2025 ত কেতিয়া পালন কৰা হ’ব হোলী? জানক!

Author: Lobitha Dutta | Updated Fri, 28 Feb 2025 05:04 PM IST

হোলী বা ফাকুৱা 2025 ৰ উৎসৱটোৰ ধাৰ্মিক, সাংস্কৃতিক আৰু জ্যোতিষীয় দৃষ্টিকোণৰপৰা বিশেষ গুৰুত্ব আছে যি প্ৰতিপদ তিথিত পালন কৰা হয়। বসন্ত ঋতু আৰম্ভ হোৱাৰ লগে লগেই সকলোৱে ফাকুৱাৰ বাবে অধীৰ হৈ অপেক্ষা কৰি থাকে। ফাকুৱ বা হোলী উৎসৱ দুদিন পালন কৰা হয়। প্ৰথম দিনাখন হোলিকা দহন কৰা হয় আৰু দ্বিতীয় দিনা ৰং খেলা হয়। হিন্দু ধৰ্মত হোলিকা দহনক অশুভৰ ওপৰত শুভৰ জয়ৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। ভাৰতৰ লগতে গোটেই পৃথিৱীতে ইয়াৰ এক অনন্য উৎসাহ আৰু উদ্বীপনা দেখিবলৈ পোৱা যায়। পাৰস্পৰিক প্ৰেম-ভালপোৱা আৰু আনন্দৰ উৎসৱ হৈছে হোলী সেয়েহে এই উৎসৱত মানুহে ইজনে সিজনৰ গাত ৰং সানি আগৰ সকলো খং-অভিমান পাহৰি যায়। হোলীত মানুহে নিজৰ ঘৰত বিভিন্ন ধৰণৰ সুস্বাদু ব্যঞ্জন, পানীয় আৰু গুজিয়া মিঠাই ইত্যাদি প্ৰস্তুত কৰে। মানুহে পৰস্পৰৰ গাত ৰং সানি উৎসৱৰ আনন্দ উপভোগ কৰে আৰু হোলীৰ শুভকামনা জনায়।


এয়াও পঢ়ক: ৰাশিফল 2025

পৃথিৱীৰ বিদ্বান জ্যোতিষীসকলৰ সৈতে কল/চাটত কথা পাতক আৰু জানক আপোনাৰ ভৱিষ্যতৰ সৈতে জড়িত সকলো তথ্য

বসন্তোৎসৱৰ ৰূপত হোলী প্ৰতি বছৰে প্ৰতিপদ তিথিত পালন কৰা হয়। সৰল ভাষাত ক’বলৈ গ’লে এই উৎসৱ হৈছে বসন্ত ঋতুৰ আগমন আৰু শীতৰ সামৰণিৰ প্ৰতীক। অৱশ্যে, এই বছৰ হোলী 2025 ত চন্দ্ৰগ্ৰহণৰ ছাঁয়া থাকিব। এষ্ট্ৰোচেজ এ’আই-ৰ হোলী বা ফাকুৱা 2025 স্পেচিয়েল এই বিশেষ প্ৰৱন্ধটোত আমি আপোনাক হোলী কেতিয়া আছে আৰু ইয়াৰ শুভ মুহুৰ্ত কি সেই বিষয়ে অৱগত কৰিম। লগতে জনাম চন্দ্ৰগ্ৰহণ ভাৰতত দেখা যাব নে নাই? তাৰোপৰি হোলীত ৰাশি অনুসৰি পালন কৰিবলগীয়া উপায়সমূকে আদি কৰি সকলোবোৰ কথা বিস্তৃতভাৱে অৱগত কৰিম। তেনেহ’লে আহক পলম নকৰি আগবাঢ়ি যাওঁ আৰু হোলী বা ফাকুৱা 2025 ৰ বিষয়ে সকলোবোৰ কথা জানি লওঁ।

হোলী 2025: তিথি আৰু শুভ মুহুৰ্ত

হিন্দু পঞ্জিকা অনুসৰি, প্ৰতি বছৰৰ চ’ত মাহৰ কৃষ্ণ পক্ষৰ প্ৰতিপদ তিথিত হোলী বা ফাকুৱা উৎসৱ পালন কৰা হয়। ইয়াৰ প্ৰথম দিনটো ধুলণ্ডী বা হোলিকা দহন হিচাপে পালন কৰা হয়। আহক এতিয়া দৃষ্টি প্ৰদান কৰোঁ বৰ্ষ 2025 ৰ হোলীৰ তিথি আৰু ইয়াৰ শুভ মুহুৰ্তৰ ওপৰত।

হোলী বা ফাকুৱা 2025 তিথি: 14 মাৰ্চ 2025, শুক্ৰবাৰ

পূৰ্ণিমা তিথিৰ আৰম্ভণি: 13 মাৰ্চ 2025 ৰ ৰাতিপুৱা 10 বাজি 38 মিনিটৰপৰা,

পূৰ্ণিমা তিথিৰ সমাপ্তি: 14 মাৰ্চ 2025 ৰ দুপৰীয়া 12 বাজি 27 মিনিট পৰ্য্যন্ত।

বৃহৎ কুণ্ডলী ত নিহিত হৈ আছে, আপোনাৰ জীৱনৰ সকলোবোৰ গোপন ৰহস্য, জানক গ্ৰহসমূহৰ গতি-বিধিৰ সম্পূৰ্ণ লেখ-জোখ

হোলী বা ফাকুৱা 2025 ত পৰিব চন্দ্ৰ গ্ৰহণৰ ছাঁয়া

যোৱাটো বৰ্ষৰ দৰেই অৰ্থাৎ বৰ্ষ 2024 ৰ দৰে এই বৰ্ষতো হোলীত চন্দ্ৰ গ্ৰহণ লাগিব। হোলীত চন্দ্ৰ গ্ৰহণ লগাৰ বাবে মানুহৰ মনত এই উৎসৱ পালন কৰাক লৈ কিছু সন্দেহ আহি পৰিছে, গতিকে জনাব বিচাৰোঁ যে ফাগুনৰ শুক্ল পক্ষৰ পূৰ্ণিমা তিথি অৰ্থাৎ 14 মাৰ্চ, 2025 ত চন্দ্ৰ গ্ৰহণ লাগিব। এই গ্ৰহণৰ আৰম্ভণই ৰাতিপুৱা 10 বাজি 41 মিনিটত হ’ব আৰু ইয়াৰ সমাপ্তি দুপৰীয়া 02 বাজি 18 মিনিটত হ’ব। এই গ্ৰহণ পৃথিৱীৰ বিভিন্ন দেশ যেনে অধিকাংশ অষ্ট্ৰেলিয়া, ইউৰোপ, অধিকাংশ আফ্ৰিকা, উত্তৰ আৰু দক্ষিণ আমেৰিকা, প্ৰশান্ত, আটলাণ্টিক আৰ্কটিক মহাসাগৰ, পূব এছিয়া আদিত দৃশ্যমান হ’ব। অৱশ্যে, বৰ্ষ 2025 ৰ প্ৰথমটো চন্দ্ৰ গ্ৰহণ ভাৰতত দেখা পোৱা নাযাব।

টোকা: চন্দ্ৰ গ্ৰহণ 2025 ভাৰতত দৃশ্যমান নহয় সেয়েহে সুতক কাল মান্য নহ’ব। এনে পৰিস্থিতিত, হোলীৰ পৰ্ব দেশত ধুমধামেৰে পালন কৰিব পৰা যাব।

এতিয়া আমি আগবাঢ়ি যাওঁ আৰু জানি লওঁ হোলীৰ সৈতে জড়িত পৰস্পৰাসমূহৰ বিষয়ে।

চন্দ্ৰ গ্ৰহণ ৰ বিষয়ে বিস্তৃতভাৱে পঢ়িবৰ বাবে, ক্লিক্ কৰক।

হোলী আৰু ইয়াৰ ইতিহাস

সময়ৰ লগে লগে হোলী বা ফাকুৱা উৎসৱ পালন কৰাৰ ধৰণো সলনি হৈছে আৰু যুগৰ লগে লগে ইয়াৰ উদযাপনৰ ৰীতিৰো পৰিৱৰ্তন হৈছে কিন্তু, সকলোতকৈ প্ৰাচীন উৎসৱ হোৱাৰ হেতুকে হোলীক ভিন ভিন নামেৰে জনা যায় আৰু ইয়াৰ সৈতে বিভিন্ন পৰম্পৰা জড়িত হৈ আছে।

আৰ্য্যসকলৰ হোলকা

প্ৰাচীন সময়ত হোলীক হোলকা বুলি কোৱা হৈছিল আৰু এই পৰ্বত আৰ্য্যসকলৰদ্বাৰা নৱাত্ৰৈষ্টি যজ্ঞ সম্পন্ন কৰা হৈছিল। হোলীৰ দিনা হোলকা নামৰ অন্নৰে হোম সম্পন্ন কৰাৰ পিছত তাৰ প্ৰসাদ গ্ৰহণ কৰাৰ পৰস্পৰা আছিল। হোলকা হৈছে খেতিত থকা আধা কেঁচা আৰু আধা পকা অন্ন সেয়েহে এই উৎসৱক হোলকা উৎসৱ নামেৰেও জনা যায়। লগতে, সেই সময়ত নতুন শস্যৰ কিছু অংশ দেৱ-দেৱীলৈ আগবঢ়োৱা হয়। কেৱল সেয়াই নহয়, সিন্ধু উপত্যকাৰ সভ্যতাতো হোলী আৰু দেৱালী উৎসৱ পালন কৰাৰ প্ৰমাণ পোৱা গৈছে।

হোলিকা দহন

ধৰ্মীয় গ্ৰন্থ অনুসৰি, হোলিকা দহনৰ দিনা অসুৰ হিৰণ্যকশিপুৰ ভগ্নী হোলিকাই প্ৰহ্লাদক হত্যা কৰিবৰ বাবে প্ৰহ্লাদক কোলাত লৈ অগ্নিক প্ৰৱেশ কৰিছিল আৰু নিজেই অগ্নিত জ্বলি ভস্ম হৈ গৈছিল। ইয়াৰ প্ৰতীক স্বৰূপে হোলিকা দহন কৰা হয় যি হৈছে হোলীৰ প্ৰথম দিন।

মহাদেৱে কৰিছিল কামদেৱক ভস্ম

হোলী উৎসৱৰ সৈতে অনেক কাহিনী জড়িত হৈ আছে আৰু ইয়াৰে এক অন্যতম কাহিনী হৈছে কামদেৱৰ কাহিনী। কোৱা হয় যে হোলীৰ দিনা ভগৱান শিৱই ক্ৰোধাম্বিত হৈ কামদেৱক ভস্ম কৰি দিছিল আৰু তাৰ পিত তেওঁক পুণৰ জীৱন দান দিছিল। অন্য এটা বিশ্বাস আছে যে হোলীৰ দিনা ৰজা পৃথুৱে নিজৰ ৰাজ্যৰ শিশুসকলৰ সুৰক্ষাৰ বাবে ৰাক্ষসী ঢুণ্ঢীক খৰিৰ আগত জুই লগাই বধ কৰিছিল। এই দুয়োটা কাৰণৰ বাবে হোলীক ‘বসন্ত মহোৎসৱ’ বা ‘কাম মহোৎসৱ’ নামেৰে জনা যায়।

পাওক আপোনাৰ কুণ্ডলী আধাৰিত সঠিক শনি প্ৰতিৱেদন

ফাকুৱা বা ফাগুৱা উৎসৱ

কোৱা হয় যে ত্ৰেতা যুগৰ আৰম্ভণিতে ভগৱান বিষ্ণুৱে ধূলি বন্দনা কৰিছিল আৰু সেই দিনাখনৰপৰা ধুলেণ্ডী পৰ্ব পালন কৰা হয়। হোলিকা দহনৰ পিছত 'ৰং উৎসৱ' পালন কৰাৰ পৰম্পৰা দ্বাপৰ যুগত ভগৱান কৃষ্ণই আৰম্ব কৰিছিল আৰু সেইখিনি সময়ৰপৰা ফাগুণ মাহত পালন কৰাৰ বাবে হোলীক ফাগুৱা বা ফাকুৱা নামেৰে কোৱা হয়। মান্যতা আছে যে শ্ৰী কৃষ্ণই ৰাধাৰ ওপৰত ৰং ঢালিছিল আৰু তেতিয়াইপৰাই ৰংগ পঞ্চমীৰ উৎসৱ পালন কৰা হয়। হোলী উৎসৱত ৰং খেলাৰ আৰম্ভণি শ্ৰীকৃষ্ণয়েই আৰম্ভ কৰিছিল বুলি কোৱা হয়।

প্ৰাচীন চিত্ৰত হোলীৰ বৰ্ণনা

যদিহে আমি প্ৰাচীন কালত নিৰ্মিত ভাৰতৰ মন্দিৰসমূহৰ দেৱালবোৰলৈ মন কৰোঁ, তেনেহ’লে হোলী উৎসৱৰ বৰ্ণনা সন্নিৱিষ্ট থকা অনেক চিত্ৰ বা মূৰ্তি আমাৰ চকুত পৰিব। এই ক্ৰম অনুসৰি, 16শ শতিকাত বিজয়নগৰৰ ৰাজধানী হাম্পীত নিৰ্মিত এটা মন্দিৰ, আহমদনগৰৰ চিত্ৰ আৰু মেৱাড়ৰ চিত্ৰত হোলী উৎসৱ চিত্ৰিত কৰা হৈছে।

হোলী 2025 ৰ সৈতে জড়িত পৌৰাণিক কথা

ধৰ্ম গ্ৰন্থত হোলীৰ সৈতে জড়িত অনেক কাহিনী বা কথাৰ বৰ্ণনা কৰা হৈছে যাৰ বিষয়ে আমি এতিয়া বিস্তৃতভাৱে আলোচনা কৰিম।

দ্বাপৰ যুগত ৰাধা-কৃষ্ণৰ হোলী

হোলী উৎসৱক সদায় ভগৱান কৃষ্ণ আৰু ৰাধা ৰাণীৰ সৈতে সংযুক্ত কৰা হয় যি তেওঁলোকৰ অটুত প্ৰেমক দৰ্শিত কৰে। শাস্ত্ৰ অনুসৰি, দ্বাপৰ যুগত ৰাধা কৃষ্ণ আৰু ৰাধাই বৰসানাত খেলা হোলীৰপৰাই হোলা উৎসৱৰ আৰম্ভণি হয়। এই পৰম্পৰাৰ পালন কৰি আজিও বৰসানা আৰু নন্দগাঁৱত লাঠমাৰ হোলী খেলা হয় যি গোটেই পৃথিৱীতে প্ৰসিদ্ধ।

ভক্ত প্ৰহ্লাদৰ ভক্তিৰ কাহিনী

ধৰ্ম গ্ৰন্থত হোলীৰ কথাৰ সম্বন্ধ ভক্ত প্ৰহ্লাদৰ সৈতেও সংযুক্ত আছে আৰু এই কথা অনুসৰি, হোলিকা দহন মুখ্যতঃ ভক্ত প্ৰহ্লাদৰ স্মৃতিত সম্পন্ন কৰা হয়। ভক্ত প্ৰহ্লাদৰ জন্ম ৰাক্ষস বংশত হৈছিল কিন্তু তেওঁ সৰুৰেপৰাই ভগৱান বিষ্ণুৰ এগৰাকী মহান ভক্ত আছিল। তেওঁৰ দেউতাক হিৰণ্যকাশ্যপ, যি ৰাক্ষস বংশৰ ৰজা আছিল তেওঁ অত্যন্ত শক্তিশালী আছিল। হিৰণ্যকাশ্যপে নিজ পুত্ৰৰ বিষ্ণু ভক্তি মুঠেও পছন্দ কৰা নাছিল আৰু পুত্ৰৰ ঈশ্বৰৰ প্ৰতি থকা ভক্তি দেখি হিৰণ্যকাশ্যপ ক্ৰোধিত হৈছিল। তেওঁ নিজ পুত্ৰৰ এই ভক্তি পছন্দ নকৰিলে আৰু ইয়াৰ বাবে, হিৰণ্যকশিপুৱে প্ৰহ্লাদক বহু প্ৰকাৰৰ জঘন্য দুখ-কষ্ট দিছিল। তেওঁৰ পেহীয়েক হোলিকা যি এনে এক বস্ত্ৰ বৰদান হিচাপে লাভ কৰিছিল যিটো পিন্ধি তেওঁ অগ্নিৰ ওপৰত বহিলেও অগ্নিয়ে তেওঁক দহন কৰিব নোৱাৰে। হোলিকাই ভক্ত প্ৰহ্লাদক হত্যা কৰিবৰ বাবে এই বস্ত্ৰ পৰিধান কৰি প্ৰহ্লাদক কোলাত লৈ অগ্নিত প্ৰৱেশ কৰিছিল যাতে প্ৰহ্লাদৰ মৃত্যু হয়। কিন্তু ভগৱান বিষ্ণুৰ কৃপাত হোলিকা সেই জুইত ভস্মীভূত হয় আৰু প্ৰহ্লাদ ৰক্ষা পৰে। তেতিয়াৰ পৰা, হোলিকা দহন উৎসৱ প্ৰতি বছৰে অশুভৰ ওপৰত শুভৰ জয়ৰ প্ৰতীক হিচাপে অতি ধুমখীয়াকৈ উদযাপন কৰা হয়।

শিৱ-গৌৰীৰ কথা

হোলীৰ সম্পৰ্কত এটা কাহিনীৰ বৰ্ণনা শিৱপুৰাণতো আছে আৰু এই কাহিনী অনুসৰি পৰ্বতৰাজ হিমালয়ৰ পুত্ৰী মাতা পাৰ্বতীয়ে ভগৱান শিৱৰ সৈতে বিবাহত বহিবৰ বাবে কঠোৰ তপস্যা কৰিছিল। ইন্দ্ৰ দেৱতাই বিচাৰিছিল যে দেৱী পাৰ্বতী আৰু ভগৱান শিৱৰ বিবাহ হোৱাটো কাৰণ নৰকাসুৰ নামৰ এটা ৰাক্ষসৰ বধ কেৱল শিৱ-পাৰ্বতীৰ পুত্ৰৰদ্বাৰাহে সম্ভৱ সেয়েহে ইন্দ্ৰদেৱতা আৰু সকলো দেৱ-দেৱতাই কামদেৱক শিৱৰ তপস্যা ভংগ কৰাৰ কাম ন্যস্ত কৰিছিল। মহাদেৱৰ তপস্যা ভংগ কৰিবৰ বাবে কামদেৱে ভগৱান শিৱৰ ওপৰত 'পুষ্প' বাণৰ প্ৰয়োগ কৰিছিল।

কেৰিয়াৰক লৈ হৈ আছে টেনশ্যন! এতিয়াই অৰ্ডাৰ কৰক কগ্নিএষ্ট্ৰো প্ৰতিৱেদন

হোলীৰ লগত জড়িত পৰম্পৰাই আপোনাক কৰি তুলিব আচৰিত

বিবাহত সন্মতি: মধ্যপ্ৰদেশৰ এটা সমূদায়ত যুৱকে নিজৰ পছন্দ যুৱতীগৰাকীৰপৰা বিবাহৰ অনুমতি ল’বৰ বাবে মাদল নামৰ এটা বাদ্য বজায় আৰু নাচি নাচি যুৱতীগৰাকীৰ গাত ফাকু সানি দিয়ে। যুৱতীয়ে অনুমতি দিলেহে তেওঁ যুৱতীগৰাকীৰ গাত ৰং লগায়।

পত্থৰ মাৰ হোলী: ৰাজস্থানৰ বাঞ্চৱাড়া আৰু ডুংগৰপুৰৰ আদিবাসী সমূদায়ত পাথৰ মাৰি হোলী খেলাৰ পৰম্পৰা আছে। এই সমূদায়ৰ লোকসকলে ইজনে সিজনৰ গালৈ পাথৰ দলিয়াই হোলী খেলে। এই খেলত কোনোবা আঘাতপ্ৰাপ্ত হ’লে তাক শুভ হিচাপে গণ্য কৰা হয়।

অঙঠাৰ হোলী: য’ত ৰং আৰু ফুলেৰে হোলী খেলাৰ পৰম্পৰা আছে তাত মধ্যপ্ৰদেশৰ মালৱা নামৰ ঠাইত জ্বলি থকা অঙঠা ইজনে সিজনৰ গালৈ দলিয়াই হোলী খেলে। বিশ্বাস কৰা হয় যে অঙঠাৰে হোলী খেলিলে হোলিকা ৰাক্ষসীৰ নাশ হয়।

হোলীৰ নিশ্চিতভাৱে অৱলম্বন কৰক এই সাৱধানতাসমূহ

ছালৰ যত্ন: হোলীৰ ফাকুৰে হোলী খেলাৰ পূৰ্বে নিজৰ ছালত তেল, ঘিউ, মালাই বা কোনো তেলীয়া ক্ৰীম নিশ্চয় লগাই লওক যাতে ছালৰ ওপৰত বেয়া প্ৰভাৱ নপৰে।

চুলিৰ সুৰক্ষা: ফাকু বা ৰঙৰপৰা চুলিকোছা বচাবৰ বাবে নিজৰ চুলিত ভাল তেল লগাই লওক কাৰণ ৰঙে আপোনাৰ চুলি ৰূক্ষ আৰু দুৰ্বল কৰি তুলিব পাৰে।

চকুৰ প্ৰতি ৰাখক ধ্যান: হোলীৰ ফাকু খেলাৰ সময়ত যদিহে চকুত ফাকু সোমাই যায় তেতিয়া চতুযুৰি তৎক্ষণাত পানীৰে ধোৱক। বেছি দেৰি হ’লে পলম নকৰি চিকিৎসকৰ ওচৰলৈ যাওক।

হাৰ্বেল ৰঙৰ প্ৰয়োগ কৰক: হোলীত কেমিকেল যুক্ত ৰঙৰ সলনি হাৰ্বেল আৰু অৰ্গেনিক ৰঙৰ প্ৰয়োগ কৰক যাৰদ্বাৰা আপুনি নিশ্চিন্তবাৱে হোলীৰ আনন্দ উপভোগ কৰিব পাৰিব।

বিদ্বান জ্যেতিষীক প্ৰশ্ন সোধক আৰু লাভ কৰক সকলো সমস্যাৰ সমাধান

হোলী 2025 ত ৰাশি অনুসৰি কৰক এই উপায়, ধন-সম্পত্তি হ’ব বৃদ্ধি

মেষ ৰাশি

মেষ ৰাশিৰ জাতকসকলে হোলীত মঙ্গল গ্ৰহৰ সৈতে জড়িত বস্তু যেনে চফ, মচুৰ দালি আদি দান কৰক। ঘৰৰ পুৰণি তামৰ বস্তু আতৰাই নতুন বস্তু ৰাখক। ভগৱান কৃষ্ণক শুদ্ধ দেশী ঘিউৰে তৈয়াৰী মিঠাই ভোগ হিচাপে আগবঢ়াওক।

বৃষ ৰাশি

বৃষ ৰাশিৰ জাতকসকলে হোলী 2025 ত দৈ, চাউল আৰু চেনী দান কৰিব লাগে। এনে কৰাৰদ্বাৰা তেওঁলোকৰ শুক্ৰ শক্তিশালী হ’ব। ঘৰত শ্ৰী কৃষ্ণৰ বাবে ভজন-কীৰ্তন বা সৎসংগৰ আয়োজন কৰক।

মিথুন ৰাশি

মিথুন ৰাশিৰ জাতকসকলৰ বাবে হোলী হালধীয়া ৰঙেৰে খেলাটো শুভ হ’ব। লগতে, কপালত কেশৰৰ তিলক লগাওক আৰু ভগৱান কৃষ্ণ আৰু ৰাধাৰো কেশৰেৰে তিলক কৰক।

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ জাতকসকলে হোলীৰ দিনা কপালত চন্দনৰ তিলক লগাওক আৰু ৰূপৰ কোনো আভূষণ যেনে চেইন, আঙুঠি আদি ধাৰণ কৰক। লগতে, শ্ৰী কৃষ্ণক ঘৰত তৈয়াৰ কৰা মাখন অৰ্পণ কৰক।

সিংহ ৰাশি

সিংহ ৰাশিৰ জাতকসকলে হোলী উৎসৱৰ দিনা গুড় আৰু শস্যৰে তৈয়াৰী ব্যঞ্জনৰ সেৱন কৰা উচিত। নিজৰ সামৰ্থ্য অনুসৰি গুড় বা পীতলৰ বস্তু দান কৰক আৰু ৰাধা-কৃষ্ণৰ মন্দিৰ দৰ্শনৰ বাবে যাওক।

কন্যা ৰাশি

কন্যা ৰাশিৰ জাতকসকলে নিজৰ ঘৰ আৰু ওচৰ-পাজৰৰ ঠাইসমূহ পৰিস্কাৰ কৰক।

মন্দিৰৰ পুৰণা বস্তু সলাওক আৰু ভগৱান কৃষ্ণক হালধীয়া ফুল আগবঢ়াওক।

তুলা ৰাশি

তুলা ৰাশিৰ জাতকসকলে হোলীত স্নান কৰাৰ পিছত ৰূপৰ এটা টুকুৰা, এটা পুৰণা সিকি, কেইটামান চাউল আৰু পাঁচটা গোমতী চক্ৰ লৈ ৰঙা কাপোৰত বান্ধক আৰু নিজৰ মূৰৰ ওপৰেৰে সাতবাৰ ঘূৰাই প্ৰৱাহিত পানীত উটুৱাই দিয়ক।

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ জাতকসকলে কেৰিয়াৰত শুভ ফল লাভ কৰিবৰ বাবে বা জেষ্ঠ্য সহকৰ্মীসকলৰ সহযোগিতা প্ৰাপ্ত কৰিবৰ বাবে হোলীৰ দিনা ৰাতিপুৱা “ ঔঁ নমো ভগৱতে বাসুদেৱায় নমঃ ” মন্ত্ৰ 11 মালা জপ কৰক।

ধনু ৰাশি

ধনু ৰাশিৰ যিসকল জাতক বেয়া দৃষ্টিৰ বাবে সমস্যাক্ৰান্ত হৈ আছে আৰু যদিহে ব্যৱসায়ত সমস্যা আহিছে, তেনেহ’লে তেওঁলোকে হোলী 2025 ত শ্ৰী কৃষ্ণৰ মন্দিৰলৈ ধূপ, চাকি আৰু নাৰিকল তেল লৈ যাওক। ইয়াৰ পিছত, এই সকলোবোৰ বস্তু নিজৰ মূৰৰ ওপৰেৰে সাত বাৰ ঘূৰাই পানীত উটুৱাই দিয়ক।

মকৰ ৰাশি

মকৰ ৰাশিৰ জাতকসকলে হোলী উৎসৱৰ দিনা স্নান কৰি উঠি বটগছত তিনিকোণীয়া বগা ৰঙৰ কাপোৰৰ পতাকা লগাওক।

কুম্ভ ৰাশি

কুম্ব ৰাশিৰ জাতকসকলে বাবে হোলীৰ দিনা সন্ধ্যা সময়ত বটগছত পানী অৰ্পণ কৰাটো শুভ হ’ব আৰু ইয়াৰ পিছত ভগৱানক প্ৰাৰ্থনা কৰক।

মীন ৰাশি

মীন ৰাশিৰ জাতকসকলে হোলী 2025 ত ঘিউ আৰু আতৰ পৱিত্ৰ স্থানত দান কৰা উচিত। লগতে, গাই গৰুৰ সেৱা কৰক কাৰণ এনে কৰাৰদ্বাৰা আপোনাৰ সৌভাগ্য বৃদ্ধি হ’ব।

সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক: অনলাইন শ্বপিং ষ্টোৰ

আমি আশা ৰাখিছোঁ যে আপুনি আমাৰ এই প্ৰৱন্ধটো নিশ্চয় ভাল পাইছে। যদিহে ভাল পাইছে তেনেহ’লে আপোনাৰ অন্য শুভাকাংক্ষীসকলকো এই প্ৰৱন্ধটোৰ কথা জনাওক। ধন্যবাদ

সঘনাই সোধা প্ৰশ্ন

1. 2025 ত হোলী কেতিয়া আছে?

এই বছৰ হোলী উৎসৱ 14 মাৰ্চ 2025 ত পালন কৰা হ’ব।

2. হোলী কিয় পালন কৰা হয়?

হোলীক অশুভৰ ওপৰত শুভৰ জয়ৰ প্ৰতীক হিচাপে পালন কৰা হয়।

3. হোলীত কি কৰা হয়?

হোলী হৈছে আনন্দৰ উৎসৱ সেয়েহে এই দিনটোত সকলো খং-অভিমান পাহৰি পেলাই ইজনে সিজনৰ গাত ৰং সানে।

Talk to Astrologer Chat with Astrologer