পৃথিৱীৰ বহুতো জনপ্ৰিয় টেৰ’ ৰীডাৰ আৰু জ্যোতিষীসকলে বিশ্বাস কৰে যে টেৰ’ই কেৱল ব্যক্তিৰ জীৱনৰ ভৱিষ্যতবাণী কৰাই নহয় লগতে মানুহক পথ প্ৰদৰ্শনো কৰে। কোৱা হয় যে টেৰ’ কাৰ্ড নিজৰ প্ৰতিপালন কৰাৰ আৰু নিজৰ বিষয়ে জনাৰ এক মাধ্য়ম।
টেৰ’ই এই কথাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে যে আপুনি ক’ত আছিল, এতিয়া আপুনি ক’ত আছে আৰু কি স্থিতিত আছে আৰু আগন্তুক ভৱিষ্যতত আপোনাৰ সৈতে কি হ’ব পাৰে। ই আপোনাক শক্তিৰে পৰিপূৰ্ণ পৰিৱেশত প্ৰৱেশ কৰাৰ সুযোগ প্ৰদান কৰে আৰু নিজৰ ভৱিষ্যতৰ বাবে সঠিক বিকল্প বাছনি কৰাত সহায় কৰে। যিদৰে এক ভৰসাজনক পৰামৰ্শদাতাই আপোনাক নিজৰ ভিতৰলৈ জুমি চাবলৈ শিকায় সেইদৰে টেৰ’ইও আপোনাক নিজৰ আত্মাৰ সৈতে কথা পতাৰ সুযোগ দিয়ে।
আপোনাৰ এনে লাগিব পাৰে যে জীৱনৰ পথত আপুনি বিভ্ৰান্ত হৈ পৰিছে আৰু আপোনাক দিগদৰ্শন বা সহায়ৰ প্ৰয়োজন আছে। পূৰ্বতে আপুনি টেৰ’ক উপলুঙা কৰিছিল কিন্তু এতিয়া আপুনি ইয়াৰ সঠিকতাৰদ্বাৰা প্ৰভাৱিত হৈ পৰিছে অথবা আপুনি এগৰাকী জ্যোতিষী যাক মাৰ্গদৰ্শন বা দিগদৰ্শনৰ প্ৰয়োজন আছে। অথবা আপুনি নিজৰ সময় কটাবৰ বাবে কোনো নতুন চখৰ সন্ধানত আছে। এই কাৰণসমূহৰ বাবে বা অন্য কোনো কাৰণবশতঃ টেৰ’ৰ প্ৰতি মানুহৰ আগ্ৰহ যথেষ্ট বাঢ়ি গৈছে। টেৰ’ ডেকৰ78 খন কাৰ্ডৰ সহায়ত ভৱিষ্যতৰ বিষয়ে জানিব পৰা যায়। এই কাৰ্ডসমূহৰ সহায়ত আপুনি নিজৰ জীৱনৰ মাৰ্গদৰ্শন লাভ কৰিব পাৰে।
টেৰ’ৰ উৎপত্তি 15শ শতাব্দীত ইটালীত হৈছিল। আৰম্ভণিতে টেৰ’ক কেৱল মনোৰঞ্জন হিচাপে গণ্য কৰা হৈছিল আৰু ইয়াত আধ্যাত্মিক মাৰ্গদৰ্শনৰ গুৰুত্ব কম আছিল। অৱশ্যে, টেৰ’ কাৰ্ডৰ বাস্তৱিক ব্যৱহাৰ 16শ শতাব্দীত ইউৰোপত কোনো কোনো লোকৰদ্বাৰা কৰা হৈছিল যেতিয়া তেওঁলোকে জানিব পাৰিছিল যে কেনেদৰে 78খন কাৰ্ডৰ সহায়ত ভৱিষ্যতৰ বিষয়ে জানিব পৰা যায়, সেই সময়ৰপৰাই ইয়াৰ মহত্ব যথেষ্ট বৃদ্ধি পাইছিল।
টেৰ’ হৈছে এনে এক মাধ্যম যাৰ সহায়ত মানসিক আৰু আধ্যাত্মিক বিকাশ প্ৰাপ্ত কৰিব পাৰ যায়। আপুনি কোনো স্তৰত আধ্যাত্মিকতাৰ সৈতে, অলপমান নিজৰ অন্তৰাত্মাৰ সৈতে আৰু অলপমান নিজৰ অন্তৰ্জ্ঞান আৰু আত্ম-সংশোধন আনিবৰ বাবে আৰু বাহিৰৰ পৃথিৱীৰ সৈতে জড়িত হ’ব।
তেনেহ’লে আহক এই সপ্তাহৰ সাপ্তাহিক ৰাশিফল আৰম্ভ কৰোঁ আৰু 09ফেব্ৰুৱাৰীৰপৰা 15 ফেব্ৰুৱাৰী, 2025পৰ্য্যন্ত এই সপ্তাহটোৱে ৰাশি চক্ৰৰ 12 টা ৰাশিৰ বাবে কেনে ধৰণৰ ফলাফল লৈ আহিব সেই বিষয়ে অৱগত হওঁ?
এয়াও পঢ়ক: ৰাশিফল 2025
পৃথিৱীৰ বিদ্বান টেৰ’ ৰীডাৰসকলৰ সৈতে কল/চাট্-ত কথা পাতক আৰু জানক কেৰিয়াৰ সম্পৰ্কীয় সকলোবোৰ তথ্য
প্ৰেম জীৱন: চেভেন অৱ পেণ্টাকলচ্
আৰ্থিক জীৱন: নাইন অৱ পেণ্টাকলচ্
কেৰিয়াৰ: দ্য হেংগডমেন
স্বাস্থ্য: জাজমেণ্ট (ৰিভাৰ্চড্)
প্ৰেম জীৱনৰ চেভেন অৱ পেণ্টাকলচ্ কাৰ্ডখনে প্ৰকাশ কৰে যে আপোনাৰ অংশীদাৰিত্ব সঠিক দিশত আগবাঢ়ি গৈ আছে। এই কাৰ্ডখনে কয় যে আপুনি এনে এক সম্পৰ্ক বিকশিত কৰিবৰ বাবে নিজৰ সময় আৰু শক্তি দিবলৈ প্ৰস্তুত হৈ থকা উচিত যি দীৰ্ঘ সময় ধৰি অব্যাহত থাকে আৰু আপোনাক সন্তুষ্টি প্ৰদান কৰে। আপুনি নিজৰ সম্পৰ্কত সুৰক্ষিত অনুভৱ কৰিব আৰু আপোনালোক দুয়োৱেই সম্পৰ্কত থাকি জীৱনত উন্নতি লাভ কৰিব। চিংগল জাতকসকলে এই সপ্তাহত কোনো ভৰসাজনক সঙ্গী লাভ কৰিব পাৰে।
টেৰ’সাপ্তাহিক ৰাশিফল অনুসৰি পইচাৰ সন্দৰ্ভত আপুনি নাইন অৱ পেণ্টাকলচ্ কাৰ্ড লাভ কৰিছে যি আপোনাৰ বাবে শুভ সংকেত প্ৰদান কৰিছে। এই কাৰ্ড অনুসৰি এই সপ্তাহত আপুনি সম্পন্নতা লাভ কৰিব, আপুনি ঋণৰপৰা মুক্তি লাভ কৰিব আৰু বিত্তীয় স্তৰত স্থিৰতা তথা সুৰক্ষিত অনুভৱ কৰিব। যদিহে আপুনি পূৰ্বতে বিনিয়োগ কৰিছে তেনেহ’লে এতিয়া তাৰপৰা আপুনি লাভ প্ৰাপ্ত কৰিব পাৰিব। এই সপ্তাহত ব্যৱসায়ত লাভ অৰ্জন কৰিব পাৰিব।
দ্য হেংগড্ মেন কাৰ্ডখনে কেৰিয়াৰৰ সম্পৰ্কত কৰ্মত প্ৰতীক্ষা বা স্পষ্টতাৰ অভাৱৰ দিশে সংকেত দিয়ে। কেতিয়াবা কেতিয়াবা এই কাৰ্ডখনে এয়াও কয় যে লাগিলে যিয়েই নহওক, যেতিয়া বস্তুবোৰ সময়ৰ অনুকূল নহয়, তেতিয়া আপুনি কোনো সিদ্ধান্ত ল’ব নোৱাৰিব বা নিজৰ ফালৰপৰা কোনো সামঞ্জস্য গঢ়িব নোৱাৰিব। কেতিয়াবা কেতিয়াবা আপুনি এই পৰিস্থিতিবোৰৰ মাত্ৰ অপেক্ষা কৰিব লাগিব যাৰ বাবে আপুনি যথেষ্ট কষ্ট কৰিছে। যেনে সহকৰ্মী বা ব্যৱসায়িক অংশীদাৰৰপৰা প্ৰতিক্ৰিয়া লাভ কৰা, কোনো ক্লায়েণ্টৰ সিদ্ধান্তৰ বাবে প্ৰতীক্ষা কৰা বা নিজৰ কেৰিয়াৰ কেনেদৰে পৰিৱৰ্তন কৰিব সেই সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰা।
টেৰ’ ট্ৰেডিঙত দ্য ৰিভাৰ্চড্ কাৰ্ডখনে প্ৰকাশ কৰিছে যে আপুনি স্বাস্থ্যজনিত সমস্যা, ভয় আৰু নেতিবাচক চিন্তা নিজৰ মনৰপৰা উলিয়াই দিয়া উচিত। আপুনি নিজৰ স্বাস্থ্যক স্বীকাৰ কৰি প্ৰয়োজন সাপেক্ষে চিকিৎসকৰ সহায় লওক।
ৰাশি অনুসৰি ৰোমাণ্টিক যাত্ৰা:ত্ৰিয়ুণ্ডৰ ট্ৰেক কৰক।
প্ৰেম জীৱন: ফাইৱ অৱ স্ৱৰ্ডচ্
আৰ্থিক জীৱন: হুইল অৱ ফৰচ্যুন
কেৰিয়াৰ: ফাইৱ অৱ ৱেণ্ডচ্
স্বাস্থ্য: নাইন অৱ স্ৱৰ্ডচ্
প্ৰেম জীৱনত বৃষ ৰাশি ৰ জাতকসকলক ফাইৱ অৱ স্ৱৰ্ডচ্ কাৰ্ড লাভ কৰিছে যি পাৰ্টনাৰশ্ৰীপত সমস্যা আৰু বিবাদক প্ৰতিনিধিত্ব কৰে। কথা-বতৰা কম হোৱাৰ বাবে বিবাদৰ উৎপত্তি হ’ব পাৰে আৰু এই কাৰণবশতঃ যুক্তি-তৰ্ক বা অসন্মতি হ’ব পাৰে। এই কাৰ্ডখনে গম্ভীৰ পৰিস্থিতিত আক্ৰমণাত্মকতা, সঙ্গীৰ সৈতে দুৰ্ব্যৱহাৰৰ সংকেত দিয়ে।
ধন উপাৰ্জনৰ ক্ষেত্ৰত আপুনি হুইল অৱ ফৰচ্যুন কাৰ্ড লাভ কৰিছে যাৰ অনুসৰি আপোনাৰ বিত্তীয় পৰিস্থিতিলৈ কোনো পৰিৱৰ্তন আহিব পাৰে। এই কাৰ্ডখনে কয় যে আপুনি ধনৰ ক্ষেত্ৰত পৰিপক্কতাৰে আগবঢ়া উচিত আৰু অপ্ৰত্যাশিত ব্য়য়ৰ বাবে প্ৰস্তুত হৈ থাকক। ইয়াৰ বাহিৰেও যদিহে আপুনি আৰ্থিক দিশৰপৰা শক্তিশালী তেনেহ’লে আপুনি ভৱিষ্যতৰ বাবে অধিক ধন সঞ্চয় কৰা উচিত।
কেৰিয়াৰৰ দিশত আপুনি ফাইৱ অৱ ৱেণ্ডচ কাৰ্ড প্ৰাপ্ত কৰিছে যি সংকেত দিছে যে যিসকল লোক চেলচ্ আৰু বেকিঙৰ ক্ষেত্ৰত কাম কৰে তেওঁলোকৰ বাবে ভাল হ’ব। যদিহে আপুনি এনে নহয় আৰু আপোনাৰ কামত কোনো প্ৰতিদ্বন্দী নাই তেনেহ’লে বিভিন্ন বিষয়ক লৈ সংঘৰ্ষৰ বাবে আপোনাৰ বাবে অস্থায়ী স্থিতি আহিব পাৰে। আপোনাৰ বেতন বৃদ্ধি বা পদক লৈ কোনো ব্যক্তিৰ সৈতে কাজিয়া হ’ব পাৰে। আপুনি এইখিনি সময়ত যি সংঘৰ্ষৰ সম্মুখীন হৈছে তাৰ স্বত্বেও আপুনি আনৰ অহংকাৰক সন্তুষ্টি কৰিব লাগিব।
টেৰ’সাপ্তাহিক ৰাশিফল অনুসৰি নাইন অৱ স্ৱৰ্ডচ্ কাৰ্ডখনে চিন্তা, নিদ্ৰাহীনতা, মূৰৰ বিষ বা ৰোমান্স অসন্তুলিত হোৱাৰ দৰে স্বাস্থ্যজনিত সমস্যাৰ প্ৰতি সংকেত প্ৰদান কৰে।
ৰাশি অনুসৰি ৰোমাণ্টিক যাত্ৰা:উদয়পুৰ
বৃহৎ কুণ্ডলী ত নিহিত হৈ আছে, আপোনাৰ জীৱনৰ সকলো গোপন ৰহস্য, জানক গ্ৰহসমূহৰ গতি-বিধিৰ সম্পূৰ্ণ লেখ-জোখ
প্ৰেম জীৱন: চিক্স অৱ ৱেণ্ডচ্
আৰ্থিক জীৱন: কুইন অৱ পেণ্টাকলচ্
কেৰিয়াৰ: টেন অৱ কপচ্
স্বাস্থ্য: ডে’থ
প্ৰেম জীৱনত মিথুন ৰাশি ৰ জাতকসকলে চিক্স অৱ ৱেণ্ডচ্ কাৰ্ড লাভ কৰিছে যি প্ৰকাশ কৰে যে আপুনি আৰু আপোনাৰ সঙ্গীয়ে নিজৰ সম্পৰ্কক সফল কৰি তুলিবৰ বাবে পৰস্পৰৰ সৈতে সময় কটোৱাৰ প্ৰয়োজন আছে। এই সপ্তাহত আপুনি নিজৰ সম্পৰ্কক লৈ গৰ্ব অনুভৱ কৰিব, আপোনালোক দুয়োৱে পৰস্পৰৰ সৈতে নিজৰ সফলতাসমূহৰ বিষয়ে অৱগত কৰিব আৰু ইজনে সিজনৰ সৈতে সহযোগ কৰা দেখা যাব। এই কাৰ্ডখনে কয় যে যদিহে আপুনি চিংগল তেনেহ’লে আপোনাৰ জীৱনত আপোনাৰ জীৱনসঙ্গীৰ আগমনৱ ঘটিব পাৰে। এই ব্যক্তিসকল আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ থাকিব, অভিজ্ঞতা প্ৰাপ্ত কৰিব আৰু আপোনাক জীৱনত উচ্চ শিখৰত আৰোহণ কৰাত সহায় কৰিব।
কুইন অৱ পেণ্টাকলচ্ কাৰ্ডখনে আপোনাক সমৃদ্ধি, সম্পন্নতা আৰু ভৌতিক স্থিৰতা দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। কিছু সময় পৰ্য্যন্ত কঠোৰ পৰিশ্ৰম কৰাৰ পিছত আপুনি জানিব পাৰিব যে আপোনাৰ ওচৰত এতিয়া আৰাম-বিলাসৰ সকলো বস্তু মজুদ আছে। এই কাৰ্ডখনে এগৰাকী দায়িত্বশীল ব্যক্তিক সূচিত কৰে যি এই কথা বুজি পায় যে কেনেদৰে ব্যৱহাৰিক হৈ ধনৰ ক্ষেত্ৰত পৰিপক্কতা দেখুৱাই আৰু জীৱনৰ সৰু সৰু সুখবোৰৰ আনন্দ কেনেদৰে উপভোগ কৰিব লাগে। এই কাৰ্ডখনে লাভৰ বাবে গুণাগুণৰ লগত কেতিয়াও আপোচ নকৰে।
কেৰিয়াৰৰ দিশত টেন অৱ কপচ্ কাৰ্ডখন হৈছে এখন ভাগ্যশালী কাৰ্ড। এতিয়া আপুনি এনে এক অৱস্থাত থাকিব পাৰে য’ত আপুনি নিজৰ প্ৰচেষ্টাৰ ফল লাভ কৰিব।ইয়াৰ অৰ্থ হৈছে আপোনাৰ কাম ভালে চলিছে।
সাধাৰণতে ডে’থ কাৰ্ডখনে স্বাস্থ্যৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তনক সূচিত কৰে। এই কাৰ্ডখনে কয় যে আপুনি নিজৰ পুৰণি আৰু হানিকাৰক আচৰণ ত্যাগ কৰি নতুন আৰু স্বাস্থ্যকৰ ৰণনীতি আঁকোৱালি লোৱা উচিত।
ৰাশি অনুসৰি ৰোণাণ্টিক যাত্ৰা:কেৰালা
প্ৰেম জীৱন: কিং অৱ পেণ্টাকলচ্
আৰ্থিক জীৱন: নাইট অৱ ৱেণ্ডচ্
কেৰিয়াৰ: এট অৱ স্ৱৰ্ডচ্
স্বাস্থ্য: টু অৱ ৱেণ্ডচ্
টেৰ’সাপ্তাহিক ৰাশিফল অনুসৰি কৰ্কট ৰাশি ৰ জাতকসকলৰ বাবে কিং অৱ পেণ্টাকলচ্ কাৰ্ডখনে স্থিৰতা আৰু সন্তুলনৰ সংকেত প্ৰদান কৰে। আৱেগিক আৰু আৰ্থিক দিশৰপৰা আপোনালোক দুয়োৱে পৰস্পৰৰ সৈতে সহজ অনুভৱ কৰিব। বৰ্তমান আপুনি যি স্থিতিত আছে সেয়া লাভ কৰিবৰ বাবে আপুনি যথেষ্ট প্ৰয়াস কৰিছে আৰু আপুনি এতিয়া আৰাম কৰিব পাৰে।
নাইট অৱ ৱেণ্ডচ্ কাৰ্ডখনে ইতিবাচক ৰূপত ধনৰ প্ৰৱাহত নিৰ্দেশ কৰে। এই কাৰ্ডখন প্ৰাপ্ত কৰাৰ ফত আপুনি যথেষ্ট পৰিমাণৰ ধন লাভ কৰিব পাৰে। আপুনি নিজৰ ব্যয়ৰ ওপৰত দৃষ্টি ৰখা উচিত আৰু ধন ব্যয় কৰাৰ পূৰ্বে ভালদৰে ভবা-চিন্তা কৰক। এই কাৰ্ডখনে গুৰুত্বহীনভাৱে ধন ব্যয় কৰাৰ প্ৰবৃত্তিৰ প্ৰতি সংকেত দিয়ে।
কেৰিয়াৰৰ ক্ষেত্ৰত আপুনি এট অৱ স্ৱৰ্ডচ্ কাৰ্ডখন প্ৰাপ্ত কৰিছে যি দৰ্শায় যে আপুনি নিজৰ বৰ্তমানৰ পদ বা বৃত্তিত বিৱশ অনুভৱ কৰিব পাৰে। আপুনি নিজৰ ভাগ্য নিজে ঠিৰাং কৰিবলৈ সক্ষম কিন্তু তৎস্বত্বেও আপুনি এইখিনি সময়ত হেৰাই যোৱা যেন, শক্তিহীন আৰু নিজৰ স্থিতি পৰিৱৰ্তন কৰিবলৈ অপাৰগ যেন অুভৱ কৰিব।
টু অৱ ৱেণ্ডচ্ কাৰ্ডখনে প্ৰকাশ কৰে যে আপুনি দীৰ্ঘকালীন উদ্দেশ্য আৰু ভৱিষ্যতৰ বাবে নিজৰ স্বাস্থ্যৰ প্ৰতি মনোযোগ দি সিদ্ধান্ত লোৱা উচিত। এই কাৰ্ডখনে আপোনাক স্বাস্থ্যৱান হৈ থাকিবৰ বাবে বা সুস্বাস্থ্য লাভ কৰিবৰ বাবে নিজৰ কমফ’ৰ্ট জ’নৰপৰা ওলাই আহি নতুন পদ্ধতি আঁকোৱালি ল’বলৈ পৰামৰ্শ দিয়ে।
ৰাশি অনুসৰি ৰোমাণ্টিক যাত্ৰা:মানালী
পাওক আপোনাৰ কুণ্ডলী আধাৰিত সঠিক শনি প্ৰতিৱেদন
প্ৰেম জীৱন: দ্য লাভাৰ্চ
আৰ্থিক জীৱন: দ্য চান
কেৰিয়াৰ: দ্য ৱৰ্ল্ড
স্বাস্থ্য: দ্য মুন
সিংহ ৰাশি ৰ জাতকসকলৰ বাবে এই সপ্তাহটো অত্যন্ত ভাল হ’ব বুলি আশা কৰা হৈছে। এই কাৰ্ডখনে এনে এক সম্পৰ্কক সূচিত কৰে য’ত দুয়োগৰাকী সঙ্গীয়েই হৈছে পৰস্পৰৰ পৰিপূৰক। অৱশ্যে, এই কাৰ্ডখনে দায়ৱদ্ধতা আৰু পছন্দকো দৰ্শায় সেয়েহে এই কাৰ্ডখনে আপোনাক প্ৰেমৰ প্ৰতি কিমান সমৰ্পিত হৈ থাকিব লাগে, সেই সম্পৰ্কে চিন্তা কৰিবলৈ অনুপ্ৰাণিত কৰে। এই কাৰ্ডখনৰ এয়াও অৰ্থ আছে যে আপুনি নিজৰ চাকৰি, প্ৰেম আৰু পৰিয়াল, প্ৰেম আৰু বন্ধুত্ব বা প্ৰেম আৰু নিজৰ জীৱন জীয়োৱাৰ প্ৰণালীৰ মাজত কোনোবা এটাক বাছিব লাগিব।
আৰ্থিক দিশত দ্য চান কাৰ্ডখনে সমৃদ্ধিৰ দিশত সংকেত প্ৰদান কৰে। এই কাৰ্ড অনুসৰি এই সপ্তাহত আপোনাৰ আৰ্থিক স্থিতি যথেষ্ট ভাল হ’ব। আপোনাৰ কোম্পানীয়ে ভাল কাম কৰিব, আৰ্থিক বিনিয়োগৰপৰাও লাভ হ’ব আৰু আয়ৰ অন্য উৎসবোৰৰপৰাও উপাৰ্জন হোৱাৰ আশা কৰিব পাৰি।
কেৰিয়াৰৰ ক্ষেত্ৰত আপুনি দ্য ৱৰ্ল্ড কাৰ্ডখন লাভ কৰিছে যাৰ অৰ্থ হৈছে আপুনি নিজৰ কৰ্মক্ষেত্ৰত বিভিন্ন অভিজ্ঞতা প্ৰাপ্ত কৰিব আৰু আপোনাৰ কামে স্বীকৃতি লাভ কৰিব। এই কাৰ্ডখনে কয় যে এয়া হৈছে আপোনাৰ সফলতাৰ সময়। ইয়াৰ লগতে এই কাৰ্ডখনে আপোনাক নিজৰ উন্নতিক গুৰুত্ব দিবৰ বাবে অনুপ্ৰাণিত কৰিব। এই কাৰ্ডখনে আপোনাক উচ্চ লক্ষ্য ৰাখিবৰ বাবে আৰু নিজৰ কঠোৰ পৰিশ্ৰমৰ ফলৰ আনন্দ উপভোগ কৰাৰ মাজত ভাৰসাম্য বজাই ৰাখিবলৈ পৰামৰ্শ প্ৰদান কৰে।
স্বাস্থ্যৰ ক্ষেত্ৰত দেখা যায় দ্য মুন কাৰ্ডখনে কয় যে আপোনাৰ ভিতৰত চলি থখা আৱেগিক সংঘৰ্ষই আপোনাৰ স্বাস্থ্য বেয়া কৰিব পাৰে। নিজৰ প্ৰতি মনোযোগ ৰাখক আৰু প্ৰয়োজন সাপেক্ষে চিকিৎসকৰ সহায় লওক।
ৰাশি অনুসৰি ৰোমাণ্টিক যাত্ৰা:কেদাৰনাখৰ ট্ৰেক কৰক।
প্ৰেম জীৱন: দ্য টাৱাৰ
আৰ্থিক জীৱন: দ্য চেৰিয়ট
কেৰিয়াৰ: পে’জ অৱ স্ৱৰ্ডচ্
স্বাস্থ্য: ফাইৱ অৱ স্ৱৰ্ডচ্
কন্যা ৰাশিৰ জাতকসকলে দ্য টাৱাৰ কাৰ্ড লাভ কৰিছে যি মত প্ৰকাশ কৰে যে আপোনাৰ সম্মুখলৈ এনে কোনো সমস্যা আহিব পাৰে যি আপোনাৰ জীৱনলৈ বিভিন্ন পৰিৱৰ্তন আনি দিব পাৰে। লাহে লাহে দুৰ্বল হৈ অহা ভেটিৰ বাবে আপোনালোকৰ সম্পৰ্ক দীৰ্ঘ দিন নচলিব পাৰে আৰু আপোনালোকৰ সম্পৰ্কলৈ ব্যৱধান আহিব পাৰে। আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত নতুন অভিজ্ঞতা হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে, এই অভিজ্ঞতা বেদনাদায়কো হ’ব পাৰে। এই সময়খিনি জটিল হ’ব পাৰে কিন্তু মনত ৰাখিব যে এই সময়খিনিও পাৰ হৈ যাব। যদিহে আপুনি অকলশৰীয়া তেনেহ’লে আপোনাৰ বাবে সম্পৰ্ক নহয় বৰঞ্চ প্ৰেমৰ কি অৰ্থ, তাক লৈ আপোনাৰ দৃষ্টিকোণ আৰু বোধগম্যতা সলনি হ’ব পাৰে।
টেৰ’সাপ্তাহিক ৰাশিফল অনুসৰিদ্য চেৰিয়ট কাৰ্ডখনৰদ্বাৰা এই সপ্তাহত আপুনি জানিব পাৰিব যে আপুনি কেনেদৰে নিজৰ ধন বচাব আৰু বৃদ্ধি কৰিব পাৰে আৰু আপুনি এই দিশত কাম কৰিবলৈ আৰম্ভ কৰিব। ধনৰ ক্ষেত্ৰত আপোনাৰ মনলৈ নেতিবাচক চিন্তা আহিব পাৰে কিন্তু আপুনি এই কথাৰ প্ৰতি মন দিব লাগিব যে এই নেতিবাচক চিন্তাবোৰে যাতে আপোনাক চিন্তাত নেপেলায়।
পে’জ অৱ স্ৱৰ্ডচ্ কাৰ্ডখনে কয় যে এই সময়খিনিত আপুনি নিজৰ কামক লৈ নতুন নতুন চিন্তা আৰু উৎসাহেৰে পৰিপূৰ্ণ হৈ থাকিব। এই কাৰ্ড অনুসৰি আপুনি কোনো বস্তুৰ প্ৰশিক্ষণ বা নতুন অনুভৱ লাভ কৰিব। ইয়াৰ মতে আপুনি কোনো প্ৰশিক্ষণ ল’ব পাৰে, কোনো বিষয়ৰ অধ্যয়ন কৰিব পাৰে বা কেৰিয়াৰৰ বাবে নতুন পথ বাছনি কৰিব পাৰে।
স্বাস্থ্যৰ দৃষ্টিকোণৰপৰা ক’ব পাৰি যে আপুনি ফাইৱ অৱ স্ৱৰ্ডচ্ কাৰ্ড লাভ কৰিছে যাৰ মতে আপুনি এইখিনি সময়ত যুঁজি যুঁজি ভাগৰি পৰা যেন অনুভৱ কৰিব পাৰে সেয়েহে আপুনি নিজৰ স্বাস্থ্যৰ যত্ন লোৱাৰ প্ৰয়োজন আছে। আপুনি এতিয়া যি সমস্যাৰ সম্মুখীন হৈছে বা হৈ আহিছে তাৰ বাবে আপোনাৰ ভিতৰৰ উদ্যম নাইকিয়া হৈ যোৱাৰ সম্ভাৱনা আছে।
ৰাশি অনুসৰি ৰোমাণ্টিক যাত্ৰা:আগ্ৰা
কেৰিয়াৰক লৈ হৈ আছে টেনশ্যন! এতিয়াই অৰ্ডাৰ কৰক কগ্নিএষ্ট্ৰো প্ৰতিৱেদন
প্ৰেম জীৱন: এট্ অৱ পেণ্টাকলচ্
আৰ্থিক জীৱন: ফাইৱ অৱ স্ৱৰ্ডচ্
কেৰিয়াৰ: দ্য হেংগড্ মেন
স্বাস্থ্য: দ্য ডেভিল
তুলা ৰাশি ৰ জাতকসকলে প্ৰেম জীৱনত আপৰাইট এট্ অৱ পেণ্টাকলচ্ কাৰ্ড প্ৰাপ্ত কৰিছে। এই কাৰ্ডখনে কয় যে আপুনি নিজৰ সম্পৰ্কক যথেষ্ট সময় আৰু শক্তি দিছে আৰু আপোনাৰ সম্পৰ্কৰ প্ৰতি যথেষ্ট মনোযোগ ৰাখিছে। আপোনাৰ সম্পৰ্ক ভাল চলি আছে আৰু আপোনাৰ প্ৰয়াস সফল হৈছে।
যদিহে আপুনি নিজৰ আৰ্থিক স্থিতি সুৰক্ষিত ৰাখিব বিচাৰে তেনেহ’লে ফাইৱ অৱ স্ৱৰ্ড্ কাৰ্ড অনুসৰি আপুনি ধন সঞ্চয় কৰাক লৈ ততালিকে কোনো পদক্ষেপ গ্ৰহণ কৰা উচিত। এই সময়ছোৱাত আপুনি নিজৰ ধনক লৈ যথেষ্ট সাৱধানতা অৱলম্বন কৰা উচিত। বিশেষকৈ পইচাৰ ক্ষেত্ৰত আনৰ ওপৰত ভৰসা কৰাটোক লৈ আপুনি অধিক সতৰ্ক হ’ব লাগিব। কোনো লোকে আপোনাৰপৰা সুবিধা লোৱাৰ চেষ্টা কৰিব পাৰে বা আপোনাৰপৰা নিজৰ অধিকাৰতকৈ অধিক ল’ব পাৰে। কেতিয়াবা কেতিয়াবা এই কাৰ্ডখনে এই কথাৰো সংকেত দিয়ে যে এই সময়ত ধনৰ আকাল হ’ব পাৰে আৰু আপুনি নিজৰ সুখ-সুবিধা কিছু হ্ৰাস কৰাৰ প্ৰয়োজন হ’ব পাৰে।
টেৰ’সাপ্তাহিক ৰাশিফল অনুসৰিদ্য হেংগড্ মেন কাৰ্ডখনে কয় যে আপুনি নিজৰ কেৰিয়াৰত ফঁচি থকা যেন অনুভৱ কৰিব পাৰে। আপুনি যি ঠাইত কাম কৰে সেই ঠাই আপোনাৰ পছন্দৰ নহ’ব পাৰে। সঠিক সময় নোহোৱাৰ বাবে আপুনি সিদ্ধান্ত ল’বলৈ বা নিজৰ ফালৰপৰা সমাঞ্জস্য গঢ়িবলৈ অসমৰ্থ হ’ব পাৰে। আপুনি সেইবোৰ বস্তুৰ বাবে অপেক্ষা কৰিবলগীয়া হ’ব পাৰে যাৰ বাবে আপুনি কঠোৰ পৰিশ্ৰম কৰি আছে যেনে কোনো সহকৰ্মী বা ব্যৱসায়িক অংশীদাৰ বা ক্লায়েণ্টৰ প্ৰতিক্ৰিয়াৰ বাবে অপেক্ষা কৰিবলগীয়া হ’ব পাৰে। আপোনাৰ কেৰিয়াৰৰ পৰিৱৰ্তনৰ আৱশ্যকতা আছে।
দ্য ডেভিল কাৰ্ডখনে জীৱনৰ সকলো দিশলৈ সন্তুলন অনাৰ গুৰুত্বক দৰ্শায়। ইয়াত আপোনাৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যও আছে। এই কাৰ্ডখনে কয় যে আপুনি অধিক চাপ লোৱাটো পৰিহাৰ কৰা উচিত আৰু স্বাস্থ্যকৰ ভোজন তথা ব্যায়ামৰ বাবে সময় উলিওৱা উচিত।
ৰাশি অনুসৰি ৰোমাণ্টিক যাত্ৰা:ক’চ্চি
প্ৰেম জীৱন: এচ অৱ পেণ্টাকলচ্
আৰ্থিক জীৱন: এচ অৱ স্ৱৰ্ডচ্
কেৰিয়াৰ: টেন অৱ স্ৱৰ্ডচ্ (ৰিভাৰ্চড্)
স্বাস্থ্য: ফাইৱ অৱ পেণ্টাকলচ্
এই সপ্তাহত প্ৰেমিক যুগলসকলে নিজৰ সম্পৰ্কত সুস্থিৰ আৰু সুৰক্ষিত অনুভৱ কৰিব পাৰিব আৰু স্থিৰতা তথা সুৰক্ষাৰ বাবে তেওঁলোকে নিজৰ সম্পৰ্কক আগবঢ়াই নিবলৈ পদক্ষেপ লোৱাৰ সাহস প্ৰাপ্ত কৰিব। এই কাৰ্ড অনুসৰি আপোনালোক দুয়োৱেই উন্নতি লাভ কৰিব আৰু দুয়োৱেই নিজৰ স্বতন্ত্ৰতা উপলব্ধি কৰিব। এনে পৰিস্থিতিত আপোনালোক দুয়োৰে সম্পৰ্ক শক্তিশালী হ’ব। যদিহে আপুনি চিংগল তেনেহ’লে তেনেহ’লে নিজৰ ব্যৱহাৰিক জীৱনৰ প্ৰতি মনোযোগ দিয়ক কাৰণ ইয়াৰপৰাই আপুনি নিজৰ বাবে এনে এক সম্পৰ্কৰ সন্ধান কৰাৰ ক্ষেত্ৰত সহায় লাভ কৰিব যি আপোনাক সন্তুষ্টি দিব পাৰিব।
এচ অৱ স্ৱৰ্ডচ্ কাৰ্ডখনৰ মতে আৰ্থিক জীৱনত আপুনি যথেষ্ট যুক্তিবাদী হৈ চলিব লাগিব। ধনৰ ক্ষেত্ৰত আপোনাৰ মন আৰু মগজু দুয়োটাই বেলেগ বেলেগ ৰায় দিব পাৰে। এনে পৰিস্থিতিত এই কাৰ্ডখনে আপোনাৰ নিজৰ বিবেকৰ মতে চলাটো আৰু আৱেগিক আচৰণ কৰাটো পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিছে।
আপুনি নিজৰ কেৰিয়াৰৰ পূৰ্বৰ সমস্যাসমূহ দূৰ কৰাৰ পথত আগবাঢ়িছে। হ’ব পাৰে যে আপুনি অলপতে এনে কোনো পদ বা চাকৰি এৰিছে যাৰ বাবে আপুনি বহুতো সমস্যা, ক্ৰোধ আৰু যন্ত্ৰণাৰ সম্মুখীন হৈছে। যিয়েই নহওক, এতিয়া সেইবোৰ শেষ হৈছে। এতিয়া আপুনি স্বস্তিৰ নিশ্বাস পেলাব পাৰে কাৰণ আগন্তুক প্ৰত্যাহ্বানবোৰৰ সৈতে মোকাবিলা কৰাটো সহজ হ’ব।
স্বাস্থ্য়ৰ ক্ষেত্ৰত ফাইৱ অৱ পেণ্টাকলচ্ কাৰ্ডখনে দৰ্শায় যে এই সময়ছোৱাত আপুনি বা আপোনাৰ পৰিয়ালৰ কোনো সদস্য গম্ভীৰভাৱে বেমাৰত পৰিব পাৰে। আপোনাক নিজৰ স্বাস্থ্যৰ বিশেষভাৱে যত্ন ল’বলৈ পৰামৰ্শ দিয়া হৈছে অন্যথা আপুনি কোনো দীৰ্ঘকালীন বেমাৰৰ চিকাৰ হ’ব পাৰে। ইয়াৰ ফলত আপোনাৰ শক্তি কমি যাব পাৰে।
ৰাশি অনুসৰি ৰোমাণ্টিক যাত্ৰা:আন্দামান
প্ৰেম জীৱন: দ্য ষ্টাৰ
আৰ্থিক জীৱন: টু অৱ স্ৱৰ্ডচ্
কেৰিয়াৰ: এচ অৱ কপচ্
স্বাস্থ্য: এট্ অৱ স্ৱৰ্ডচ্
ধনু ৰাশি ৰ জাতকসকলে প্ৰেমৰ ক্ষেত্ৰত দ্য ষ্টাৰ কাৰ্ড লাভ কৰিছে যাৰ অনুসৰি আপোনাৰ ৰোমাণ্টিক সম্পৰ্ক শক্তিশালী হ’ব। যদিহে আপুনি চিংগল তেনেহ’লে আপুনি আপোনাৰ পুৰণা সম্পৰ্কৰ বোজাৰপৰা বাহিৰ ওলাই আহিবলৈ প্ৰস্তুত হৈছে। ইয়াৰ ফলত আপুনি অধিক সুযোগ লাভ কৰিব আৰু আপুনি নতুন মানুহ লগ পাব।
টেৰ’সাপ্তাহিক ৰাশিফল অনুসৰিধনৰ ক্ষেত্ৰত টু অৱ স্ৱৰ্ডচ্ কাৰ্ডখনে কয় যে আপুনি বাস্তৱৰ সম্মুখীন হোৱাৰপৰা পলায়ন কৰিছে অথবা আপোনাৰ ভিতৰত ইয়াৰ সৈতে সম্মুখীন হোৱাৰ সাহস নাই। যদিহে এই সময়খিনিত আপুনি কোনো আৰ্থিক সমস্যাৰ সম্মুখীন হৈছে তেনেহ’লে আপুনি তাক উপেক্ষা কৰাটো উচিত নহ’ব।
এচ অৱ কপচ্ কাৰ্ডখনে নতুন সম্ভাৱনা আৰু ভাল চিন্তা-ধাৰাক দৰ্শায়। কেৰিয়াৰৰ ক্ষেত্ৰত আপুনি এই চিন্তাক বিভিন্ন ধৰণেৰে চাব পাৰে। চাকৰিৰ সন্ধানত থকা লোকসকলৰৰ বাবে এই কাৰ্ডখনে এক নতুন আৰম্ভণিৰ সংকেত দিয়ে।
এট অৱ স্ৱৰ্ডচ্ ৰিভাৰ্চড্ কাৰ্ডখনে আপোনাক ৰোগৰপৰা উপশম লাভ কৰাৰ, মানসিকভাৱে শক্তিশালী হোৱাৰ আৰু চিন্তাৰপৰা মুক্তি লাভ কৰাৰ পথ দেখুৱায়। ইয়াৰ লগতে এই কাৰ্ডখনে আপোনাক মনত পেলাই দিয়ে যে আপুনি আৰোগ হৈ থাকিবৰ বাবে আৰু সুস্বাস্থ্যকৰ জীৱন জীয়াবৰ বাবে সক্ষম।
ৰাশি অনুসৰি ৰোমাণ্টিক যাত্ৰা:গোৱা
প্ৰেম জীৱন: নাইট অৱ পেণ্টাকলচ্
আৰ্থিক জীৱন: ফাইৱ অৱ ৱেণ্ডচ্
কেৰিয়াৰ: চেভেন অৱ কপচ্
স্বাস্থ্য: নাইন অৱ স্ৱৰ্ডচ্
মকৰ ৰাশি ৰ জাতকসকলে প্ৰেম জীৱনত লাভ কৰিছে নাইট অৱ পেণ্টাকলচ্ কাৰ্ড। আপুনি আৱেগিকভাৱে সহজ হ’বলৈ সময় ল’ব পাৰে। এই কাৰ্ডখনে সাধাৰণভাৱে এনে এগৰাকী সঙ্গীক সূচিত কৰে যি স্থিৰ, আত্মনিৰ্ভৰ আৰু সমৰ্পিত স্বভাৱৰ হয়। ইয়াৰ লগতে তেওঁ মাটিৰ সৈতে সংযোজিত, ব্যৱহাৰিক আৰু সুৰক্ষা তথা সমৰ্পণৰ সৈতে দীৰ্ঘ সময়ৰ বাবে সম্পৰ্ক জীয়াই ৰখাৰ মনোবৃত্তি ৰাখে।
ফাইৱ অৱ ৱেণ্ডচ্ কাৰ্ডখনে বিত্তীয় ক্ষেত্ৰত অস্থিৰতা আৰু ধনৰ ক্ষেত্ৰত বিবাদক সূচিত কৰে। এই কাৰ্ডখনে কয় যে আপুনি নিজৰ আৰ্থিক স্থিতি পুণৰ ঠিক কৰিবৰ বাবে বা মানুহৰ সৈতে নিজৰ মতভেদসমূহ সমাধান কৰিবৰ বাবে কঠোৰ পৰিশ্ৰম কৰাৰ প্ৰয়োজন আছে।
চেভেন অৱ কপচ্ কাৰ্ডখনে এনে ব্যক্তিক সূচিত কৰে যাৰ সম্মুখত বহুতো বিকল্প মজুত থাকে। যদিহে কেৰিয়াৰৰ ক্ষেত্ৰত এই কাৰ্ডখন প্ৰাপ্ত হৈছে তেনেহ’লে ইয়াৰ অৰ্থ হৈছে আপুনি কেৰিয়াৰৰ ক্ষেত্ৰত বিকাশ লাভ কৰিবৰ বাবে বহুতো বিকল্প দেখা পাব। এনেয়ে ক’বলৈ গ’লে বিভিন্ন ধৰণৰ সম্ভাৱনা আৰু বিকল্প থকাটো ভাল কথা কিন্তু আপুনি এই কথাৰ প্ৰতি মনোযোগ দিব লাগিব যে আপুনি সপোন দেখি সময় নষ্ট কৰাতকৈ সেইবোৰ পূৰণ কৰিবৰ বাবে কাম কৰিব লাগিব।
নাইন অৱ স্ৱৰ্ডচ্ কাৰ্ডখনে ভয়, অপৰাধবোধ, আশ্চৰ্য্য আৰু চিন্তা আদিক সূচিত কৰে। এই কাৰ্ডখনৰ এয়াও অৰ্থ হ’ব পাৰে যে আপুনি কোনো জটিল সিদ্ধান্ত বা সমস্যাজনক স্থিতিত সোমাই আছে কিন্তু যিটো কথাই আপোনাক আটাইতকৈ বেছি ভয় খুৱাই আছে সেইটো সঁচা নহ’ব।
ৰাশি অনুসৰি ৰোমাণ্টিক যাত্ৰা:হিমাচল প্ৰদেশ।
প্ৰেম জীৱন: চিক্স অৱ পেণ্টাকলচ্
আৰ্থিক জীৱন: এট অৱ ৱেণ্ডচ্
কেৰিয়াৰ: দ্য এম্পেৰৰ
স্বাস্থ্য: কিং অৱ কপচ্
কুম্ভ ৰাশিৰ জাতকসকলে চিক্স অৱ পেণ্টাকলচ্ কাৰ্ড লাভ কৰিছে যি কৈছে যে এই সময়খিনিত আপোনালোকৰ সম্পৰ্কত প্ৰেম-ভালপোৱা বৃদ্ধি পাব আৰু আপোনালকো দুয়োৱে পৰস্পৰৰ সহযোগিতা কৰিব। আপোনালোক দুয়োৰে উদ্যম একে হোৱাৰ বাবে আপোনালোকৰ সম্পৰ্ক শান্তিপূৰ্ণ হ’ব আৰু আপোনালোক দুয়োৱে পৰস্পৰৰ বাবে সমান ভাৱ ৰাখিব। আপোনালোক দুয়োজনেই আনৰ সহায় কৰাটোক অধিক গুৰুত্ব দিব।
এট অৱ ৱেণ্ডচ্ কাৰ্ডখনে কয় যে আপোনাৰ ওচৰলৈ যি বেগত ধন আহে সেই বেগতেই গুচিও যায়। ইয়াত কোনো ভাল বা নেতিবাচকতা নাই। এই সময়খিনিত নিজৰ সফলতাৰ বাবে আপুনি এই কথাৰ প্ৰতি মনোযোগ দিয়ক যে কিমান ধন হাতলৈ আহিছে আৰু কিমান ধন হাতৰপৰা গৈছে। আপুনি খৰখেদাকৈ কোনো ব্য বা ক্ৰয় কৰাটো উচিত নহ’ব।
টেৰ’সাপ্তাহিক ৰাশিফল অনুসৰি দ্য এম্পেৰৰ কাৰ্ডখনে চাকৰিৰ সন্ধান কৰাৰ বাবে বা কেৰিয়াৰত নিজৰ লক্ষ্যত উপনীত হ’বৰ বাবে আপোনাক কৌশলী, অনুশাসিত আৰু দৃঢ় হোৱাৰ পৰামৰ্শ দিছে। যদিহে বৰ্তমান সময়ৰ আপোনাৰ কৰ্মক্ষেত্ৰ বা কাম কৰাৰ প্ৰক্ৰিয়া কিছু অব্যৱস্থিত বা সমস্যাজনক, তেনেহ’লে আপুনি ভৱিষ্যতে নতুন প্ৰক্ৰিয়া বা পৰিকল্পনা যুগুত কৰা উচিত। ইয়াৰদ্বাৰা আপুনি আৰু আপোনাৰ সহকৰ্মীসকলে মিলি অধিক প্ৰভাৱশালী ধৰণে কাম কৰিব পাৰিব।
কিং অৱ কপচ্ কাৰ্ডখনে কয় যে আপুনি নিজৰ সম্পূৰ্ণ স্বাস্থ্য সংশোধন কৰিবৰ বাবে নিজৰ আৱেগিক স্বাস্থ্য আৰু নিজৰ প্ৰতি যত্ন লোৱাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া উচিত।
ৰাশি অনুসৰি ৰোমাণ্টিক যাত্ৰা:ঋষিকেশ
প্ৰেম জীৱন: দ্য এম্প্ৰেছ
আৰ্থিক জীৱন: কিং অৱ ৱেণ্ডচ্
কেৰিয়াৰ: কুইন অৱ স্ৱৰ্ডচ্
স্বাস্থ্য: জাজমেণ্ট
প্ৰেমৰ ক্ষেত্ৰত দ্য এম্প্ৰেছ কাৰ্ডখনে কয় যে আপোনাৰ সম্পৰ্কত স্থিৰতা থাকিব আৰু আপোনালোক দুয়ো পৰস্পৰৰ প্ৰতি বিশ্বাসী আৰু সমৰ্পিত হৈ থাকিব। এই কাৰ্ডখনে মাতৃত্বকো সূচিত কৰে সেয়েহে আপোনাৰ বাবে ই গৰ্ভাৱস্থা বা পৰিয়াল আৰম্ভ কৰাৰো সংকেত প্ৰদান কৰে। ইয়াৰ লগতে এই কাৰ্ডখনে বিবাহৰ বন্ধনত বান্ধ খোৱাৰ কথাও দৰ্শিত কৰে।
আৰ্থিক জীৱনত কিং অৱ ৱেণ্ডচ্ কাৰ্ড আপৰাইট হোৱাটোৱে মত প্ৰকাশ কৰিছে যে ভাল স্থিতিত থাকিলেও আপুনি সন্তুলন বৰ্ত্তাই ৰখা উচিত। এই সন্তুলনৰদ্বাৰা আপুনি নিজৰ উপাৰ্জন ৰক্ষা কৰাত আৰু সেয়া বৃদ্ধি কৰাত সহায় লাভ কৰিব। আপুনি এই নিয়মৰ পালন কৰা উচিত। আপুনি বিশেষকৈ আন লোকৰ ওপৰত ধন ব্যয় কৰি নিজৰ কৃতজ্ঞতা স্বীকাৰ কৰিব পাৰে। ধন সঞ্চয় কৰাটো পৰিপক্কতা কিন্তু এই সময়ত আপুনি এনে কৰাৰ আৱশ্যকতা নহ’বও পাৰে।
বৃত্তিগত জীৱনত কুইন অৱ স্ৱৰ্ডচ্ কাৰ্ডখন হৈছে জ্ঞান, বিশেষজ্ঞতা আৰু ষ্পষ্ট কথা-বতৰাৰ প্ৰতীক। এই কাৰ্ডখনে এনে ব্যক্তিৰ প্ৰতি সংকেত প্ৰদান কৰে যি আপোনাক বিত্তীয় মাৰ্গদৰ্শন দিব পাৰে, আপোনাৰ সৈতে সৃষ্টিশীল ধৰণে আলোচনা বা সহযোগিতা কৰিব পাৰে।
দ্য জাজমেণ্ট কাৰ্ডখনে স্বাস্থ্যৰ ক্ষেত্ৰত এক জটিল সময়ৰ পিছত আৰোগ্যতা, উপচাৰ আৰু কায়কল্পক দৰ্শায়।
ৰাশি অনুসৰি ৰোমাণ্টিক যাত্ৰা:লক্ষদ্বীপ
সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক: এষ্ট্ৰোচেজ অনলাইন শ্বপিং ষ্টোৰ
আমি আশা ৰাখিছোঁ যে আপুনি আমাৰ এই প্ৰৱন্ধটো নিশ্চয় ভাল পাইছে। এষ্ট্ৰোচেজৰ সৈতে জড়িত হৈ থকাৰ বাবে আপোনাক অশেষ ধন্যবাদ।
1. কোনখন টেৰ’ কাৰ্ডে ইমেচ্যুৰিটি প্ৰদৰ্শন কৰে?
দ্য ফুল কাৰ্ড আৰু পে’জ অৱ ৱেণ্ডচ্ কাৰ্ডে।
2. টেৰ’ই দীৰ্ঘকালীন প্ৰশ্নৰ উত্তৰ দিব পাৰে নে?
নাই, টেৰ’ৰ বাবে ই জটিল।
3. টেৰ’ সঠিক নে?
যদিহে টেৰ’ ৰীডাৰগৰাকী অভিজ্ঞ হয়, তেনেহ’লে টেৰ’ কাৰ্ডৰদ্বাৰা সঠিক গণনা কৰিব পৰা যায়।