অংক জ্যোতিষ সাপ্তাহিক ভৱিষ্যতফল জনাৰ ক্ষেত্ৰত অংক জ্যোতিষ মূলাংকৰ যথেষ্ট ভূমিকা আছে। মূলাংকক জাতকৰ জীৱনৰ গুৰুত্বপূৰ্ণ সংখ্য হিচাপে বিবেচনা কৰা হয়। আপোনাৰ জন্ম মাহৰ যি তাৰিখে হয়, তাক একক অংকলৈ ৰূপান্তৰ কৰাৰ পিছত যি সংখ্যা প্ৰাপ্ত হয় তাকেই আপোনাৰ মূলাংক বুলি কোৱা হয়। মূলাংক 1 ৰপৰা 9 অংকৰ ভিতৰত যিকোনো হ’ব পাৰে, উদাহৰণস্বৰূপে- আপোনাৰ জন্ম কোনো মাহৰ 10 তাৰিখে হ’লে আপোনাৰ মূলাংক হ’ব 1+0 অৰ্থাৎ1 ।
এনেদৰে যি কোনো মাহৰ 1 তাৰিখৰপৰা 31 তাৰিখ পৰ্য্যন্ত জন্ম হোৱা মানুহৰ বাবে 1 ৰপৰা 9 পৰ্য্যন্ত মূলাংকৰ গণনা কৰা হয়। এইদৰে সকলো জাতকৰনিজৰ ৰুট নম্বৰ জানি লৈ তাৰ আধাৰত সাপ্তাহিক ৰাশিফলো জানিব পৰা যায়।
এয়াও পঢ়ক: ৰাশিফল 2025
পৃথিৱীৰ বিদ্বান অংক জ্যোতিষীসকলৰ সৈতে ফোনত কথা পাতক আৰু জানক কেৰিয়াৰ সম্বন্ধীয় সকলোবোৰ তথ্য
আমাৰ জীৱনত অংকজ্যোতিষৰ পোণপটীয়া প্ৰভাৱ পৰে কাৰণ আমাৰ জন্ম তাৰিখেই সংখ্য়াৰদ্বাৰা প্ৰস্তুত হয়। তলত দিয়া লিখনীটোত অৱগত কৰা হৈছে যে সকলো ব্যক্তিৰ জন্ম তাৰিখিৰ হিচাপ মতে তেওঁৰ একমূলাংক নিৰ্দ্ধাৰিত কৰা হয় আৰু এই সকলোবোৰ অংক বেলেগ বেলেগ গ্ৰহৰদ্বাৰা শাসিত।
যেনেদৰে মূলাংক1 ত সূৰ্য্য দেৱৰ আধিপত্য থাকে। চন্দ্ৰমা হৈছে মূলাংক 2 ৰ স্বামী। অংক 3ত দেৱগুৰু বৃহস্পতি ৰ স্বামীত্ব থাকে, ৰাহু হৈছে অংক 4 ৰ ৰজা। অংক 5 বুধ গ্ৰহৰ অধীন। 6 অংকৰ ৰজা হৈছে শুক্ৰ দেৱ আৰু 7 অংকৰ হৈছে কেতু গ্ৰহৰ। শনি দেৱতাক 8 ৰ স্বামী হিচাপে মনা হয়। অংক 9 হৈছে মঙ্গল দেৱৰ অংক আৰু এই গ্ৰহসমূহৰ পৰিৱহনৰ পৰিৱৰ্তনৰদ্বাৰা জাতকসকলৰ জীৱনলৈ বহুতো পৰিৱৰ্তন আহে।
বৃহৎ কুণ্ডলী ত নিহিত হৈ আছে, আপোনাৰ জীৱনৰ সকলো গোপন ৰহস্য, জানক গ্ৰহসমূহৰ গতি-বিধিৰ সম্পূৰ্ণ লেখ-জোখ
(যদিহে আপোনাৰ জন্ম কোনো এটা মাহৰ 1, 10, 19 বা 28 তাৰিখে হৈছিল)
এই মূলাংকৰ জাতকসকলৰ দৃষ্টিভংগী স্পষ্ট হয় আৰু ইয়াক তেওঁলোকে এক লক্ষ্য হিচাপে আঁকোৱালি লয়। ইয়াৰ উপৰিও এই লোকসকল নিজৰ কামক লৈ অধিক সচেতন হয়।
প্ৰেম জীৱন: অংক জ্যোতিষ সাপ্তাহিক ৰাশিফল অনুসৰি এই সপ্তাহত আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ মাজত পাৰস্পৰিক বুজাবুজি কম হোৱাৰ আশংকা কৰা হৈছে। এই কাৰণবশতঃ আপোনাৰলোকৰ মাজত বিবাদ হ’ব পাৰে যাৰ ফলত আপোনালোকৰ সম্পৰ্কলৈ তিক্ততা আহিব পাৰে।
শিক্ষা: এই সপ্তাহত আপুনি যি কৰিব তাতেই একাগ্ৰতাৰ অভাৱ দেখা যাব। ইয়াৰ ফলত আপুনি পঢ়া-শুনাত পিছ পৰি থাকিব পাৰে।
বৃত্তিগত জীৱন: এই সপ্তাহটো চাকৰিয়াল জাতকসকলৰ বাবে অনুকূল নহয়। আপুনি নিজৰ কৰ্মক্ষেত্ৰত ভাল সম্পৰ্ক বজাই ৰখাত বিফল হ’ব পাৰে। ব্যৱসায়ীসকলৰ এই সময়ত লোকচান হোৱৰ সম্ভাৱনা আছে সেয়েহে তেওঁলোকক সচেতন হোৱাৰ পৰামৰ্শ প্ৰদান কৰা হৈছে।
স্বাস্থ্য: এই সপ্তাহত আপোনাৰ ভিতৰত উৎসাহ আৰু উদ্যমৰ অভাৱ হ’ব পাৰে। ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যত অস্থিৰতা দেখা যাব পাৰে। সেয়েহে আপুনি এই সময়ত নিজৰ স্বাস্থ্যৰ প্ৰতি ধ্যান ৰখা উচিত।
উপায়: দৈনিক 108 বাৰ 'ঔঁ গং গণপতয়ে নমঃ' মন্ত্ৰ জপ কৰক।
(যদিহে আপোনাৰ জন্ম কোনো এটা মাহৰ 2, 11, 20 বা 29 তাৰিখে হৈছিল)
এই মূলাংকৰ জাতকসকলৰ ফুৰা-চকাৰ বা যাত্ৰা কৰাৰ ইচ্ছা অধিক হয়। ইয়াৰ উপৰিও এই লোকসকল ব্যৱসায়ৰ প্ৰতি আগ্ৰহী হয়।
প্ৰেম জীৱন: এই সপ্তাহত আপোনাৰ পৰিয়ালত কোনো শুভ বা মাংগলিক কাৰ্য্যক্ৰম হ’ব পাৰে যিটো আপুনি আৰু আপোনাৰ জীৱনসঙ্গী দুয়োৱেই আনন্দ উপভোগ কৰিব।
শিক্ষা: এই সপ্তাহত আপুনি শিক্ষাৰ ক্ষেত্ৰত নিজৰ দক্ষতা প্ৰদৰ্শন কৰাত আৰু মানুহৰ মাজত নিজৰ এক বিশেষ স্থান অধিকাৰ কৰাত সফল হ’ব। আপুনি কেমিষ্ট্ৰি আৰু মেৰিন ইঞ্জিনিয়াৰিং আদি বিষয়ত উৎকৃষ্টতা অৰ্জন কৰিব।
বৃত্তিগত জীৱন: অংক জ্যোতিষ সাপ্তাহিক ৰাশিফল অনুসৰিএই সপ্তাহত চাকৰিয়াল জাতকসকলে ভাল সফলতা লাভ কৰিব।আপুনি এই সময়ত চাকৰিৰ নতুন সুযোগ লাভ কৰিব পাৰে আৰু এই সুযোগে আপোনাক অসীম সন্তুষ্টি প্ৰদজান কৰিব। ব্যৱসায়ীসকলে এই সময়ত নিজে আশা কৰাতকৈও অধিক লাভ প্ৰাপ্ত কৰিব। আপুনি নিজৰ যোগ্যতা প্ৰমাণ কৰি নিজৰ প্ৰতিদ্বন্দীসকলক কঠোৰ প্ৰতিদ্বন্দিতা দিবলৈ সক্ষম হ’ব।
স্বাস্থ্য: এই সপ্তাহত আপোনাৰ ভিতৰত উচ্চ স্তৰৰ উদ্যম দেখা যাব যাৰ বাবে আপোনাৰ স্বাস্থ্য ভালে থাকিব। আপোনাৰ সৰু-সুৰা মূৰৰ বিষৰ বাদে আৰু কোনো স্বাস্থ্যজনিত সমস্যা নহ’ব।
উপায়: আপুনি দৈনিক 20 বাৰ 'ঔঁ চন্দ্ৰায় নমঃ' মন্ত্ৰ জপ কৰক।
কেৰিয়াৰক লৈ হৈ আছে টেনশ্যন! এতিয়াই অৰ্ডাৰ কৰক কগ্নিএষ্ট্ৰো প্ৰতিৱেদন
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 3, 12, 21 বা 30 তাৰিখে হৈছিল)
এই মূলাংকৰ জাতকসকল যিকোনো পৰিস্থিতিক লৈ খোলা মনৰ হয়। এই লোকসকল আধ্যাত্মিক প্ৰবৃত্তিৰ হ’ব পাৰে আৰু ইয়াৰ ফলত তেওঁলোকে নিজৰ জীৱনত বিশেষ কিবা প্ৰাপ্ত কৰিবলৈ সক্ষম হয়।
প্ৰেম জীৱন: আপোনাৰ মৈত্ৰীপূৰ্ণ ব্যৱহাৰৰ বাবে এই সপ্তাহত আপোনাৰ আৰু আপোনাৰ সঙ্গীৰ মাজত ঘনিষ্ঠতা বৰ্ত্তি থাকিব। এই সময়খিনিত আপুনি সুখী হৈ থাকিব আৰু নিজৰ সুখ-আনন্দ সঙ্গীৰ সৈতে ভগাই ল’ব পাৰিব।
শিক্ষা: এই সপ্তাহত শিক্ষাৰ্থীসকল বৃত্তিগত পাঠ্যক্ৰম যেনে ফাইনেন্সিয়েল একাউণ্টিং, মেনেজমেণ্ট একাউণ্টিং আদিত ভাল প্ৰদৰ্শন কৰিব আৰু এইবোৰত ভাল নম্বৰ লাভ কৰিব পাৰিব। এইখিনি সময়ত আপুনি যিয়েই পঢ়িব সেয়া মনত ৰাখিব পাৰিব।
বৃত্তিগত জীৱন: চাকৰিয়াল জাতকসকল কামৰ প্ৰতি সমৰ্পিত হৈ থাকিব আৰু কঠোৰ পৰিশ্ৰমৰদ্বাৰা উৎকৃষ্ট প্ৰদৰ্শন কৰিব। ব্যৱসায়ীসকলে লাভ উপাৰ্জন কৰিবলৈ সক্ষম হ’ব।
স্বাস্থ্য: এই সপ্তাহত আপুনি উৎসাহ আৰু উদ্যমেৰে পৰিপূৰ্ণ হৈ থকাৰ বাবে আপোনাৰ সুস্বাস্থ্য অটুত থাকিব। ইয়াৰ বাবে আপোনাৰ স্বাস্থ্যও উত্তম হৈ থাকিব।
উপায়: আপুনি বৃহস্পতিবাৰে বৃহস্পতি গ্ৰহৰ বাবে যজ্ঞ-হোম কৰক।
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 4, 13, 22 বা 31 তাৰিখে হৈছিল)
এই ৰাশিৰ জাতকসকল উদ্যমী হয় আৰু নিজৰ এই প্ৰবৃত্তিৰ বাবে ইতিবাচক হৈ থাকে আৰু নিজৰ দক্ষতাৰ বাবে ডাঙৰ বস্তু প্ৰাপ্ত কৰিবৰ বাবে আশাবাদী হৈ থাকে।
প্ৰেম জীৱন: এই সপ্তাহত আপোনাৰ আৰু সঙ্গীৰ মাজৰ ঘনিষ্ঠতা বৃদ্ধি পাব। আপোনালোকৰ সম্পৰ্ক শক্তিশালী হ’ব। এই সময়ত আপুনি নিজৰ সঙ্গীৰ সৈতে সুখী হৈ থাকিব আৰু সঙ্গীকো সুখী কৰিব।
শিক্ষা: অংক জ্যোতিষ সাপ্তাহিক ৰাশিফল অনুসৰি এই সপ্তাহত শিক্ষাৰ্থীসকলে শিক্ষাৰ ক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰিব আৰু ডাঙৰ অভিজ্ঞতা প্ৰাপ্ত কৰিব।
বৃত্তিগত জীৱন: চাকৰিয়াল জাতকসকলে বিদেশলৈ যোৱাৰ সুযোগ লাভ কৰিব পাৰে আৰু এই সুযোগে আপোনাক অধিক সফলতা প্ৰদান কৰিব। আনহাতে ব্যৱসায়ীসকলে এই সময়ত অধিক লাভ প্ৰাপ্ত কৰিবলৈ সক্ষম হ’ব।
স্বাস্থ্য: এই সপ্তাহত আপোনাৰ প্ৰতিৰোধ ক্ষমতা ভাল হোৱাৰ বাবে আৰু আপুনি উদ্যমী হৈ থকাৰ বাবে আপোনাৰ স্বাস্থ্য ভালে থাকিব।
উপায়: আপুনি দৈনিক 22 বাৰ 'ঔঁ দুৰ্গায় নমঃ' মন্ত্ৰ জপ কৰক।
এতিয়া ঘৰত বহিয়েই বিশেষজ্ঞ পুৰোহিতৰদ্বাৰা কৰাওক ইচ্ছানুসৰি অনলাইন পূজা আৰু লাভ কৰক উত্তম পৰিণাম!
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 5, 14 বা 23 তাৰিখে হৈছিল)
এই মূলাংকৰ জাতকসকল নিজৰ কাৰ্য্যৰ ক্ষেত্ৰত অধিক কৌশলী, সৃষ্টিশীল আৰু যুক্তিবাদী হয়। ইয়াৰ উপৰিও এই জাতকসকলে যথেষ্ট ভাবি-চিন্তি যিকোনো কাম কৰে।
প্ৰেম জীৱন: এই সপ্তাহত আপুনি নিজৰ সঙ্গীৰ প্ৰতি অধিক হাঁহিমুখীয়া ব্যৱহাৰ কৰিব আৰু এই ব্যৱহাৰৰ বাবে আপোনালোকৰ সম্পৰ্কত সুখ-আনন্দ বৃদ্ধি পাব।
শিক্ষা: শিক্ষাৰ্থীসকলে এই সপ্তাহত উচ্চ শিক্ষা প্ৰাপ্ত কৰিবলৈ সক্ষম হ’ব। আপুনি সকলো কাম সহজেই কৰি পাৰিব। একাগ্ৰতা শক্তিশালী হোৱাৰ বাবে আপুনি সফলতা প্ৰাপ্ত কৰিবলৈ সক্ষম হ’ব।
বৃত্তিগত জীৱন: চাকৰিয়াল জাতকসকলে এই সময়ত সম্পূৰ্ণ উদ্যমেৰে সৈতে কাম কৰিব আৰু উচ্চ স্তৰৰ কাৰ্য্যদক্ষতা প্ৰাপ্ত কৰিব।অংক জ্যোতিষ সাপ্তাহিক ৰাশিফল অনুসৰিএই সপ্তাহত ব্যৱসায়ীসকলে সহজেই নিজৰ প্ৰতিদ্বন্দীসকলক পিছ পেলাবলৈ সক্ষম হ’ব।
স্বাস্থ্য: এই সপ্তাহত আপুনি ইতিবাচক হৈ থকাৰ বাবে আপোনাৰ স্বাস্থ্য ভালে থকাৰ সম্ভাৱনা আছে। আপোনাৰ ভিতৰত অধিক উৎসাহ আৰু সাহস দেখা যাব যাৰ সহায়ত আপুনি নিজকে সুস্বাস্থ্যৱান কৰি ৰাখিব পাৰিব।
উপায়: আপুনি দৈনিক 41 বাৰ 'ঔঁ নমো ভগৱতে বাসুদেৱায় নমঃ:' মন্ত্ৰ জপ কৰক।
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 6, 15 বা 24 তাৰিখে হৈছিল)
এই মূলাংকৰ জাতকসকলৰ মনোৰঞ্জন আৰু মিডিয়াৰ প্ৰতি অধিক আগ্ৰহ থাকিব পাৰে। এই লোকসকল জীৱনৰ প্ৰতি নিজৰ দৃষ্টিভংগীত প্ৰভাৱশালী হ’ব পাৰে।
প্ৰেম জীৱন: এই লোকসকলৰ নিজৰ সঙ্গীৰ সৈতে যুক্তি-তৰ্ক হোৱাৰ আশংকা কৰা হৈছে। এই কাৰণবশতঃ আপুনি নিজৰ জীৱনসঙ্গীৰ সৈতে সঅসুখী হ’ব পাৰে আৰু আপোনাৰ সম্পৰ্কৰ সুখ-শান্তি ভংগ হ’ব পাৰে।
শিক্ষা: অংক জ্যোতিষ সাপ্তাহিক ৰাশিফল অনুসৰিএই সপ্তাহত আপুনি শিক্ষাৰ ক্ষেত্ৰত ভাল ফল লাভ নকৰিব পাৰে। অধ্যয়নৰপৰা আপোনাৰ মনোযোগ ভংগ হ’ব পাৰে যাৰ ফলস্বৰূপে আপুনি ভাল নম্বৰ লাভ কৰাত পিছ পৰি থাকিব পাৰে।
বৃত্তিগত জীৱন: চাকৰিয়াল জাতকসকলে এই সময়ত বিশেষ কিবা প্ৰাপ্ত কৰাৰ, নতুন শিখৰত আৰোহণ কৰাত পিছ পৰি থাকিব পাৰে। আনহাতে ব্যৱসায়ীসকলে এই সময়ত ভাল লাভ প্ৰাপ্ত কৰিবলৈ সক্ষম হ’ব।
স্বাস্থ্য: আপুনি এই সপ্তাহত পাচন সম্পৰ্কীয় সমস্যা আৰু ছালৰ সৈতে জড়িত খজুৱতীৰ সমস্যাত ভূগিব পাৰে। ইয়াৰপৰা বাচিবৰ বাবে আপুনি তেলত ভজা বস্তু পৰিহাৰ কৰা উচিত যাতে আপোনাৰ সুস্বাস্থ্য অটুত থাকে।
উপায়: আপুনি শুক্ৰবাৰে মা লক্ষ্মীৰ বাবে যজ্ঞ-হোম কৰক।
আপোনাৰ কুণ্ডলীত আছে নেকি ৰাজযোগ? জানক আপোনাৰ ৰাজযোগ প্ৰতিৱেদন
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 7, 16 বা 25 তাৰিখে হৈছিল)
এই মূলাংকৰ জাতকসকল ঈশ্বৰৰ প্ৰতি সমৰ্পিত হয় আৰু ঈশ্বৰৰ সন্ধানতেই ব্যস্ত থাকে। এই জাতকসকল ধৰ্মীয় যাত্ৰাত যাব পাৰে যাৰ ফলত এওঁলোকে সন্তুষ্টি প্ৰাপ্ত কৰে।
প্ৰেম জীৱন: এই সপ্তাহত আপুনি নিজৰ জীৱনসঙ্গীৰ সৈতে সন্তুষ্ট অনুভৱ নকৰিব। আপোনাৰ ফালৰপৰা পাৰস্পৰিক মিলা-মিছাৰ অভাৱৰ বাবে এনে হ’ব পাৰে আৰু ইয়াৰ নেতিবাচক প্ৰভাৱ আপোনালোকৰ সম্পৰ্কত পৰিব পাৰে।
শিক্ষা: শিক্ষাৰ্থীসকলে শিক্ষাৰ ক্ষেত্ৰত সফলতা আৰু উচ্চ লাভ প্ৰাপ্ত কৰাত অসমৰ্থ হ’ব পাৰে। একাগ্ৰতাৰ অভাৱৰ বাবে আপুনি পিছ পৰি থাকিব পাৰে।
বৃত্তিগত জীৱন: চাকৰিয়াল জাতকসকল নিজৰ কামত কোনো সমস্যাৰ সম্মুখীন হ’ব পাৰে। আপুনি সময়মতে কাম সম্পূৰ্ণ কৰাত বিলম্ব হ’ব পাৰে। আনহাতে ব্যৱসায়ীসকলে নিজৰ অংশীদাৰৰ সৈতে কোনো সমস্যাৰ সম্মুখীন হ’ব পাৰে।
স্বাস্থ্য: আপোনাৰ এলাৰ্জী আৰু ইম্যুনিটী দুৰ্বল হোৱাৰ বাবে আপোনাৰ ছালত গুটি-গুটি উঠিব পাৰে। এই কাৰণবশতঃ আপোনাৰ খজুৱতী হ’ব পাৰে।
উপায়: আপুনি মঙ্গলবাৰে কেতু গ্ৰহৰ বাবে যজ্ঞ-হোম কৰক।
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 8, 17 বা 26 তাৰিখে হৈছে)
এই মূলাংকৰ জাতকসকলে কেৰিয়াৰৰ সন্দৰ্ভত অধিক যাত্ৰা কৰিবলগীয়া হ’ব পাৰে।এই জাতকসকল নিজৰ কামৰ প্ৰতি সমৰ্পিত হৈ থাকে আৰু এওঁলোকে নিজৰ পৰিয়ালৰ বাবে কম সময়হে দিব পাৰে।
প্ৰেম জীৱন: অংক জ্যোতিষ সাপ্তাহিক ৰাশিফল অনুসৰিআপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ মাজৰ পাৰস্পৰিক বুজাবুজি কম হোৱাৰ বাবে আপোনালোকৰ সম্পৰ্কৰ সুখ-শান্তি বিনষ্ট হ’ব পাৰে। আপুনি এয়া পুণৰ ঘূৰাই আনিবলৈ প্ৰয়াস কৰা উচিত।
শিক্ষা: এই সপ্তাহত শিক্ষাৰ্থীসকলে যি পঢ়িছে আৰু শিকিছে সেয়া মনত ৰখাত সমস্যাৰ সম্মুখীন হ’ব পাৰে। আপুনি পুণৰ আশাবাদী হোৱাৰ আৰু পঢঞা-শুনাত ভাল প্ৰদৰ্শ কৰাৰ লক্ষ্য নিৰূপণ কৰা উচিত।
বৃত্তিগত জীৱন: চাকৰিয়াল জাতকসকলৰ কামত কিছুমান ভুল হ’ব পাৰৰে আৰু আপোনাৰ এই ভুলসমূহ আপোনাৰ সহকৰ্মীৰ দৃষ্টিগোচৰ হ’ব পাৰে। এই সপ্তাহত আপোনাৰ ভাৱমূৰ্ত্তি বিনষ্ট হ’ব পাৰে। ব্যৱসায়ীসকলে নিজৰ প্ৰতিদ্বন্দীসকলৰ লক্ষ্য পাৰ কৰিবলৈ বিফল হ’ব পাৰে।
স্বাস্থ্য: আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱাৰ বাবে আপোনাৰ কলাফুল আৰু ভৰিৰ বিষ হ’ব পাৰে। আপুনি নিজকে ঠিক কৰিবৰ বাবে উপচাৰ গ্ৰহণ কৰিব লাগিব।
উপায়: আপুনি 11 বাৰ 'ঔঁ হনুমতে নমঃ:' মন্ত্ৰ জপ কৰক।
(যদি আপোনাৰ জন্ম কোনো মাহৰ 9, 18 বা 27 তাৰিখে হৈছিল)
এই জাতকসকলে কেতিয়াবা কেতিয়াবা আৱেগৰ বশৱৰ্ত্তী হৈ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে যিয়ে তেওঁলোকৰ হিতৰ বিপৰীতে ক্ৰিয়া কৰিব পাৰে। এইসকল জাতক কিছুমান সাধাৰণ বিচাৰধাৰা আৰু সিদ্ধান্তত অটল হৈ থাকে।
প্ৰেম জীৱন: আপুনি নিজৰ সঙ্গীৰ প্ৰতি অধিক সমৰ্পিত হৈ থাকিব। আপুনি সম্পূৰ্ণ বিশ্বস্ততাৰে জীৱনসঙ্গীৰ সৈতে নিজৰ ভাৱনাসমূহ ভাগ-বটোৱাৰা কৰিব আৰু ইয়াৰ আনন্দ উপভোগ কৰিব।
শিক্ষা: অংক জ্যোতিষ সাপ্তাহিক ৰাশিফল অনুসৰিএই সপ্তাহত আপুনি নিজৰ শিক্ষাৰ ক্ষেত্ৰত ডাঙৰ অভিজ্ঞতা লাভ কৰিব পাৰে আৰু মেনেজমেণ্ট, ফাইনেন্সিয়েল আদি বিষয়ত ভাল প্ৰদৰ্শন কৰিব। আপুনি এই সপ্তাহত নিজৰ বিশেষ দক্ষতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ব।
বৃত্তিগত জীৱন: চাকৰিয়াল জাতকসকলে নিজৰ কামৰ প্ৰতি থকা তেওঁলোকৰ দায়ৱদ্ধতা আৰু কঠোৰ পৰিশ্ৰমৰ বাবে স্বীকৃতি প্ৰাপ্ত কৰিব পাৰে। আনহাতে ব্যৱসায়ীসকলে কোনো অৰ্ডাৰৰ ৰূপত নতুন কাম লাভ কৰিব পাৰে আৰু ইয়াৰদ্বাৰা তেওঁলোক লাভাম্বিত হ’ব।
স্বাস্থ্য: আপোনাৰ দৃঢ় সংকল্প আৰু সাহসৰ বাবে আপোনাৰ স্বাস্থ্য যথেষঅট ভালে থাকিব।
উপায়: দৈনিক 27 বাৰ 'ঔঁ ভৌমায় নমঃ' মন্ত্ৰ জপ কৰক।
সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক: অনলাইন শ্বপিং ষ্টোৰ
আমি আশা কৰিছোঁ যে আমাৰ এই প্ৰৱন্ধটো আপুনি নিশ্চয় ভাল পাইছে। যদিহে ভাল পাইছে তেনেহ’লে আপুনি ইয়াক নিজৰ শুভাকাংক্ষীসকলৰ সৈতে শ্যেয়াৰ কৰিব। ধন্যবাদ!
1. মূলাংক 3 ত কোন গ্ৰহৰ আধিপত্য থাকে?
মূলাংক 3 ৰ স্বামী হৈছে বৃহস্পতি গ্ৰহ।
2. মূলাংক 5 ৰ স্বামী গ্ৰহ কি?
5 মূলাংকৰ স্বামী হৈছে বুধ গ্ৰহ।
3. মূলাংক 2 ৰ জাতকসকল কেনে হয়?
এই লোকসকল আৱেগিক স্বভাৱৰ হয়।