বিহু হৈছে অসমীয়া জাতিৰ প্ৰাণৰ উৎসৱ। ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্বাঞ্চলৰ কৃষিপ্ৰধান ৰাজ্য অসমৰ প্ৰধান উৎসৱটিয়েই হৈছে বিহু। অসমৰ লগতে অসমৰ কোনো কোনো দাঁতি-কাষৰীয়া ৰাজ্যতো কোনো জাতি জনজাতিৰ লোকে বিহু বা ইয়াৰ সমাৰ্থক উৎসৱ পালন কৰা দেখা যায়। বিহুৰ এক বিশেষ বৈশিষ্ট্য হ'ল ই জাতি, বৰ্ণ নিৰ্বিশেষে সকলো লোকে একেলগে উদযাপন কৰিব পৰা এক উৎসৱ। বসন্তৰ আগমনৰ লগে লগে কুলি-কেতেকীৰ বিননি আৰম্ভ হয় আৰু প্ৰকৃতিৰ কোলালৈও নতুনত্বৰ আগমন ঘটে। চ’তৰ শেষত গছে-বনে নতুন কুঁহিপাত ওলায় আৰু চৌদিশ সেউজীয়া হ’বলৈ আৰম্ভ কৰে। চ’ত আৰু ব’হাগ মাহৰ সংক্ৰান্তিৰ দিনা অসমীয়া মানুহে উলহ-মালহেৰে ৰঙালী বিহু উদযাপন কৰে আৰু এই দিনাখনৰপৰাই অসমীয়া নৱবৰ্ষৰো আৰম্ভণি হয়।
অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজতো বিহু উৎসৱ পালন কৰা হয়। বড়োসকলৰ মাজত বৈচাগু, ডিমাছাসকলৰ বুচু, কোচসকলৰ বিচুৱা, ত্ৰিপুৰিসকলৰ বিজু বা তিৱাসকলৰ পিচু, উজনি অসমৰ বড়ো মূলীয় চুতীয়া, দেউৰী, মৰাণ আৰু সোণোৱালসকলৰ "বিচু" নামাৰে এই বিহু উৎসৱ উদযাপিত হয়। "বিচু" শব্দৰ অৰ্থ হৈছে "আটাইতকৈ পবিত্ৰ দিন", ঠিক একেদৰে যেনেকৈ "চুতীয়া" মানে হৈছে "পবিত্ৰ পানীৰ কাষত থকা লোক।"
যি কি নহওক, এতিয়া তেনেহ’লে আহক পলম নকৰি আগুৱাই যাওঁ আৰু বিহু 2025 শীৰ্ষক প্ৰৱন্ধটোৰ জৰিয়তে এই বছৰৰ বিহু কেতিয়া আছে, বিহু কেই প্ৰকাৰৰ আৰু বিহুত কি কি নীতি-নিয়ম পালন কৰা হয় ইত্যাদিবোৰ সম্পৰ্কে অৱগত হওঁ।
এয়াও পঢ়ক:ৰাশিফল 2025
পৃথিৱীৰ বিদ্বান জ্যোতিষীসকলৰ সৈতে কল/চাট্-ত কথা পাতক আৰু লাভ কৰক আপোনাৰ সন্তানৰ ভৱিষ্য়তৰ সৈতে জড়িত সকলোবোৰ তথ্য
অসমীয়া জাতিয়ে পালন কৰা বিহু হৈছে মুঠ তিনিটা- ৰঙালী বা ব’হাগ বিহু, ভোগালী বা মাঘ বিহু আৰু কাতি বা কঙালী বিহু।
ৰঙালী বিহু: এপ্ৰিল মাহত, চ’ত আৰু ব’হাগ মাহৰ সংক্ৰান্তিৰ দিনা ৰঙালী বিহু উদযাপন কৰা হয়। বিহুৰ আগদিনাখন উৰুকা বুলি কোৱা হয়। বিহুলৈ প্ৰায় এসপ্তাহমান থকাৰপৰাই অসমীয়া মানুহৰ ঘৰে ঘৰে বিহুৰ যা-যোগাৰ আৰম্ভ হয়। গাঁৱে-ভূঞে ঢেকীৰ শব্দ, ঢোলৰ গুমগুমনি শুনিবলৈ পোৱা যায়। সকলোৱে বিহুত খাবলৈ পিঠা-পণা, জলপান, লাড়ু আদিৰ প্ৰস্তুতি কৰে। আটাইকেইটা বিহুৰ ভিতৰত ৰঙালী বিহু বা ব’হাগ বিহু আটাইতকৈ অধিক ৰং-ৰহইচেৰে পালন কৰা হয়। সেইবাবেই এই বিহুক ৰঙালী বিহু বুলি কোৱা হয়। ৰঙালী বিহু বা ব’হাগ বিহু সাতদিনীয়াকৈ উদযাপন কৰা হয়। বিহুৰ সাতদিন হৈছে- চ’তৰ বিহু, গৰু বিহু, মানুহ বিহু, গোঁসাই বিহু, তাঁতৰ বিহু, নাঙলৰ বিহু, চেনেহী বিহু আৰু চেৰা বিহু।
বিহু 2025 প্ৰৱন্ধ অনুসৰি জানক যে ৰঙালী বিহুৰ প্ৰথম দিনটো হৈছে গৰু বিহু। সৰ্বজনবিদিত যে, অসমীয়া সমাজত গৰুক ‘গো-লক্ষ্মী’ বুলি জ্ঞান কৰা হয়। সেইদিনাখন ৰাতিপুৱাই ঘৰে ঘৰে থকা গৰুবোৰক মাহ-হালধিৰে নোৱাই পথাৰত নহ’লে নদীত গা ধুৱাবলৈ নিয়া হয়। গৰুৰ ডিঙিত নতুন পঘা বন্ধা হয়। কেৰেলা, বেঙেনা, হালধি ইত্যাদিৰে চাট বনোৱা হয়। গৰুবোৰক মাখিয়তী পাতেৰে বা দি গোৱা হয়- “লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা”। তাৰ পিছদিনাখন হৈছে মানুহ বিহু। মানুহ বিহুৰ দিনা সকলোৱে ৰাতিপুৱা গা পা ধুই একেলগে পুৱাৰ চা-জলপান খায়। তাৰপিছত ডেকা-গাভৰুসকলে মিলি ঘৰে ঘৰে হুঁচৰি গাবলৈ যায়। মিতিৰ-কুটুম্ব ইঘৰ সিঘৰৰ ঘৰলৈ ফুৰিবলৈ যায় আৰু ডাঙৰে সৰুক সেৱা জনায়। হুঁচৰিৰ পিছত বিহু মৰা হয়। আগতে গছৰ তলত গৈ বিহু মৰাৰ প্ৰথা আছিল। কিন্তু এতিয়া সময় সলনি হোৱাৰ লগে লগে বিহু নৃত্য মঞ্চলৈ আহিল। এতিয়া ৰংগমঞ্চৰ বিহুত বিভিন্ন ধৰণৰ প্ৰতিযোগিতাও হয়। যেনে মৌ কুঁৱৰী, বিহু কুঁৱৰী, বিহু ৰাণী, ঢোল বাদন ইত্যাদি।
কেইটামান বিহুগীত এনেধৰণৰ:
“অতিকৈ চেনেহৰ মুগাৰে মহুৰা, তাতোকৈ চেনেহৰ মাকো
তাতোকৈ চেনেহৰ ব’হাগৰ বিহুটি নাপাতি কেনৈকৈ থাকোঁ।”
“আজি বিহু বিহু কালি বিহু বিহু চিৰে গৰখীয়াই তৰা;
সীতাই কুমাৰে বাদতি মাৰিলে চ'তৰ বাৰে খৰৰপৰা।”
“চকলা টেঙটি অকলৈ নাখাবা আমাকো এচকল দিবা;
বিহু মাৰিবলৈ অকলৈ নাযাবা আমাকো লগতে নিবা।”
ৰঙালী বিহুৰ তৃতীয় দিনা গোঁসাই বিহু পালন কৰা হয়। সেইদিনা ভগৱানক স্তুতি কৰি বছৰটোৰ বাবে সকলোৰে মংগল কামনা কৰা হয়। তাৰ পিছদিনা হৈছে তাঁতৰ বিহু। অসমীয়া জাতিৰ জনজীৱনৰ আদৰৰ সম্পদ তাঁতশাল।অসমীয়া শিপীনীয়ে হেনো তাঁত শালতে সপোন ৰচে।দৈনন্দিন জীৱনত ব্যৱহৃত সাজ-পাৰসমূহ শিপীনীসকলে ঘৰতে তৈয়াৰ কৰি লয়। এই তাঁতশালখনক মৰ্যদা প্ৰদানৰেই এই দিনটোত অসমীয়াসকলে তাঁতৰ বিহু হিচাপে পালন কৰে। মূলত কৃষি-কৰ্মতেই নিৰ্ভৰশীল অসমীয়াৰ অন্যতম এপদ সম্পদ নাঙল।সেয়েহে কৃষিকৰ্মক প্ৰাধান্য দি বিহুৰ পঞ্চম দিনা নাঙলৰ বিহু বুলি পালন কৰা হয়। বিহুৰ ষষ্ঠদিনা চেনেহী বা জীয়ৰী বিহু পালন কৰা হয়। এই বিহুত বিয়া দিয়া জীয়ৰী নিজৰ ঘৰলৈ আহে।সেয়েহে সেইদিনা ‘চেনেহী বা জীয়ৰী বিহু। সাত বিহুৰ শেষৰ দিনা চেৰা বিহু।এই বিহুক কোনো কোনোয়ে এৰা বিহু বুলিও কয়।এই বিহুত বহু অঞ্জাৰে ভাত আৰু ঠাই বিশেষে এশ এবিধ শাক খোৱাৰ নিয়ম আছে।
ভোগালী বিহু: জানুৱাৰী মাহত, পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা ভোগালী বিহু বা মাঘ বিহু উদযাপন কৰা হয়। সেই সময়তে খেতি চপোৱা হয়। অসম যিহেতু কৃষিপ্ৰধান ৰাজ্য, অসমত মূলতঃ ধান খেতিয়েই বেছিকৈ হয়। এই সময়ছওৱাত সকলোৰে ভঁৰাল নতুন ধানেৰে উপচি থাকে। তাৰ লগতে বিভিন্ন ধৰণ শাক-পাচলিৰ খেতিও চপাই অনা হয়। খাদ্য সম্ভাৰেৰে ভৰি পৰা এই সময়তেই এই বিহু উদযাপন কৰা হয় বাবে ইয়াৰ আন এটা নাম হৈছে ভোগালী বিহু। ভোগালী বিহুতো বিভিন্ন ধৰণৰ পিঠ-পণা প্ৰস্তুত কৰা হয়। উৰুকাৰ দিনা সকলোৱে মিলি খৰি-খেৰ কাটি আনি মেজি, ভেলাঘৰ সাজে আৰু ৰাতি গাঁৱৰ সকলোৱে একেলগ হৈ ভোজ-ভাত খাই ভেলাঘৰতেই ৰাতি থাকে। গাঁৱৰ জীয়ৰী-বোৱাৰী, বুঢ়া-মেঠাসকলেও ৰাজহুৱা ঠাইত, বিশেষকৈ নামঘৰতে গোট খাই উৰুকাৰ ভোজ খায়।মাঘ বিহুৰ ৰাতিপুৱা পৰম্পৰা অনুসৰি এই ভেলা ঘৰ জ্বলাই অগ্নি দেৱতাক প্ৰাৰ্থনা কৰা হয়।মাঘ বিহুত অসমৰ কেইটামান বিশেষ অঞ্চলত পৰম্পৰা অব্যাহত ৰাখি ম’হ যুঁজ, কুকুৰা যুঁজ,কণী যুঁজ আদি অনুষ্ঠিত কৰা হয়।
কঙালী বিহু: অক্টোবৰ মাহত,আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু বা কঙালী বিহু উদযাপন কৰা হয়। এই বিহুতো একেদৰে পিঠা-পণা প্ৰস্তুত কৰা হয় যদিও এই সময়ছোৱাত সকলোৰে ঘৰত কিছু আকাল হয় বাবে এই বিহুৰ আন এটা নাম হৈছে কঙালী। কাতি বিহুত তুলসী সেৱা কৰা হয়। ৰাতিপুৱাই সকলোৱে ঘৰে ঘৰে তুলসী ভেটি তৈয়াৰ কৰে আৰু সন্ধিয়ালৈ তুলসী তলত চাকি-বন্তি জ্বলাই তুলসী তলত চাকি দি প্ৰাৰ্থনা গোৱা হয় আৰু মগু-বুট নাৰিকল আদিৰ প্ৰসাদ দিয়া হয়। লগতে সেইদিনা পথাৰতো আকাশ বন্তি জ্বলোৱা হয় য’ত এডাল ওখ বাঁহৰ মূৰত চাকি লগোৱা হয়। বড়োসকলৰ মাজত কাতি বিহু ‘কাতি জৰা’ নামেৰে আৰু ডিমাচাসকলৰ মাজত ‘গাঁঠি ছাইজৰা’ নামেৰে উদযাপিত হয়।
কুণ্ডলীত নিহিত হৈ আছে, আপোনাৰ জীৱনৰ সকলোবোৰ গোপন ৰহস্য, জানক গ্ৰহসমূহৰ গতি-বিধিৰ সম্পূৰ্ণ লেখ-জোখ
ব’হাগ মাহৰ প্ৰথম দিনটোৰপৰাই অসমীয়া নৱবৰ্ষ আৰম্ভ হয়। সেইদিনা নামঘৰত প্ৰসাদ দি সকলো ৰাইজৰে মঙ্গল কামনাৰে নাম-কীৰ্তন কৰা হয়। নতুন বছৰৰ আগমনত সকলোৱে ৰং ৰহইচ কৰে। 1 ব’হাগ অৰ্থাৎ 14 এপ্ৰিল, 2025 ৰপৰা অসমীয়া নতুন বৰ্ষ আৰু বিহু 2025 আৰম্ভ হ’ব।
পাওক আপোনাৰ কুণ্ডলী আধাৰিত সঠিকশনি প্ৰতিৱেদন
ইতিমধ্যে উল্লেখ কৰা হৈছেই যে, 1 ব’হাগ অৰ্থাৎ 15 এপ্ৰিল, 2025 তাৰিখে ৰঙালী বিহুৰ আৰম্ভণি হ’ব।
কাতি বিহুৰ তাৰিখ হৈছে 18 অক্টোবৰ, 2025 আৰু ভোগালী বিহুৰ তাৰিখ হৈছে 14 জানুৱাৰী, 2026।
অসমীয়া সমাজত বিহুৰ লগত জড়িত কিছুমান পৰম্পৰা আছে। বিহু 2025 প্ৰৱন্ধত সেইবোৰৰ ওপৰত দৃষ্টি নিক্ষেপ কৰোঁ আহকচোন:
বিদ্বান জ্যোতিষীসকলক প্ৰশ্ন সোধক আৰু লাভ কৰক আপোনাৰ সকলো সমস্যাৰ সমাধান
বিহুয়ে অসমীয়া সংস্কৃতি-সভ্যতাক এক নতুন মাত্ৰা প্ৰদান কৰিছে।বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি অসম।অসমত বাস কৰা প্ৰতিটো জাতি-জনগোষ্ঠীয়ে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে অতি উলহ-মালহেৰে বিহুৰ লগতে তেওঁলোকৰ উৎসৱসমূহ পালন কৰে।
সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক: এষ্ট্ৰোচেজ অনলাইন শ্বপিং ষ্টোৰ
আমি আশা ৰাখিছোঁ যে আপুনি আমাৰ এই প্ৰৱন্ধটো নিশ্চয় ভাল পাইছে। যদিহে ভাল পাইছে তেনেহ’লে আপোনাৰ অন্য শুভাকাংক্ষীসকলকো এই প্ৰৱন্ধটোৰ কথা জনাওক। ধন্যবাদ
1. 2025 ত ৰঙালী বিহু কেতিয়া আছে?
14 এপ্ৰিল, 2025 তাৰিখে ৰঙালী বিহু উদযাপিত হ’ব।
2. কাতি বিহুত কাৰ সেৱা কৰা হয়?
কাতি বিহুত তুলসী সেৱা কৰা হয়।
3. ভোগালী বিহুত কাৰ সেৱা কৰা হয়?
ভোগালী বিহুক অগ্নি সেৱা কৰা হয়।