অতিচাৰী বৃহস্পতি 2025

Author: Lobitha Dutta | Updated Thu, 10 Apr 2025 10:16 AM IST

বৃহস্পতিৰ 'অতিচাৰী' পৰিবহন 2032 পৰ্য্যন্ত থাকিব। গতিকে বৃহস্পতিৰ এই গতিৰ বাবে আমাৰ বাবে কোনো সংকট আহিব পাৰে নেকি? এষ্ট্ৰোচেজ এ’আই-ৰ এইঅতিচাৰী বৃহস্পতি 2025প্ৰৱন্ধটোত আমি আপোনাক অতিচাৰী বৃহস্পতি সম্পৰ্কে অৱগত কৰিম যাৰ বিষয়ে বৰ কমকৈহে আলোচনা কৰা হয়। ইয়াক লৈ আপোনাৰ মনলৈ বহুতো প্ৰশ্ন আহিব পাৰে কি ন্তু সকলোতকৈ প্ৰথম আৰু গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ’ব যে দৰাচলতে এই অতিচাৰী বৃহস্পতি মানে নো কি বা ইয়াৰ অৰ্থ কি?


কোনো গ্ৰহ নিজৰ সচৰাচৰ গতিতকৈ কিছু বেগেৰে গতি কৰাতনো সমস্যা কি? ইয়াক লৈ ইমান হৈ চৈ কিয়? আপোনাক জনাওঁ যে যেতিয়া কোনো গ্ৰহে নিজৰ সৰাচৰ দতিতকৈ বেগেৰে গতি কৰে, তেতিয়া ইয়াক শুভ হিচাপে গণ্য কৰা নহয় কিন্তু ই সহায় বেয়াও নহয়। সাধাৰণতে এই স্থিতিত যিকোনো গ্ৰহেই আকস্মিক, অস্থিৰ, অসাধাৰণ বা অপ্ৰত্যাশিত পৰিণাম প্ৰদান কৰিব পাৰে।

Read Here In English: Atichari Jupiter Till 2032

ভৱিষ্যতৰ সৈতে জড়িত যিকোনো সমস্যাৰ সমাধান লাভ কৰিব विবিদ্বান জ্যোতিষীসকলৰ সৈতে কথা পাতি

বৃহস্পতি অতিচাৰী 2032 পৰ্য্যন্ত: কি ইয়াৰ অৰ্থ

বৈদিক জ্যোতিষত অতিচাৰী বৃহস্পতিৰ অৰ্থ হৈছে যেতিয়া বৃহস্পতি গ্ৰহে কোনো ৰাশিত নিজৰ সাধাৰণ গতিতকৈ অধিক বেগেৰে পৰিবহন কৰে। সাধাৰণতে বৃহস্পতিৰ এটা ৰাশিৰপৰা আন এটা ৰাশিত পৰিবহন কৰিবলৈ 12ৰপৰা 13 মাহ সময় লাগে। অৱশ্যে, যেতিয়া বৃহস্পতিৰ গতি দ্ৰুত হয়, তেতিয়া ই জীৱনৰ বিভিন্ন ক্ষেত্ৰ যেনে কেৰিয়াৰ, প্ৰেম জীৱন আৰু উন্নতি আদিৰ ওপৰত গভীৰ তথা গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰে। অতিচাৰীৰ অৰ্থ হৈছে ‘অতি বেগী’ বা ‘ত্বৰিৎ’। বৃহস্পতি হৈছে বুদ্ধি, বোধ আৰু সৌভাগ্যৰ প্ৰতীক সেয়েহে ই যেতিয়া দ্ৰুত বেগেৰে গতি কৰে, তেতিয়া ইয়াৰ ত্বৰিৎ আৰু গম্ভীৰ পৰিণাম দেখিবলৈ পোৱা যায়। এই সময়খিনিত বৃহস্পতিয়ে অধিক দ্ৰুত বেগেৰে গতি কৰি আছে যাৰ ফলস্বৰূপে বৃহস্পতিয়ে নিজৰ প্ৰাকৃতিক কাৰকত্ব হ্ৰাস কৰিব। অৱশ্যে, এই দ্ৰুত বেগৰ ফলত ই আপোনাক ভুল তথ্য প্ৰদান কৰিব পাৰে যাৰ বাবে আপুনি ভুল তথ্যৰ ওপৰত ভৰসা কৰি সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। এইঅতিচাৰী বৃহস্পতি 2025 পৰিবহনে উন্নতি, সুখ-সুবিধা আৰু সম্পন্নতা প্ৰদান কৰাৰ সম্ভাৱনা আছে।

তেনেহ’লে আহক আগবাঢ়ি যাওঁ আৰু অতিচাৰী বৃহস্পতি নো কি সেই সম্পৰ্কে অৱগত হওঁ। এতিয়া আপোনাৰ মনলৈ নিশ্চয় প্ৰশ্ন আহিছে যে এয়া প্ৰথমবাৰ হৈছে নে আগতেও হৈছে? আপুনি জানি আচৰিত হ’ব যে যেতিয়াই এনে ঘটনা হয়, তেতিয়াই পৃথিৱী এনে কোনো বিপদৰ সম্মুখীন হয় বা সেই বিপদ অতিক্ৰম কৰে যাৰ প্ৰভাৱ পৃথিৱীত বাস কৰা সকলো জীৱন-জন্তুৰ ওপৰত পৰে।

বৃহৎ কুণ্ডলী ত নিহিত হৈ আছে, আপোনাৰ জীৱনৰ সকলো গোপন ৰহস্য, জানক গ্ৰহসমূহৰ গতি-বিধিৰ সম্পূৰ্ণ লেখ-জোখ

বৃহস্পতি অতিচাৰী 2032 পৰ্য্যন্ত: অতীতত ইয়াৰ প্ৰভাৱ

যোৱাটো শতিকাত এনে বহুতো ঘটনা সম্মুখলৈ আহিছে যেতিয়া বৃহস্পতিয়ে অতিচাৰী গতিত পৰিবহন কৰিছিল আৰু এই সময়খিনিত ভাৰত তথা পৃথিৱীৰ ইতিহাসত বহুতো ঘটনা সংঘটিত হৈছিল। যেতিয়া বৃহস্পতি যিকোনো ৰাশিত অতিচাৰী হয় তেতিয়া ই অশান্তি কঢ়িয়াই আনে আৰু এনে সিদ্ধান্ত প্ৰদান কৰে যিয়ে কোনো ব্যক্তিক সুখী কৰিব নোৱাৰে। বৃহস্পতি এক শুভ গ্ৰহ আৰু ইয়াৰ দ্ৰুত গতিৰ ফলত বহুবাৰ উত্থান-পতন আৰু অস্থিৰতা আহে। বৰ্তমান সময়ত পূৰ্বী আৰু পশ্চিমী দেশসমূহৰ মাজত সংঘৰ্ষ চলি আছে আৰু ই বৈশ্বিক স্তৰত এক ডাঙৰ অসন্তুলন অহাৰ সংকেত দিয়ে।

আপুনি জানি আচৰিত হ’ব যে যেতিয়া কুৰুক্ষেত্ৰত ঐতিহাসিক মহাভাৰত যুদ্ধ হৈছিল তেতিয়া বৃহস্পতি অতিচাৰী অৱস্থাত আছিল। সেই সময়ক কৌৰৱ আৰু পাণ্ডৱৰ মাজত ভয়ানক ৰক্তপাত হোৱাৰ পিছত পাণ্ডৱে জ লাভ কৰি ডাঙৰ পৰিৱৰ্তন আনিছিল।

আনহাতে দ্বিতীয় বিশ্ব যুদ্ধৰ সময়তো বহুকেইগৰাকী মহান জ্যোতিষীয়ে বৃহস্পতিক অতিচাৰী হিচাপে দেখা পাইছিল আৰু পৃথিৱীলৈ আহিবলগীয়া ডাঙৰ সংকটৰ বিষয়ে আগজাননী দিছিল। সেই সময়ত সেনা আৰু সাধাৰণ নাগৰিক মিলাই সৰ্বমুঠ 75 মিলিয়ন মানুহ মৰিছিল।

15 আগষ্ট, 1947 ৰ ভাৰতৰ স্বাধীনতাৰ আৰু এটা ডাঙৰ ঘটনা আছিল। ইও শাসনলৈ ডাঙৰ পৰিৱৰ্তন কঢ়িয়াই আনিছিল আৰু এইবাৰো যথেষ্ট ৰক্তপাত হৈছিল।

কৰ’ণা ভাইৰাচ : এক বৈশ্বিক মহামাৰী আৰু আৰ্থিক মন্দাৱস্থা

বৰ্ষ 2020 ত বৃহস্পতি পুণৰ দ্ৰুত বেগত গতি কৰাৰ কাৰণে পৃথিৱী কৰ’ণা ভাইৰাচৰ দৰে মহামাৰীৰ প্ৰকোপত পৰে। এই মহামাৰীয়ে সকলো ফালৰপৰা মানুহৰ বিপদত পেলাইছিল, বহু মানুহে অকালতে প্ৰাণ হেৰুৱালে, ঘৰ-দুৱাৰ হেৰুৱালে, চাকৰি গ’ল আৰু বৈশ্বিক আৰ্থিক ব্যৱস্থাৰ অৱনতি দেখা গ’ল।

অৱশ্যে, ক’ভিদ-19 ক ৰাহু-কেতুৰ গতি আৰু প্ৰভাৱৰ সৈতেও জড়িত কৰা দেখা যায় কিন্তু বহু কম সংখ্যক মানুহেহে জানে যে কৰ’ণা ভাইৰাচ যথেষ্ট বেগেৰে সকলো ফালে বিয়পি পৰাত বৃহস্পতিৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। বৃহস্পতি স্বভাৱেই হৈছে সম্প্ৰসাৰণ কৰাটো আৰু ই অত্যন্ত শীঘ্ৰে বিস্তাৰ কৰে। এইবাৰে বৃহস্পতি দ্ৰুত বেগে এই শক্তিক নেতিবাচক ৰূপত প্ৰভাৱিত কৰিছিল।

বৰ্তমানৰ স্থিতি আৰু এনে ক্ষেত্ৰ য’ত মনোযোগ দিয়া উচিত

বৃহস্পতিৰ অতিচাৰী অৱধিয়ে বিশেষকৈ 2025 ৰপৰা 2032 পৰ্য্যন্ত ব্যক্তিগত জীৱন, কেৰিয়াৰ আৰু পৃথিৱীলৈ ডাঙৰ পৰিৱৰ্তন লৈ আহিব। বৰ্তমান চলি থকা যুদ্ধ, সংঘৰ্ষ আৰু সংকটসমূহে এয়া দৰ্শায় যে এই বছৰকেইটাত বৈশ্বিক স্থিতিত কিমান দ্ৰুততাৰে পৰিৱৰ্তন আহিছে আৰু পৰিৱৰ্তনবোৰৰ প্ৰভাৱ এতিয়া আৰু অধিক স্পষ্ট ৰূপত দেখা যায়। যদিহে বৈশ্বিক আৰু ৰাষ্ট্ৰীয় দৃষ্টিকোণৰপৰা দেখা যায়, তেনেহ’লে তিনিটা মুখ্য ক্ষেত্ৰত বিশেষবাৱে মনোযোগ দিব লাগিব:

  1. চৰকাৰ
  2. অৰ্থব্যৱস্থা
  3. ধৰ্ম

এই ঘটনা আৰু বৃহস্পতিৰ দ্ৰুত গতিয়ে পৃথিৱীলৈ বিভিন্ন যুদ্ধৰ পৰিৱেশ আনি দিব পাৰে। আমি দেখিছোঁৱেই যে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত হোৱা যুদ্ধৰ এতিয়াও কোনো মীমাংসা হোৱা নাই আৰু ফেব্ৰুৱাৰী 2022 ৰপৰাই যুদ্ধ চলি আছে। আনফালে, ইজৰাইলো সমস্যাৰ সম্মুখীন হৈ আছে। তাৰোপৰি 29 মাৰ্চ, 2025 ত শনিৰ মীন ৰাশিত প্ৰৱেশ হোৱাৰ পিছত 30 মাৰ্চ, 2025 ত ছটা গ্ৰহৰ মীন ৰাশিত যুটি হৈছে। এই স্থিতিয়ে অতিচাৰী বৃহস্পতিৰ সৈতে মিলি পৃথিৱীক কোনো ডাঙৰ আৰ্থিক সংকটৰ দিশলৈ ঠেলি দিব পাৰে যি 1929 ৰ দৰে ভয়ংকৰ হ’ব পাৰে।

এই সময়ছোৱা পাৰ হৈ যোৱাৰ পিছত পৃথিৱীৰ বহুতো অৰ্থব্যৱস্থা সম্পূৰ্ণৰূপে জহি-খহি যাব পাৰে আৰু এই এই দেশসমূহক ইয়াৰপৰা ওলাই আহিবৰ বাবে কেইবা বছৰো সময় লাগিব পাৰে। জ্যোতিষ শান্ত্ৰ অনুসৰি যেতিয়া শনি আৰু ৰাহুৰ যুটি হয় তেতিয়া ই মানুহ তথা অন্যান্য মুখ্য অৰ্থব্যৱস্থাৰ বাবে বিত্তীয় সংকট কঢ়িয়াই আনে।

2025 ৰ আৰম্ভণিৰপৰাই বিভিন্ন ধৰ্ম আৰু সংস্কৃতিৰ লোকসকল নিজৰ পৰম্পৰা তথা সংস্কৃতি বজাই ৰখাক লৈ কঠোৰ আৰু দৃঢ় হৈ পৰিব পাৰে। সেয়া লাগিলে ভাৰতবৰ্ষই হওক, বা আমেৰিকা বা আন কোনো দেশেই হওক, মানুহে নিজৰ ধৰ্মৰ ক্ষেত্ৰত অধিক কঠোৰতা প্ৰদৰ্শন কৰিব পাৰে অথবাচাকৰি আৰু সেৱা আদিত বিদেশীসকলৰ তুলনাত নিজৰ সমূদায়ৰ মানুহক প্ৰাথমিকতা দিয়াৰ প্ৰবৃত্তি দেখা যাব পাৰে।

কালসৰ্প দোষ প্ৰতিৱেদন – কাল সৰ্প যোগ কেলকুলেটৰ

বৃহস্পতি অতিচাৰী 2032 পৰ্য্যন্ত: 12 টা ৰাশিৰ ওপৰত প্ৰভাৱ

মেষ ৰাশি

মেষ ৰাশি ৰ নৱম আৰু দ্বাদশ গৃহৰ স্বামী হৈছে বৃহস্পতি। কুণ্ডলীৰ নৱম গৃহ হৈছে ধৰ্মৰ আৰু দ্বাদশ গৃহটো পৃথকতা বা বিদেশ যাত্ৰাৰ কাৰক। বৃহস্পতিৰ নৱম গৃহত দৃষ্টি পৰাৰ কাৰণে এই সময়খিনিত আপোনাৰ আধ্যাত্মিক কাৰ্য্যৰ প্ৰতি অধিক আগ্ৰহ বৃদ্ধি হ’ব পাৰে।

অতিচাৰী বৃহস্পতি 2025 সময়ছোৱাতকিছুমান মানুহৰ বাবে বিদেশ যাত্ৰাৰ বা বিদেশত বসতি কৰাৰ যোগ আছে যাৰ জৰিয়তে তেওঁলোক নিশ্চিতভাৱে লাভাম্বিত হ’ব। বৃহস্পতিয়ে লিখক, সংবাদকৰ্মী, কলাকাৰ আদিক উত্তম ফলাফল প্ৰদান কৰিব। অৱশ্যে, বৃহস্পতিৰ নৱম গৃহত দৃষ্টি পৰাৰ কাৰণে আপুনি ধৰ্মীয় বা আধ্যাত্মিক কাৰ্য্যত প্ৰৱঞ্চনাৰ বলি হ’ব পাৰে।

মেষ সাপ্তাহকি ৰাশিফল 2025

বৃষ ৰাশি

বৃষ ৰাশি ৰ অষ্টম আৰু একাদশ গৃহৰ স্বামী হৈছে বৃহস্পতি গ্ৰহ। কুণ্ডলীৰ অষ্টম গৃহটো হৈছে আকস্মিক ঘটনা আৰু একাদশ গৃহটো হৈছে জেষ্ঠ্য ভাতৃ-ভগ্নীৰ কাৰক। বৃহস্পতি হৈছে আয় আৰু পাৰিবাৰিক সম্পত্তিৰ কাৰক। এনে স্থিতিত দ্বিতীয় গৃহত বৃহস্পতিৰ স্থিতিক অত্যন্ত শুভ হিচাপে গণ্য কৰা হয়। সাধাৰণতে ই সৌভাগ্য, আৰ্থিক সমৃদ্ধি আৰু শক্তিশালী নৈতিক মূল্যবোধৰ সংকেত দিয়ে। অষ্টম গৃহৰ অধিপতি হোৱাৰ বাবে বৃহস্পতিয়ে আপোনাৰ বাবে আৰ্থিক সমস্যাৰ সৃষ্টি কৰিব পাৰে। আনহাতে অতিচাৰী বৃহস্পতিয়ে আপোনাৰ স্বাস্থ্যৰ ওপৰতো নেতিবাচক প্ৰভাৱ পেলাব পাৰে।

বৃষ সাপ্তাহিক ৰাশিফল 2025

মিথুন ৰাশি

মিথুন ৰাশিৰ প্ৰথম গৃহত বৃহস্পতিৰ পৰিবহন হ’বলৈ গৈ আছে আৰু এই ৰাশিৰ সপ্তম আৰু দশম গৃহৰ স্বামী হৈছে বৃহস্পতি।

এই সময়ছোৱাত আপুনি এই পৰিবহনৰদ্বাৰা উৎপন্ন যিকোনো ধৰণৰ অপ্ৰিয় চিন্তাৰপৰা আতৰি থাকিবলৈ সচেতনভাৱে প্ৰয়াস কৰিব লাগিব। অৱস্যে, আপুনি এই সময়খিনিত দীৰ্ঘকালীন লাভ প্ৰাপ্ত কৰাৰ যোগ আছে। কেৰিয়াৰৰ ক্ষেত্ৰত আপুনি যাত্ৰা কৰিবলগীয়া হ’ব পাৰে। চাকৰিত পৰিৱৰ্তনৰ যোগো আছে। ব্যৱসায়ীসকলে আশা কৰা মতে লাভ প্ৰাপ্ত কৰিব নোৱাৰাৰ বাবে চিন্তাম্বিত হ’ব পাৰে। আপুনি আৰ্থিকভাৱে স্থিৰতা লাভ কৰিব কিন্তু তথাপিও আপোনাৰ উপাৰ্জন আপোনাৰ ব্যয়ৰ তুলনাত পৰ্যাপ্ত নহয় যেন আপোনাৰ অনুভৱ হ’ব। আপোনাৰ আৰু আপোনাৰ সঙ্গীৰ মাজত অহংকাৰৰ বাবে মতভেদ হ’ব পাৰে।

মিথুন সাপ্তাহিক ৰাশিফল 2025

কৰ্কট ৰাশি

কৰ্কট ৰাশি ৰ জাতকসকলৰ ষষ্ঠ আৰু নৱম গৃহৰ স্বামী হৈছে বৃহস্পতি আৰু এতিয়া ই আপোনাৰ দ্বাদশ গৃহত স্থিত হ’ব। এই ঘটনাৰ বাবে আপুনি নিজৰ বৰ্দ্ধিত দায়িত্ববোৰ চম্ভালাত অসুবিধাৰ সম্মুখীন হ’ব পাৰে।

কেৰিয়াৰৰ ক্ষেত্ৰত দেখা যায়, আপুনি নিজৰ চাকৰিত চাপৰ সম্মুখীন হ’ব পাৰে। ব্যৱসায়ীসকল নতুন কামৰ বাবে প্ৰেৰিত হ’ব পাৰে। অৱশ্যে, আপুনি সাৱধানতাৰে পৰিকল্পনা প্ৰস্তুত কৰাৰ আৱশ্যকতা আছে। আপুনি নিজৰ ধনো সাৱধানতাৰে পৰিচালনা কৰিব লাগিব কাৰণ অসাৱধানতাৰ বাবে সমস্যা হ’ব পাৰে।

কৰ্কট সাপ্তাহিক ৰাশিফল 2025

কেৰিয়াৰক লৈ হৈ আছে টেনশ্যন! এতিয়াই অৰ্ডাৰ কৰক কগ্নিএষ্ট্ৰো প্ৰতিৱেদন

সিংহ ৰাশি

সিংহ ৰাশি ৰ পঞ্চম আৰু অষ্টম গৃহৰ স্বামী হৈছে বৃহস্পতি আৰু এতিয়া ই আপোনাৰ একাদশ গৃহত পৰিবহন কৰিবলৈ গৈ আছে। এইখিনি সময়ত আপোনাৰ ইচ্ছা পূৰণ হ’ব।

অতিচাৰী বৃহস্পতি 2025 প্ৰৱন্ধ অনুসৰিচাকৰিয়াল জাতকসকলে উন্নতি লাভ কৰিব আৰু দীৰ্ঘকালীন সফলতাৰ ভেটি নিৰ্মাণ কৰিব। এই সময়খিনিত আপোনাৰ প্ৰচেষ্টাই স্বীকৃতি লাভ কৰিব। যদিহে আপুনি বিশেষকৈ ট্ৰেডিং বা ষ্টক ব্যৱসায়ৰ সৈতে জড়িত কাম কৰে তেনেহ’লে এই সময়খিনিত আপোনাৰ উপাৰ্জন ভাল হ’ব আৰু আপুনি ৰোমাঞ্চকৰ সুযোগ লাভ কৰিব। আৰ্থিক দিশত আপুনি কোনো ডাঙৰ লাভ প্ৰাপ্ত কৰিব পাৰে আৰু আপুনি ধন সঞ্চয় কৰাৰো সুযোগ পাব।

সিংহ সাপ্তাহিক ৰাশিফল 2025

কন্যা ৰাশি

কন্যা ৰাশি ৰ চতুৰ্থ আৰু সপ্তম গৃহৰ স্বামী হৈছে বৃহস্পতি যি এতিয়া আপোনাৰ দশম গৃহত প্ৰৱেশ কৰিবলৈ গৈ আছে। এই সময়খিনিত আপুনি কম সহজ অনুভৱ কৰিব পাৰে। কিন্তু আপুনি নিজৰ সম্পৰ্ক আৰু কেৰিয়াৰৰ ওপৰত মনোযোগ দিয়া দেখা যাব।

কেৰিয়াৰৰ ক্ষেত্ৰত, আপোনাৰ চাকৰিত লাভকাৰী পৰিৱৰ্তন হোৱাৰ যোগ আছে। ব্যৱসায়ীসকলে উচ্চ লাভৰ বাবে পৰ্য্যাপ্ত সুযোগ প্ৰাপ্ত কৰিব যাৰ জৰিয়তে তেওঁলোকে উল্লেখযোগ্য অভিজ্ঞতা লাভ কৰিব পাৰিব। বিত্তৰ ক্ষেত্ৰত দেখা যায য়ে এই সময়খিনিত আপোনাৰ উপাৰ্জন বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

কন্যা ৰাশিফল 2025

তুলা ৰাশি

তুলা ৰাশি ৰ জাতকসকলৰ তৃতীয় আৰু ষষ্ঠ গৃহৰ স্বামী হৈছে বৃহস্পতি যি এতিয়া এই ৰাশিৰ নৱম গৃহত অতিচাৰী হ’ব। এই সময়খিনিত আপুনি নিজৰ সামৰ্থ্যতকৈ অধিক কিবা প্ৰাপ্ত কৰিব পাৰে। আপুনি যাত্ৰা কৰাৰো অধিক সুযোগ লাভ কৰিব। এতিয়া আপুনি নিজৰ কঠোৰ পৰিশ্ৰমৰ ফলো লাভ কৰিবলৈ আৰম্ভ কৰিব।

কেৰিয়াৰৰ ক্ষেত্ৰত ক’ব পাৰি যে, আপুনি বিদেশৰপৰা নতুন সম্ভাৱনা লাভ কৰিব পাৰে যি আপোনাৰ বাবে অনুকূল প্ৰমাণিত হ’ব। যদিহে আপুনি ব্যৱসায় কৰে তেনেহ’লে ব্যৱসায়িক পৰিকল্পনা প্ৰস্তুত কৰিব পাৰে য’ত আপুনি অধি ধন উপাৰ্জন কৰিবলৈ সক্ষম হ’ব। বিত্তীয় জীৱনৰ ক্ষেত্ৰত ক’ব পাৰি যে এইখিনি সময়ত আপুনি আৰ্থিকভাৱে শক্তিশালী হ’ব। আপুনি যাত্ৰাৰ সময়ত অধিক ধন উপাৰ্জন কৰিব পাৰিব। আপোনাৰ জীৱনসঙ্গীয়ে আপোনাৰ সততাৰ শলাগ ল’ব।

তুলা সাপ্তাহিক ৰাশিফল 2025

বৃশ্চিক ৰাশি

অতিচাৰী বৃহস্পতি বৃশ্চিক ৰাশিৰ অষ্টম গৃহত স্থিত হ’ব যাৰ ফলস্বৰূপে আপোনাৰ বাবে কিছু কঠিনতা উৎপন্ন হ’ব পাৰে। এই ৰাশিৰ দ্বিতীয় আৰু পঞ্চম গৃহৰ স্বামী হৈছে বৃহস্পতি। যদিহে আপুনি চাকৰিৰ নতুন সুযোগ উপেক্ষা কৰে, তেনেহ’লে আপুনি নিজৰ কেৰিয়াৰত সমস্যাৰ সম্মুখীন হ’ব পাৰে। এই সময়ছোৱাত আপুনি নিজৰ জেষ্ঠ্য বিষয়াসকলৰ সৈতে কথা পাতোঁতে সাৱধানতা অৱলম্বন কৰাটো জৰুৰী হ’ব কাৰণ কৰ্মক্ষেত্ৰত সমস্যাৰ সৃষ্টি হব পাৰে।

যদিহে আপুনি ব্যৱসায় কৰেঅতিচাৰী বৃহস্পতি 2025 সময়খিনিততেনেহ’লে আপোনাৰ উপাৰ্জন হ্ৰাস পাব পাৰে। এই সমস্যাবোৰৰপৰা হাত সাৰিবৰ বাবে শৃংখলাৱদ্ধ আৰু ৰণনীতিমূলক পৰিকল্পনা প্ৰস্তুত কৰিব লাগিব। ধনৰ ক্ষেত্ৰত দেখা যায় যে আপুনি সচৰাৰভাৱে ধন উপাৰ্জন কৰিব। যদিহে আপুনি ধন উপাৰ্জন কৰেও তেনেহ’লে সেয়া ডুব যোৱাৰ আশংকা আছে। আপোনাৰ বাবে সঞ্চয় কৰাটো জটিল হ’ব পাৰে।

বৃশ্চিক ৰাশিফল 2025

আপোনাৰ কুণ্ডলীত আছে নেকি ৰাজ যোগ? জানক আপোনাৰ ৰাজযোগ প্ৰতিৱেদন

ধনু ৰাশি

ধনু ৰাশি ৰ সপ্তম গৃহত বৃহস্পতি স্থিত হৈছে যি হৈছে এই ৰাশিৰ প্ৰথম আৰু চতুৰ্ত গৃহৰ স্বামী। এই সময়খিনিত আপোনাৰ আধ্যাত্মিকতাৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব পাৰে। আধ্যাত্মিক বিকাশৰ বাবে আপুনি অধিক ধন ব্য়য় কৰিবও পাৰে।

আপুনি কামৰ সন্দৰ্ভত অধিক যাত্ৰা কৰিবলগীয়া হ’ব পাৰে আৰু ইয়াৰ কিছুমান যাত্ৰা জটিল প্ৰমাণিত হ’ব পাৰে। ব্যৱসায়ীসকলৰ বাবে এই সময়খিনিত অধিক লাভ অৰ্জন কৰাটো প্ৰাথমিকতা হ’ব। যদিহে আপুনি ৰণনৈতিক পৰিকল্পনাৰ সৈতে আগবাঢ়ে তেনেহ’লে আপোনাৰ প্ৰয়াসে ভাল বিত্তীয় ফল প্ৰদান কৰিব।

ধনু ৰাশিফল 2025

মকৰ ৰাশি

মকৰ ৰাশি ৰ ষষ্ঠ গৃহত বৃহস্পতি স্থিত হ’ব আৰু এই ৰাশিৰ তৃতীয় আৰু দ্বাদশ গৃহৰ স্বামী হৈছে বৃহস্পতি। এই সময়খিনিত আপোনাৰ অপ্ৰত্যাশিত আয় হোৱাৰ সম্ভাৱনা আছে। বৃহস্পতিৰ অতিচাৰীৰ সময়ত লোন লোৱাটো আপোনাৰ বাবে লাভজনক হ’ব পাৰে।

আপুনি নিজৰ কামত অধিক আগ্ৰহ প্ৰকাশ কৰিব আৰু সেৱাৰ মনোভাৱৰদ্বাৰা অনুপ্ৰাণিত হৈ কাম কৰিব যাৰ জৰিয়তে আপুনি সন্তুষ্টি প্ৰাপ্ত কৰিব। অৱশ্যে, যদিহে আপুনি ব্যৱসায় কৰে তেনেহ’লে এই সময়খিনিত আপুনি নিজৰ ব্যৱসায়িক চক্ৰ সীমিত ৰখাটো ভাল হ’ব কাৰণ এই সময়খিনিত আপোনাৰ বাবে লাভ অৰ্জন কৰাটো কঠিন হ’ব পাৰে। আপোনাৰ ব্যয় বৃদ্ধি আৰু বিত্তীয় লোকচানৰ যোগ আছে।

মকৰ ৰাশিফল 2025

কুম্ভ ৰাশি

বৃহস্পতি এই ৰাশিৰ দ্বিতীয় আৰু একাদশ গৃহৰ স্বামী যি এতিয়া আপোনাৰ পঞ্চম গৃহত উপস্থিত হ’ব। ইয়াৰ ফলত আপুনি অনুকূল আৰু লাভকাৰী পৰিণাম প্ৰাপ্ত কৰিব। এই সময়খিনিত আপুনি আত্মবিশ্বাসেৰে পৰিপূৰ্ণ আৰু আশাবাদী অনুভৱ কৰিব।

অতিচাৰী বৃহস্পতি 2025 সময়তকেৰিয়াৰৰ ক্ষেত্ৰত আপুনি আপোনাৰ স্থিতিত সন্তুষ্ট হ’ব। ইয়াৰ উপৰিও আপুনি নিজৰ প্ৰয়াসৰ বাবে স্বীকৃতি লাভ কৰিব। যদিহে আপুনি ব্যৱসায় কৰে তেনেহ’লে এই সময়খিনিত আপুনি সফলতা প্ৰাপ্ত কৰিব আৰু বিশেষকৈ ট্ৰেডিং আৰু শ্যেয়াৰ মাৰ্কেটত কাম কৰা লোকসকলৰ আয় বৃদ্ধি হোৱা দেখা যাব। আপোনাৰ উপাৰ্জনৰ দ্ৰুত বৃদ্ধি হোৱা দেখা যাব।

কুম্ভ ৰাশিফল 2025

মীন ৰাশি

মীন ৰাশি ৰ প্ৰথম আৰু দশম গৃহৰ স্বামী হৈছে বৃহস্পতি যি এতিয়া আপোনাৰ চতুৰ্থ গৃহত স্থিত হ’ব। ইয়াৰ ফলত আপুনি সুখ-সুবিধা প্ৰাপ্ত কৰিব। এই সময়খিনিত আপুনি কেৰিয়াৰৰ প্ৰতি অধিক মনোযোগ কেন্দ্ৰিত কৰিব। আপুনি যাত্ৰা কৰাৰ অধিক সুযোগ লাভ কৰিব আৰু আপোনাৰ হয়তো স্থানান্তৰণো হ’ব।

আপোনাৰ আত্মবিশ্বাস আৰু শীঘ্ৰে সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষমতাই আপোনাক নিজৰ কৰ্মক্ষেত্ৰত ডাঙৰ সফলতা আৰু উন্নতি প্ৰদান কৰিব। যদিহে আপুনি ব্যৱসায় কৰে তেনেহ’লে আপুনি বিবিন্ন ব্যৱসায়িক কাৰ্য্যত সফল হ’ব, অধিক ধন উপাৰ্জন কৰিব আৰু আপুনি গুৰুত্বপূৰ্ণ লাভ প্ৰাপ্ত কৰিব। ধনৰ ক্ষেত্ৰত দেখা যায় যে এই সময়খিনিত আপোনাৰ আয় আৰু ব্য়য় দুয়োটাতে বৃদ্ধ হোৱা দেখা যাব। আপোনাৰ পাৰিবাৰিক কাৰ্য্যক্ৰম আৰু স্বাস্থ্যৰ বাবে খৰচ হ’ব পাৰে।

মীন সাপ্তাহিক ৰাশিফল 2025

সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক: এষ্ট্ৰোচেজ অনলাইন শ্বপিং ষ্টোৰ

আমি আশা ৰাখিছোঁ যে আপুনি আমাৰ এই প্ৰৱন্ধটো নিশ্চয় ভাল পাইছে। যদিহে ভাল পাইছে তেনেহ’লে আপোনাৰ অন্য শুভাকাংক্ষীসকলকো এই প্ৰৱন্ধটোৰ কথা জনাওক। ধন্যবাদ

সঘনাই সোধা প্ৰশ্ন

1. জ্যোতিষত অতিচাৰীৰ অৰ্থ কি?

অতিচাৰীৰ অৰ্থ হৈছে যেতিয়া কোনো গ্ৰহ নিজৰ সচৰাচৰ গতিতকৈ অধিক বেগেৰে যায় আৰু মানুহৰ জীৱনৰ ওপৰত ইয়াৰ গভীৰ প্ৰভাৱ পৰে।

2. বৃহস্পতি শুভ গ্ৰহ নে?

হয়, বৃহস্পতিক সকলোতকৈ শুভ গ্ৰহ হিচাপে গণ্য কৰা হয়।

3. বৃহস্পতি কেতিয়ালৈকে অতিচাৰী হৈ থাকিব?

2032 পৰ্য্যন্ত বৃহস্পতি অতিচাৰী হৈ থাকিব।

Talk to Astrologer Chat with Astrologer