অংক জ্যোতিষ (30 মাৰ্চ-05 এপ্ৰিল, 2025)

Author: Lobitha Dutta | Updated Tue, 18 Mar 2025 02:53 PM IST
কেনেদৰে জানিব নিজৰ মুখ্য অংক (মূলাংক)?

অংকজ্যোতিষ সাপ্তাহিক ভৱিষ্যতফল জনাৰ ক্ষেত্ৰত অংক জ্যোতিষ মূলাংকৰ যথেষ্ট ভূমিকা আছে। মূলাংকক জাতকৰ জীৱনৰ গুৰুত্বপূৰ্ণ সংখ্য হিচাপে বিবেচনা কৰা হয়। আপোনাৰ জন্ম মাহৰ যি তাৰিখে হয়, তাক একক অংকলৈ ৰূপান্তৰ কৰাৰ পিছত যি সংখ্যা প্ৰাপ্ত হয় তাকেই আপোনাৰ মূলাংক বুলি কোৱা হয়। মূলাংক 1 ৰপৰা 9 অংকৰ ভিতৰত যিকোনো হ’ব পাৰে, উদাহৰণস্বৰূপে- আপোনাৰ জন্ম কোনো মাহৰ 10 তাৰিখে হ’লে আপোনাৰ মূলাংক হ’ব 1+0 অৰ্থাৎ1 ।

অংক জ্যোতিষ সাপ্তাহিক ৰাশিফল

এনেদৰে যি কোনো মাহৰ 1 তাৰিখৰপৰা 31 তাৰিখ পৰ্য্যন্ত জন্ম হোৱা মানুহৰ বাবে 1 ৰপৰা 9 পৰ্য্যন্ত মূলাংকৰ গণনা কৰা হয়। এইদৰে সকলো জাতকৰনিজৰ ৰুট নম্বৰ জানি লৈ তাৰ আধাৰত সাপ্তাহিক ৰাশিফলো জানিব পৰা যায়।

নিজৰ জন্মতিথিৰপৰা জানক সাপ্তাহিক অংক ৰাশিফল (30 মাৰ্চৰপৰা 05 এপ্ৰিল 2025)

আমাৰ জীৱনত অংকজ্যোতিষৰ পোণপটীয়া প্ৰভাৱ পৰে কাৰণ আমাৰ জন্ম তাৰিখেই সংখ্য়াৰদ্বাৰা প্ৰস্তুত হয়। তলত দিয়া লিখনীটোত অৱগত কৰা হৈছে যে সকলো ব্যক্তিৰ জন্ম তাৰিখিৰ হিচাপ মতে তেওঁৰ একমূলাংক নিৰ্দ্ধাৰিত কৰা হয় আৰু এই সকলোবোৰ অংক বেলেগ বেলেগ গ্ৰহৰদ্বাৰা শাসিত।

যেনেদৰে মূলাংক1 ত সূৰ্য্য দেৱৰ আধিপত্য থাকে। চন্দ্ৰমা হৈছে মূলাংক 2 ৰ স্বামী। অংক 3ত দেৱগুৰু বৃহস্পতি ৰ স্বামীত্ব থাকে, ৰাহু হৈছে অংক 4 ৰ ৰজা। অংক 5 বুধ গ্ৰহৰ অধীন। 6 অংকৰ ৰজা হৈছে শুক্ৰ দেৱ আৰু 7 অংকৰ হৈছে কেতু গ্ৰহৰ। শনি দেৱতাক 8 ৰ স্বামী হিচাপে মনা হয়। অংক 9 হৈছে মঙ্গল দেৱৰ অংক আৰু এই গ্ৰহসমূহৰ পৰিৱহনৰ পৰিৱৰ্তনৰদ্বাৰা জাতকসকলৰ জীৱনলৈ বহুতো পৰিৱৰ্তন আহে।

বৃহৎ কুণ্ডলী ত নিহিত হৈ আছে, আপোনাৰ জীৱনৰ সকলো গোপন ৰহস্য, জানক গ্ৰহসমূহৰ গতি-বিধিৰ সম্পূৰ্ণ লেখ-জোখ

মূলাংক 1

(যদিহে আপোনাৰ জন্ম কোনো এটা মাহৰ 1, 10, 19 বা 28 তাৰিখে হৈছিল)

এই মূলাংকৰ জাতকসকলে অনুশাসনত থাকিবলৈ পছন্দ কৰে। লগতে তেওঁলোক শৃংখলাৱদ্ধ হয় আআৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলৈ সদাপ্ৰস্তুত হৈ থাকে।

প্ৰেম জীৱন: এই সপ্তাহাহত আপুনি নিজৰ জীৱনসঙ্গীৰ সৈতে সৎ হৈ থাকিব। আপোনাৰ ব্যৱহাৰৰ বাবে এনে হ’ব।

শিক্ষা: আপুনি শিক্ষাৰ ক্ষেত্ৰত উৎকৃষ্ট প্ৰদৰ্শন কৰিব আৰু ভাল সফতা পপ্ৰাপ্ত কৰৰিব। এই সময়খিনিত আপুনি প্ৰশাসন আৰু বৃত্তিগতত পাঠ্যক্ৰমত ভাল প্ৰদ্ৰশনন কৰিব।

বৃত্তিগত জীৱন: চাকৰিয়াল জাতকসকলে চাকৰিৰ নতুন সুযোগ লাভ কৰিব আৰু ইয়াত তেওঁলোকে সফলতা প্ৰাপ্ত কৰিব। আনহাতে ব্যৱসায়ীসকলৰ বাবে ৰণনীতি ফলদায়ক প্ৰমাণিত হ’ব।

স্বাস্থ্য: এই সময়খিনিত আপোনাৰ স্বাস্থ্য উত্তম অৱস্থাত থাকিব আৰু আপোনাৰ সাহসৰ বাবে এনে হ’ব। এই সপ্তাহত আপুনি নিজৰ ক্ষমতা আৰু অধিক বিকশিত কৰিব পাৰিব।

উপায়: শনিবাৰে শনি গ্ৰহৰ বাবে যজ্ঞ-হোম কৰক।

মূলাংক 2

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 2, 11, 20, 29 তাৰিখে হৈছে)

যদিহে আপোনাৰ মূলাংক 2 তেনেহ’লে এই সময়খিনিত আপুনি দোমোজাত থাকিব পাৰে আৰু ইয়াৰ ফলস্বৰূপে আপুনি সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সংকোচবোধ কৰিব পাৰে।

প্ৰেম জীৱন: আপুনি সঙ্গীৰ সৈতে কথা পাতোঁতে অসহজ হ’ব পাৰে যাৰ কাৰণে আপুনি আগবাঢ়িব নোৱাৰিব আৰু ইয়াৰ প্ৰভাৱ আপোনাৰ সম্পৰ্কৰ ওপৰত পৰিব।

শিক্ষা: আপুনি শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়িবৰ বাবে অধিক দৃঢ়তা দেখুৱাব পাৰে।আপুনি ইয়াৰদ্বাৰা সহপাঠীসকলতকৈ আগবাঢ়িব পাৰিব।

বৃত্তিগত জীৱন: চাকৰিয়াল জাতকসকলে চাকৰিৰ নতুন সম্ভাৱনা লাভ কৰিব পাৰে। ইয়াৰদ্বাৰা আপুনি কেৰিয়াৰত উন্নতি লাভ কৰিব। ব্যৱসায়ীসকলে অধিক লাভ উপাৰ্জন কৰাৰ যোগ আছে।

স্বাস্থ্য: অংক জ্যোতিষ অনুসৰিএই সময়ছোৱাত আপোনাৰ স্বাস্থ্য উত্তম অৱস্থাত থাকিব আৰু আপোনাৰ ৰোগ প্ৰতিৰোধক ক্ষমতা শক্তিশালী হোৱাৰ বাবে এনে হ’ব।

উপায়: সোমবাৰে মা পাৰ্বতীৰ বাবে যজ্ঞ-হোম কৰক।

কেৰিয়াৰক লৈ হৈ আছে টেনশ্যন! এতিয়াই অৰ্ডাৰ কৰক কগ্নিএষ্ট্ৰো প্ৰতিৱেদন

মূলাংক 3

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 3, 12, 21, 30 তাৰিখে হৈছে)

এই মূলাংকৰ জাতকসকল অধিক শৃংখলাৱদ্ধ আৰু নিজৰ সিদ্ধান্ত অটল হৈ থকা ধৰণৰ হয়। এই লোকসকল সময়ে সময়ে নিজৰ সিদ্ধান্তত কিছুমান শুধৰণিও কৰি থাকে।

প্ৰেম জীৱন: অহংকাৰৰ ফলস্বৰূপে এই সপ্তাহত আপোনাৰ সম্পৰ্কলৈ তিক্তা অহাৰ সম্ভাৱনা আছে। এই কাৰণবশতঃ আপুনি নিজৰ সঙ্গীৰ সৈতে সুখী হ’ব নোৱাৰিব পাৰে।

শিক্ষা: আপুনি নিজৰ সহপাঠীসকলৰ তুলনাত ভাল প্ৰদৰ্শন কৰিব পাৰিব আৰু তেওঁলোকতকৈ অধিক নম্বৰ লাভ কৰিব।

বৃত্তিগত জীৱন: কৰ্মক্ষেত্ৰত আপুনি সফলতা লাভ কৰাৰ সংকেত দেখা যায়। আপুনি চাকৰিৰ নতুন সুযোগো লাভ কৰিব পাৰে। আনহাতে ব্যৱসায়ীসকলে নিজৰ ৰণনীতিৰদ্বাৰা ভাল লাভ উফাৰ্জন কৰাৰ যোগ আছে।

স্বাস্থ্য: সাহস আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে আপুনি শাৰীৰিকভাৱে স্বাস্থ্যৱান হৈ থাকিব।

উপায়: আপুনি বৃহস্পতিবাৰে বৃহস্পতি গ্ৰহৰ বাবে যজ্ঞ-হোম কৰক।

মূলাংক 4

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 4, 13, 22, 31 তাৰিখে হৈছে)

এই মূলাংকৰ জাতকসকল অধিক কৌশলী হয় আৰু তেওঁলোকৰ দূৰ যাত্ৰা কৰাৰ আগ্ৰহ থাকে। এই জাতকসকল জীৱনৰ প্ৰতি উদ্যমী হয়।

প্ৰেম জীৱন: এই সপ্তাহত আপুনি নিজৰ জীৱনসঙ্গীৰ প্ৰতি অধিক আগ্ৰহ দেখুৱাব নোৱাৰিব পাৰে আৰু ইযাৰ ফলত আপোনালোকৰ মাজৰ ব্যৱধান বৃদ্ধি পাব পাৰে আৰু সম্পৰ্ক বেয়ালৈ যাব পাৰে। ইয়াৰ ফলত আপোনাৰ লোকচান হ’ব পাৰে।

শিক্ষা: এই সপ্তাহত শিক্ষাৰ্থীসকলে ভাল নম্বৰ লাভ কৰাত অসফল হ’ব পাৰে। আপুনি পঢ়া-শুনাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাটো এইখিনি সময়ত পৰিহাৰ কৰা উচিত। লগতে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবেও এই সময়খিনি অনুকূল নহয়।

বৃত্তিগত জীৱন চাকৰিয়াল জাতকসকলৰ ওপৰত কামৰ হেঁচা বৃদ্ধি পাব পাৰে যাৰ কাৰণে কৰ্মক্ষেত্ৰত তেওঁলোকৰ প্ৰদৰ্শন বেয়া হ’ব পাৰে। আনফালে ব্যৱসায়ীসকলৰ ৰণনীতি পুৰণা হোৱাৰ বাবে তেওঁলোকৰ লোকচান হ’ব পাৰে।

স্বাস্থ্য: এই সপ্তাহক আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হ’ব পাৰে। আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱাৰ বাবে আপোনাৰ বেমাৰ হোৱাৰ সম্ভাৱনা আছে।

উপায়: দৈনিক 22 বাৰ 'ঔঁ ৰাহৱে নমঃ' মন্ত্ৰ জপ কৰক।

মূলাংক 5

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 5, 14, 23 তাৰিখে হৈছে)

এই মূলাকংৰ জাতকসকল অধিক বুদ্ধিমনা হয়। তেওঁলোকে সদায় ব্যৱসায়ৰ ওপৰত মনোযোগ কেন্দ্ৰিত কৰে আৰু ইয়াৰদ্বাৰা লাভ প্ৰাপ্ত কৰে।

প্ৰেম জীৱন: এই সপ্তাহত এই মূলাংকৰ জাতকসকলৰ জীৱনসঙ্গীৰ সৈতে ভাল সম্পৰ্ক থাকিব আৰু সম্পৰ্কটো শক্তিশালী হ’ব। আপোনালোক দুয়োৱে পৰস্পৰৰ সহযোগ কৰিব।

বৃত্তিগত জীৱন: এই সপ্তাহত চাকৰিয়াল জাতকসকলে সহজে সফলতা লাভ কৰিব। জেষ্ঠ্য বিষয়াসকলৰপৰা আপুনি স্বীকৃতি আৰু প্ৰশংসা লাভ কৰিব। যদিহে আপুনি ব্যৱসায় কৰে তেনেহ’লে এই সময়খিনিত আপুনি আপোনাৰ ব্যৱসায়ত টিম লীডাৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰিব পাৰিব।

স্বাস্থ্য: এই সপ্তাহত আপোনাৰ স্বাস্থ্য ভালে থাকিব। আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হ’ব যাৰ বাবে আপুনি ফিট থাকিব।

উপায়: দৈনিক 41 বাৰ 'ঔঁ নমো নাৰায়ণ' মন্ত্ৰ জপ কৰক।

আপোনাৰ কুণ্ডলীত আছে নেকি ৰাজযোগ? জানক আপোনাৰ ৰাজযোগ প্ৰতিৱেদন

মূলাংক 6

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 6, 15, 24 তাৰিখে হৈছে)

এই মূলাংকৰ জাতকসকল উদ্যমেৰে পৰিপূৰ্ণ হয়। তেওঁলোকৰ ফুৰা-চকা আৰু সুকুমাৰ কলাৰ প্ৰতি আগ্ৰহ থাকে।

প্ৰেম জীৱন: এই মূলাংকৰ জাতকসকলে এইখিনি সময়ত নিজৰ জীৱনসঙ্গীৰ সৈতে অধিক উৎসাহ আৰু উদ্যমেৰে আচৰণ কৰিব। আপুনি সঙ্গীৰ সৈতে ৰোমাণ্টিক কথাও পাতিব পাৰে।

শিক্ষা: অধ্যয়নৰ ক্ষেত্ৰত দেখা যায় যে মাল্টীমিডিয়া, গ্ৰাফিক্স আৰু চফটৱেৰ টেষ্টিং আদিৰ দৰে বিষয় আপোনাৰ বাবে ভাল প্ৰমাণিত হ’ব।

বৃত্তিগত জীৱন: এই সপ্তাহত চাকৰিয়াল জাতকসকলে কৰ্মক্ষেত্ৰত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। যদিহে আপুনি ব্যৱসায় কৰে,তেনেহ’লে আপুনি লাভ আৰু লোকচান দুয়োটাৰে সম্মুখীন হ’ব।

স্বাস্থ্য: এই সময়খিনিত আপোনাৰ স্বাস্থ্য ভালে থাকিব। আপোনাক কোনো গুৰুতৰ সমস্যাই আমনি নিদিয়ে। অৱশ্যে, আপোনাৰ মূৰৰ বিষ আদিৰ দৰে সমস্যা হ’ব পাৰে।

উপায়: আপুনি দৈনিক 33 বাৰ 'ঔঁ শুক্ৰায় নমঃ' মন্ত্ৰ জপ কৰক।

মূলাংক 7

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 7, 16, 25 তাৰিখে হৈছে)

মূলাংক 7 ৰ জাতকসকলৰ ভিন ভিন দৃষ্টিকোণ থাকিব পাৰে আৰু তেওঁলোকে উচ্চ লক্ষ্য নিৰ্দ্ধাৰিত কৰিব পাৰে।

প্ৰেম জীৱন: আপোনাৰ আপোনাৰ জীৱনসঙ্গীৰ মাজৰ পাৰস্পৰিক বুজাবুজিৰ অভাৱৰ বাবে আপুনি তেওঁৰ সৈতে আগবাঢ়িব নোৱাৰিব।

শিক্ষা: আপুনি পঢ়া-শুনাৰ বিষয়ে সম্পূৰ্ণ তথ্য লাভ নকৰিব পাৰে। আপুনি শিক্ষাৰ ক্ষেত্ৰত উন্নতি লাভ কৰিবৰ বাবে সঠিক সিদ্ধান্ত গ্ৰহণ কৰাৰ স্থিতিত নাথাকিব পাৰে।

বৃত্তিগত জীৱন: এই সপ্তাহত চাকৰিয়াল জাতকসকলৰ ওপৰত কামৰ হেঁচা বৃদ্ধি পাব পাৰে আৰু এই কাৰণবশতঃ তেওঁলোকে সফলতা লাভ কৰিব নোৱাৰিব পাৰে। ভুল পদ্ধতিৰ বাবে ব্যৱসায়ীসকলৰ হাতৰপৰা অধিক লাভ হেৰাব পাৰে।

স্বাস্থ্য: ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱাৰ বাবে আপোনাৰ ছাল ৰ’দে পুৰিব পাৰে অথবা ছালৰ জ্বলা-পোৰা হ’ব পাৰে। ছালত গুটি গুটি হোৱাৰ বাবে আপুনি চিন্তিত হ’ব পাৰে।

উপায়: আপুনি দৈনিক 41 বাৰ 'ঔঁ কেতৱে নমঃ' মন্ত্ৰ জপ কৰক।

মূলাংক 8

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 8, 17, 26 তাৰিখে হৈছে)

এই মূলাংকৰ জাতকসকল এই সপ্তাহত অধিক অনুশাসনত থাকিব আৰু ইয়াৰ ওপৰতেই তেওঁলোকৰ মনোযোগ কেন্দ্ৰিত হৈ থাকিব। এই জাতকসকলে নিজৰ কেৰিয়াৰত কিবা এটা ডাঙৰ কাম কৰিবৰ বাবে নিজৰ লক্ষ্যৰ ওপৰত মনোযোগ কেন্দ্ৰিত কৰিব পাৰে।

প্ৰেম জীৱন: এই সময়খিনিত আপুনি নিজৰ জীৱনসঙ্গীৰ সৈতে খোলা চিন্তাধাৰা ৰাখিব নোৱাৰিব। এই কাৰণবশতঃ আপুনি আপোনাৰ সঙ্গীৰ কাষ চাপিব নোৱাৰিব পাৰে।

শিক্ষা: মেকানিকেল আৰু অটোম’বাইল ইঞ্জিনিয়াৰিং আদিৰ দৰে বিষয় অধ্যয়ন কৰা শিক্ষাৰ্থীসকলে এই সপ্তাহত সফলতা লাভ কৰাৰ সম্ভাৱনা কম।

বৃত্তিগত জীৱন: এই সপ্তাহত আপুনি নিজৰ সহকৰ্মী আৰু জেষ্ঠ্য বিষয়াসকলৰ সৈতে কিছুমান সমস্যাৰ সম্মুখীন হ’বলগীয়া হ’ব পাৰে। আপুনি নিজৰ চাকৰিতো অসন্তুষ্ট হ’ব পাৰে। वআনহাতে ব্যৱসায়ীসকলৰ বাবে প্ৰতিদ্বন্দীসকলে সমস্যাৰ সৃষ্টি কৰিব পাৰে।

স্বাস্থ্য: এই সপ্তাহত এই মূলাংকৰ জাতকসকলৰ ভৰি আৰু উৰুৰ বিষ হ’ব পাৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱাৰ বাবে এনে হ’ব পাৰে।।

উপায়: দৈনিক 11 বাৰ 'ঔঁ হনুমতে নমঃ' মন্ত্ৰ জপ কৰক।

পাওক আপোনাৰ কুণ্ডলী আধাৰিত শনি প্ৰতিৱেদন

মূলাংক 9

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 9, 18, 27 তাৰিখে হৈছে)

মূলাংক 9 ৰ জাতকসকল অধিক ভাগ্যশালী হ’ব পাৰে আৰু অধিক সম্পত্তি লাভ কৰিব পাৰে। এই জাতকসকল শৃংখলাৱদ্ধ হয় আৰু এই লোকসকলৰ অধিক মনোযোগ নিজৰ সম্পৰ্কৰ ওপৰত থাকে।

প্ৰেম জীৱন: আপোনাৰ আৰু আপোনাৰ সঙ্গীৰ মাজত অহংকাৰ সম্বন্ধীয় সমস্যা হ’ব পাৰে। ইয়াৰ ফলত আপোনালোকে আনন্দৰ সময় কটাব নোৱাৰিব পাৰে।

শিক্ষা: এই সপ্তহাত পঢ়া-শুনাত শিক্ষাৰ্থীসকলৰ প্ৰদৰ্শন বেয়া হ’ব পাৰে। কেতিয়াবা পঢ়াত আপোনাৰ মন নবহিব পাৰে আৰু ইয়াৰ বাবে আপুনি পিছ পৰি ৰ’ব পাৰে।

বৃত্তিগত জীৱন: আপুনি কৰ্মক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰিব নোৱাৰিব পাৰে আৰু এই কাৰণবশতঃ আপুনি পিছ পৰি থাকিব পাৰে। যদিহে আপুনি ব্যৱসায় কৰে তেনেহ’লে এই সপ্তাহত আপোনাৰ বাবে অধিক লাভ অৰ্জন কৰাটো জটিল হ’ব পাৰে।

স্বাস্থ্য: এই সপ্তাহত অধিক চাপ গ্ৰহণ কৰাৰ বাবে আপোনাৰ উৰু আৰু কান্ধৰ বিষ হ’ব পাৰে। আপুনি ধ্যান কৰাৰ প্ৰয়োজনীয়তা আছে।

উপায়: মঙ্গলবাৰে মঙ্গল গ্ৰহৰ বাবে পূজা কৰক।

সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক: অনলাইন শ্বপিং ষ্টোৰ

আমি আশা কৰিছোঁ যে আমাৰ এই প্ৰৱন্ধটো আপুনি নিশ্চয় ভাল পাইছে। এষ্ট্ৰোচেজৰ সৈতে সংযুক্ত হৈ থকাৰ বাবে আপোনাক অশেষ ধন্যবাদ!

সঘনাই সোধা প্ৰশ্ন

1. এই সপ্তাহত মূলাংক 8ৰ জাতকসকলৰ স্বাস্থ্য কেনে থাকিব?

তেওঁলোকৰ ভৰি আৰু উৰুৰ বিষ হ’ব পাৰে।

2. কোনটো সংখ্যা যথেষ্ট সৌভাগ্যশালী হয়?

7 সংখ্যাটোক সৌভাগ্যশালী হিচাপে গণ্য কৰা হয়।

3. মূলাংক 6 ৰ জাতকসকল কেনেকুৱা হয়?

তেওঁলোক মিলি-জুলি থকা বিধৰ হয়।

Call NowTalk to Astrologer Chat NowChat with Astrologer