অংক জ্যোতিষ (26 জানুৱাৰী - 01 ফেব্ৰুৱাৰী, 2025)

Author: Lobitha Dutta | Updated Thu, 09 Jan 2025 04:16 PM IST

কেনেদৰে জানিব নিজৰ মুখ্য অংক (মূলাংক)?


অংক জ্যোতিষ সাপ্তাহিক ভৱিষ্যতফল জনাৰ ক্ষেত্ৰত অংক জ্যোতিষ মূলাংকৰ যথেষ্ট ভূমিকা আছে। মূলাংকক জাতকৰ জীৱনৰ গুৰুত্বপূৰ্ণ সংখ্য হিচাপে বিবেচনা কৰা হয়। আপোনাৰ জন্ম মাহৰ যি তাৰিখে হয়, তাক একক অংকলৈ ৰূপান্তৰ কৰাৰ পিছত যি সংখ্যা প্ৰাপ্ত হয় তাকেই আপোনাৰ মূলাংক বুলি কোৱা হয়। মূলাংক 1 ৰপৰা 9 অংকৰ ভিতৰত যিকোনো হ’ব পাৰে, উদাহৰণস্বৰূপে- আপোনাৰ জন্ম কোনো মাহৰ 10 তাৰিখে হ’লে আপোনাৰ মূলাংক হ’ব 1+0 অৰ্থাৎ1 ।

এনেদৰে যি কোনো মাহৰ 1 তাৰিখৰপৰা 31 তাৰিখ পৰ্য্যন্ত জন্ম হোৱা মানুহৰ বাবে 1 ৰপৰা 9 পৰ্য্যন্ত মূলাংকৰ গণনা কৰা হয়। এইদৰে সকলো জাতকৰ নিজৰ ৰুট নম্বৰ জানি লৈ তাৰ আধাৰত সাপ্তাহিক ৰাশিফলো জানিব পৰা যায়।

এয়াও পঢ়ক: ৰাশিফল 2025

পৃথিৱীৰ বিদ্বান অংক জ্যোতিষীসকলৰ সৈতে ফোনত কথা পাতক আৰু জানক কেৰিয়াৰ সম্বন্ধীয় সকলোবোৰ তথ্য

নিজৰ জন্মতিথিৰপৰা জানক সাপ্তাহিক অংক ৰাশিফল (19 জানুৱাৰীৰপৰা 25 জানুৱাৰী 2025)

আমাৰ জীৱনত অংকজ্যোতিষৰ পোণপটীয়া প্ৰভাৱ পৰে কাৰণ আমাৰ জন্ম তাৰিখেই সংখ্য়াৰদ্বাৰা প্ৰস্তুত হয়। তলত দিয়া লিখনীটোত অৱগত কৰা হৈছে যে সকলো ব্যক্তিৰ জন্ম তাৰিখিৰ হিচাপ মতে তেওঁৰ এক মূলাংক নিৰ্দ্ধাৰিত কৰা হয় আৰু এই সকলোবোৰ অংক বেলেগ বেলেগ গ্ৰহৰদ্বাৰা শাসিত।

যেনেদৰে মূলাংক 1 ত সূৰ্য্য দেৱৰ আধিপত্য থাকে। চন্দ্ৰমা হৈছে মূলাংক 2 ৰ স্বামী। অংক 3ত দেৱগুৰু বৃহস্পতিৰ স্বামীত্ব থাকে, ৰাহু হৈছে অংক 4 ৰ ৰজা। অংক 5 বুধ গ্ৰহৰ অধীন। 6 অংকৰ ৰজা হৈছে শুক্ৰ দেৱ আৰু 7 অংকৰ হৈছে কেতু গ্ৰহৰ। শনি দেৱতাক 8 ৰ স্বামী হিচাপে মনা হয়। অংক 9 হৈছে মঙ্গল দেৱৰ অংক আৰু এই গ্ৰহসমূহৰ পৰিৱহনৰ পৰিৱৰ্তনৰদ্বাৰা জাতকসকলৰ জীৱনলৈ বহুতো পৰিৱৰ্তন আহে।

বৃহৎ কুণ্ডলী ত নিহিত হৈ আছে, আপোনাৰ জীৱনৰ সকলো গোপন ৰহস্য, জানক গ্ৰহসমূহৰ গতি-বিধিৰ সম্পূৰ্ণ লেখ-জোখ

মূলাংক 1

(যদিহে আপোনাৰ জন্ম কোনো এটা মাহৰ 1, 10, 19 বা 28 তাৰিখে হৈছিল)

মূলাংক 1 ৰ জাতকসকল দৃঢ় সংকল্পৱদ্ধ হয় আৰু তেওঁলোকৰ মাজত যথেষ্ট আত্মবিশ্বাস থাকে। এনেক্ষেত্ৰত, তেওঁলোক জীৱনত উন্নতিৰ পথত আগবাঢ়ে আৰু ইয়াৰ ইতিবাচকক প্ৰভাৱ তেওঁলোকৰ ওপৰত দেখা য়ায়।

প্ৰেম জীৱন: অংক জ্যোতিষ সাপ্তাহিক ৰাশিফল অনুসৰি প্ৰেম জীৱনৰ ক্ষেত্ৰত ক’ব পাৰি যে এই সপ্তাহত এই ৰাশিৰ জাতকসকলে নিজৰ সঙ্গীৰ সৈতে মধুৰ সম্পৰ্ক বৰ্ত্তাই ৰখাত বিফল হ’ব পাৰে যাৰ কাৰণ আপোনালকোৰ মাজৰ পাৰস্পৰিক বুজাবুজি আৰু মিলা-মিছাৰ অভাৱ হ’ব পাৰে। ইয়াৰ ফলস্বৰূপে পাৰস্পৰিক সামঞ্জস্য হ্ৰাস পাব পাৰে।

শিক্ষা: শিক্ষাৰ ক্ষেত্ৰত দেখা গৈছে যে, মূলাংক 1 ৰ জাতকসকলে অধ্যয়নত ভাল সফলতা লাভ কৰাত পিছ পৰি থাকিব পাৰে। লগতে, আপুনি এই সময়ছোৱাত ভাল নম্বৰ লাভ কৰিবৰ বাবে মনোযোগ কেন্দ্ৰিত কৰিব নোৱাৰিব পাৰে।

বৃত্তিগত জীৱন: মূলাংক 1 ৰ জাতকসকলে এই সময়ছোৱাত নিজৰ কামত উৎকৃষ্টতা প্ৰাপ্ত কৰাত পিছ পৰি থাকিব পাৰে যি চাকৰিৰ অত্যাধিক বোজাৰ বাবে হ’ব পাৰে। যিসকল জাতকৰ নিজা ব্যৱসায় আছে তেওঁলোকে প্ৰাপ্ত কৰিবলগীয়া লাভ কম হ’ব পাৰে। লগতে, আপোনাৰ হানি হোৱাৰ আশংকা কৰা হৈছে।

স্বাস্থ্য: স্বাস্থ্যৰ দিশৰপৰা ক’ব পৰা যায় যে, এই লোকসকলৰ চাণবাৰ্ণৰ সৈতে জড়িত সমস্যা হোৱাৰ সম্ভাৱনা আছে যাৰ প্ৰভাৱ আপোনাৰ স্বাস্থ্যৰ ওপৰত পৰিব পাৰে।

উপায়: প্ৰতিদিনে “ঔঁ ৰূদ্ৰায় নমঃ” ৰ 19 বাৰ জপ কৰক।

মূলাংক 2

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 2, 11, 20, 29 তাৰিখে হৈছে)

মূলাংক 2 ৰ অধীনত জন্ম হোৱাৰ জাতকসকলৰ মন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত ভ্ৰমিত হ’ব পাৰে আৰু ই আপোনাৰ বাবে সমস্যাৰ কাৰণ হ’ব পাৰে। এনে পৰিস্থিতিত, এই সপ্তাহত আপুনি পৰিকল্পনা প্ৰস্তুত কৰি চলিব লাগিব আৰু নিজৰ দৃষ্টিভংগী ইতিবাচক কৰি ৰাখিব লাগিব।

প্ৰেম জীৱন: প্ৰেম জীৱনৰ ক্ষেত্ৰত দেখা যায় যে, এই সপ্তাহত আপোনাৰ সঙ্গীৰ সৈতে যুক্তি-তৰ্ক হ’ব পাৰে যাৰপৰা আপুনি বাছি থকাৰ প্ৰয়োজনীয়তা আছে।

শিক্ষা: অংক জ্যোতিষ সাপ্তাহিক ৰাশিফল অনুসৰি শিক্ষাৰ ক্ষেত্ৰত মূলাংক 2 ৰ শিক্ষাৰ্থীসকলে যুক্তিবাদী হৈ অধ্যয়ন কৰিব লাগিব আৰু এনে পৰিস্থিতিতি আপুনি সহপাঠী শিক্ষাৰ্থীসকলৰ মাজত নিজৰ স্থান দখল কৰিব পাৰিব।

বৃত্তিগত জীৱন: বৃত্তিগত জীৱনৰ ক্ষেত্ৰত দেখা গৈছে যে, এই সময়ত এই লোকসকলে চাকৰিত সমস্যাৰ সম্মুখীন হ’ব পাৰে। যদিহে আপোনাৰ নিজৰ ব্যৱসায় আছে, তেনেহ’লে প্ৰতিদ্বন্দীসকলৰ বাবে আপুনি লোকচানৰ সম্মুখীন হ’ব পাৰে।

স্বাস্থ্য: স্বাস্থ্যৰ দিশৰপৰা, এই লোকসকলে নিজৰ ফিটনেছৰ ওপৰত মনোযোগ দিব লাগিব কাৰণ আপোনাৰ জ্বৰ-পানীলগাৰ সৈতে জড়িত সমস্যা হ’ব পাৰে।

উপায়: শনিবাৰে ৰাহু গ্ৰহৰ বাবে যজ্ঞ/হোম কৰক।

কেৰিয়াৰক লৈ হৈ আছে টেনশ্যন! এতিয়াই অৰ্ডাৰ কৰক কগ্নিএষ্ট্ৰো প্ৰতিৱেদন

মূলাংক 3

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 3, 12, 21, 30 তাৰিখে হৈছে)

মূলাংক 3 ৰ জাতকসকলে এই সপ্তাহত কোনো সাহসী সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে যি আপোনাৰ হিতৰ দিশে ক্ৰিয়া কৰিব। লগতে, তেওঁলোক আধ্যাত্মিক ভাৱনাপ্ৰৱণ হ’ব।

প্ৰেম জীৱন: প্ৰেম জীৱনৰ ক্ষেত্ৰত, আপুনি সঙ্গীৰ সম্মুখত নিজৰ মনৰ ভাৱনা প্ৰকাশ কৰিবলৈ সক্ষম হ’ব আৰু পৰস্পৰৰ সম্মুখত মনৰ ভাৱ প্ৰকাশ কৰিব। এনে পৰিস্থিতিত, আপোনালোক দুয়োৰে মাজৰ পাৰস্পৰিক বুজাবুজি শক্তিশালী হ’ব।

শিক্ষা: মূলাংক 3 ৰ শিক্ষাৰ্থীসকলৰ শিক্ষাৰ বাবে এই সপ্তাহটো অনুকূল হ’ব আৰু আপুনি বৃত্তিগত ধৰণে অধ্যয়ন কৰাৰ লগতে ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ব।

বৃত্তিগত জীৱন: বৃত্তিগত জীৱনত চাকৰিৰ নতুন সুযোগ প্ৰাপ্ত হ’ব আৰু এনে পৰিস্থিতিত আপোনাক সন্তুষ্ট দেখা যাব। যিসকল জাতকে নিজৰ ব্যৱসায় কৰে তেওঁলোকে কোনো নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে যাৰদ্বাৰা তেওঁলোকে লাভ প্ৰাপ্ত কৰিব।

স্বাস্থ্য: স্বাস্থ্যৰ ক্ষেত্ৰত ক’ব পৰা যায় যে, মূলাংক 3 ৰ জাতকসকল এই সপ্তাহত শাৰীৰিক দিশৰপৰা ফিট হৈ থাকিব। লগতে, আপুনি উৎসাহ আৰু উদ্যমেৰে পৰিপূৰ্ণ হৈ থাকিব। এনে পৰিস্থিতিত, আপুনি স্বাস্থ্য ভালে থাকিব।

উপায়: প্ৰতিদিনে “ঔঁ গুৰুৱে নমঃ” 21 বাৰ জপ কৰক।

মূলাংক 4

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 4, 13, 22, 31 তাৰিখে হৈছে)

মূলাংকৰ 4 ৰ অন্তৰ্গত জাতকসকল যথেষ্ট জেদী হয় আৰু নিজৰ এই স্বভাৱৰ সৈতেই আগবাঢ়িবলৈ পছন্দ কৰে। অৱশ্যে, এই লোকসকলৰ আগ্ৰহ দীৰ্ঘ দূৰত্বৰ যাত্ৰাৰ প্ৰতি থাকে।

প্ৰেম জীৱন: প্ৰেম জীৱনৰ ক্ষেত্ৰত দেখা গৈছে যে, মূলাংক 4ৰ জাতকসকলে নিজৰ জীৱনসঙ্গীৰ সৈতে সম্পৰ্ক আৱেগিকভাৱে শক্তিশালী কৰিব বিচাৰিব। এইখিনি সময়ত আপুনি সঙ্গীৰ সৈতে ঘৰ-পৰিয়ালত চলি থখা সমস্যাৰ বিষয়ে কথা পাতিব আৰু ইয়াৰ সমাধান বিচাৰিব।

শিক্ষা: মূলাংক 4 ৰ যিসকল শিক্ষাৰ্থীয়ে উচ্চ শিক্ষা গ্ৰহণ কৰি আছে তেওঁলোকৰ বাবে এই সপ্তাহটো কিছু জটিল হ’ব। ইয়াৰ ফলস্বৰূপে, আপুনি কম নম্বৰ লাভ কৰাৰ সম্ভাৱনা আছে যাৰ কাৰণ অধ্যয়নৰপৰা মনোযোগ ভংগ হোৱাটো হ’ব পাৰে।

বৃত্তিগত জীৱন: বৃত্তিগত জীৱনৰ ক্ষেত্ৰত দেখা যায় যে, মূলাংক 4ৰ চাকৰিয়াল জাতকসকলে এই সপ্তাহত পদোন্নতি লাভ কৰাৰ যোগ আছ যি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল হ’ব। আনহাতে, যিসকল জাতকৰ নিজা ব্যৱসায় আছে তেওঁলোকে সফল ব্যৱসায়ী হোৱাৰ পথত আগবাঢ়িব আৰু সফলতা প্ৰাপ্ত কৰিব।

স্বাস্থ্য: অংক জ্যোতিষ সাপ্তাহিক ৰাশিফল অনুসৰি স্বাস্থ্যৰ ক্ষেত্ৰত দেখা যায় যে, এই সপ্তাহত মূলাংক 4 ৰ জাতকসকলক কোনো স্বাস্থ্যজনিত সমস্যা হ’ব পাৰে। অৱশ্যে, আপোনাৰ পাচন আৰু পেটৰ সৈতে জড়িত সমস্যা হ’ব পাৰে।

উপায়: প্ৰতিদিনে “ঔঁ দুৰ্গায় নমঃ” 22 বাৰ জপ কৰক।

এতিয়া ঘৰত বহিয়েই বিশেষজ্ঞ পুৰোহিতৰদ্বাৰা কৰাওক ইচ্ছানুসৰি অনলাইন পূজা আৰু লাভ কৰক উত্তম পৰিণাম!

মূলাংক 5

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 5, 14, 23 তাৰিখে হৈছে)

মূলাংক 5 ৰ জাতকসকল তাৰ্কিক হয় আৰু নিজৰ জীৱনৰ দৈনন্দিন কামতো এইধৰণেই আগবাঢ়ে। অৱশ্যে, এই লোকসকলে নিজৰ জীৱনলৈ সংশোধন আনিবলৈ যত্নপৰ হৈ থাকে।

প্ৰেম জীৱন: প্ৰেম জীৱনত মূলাংক 5 ৰ জাতকসকলে নিজৰ প্ৰেমপূৰ্ণ ভাৱনা নিজৰ সঙ্গীৰ সম্মুখত প্ৰকাশ কৰিব। এনে পৰিস্থিতিত, আপুনি সম্পৰ্কত মধুৰতা বজাই ৰাখিবলৈ সক্ষম হ’ব কাৰণ আপুনি একাগ্ৰিত্তে এই দিশত প্ৰসায় কৰি থাকিব আৰু এনে পৰিস্থিতিত, আপুনি সুখী হ’ব।

শিক্ষা: এই মূলাংকৰ শিক্ষাৰ্থীসকলে এই সপ্তাহত মনপুতি অধ্যয়ন কৰিব কাৰণ শিক্ষাৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব। ফাইনেন্সিয়েল একাউণ্টিং, কষ্টিং আৰু চাৰ্টাৰ্ড একাউণ্টেন্সী আদি ক্ষেত্ৰত আপোনাৰ প্ৰদৰ্শন অত্যন্ত ভাল হ’ব।

বৃত্তিগত জীৱন: যিসকল জাতকে চাকৰি কৰে, তেওঁলোকে এই সময়ত উৎসাহেৰে আৰু মনপুতি কাম কৰিব। এই সপ্তাহত আপোনাৰ প্ৰদৰ্শন ভাল হ’ব। আনহাতে যদিহে আপোনাৰ নিজৰ ব্যৱসায় আছে তেনেহ’লে আপুনি নিজৰ ক্ষমতাৰ বলত পৰ্যাপ্ত মাত্ৰাত লাভ উপাৰ্জন কৰিব পাৰিব।

স্বাস্থ্য: মূলাংক 5 ৰ জাতকসকলৰ স্বাস্থ্য এই সপ্তাহত ভালে থাকিব। আপোনাৰ স্বাস্থ্য উত্তম হৈ থাকিব আৰু আপোনাক কোনো ডাঙৰ স্বাস্থ্যজনিত সমস্যাই আমনি নকৰে।

উপায়: প্ৰতিদিনে "ঔঁ নমো ভগৱতে বাসুদেৱায়" 41 বাৰ জপ কৰক।

আপোনাৰ কুণ্ডলীত আছে নেকি ৰাজযোগ? জানক আপোনাৰ ৰাজযোগ প্ৰতিৱেদন

মূলাংক 6

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 6, 15, 24 তাৰিখে হৈছে)

মূলাংক 6 ৰ জাতকসকলৰ সৃষ্টিশীল ক্ষেত্ৰৰ প্ৰতি আগ্ৰহ থাকে আৰু এই ক্ষেত্ৰসমূহতেই তেওঁলোক আগবাঢ়ে। এই লোকসকল নিজৰ জীৱনত সুখী হয় আৰু তেওঁলোক নিজৰ সিদ্ধান্তত অটল হৈ চলে।

প্ৰেম জীৱন: অংক জ্যোতিষ সাপ্তাহিক ৰাশিফল অনুসৰি এই সপ্তাহত আপুনি আৰু আপোনাৰ সঙ্গীয়ে পৰস্পৰৰ সৈতে নিজৰ ভাৱনাসমূহৰ আদান-প্ৰদান কৰা দেখা যাব। আপোনাৰ ইতিবাচক দৃষ্টিকোণৰ বাবে আপোনাৰ সম্পৰ্ক শক্তিশালী হ’ব।

শিক্ষা: মূলাংক 6 ৰ যিসকল শিক্ষাৰ্থীয়ে ভিজুৱেল কমিউনিকেশ্যন, চফটৱেৰ ইঞ্জিনিয়াৰিং আৰু মাল্টিমিডিয়াৰ অধ্যয়ন কৰি আছে তেওঁলোকৰ প্ৰদৰ্শন এই সপ্তাহত অত্যন্ত ভাল হ’ব। লগতে, আপুনি নিজৰ বাবে এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হ’ব।

বৃত্তিগত জীৱন: যদিহে আপুনি চাকৰি কৰে তেনেহ’লে আপুনি কৰ্মক্ষেত্ৰত ডাঙৰ অভিজ্ঞতা প্ৰাপ্ত কৰিব আৰু নিজৰ টাৰ্গেটো সহজে প্ৰাপ্ত কৰিবলৈ সক্ষম হ’ব। আপুনি নিজৰ বাবে এক আদৰ্শস্বৰূপ হ’ব। আনহাতে, যিসকল জাতকৰ নিজা ব্যৱসায় আছে তেওঁলোকৰ বাবে লাভ উপাৰ্জন কৰাটো সহজ হ’ব।

স্বাস্থ্য: স্বাস্থ্যৰ ক্ষেত্ৰত দেখা যায় যে, মূলাংক 6 ৰ জাতকসকলৰ স্বাস্থ্য ভালে থাকিব যি আপোনাৰ শক্তিশালী ৰোগ প্ৰতিৰোধ ক্ষমতাৰ পৰিণাম হ’ব।

উপায়: প্ৰতিদিনে “ঔঁ শুক্ৰায় নমঃ” 33 বাৰ জপ কৰক।

মূলাংক 7

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 7, 16, 25 তাৰিখে হৈছে)

যিসকল জাতকৰ মূলাংক 7 হয়, তেওঁলোক ধাৰ্মিক প্ৰবৃত্তিৰ হয় আৰু এই ক্ষেত্ৰতেই তেওঁলোকে গৱেষণাৰ কামো কৰিব পাৰে। অৱশ্যে তেওঁলোকে যথেষ্ট যাত্ৰা কৰিবলগীয়া হ’ব পাৰে।

প্ৰেম জীৱন: অংক জ্যোতিষ সাপ্তাহিক ৰাশিফল অনুসৰি প্ৰেম জীৱনৰ ক্ষেত্ৰত দেখা যায় যে এই জাতকসকলৰ নিজৰ সঙ্গীৰ সৈতে যুক্তি-তৰ্ক হ’ব পাৰে। এনে পৰিস্থিতিত, আপোনাৰ দুখী দেখা যাব পাৰে আৰু এইখিনি সময়ত আপোনালোকৰ সম্পৰ্কলৈ সমস্যা আহিব পাৰে।

শিক্ষা: মূলাংক 7 ৰ শিক্ষাৰ্থীসকলৰ এই সপ্তাহত অধ্যয়নৰপৰা মনোযোগ ভংগ হ’ব পাৰে আৰু ইয়াৰ প্ৰভাৱ শিক্ষাৰ ওপৰত নেতিবাচকভাৱে দেখা যাব। ইয়াৰ ফলস্বৰূপে, আপুনি সহপাঠীসকলক পিছ পেলাই শিখৰত উপনীত হোৱাৰ ক্ষেত্ৰত বিফল হ’ব।

বৃত্তিগত জীৱন: এই মূলাংকৰ চাকৰিয়াল জাতকসকলৰ প্ৰতিচ্ছবি কৰ্মক্ষেত্ৰত নেতিবাচকভাৱে প্ৰভাৱিত হ’ব পাৰে কাৰণ জেষ্ঠ্য বিষয়াসকল আপোনাৰ ওপৰত ক্ৰোধিত হ’ব পাৰে। যদিহে আপুনি ব্যৱসায় কৰে, তেনেহ’লে আপোনাৰ গুৰুত্বহীনতাৰ বাবে লোকচানৰ সম্মুখীন হ’ব পাৰে।

স্বাস্থ্য: স্বাস্থ্যৰ ক্ষেত্ৰত দেখা যায় যে, এই লোকসকলৰ চাণবাৰ্ণ, জ্বলা-পোৰা আৰু ভৰিৰ বিষ আদিৰ দৰে সমস্যা হ’ব পাৰে সেয়েহে আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখিব লাগিব।

উপায়: প্ৰতিদিনে "ঔঁ কেতৱে নমঃ" 43 বাৰ জপ কৰক।

কালসৰ্প দোষ প্ৰতিৱেদন – কাল সৰ্প যোগ কেলকুলেটৰ

মূলাংক 8

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 8, 17, 26 তাৰিখে হৈছে)

মূলাংক 8 ৰ জাতকসকল অত্যন্ত সময়ানুৱৰ্ত্তী হয় আৰু বিশ্বাসী প্ৰকৃতিৰ হয়। এই লোকসকলে যথেষ্ট সাৱধানতাৰে পৰিকল্পনা কৰি নিজৰ জীৱনত আগবাঢ়িবলৈ পছন্দ কৰে আৰু নিজৰ লক্ষ্যৰ প্ৰতি সদায় সমৰ্পিত হৈ থাকে।

প্ৰেম জীৱন: প্ৰেম জীৱনৰ ক্ষেত্ৰত দেখা যায় যে, এই মূলাংকৰ জাতকসকলে সঙ্গীৰ সৈতে সম্পৰ্কত ধৈৰ্য্য ধৰি চলিব লাগিব। আপোনাৰ এনে ব্যৱহাৰ সঙ্গীয়ে পছন্দ কৰিব। এই সময়ছোৱাত আপুনি পৰিপক্ক হ’ব আৰু সঙ্গীৰ সৈতে ইয়াৰ ভিত্তিতেই আগবাঢ়িব।

শিক্ষা: শিক্ষাৰ ক্ষেত্ৰত 8 মূলাংকৰ জাতকসকল অত্যন্ত সাৱধান হ’ব লাগিব কাৰণ আপোনাৰ একাগ্ৰতাৰ ক্ষমতা দুৰ্বল হ’ব পাৰে। যদিহে আপুনি ভাল নম্বৰ লাভ কৰিব বিচাৰে তেনেহ’লে আঁচনি প্ৰস্তুত কৰি চলাৰ আৱশ্যকতা আছে।

বৃত্তিগত জীৱন: অংক জ্যোতিষ সাপ্তাহিক ৰাশিফল অনুসৰি যিসকল জাতকে চাকৰি কৰে তেওঁলোকৰ বাবে এই সপ্তাহটো কিছু কঠিন হ’ব পাৰে সেয়েহে আপুনি ভাল ফল লাভ কৰাৰ ওপৰত সম্পূৰ্ণ মনোযোগ দিব লাগিব। যদিহে আপুনি ব্যৱসায় কৰে তেনেহ’লে আপোনাৰ লাভ কম হ’ব পাৰে।

স্বাস্থ্য: এই সপ্তাহত খোৱা-বোৱাৰ প্ৰতি অধিক মনোযোগ নিদিয়াৰ বাবে আপোনাৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। এনে পৰিস্থিতিত, আপুনি নিজৰ বাবে সমস্যা বৃদ্ধি কৰিব পাৰে।

উপায়: প্ৰতিদিনে “ঔঁ হনুমতে নমঃ” 11 বাৰ জপ কৰক।

পাওক আপোনাৰ কুণ্ডলী আধাৰিত সঠিক শনি প্ৰতিৱেদন

মূলাংক 9

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 9, 18, 27 তাৰিখে হৈছে)

মূলাংক 9 ৰ অধীনত জন্ম হোৱা জাতকসকল নিজৰ কাৰ্য্যৰ প্ৰতি দায়ৱদ্ধ হৈ থাকে আৰু জীৱনত নীতি মানি চলে। এইসকল লোক নিৰ্ভীক স্বভাৱৰ হয় যাৰ প্ৰতিচ্ছবি তেওঁলোকৰ কামত প্ৰতিফলিত হয়। এই কাৰণবশতঃ এওঁলোকে যিয়েই কাম কৰে সেয়া সম্পূৰ্ণ সমৰ্পণ মনোভাৱেৰে কৰে।

প্ৰেম জীৱন: প্ৰেম জীৱনৰ ক্ষেত্ৰত ক’ব পাৰি যে, এই সপ্তাহত মূলাংক 9 ৰ জাতকসকল নিজৰ সঙ্গীৰ প্ৰতি বিশ্বাসী হৈ থাকিব। এনে পৰিস্থিতিত, আপুনি সম্পৰ্কত সামঞ্জস্য বৰ্ত্তাই ৰাখিবৰ বাবে সকলো সীমা অতিক্ৰম কৰিবলৈও কুণ্ঠাবোধ নকৰিব।

শিক্ষা: অংক জ্যোতিষ সাপ্তাহিক ৰাশিফল অনুসৰি মূলাংক 9 ৰ যিসকল জাতকে অধ্যয়ন কৰি আছে তেওঁলোকে সেই বিষয়বোৰত উৎকৃষ্টতা প্ৰাপ্ত কৰিব যাৰ ওপৰত তেওঁলোকে ধ্যান কেন্দ্ৰিত কৰিব। লগতে, আপুনি মন পুতি অধ্যয়ন কৰা দেখা যাব।

বৃত্তিগত জীৱন: বৃত্তিগত জীৱনৰ ক্ষেত্ৰত দেখা যায় যে এই মূলাংকৰ যিসকল জাতকে চাকৰি কৰে তেওঁলোকে নিজৰ কাম অত্যান্ত সুন্দৰভাৱে কৰিবলৈ সক্ষম হ’ব। আনহাতে, মূলাংক 9 ৰ যিসকল লোকৰ নিজা ব্যৱসায় আছে তেওঁলোকে নিজৰ শক্তিশালী নেতৃত্ব দিয়া ক্ষমতাৰ বলত লাভ উপাৰ্জন কৰিবলৈ সক্ষম হ’ব।

স্বাস্থ্য: স্বাস্থ্য় দৃষ্টিকোণৰপৰা দেখা যায় য এই সপ্তাহত এইসকল জাতকৰ স্বাস্থ্য অনুকূলে থাকিব যি আপোনাৰ শক্তিশালী ৰোগ প্ৰতিৰোধক ক্ষমতাৰ ফল হ’ব। লগতে, আপুনি উৎসাহী আৰু উদ্যমী হৈ থাকিব যাৰ বলত আপুনি সুস্বাস্থ্যৱান হৈ থাকিবলৈ সক্ষম হ’ব।

উপায়:মঙ্গলবাৰে মঙ্গল গ্ৰহৰ বাবে যজ্ঞ/হোম কৰক।

সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক: অনলাইন শ্বপিং ষ্টোৰ

আমি আশা কৰিছোঁ যে আমাৰ এই প্ৰৱন্ধটো আপুনি নিশ্চয় ভাল পাইছে। যদিহে ভাল পাইছে তেনেহ’লে আপুনি ইয়াক নিজৰ শুভাকাংক্ষীসকলৰ সৈতে শ্যেয়াৰ কৰিব। ধন্যবাদ!

.

সঘনাই সোধা প্ৰশ্ন

1. মূলাংক 4 ত কোন গ্ৰহৰ আধিপত্য থাকে?

অংকজ্যোতিষ অনুসৰি, মূলাংক 4 ৰ স্বামী হৈছে ৰাহু গ্ৰহ।

2. বৃশ্চিক ৰাশিৰ শুভ সংখ্যা কি?

বৃশ্চিক ৰাশিৰ শুভ সংখ্যা হৈছে 11 আৰু 9

3. ভাগ্যাংক বা ভাগ্যসংখ্যা কেনেদৰে নিৰূপণ কৰা হয়?

ভাগ্যাংক উলিয়াবৰ বাবে আপুনি নিজৰ জন্ম তিথি, মাহ আৰু বৰ্ষক যোগ কৰিব লাগিব। এই তিনিওটাক যোগ কৰাৰ পিছত যি সংখ্যা ওলায় সেয়াই হৈছে আপোনাৰ ভাগ্যাংক।

Talk to Astrologer Chat with Astrologer