অংক জ্যোতিষ সাপ্তাহিক ভৱিষ্যতফল জনাৰ ক্ষেত্ৰত অংক জ্যোতিষ মূলাংকৰ যথেষ্ট ভূমিকা আছে। মূলাংকক জাতকৰ জীৱনৰ গুৰুত্বপূৰ্ণ সংখ্য হিচাপে বিবেচনা কৰা হয়। আপোনাৰ জন্ম মাহৰ যি তাৰিখে হয়, তাক একক অংকলৈ ৰূপান্তৰ কৰাৰ পিছত যি সংখ্যা প্ৰাপ্ত হয় তাকেই আপোনাৰ মূলাংক বুলি কোৱা হয়। মূলাংক 1 ৰপৰা 9 অংকৰ ভিতৰত যিকোনো হ’ব পাৰে, উদাহৰণস্বৰূপে- আপোনাৰ জন্ম কোনো মাহৰ 10 তাৰিখে হ’লে আপোনাৰ মূলাংক হ’ব 1+0 অৰ্থাৎ1 ।
এনেদৰে যি কোনো মাহৰ 1 তাৰিখৰপৰা 31 তাৰিখ পৰ্য্যন্ত জন্ম হোৱা মানুহৰ বাবে 1 ৰপৰা 9 পৰ্য্যন্ত মূলাংকৰ গণনা কৰা হয়। এইদৰে সকলো জাতকৰনিজৰ ৰুট নম্বৰ জানি লৈ তাৰ আধাৰত সাপ্তাহিক ৰাশিফলো জানিব পৰা যায়।
এয়াও পঢ়ক: ৰাশিফল 2025
পৃথিৱীৰ বিদ্বান অংক জ্যোতিষীসকলৰ সৈতে ফোনত কথা পাতক আৰু জানক কেৰিয়াৰ সম্বন্ধীয় সকলোবোৰ তথ্য
আমাৰ জীৱনত অংকজ্যোতিষৰ পোণপটীয়া প্ৰভাৱ পৰে কাৰণ আমাৰ জন্ম তাৰিখেই সংখ্য়াৰদ্বাৰা প্ৰস্তুত হয়। তলত দিয়া লিখনীটোত অৱগত কৰা হৈছে যে সকলো ব্যক্তিৰ জন্ম তাৰিখিৰ হিচাপ মতে তেওঁৰ একমূলাংক নিৰ্দ্ধাৰিত কৰা হয় আৰু এই সকলোবোৰ অংক বেলেগ বেলেগ গ্ৰহৰদ্বাৰা শাসিত।
যেনেদৰে মূলাংক1 ত সূৰ্য্য দেৱৰ আধিপত্য থাকে। চন্দ্ৰমা হৈছে মূলাংক 2 ৰ স্বামী। অংক 3ত দেৱগুৰু বৃহস্পতিৰ স্বামীত্ব থাকে, ৰাহু হৈছে অংক 4 ৰ ৰজা। অংক 5 বুধ গ্ৰহৰ অধীন। 6 অংকৰ ৰজা হৈছে শুক্ৰ দেৱ আৰু 7 অংকৰ হৈছে কেতু গ্ৰহৰ। শনি দেৱতাক 8 ৰ স্বামী হিচাপে মনা হয়। অংক 9 হৈছে মঙ্গল দেৱৰ অংক আৰু এই গ্ৰহসমূহৰ পৰিৱহনৰ পৰিৱৰ্তনৰদ্বাৰা জাতকসকলৰ জীৱনলৈ বহুতো পৰিৱৰ্তন আহে।
বৃহৎ কুণ্ডলী ত নিহিত হৈ আছে, আপোনাৰ জীৱনৰ সকলো গোপন ৰহস্য, জানক গ্ৰহসমূহৰ গতি-বিধিৰ সম্পূৰ্ণ লেখ-জোখ
(যদিহে আপোনাৰ জন্ম কোনো এটা মাহৰ 1, 10, 19 বা 28 তাৰিখে হৈছিল)
এই সপ্তাহত মূলাংক 1 ৰ জাতকসকল যথেষ্ট সাহসী আৰু নিৰ্ভীক হৈ থাকিব। অৱশ্যে, আপুনি নিজৰ আচৰণত অহংকাৰ বা আক্ৰমণাত্মকতা প্ৰদৰ্শন কৰাটো উচিত নহ’ব। ইয়াৰ ফলত আপুনি নিজৰ আপোনজনৰ অপমান কৰিব পাৰে বা তেওঁলোকৰ মনত আঘাত দিব পাৰে।
প্ৰেম জীৱন: অংক জ্যোতিষ অনুসৰিএই সপ্তাহত আপুনি নিজৰ জীৱনসঙ্গীৰ সৈতে সম্পৰ্কত মনোযোগ দিব লাগিব। আপোনালোক দুয়োৱে যথেষ্ট অপমানজনকভাৱে পৰস্পৰৰ সৈতে কথা পাতিব পাৰে আৰু পৰস্পৰৰ মনত আঘাত দিবলৈ চেষ্টা কৰিব পাৰে। বিবাদ পৰিহাৰ কৰিবলৈ চেষ্টা কৰাটো আৰু শান্ত হৈ থাকিবৰ বাবে আপোনালোক দুয়োৱে ধ্যান কৰাটো আপোনালোকৰ বাবে ভাল হ’ব।
শিক্ষা: যদিহে আপুনি ইঞ্জিনিয়াৰিং পাঠ্যক্ৰমত নাভমভৰ্তি কৰিবৰ বাবে প্ৰস্তুতি কৰি আছএ বা ইঞ্জিনিয়াৰিঙৰ পাঠ্যক্ৰম পঢ়ি আছে তেনেহ’লে এই সপ্তাহটো আপোনাৰ বাবে ভাল হ’ব। এই সপ্তাহটো শিক্ষাৰ্থীসকলৰ বাবে লাভদায়ক সিদ্ধ হ’ব।
বৃত্তিগত জীৱন: এই সপ্তাহত আপুনি এগৰাকী লীডাৰৰ ৰূপত নিজৰ সহকৰ্মীসকলক নেতৃত্ব দিব পাৰিব আৰু নিযুক্তিকৰ্তাক পৰামৰ্শ দিবলৈ সক্ষম হ’ব। ইয়াৰ ফলস্বৰূপে আপুনি এগৰাকী ভাল লীডাৰ হ’ব পাৰিব আৰু আপুনি নিজৰ পৰিচয় লাভ কৰিব। ইয়াৰ লগতে আপোনাৰ মান-সন্মানো বৃদ্ধি হ’ব।
স্বাস্থ্য: এই সপ্তাহত আপুনি উৎসাহ আৰু উদ্যমেৰে পৰিপূৰ্ণ হৈ থাকিব কিন্তু শক্তিৰ স্তৰৰ কাৰণে আপুনি খৰখেদাকৈ কোনো সিদ্ধান্ত ল’ব পাৰে। আপুনি শক্তি আৰু উদ্যমৰ স্তৰক নিয়ন্ত্ৰণ কৰিলে অধিক সহজ অনুভৱ কৰিব।
উপায়: নিয়মিতভাৱে ৰাতিপুৱা সূৰ্য্যক অৰ্ঘ্য দিয়ক।
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 2, 11, 20, 29 তাৰিখে হৈছে)
এই সপ্তাহত মূলাংক2 ৰ জাতকসকলে আৱেগিকভাৱে উত্থান-পতনৰ সম্মুখীন হ’ব পাৰে। কনিউজন আৰু মানসিক স্পষ্টতাৰ অভাৱৰ বাবে আপুনি নিজৰ ভাৱনাসমূহ ব্যক্তি কৰিবলৈ অসুবিধাৰ সম্মুখীন হ’ব পাৰে। সেয়েহে আপোনাক নিজৰ মানসিক স্পষ্টতা ভাল কৰিবৰ বাবে ধ্যান কৰাৰ আৰু আধ্যাত্মিক মাৰ্গদৰ্শন লোৱাৰ পৰামৰ্শ দিয়া হৈছে।
প্ৰেম জীৱন: এই সপ্তাহত আপুনি নিজৰ সম্পৰ্ক শক্তিশালী কৰিবৰ বাবে আৰু ভুল বুজাবুজি দূৰ কৰিবৰ বাবে আপোনাৰ সঙ্গীৰপৰা আৱেগিক সহয়োগ বিচৰা উচিত।
শিক্ষা: এই সময়খিনিত আৱেগিক সমস্যাৰ বাবে শিক্ষাৰ্থীসকলৰ মনোযোগ ভংগ হ’ব পাৰে আৰু তেওঁলোকে নিজৰ উদ্দেশ্য পাহৰি যাব পাৰে। এই সময়খিনিত নিজৰ মনোযোগ কেন্দ্ৰিত কৰি ৰাখিবৰ বাবে অধিক প্ৰয়াস কৰাৰ প্ৰয়োজন হ’ব।
বৃত্তিগত জীৱন: আপুনি নিজৰ কৰ্মক্ষেত্ৰত কিছুমান প্ৰত্যাহ্বানৰ সম্মুখীন হ’ব পাৰে। আপুনি জেষ্ঠ্য বিষয়া আৰু সহকৰ্মীসকলৰপৰা সহযোগিতা লাভ নকৰাৰ সম্ভাৱনা আছে। সেয়েহে এই সপ্তাহত আপোনাক মতভেদৰপৰা আতৰি থকাৰ আৰু ধৈৰ্য্য ধৰাৰ পৰামৰ্শ দিয়া হৈছে।
স্বাস্থ্য: স্বাস্থ্যৰ ক্ষেত্ৰত এই সপ্তাহটো এই মূলাংকৰ জাতকসকলৰ বাবে বিশেষ ভাল বুলি ক’ব পৰা নাযায়। অধিক চিন্তা-চৰ্চা নকৰিব আৰু নিজৰ শৰীৰৰ ওপৰত অধিক চাপ প্ৰয়োগ নকৰিব কাৰণ মানসিক চাপ আৰু চিন্তাৰ বাবে স্বাস্থ্যজনিত সমস্যা হ’ব পাৰে।
উপায়: নিজৰ আৱেগৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিবলৈ চেষ্টা কৰক আৰু ইয়াৰ বাবে আপুনি ধ্যানো কৰিব পাৰে।
কেৰিয়াৰক লৈ হৈ আছে টেনশ্যন! এতিয়াই অৰ্ডাৰ কৰক কগ্নিএষ্ট্ৰো প্ৰতিৱেদন ।
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 3, 12, 21, 30 তাৰিখে হৈছে)
যদিহে আপুনি এগৰাকী আধ্যাত্মিক সাধক তেনেহ’লে এই সপ্তাহটো আপোনাৰ বাবে যথেষ্ট লাভদায়ক হ’ব। আপুনি নিজৰ আধ্যাত্মিকতা আৰু ধ্যান কাৰ্য্য আগবঢ়াই নিবলৈ সক্ষম হ’ব আৰু দীৰ্ঘ দিন ধৰি আপোনাৰ যি আধ্যাত্মিক ইচ্ছা আছিল সেয়া পূৰণ কৰিব পাৰিব।
প্ৰেম জীৱন: যদিহে আপুনি বিবাহিত ব্যক্তি তেনেহ’লে এই সপ্তাহত আপুনি জীৱনসঙ্গীক তীৰ্থযাত্ৰালৈ লৈ যাব পাৰে। আপুনি নিজৰ ঘৰতো কোনো আধ্যাত্মিক কাৰ্য্য যে হোৰা বা সত্যনাৰায়ণ কথা সম্পন্ন কৰোৱাব পাৰে।
শিক্ষা: অংক জ্যোতিষ অনুসৰিপ্ৰাচীন সাহিত্য আৰু ইতিহাসৰ গৱেষণা বা পিএইচডি কৰি থকা শিক্ষাৰ্থীসকলৰ বাবে এই সপ্তাহটো যথেষ্ট ভাল হ’ব। আপোনাৰ পৌৰাণিক কথা, গুঢ় বিজ্ঞান বা জ্যোতিষৰ প্ৰতি আগ্ৰহ জন্মিব পাৰে।
বৃত্তিগত জীৱন: মূলাংক 3ৰ যিসকল জাতক শিক্ষক, গুৰু, ধৰ্ম গুৰু বা মোটিভেশ্যনেল স্পীকাৰ তেওঁলোকৰ বাবে এই সপ্তাহটো যথেষ্ট ভাল হ’ব।আপুনি আনৰ সহায় কৰিবলৈ সক্ষম হ’ব।
স্বাস্থ্য: স্বাস্থ্যৰ দিশৰপৰা এই সপ্তাহটো আপোনাৰ বাবে উৎকৃষ্ট প্ৰমাণিত হ’ব। আপুনি স্বাত্বিক ভোজন কৰক আৰু যোগ তথা ধ্যানৰ দৰে আধ্যাত্মিক আৰু শাৰীৰিক ক্ৰিয়াৰ অভ্যাস কৰক কাৰণ এইবোৰে আপোনাক শাৰীৰিক শক্তি প্ৰদান কৰিব।
উপায়: হমুমান জীৰ পূজা কৰক।
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 4, 13, 22, 31 তাৰিখে হৈছে)
যিসকল জাতকৰ জন্ম মূলাংক 4 ৰ অধীনত হৈছে তেওঁলোকে এই সপ্তাহত যথেষ্ট বিচলিত অনুভৱ কৰিব পাৰে আৰু তেওঁলোকৰ কথা-বতৰা কমি যাব পাৰে। তেওঁলোক সৰু সৰু কথাক লৈ ভীতিগ্ৰস্থ হৈ পৰিব পাৰে। আপুনি নিজৰ জীৱনৰ সমস্যাসমূহ চিনাক্ত কৰিব পাৰিব আৰু ইয়াৰ ফলস্বৰূপে আপোনাৰ ডিপ্ৰেশন হোৱাৰ আশংকা কৰা হৈছে।
প্ৰেম জীৱন: আপুনি নিজৰ সমস্যা আৰু ভাৱনাৰ বাবে নিজৰ সঙ্গীক অপমানিত কৰিব পাৰে আৰু নীচ দেখুৱাব পাৰে। ইয়াৰ কাৰণে আপোনাৰ আৰু জীৱনসঙ্গীৰ মাজত যুক্তি-তৰ্ক হোৱাৰ আশংকা কৰা হৈছে। সেয়েহে আপোনাক এই সপ্তাহত নিজৰ সম্পৰ্কক সঠিক অগ্ৰাধিকাৰ দিবলৈ পৰামৰ্শ প্ৰদান কৰা হৈছে।
শিক্ষা: মূলাংক 4 ৰ শিক্ষাৰ্থীসকলৰ বাবে এই সপ্তাহটো কিছু প্ৰত্যাহ্বানজনক হ’ব পাৰে। আপুনি নিজৰ অধ্যয়নৰ নতুন পদ্ধতি আৰু ব্যৱহাৰিক শিক্ষণ শৈলী আনক বুজোৱাত অসুবিধাৰ সম্মুখীন হ’ব পাৰে। সেয়েহে আপুনি আন মানুহক গুৰুত্ব প্ৰদান নকৰি নিজৰ পঢ়া-শুনাত মনোযোগ দিয়াৰ আৱশ্যকতা আছে।
বৃত্তিগত জীৱন: যিসকল জাতক বহুজাতিক কোম্পানী বা আমদানী-ৰপ্তানীৰ উদ্যোগত কৰ্মৰত তেওঁলোকৰ বাবে এই সপ্তাহটো যথেষ্ট ভাল হ’ব।
স্বাস্থ্য: মূালংক 4 ৰ জাতকসকলক এই সপ্তাহত কোনো স্বাস্থ্যজনিত সমস্যাই অসুবিধাত পেলাব নালাগে। অধিক চিন্তা নকৰিব আৰু উদাস হৈ নাথাকিব কাৰণ আপোনাৰ মানসিক স্বাস্থ্যৰ ওপৰত নেতিভাচক প্ৰভাৱ পৰিব পাৰে।
উপায়: নিয়মিতভাৱে মা দুৰ্গাৰ পূজা কৰক।
এতিয়া ঘৰত বহিয়েই বিশেষজ্ঞ পুৰোহিতৰদ্বাৰা কৰাওক ইচ্ছানুসৰি অনলাইন পূজা আৰু লাভ কৰক উত্তম পৰিণাম!
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 5, 14, 23 তাৰিখে হৈছে)
মূলাংক 5 ৰ জাতকসকলৰ এই সপ্তাহত কথা-বতৰা পতাত অসুবিধা হ’ব পাৰে। আপুনি এই সপ্তাহত বিশ্বাসী হৈ আৰু পোণপটীয়াকৈ কথা পাতিবলৈ পছন্দ কৰিব। আপুনি জুখি-মাখি আৰু ভাবি-চিন্তি কথা ক’ব।
প্ৰেম জীৱন: মূলাংক 5 ৰ যিসকল যুৱক-যুৱতীৰ অলপতে প্ৰেমৰ সম্পৰ্কৰ আৰম্ভণি হৈছে তেওঁলোকৰ বাবে এই সপ্তাহটোৱে পৰীক্ষা ল’ব পাৰে। সেয়েহে যদিহে আপোনালোকে সঁচাকৈয়ে ইজনে সিজনৰ কথা ভাবে তেনেহ’লে আপোনালোকৰ সম্পৰ্ক অটুত থাকিব। আনহাতে যদিহে ইজনে সিজনৰ প্ৰতি গুৰুত্ব নিদিয়ে তেনেহ’লে আপোনালোকে সম্পৰ্কটো ভংগ কৰাৰ কথা চিন্তা কৰিব পাৰে।
শিক্ষা: যদি আপুনি ফাইনেন্স আৰু ষ্টেটিচটিক্সৰ অধ্যয়ন কৰি আছে তেনেহ’লেএই সপ্তাহটো আপোনাৰ বাবে ভাল হ’ব কিন্তু যদিহে আপুনি সৃষ্টিশীল ক্ষেত্ৰ যএনে মাচ কমিউনিকেশ্যনৰ অধ্যয়ন কৰি আছে তেনেহ’লে আপুনি নিজৰ চিন্তাধাৰা অৱগত কৰাত অসুবিধাৰ সম্মুখীন হ’ব পাৰে।
বৃত্তিগত জীৱন: এই মূলাংকৰ জাতকসকলৰ বাবে এইখিনি সময় কামৰ ক্ষেত্ৰত মন্থৰ হ’ব পাৰে কিন্তু যদিহে আপুনি চাকৰি সলনি কৰাৰ কথা ভাবি আছে তেনেহ’লে আপুনি এই সপ্তাহটোৰ বাবে নিজৰ পৰিকল্পনা পিছুৱাই দিয়া উচিত হ’ব।
স্বাস্থ্য: এই সময়খিনিত আপুনি ছাল আৰু এলাৰ্জীৰ সৈতে জড়িত সমস্যাত ভূগিব পাৰে। মাহিলাসকলক ৰজোনিবৃত্তি আৰু হৰ্মনৰ সৈতে জড়িত সমস্যাই আমনি দিব পাৰে।
উপায়: দৈনিক গাই গৰুক সেউজীয়া পাচলি খুৱাওক।
আপোনাৰ কুণ্ডলীত আছে নেকি ৰাজযোগ? জানক আপোনাৰ ৰাজযোগ প্ৰতিৱেদন
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 6, 15, 24 তাৰিখে হৈছে)
এই সপ্তাহত মূলাংক 6ৰ জাতকসকলৰ আনৰ সেৱা আৰু সহায় কৰাৰ ইচ্ছা বৃদ্ধি পাব পাৰে। যদিহে আপুনি এনজিঅ’ বা ৱেলফেয়াৰ গোটৰ সৈতে কাম কৰে তেনেহ’লে আপুনি পৃথিৱীলৈ শুধৰণি আনিবৰ বাবে যথেষ্ট কষ্ট কৰিব লাগিব।
প্ৰেম জীৱন: মূলাংক 6 ৰ জাতকসকলে পূৰ্বৰ সপ্তাহৰ দৰে এই সপ্তাহতো সঙ্গীৰ আৱেগিক আৰু শাৰীৰিক প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিবৰ বাবে মনোযোগ দিব লাগিব কাৰণ সেইবোৰ উপেক্ষা কৰিলে আপুনি আপোনাৰ সম্পৰ্ক আৰু তেওঁৰ স্বাস্থ্য দুয়োটাৰে হানি কৰিব পাৰে।
শিক্ষা: সৃষ্টিশীল লিখা-মেলা আৰু কবিতা শিকি থকা জাতকসকলে এই সপ্তাহত নিজৰ চিন্তাধাৰা ব্যক্তি কৰাত আৰু মনোযোগ কেন্দ্ৰিত কৰি ৰখাত অসুবিধাৰ সম্মুখীন হ’ব পাৰে। গুঢ় বিজ্ঞান যেনে টেৰ’ ৰীডিং বা বৈদিক জ্যোতিষ শিকিবৰ বাবে এই সময়খিনি ভাল হ’ব।
বৃত্তিগত জীৱন: আপুনি যথেষ্ট কষ্ট কৰি এই সপ্তাহটোৰ যথাসাধ্য লাভ আদায় কৰিবলৈ চেষ্টা কৰা উচিত আৰু নিজৰ কেৰিয়াৰৰ বিকাশক লৈ মনোযোগ দিয়া উচিত। আপোনাৰ ওচৰত উন্নতিৰ নতুন চিন্তা আৰু ৰণনীতি থাকিব পাৰে কিন্তু এইবোৰৰ ওপৰত কাম কৰিবলৈ আপুনি অসুবিধাৰ সম্মুখীন হ’ব পাৰে।
স্বাস্থ্য: চাফ-চিকুণতাৰ প্ৰতি মনোযোগ দিয়ক আৰু নিজৰ স্বাস্থ্যক লৈ সজাগ হৈ থাকক। মিঠা আৰু তেলযুক্ত বস্তু বেছিকৈ না
উপায়: আপুনি নিজৰ ভাগ্য উন্নত কৰিবৰ বাবে দৈনিক বিশেষ দিনত চন্দনৰ সুগন্ধ থকা পাৰফিউম লগাওক।
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 7, 16, 25 তাৰিখে হৈছে)
মূলাংক 7 ৰ জাতকসকল এই সপ্তাহত উৎসাহ আৰু উদ্যমেৰে পৰিপূৰ্ণ হৈ থাকিব। আপুনি এতিয়ালৈকে যি কঠোৰ পৰিশ্ৰম কৰিছে তাৰ ফল এতিয়া লাভ কৰিব। ইয়াৰ বাহিৰেও আপোনাৰ আধ্যাত্মিকতাৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব পাৰে আৰু আপুনি দৰিদ্ৰ আৰু অভাৱী লোকৰ বাবে দান-পুণ্য কাৰৰ কথা ভাবিব পাৰে।
প্ৰেম জীৱন: অংক জ্যোতিষ অনুসৰি এই সপ্তাহত আপোনাৰ নিজৰ চিন্তাধাৰা ব্যক্ত কৰাৰ ক্ষেত্ৰত অসুবিধা হ’ব পাৰে আৰু আৱেগৰ অভাৱৰ বাবে আপুনি নিজৰ সঙ্গীৰ সৈতে আলোচনাৰ সম্মুখীন হ’বলগীয়া হ’ব পাৰে। আপুনি নিজৰ জীৱনসঙ্গীৰ আৱেগিক প্ৰয়োজনীয়তাৰ প্ৰতি মনোযোগ দিয়া উচিত আৰু তেওঁৰ বাবে কোনো চাৰপ্ৰাইজ প্লেন কৰিব পাৰে।
শিক্ষা: সেনা বা পুলিচত ভৰ্তিৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা জাতকসকলে সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। তেওঁলোকে সফলতাৰে পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ যোগ আছে।
বৃত্তিগত জীৱন: এই সপ্তাহত মূলাংক 7 ৰ জাতকসকলৰ বেতন বৃদ্ধি বা প্ৰমোশ্যন হোৱাৰ যোগ আছে। আপোনাৰ কৰ্মক্ষেত্ৰত বিভিন্ন পৰিৱৰ্তন হ’ব পাৰে। আপুনি নিজৰ কৰ্মক্ষেত্ৰত উদ্যমেৰে পৰিপূৰ্ণ হৈ থাকিব আৰু আপোনাৰ নেতৃত্ব গুণৰ শলাগ লোৱা হ’ব।
স্বাস্থ্য: স্বাস্থ্যৰ দৃষ্টিকোণৰপৰা এই সপ্তাহটো আপোনাৰ বাবে যথেষ্ট ভাল হ’ব। আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু স্বাস্থ্য শক্তিশালী কৰি ৰাখিবৰ বাবে আপুনি সন্তুলিত আহাৰ গ্ৰহণ কৰক আৰু লগতে ধ্যান আৰু যোগাভ্যাস কৰক।
উপায়: দেওবাৰে কাল ভৈৰৱৰ পূজা কৰক।
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 8, 17, 26 তাৰিখে হৈছে)
মূলাংক 8 ৰ জাতকসকলে নিজৰ কৰ্মলৈ অহা বিলম্বৰ বাবে আৱেগিক বা খিংখিঙীয়া হৈ পৰিব পাৰে। আপুনি আত্ম-নিয়ন্ত্ৰণৰ বাবে ধ্যান আৰু আধ্যাত্মিক মাৰ্গদৰ্শনৰ সহায় ল’ব পাৰে।
প্ৰেম জীৱন: যিসকল জাতকৰ প্ৰেমৰ সম্পৰ্ক আছে তেওঁলোকৰ বাবে এই সপ্তাহটো নিৰস হ’ব পাৰে। এই সপ্তাহত আপোনাৰ উদাসীন আচৰণ আৰু সঙ্গীৰ ৰোমাণ্টিক আচৰণৰ প্ৰতি কোনো প্ৰতিক্ৰিয়া নেদেখুওৱা ব্যৱহাৰে তেওঁক দুখী কৰি তুলিব পাৰে। এনে ব্যৱহাৰৰ বাবে বিবাহিত জাতকসকলৰ মাজত চাপ উৎপন্ন হ’ব পাৰে।
শিক্ষা: প্ৰাচীন সাহিত্য আৰু ইতিহাসৰ গৱেষণা বা পিএইচডি কৰি থকা শিক্ষাৰ্থীসকলৰ বাবে এই সপ্তাহটো যথেষ্ট ভাল হ’ব। আপোনাৰ পৌৰাণিক কথা, গুঢ় বিজ্ঞান বা জ্যোতিষৰ প্ৰতি আগ্ৰহ জন্মিব পাৰে।
বৃত্তিগত জীৱন: এই সপ্তাহত মূলাংক 8 ৰ জাতকসকলে নিজৰ কামক লৈ যথেষ্ট অসন্তুষ্ট অনুভৱ কৰিব পাৰে। আপুনি এনে কোনো কাম কৰিব বিচাৰিব যাৰ দ্বাৰা আপুনি সন্তুষ্টি লাভ কৰে, উন্নতি লাভ কৰে আৰু যি আপোনাৰ জীৱনক এক নতুন গতি দিব পাৰিব।
স্বাস্থ্য: এই সপ্তাহত মূলাংক 8 ৰ জাতকসকলৰ মাজত উদ্যমৰ স্তৰ যথেষ্ট বেছি দেখা যাব। কিন্তু সেয়া তেওঁলোকৰ ব্যক্তিত্বৰ সম্পূৰ্ণ বিপৰীত হ’ব আৰু সেইকাৰণে তেওঁলোকৰ বাবে এই উদ্যমৰ সৈতে তাল মিলোৱাটো যথেষ্ট কঠিন হ’ব। আপুনি এই সপ্তাহত কিছু ক্লান্তি অনুভৱ কৰিব পাৰে।
উপায়: মঙ্গলবাৰে বা শনিবাৰে হনুমান জীক চ’লা আগবঢ়াওক।
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 9, 18, 27 তাৰিখে হৈছে)
এই সপ্তাহত মূালংক 9 ৰ জাতকসকল নিজৰ জীৱনৰ লক্ষ্যত উপনীত হ’বৰ বাবে যথেষ্ট প্ৰতিজ্ঞাৱদ্ধ হৈ থাকিব। এই সময়খিনিত আপুনি নিজৰ কাৰ্য্যত অধিক সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজনীয়তা আছে কাৰণ আপোনাক এই সপ্তাহত অধিক অহংকাৰী আৰু স্বাৰ্থপৰ যেন লাগিব পাৰে। ইয়াৰ বাবে আপোনাৰ আপোনজন আগাতপ্ৰাপ্ত হ’ব পাৰে।
প্ৰেম জীৱন: আপুনি নিজৰ অহংকাৰ আৰু ক্ৰোধক লৈ কিছু সাৱধান হোৱাৰ প্ৰয়োজন হ’ব। ইয়াৰ প্ৰভাৱ আপোনাৰ বিবাহিত জীৱনৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। আপুনি এই সময়খিনিত নিজৰ খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰখা উচিত।
শিক্ষা: যদিহে আপুনি কোনোধৰণৰ ফলাফল বা ৰিজাল্টৰ বাবে অপেক্ষা কৰি আছে তেনেহ’লে আপুনি তাত সফলতা লাভ কৰাৰ প্ৰৱল সম্ভাৱনা আছে। আপোনাৰ পৰীক্ষাত সফল হোৱাৰ প্ৰৱল যোগ গঠন হৈছে। যিসকল শিক্ষাৰ্থীয়ে পুলিচ বা সেনাবাহিনীৰ চাকৰিৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি কৰি আছে তেওঁলোকৰ বাবে এই সপ্তাহটো যথেষ্ট ভাল হ’ব।
বৃত্তিগত জীৱন: আইন, সেনাবাহিনী বা ক্ৰীড়াৰ ক্ষেত্ৰত কাম কৰি থকা জাতকসকলৰ বাবে এই সপ্তাহটো অত্যন্ত ভাল হ’ব। কৰ্মক্ষেত্ৰত আপুনি উদ্যমেৰে পৰিপূৰ্ণ হৈ থাকিব আৰু আপোনাৰ নেতৃত্ব দিয়াৰ ক্ষমতা প্ৰশংসিত হ’ব।
স্বাস্থ্য: स्স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি ফিট আৰু স্বাস্থ্যৱান অনুভৱ কৰিব। আপুনি বাহন চলোৱাৰ সময়ত সাৱধানতা অৱলম্বন কৰা উচিত আৰু যাত্ৰা কৰাৰ সময়ত সতৰ্ক হৈ থকাৰ আৱশ্যকতা আছে।
উপায়: মঙ্গলবাৰে হনুমান জীক পাঁচপাহ ৰঙা গোলাপ অৰ্পণ কৰক।
সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক: অনলাইন শ্বপিং ষ্টোৰ
আমি আশা কৰিছোঁ যে আমাৰ এই প্ৰৱন্ধটো আপুনি নিশ্চয় ভাল পাইছে। যদিহে ভাল পাইছে তেনেহ’লে আপুনি ইয়াক নিজৰ শুভাকাংক্ষীসকলৰ সৈতে শ্যেয়াৰ কৰিব। ধন্যবাদ!
1. মূলাংক 5ৰ ওপৰত কোন গ্ৰহৰ আধিপত্য আছে?
মূলাংক 5 ৰ স্বামী হৈছে বুধ গ্ৰহ।
2. মূলাংক 7 ৰ স্বামী গ্ৰহ কি?
7 মূালংকৰ স্বামী হৈছে কেতু গ্ৰহ।
3. মূলাংক 6 ৰ জাতকসকল কেনে হয়?
এই লোকসকল বিলাসিত আৰু পাৰ্থিৱ বস্তুৰ প্ৰতি অধিক আকৰ্ষিত হয়।