অংক জ্যোতিষ (20 এপ্ৰিল-26 এপ্ৰিল, 2025)

Author: Lobitha Dutta | Updated Tue, 18 Mar 2025 02:54 PM IST
মূলাংক 1

যদিহে আপোনাৰ জন্ম কোনো মাহৰ 1, 10, 19 বা 28 তাৰিখে হৈছে তেনেহ’লে অংক জ্যোতিষ অনুসৰিআপোনাৰ মূলাংক 1 হ’ব আৰু এই সপ্তাহত আপুনি মিশ্ৰিত ফলাফল লাভ কৰিব। অৱশ্যে ইতিবাচক কথাটো হ’ল যে ফলাফল মধ্যমীয়াতকৈও উন্নত হ’ব পাৰে। যদিও কামত কিছু বাধা আহিব পাৰে তথাপি ক’ব পৰা যায় যে সংগ্ৰাম সিমান অধিক নহ’ব যে আপুনি কামখিনি সম্পন্ন কৰিব নোৱাৰিব। অৰ্থাৎ আস্থাৰে সৈতে একাধাৰে প্ৰয়াস কৰিলে আপুনি লক্ষ্যত উপনীত হ’ব পাৰিব। যদিহে আপুনি চাকৰিয়াল ব্যক্তি তেনেহ’লে আপুনি কেনেবাকৈ হ’লেও নিজৰ টাৰ্গেটত উপনীত হ’ব পাৰিব। যদিহে আপুনি ব্যৱসায়ী তেনেহ’লে আপুনি নিজৰ প্ৰচেষ্টা অনুসৰি পৰিণাম প্ৰাপ্ত কৰিব কিন্তু কাৰো ওপৰত চকু মুদি বিশ্বাস কৰাটো উচিত নহ’ব। বিশেষকৈ ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে কোনো নতুন প্ৰয়োগ এই সময়ত কৰাটো উচিত নহ’ব।


অৱশ্যে ধৰ্ম-কৰ্ম আৰুআধ্যাত্মিকতা আদিৰ বাবে এই সময়খিনি অনুকূল সময়। যদিহে আপুনি কোনো ধৰ্মীয় যাত্ৰাত যাব বিচাৰে তেনেহ’লে এই সময়খিনি আপোনাৰ বাবে লাভদায়ক হ’ব। যদিও আৱেগিক সম্পৰ্কৰ বাবে সময়খিনি অনুকূল তথাপিও আনৰপৰা কোনো প্ৰত্যাশা নৰখাকৈ আপুনি নিজৰ প্ৰেম প্ৰকাশ কৰিলে আপুনি সুখী হৈ থাকিব পাৰিব।

উপায়: কপালত কেশৰৰ তিলক লগোৱাটো শুভ হ’ব।

মূলাংক 2

যদিহে আপোনাৰ জন্ম 2, 11, 20 বা 29 তাৰিখে হৈছে তেনেহ’লে আপোনাৰ মূলাংক হৈছে 2 আৰু এই মূলাংকৰ জাতকসকলৰ বাবে এই সপ্তাহটো সাধাৰণভাৱে অনুকূল হ’ব। যদিও সৰু সুৰা বাধা থাকিব তথাপি পৰিশ্ৰম অনুপাতে ফল লাভ কৰিব। পৰিণাম উৎকৃষ্ট স্তৰৰ নহ’ব পাৰে কিন্তু কিছু পৰিমাণে অনুকূল হ’ব। পৰিশ্ৰমী ব্যক্তিসকলে ভাল ফলাফল লাভ কৰিব। এই সপ্তাহত লাহে-ধীৰে কাম কৰা লোকসকলৰ কাম সম্পূৰ্ণ হ’ব আৰু তেওঁলোকে ভাল ফলাফল লাভ কৰিব। আৰ্থিক দৃষ্টিকোণৰপৰা এই সপ্তাহটো যথেষ্ট ভাল হ’ব।

ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে ধৈৰ্য্য সহকাৰে কাম কৰিলে ভাল ফল প্ৰাপ্ত কৰিব পাৰিব। কোনো নতুন প্ৰয়োগ কৰাৰ ইচ্ছাও হ’ব পাৰে আৰু সাধাৰণতে তেনে প্ৰয়োগত আপুনি লাভ প্ৰাপ্ত কৰিব। নতুন মানুহৰ সৈতে সংযুক্ত হ’ব পাৰে যি আপোনাৰ বাবে লাভদায়কো হ’ব। কিন্তু তৎস্বত্বেও কাৰো ওপৰত প্ৰয়োজনতকৈ অধিক বিশ্বাস কৰাটো উচিত নহ’ব। বিশেষকৈ নতুন মানুহৰ ওপৰত বেছি ভৰসা কৰাটো ভাল নহ’ব। নাৰীৰ সৈতে জড়িত বিষয়ত পুৰুষসকলে সন্তোষজনক ফল লাভ কৰিব। ক্ৰোধ আৰু আৱেগৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটো ভাল হ’ব।

উপায়: শিৱলিংগত ক’লা তিল অৰ্পণ কৰাটো শুভ হ’ব।

বৃহৎ কুণ্ডলী ত নিহিত হৈ আছে, আপোনাৰ জীৱনৰ সকলো গোপন ৰহস্য, জানক গ্ৰহসমূহৰ গতি-বিধিৰ সম্পূৰ্ণ লেখ-জোখ

মূলাংক 3

যদিহে আপোনাৰ জন্ম 3, 12, 21 অথবা 30 তাৰিখে হৈছে তেনেহ’লে আপোনাৰ মূলাংক 3 হ’ব। এই সপ্তাহটোৱে সাধাৰণতে আপোনাক অনুকূল পৰিণাম প্ৰদান কৰিব। নতুন চিন্তা নতুন উদ্যমেৰে আপুনি পূৰ্বৰ কামসমূহ সম্পূৰ্ণ কৰিব পাৰিব। মাটি-বাৰী সম্পত্তিৰ সৈতে জড়িত বিষয়ত অহা বাধাসমূহ এই সময়খিনিত হ্ৰাস পাব। ভাতৃৰ ভাল সহযোগ লাভ কৰিব। মিত্ৰও প্ৰয়োজনত আপোনাৰ কাষত থিয় দিব। ওচৰ-পাজৰৰ মানুহৰো ভাল সহযোগিতা পাব। এইবোৰৰ বাবে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হ’ব।

এনে স্থিতিত আপুনি নতুন উদ্যমেৰে কাম কৰি পুৰণি কামবোৰ সম্পূৰ্ণ কৰাৰ লগতে আগন্তুক সময়ৰ বাবে নিজকে প্ৰস্তুত কৰিব পাৰিব। এইবোৰৰ লগতে আপুনি নিজকে বিবাদৰপৰা আতৰাই ৰাখিবলৈ চেষ্টা কৰা উচিত। বাহন ইত্যাদি চলোৱাৰ সময়ত সজাগ হৈ থকাটো ভাল হ’ব।

উপায়: মঙ্গলবাৰে হনুমান জীৰ মন্দিৰত সেন্দুৰ অৰ্পণ কৰক।

মূলাংক 4

যদিহে আপোনাৰ জন্ম 4, 14, 22 বা 31 তাৰিখে হৈছে তেনেহ’লে আপোনাৰ মূলাংক 4 হ’ব। এই সপ্তাহত আপুনি মিশ্ৰিত বা আশা কৰাতকৈ কিছু দুৰ্বল ফল লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। অৱশ্যে যদিহে আপুনি কোনো ধৰণৰ ৰিস্ক নলয় তেতিয়া আপুনি লোকচানৰপৰা বাচি থাকিব পাৰিব। আপুনি সময়ৰ লগত তাল মিলাই আচৰণ কৰি কাম কৰিলে আপুনি সফলতা লাভ কৰিব পাৰিব। যদিহে আপুনি চাকৰিয়াল ব্যক্তি তেনেহ’লে জেষ্ঠ্যসকলৰ সৈতে সম্পৰ্ক বৰ্তাই ৰাখিবলৈ চেষ্টা কৰক। যদিহে আপুনি ব্যৱসায়ৰ সৈতে জড়িত তেনেহ’লে শাসন-প্ৰশাসনৰ নীতি-নিয়ম তথা আইন মানি চলাটো উচিত হ’ব।

কোনো ধৰণৰ চৰ্টকাট নল’ব। সাৱধানতা অৱলম্বন কৰিলে অনুকূল ফল লাভ কৰিব পাৰিব। সকলোবোৰ পৰিস্থিতি আপুনি আশা কৰা ধৰণৰ নহ’ব পাৰে কিন্তু এই পৰিস্থিতিবোৰত পৰিপক্ক হৈ কাম কৰিলে আপুনি এয়া অতিক্ৰম কৰিব পাৰিব। অসাৱধানতাৰ স্থিতিত আপোনাৰ লোকচান হ’ব পাৰে।

এন অৱস্থাত কোনো ধৰণৰ বেআইনী কাম নকৰিব। নিজৰ প্ৰতিষ্ঠা অটুত ৰাখিবলৈ চেষ্টা কৰত। নতুন ধৰণে কোনো কাম কৰাৰ সুযোগ লাভ কৰিব পাৰে, এনে পৰিস্থিতিত বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰি আগবঢ়াৰ কথা ভাবিব পাৰে।

উপায়: মন্দিৰত গুড় আৰু বুট দাইল দান কৰাটো শুভ হ’ব।

অনলাইন চফটৱেৰৰপৰা বিনামূলীয়া জন্ম কুণ্ডলী প্ৰাপ্ত কৰক

মূলাংক 5

যদিহে আপোনাৰ জন্ম কোনো মাহৰ 5, 14 বা 23 তাৰিখে হৈছে তেনেহ’লে আপোনাৰ মূলাংক হ’ব 5 । এই সপ্তাহত এই মূলাংকৰ জাতকসকলে মজলীয়া ফলাফল লাভ কৰিব। যদিও আপুনি সামঞ্জস্য ৰক্ষা কৰিবলৈ চেষ্টা কৰে তথাপি কিছুমান সম্পৰ্কত আপুনি হয়তো প্ৰয়োজনীয় সময় দিব পৰা নাছিল। এই সপ্তাহটোৱে সেই সম্পৰ্কবোৰৰ এনাজৰীডাল শক্তিশালী কৰাত সহায় কৰিব। বিশেষকৈ প্ৰেমৰ ক্ষেত্ৰত এই সময়খিনি ভাল হ’ব।

নাৰীৰ সৈতে জড়িত যিকোনো বিষয়ৰ বাবে এই সময়খিনি সহায়ক প্ৰমাণিত হব আৰু আপুনি নিজৰ চেষ্টাৰ অনুপাতে পৰিণাম লাভ কৰিব। মাতৃৰ সৈতে জড়িত ক্ষেত্ৰৰ বাবে এই সময়খিনি ভাল। যদিহে মাতৃৰ কিছুদিনৰপৰা স্বাস্থ্যৰ সমস্যা হৈ আছে তেনেহ’লে ভাল সু চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। পুৰণি কামবোৰ আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰতো আপুনি সফল হ’ব। এই সময়খিনিত আপুনি নিজৰ প্ৰযত্ন অনুসাৰে লাভ প্ৰাপ্ত কৰিব।

উপায়: শিৱ মন্দিৰৰ পূজাৰী বা কোনো বয়োজ্যেষ্ঠ্য ব্যক্তিক চাউল আৰু গাখীৰ দান কৰাটো শুভ হ’ব।

মূলাংক 6

যদিহে আপোনাৰ জন্ম কোনো মাহৰ 6, 15 বা 24 তাৰিখে হৈছে তেনেহ’লে আপোনাৰ মূলাংক 6 হ’ব। মূলাংক 6 ৰ জাতকসকলৰ বাবে এই সপ্তাহটো মধ্যমীয়া বা মধ্যমীয়াতকৈ কিছু উন্নত হ’ব। যদিও কিছুমান স্থিতি আপোনাৰ বাবে বিৰূপ হ’ব পাৰে তথাপি আপুনি এই বিৰূপ পৰিস্থিতিকো নিজৰ পক্ষলৈ লৈ যাবলৈ সক্ষম হ’ব। কিছুমান মানুহে আপোনাৰ চিন্তাৰ সম্পূৰ্ণ সমৰ্থন নকৰিব পাৰে কিন্তু শেষত আপুনি নিজকে শুদ্ধ প্ৰমাণিত কৰিব পাৰিব।সামাজিক কাৰ্য্য়-কলাপৰ বাবে এই সপ্তাহটো সহায়ক হ’ব।

যদিহে আপুনি প্ৰকৃততে সমাজৰ বাবে কোনো কাম কৰিছে তেনেহ’লে এয়া মানুহৰ চকুত নিশ্চয় পৰিব আৰু আপুনি স্বীকৃতি লাভ কৰিব। সৃষ্টিশীল কাম সম্পূৰ্ণ কৰিবৰ বাবে এই সময়খিনি অনুকূল হ’ব। এই সময়খিনিত নতুন মিত্ৰও লাভ কৰিব পাৰে আৰু মিত্ৰৰ সৈতে আপোনাৰ সম্পৰ্ক প্ৰগাঢ় হ’ব পাৰে। মুঠতে আপুনি এই সময়খিনিত নিজৰ প্ৰচেষ্টাৰদ্বাৰা কেৱল কৰ্মক্ষেত্ৰতে ভাল প্ৰদৰ্শন কৰাই নহয়, বৰঞ্চ সামাজিক আৰু পাৰিবাৰিক বিষয়তো ভাল পৰিণাম লাভ কৰিবলৈ সক্ষম হ’ব। আৰ্থিক দিশৰ বাবেও এই সময়খিনি অনুকূল হ’ব।

উপায়: কলগছত পানী অৰ্পণ কৰাটো শুভ হ’ব।

কালসৰ্প দোষ প্ৰতিৱেদন – কাল সৰ্প যোগ কেলকুলেটৰ

মূলাংক 7

যদিহে আপোনাৰ জন্ম কোমনো মাহৰ 7, 16 বা 25 তাৰিখে হৈছে তেনেহ’লে আপোনাৰ মূলাংক 7 হ’ব। এই সপ্তাহত মিশ্ৰিত ফলাফল বা মধ্যমীয়াতকৈও দুৰ্বল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। এই সপ্তাহত প্ৰতিটো কাম সাৱধানতাৰে সৈতে কৰিব লাগিব। কোনো ধৰণৰ চৰ্টকাট নল’ব আৰু তুলনামূলকভাৱে অধিক কষ্ট কৰিব লাগিব। বিশেষকৈ নীতি-নিয়ম আৰু আইন মানি চলক।

শাসন-প্ৰশাসনৰ বিৰূদ্ধাতৰণ কৰা কোনো ধৰণৰ কামত লিপ্ত নহ’ব। এই সাৱধানতাবোৰ অৱলম্বন কৰিলে অনুকূল পৰিণাম লাভ কৰিব পাৰিব অন্যথা আপোনাৰ জৰিমণা হ’ব পাৰে বা আপোনাৰ ভাৱমূৰ্তি নষ্ট হ’ব পাৰে। একেৰাহে কষ্ট কৰি আগবাঢ়িলে আপোনাৰ কাম সম্পূৰ্ণ হ’ব। নিজকে অনুশাসিত কৰি ৰাখিলে আপুনি নেতিবাচকতাৰ ওপৰত নিয়ন্ত্ৰণ প্ৰাপ্ত কৰিব পাৰিব। ইণ্টাৰনেট ইত্যাদিৰ সৈতে জড়িত কাম কৰা লোকসকলে ভাল পৰিণাম লাভ কৰিব পাৰিব কিন্তু এইক্ষেত্ৰত যথেষ্ট সাৱধান হ’ব লাগিব।

উপায়: শিৱলিংগত নীলা ফুল অৰ্পণ কৰাটো শুভ হ’ব।

মূলাংক 8

যদিহে আপোনাৰ জন্ম কোনো মাহৰ 8, 17 বা 26 তাৰিখে হৈছে তেন্তে আপোনাৰ মূলাংক হ’ব 8 । এই সপ্তাহত আপুনি মিশ্ৰিত বা মধ্যমীয়া ফল লাভ কৰাৰ সম্ভাৱনা আছে। যি যেনেদৰে চলি আছে চলি থাকিবলৈ দিয়ক। পৰিৱৰ্তনৰ সুযোগ লাভ কৰিব পাৰে কিন্তু আপোনাৰ চৌপাশৰ পৰিস্থিতি অনুসৰিহে আপুনি এনে পৰিৱৰ্তনৰ প্ৰক্ৰিয়া আগবঢ়োৱা উচিত।

অংক জ্যোতিষঅনুসৰি যদিহে আপুনি পূৰ্বৰেপৰাই পৰিকল্পনা প্ৰস্তুত কৰি চলে যে কোনো পৰিৱৰ্তন কৰিব লাগিব আৰু সেই মতে প্ৰস্তুতি কৰে তেনেহ’লে আপুনি পৰিৱৰ্তন কৰিব পাৰে। এই কথা সম্প্ৰসাৰণৰ ক্ষেত্ৰতো প্ৰযোজ্য় হ’ব। আকস্মিকভাৱে কোনো কামত লাগি যোৱাটোত হয়তো যথেষ্ট পৰিশ্ৰম কৰিবলগীয়া হ’ব পাৰে আৰু আপুনি ইমান পৰিশ্ৰম কৰিব হয়তো নোৱাৰিব পাৰে আৰু সেয়েহে পৰিণাম আশা কৰা মতে নহ’ব পাৰে। গতিকে আপুনি আপোনাৰ চৌপাশৰ পৰিস্থিতি অনুসৰি আগবঢ়াটো উচিত হ’ব।

সংযম আৰু পৰিপক্কতাৰে আগবাঢ়িলে ব্যৱসায়ৰ ক্ষেত্ৰত ভাল কৰিব পাৰিব। চাকৰিয়াল জাতকসকলে নিজৰ লক্ষ্য প্ৰাপ্ত কৰিব পাৰিব।

উপায়: তুলসী গছত পানী অৰ্পণ কৰাটো শুভ হ’ব।

নতুন বছৰত কেৰিয়াৰৰ যিকোনো দোমোজা কগ্নিএষ্ট্ৰো প্ৰতিৱেদন ৰ জৰিয়তে দূৰ কৰক

মূলাংক 9

যদিহে আপোনাৰ জন্ম কোনো মাহৰ 9, 18 বা 27 তাৰিখে হৈছে তেনেহ’লে আপোনাৰ মূলাংক 9 হ’ব আৰু এই সপ্তাহত আপুনি মিশ্ৰিত ফলাফল প্ৰাপ্ত কৰিব। কেতিয়াবা ফলাফল আশা কৰা মতে নহ’ব পাৰে। অৰ্থাৎ আপুনি ভবা মতে পৰিস্থিতি নহ’ব পাৰে, এনে ক্ষেত্ৰত কোনো কামত খৰখেদা নকৰাটো ভাল হ’ব।

সম্পৰ্কৰ ক্ষেত্ৰত কোৱা হৈছে যে এই সপ্তাহত ঘৰ-পৰিয়ালৰ লোকক ভালদৰে সময় দিয়া উচিত। বিশেষকৈ কন্যা বা স্ত্ৰীৰ অনাদৰ নকৰিব, বৰঞ্চ বেয়া হৈ যোৱা সম্পৰ্কৰ শুধৰণি কৰিবলৈ চেষ্টা কৰক। বিবাহৰ কথা আগবঢ়াবৰ বাবে এই সময়খিনি সহায়ক প্ৰমাণিত হ’ব। কাপোৰ, গহণা বা সৌন্দৰ্য্যৰ সৈতে জড়িত যিকোনো ক্ৰয়ৰ বাবে সময়খিনি অনুকূল নহয়। বিশেষকৈ অনলাইনত কাপোৰ লোৱাটো ঠিক নহ’ব।

উপায়: বগা গাই গৰুক সেউজীয়া ঘাঁহ খুৱাওক।

সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক: অনলাইন শ্বপিং ষ্টোৰ

আমি আশা কৰিছোঁ যে আমাৰ এই প্ৰৱন্ধটো আপুনি নিশ্চয় ভাল পাইছে। এষ্ট্ৰোচেজৰ সৈতে সংযুক্ত হৈ থকাৰ বাবে আপোনাক অশেষ ধন্যবাদ!

সঘনাই সোধা প্ৰশ্ন

1. মূলাংক 4 ৰ বাবে সপ্তাহটো কেনে হ’ব?

এই সপ্তাহটোত তেওঁলোকে মিশ্ৰিত ফলাফল লাভ কৰিব আৰু কিছুমান ক্ষেত্ৰত ফলাফল আশা কৰাতকৈ বেয়া হ’ব পাৰে।

2. 7 মূলাংকৰ জাতকসকলৰ বাবে সপ্তাহটো কেনে হ’ব?

এই মূলাংকৰ জাতকসকলে মজলীয়া ফল প্ৰাপ্ত কৰিব।

3. 2 মূলাংকৰ স্বামী কোন?

অংক জ্যোতিষ অনুসৰি 2 মূলাংকৰ স্বামী হৈছে চন্দ্ৰমা।

Talk to Astrologer Chat with Astrologer