অংক জ্যোতিষ (27 এপ্ৰিল-03 মে’, 2025)

Author: Lobitha Dutta | Updated Thu, 27 Mar 2025 02:46 PM IST
মূলাংক 1

যদিহে আপোনাৰ জন্ম কোনো মাহৰ 1, 10, 19 বা 28 তাৰিখে হৈছে তেনেহ’লে আপোনাৰ মূলাংক 1 হ’ব। যদিহে আমি এই সপ্তাহৰ ফলাফল লক্ষ্য কৰোঁ তেনেহ’লে ক’ব পাৰোঁ যে অংক জ্যোতিষ অনুসৰিএই সপ্তাহটো আপোনাৰ বাবে মজলীয়া হ’ব। এনে পৰিস্থিতিত, এই সপ্তাহত প্ৰতিটো ক্ষেত্ৰতে যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগিব। যদিও আপুনি শাসন–প্ৰশাসন আৰু সামাজিক নিয়মিৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব দিব তথাপি এই সপ্তাহত কোনো ধৰণৰ ভুল বা ত্ৰুটি যাতে নহয় তাৰ প্ৰতি মনোযোগ দিব লাগিব।


আপোনাৰ প্ৰতি ঈৰ্ষা ৰখা ব্যক্তিসকলে যাতে আপোনাৰ বিৰূদ্ধে কোনো ষড়যন্ত্ৰ কৰি আছে নেকি সেই বিষয়ে তথ্য উদ্ধাৰ কৰাটো বুদ্ধিমানৰ কাম হ’ব। আপোনাৰ জেষ্ঠ্যজনৰ কোনো কাম আপোনাৰ দৃষ্টিৰে সঠিক নহ’ব পাৰে, কিন্তু সেই কথা এই ধৰণে উপস্থাপন কৰিব লাগিব যাতে তেওঁ বুজিও পায় আৰু তেওঁ অপমানিতও অনুভৱ নকৰে। এই সপ্তাহত কিছু অধিক কৰিবলগীয়া হ’ব পাৰে কিন্তু সেই পৰিশ্ৰমৰ ভাল ফল লাভ কৰিব আৰু নিজকে অনুশাসিত কৰি ৰাখি আগবাঢ়ি গ’লে তেতিয়া নেতিবাচকতাক নিয়ন্ত্ৰণ কৰিব পাৰিব। অভিজ্ঞতাসম্পন্ন ব্যক্তিৰ পৰামৰ্শ আপোনাৰ বাবে লাভদায়ক সিদ্ধ হ’হ। ধৈৰ্য্য ধৰি আগবাঢ়িলে যি কাম কৰিব তাত লোকচান নহ’ব।

উপায়: তামসিক আহাৰ আৰু মদিৰাপানৰপৰা দূৰত থাকক।

মূলাংক 2

যদিহে আপোনাৰ জন্ম 2, 11, 20 বা 29 তাৰিখে হৈছে তেনেহ’লে আপোনাৰ মূলাংক হৈছে 2 আৰু মূলাংক 2 ৰ জাতকসকলৰ বাবে এই সপ্তাহটো যথেষ্ট ভাল ফলদায়ক প্ৰমাণিত হ’ব। সকলোতকৈ অনুকূল কথাটো হ’ল যে এই সপ্তাহত আপুনি প্ৰতিটো কাম ধৈৰ্য্য সহকাৰে কৰিব। আপুনি জানে যে কোনটো কামত কিমান শক্তি ব্যয় কৰিব লাগে, আপুনি সেই মতে কামত শক্তি প্ৰয়োগ কৰিব আৰু সেই কামবোৰ পাৰফেক্ট ধৰণে সম্পূৰ্ণ হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। যদিহে আপুনি কোনো পৰিৱৰ্তন কৰাৰ কথা ভাবি আছে তেনেহ’লে এই সপ্তাহটো সেই পৰিৱৰ্তন কৰিবৰ বাবে সহায়ক হ’ব।

যদিহে আপুনি কোনো যাত্ৰা কৰাৰ পৰিকল্পনা কৰিছে তেনেহ’লে অংক জ্যোতিষ অনুসৰি সেই কামৰ বাবে এই সপ্তাহটো অনুকূল প্ৰমাণিত হ’ব। ঘূৰা-পকা বা মনোৰঞ্জনৰ যিকোনো কাম আপুনি এই সপ্তাহত সহজে কৰিব পাৰিব। এই সপ্তাহত আপুনি মনোৰঞ্জন আৰু দৰকাৰী কামৰ মাজত ভাল সন্তুলন ৰক্ষা কৰিব পাৰিব। ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে ব্যৱসায় সম্প্ৰসাৰিত কৰিবৰ বাবে চেষ্টা কৰিব আৰু পৰিকল্পনা কৰিব পাৰিব। চাকৰিয়াল লোকসকলে নিজৰ কাম সময়মতে সম্পূৰ্ণ কৰিব। লগতে ঘ-পৰিয়ালৰ বাবে পৰ্যাপ্ত সময় উলিয়াব পাৰিব। মুঠতে এই সপ্তাহটোত আপুনি সন্তুলিত ধৰণে কাম কৰি ভাল পৰিণাম প্ৰাপ্ত কৰিবলৈ সক্ষম হ’ব।

উপায়: কোনো কিন্নৰক শৃংগাৰ সামগ্ৰী উপহাৰ দিয়াটো শুভ হ’ব।

বৃহৎ কুণ্ডলী ত নিহিত হৈ আছে, আপোনাৰ জীৱনৰ সকলো গোপন ৰহস্য, জানক গ্ৰহসমূহৰ গতি-বিধিৰ সম্পূৰ্ণ লেখ-জোখ

মূলাংক 3

যদিহে আপোনাৰ জন্ম 3, 12, 21 অথবা 30 তাৰিখে হৈছে তেনেহ’লে আপোনাৰ মূলাংক 3 হ’ব। মূলাংক 3 ৰ জাতকসকলৰ বাবে এই সপ্তাহটো কিছু পৰিমাণে জটিলতাৰে ভৰা হ’ব পাৰে। যদিও আপুনি সঠিক ধৰণে কাম কৰিবৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰি সেইবোৰ প্ৰযোজ্য কৰিব তথাপিও কিছুমান লোকে ইয়াৰ বিৰোধিতা কৰিব পাৰে। বিশেষকৈ কোনো মহিলাৰ বিৰোধ আপুনি দেখা পাব পাৰে। এনে পৰিস্থিতিত আপুনি জানি-বুজি কোনো মহিলাৰ বিৰোধ কৰাটো উচিত নহ’ব আৰু যদিহে আপোনাৰ এনে অনুভৱ হয় যে কোনো মহিলাই আপোনাৰ বিৰোধ কৰিব পাৰে তেনেহ’লে সেই অনুসৰি পৰিকল্পনা প্ৰস্তুত কৰি নিজকে সুৰক্ষিত কৰি ৰখাৰ আৱশ্যকতা আছে।

আমি আশা কৰিব পাৰোঁ যে আপুনি নিজৰ অভিজ্ঞতা আৰু অভিজ্ঞতাসম্পন্ন ব্যক্তিৰ পৰামৰ্শ অনুক্ৰমে কাম কৰি সকলো ধৰণৰ লোকচানৰপৰা হাত সাৰিব পাৰিব কিন্তু যদিহে আপুনি নিজৰ স্বভাৱৰ বিপৰীতে গৈ কোনো কামত অধিক লৰালৰি কৰে তেনেহ’লে আপোনাৰ বিৰোধিতা কৰাসকলে সমস্যাৰ সৃষ্টি কৰিব পাৰে। অংক জ্যোতিষ অনুসৰি এই সপ্তাহত পৰিয়ালৰ লোকসকলৰ বাবে সময় উলিওৱাটো জৰুৰী হ’ব। কিন্তু ইমান অধিক সময় দিয়াটোও উচিত নহ’ব যাতে মৰম-ভালপোৱাই কমি যায়। অৰ্থাৎ প্ৰেমৰ সম্পৰ্কই হওক বাআপোনাৰজনৰ সৈতে সম্পৰ্কই হওক, সকলোতে তেওঁলোকক কিছু সময় দিয়ক আৰু যিখিনি সময় দিছে সেয়া ভাল সময় অৰ্থাৎ কোৱালিটী টাইম দিয়ক। যদিহে আপুনি অনুভৱী হৈ আৰু ধৈৰ্য্য সহকাৰে কাম কৰিব তেতিয়া আপুনি নেতিবাচকতা হ্ৰাস কৰিব পাৰিব।

উপায়: মাতা লক্ষ্মীৰ পূৰ্জা অৰ্চণা কৰাটো শুভ হ’ব।

মূলাংক 4

যদিহে আপোনাৰ জন্ম 4, 14, 22 বা 31 তাৰিখে হৈছে তেনেহ’লে আপোনাৰ মূলাংক 4 হ’ব। এই সপ্তাহৰ ফলাফল এই মূলাংকৰ জাতকসকলৰ বাবে কিছু পৰিমাণে অনুকূল হ’ব। আপোনাৰ কোনো ভুল বুজাবুজি দূৰ কৰিবৰ বাবেও এই সপ্তাহটো সহায়ক প্ৰমাণিত হ’ব। আপুনি উপলব্ধি কৰিব পাৰে যে কোনটো কাম কৰোঁতে আপোনাৰ কোনখিনিত ভুল হৈছিল বা কোনো মানুহ চিনি পোৱাত আপুনি ক’ত ভুল কৰিছিল। স্বাভাৱিক কথাটো হ’ল যে এইখিনি কথা উপলব্ধি কৰাৰ পিছত আপুনি উন্নত ধৰণে কাম কৰি উন্নত ফলাফল প্ৰাপ্ত কৰিব পাৰিব। লগতে অভিজ্ঞতাসম্পন্ন ব্যক্তিৰ পৰামৰ্শ লাভ কৰাৰ স্থিতিত ফলাফলো আৰু অধিক ভাল হ’ব কিন্তু বয়োজেষ্ঠ্য আৰু অভিজ্ঞতাসম্পন্ন ব্যক্তিৰ অনাদৰ যাতে নহয় তাৰ প্ৰতি আপুনি মনোযোগ ৰাখিব লাগিব।

অংক জ্যোতিষ অনুসৰি ধৰ্ম আৰু আধ্যাত্মিকতাৰ দৃষ্টিকোণৰপৰা এই সপ্তাহটো যথেষ্ট ভাল হোৱাৰ সম্ভাৱনা আছে। ঘৰ-পৰিয়াল বা সম্পৰ্কীয় লোকৰ ঘৰত কোনো মাংগলিক কাৰ্য্য অনুষ্ঠিত হ’ব পাৰে। যদিহে কোনো ধৰ্মীয় যাত্ৰা কৰিবৰ বাবে মন মেলিছে তেনেহ’লে পৰিকল্পনা প্ৰস্তুত কৰি আগবাঢ়ি যোৱাৰ ভাল সম্ভাৱনা আছে। যদিহে আপুনি চিএ’ বা একাউণ্টেণ্ট অথবা কোনো ধৰণৰ গণনা আদিৰ কাম কৰে তেনেহ’লে এই সপ্তাহটোৱে আপোনাক ভাল ফল প্ৰদান কৰিব। চফটৱেৰ ডেভেলপাৰ বা ডাটাবে’চৰ কাম কৰা লোকসকলে এই সপ্তাহত ভাল পৰিণাম লাভ কৰাৰ সম্ভাৱনা আছে কিন্তু চকু মুদি অনলাইন ক্ৰয় কৰা লোকসকল কিছু সচেতন হৈ থকাৰ আৱশ্যকতা আছে।

উপায়: বৃদ্ধ আৰু অভাৱী মানুহৰ সেৱা কৰাটোৱে উপায়ৰ দৰে কাম কৰিব।

অনলাইন চফটৱেৰৰপৰা বিনামূলীয়া জন্ম কুণ্ডলী প্ৰাপ্ত কৰক

মূলাংক 5

যদিহে আপোনাৰ জন্ম কোনো মাহৰ 5, 14 বা 23 তাৰিখে হৈছে তেনেহ’লে আপোনাৰ মূলাংক হ’ব 5 । এই সপ্তাহটোৱে আপোনাক মিশ্ৰিত ফলাফল প্ৰদান কৰিব। কেতিয়াবা কেতিয়াবা পৰিণাম মধ্যমীয়াতকৈও বেয়া হ’ব পাৰে। সাধাৰণতে আপুনি সকলো কথাতে সন্তুলন ৰক্ষা কৰি চলিবলৈ চেষ্টা কৰে কিন্তু এই সপ্তাহত আলস্যৰ ভাৱনা তুলনামূলকভাৱে অধিক হ’ব পাৰে। অৰ্থাৎ আপুনি কোনো কাৰণত ক্লান্ত হৈ থাকিব পাৰে। ইয়াৰ প্ৰভাৱ আপোনাৰ কামৰ ওপৰত পৰিব পাৰে।

যদিহে আপুনি ব্যৱসায় বাণিজ্যৰ সৈতে জড়িত ব্যক্তি তেনেহ’লে আপোনাৰ প্ৰদৰ্শন সন্তোষজনক হ’ব। আনহাতে অংক জ্যোতিষ -ৰ মতে চাকৰি ইত্যাদি সলনি কৰাৰ কথা ভাবি আছে যদি এইসকল লোকে খৰখেদা নকৰি ভালদৰে আগবঢ়াৰ প্ৰয়োজন আছে। অৱশ্যে কিছুমান নতুন সুযোগ লাভ কৰিব পাৰে কিন্তু সেই সুযোগ কিমান সঠিক সেয়া পৰীক্ষা কৰি চাব লাগিব। বয়োজেষ্ঠ্য মানুহৰ সম্পূৰ্ণ সন্মান কৰি তেওঁলোকৰ কথাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰাটো সঠিক হ’ব। দুখীয়া আৰু অভাৱী মানুহৰ অনাদৰ নকৰিব। এই আচৰণবোৰ প্ৰয়োগ কৰিলে আপুনি নেতিবাচকতা কিছু হ্ৰাস কৰিব পাৰিব।

উপায়: ক’লা মাটি দাইলৰ পক’ৰি বনাই দৰিদ্ৰ লোকৰ মাজত বিতৰণ কৰক।

মূলাংক 6

যদিহে আপোনাৰ জন্ম কোনো মাহৰ 6, 15 বা 24 তাৰিখে হৈছে তেনেহ’লে আপোনাৰ মূলাংক 6 হ’ব। এই সপ্তাহত মিশ্ৰিত ফলাফল লাভ কৰাৰ সম্ভাৱনা দেখা যায়। কেতিয়াবা কেতিয়াবা পৰিণাম মধ্যমীয়াতকৈ কিছু দুৰ্বল হ’ব পাৰে। সেয়েহে সাৱধানতা অৱলম্বন কৰিব লাগিব। বিশেষকৈ সেইসকল লোকে যিসকলে খৰখেদাকৈ কাম কৰে তেওঁলোকে ধৈৰ্য্য ধৰাৰ প্ৰয়োজন হ’ব। ইয়াৰ উপৰিও খঙাল স্বভাৱৰ মানুহবোৰ এই সপ্তাহত বিশেষভাৱে সজাগ আৰু সাৱধান হ’ব লাগিব। কাৰণ এনে কোনো ঘটনা ঘটিব পাৰে যি আপোনাৰ ভিতৰৰ খঙৰ স্তৰ আৰু অধিক বৃদ্ধি কৰিব পাৰে। অৱশ্যে এই খঙক শক্তিলৈ ৰূপান্তৰ কৰিব পৰা যায় আৰু যদিহে আপুনি এই সপ্তাহত লাভ কৰা শক্তিক ক্ৰোধৰ সলনি কামত লগায় তেতিয়া আপুনি নিজৰ থাকি যোৱা কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব আৰু বিশৃংখল পৰিস্থিতিবোৰ চম্ভালি ল’ব পাৰিব।

এই সপ্তাহত আপুনি এক বেলেগ ধৰণৰ শক্তি লাভ কৰিব পাৰে যি আপোনাৰ আভ্যন্তৰীণ শক্তি বৃদ্ধি কৰিব পাৰে, যদিহে সেই শক্তিৰ ভিত্তিত আপুনি কাম কৰিব তেতিয়া আপুনি আপোনাৰ বিলম্ব হৈ থকা কামবোৰ পূৰা কৰিব পাৰিব। আনহাতে এনে কৰিব নোৱাৰাৰ স্থিতিত কাজিয়া-পেচাল আদি হোৱাৰ সম্ভাৱনা আছে। মাটি-সম্পত্তি আদিৰ সৈতে জড়ি বিষয়ত বিবাদ কৰাটো ঠিক নহ’ব। যদিহে মাটি-সম্পত্তিৰ সৈতে জড়ি কোনো বিষয় এই সময়ত মূৰ দাঙি উঠে তেনেহ’লে সেই বিষয়বোৰ এইখিনি সময়ত শান্ত কৰি ৰখাটো উচিত হ’ব। ভাই-বন্ধুৰ সৈতে অনুকূল সম্পৰ্ক ৰক্ষা কৰিবলৈ চেষ্টা কৰক। লগতে চুবুৰীয়া লোকৰ সৈতে মিলি-জুলি চলাটো পৰিপক্ক কাম হ’ব।

উপায়: হনুমান জীৰ মন্দিৰত ৰঙা ৰঙৰ মিঠাই অৰ্পণ কৰাটো শুভ হ’ব।

কালসৰ্প দোষ প্ৰতিৱেদন – কাল সৰ্প যোগ কেলকুলেটৰ

মূলাংক 7

যদিহে আপোনাৰ জন্ম কোমনো মাহৰ 7, 16 বা 25 তাৰিখে হৈছে তেনেহ’লে আপোনাৰ মূলাংক 7 হ’ব। এই সপ্তাহটোৱে আপোনাক মধ্যমীয়া বা মধ্যমীয়াতকৈ উন্নত ফলাফল দিব পাৰে অৰ্থাৎ আপুনি ডেঞ্জাৰ য’নৰপৰা বাহিৰত থাকিব আৰু সৰু-সুৰা ৰিস্ক ল’ব লাগিব। সাধাৰণতে এই সপ্তাহটোৱে আপোনাক কোনো নতুন কামৰ সৈতে জড়িত কৰিব পাৰে। অৰ্থাৎ যদিহে আপুনি কোনো নতুন কাম কৰিবৰ বাবে পৰিকল্পনা কৰি আছে তেনেহ’লে এই সপ্তাহত ইয়াৰ আৰম্ভণি কৰিব পাৰে। এইক্ষেত্ৰত ঘৰৰ জেষ্ঠ্য সদস্যৰ সমৰ্থন আপুনি লাভ কৰিব পাৰে। বিশেষকৈ পিতৃৰ সহযোগ লাভ কৰাৰ সম্ভৱান আছে যাৰ বাবে আপুনি উৎসাহী আৰু উদ্যমী হৈ থাকিব আৰু নতুন কামৰ আৰম্ভণি কৰিব পাৰিব।

সামাজিক মান-সন্মান বৃদ্ধি কৰাৰ ক্ষেত্ৰত এই সপ্তাহটো সহায়ক প্ৰমাণিত হ’ব। শাসন-প্ৰশাসনৰ সৈতে জড়িত কোনো মানুহৰ সহায় আপুনি লাভ কৰিব পাৰে। ফলস্বৰূপে শাসন-প্ৰশাসনৰ সৈতে জড়িত বিষয়ত আপুনি ভাল কৰিব পাৰিব। অংক জ্যোতিষ অনুসৰি যদিহে আদালতৰ কোনো গোচৰ চলি আছে তেনেহ’লে সেইক্ষেত্ৰত ইতিবাচক ফল লাভ কাৰৰ সম্ভাৱনা আছে। চাকৰি বিচাৰিবৰ বােও এই সময়খিনি অনুকূল হ’ব। অৰ্থাৎ যিসকল লোকে এই সময়খিনিত নতুনকৈ চাকৰি বিচাৰি আছে তেওঁলোকে চাকৰি লাভ কৰাৰ ভাল সম্ভাৱনা আছে। অৱশ্যে চাকৰি সলনি কৰিবৰ বাবে সময়খিনি মধ্য়মীয়া কিন্তু চাকৰি সলনি কৰাটো জৰুৰী যদি সলনি কৰিব পাৰিব।

উপায়: সূৰ্য্যোদয়ৰ সময়ত তামৰ বাচনত পানী ভৰাই সূৰ্য্য় দেৱতাক অৰ্পণ কৰাটো শুভ হ’ব।

মূলাংক 8

যদিহে আপোনাৰ জন্ম কোনো মাহৰ 8, 17 বা 26 তাৰিখে হৈছে তেন্তে আপোনাৰ মূলাংক হ’ব 8 । মূলাংক 8 ৰ জাতকসকলৰ বাবে এই সপ্তাহটো মজলীয়া পৰিণামদায়ক হ’ব। সাধাৰণতে আপুনি যিকোনো কাম ধৈৰ্য্য সহকাৰে কৰাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰে কিন্তু এই সপ্তাহত আপোনাৰ স্বভাৱত কিছু খৰধৰ দেখিবলৈ পোৱা যাব পাৰে। অৱশ্যে এই ধৰণ খৰখেদাৰ বাবে আপোনাৰ কোনো লোকচান নহয় কিন্তু নিজৰ স্বভাৱৰ বিৰূদ্ধে কাম কৰাৰ বাবে আপুনি কিছু অসহজ হৈ থাকিব পাৰে। এই সপ্তাহটোৱে ভাৱনাত্মক ৰূপত আপোনাক কিছু অসন্তুলন প্ৰদান কৰিব পাৰে। বিশেষকৈ মাতৃ বা মাতৃতুল্য মহিলাৰ সৈতে আপোনাৰ সম্পৰ্ক যাতে ভাল আৰু অনুকূল হৈ থাকে তাৰ প্ৰতি মনোযোগ ৰাখক।

অংশীদাৰিত্বৰ কাম কৰা লোকসকলে এই কথাৰ প্ৰতি মনোযোগ ৰাখিব লাগিব যে তেওঁলোকৰ অংশীদাৰে যাতে তেওঁলোকৰ কোনো কথাত আঘাত নাপায় বা ব্যথিত নহয়। লগতে ধৈৰ্য্যৰ স্তৰ ঠিক ৰাখিব লাগিব। এই সাৱধানতাসমূহ অৱলম্বন কৰিলে আপুনি লাহে ধীৰে চলি থকা কামবোৰ আৰু দ্ৰুততাৰে কৰিবলৈ সক্ষম হ’ব। লগতে সম্পৰ্কৰ আনন্দ উপভোগ কৰিব পাৰিব।

উপায়: শিৱ মন্দিৰ পৰিষ্কাৰ কৰাটো আপোনাৰ বাবে শুভ হ’ব।

নতুন বছৰত কেৰিয়াৰৰ যিকোনো দোমোজা কগ্নিএষ্ট্ৰো প্ৰতিৱেদন ৰ জৰিয়তে দূৰ কৰক

মূলাংক 9

যদিহে আপোনাৰ জন্ম কোনো মাহৰ 9, 18 বা 27 তাৰিখে হৈছে তেনেহ’লে আপোনাৰ মূলাংক 9 হ’ব আৰু এনে পৰিস্থিতিত এই সপ্তাহটোৱে এওঁলোকক মধ্যমীয়া বা মধ্যমীয়াতকৈ ভাল ফল প্ৰদান কৰিব পাৰে। আপুনি এগৰাকী উদ্যমী ব্যক্তি আৰু এই সপ্তাহটোত আপুনি অভিজ্ঞতা লাভ কৰিব। এই কাৰণবশতঃ আপোনাৰ কামে নতুন উদ্যম লাভ কৰিব। লগতে সফলতাৰ গ্ৰাফডাল উন্নত হ’ব পাৰে। কিন্তু অভিজ্ঞতাক উপেক্ষা কৰাটো ঠিক নহ’ব। জেষ্ঠ্যসকলৰ পৰামৰ্শ মাানি চলাটো আপোনাৰ বাবে ভাল হ’ব। সাধাৰণতে জেষ্ঠ্যসকলৰ পৰামৰ্শ মানি চলিলে সদায় অনুকূল পৰিণাম প্ৰাপ্ত হয় কিন্তু এই সপ্তাহত আপুনি বয়োজেষ্ঠ্য, অভিজ্ঞতাসম্পন্ন আৰু জ্ঞানী ব্যক্তিৰ পৰামৰ্শশ মানি চলিলে ভাল লাভ প্ৰাপ্ত কৰিব পাৰিব। সামাজিক কাৰ্য্যকলাপত অংশগ্ৰহণ কৰা লোকসকলে ভাল প্ৰতিষ্ঠা আৰুু মান-সন্মান লাভ কৰিব।

সৃষ্টিশীল কামৰ সসৈতে জড়িত লোকসকলে এই সপ্তাহত যথেষ্ট ভাল পৰিণাম লাভ কৰিব পাৰিব। নতুন বন্ধু গঢ় দিয়াৰ ক্ষেত্ৰত বা পুৰণা মিত্ৰৰ সৈতে আনন্দ উপভোগ কৰাৰ ক্ষেত্ৰত এই সপ্তাহটোৱে আপোনাক অনুকূল ফল প্ৰদাান কৰিব। শিক্ষাৰ্থীসকলক এই সপ্তাহটোৱে ভাল ফল প্ৰদান কৰিব। আৰ্থিক দিশত সাধাৰণতে সন্তোষজনক পৰিণাম লাভ কৰাৰ সম্ভাৱনা দেখা যায়। যদিহে আপুনি বেংকিং খণ্ডৰ সৈতে জড়িত তেনেহ’লে এই সপ্তাহত আপুনি যথেষ্ট ভাল ফলাফল লাভ কৰিব। শৈক্ষিক খণ্ডৰ সৈতে জড়িত লোকসকলক এই সপ্তাহত বৃহস্পতিয়ে কৃপাদৃষ্টি প্ৰদান কৰি যথেষ্ট পৰিমাণে সন্তুষ্টি প্ৰদান কৰিব।

উপায়: স্নান কৰা পানীত হালধি মিহলাই স্নান কৰাটো শুভ হ’ব।

সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক: অনলাইন শ্বপিং ষ্টোৰ

আমি আশা কৰিছোঁ যে আমাৰ এই প্ৰৱন্ধটো আপুনি নিশ্চয় ভাল পাইছে। এষ্ট্ৰোচেজৰ সৈতে সংযুক্ত হৈ থকাৰ বাবে আপোনাক অশেষ ধন্যবাদ!

সঘনাই সোধা প্ৰশ্ন

1. মূলাংক 1 ৰ বাবে এই সপ্তাহটো কেনে হ’ব?

এই মূলাংকৰ জাতকসকলক এই সপ্তাহটোোৱে মিশ্ৰিত বা মিশ্ৰিততকৈ কিছু দুৰ্বল ফলাফল প্ৰদান কৰিব।

2. 8 মূলাংকৰ জাতকসকলৰ বাবে এই সপ্তাহটো কেনে হ’ব?

এই সপ্তাহত আপোনাৰ স্বভাৱত কিছু খৰধৰ দেখা পোৱা যাব পাৰে।

3. 5 নম্বৰৰ স্বামী কোন?

অংক জ্যোতিষ অনুসৰি, মূলাংক 5ৰ স্বামী হৈছে বুধ গ্ৰহ।

Talk to Astrologer Chat with Astrologer