বৃহস্পতিৰ গোচৰ 2027 (Guru Gochar 2027)

Author: Lobitha Dutta | Updated Wed, 30 Sep 2026 12:52 PM IST

দেৱগুৰু বৃহস্পতি অৰ্থাৎ বৃহস্পতি গ্ৰহ বৈদিক জ্যোতিষশাস্ত্ৰৰ এক অন্যতম প্ৰভাৱশালী গ্ৰহ। সাধাৰণতে জ্যোতিষীসকলে বৃহস্পতিক সৰ্বাধিক শুভ গ্ৰহ হিচাপে গণ্য কৰে। বৃহস্পতি গ্ৰহৰ দৃষ্টি অমৃতৰ সমান বুলি এক বিশ্বাস প্ৰচলিত আছে। অৰ্থাৎ বৃহস্পতিয়ে জন্মকুণ্ডলীৰ যি স্থান বা ভাৱলৈকে দৃষ্টি নিক্ষেপ কৰে, সেই ভাৱৰ শুভ প্ৰভাৱ বৃদ্ধি কৰাৰ কাম কৰে আৰু তাৰ লগত জড়িত সুখ-সম্পদৰ উন্নতি সাধন কৰে। বৃহস্পতি গ্ৰহক সাধাৰণতে ধন-সম্পত্তি আৰু জ্ঞানৰ উপৰিও সন্তান, বিবাহ আদিৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ৰ কাৰক গ্ৰহ হিচাপেও মান্যতা দিয়া হয়। 2027 বৰ্ষত বৃহস্পতি গ্ৰহৰ অৱস্থানত কেইবাবাৰো সালসলনি ঘটিব।


हिन्दी में पढ़ें - गुरु गोचर 2027

কোনো সিদ্ধান্ত ল'বলৈ অসুবিধা হৈছে নেকি? তেন্তে এতিয়াই আমাৰবিদ্বান জ্যোতিষীসকলক ফোন কৰক!

বছৰটোৰ আৰম্ভণিতে বৃহস্পতি সিংহ ৰাশিত মঘা নক্ষত্ৰৰ প্ৰথম চৰণত বক্ৰী অৱস্থাত থাকিব। আনহাতে বছৰৰ শেষ সময়ছোৱাত বৃহস্পতি কন্যা ৰাশিত উত্তৰা ফাল্গুনীৰ দ্বিতীয় চৰণত অৱস্থান কৰিব। এই সময়ছোৱাত বৃহস্পতিয়ে কৰ্কট, সিংহ আৰু কন্যা—এই তিনিটা ৰাশিত ভ্ৰমণ কৰিব। ইতিপূৰ্বে উল্লেখ কৰাৰ দৰে বছৰৰ আৰম্ভণিতে বৃহস্পতি সিংহ ৰাশিত বক্ৰী অৱস্থাত থাকিব আৰু বিশ্বাস অনুসৰি বক্ৰী অৱস্থাতে ওলোটা গতিৰে খোজ লৈ বৃহস্পতি গ্ৰহ 25 জানুৱাৰী 2027 তাৰিখে কৰ্কট ৰাশিলৈ উভতি যাব। অৰ্থাৎ বিগত বৰ্ষৰ দৰে বৃহস্পতিয়ে পুনৰ নিজৰ উচ্চ অৱস্থা প্ৰাপ্ত কৰিব। 13 এপ্ৰিল 2027 তাৰিখে বৃহস্পতি মাৰ্গী হ'ব আৰু পোনপটীয়া গতিৰে অগ্ৰসৰ হৈ 26 জুন 2027 তাৰিখে পুনৰ সিংহ ৰাশিত প্ৰৱেশ কৰিব। ইয়াৰ পাছত বৃহস্পতি 26 নৱেম্বৰ 2027 পৰ্যন্ত ইয়াতেই অৰ্থাৎ সিংহ ৰাশিতেই অৱস্থান কৰিব। অৱশ্যে এই সময়ছোৱাৰ মাজতে 13 আগষ্ট 2027 তাৰিখে সন্ধিয়া প্ৰায় 7:32 বজাত বৃহস্পতি গ্ৰহ অস্ত যাব আৰু 13 ছেপ্টেম্বৰ 2027 তাৰিখে পুৱা 5:22 বজালৈকে অস্ত হৈ থাকিব। অৰ্থাৎ বৃহস্পতি গ্ৰহ এই সময়ছোৱাত প্ৰায় 27 দিন ধৰি অস্তমিত অৱস্থাত থাকিব। এই সকলোবোৰৰ প্ৰভাৱ আপোনাৰ ৰাশি অৰ্থাৎ আপোনাৰ ওপৰত কেনেদৰে পৰিব সেয়া জনাৰ পূৰ্বে বৃহস্পতিৰ এই অৱস্থাই দেশ তথা বিশ্বৰ ওপৰত কিদৰে প্ৰভাৱ পেলাব পাৰে, সেয়াও জানি লোৱা প্ৰয়োজন।

2027 বৰ্ষত বৃহস্পতিৰ গোচৰৰ দেশ তথা বিশ্বৰ ওপৰত প্ৰভাৱ: 

বৃহস্পতিৰ গোচৰে 2027 বৰ্ষত বিশ্ব ৰাজনীতি, অৰ্থনীতি, প্ৰযুক্তি, শিক্ষা, সামাজিক ব্যৱস্থা আৰু কৃষি আদিৰ ওপৰত এক গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব পাৰে, কাৰণ এই বৰ্ষত বৃহস্পতিৰ স্থিতিৰ বহু পৰিৱৰ্তন ঘটিব। বৃহস্পতি সিংহ ৰাশিৰ পৰা কৰ্কট ৰাশিলৈ ঘূৰি যাব, তাৰ পাছত পুনৰ পোনপটীয়া গতিত কৰ্কট, সিংহ আৰু কন্যা ৰাশিলৈকে বছৰৰ অন্তিম মাহৰ ভিতৰত যাত্ৰা সম্পূৰ্ণ কৰিব। সেয়েহে এই বৰ্ষৰ ফলাফলসমূহক বিভিন্ন পৰ্যায়ত বুজি লোৱাটো অধিক যুক্তিযুক্ত হ'ব।

জানুৱাৰী 2027 ৰ পৰা এপ্ৰিল 2027: 

বছৰৰ আৰম্ভণিতে বৃহস্পতি সিংহ ৰাশিত বক্ৰী অৱস্থাত থাকিব যদিও 25 জানুৱাৰীৰ পৰাই বৃহস্পতি কৰ্কট ৰাশিলৈ উভতি যাব আৰু 13 এপ্ৰিল পৰ্যন্ত বক্ৰী অৱস্থাত কৰ্কট ৰাশিতেই থাকিব। যিহেতু এই সময়ছোৱাৰ অধিক সময় বৃহস্পতি কৰ্কট ৰাশিত বক্ৰী অৱস্থাত থাকিব, সেয়েহে এই অংশত আমি কৰ্কট ৰাশিত বক্ৰী বৃহস্পতিৰ বিষয়ে আলোচনা কৰি লওঁ। যদিও বৃহস্পতি বক্ৰী অৱস্থাত থাকিব, তথাপিও নিজৰ উচ্চ ৰাশিত অৱস্থান কৰিব। গতিকে ইয়াৰ ফলাফল সম্পূৰ্ণৰূপে নেতিবাচক নহ'ব, বৰঞ্চ বহু ক্ষেত্ৰত বৃহস্পতিয়ে অত্যন্ত শুভ ফলাফল প্ৰদান কৰিব। বৃহস্পতিয়ে এই সময়ছোৱাত পুৰণি সিদ্ধান্তসমূহৰ পুনৰীক্ষণ কৰোৱাৰ দিশত কাম কৰিব পাৰে। যিবোৰ নীতিত কিবা আসোঁৱাহ ৰৈ গৈছিল, সেইবোৰত সংস্কাৰ দেখা যাব পাৰে। আধৰুৱা হৈ পৰি থকা কামবোৰ আগবঢ়াই নিয়াৰ পদক্ষেপ গ্ৰহণ কৰিব পৰা যায়। যিহেতু বৃহস্পতি নিজৰ উচ্চ ৰাশিত থাকিব, সেয়েহে জনসাধাৰণ, পানী, ভূমি, আৱাস, কৃষি, খাদ্য সুৰক্ষা আৰু সমাজ কল্যাণৰ সৈতে জড়িত বিষয়সমূহত অনুকূল পৰিৱেশ দেখা যাব পাৰে। চৰকাৰৰ দৃষ্টি এই বিষয়বোৰৰ ওপৰত অধিক থাকিব পাৰে। অৰ্থনৈতিক নীতি, সুতৰ হাৰ, চৰকাৰী ব্যয় আৰু সামাজিক সুৰক্ষা সম্পৰ্কীয় আঁচনিসমূহ পুনৰ বিবেচনা কৰা হ'ব পাৰে।

Read in English - Jupiter transit 2027 

এই ৰাশিফল চন্দ্ৰ ৰাশিৰ ওপৰত আধাৰিত। জানি লওক আপোনাৰচন্দ্ৰ ৰাশি 

এপ্ৰিল 2027 ৰ পৰা জুন 2027: 

বৃহস্পতি 13 এপ্ৰিল 2027 তাৰিখৰ পৰা মাৰ্গী হ'ব আৰু 26 জুন পৰ্যন্ত মাৰ্গী অৱস্থাত কৰ্কট ৰাশিতে থাকিব। এনে পৰিস্থিতিত বৃহস্পতিয়ে এই সময়ছোৱাত স্থগিত হৈ থকা পৰিকল্পনা আৰু সিদ্ধান্তসমূহক অধিক গতি প্ৰদান কৰাৰ কাম কৰিব। অৰ্থনৈতিক আৰু প্ৰশাসনিক স্তৰত হোৱা সংস্কাৰসমূহ স্পষ্ট ৰূপত দেখা পোৱা যাব।

26 জুন 2027 তাৰিখে বৃহস্পতিয়ে সিংহ ৰাশিত প্ৰৱেশ কৰিব, যিটো এই বছৰৰ অৰ্থাৎ 2027 ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰ্যায় হিচাপে বিবেচিত হ'ব। সিংহ ৰাশিৰ সম্বন্ধ ক্ষমতা বা শাসনৰ লগত জড়িত, কাৰণ এইটো গ্ৰহৰ ৰজা সূৰ্যৰ ৰাশি। কেৱল সিমানেই নহয়, এই ৰাশিৰ সম্পৰ্ক নেতৃত্ব, প্ৰতিষ্ঠা, চৰকাৰ, ৰাজহুৱা প্ৰতিষ্ঠানৰ উপৰিও খেল-ধেমালি আৰু সৃজনশীলতাৰ সৈতেও জড়িত। সেয়েহে 26 জুনৰ পৰা 26 নৱেম্বৰৰ ভিতৰত দেশ তথা বিশ্বৰ ৰাজনীতিত নেতৃত্ব আৰু প্ৰভাৱ বিস্তাৰৰ প্ৰতিযোগিতা দেখা যাব পাৰে। শক্তিশালী দেশসমূহে নিজৰ অৰ্থনৈতিক, প্ৰযুক্তিগত, প্ৰতিৰক্ষা আৰু কূটনৈতিক শক্তি প্ৰদৰ্শনৰ প্ৰয়াস কৰিব পাৰে। ভাৰতৰ বাবেও এই সময়ছোৱা আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠা, কূটনীতি, প্ৰভাৱ, প্ৰতিৰক্ষা, প্ৰযুক্তি আৰু বৃহৎ ৰাষ্ট্ৰীয় প্ৰকল্পৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব পাৰে।

কাৰণ বৃহস্পতি যেতিয়া সিংহ ৰাশিত থাকিব, তেতিয়া বৃহস্পতিৰ দৃষ্টি ধনু, কুম্ভ আৰু মেষ ৰাশিৰ ওপৰত পৰিব। ফলস্বৰূপে শিক্ষা, আইন-শৃংখলা, ধৰ্ম-আধ্যাত্মিকতা, উচ্চশিক্ষা, এ.আই. প্ৰযুক্তি, মহাকাশ, বৈজ্ঞানিক গৱেষণা আৰু অন্যান্য সকলো প্ৰকাৰৰ আইনী তথা সামাজিক বিষয়ত ইতিবাচক প্ৰভাৱ পৰিব পাৰে। ইয়াৰ উপৰিও মনোৰঞ্জন, চলচ্চিত্ৰ, ক্ৰীড়া আৰু ডিজিটেল কন্টেন্ট উদ্যোগসমূহতো ব্যাপক সম্প্ৰসাৰণ দেখা যাব পাৰে।

17 আগষ্টৰ পৰা 13 ছেপ্টেম্বৰ 2027 ৰ ভিতৰত বৃহস্পতি গ্ৰহ অস্তমিত অৱস্থাত থাকিব। এই কাৰণতে এই সময়ছোৱাত চৰকাৰে শিক্ষা, ন্যায় ব্যৱস্থা, ধৰ্ম-আধ্যাত্মিকতা আৰু ডাঙৰ সংস্থাসমূহৰ লগত জড়িত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত কিছু বিভ্ৰান্তিত থাকিব পাৰে। চৰকাৰৰ সিদ্ধান্তত পলম বা পুনৰ বিবেচনাৰ স্থিতি দেখা যাব পাৰে। অৱশ্যে ছেপ্টেম্বৰৰ মধ্যভাগৰ পাছত পৰিস্থিতিয়ে পুনৰ গতি লাভ কৰাৰ সম্ভাৱনা আছে।

26 নৱেম্বৰ 2027 তাৰিখে বৃহস্পতি কন্যা ৰাশিত প্ৰৱেশ কৰিব। ইয়াৰ পাছত এই বছৰৰ মূল গতি সলনি হ'ব পাৰে। যদিও চৰকাৰৰ কিছুমান সিদ্ধান্তত বিভ্ৰান্তি থাকিব পাৰে, তথাপি চৰকাৰৰ উদ্দেশ্য—ব্যৱস্থা, স্বাস্থ্য, নিযুক্তি, সেৱা, প্ৰযুক্তিগত দক্ষতা আৰু প্ৰশাসনিক সংস্কাৰ আদি বিষয়সমূহত ইতিবাচক হ'ব পাৰে। এই বছৰৰ শেষৰ ফালে নিযুক্তি, প্ৰশাসনিক সংস্কাৰ, চিকিৎসা, প্ৰযুক্তি, স্বাস্থ্য ব্যৱস্থা আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত সংস্কাৰ আদি প্ৰধান বিষয় হৈ পৰিব পাৰে।

ক'বলৈ গ'লে, 2027 বৰ্ষটোক বৃহস্পতিৰ দৃষ্টিকোণৰ পৰা পুনৰীক্ষণ, নেতৃত্ব আৰু সংস্কাৰৰ বছৰ বুলি ক'ব পাৰি। বছৰৰ আৰম্ভণি সাধাৰণ ৰাইজ আৰু সামাজিক সুৰক্ষাৰ বিষয়বোৰেৰে হ'ব। মধ্যভাগত ক্ষমতা আৰু বৈশ্বিক নেতৃত্বৰ প্ৰতিযোগিতা বৃদ্ধি পাব আৰু বছৰৰ শেষৰ ফালে বিশ্বৰ মনোযোগ প্ৰযুক্তি, স্বাস্থ্য, নিযুক্তি আৰু ব্যৱস্থাৰ সংস্কাৰৰ দিশলৈ কেন্দ্ৰীভূত হোৱাৰ আশা দেখা গৈছে।

বৃহস্পতিৰ এই অৱস্থানসমূহৰ আপোনাৰ লগ্ন বা ৰাশি অনুসৰি আপোনাৰ ওপৰত কেনে প্ৰভাৱ পৰিব আহকচোন জানো আৰু প্ৰথমে আলোচনা কৰোঁ মেষ ৰাশিৰ বিষয়ে। স্পষ্ট কৰি দিওঁ যে বৃহস্পতিৰ এই প্ৰভাৱসমূহ যদি আপুনি লগ্ন ৰাশি অনুসৰি চায়, তেন্তে ফলাফলসমূহ অধিক সঠিক অনুভৱ হ'ব। যদি লগ্ন ৰাশি গম নাপায়, তেন্তে চন্দ্ৰ ৰাশি অনুসৰি চাব পাৰে। যদি চন্দ্ৰ ৰাশিও নাজানে, তেন্তে নামৰ আদ্যক্ষৰৰ ৰাশি অনুসৰি চাব পাৰে। অৱশ্যে লগ্ন ৰাশি অনুসৰি চোৱাটোৱেই অধিক যুক্তিযুক্ত হ'ব।

মেষ ৰাশিৰ ওপৰত 2027 বৰ্ষত বৃহস্পতিৰ প্ৰভাৱ: 

মেষ ৰাশিৰ লোকসকল! বছৰৰ আৰম্ভণিৰ সময়ত বৃহস্পতি আপোনাৰ পঞ্চম স্থানত বক্ৰী অৱস্থাত থাকিব। সাধাৰণতে ইয়াত বৃহস্পতিৰ স্থিতিক অনুকূল ফলাফল প্ৰদানকাৰী বুলি গণ্য কৰা হয়। সেয়েহে বৃহস্পতিয়ে বছৰৰ আৰম্ভণিৰ পৰা 25 জানুৱাৰী পৰ্যন্ত আপোনাৰ শিক্ষা, সন্তান, প্ৰেম, সৃষ্টিশীলতাৰ উপৰিও বুদ্ধি আৰু বিনিয়োগ আদি বিষয়ত শুভ ফলাফল দিব বিচাৰিব।

25 জানুৱাৰীৰ পৰা 26 জুনৰ ভিতৰত বৃহস্পতি কৰ্কট ৰাশিত থাকিব। যদিও বৃহস্পতি 13 এপ্ৰিল পৰ্যন্ত বক্ৰী থাকিব আৰু তাৰ পাছত মাৰ্গী হ'ব, তথাপিও থাকিব কৰ্কট ৰাশিতেই, অৰ্থাৎ আপোনাৰ চতুৰ্থ স্থানত। ফলস্বৰূপে বৃহস্পতিয়ে মাতৃ, সম্পত্তি, বাহন, সুখ-সুবিধা আদি বিষয়ত পুনৰীক্ষণ কৰাৰ চিন্তা প্ৰদান কৰিব পাৰে। মানসিক শান্তিতো অলপ হ্ৰাস-বৃদ্ধি ঘটিব পাৰে। সেয়েহে বিগত সময়ত আপোনাৰ সিদ্ধান্তত কিবা ভুল বা ক্ৰুটি ৰৈ গৈছিল বুলি যদি অনুভৱ কৰিছে, তেন্তে সেই বিষয়ত সংশোধন সম্ভৱ হ'ব। অৱশ্যে 13 এপ্ৰিল পৰ্যন্ত বৃহস্পতি বক্ৰী হৈ থকা বাবে সংশোধনত কিছু বিলম্ব হ'ব পাৰে, কিন্তু অৱশেষত সংশোধন সম্ভৱ হ'ব। 26 জুনৰ পাছত বৃহস্পতি আপোনাৰ পঞ্চম স্থানত অৱস্থান কৰিব, যিয়ে আপোনাৰ সন্তান, শিক্ষা আদি বিষয়ত শুভ ফলাফল দিব। প্ৰেমৰ সম্পৰ্ক হওক, আঙুঠি পিন্ধোৱা পৰ্ব হওক বা যিকোনো সৃষ্টিশীল কৰ্মই হওক; সেই সকলোবোৰতে বৃহস্পতিয়ে আপোনাক শুভ ফল দিব। বৌদ্ধিক ক্ষমতা উন্নত হ'ব। বিনিয়োগ আদিতো ৰুচি বাঢ়িব পাৰে আৰু বিনিয়োগৰ পৰা লাভ হ'ব পাৰে। সন্তান প্ৰাপ্তিৰ যোগো শক্তিশালী হ'ব। পৰীক্ষাসমূহত ভাল সফলতা লাভ কৰিব পাৰিব।

26 নৱেম্বৰৰ পাছত বৃহস্পতি আপোনাৰ ষষ্ঠ স্থানত উপনীত হ'ব। ফলস্বৰূপে চাকৰিক লৈ কিছু চিন্তা দেখা দিব পাৰে। জীৱনত প্ৰতিযোগিতাৰ মাত্ৰা বৃদ্ধি পাব পাৰে। যদিও আপুনি প্ৰতিযোগিতাত আগবাঢ়ি যাব আৰু শত্ৰুক পৰাস্ত কৰিব পাৰিব, তথাপিও এই সকলোবোৰৰ বাবে তুলনামূলকভাৱে অধিক ধন ব্যয় হোৱাৰ লগতে আপুনি সমস্যাৰো সন্মুখীন হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰতো ধন খৰচ কৰিবলগীয়া হ'ব পাৰে।

উপায়: প্ৰতিকাৰৰ কথা ক'বলৈ গ'লে উপায় হিচাপে বৃহস্পতিবাৰে মন্দিৰত হালধীয়া কাপোৰ আৰু বুটৰ দালি দান কৰক, লগতে বৃহস্পতিৰ যিকোনো মন্ত্ৰ 108 বাৰ জপ কৰিব পাৰে। আহক এতিয়া জানো যে 2027 বৰ্ষত বৃষ ৰাশিৰ ওপৰত বৃহস্পতিৰ কেনেধৰণৰ প্ৰভাৱ পৰিব।

বৃষ ৰাশিৰ ওপৰত 2027 বৰ্ষত বৃহস্পতিৰ প্ৰভাৱ: 

বৃষ ৰাশিৰ লোকসকল! বছৰৰ আৰম্ভণিৰ সময়ৰ পৰা 25 জানুৱাৰী পৰ্যন্ত বৃহস্পতি বক্ৰী অৱস্থাত আপোনাৰ চতুৰ্থ স্থানত অৱস্থান কৰিব। যিয়ে মাটি-বাৰী, ঘৰ, বাহন সম্পৰ্কীয় বিষয়ত পুনৰীক্ষণৰ দাবী কৰিব পাৰে। এনে পৰিস্থিতিত যদি আপোনাৰ ঘৰ, পৰিয়াল, সম্পত্তি বা যিকোনো পাৰিবাৰিক বিষয়ত পূৰ্বে লোৱা কোনো সিদ্ধান্তক লৈ কাৰোবাৰ অসন্তুষ্টি আছিল, তেন্তে তাক সলনি কৰিবলৈ এই সময়ে সহায় কৰিব পাৰে। ঘৰ সজোৱা-পৰোৱাৰ কথাই হওক বা বাহন আদিত কিবা সালসলনি কৰাৰ কথাই হওক; এই বিষয়সমূহত এই সময়ে আপোনাক ভাল সহায় কৰিব পাৰে।

25 জানুৱাৰীৰ পৰা 26 জুনৰ ভিতৰত বৃহস্পতিৰ গোচৰ আপোনাৰ তৃতীয় স্থানত থাকিব, যাৰ ভিতৰত 13 এপ্ৰিল পৰ্যন্ত বৃহস্পতি বক্ৰী থাকিব। যিহেতু তৃতীয় স্থান সাহস, পৰাক্ৰম, সৰু ভাই-ভনী, যোগাযোগ আৰু কম দূৰত্বৰ যাত্ৰাৰ স্থান, গতিকে এই বিষয়সমূহক লৈ তৃতীয় স্থান সক্ৰিয় হৈ থাকিব পাৰে। বিশেষকৈ 25 জানুৱাৰীৰ পৰা 13 এপ্ৰিলৰ ভিতৰত পুৰণি সম্পৰ্কসমূহ পুনৰ সক্ৰিয় হৈ উঠিব পাৰে। লেখা-মেলা, যোগাযোগ, মাৰ্কেটিং আৰু সংবাদ মাধ্যমৰ লগত জড়িত ব্যক্তিসকলে এই গোচৰৰ ফলত বিশেষ লাভ পাব পাৰে। অৱশ্যে বৃহস্পতি বক্ৰী হৈ থকাৰ কাৰণে ফলাফল প্ৰাপ্তিত কিছু পলম হ'ব পাৰে। 13 এপ্ৰিলৰ পাছত বাধা আৰু বিলম্ব তুলনামূলকভাৱে কম দেখা যাব।

26 জুনৰ পাছত বৃহস্পতিয়ে আপোনাৰ চতুৰ্থ স্থানত গোচৰ কৰিব। ফলস্বৰূপে পৰিয়াল, বাহন আৰু সম্পত্তিৰ লগতে মানসিক সুখ-শান্তিৰ ক্ষেত্ৰত বৃহস্পতিৰ ফলাফল অধিক উন্নত হ'ব। ঘৰ সজোৱাৰ কথাই হওক বা নতুন ঘৰ কিনাৰ কথাই হওক; এই ক্ষেত্ৰত বৃহস্পতিয়ে আপোনাক ভাল সহায় কৰিব পাৰে। বাহন ক্ৰয়ৰ লগতে মাতৃৰ লগত জড়িত বিষয়তো অনুকূলতা দেখা যাব পাৰে। অৱশ্যে গোচৰশাস্ত্ৰত চতুৰ্থ স্থানৰ বৃহস্পতিক বৰ শুভ বুলি কোৱা হোৱা নাই। গতিকে সকলোবোৰ অনুকূল নহ'লেও বহুলাংশে অনুকূল হোৱাৰ বাবে আপুনি সকাহ অনুভৱ কৰিব।

26 নৱেম্বৰৰ পাছত বৃহস্পতি গ্ৰহে আপোনাৰ পঞ্চম স্থানত গোচৰ কৰিব। পঞ্চম স্থানত বৃহস্পতিৰ গোচৰক অতি উত্তম ফলাফল প্ৰদানকাৰী বুলি মান্যতা দিয়া হয়। এনে ক্ষেত্ৰত বৃহস্পতিয়ে আপোনাক সন্তান, শিক্ষা, প্ৰেম প্ৰসংগ আদিৰ উপৰিও আপোনাৰ লাভৰ বিষয়তো ভাল সহায় কৰিব পাৰে। অপ্ৰত্যাশিতভাৱেও কিছুমান ভাল সাফল্য লাভ কৰিব পাৰিব। অৱশ্যে কোনো ডাঙৰ আৰ্থিক বিপদাশংকা (ৰিস্ক) লোৱাৰ পৰা বিৰত থকাটোৱেই বুদ্ধিয়কৰ কাম হ'ব, কিন্তু সাধাৰণভাৱে আৰ্থিক বিষয়তো বৃহস্পতিৰ ফলাফল অনুকূল থাকিব।

উপায়: উপায় হিচাপে যিকোনো বৃহস্পতিবাৰে শিক্ষাৰ্থীসকলৰ মাজত কিতাপ, বহী, কলম বা শিক্ষাৰ যিকোনো সামগ্ৰী দান কৰাটো শুভ হ'ব। মন্দিৰত বেচনৰ মিঠাই আগবঢ়োৱাটোও শুভ বিবেচিত হ'ব। আহক এতিয়া জানো যে 2027 বৰ্ষত মিথুন ৰাশিৰ ওপৰত বৃহস্পতিৰ কেনেধৰণৰ প্ৰভাৱ পৰিব।

পাওক 250+ পৃষ্ঠাৰ ৰঙীন কুণ্ডলী আৰু বহুতো কিবা:বৃহৎ কুণ্ডলী 

মিথুন ৰাশিৰ ওপৰত 2027 বৰ্ষত বৃহস্পতিৰ প্ৰভাৱ: 

মিথুন ৰাশিৰ লোকসকল! বছৰৰ আৰম্ভণিৰ সময়ত বৃহস্পতি আপোনাৰ তৃতীয় স্থানত বক্ৰী অৱস্থাত থাকিব। অৱশ্যে বৃহস্পতি ইয়াত কেৱল 25 জানুৱাৰী পৰ্যন্তহে থাকিব। ইয়াত বৃহস্পতিৰ গোচৰক বৰ ভাল বুলি কোৱা হোৱা নাই, তথাপিও ভাৰসাম্যপূৰ্ণ ফলাফল প্ৰদান কৰাত বৃহস্পতিয়ে আপোনাক ভাল সহায় কৰিব পাৰে। বিশেষকৈ যাত্ৰা সম্পৰ্কীয় বিষয়ত, মিডিয়া, মাৰ্কেটিং, নেটৱৰ্কিং আদিৰ লগত জড়িত বিষয়সমূহত বৃহস্পতিয়ে আপোনাক খুবেই ভাল ফলাফল দিব পাৰে, কিন্তু আপুনি ভাই-ককাই, বন্ধু-বান্ধৱী আৰু ওচৰ-চুবুৰীয়াৰ সৈতে সম্পৰ্ক বজাই ৰখাৰ প্ৰয়োজন হ'ব। টেলিফোনত কথা-বতৰা পতাৰ সময়ত শালীন ভাষা ব্যৱহাৰ কৰাৰ প্ৰয়োজন থাকিব। অপশব্দ প্ৰয়োগৰ পৰা আঁতৰি থকাটো বুদ্ধিমত্তাৰ কাম হ'ব। 25 জানুৱাৰীৰ পৰা 26 জুনলৈকে বৃহস্পতি আপোনাৰ দ্বিতীয় স্থানত উচ্চ অৱস্থাত থাকিব, যদিও ৰাহু-কেতুৰ প্ৰভাৱত থাকিব আৰু 13 এপ্ৰিল পৰ্যন্ত বৃহস্পতি বক্ৰীও থাকিব। অৰ্থাৎ বৃহস্পতিৰ গোচৰত কিছুমান আসোঁৱাহ তো থাকিবই, কিন্তু তথাপিও বৃহস্পতিৰ অৱস্থান অতি উত্তম থাকিব যিয়ে আপোনাক আৰ্থিক আৰু পাৰিবাৰিক দিশত যথেষ্ট ভাল ফলাফল দিব বিচাৰিব। এনে পৰিস্থিতিত আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি আৰু পাৰিবাৰিক বিষয়ত অনুকূলতা বৃদ্ধিৰ যোগ সৃষ্টি হ'ব। কিন্তু বৃহস্পতি বক্ৰী হোৱাৰ বাবে যদি কোনো পাৰিবাৰিক সমস্যা জটিল হৈ পৰিছে বা আৰ্থিক বিষয়ত কিবা জটিলতাই দেখা দিছে, তেন্তে তাৰ সমাধানৰ বাবে সঠিক চিন্তা-চৰ্চা কৰাটো প্ৰয়োজনীয় হ'ব। এনে কৰিলে আপুনি ইতিবাচক ফলাফল লাভ কৰিব পাৰিব, অৰ্থাৎ পুৰণি সমস্যা আৰু জটিলতাৰ পৰা মুক্তি পাবলৈ সক্ষম হ'ব। 13 এপ্ৰিলৰ পৰা 26 জুনৰ মাজৰ সময়ছোৱাত বৃহস্পতিৰ ফলাফল অত্যন্ত চমৎকাৰ হ'ব পাৰে। অৰ্থাৎ এই সময়ছোৱাত আপুনি পুৰণি সমস্যাৰ পৰাও মুক্তি পাব আৰু নতুন লাভালাভো অৰ্জন কৰিব পাৰিব।

26 জুনৰ পাছৰ পৰা 26 নৱেম্বৰলৈকে বৃহস্পতিৰ গোচৰ পুনৰ আপোনাৰ তৃতীয় স্থানত হ'বলৈ ধৰিব যিয়ে মধ্যমীয়া পৰ্যায়ৰ ফলাফল দিব। কিন্তু টুৰ এণ্ড ট্ৰেভেলছৰ কাম কৰা লোক, টেলিকমিউনিকেচন বিভাগৰ সৈতে জড়িত লোক, লেখা-মেলা, মিডিয়া, মাৰ্কেটিং, নেটৱৰ্কিং আদিৰ সৈতে জড়িত ব্যক্তিসকলে যথেষ্ট ভাল ফল লাভ কৰিব পাৰিব। ধৰ্ম আৰু আধ্যাত্মিকতা আদিৰ লগত জড়িত বক্তাসকলে এই সময়ছোৱাত বহুতো ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব।

26 নৱেম্বৰৰ পৰা বৃহস্পতিৰ গোচৰ আপোনাৰ চতুৰ্থ স্থানত আৰম্ভ হ'ব। ইয়াত বৃহস্পতিৰ গোচৰক বৰ শুভ বুলি কোৱা হোৱা নাই, তথাপিও বৃহস্পতিয়ে মধ্যমীয়া পৰ্যায়ৰ ফল দিব পাৰে। কাৰণ বৃহস্পতি আপোনাৰ কৰ্ম স্থানৰ অধিপতি হৈ নিজৰ কৰ্ম স্থানলৈ দৃষ্টি নিক্ষেপ কৰিব। যদিও তাত শনিৰ প্ৰভাৱ আছে যাৰ বাবে কাম-কাজত কিছু মন্থৰতা আহিব, কিন্তু আমি ইয়াত কেৱল বৃহস্পতিৰ ব্যক্তিগত প্ৰভাৱৰ কথা কৈছোঁ, গতিকে বৃহস্পতিয়ে ইয়াত বহি বিদেশ সম্পৰ্কীয় বিষয়ত অনুকূলতা প্ৰদান কৰিব পাৰে। ব্যৱসায়-বাণিজ্য সম্পৰ্কীয় বিষয়ত অনুকূলতা আনি দিব পাৰে। পুৰণি আৰ্থিক বিষয়সমূহ সংশোধন কৰাৰ ক্ষেত্ৰতো বৃহস্পতিৰ অৱদান ভাল হ'ব পাৰে। বাকী সামান্য মানসিক চাপ, ঘৰুৱা কিছু চিন্তা থাকিব পাৰে, কিন্তু সাধাৰণতে বৃহস্পতিয়ে কোনো ধৰণৰ নেতিবাচক ফল নিদিয়ে।

উপায়: প্ৰতিকাৰ হিচাপে বৃহস্পতিবাৰে মন্দিৰৰ কোনো বয়োজ্যেষ্ঠ পুৰোহিতক ফলমূল দান কৰক। সত্য কথা কওক, কিন্তু নম্ৰ আৰু মিঠাকৈ কওক। জ্যেষ্ঠজন আৰু গুৰুসকলক সদায় শ্ৰদ্ধা কৰক। আহক এতিয়া জানো যে 2027 বৰ্ষত কৰ্কট ৰাশিৰ ওপৰত বৃহস্পতিৰ কেনেধৰণৰ প্ৰভাৱ পৰিব।

কৰ্কট ৰাশিৰ ওপৰত 2027 বৰ্ষত বৃহস্পতিৰ প্ৰভাৱ: 

কৰ্কট ৰাশিৰ লোকসকল! বছৰৰ আৰম্ভণিৰ সময়ত বৃহস্পতিৰ গোচৰ আপোনাৰ দ্বিতীয় স্থানত বক্ৰী অৱস্থাত থাকিব। ইয়াত বৃহস্পতি 25 জানুৱাৰী পৰ্যন্ত অৱস্থান কৰিব। সাধাৰণতে দ্বিতীয় স্থানত বৃহস্পতিৰ গোচৰক শুভ ফলাফল প্ৰদানকাৰী বুলি গণ্য কৰা হয়। অৱশ্যে বৃহস্পতি বক্ৰী হৈ থাকিব, সেয়েহে পুৰণি ভুলবোৰ শুধৰাই লোৱাৰ প্ৰয়োজন হ'ব। বিশেষকৈ আৰ্থিক আৰু পাৰিবাৰিক বিষয়ত কিবা ভুল হৈছিল যদি, তেন্তে তাক শুধৰোৱাৰ সুযোগ পোৱা যাব আৰু শুধৰাই লোৱাৰ পাছত আপুনি উত্তম ফলাফল প্ৰাপ্ত কৰিব পাৰিব। অৰ্থাৎ 25 জানুৱাৰী পৰ্যন্ত বৃহস্পতিয়ে আৰ্থিক আৰু পাৰিবাৰিক বিষয়ত সাধাৰণতে অনুকূল ফল দিব। বিশেষকৈ পুৰণি সমস্যা সমাধানৰ ক্ষেত্ৰত বৃহস্পতিৰ অৱদান যথেষ্ট ভাল হ'ব পাৰে।

25 জানুৱাৰীৰ পৰা 26 জুনৰ ভিতৰত বৃহস্পতিৰ গোচৰ আপোনাৰ প্ৰথম স্থানত (লগ্নত) থাকিব, যাৰ ভিতৰত 13 এপ্ৰিল পৰ্যন্ত বৃহস্পতি বক্ৰী অৱস্থাত থাকিব। যাৰ বাবে বৃহস্পতিৰ ফলাফল মিশ্ৰিত হ'ব পাৰে। আপুনি নিজৰ আত্মবিশ্বাস আৰু ব্যক্তিত্বৰ ওপৰত কিছু কাম কৰাৰ প্ৰয়োজন হ'ব। বিশেষকৈ 13 এপ্ৰিল পৰ্যন্ত আপুনি নিজৰ ব্যক্তিত্বত সুন্দৰ উন্নতি সাধন কৰাৰ সুযোগ পাব। জ্ঞান অৰ্জনৰ পথ মুকলি হ'ব। আপুনি স্বাভাৱিকভাৱেই আত্ম-অধ্যয়নক অধিক গুৰুত্ব দিব পাৰে, কিন্তু স্বাস্থ্য আদিৰ যত্ন লোৱাটোও জৰুৰী হ'ব। স্বাস্থ্য যদি কিবা কাৰণত দুৰ্বল হৈ আছিল, তেন্তে এগৰাকী ভাল চিকিৎসকৰ লগত সাক্ষাতৰ সুযোগ ঘটিব পাৰে, যাৰ দ্বাৰা ৰোগৰ পৰা পৰিত্ৰাণ পোৱাত আপোনাক সুন্দৰ সহায় মিলিব। 13 এপ্ৰিলৰ পাছৰ ফলাফলসমূহ তুলনামূলকভাৱে অধিক ভাল হ'ব।

26 জুনৰ পৰা 26 নৱেম্বৰৰ ভিতৰত বৃহস্পতিৰ গোচৰ পুনৰ আপোনাৰ দ্বিতীয় স্থানত হ'ব। ফলস্বৰূপে আপুনি ধন, পৰিয়াল আৰু বাক্-সংযম আদি বিষয়ত উৎকৃষ্ট ফলাফল লাভ কৰিব পাৰিব। বাজেটৰ বিষয়তো আপুনি যথেষ্ট ইতিবাচক ফলাফল লাভ কৰিব পাৰে। উপাৰ্জনৰ কিছুমান ভাল ভাল নতুন উৎসও দেখা পোৱা যাব পাৰে। ভাগ্যৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। চাকৰিয়াল লোকসকলেও তুলনামূলকভাৱে উন্নতিৰ অনুভৱ কৰিব পাৰিব।

26 নৱেম্বৰৰ পাছত বৃহস্পতিৰ গোচৰ আপোনাৰ তৃতীয় স্থানত হ'ব, যিয়ে যাত্ৰাৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে। যোগাযোগৰ পৰিসৰ বৃদ্ধিৰ ক্ষেত্ৰতো কাম কৰিব পাৰে। লেখা-মেলা, সংবাদ মাধ্যম আৰু যাত্ৰা আদিৰ সৈতে জড়িত কাম কৰা লোকসকলে তুলনামূলকভাৱে অধিক ভাল ফল লাভ কৰিব পাৰিব। কিয়নো ব্যৱসায়তো যোগাযোগ আদিৰ লগত জড়িত ব্যৱসায়ে অধিক ভাল ফলাফল দিয়া যেন অনুভৱ হৈছে। এই সকলোবোৰৰ পাছতো ভাই-ককাই আৰু ওচৰ-চুবুৰীয়াৰ সৈতে সম্পৰ্ক বজাই ৰখাৰ প্ৰয়োজনীয়তা তুলনামূলকভাৱে অধিক হ'ব পাৰে। অৰ্থাৎ এই লোকসকলৰ সৈতে নিজৰ সম্পৰ্ক উন্নত কৰি ৰখাৰ বাবে নিৰন্তৰ প্ৰয়াস কৰিব লাগিব।

উপায়: উপায় হিচাপে ভগৱান বিষ্ণুৰ পূজা-অৰ্চনা কৰাটো শুভ বিবেচিত হ'ব। ঘৰ-পৰিয়ালৰ জ্যেষ্ঠ ব্যক্তিসকলৰ আশীৰ্বাদ লোৱাটোও মংগলজনক হ'ব। আহক এতিয়া জানো যে 2027 বৰ্ষত সিংহ ৰাশিৰ ওপৰত বৃহস্পতিৰ কেনেধৰণৰ প্ৰভাৱ পৰিব।

সিংহ ৰাশিৰ ওপৰত 2027 বৰ্ষত বৃহস্পতিৰ প্ৰভাৱ: 

সিংহ ৰাশিৰ লোকসকল! বছৰৰ আৰম্ভণিৰ সময়ত বৃহস্পতি গ্ৰহ আপোনাৰ প্ৰথম স্থানত অৰ্থাৎ আপোনাৰ লগ্ন বা ৰাশিতেই থাকিব। অৱশ্যে বৃহস্পতি ইয়াত 25 জানুৱাৰী পৰ্যন্তহে থাকিব আৰু বক্ৰী অৱস্থাত থাকিব। যিয়ে সাধাৰণতে আপোনাক নিজৰ ব্যক্তিত্বৰ ওপৰত কাম কৰাৰ এক বাৰ্তা প্ৰদান কৰিছে। আপোনাৰ আত্মবিশ্বাস আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতাক নিয়ন্ত্ৰিত আৰু ভাৰসাম্যত ৰখাৰ প্ৰয়োজন হ'ব। সম্ভৱ যে কিবা এটা নতুন কাম আৰম্ভ কৰাৰ ইচ্ছা জাগ্ৰত হ'ব পাৰে, কিন্তু তাত আগবাঢ়ি যোৱাৰ পূৰ্বে সঠিক চিন্তা-চৰ্চা আৰু অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ নিতান্তই জৰুৰী হ'ব। 25 জানুৱাৰীৰ পৰা 26 জুনলৈকে বৃহস্পতি গ্ৰহ আপোনাৰ দ্বাদশ স্থানত থাকিব। যদিও বৃহস্পতি উচ্চ অৱস্থাত থাকিব, তথাপিও দ্বাদশ স্থানত থকাৰ বাবে ফলাফল বিশেষ অনুকূল নহ'ব পাৰে। এনে পৰিস্থিতিত আপুনি আপোনাৰ খৰচসমূহৰ পুনৰীক্ষণ কৰাৰ প্ৰয়োজন হ'ব। অৱশ্যে বিদেশ যাত্ৰা আদিৰ বাবে এই সময়ছোৱাক অনুকূল বুলি কোৱা হ'ব। সন্তানক পঢ়া-শুনাৰ বাবে ঘৰৰ পৰা আঁতৰলৈ পঠিয়াবলগীয়া থাকিলে তাৰ বাবেও সময় অনুকূল বুলি গণ্য কৰা হ'ব। কিন্তু স্বাস্থ্য আদিৰ পুৰণি কোনো সমস্যা যদি আছিল, তেন্তে এই সময়ছোৱাত চিকিৎসালয় আদি অহাযোৱা কৰিবলগীয়া হ'ব পাৰে। নিজৰ অন্তৰত আধ্যাত্মিক ভাবনাক নিয়ন্ত্ৰণত ৰখাটোও জৰুৰী হ'ব। অপ্ৰয়োজনীয় খৰচৰ পৰা নিজকে বচাই ৰখাটোও প্ৰয়োজন।

26 জুনৰ পৰা 26 নৱেম্বৰৰ ভিতৰত বৃহস্পতি পুনৰ আপোনাৰ প্ৰথম স্থানলৈ আহিব আৰু তেওঁ আপোনাৰ ব্যক্তিত্ব, আপোনাৰ প্ৰতিষ্ঠা, আপোনাৰ আত্মবিশ্বাস আদিক শক্তিশালী কৰি তুলিব; কিন্তু এই বিষয়বোৰত গভীৰ আত্মচিন্তাৰ প্ৰয়োজন হ'ব। পূৰ্বতে যদি এনে কোনো সিদ্ধান্ত লোৱা হৈছিল যাৰ দ্বাৰা আপোনাৰ প্ৰতিষ্ঠা বা ব্যক্তিত্বত আঘাত লাগিছিল, তেন্তে সেই সিদ্ধান্তৰ ওপৰত পুনৰ চিন্তা কৰাটো জৰুৰী হ'ব। বিবাহ আদিৰ দৃষ্টিকোণৰ পৰা বৃহস্পতিৰ এই গোচৰক অনুকূল ফলদায়ক বুলি গণ্য কৰা হ'ব।

26 নৱেম্বৰৰ পাছত বৃহস্পতি আপোনাৰ দ্বিতীয় স্থানত উপনীত হ'ব। বৃহস্পতিৰ বাবে এইটো অত্যন্ত অনুকূল স্থিতি বুলি ক'ব পাৰি। এনে পৰিস্থিতিত বৃহস্পতিয়ে আপোনাৰ আৰ্থিক আৰু পাৰিবাৰিক দিশত যথেষ্ট ভাল ফলাফল দিব বিচাৰিব। যদি আপুনি এগৰাকী ছাত্ৰ বা ছাত্ৰী, তেন্তে এই সময়ছোৱাত আপোনাৰ চৌপাশৰ পৰিৱেশ পঢ়া-শুনাৰ বাবে অত্যন্ত অনুকূল থাকিব। অপ্ৰত্যাশিতভাৱে ধন লাভ কৰোৱাতো বৃহস্পতিৰ এই গোচৰে আপোনাক ভাল সহায় কৰিব পাৰে।

উপায়: উপায় হিচাপে দুখীয়া আৰু নিঃসহায় লোকক সেৱা কৰক। লগতে নিয়মিতভাৱে গো-সেৱা কৰক। নিতৌ মন্দিৰলৈ যাওক আৰু তাত শিৱলিংগত জলাভিষেক কৰক। আহক এতিয়া জানো যে 2027 বৰ্ষত কন্যা ৰাশিৰ ওপৰত বৃহস্পতিৰ কেনেধৰণৰ প্ৰভাৱ পৰিব।

কেৰিয়াৰৰ চিন্তা হৈছে! এতিয়াই অৰ্ডাৰ কৰককগনিএষ্ট্ৰ' ৰিপ'ৰ্ট 

কন্যা ৰাশিৰ ওপৰত 2027 বৰ্ষত বৃহস্পতিৰ প্ৰভাৱ: 

কন্যা ৰাশিৰ লোকসকল! 2027 বৰ্ষৰ আৰম্ভণিৰ সময়ত বৃহস্পতি গ্ৰহৰ গোচৰ আপোনাৰ দ্বাদশ স্থানত বক্ৰী অৱস্থাত থাকিব। এই দুয়োটা অৱস্থাই বৃহস্পতিৰ বাবে শুভ বুলি গণ্য কৰা নহয়। বৃহস্পতি দ্বাদশ স্থানত থকাটোও অনুকূল নহয় আৰু বক্ৰী হোৱাটোও অনুকূল নহয়; কিন্তু এই গোচৰৰ প্ৰভাৱতে দূৰণিৰ বা বিদেশৰ কোনো স্থানৰ লগত আপোনাৰ যোগাযোগ গঢ় লৈ উঠিব পাৰে। কিয়নো আপোনাৰ চতুৰ্থ স্থানৰ অধিপতি হৈ বৃহস্পতি দ্বাদশ স্থানলৈ গৈছে। যিয়ে অধ্যয়ন বা কৰ্মসূত্ৰে বিদেশৰ সৈতে সম্পৰ্ক স্থাপন কৰাত সহায় কৰিব পাৰে। খৰচ বৃদ্ধি পাব যদিও ধৰ্মীয় আৰু আধ্যাত্মিক ভ্ৰমণ বা শুভ কামত খৰচ হোৱাৰ বাবে মনত এক সকাহ বা মানসিক শান্তি থাকিব। তথাপিও আপোনাৰ চেষ্টা অপ্ৰয়োজনীয় খৰচ ৰোধ কৰাটোৱেই হোৱা উচিত। জীৱনসংগীৰ সৈতে সম্পৰ্ক মধুৰ আৰু অনুকূল ৰখাৰ প্ৰয়াসো নিৰন্তৰভাৱে জৰুৰী হ'ব। 25 জানুৱাৰীৰ পৰা 26 জুনৰ ভিতৰত বৃহস্পতিৰ গোচৰ আপোনাৰ লাভ স্থানত (একাদশ স্থানত) থাকিব। যদিও ইয়াৰ ভিতৰত 13 এপ্ৰিল পৰ্যন্ত বৃহস্পতি বক্ৰী থাকিব, যিয়ে পুৰণি আৰ্থিক সিদ্ধান্তৰ ওপৰত চিন্তা-চৰ্চা কৰাৰ বাৰ্তা দিয়ে। তথাপিও ফলাফলত সৰহভাগ অনুকূলতাই দেখা যাব। কাৰণ বৃহস্পতিৰ এই গোচৰে আপোনাক লাভ উপাৰ্জন কৰোৱাৰ কাম কৰিব, আয় বৃদ্ধি কৰাব পাৰে আৰু ভাল বন্ধু-বান্ধৱী লাভ কৰাব পাৰে। যিহেতু এই স্থান মনোকামনা পূৰণৰ স্থান, সেয়েহে 13 এপ্ৰিলৰ পাছত অত্যন্ত সহজভাৱেই ইচ্ছা পূৰণ সম্ভৱ হ'ব পাৰে, কিন্তু তাৰ পূৰ্বে কিছু বাধা-বিঘিনিৰ পাছতহে ইচ্ছা পূৰণ হ'ব। জানুৱাৰীৰ পৰা এপ্ৰিলৰ ভিতৰত পুৰণি বিনিয়োগ, যোগাযোগ বা আৱদ্ধ হৈ থকা ধন পুনৰ ঘূৰি আহিব পাৰে। এইবোৰ প্ৰাপ্তিত সামান্য পলম হ'লেও 13 এপ্ৰিলৰ পাছত এই সকলোবোৰ সহজে হস্তগত হ'ব।

26 জুনৰ পৰা 26 নৱেম্বৰৰ ভিতৰত বৃহস্পতি পুনৰ আপোনাৰ দ্বাদশ স্থানত থাকিব যিয়ে পুনৰ দূৰ-দূৰণিৰ লগত সম্পৰ্ক গঢ়াত সহায় কৰিব। অৰ্থাৎ যদি বছৰৰ প্ৰাৰম্ভিক 25 দিনত আপোনাৰ সম্পৰ্ক বিদেশৰ সৈতে গঢ় লৈ নুঠিল বা কিবা কাৰণত বাধা আহিল, তেন্তে এই দীঘলীয়া সময়ছোৱাত বিদেশৰ সৈতে সংযোগ স্থাপন কৰাটো সহজ হ'ব। যাত্ৰা আদিও কৰিবলগীয়া হ'ব পাৰে। এই সকলোবোৰৰ পাছতো ব্যয় নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত ৰাখিব লাগিব।

26 নৱেম্বৰৰ পাছত বৃহস্পতি গ্ৰহ আপোনাৰ প্ৰথম স্থানত অৱস্থান কৰিব আৰু তুলনামূলকভাৱে অধিক ভাল ফল দিবলৈ আৰম্ভ কৰিব। ইয়ালৈ আহি বৃহস্পতিয়ে আপোনাৰ হেৰুওৱা আত্মবিশ্বাস পুনৰ ঘূৰাই আনিব। জ্ঞান আহৰণৰ প্ৰতি আপোনাৰ ধাউতি বৃদ্ধি পাব পাৰে। নিজৰ ব্যক্তিত্বক অধিক আকৰ্ষণীয় আৰু শক্তিশালী কৰি তোলাৰ বাবেও আপুনি কিছু প্ৰয়াস কৰিব পাৰে। সামগ্ৰিকভাৱে বৃহস্পতিৰ এই গোচৰে জীৱনত এক নতুন দিশ সংযোগ কৰাৰ কাম কৰিব পাৰে।

উপায়: উপায় হিচাপে মন্দিৰত হালধীয়া ফলমূল বা হালধীয়া কাপোৰ আদি দান কৰক আৰু কোনো অভাৱী ছাত্ৰ-ছাত্ৰীক শিক্ষাত সহায় কৰক। আহক এতিয়া জানো যে 2027 বৰ্ষত তুলা ৰাশিৰ ওপৰত বৃহস্পতিৰ কেনেধৰণৰ প্ৰভাৱ পৰিব।

তুলা ৰাশিৰ ওপৰত 2027 বৰ্ষত বৃহস্পতিৰ প্ৰভাৱ: 

তুলা ৰাশিৰ লোকসকল! বছৰৰ আৰম্ভণিৰ সময়ত বৃহস্পতিৰ গোচৰ আপোনাৰ লাভ স্থানত থাকিব। এইটো এক অনুকূল কথা, কিন্তু তেওঁ বক্ৰী অৱস্থাত থাকিব। ইয়াৰ অৰ্থ হ'ল আপুনি কাম কৰি থকা উপাৰ্জনৰ উৎসসমূহক লৈ পুনৰবাৰ চিন্তা-চৰ্চা কৰাটো জৰুৰী হ'ব। যদিও ইয়াত বৃহস্পতিয়ে যিকোনো পৰিস্থিতিতে আপোনাক কিবা নহয় কিবা লাভ আদায় কৰাই থাকিব, তথাপি অধিক ভাল লাভৰ বাবে সেই উৎসসমূহৰ পুনৰীক্ষণ কৰাটো আৱশ্যক।

25 জানুৱাৰীৰ পৰা 26 জুনৰ ভিতৰত বৃহস্পতিৰ গোচৰ আপোনাৰ দশম স্থানত উচ্চ অৱস্থাত থাকিব। যদিও ইয়াৰ ভিতৰত 13 এপ্ৰিল পৰ্যন্ত বৃহস্পতি বক্ৰী থাকিব, যিটো কৰ্মক্ষেত্ৰ আৰু কেৰিয়াৰৰ লগত জড়িত পুৰণি বিষয়সমূহ পৰ্যালোচনা কৰাৰ সময় হ'ব। চাকৰি সলনি কৰা, পদোন্নতি অথবা ব্যৱসায়ত সালসলনি কৰাৰ ইচ্ছা মনলৈ আহিব পাৰে, কিন্তু চূড়ান্ত সিদ্ধান্ত লোৱাৰ পূৰ্বে সঠিকভাৱে চিন্তা-চৰ্চা কৰাটো জৰুৰী হ'ব।

26 জুনৰ পৰা 26 নৱেম্বৰৰ ভিতৰত বৃহস্পতিৰ গোচৰ আপোনাৰ লাভ স্থানত উপনীত হৈ আপোনাক ভাল লাভালাভ দিব বিচাৰিব। চাকৰি আদিৰ জৰিয়তে ভাল লাভ পোৱা যাব পাৰে। নতুন চাকৰিৰ সন্ধানত থকা বা যিকোনো ধৰণৰ সংস্থাপন বিচৰা লোকসকলৰ আশা পূৰণ হ'ব পাৰে। দৌৰাদৌৰি বেছি হ'ব পাৰে, কিন্তু দৌৰাদৌৰিৰ পৰা লাভো মিলিব। ক'ৰবাৰ পৰা ভাল বাতৰিও শুনা যাব পাৰে।

26 নৱেম্বৰৰ পাছত বৃহস্পতিৰ গোচৰ আপোনাৰ দ্বাদশ স্থানত থাকিব। যাৰ ফলত ব্যয় বৃদ্ধি পাব পাৰে। বিদেশ সম্পৰ্কীয় কামত কিছু অনুকূলতা দেখা যাব পাৰে যদিও সাধাৰণতে লোকসকলৰ খৰচ বাঢ়িব পাৰে। এই সময়ছোৱাত অনাহক দৌৰাদৌৰিত ফল কম মিলিব পাৰে। অৰ্থাৎ অহেতুক দৌৰাদৌৰি বেছি হ'ব আৰু কামৰ দৌৰাদৌৰি কম হ'ব। চাকৰি আদি সলনি কৰাৰ ইচ্ছাও প্ৰবল হ'ব পাৰে, কিন্তু এই সময়ত চাকৰি সলনি কৰাৰ পূৰ্বে সংশ্লিষ্ট প্ৰতিষ্ঠানটোৰ বিষয়ে সঠিকভাৱে খবৰ লোৱাটো বুদ্ধিমত্তাৰ কাম হ'ব।

উপায়: উপায় হিচাপে বৃহস্পতিবাৰে কোনো দৰিদ্ৰ, অভাৱী ব্যক্তিক আহাৰ যোগান ধৰক। জেষ্ঠজন আৰু জ্যেষ্ঠ বিষয়াসকলক সন্মান জনাই চলক। মন্দিৰত বৃহস্পতিবাৰে বুটৰ দালি দান কৰক। আহক এতিয়া জানো যে 2027 বৰ্ষত বৃশ্চিক ৰাশিৰ ওপৰত বৃহস্পতিৰ কেনেধৰণৰ প্ৰভাৱ পৰিব।

বৃশ্চিক ৰাশিৰ ওপৰত 2027 বৰ্ষত বৃহস্পতিৰ প্ৰভাৱ: 

বৃশ্চিক ৰাশিৰ লোকসকল! বছৰৰ আৰম্ভণিৰ সময়ত বৃহস্পতিৰ গোচৰ আপোনাৰ দশম স্থানত বক্ৰী স্থিতিত থাকিব। এনে পৰিস্থিতিত আপুনি নিজৰ পদ, মৰ্যাদা আৰু দায়িত্বৰ বিষয়ে পুনৰ বিবেচনা কৰাৰ প্ৰয়োজন হ'ব পাৰে। অৰ্থাৎ এই বিষয়বোৰত যদি পূৰ্বতে কিবা ভুল বা ক্ৰুটি ৰৈ গৈছিল, তেন্তে সেই ক্ৰুটি শুধৰাই আগবাঢ়ি যোৱাটোৱেই বুদ্ধিয়কৰ কাম হ'ব। জ্যেষ্ঠ বিষয়াসকলৰ সৈতে যদি কেতিয়াবা কিবা মতবিৰোধ হৈছিল, তেন্তে তাক দূৰ কৰিবলৈ এইটো এটা সুবৰ্ণ সুযোগ হ'ব।

26 জানুৱাৰীৰ পৰা 26 জুনৰ ভিতৰত বৃহস্পতিৰ গোচৰ আপোনাৰ ভাগ্য স্থানত (নৱম স্থানত) থাকিব। যাৰ ভিতৰত 13 এপ্ৰিল পৰ্যন্ত বৃহস্পতি বক্ৰী স্থিতিত থাকিব। ই এই কথাৰ ইংগিত দিয়ে যে নিজৰ গুৰুসকলৰ প্ৰতি, ধৰ্ম আৰু সমাজৰ প্ৰতি যদি কিবা দায়িত্ব বাকী ৰৈ গৈছে, তেন্তে তাক এতিয়া পূৰণ কৰি লোৱা হওক। দূৰণিৰ কোনো কাম বা দীঘলীয়া যাত্ৰা যদি কেতিয়াবা পৰিকল্পনা কৰা হৈছিল কিন্তু সম্পূৰ্ণ হোৱা নাছিল, তেন্তে এই সময়ছোৱাত আপুনি তাক সম্পূৰ্ণ কৰিব পাৰে। বিশেষকৈ 13 এপ্ৰিলৰ পূৰ্বৰ সময়খিনি ধৰ্ম, শিক্ষা, গুৰু আৰু দীঘলীয়া ভ্ৰমণৰ বিষয়ত পুনৰ চিন্তা কৰা আৰু আসোঁৱাহসমূহ দূৰ কৰাৰ বাবে উপযোগী। 13 এপ্ৰিলৰ পাছত পৰিস্থিতি যথেষ্ট অনুকূল হ'বলৈ গৈ আছে আৰু সেই সময়ত আপুনি আৰ্থিক বিষয়ৰ লগতে শিক্ষা আৰু সন্তান সম্পৰ্কীয় বিষয়তো ভাল কাম কৰিব পাৰিব আৰু উৎকৃষ্ট ফলাফল লাভ কৰিব পাৰিব।

26 এপ্ৰিলৰ পৰা 26 নৱেম্বৰৰ ভিতৰত বৃহস্পতিৰ গোচৰ পুনৰ আপোনাৰ দশম স্থানত থাকিব। ফলস্বৰূপে আপুনি নিজৰ কৰ্মক্ষেত্ৰত অধিক উন্নত প্ৰদৰ্শন কৰিবলৈ যত্ন কৰিব। জ্যেষ্ঠসকলৰ সৈতে সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰাৰ প্ৰয়াস কৰিব আৰু ইয়াৰ কিছু সুফলো লাভ কৰিব। সাধাৰণতে দশম স্থানত বৃহস্পতিৰ গোচৰক বৰ ভাল বুলি গণ্য কৰা নহয়, কিন্তু পৰিশ্ৰম অথলে নাযায়। কাৰণ ইয়াত বহি বৃহস্পতিয়ে আপোনাৰ ধন স্থানক (দ্বিতীয় স্থানক) দৃষ্টি কৰি থাকিব আৰু ধন স্থান তেওঁৰ নিজৰ স্থান। লগতে বৃহস্পতি ধনৰ কাৰক গ্ৰহো হয়। এনে পৰিস্থিতিত বৃহস্পতিয়ে আৰ্থিক বিষয়ত যথেষ্ট ভাল সমৰ্থন আগবঢ়োৱাৰ চেষ্টা কৰিব আৰু সেয়া তেতিয়াহে সম্ভৱ হ'ব যেতিয়া কৰ্মক্ষেত্ৰও সাধাৰণভাৱে ভাল থাকিব। পেছাদাৰী শিক্ষা গ্ৰহণ কৰা শিক্ষাৰ্থীসকলকো এই গোচৰে যথেষ্ট ভাল ফল প্ৰদান কৰিব পাৰিব।

26 নৱেম্বৰৰ পাছত বৃহস্পতিৰ স্থিতি অত্যন্ত অনুকূল হ'বলৈ গৈ আছে। বৃহস্পতি আপোনাৰ লাভ স্থানত উপনীত হ'ব। আপোনাক বিভিন্ন প্ৰকাৰে লাভান্বিত কৰাৰ চেষ্টা কৰিব। অধিকাংশ কামতে সফলতা লাভ কৰিব। কাৰণ ইয়াত বহি বৃহস্পতিয়ে আপোনাৰ পঞ্চম স্থানলৈ দৃষ্টি দিব, য'ত তেওঁৰ নিজৰ ৰাশি আছে। ফলত শিক্ষাৰ্থীসকলে অতি উত্তম ফল পাব। বৌদ্ধিক কাম-কাজ কৰা লোকসকলকো বৃহস্পতিয়ে অতি শুভ ফল প্ৰদানৰ চেষ্টা কৰিব।

উপায়: উপায় হিচাপে গুৰু, শিক্ষক আৰু পিতৃৰ লগতে সকলো বয়োজ্যেষ্ঠ ব্যক্তিক সম্পূৰ্ণ সন্মান কৰক। ধৰ্মীয় বা শৈক্ষিক প্ৰতিষ্ঠানলৈ নিজৰ সাধ্য অনুসৰি দান-বৰঙণি আগবঢ়াওক। আহক এতিয়া জানো যে 2027 বৰ্ষত ধনু ৰাশিৰ ওপৰত বৃহস্পতিৰ কেনেধৰণৰ প্ৰভাৱ পৰিব।

এতিয়া ঘৰতে বহি বিশেষজ্ঞ পুৰোহিতৰ দ্বাৰা ইচ্ছামতেঅনলাইন পূজা কৰাওক আৰু লাভ কৰক উত্তম ফল!

ধনু ৰাশিৰ ওপৰত 2027 বৰ্ষত বৃহস্পতিৰ প্ৰভাৱ: 

ধনু ৰাশিৰ লোকসকল! বছৰৰ আৰম্ভণিৰ সময়ত বৃহস্পতিৰ গোচৰ আপোনাৰ ভাগ্য স্থানত বক্ৰী অৱস্থাত থাকিব। সাধাৰণতে ভাগ্য স্থানত বৃহস্পতিৰ গোচৰক অতি শুভ ফলদায়ক বুলি গণ্য কৰা হয়, কিন্তু বক্ৰী হোৱাৰ বাবে বৃহস্পতিয়ে এই সংকেত দিছে যে ধৰ্মীয় বিষয়ৰ কথাই হওক বা পিতৃ সম্পৰ্কীয় কথাই হওক; এই বিষয়বোৰত যদি ক'ৰবাত কিবা আসোঁৱাহ ৰৈ গৈছে, তেন্তে তাক শুধৰাই লোৱাৰ এইটোৱেই সঠিক সময়। অৰ্থাৎ ধৰ্ম-কৰ্ম, শিক্ষানুষ্ঠান, শিক্ষক আৰু পিতৃ আদিৰ লগত জড়িত বিষয়ত পুনৰ চিন্তা কৰাৰ সুযোগ এই সময়ছোৱাত আপুনি লাভ কৰিব।

25 জানুৱাৰীত বৃহস্পতি বক্ৰী অৱস্থাতে খোজ লৈ আপোনাৰ অষ্টম স্থানত উপনীত হ'ব। ইয়াত বৃহস্পতিৰ গোচৰ 26 জুন পৰ্যন্ত থাকিব। যদিও বৃহস্পতি উচ্চ অৱস্থাত থাকিব, কিন্তু 13 এপ্ৰিল পৰ্যন্ত বক্ৰী থাকিব। এনে পৰিস্থিতিত বৃহস্পতিয়ে কিছু অপ্ৰত্যাশিত ফলাফল দিব পাৰে। হঠাতে কিছু ডাঙৰ পৰিৱৰ্তন কৰিবলগীয়া হ'ব পাৰে। যদি পূৰ্বৰ কোনো কৰ (টেক্স) আদি পৰিশোধ কৰিবলৈ বাকী আছে, তেন্তে তাক পৰিশোধ কৰাৰ বাবে এইটো এটা উপযুক্ত সময়। কোনো ধৰণৰ সমস্যা নাথাকিলেও পুৰণি টেক্স, ৰোগ বা যৌথ সম্পত্তিৰ বিষয়ত পুনৰীক্ষণ কৰি সেইবোৰ সমাধান কৰাৰ চেষ্টা কৰাটো জৰুৰী হ'ব। যদি আপুনি তেনে কৰে, তেন্তে 13 এপ্ৰিলৰ পাছত পৰিস্থিতি লাহে লাহে অনুকূল হ'বলৈ আৰম্ভ কৰিব।

26 জুনৰ পৰা 26 নৱেম্বৰৰ ভিতৰত বৃহস্পতিৰ গোচৰ পুনৰ আপোনাৰ ভাগ্য স্থানত হ'ব, যিয়ে আপোনাক ভাল সহযোগ আগবঢ়াব। বৃহস্পতিৰ এই গোচৰৰ ফলত আপোনাৰ ব্যক্তিত্ব অধিক উজ্জ্বল হৈ উঠিব। সংসাৰ বা পাৰিবাৰিক জীৱনৰ বিষয়সমূহত অনুকূলতা আহিব। মাটি-বাৰী, ঘৰ, বাহন আদিৰ ক্ষেত্ৰতো ভাল ফলাফল দেখা যাব। পিতৃ আৰু পিতৃসম ব্যক্তিৰ সহযোগত বহুতো কাম সম্পন্ন হ'ব। ধৰ্মীয় বিষয়তো আপোনাৰ ৰুচি বৃদ্ধি পাব পাৰে।

26 নৱেম্বৰৰ পাছত বৃহস্পতিৰ গোচৰ আপোনাৰ দশম স্থানলৈ যাব। এনে পৰিস্থিতিত আপুনি নিজৰ ব্যৱসায়-বাণিজ্য, কেৰিয়াৰ আদিক নতুন দিশ দিয়াৰ প্ৰয়াস কৰিব। কষ্ট কৰিবলগীয়া হ'ব যদিও এই বিষয়সমূহত আপুনি সফলতাও অৰ্জন কৰিব পাৰিব।

উপায়: উপায় হিচাপে বৃহস্পতিবাৰে মন্দিৰত ঘিউ, কৰ্পূৰ আৰু আলু দান কৰক। নিয়মীয়াকৈ মন্দিৰ দৰ্শন কৰক। আহক এতিয়া জানো যে 2027 বৰ্ষত মকৰ ৰাশিৰ ওপৰত বৃহস্পতিৰ কেনেধৰণৰ প্ৰভাৱ পৰিব।

মকৰ ৰাশিৰ ওপৰত 2027 বৰ্ষত বৃহস্পতিৰ প্ৰভাৱ: 

মকৰ ৰাশিৰ লোকসকল! বছৰৰ আৰম্ভণিৰ সময়ত বৃহস্পতিৰ গোচৰ আপোনাৰ অষ্টম স্থানত বক্ৰী অৱস্থাত থাকিব। ইয়াক সাধাৰণতে শুভ বুলি গণ্য কৰা নহ'ব; বৰঞ্চ যদি আপোনাৰ কোনো টেক্স বাকী আছে, বীমা সম্পৰ্কীয় কাম বাকী আছে, বা যৌথ ধন সম্পৰ্কীয় কাম আধৰুৱা হৈ আছে; তেন্তে সেই বিষয়বোৰৰ ওপৰত এই সময়ছোৱাত চিন্তা কৰা আৰু সমাধান কৰাটো বুদ্ধিয়কৰ কাম হ'ব।

25 জানুৱাৰীৰ পৰা 26 জুনৰ ভিতৰত বৃহস্পতিৰ গোচৰ আপোনাৰ সপ্তম স্থানত থাকিব। যাৰ ভিতৰত 13 এপ্ৰিল পৰ্যন্ত বৃহস্পতি গ্ৰহ বক্ৰী থাকিব। যদিও সপ্তম স্থানত বৃহস্পতিৰ গোচৰক অতি উত্তম ফল প্ৰদানকাৰী বুলি কোৱা হয় আৰু বৃহস্পতি উচ্চ অৱস্থাতো থাকিব; কিন্তু 13 এপ্ৰিল পৰ্যন্ত বৃহস্পতি বক্ৰী হৈ থকাটোৱে এই সংকেত দিয়ে যে যৌথ অংশীদাৰিত্বৰ কামত আৰু দৈনিক সংস্থাপন বা ব্যৱসায়-বাণিজ্যৰ বিষয়ত পুনৰ চিন্তা কৰাৰ আৱশ্যকতা থাকিব। এই বিষয়বোৰত যদি ক'ৰবাত কিবা আসোঁৱাহ আছে আৰু সেই আসোঁৱাহ ভৱিষ্যতে দূৰ কৰাৰ কথা ভাবি থৈছে, তেন্তে সেই আসোঁৱাহ এই সময়ছোৱাৰ ভিতৰতে শুধৰাই লোৱাটো ভাল হ'ব। যদি আপুনি এনে কৰে, তেন্তে এই সময়ছোৱাই আপোনাক অতি উত্তম ফলাফল দিব পাৰিব। বিশেষকৈ 13 এপ্ৰিলৰ পাছৰ ফলাফল অতি চমৎকাৰ হ'ব পাৰে।

26 জুনৰ পৰা 26 নৱেম্বৰৰ ভিতৰত বৃহস্পতি গ্ৰহ পুনৰ আপোনাৰ অষ্টম স্থানত উপনীত হ'ব যিয়ে আপোনাক যৌথ ধন, বীমা, টেক্স আৰু অপ্ৰত্যাশিত ব্যয়ৰ বিষয়ত পুনৰীক্ষণ কৰাৰ বাৰ্তা দিব আৰু সাৱধানতা অৱলম্বন কৰাৰো সংকেত দিব। অৱশ্যে এই সময়ছোৱাত আপোনাৰ ৰুচি গুপুত বা ৰহস্যময় বিদ্যা, গৱেষণা আৰু আধ্যাত্মিক বিষয়ত বাঢ়িব পাৰে। যোগ-ব্যায়াম কৰাৰ ইচ্ছাও প্ৰবল হ'ব পাৰে। এই সকলোবোৰৰ পাছতো এই সময়ছোৱাক বিপদমুক্ত বুলি গণ্য কৰা নহ'ব। অৰ্থাৎ এই সময়ছোৱা কিছু আশংকাজনক। ভাল হ'ব এই সময়ছোৱাত কোনো ধৰণৰ বিপদ বা ৰিস্ক নোলোৱাকৈ যি যেনেকৈ চলি আছে তাক তেনেকৈ বজাই ৰখা।

26 নৱেম্বৰৰ পাছত বৃহস্পতিৰ গোচৰ আপোনাৰ ভাগ্য স্থানত উপনীত হ'ব। বৃহস্পতিৰ গোচৰৰ বাবে এইটো এটা ভাল স্থান। সেয়েহে 26 নৱেম্বৰৰ পাছত বৃহস্পতিয়ে আপোনাক সুন্দৰ সহযোগ আগবঢ়াব। ভাগ্যৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। দীঘলীয়া যাত্ৰাত সফলতা মিলিব। ধৰ্ম, আধ্যাত্মিকতা, উচ্চশিক্ষা আৰু বিদেশ সম্পৰ্কীয় বিষয়ত আপুনি ভাল লাভ অৰ্জন কৰিব পাৰে। গুৰুজন আৰু পিতৃৰ পৰাও উত্তম সহযোগ লাভৰ যোগ সৃষ্টি হ'ব।

উপায়: উপায় হিচাপে মন্দিৰত ঘিউ, আলু আৰু কৰ্পূৰ দান কৰক। কোনো অভাৱী দম্পতীক আহাৰ খুৱাওক। অহংকাৰ আৰু কটু বাক্য পৰিহাৰ কৰক। আহক এতিয়া জানো যে 2027 বৰ্ষত কুম্ভ ৰাশিৰ ওপৰত বৃহস্পতিৰ কেনেধৰণৰ প্ৰভাৱ পৰিব।

কুম্ভ ৰাশিৰ ওপৰত 2027 বৰ্ষত বৃহস্পতিৰ প্ৰভাৱ: 

কুম্ভ ৰাশিৰ লোকসকল! বছৰৰ আৰম্ভণিতে বৃহস্পতিৰ গোচৰ আপোনাৰ সপ্তম স্থানত থাকিব। যিয়ে বিবাহ আৰু অংশীদাৰিত্ব আদিৰ লগত জড়িত বিষয়সমূহ পুনৰ চিন্তা কৰাৰ সংকেত দিছে। অৰ্থাৎ দাম্পত্য জীৱনৰ ক্ষেত্ৰত, বিবাহ সম্পৰ্কীয় বিষয়ত, অংশীদাৰিত্বৰ কামত তথা সংস্থাপনৰ কামত যদি আপুনি কিবা অৱহেলা কৰি আছে, তেন্তে এই বিষয়বোৰ গভীৰভাৱে বিবেচনা কৰাৰ প্ৰয়োজনীয়তা আহি পৰিব।

25 জানুৱাৰীৰ পৰা বৃহস্পতি বক্ৰী অৱস্থাতেই গতি কৰি আপোনাৰ ষষ্ঠ স্থানত উপনীত হ'ব। ষষ্ঠ স্থানত বৃহস্পতিৰ গোচৰক শুভ বুলি গণ্য কৰা নহয়। তাতোকৈ ডাঙৰ কথা, বৃহস্পতি ৰাহু-কেতুৰ প্ৰভাৱত থাকিব। লগতে 13 এপ্ৰিল পৰ্যন্ত বৃহস্পতি বক্ৰীও থাকিব। গতিকে বৃহস্পতিৰ ফলাফলত কিছু আসোঁৱাহ দেখা যাব পাৰে। যিহেতু বৃহস্পতি ইয়াত 25 জানুৱাৰীৰ পৰা 26 জুন পৰ্যন্ত থাকিব, সেয়েহে আপুনি আপোনাৰ চাকৰি বা কামৰ ক্ষেত্ৰত পূৰ্ণ নিষ্ঠাৰে দায়িত্ব পালন কৰিব লাগিব। প্ৰতিযোগিতামূলক মনোভাৱ বৃদ্ধি পাব পাৰে। যদিও প্ৰতিযোগিতাত আগবাঢ়ি যোৱাত এই গোচৰে সহায় কৰিব, তথাপিও অনাহক কথাত প্ৰতিযোগিতা কৰাৰ পৰা বিৰত থকাৰো প্ৰয়োজন হ'ব। ৰোগ, ঋণ আৰু শত্ৰু সম্পৰ্কীয় বিষয়বোৰক লৈ অলপ সংগ্ৰাম কৰিবলগীয়া হ'ব পাৰে। পৰিশ্ৰমৰ ফলত সফলতা মিলিব যদিও প্ৰয়োজনতকৈ অধিক পৰিশ্ৰমৰ বাবে প্ৰস্তুত থকাটোও জৰুৰী। এই সময়ছোৱাত স্বাস্থ্যৰ প্ৰতি কোনো ধৰণৰ গাফিলতি নকৰিব। যদিও 13 এপ্ৰিলৰ পাছত সামান্য সকাহ পোৱা যাব, তথাপিও 26 জুন পৰ্যন্ত এই সকলো সাৱধানতাৰ আৱশ্যকতা বৰ্তি থাকিব।

26 জুনৰ পৰা 26 নৱেম্বৰৰ ভিতৰত বৃহস্পতিৰ গোচৰ পুনৰ আপোনাৰ সপ্তম স্থানত হ'ব যিয়ে বিবাহ আৰু অংশীদাৰিত্ব সম্পৰ্কীয় বিষয়সমূহত অতি উত্তম অনুকূলতা প্ৰদান কৰিব। ব্যৱসায়িক সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰতো এই সময়ছোৱাই আপোনাক ভাল সহায় কৰিব। অবিবাহিত লোকসকলৰ বিবাহৰ যোগ গঢ়ি উঠিব। অংশীদাৰিত্বৰ কামত লাভ মিলিব। সকলো ধৰণৰ কামতে লাভালাভ হোৱাৰ সম্ভাৱনা শক্তিশালী হৈ পৰিব। আৰ্থিক বিষয়সমূহৰ বাবে এই গোচৰ যথেষ্ট ভাল ফলদায়ক বুলি বিবেচিত হ'ব।

26 নৱেম্বৰৰ পাছত বৃহস্পতিৰ গোচৰ আপোনাৰ অষ্টম স্থানত হ'বলৈ ধৰিব। ইয়াক অনুকূল স্থিতি বুলি ক'ব নোৱাৰি। 26 নৱেম্বৰৰ পাছত প্ৰতিটো বিষয়তে সাৱধানে চলাৰ প্ৰয়োজন হ'ব। বিশেষকৈ কোনো আইনী বিষয়ত প্ৰত্যাহ্বান জনোৱাটো ঠিক নহ'ব। যৌথ ধনৰ কথাই হওক, বীমা বা বিনিয়োগৰ কথাই হওক অথবা চৰকাৰৰ টেক্স আদিৰ কথাই হওক; এই সকলো বিষয়তে সতৰ্কতাৰে কাম কৰিব লাগিব আৰু সেইবোৰৰ লগত জড়িত জটিলতাসমূহ আইনী উপায়েৰে সমাধান কৰাটোৱেই বুদ্ধিমত্তাৰ কাম হ'ব। অপ্ৰয়োজনীয় খৰচ বন্ধ কৰাটোও জৰুৰী।

উপায়: উপায় হিচাপে বেচনৰ মিঠাই বা বুটৰ দালি মন্দিৰত দান কৰক। কোনো অসুস্থ বা আৰ্তজনক সহায় আৰু সেৱা কৰক। স্বাস্থ্যৰ বিষয়ত গাফিলতি একেবাৰেই নকৰিব। আহক এতিয়া জানো যে 2027 বৰ্ষত মীন ৰাশিৰ ওপৰত বৃহস্পতিৰ কেনেধৰণৰ প্ৰভাৱ পৰিব।

মীন ৰাশিৰ ওপৰত 2027 বৰ্ষত বৃহস্পতিৰ প্ৰভাৱ: 

মীন ৰাশিৰ লোকসকল! বছৰৰ আৰম্ভণিৰ সময়ত বৃহস্পতিৰ গোচৰ আপোনাৰ ষষ্ঠ স্থানত থাকিব আৰু বক্ৰী অৱস্থাত থাকিব। সাধাৰণতে এই গোচৰক অনুকূল বুলি ধৰা নহয়। এই গোচৰে ইংগিত দিয়ে যে প্ৰতিযোগিতামূলক বিষয়সমূহত আপুনি পুনৰীক্ষণ কৰাৰ প্ৰয়োজন আছে। প্ৰতিদ্বন্দীক সহজভাৱে লোৱাটো উচিত নহ'ব। লগতে চাকৰি আৰু ৰোগ আদিৰ লগত জড়িত বিষয়তো পুনৰ চিন্তা কৰাৰ আৱশ্যকতা আহি পৰিব পাৰে।

25 জানুৱাৰীৰ পৰা 26 জুনৰ ভিতৰত বৃহস্পতি আপোনাৰ পঞ্চম স্থানত অৱস্থান কৰিব, যাৰ ভিতৰত 13 এপ্ৰিল পৰ্যন্ত বৃহস্পতি বক্ৰী অৱস্থাত থাকিব। সাধাৰণতে পঞ্চম স্থানত বৃহস্পতিৰ গোচৰক ভাল বুলি ধৰা হয়, কিন্তু 13 এপ্ৰিল পৰ্যন্ত বৃহস্পতি বক্ৰী থকাৰ বাবে সন্তান, শিক্ষা আৰু প্ৰেম আদিৰ ক্ষেত্ৰত পুনৰ মনোযোগ দিয়া, পুনৰ চিন্তা কৰা আৰু ক্ৰুটিসমূহ দূৰ কৰাৰ মানসিকতা দিব পাৰে। আপুনি এই মানসিকতাৰে কাম কৰাৰ প্ৰয়োজন হ'ব। যদি আপুনি এনে কৰে, তেন্তে বৃহস্পতিৰ গোচৰে আপোনাক অতি শুভ ফলাফল দিব পাৰে। কেৱল সন্তান, শিক্ষা আৰু প্ৰেমৰ ক্ষেত্ৰতেই নহয়, কৰ্মজীৱন, সামাজিক বিষয় আৰু নিজৰ ব্যক্তিত্বৰ ক্ষেত্ৰতো আপুনি ভাল ফলাফল অৰ্জন কৰিব পাৰিব। 13 এপ্ৰিলৰ পাছৰ ফলাফলসমূহ আৰু অধিক ভাল হ'ব পাৰে। অৰ্থাৎ 13 এপ্ৰিলৰ পৰা 26 জুনৰ ভিতৰত সন্তান, শিক্ষা, প্ৰেম আদিৰ লগত জড়িত বিষয়ত কিছু বিশেষ অনুকূল ফল পোৱাৰ যোগ সৃষ্টি হ'ব।

26 জুনৰ পৰা 26 নৱেম্বৰৰ ভিতৰত বৃহস্পতিৰ গোচৰ পুনৰ আপোনাৰ ষষ্ঠ স্থানত হ'ব। যিয়ে চাকৰি, প্ৰতিযোগিতা আৰু শত্ৰু সম্বন্ধীয় বিষয়ত কঠোৰ পৰিশ্ৰমৰ পাছত ভাল সফলতাৰ সংকেত দিছে। অৱশ্যে পৰিশ্ৰম স্বাভাৱিকতকৈ অধিক হ'ব পাৰে আৰু পৰিশ্ৰমত গাফিলতি কৰিলে প্ৰতিযোগিতামূলক বিষয়ৰ লগতে চাকৰি আদিৰ ক্ষেত্ৰত কিছু দুৰ্বল ফলাফল দেখা পোৱা যাব পাৰে। গতিকে ভাল ফল পাবলৈ নিজকে পৰিশ্ৰমৰ বাবে প্ৰস্তুত কৰি ৰাখক।

26 নৱেম্বৰৰ পাছত বৃহস্পতিৰ গোচৰ আপোনাৰ সপ্তম স্থানলৈ যাব। এইটোক এক অনুকূল গোচৰ বুলি গণ্য কৰা হয়। ইয়ালৈ আহি বৃহস্পতিয়ে বিবাহ সম্বন্ধীয় বিষয়ত অতি শুভ আৰু অনুকূল ফল দিব। অবিবাহিত লোকসকলৰ বিবাহৰ যোগ দেখা দিব, বিশেষকৈ যাৰ বয়স হৈছে আৰু দীৰ্ঘদিন ধৰি চেষ্টা চলাই আছে, তেওঁলোকে অনুকূল ফলাফল পাব পাৰে। যৌথ ব্যৱসায় বা অংশীদাৰিত্বৰ কামতো বৃহস্পতিৰ এই গোচৰে আপোনাক ভাল লাভ উপাৰ্জন কৰাই দিব। ব্যৱসায়-বাণিজ্যতো আপুনি আশাপ্ৰদ ফল লাভ কৰিব পাৰিব।

উপায়: উপায় হিচাপে বৃহস্পতিবাৰে কলগছৰ পূজা কৰা আৰু মন্দিৰত বুটৰ দালি দান কৰাটো শুভ হ'ব। কোনো যোগ্য তথা আৰ্ত ছাত্ৰক শিক্ষাৰ ক্ষেত্ৰত সহায় কৰাটোও অনুকূল ফলাফল পোৱাত সহায়ক হ'ব।

ৰত্ন, যন্ত্ৰ, ৰুদ্ৰাক্ষ সহ সকলো জ্যোতিষীয় সমাধানৰ বাবে ইয়াত ক্লিক কৰক : এষ্ট্ৰ'ছেজ অনলাইনশ্বপিং ষ্ট'ৰ 

আমি আশা কৰিছোঁ যে বৃহস্পতিৰ এই গোচৰ ফলৰ মাধ্যমেৰে আপুনি আপোনাৰ আগন্তুক সময়ছোৱাক সঠিকভাৱে পৰিকল্পিত আৰু শৃংখলাবদ্ধ কৰাত সহায় লাভ কৰিব। আগন্তুক সময়ছোৱাই আপোনাৰ জীৱনলৈ সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনক। আপোনালোক সকলোকে ভৱিষ্যতৰ বহুত বহুত শুভকামনা যাঁচিলোঁ!

সঘনাই সোধা প্ৰশ্ন

1. 2027 বৰ্ষত বৃহস্পতিয়ে কোন কোন ৰাশিত গোচৰ কৰিব?
2027 বৰ্ষত বৃহস্পতিয়ে সিংহ, কৰ্কট আৰু কন্যা এই তিনিটা ৰাশিৰ মাজেৰে ভ্ৰমণ কৰিব।

2. 2027 বৰ্ষত বৃহস্পতি গ্ৰহ কিমান দিন অস্ত হৈ থাকিব?
বৃহস্পতি 13 আগষ্ট 2027 ৰ পৰা 13 ছেপ্টেম্বৰ 2027 লৈকে প্ৰায় 27 দিন অস্ত হৈ থাকিব।

Talk to Astrologer Chat with Astrologer