অংক জ্যোতিষ সাপ্তাহিক ভৱিষ্যতফল জনাৰ ক্ষেত্ৰত অংক জ্যোতিষ মূলাংকৰ যথেষ্ট ভূমিকা আছে। মূলাংকক জাতকৰ জীৱনৰ গুৰুত্বপূৰ্ণ সংখ্য হিচাপে বিবেচনা কৰা হয়। আপোনাৰ জন্ম মাহৰ যি তাৰিখে হয়, তাক একক অংকলৈ ৰূপান্তৰ কৰাৰ পিছত যি সংখ্যা প্ৰাপ্ত হয় তাকেই আপোনাৰ মূলাংক বুলি কোৱা হয়। মূলাংক 1 ৰপৰা 9 অংকৰ ভিতৰত যিকোনো হ’ব পাৰে, উদাহৰণস্বৰূপে- আপোনাৰ জন্ম কোনো মাহৰ 10 তাৰিখে হ’লে আপোনাৰ মূলাংক হ’ব 1+0 অৰ্থাৎ1 ।
এনেদৰে যি কোনো মাহৰ 1 তাৰিখৰপৰা 31 তাৰিখ পৰ্য্যন্ত জন্ম হোৱা মানুহৰ বাবে 1 ৰপৰা 9 পৰ্য্যন্ত মূলাংকৰ গণনা কৰা হয়। এইদৰে সকলো জাতকৰনিজৰ ৰুট নম্বৰ জানি লৈ তাৰ আধাৰত সাপ্তাহিক ৰাশিফলো জানিব পৰা যায়।
এয়াও পঢ়ক: ৰাশিফল 2025
পৃথিৱীৰ বিদ্বান অংক জ্যোতিষীসকলৰ সৈতে ফোনত কথা পাতক আৰু জানক কেৰিয়াৰ সম্বন্ধীয় সকলোবোৰ তথ্য
আমাৰ জীৱনত অংকজ্যোতিষৰ পোণপটীয়া প্ৰভাৱ পৰে কাৰণ আমাৰ জন্ম তাৰিখেই সংখ্য়াৰদ্বাৰা প্ৰস্তুত হয়। তলত দিয়া লিখনীটোত অৱগত কৰা হৈছে যে সকলো ব্যক্তিৰ জন্ম তাৰিখিৰ হিচাপ মতে তেওঁৰ একমূলাংক নিৰ্দ্ধাৰিত কৰা হয় আৰু এই সকলোবোৰ অংক বেলেগ বেলেগ গ্ৰহৰদ্বাৰা শাসিত।
যেনেদৰে মূলাংক1 ত সূৰ্য্য দেৱৰ আধিপত্য থাকে। চন্দ্ৰমা হৈছে মূলাংক 2 ৰ স্বামী। অংক 3ত দেৱগুৰু বৃহস্পতি ৰ স্বামীত্ব থাকে, ৰাহু হৈছে অংক 4 ৰ ৰজা। অংক 5 বুধ গ্ৰহৰ অধীন। 6 অংকৰ ৰজা হৈছে শুক্ৰ দেৱ আৰু 7 অংকৰ হৈছে কেতু গ্ৰহৰ। শনি দেৱতাক 8 ৰ স্বামী হিচাপে মনা হয়। অংক 9 হৈছে মঙ্গল দেৱৰ অংক আৰু এই গ্ৰহসমূহৰ পৰিৱহনৰ পৰিৱৰ্তনৰদ্বাৰা জাতকসকলৰ জীৱনলৈ বহুতো পৰিৱৰ্তন আহে।
বৃহৎ কুণ্ডলী ত নিহিত হৈ আছে, আপোনাৰ জীৱনৰ সকলো গোপন ৰহস্য, জানক গ্ৰহসমূহৰ গতি-বিধিৰ সম্পূৰ্ণ লেখ-জোখ
(যদিহে আপোনাৰ জন্ম কোনো এটা মাহৰ 1, 10, 19 বা 28 তাৰিখে হৈছিল)
মূলাংক 1 ৰ জাতকসকলৰ বাবে এই সময়খিনি নিজৰ বক্তব্য আৰু কথাৰপৰা হোৱা লোকচানৰ অনুশোচনা কৰিবৰ বাবে অনুকূল হ’ব। পূৰ্বৰ কোনো সপ্তাহত যি ভুল হৈছিল সেয়া আপুনি নিজৰ পৰিপক্কতা আৰু যোগাযোগ কৌশলৰদ্বাৰা সমাধান কৰিব পাৰিব।
প্ৰেম জীৱন: আপোনাৰ সম্পৰ্কত যি ভুল বুজাবুজি হৈছিল, এতিয়া সেই সকলোবোৰ দূৰ হ’ব আৰু আপোনাৰ সম্পৰ্কলৈ প্ৰেম তথা ৰোমাঞ্চ ঘূৰি আহিব। খোলাখুলিকৈ কথা পতা আৰু স্পষ্টতাৰ বাবে আপোনাৰ আৰু আপোনাৰ সঙ্গীৰ সম্পৰ্ক শক্তিশালী হ’ব।
শিক্ষা: মূলাংক 1 ৰ শিক্ষাৰ্থীসকলে যি প্ৰত্যাহ্বানৰ সম্মুখীন হৈ আছিল, এতিয়া সেইবোৰ আতৰ হ’ব। শিক্ষাৰ ক্ষেত্ৰত বিকাশ লাভ কৰিবৰ বাবে শিক্ষাৰ্থীসকলে অনুকূল পৰিস্থিতিৰ সম্পূৰ্ণ লাভ আদায় কৰিব পাৰিব। যিসকল ছাত্ৰ-ছাত্ৰী লিখা-মেলা, সাবাদিকতা বা কোনো ভাষাৰ শিক্ষাৰ সৈতে জড়িত তেওঁলোকৰ বাবে এই ভৱিষ্যতবাণী সম্পূৰ্ণ খাপ খায়।
বৃত্তিগত জীৱন: এই মূলাংকৰ জাতকসকলৰ বাবে কেৰিয়াৰৰ দিশৰপৰা এই সপ্তাহটো ভাল হ’ব। আপোনাৰ উৎকৃষ্ট নেতৃত্ব আৰু যোগাযোগ দক্ষতাৰ ফলস্বৰূপে আপুনি নিজৰ জেষ্ঠ্য বিষয়া আৰু সহকৰ্মীসকলৰ স্বীকৃতি প্ৰাপ্ত কৰিব।
স্বাস্থ্য: এই সপ্তাহটো স্বাস্থ্যৰ দিশৰপৰা অনুকূল হ’ব। স্বাস্থ্যৰ শুধৰণি কৰিবৰ বাবে আপোনাক ধ্যান কৰিবলৈ, স্বাস্থ্যকৰ আহাৰ গ্ৰহণ কৰিবলৈ আৰু ব্যায়াম কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
উপায়: দৈনিক তুলসী গছত পানী দিয়ক আৰু নিয়মিতভাৱে এটা তুলসী পাত সেৱন কৰক।
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 2, 11, 20, 29 তাৰিখে হৈছে)
এই সপ্তাহত আপুনি আৱেগকিভাৱে শক্তিৰে পৰিপূৰ্ণ অনুভৱ কৰিব। ইয়াৰ লগতে আপুনি যিসকল লোকৰ প্ৰতি গুৰুত্ব দিয়ে, তেওঁলোকৰ সৈতে আপোনাৰ সম্পৰ্ক শক্তিশালী হ’ব। যিহেতু কবিতা বা কথা-বতৰাৰদ্বাৰা আপুনি সুৰক্ষাৰ অনুভৱ লাভ কৰে সেয়েহে আপুনি নিজৰ ভাৱনাসমূহ ব্যক্ত কৰিবৰ বাবে ইয়াৰ প্ৰয়োগ কৰিব পাৰে। ইয়াৰ বাহিৰেও আপুনি নিজৰ ঘৰৰ ইলেক্ট্ৰনিক উপকৰণসমূহ বদলোৱাৰ কথা ভাবিব পাৰে।
প্ৰেম জীৱন: এই সপ্তাহত আপুনি নিজৰ সম্পৰ্ক প্ৰেম আৰু ৰোমাঞ্চৰ অনুভৱ কৰিব। এই সময়খিনিত আপোনাৰ জীৱন অনুকূল অৱস্থাত থাকিব। আনহাতে বিবাহিত জাতকসকলে সন্তুষ্ট অনুভৱ কৰিব।
শিক্ষা: যিসকল শিক্ষাৰ্থী প্ৰিণ্ট মিডিয়া, সাহিত্য বা কবিতাৰ ক্ষেত্ৰৰ সৈতে জড়িত তেওঁলোকে সফলতা প্ৰাপ্ত কৰিব আৰু তেওঁলোকৰ মনলৈ ন ন চিন্তা-ধাৰণা আহিব।
বৃত্তিগত জীৱন: আপুনি কেৰিয়াৰৰ ক্ষেত্ৰত উন্নতি লাভ কৰিব আৰু আপুনি চাকৰি সলনি কৰাক লৈ কিছুমান নতুন প্ৰস্তাৱ লাভ কৰিব পাৰে। যিসকল জাতক লিখা-মেলা, বেংকিং, শিক্ষা খণ্ডৰ সৈতে জড়িত বা পৰামৰ্শ প্ৰদানৰ কামৰ লগত জড়িত তেওঁলোকে নিজৰ কেৰিয়াৰত উন্নতি লাভ কৰাৰ সম্ভাৱনা আছে।
স্বাস্থ্য: এই সপ্তাহত আপোনাৰ স্বাস্থ্য ভালে থাকিব। আপোনাক কোনো ডাঙৰ স্বাস্থ্যজনিত সমস্যাই অসুবিধাত নেপেলায়। কিন্তু আৱেগিক উত্থান-পতনৰ বাবে আপোনাৰ উদ্যমৰ অভাৱ অনুভৱ হ’ব পাৰে। আপোনাক নিজৰ আৱেগক নিয়ন্ত্ৰণত ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে।
উপায়: দৈনিক 108 বাৰ 'ঔঁ নমো ভগৱতে বাসুদেৱায়' মন্ত্ৰ জপ কৰক।
কেৰিয়াৰক লৈ হৈ আছে টেনশ্যন! এতিয়াই অৰ্ডাৰ কৰক কগ্নিএষ্ট্ৰো প্ৰতিৱেদন ।
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 3, 12, 21, 30 তাৰিখে হৈছে)
এই সপ্তাহত আপুনি আধ্যাত্মিক দিশৰ প্ৰতি আকৰ্ষিত হ’ব পাৰে। আপুনি তীৰ্থযাত্ৰালৈ যোৱাৰ সিদ্ধান্ত ল’ব পাৰে। আপোনাক নিজৰ পিতৃ, গুৰু বা পিতৃস্থানীয় ব্যক্তিৰপৰা আশীৰ্বাদ ল’বলৈপৰামৰ্শ দিয়া হৈছে।
প্ৰেম জীৱন: এই সপ্তাহত বিবাহিত জাতকসকলে নিজৰ জীৱনসঙ্গীৰ সৈতে কোনো পছন্দৰ ঠাইলৈ বন্ধৰ দিন কটাবলৈ যাব পাৰে। নিজৰ সঙ্গীক পিতৃ-মাতৃৰ সৈতে পৰিচয় কৰোৱাই দিবৰ বাবে এয়া এক অনুকূল সময়।
শিক্ষা: উচ্চ শিক্ষা গ্ৰহণ কৰা শিক্ষাৰ্থীসকলৰ বাবে এই সময়খিনি ভাল হ’ব। যদিহে আপুনি কোনো বিদেশী বিশ্ববিদ্যালয়ত পিএইচডি বা মাষ্টাৰ ডিগ্ৰীত নামভৰ্তিৰ বাবে অপেক্ষা কৰি আছে তেনেহ’লে এইখিনি সময়ত আপোনাৰ পক্ষত ফলাফল আহিব পাৰে।
বৃত্তিগত জীৱন: এই সপ্তাহত আপুনি নিজৰ বৃত্তিগত ক্ষেত্ৰত নিজৰ কামৰ শুধৰণি কৰিবলৈ প্ৰয়াস কৰিব পাৰে। আপুনি নিজৰ কোনো পুৰণি কাম সম্পূৰ্ণ কৰিবৰ বাবে সম্পূৰ্ণ শক্তি লগাই দিব পাৰে আৰু ইয়াৰ ফলস্বৰূপে আপুনি নিজৰ তত্ত্বাৱধায়ক বা উচ্চ বিষয়াৰ স্বীকৃতি বা প্ৰশংসা লাভ কৰিব। যিসকল জাতকে লাইফ ক’চ্, মাৰ্গদৰ্শক আৰু শিক্ষক হিচাপে কৰ্মৰত তেওঁলোকে নিজৰ চিন্তাধাৰা ব্যক্তি কৰি আনন্দ লাভ কৰিব।
স্বাস্থ্য: আপোনাক পৰিষ্কাৰ-পৰিচ্চন্নতাৰ প্ৰতি মনোযোগ দিবলৈ আৰু নিজৰ স্বাস্থ্যক লৈ সতৰ্ক হৈ থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। অধিক মিঠা আৰু তেল-মচলাযুক্ত খাদ্য খোৱাটো পৰিহাৰ কৰক। ইয়াৰ উপৰিও আপুনি নিজৰ ব্যক্তিত্ব বিকশিত কৰিবৰ বাবে প্ৰচেষ্টা কৰা উচিত।
উপায়: ভগৱান গণেশৰ পূজা কৰক আৰু তেওঁক দুবৰি বন অৰ্পণ কৰক।
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 4, 13, 22, 31 তাৰিখে হৈছে)
এই সপ্তাহত4 ৰ জাতকসকলে নিজৰ কথাৰদ্বাৰা আনক প্ৰভাৱিত আৰু অনুপ্ৰাণিত কৰিব পাৰিব। ইয়াৰদ্বাৰা আপুনি অধিক প্ৰভাৱশালী লোকৰ সৈতে সম্পৰ্ক গঢ়ি তুলিবলৈ সহায় পাব। অৱশ্যে, আপোনাক ভাবি-চিন্তি ক’বলৈ পৰামৰ্শ দিয়া হৈছে কাৰণ যিসকল লোকে চিন্তা-ধাৰণা গভীৰভাৱেবুজিব নোৱাৰে তেওঁলোকক আপোনাৰ চিন্তাবোৰ মূৰ্খতাপূৰ্ণ লাগিব পাৰে।
প্ৰেম জীৱন: এই সপ্তাহত আপুনি নিজৰ সঙ্গীৰ সৈতে যুক্তি কৰাৰ সলনি বা তেওঁৰ ওপৰত চাপ প্ৰয়োগ কৰাৰ সলনি তেওঁৰ পৰিস্থিতি বুজিবলৈ চেষ্টা কৰা উচিত। আপুনি নিজৰ জীৱনসঙ্গীৰ সততাৰ ওপৰত প্ৰশ্ন কৰা উচিত নহয় আৰু পৰস্পৰক কিছু স্বাধীনতা দিবলৈ প্ৰয়াস কৰক।
শিক্ষা: এই সপ্তাহত শিক্ষাৰ্থীসকলৰ উচ্চ সিক্ষা প্ৰাপ্ত কৰাৰ বা বিদেশলৈ গৈ অধ্যয়ন কৰাৰ সপোন পূৰণ হ’ব। থিয়েটাৰত অভিনয় কৰা আৰু সাংবাদিকতা আৰু কম্পিউটাৰ চায়েন্সৰ অধ্যয়ন কৰা শিক্ষাৰ্থীসকল এই সপ্তাহত লাভাম্বিত হোৱাৰ সম্ভাৱনা আছে।
বৃত্তিগত জীৱন: যিসকল জাতক মাল্টিনেশ্যনেল প্ৰতিষ্ঠান বা আম্দানী-ৰপ্তানীৰ কোম্পানীত কৰ্মৰত তেওঁলোকৰ বাবে এই সপ্তাহৰ সময়খিনি ভাল হ’ব আৰু তেওঁলোকে মোটা অংকৰ লাভ অৰ্জন কৰিব। ইয়াৰ উপৰিও মনোৰঞ্জনৰ নতুন উৎস বা বিদেশী মিডিয়াৰদ্বাৰা প্ৰেৰিত হৈ আপুনি কোনো নতুন কৰাৰ কথা ভাবিব পাৰে।
স্বাস্থ্য: এই সপ্তাহত আপোনাৰ স্বাস্থ্য আপোনাৰ হাতত থাকিব সেয়েহে আপুনি ব্যায়াম কৰক, স্বাস্থ্যকৰ আহাৰ গ্ৰহণ কৰক, ধ্যান কৰক আৰু অধিক মিঠা তথা তেল-মচলাযুক্ত আহাৰ পৰিহাৰ কৰক।
উপায়: আপুনি এই সপ্তাহত কোনো গছ লগাওক।
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 5, 14, 23 তাৰিখে হৈছে)
এই সপ্তাহত আপোনাৰ বুদ্ধিমত্তা যথেষ্ট তীক্ষ্ণ হ’ব আৰু এনে পৰিস্থিতিত আপুনি নিজৰ বুদ্ধিৰ বলত ব্যৱসায়ত লাভ কৰা সুযোগসমূহৰ লাভ আদায় কৰিবলৈ সক্ষম হ’ব। ইয়াৰ বাহিৰেও আপুনি আনক প্ৰভাৱিত কৰিবলৈ সক্ষম হ’ব।
প্ৰেম জীৱন: মূলাকং 5 ৰ বিবাহিত জাতকসকলে নিজৰ সঙ্গীৰ সৈতে অদিক সময় কটোৱাৰ সুযোগ লাভ কৰিব সেয়েহে এই সপ্তাহটো আপোনাৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ আৰু লাভজনক হ’ব। অৱশ্যে, আপোনাৰ ঠাট্টা কৰাৰ স্বভাৱৰ বাবে আপোনাৰ আৰু আপোনাৰ সঙ্গীৰ মাজত কোনো ভুল বুজাবুজি উৎপন্ন হ’ব পাৰে।
शिक्षा: এই সপ্তাহত শিক্ষাৰ ক্ষেত্ৰত আপুনি নিজৰ প্ৰদৰ্শনৰ শুধৰণি কৰিব পাৰে। লিখা-মেলা, সাংবাদিকতা আৰু কোনো ভাষাৰ পাঠ্যক্ৰম কৰি থকা জাতকসকলৰ বাবে বিশেষকৈ এই সপ্তাহটো অনুকূল হ’ব।
বৃত্তিগত জীৱন: যিসকল জাতক ডাটা চায়েন্টিষ্ট, আমদানী-ৰপ্তানী,দৰ-দাম কৰা আৰু বেংকাৰ হিচাপে কৰ্মৰত তেওঁলোকৰ কেৰিয়াৰৰ বাবে এই সপ্তাহটো যথেষ্ট ভাল হ’ব।
স্বাস্থ্য: এই সপ্তাহত আপুনি নিজৰ শৰীৰ তথা স্বাস্থ্যক সময় দিয়া উচিত, ইয়াৰদ্বাৰা আপুনি ইতিবাচক ফল প্ৰাপ্ত কৰিব। আপুনি নিজৰ স্বাস্থ্য, ফিটনেচ আৰু শক্তিৰ স্তৰ ভাল কৰিবৰ বাবে এই সপ্তাহটোৰ যথেষ্ট লাভ আদায় কৰিব পাৰে।
উপায়: আপুনি অথিকতৰ সেউজীয়া ৰঙৰ কাপোৰ পৰিধান কৰিবলৈ চেষ্টা কৰক। যদিহে আপুনি এনে কৰিব নোৱাৰে, তেনেহ’লে অন্তত নিজৰ পকেটত সেউজীয়া ৰঙৰ ৰুমাল এখন নিশ্চয় ৰাখক।
আপোনাৰ কুণ্ডলীত আছে নেকি ৰাজযোগ? জানক আপোনাৰ ৰাজযোগ প্ৰতিৱেদন
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 6, 15, 24 তাৰিখে হৈছে)
এই সপ্তাহত আপোনাৰ আৰ্থিক লাভ হোৱাৰ সম্ভাৱনা আছে। এই সময়খিনিত আপুনি নিজৰ বলত সফলতা লাভ কৰাৰ ইচ্ছা ৰাখিব পাৰে। আপুনি নৃত্য, সংগীত, মেকআপ আৰু নিজকে বিকশিত কৰিবৰ বাবে ধন খৰচ কৰিবৰ বাবে।
প্ৰেম জীৱন: ৰোমাঞ্চ আৰু প্ৰেমৰ ক্ষেত্ৰত এই সপ্তাহটো যথেষ্ট ভাল হ’ব। আপুনি কাৰোবাক নিজৰ মনৰ কথা ক’ব পাৰে। যিসকল জাতক প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকে নিজৰ সঙ্গীৰ সৈতে সময় কটাই সুখী হ’ব।
শিক্ষা: এই সপ্তাহত শিক্ষাৰ্থীসকলৰ উচ্চ শিক্ষা গ্ৰহণ কৰাৰ বা বিদেশলৈ গৈ অধ্যয়ন কৰাৰ সপোন পূৰণ হ’ব। থিয়েটাৰত অভিনয় কৰা, ইণ্টেৰিয়’ৰ ডিজাইনিং, ফেশ্যন বা ডিজাইনিঙৰ যিকোনো ক্ষেত্ৰত অধ্যয়ন কৰা শিক্ষাৰ্থীসকল এই সপ্তাহত লাভাম্বিত হ’ব।
বৃত্তিগত জীৱন: এই সপ্তাহত আপোনাৰ ওপৰত কামৰ হেঁচা বৃদ্ধি পাব পাৰে। ভাল প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত এই সময়খিনি আপোনাৰ বাবে পৰীক্ষামূলক প্ৰমাণিত হ’ব পাৰে আৰু আপোনাৰ ওপৰত নতুন দায়িত্ব ন্যস্ত হ’ব পাৰে। নিজৰ চিন্তা-ধাৰা ব্যৱস্থিত কৰিবৰ বাবে, নিজৰ যোগাযোগ দক্ষতাৰ সংশোধন কৰিবৰ বাবে আৰু আনৰ সম্মুখত নিজৰ বুদ্ধিমত্তা প্ৰদৰ্শন কৰিবৰ বাবে এই সময়খিনি অনুকূল হ’ব।
স্বাস্থ্য: এই সপ্তাহত মূলাংক 6 ৰ জাতকসকলে স্বাস্থ্যৱান আৰু ফিট্ অনুভৱ কৰিব। নিজৰ প্ৰতি ধ্যান ৰাখক, স্বাস্থ্যকৰ আহাৰ গ্ৰহণ কৰক আৰুনিয়মীয়াকৈ ব্যায়াম কৰক।
উপায়: নিজৰ ঘৰত বগা ফুল গছ লগাওক আৰু তাৰ প্ৰতিপালন কৰক।
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 7, 16, 25 তাৰিখে হৈছে)
এই সপ্তাহত মূলাংক 7 ৰ জাতকসকলক কমকৈ কথা কোৱাৰ আৰু কথা কোৱাৰ সময়ত সাৱধানতা অৱলম্বন কৰাৰ পৰামৰ্শ দিয়া হৈছে। যদিহে আপুনি এনে নকৰে তেনেহ’লে আপোনাৰ খঙাল আৰু আক্ৰমণাত্মক স্বভাৱৰ বাবে ভুল বুজাবুজিৰ সৃষ্টি হ’হব পাৰে আৰু আপোনাৰ প্ৰিয়জনৰ আঘাতপ্ৰাপ্ত হ’ব পাৰে।
প্ৰেম জীৱন: আপুনি নিজৰ বন্ধু-বৰ্গৰপৰা দূৰত্ব ৰক্ষা কৰাটো আৰু শান্ত হৈ থকাটো উচিত হ’ব। যদিহে আপুনি যুক্তি-তৰ্ক আৰু মতভেদৰপৰা বাচিবৰ বাবে নিজৰ বক্তব্যৰ ওপৰত নিয়ন্ত্ৰণ ৰাখে তেনেহ’লে আপোনাৰ বৈবাহিক তথা প্ৰেম জীৱন সুখময় হ’ব।
শিক্ষা: মূলাংক 7ৰ যিসকল শিক্ষাৰ্থী লিখা-মেলা, সাংবাদিকতা আৰু অন্য কোনো ভাষা শিকণৰ সৈতে জড়িত তেওঁলোকৰ বাবে এই সপ্তাহটো যথেষ্ট লাভজনক হ’ব।
বৃত্তিগত জীৱন: আপুনি এই সপ্তাহত নিজৰ কৰ্মক্ষেত্ৰত নিজৰ লক্ষ্য আৰু আকাংক্ষাসমূহ প্ৰাপ্ত কৰিব আৰু ইয়াৰ ফল অনুসৰি আপুনি নিজৰ ভৱিষ্যতৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰিব পাৰিব। ব্যৱসায়ীসকলে বিভিন্ন নতুন কৌশল শিকিব পাৰে। ইয়াৰ লগতে ব্যৱসায়ক লৈ তেওঁলোকৰ দৃষ্টিকোণ ইতিবাচক হ’ব আৰু তেওঁলোকে দলীয়ভাৱে কাম কৰিব তথা মানুহৰ সৈতে নিজৰ সম্পৰ্ক উন্নত কৰিব।
স্বাস্থ্য: এই সময়খিনিত আপুনি নিজৰ স্বাস্থ্যক লৈ কিছু চিন্তিত হ’ব পাৰে সেয়েহে আপুনি নিজৰ খাদ্যাভ্যাস আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাক লৈ কিছু সাৱধানতা অৱলম্বন কাৰ উচিত। নিজৰ শৰীৰৰ ভালদৰে যত্ন লওক আৰু পৰ্যাপ্ত মাত্ৰাত শোৱক।
উপায়: নিজৰ ঘৰত মানী প্লাণ্ট বা চিৰসেউজ গছ লগাওক।
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 8, 17, 26 তাৰিখে হৈছে)
এই সপ্তাহত আপুনি উদ্যমেৰে পৰিপূৰ্ণ হৈ থাকিব আৰু প্ৰভাৱশালী ধৰণে কথা ক’ব। আপুনি নিজৰ বন্ধু-বৰ্গৰ মাজত জনপ্ৰিয় হ’ব। আনক সৈমান কৰা বা বুজোৱাৰ ক্ষেত্ৰত দক্ষ হোৱাৰ ফলস্বৰূপে আপুনি নিজৰ কামসমূহ সম্পূৰ্ণ কৰিব পাৰিব।
প্ৰেম জীৱন: যদিহে আপুনি চিংগল আৰু কাৰোবাক পছন্দ কৰে তেনেহ’লে আপুনি এই সপ্তাহত তেওঁক মনৰ কথা ক’ব পাৰে। আপুনি তেওঁৰপৰা ইতিবাচক প্ৰতিক্ৰিয়া লাভ কৰিব পৰাৰো সম্ভাৱনা আছে। এই সপ্তাহত আপুনি নিজৰ সঙ্গীৰ সৈতে ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে।
শিক্ষা: মূলাংক 8 ৰ শিক্ষাৰ্থীসকলৰ বাবে এই সপ্তাহটো অত্যন্ত ভাল হ’ব। আপুনি নিজৰ কষ্ট আৰু কঠোৰ পৰিশ্ৰমৰ ফল প্ৰাপ্ত কৰিব। আপুনি সফলতা আৰু ইতিবাচক ফল লাভ কৰিব। কোনো কোনো শিক্ষাৰ্থীয়ে আইনী শিক্ষা লাভ কৰিব পাৰে।
বৃত্তিগত জীৱন: যিসকল জাতক মাৰ্কেটিং, আইনৰ ক্ষেত্ৰত আৰু চাৰ্টাৰ্ড একাউণ্টেণ্ট্ হিচাপে কৰ্মৰত তেওঁলোকৰ বাবে এই সপ্তাহটো সৌভাগ্যশালী হ’ব। আপুনি নিজৰ লাভ বৃদ্ধি কৰাৰ লগতে ক্লায়েণ্ট বঢ়োৱাৰ সুযোগ লাভ কৰিব।
স্বাস্থ্য: যদিহে আপুনি নিজৰ স্বাস্থ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি মনোযোগ নাৰাখে তেনেহ’লে আপোনাৰ ছালৰ সৈতে জড়িত সমস্যা হ’ব পাৰে।
উপায়: আপুনি বিশেষকৈ তুলসী গছ লগাওক আৰু তাৰ প্ৰতিপালন কৰক।
পাওক আপোনাৰ কুণ্ডলী আধাৰিত শনি প্ৰতিৱেদন
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 9, 18, 27 তাৰিখে হৈছে)
আপুনি নিজৰ কঠোৰ পৰিশ্ৰম আৰু ব্যৱস্থাপনা কৌশলৰ সহায়ত কৰ্মক্ষেত্ৰৰ পৰিস্থিতিবোৰ ভালদৰে পৰিচালনা কৰিবলৈ সক্ষম হ’ব। ইয়াৰ ফলত আপোনাৰ প্ৰদৰ্শন আৰু উৎপাদনশীলতাৰো সংশোধন হ’ব। আপুনি নিজৰ প্ৰতিযোগিতামূলক মনোভাৱৰ বাবে নিজৰ সহপাঠী আৰু প্ৰতিদ্বন্দীসকলৰ বিৰূদ্ধে জয় লাভ কৰিবলৈ সক্ষম হ’ব।
প্ৰেম জীৱন: যিসকল চিংগল জাতক সঁচা প্ৰেমৰ সন্ধানত আছে তেওঁলোকৰ বাবে এই সপ্তাহটো অত্যন্ত ভাল হ’ব। আপুনি নিজৰ আকৰ্ষণীয়তা আৰু কথা কোৱাৰ শৈলীৰ জৰিয়তে আনক প্ৰভাৱিত কৰিবলৈ সক্ষম হ’ব। অৱশ্যে, আপোনাৰ ডাঙৰ ডাঙৰকৈ কথা কোৱাৰ ধৰণক আনে আক্ৰমণাত্মক বুলি ভাবিব পাৰে সেয়েহে আপুনি লাহে লাহে কথা কোৱাৰ আৰু নিজৰ শক্তিক নিয়ন্ত্ৰণত ৰখাৰ প্ৰয়োজন আছে।
শিক্ষা: প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা লোকসকলে সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। তেওঁলোকে পৰীক্ষাত ভাল নম্বৰেৰে উত্তীৰ্ণ হ’ব পাৰিব। ইয়াৰ বাহিৰেও লিখা-মেলা, সাংবাদিকতা আৰু কোনো অন্য ভাষা শিকাত এই মূলাংকৰ লোকসকলে ভাল প্ৰদৰ্শন কৰিব পাৰিব।
বৃত্তিগত জীৱন: যিসকল জাতকে নিজৰ কোম্পানী আৰম্ভ কৰাৰ কথা ভাবি আছে বা নিজৰ আমদানী বৃদ্ধি কৰিবৰ বাবে নতুন উৎসৰ চিন্তা কৰি আছে তেওঁলোকৰ বাবে এই সপ্তাহটো উৎকৃষ্ট প্ৰমাণিত হ’ব। এই সপ্তাহত আপুনি কেইবাটাও লাভজনক সুযোগ প্ৰাপ্ত কৰিব।
স্বাস্থ্য: এই সপ্তাহত মূলাংক ন 9 ৰ জাতকসকলে নিজৰ স্বাস্থ্যৰ ভালদৰে চোৱা-চিতা কৰাৰ আৰু স্বাস্থ্যৰ প্ৰতি মনোযোগ দিয়াৰ প্ৰয়োজন আছে। নিজৰ খোৱা-বোৱাৰ অভ্যাসৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক আৰু নিজৰ জীৱনশৈলীত ব্যায়ামক অন্তৰ্ভুক্ত কৰক।
উপায়: দৈনিক গাই গৰুক সেউজীয়া ঘাঁহ খুৱাওক।
সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক: অনলাইন শ্বপিং ষ্টোৰ
আমি আশা কৰিছোঁ যে আমাৰ এই প্ৰৱন্ধটো আপুনি নিশ্চয় ভাল পাইছে। যদিহে ভাল পাইছে তেনেহ’লে আপুনি ইয়াক নিজৰ শুভাকাংক্ষীসকলৰ সৈতে শ্যেয়াৰ কৰিব। ধন্যবাদ!
1. মূলাংক 6 ৰ স্বামী গ্ৰহ কি?
এই মূলাংকৰ স্বামী গ্ৰহ হৈছে শুক্ৰ।
2. মূলাংক 6 ৰ জাতকসকলে কি পছন্দ কৰে?
এই জাতকসকলে বিলাসী বস্তু অধিক পছন্দ কৰে।
3. মূলাংক 9 ৰ জাতকসকল খঙাল হয় নেকি?
এই অংকৰ স্বামী গ্ৰহ হৈছে মঙ্গল সেয়েহে তেওঁলোকৰ স্বভাৱত আক্ৰমণাত্মকতা দেখা পোৱা যায়।