সূৰ্য্য গ্ৰহণ 2025 - Surjya Grahan 2025

Author: Pallabi Pal | Updated Fri, 21 Mar 2025 09:15 AM IST

এষ্ট্ৰোচেজৰ এ’আই-য়ে সময়ে সময়ে নিজৰ পাঠকসকলক জ্যোতিষৰ পৃথিৱীত হ’বলগীয়া পৰিৱৰ্তনসমূহৰ বিষয়ে অৱগত কৰে। আজি এই বিশেষ প্ৰৱন্ধটোত আমি আপোনাক সূৰ্য্য গ্ৰহণ 2025 সম্পৰ্কে বিস্তৃতভাৱে অৱগত কৰিম। জনাব বিচাৰিছোঁ যে 2025 ৰ প্ৰথমটো সূৰ্য্য গ্ৰহণ29মাৰ্চ2025 তলাগিব আৰু সেই দিনটোত জ্যোতিষৰ পৃথিৱীত সকলোতকৈ গুৰুত্বপূৰ্ণ পৰিবহন হিচাপে গণ্য কৰা শনিৰ মীন ৰাশিত পৰিবহনো হ’ব। যদিহে আপুনিও জানিব বিচাৰে সূৰ্য্যগ্ৰহণ 2025 ৰ বিষয়ে সকলোবোৰ তথ্য, তেনেহ’লে এই লেখাটো আদিৰপৰা অন্তলৈকে পঢ়ক।


এয়াও পঢ়ক: ৰাশিফল 2025

পৃথিৱীৰ বিদ্বান জ্যোতিষীসকলৰ সৈতে কল/চাটত কথা পাতক আৰু জানক আপোনাৰ ভৱিষ্যতৰ সৈতে জড়িত সকলো তথ্য

সূৰ্য্য গ্ৰহণক গুৰুত্বপূৰ্ণ জ্যোতিষীয় আৰু খগোলীয় ঘটনা হিচাপে গণ্য কৰা হয়। যেতিয়া সূৰ্য্য, পৃথিৱী আৰু চন্দ্ৰ এডাল পোণ ৰেখাত স্থিত হয় তেতিয়া এই গঠনাক সূৰ্য্য গ্ৰহণ বুলি কোৱা হয়। আমি সকলোৱেই জানো যে পৃথিৱীয়ে নিজৰ কেন্দ্ৰত আৱৰ্তন কৰি সূৰ্য্যৰ পৰিক্ৰমা কৰে। এই দৰে চন্দ্ৰমাও পৃথিৱীৰ উপগ্ৰহ হোৱাৰ বাবে পৃথিৱীৰ পৰিক্ৰমা কৰে। আমি জানো যে কেৱল সূৰ্য্য দেৱতাৰ ৰশ্মিৰদ্বাৰাহে পৃথিৱীত জীৱনত সম্ভৱপৰ হয়, আৰু সূৰ্য্যৰ পোহৰেই পৃথিৱী আৰু চন্দ্ৰত পৰে। পৃথিৱী আৰু চন্দ্ৰমা নিজ নিজ কক্ষপথত গতি কৰি থাকে আৰু এনে স্থিতিত কেতিয়াবা কেতিয়াবা চন্দ্ৰমা পৃথিৱীৰ ইমান সমীপলৈ আহে যে সূৰ্য্যৰ ৰশ্মিয়ে পৃথিৱী স্পৰ্শ কৰিব নোৱাৰা হয়, তেতিয়া এই স্থিতিক সূৰ্য্যগৰ্হণ বুলি কোৱা হয়।

সূৰ্য্য গ্ৰহণ 2025: জ্যোতিষৰ দৃষ্টিৰে

জ্যোতিষত সূৰ্য্য গ্ৰহণক এক বিশেষ ঘটনা হিচাপে গণ্য কৰা হয়। ই এনে এক সময়ক দৰ্শায় যেতিয়া সূৰ্য্য, পৃথিৱী আৰু চন্দ্ৰমা একেডাল পোণ ৰেখাত অৱস্থিত হয়। এনে অৱস্থাত, পৃথিৱী আৰু সূৰ্য্যৰ মাজলৈ চন্দ্ৰমা আহি কিছু সময়ৰ বাবে সূৰ্য্যৰ পোহৰ পৃথিৱীত পৰাত বাধা প্ৰদান কৰে আৰু এই ঘটনাক পৰিৱৰ্তনকাৰী হিচাপে গণ্য কৰা হয়। মান্যতা আছে যে সূৰ্য্য গ্ৰহণে পৃথিৱীলৈ নতুন আৰম্ভণি কঢ়িয়াই আনে আৰু ইয়াৰ প্ৰভাৱে কোনো ব্যক্তিৰ জীৱনলৈ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন কঢ়িয়াই আনিব পাৰে। সূৰ্য্য় গ্ৰহণে সংকেত প্ৰদান কৰে যে আপুনি নিজৰ জীৱনত যি লাভ কৰিব বিচাৰে, সেয়া পাবৰ বাবে মনোযোগ কেন্দ্ৰিত কৰা উচিত কাৰণ আপোনাৰ সম্মুখলৈ নতুন সুযোগ আহিব। জনাব বিচাৰিছোঁ যে সূৰ্য্য গ্ৰহণৰ প্ৰভাৱ মনুষ্য জীৱন আৰু পৃথিৱীত কেইবামাহো ধৰি থাকে।

বৃহৎ কুণ্ডলী ত নিহিত হৈ আছে, আপোনাৰ জীৱনৰ সকলোবোৰ গোপন ৰহস্য, জানক গ্ৰহসমূহৰ গতি-বিধিৰ সম্পূৰ্ণ লেখ-জোখ

সূৰ্য্য গ্ৰহণ 2025: দৃশ্যমানতা আৰু সময়

বছৰটোৰ প্ৰথম সূৰ্য্য গ্ৰহণ যি 29 মাৰ্চ 2025 ত লাগিব সেইটো হৈছে আংশিক সূৰ্য্য গ্ৰহণ

তিথি বাৰ আৰু তাৰিখ সূৰ্য্য গ্ৰহণ আৰম্ভ হোৱাৰ সময় সূৰ্য্য গ্ৰহণ সমাপ্ত হোৱাৰ সময় ক’ত ক’ত দৃশ্যমান হ’ব

চ’ত মাহ কৃষ্ণ পক্ষ

অমাৱস্যা তিথি

29 মাৰ্চ 2025,

শনিবাৰ

দুপৰীয়া 14:21 বজাৰপৰা

সন্ধিয়া 18:14 পৰ্য্যন্ত

বাৰমুডা, বাৰ্বাড’চ, ডেনমাৰ্ক, অষ্ট্ৰিয়া, বেলজিয়াম, উত্তৰী ব্ৰাজিল, ফিনলেণ্ড, জাৰ্মানী, ফ্ৰান্স, হাংগেৰী, আয়াৰ লেণ্ড, মৰক্ক’, গ্ৰীণলেণ্ড, কানাডাৰ পূৰ্বী ভাগ, লিথুআনিয়া, হলেণ্ড, পৰ্তুগাল, উত্তৰী ৰুছ, স্পেইন, চুৰীনাম, চুইডেন, প’লেণ্ড, নৰৱে’, ইউক্ৰেইন, ছুইজাৰলেণ্ড, ইংলেণ্ড আৰু আমেৰিকাৰ পূৰ্বী ক্ষেত্ৰ

(ভাৰতত দৃশ্যমান নহয়)

টোকা: যেতিয়া বৰ্ষ 2025 ত লাগিবলগীয়া সূৰ্য্য গ্ৰহণৰ ক্ষেত্ৰত ওপৰত প্ৰদত্ত তালিকা ভাৰতীয় সময় অনুসৰি দিয়া হৈছে।

পাওক আপোনাৰ কুণ্ডলী আধাৰিত সঠিক শনি প্ৰতিৱেদন

সূৰ্য্য গ্ৰহণ 2025: বিশ্বৰ ওপৰত প্ৰভাৱ

বৃহৎ কুণ্ডলী ত নিহিত হৈ আছে, আপোনাৰ জীৱনৰ সকলোবোৰ গোপন ৰহস্য, জানক গ্ৰহসমূহৰ গতি-বিধিৰ সম্পূৰ্ণ লেখ-জোখ

সূৰ্য্যগ্ৰহণ 2025: এই ৰাশিসমূহৰ ওপৰত পৰিব নেতিবাচক প্ৰভাৱ

মেষ ৰাশি

মেষ ৰাশিৰ অধীনত জন্ম গ্ৰহণ কৰা জাতকসকলক সূৰ্য্য গ্ৰহণে সকলোতকৈ অধিক প্ৰভাৱিত কৰিব। ইয়াৰ উপৰিও, এই লোকসকলৰ নিৰাশা, মুড চুইং, মূৰৰ বিষ, বমি আৰু মাইগ্ৰেইন আদি সমস্যা হ’ব পাৰে। সূৰ্য্যগ্ৰহণ 2025 ৰ প্ৰভাৱৰ ফলস্বৰূপে আপোনাৰ ঘৰ-পৰিয়ালৰ পৰিৱেশ অশান্ত হ’ব পাৰে যাৰ ফলত আপুনি অস্থিৰ হৈ থাকিব পাৰে। গ্ৰহণৰ পূৰ্বে, গ্ৰহণৰ সময়ত আৰু গ্ৰহণৰ পিছত, এই ৰাশিৰ শিক্ষাৰ্থীসকলে নিজৰ অধ্য়য়নত মনোনিৱেশ কৰিবলৈ জটিলতা অনুভৱ কৰিব। লগতে, এই লোকসকলৰ নিজ মাতৃৰ সৈতে বিবাদ বা মতভেদ হ’ব পাৰে। ইয়াৰ ফলস্বৰূপে, আপোনাৰ বাবে ধ্যান কৰাটো সৰ্বোত্তম হ’ব। যিসকল জাতকৰ কুণ্ডলীত সূৰ্য্যমহাৰাজৰ স্থিতি দুৰ্বল, তেওঁলোকৰ বাবে এই সময়খিনি পৰীক্ষামূলক হ’ব।

তুলা ৰাশি

তুলা ৰাশিৰ জাতকসকলৰ কুণ্ডলীত সূৰ্য্য দেৱতা হৈছে আপোনাৰ একাদশ গৃহৰ স্বামী যি এতিয়া আপোনাৰ ষষ্ঠ গৃহত ৰাহুৰ সৈতে স্থিত হৈ যুটী নিৰ্মাণ কৰিছে যি হৈছে বেমাৰ বা ৰোগৰ গৃহ। আপোনাক জনাব বিচাৰিছোঁ যে কুণ্ডলীৰ ষষ্ঠ গৃহচোৱে চৰকাৰকো সূচিত কৰে আৰু এনে পৰিস্থিতিত, চৰকাৰী চাকৰি কৰা জাতকসকল কোনো সোধাপোছাৰ সম্মুখীন হ’ব পাৰে অথবা নিজৰপ বছৰ সৈতে কোনো সমস্যাৰ সম্মুখীন হ’বলগীয়া হ’ব পাৰে। এই সময়খিনিত আপোনাৰ সামাজিক জীৱনত, পৰিয়ালৰ সদস্য বা সহকৰ্মীসকলৰ সৈতে কোনো মতভেদ হ’ব পাৰে যাৰ কাৰণে আপুনি আনৰ সৈতে কঠোৰ বা আনক নিয়ন্ত্ৰণ কৰিব বিচৰা ধৰণৰ হৈ উঠিব পাৰে। এনে পৰিস্থিতিত, আপোনাৰ ব্যক্তিগত বিকাশৰ পথলৈ সমস্যা আহিব পাৰে যাৰ ফলস্বৰূপে আপুনিসৃষ্টিশীলভাৱে চিন্তা কৰিবলৈ আৰু কামবোৰ উন্নত ধৰণে কৰিবলৈ অসমৰ্থ হ’ব পাৰে। সূৰ্য্য গ্ৰহণৰ সময়খিনি আপুনি নিজৰ শব্দ, কাৰ্য্য আৰু নিজকে জনা-বুজাৰ সময় হ’ব।

নতুন বৰ্ষত কেৰিয়াৰৰ যিকোনো দোমোজা কগ্নিএষ্ট্ৰো প্ৰতিৱেদন ৰদ্বাৰা দূৰ কৰক

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ জাতকসকল সূৰ্য্যগ্ৰহণ 2025 ৰ সময়খিনিত যথেষ্ট সাৱধান হৈ থাকিব লাগিব কাৰম এইখিনি সময়ত আপুনি অজ্ঞাত শত্ৰু, ৰোগ, ঋণ বা চোৰ আদিৰ সম্মুখীন হোৱাৰ ভয় আছে। সূৰ্য্য় হৈছে আপোনাৰ দশম গৃহৰ স্বামী আৰু এনে পৰিস্থিতিত, আপুনি নিশ্চিতভাৱে ভাগ্যৰ সমৰ্থন লাভ নকৰাৰ আশংকা কৰা হৈছে। এই জাতকসকলৰ ঋণ একাধাৰে বৃদ্ধি হৈ থাকিব পাৰে যাৰ ফলত আপুনি আৰ্থিক সমস্যাৰ স্মমুখীন হোৱা দেখা যাব। কেৰিয়াৰৰ ক্ষেত্ৰত সহকৰ্মী বা প্ৰতিদ্বন্দীয়ে আপোনাৰ সমস্যা বৃদ্ধি কৰিব পাৰে। কেৱল সেয়াই নহয়, বৃশ্চিক ৰাশিৰ জাতকসকলৰ সূৰ্য্য গ্ৰহণৰ সময়ত নিজৰ পিতৃ, শিক্ষক বা মেণ্টৰৰ সৈতে বিবাদ হ’ব পাৰে সেয়েহে আপোনাক সাৱধানতা অৱলম্বন কৰাৰ পৰামৰ্শ দিয়া হৈছে।

কালসৰ্প দোষ প্ৰতিৱেদন – কালসৰ্প যোগ কেলকুলেটৰ

সূৰ্য্যগ্ৰহণ 2025 ৰ অশুভ প্ৰভাৱৰপৰা বাচিবৰ বাবে অৱলম্বন কৰক এইসমূহ উপায়

সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক: অনলাইন শ্বপিং ষ্টোৰ

আমি আশা ৰাখিছোঁ যে আপুনি আমাৰ এই প্ৰৱন্ধটো নিশ্চয় ভাল পাইছে। যদিহে ভাল পাইছে তেনেহ’লে আপোনাৰ অন্য শুভাকাংক্ষীসকলকো এই প্ৰৱন্ধটোৰ কথা জনাওক। ধন্যবাদ

সর্বদা জিজ্ঞেস করণীয় প্রশ্ন

1. সূৰ্য্য গ্ৰহণ কেতিয়া লাগে?

সূৰ্য্য, পৃথিৱী আৰু চন্দ্ৰমা এই তিনিওটা গ্ৰহ একেডাল ৰেখাত স্থিত হ’লে সূৰ্য্যৰ পোহৰ পৃথিৱীত পৰাত বাধাপ্ৰাপ্ত হয়, তাকেই সূৰ্য্য গ্ৰহণ বুলি কোৱা হয়।

2. 29 মাৰ্চ 2025 ত কি জ্যোতিষীয় ঘটনা সংঘটিত হ’ব?

29 মাৰ্চ 2025 ত শনিৰ মীন ৰাশিত পৰিবহন হ’ব।

3. সূৰ্য্য গ্ৰহণ কি পক্ষত লাগিব?

কৃষ্ণ পক্ষ।

Talk to Astrologer Chat with Astrologer