অংকজ্যোতিষ সাপ্তাহিক ভৱিষ্যতফল জনাৰ ক্ষেত্ৰত অংক জ্যোতিষ মূলাংকৰ যথেষ্ট ভূমিকা আছে। মূলাংকক জাতকৰ জীৱনৰ গুৰুত্বপূৰ্ণ সংখ্য হিচাপে বিবেচনা কৰা হয়। আপোনাৰ জন্ম মাহৰ যি তাৰিখে হয়, তাক একক অংকলৈ ৰূপান্তৰ কৰাৰ পিছত যি সংখ্যা প্ৰাপ্ত হয় তাকেই আপোনাৰ মূলাংক বুলি কোৱা হয়। মূলাংক 1 ৰপৰা 9 অংকৰ ভিতৰত যিকোনো হ’ব পাৰে, উদাহৰণস্বৰূপে- আপোনাৰ জন্ম কোনো মাহৰ 10 তাৰিখে হ’লে আপোনাৰ মূলাংক হ’ব 1+0 অৰ্থাৎ1 ।
এনেদৰে যি কোনো মাহৰ 1 তাৰিখৰপৰা 31 তাৰিখ পৰ্য্যন্ত জন্ম হোৱা মানুহৰ বাবে 1 ৰপৰা 9 পৰ্য্যন্ত মূলাংকৰ গণনা কৰা হয়। এইদৰে সকলো জাতকৰনিজৰ ৰুট নম্বৰ জানি লৈ তাৰ আধাৰত সাপ্তাহিক ৰাশিফলো জানিব পৰা যায়।
এয়াও পঢ়ক: ৰাশিফল 2025
পৃথিৱীৰ বিদ্বান অংক জ্যোতিষীসকলৰ সৈতে ফোনত কথা পাতক আৰু জানক কেৰিয়াৰ সম্বন্ধীয় সকলোবোৰ তথ্য
আমাৰ জীৱনত অংকজ্যোতিষৰ পোণপটীয়া প্ৰভাৱ পৰে কাৰণ আমাৰ জন্ম তাৰিখেই সংখ্য়াৰদ্বাৰা প্ৰস্তুত হয়। তলত দিয়া লিখনীটোত অৱগত কৰা হৈছে যে সকলো ব্যক্তিৰ জন্ম তাৰিখিৰ হিচাপ মতে তেওঁৰ একমূলাংক নিৰ্দ্ধাৰিত কৰা হয় আৰু এই সকলোবোৰ অংক বেলেগ বেলেগ গ্ৰহৰদ্বাৰা শাসিত।
যেনেদৰে মূলাংক1 ত সূৰ্য্য দেৱৰ আধিপত্য থাকে। চন্দ্ৰমা হৈছে মূলাংক 2 ৰ স্বামী। অংক 3ত দেৱগুৰু বৃহস্পতি ৰ স্বামীত্ব থাকে, ৰাহু হৈছে অংক 4 ৰ ৰজা। অংক 5 বুধ গ্ৰহৰ অধীন। 6 অংকৰ ৰজা হৈছে শুক্ৰ দেৱ আৰু 7 অংকৰ হৈছে কেতু গ্ৰহৰ। শনি দেৱতাক 8 ৰ স্বামী হিচাপে মনা হয়। অংক 9 হৈছে মঙ্গল দেৱৰ অংক আৰু এই গ্ৰহসমূহৰ পৰিৱহনৰ পৰিৱৰ্তনৰদ্বাৰা জাতকসকলৰ জীৱনলৈ বহুতো পৰিৱৰ্তন আহে।
বৃহৎ কুণ্ডলী ত নিহিত হৈ আছে, আপোনাৰ জীৱনৰ সকলো গোপন ৰহস্য, জানক গ্ৰহসমূহৰ গতি-বিধিৰ সম্পূৰ্ণ লেখ-জোখ
(যদিহে আপোনাৰ জন্ম কোনো এটা মাহৰ 1, 10, 19 বা 28 তাৰিখে হৈছিল)
এই মূলাংকৰ জাতকসকল প্ৰশাসনিক গুণৰ অধিকাৰী হয় আৰু ইয়াৰ সৈতেই তেওঁলোক জীৱনত আগবাঢ়ে। এই লোকসকল চিধা প্ৰকৃতিৰ হয়।
প্ৰেম জীৱন: অংক জ্যোতিষ অনুসৰিএই সময়খিনিত আপুনি নিজৰ সঙ্গীৰ সৈতে অধিক সৎ হৈ থাকিব পাৰে। ইয়াৰ জৰিয়তে আপুনি নিজৰ জীৱনসঙ্গীৰ হৃদয়ত নিজৰ বাবে স্থান দখল কৰিবলৈ সক্ষম হ’ব। আপোনাৰ সততাই আপোনালোকৰ সম্পৰ্কক নতুন ৰূপ দিব পাৰে।
শিক্ষা: এই সপ্তাহত শিক্ষাৰ্থীসকলে পঢ়া-শুনাত ভাল প্ৰদৰ্শন কৰিব। বিজনেচ এডমিনিষ্ট্ৰেশ্যন, ফাইনেন্সিয়েল একাউণ্টিং আৰু চাৰ্টাৰ্ড একাউণ্টেন্সী আদিৰ দৰে বিষয় অধ্যয়ন কৰাসকলে বিশেষভাৱে ভাল প্ৰদৰ্শন কাৰ দেখা যাব। আপুনি শিক্ষাৰ ক্ষেত্ৰত নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তুলিব পাৰিব।
বৃত্তিগত জীৱন: যদিহে আপুনি চাকৰি কৰে তেনেহ’লে আপুনি কৰ্মক্ষেত্ৰত এই সপ্তাহত অত্যন্ত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ব। ইয়াৰ লগতে আপুনি পূৰ্বতকৈ ভাল উদ্যমৰ সৈতে আগবাঢ়িব।আনহাতে ব্যৱসায়ীসকলে এই সময়খিনিত ভাল প্ৰদৰ্শন কৰিব আৰু ভাল লাভ উপাৰ্জন কৰিবলৈ সক্ষম হ’ব।
স্বাস্থ্য: এই সপ্তাহত আপোনাৰ শক্তি বৃদ্ধি হোৱা দেখা যাব যাৰ বাবে আপোনাৰ স্বাস্থ্যও ভালে থাকিব। আপুনি শাৰীৰিকভাৱে শক্তিশালী হ’ব আৰু আপোনাৰ স্বাস্থ্য উন্নত হ’ব।
উপায়: দেওবাৰে সূৰ্য্য দেৱতাক 6 মাহ পৰ্য্যন্ত পূজা কৰক।
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 2, 11, 20, 29 তাৰিখে হৈছে)
এই সপ্তাহত মূলাংক 2 ৰ জাতকসকল কিছু দোমোজাত থাকিব পাৰে। তেওঁলোকৰ বাবে কোনো ডাঙৰ বা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাটো কঠিন হ’ব।
প্ৰেম জীৱন: এই সপ্তাহত আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ মাজত স্পৰ্শকাতৰ বিষয় উৎপন্ন হ’ব পাৰে। আপোনালোক দুয়োৰে মাজত বিবাদ বা যুক্তি হোৱাৰ আশংকা দেখা গৈছে।
শিক্ষা: এই সপ্তাহত শিক্ষাৰ্থীসকলৰ পঢ়া-শুনাৰপৰা মনোযোগ ভংগ হ’ব পাৰে। যাৰ বাবে তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰিব নোৱাৰিব পাৰে। সেইবাৰে তেওঁলোকে পঢ়া-শুনা অধিক মনপুতি কৰাৰ প্ৰয়োজনীয়তা আছে। আপুনি ভাল প্ৰদৰ্শন কৰিবৰ বাবে নিজৰ কৌশলসমূহত গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে।
বৃত্তিগত জীৱন: চাকৰিয়াল জাতকসকলৰ কামৰ সময়ত মনোযোগ ভংগ হ’ব পাৰে আৰু ইয়াৰ কাৰণে তেওঁলোক প্ৰদৰ্শন বেয়া হ’ব পাৰে। আনহাতে ব্যৱসায়ীসকলেও এইছোৱা সময়ত অধিক লাভ উপাৰ্জন কৰিবৰ বাবে সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰিব পাৰে।
স্বাস্থ্য: এই সপ্তাহত আপোনাৰ কাহ-জ্বৰ হ’ব পাৰে। আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱাৰ বাবে এনে হ’ব পাৰে।
উপায়: মঙ্গলবাৰে মা পাৰ্বতীৰ বাবে যজ্ঞ-হোম কৰক।
কেৰিয়াৰক লৈ হৈ আছে টেনশ্যন! এতিয়াই অৰ্ডাৰ কৰক কগ্নিএষ্ট্ৰো প্ৰতিৱেদন ।
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 3, 12, 21, 30 তাৰিখে হৈছে)
এই মূলাংকৰ জাতকসকল মুকলি চিন্তাধাৰাৰ অধিকাৰী হয় আৰু এনে চিন্তাই তেওঁলোকক জীৱনত আগবাঢ়ি যোৱাত সহায় কৰে।
প্ৰেম জীৱন: এই সপ্তাহত আপোনাৰ আৰু আপোনাৰ সঙ্গীৰ মাজৰ সম্পৰ্কত সুখ-আনন্দ হ্ৰাস পাব পাৰে। অহংকাৰ সম্পৰ্কীয় সমস্যাৰ বাবে আপোনালোকৰ সম্পৰ্ক প্ৰভাৱিত হ’ব পাৰে।
শিক্ষা: এই সময়ত শিক্ষাৰ্থীসকলৰ পঢ়া-শুনাৰ প্ৰতি আগ্ৰহ কম হ’ব পাৰে যাৰ ফলত কিছু সময়ৰ বাবে তেওঁলোকৰ প্ৰগতি বাধাপ্ৰাপ্ত হ’ব পাৰে। ইয়াৰ বাবে আপুনি ভাল নম্বৰ লাভ কৰাৰ ক্ষেত্ৰত পিছ পৰি ৰ’ব পাৰে।
বৃত্তিগত জীৱন: চাকৰিয়াল জাতকসকলে এইখিনি সময়ত নিজৰ কামৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। এই সময়ত আপোনাৰ বিকাশৰ গতি মন্থৰ হ’ব পাৰে। আনহাতে ব্যৱসায়ীসকলে কম লাভ প্ৰাপ্ত কৰিয়েই সন্তুষ্ট থাকিব লাগিব।
স্বাস্থ্য: শাৰীৰিক স্বাস্থ্য়ৰ ক্ষেত্ৰত ক’ব পৰা যায় যে, আপোনাৰ কলেষ্ট্ৰলৰ সমস্যা হ’ব পাৰে। ইয়াৰপৰা বাচিবৰ বাবে চৰ্বিযুক্ত খাদ্য পৰিহাৰ কৰিব লাগিব।
উপায়: বৃহস্পতিবাৰে বৃহস্পতি গ্ৰহৰ বাবে যজ্ঞ-হোম কৰক।
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 4, 13, 22, 31 তাৰিখে হৈছে)
এই মূলাংকৰ জাতকসকল অধিক পৰিপক্ক হয়। এইসকল লোক ভৌতিক বস্তুক লৈ অধিক জেদী হয় আৰু ইয়াত দৃঢ়তাৰে বিশ্বাস ৰাখে।
প্ৰেম জীৱন: এই সপ্তাহত আপুনি নিজৰ জীৱনসঙ্গীৰ সৈতে অধিক সুখী হ’ব নোৱাৰিব পাৰে। আপোনালোকৰ দুয়োৰে মাজৰ অহংকাৰ সম্বন্ধীয় সমস্যাৰ বাবে এনে হ’ব পাৰে। আপোনাক এনেধৰণৰ স্থিতিৰপৰা বাচিবলৈ পৰামৰ্শ দিয়া হৈছে।
শিক্ষা: অংক জ্যোতিষ অনুসৰিএই সময়খিনিত শিক্ষাৰ্থীসকলৰ পঢ়া-শুনাৰ প্ৰতি আগ্ৰহ কম হ’ব পাৰে আৰু তেওঁলোকৰ উৎসাহো হ্ৰাস পাব পাৰে। এই কাৰণবশতঃ আপুনি এই সপ্তাহত শিক্ষাৰ ক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰিব নোৱাৰিব পাৰে।
বৃত্তিগত জীৱন: চাকৰিয়াল জাতকসকলে এইখিনি সময়ত নিজৰ কৰ্মক্ষেত্ৰত নিজৰ যোগ্যতা প্ৰদৰ্শন কৰিবলৈ অসমৰ্থ হ’ব পাৰে যাৰ ফলত ফলাফল আপোনাৰ পক্ষত নহ’ব পাৰে।যদিহে আপুনি ব্যৱসায় কৰে, তেনেহ’লে আপুনি ভাল লাভ অৰ্জন কৰিবলৈ সক্ষম হ’ব।
স্বাস্থ্য: এই সপ্তাহত আপোনাৰ শাৰীৰিক স্বাস্থ্য সিমান ভালে নাথাকিব। আপোনাৰ শক্তি হ্ৰাস পোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ বাবে আপোনাৰ উৎসাহ কমি যাব পাৰে।
উপায়: দৈনিক 22 बार 'ॐ राहवे नम:' मंत्र का जाप करें।
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 5, 14, 23 তাৰিখে হৈছে)
এই মূলাংকৰ জাতকসকলে দ্ৰুততাৰে উন্নতি কৰে আৰু শ্যেয়াৰ বজাৰৰপৰা লাভ অৰ্জন কৰাৰ প্ৰতি তেওঁলোকৰ অধিক আগ্ৰহ থাকিব পাৰে। ইয়াৰ উপৰিও এই জাতকসকলৰ মাজত অধিক জেদ দেখা পোৱা যাব পাৰে।
প্ৰেম জীৱন: এই সপ্তাহত আপুনি নিজৰ সঙ্গীৰ সৈতে হাঁহি-স্ফূৰ্তি কৰি কটাব। इইয়াৰ দ্বাৰা আপোনালোক দুয়োৰে সম্পৰ্ক শক্তিশালী হ’ব।
শিক্ষা: বৃত্তিগত পাঠ্যক্ৰম যেনে চফটৱেৰ ইঞ্জিনিয়াৰিং, চফটৱেৰ টেষ্টিং আদিৰ দৰে অধ্যয়ন কৰি থকা শিক্ষাৰ্থীসকলে ভাল প্ৰদৰ্শন কৰিব পাৰিব। এই বিষয়বোৰত আপুনি ভাল নম্বৰ লাভ কৰিব।
বৃত্তিগত জীৱন: চাকৰিয়াল জাতকসকলে নিজৰ দক্ষতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ব আৰু এইদৰে আপুনি নিজৰ কেৰিয়াৰত আগবাঢ়ি যোৱাৰ সুযোগ প্ৰাপ্ত কৰিব। এই সপ্তাহত ব্যৱসায়ীসকলে ভাল লাভ উপাৰ্জন কৰিব পাৰিব আৰু নিজৰ প্ৰতিদ্বন্দীসকলক কঠোৰ প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ সক্ষম হ’ব।
স্বাস্থ্য: এই সপ্তাহত আপোনাৰ স্বাস্থ্য ভালে থাকিব। আপোনাৰ আত্মবিশ্বাস আৰু শ্কতি বৃদ্ধি হোৱাৰ ফলত এনে হ’ব পাৰে।
উপায়: আপুনি দৈনিক 41 বাৰ 'ঔঁ নমো ভগৱতে বাসুদেৱায়' মন্ত্ৰ জপ কৰক।
আপোনাৰ কুণ্ডলীত আছে নেকি ৰাজযোগ? জানক আপোনাৰ ৰাজযোগ প্ৰতিৱেদন
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 6, 15, 24 তাৰিখে হৈছে)
মূলাংক 6 ৰ জাতকসকলৰ স্বভাৱ সাধাৰণতে প্ৰেমপূৰ্ণ হয় আৰু এই কাৰণবশতঃ এইসকল লোকৰ অধিক উৎসাহ আৰু সন্তুষ্টি অনুভৱ হ’ব পাৰে। এই লোকসকলৰ দীৰ্ঘ দূৰত্বৰ যাত্ৰা কৰাৰ প্ৰতিও আগ্ৰহ থাকে।
প্ৰেম জীৱন: এই সপ্তাহতআপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ সম্পৰ্ক শক্তিশালী হ’ব। আপুনি নিজৰ জীৱনসঙ্গীৰ সৈতে ভাল সময় কটোৱাৰ সুযোগ লাভ কৰিব আৰু আপোনালোকৰ সম্পৰ্কলৈ সুখ-আনন্দ আহিব।
শিক্ষা: এই সপ্তাহত শিক্ষাৰ্থীসকলৰ দক্ষতাই প্ৰশংসা বুটলিব পাৰে। বৃত্তিগত পাঠ্যক্ৰম যেনে চফটৱেৰ ইঞ্জিনিয়াৰিং আৰু টেষ্টিং আদিৰ দৰে বিষয়সমূহ লাভদায়ক সিদ্ধি হ’ব।
বৃত্তিগত জীৱন: এই সপ্তাহত আপুনি কামৰ সন্দৰ্ভত যাত্ৰা কৰিবলগীয়া হ’ব পাৰে। এই যাত্ৰাসমূহ আপোনাৰ বাবে লাভজনক প্ৰমাণিত হ’ব আৰু এইবোৰৰ মাধ্যমেৰেআপুনি সফলতা প্ৰাপ্ত কৰিবলৈ সক্ষম হ’ব। এই সময়ছোৱাত ব্যৱসায়ীসকলে নিজৰ ব্যৱসায়ৰ বাবে কোনো নতুন ৰণনীতি প্ৰয়োগ কৰিব পাৰে যাৰ জৰিয়তে তেওঁলোকে সন্তুষ্ট অনুভৱ কৰিব।
স্বাস্থ্য: এই সময়ছোৱাত আপুনি ফিট অনুভৱ কৰিব আৰু মানসক তথা শাৰীৰিকভাৱে স্থিৰ হৈ থাকিব। আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ থকাৰ বাবে এনে হ’ব পাৰে।
উপায়: আপুনি দৈনিক 33 বাৰ 'ঔঁ ভাৰ্গৱায় নমঃ:' মন্ত্ৰ জপ কৰক।
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 7, 16, 25 তাৰিখে হৈছে)
এই সপ্তাহত মূলাংক 7 ৰ জাতকসকলে আধ্যাত্মিক কাৰ্য্যৰ প্ৰতি অধিক আগ্ৰহ ৰাখিব পাৰে। এই জাতকসকল কোনো আধ্যাত্মিক যাত্ৰাত যাব পাৰে।
প্ৰেম জীৱন: এই সময়ছোৱাত আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ মাজত আকৰ্ষণৰ অভাৱ হ’ব পাৰে আৰু এই কাৰণবশতঃ আপোনালোকৰ সম্পৰ্কৰ সুখ-শান্তি ভংগ হ’ব পাৰে।
শিক্ষা: এই সপ্তাহত শিক্ষাৰ্থীসকলৰ অধ্যয়নৰপৰা মনোযোগ ভংগ হ’ব পাৰে যাৰ বাবে তেওঁলোকৰ প্ৰদৰ্শন বেয়া হ’ব পাৰে।
বৃত্তিগত জীৱন: এই সময়খিনিত চাকৰিয়াল জাতকসকলৰ ওপৰত কামৰ বোজা বৃদ্ধি হ’ব পাৰে। ব্যৱসায়ীসকলে নিজৰ প্ৰতিদ্বন্দীসকলৰপৰা আকস্মিকভাৱে প্ৰত্যাহ্বানৰ সম্মুখীন হ’ব পাৰে।
স্বাস্থ্য: এই সপ্তাহত আপোনাৰ শাৰীৰিক ফিটনেচ কিছু হ্ৰাস পাব পাৰে। সন্তুলিত আহাৰ গ্ৰহণ নকৰাৰ ফলস্বৰূপে আপোনাৰ পাচন সম্বন্ধীয় সমস্যা হ’ব পাৰে।
উপায়: আপুনি দৈনিক 41 বাৰ 'ঔঁ গণেশায় নমঃ' মন্ত্ৰ জপ কৰক।
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 8, 17, 26 তাৰিখে হৈছে)
এই মূলাকংৰ জাতকসকল নিজৰ কামৰ প্ৰতি অধিক সচেতন হয়। এই সপ্তাহত তেওঁলোকে দীৰ্ঘ দূৰত্ব যাত্ৰা কৰাৰ সুযোগ লাভ কৰিব পাৰে আৰু এওঁলোক নিজৰ কামৰ প্ৰতি অধিক প্ৰতিশ্ৰুতিৱদ্ধ হ’ব পাৰে।
প্ৰেম জীৱন: এই সপ্তাহত আপুনি নিজৰ জীৱনসঙ্গীৰ সম্মুখত নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ অসমৰ্থ হ’ব পাৰে। আপোনাৰ সঙ্গীয়ে আপোনাৰপৰা ব্যৱধান ৰাখি চলিব পাৰে।
শিক্ষা: এই সময়খিনিত শিক্ষাৰ্থীসকলে নিজৰ প্ৰতিভাৰ পৰিচয় দিয়াত জটিলতাৰ অনুভৱ কৰিব পাৰে। ইয়াৰ লগতে আপুনি নিজৰ যোগ্যতা আৰু দক্ষতা বুজি পোৱাত সমস্যা অনুভৱ কৰিব পাৰে।
বৃত্তিগত জীৱন: এই সময়খিনিত চাকৰিয়াল জাতকসকলৰ ও্ৰত অদিক কাম ন্যস্ত হ’ব পাৰে যাৰ ফলত তেওঁলোকে নিজৰ কামৰ ক্ষেত্ৰত অধিক চাপ অনুভৱ কৰিব পাৰে। এই কাৰণবশতঃ এই সপ্তাহত আপুনি নিজৰ কেৰিয়াৰত সফলতা প্ৰাপ্ত কৰাৰ সম্ভাৱনা কিছু কম দেখা যায়। আনফালে ব্যৱসায়ীসকলে লাভ উপাৰ্জন কৰাত অধিক সফলতা লাভ কৰিব নোৱাৰিব।
স্বাস্থ্য: এই সপ্তাহত মূলাংক 8 ৰ জাতকসকলৰ স্বাস্থ্য সিমান ভালে নাথাকিব কাৰণ তেওঁলোকৰ ভৰি আৰু উৰুৰ বিষ হ’ব পাৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱাৰ বাবে এনে হ’ব পাৰে।
উপায়: আপুনি দৈনিক 11 বাৰ 'ঔঁ হনুমতে নমঃ' মন্ত্ৰ জপ কৰক।
পাওক আপোনাৰ কুণ্ডলী আধাৰিত শনি প্ৰতিৱেদন
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 9, 18, 27 তাৰিখে হৈছে)
এই মূলাংকৰ জাতকসকলে সিদ্ধান্তত চলিবলৈ ভাল পায় আৰু তেওঁলোক মুকলি চিন্তা-ধাৰাৰ অধিকাৰী তথা চিধা কথা কোৱা মানুহ হয়। ইয়াৰ উপৰিও এই লোকসকল অনুশাসনত চলে।
প্ৰেম জীৱন: এই সপ্তাহত আপোনাৰ আৰু আপোনাৰ সঙ্গীৰ মাজত অহংকাৰ সম্পৰ্কীয় সমস্যা হ’ব পাৰে। ইয়াৰ বাবে আপুনি নিজৰ সঙ্গীৰ সৈতে বিশেষ সুখী হৈ থাকিব নোৱাৰিব পাৰে।
শিক্ষা: এই সময়ছোৱাত শিক্ষাৰ্থীসকলৰ একাগ্ৰতা হ্ৰাস পাব পাৰে সেয়েহে তেওঁলোকে নিজৰ কৌশলৰ ওপৰত অধিক মনোযোগ দিয়াৰ প্ৰয়োজনীয়তা আছে। অন্যথা তেওঁলোকে ভাল নম্বৰ লাভ কৰিব নোৱাৰিব পাৰে।
বৃত্তিগত জীৱন: অংক জ্যোতিষ অনুসৰিএই সপ্তাহত আপুনি নিজৰ কৰ্মক্ষেত্ৰত ভালদৰে কাম কৰিবলৈ অসমৰ্থ হ’ব পাৰে। এই কাৰণবশতঃ আপুনি কেৰিয়াৰত সফলতা প্ৰাপ্ত কৰিব নোৱাৰিব পাৰে। যদিহে আপুনি ব্যৱসায় কৰে তেনেহ’লে এই সময়খিনিত আপুনি অধিক লাভ উপাৰ্জন কৰাত আৰু ব্যৱসায়ত অগ্ৰণী হোৱাৰ ক্ষেত্ৰত অসফল হ’ব পাৰে।
স্বাস্থ্য: আপোনাৰ এই সময়ত স্নায়ু আৰু মাংসপেশীৰ বিষৰ সমস্যা হ’ব পাৰে। সেই কাৰণে আপুনি শাৰীৰিকভাৱে স্বাস্থ্যৱান হৈ থাকিব নোৱাৰিব পাৰে।
উপায়: মঙ্গলবাৰে মঙ্গল গ্ৰহৰ বাবে যজ্ঞ-হোম কৰক।
সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক: অনলাইন শ্বপিং ষ্টোৰ
আমি আশা কৰিছোঁ যে আমাৰ এই প্ৰৱন্ধটো আপুনি নিশ্চয় ভাল পাইছে। এষ্ট্ৰোচেজৰ সৈতে সংযুক্ত হৈ থকাৰ বাবে আপোনাক অশেষ ধন্যবাদ!
1. লাইফ পাথ নম্বৰ মানে কি?
এই সংখ্যা জন্ম তাৰিখৰপৰা উলিওৱা হয়। ইয়াৰ জৰিয়তে ব্যক্তিৰ স্বভাৱ আৰু উদ্দেশ্য সম্পৰ্কে জানিব পৰা যায়।
2. নামাংক কি হয়?
নামাংক ব্যক্তিৰ নামৰ আধাৰত উলিওৱা হয়।
3. অংকজ্যোতিষে ভৱিষ্যতবাণী কৰিব পাৰে নে?
হয়, ইয়াৰদ্বাৰা ভৱিষ্যতৰ সুযোগ, সম্ভাৱনা আৰু সংকেতৰ বিষয়ে জানিব পৰা যায়।