লাভ কৰিবলৈ সক্ষম হ’ব। আমি ইতিমধ্যে কৈছোৱেই যে এই সপ্তাহটোত আপুনি কোনো বিশেষ ডাঙৰ অভিজ্ঞতা লাভ নকৰিব পাৰে কিন্তু অনুকূল কথাটো হ’ল যে এই সপ্তাহত আপোনাৰ কোনো লোকচানো নহ’ব। এনে পৰিস্থিতিত যি চলি আছে সেয়া মেইণ্টেইন কৰাটো সম্ভৱপৰ হ’ব।
উপায়: কেশৰ মিহলি পানীৰে শিৱৰ অভিষেক কৰক।
অনলাইন চফটৱেৰৰপৰা বিনামূলীয়া জন্ম কুণ্ডলী প্ৰাপ্ত কৰক
যদিহে আপোনাৰ জন্ম কোনো মাহৰ 5, 14 বা 23 তাৰিখে হৈছে তেনেহ’লে আপোনাৰ মূলাংক হ’ব 5 । এই সপ্তাহটো আপোনাক মধ্যমীয়াতকৈ ভাল পৰিণাম প্ৰদান কৰিব পাৰে। অৱশ্যে এই সপ্তাহটোৱে আপোনাক মাজে সময়ে কিছু সমস্যাত পেলাব পাৰে কিন্তু নিজৰ পূৰ্বৰ অভিজ্ঞতাৰ আধাৰত আপুনি সমস্যাৰপৰা ওলাই আহিব পাৰিব আৰু ভাল সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব। সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিলে এই সপ্তাহটোৱে আপোনাক দ্ৰুততাৰে উন্নতি প্ৰদান কৰিব। অৰ্থাৎ এই সপ্তাহত আপোনাৰ খৰধৰ কৰিবলৈ মন যাব কিন্তু যদিহে আপুনি খৰখেদা পৰিহাৰ কৰে আৰু শুদ্ধ সিদ্ধান্ত লয় তেতিয়া ফলো সোনকালে প্ৰাপ্ত কৰিব।
গতিকে কিছুমান বিশেষ স্থিতিত এই সপ্তহটোৱে আপোনাক যথেষ্ট ভাল ফলাফল প্ৰদান কৰিব। এনে হ’ব পাৰে যে কিছুমান কামত খৰখেদা কৰাটো উচিত নহয় আৰু খৰখেদা কৰিলে কামটো বেয়াও হ’ব পাৰে, গতিকে এই স্থিতিত পৰামৰ্শ এয়া দিয়া হৈছে যে কোনো কাম সম্পূৰ্ণ কৰিবৰ বাবে আপুনি সদায় লগা সময়তকৈ কিছু সময় অধিক ল’লে আৰু ধৈৰ্য্য ধৰি কাম কৰিলে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ’ব। অভিজ্ঞতাসম্পন্ন লোকৰপৰা পৰামৰ্শ গ্ৰহণ কৰাটোও ভাল হ’ব। এই সপ্তাহত কোনো নতুন প্ৰয়োগ নকৰাটো ভাল হ’ব কিন্তু যদিহে কৰাটো অত্যন্ত জৰুৰী তেনেহ’লে বিশেষজ্ঞৰ পৰামৰ্শ ল’ব পাৰে। অংক জ্যোতিষ অনুসৰি এই সপ্তাহত এনে কোনো কাম কৰাটো উচিত নহ’ব যাৰ বাবে আপোনাৰ মান-সন্মানৰ হানি হ’ব পাৰে। যদিহে আপুনি এনে কৰিবলৈ সক্ষম হয় তেতিয়া আপুনি মান-সন্মান ৰক্ষা কৰাৰ লগতে সামাজিক সন্মানো প্ৰাপ্ত কৰিব পাৰিব। এই সপ্তাহত আপুনি কোনো আলোচনাৰো কেন্দ্ৰবিন্দু হ’ব পাৰে। কোনো ভাল কাম কৰিবলৈ প্ৰয়াস কৰক, যাতে এই আলোচনা সৃষ্টিশীল হয়। যিসকল লোকে আপোনাক আপমানিত কৰাৰ সুযোগ বিচাৰি থাকে তেওঁলোক এই সপ্তাহত সফল নহ’ব। তথাপি জানি-বুজি বিৰোধীসকলক সুযোগ দিয়াটো উচিত নহ’ব। অৰ্থাৎ নিজকে অনুশাসিত কৰি ৰাখক আৰু আগবাঢ়ি যাওক, ভাল পৰিণাম লাভ কৰিবই। ইণ্টাৰনেট আদিৰ সৈতে জড়িত কাম কৰা লোকসকলে যথেষ্ট ভাল ফল লাভ কৰাৰ সম্ভাৱনা আছে।
উপায়: শিৱলিংগত পানী অৰ্পণ কৰক আৰু ক’লা তিল অৰ্পণ কৰক।
যদিহে আপোনাৰ জন্ম কোনো মাহৰ 6, 15 বা 24 তাৰিখে হৈছে তেনেহ’লে আপোনাৰ মূলাংক 6 হ’ব। এই সপ্তাহটোৱে আপোনাক মিশ্ৰিত ফলাফল প্ৰদান কৰাৰ সম্ভাৱনা আছে। কিছুমান ক্ষেত্ৰত ফলাফল মধ্যমীয়াতকৈও দুৰ্বল হ’ব পাৰে। তথাপিও ধৈৰ্য্য সহকাৰে কাম কৰা লোকসকলে পৰিণাম সন্তুলিত কৰি ৰখাৰ লগতে ভাল সুযোগো বিচাৰি উলিয়াব আৰু সাৰ্থক পৰিণাম লাভ কৰিব। অৰ্থাৎ এই সপ্তাহত সাৰ্থক আৰু ভাল ফল লাভ কৰাটো সহজ নহ’ব কিন্তু অসম্ভৱো নহ’ব। এই সপ্তাহত আপোনাৰ সিদ্ধান্তৰ বিৰোধিতা বহুতো মানুহে কৰিব পাৰে কিন্তু সেই সিদ্ধান্ত লাগু কৰিবৰ বাবে ভৱিষ্যতৰ দিনৰ বাছনি কৰক। বৰ্তমানৰ বিৰোধিতাৰ প্ৰতি লক্ষ্য ৰাখি নিজকে শান্ত কৰি ৰখাটো উচিত হ’ব।
সাধাৰণভাৱে এই সপ্তাহটো নিজৰ বিকাশৰ বাবে ভাল হ’ব কিন্তু বিকশিত কৰাৰ প্ৰক্ৰিয়াটো নতুন ধৰণে আৰম্ভ কৰাটো ভাল হ’ব। অৰ্থাৎ নতুনকৈ কোনো কাম নকৰিব কিন্তু যি কাম পূৰ্বৰেপৰাই কৰি আছে তাত কোনো নতুন প্ৰোগ কৰিব পাৰে। অৱশ্যে অপ্ৰয়োজনীয় যাত্ৰা পৰিহাৰ কৰাটো উচিত হ’ব কিন্তু জৰুৰী যাত্ৰাত প্ৰয়োজনীয়া সাৱধানতা অৱলম্বন কৰিলে উচিত আকাংক্ষিত ফল লাভ কৰিব পাৰিব। অংক জ্যোতিষ অনুসৰি মনোৰঞ্জনৰ সুযোগো লাভ কৰাৰ সম্ভাৱনা আছে কিন্তু অযথা ব্যয় কৰি মনোৰঞ্জন কৰাটো উচিত নহ’ব। অৰ্থাৎ যদিহে আপুনি সমৰ্থৱান আৰু খৰচ বাবে যদি কোনো দৰকাৰী কাম বাধাপ্ৰাপ্ত নহয় তেনেহ’লে আপুনি মনোৰঞ্জন কৰিব পাৰে। এই সপ্তাহত লাভ কৰা সুযোগবোৰৰ আপুনি লাভ আদায় কৰিব পাৰে।
উপায়: বুধবাৰে গণেশজীক দুবৰি বন অৰ্পণ কৰাটো শুভ হ’ব।
যদিহে আপোনাৰ জন্ম কোনো মাহৰ 7, 16 বা 25 তাৰিখে হৈছে তেনেহ’লে আপোনাৰ মূলাংক 7 হ’ব। সচৰাচৰভাৱে এই সপ্তাহটো আপোনাৰ বাবে অনুকূল প্ৰমাণিত হ’ব। আপোনাৰ পথটো সহজ নহ’ব পাৰে কিন্তু ইমানো কঠিন নহ’ব যে আপুনি লক্ষ্যত উপনীত হ’ব নোৱাৰিব। আপুনি নিশ্চয় অনুকূল ফল লাভ কৰিব পাৰিব। অৰ্থাৎ অলপ কষ্ট কৰিলেই আপুনি লক্ষ্যত উপনীত হ’ব পাৰিব। বিশেষকৈ ঘৰ-পৰিয়ালৰ সৈতে সম্পৰ্কিত বিষয়ত আপুনি ভাল ফল লাভ কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত এই সপ্তাহটোৱে অনুকূল ফল প্ৰদান কৰিব।
অংক জ্যোতিষ অনুসৰি যদিহে আপুনি বিবাহিত তেনেহ’লে জীৱনসঙ্গীৰ সৈতে আপুনি কোৱালিটি টাইম অতিবাহিত কৰাৰ সুযোগ লাভ কৰিব। যদিহে বিবাহৰ কথা চলি আছে তেনহ’লে আগবাঢ়ি যোৱাৰ আৰু অনুকূল পৰিণাম লাভ কৰাৰ ভাল সম্ভাৱনা আছে। ইয়াৰ উপৰিও ক্ৰোধ আৰু বিবাদৰপৰা বচাটো বুদ্ধিমানৰ কাম হ’ব। কোনো কথাতে খৰধৰ কৰাটো উচিত নহব। কৰ্মক্ষেত্ৰৰ সৈতে সম্পৰ্কিত হওক অথবা প্ৰেম প্ৰসংগ বা বিবাহৰ সৈতে সম্পৰ্কিত হওক, কোনোটো ক্ষেত্ৰতে মধ্যস্থতাকাৰীৰ সৈতে যুক্ত হোৱাটো উচিত নহ’ব। এই সাৱধানতাসমূহ অৱলম্বন কৰিলে আপুনি ভাল ফলাফল লাভ কৰিব। এই সকলোবোৰৰ স্বত্বেও সামাজিক মৰ্যাদাৰ প্ৰতি মনোযোগ ৰখাটো গুৰুত্বপূৰ্ণ হ’ব। আমোদ-প্ৰমোদ আৰু মনোৰঞ্জন ইত্যাদিৰ বাবে সপ্তাহটো সাধৰাণভাৱে ভাল হ’ব। যদিহে সম্ভৱ হয় তেনেহ’লে দৰিদ্ৰ আৰু অভাৱী লোকৰ সহায় কৰক।
উপায়: শুক্ৰবাৰে শিৱলিংগত দৈ আৰু চেনী অৰ্পণ কৰক।
যদিহে আপোনাৰ জন্ম কোনো মাহৰ 8, 17 বা 26 তাৰিখে হৈছে তেন্তে আপোনাৰ মূলাংক হ’ব 8 । এই সপ্তাহটোৱে আপোনাক কিছু অনুকূল ফলাফল প্ৰদান কৰাৰ সম্ভাৱনা আছে। লগতে কিছু প্ৰতিকূল ফলো আপোনাক দিব পাৰে। মুঠতে এই সপ্তাহটোৱে আপোনাক এই অনুভৱ প্ৰদান কৰিব যে কোন ব্যক্তি আপোনাৰ শুভচিন্তক আৰু কোন ব্যক্তিয়ে আপোনাৰ শুভচিন্তক হোৱাৰ অভিনয় কৰে। অৱশ্যে ধৰ্ম-কৰ্ম আৰু আধ্যাত্মিকতাৰ সৈতে জড়িত বিষয়ৰ বাবে এই সপ্তাহটো ভাল বুলি ক’ব লাগিব। যিসকল লোকে আধ্যাত্মিক শক্তি বৃদ্ধি কৰাৰ ইচ্ছা ৰাখে তেওঁলোকে যথেষ্ট ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। এই স্থিতিসমূহৰ প্ৰৰিত মনোযোগ ৰাখি কোনো ৰিস্ক লোৱাটো উচিত নহ’ব।
কোনো নতুন কাম আৰম্ভ কৰাটো বা নতুন প্ৰয়োগ কৰাটো উচিত নহ’ব। কোনো অচিনাকী ব্যক্তিক ভৰসা কৰাটোও উচিত ন’ব। চাইবাৰ অপৰাধীৰপৰা বাচি থকাৰ চেষ্টা কৰক। অৰ্থাৎ এই সাৱধানতাসমূহ অৱলম্বন কৰি আপুনি পৰিণাম তুলনামূলকভাৱে উন্নত কৰিবলৈ সক্ষম হ’ব কিন্তু অসাৱধান হ’লে আপোনাৰ লোকচান হ’ব পাৰে।
উপায়: পদপথত ঘূৰি ফুৰা ক’লা কুকুৰক সাৱধানেৰে ৰুটী খুৱাওক।
নতুন বছৰত কেৰিয়াৰৰ যিকোনো দোমোজা কগ্নিএষ্ট্ৰো প্ৰতিৱেদন ৰ জৰিয়তে দূৰ কৰক
যদিহে আপোনাৰ জন্ম কোনো মাহৰ 9, 18 বা 27 তাৰিখে হৈছে তেনেহ’লে আপোনাৰ মূলাংক 9 হ’ব আৰু এই মূলাংকৰ লোকসকলে এই সপ্তাহত মিশ্ৰিত কিন্তু মধ্যমীয়াতকৈ উন্নত ফল লাভ কৰিব। অৱশ্যে এই সপ্তাহত আপোনাৰ খৰধৰ কৰাটো পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। এই সপ্তাহত আপুনি ধৈৰ্য্য সহকাৰে সকলো কাম কৰিব লাগিব। ধৈৰ্য্যৰে সৈতে কামবোৰ কৰিলে আপুনি কামবোৰ সম্পূৰ্ণ কৰাৰ লগতে সেই কামবোৰ সাৰ্থকভাৱে আৰু ভালদৰে কৰিবলৈ সক্ষম হ’ব। বিশেষকৈ আৰ্থিক বিষয়ৰ ক্ষেত্ৰত এই সপ্তাহটোৱে আপোনাক ভাল ফলাফল প্ৰদান কৰিব।
আপোনাৰ ভিতৰৰ শক্তি বৃদ্ধি কৰিবৰ বাবে এই সপ্তাহটো সহায়ক প্ৰমাণিত হ’ব। ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত ধৈৰ্য্য সহকাৰে লোৱা সিদ্ধান্ত লাভজনক প্ৰমাণিত হ’ব। এই সপ্তাহটোৱে পৰিৱৰ্তনৰ সমৰ্তন কৰে বা কোনো নতুন প্ৰয়োগ কৰিব পাৰে কিন্তু খৰধৰ কৰাটো আপোনাৰ বাবে উচিত নহ’ব। এইদৰে সংযম ধৰি ৰাখি আপুনি ভাল ফল লাভ কৰিব পাৰিব। ক্ৰোধ আৰু লৰালৰি মুঠেও কৰা উচিত নহ’ব। যদিও আপোনাৰ কোনো কাম খৰধৰকৈ কৰাৰ স্বভাৱ আছে তথাপি অংক জ্যোতিষ অনুসৰি এই সপ্তাহত আপুনি তেনে কৰা মুঠেও উিত নহ’ব। যি কাম কৰিব ভালদৰে ভাবি-চিন্তি কৰক।
উপায়: কোনো শ্ৰমিকক ভোজন কৰোৱাটো শুভ হ’ব।
সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক: অনলাইন শ্বপিং ষ্টোৰ
আমি আশা কৰিছোঁ যে আমাৰ এই প্ৰৱন্ধটো আপুনি নিশ্চয় ভাল পাইছে। এষ্ট্ৰোচেজৰ সৈতে সংযুক্ত হৈ থকাৰ বাবে আপোনাক অশেষ ধন্যবাদ!
1. মূলাংক 3 ৰ বাবে এই সপ্তাহটো কেনে হ’ব?
এই সপ্তাহটোৱে তেওঁলোকক মধ্যমীয়া ফলাফল প্ৰদান কৰিব।
2. 7মূলাংকৰ জাতকসকলৰ বাবে এই সপ্তাহটো কেনে হ’ব?
এই সপ্তাহটোৱে তেওঁলোকক অনুকূল ফল প্ৰদান কৰিব।
3. 4 নম্বৰৰ স্বামী কোন?
অংকশাস্ত্ৰ অনুসৰি মূলাংক 4 ৰ স্বামী হৈছে বৃহস্পতি গ্ৰহ।