অংক জ্যোতিষ সাপ্তাহিক ভৱিষ্যতফল জনাৰ ক্ষেত্ৰত অংক জ্যোতিষ মূলাংকৰ যথেষ্ট ভূমিকা আছে। মূলাংকক জাতকৰ জীৱনৰ গুৰুত্বপূৰ্ণ সংখ্য হিচাপে বিবেচনা কৰা হয়। আপোনাৰ জন্ম মাহৰ যি তাৰিখে হয়, তাক একক অংকলৈ ৰূপান্তৰ কৰাৰ পিছত যি সংখ্যা প্ৰাপ্ত হয় তাকেই আপোনাৰ মূলাংক বুলি কোৱা হয়। মূলাংক 1 ৰপৰা 9 অংকৰ ভিতৰত যিকোনো হ’ব পাৰে, উদাহৰণস্বৰূপে- আপোনাৰ জন্ম কোনো মাহৰ 10 তাৰিখে হ’লে আপোনাৰ মূলাংক হ’ব 1+0 অৰ্থাৎ1 ।
এনেদৰে যি কোনো মাহৰ 1 তাৰিখৰপৰা 31 তাৰিখ পৰ্য্যন্ত জন্ম হোৱা মানুহৰ বাবে 1 ৰপৰা 9 পৰ্য্যন্ত মূলাংকৰ গণনা কৰা হয়। এইদৰে সকলো জাতকৰনিজৰ ৰুট নম্বৰ জানি লৈ তাৰ আধাৰত সাপ্তাহিক ৰাশিফলো জানিব পৰা যায়।
এয়াও পঢ়ক: ৰাশিফল 2025
পৃথিৱীৰ বিদ্বান অংক জ্যোতিষীসকলৰ সৈতে ফোনত কথা পাতক আৰু জানক কেৰিয়াৰ সম্বন্ধীয় সকলোবোৰ তথ্য
আমাৰ জীৱনত অংকজ্যোতিষৰ পোণপটীয়া প্ৰভাৱ পৰে কাৰণ আমাৰ জন্ম তাৰিখেই সংখ্য়াৰদ্বাৰা প্ৰস্তুত হয়। তলত দিয়া লিখনীটোত অৱগত কৰা হৈছে যে সকলো ব্যক্তিৰ জন্ম তাৰিখিৰ হিচাপ মতে তেওঁৰ একমূলাংক নিৰ্দ্ধাৰিত কৰা হয় আৰু এই সকলোবোৰ অংক বেলেগ বেলেগ গ্ৰহৰদ্বাৰা শাসিত।
যেনেদৰে মূলাংক1 ত সূৰ্য্য দেৱৰ আধিপত্য থাকে। চন্দ্ৰমা হৈছে মূলাংক 2 ৰ স্বামী। অংক 3ত দেৱগুৰু বৃহস্পতিৰ স্বামীত্ব থাকে, ৰাহু হৈছে অংক 4 ৰ ৰজা। অংক 5 বুধ গ্ৰহৰ অধীন। 6 অংকৰ ৰজা হৈছে শুক্ৰ দেৱ আৰু 7 অংকৰ হৈছে কেতু গ্ৰহৰ। শনি দেৱতাক 8 ৰ স্বামী হিচাপে মনা হয়। অংক 9 হৈছে মঙ্গল দেৱৰ অংক আৰু এই গ্ৰহসমূহৰ পৰিৱহনৰ পৰিৱৰ্তনৰদ্বাৰা জাতকসকলৰ জীৱনলৈ বহুতো পৰিৱৰ্তন আহে।
বৃহৎ কুণ্ডলী ত নিহিত হৈ আছে, আপোনাৰ জীৱনৰ সকলো গোপন ৰহস্য, জানক গ্ৰহসমূহৰ গতি-বিধিৰ সম্পূৰ্ণ লেখ-জোখ
(যদিহে আপোনাৰ জন্ম কোনো এটা মাহৰ 1, 10, 19 বা 28 তাৰিখে হৈছিল)
ৰংগমঞ্চ কলাকাৰী, শিল্পী আৰু সৃষ্টিশীল কাম কৰা লোকসকলে এই সপ্তাহত যথেষ্ট লাভ প্ৰাপ্ত কৰিব। কলাৰ ক্ষেত্ৰত ভাল কাম কৰিবলৈ মন থকাসকলৰ ইচ্ছা পূৰণ হ’ব। আপুনি পৃথিৱীৰ সম্মুখত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিব পাৰিব। অভাৱী লোকৰ সহায়ৰ বাবে সামাজিক কাৰ্য্যকৰ্তা আৰু নেতাসকলে সাহস, নিৰ্ভীকতা আৰু আত্মবিশ্বাসাৰে কাম কৰিব আৰু আগবাঢ়ি গৈ আনৰ সহায় কৰিব।
প্ৰেম জীৱন: ৰোমাঞ্চৰ ক্ষেত্ৰত মূলাংক 1 ৰ জাতকসকলে এই সপ্তাহত ইতিবাচক আৰু নেতিবাচক দুয়োধৰণৰ ফলাফল লাভ কৰিব। আপুনি নিজৰ বন্ধুমহলৰ মাজতেই বিশেষ কাৰোবাক পাব পাৰে বা এক নতুন সম্পৰ্ক আৰম্ভ কৰিব পাৰে। যিসকল জাতক বিবাহিত বা যিসকলৰ প্ৰেমৰ সম্পৰ্ক চলি আছে তেওঁলোকৰ সাৱধানে থকাৰ পৰামৰ্শ দিয়া হৈছে। অহংকাৰ আৰু দূৰত্বৰ বাবে তেওঁলোকৰ মাজত মতভেদ হ’ব পাৰে।
শিক্ষা: মূলাংক 1 ৰ জাতকসকলৰ বাবে এই সপ্তাহটো লাভকাৰী সিদ্ধ হ’ব। যদিহে আপুনি আত্মবিশ্বাস, সৃষ্টিশীলতা আৰু কাৰ্য্যকৰীতাক একেলগে সংযুক্ত কৰে তেনেহ’লে আপুনি মনোযোগ কেন্দ্ৰিত কৰাত আৰু নিজৰ উদ্দেশ্য পূৰণ কৰাত সফলতা প্ৰাপ্ত কৰিব। আপোনাৰ বাবে এই সপ্তাহটো বিকাশশীল হ’ব, বিশেষকৈ ৰাজনীতি বিজ্ঞান, সমাজ বিজ্ঞান, আৰ্টচ বা ডিজাইনিঙৰ পাঠ্যক্ৰম অধ্যয়ন কৰাসকলৰ বাবে।
বৃত্তিগত জীৱন: এই মূলাংকৰ জাতকসকলে নিজে যি কাম কৰি আছে তাত অসন্তুষ্টি অনুভৱ হ’ব পাৰে। আপুনি নিজৰ পোগত দিশৰ উজ্বলতা পুণৰ ওভতাই আনিবৰ বাবে নতুন লক্ষ্য নিৰ্দ্ধাৰিত কৰিব লাগিব। আনহাতে যিসকল জাতকে গৱেষণা কৰি আছে তেওঁলোকৰ গৱেষণা কাৰ্য্যৰ বাবে এই সপ্তাহটো ফলদায়ক হ’ব।
স্বাস্থ্য: আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত দেখা যায় যে এই সপ্তাহটো উৎসাহ আৰু উদ্যমেৰে পৰিপূৰ্ণ হ’ব। শক্তিৰ উচ্চ স্তৰৰ বাবে আপুনি খৰধৰকৈ কোনো সিদ্ধান্ত ল’ব পাৰে। নিজৰ শক্তি আৰু উৎসাহক নিয়ন্ত্ৰণ কৰিলে আপুনি অধিক সহজ অনুভৱ কৰিব।
উপায়: নিয়মিতভাৱে মা দুৰ্গাক পাঁচপাহ ৰহা ৰঙৰ গোলাপ অৰ্পণ কৰক।
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 2, 11, 20, 29 তাৰিখে হৈছে)
এই সপ্তাহত মূলাংক 2 ৰ মহিলা আৰু পুৰুষ সকলে ভিন ভিন শক্তি অনুভৱ কৰিব। এই সপ্তাহত পুৰুষসকলৰ নিজৰ আৱেগক বুজিবলৈ আৰু সেয়া ব্যক্ত কৰিবলৈ কিছু অসুবিধা হ’ব পাৰে আৰু এই কাৰণবশতঃ তেওঁলোকৰ আত্মবিশ্বাসৰ উঠা-নমা হ’ব পাৰে। অৱশ্যে মূলাংক 2 ৰ মহিলাসকলে এই সপ্তাহত নিজকে উন্নত কৰি তুলিব আৰু নিজৰ আৱেগক আত্মবিশ্বাসেৰে সৈতে চম্ভালিবলৈ সক্ষম হ’ব।
প্ৰেম জীৱন: এই মূলাংকৰ জাতকসকল আৱেগকিভাৱে অশান্ত হৈ থকাৰ বাবে সম্পৰ্কত সমস্যাৰ সম্মুখীন হ’বলগীয়া হ’ব পাৰে কিন্তু মূলাংক 2 ৰ মহিলাসকলে নিজৰ শান্ত আৰু পৰিপক্ক আচৰণৰ জৰিয়তে নিজৰ সঙ্গীৰ সৈতে সম্পৰ্ক শক্তিশালী কৰি তুলিবলৈ সক্ষম হ’ব।
শিক্ষা: এই সপ্তাহত শিক্ষাৰ্থীসকলৰ মনোযোগ বাৰে বাৰে ভংগ হ’ব পাৰে আৰু এই কাৰণবশতঃ পঢ়া-শুনাত মনোযোগ বহুৱাবলৈ অসুবিধা পাব পাৰে। ইয়াৰ বাবে আপুনি আগলৈ সমস্যাৰ সম্মুখীন হ’ব পাৰে।
বৃত্তিগত জীৱন: কেৰিয়াৰৰ ক্ষেত্ৰত দেখা যায় মূলাংক 2 ৰ জাতকসকলৰ বাবে এই সপ্তাহটো অনুকূল হ’ব। চৰকাৰৰ সহযোগৰ বাবে আপুনি লাভাম্বিত হ’ব পাৰে। ইয়াৰ বাহিৰেও অংশীদাৰিত্বত কাম কৰা জাতকসকল আৰু ব্যৱসায়ীসকলৰ বাবে এই সময়খিনি লাভদায়ক হ’ব। যদিহে আপুনি ৰিয়েল ইষ্টেট, এগ্ৰিকালচাৰেল প্ৰপাৰ্টি বা প্ৰাচীন বস্তুত বিনিয়োগ কৰিছে তেনেহ’লে আপুনি লাভ প্ৰাপ্ত কৰাৰ আশা কৰিব পৰা যায়।
স্বাস্থ্য: এই সপ্তাহত মূলাংক 2 ৰ জাতকসকলক কোনো গুৰুতৰ সমস্যাই অসুবিধাত নেপেলায়। অৱশ্যে, আৱেগিক স্তৰত উঠা-নমাৰ বাবে আপোনাৰ উদ্যম হ্ৰাস পাব পাৰে। আপুনি নিজৰ আৱেগৰ ওপৰত নিয়ন্ত্ৰণ ৰখা উচিত।
উপায়: দৈনিক ভগৱান শিৱক গাখীৰ অৰ্পণ কৰক।
কেৰিয়াৰক লৈ হৈ আছে টেনশ্যন! এতিয়াই অৰ্ডাৰ কৰক কগ্নিএষ্ট্ৰো প্ৰতিৱেদন ।
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 3, 12, 21, 30 তাৰিখে হৈছে)
মূলাংক 3 ৰ জাতকসকলক এই সপ্তাহত বাহিৰৰপৰা আত্মবিশাসেৰে পৰিপূৰ্ণ যেন দেখা যাব কিন্তু ভিতৰৰপৰা তেওঁলোক আধ্যাত্মিক বিকাশক লৈ চিন্তিত আৰু দোমাজত থাকিব। যেতিয়ালৈকে আপুনি আনৰ সহায় আৰু সেৱা নকৰে তেতিয়ালৈকে আপুনি শিকা আৰু আত্মধ্যানৰপৰা সন্তুষ্টি আৰু সকাহ নাপাব। সেয়েহে অভাৱী লোকক সহায় কৰাৰ পৰামৰ্শ দিয়া হৈছে।
প্ৰেম জীৱন: যদিহে আপুনি চিংগল তেনেহ’লে আপুনি এই সপ্তাহত কেইবাটাও প্ৰেমৰ প্ৰস্তাৱ লাভ কৰিব পাৰে কিন্তু সম্পৰ্ক আৰম্ভ কৰাৰ পূৰ্বে ভাবি-চিন্তি চোৱাৰ আৰু সাৱধানতা অৱলম্বন কৰাৰ পৰামৰ্শ দিয়া হৈছে। আনহাতে যদিহে আপুনি বিবাহিত তেনেহ’লে আপুনি নিজৰ জীৱনসঙ্গীক ভালপোৱা আৰু সহযোগিতা দিয়াৰ প্ৰয়োজন আছে।
শিক্ষা: মূলাংক 3 ৰ যিসকল শিক্ষাৰ্থী প্ৰশাসনিক পদ যেনে চিভিল চাৰ্ভিচ বা কোনো চৰকাৰী চাকৰিৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰি আছে তেওঁলোকৰ বাবে এই সপ্তাহটো অত্যন্ত সুন্দৰ হ’ব। যিসকল শিক্ষাৰ্থীয়ে গৱেষণা কৰি আছে বা পিএইচ ডি কৰি আছে তেওঁলোকো এই সপ্তাহত লাভাম্বিত হ’ব।
বৃত্তিগত জীৱন: কেৰিয়াৰৰ ক্ষেত্ৰত মূলাংক 3 ৰ জাতকসকলে উৎসাহ আৰু উদ্যমেৰে পৰিপূৰ্ণ অনুভৱ কৰিব। কিন্তু নিজৰ প্ৰচেষ্টাৰপৰা আকাংক্ষিত ফলাফল লাভ নকৰাৰ বাবে আপোনাৰ এনে অনুভৱ হ’ব যেন কোনোবাই আপোনাৰ সহযোগ নকৰিলে। অৱশ্যে, নেতৃত্ব দিয়াসকল, পৰামৰ্শদাতা আৰু আনক অনুপ্ৰাণিত কৰা লোকসকলৰ প্ৰেষ্টাই স্বীকৃতি লাভ কৰিব।
স্বাস্থ্য: স্বাস্থ্যৰ ক্ষেত্ৰত এই সপ্তাহটো যথেষ্ট ভাল হ’ব। আপোনাক স্বাত্বিক ভোজন কৰাৰ আৰু ধ্যান আদিৰ দৰে আধ্যাত্মিক তথা শাৰীৰিক ক্ৰিয়া কৰাৰ পৰামৰ্শ দিয়া হৈছে। ইয়াৰদ্বাৰা আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু শৰীৰ দুয়োটাই শক্তিশালী হ’ব।
উপায়: দৈনিক ভগৱান গণেশৰ পূজা কৰক আৰু বুধবাৰে তেওঁক 5 টা বেচনৰ লাড়ু অৰ্পণ কৰক।
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 4, 13, 22, 31 তাৰিখে হৈছে)
মূলাংক 4 ৰ জাতকসকলৰ বাবে এই সপ্তাহটো যথেষ্ট ৰোমাঞ্চকৰ হ’ব। আপুনি এই সপ্তাহত বিভিন্ন ধৰণৰ অভিজ্ঞতা লাভ কৰিব। আপুনি সম্পূৰ্ণ আত্মবিশ্বাস আৰু উদ্যমেৰে এই সপ্তাহটোৰ আৰম্ভণই কৰিব আৰু মানুহৰ সৈতে মিলি-জুলি প্ৰতিটো মুহুৰ্ত উপভোগ কৰিব, পুৰণি বন্ধুৰপৰা বিদায় লৈ নতুন বন্ধু গঢ়ি তুলিব। অৱশ্যে, সপ্তাহটো আগবাঢ়ি যোৱাৰ লগে লগে, আপোনাৰ এইবোৰ কাৰ্য্যৰ প্ৰতি আগ্ৰহ কমি আহিব আৰু আপুনি সমাজখনক কিবা এটা দিয়াৰ আৰু আনক সহায় কৰাৰ সুযোগৰ সন্ধান কৰিব।
প্ৰেম জীৱন: এই সপ্তাহত মূলাংক 4 ৰ জাতকসকলে নিজৰ সঙ্গীৰ সৈতে ক’ৰবাত ফুৰিবলৈ যোৱাৰ বা ডে’টত যোৱাৰ পৰিকল্পনা কৰিব পাৰে। আপোনালোক দুয়োৱে পৰস্পৰৰ সৈতে সময় কটোৱাৰ সুযোগ লাভ কৰিব। অৱশ্যে ইয়াৰ লগতে আপুনি এই কথাৰ প্ৰতিও মনোযোগ ৰাখিব লাগিব যাতে আপোনাৰ অহংকাৰে আপোনাৰ সঙ্গীৰ সৈতে সম্পৰ্কক প্ৰভাৱিত নকৰে।
শিক্ষা: মূলাংক 4 ৰ শিক্ষাৰ্থীসকল এই সপ্তাহত এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজত জড়িত হৈ থকাৰ বাবে পঢ়া-শুনাত কিছু পিছ পৰি ৰ’ব পাৰে। এয়া উচিত নহয় আৰু ইয়াৰ ফলস্বৰূপে আপুনি সমস্যাৰ সম্মুখীন হ’ব পাৰে। আপোনাক এয়া পৰামৰ্শ দিয়ৈ হৈছে যে আপুনি অন্য কাম-কাজৰ লগতে পঢ়া-শুনাতো নিৰন্তৰতা বজাই ৰখাৰ প্ৰয়াস কৰা উচিত।
বৃত্তিগত জীৱন: মূলাংক 4 ৰ জাতকসকলৰ বাবে এই সপ্তাহটোৰ আৰম্ভণই ভা হ’ব। যদিহে আপুনি মনোৰঞ্জনৰ ক্ষেত্ৰত অভিনেতা, ইউটিউবাৰ বা চ’চিয়েল মিডীয়া ইনফ্লুৱেন্সাৰ হিচাপে কৰ্মৰত তেনেহ’লে এই সপ্তাহটো আপোনাৰ বাবে ভাল হ’ব। আপুনি এই সপ্তাহত ধন উপাৰ্জন কৰাৰ সলনি কোনো ডাঙৰ উদ্দেশ্যৰ বাবে কাম কৰিব।
স্বাস্থ্য: এই সপ্তাহত মূলাংক 4 ৰ জাতকসকলক বিশেষ কোনো স্বাস্থ্যজনিত সমস্যাই অসুবিধাত নেপলায়। সলৰ ভাষাত ক’বলৈ গ’লে অধিক মদ সেৱন কৰাৰ বাবে আপোনাৰ স্বাস্থ্যৰ অৱনতি হ’ব পাৰে। ইয়াৰপৰা বাচিবৰ বাবে আপোনাক বেছি পাৰ্টী নকৰাৰ আৰু মানুহৰ সৈতে অধিক মিলা-মিছা নকৰাৰ পৰামৰ্শ দিয়া হৈছে।
উপায়: নিয়মিতভাৱে মা কালীৰ পূজা কৰক।
এতিয়া ঘৰত বহিয়েই বিশেষজ্ঞ পুৰোহিতৰদ্বাৰা কৰাওক ইচ্ছানুসৰি অনলাইন পূজা আৰু লাভ কৰক উত্তম পৰিণাম!
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 5, 14, 23 তাৰিখে হৈছে)
মূলাংক 5 ৰ জাতকসকলৰ বাবে এই সপ্তাহটো ভাল হ’ব। আপুনি স্পষ্ট আৰু চিধা কথা ক’ব আৰু আপোনাৰ কথাত আত্মবিশ্বাস পৰিস্ফূট হ’ব। ইয়াৰ জৰিয়তে আপুনি শক্তিশালী মানুহৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰিব। ইয়াৰ বাবে আপুনি ভৱিষ্যতেও লাভাম্বিত হ’ব। অৱশ্যে, আপুনি এই কথাৰ প্ৰতি মনোযোগ ৰাখিব লাগিব যে আপোনাৰ আত্মবিশ্বাস যাতে অহংকাৰ আৰু ফুটনিলৈ পৰিৱৰ্তিত নহয় আৰু আপুনি যাতে কঠোৰ ভাৱে কথা নকয়।
প্ৰেম জীৱন: প্ৰেমৰ ক্ষেত্ৰত মূলাংক 5 ৰ জাতকসকলৰ বাবে এই সপ্তাহটো যথেষ্ট ভাল হ’ব। আপুনি নিজৰ জীৱনত অনুকূল ফল লাভ কৰিব আৰু বিবাহিত জাতকসকল সুখী হ’ব। অৱশ্যে, যিসকল জাতক নিজৰ সঙ্গীৰ প্ৰতি সৎ নহয় তেওঁলোক জটিলতাৰ সম্মুখীন হ’বলগীয়া হ’ব পাৰে।
শিক্ষা: মূলাংক 5 ৰ শিক্ষাৰ্থীসকলে এই সপ্তাহৰ আৰম্ভণিতে নিজৰ শিক্ষাৰ ক্ষেত্ৰলৈ অহা বাধাসমূহৰ সম্মুখীন হ’বৰ বাবেআৰু সেইবোৰ অতিক্ৰম কৰিবৰ বাবে অধিক প্ৰয়াস কৰাৰ প্ৰয়োজন আছে। অৱশ্যে, সপ্তাহটো শেষ হোৱালৈ আপুনি নিজৰ দৃঢ়তা আৰু কঠোৰ পৰিশ্ৰমৰদ্বাৰা এই বাধাসমূহ অতিক্ৰম কৰিবলৈ সক্ষম হ’ব।
বৃত্তিগত জীৱন: যদিহে আপুনি লাগজ্যৰী ট্ৰেভেল আৰু ট্যুৰ ইণ্ডাষ্ট্ৰীত কাম কৰে অথবা লাগজ্যৰী ইলেক্ট্ৰনিক উপকৰণ বনায় তেনেহ’লে আপোনাৰ বাবে এই সপ্তাহটো লাভকাৰী হ’ব। আকৌ চ’চিয়েল মিডীয়া মেনেজাৰ, অভিনেতা, গায়ক বা শিল্পীসকলেও নিজৰ কেৰিয়াৰত উন্নতি দেখা পাব।
স্বাস্থ্য: মূলাংক 5 ৰ জাতকসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত দেখা যায় যে এই সপ্তাহত আপোনাৰ এলাৰ্জী আৰু ছালৰ সৈতে জড়িত সমস্যা হোৱাৰ আশংকা আছে। সেয়েহে আপোনাৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি মনোযোগ ৰখাৰ, হাইড্ৰেটেড হৈ থকাৰ আৰু পোক-পৰুৱাই কামোৰাৰপৰা বাছি থকাৰ পৰামৰ্শ দিয়া হৈছে।
উপায়: দৈনিক গাই গৰুক সেউজীয়া পাচলি খুৱাওক।
আপোনাৰ কুণ্ডলীত আছে নেকি ৰাজযোগ? জানক আপোনাৰ ৰাজযোগ প্ৰতিৱেদন
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 6, 15, 24 তাৰিখে হৈছে)
মূলাংক 6 ৰ জাতকসকলৰ বাবে এই সপ্তাহটো যথেষ্ট সফল আৰু লাভদায়ক হোৱাৰ সম্ভাৱনা দেখা গৈছে। অৱশ্যে, এই সময়খিনিত আপোনাৰ মানসিকতা কিছু ভিন্ন হ’ব পাৰে। এইখিনি সময়ত আপুনি আনৰ বাবে মনোযোগ অধিক দিব আৰু আপোনাক নিজকে কেনে দেখা গৈছে তাৰ প্ৰতি আপুনি গুৰুত্ব নিদিব অথবা আপুনি নিজৰ বাবে মনোযোগ নিদিব। আপুনি আনক অধিক প্ৰাথমিকতা দিব আৰু অভাৱী লোকৰ যথেষ্ট সহায় কৰিব। এনে কৰাটো প্ৰশংসনীয় কিন্তু নিজৰ স্বাস্থ্যৰ প্ৰতি ধ্যান ৰখাটোও জৰুৰী সেয়েহে নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন লওক।
প্ৰেম জীৱন: মূলাংক 6 ৰ জাতকসকলে পইচাৰ ক্ষেত্ৰতে হওক, স্নেহৰ ক্ষেত্ৰতে হওক বা আনৰ প্ৰতি মনোযোগ দিয়াৰ ক্ষেত্ৰতেই হওক, তেওঁলোকে সকলো প্ৰকাৰে অভাৱী লোকৰ সহায় কৰিব। সাধাৰণভাৱে চাবলৈ গ’লে এয়া এক সৎ কৰ্ম কিন্তু ইয়াৰ ফলস্বৰূপে আপোনাৰ সঙ্গীয়ে গুৰুত্বহীন আৰু উপেক্ষিত অনুভৱ কৰিব পাৰে আৰু এই কাৰণবশতঃ আপোনালোক দুয়োৰে মাজত মতভেদ হ’ব পাৰে। আপোনাক এই স্থিতি ভালদৰে চম্ভালি লোৱাৰ আৰু পৰিস্থিতি সন্তুলিত কৰাৰ পৰামৰ্শ দিয়া হৈছে।
শিক্ষা: এই মূলাংকৰ যিসকল শিক্ষাৰ্থীৰ সৃষ্টিশীল বিষয়ৰ প্ৰতি আগ্ৰহ আছে, সেয়া লাগিলে অভিনয় হওক, গায়কী হওক, কবিতা বা ডিজাইনিং হওক, তেওঁলোকৰ বাবে এই সপ্তাহটো ভাল হ’ব। যিসকল জাতকে ভাল প্ৰদৰ্শন কৰিব আৰু পূৰ্বতে কৰা তেওঁলোকৰ কঠোৰ পৰিশ্ৰমে স্বীকৃতি লাভ কৰিব। ইয়াৰ উপৰিও আৰ্ট্চ, মানৱ অধিকাৰ আৰু সামাজিক বিজ্ঞানৰ অধ্যয়ন কৰি থকা শিক্ষাৰ্থীসকলে গৱেষণা কৰিব আৰু নিজৰ চিন্তা বা বিচাৰ আনৰ সম্মুখত উপস্থাপন কৰিব।
বৃত্তিগত জীৱন: মূলাংক 6 ৰ যিসকল জাতকে এনজিঅ’, সমাজলৈ শুধৰণি অনা অন্যান্য সংস্থা বা দৰিদ্ৰ আৰু বঞ্চিত লোকৰ বাবে ধন সংগ্ৰহ কৰা কোনো সংস্থাত কাম কৰে তেওঁলোকৰ বাবে এই সপ্তাহটো লাভদায়ক হ’ব।
স্বাস্থ্য: আপোনাক এই সপ্তাহত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি মনোযোগ ৰখাৰ আৰু স্বাস্থ্যৰ প্ৰতি সজাগ হৈ থকাৰ পৰামৰ্শ দিয়া হৈছে। কামৰ হেঁচাৰ বাবে আপুনি যাতে নিজৰ প্ৰতি গুৰুত্ব কমাই নিদিয়ে। ইয়াৰ উপৰিও আপুনি নিজৰ ব্যক্তিতৰ বিকাশৰ প্ৰতি মনোযোগ দিয়া উচিত।
উপায়: আপুনি নেত্ৰহীন বিদ্যালয়লৈ গৈ শিশুসকলক কিবা দান দিয়ক।
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 7, 16, 25 তাৰিখে হৈছে)
মূলাংক7 ৰ জাতকসকলৰ বাবে এই সপ্তাহটো যথেষ্ট ভাল হ’ব। আপুনি উৎসাহ আৰু আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ থাকিব। ইয়াৰ ফলস্বৰূপে আপুনি নিজৰ উদ্দেশ্য প্ৰাপ্ত কৰিবলৈ সক্ষম হ’ব। ইয়াৰদ্বাৰা আপুনি শান্ত আৰু ৰিলেক্সড্ অনুভৱ কৰিব আৰু পৰোপকাৰী তথা আধ্যাত্মিক পৃথিৱীৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধি পাব।
প্ৰেম জীৱন: এই সপ্তাহত আপুনি নিজৰ সম্পৰ্কক লৈ যথেষ্ট উদ্যমী হৈ থাকিব। আপুনি নিজৰ সঙ্গীক সুখী কৰিবৰ বাবে বহুতো প্ৰয়াস কৰিব। অৱশ্যে, নিজৰ প্ৰেমক লৈ পজেচিভ হোৱাটো পৰিহাৰ কৰা উচিত কাৰণ আপোনাৰ ৰোমাণ্টিক জীৱনৰ ওপৰত ইয়াৰ নেতিবাচক প্ৰভাৱ পৰিব পাৰে।
শিক্ষা: মূলাংক 7 ৰ যিসকল শিক্ষাৰ্থীয়ে ইউপিএচচি বা পুলিচ বা ৰক্ষা বলৰ দৰে পদৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে এই সপ্তাহটো লাভজনক হ’ব। ইয়াৰ উপৰিও স্কুলীয়া শিক্ষাৰ্থীসকলে নিজে বাছনি কৰা খেলত বিশেষকৈ মাৰ্শ্যেল আৰ্টচত ভাল প্ৰদৰ্শন কৰিব আৰু তেওঁলোকৰ বাবে এই সপ্তাহটো ইতিবাচক হ’ব। যিসকল শিক্ষাৰ্থীয়ে সেনাবাহিনী বা পুলিচ বলৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অধ্যয়ন কৰি আছে তেওঁলোকেও সফলতা প্ৰাপ্ত কৰাৰ যোগ আছে।
বৃত্তিগত জীৱন: এই সপ্তাহত মূলাংক 7 ৰ জাতকসকলে নিজৰ বৃত্তিগজ বিশেষজ্ঞতাৰ জৰিয়তে আৰ্থিক লাভ প্ৰাপ্ত কৰাৰ যোগ আছে। নিজৰ অতিৰিক্ত উপাৰ্জনৰ জৰিয়তে আপুনি নিজৰ বাবে ডাঙৰ পুঁজি জমা কৰিব পাৰিব। যদিহে আপোনাৰ উপাৰ্জনৰ কোনো অতিৰিক্ত উৎস নাই তেনেহ’লে আপুনি এনে ধৰণৰ সুযোগৰ সন্ধান কৰিবলৈ আৰম্ভ কৰা উচিত। আপুনি নিশ্চিতভাৱে কোনো উৎস লাভ কৰিব।
স্বাস্থ্য: মূলাংক 7 ৰ জাতকসকলৰ স্বাস্থ্যৰ বাবে এই সপ্তাহটো অতি ভাল হ’ব। আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু স্বাস্থ্য দুয়োটাই শক্তিশালী হ’ব। আপোনাক এই সুস্বাস্থ্য অটুত ৰাখিবৰ বাবে ব্যায়াম, সন্তুলিত আহাৰ আৰু ধ্যান কৰাৰ পৰামৰ্শ দিয়া হৈছে।
উপায়: আপুনি কোনো বিশেষজ্ঞ জ্যোতিষীৰ পৰামৰ্শ লৈ লহচুনিয়া ৰত্ন বা ব্ৰেচলেট ধাৰণ কৰক। ইয়াৰদ্বাৰা আপোনাৰ সৌভাগ্য বৃদ্ধি হ’ব।
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 8, 17, 26 তাৰিখে হৈছে)
এই সপ্তাহটো মূলাংক 8 ৰ জাতকসকলৰ বাবে সুযোগেৰে পৰিপূৰ্ণ হ’ব কিন্তু আপুনি কিছু আলস্য অনুভৱ কৰিব। এই কাৰবশতঃ আপোনাৰ হাতৰপৰা ব্যক্তিগত বিকাশ আৰু সফলতাৰ কিছুমান ভাল সুযোগ হেৰাই যাব পাৰে। আপোনাক আলস্যতাৰপৰা আতৰি থকাৰ, আৰু সম্পূৰ্ণ সামৰ্থ্য অনুসৰি কাম কৰাৰ পৰামৰ্শ প্ৰদান কৰা হৈছে।
প্ৰেম জীৱন: এই সপ্তাহটো বিবাহ আৰু প্ৰেম সম্পৰ্কী. কথা পাতিবৰ বাবে লাভজনক হ’ব। এই সময়খিনিৰ আনন্দ উপভোগ কৰক আৰু অহংকাৰী বা অভিমানী হৈ নুঠিব কাৰণ ইয়াৰদ্বাৰা আপোনাৰ লোকচান হ’ব পাৰে। আপোনাৰ সঙ্গীয়ে আপোনাক সুখী কৰিবলৈ আৰু আপোনাৰ সৈতে সময় কটাবলৈ কঠোৰ পৰিশ্ৰম কৰা দেখা যাব।
শিক্ষা: যিসকল শিক্ষাৰ্থীয়ে ইঞ্জিনিয়াৰিঙৰ অধ্যয়ন কৰি আছে বা ইয়াৰ বাবে প্ৰস্তুতি চলাই আছে বা কোনো কাৰিকৰী ক্ষেত্ৰত কাম কৰে তেওঁলোকৰ বাবে এই সপ্তাহটো ভাল হ’ব। আপুনি কঠোৰ পৰিশ্ৰম আৰু নিৰন্তৰ প্ৰয়াস কৰাৰ ওপৰত মনোযোগ দিব লাগিব।
বৃত্তিগজ জীৱন: এই সপ্তাহত আপুনি এনে অনুভৱ কৰিব যেন আপুনি নিজৰ প্ৰচেষ্টাৰ ফল লাভ কৰা নাই। এই কাৰণবশতঃ আপুনি নিজৰ কামত যথেষ্ট অসন্তুষ্ট অনুভৱ কৰিব। ইয়াৰ ফলত আপুনি কিবা এটা নতুন কৰাৰ কথা ভাবিব যি আপোনাক উন্নতি আৰু সন্তুষ্টি দিব আৰু আপোনাৰ জীৱনে এক নতুন গতি লাভ কৰিব।
স্বাস্থ্য: এই সপ্তাহত আপুনি স্বাস্থ্যক লৈ অধিক চিন্তিত হোৱাৰ প্ৰয়োজন নাই কিন্তু আপোনাক অধিক সক্ৰিয় হৈ থকাৰ আৰু আলস্য ত্যাগ কৰাৰ পৰামৰ্শ দিয়া হৈছে কাৰণ এইদৰে আপুনি এক উন্নত ভ্যক্তিত্ব গঢ়ি তুলিব পাৰিব।
উপায়: বাটৰ কুকুৰৰ প্ৰতি চকু দিয়ক আৰু সিহঁতক খাদ্য খুৱাওক।
পাওক আপোনাৰ কুণ্ডলী আধাৰিত শনি প্ৰতিৱেদন
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 9, 18, 27 তাৰিখে হৈছে)
এই সপ্তাহটো আপোনাৰ জীৱনৰ প্ৰয়াবোৰ ক্ষেত্ৰৰ বাবে ভাল প্ৰমাণিত হ’ব। ব্যক্তিগত জীৱেই হওক বা কেৰিয়াৰেই হওক, এই সপ্তাহটো আপোনাৰ বাবে অনুকূল হ’ব। এই সপ্তাহত আপোনাৰ ভিতৰত কঠোৰ পৰিশ্ৰম কৰিবৰ বাবে আৰু নিজৰ লক্ষ্যত উপনীত হ’বৰ বাবে যথেষ্ট উদ্যম আৰু শক্তি থাকিব। ইয়াৰ বাহিৰেও আপোনাৰ উপলব্ধিসমূহে ভৱিষ্যতে আপোনাক সহায় কৰিব আৰু আপোনাৰ ওপৰত আপোনাৰ জেষ্ঠ্য বিষয়াসকলৰ দৃষ্টি পৰিব পাৰে। আপুনি কথা কোৱাৰ সময়ত সাৱধানতা অৱলম্বন কৰা উচিত কাৰণ আপোনাৰ আক্ৰমণাত্মক মনোভাৱে অনিচ্ছাকৃতভাৱে আনৰ লোকচান কৰিব পাৰে।
প্ৰেম জীৱন: মূলাংক 9 ৰ জাতকসকলৰ প্ৰেম আৰু ৰোমাঞ্চৰ ক্ষেত্ৰত দেখা যায় যে, এই সপ্তাহত আপুনি নিজৰ মনোভাৱ ভালদৰে ব্যক্ত কৰিব পাৰিব আৰু আপুনি উদ্যম তথা জেদেৰে পৰিপূৰ্ণ হৈ থাকিব। আপুনি নিজৰ প্ৰেম জীৱনক সকলোতকৈ অধিক প্ৰাথমিকতা দিব। আপুনি নিজৰ সঙ্গীৰ পছন্দ আৰু আগ্ৰহৰ প্ৰতি ধ্যান ৰাখিব কিন্তু আপুনি এই ক্ষেত্ৰত অত্যাধিক কৰাটোও উচিত নহ’ব কাৰণ এনে কৰাৰ বাবে এনেকুৱা লাগিব পাৰে যেন আপুনি নিজৰ সঙ্গীৰ প্ৰতি পজেচিভ হৈ পৰিছে আৰু এই কাৰবশতঃ আপোনালোক দুয়োৰে মাজত ভুল বুজাবুজি আৰু যুক্তি-তৰ্ক হ’ব পাৰে।
শিক্ষা: মূলাংক 9 वाৰ শিক্ষাৰ্থীসকল নিজৰ পঢ়া-শুনাত ব্যস্ত হৈ থাকিব আৰু নিজৰ বিষয়সমূহৰ ওপৰত মনোযোগ দিব। ইয়াৰ ফলত আপোনাৰ শিকাৰ ক্ষমতা বৃদ্ধি হ’ব। যিসকল শিক্ষাৰ্থীয়ে উচ্চ শিক্ষা যেনে মাষ্টাৰ বা ডক্টৰেট কৰি আছে তেওঁলোকে এই সপ্তাহত নিজৰ শিক্ষক আৰু পৰামৰ্শদাতাৰপৰা লাভ কৰা সহযোগৰ বাবে লাভাম্বিত হোৱাৰ সম্ভাৱনা আছে।
বৃত্তিগত জীৱন: এই সপ্তাহত আপোনাৰ সম্পূৰ্ণ মনোযোগ নিজৰ কামৰ ওপৰত থাকিব। আপুনি নিজৰ একাগ্ৰতাৰ ফলস্বৰূপে নিজৰ বৃত্তিগত দক্ষতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ব। উপলব্ধি প্ৰাপ্ত কৰাত বিলম্ব হোৱাৰ বাবে আপোনাৰ ধৈৰ্য্য নেহেৰুৱাবলৈ পৰামৰ্শ দিয়া হৈছে। আপুনি ধীৰে ধীৰে উন্নতি লাভ কৰিব। এই দীঘলীয়া সময়খিনি আপোনাৰ বাবে লাভজনক প্ৰমাণিত হ’ব।
স্বাস্থ্য: এই সপ্তাহত আপুনি উদ্যমেৰে পৰিপূৰ্ণ হৈ থাকিব আৰু আপোনাৰ স্বাস্থ্যও ভালে থাকিব কিন্তু আপুনি গাড়ী চলোৱাৰ সময়ত সাৱধানতা অৱলম্বন কৰিব লাগিব কাৰণ এই সপ্তাহত আপুনি আঘাতপ্ৰাপ্ত হোৱাৰ সম্ভাৱনা আছে।
উপায়: আপুনি দৈনিক হমুমানজীৰ পূজা কৰক আৰু মঙ্গলবাৰে তেওঁক বুন্দিয়াৰ প্ৰসাদ আগবঢ়াক।
সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক: অনলাইন শ্বপিং ষ্টোৰ
আমি আশা কৰিছোঁ যে আমাৰ এই প্ৰৱন্ধটো আপুনি নিশ্চয় ভাল পাইছে। যদিহে ভাল পাইছে তেনেহ’লে আপুনি ইয়াক নিজৰ শুভাকাংক্ষীসকলৰ সৈতে শ্যেয়াৰ কৰিব। ধন্যবাদ!
1. অংক জ্যোতিষ কেনেদৰেে চোৱা হয়?
উত্তৰ. মূলাংকৰ আধাৰত অংক জ্যোতিষত ভৱিষ্যত গণনা কৰা হয়।
2. কোনটো মূলাংক সকলোতকৈ ভাল?
মূলাংক 7 ক ভাল বুলি গণ্য কৰা হয়।
3. মূলাংক 1 ৰ স্বামী গ্ৰহ কোনটো?
এই অংকৰ স্বামী হৈছে সূৰ্য্য।