বৈদিক জ্যোতিষত ৰাহুক ৰহস্য, বিভ্ৰম আৰু উচ্চাকাংক্ষাৰ কাৰক বুলি গণ্য কৰা হয়। ইয়াৰ লগতে ৰাহুক প্ৰযুক্তি, বৈদেশিক সম্পৰ্ক আৰু অপ্ৰত্যাশিতভাৱে ঘটা ঘটনাৱলী অৰ্থাৎ হঠাৎ হোৱা ঘটনা আৰু পৰিৱৰ্তনসমূহৰ কাৰক বুলিও বিবেচনা কৰা হয়। 2027 বৰ্ষত ৰাহুৱে গোটেই বছৰটো মকৰ ৰাশিতেই গোচৰ কৰি থাকিব। অৱশ্যে মকৰ ৰাশিত গোচৰ কৰি থকা অৱস্থাত ৰাহুৱে ক্ৰমান্বয়ে ধনিষ্ঠা, শ্ৰৱণা আৰু উত্তৰাষাঢ়া নক্ষত্ৰৰ মাজেৰে গতি কৰিব।
বছৰৰ আৰম্ভণিৰ সময়ত ৰাহুৰ স্থিতি ধনিষ্ঠা নক্ষত্ৰত থাকিব। ৰাহু ইয়াত 9 এপ্ৰিল 2027 লৈকে থাকিব। যিহেতু ধনিষ্ঠা মঙ্গলৰ নক্ষত্ৰ আৰু ধনিষ্ঠা নক্ষত্ৰক উচ্চাকাংক্ষা, সম্পদ, ধন সংগ্ৰহ আৰু প্ৰতিষ্ঠাৰ লগতে সফলতাৰ সৈতে জড়িত নক্ষত্ৰ বুলি ধৰা হয়; সেয়েহে জানুৱাৰীৰ পৰা এপ্ৰিলৰ মাজভাগত ধনিষ্ঠাত ৰাহু থকাৰ বাবে সাধাৰণ মানুহৰ মনত যিকোনো সফলতা লাভ কৰিবলৈ অধৈৰ্য্য বা অস্থিৰতা বৃদ্ধি পাব পাৰে।
हिंदी में पढ़ें:राहु गोचर 2027
আনহাতে 10 এপ্ৰিল 2027 ৰ পৰা 17 ডিচেম্বৰ 2027 ৰ ভিতৰত ৰাহুৱে শ্ৰৱণা নক্ষত্ৰত বিচৰণ কৰিব। শ্ৰৱণা নক্ষত্ৰত থকাৰ অৱস্থাত ৰাহুৱে ইণ্টাৰনেট জগতত প্ৰভাৱ পেলাব পাৰে। কাৰণ শ্ৰৱণা নক্ষত্ৰৰ সম্পৰ্ক তথ্য, মাধ্যম (মিডিয়া), যোগাযোগ, জ্ঞান, শ্ৰৱণ, প্ৰচাৰ-প্ৰসাৰ আৰু জনমত আদিৰ সৈতে জড়িত বুলি গণ্য কৰা হয়। এনে ক্ষেত্ৰত এপ্ৰিলৰ পৰা ডিচেম্বৰৰ মাজত যেতিয়া ৰাহুৰ প্ৰভাৱ শ্ৰৱণা নক্ষত্ৰত থাকিব, তেতিয়া মিডিয়া, ছ'চিয়েল মিডিয়া, ডিজিটেল প্লেটফৰ্ম, ডিজিটেল কমিউনিকেচন, এ.আই., প্ৰচাৰ-প্ৰসাৰ আৰু জনমত গঠনৰ দৰে বিষয়সমূহক ৰাহু গ্ৰহই বিশেষভাৱে প্ৰভাৱিত কৰিব পাৰে। লক্ষ্য কৰিবলগীয়া কথাটো হ'ল, এই বছৰ ৰাহুৱে আটাইতকৈ বেছি সময় এই নক্ষত্ৰতে কটাব; গতিকে এই বছৰ ইণ্টাৰনেট জগত আৰু ইণ্টাৰনেট সম্পৰ্কীয় বিষয়সমূহৰ চৰ্চা অধিক হ'ব পাৰে।
ইপিনে এই বছৰৰ অন্তিম মাহৰ শেষৰ কেইটামান দিনত, অৰ্থাৎ 18 ডিচেম্বৰৰ পিছৰ সময়ছোৱাত ৰাহু উত্তৰাষাঢ়া নক্ষত্ৰ অৰ্থাৎ সূৰ্য্যৰ নক্ষত্ৰত থাকিব। এই সময়ছোৱাত ৰাহুৱে ক্ষমতা, নেতৃত্ব, চৰকাৰ, প্ৰতিষ্ঠা আৰু অধিকাৰ সম্পৰ্কীয় বিষয়সমূহক প্ৰভাৱিত কৰিব পাৰে।
মকৰ ৰাশিত থকাৰ বাবে ৰাহুৱে ক্ষমতা, শাসন-প্ৰশাসন, ৰাজনীতি, কেৰিয়াৰ, উচ্চাকাংক্ষা, প্ৰতিষ্ঠানিক শক্তি, ডাঙৰ কোম্পানী, চৰকাৰী ব্যৱস্থা তথা সামাজিক প্ৰতিষ্ঠা আদিৰ সৈতে জড়িত বিষয়বোৰ অস্বাভাৱিকভাৱে সক্ৰিয় কৰি তুলিব পাৰে। যিহেতু মকৰ ৰাশিৰ অধিপতি শনি গ্ৰহ, গতিকে শনিৰ ৰাশিত ৰাহুৰ এই গোচৰে কেৱল আকস্মিক সফলতাই নিদিয়ে, বৰঞ্চ চিষ্টেমৰ ভিতৰত থাকি অস্বাভাৱিক উপায়েৰে সফলতা আৰু বিফলতাৰ দিশে আগবাঢ়ি যোৱাৰ ইচ্ছাও সৃষ্টি কৰিব পাৰে। ৰাহু গ্ৰহৰ এই গোচৰে আপোনাৰ ৰাশি বা লগ্নত কিদৰে প্ৰভাৱ পেলাব সেয়া জনাৰ পূৰ্বে এই কথা স্পষ্ট কৰাটো প্ৰয়োজনীয় যে এই ফলাফল আপুনি লগ্ন ৰাশি অনুসৰি চালে অধিক ভাল হ'ব।
দ্বিতীয় বিকল্প হিচাপে আপুনি ইয়াক চন্দ্ৰ ৰাশি অনুসৰিও চাব পাৰে। যদি এই দুয়োটা কথা আপোনাৰ জনা নাই, তেন্তে আপুনি নিজৰ নামৰ ৰাশি অনুসৰিও চাব পাৰে; কিন্তু মনত ৰাখিব সৰ্বাধিক প্ৰভাৱ লগ্ন ৰাশি বা চন্দ্ৰ ৰাশিৰহে পৰে। এইটো এটা সাধাৰণ ফলাফল। ব্যক্তিগত কুণ্ডলীত আপোনাৰ লগ্ন বা ৰাশি কি, জন্ম কুণ্ডলীত ৰাহুৰ প্ৰকৃত স্থিতি কেনেকুৱা, আপুনি কোনটো দশা-অন্তৰ্দশাৰ প্ৰভাৱত আছে আৰু অন্যান্য গোচৰসমূহে আপোনাক কেনেদৰে প্ৰভাৱিত কৰিছে তাৰ ওপৰত ভিত্তি কৰিহে প্ৰকৃত ফলাফল নিৰ্ধাৰণ হয়। এইটো ৰাহুৰ গোচৰ স্থিতিৰ ওপৰত ভিত্তি কৰি কোৱা এক সাধাৰণ ফলাফল।
আহক এতিয়া জানো মকৰ ৰাশিত ৰাহুৰ গোচৰে আপোনাৰ লগ্ন বা ৰাশিত কি প্ৰভাৱ পেলাব।
Click here to read in English: Rahu Transit 2027
মেষ ৰাশিৰ লোকসকল, এই বছৰ ৰাহুৰ গোচৰ আপোনাৰ দশম ভাৱত (দশম স্থানত) থাকিব। গতিকে 2027 বৰ্ষটো আপোনাৰ কেৰিয়াৰ আৰু পেচাগত দিশৰ পৰা অতি গুৰুত্বপূৰ্ণ বছৰ হ'ব পাৰে। গোচৰ শাস্ত্ৰত দশম ভাৱৰ ৰাহুক মানসিক চিন্তা বা উদ্বেগ প্ৰদানকাৰী বুলি কোৱা হৈছে। স্বাভাৱিকতে মনত কোনো কথাক লৈ সন্দেহ বা সংশয় থাকিলেহে মানসিক চিন্তা হয়। যিহেতু ৰাহু দশম ভাৱত আছে, সেয়েহে কৰ্মক্ষেত্ৰক লৈ কোনো সন্দেহ থাকিব পাৰে। সফলতা, স্থিৰতা বা মান-সন্মানক লৈ এই বছৰ আপোনাৰ মনত কিবা দ্বিধাদ্বন্দ্ব থাকিব পাৰে।
ইয়াত ৰাহুৰ গোচৰক খৰচ বৃদ্ধি কৰোৱা বুলিও গণ্য কৰা হয়। দশম ভাৱত ৰাহুৰ গোচৰে স্বামী-স্ত্ৰীৰ সম্পৰ্কৰ ক্ষেত্ৰত কিছু সমস্যা আনিব পাৰে বুলি কোৱা হৈছে। এই গোচৰৰ ফলত কাজিয়া-পেচাল, চাকৰি/ব্যৱসায়ত বাধা, অপমান, কামত বিফলতা, চৰকাৰ বা প্ৰশাসনৰ পৰা অসুবিধাৰ দৰে কথা গোচৰ শাস্ত্ৰত উল্লেখ আছে। অৱশ্যে শনিৰ ৰাশিত থকাৰ বাবে উপৰোক্ত সমস্যাসমূহ কম পৰিমাণে থাকিব পাৰে; তথাপিও সংশ্লিষ্ট বিষয়সমূহত সচেতন হোৱাৰ প্ৰয়োজন থাকিব। এনে হ'ব পাৰে যে ৰাহুৱে আপোনাক নতুন পদবী প্ৰদান কৰে, কাৰণ পদ পৰিৱৰ্তন কৰোৱাটো ৰাহুৰ স্বভাৱ। আপোনাৰ প্ৰচেষ্টা আৰু কৰ্ম যদি ইতিবাচক দিশত হয়, তেন্তে এই পৰিৱৰ্তন শুভ হ'ব পাৰে। নতুন দায়িত্বও লাভ কৰিব পাৰে।
অৱশ্যে সেই দায়িত্ব পালন কৰাত আপুনি কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। হঠাৎ খ্যাতি লাভ হ'ব পাৰে, কিন্তু সেই খ্যাতি অক্ষুণ্ণ ৰখা বা ধৰি ৰখাটো অলপ কঠিন হ'ব পাৰে। যদি আপুনি ডিজিটেল মাধ্যমেৰে কোনো ব্যৱসায়-বাণিজ্য কৰে, তেন্তে ৰাহুৰ এই গোচৰে আপোনাক যথেষ্ট ভাল ফলাফল দিব পাৰে। ব্যৱসায়ীসকলে নতুন বজাৰ, বিদেশী যোগাযোগ আদি লাভ কৰিব পাৰে। দশম স্থানত থকাৰ বাবে ৰাহুৱে উচ্চাকাংক্ষাৰ সীমা পাৰ কৰাবলৈও চেষ্টা কৰিব পাৰে। এনে পৰিস্থিতিত অফিচৰ ৰাজনীতি, ভুল পৰামৰ্শ আৰু প্ৰতিষ্ঠাত আঘাত হানিব পৰা সিদ্ধান্তৰ পৰা আঁতৰি থকাটো জৰুৰী। যিহেতু এই বছৰ সৰ্বাধিক সময় ৰাহু শ্ৰৱণা নক্ষত্ৰত বিচৰণ কৰিব (যিটো এপ্ৰিলৰ পৰা ডিচেম্বৰৰ ভিতৰত থাকিব), সেয়েহে এই বিশেষ সময়ছোৱাত মিডিয়া, যোগাযোগ আৰু পাব্লিক ইমেজ সম্পৰ্কীয় বিষয়ত সতৰ্কতা অৱলম্বন কৰা উচিত।
উপায়: শনিবাৰে শিৱলিঙ্গত ক'লা তিল অৰ্পণ কৰক বা যিকোনো মন্দিৰত ক'লা তিল দান কৰক; লগতে পিতা আৰু জ্যেষ্ঠ বিষয়া/বয়োজ্যেষ্ঠসকলক সন্মান কৰাটোও প্ৰতিকাৰ হিচাপে কাম কৰিব।
কোনো সিদ্ধান্ত ল'বলৈ সমস্যা হৈ থকা হ'লে, এতিয়াই আমাৰবিদ্বান জ্যোতিষীসকলক ফোন কৰক!
বৃষ ৰাশিৰ লোকসকল, এই বছৰ ৰাহুৰ গোচৰ আপোনাৰ ভাগ্য ভাৱত (নৱম স্থানত) হ'ব। ৰাহুৰ এই গোচৰক ভাগ্যৰ হানি কৰোঁতা বুলি কোৱা হৈছে। এনে গোচৰে কামত বিফলতা আনে বুলিও শাস্ত্ৰত উল্লেখ আছে। ইয়াৰ উপৰিও নৱম ভাৱৰ ৰাহুৱে শত্ৰুৰ সংখ্যা বৃদ্ধি কৰে আৰু ধৰ্মীয় কাম-কাজত বাধা দিয়ে। লগতে যাত্ৰাত, বিশেষকৈ দূৰণিবটীয়া যাত্ৰাত বাধা-বিঘিনি দেখা যাব পাৰে। অৱশ্যে সকলো ফলাফল যে নেতিবাচক হ'ব তেনে নহয়; কিছুমান ইতিবাচক ফলাফলতো আপুনি লাভ কৰিব পাৰে। ৰাহু শনিৰ ৰাশিত আছে আৰু এই বছৰ শনিদেৱ অধিকাংশ সময় আপোনাৰ লাভ ভাৱত (একাদশ স্থানত) থাকিব, গতিকে কিছুমান শুভ ফলো লাভ কৰিব পাৰিব।
নৱম ভাৱৰ ৰাহুৱে ভাগ্য, উচ্চশিক্ষা, বিদেশ ভ্ৰমণ, ধৰ্মীয় ক্ৰিয়াকলাপ, গুৰুজন আৰু জীৱন দৰ্শন আদিৰ ক্ষেত্ৰত বিশেষ প্ৰভাৱ পেলাব পাৰে। অৰ্থাৎ এই বিষয়সমূহত কিছু পৰিৱৰ্তন দেখা যাব পাৰে। এই পৰিৱৰ্তনসমূহ আপোনাৰ কৰ্ম আৰু প্ৰচেষ্টাৰ ওপৰত নিৰ্ভৰ কৰিব। পিতা আৰু গুৰুজনৰ কথা মনোযোগেৰে শুনা আৰু তাৰ ভাল কথাবোৰ গ্ৰহণ কৰাটো ভাল হ'ব। কিয়নো গুৰুজন, জ্যেষ্ঠ আৰু পিতৃৰ কথাত আপোনাৰ অনীহা আহিব পাৰে আৰু ইয়াৰ ফলত ক্ষতি হ'ব পাৰে।
নৱম ভাৱৰ ৰাহুৱে বিদেশ ভ্ৰমণ কৰাব পাৰে আৰু বিদেশী প্ৰতিষ্ঠানৰ সৈতে জড়িত হোৱাৰ সুযোগ দিব পাৰে। কিন্তু পুৰণি সম্পৰ্ক বা পুৰণি ঠাইৰ প্ৰতি বিশ্বাস হ্ৰাস পাবলৈ ধৰে, ফলত ব্যক্তিয়ে পৰিৱৰ্তনৰ কথা ভাবিবলৈ আৰম্ভ কৰে। গুৰু বা পিতৃৰ সৈতে মতানৈক্য দেখা দিলে তাক প্ৰাথমিক পৰ্যায়তে সমাধান কৰাৰ চেষ্টা কৰা উচিত। ধৰ্মীয় বা আধ্যাত্মিক ক্ষেত্ৰত আপুনি অস্বাভাৱিক বা অপ্ৰচলিত পথৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে। সেয়েহে ধৰ্মৰ নামত নিজৰ স্বাৰ্থ সিদ্ধি কৰা লোকসকলৰ পৰা সাৱধানে থকাটো প্ৰয়োজন হ'ব। যিকোনো ব্যক্তিক বিশ্বাস কৰাৰ আগতে সঠিকভাৱে অনুসন্ধান কৰক; ধৰ্মৰ নামত নিজৰ মাজত উগ্ৰ ভাৱ গঢ়ি উঠিবলৈ নিদিব।
উপায়: পিতা, গুৰুজন আৰু জ্যেষ্ঠ ব্যক্তিসকলক সন্মান কৰক। শনিবাৰে আৰ্তজনক কম্বল বা ক'লা তিল দান কৰক।
মিথুন ৰাশিৰ লোকসকল, এই বছৰ ৰাহুৰ গোচৰ আপোনাৰ কুণ্ডলীৰ অষ্টম ভাৱত থাকিব। গোচর শাস্ত্ৰত অষ্টম ভাৱৰ ৰাহুক ধন হানি কৰোৱা বুলি গণ্য কৰা হয়। স্বাভাৱিকতে ৰাহু যেতিয়া অষ্টম ভাৱত থাকে, তেতিয়া কেতু দ্বিতীয় ভাৱত থাকে, যাৰ পোনপটীয়া প্ৰভাৱ ধনৰ ওপৰত, বিশেষকৈ সঞ্চিত ধনৰ ওপৰত পৰে। ইয়াৰ উপৰিও অষ্টম ভাৱত অৱস্থান কৰা ৰাহুৱে কোষ্ঠকাঠিন্য, অৰ্শৰ দৰে গুপ্ত ৰোগ বা শৌচদ্বাৰ আৰু পেট সম্পৰ্কীয় ৰোগৰ সৃষ্টি কৰিব পাৰে।
অৱশ্যে কুণ্ডলীত এনে ৰোগৰ অনুকূল যোগ আৰু প্ৰতিকূল দশা থাকিলেহে এই ৰোগবোৰ দেখা দিয়ে। কামত বাধা আৰু বিফলতাৰ লক্ষণো ৰাহুৱে সৃষ্টি কৰিব পাৰে। জীৱনসংগীৰ স্বাস্থ্যহানি বা কষ্ট হ'ব পাৰে। চৰকাৰী আৰু প্ৰশাসনিক কামত বাধা বা চৰকাৰী বিভাগৰ পৰা জৰিমনা বিহাৰ ভয় থাকিব পাৰে। ব্যৱসায়ীসকলেও বিভিন্ন প্ৰতিবন্ধকতাৰ সন্মুখীন হ'ব লগা হয়। পিতৃৰ কষ্ট, পৰিয়ালত মতানৈক্য, শিক্ষাত বাধা আৰু সন্তান সম্পৰ্কীয় সমস্যা দেখা দিব পাৰে বুলি শাস্ত্ৰত কোৱা হৈছে। কিন্তু দশা প্ৰতিকূল নহ'লে আৰু অন্যান্য গোচৰৰ সমৰ্থন থাকিলে এনে নেতিবাচক ফল পোৱা নাযায়।
বৰ্তমান সময়ত এই গোচৰে হঠাৎ পৰিৱৰ্তন আৰু কিছু মানসিক চাপ আনিব পাৰে। এই সময়ছোৱাত নিজৰ কৰ (টেক্স) আদি সঠিকভাৱে পৰিশোধ কৰক। আৰ্থিক বিষয়ত কোনো ধৰণৰ অৱহেলা নকৰিব। এই গোচৰৰ ইতিবাচক দিশটো হ'ল গৱেষণাৰ কামত ৰাহুৱে সহায় কৰিব। প্ৰাচীন বিদ্যাৰ প্ৰতি আগ্ৰহ বাঢ়িব। জ্যোতিষ, তন্ত্ৰ-মন্ত্ৰ, মনোবিজ্ঞান আৰু গুপুত বিষয়ত ৰুচি বৃদ্ধি পাব পাৰে। চাইবাৰ টেকন'লজি, গৱেষণা আৰু ৰহস্যময় ক্ষেত্ৰৰ লগত জড়িত লোকসকলে শুভ ফল পাব। তথাপিও আৰ্থিক ক্ষেত্ৰত কোনো ৰিস্ক নল'ব; বিনিয়োগৰ পৰা আঁতৰি থকাটো ভাল, বিনিয়োগ অতি প্ৰয়োজনীয় হ'লে বিশেষজ্ঞৰ পৰামৰ্শ লওক।
উপায়: নিয়মীয়াকৈ শিৱৰ উপাসনা কৰক। খাদ্যাভ্যাস সংযত আৰু সঠিক ৰাখক তথা শনিবাৰে ক'লা তিল দান কৰক।
পাওক 250+ পৃষ্ঠাৰ ৰঙীন কুণ্ডলী আৰু আৰু বহুতো:বৃহৎ কুণ্ডলী
কৰ্কট ৰাশিৰ লোকসকল, এই বছৰ ৰাহুৰ গোচৰ আপোনাৰ সপ্তম ভাৱত থাকিব। গোচৰ শাস্ত্ৰত সপ্তম ভাৱৰ ৰাহুক জীৱিকাত বাধা দিয়া বুলি কোৱা হৈছে। ইয়াৰ উপৰিও দাঁত বা মুখৰ সমস্যা, প্ৰস্ৰাৱৰ সমস্যা, পাথৰ (কিডনী ষ্টন), যাত্ৰাত কষ্ট, দুৰ্ঘটনা, জীৱনসংগীৰ সৈতে বিবাদ আদি সপ্তম ভাৱৰ ৰাহুৱে আনিব পাৰে। অৱশ্যে এই কথাবোৰত ভয় খোৱাৰ প্ৰয়োজন নাই; কাৰণ কুণ্ডলীত দশা আৰু অন্যান্য গোচৰ প্ৰতিকূল নহ'লে সাধাৰণতে ইমান নেতিবাচক ফল দেখা নাযায়। তথাপিও সাৱধান হোৱাটো বুদ্ধিমানৰ কাম।
সপ্তম ভাৱ বিবাহ আৰু অংশীদাৰিত্বৰ (পাৰ্টনাৰশ্বিপ) স্থান। ব্যৱসায়িক অংশীদাৰিত্ব আৰু পাব্লিক ডিলিং এই ভাৱৰ পৰাই চোৱা হয়, গতিকে ৰাহুৱে এইবোৰক প্ৰভাৱিত কৰিব পাৰে। ৰাহু ভিন্ন সংস্কৃতিৰ কাৰক হোৱাৰ বাবে অবিবাহিত লোকসকল ভিন্ন সংস্কৃতি বা বেলেগ ঠাইৰ ব্যক্তিৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে। যাৰ কুণ্ডলীত অসবৰ্ণ বিবাহৰ যোগ আছে, তেওঁলোকক ৰাহুৱে উৎসাহিত কৰিব পাৰে। বিদেশৰ লগত ব্যৱসায়িক সম্পৰ্ক থকা লোকসকলে নতুন অংশীদাৰিত্বৰ প্ৰস্তাৱ লাভ কৰিব পাৰে।
মনত ৰাখিব সপ্তমৰ ৰাহুৱে ভ্ৰমৰ সৃষ্টি কৰে, গতিকে কেৱল আকৰ্ষণৰ বশৱৰ্তী হৈ কোনো সম্পৰ্ক বা অংশীদাৰিত্বত সোমাই নপৰিব; সকলো দিশ পৰীক্ষা কৰক। বিবাহিত লোকসকলে পাৰস্পৰিক সন্দেহৰ পৰা আঁতৰি থাকিব লাগে। কথা-বতৰাৰ ব্যৱধান (কমিউনিকেচন গেপ) নাৰাখিব আৰু তৃতীয় ব্যক্তিৰ হস্তক্ষেপৰ পৰা আঁতৰি থাকক। এই সাৱধানতাসমূহ অৱলম্বন কৰি আপুনি ৰাহুৰ কু-প্ৰভাৱ ৰোধ কৰিব পাৰিব।
উপায়: শনিবাৰে সৰিয়হৰ তেল দান কৰক আৰু দাম্পত্য জীৱনত স্বচ্ছতা বজাই ৰাখক।
সিংহ ৰাশিৰ লোকসকল, এই বছৰ ৰাহুৰ গোচৰ আপোনাৰ ষষ্ঠ ভাৱত থাকিব। ষষ্ঠ ভাৱত ৰাহুৰ গোচৰক সাধাৰণতে অতি শুভ ফলদায়ক বুলি গণ্য কৰা হয়। আপোনাৰ দশা আৰু অন্যান্য গোচৰ অনুকূল হ'লে ৰাহুৱে উৎকৃষ্ট ফলাফল প্ৰদান কৰিব। ষষ্ঠ ভাৱৰ ৰাহুৱে ধন, সম্পদ আৰু সমৃদ্ধি বৃদ্ধি কৰে তথা আৰোগ্য প্ৰদান কৰে। পূৰ্বৰ স্বাস্থ্য সমস্যা থাকিলে তাৰ পৰা উপশম পোৱা যাব পাৰে।
আপুনি প্ৰতিদ্বন্দ্বীসকলতকৈ আগবাঢ়ি থাকিব। সম্পত্তি লাভৰ সম্ভাৱনা আছে। মোমাই বা মাহীৰ কিছু কষ্ট হ'ব পাৰে, কিন্তু বেছিভাগ ক্ষেত্ৰতে আপুনি অনুকূল ফলাফল দেখিবলৈ পাব। ষষ্ঠ ভাৱ প্ৰতিযোগিতাৰ স্থান হোৱাৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষা, শত্ৰু দমন, আদালতৰ গোচৰ আৰু চাকৰিত সাফল্য লাভত ৰাহু সহায়ক হ'ব।
প্ৰতিযোগিতামূলক পৰীক্ষা দি থকাসকল, ৰাজনীতিত থকা লোক, কৰ্পোৰেট প্ৰতিযোগিতাত থকা বা আইনী সমস্যাত জুৰুলা হোৱা লোকক ৰাহুৱে বিশেষ শক্তি যোগাব। ঋণ আৰু শত্ৰুৰ সমস্যা সমাধানতো ৰাহুৱে সহায় কৰিব। স্বাস্থ্য উন্নত হ'ব যদিও অনিয়মীয়া জীৱনশৈলী আৰু মানসিক চাপৰ পৰা আঁতৰি থকাটো বুদ্ধিমানৰ কাম হ'ব।
উপায়: শনিবাৰে অভাৱী লোকক খাদ্য খুৱাওক আৰু ভগৱান শিৱৰ পূজা-অৰ্চনা কৰক।
কন্যা ৰাশিৰ লোকসকল, এই বছৰ ৰাহুৰ গোচৰ আপোনাৰ পঞ্চম ভাৱত থাকিব। গোচৰ শাস্ত্ৰত পঞ্চম ভাৱৰ ৰাহুক বিভ্ৰান্তি সৃষ্টিকাৰী বুলি কোৱা হৈছে। বিভ্ৰান্ত অৱস্থাত কৰা পৰিকল্পনা সফল হোৱাৰ সম্ভাৱনা কম থাকে। গতিকে ই পৰিকল্পনাত বিফলতা আৰু ভুল বিনিয়োগত ধন হানি কৰাব পাৰে। পঞ্চম ভাৱ সন্তানৰ স্থান হোৱাৰ বাবে সন্তানক কষ্ট বা সন্তানক লৈ চিন্তা থাকিব পাৰে।
পঞ্চমস্থ ৰাহুৱে পেটৰ সমস্যাও দিব পাৰে; কিন্তু জন্ম কুণ্ডলীত ৰাহুৰ স্থিতি ভাল থাকিলে কম পৰিশ্ৰমতে অধিক ধন উপাৰ্জনতো সহায় কৰে। পঞ্চম ভাৱ মূলতঃ সন্তান, প্ৰেম, শিক্ষা, সৃষ্টিশীলতা, ফটকা ব্যৱসায় আৰু বুদ্ধিৰ সৈতে জড়িত; গতিকে এই ক্ষেত্ৰসমূহত ৰাহুৰ বিশেষ প্ৰভাৱ দেখা যাব।
ডিজিটেল, সৃষ্টিশীলতা, মিডিয়া, কন্টেন্ট ক্ৰিয়েচন, প্ৰযুক্তি আৰু উদ্ভাৱনীমূলক কামত জড়িত লোকসকলে সফলতা লাভ কৰিব। কিন্তু ৰাহুৱে বিভ্ৰম সৃষ্টি কৰাৰ বাবে স্পেকুলেটিভ বা অতি বিপদাশংকাযুক্ত বিনিয়োগত (যেনে শ্বেয়াৰ বজাৰ) লোকচান হ'ব পাৰে; সেয়েহে তাৰ পৰা আঁতৰি থকা উচিত। প্ৰেমত তীব্ৰ আকৰ্ষণ হ'ব পাৰে কিন্তু স্থায়িত্ব কম থাকিব পাৰে। সন্তানক লৈ অযথা চিন্তা বৃদ্ধি পাব পাৰে। গভীৰভাৱে চিন্তা কৰাৰ পিছতহে যিকোনো সিদ্ধান্ত লওক।
উপায়: বিপদজনক কামত নিয়ম-নীতি মানি চলক আৰু নিয়মীয়াকৈ ভগৱান গণেশৰ পূজা কৰক।
বিদ্বান জ্যোতিষীসকলক প্ৰশ্ন সোধক আৰু পাওক প্ৰতিটো সমস্যাৰ সমাধান!
তুলা ৰাশিৰ লোকসকল, এই বছৰ ৰাহুৰ গোচৰ আপোনাৰ চতুৰ্থ ভাৱত থাকিব। চতুৰ্থ ভাৱৰ ৰাহুৱে কুসংগত দিয়ে বুলি কোৱা হৈছে; সেয়েহে সংগ নিৰ্বাচনত সতৰ্ক থকাটো প্ৰয়োজন। চতুৰ্থ ভাৱ ভূমি আৰু গৃহৰ স্থান হোৱাৰ বাবে ৰাহুৱে স্থান পৰিৱৰ্তন কৰাব পাৰে। আত্মীয়-স্বজনৰ পৰা আঁতৰি থাকিব লগা হ'ব পাৰে। সুখৰ অভাৱ, মনত স্বাৰ্থপৰতা বৃদ্ধি, বাহনৰ পৰা কষ্ট আৰু বুকুত অস্বস্তি দেখা দিব পাৰে।
যদি পূৰ্বৰ পৰাই হৃদৰোগৰ সমস্যা থাকে, তেন্তে এই সময়ছোৱাত বিশেষ সচেতন হ'ব লাগিব। চতুৰ্থৰ ৰাহুৱে ঘৰ, বাহন, সম্পত্তি, মাতৃ, মানসিক শান্তি আৰু পাৰিবাৰিক পৰিৱেশক প্ৰভাৱিত কৰিব পাৰে। সম্পত্তি ক্ৰয়-বিক্ৰয়ৰ সুযোগ আহিব পাৰে, কিন্তু কেতিয়াবা অনিচ্ছা সত্ত্বেও বিক্ৰী কৰিব লগা পৰিস্থিতি হ'ব পাৰে। বহুদিনীয়া অবিক্ৰীত সম্পত্তি এই সময়ত বিক্ৰী হ'ব পাৰে। সম্পত্তি ক্ৰয় কৰাৰ সময়ত নথি-পত্ৰসমূহ ভালদৰে পৰীক্ষা কৰক। এই গোচৰে চহৰ সলনি কৰা বা দূৰ ঠাইলৈ যোৱাৰ পৰিস্থিতি সৃষ্টি কৰে। সকলো থকাৰ পিছতো মানসিক শান্তিৰ অভাৱ অনুভৱ হ'ব পাৰে।
উপায়: শনিবাৰে শিৱ মন্দিৰ বা শনি মন্দিৰত ক'লা তিল দান কৰক আৰু মাতৃ তথা মাতৃসম মহিলাসকলক সেৱা কৰি আশীৰ্বাদ লওক।
বৃশ্চিক ৰাশিৰ লোকসকল, এই বছৰ ৰাহুৰ গোচৰ আপোনাৰ কুণ্ডলীৰ তৃতীয় ভাৱত থাকিব। গোচৰ শাস্ত্ৰত তৃতীয় ভাৱৰ ৰাহুক অতি অনুকূল আৰু শুভ ফলদায়ক বুলি গণ্য কৰা হয়। এই গোচৰে সুস্বাস্থ্য প্ৰদান কৰে, বন্ধু-বান্ধৱৰ দ্বাৰা লাভ কৰায়, ব্যৱসায়ত উন্নতি আনে আৰু আত্মবিশ্বাস বৃদ্ধি কৰে। আপুনি প্ৰতিদ্বন্দ্বীসকলতকৈ আগবাঢ়ি থাকিব। আপোনাৰ পৰাক্ৰম বৃদ্ধি পাব আৰু ভাল খবৰ শুনা যাব। ভাগ্যৰ পূৰ্ণ সমৰ্থন লাভ কৰিব। ভাই-ভনী আৰু ওচৰ-চুবুৰীয়াৰ পৰা সহযোগিতা পোৱা যাব।
প্ৰশাসন আৰু চৰকাৰী কামত শুভ ফল লাভ হ'ব। এই বছৰ ৰাহুৱে আপোনাক অতি সক্ৰিয় কৰি ৰাখিব। আপোনাৰ নেটৱৰ্কিং বৃদ্ধি পাব আৰু ছ'চিয়েল মিডিয়াৰ জৰিয়তে ভাল লাভ হ'ব পাৰে। মাৰ্কেটিং ক্ষেত্ৰত থকা লোকসকলে উৎকৃষ্ট ফলাফল পাব। ইউটিউব সাংবাদিকতা, ডিজিটেল মিডিয়া, বিজ্ঞাপন, বিক্ৰী আৰু অনলাইন ব্যৱসায় কৰা লোকসকলৰ বাবে এই গোচৰে অতি চমৎকাৰ ফলাফল দিব। চুটি দূৰত্বৰ যাত্ৰা বৃদ্ধি পাব। ভাই-ভনীৰ লগত কেতিয়াবা মতানৈক্য হ'লেও সাধাৰণতে তেওঁলোকে সমৰ্থন আগবঢ়াব। সহজ কথাত ক'বলৈ গ'লে, নিজৰ বলত আগবাঢ়ি যাবলৈ ৰাহুৰ এই গোচৰ অতি সহায়ক প্ৰমাণিত হ'ব।
উপায়: কোনো নেতিবাচকতা অনুভৱ হ'লে প্ৰতি 4 মাহৰ মূৰে মূৰে ৰুদ্ৰাভিষেক কৰাওক। শনিবাৰে শ্ৰমিক বা আৰ্তজনক খাদ্য খুৱাই সহায় কৰক।
পাওক আপোনাৰ কুণ্ডলীৰ ভিত্তিত নিখুঁতশনি ৰিপ'ৰ্ট
ধনু ৰাশিৰ লোকসকল, এই বছৰ ৰাহুৰ গোচৰ আপোনাৰ দ্বিতীয় ভাৱত (ধন স্থানত) থাকিব। দ্বিতীয় ভাৱত ৰাহুৰ গোচৰক শুভ বুলি গণ্য কৰা হোৱা নাই। শাস্ত্ৰমতে দ্বিতীয় ভাৱৰ ৰাহুৱে পৰিয়ালত অশান্তি আৰু কাজিয়াৰ সৃষ্টি কৰে। দ্বিতীয় ভাৱ ধনৰ স্থান হোৱাৰ বাবে প্ৰতাৰণা বা চুৰিৰ জৰিয়তে ধন হানি হ'ব পাৰে। চকু বা দাঁতৰ সমস্যা দেখা দিব পাৰে আৰু পৰিয়ালৰ পৰা আঁতৰি থাকিব লগা হ'ব পাৰে।
কুণ্ডলীত অনুকূল দশা চলি থাকিলে আৰু ৰাহু শুভ হ'লে সমস্যাবোৰ সৰুতেই সমাধান হয়। সাম্প্ৰতিক পৰিপ্ৰেক্ষিতত দ্বিতীয় ভাৱে ধন, পৰিয়াল, বাক্য আৰু সঞ্চয়ক বুজায়; গতিকে এই ক্ষেত্ৰসমূহত ৰাহুৰ প্ৰভাৱ থাকিব। কুণ্ডলীত ৰাহু শুভ হ'লে উপাৰ্জনৰ নতুন উৎস সৃষ্টি হ'ব; বিশেষকৈ অনলাইন আৰু বিদেশৰ পৰা অপ্ৰত্যাশিত ধন লাভ হ'ব পাৰে। আপোনাৰ কাম কথা-বতৰাৰ লগত জড়িত হ'লে বাক্য দোষ নহ'বলৈ সাৱধান হওক। কথা কোৱাৰ ধৰণ বিনম্ৰ ৰাখক; অপশব্দ প্ৰয়োগ কৰিলে আৰ্থিক আৰু পাৰিবাৰিক সমস্যা হ'ব পাৰে। কৰ, বেংক আৰু আৰ্থিক নথি-পত্ৰৰ ক্ষেত্ৰত সতৰ্ক থাকক।
উপায়: নিজৰ লগত এটা গোটা ৰূপৰ গুলি (ছিলভাৰ বল) ৰাখক। মাতৃৰ লগত সুসম্পৰ্ক ৰাখক আৰু মাতৃসম মহিলাসকলক সন্মান কৰক। মিছা আৰু কঠোৰ কথা কোৱাৰ পৰা বিৰত থাকক।
মকৰ ৰাশিৰ লোকসকল, 2027 বৰ্ষত ৰাহু মকৰ ৰাশিতেই থকাৰ বাবে তেওঁ আপোনাৰ প্ৰথম ভাৱত (লগ্ন স্থানত) থাকিব। প্ৰথম ভাৱৰ ৰাহুৰ গোচৰক সাধাৰণতে ভাল ফল দিয়া বুলি গণ্য কৰা নহয়। ই মূৰৰ বিষ বা মানসিক বিভ্ৰান্তি আৰু অশান্তি সৃষ্টি কৰিব পাৰে। বিবাদ হ'ব পাৰে আৰু গেছ বা বায়ুজনিত সমস্যাৰ বাবে পেটৰ বিষ, বদহজমৰ দৰে স্বাস্থ্যজনিত সমস্যা দেখা দিব পাৰে।
বৰ্তমান সময়ত ৰাহুৱে আপোনাৰ ব্যক্তিত্ব, চিন্তাধাৰা আৰু স্বাস্থ্যৰ ওপৰত বিশেষ প্ৰভাৱ পেলাব। সেয়েহে নিজৰ ভাৱমূৰ্তিৰ প্ৰতি সদায় সচেতন থাকক আৰু সৎ কাম কৰক। চিন্তা আৰু খাদ্যাভ্যাস শুদ্ধ ৰাখক। এই গোচৰে কেৰিয়াৰৰ দিশ সলনি কৰাব পাৰে। জীৱনৰ অগ্ৰাধিকাৰসমূহ সলনি হ'ব পাৰে। অত্যাধিক উচ্চাকাংক্ষাৰ বাবে উচিত-অনুচিতৰ বিচাৰবোধ কমিব পাৰে; সফল হ'বলৈ গৈ ভুল পথ বাছি লোৱাৰ আশংকা থাকিব।
গতিকে সঠিক পথত থাকিবলৈ আত্মবিশ্লেষণৰ প্ৰয়োজন হ'ব। জন্ম কুণ্ডলীত ৰাহু শুভ হ'লে প্ৰযুক্তি, বৈদেশিক সম্পৰ্ক, ৰাজনীতি বা মিডিয়াত থকা লোকসকলে ডাঙৰ প্ৰতিষ্ঠানৰ লগত কাম কৰাৰ সুযোগ পাব। অত্যাধিক চিন্তা (অভাৰথিঙ্কিং) আৰু বিভ্ৰান্তিৰ পৰা আঁতৰি থাকক। বিশেষজ্ঞৰ পৰামৰ্শ লওক। 2027 ত মকৰ ৰাশিৰ লোকে বুজিব লাগিব যে সন্মুখলৈ অহা সকলো সুযোগেই প্ৰকৃত সুযোগ নহ'বও পাৰে; ভৱিষ্যতলৈ লক্ষ্য ৰাখিহে সিদ্ধান্ত লওক।
উপায়: ডিঙিত ৰূপ পৰিধান কৰক আৰু প্ৰতি 4 মাহৰ মূৰে মূৰে বাকলি থকা 4 টা শুকান নাৰিকল নিজৰ শৰীৰৰ ওপৰেৰে ওভতাই বৈ থকা বিশুদ্ধ পানীত উটুৱাই দিয়ক।
কুম্ভ ৰাশিৰ লোকসকল, এই বছৰ ৰাহুৰ গোচৰ আপোনাৰ দ্বাদশ ভাৱত (ব্যয় স্থানত) থাকিব। দ্বাদশ ভাৱৰ ৰাহুক গোচৰ শাস্ত্ৰত ভাল বুলি গণ্য কৰা হোৱা নাই। এই গোচৰে ধন হানি কৰাব পাৰে, খৰচ বৃদ্ধি কৰিব পাৰে, সন্তান সম্পৰ্কীয় চিন্তা আনিব পাৰে আৰু যাত্ৰাৰ সংখ্যা বৃদ্ধি কৰিব পাৰে। কুণ্ডলীত অশুভ যোগ থাকিলে বন্ধন যোগো (আইনী জটিলতা বা কাৰাবাস) হ'ব পাৰে; সাধাৰণ অৱস্থাত পৰিয়ালৰ সৈতে অমিল আৰু ভাগ্যৰ প্ৰতিকূলতা অনুভৱ হ'ব পাৰে।
বৰ্তমান পৰিপ্ৰেক্ষিতত দূৰণিৰ বা বিদেশ ভ্ৰমণৰ যোগ সৃষ্টি হ'ব। বিদেশ ভ্ৰমণৰ বাবে চেষ্টা চলাই থকাসকলে সফলতা পাব পাৰে। কুণ্ডলীত যোগ থাকিলে বিদেশত স্থায়ীভাৱে বসবাস কৰাৰ (ফৰেইন ছেটেলমেণ্ট) সুযোগো আহিব পাৰে। বহুজাতিক কোম্পানী (MNC) আৰু অনলাইনৰ জৰিয়তে আয় বৃদ্ধি পাব, কিন্তু খৰচো সমানে বাঢ়ি থাকিব। মানসিক চাপমুক্ত হৈ থাকিবলৈ চেষ্টা কৰক; বিশেষকৈ নিশা ভাল টোপনি হোৱাৰ দিশত মনোযোগ দিয়ক যাতে মানসিক শান্তি বজাই থাকে।
অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ। ধৰ্ম, আধ্যাত্মিকতা বা প্ৰাচীন ৰহস্যময় বিষয়ত আগ্ৰহ বাঢ়িব পাৰে। জন্ম কুণ্ডলীত ৰাহুৰ স্থিতি আৰু দশা অনুকূল হ'লে কিছুমান বিশেষ ক্ষেত্ৰত ভাল ফলো লাভ কৰিব পাৰি।
উপায়: আৰ্তজনক খাদ্য দান কৰক আৰু অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক।
আপোনাৰ কুণ্ডলীত আছেনে ৰাজযোগ? জানি লওক আপোনাৰৰাজযোগ ৰিপ'ৰ্ট
মীন ৰাশিৰ লোকসকল, এই বছৰ ৰাহুৰ গোচৰ আপোনাৰ কুণ্ডলীৰ লাভ ভাৱত (একাদশ স্থানত) থাকিব। ইয়াত ৰাহুৰ গোচৰে অতি উৎকৃষ্ট ফলাফল দিয়ে। লাভ ভাৱৰ ৰাহুৱে ধন-সম্পদ বৃদ্ধি কৰে, কম কষ্টতে অধিক ধন আনি দিয়ে আৰু উপাৰ্জন বৃদ্ধি কৰে। ৰোগ, ঋণ আৰু শত্ৰুৰ পৰা মুক্তি লাভতো এই গোচৰে যথেষ্ট সহায় কৰে। কামত সফলতা আহে আৰু বন্ধু-বান্ধৱৰ সহযোগ পোৱা যায়।
ৰাহুৰ এই গোচৰে অতি উত্তম আৰ্থিক লাভ কৰাব পাৰে। আপোনাৰ আয় বৃদ্ধি পাব, নেটৱৰ্কিং শক্তিশালী হ'ব আৰু সামাজিক পৰিসৰ বহল হ'ব। ব্যৱসায় সম্প্ৰসাৰণত ৰাহুৱে সহায় কৰিব। আপোনাৰ ইচ্ছা আৰু উচ্চাকাংক্ষা বাঢ়িব যদিও ৰাহুৱে তাক পূৰণ কৰাত সহায় কৰিব। প্ৰভাৱশালী ব্যক্তিৰ সান্নিধ্য লাভ হ'ব।
ডিজিটেল প্লেটফৰ্ম, ছ'চিয়েল মিডিয়া, প্ৰযুক্তি, বৈদেশিক সম্পৰ্ক আৰু ডাঙৰ প্ৰতিষ্ঠানৰ জৰিয়তে আৰ্থিক লাভ হ'ব। কিন্তু ৰাহু বিভ্ৰম সৃষ্টিকাৰী গ্ৰহ হোৱাৰ বাবে কেৱল লাভৰ পিছত দৌৰি অসৎ সংগত পৰা বা অন্যায় পথ লোৱাটো উচিত নহ'ব। জীৱনত আগবাঢ়ি যাওঁতে উচিত-অনুচিতৰ দিশটো মনত ৰাখি সৎ আচৰণ কৰাটো প্ৰয়োজন।
উপায়: শনিবাৰে ক'লা তিল বা মাটিমাহ দান কৰক। ভগৱান শিৱৰ আৰাধনা কৰাটোও শুভ ফলদায়ক হ'ব।
সামগ্ৰিকভাৱে ক'বলৈ গ'লে, এই বছৰ ৰাহুৱে মেষ, সিংহ, বৃশ্চিক আৰু মীন ৰাশিৰ লোকসকলক ইতিবাচক ফলাফল দিয়াৰ পক্ষত থকা যেন দেখা গৈছে। অৱশ্যে সংশ্লিষ্ট ব্যক্তিৰ দশা আৰু অন্যান্য গোচৰো অনুকূল হ'লে আৰু কুণ্ডলীত ৰাহুৰ স্থিতি ভাল হ'লে ফলাফল আৰু অধিক উন্নত হ'ব পাৰে। আনহাতে মিথুন, কৰ্কট, তুলা, ধনু আৰু মকৰ ৰাশিৰ বাবে এই গোচৰে কিছু দুৰ্বল ফলাফল দিয়াৰ ইংগিত বহন কৰিছে, সেয়েহে তেওঁলোকে সতৰ্ক হোৱাৰ প্ৰয়োজন থাকিব। ইপিনে বৃষ, কন্যা আৰু কুম্ভ ৰাশিৰ লোকসকলে ৰাহুৰ মিশ্ৰিত ফলাফল লাভ কৰিব পাৰে।
আশা কৰা যায় যে ৰাহুৰ পৰা পোৱা ফলাফলৰ পূৰ্বানুমান লাভ কৰাৰ বাবে আপুনি এতিয়া সঠিক পৰিকল্পনা কৰি উন্নত ফলাফল অৰ্জন কৰিবলৈ সক্ষম হ'ব।
ৰত্ন, যন্ত্ৰ, ৰুদ্ৰাক্ষ সহ সকলো জ্যোতিষীয় সমাধানৰ বাবে ইয়াত ক্লিক কৰক: এষ্ট্ৰোসেজ অনলাইন শ্বপিং ষ্ট'ৰ
1. ৰাহু গোচৰ 2027 কেতিয়া হ'ব?
2027 বৰ্ষত ৰাহুৱে মকৰ ৰাশিত গোচৰ কৰিব আৰু ইয়াৰ প্ৰভাৱ ভিন্ন ৰাশিৰ ওপৰত বেলেগ বেলেগ হ'ব পাৰে।
2. ৰাহু গোচৰ 2027 ৰ কোন কোন ক্ষেত্ৰত প্ৰভাৱ পৰিব পাৰে?
ৰাহুৰ প্ৰভাৱ কেৰিয়াৰ, ধন, সম্পৰ্ক, মানসিক স্থিতি আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ ওপৰত পৰিব পাৰে।
3. ৰাহু গোচৰ 2027 য়ে কেৰিয়াৰক প্ৰভাৱিত কৰিবনে?
হয়, কেৰিয়াৰত আকস্মিক পৰিৱৰ্তন বা নতুন সুযোগ দেখা যাব পাৰে। প্ৰকৃত ফলাফল জন্ম কুণ্ডলীৰ ওপৰত নিৰ্ভৰ কৰিব।
4. ৰাহু গোচৰ 2027 ৰ ফলত আৰ্থিক অৱস্থা প্ৰভাৱিত হ'ব পাৰেনে?
হয়, আয় আৰু ব্যয়ৰ ক্ষেত্ৰত উঠা-নমা হ'ব পাৰে, গতিকে আৰ্থিক সিদ্ধান্তসমূহ ভাবি-চিন্তি লোৱাটো উচিত হ'ব।