অংক জ্যোতিষ সাপ্তাহিক ভৱিষ্যতফল জনাৰ ক্ষেত্ৰত অংক জ্যোতিষ মূলাংকৰ যথেষ্ট ভূমিকা আছে। মূলাংকক জাতকৰ জীৱনৰ গুৰুত্বপূৰ্ণ সংখ্য হিচাপে বিবেচনা কৰা হয়। আপোনাৰ জন্ম মাহৰ যি তাৰিখে হয়, তাক একক অংকলৈ ৰূপান্তৰ কৰাৰ পিছত যি সংখ্যা প্ৰাপ্ত হয় তাকেই আপোনাৰ মূলাংক বুলি কোৱা হয়। মূলাংক 1 ৰপৰা 9 অংকৰ ভিতৰত যিকোনো হ’ব পাৰে, উদাহৰণস্বৰূপে- আপোনাৰ জন্ম কোনো মাহৰ 10 তাৰিখে হ’লে আপোনাৰ মূলাংক হ’ব 1+0 অৰ্থাৎ1 ।
এনেদৰে যি কোনো মাহৰ 1 তাৰিখৰপৰা 31 তাৰিখ পৰ্য্যন্ত জন্ম হোৱা মানুহৰ বাবে 1 ৰপৰা 9 পৰ্য্যন্ত মূলাংকৰ গণনা কৰা হয়। এইদৰে সকলো জাতকৰনিজৰ ৰুট নম্বৰ জানি লৈ তাৰ আধাৰত সাপ্তাহিক ৰাশিফলো জানিব পৰা যায়।
এয়াও পঢ়ক: ৰাশিফল 2025
পৃথিৱীৰ বিদ্বান অংক জ্যোতিষীসকলৰ সৈতে ফোনত কথা পাতক আৰু জানক কেৰিয়াৰ সম্বন্ধীয় সকলোবোৰ তথ্য
আমাৰ জীৱনত অংকজ্যোতিষৰ পোণপটীয়া প্ৰভাৱ পৰে কাৰণ আমাৰ জন্ম তাৰিখেই সংখ্য়াৰদ্বাৰা প্ৰস্তুত হয়। তলত দিয়া লিখনীটোত অৱগত কৰা হৈছে যে সকলো ব্যক্তিৰ জন্ম তাৰিখিৰ হিচাপ মতে তেওঁৰ একমূলাংক নিৰ্দ্ধাৰিত কৰা হয় আৰু এই সকলোবোৰ অংক বেলেগ বেলেগ গ্ৰহৰদ্বাৰা শাসিত।
যেনেদৰে মূলাংক1 ত সূৰ্য্য দেৱৰ আধিপত্য থাকে। চন্দ্ৰমা হৈছে মূলাংক 2 ৰ স্বামী। অংক 3ত দেৱগুৰু বৃহস্পতিৰ স্বামীত্ব থাকে, ৰাহু হৈছে অংক 4 ৰ ৰজা। অংক 5 বুধ গ্ৰহৰ অধীন। 6 অংকৰ ৰজা হৈছে শুক্ৰ দেৱ আৰু 7 অংকৰ হৈছে কেতু গ্ৰহৰ। শনি দেৱতাক 8 ৰ স্বামী হিচাপে মনা হয়। অংক 9 হৈছে মঙ্গল দেৱৰ অংক আৰু এই গ্ৰহসমূহৰ পৰিৱহনৰ পৰিৱৰ্তনৰদ্বাৰা জাতকসকলৰ জীৱনলৈ বহুতো পৰিৱৰ্তন আহে।
বৃহৎ কুণ্ডলী ত নিহিত হৈ আছে, আপোনাৰ জীৱনৰ সকলো গোপন ৰহস্য, জানক গ্ৰহসমূহৰ গতি-বিধিৰ সম্পূৰ্ণ লেখ-জোখ
(যদিহে আপোনাৰ জন্ম কোনো এটা মাহৰ 1, 10, 19 বা 28 তাৰিখে হৈছিল)
মূলাংক 1 ৰ জাতকসকল এই সপ্তাহত উদ্যমেৰে পৰিপূৰ্ণ হৈ থাকিব। যদিহে আপুনি এই উদ্যমৰ সঠিকভাৱে প্ৰয়োগ কৰিব নোৱাৰে তেনেহ’লে আপোনাৰ ব্যৱহাৰ আক্ৰমণাত্মক আৰু খিংখিঙীয়া হ’ব পাৰে। এইখিনি সময়ত আপুনি প্ৰতিটো ক্ষণত পৰিয়াল, মেণ্টৰ বা গুৰুৰ সহযোগ লাভ কৰিব।
প্ৰেম জীৱন: প্ৰেম আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰত দেখা যায় যে এই সপ্তাহত মূলাংক 1 ৰ জাতকসকলে বিবাহ আৰু প্ৰেমৰ সম্পৰ্কক শক্তিশালী কৰিবৰ বাবে জোৰ দিব। অৱশ্যে, বিবাহিত জাতকসকলে সম্পৰ্কত কিছু সমস্যাৰ সম্মুখীন হ’ব পাৰে। যিসকল জাতক পূৰ্বৰেপৰাই কোনো সম্পৰ্কত আছে তেওঁলোক আৱেগিক সমস্যাৰ সম্মুখীন হ’ব পাৰে।
শিক্ষা: এই মূলাংকৰ শিক্ষাৰ্থীসকলে এই সপ্তাহত মন পুতি আৰু সমৰ্পিত হৈ পঢ়া-শুনা কৰিব যি ফলদায়ক প্ৰামণিত হ’ব। যিসকল শিক্ষাৰ্থীয়ে বিদেশত উচ্চ শিক্ষা লাভ কৰিব বিচাৰে তেওঁলোকৰ বাবে এই সময়খিনি ভালল হ’ব। লগতে, আপুনি কোনো বিদেশী শিক্ষক বা গুৰুক লগ পাব পাৰে যাৰ সহায়ত আপুনি জ্ঞান বৃদ্ধি কৰিব পাৰিব।
বৃত্তিগত জীৱন: মূলাংক 1 ৰ যিসকল জাতকে চাকৰি কৰে তেওঁলোকে এই সপ্তাহত কামত কৰা প্ৰচেষ্টাৰদ্বাৰা বচৰ চকুত পৰিব। লগতে, আপুনি পুৰস্কাৰ লাভ কৰাৰো সম্ভাৱনা আছে। আনহাতে যিসকলে মাল্টিনেশ্যনেল কোম্পানীত চাকৰি কৰে বা বিদেশৰ সৈতে জড়িত ব্যৱসায় কৰে তেওঁলোকৰ বাবে এই সপ্তাহটো যথেষ্ট ভাল হ’ব। মূলাংক
1ৰ ইম্পোৰ্ট-এক্সপোৰ্ট কৰা জাতকসকলে লাভ প্ৰাপ্ত কৰিব।
স্বাস্থ্য: স্বাস্থ্যৰ দিশৰপৰা মূলাংক 1 ৰ জাতকসকলৰ বাবে এই সপ্তাহটো অনুকূল হ’ব। এইখিনি সময়ত আপুনি উৎসাহ আৰু উদ্যমৰ সুপ্ৰয়োগ কৰিব লাগিব অন্যথা আপুনি খিংখিঙীয়া হৈ পৰিব পাৰে আৰু আপোনাৰ ৰক্তচাপ বৃদ্ধি পাব পাৰে।
উপায়: দেৱী দুৰ্গাৰ পূজা কৰক আৰু তেওঁক ৰঙা ৰঙৰ পাঁচপাহ ফুল অৰ্পণ কৰক।
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 2, 11, 20, 29 তাৰিখে হৈছে)
মূলাংক 2 ৰ জাতকসকল সুখী আৰু প্ৰেমেৰে পৰিপূৰ্ণ হৈ থাকিব। এনে সপ্তাহত আপুনি আনৰ ওপৰত প্ৰেমৰ বৃষ্টিপাত কৰা দেখা যাব। আনহাতে, মূলাংক 2 ৰ নাৰীসকলৰ মাজত মাতৃত্বৰ অনুভূতি বৃদ্ধি পাব। এই সময়খিনিত আপুনি বন্ধু-বৰ্গৰ সৈতে পাৰ্টীত মানুহৰ সৈতে মিলা-মিছা বৃদ্ধি কৰিব। লগতে আপোনাৰ ধন উপাৰ্জনৰ ক্ষমতাও বৃদ্ধি হ’ব।
প্ৰেম জীৱন: प्रेপ্ৰেম জীৱনৰ ক্ষেত্ৰত এই মূলাংকৰ জাতকসকলৰ বাবে এই সপ্তাহটো পৰিয়ালৰ সৈতে নিজৰ প্ৰেমাস্পদক পৰিচয় কৰাই দিবৰ বাবে অনুকূল হ’ব। লগতে, পৰিয়ালে আপোনাৰ সিদ্ধান্তৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব আৰু আপোনাৰ প্ৰেমাস্পদকো তেওঁলোকে পছন্দ কৰাৰ সম্ভাৱনা আছে। বিবাহিত জাতকসকলে নিজৰ জীৱনসঙ্গীৰ সৈতে মিলি ক’ৰবাত ধনৰ বিনিয়োগ কৰিব পাৰে আৰু সময়ৰ লগে লগে আপুনি ধন লাভ কৰাৰ সম্ভাৱনা আছে।
শিক্ষা: মূলাংক 2 ৰ জাতকসকলে এই সপ্তাহত শিক্ষাত বিকাশ লাভ কৰিব। এই সময়খিনিত আপুনি আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ থাকিব আৰু এনে অৱস্থাত আপুনি নিজৰ চিন্তা-ধাৰা আনৰ সম্মুখত উপস্থাপন কৰিব পাৰিব। লগতে, আপুনি নিজৰ জ্ঞান আৰু বক্তব্যৰদ্বাৰা মানুহক সহজে প্ৰভাৱিত কৰিব পাৰিব। আপোনাৰ এই জ্ঞান চাকৰিৰ সাক্ষাৎকাৰ বা পঢ়া-শুনাৰ সৈতে জড়িত কোনো সাক্ষাৎকাৰৰ বাবে সহায়ক প্ৰমাণিত হ’ব।
বৃত্তিগত জীৱন: মূলাংক 2 ৰ যিসকল জাতক হোম চায়েন্স, হিউমেন ৰাইটচ্, ওকালতি, হোমিওপেথী, চিকিৎসা, নাৰ্চিং, ডায়েটিচিয়ান, নিউট্ৰিশ্যন আদি বৃত্তিৰ সৈতে জড়িত বা মানুহৰ সেৱাৰ সৈতে জড়িত তেওঁলোকৰ বাবে এই সপ্তাহটো সুন্দৰ হ’ব। আপুনি নিজৰ সমৰ্পন আৰু কামৰদ্বাৰা মানুহক প্ৰভাৱিত কৰিবলৈ সক্ষম হ’ব।
स्वास्थ्य: স্বাস্থ্যৰ দিশৰপৰা এই মূলাংকৰ জাতকসকলে এই সপ্তাহত মিশ্ৰিত ফল লাভ কৰিব। এনে পৰিস্থিতিত, আপুনি কিছুমান স্বাস্থ্যজনিত সমস্যাৰ সম্মুখীন হ’ব পাৰে, বিশেষকৈ পাচনৰ সৈতে জড়িত সমস্যা বা পেটৰ ইনফেকশ্যন আদি। কিন্তু সপ্তাহটো আগবাঢ়ি যোৱাৰ লগে লগে আপোনাৰ স্বাস্থ্য ভাললৈ আহিব।
উপায়: মুকুতাৰ মালা বা খাৰু ধাৰণ কৰক।
কেৰিয়াৰক লৈ হৈ আছে টেনশ্যন! এতিয়াই অৰ্ডাৰ কৰক কগ্নিএষ্ট্ৰো প্ৰতিৱেদন ।
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 3, 12, 21, 30 তাৰিখে হৈছে)
মূলাংক 3 ৰ জাতকসকলৰ জীৱনত এই সপ্তাহত অনিশ্চিত ঘটনা ঘটিব পাৰে। অৱশ্যে, আপুনি নিজৰ মেণ্টৰ আৰু জীৱনসঙ্গীৰ জৰিয়তে সকলো সমস্যা আৰু প্ৰত্যাহ্বানৰপৰা মুক্তি লাভ কৰিব। লগতে আপোনাৰ ধ্যান কৰাৰ পৰামৰ্শ দিয়া হৈছে কাৰণ ইয়াৰ সহায়ত আপুনি এই বাধাসমূহ অতিক্ৰম কৰিব পাৰিব।
प्रेम जीवन: এই সপ্তাহত মূলাংক 3 ৰ জাতকসকলৰ প্ৰেম আৰু বৈবাহিক জীৱনত সম্পূৰ্ণ নিয়ন্ত্ৰণ থাকিব। এই সময়খিনিত আপোনাৰ আৰু সঙ্গীৰ মাজত বিবাদ বা ভুল বুজাবুজি হ’ব পাৰে। অৱশ্যে, আপুনি নিজৰ বুদ্ধি আৰু পৰিপক্কতাৰদ্বাৰা সমস্যাসমূহ দূৰ কৰিব পাৰিব। লগতে, এই মূলাংকৰ বিবাহিত জাতকসকলৰ বাবেও সপ্তাহটো অনুকূল হ’ব। আপুনি জীৱনসঙ্গীৰ সমৰ্তন প্ৰতিটো খোজত লাভ কৰিব।
शिक्षा: মূলাংক 3 ৰ যিসকল শিক্ষাৰ্থীয়ে অভিযান্ত্ৰিক অধ্যয়ন কৰি আছে বা অভিযান্ত্ৰিক অধ্যয়নৰ পাঠ্যক্ৰমৰ বাবে প্ৰস্তুতি কৰি আছে তেওঁলোকৰ বাবে সপ্তাহটো যথেষ্ট ভাল হ’ব। ইয়াৰ বাহিৰেও যিসকল শিক্ষাৰ্থীয়ে বিদেশত আইনৰ অধ্যয়ন বা সেনাত ভৰ্ত্তি হোৱাৰ বাবে প্ৰস্তুতি কৰি আছে তেওঁলোকৰ বাবেও সময়খিনি অনুকূল হ’ব।
বৃত্তিগজ জীৱন: বৃত্তিগজ জীৱনৰ ক্ষেত্ৰত দেখা যায় যে এই মূলাংকৰ ব্যৱসায় কৰা জাতকসকলে এই সপ্তাহত অনুকূল ফল প্ৰাপ্ত কৰিব কাৰণ এই সময়খিনিত আপুনি চৰকাৰী বা সমাজৰ ক্ষমতাশালী লোকসকলৰ সমৰ্থন লাভ কৰিব যাৰ ফলত আপোনাৰ কোম্পানীৰ বিস্তাৰ কৰিবলৈ আপুনি সক্ষম হ’ব। লগতে, ব্যৱসায়ৰ সৈতে জড়িত মিটিং বা যাত্ৰা কৰিবলগীয়া হ’ব পাৰে। যদিহে আপুনি ব্যৱসায়ৰ সম্প্ৰসাৰণ কৰিবৰ বাবে ব্যৱসায়িক অংশীদাৰ বা বিনিয়োগকাৰীৰ সন্ধানত আছে তেনেহ’লে এই সময়খিনি আপোনাৰ বাবে উত্তম হ’ব।
স্বাস্থ্য: স্বাস্থ্যৰ ক্ষেত্ৰত দেখা যায় যে এই সপ্তাহটোত মূলাংক 3 ৰ জাতকসকলৰ বাবে উদ্যমৰ অভাৱ হ’ব পাৰে আৰু এনে পৰিস্থিতিত আপুনি আৱেগিকভাৱে উত্থান-পতনৰ সম্মুখীন হ’ব পাৰে। সেয়েহে আপুনি নিজৰ আৱেগৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটো ভাল হ’ব বিশেষকৈ বাহন চলোৱাৰ সময়ত।
উপায়: মাতৃৰ নিয়মিতভাৱে আশীৰ্বাদ লওক।
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 4, 13, 22, 31 তাৰিখে হৈছে)
যিসকল জাতকৰ জন্ম মূলাংক 4 ৰ অধীনত হৈছে তেওঁলোক এই সপ্তাহত যথেষ্ট সাহসী আৰু আত্মবিশ্বাসী হৈ উঠিব। লগতে তেওঁলোকৰ আয় বৃদ্ধি আৰু লাভ প্ৰাপ্ত হোৱাৰ যোগ আছে। কিন্তু আপুনি আৱেগৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব, অন্যথা আপুনি মানসিক চাপৰ সম্মুখীন হ’ব পাৰে।
প্ৰেম জীৱন: প্ৰেম জীৱনৰ ক্ষেত্ৰত দেখা যায় যে মূলাংক 4 ৰ জাতকসকলৰ এই সপ্তাহত সঙ্গীৰ সৈতে সম্পৰ্কত সমস্যাৰ সম্মুখীন হ’ব পাৰে। এনে পৰিস্থিতিত প্ৰেমৰ ভাৱ অৱগত কৰি আৰু পৰস্পৰৰ সৈতে খোলাখুলিকৈ কথা পাতি আপুনি সমস্যাৰ সমাধান কৰিব পাৰিব। লগতে, এই সময়ছোৱা আপোনাৰ সঙ্গীক বিবাহৰ প্ৰস্তাৱন দিবৰ বাবে উত্তম সময় হ’ব। বিবাহিত জাতকসকলে এই সময়খিনিত নিজৰ সম্পৰ্কত উচ্চ মূল্যবোধ বজাই ৰাখিব লাগিব কাৰণ আপুনি বিবাহ বহিৰ্ভূত সম্পৰ্কত সোমোৱাৰ সম্ভাৱনা আছে যি আপোনাৰ বৈবাহিক জীৱনলৈ সমস্যা আনিব পাৰে।
শিক্ষা: শিক্ষাৰ ক্ষেত্ৰত এই সপ্তাহটো ভাল হ’ব আৰু আপুনি ভাল বিকাশ লাভ কৰিবলৈ সক্ষম হ’ব। এই সময়খিনিক বিশেষভাৱে ব্যৱসায়, ফাইনেন্স, বিজনেছ ষ্টাডিজ বা ডেটা চায়েন্সৰ সৈতে জড়িত লোকসকলৰ বাবে ভাল বুলি ক’ব পৰা যায়। লগতে, বেংকিং, চাৰ্টিফাইড পাব্লিক একাউণ্টিং বা ফাইনেন্সৰ সৈতে জড়িত অন্য ক্ষেত্ৰত চাকৰি কৰিবৰ বাবে প্ৰস্তুতি কৰি থকা শিক্ষাৰ্থীসকলৰ বাবে ফলদায়ক হ’ব।
বৃত্তিগত জীৱন: মূলাংক 4 ৰ যিসকল জাতকৰ ৰিয়েল ইষ্টেট বা কনষ্ট্ৰাকশ্যন ইণ্ডাষ্ট্ৰীৰ সৈতে সম্পৰ্ক আছে তেওঁলোকৰ বাবে এই সপ্তাহটো লাভদায়ক হ’ব। এই সময়খিনিত আপুনি পৰ্যাপ্ত পৰিমাণৰ ধন উপাৰ্জন কৰিবলৈ সক্ষম হ’ব। লগতে, যিসকল জাতক চৰকাৰী ইঞ্জিনিয়াৰ বা কোনো ডাঙৰ প্ৰতিষ্ঠানত কৰ্মৰত তেওঁলোকেও লাভ প্ৰাপ্ত কৰিব। আপোনাৰদ্বাৰা সৰু সুৰা আঁচনিত কৰা বিনিয়োগৰপৰা আপুনি ভাল লাভ প্ৰাপ্ত কৰিব যাৰ ফলত আপুনি সুখী আৰু সন্তুষ্ট হ’ব।
স্বাস্থ্য: স্বাস্থ্যৰ দৃষ্টিকোণৰপৰা, এই সপ্তাহটো কিছু দুৰ্বল হ’ব পাৰে। এনে পৰিস্থিতিত, আপুনি নিজৰ মন-মগজুৰ ধ্যান ৰাখিব লাগিব সেয়েহে ধ্যানৰ অভ্যাস কৰক আৰু অধিক চিন্তা-চৰ্চা কৰাটো পৰিহাৰ কৰক কাৰণ এই সময়খিনিত আপুনি মানসিক সমস্যাৰ সম্মুখীন হ’ব পাৰে।
উপায়:সোমবাৰে ভগৱান শিৱৰ পূজা কৰক আৰু শিৱলিংগত গাখীৰ অৰ্পণ কৰক।
এতিয়া ঘৰত বহিয়েই বিশেষজ্ঞ পুৰোহিতৰদ্বাৰা কৰাওক ইচ্ছানুসৰি অনলাইন পূজা আৰু লাভ কৰক উত্তম পৰিণাম!
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 5, 14, 23 তাৰিখে হৈছে)
মূলাংক 5 ৰ জাতকসকলৰ সম্পূৰ্ণ মনোযোগ এই সপ্তাহত অংশীদাৰিত্বৰ ওপৰত থাকিব, সেয়া লাগিলে ব্যৱসায়িকেই হওক বা বৈবাহিকেই হওক। এনে পৰিস্থিতিত, আপুনি অংশীদাৰিত্বত চলি থকা সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিব। জনাব বিচাৰিছোঁ যে যদিহে আপুনি এই বাধাবোৰৰ সম্মুখীন যওৱা কিছু মাহ ধৰি হৈ আছে তেনেহ’লে এই সপ্তাহৰ শেষলৈ সেইবোৰৰ সমাধাম হ’ব আৰু পৰিস্থিতি আপোনাৰ পক্ষলৈ আহিব। এই সময়খিনিত আপুনি ভাগ্যৰ লগতে আপোনাৰ পিতৃ, গুৰু আৰু মেণ্টৰৰ সমৰ্থন লাভ কৰিব।
প্ৰেম জীৱন: মূলাংক 5 ৰ জাতকসকলৰ সম্পৰ্কলৈ এই সপ্তাহত কোনো ডাঙৰ সমস্যা অহাৰ সম্ভাৱনা নাই। কিন্তু তথাপিও আপুনি আনন্দৰ অভাৱ অনুভৱ কৰিব পাৰে। আনহাতে, এই মূলাংকৰ প্ৰেমিক যুগলসকল এই সপ্তাহত সৰু-সুৰা কথাক লৈ অসহমত হ’ব পাৰে। লগতে, পাৰস্পৰিক বুজাবুজিৰ অভাৱৰ হোৱাৰ আশংকা কৰা হৈছে। ইয়াৰ উপৰিও বিবাহিত জাতকসকল আকস্মিকভাৱে কোনো সমস্যাৰ সম্মুখীন হ’ব পাৰে যাৰ ফলস্বৰূপে আপোনালোক দুয়োৰে মাজত পৰিয়ালৰ লোকে হস্তক্ষেপ কৰিবলগীয়া হ’ব পাৰে।
শিক্ষা: শিক্ষাৰ ক্ষেত্ৰত দেখা গৈছে যে যিসকল শিক্ষাৰ্থীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে এই সপ্তাহটো অনুকূল হ’ব। এই সময়খিনিৰ যথাসাধ্য ব্যৱহাৰ কৰি আপুনি শিক্ষাত নিজৰ প্ৰদৰ্শন উন্নত কৰিব পাৰিব বিশেষকৈ লিখা-মেলা, মাচ কমিউনিকেশ্যন আৰু ভাষাৰ সৈতে জড়িত কাৰ্য্যত।
বৃত্তিগত জীৱন: মূলাংক 5 ৰ চাকৰিয়াল জাতকসকলৰ বাবে এই সপ্তাহটো ভাল হ’ব, বিশেষকৈ যিসকল লোক ৰাজনেতা বা জনতাৰ প্ৰতিনিধি। এই সময়খিনিত আপোনাৰ প্ৰতিচ্ছবি উন্নত হ’ব। ইয়াৰ বিপৰীতে যিসকল লোক প্ৰিণ্ট মিডিয়া, শিক্ষা(যি একেবাৰে সৰু ল’ৰা-ছোৱালী বা এনে শিশুৰ চোৱাচিতা কৰে বা তেওঁলোকৰ সৈতে জড়িত কাম কৰে যিসকলক চোৱাচিতা কৰাৰ আৱশ্যকতা আছে) বা বেংকৰ লিকুইড ফাণ্ডৰ সৈতে জড়িত কাম কৰে তেওঁলোকৰ বাবে সপ্তাহটো অনুকূল হ’ব।
স্বাস্থ্য: স্বাস্থ্যৰ ক্ষেত্ৰত দেখা যায় মূলাংক 5 ৰ জাতকসকলক নিজৰ খোৱা-বোৱাৰ প্ৰতি সচেতন হ’বলৈ পৰামৰ্শ দিয়া হৈছে কাৰণ অস্বাস্থঅযকৰ খোৱা-বোৱাৰ বাবে আপুনি বেমাৰত ভূগিব পাৰে।
উপায়: ঘৰত বগা ৰঙৰ ফুল লগাওক আৰু নিয়মিতভাৱে তাৰ প্ৰতিপালন কৰক।
আপোনাৰ কুণ্ডলীত আছে নেকি ৰাজযোগ? জানক আপোনাৰ ৰাজযোগ প্ৰতিৱেদন
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 6, 15, 24 তাৰিখে হৈছে)
মূলাংক 6 ৰ জাতকসকলৰ বাবে এই সপ্তাহটো কিছু আৱেগিক হ’ব পাৰে। এনে পৰিস্থিতিত আপুনি নিজৰ উদ্যমৰ জৰিয়তে আন অভাৱী লোকক সহায় কৰিব। এইদৰে আপোনাক জন্তু-জানোৱাৰ, বৃদ্ধ লোক, অনাথ শিশু বা দিব্যাংগ লোকৰ জীৱন উন্নত কিৰবলৈ প্ৰয়াসৰত হৈ থকা দেখা যাব। আপুনি আনৰ সহায় কৰাক লৈ ইমান ব্যস্ত হৈ পৰিব যে নিজৰ প্ৰতি মনোযোগ দিবলৈ এৰি দিব। এনে কৰাটো সম্পূৰ্ণ ভুল হ’ব কাৰণ আনৰ সহায় কৰাৰ লগতে আুপুনি নিজৰ স্বাস্থ্যৰ প্ৰতিও প্ৰাথমিকতা দিব লাগিব আৰু সুস্বাস্থ্য অটুত ৰাখিব লাগিব। সেয়েহে আপোনাৰ জীৱনৰ সন্তুলন ৰক্ষা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
প্ৰেম জীৱন: প্ৰেম জীৱনৰ ক্ষেত্ৰত এই সপ্তাহটো আপোনাৰ বাবে ভাল হ’ব কাৰণ মূলাংক 6 ৰ যিসকল জাতক পূৰ্বৰেপৰাই সম্পৰ্কত আছে তেওঁলোকে এই সময়খিনিত নিজৰ সম্পৰ্ক সঙ্গীৰ সৈতে শক্তিশালী কৰিবলৈ সক্ষম হ’ব। আনহাতে যিসকল লোক সম্পৰ্কৰ প্ৰতি গভীৰ আৰু বিশ্বাসী নহয় তেওঁলোকে এই সময়খিনিত সম্পৰ্কত সমস্যা অনুভৱ কৰিব যাৰ ফলত আপোনাৰ সম্পৰ্ক ভাঙি যাবও পাৰে। যিসকল লোক বিবাহপাশত আৱদ্ধ হ’বলৈ গৈ আছে তেওঁলোকক নিজৰ সিদ্ধান্ত পুণৰ এবাৰ ভাবি চাবলৈ পৰামৰ্শ দিয়া হৈছে।
শিক্ষা: শিক্ষাৰ ক্ষেত্ৰত মূলাংক 6 ৰ শিক্ষাৰ্থীসকলে যদিহে কষ্ট নকৰে তেনেহ’লে আগন্তুক পৰীক্ষাত আপোনাৰ ওপৰত চাপ বৃদ্ধি হ’ব পাৰে। অৱশ্যে এই সপ্তাহত আপোনাৰ মনত কোনো বিষয়ক লৈ বিভিন্ন ধৰণৰ প্ৰশ্ন আহিব পাৰে আৰু সেইবোৰ সমাধান কৰাৰ ক্ষেত্ৰত আপোনাক মাতৃ আৰু শিক্ষকে সহায় কৰিব।
বৃত্তিগত জীৱন: এই মূলাংকৰ যিসকল লোকে চাকৰি কৰে তেওঁলোকৰ বাবে এই সপ্তাহটো ফলদায়ক হ’ব, বিশেষকৈ সেইসকল লোকৰ বাবে যিসকল সামাজিক কৰ্মী বা বেচৰকাৰী সংগঠনৰ সৈতে জড়িত। লগতে, প্ৰিণ্ট মিডিয়া বা ইনফ্লুৱেন্সাৰসকলৰ বাবেও এই সময়খিনি অনুকূল হ’ব। আনহাতে, যিসকলৰ আংশীদাৰী ব্যৱসায় আছে তেওঁলোকে সাৱধানতা অৱলম্বন কৰিব লাগিব কাৰণ আপুনি প্ৰৱঞ্চনাৰ বলি হ’ব পাৰে।
স্বাস্থ্য: এই মূলাংকৰ জাতকসকলে স্বাস্থ্যৰ প্ৰতি মনোযওগ দিব লাগিব কাৰণ আপুনি স্বাস্থ্যৰ প্ৰতি গুৰুত্বহীন হোৱাৰ প্ৰৱল সম্ভাৱনা আছে।
উপায়: শুক্ৰবাৰে দেৱী লক্ষ্মীৰ পূজা কৰক।
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 7, 16, 25 তাৰিখে হৈছে)
মূালংক 7 ৰ জাতকসকলৰ বাবে এই সপ্তাহটো কিছু কঠিন হোৱাৰ আশংকা কৰা হৈছে কাৰণ আপোনাক আৱেগিক সমস্যাই ভাৰাক্ৰান্ত কৰিব পাৰে। লগতে, কনফিউজন আৰু মানসিক অস্পষ্টতাৰ বাবে আপুনি নিজৰ আৱেগসমূহ আনৰ সম্মুখত প্ৰকাশ কৰিবলৈ অসমৰ্থ হ’ব পাৰে। এনে পৰিস্থিতিত, আপুনি মানসিকভাৱে শক্তিশালী হ’বৰ বাবে ধ্যান কাৰৰ লগতে আধ্যাত্মিকতাৰ সৈত্ জড়িত হ’ব লাগিব।
প্ৰেম জীৱন: প্ৰেম জীৱনৰ ক্ষেত্ৰত দেখা যায় এই সপ্তাহত মূলাংক 7 ৰ যিসকল জাতক চিংগল তেওঁলোকে দীৰ্ঘ দূৰত্বৰ যাত্ৰা বা কোনো তীৰ্থযাত্ৰাৰ সময়ত কাৰোবাৰ সৈতে প্ৰেমত পৰিব পাৰে। আনহাতে, এই মূলাংকৰ বিবাহিত জাতকসকলক নিজৰ সম্পৰ্ক শক্তিশালী কৰি ৰাখিবৰ বাবে কোনো দীৰ্ঘ দূৰত্বৰ যাত্ৰা বা তীৰ্থযাত্ৰালৈ যোৱা দেখা যাব পাৰে।
শিক্ষা: শিক্ষাৰ ক্ষেত্ৰত ক’ব পাৰি যে মূলাংক 7 ৰ সেইসকল শিক্ষাৰ্থীসৰ বাবে এই সপ্তাহটো ভাল হ’ব যিসকলে কোনো প্ৰতিযওগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে। অৱশ্যে, কিছুমান ছাত্ৰৰ বাবে এই সপ্তাহটো কঠিন হোৱাৰ আশংকা কৰা হৈছে। এনে পৰিস্থিতিত আপুনি পঢ়া-শুনাত মনোযোগ কেন্দ্ৰিত কৰিব লাগিব আৰু অধিক কষ্ট কৰবি লাগিব।
বৃত্তিগত জীৱন: মূলাংক 7 ৰ জাতকসকলৰ বৃত্তিগত জীৱনৰ ক্ষেত্ৰত দেখা যায় যে এই সপ্তাহটোৱে ভাল লাভ কঢ়িয়াই আনিব। লগতে, আপুনি নিজৰ কেৰিয়াৰৰ সৈতে জড়িত লক্ষ্যসমূহ প্ৰাপ্ত কৰিবলৈ সম্পূৰ্ণৰূপে সমৰ্পিত হৈ থাকিব আৰু এই সময়খিনিত আপুনি উদ্যম তথা আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ থাকিব। এনে অৱস্থাত আপুনি নিজৰ লক্ষ্যত উপনীত হোৱাৰ লগতে আনকো প্ৰভাৱিত কৰিবলৈ সক্ষম হ’ব। অৱশ্যে, আপুনি এই কথাৰ প্ৰতি সচেতন হ’ব লাগিব যাতে আপুনি সহকৰ্মীসকলৰ সৈতে কোনো কথাক লৈ সমস্যাৰ সম্মুখীন নহয় কাৰণ আপোনাৰ বাবে সেয়া সমস্যাৰ কাৰণ হ’ব পাৰে।
স্বাস্থ্য: স্বাস্থ্য়ৰ দিশৰপৰা মূলাংক 7 ৰ জাতকসকলৰ বাবে এই সপ্তাহটোক ভাল বুলি ক’ব পৰা নাযায় কাৰণ আপুনি ফ্লু, কাহ-চৰ্দী আদিৰ চিকাৰ হ’ব পাৰে। এনে অৱস্থাত, আপুনি হস্পিতাললৈ যাবলগিয়া হ’ব পাৰে। আপোনাক চিকিৎসকৰ সহায় লোৱাৰ পৰামৰ্শ দিয়া হৈছে আৰু আপুনি নিজৰ স্বাস্থ্য়ক উপেক্ষা কৰাটো উচিত নহ’ব।
উপায়: প্ৰতিদিনে চন্দ্ৰমাৰ পোহৰত কমেও 10 মিনিট পৰ্য্য়ন্ত ধ্যান কৰক।
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 8, 17, 26 তাৰিখে হৈছে)
মূলাংক 8 ৰ জাতকসকল এই সপ্তাহত কিছু আৱেগিক আৰ খিংখিঙীয়া হৈ পৰিব পাৰে কাৰণ তেওঁলোকৰ ভৱিষ্যতক লৈ চিন্তা হ’ব পাৰে যাৰ নেতিবাচক প্ৰভাৱ আপোনাৰ স্বাস্থ্য আৰু মানসিক স্বাস্থ্যৰ ওপৰত পৰিব পাৰে। এনে পৰিস্থিতিত আপুনি নিজকে ম’টিভেটেড কৰি ৰাখিব লাগিব আৰু অধিক চিন্তা কৰাটো পৰিহাৰ কৰিব লাগিব।
প্ৰেম জীৱন: প্ৰেম জীৱনৰ ক্ষেত্ৰত দেখা যায় যে মূলাংক 8 ৰ সেইসকল জাতকৰ বাবে সপ্তাহটো অনুকূল হ’ব যি নিজৰ সম্পৰ্কক গম্ভীৰভাৱে লয় আৰু ইয়াক বিবাহৰ ৰূপ দিব বিচাৰে সেয়েহে এই সময়খিনি সম্পৰ্কক আগবঢ়াই নিবৰ বাবে অনুকূল হ’ব। আনহাতে, যিসকল জাতক বিবাহিত তেওঁলোকে সঙ্গীৰ সৈতে প্ৰেমপূৰ্ণ মূহুৰ্তৰ আনন্দ উপভওগ কৰা দেখা যাব।
শিক্ষা: শিক্ষাৰ ক্ষেত্ৰত মূলাংক 8ৰ যিসকল শিক্ষাৰ্থী সৃষ্টিশীল ক্ষেত্ৰত যেনে ডিজাইন বা আৰ্ট আদিৰ সৈতে জড়িত তেওঁলোকৰ বাবে সপ্তাহটো অনুকূল হ’ব। হিউমেন ৰাইট্চ, নাৰ্চিং বা আৰ্টচৰ অধ্যয়ন কৰা শিক্ষাৰ্থীসকলে ভালদৰে অধ্যয়ন কৰিব পাৰিব।
বৃত্তিগত জীৱন: মূলাংক 8ৰ চাকৰিয়াল জাতকসকলৰ বাবে এই সপ্তাহটো বিশেষ ভাল নোহোৱাৰ আশংকা কৰা হৈছে কাৰণ আপোনাক অসন্তুষ্ট দেখা যাব পাৰে। আনহাতে যিসকল জাতকে নিজা ব্যৱসায় কৰে তেওঁলোকৰ বাবে এই সময়খিনি অত্যন্ত ভাল হ’ব। এনে পৰিস্থিতিত আপুনি গ্ৰাহকক আকৰ্ষিত কৰিবলৈ সক্ষম হ’ব আৰু ভাল বেপাৰ কৰিব পাৰিব।
স্বাস্থ্য: স্বাস্থ্যৰ ক্ষেত্ৰত ক’ব পাৰি যে মূলাংক 8 ৰ জাতকসকলক এই সপ্তাহত চাপ আৰু ৰক্তচাপৰ সৈতে জড়িত সমস্যাই অসুবিধাত পেলাব পাৰে সেয়েহে আপুনি বিচলিত হ’ব পাৰে। আপুনি চাপ লোৱাটো পৰিহাৰ কৰিব লাগিব আৰু এনে অৱস্থাত আপোনাকক ধ্যান আৰু যোগাভ্যাস কৰাৰ পৰামৰ্শ দিয়া হৈছে।
উপায়: পৰিস্থিতিবোৰ পাতলকৈ নল’ব।
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 9, 18, 27 তাৰিখে হৈছে)
মূলাংক 9 ৰ বাবে এই সপ্তাহটোৱে বিভিন্ন ধৰণৰ উদ্যম লৈ আহিব। এই সময়খিনিত কেতিয়াবা আপোনাৰ ব্যৱহাৰত বুদ্ধিমত্তা আৰু পৰিপক্কতা দেখা যাব আৰু কেতিয়াবা আপুনি মুৰ্খামী ব্যৱহাৰ কৰিব। এনে পৰিস্থিতিত, আপোনাক নিজৰ আৱেগৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে কাৰণ আপোনাক আৱেগিক সমস্যাই অসুবিধাত পেলাব পাৰে আৰু সৰু সৰু কথাই ও আপোনাক আঘাত দিব পাৰে। এই পৰিস্থিতিসমূহত আপুনি ক্ৰোধাম্বিত হৈ পৰিব পাৰে যাৰ প্ৰভাৱ আপোনাৰ বৃত্তিগত তথা ব্যক্তিগত জীৱনত দেখা যাব।
প্ৰেম জীৱন: প্ৰেম জীৱনৰ ক্ষেত্ৰত ক’ব পাৰি যে এই সপ্তাহত এই মূলাংকৰ জাতকসকলে যিকোনো কাম সীমা অতিক্ৰমি কৰাৰ প্ৰয়োজন নাই সেয়া লাগিলে প্ৰেমেই হওক বা সঙ্গীৰ চোৱাচিতায়েই হওক কাৰণ আপুনি সঙ্গীক লৈ প্ৰয়োজনতকৈ অধিক সুৰক্ষাত্মক হ’ব পাৰে। এই কথাই আপোনাৰ সঙ্গীক আমনি দিব পাৰে। ইয়াৰ বিপৰীতে যিসকল লোকৰ বিবাহ হৈ গৈছে তেওঁলোকে নিজৰ সঙ্গীৰ সৈতে কিছু সমস্যাৰ সম্মুখীন হ’বলগীয়া হ’ব পাৰে।
শিক্ষা: মূলাংক 9 ৰ যিসকল ছাত্ৰই ইঞ্জিনিয়াৰিং, মেডিকেল বা টেকনিকেল পাঠ্যক্ৰমৰ অধ্যয়ন কৰি আছে বা এই ক্ষেত্ৰসমূহত নামভৰ্ত্তিৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰি আছে তেওঁলোকৰ বাবে এই সপ্তাহটো যথেষ্ট ভাল হ’ব। চৰকাৰী চাকৰিৰ প্ৰস্তুতি কৰিবৰ বাবে এই সময়খিনিক উত্তম বুলি ক’ব পৰা যায়।
বৃত্তিগত জীৱন: বৃত্তিগত জীৱনৰ ক্ষেত্ৰত দেখা যায় যে মূলাংক 9 ৰ জাতকসকলে এই সপ্তাহত পূৰ্বতে কৰা নিজৰ প্ৰয়াসৰ ইতিবাচক ফল লাভ কৰিব। ইয়াৰ বিপৰীতে যিসকল লোকে বেতন বৃদ্ধি বা প্ৰমোশ্যনৰ বাবে অপেক্ষা কৰি আছে তেওঁলোকে এই সপ্তাহত অপেক্ষা ফল প্ৰাপ্ত কৰিব। অৱশ্যে, এই সফলতা কিছুমান পৰিৱৰ্তনৰ সৈতে আহিব পাৰে যেনে ট্ৰান্সফাৰ বা ডিপাৰ্টমেণ্টৰ পৰিৱৰ্তন আদি।
স্বাস্থ্য: স্বাস্থ্যৰ দৃষ্টিকোণৰপৰা, এই সপ্তাহটো আপোনাৰ বাবে ভাল হ’ব কাৰণ এই সময়খিনিত আপোনাৰ কোনো ডাঙৰ সমস্যা নহয়। কিন্তু আপুনি নিজৰ ভিতৰত শক্তিৰ অভাৱ অনুভৱ কৰিব পাৰে যাৰ কাৰণ মুড চুইং হ’ব পাৰে সেয়েহে আপুনি নিজৰ আৱেগৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব।
উপায়: আপুনি নিজৰ আৱেগৰ ওপৰত নিয়ন্ত্ৰণ ৰখা উচিত।
সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক: অনলাইন শ্বপিং ষ্টোৰ
আমি আশা কৰিছোঁ যে আমাৰ এই প্ৰৱন্ধটো আপুনি নিশ্চয় ভাল পাইছে। যদিহে ভাল পাইছে তেনেহ’লে আপুনি ইয়াক নিজৰ শুভাকাংক্ষীসকলৰ সৈতে শ্যেয়াৰ কৰিব। ধন্যবাদ!
1.মূলাংক 8ৰ স্বামী কোন?
শনিদেৱক অংক 8 ৰ স্বামী হিচাপে গণ্য কৰা হয়।
2.মঙ্গলে কি সংখ্যাক নিয়ন্ত্ৰণ কৰে?
অংকজ্যোতিষত সংখ্যা 9 ক মঙ্গলে শাসন কৰে।
3.মূলাংক কেনেদৰে জানিব পৰা যায়?
আপোনাৰ জন্ম তাৰিখক যোগ কৰিলে যি সংখ্যা ওলায়, তাক আপোনাৰ মূলাংক বুলি কোৱা হয় যেনে যদিহে আপোনাৰ জন্ম তাৰিখ হৈছে 01, তেনেহ’লে আপোনাৰ মূলাংক 0+1 = 1 হ’ব