হিন্দু নৱবৰ্ষ 2025

Author: Lobitha Dutta | Updated Thu, 27 Mar 2025 09:30 AM IST

এই বছৰৰ হিন্দু নৱবৰ্ষ 2025 আৰম্ভ হ’ব 29 মাৰ্চ 2025 শনিবাৰৰ সন্ধিয়া 16 বাজি 27 মিনিটত। কিন্তু, সূৰ্য্যোদয়কালীন তিথি গ্ৰহণ কৰাৰ কাৰণে সনাতন ধৰ্মৰ নৱ বৰ্ষ 2025 অৰ্থাৎ বিক্ৰম সংৱন্ত 2082 ৰ এই বৰ্ষৰ 30 মাৰ্চ 2025 ৰবিবাৰে পালন কৰা হ’ব। এই বছৰৰ 29 মাৰ্চত চৈত্ৰ শুক্ল পক্ষ আৰম্ভ হ’ব, কিন্তু উদয়া তিথি অনুসৰি, চৈত্ৰ নৱৰাত্ৰি আৰু নৱৰাত্ৰি উৎসৱ 30 মাৰ্চ 2025, দেওবাৰে উদযাপন কৰা হ’ব।


সনাতন ধৰ্ম পালন কৰা সকলো মানুহৰ বাবে এই দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ। মা দুৰ্গাৰ শক্তিৰ আৰাধনা কৰা পৱিত্ৰ পৰ্ব চৈত্ৰ নৱৰাত্ৰি 30 মাৰ্চ 2025 আৰম্ব হৈ যাব আৰু সেইদিনাই ঘট স্থাপন হ’ব।

এয়াও পঢ়ক: ৰাশিফল 2025

বিদ্বান জ্যোতিষীসকলৰ সৈতে ফোনত কথা পাতক আৰু জানক বুধ গ্ৰহৰ মীন ৰাশিত পশ্চাদগমনৰ আপোনাৰ জীৱনত কেনে প্ৰভাৱ পৰিব

নতুন বৰ্ষ আৰম্ভ হোৱাটো অৰ্থাৎ হিন্দু নৱবৰ্ষ আৰম্ভ হোৱাটো সকলোৰে বাবে যথেষ্ট গুৰুত্বপূৰ্ণ আৰু সেয়েহে জ্যোতিষীৰদ্বাৰা গোটেই বৰ্ষটোৰ অৱলোকন কৰাই লোৱা উচিত। ইয়াৰদ্বাৰা আমি গোটেই বৰ্ষটোত আমাৰ জীৱনত কি কি ঘটিব পাৰে সেই বিষয়ে জানিব পাৰিম। লগতে আমাৰ দেশ তথা আমাৰ পৃথিৱাখনলৈ কি কি পৰিৱৰ্তন আহিব।

সেইবাৰে আমি চ’ত মাহৰ শুক্ল পক্ষৰ প্ৰতিপদ তিথি অৰ্থাৎ বৰ্ষ লগ্ন কুণ্ডলীৰ বিশেষভাৱে অৱলোকন কৰোঁ। যেতিয়াই আমাৰ নৱবৰ্ষ সম্পৰ্কে ভৱিষ্য়তবাণী কৰাৰ আৱশ্যকতা হয় তেতিয়া আমি চ’ত শুক্ল পক্ষৰ প্ৰতিপদ অৰ্থাৎ বৰ্ষ লগ্ন কুণ্ডলী ৰ অৱলোকন বিশেষভাৱে কৰোঁ আৰু ইয়াৰ লগতে বৰ্ষ জগত লগ্ন কুণ্ডলীৰ অৱলোকনো কৰোঁ। ইয়াৰ আধাৰতেই গোটেই বৰ্ষটোত ঘটিবলগীয়া শুভ-অশুভ ঘটনা সম্পৰ্কে সম্পূৰ্ণ ৰূপত বিচাৰ কৰা হয় আৰু এয়া জানিবৰ বাবে প্ৰয়াস কৰা হয় যে আগন্তুক বৰ্ষটোৱে কেনে ধৰণৰ ভাল আৰু বেয়া স্থিতিৰ জন্ম দিব পাৰে।


(চৈত্ৰ শুক্ল প্ৰতিপদ 2025 বৰ্ষ লগ্ন কুণ্ডলী)

বৃহৎ কুণ্ডলী : জানক গ্ৰহসমূহৰ আপোনাৰ জীৱনত প্ৰভাৱ আৰু উপায়

হিন্দু নৱবৰ্ষ 2025 চৈত্ৰ শুক্ল প্ৰতিপদ বিক্ৰম সংৱন্ত 2082 যাক আমি নতুন বৰ্ষাৰম্ভ বুলি কওঁ, তাৰ কুণ্ডলী সিংহ লগ্নত গঠন হৈছে। লগ্ন স্বামী সূৰ্য্য মহাৰাজ অষ্টম গৃহত চন্দ্ৰমা, বুধ, শুক্ৰ আৰু ৰাহুৰ সৈতে বিৰাজমান হৈছে। শনি মহাৰাজ কুম্ভ ৰাশিত সপ্তম গৃহত বিৰাজমান হৈছে আৰু কেতু দ্বিতীয় গৃহত কন্যা ৰাশিত স্থিত হৈছে। বৃহস্পতি মহাৰাজ বৃষ ৰাশিত দশম গৃহত উপস্থিত হৈছে, আনহাতে মঙ্গল মহাৰাজ মিথুন ৰাশিত একাদশ গৃহত উপস্থিত হৈছে। ইয়াত উল্লেখনীয় কথাটো হ’ল যে চন্দ্ৰ, বুধ আৰু শনি অস্ত অৱস্থাত আছে আনহাতে শুক্ৰ পশ্চাদগামী অৱস্থাত বিৰাজমান হৈছে। মঙ্গল ভাগ্য স্থানৰ স্বামী হিচাপে একাদশ গৃহত বিৰাজমান হৈছে আৰু পঞ্চম তথা অষ্টম গৃহৰ অধিপতি বৃহস্পতি দশম গৃহত বিৰাজমান হৈছে।

লগ্ন গৃহৰ অধিপতি সূৰ্য্যৰ অষ্টম গৃহত স্থিতি সিমান অনুকূল নহয়, কিন্তু ত্ৰিকোণ গৃহৰ অধিপতি বৃহস্পতিৰ দশমস্থ কেন্দ্ৰলৈ যোৱাটোক ৰাজযোগ কাৰক পৰিণাম দায়ক হিচাপে গণ্য কৰা হয়। মঙ্গলৰ স্থিতিও অনুকূল। সপ্তম গৃহত শনি স্বৰাশিত স্থিত হৈ শক্তিশালী হ’ব। বিপৰীত ৰাজযোগৰ স্থিতিও গঠন হৈছে।

আহক এতিয়া আগবাঢ়ি যাওঁ আৰু বৰ্ষ লগ্ন কুণ্ডলী অনুসৰি নতুন সংৱস্তৰ 2082 অৰ্থাৎ হিন্দু নৱবৰ্ষ 2025 আমাৰ দেশ আৰু দেশবাসীক তথা অন্য দেশৰ লোকসকলক কেনেদৰে প্ৰভাৱিত কৰিব সেই সম্পৰ্কে জানো:


( জগৎ লগ্ন কুণ্ডলী সংৱত 2082 )

কেৰিয়াৰক লৈ হৈ আছে টেনশ্যন! এতিয়াই অৰ্ডাৰ কৰক কগ্নিএষ্ট্ৰো প্ৰতিৱেদন

আহক জানো উপৰোক্ত কুণ্ডলী অনুসৰি আগন্তুক বৰ্ষত জগতত কেনে প্ৰভাৱ পৰিব:

বিদ্বান জ্যোতিষীসকলক প্ৰশ্ন সোধক আৰু লাভ কৰক আপোনাৰ প্ৰতিটো সমস্যাৰ সমাধান

হিন্দু নৱবৰ্ষ 2025 - চৈত্ৰ শুক্ল প্ৰতিপদ (নতুন সংবৎসৰ ২০৮২) ৰ মহত্ব আৰু প্ৰভাৱ

চৈত্ৰে মাসি জগদ্ৰস্তা সসৰ্জ প্ৰথমেশহনি।

শুক্লপক্ষে সমংগ্ৰ তু তদা সূৰ্যোদয় সতি।।

-হেমাদ্ৰৌ ব্ৰাহোক্তেঃ

যেতিয়াই আমি হিন্দু নৱবৰ্ষৰ বিষয়ে কথা পাতোঁ, তেতিয়া হেমাদ্ৰী ব্ৰহ্ম পুৰাণ অনুসৰি, চ’ত মাহৰ শুক্ল পক্ষৰ প্ৰতিপদ তিথি অৰ্থাৎ চ’ত শুক্ল পক্ষৰ প্ৰতিপদৰ সূৰ্য্যোদয়ৰ সময়ত জগত পিতা ব্ৰহ্মদেৱে এই চৰাচৰ জগতখনৰ সৃষ্টি কৰিছিল। এই কাৰণেই প্ৰত্যেক সনাতন ধৰ্মাৱলম্বী মানুহে চ’ত মাহৰ শুক্ল পক্ষৰ প্ৰথম তিথি অৰ্থাৎ প্ৰতিপদ তিথিক নতুন সংবৎসৰ হিচাপে গণ্য কৰা হয় সেয়েহে হিন্জদু নৱবৰ্ষৰ আৰম্ভণি সেই দিনাই হয় আৰু ইয়াৰপৰাই নতুন বিক্ৰমী সংৱৎ ও আৰম্ভ হয়। যদিহে ইংৰাজী কেলেণ্ডাৰ বৰ্ষ 2025 ৰ কথা কোৱা যায়, 29 মাৰ্চ, 2025 শনিবাৰে সন্ধিয়া 16:27 বজাত উত্তৰভাদ্ৰপদ নক্ষত্ৰ, ব্ৰহ্ম যোগ আৰু কিংস্তুঘ্ন কৰণত মীন ৰাশিত নৱম সংবৎসৰ প্ৰৱেশ কৰিব। ইয়াক বিক্ৰম সংৱৎ 2082 বুলি কোৱা হ’ব তথা ইয়াৰ নাম “সিদ্ধাৰ্থী” সংবৎসৰ হ’ব।

যিহেতু এই বৰ্ষত সংবৎসৰৰ প্ৰৱেশ সন্ধিয়া সময়ত হ’ব, সেয়েহে সূৰ্য্যদোয়কালীন তিথি গ্ৰহণ কৰাৰ কাৰণে সূৰ্যোদয়ৰ সময়ত প্ৰতিপদ তিথি উপস্থিত হ’ব সেয়েহে চ’ত মাহৰ শুক্ল পক্ষৰ নৱৰাত্ৰিৰ প্ৰাৰম্ভ পিছদিনা 30 মাৰ্চ, 2025 দেওবাৰে হ’ব।

এই নৱৰাত্ৰিত সিদ্ধ কুঞ্জিকা স্তোত্ৰ ৰপৰা লাভ কৰক মা দুৰ্গাৰ বিশেষ আশীৰ্বাদ!

সিদ্ধাৰ্থী নামৰ নতুন সংবৎসৰ 2082 ৰ ফল

নতুন সংবৎসৰ 2082 ৰ নাম হৈছে সিদ্ধাৰ্থী সংবৎসৰ যাৰ ফল শাস্ত্ৰত নিম্নোক্ত ধৰণে কোৱা হৈছে:

সিদ্ধাৰ্থবৎসৰে ভুয়ো জ্ঞান বৈৰাগ্য যুক্ত প্ৰজাঃ।

সকলা বসুধা ভাতি বহুসস্য অৰ্ঘ বৃষ্টিভিঃ।।

ইয়াৰ তাৎপৰ্য্য হৈছে যে সিদ্ধাৰ্থী নামৰ সংবৎসৰৰ সময়ত প্ৰজাসকলে জ্ঞান, বৈৰাগ্য আদিৰ দৰে বিষয়ৰ প্ৰতি বিশেষভাৱে আগ্ৰহ অনুভৱ কৰিব। ধৰ্মীয় আয়োজন বিশেষভাৱে কৰা হ’ব। বৰ্ষত ভাল বৰষুণ হ’ব পাৰে আৰু প্ৰতিকূল জলবায়ু স্বত্বেও ভাল উৎপাদন দেখিবলৈ পোৱা যাব। শাসন তন্ত্ৰত স্থিৰতাৰ স্থিতি দেখা যাব। সম্পূৰ্ণ পৃথিৱীত প্ৰসন্নতাৰ যোগ আছে।

তোয়পূৰ্ণাঃ ভৱেন্মেঘাঃ বহুসস্যা চ মেদিনী।

সুখিনঃ পাৰ্থিৱাঃ সৰ্বে সিদ্ধাৰ্থে ৱৰৱৰ্ণিনি।।

ইয়াৰ তাৎপৰ্য্য হৈছে যে হিন্দু নৱবৰ্ষ 2025 ৰ এই সংবৎসৰত বৰষুণ পৰ্যাপ্ত পৰিমাণে হোৱাৰ সম্ভাৱনা আছে। খাদ্য পদাৰ্থ আৰু জন জীৱনৰ ব্যৱহাৰ হ’বলগীয়া বস্তুৰ উপলব্ধতা পৰ্যাপ্ত হ’ব। শাসনত ৰাজনৈতিক স্থিৰতা বৰ্ত্তি থাকিব। কিন্তু কিছুমান ৰাজ্যত অত্যাধিক বৰষুণ আৰু বানপানী হ’ব পাৰে।

নতুন সংবৎসৰ 2082 ৰ ৰজা

চৈত্ৰসিতপ্ৰতিপদি য়ো বাৰোশকোৰ্দয়ে সঃ বৰ্ষেশঃ।

-জ্যোতিৰ্নিবন্ধ

ওপৰত বৰ্ণিত শ্লোকটো জ্যোতিৰ্নিবন্ধত দিয়া হৈছে। এই শ্লোকটোৰ তাৎপৰ্য্য হৈছে যে চ’ত মাহৰ শুক্ল পক্ষৰ প্ৰতিপদ তিথিত সূৰ্য্যোদয়কালীন সময়ত যি বাৰ বা দিন হয়, সেই বাৰ অনুসৰি সেই সংবৎসৰৰ ৰজা ঘোষিত হয়। এই বাৰ নতুন সংবৎসৰ 2082 ত চ’ত শুক্ল প্ৰতিপদ শনিবাৰ 29 মাৰ্চত আহিব, কিন্তু সূৰ্য্যোদয়কালীন চ’ত শুক্ল প্ৰতিপদ পৰৱৰ্তী দিন দেওবাৰে পৰাৰ কাৰণে এইবাৰ হিন্দু নৱবৰ্ষ বিক্ৰমী সংৱন্ত 2082 ৰ ৰজা ৰবি (সূৰ্য্য) হ’ব।

সতুন সংবৎসৰ (বৰ্ষ) 2082 ৰ বিশেষ আৰু গুৰুত্বপূৰ্ণ বিন্দু

বৰ্ষ লগ্ন - সিংহ

নক্ষত্ৰ - উত্তৰ ভাদ্ৰপদ

যোগ- ব্ৰহ্ম

কৰণ- কিংস্তুঘ্ন

সতুন সংবৎসৰ (বৰ্ষ) 2082 ৰ বিভিন্ন পদাধিকাৰী

ৰজা- ৰবি (সূৰ্য্য)

মন্ত্ৰী- ৰবি

সস্যেশ- বুধ

ধান্যেশ- চন্দ্ৰ

মেঘেশ- সূৰ্য্য

ৰসেশ- শুক্ৰ

নীৰসেশ- বুধ

ফলেশ- শনি

ধনেশ- মঙ্গল

দুৰ্গেশ- শনি

ইয়াত জানক বৰ্ষ 2025 ৰ সকলোবোৰ বিশেষ শুভ মুহুৰ্ত আৰু তিথি!

হিন্দু নৱবৰ্ষ নতুন সংবৎসৰ 2082 ৰ অধিকাৰী আৰু তেওঁৰ প্ৰভাৱ

বিক্ৰমী সংৱৎ 2082 ৰ ৰজা সূৰ্য্য (আদিত্য)

সূৰ্য্যনৃপে স্ৱল্পফলাশ্চমেঘাঃ স্ৱল্পং পযোগৌষুজনেষুপীড়া।

স্ৱল্পং সুধান্যংফলস্ৱল্প বৃক্ষাশ্চৈৰাগ্ৰিবাধানিধনংনৃপানাম্।

ওপৰোক্ত শ্লোকটোৰ মতে, সংৱৎসৰৰ ৰজা সূৰ্য্য হোৱাৰ ফলত দেশৰ কিছুমান ক্ষেত্ৰত উপযোগী বৰষুণৰ অভাৱ হ’ব পাৰে। গাখীৰ দিয়া পশু যেনে গৰু, ম’হ আদিয়ে গাখীৰ কমকৈ দিব। সাধাৰণ জনতাৰ মাজত দুখ, কষ্ট, কাজিয়া, বিগ্ৰহ আদি বৃদ্ধি পাব পাৰে। ধান, কুঁহিয়াৰ আৰু ঋতুজাত ফলৰ উৎপাদন হ্ৰাস পাব পাৰে। ৰাজনৈতিক নেতা আৰু প্ৰশাসকৰ মাজত বিৰোধ আৰু সংঘৰ্ষ হ’ব পাৰে। চোৰ, ডকাইতি, সুতপাত, ৰেলৰ অগ্নিকাণ্ড আদিৰো যোগ আছে। সাম্প্ৰদায়িক সংঘৰ্ষ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

হিন্দু নৱবৰ্ষ2025 তমানুহৰ মাজত উত্তেজনা, খং, কাজিয়া আৰু চকুৰ সৈতে জড়িত গম্ভীৰ সমস্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

নীক্ষ্ণোऽৰ্কঃ স্ৱল্পসস্যশ্চ গতমেঘেऽতিতস্কৰঃ।

বহুগণ-ব্যাধিগণো ভাস্কৰাব্দো-ৰণাকূলঃ।।

সংৱৎসৰৰ ৰজা সূৰ্য্য হোৱাৰ কাৰণে ফল, ঔষধ, কৃষি আৰু অন্য উৎপাদনবোৰ হ্ৰাস পাব পাৰেষ প্ৰতিকূল বৰষুণ হোৱৰা বাবে শষ্যৰ লোকচান হ’ব পাৰে। অপৰাধ বৃদ্ধি পাব পাৰে। অসাধ্য ৰোগ আৰু বিভিন্ন ধৰণৰ শাৰীৰিক সমস্যা হোৱাৰ আশংকা আছে। সীমান্তৱৰ্তী অঞ্চলত উগ্ৰবাদৰ ঘটনা সংগটিত হ’ব পাৰে। লগতে অগ্নিকাণ্ড হ’ব পাৰে। ৰাজনৈতিক দলসমূহত পাৰস্পৰিক মতবিৰোধ চৰম সীমাত উপনীত হ’ব পাৰে।

বৰ্ষৰ মন্ত্ৰী সূৰ্য্য গ্ৰহ

নৃপভয়ং গদতোऽপি হি নস্কৰাত্ প্ৰচুৰ ধান্যধনাদি মহীতলে।

ৰসচয়ং হিসমৰ্ঘনমন্দনাৰবিমাত্যবদাংহিসমাগতঃ।।

নতুন সংবৎসৰৰ মন্ত্ৰী পদতো সূৰ্য্য দেৱতা বিৰাজমান হৈছে যাৰ ফলস্বৰূপে ৰজা অৰ্থাৎ ৰাজনৈতিক নেতাসকলৰ ভয় হোৱাৰ, ৰাজনৈতিক দল আৰু প্ৰশাসকৰ মাজত পৰস্পৰ বিৰোধ আৰু সংঘৰ্ষ বৃদ্ধি হোৱাৰ যোগ আছে। ইয়াৰ উপৰিও কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰতো মতভেদ বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে। ধন-ধান আদি সুখ সাধন বৃদ্ধি হ’ব, কিন্তু কঠোৰ চৰকাৰী নীতি আৰু কাৰ্য্যকলাপৰ বাবে চোৰ, লুতপাত, ডকাইতি আদিৰ বাবে প্ৰজাৰ মাজত অশান্তি হ’ব পাৰে। জটিল ৰোগ বৃদ্ধি হোৱাৰ বাবে মানুহৰ মাজত অৰাজকতা হ’ব পাৰে। গাখীৰ, তেল, খোৱা পানী, ফল-মূল, শাক-পাচলি, চেনী ইত্যাদি বস্তুৰ অভাৱ হ’ব আৰু সেইবোৰৰ মূল্যবৃদ্ধি হ’ব।

বৰ্ষৰ সস্যেশ বুধ গ্ৰহ

জলধৰাজলৰাশিমুচোভৃশং সুখ সমৃদ্ধি যুতং নিৰুপদ্ৰৱম্।

দ্বিজগণাঃ স্তুতি পাঠৰতাঃ সদা প্ৰথমসস্যপতৌসতিবোধনে।।

সস্যেশ অৰ্থাৎ গ্ৰীষ্মকালীন ফচলৰ স্বামী বুধ গ্ৰহ হোৱাৰ বাবে দেশত বৰষুণ অধিক হোৱাৰ যোগ আছে। মানুহৰ জীৱনত সুখ-সমৃদ্ধি বাতাবৰণ থাকিব, কিন্তু মন্দাৱস্থা আৰু খৰচ বৃদ্ধিৰ যোগ আছে। সামাজিত স্থিতি শান্তিপূৰ্ণ হ’ব। যিসকল বৃদ্ধিজীৱি লোক তেওঁলোক শাসন তন্ত্ৰৰদ্বাৰা প্ৰশংসিত হ’ব পাৰে আনহাতে বিভিন্ন প্ৰকাৰৰ উপদ্ৰৱ আৰু আতংক আদিৰ ঘটনা তুলনামূলকভাৱে হ্ৰাস পাব। দ্বিজগণ, ব্ৰহ্ম বেদ অধ্যয়ন কৰা লোকসকল ধৰ্মীয় কাৰ্য্যৰ প্ৰতি আৰু অধিক আগ্ৰহী হ’ব। বুদ্ধিজীৱিসকল অধ্য়য়ন আৰু গৱেষণাৰ কামত সক্ৰিয় হৈ থাকিব।

বৰ্ষৰ ধান্যেশ চন্দ্ৰ গ্ৰহ

চন্দ্ৰেধান্যাধিপতেজাতেপ্ৰজাবৃদ্ধিঃ প্ৰজায়তে।

গোধুমাঃসৰ্ষপাশ্চৈৱ গোষুক্ষীৰন্তদাবহুঃ।।

ধান্যেশ অৰ্থাৎ শীতকালীন ফচলৰ স্বামী গ্ৰহ চন্দ্ৰমা হ’লে, এই বৰ্ষৰ শীতকালত হ’বলগীয়া ফচল যেনে বুট, কপাহ, সৰিয়হ, চয়াবীন, গেঁহু, অন্য ধান্যৰ লগতে গাই গৰুৰ গাখীৰৰ ঘিউ, গাখীৰ আদিৰ উৎপাদন বিশেষ বৃদ্ধি হোৱাৰ যোগ আছে। শ্ৰেষ্ঠ, ভাল তথা উপযোগী বৰ্ষ হোৱাৰ সম্ভাৱনা আছে। পৃথিৱীত নদী, পুখুৰীত পানীৰ স্তৰ ভালে থাকিব তথা মানুহৰ মাজত উৎসাহৰ স্থিতি বৰ্ত্তি থাকিব।

বৰ্ষৰ মেঘেশ সূৰ্য্য গ্ৰহ

জলদপেয়দিবাসৰপেতদাসৰসিৱৈৰমতেজনতাৰসম্।

যৱচণেক্ষুনিবাৰসুশালিভিঃ সুখচয়ংসুলভংভুৱিৱৰ্ত্তেত্।।

মেঘেষ অৰ্থাৎ বৰ্ষাৰ স্বামী অৰ্থাৎ মেঘ স্বামী সূৰ্য্য গ্ৰহ হোৱাৰ ফলস্বৰূপে জোৱাৰ, ঘেঁহু, বুট, চাউল, বাজৰা, মগু আদিৰ উৎপাদন ভাল হ’ব। পৃথিৱীত বিভিন্ন প্ৰকাৰৰ সুখ-সাধন, ঐশ্চৰ্য্য আৰু বিভিন্ন প্ৰকাৰৰ সাধনৰ বিস্তাৰ হোৱাৰ সম্ভাৱনা আছে। কিন্তু, গুড়, চেনী, গাখীৰ, চাউল আদিৰ উৎপাদন হ্ৰাস পাব পাৰে। বহুতো স্থানত নদ-নদীত পানীৰ স্তৰ কম হ’ব পাৰে। অতপালি, ভয় আদিৰ বাবে জনসাধাৰণৰ মাজত অশান্তি হ’ব পাৰে।

বৰ্ষৰ ৰসেষ শুক্ৰ গ্ৰহ

যজনয়াজনকৌৎসৱকোৎসুকাজনপদাজলতোষিতমানসাঃ।

সুখসুভিক্ষসুমাদৱতীধৰাধৰণিপা হতপাপগণপ্ৰিয়াঃ।।

যদি নতুন সংৱৎসৰৰ ৰসেশ শুক্ৰ গ্ৰহ হয়, তেতিয়া মানুহে যজ্ঞ আৰু মাংগলিক উৎসৱ পালন কৰিবলৈ আগ্ৰহ দেখুৱাব। অনুকূল বৰষুণ হোৱাৰ বাবে মানুহৰ মাজত সন্তুষ্টি আৰু সুখৰ অনুভূতি বৃদ্ধি পাব। পৃথিৱীত ভালদৰে শস্য চপোৱা হ’ব, আৰাম আৰু সমৃদ্ধি বৃদ্ধি হ’ব। বতৰৰ ফল আৰু কৃষি আদিৰ পৰা ভাল উৎপাদন হোৱাৰ সম্ভাৱনা আছে। প্ৰশাসনৰ লোকসকলে ৰাজহুৱা কল্যাণমূলক কামত অধিক আগ্ৰহ দেখুৱায়।

বৰ্ষৰ নীৰসেশ বুধ গ্ৰহ

চিত্ৰৱস্তাদিকংচৈৱশংখচন্দনপূৰ্বকম্।

অৰ্ঘবৃদ্ধিঃপ্ৰজায়েতনীৰসেশোবুধোয়দি।।

নীৰসেশ, যাক কঠিন ধাতৱীয় পদাৰ্থৰ স্বামী বুলি কোৱা হয়, তেওঁ যদি বুধ গ্ৰহ হয়, তেন্তে বিভিন্ন ৰং অৰ্থাৎ ৰং-বিৰঙৰ সুন্দৰ বস্ত্ৰ, চন্দন, কাঠ, হীৰা, মুক্তা, পোখৰাজ, পান্না আদিৰ দৰ বৃদ্ধি পোৱা দেখা যাব। একে সময়তে সোণ, ৰূপ, তাম, লো আদি বিভিন্ন ধাতুৰ মূল্যও বিশেষভাৱে বৃদ্ধি হোৱা দেখা যাব।

বৰ্ষৰ ফলেশ শনি গ্ৰহ

যদিশনিঃফলপঃফলহাভৱেজ্জনিত পুষ্পগণস্য দমঃসদা।

হিমভয়ংৱৰতস্কৰজন্তুভীৰ্জনপদো গদৰাশিসমাকূলঃ।।

যদি বৰ্ষৰ ফলৰ স্বামী শনি গ্ৰহ হয় তেন্তে ফলদাৰ বৃক্ষত ফল আৰু পুষ্পৰ উৎপাদন হ্ৰাস পাব পাৰে। সেউজীয়া ক্ষেত্ৰসমূহত প্ৰতিকূল বৰ্ষা হ’ব পাৰে আৰু ক’ৰবাত ক’ৰবাত অসময়ত বানপানী হ’ব পাৰে। বেইমানী, চুৰি, ঠগ আৰু ভ্ৰষ্টাচাৰ আদিৰ ঘটনা সংঘটিত হ’ব পাৰে। পাহাৰীয়া অঞ্চলসমূহত তুষাৰপাত আদিৰ বাবে হানি হ’ব পাৰে। প্ৰদূষণ, স্বাস্থ্য সম্পৰ্কীয় সমস্যা আদিৰ বাবে অধিকাংশ মানুহ দুখী হ’ব পাৰে। লগতে চহৰত জনসংখ্যাৰ চাপ বৃদ্ধি হ’ব পাৰে।

বৰ্ষৰ ধনেশ মঙ্গল গ্ৰহ

অসমমৌল্যকৰোধৰণীসুতঃ শৰদিনাংপকৰস্তুষধান্যহৃত্।

সহসিমাসিভৱেদ্বিগুণন্তদানৰপতিৰ্জনশোখবিধায়কঃ।।

হিন্দু নৱবৰ্ষ2025ৰ ধনেষ অৰ্থাৎ কোষাধ্যক্ষ মঙ্গল হোৱাৰ বাবে ব্যৱসায়ৰ বস্তুৰ মূল্যৰ ক্ষেত্ৰত উত্থান-পতন দেখা যাব। অৰ্থাৎ ব্যৱসায়ত অস্থিৰতাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। শ্যেয়াৰ বজাৰতো অস্থিৰতাৰ পৰিৱেশ দেখা যাব। মাঘ মাহত বৰষুণ নোহোৱাৰ বাবে আৰু অসময়ত বৰষুণ হোৱাৰ বাবে ঘেঁহু আদি শষ্যৰ উৎপাদন হ্ৰাস পাব পাৰে। গোটেই দেশত অনিশ্চয়তা আৰু অস্থিৰতাৰ পৰিৱেশ বৰ্ত্তি থাকিব। শাসন-প্ৰশাসনৰ অধিকাংশ নীতিয়ে সাধাৰণ জনগণৰ দুখ আৰু কষ্ট বৃদ্ধি কৰিব পাৰে।

বৰ্ষৰ দুৰ্গেশ শনি গ্ৰহ

ৰবিসুতেগঢ়পালিনিবিগ্ৰহে সকলদেশগতাশ্চলিতাজনাঃ।

বিবিধবৈৰিবিশেষিতনাগৰাঃ কৃষিধনং শলভৈৰ্ভুষিতংভুৱিঃঃ

দুৰ্গেশ অৰ্থাৎ সেনাপতি শনি গ্ৰহ হোৱাৰ বাবে এই বৰ্ষত অনেক দেশৰ মাজত আভ্যন্তৰীণ সংঘৰ্ষ, হুলস্থুল আৰু যুদ্ধ আদিৰ দৰে পৰিৱেশৰ বাবে অৰাজকতাৰ উৎপন্ন হ’ব পাৰে যাৰ বাবে মানুহে আতংকিত হৈ নিজৰ ঠাই ত্যাগ কৰি আন ঠাইলৈ পলায়ন কৰিবলৈ বাধ্য হ’ব। বিভিন্ন প্ৰান্ত সাম্প্ৰদায়িক আৰু জাতীয়তাবাদী সংঘৰ্ষ, কাজিয়া বৃদ্ধি পাব তথা পৰিৱেশ অশান্তিজনক হৈ পৰিব। কিছুমান স্থানত বিষাক্ত কীটাণু, নিগনি, অতিবৃষ্টি আৰু অনাবৃষ্টি, প্ৰাকৃতিক দুৰ্যোগ আদিৰ প্ৰকোপ বৃদ্ধি পোৱাৰ বাবে লোকচান হ’ব পাৰে। হিন্দু নৱবৰ্ষ2025ৰ সময়ত বিশেষকৈ ভাদ আৰু আহিন মাহত দেখা যাব পাৰে।

স্বয়ং ৰাজা স্ৱয়ং মন্ত্ৰী জনেষু ৰোগপীড়া চৌৰাগ্নি।

শংকা - বিগ্ৰহ- ভয়ং চ নৃপাণাম্।।

নৱ সংবৎসৰ 2082ৰ ৰজা আৰু মন্ত্ৰী দুয়োটা পদতেই সূৰ্য্য দেৱতা অধিষ্ঠিত হৈছে। যদি একেটা বৰ্ষত এই দুয়োটা পদ একেটা গ্ৰহে প্ৰাপ্ত কৰে তেতিয়া বিভিন্ন দেশৰ ৰাজনেতাসকল নিৰংকুশ হ’ব পাৰে। এনে পৰিস্থিতিত, নিজৰ ইচ্ছা মতে আচৰণ কৰাৰ স্থিতি আহিব পাৰে আৰু নিজৰ অভিসিদ্ধি পূৰণ কৰিবৰ বাবে যিকোনো কাম কৰিবলৈ তৎপৰ হৈ থাকিব। ভূমিকম্প, বানপানী, অগ্নিকাণ্ড, প্ৰাকৃতিক উপদ্ৰৱ তথা সাম্প্ৰদায়িক হিংস আৰু জাতীয় উপদ্ৰৱ বৃৃদ্ধি পাব পাৰে। বৰষুণৰ অভাৱ আৰু ইয়াৰ বাবে জলবায়ুত উষ্ণতা বৃদ্ধিৰ যোগ আছে তথা শীত কম হ’ব। মানুহৰ মাজত আৱেগ, ক্ৰোধ আৰু উত্তেজনাৰ কাৰণে সিংসাত্মক ঘটনা অধিক হ’ব পাৰে। বিৰোধী নেতা আৰু শাসনত থকা নেতাকলৰ মাজত সংঘাত আৰু আৰোপ-প্ৰত্যাৰোপ অধিক হোৱাৰ যোগ আছে। ডকাইতি, চুৰি, লুতপাত, অগ্নিকাণ্ড আৰু মানুহৰ মাজত ডাঙৰ ৰোগ, চাপ, চকুৰ সমস্যা তথা ৰক্ত আৰু পিত্তৰ সৈতে জড়িত ৰোগ হোৱাৰ আশংকা আছে। শষ্যৰ দ্ৰুত উৎপাদনৰ বাবে ব্যৱসায়ীসকলে ইয়াৰ লাভ অৰ্জন কৰিব পাৰিব।

এইদৰে আমি হিন্দু নৱবৰ্ষ2025 ৰনতুন সংৱৎসৰ 2082 সম্পৰ্কে বহুখিনি কথা ওপৰত জানিব পাৰিলোঁ। যদিহে এই বিষয়ে সংক্ষেপত ক’বলৈ যাওঁ আৰু ইয়াৰ প্ৰভাৱৰ বিষয়ে ক’বলৈ যোৱা যায় তেনেহ’লে ক’ব পাৰি যে:

আমি আশা ৰাখিছোঁ যে হিন্দু নৱ বৰ্ষ চৈত্ৰ শুক্ল প্ৰতিপদ 2025 (নতুন সংৱৎসৰ 2082) আপোনাৰ বাবে অত্যন্ত শুভ আৰু মঙ্গলময় হওক তথা আপোনাৰ জীৱনৰ সকলোবোৰ শুভ হওক। আমি আপোনাৰ উজ্বল ভৱিষ্যতৰ বাবে শুভকামনা জনাইছোঁ।

সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক: এষ্ট্ৰোচেজ অনলাইন শ্বপিং ষ্টোৰ

আমি আশা ৰাখিছোঁ যে আপুনি এই প্ৰৱন্ধটো ভাল পাইছে। এষ্ট্ৰোচেজৰ সৈতে সংযুক্ত হৈ থকাৰ বাবে আপোনাক অশেষ ধন্যবাদ!

সঘনাই সোধা প্ৰশ্ন

1. 2025 ত হিন্দু নৱবৰ্ষ কেতিয়াৰপৰা আৰম্ভ হ’ব?

হিন্দু পঞ্চাংগ অনুসৰি, এই বৰ্ষৰ হিন্দু নৱবৰ্ষৰ আৰম্ভণি 30 মাৰ্চ 2025, দেওবাৰৰপৰা হ’ব।

2. এই বৰ্ষত বিক্ৰম সংৱন্তৰ কি বৰ্ষ আৰম্ভ হ’ব?

বৰ্ষ 2025 ত চ’ত মাহৰ শুক্ল প্ৰতিপদ তিথিৰপৰা বিক্ৰম সংৱৎ 2082 ৰ আৰম্ভ হ’ব।

3. বিক্ৰম সংৱৎ 2082 ৰ ৰজা কোন হ’ব?

সংৱৎ 2082 ৰজা সূৰ্য্য দেৱতা হ’ব।

Talk to Astrologer Chat with Astrologer