টেৰ’ সাপ্তাহিক ৰাশিফল (06 -12 এপ্ৰিল, 2025)

Author: Lobitha Dutta | Updated Fri, 21 Mar 2025 02:24 PM IST

পৃথিৱীৰ বহুতো জনপ্ৰিয় টেৰ’ ৰীডাৰ আৰু জ্যোতিষীসকলে বিশ্বাস কৰে যে টেৰ’ই কেৱল ব্যক্তিৰ জীৱনৰ ভৱিষ্যতবাণী কৰাই নহয় লগতে মানুহক পথ প্ৰদৰ্শনো কৰে। কোৱা হয় যে টেৰ’ কাৰ্ড নিজৰ প্ৰতিপালন কৰাৰ আৰু নিজৰ বিষয়ে জনাৰ এক মাধ্য়ম।


টেৰ’ই এই কথাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে যে আপুনি ক’ত আছিল, এতিয়া আপুনি ক’ত আছে আৰু কি স্থিতিত আছে আৰু আগন্তুক ভৱিষ্যতত আপোনাৰ সৈতে কি হ’ব পাৰে। ই আপোনাক শক্তিৰে পৰিপূৰ্ণ পৰিৱেশত প্ৰৱেশ কৰাৰ সুযোগ প্ৰদান কৰে আৰু নিজৰ ভৱিষ্যতৰ বাবে সঠিক বিকল্প বাছনি কৰাত সহায় কৰে। যিদৰে এক ভৰসাজনক পৰামৰ্শদাতাই আপোনাক নিজৰ ভিতৰলৈ জুমি চাবলৈ শিকায় সেইদৰে টেৰ’ইও আপোনাক নিজৰ আত্মাৰ সৈতে কথা পতাৰ সুযোগ দিয়ে।

আপোনাৰ এনে লাগিব পাৰে যে জীৱনৰ পথত আপুনি বিভ্ৰান্ত হৈ পৰিছে আৰু আপোনাক দিগদৰ্শন বা সহায়ৰ প্ৰয়োজন আছে। পূৰ্বতে আপুনি টেৰ’ক উপলুঙা কৰিছিল কিন্তু এতিয়া আপুনি ইয়াৰ সঠিকতাৰদ্বাৰা প্ৰভাৱিত হৈ পৰিছে অথবা আপুনি এগৰাকী জ্যোতিষী যাক মাৰ্গদৰ্শন বা দিগদৰ্শনৰ প্ৰয়োজন আছে। অথবা আপুনি নিজৰ সময় কটাবৰ বাবে কোনো নতুন চখৰ সন্ধানত আছে। এই কাৰণসমূহৰ বাবে বা অন্য কোনো কাৰণবশতঃ টেৰ’ৰ প্ৰতি মানুহৰ আগ্ৰহ যথেষ্ট বাঢ়ি গৈছে। টেৰ’ ডেকৰ78 খন কাৰ্ডৰ সহায়ত ভৱিষ্যতৰ বিষয়ে জানিব পৰা যায়। এই কাৰ্ডসমূহৰ সহায়ত আপুনি নিজৰ জীৱনৰ মাৰ্গদৰ্শন লাভ কৰিব পাৰে।

টেৰ’ৰ উৎপত্তি 15শ শতাব্দীত ইটালীত হৈছিল। আৰম্ভণিতে টেৰ’ক কেৱল মনোৰঞ্জন হিচাপে গণ্য কৰা হৈছিল আৰু ইয়াত আধ্যাত্মিক মাৰ্গদৰ্শনৰ গুৰুত্ব কম আছিল। অৱশ্যে, টেৰ’ কাৰ্ডৰ বাস্তৱিক ব্যৱহাৰ 16শ শতাব্দীত ইউৰোপত কোনো কোনো লোকৰদ্বাৰা কৰা হৈছিল যেতিয়া তেওঁলোকে জানিব পাৰিছিল যে কেনেদৰে 78খন কাৰ্ডৰ সহায়ত ভৱিষ্যতৰ বিষয়ে জানিব পৰা যায়, সেই সময়ৰপৰাই ইয়াৰ মহত্ব যথেষ্ট বৃদ্ধি পাইছিল।

টেৰ’ হৈছে এনে এক মাধ্যম যাৰ সহায়ত মানসিক আৰু আধ্যাত্মিক বিকাশ প্ৰাপ্ত কৰিব পাৰ যায়। আপুনি কোনো স্তৰত আধ্যাত্মিকতাৰ সৈতে, অলপমান নিজৰ অন্তৰাত্মাৰ সৈতে আৰু অলপমান নিজৰ অন্তৰ্জ্ঞান আৰু আত্ম-সংশোধন আনিবৰ বাবে আৰু বাহিৰৰ পৃথিৱীৰ সৈতে জড়িত হ’ব।

তেনেহ’লে আহক এই সপ্তাহৰ সাপ্তাহিক ৰাশিফল আৰম্ভ কৰোঁ আৰু 06 ৰপৰা 12 এপ্ৰিল, 2025 পৰ্য্যন্ত এই সপ্তাহটোৱে ৰাশি চক্ৰৰ 12 টা ৰাশিৰ বাবে কেনে ধৰণৰ ফলাফল লৈ আহিব সেই বিষয়ে অৱগত হওঁ।

এয়াও পঢ়ক: ৰাশিফল 2025

পৃথিৱীৰ বিদ্বান টেৰ’ ৰীডাৰসকলৰ সৈতে কল/চাট্-ত কথা পাতক আৰু জানক কেৰিয়াৰ সম্পৰ্কীয় সকলোবোৰ তথ্য

টেৰ’সাপ্তাহিক ৰাশিফল 06 ৰপৰা 12 এপ্ৰিল, 2025: ৰাশি অনুসৰি ৰাশিফল

মেষ ৰাশি

প্ৰেম জীৱন: টু অৱ কপচ্

আৰ্থিক জীৱন: এচ অৱ পেণ্টাকলচ্

কেৰিয়াৰ: দ্য চেৰিয়ট

স্বাস্থ্য: দ্য হাই প্ৰিষ্টেচ

টেৰ’ সাপ্তাহিক ৰাশিফল অনুসৰি মেষ ৰাশিৰ জাতকসকলে প্ৰেম জীৱনত টু অৱ কপচ্ কাৰ্ড প্ৰাপ্ত কৰিছে যাৰ মতে আপোনাৰ সম্পৰ্কত আকৰ্ষণ বৃদ্ধি হ’ব আৰু আপোনালোকৰ সম্পৰ্ক শক্তিশালী হ’ব। এই কাৰ্ডখনে কয় যে আপোনাৰ আৰু আপোনাৰ সঙ্গীৰ সম্পৰ্ক আৱেগিক স্তৰত দৃঢ় হ’ব, আপোনালোকৰ সম্পৰ্কলৈ সুখ-শান্তি আহিব আৰু এক নতুন সম্পৰ্কৰ আৰম্ভণি হ’ব পাৰে।

এচ অৱ পেণ্টাকলচ্ কাৰ্ডখনে প্ৰকাশ কৰে যে ধনৰ ক্ষেত্ৰত আপুনি সমৃদ্ধি আৰু নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। আপুনি ব্যৱসায়, প্ৰমোশ্যন বা নতুন পদ লাভ কৰাৰদ্বাৰা বিত্তীয় সফলতা প্ৰাপ্ত কৰিব পাৰিব। এই কাৰ্ডখনে আপোনাক ভাবি-চিন্তি পদক্ষেপ ল’বলৈ আৰু এই সুযোগবোৰৰ লাভ আদায় কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে।

কেৰিয়াৰৰ ৰীডিঙত দ্য চেৰিয়ট কাৰ্ডখনে দৃঢ় সংকল্প, প্ৰত্যাহ্বান পাৰ কৰা আৰু লক্ষ্যত উপনীত হোৱাৰ প্ৰৱল ইচ্ছাক সূচিত কৰে। এই কাৰ্ডখনে এয়াও কয় যে আপোনাৰ ভিতৰত আপোনাৰ উদ্দেশ্যসমূহ পূৰণ কৰিবৰ বাবে আত্ম-নিয়ন্ত্ৰণ আৰু সমৰ্পণ উপস্থিত আছে।

স্বাস্থ্যৰ ৰীডিঙত দ্য হাই প্ৰিষ্টেচ কাৰ্ডখনে প্ৰকাশ কৰিছে যে আপোনাৰ স্বাস্থঅযলৈ কোনো পৰিৱৰ্তন আহিব পাৰে। এই কাৰ্ডখনে এয়াও সূচিত কৰে যে আপোনাৰ স্থিতিলৈ পৰিৱৰ্তন অহাৰ সম্ভাৱনা আছে। আপুনি কোনো বেমাৰৰপৰা আৰোগ্য হ’ব পাৰে বা নিজৰ জীৱনশৈলীৰ প্ৰয়োজনীয় পৰিৱৰ্তন কৰি স্বাস্থ্যৰ এক নতুন চৰণ আৰম্ভ কৰিব পাৰে।

লাকী চাৰ্ম:কী বা ৰঙা ৰঙৰ কোনো ৰত্ন

বৃষ ৰাশি

প্ৰেম জীৱন: দ্য ৱৰ্ল্ড

আৰ্থিক জীৱন: এট অৱ ৱেণ্ডচ্

কেৰিয়াৰ: এচ অৱ কপচ্

স্বাস্থ্য: এট অৱ স্ৱৰডচ্

প্ৰেম জীৱনত বৃষ ৰাশি ৰ জাতকসকলে দ্য ৱৰ্ল্ড কাৰ্ড লাভ কৰিছে যি প্ৰেম জীৱনত সন্তোষজনক পৰিণাম লাভ কৰাৰ প্ৰতীক। এই কাৰ্ডখনে সুখ, উৎসৱ আৰু পৰিয়ালৰ সৈতে মিলি সুখময় মুহুৰ্ত কটোৱাক প্ৰতিনিধিত্ব কৰে। আপুনি নিজৰ জীৱনসঙ্গীৰ বা পৰিয়ালৰ অন্য সদস্যসকলৰ সৈতে ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে।

আৰ্থিক জীৱনত এট অৱ ৱেণ্ডচ্ কাৰ্ডখনে বিত্তীয় লক্ষ্যৰ প্ৰতি দ্ৰুতগতিত আগবঢ়াৰ, লাভ প্ৰাপ্ত কৰাৰ আৰু উন্নতি লাভ কৰাৰ সংকেত দিয়ে। এই কাৰ্ডখনৰ এটা অৰ্থ এয়াও হয় যে আপুনি প্ৰচেষ্টাৰ ফল লাভ কৰিব আৰু আপোাৰ আৰ্থিক স্থিতি সঠিক দিশত আগবাঢ়িব। আপোনাৰ বিনিয়োগ বা ব্যৱসায়িক প্ৰয়াস বৃদ্ধি হ’ব পাৰে অথবা আপুনি দ্ৰুত লাভ প্ৰাপ্ত কৰাৰ সম্ভাৱনা আছে।

এচ অৱ কপচ্ কাৰ্ডখনে নতুন সুযোগ আৰু ভাল চিন্তাক দৰ্শায় আৰু কেৰিয়াৰৰ ক্ষেত্ৰত ইয়াৰ প্ৰয়োগ বিভিন্ন ধৰণে হ’ব পাৰে। চাকৰিৰ সন্ধানত থকা জাতকসকলে নিজৰ কেৰিয়াৰত এক নতুন আৰম্ভণি কৰিব পাৰে।

স্বাস্থ্যৰ দিশত দেখা যায় আপুনি এট অৱ স্ৱৰডচ্ কাৰ্ড লাভ কৰিছে যি বেমাৰ ভাল হোৱাৰ, মানসিক ৰূপত শক্তিশালী হোৱাৰ আৰু চিন্তাৰপৰা সকাহ পোৱাৰ সংকেত প্ৰদান কৰে। এই কাৰ্ডখনে আপোনাক সোঁৱৰাই দিয়ে যে আপুনি আৰোগ্য হ’বৰ বাবে আৰু স্বাস্থ্যকৰ জীৱন যাপন কৰিবৰ বাবে সক্ষম।

লাকী চাৰ্ম: সংখ্যা 7

বৃহৎ কুণ্ডলী ত নিহিত হৈ আছে, আপোনাৰ জীৱনৰ সকলো গোপন ৰহস্য, জানক গ্ৰহসমূহৰ গতি-বিধিৰ সম্পূৰ্ণ লেখ-জোখ

মিথুন ৰাশি

প্ৰেম জীৱন: টু অৱ ৱেণ্ডচ্

আৰ্থিক জীৱন: পে’জ অৱ কপচ্

কেৰিয়াৰ: নাইট অৱ ৱেণ্ডচ্

স্বাস্থ্য: দ্য চান

প্ৰেম জীৱনত মিথুন ৰাশি ৰ জাতকসকলে টু অৱ ৱেণ্ডচ্ কাৰ্ড প্ৰাপ্ত কৰিছে যি সম্পৰ্কত অস্থিৰতা আৰু অসন্তুষ্টিৰ সংকেত দিয়ে। এই কাৰ্ডখনে প্ৰকাশ কৰে যে আপুনি প্ৰেম জীৱনত নতুন সুযোগ বিচাৰিব নে বৰ্তমানৰ সম্পৰ্কত থাকিব সেয়া সিদ্ধান্ত ল’ব পাৰে।

পে’জ অৱ কপচ্ কাৰ্ডখনে সপোন দেখা আৰু অবাস্তৱিক বিত্তীয় প্ৰত্যাশা ৰখাক সূচিত কৰে। আপুনি লটাৰী বা কোনো বিপদাশংকা থকা বিনিয়োগ কৰাৰ সলনি ব্যৱহাৰিক বস্তুত গুৰুত্ব দিয়া উচিত আৰু লক্ষ্য পূৰণৰ বাবে চেষ্টা কৰা উচিত।

নাইট অৱ ৱেণ্ডচ্ কাৰ্ডখনে বিশেষকৈ কেৰিয়াৰৰ সলনি কৰিব বিচৰা জাতকসকলৰ বাবে শুভ সংকেত বা চাকৰিৰ নতুন সুযোগ অহাৰ সংকেত দিয়ে। লগতে চাকৰিৰ বাবে আৱেদন কৰাৰ আৰু পদোন্নতি লাভ কৰাৰো সংকেত দিয়ে।

টেৰ’সাপ্তাহিক ৰাশিফল অনুসৰি দ্য চান কাৰ্ডখন হৈছে জীৱনশক্তি, শান্তি আৰু উত্তম স্বাস্থ্যৰ প্ৰতীক। এই কাৰ্ডখনে প্ৰকাশ কৰে যে আপুনি সোনকালেই ঠিক হৈ যাব। ইয়াৰ উপৰিও এই সময়খিনিত আপোনাৰ আধ্যাত্মিক আৰু ব্যক্তিগত বিকাশো হ’ব।

লাকী চাৰ্ম: বেঞ্চুৰিণ

কৰ্কট ৰাশি

প্ৰেম জীৱন: নাইট অৱ স্ৱৰডচ্

আৰ্থিক জীৱন: চিক্স অৱ কপচ্

কেৰিয়াৰ: দ্য এম্পেৰৰ

স্বাস্থ্য: এট্ অৱ কপচ্

কৰ্কট ৰাশি ৰ জাতকসকলে প্ৰেম জীৱনত লাভ কৰা নাইট অৱ স্ৱৰডচ্ কাৰ্ডখনে প্ৰকাশ কৰে যে আপোনাৰ সঙ্গীগৰাকী সাহসী, সৰল আৰু বুদ্ধিমান হ’ব। এই কাৰ্ডখনে আত্মবিশ্বাসেৰে ভৰপূৰ আৰু সাহসী প্ৰেমী হোৱাৰ বা আপুনি এনেধৰণৰ সম্পৰ্কলৈ অহাৰ সংকেত প্ৰদান কৰে।

চিক্স অৱ কপচ্ কাৰ্ডখনে দান বা উপহাৰৰ দিয়া-নিয়াৰ সংকে দিয়ে। এই কাৰ্ডখনৰ মতে আপুনি পৈতৃক সম্পত্তি লাভ কৰিব পাৰে। পিতৃ-মাতৃৰ ঘৰত গৈ থাকিলে আপুনি অধিক ধন সঞ্চয় কৰিব পাৰিব। আনহাতে, আপুনি নিজৰ ঘৰলৈ পৰিয়ালৰ সদস্যসকলক পুণৰ ঘূৰাই আনিব পাৰে আৰু আপোনাৰ সংসাধনসমূহ ভাগ-বটৰা কৰি ল’ব পাৰে।

আপুনি নিজৰ কেৰিয়াৰত কঠোৰ পৰিশ্ৰম, একাগ্ৰতা আৰু শৃংখলাৱদ্ধ দৃষ্টিকোণৰ জৰিয়তে সফলতা লাভ কৰিব পাৰিব। যদিহে আপোনাৰ বৰ্তমানৰ কৰ্মক্ষেত্ৰ বা আপোনাৰ কাম কৰাৰ প্ৰক্ৰিয়া কিছু বিশৃংখল তেনেহ’লে আপুনি এয়া নিয়ন্ত্ৰণলৈ অনা উচিত। এই কাৰ্ডখনৰ মতে আপুনি নিজৰ কৰ্মক্ষেত্ৰত জেষ্ঠ্য সহকৰ্মী বা তত্ত্বাৱধায়কৰপৰা নিজৰ কেৰিয়াৰৰ মাৰ্গদৰ্শন বা সহায়তা লাভ কৰাৰ যোগ আছে।

স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি এট অৱ কপ্চ কাৰ্ড লাভ কৰিছে যাৰ মতে আপুনি এই সময়ত আৱেগক চাপৰ সম্মুখীন হ’ব পাৰে। আপুনি থেৰাপী বা ঔষধৰপৰা সকাহ লাভ কৰাৰ সম্ভাৱনা আছে।

লাকী চাৰ্ম: মুনষ্ট’ন

পাওক আপোনমনাৰ কুণ্ডলী আধাৰিত সঠিক শনি প্ৰতিৱেদন

সিংহ ৰাশি

প্ৰেম জীৱন: চিক্স অৱ ৱেণ্ডচ্

আৰ্থিক জীৱন: নাইট অৱ পেণ্টাকলচ্

কেৰিয়াৰ: থ্ৰী অৱ ৱেণ্ডচ্

স্বাস্থ্য: দ্য হাৰ্মিট

টেৰ’ কাৰ্ড ৰীডিঙত চিক্স অৱ ৱেণ্ডচ্ কাৰ্ডখনে সংকেত দিয়ে যে আপুনি নিজৰ প্ৰেম জীৱনত উপলব্ধি প্ৰাপ্ত কৰিব। এই সময়খিনিত কোনোবা আপোনাৰ প্ৰতি আকৰ্ষিত হ’ব পাৰে। যদিহে আপুনি নিজৰ বাবে সঙ্গীৰ সন্ধানত আছে, তেনেহ’লে সেইগৰাকী ব্যক্তিয়ে এই সময়ত আপোনাতকৈ অধিক খোলাকৈ কথা পাতিব পাৰে। আপুনি মাত্ৰ প্ৰথম পদক্ষএপ লোৱাটো আৱশ্যকীয়।

আৰ্থিক জীৱনৰ ক্ষেত্ৰত দেখা যায় নাইন অৱ পেণ্টাকলচ্ কাৰ্ডখনে কয় যে আপুনি কঠোৰ পৰিশ্ৰম আৰু সাৱধানীপূৰ্বক পৰিকল্পনাৰদ্বাৰা বিত্তীয় সুৰক্ষা, স্বতন্ত্ৰতা আৰু স্থিৰতা প্ৰাপ্ত কৰিব পাৰিব। এই সময়ছোৱাত আপুনি এনে এক স্থিতিত উপনীত হ’ব য’ত আপুনি কোনো চিন্তা নকৰাকৈ ভৌতিক সুখ-সুবিধা উপভোগ কৰিব পাৰিব।

কেৰিয়াৰৰ ক্ষেত্ৰত থ্ৰী অৱ ৱেণ্ডচ্ কাৰডখনে সম্প্ৰসাৰণ, নতুন সুযোগৰ সন্ধান কৰা আৰু বৃত্তিগত জীৱনত ভৱিষ্যতৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰাত আৰু বিকাশৰ ওপৰত মনোযোগ দিয়াৰ সংকেত দিয়ে।

স্বাস্থ্যৰ ক্ষেত্ৰত দ্য হাৰ্মিট কাৰ্ডখনে কয় যে আপুনি কোনো কথাতে অত্যাধিক কৰাটো উচিত নহয়। কামৰপৰা মাজে মাজে বিৰতি লোৱা উচিত। এই কাৰ্ডখনে আপোনাক কিছু সময় উলিয়াই আৰাম কৰিবলৈ আৰু নিজৰ শৰীৰ তথা মনৰ সৈতে সংযুক্ত হৈ থাকিবলৈ পৰামৰ্শ দিয়ে।

লাকী চাৰ্ম: চানষ্ট’ন

কন্যা ৰাশি

প্ৰেম জীৱন: চেভেন অৱ ৱেণ্ডচ্

আৰ্থিক জীৱন: দ্য চান

কেৰিয়াৰ: টেম্পেৰেন্স

স্বাস্থ্য: দ্য হাৰ্মিট

কন্যা ৰাশি ৰ জাতকসকলে প্ৰেম জীৱনত প্ৰাপ্ত কৰা চেভেন অৱ ৱেণ্ডচ্ কাৰ্ডখনে কয় যে আপুনি সম্পৰ্কৰ বাবে যুঁজ দিবলগীয়া হ’ব পাৰে। আপুনি সম্পৰ্কত কিছুমান সীমা নিৰ্দ্ধাৰণ কৰাৰ আৰু নিজৰ সঙ্গীৰ প্ৰতি প্ৰতিশ্ৰুতিৱদ্ধ হৈ থকাৰ প্ৰয়োজনীয়তা আছে।

টেৰ’সাপ্তাহিক ৰাশিফল অনুসৰি আৰ্থিক জীৱনত দ্য চান কাৰ্ডখনে সমৃদ্ধি আৰু আৰ্থিক সম্পন্নতাক সূচিত কৰে। এই কাৰ্ডখনে প্ৰকাশ কৰে যে আপুনি নিজৰ বৰ্তমানৰ আৰ্থিক স্থিতিক লৈ সন্তুষ্ট আৰু কৃতজ্ঞ হোৱা উচিত।

দ্য টেম্পেৰেন্স কাৰ্ডখনে নিজৰ উদ্দেশ্য নিৰ্দ্ধাৰণ কৰিবৰ বাবে আৰু দৃঢ় তথা ধৈৰ্য্যশীল হ’বৰ বাবে কয়। আপুনি নিদৰ কামক লৈ প্ৰতিশ্ৰুতিৱদ্ধ হৈ থাকে আৰু জটিল সময়ত শান্ত হৈ থকা গুণৰ অধিকাৰী। আপোনাৰ এই গুণটোৱে আপোনাক আনৰপৰা পৃথক কৰি ৰাখে। অৱশ্যে কেৰিয়াৰত সফলতা প্ৰাপ্ত কৰাত আপোনাৰ বিলম্ব হ’ব পাৰে।

দ্য হাৰ্মিট কাৰ্ডখনে স্বাস্থ্যৰ ক্ষেত্ৰত আত্ম-বিশ্লেষণ আৰু আত্ম-নিৰ্দ্ধাৰণ কৰাৰ আৰু নিজৰ প্ৰতি মনোযোগ দিয়াৰ গুৰুত্বক দৰ্শায়। এই কাৰ্ডখনে কয় যে আপুনি নিজৰ শৰীৰৰ প্ৰতি মনোযোগ দিয়া উচিত, প্ৰয়োজন হ’লে বিশ্ৰাম কৰা উচিত ।

লাকী চাৰ্ম: এভিল আই

তুলা ৰাশি

প্ৰেম জীৱন: দ্য লাভাৰ্চ

আৰ্থিক জীৱন: চিক্স অৱ কপচ্

কেৰিয়াৰ: এট অৱ স্ৱৰডচ্ (ৰিভাৰ্চড্)

স্বাস্থ্য: থ্ৰী অৱ কপচ্

তুলা ৰাশি ৰ জাতকসকলে প্ৰেম জীৱনত প্ৰাপ্ত কৰা দ্য লাভাৰ্চ কাৰ্ডখনে শক্তি, সামঞ্জস্য আৰু সন্তুলনক প্ৰতিনিধিত্ব কৰে। এই কাৰ্ডখনে এনে যোৰাক সূচিত কৰে যি পৰস্পৰৰ পৰিপূৰক। অৱশ্যে, এই কাৰ্ডখনে সম্পৰ্কত প্ৰতিশ্ৰুতিৱদ্ধতা আৰু পছন্দকো সূচিত কৰে।

চিক্স অৱ কপচ্ কাৰ্ডখনে আনৰ সহায় কৰা আৰু বস্তুবোৰ ভগাই লোৱাক প্ৰতিনিধিত্ব কৰে। আপুনি নিজৰ পৰিয়াল বা পূৰ্বতে কৰা বিনিয়োগৰপৰা লাভ অৰ্জন কৰিব পাৰে। আপুনি আৰ্থিক সহায় বা ধনৰ লগতে গভীৰ ভাৱনা আৰু পুৰণি স্পৃতিৰ সৈতে জড়িত আৱেগিক সমৰ্থনো আপুনি প্ৰাপ্ত কৰিব। আপুনি বিত্তীয় স্থিৰতা প্ৰাপ্ত কৰিব।

এট অৱ স্ৱৰডচ্ কাৰ্ডখনে কয় যে আপুনি এতিয়া নিজৰ কেৰিয়াৰ সম্পৰ্কীয় চিন্তাৰপৰা সকাহ পাব। আপোনাৰ চিন্তা এতিয়া স্পষ্ট হ’ব আৰু পৰিস্থিতি সহজ যেন অনুভৱ হ’ব। কেতিয়াবা কেতিয়াবা এই কাৰ্ডখনে কেৰিয়াৰৰ ক্ষেত্ৰত নতুন সুযোগ বা পদোন্নতিৰ সংকেত দিয়ে।

স্বাস্থ্যৰ দিশৰপৰা থ্ৰী অৱ কপচ্ কাৰ্ডখনে প্ৰকাশ কৰে যে আপুনি পাৰ্টী বা বন্ধৰ দিনৰ কটাবৰ বাবে সাজু হৈছে য’ত আপুনি খোৱা-বোৱাৰ বা আনন্দ উদযাপন কৰাৰ সুযোগ পাব। এই সময়ৰ আনন্দ উপভোগ কৰক কিন্তু নেতিবাচক প্ৰভাৱৰপৰা বাচিবৰ বাবে অত্যাধিক নাখাব আৰু সন্তুলন বৰ্তাই ৰাখক।

ৱাকী চাৰ্ম: জেদ পেণ্ডেণ্ট

কেৰিয়াৰ লৈ হৈ আছে টেনশ্যন! এতিয়াই অৰ্ডাৰ কৰক কগ্নিএষ্ট্ৰো প্ৰতিৱেদন

বৃশ্চিক ৰাশি

প্ৰেম জীৱন: হুইল অৱ ফৰচ্যুন

আৰ্থিক জীৱন: দ্য হীৰ’ফেণ্ট

কেৰিয়াৰ: এট অৱ পেণ্টাকলচ্

স্বাস্থ্য: টেন অৱ পেণ্টাকলচ্

প্ৰেম জীৱনৰ ক্ষেত্ৰত আপুনি যাক পছন্দ কৰে তেওঁৰ সৈতে কথা পাকিবলৈ ভাবি আছে বা আপোনাৰ সঙ্গীৰ সৈতে আপোনালোকৰ সম্পৰ্কটো চম্ভালিবৰ বাবে প্ৰস্তুত নে? আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ সমস্যা চলি আছে নেকি? ভয় নাখাব কাৰণ হুইল অৱ ফৰচ্যুন কাৰ্ডখনৰ মতে এতিয়া সকলো ঠিক হৈ যাব আৰু সকলোবোৰ সমস্যা দূৰ হ’ব।

দ্য হীৰ’ফেণ্ট কাৰ্ডখনে কয় যে এই সপ্তাহত আপোনাৰ আৰ্থিক স্থিতি অনুকূল হ’ব আপোনাৰ ওচৰত পৰ্যাপ্ত ধন থাকিব। আপুনি নিজৰ ধন ভালদৰে চম্ভালিবলৈ সক্ষম হ’ব।

কেৰিয়াৰৰ ৰীডিঙত এট অৱ পেণ্টাকলচ্ কাৰ্ডখনে কয় যে আপুনি কামত ডুব গৈ তাকিব পাৰে আৰু এই সপ্তাহত আপোনাৰ সম্পূৰ্ণ মনোযোগ নিজৰ কামৰ ওপৰতেই থাকিব। অৱশ্যে, আপোনাক অত্যাধিক কাম কৰাটো পৰিহাৰ কৰিবলৈ আৰু আন গুৰুত্বপূ্ণ দিশবোৰৰ প্ৰতিও মনোযোগ দিবলৈ পৰামৰ্শ দিয়া হৈছে।

স্বাস্থ্যৰ ক্ষেত্ৰত টেন অৱ পেণ্টাকলচ্ কাৰ্ডখন হৈছে এক শুভ সংকেত কাৰণ এই কাৰ্ডখনে প্ৰকাশ কৰে যে আপুনি নিজৰ পৰিয়াল আৰু বন্ধু-বৰ্গৰ সহা.ৰদ্বাৰা উত্তম স্বাস্থ্য প্ৰাপ্ত কৰিব পাৰিব। আপোনাৰ কোনো গুৰুতৰ স্বাস্থ্যজনিত সমস্যা হোৱাৰ আশংকা নাই।

লাকী চাৰ্ম: ক’লা ব্ৰেচলেট

ধনু ৰাশি

প্ৰেম জীৱন: নাইট অৱ পেণ্টাকলচ্

আৰ্থিক জীৱন: কিং অৱ ৱেণ্ডচ্

কেৰিয়াৰ: কিং অৱ পেণ্টাকলচ্

স্বাস্থ্য: চেভেন অৱ পেণ্টাকলচ্

ধনু ৰাশিৰ জাতকসকলৰ বাবে নাইট অৱ পেণ্টাকলচ্ কাৰ্ডখনে এনে এক সম্পৰ্কক দৰ্শায় যি শক্তিশালী আৰু বিশ্বস্ত কিন্তু এই সম্পৰ্কত ৰোমাঞ্চ আৰু আকৰ্ষণৰ অভাৱ অনুভূত হ’ব পাৰে। যদিহে আপুনি প্ৰেম জীৱনত প্ৰতিশ্ৰুতিৱদ্ধতা, স্থিৰতা আৰু সুৰক্ষাৰ সন্ধান কৰি আছে তেনেহ’লে এই কাৰ্ডখন আপোনাৰ বাবে শুভ সংকেত হ’ব। আপুনি আৰু আপোনাৰ সঙ্গীয়ে দীৰ্ঘকালীন লক্ষ্যসমূহ প্ৰাপ্ত কৰিবৰ বাবে একেলগে কাম কৰিব।

কিং অৱ ৱেণ্ডচ্ কাৰ্ডখনে পৰিপক্ক হোৱা আৰু বিকাশক সূচিত কৰে। এই কাৰ্ডখনে কয় যে আৰ্থিক দিশৰপৰা শক্তিশালী হ’বৰ বাবে আপুনি কঠোৰ সংঘৰ্ষ কৰিছে আৰু এতিয়া আপুনি আৰ্থিকভাৱে স্থিৰ আৰু সুৰক্ষিত হোৱাৰ গুৰুত্ব ভালদৰে উপলব্ধি কৰিছে।

কেৰিয়াৰ ৰীডিঙত কিং অৱ পেণ্টাকলচ্ কাৰ্ডখনে পদোন্নতি আৰু প্ৰগতিৰ সংকেত দিয়ে। এই কাৰ্ডখনে প্ৰকাশ কৰে যে আপুনি নিজৰ কোম্পানীত গুৰুত্বপূৰ্ণ ভূমিকা অৱলম্বন কৰিব। আপোনাৰ বছ আৰু সহকৰ্মীয়ে আপোনাক প্ৰশংসা কাৰ আৰু স্বীকৃতি দিয়া দেখা যাব।

টেৰ’সাপ্তাহিক ৰাশিফল অনুসৰি স্বাস্থ্য ৰীডিঙত আপুনি চেভেন অৱ পেণ্টাকলচ্ কাৰ্ড প্ৰাপ্ত কৰিছে যাৰ অৰ্থ হৈছে আপুনি যথেষ্ট প্ৰয়াস আৰু সংঘৰ্ষ কৰাৰ পিছত আপুনি এতিয়া বেমাৰ আৰু স্বাস্থ্যজনিত সমস্যাৰপৰা সকাহ লাভ কৰিছে। এতিয়া আপুনি আৰোগ্য হোৱাৰ পথত।

লাকী চাৰ্ম: এলম

মকৰ ৰাশি

প্ৰেম জীৱন: কিং অৱ স্ৱৰডচ্

আৰ্থিক জীৱন: দ্য এম্পেৰৰ

কেৰিয়াৰ: কিং অৱ কপচ্

স্বাস্থ্য: জাষ্টিচ

যিহেতু এই কাৰ্ডখন যোগাযোগৰ সৈতে জড়িত সেয়েহে মকৰ ৰাশিৰ জাতকসকলৰ বাবে কিং অৱ স্ৱৰডচ্ কাৰ্ডখনে কয় যে আপুনি নিজৰ মনৰ কথা খুলি কোৱা উচিত। আপুনি যি কথাত বিশ্বাস নকৰে তাৰ বাবে থিয় নহ’ব। আপুনি নিজৰ হদয়ৰ কথা শুনা উচিত আৰু নিজৰ যিটো সঠিক যেন লাগে সেইটো কৰক।

দ্য এম্পেৰৰ কাৰ্ডখনে কয় যে আপুনি ধনৰ ক্ষেত্ৰত সংযমিত, অনুশাসিত আৰু দায়িত্বশীল হোৱা উচিত। আপোনাৰ ধন ক’ত ব্যয় হৈছে সেয়া আপুনি গম পাব লাগিব। আপুনি নিজৰ বাবে বাজেট প্ৰস্তুত কৰি চলক আৰু তাত অটল থাকক।

কিং অৱ কপচ্ কাৰ্ডখনে দৰ্শায় যে আপুনি কৰ্মক্ষেত্ৰৰ অশান্ত বা নেতিবাচক পৰিৱেশত নিজকে শান্ত কৰি ৰখাৰ চেষ্টা কৰক। আপুনি শীঘ্ৰেই চাকৰিৰ নতুন প্ৰস্তাৱ আৰু ভাল সুযোগ লাভ কৰিব। আপোনাক কোনো বিভাগলৈ প্ৰেৰণ কৰা হ’ব পাৰে।

স্বাস্থ্যৰ ৰীডিঙত দ্য জাষ্টিচ কাৰ্ডখনে কয় যে আপোনাৰ স্বাস্থ্য ভাল হ’ব আৰু আপুনি ভাল স্বাস্থ্যৰ আনন্দ উপভোগ কৰিব পাৰিব। অৱশ্যে, আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি উপেক্ষা কৰাটো উচিত নহ’ব।

লাকী চাৰ্ম: ৰঙা চেক্ৰেড থ্ৰে’ড

কুম্ভ ৰাশি

প্ৰেম জীৱন: দ্য টাৱাৰ

আৰ্থিক জীৱন: ফ’ৰ অৱ পেণ্টাকলচ্

কেৰিয়াৰ: থ্ৰী অৱ কপচ্

স্বাস্থ্য: থ্ৰী অৱ ৱেণ্ডচ্

কুম্ভ ৰাশিৰ জাতকসকলে দ্য টাৱাৰ কাৰ্ড প্ৰাপ্ত কৰিছে যি শুভ সংকেত নহয়। এই কাৰ্ডখনে কয় যে আপোনাৰ সম্পৰ্ক ভাঙি যাব পাৰে। সৰু-সুৰা কাজিয়াই ডাঙৰ বিবাদৰ ৰূপ ল’ব পাৰে আৰু আপুনি এই কথা ভাবিবলৈও বাধ্য হ’ব পাৰে যে আপোনাৰ সম্পৰ্কটো সঠিক হয় নে নহয়।

ফ’ৰ অৱ পেণ্টাকলচ্ কাৰ্ডখনে সূচিত কৰে যে এই সপ্তাহত আপোনাৰ বিত্তৰ ক্ষেত্ৰত কোনো সমস্যা নহ’ব। আপুনি আৰ্থিকভাৱে শক্তিশালী হ’বৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছে আৰু আপুনি এতিয়া কষ্টৰ ফল লাভ কৰিব।

থ্ৰী অৱ কপচ্ কাৰ্ডখনে প্ৰকাশ কৰে যে আপুনি নিজৰ কেৰিয়াৰত সন্তুষ্টি লাভ কৰিছে। ইয়াৰ লগতে আপুনি গোটেই পৃথিৱীৰ বহুতো মানুহ লগ পোৱাৰ সুযোগো পাব। আপোনাৰ কোনো চিনাকী মানুহে আপোনাক কেৰিয়াৰত আগবাঢ়ি যোৱাত সহায় কৰিব।

থ্ৰী অৱ ৱেণ্ডচ্ কাৰ্ডখনে কয় যে স্বাস্থ্য়ৰ ক্ষেত্ৰত আপোনাৰ কোনো গুৰুতৰ সমস্যা নহয়। আপোনাৰ দীৰ্ঘদিন ধৰি চলি থকা বেমাৰো এইখিনি সময়ত ভাল হ’ব।

লাকী চাৰ্ম: এমেথিষ্ট ব্ৰেচলেট

আপোনাৰ কুণ্ডলীত আছে নেকি ৰাজযোগ? জানক আপোনাৰ ৰাজযোগ প্ৰতিৱেদন

মীন ৰাশি

প্ৰেম জীৱন: থ্ৰী অৱ স্ৱৰডচ্ (ৰিভাৰ্চড্)

আৰ্থিক জীৱন: নাইট অৱ ৱেণ্ডচ্

কেৰিয়াৰ: ফ’ৰ অৱ কপচ্

স্বাস্থ্য: নাইট অৱ কপচ্

থ্ৰী অৱ স্ৱৰডচ্ (ৰিভাৰ্চড্) কাৰ্ডখনে কয় যে আপুনি অলপতে এনে এক সম্পৰ্কৰপৰা ওলাই আহিছে যি আপোনাৰ বাবে অপমানজনক আছিল অথবা আপোনাৰ বাবে সঠিক নাছিল আৰু আপোনাৰ হৃদয় ভাঙি গৈছে। অৱশ্যে আপুনি জীৱনক এক বেলেগ দৃষ্টিৰে চাবলৈ আৰম্ব কৰিব।

মীন ৰাশিৰ জাতকসকলে আৰ্থিক জীৱনত লাভ কৰা নাইট অৱ ৱেণ্ডচ্ কাৰ্ডখনে প্ৰকাশ কৰে যে আপুনি ধনৰ সঞ্চয় কাৰৰ লগতে ধন পৰিচালনা কৰাৰ ক্ষেত্ৰতো মনোযোগ দিয়া উচিত। এই সপ্তাহত আপোনাৰ ওচৰলৈ ধন আহিব কিন্তু শীঘ্ৰেই খৰচো হৈ যাব।

কেৰিয়াৰৰ ক্ষেত্ৰত লাভ কৰা ফ’ৰ অৱ কপচ্ কাৰ্ডখনে কয় যে আপুনি নিজৰ চাকৰি বা কেৰিয়াৰত প্ৰেৰণাৰ অভাৱ বা অসন্তুষ্টি অনুভৱ কৰিব পাৰে। আপুনি আনৰ সফলতা, জীৱন আৰু অভিজ্ঞতাৰ প্ৰতি ঈৰ্ষা কৰাৰফলত নিজৰ কৰ্মক্ষেত্ৰত বাল দিশবোৰ উপেক্ষা কৰিব পাৰে।

নাইট অৱ কপচ্ কাৰ্ডখনে কয় যে যদিহে আপুনি কোনো স্বাস্থ্যজনিত সমস্যা ভাল কৰিবৰ বাবে চেষ্টা কৰি আছে তেনেহ’লে আপুনি এতিয়া নিজৰ পৰিয়াল, বন্ধু-বৰ্গ আৰু চিকিৎসকৰপৰা আৱেগিক আৰু চিকিৎসাজনিত সহযোগ প্ৰাপ্ত কৰিব।

লাকী চাৰ্ম: সোণৰ আঙঠি

সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক: এষ্ট্ৰোচেজ অনলাইন শ্বপিং ষ্টোৰ

আমি আশা ৰাখিছোঁ যে আপুনি আমাৰ এই প্ৰৱন্ধটো নিশ্চয় ভাল পাইছে। এষ্ট্ৰোচেজৰ সৈতে জড়িত হৈ থকাৰ বাবে আপোনাক অশেষ ধন্যবাদ।

সঘনাই সোধা প্ৰশ্ন

1. টেৰ’ অংক জ্যোতিষৰ ওপৰত আধাৰিত নেকি?

টেৰ’ৰ অংক জ্যোতিষৰ সৈতে মিল আছে কিন্তু ইয়াৰ ওপৰত সম্পূৰ্ণৰূপে আধাৰিত নহহয়।

2. টেৰ’ত সকলোতকৈ ৰিচ’ৰ্চফুল কাৰ্ড কোনখন?

দ্য মেজিচিয়ান কাৰ্ড।

3. টেৰ’ ডেকত পৰিয়ালৰ বাবে কোনখন কাৰ্ড আছে?

টেন অৱ কপচ্।

Talk to Astrologer Chat with Astrologer