অংক জ্যোতিষ - Numerology In Assamese (07-13 এপ্ৰিল, 2024)

Author: Lobitha Dutta | Updated Fri, 15 Mar 2024 04:38 PM IST

এই সপ্তাহটোৱে ভিন ভিন মূলাংকৰ লোকসকলৰ জীৱনলৈ বহুতো ভাল সুযোগ কঢ়িয়াই আনিব। যদিহে আপুনি নিজৰ মূলাংকৰ আধাৰত আপোনাৰ প্ৰেম জীৱন, কেৰিয়াৰ, স্বাস্থ্য বা আৰ্থিক স্থিতিৰ বিষয়ে জানিব বিচাৰে, তেন্তে নিশ্চিতভাৱে এই ব্লগটো শেষলৈকে পঢ়ক। এই প্ৰবন্ধটোত, আমাৰ অভিজ্ঞ অংকজ্যোতিষী আৰু জ্যোতিষাচাৰ্য্যহৰিহৰণ জীয়েমূলাংকৰ আধাৰিত অংক জ্যোতিষ সাপ্তাহিক ৰাশিফল07 এপ্ৰিলৰপৰা13 এপ্ৰিল সপ্তাহটোৰ বাবে সঠিক ভৱিষ্যতবাণী প্ৰদান কৰিছে।


আপোনাৰ ৰাশিৰ বাবে আগন্তুক বৰ্ষটো কেনে হ’ব? বিদ্বান জ্যোতিষী সকলৰপৰা জানক ইয়াৰ উত্তৰ

কেনেদৰে জানিব আপোনাৰ মুখ্য অংক বা মূলাকং?

আপুনি নিজৰ জন্ম তাৰিখক এটা সংখ্যালৈ ৰূপান্তৰ কৰি আপোনাৰ মূল অংক বা মূলাংক জানিব পাৰিব। মূল অংকবোৰ 1 ৰ পৰা 9 ৰ ভিতৰত হয়। উদাহৰণ স্বৰূপে, যদিহে আপোনাৰ জন্ম মাহৰ 11 তাৰিখে হৈছিল, তেনেহ’লে আপোনাৰ মূল অংক হ'ব 1+1, অৰ্থাৎ 2। এনেদৰে, আপুনি আপোনাৰ মূলাংক জানি লৈ আপোনাৰ ৰাশিফল জানিব পাৰিব।

জানক আপোনাৰ মূলাংকৰ ওপৰত আধাৰিত সাপ্তাহিক ৰাশিফল (07 ৰপৰা13 এপ্ৰিল 2024)

অংকজ্যোতিষে আমাৰ জীৱনত যথেষ্ট প্ৰভাৱ পেলায় কিয়নো আমাৰ জন্ম তাৰিখ সংখ্যা বা অংকৰে গঠিত। আপোনাৰ জন্ম তাৰিখৰ আধাৰত আপোনাৰ মূলাংক বা মুখ্য অংক নিৰ্ধাৰিত হয়। নিজৰ মূলাংক জনাৰ পিছত আপুনি অংক জ্যোতিষৰ অধীনত নিজৰ বিষয়ে বহু কিবাকিবি জানিব পাৰিব আৰু আপুনি নিজৰ ভৱিষ্যতফলৰ বিষয়েও তথ্য জানিব পাৰিব।

1 অংকৰ স্বামী হৈছে সূৰ্য্য দেৱতা আৰু চন্দ্ৰমা হৈছে মূলাংক 2ৰ স্বামী, মূলাংক 3 ৰ দেৱ গুৰু বৃহস্পতি, 4ৰ ৰাহু, 5 ৰ বুধ, 6 ৰ শুক্ৰ দেৱতা, 7ৰ কেতু, 8 ৰ শনি আৰু 9 অংকৰ স্বামী হৈছে মঙ্গল গ্ৰহ। এই গ্ৰহসমূহৰ পৰিবহনৰ ফলস্বৰূপে জাতকসকলৰ জীৱনলৈ বহুতো পৰিৱৰ্তন আহে আৰু এই গ্ৰহবোৰৰদ্বাৰা শাসিত অংকসমূহে আমাৰ জীৱনত গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰে। সেয়েহে আহক আগবাঢ়ি যাওঁ আৰু মূলাংকৰ আধাৰত07 এপ্ৰিলৰপৰা13 এপ্ৰিল পৰ্য্যন্ত সময়খিনি আপোনাৰ বাবে কেনে হ’ব সেই বিষয়ে অৱগত হওঁ।

মূলাংক 1

( যদিহে আপোনাৰ জন্ম কোনো মাহৰ 1, 10, 19অথবা28 তাৰিখে হৈছে )

অংক জ্যোতিষ অনুসৰিএই মূলাংকৰ জাতকসকল দৃঢ় সংকল্পৱদ্ধ প্ৰকৃতিৰ হয়। এই লোকসকলে তেওঁলোকৰ কাম আৰু লক্ষ্যৰ ওপৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰে। এই জাতকসকলে নিজস্ব নীতি অনুসৰণ কৰি সকলো কামত আগবাঢ়ে। তেওঁলোকে নিজৰ লক্ষ্য প্ৰাপ্ত কৰিবলৈ আৰু কাৰ্যকৰীভাৱে আগবাঢ়িবলৈ কঠো প্ৰচেষ্টা কৰে। মূলাংক 1 ৰ জাতকসকল যোগ্য, প্ৰশাসনিক ক্ষমতাৰ অধিকাৰী আৰু উৎকৃষ্ট হয়। তেওঁলোকে নিজৰ সকলোবোৰ কাম সময়মতে সম্পূৰ্ণ কৰে আৰু তেওঁলোকৰ অধিক প্ৰশাসনিক দক্ষতা থাকে। এই লোকসকলে তেওঁলোকৰ সামৰ্থ্যৰ জৰিয়তে নিজস্ব প্ৰশাসনিক দক্ষতা বিকশিত কৰে আৰু ইয়াক বজাই ৰাখিবলৈ চেষ্টা কৰে।

প্ৰেম জীৱন: এই সপ্তাহত আপোনাৰ জীৱনসঙ্গীৰ সৈতে যুক্তি-তৰ্ক হ'ব পাৰে। আপোনাৰ ফালৰপৰা সম্পৰ্কত পাৰস্পৰিক বুজাপৰাৰ অভাৱৰ বাবে আপোনালোক দুয়োৰে মাজত সংঘৰ্ষৰ পৰিস্থিতি সৃষ্টি হ’ব পাৰে। আপোনালোকৰ সম্পৰ্ক ভালদৰে বজাই ৰাখিবৰ বাবে আপুনি ধৈৰ্য্য ধৰিব লাগিব। ইয়াৰ সহায়ত, আপুনি এই সপ্তাহত আপোনাৰ সঙ্গীৰ সৈতে কঠিন পৰিস্থিতিবোৰ অতিক্ৰম কৰিবলৈ সক্ষম হ'ব।

শিক্ষা: এই সপ্তাহত অধ্যয়নৰ ক্ষেত্ৰত,মূলাংক 1ৰ শিক্ষাৰ্থীসকলে কিছুমান ভাল সুযোগ হেৰুৱাব পাৰে। এই সময়খিনিত শিক্ষাৰ্থীৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ পৰিস্থিতি গুচি যাব পাৰে। ইয়াৰ বাবে, আপুনি ডাঙৰ কিবা এটা প্ৰাপ্ত কৰাত বিফল হ'ব পাৰে আৰু পৰীক্ষাত ভাল নম্বৰ লাভ কৰাত ব্যৰ্থ হ’ব পাৰে। আপুনি শিক্ষাৰ ক্ষেত্ৰত অধিক পেছাদাৰী মনোভাৱ পোষণ কৰিব লাগিব আৰু অধ্যয়নত আপোনাৰ যোগ্যতা প্ৰমাণ কৰিব লাগিব। তেতিয়াহে আপুনি সফল হোৱাটো সম্ভৱ হ'ব।

বৃত্তিগত জীৱন: এই সপ্তাহটো চাকৰিয়াল লোকসকলৰ আত্মবিশ্বাস হ্ৰাস হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ বাবে, আপুনি অনুভৱ কৰিব যেন আপোনাৰ ওপৰত কামৰ বোজা যথেষ্ট বৃদ্ধি পাইছে। এনেদৰে, আপুনি আপোনাৰ কৰ্মক্ষেত্ৰতপৰা বিশেষ লাভালাভ প্ৰাপ্ত নকৰাৰ সম্ভাৱনা আছে। আপুনি যিকামেই নকৰক, তাত আপুনি অধিক আত্মবিশ্বাস প্ৰদৰ্শন কৰিব লাগিব। ব্যৱসায়ীসকলে এই সময়খিনিত অধিক সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজনীয়তা আছে। আপুনি আপোনাৰ ব্যৱসায়িক অংশীদাৰৰ পৰা সমৰ্থন লাভ কৰিব নোৱাৰিব পাৰে।

স্বাস্থ্য: এই সপ্তাহত স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি কিচু সতৰ্ক হ'ব লাগিব। দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে, স্বাস্থ্য সম্পৰ্কীয় বহুতো সমস্যাই আপোনাক আমনি কৰিব পাৰে। লগতে, ৰ’দে পোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ অৱনতিৰ বাবে আপুনি মানসিক চাপত ভূগিব পাৰে। অৱশ্যে, আপোনাক এই সময়ত উদ্বেগ পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

উপায়: দৈনিক ভগৱান সূৰ্য্যৰ পূজা কৰক আৰু আদিত্য হৃদয়ম পাঠ কৰক।

বাৰটা ৰাশিৰ আটাইতকৈ বিস্তৃত 2024 ভৱিষ্যতবাণী: ৰাশিফল 2024

মূলাংক 2

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 2, 11, 20অথবা29 তাৰিখে হৈছে)

মূলাংক 2 ৰ জাতকসকলে যাত্ৰা আৰু ভ্ৰমণ কৰিবলৈ ভাল পায় আৰু ইয়াক তেওঁলোকৰ লক্ষ্য হিচাপে গণ্য কৰিব পাৰে। তেওঁলোকে অত্যাধিক চিন্তা কৰে আৰু ই তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। ই তেওঁলোকৰ উন্নতিত বাধা প্ৰদান কৰিব পাৰে। ইয়াৰ বাহিৰেও, এই লোকসকলে একে বাৰতে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ সক্ষম নহয় আৰু ই তেওঁলোকৰ বিকাশৰ পথত বাধা হৈ থিয় দিয়ে। কেতিয়াবা এই লোকসকলে আৱেগিকভাৱে কিছুমান পদক্ষেপ গ্ৰহণ কৰে যিয়ে তেওঁলোকক আগবাঢ়ি যোৱাত বাধা দিব পাৰে।

প্ৰেম জীৱন: অংক জ্যোতিষ অনুসৰিএই সময়খিনিত আপুনি প্ৰেম জীৱন পৰম আনন্দ লাভ কৰিব পাৰে। আপোনাৰ আৰু আপোনাৰ সঙ্গীৰ মাজৰ সম্পৰ্কত মধুৰতা বৰ্ত্তি থাকিব আৰু আপুনি আপোনাৰ সম্পৰ্কত সুখ বজাই ৰাখিবলৈ সক্ষম হ'ব। আপোনালোক দুয়োৱে পৰস্পৰৰ সৈতে ভালদৰে কথা পাতিব। আপুনি আপোনাৰ জীৱনসঙ্গীৰ সৈতে ক’ৰবালৈ ফুৰিবলৈ ওলাই যোৱাৰ সম্ভাৱনাও আছে। আপুনি আপোনাৰ সঙ্গীৰ সৈতে পৰিয়ালৰ যিকোনো শুভ অনুষ্ঠানতো উপস্থিত থাকিব পাৰে।

শিক্ষা: শিক্ষাৰ্থীসকলে এই সপ্তাহত অধ্যয়নৰ ক্ষেত্ৰত ভাল মানদণ্ড নিৰ্ধাৰণ কৰিব। লজিষ্টিক, ব্যৱসায়িক পৰিসংখ্যা আৰু অৰ্থনীতিৰ দৰে বিষয় অধ্যয়ন কৰা শিক্ষাৰ্থীসকলে ভাল ফলাফল লাব কৰাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত আপুনি জানিব যে শিক্ষাৰ ক্ষেত্ৰত আপুনি কি কৰিব লাগিব। এই সপ্তাহৰ প্ৰতিযোগিতামূলক পৰীক্ষাবোৰ আপোনাৰ বাবে সহজ প্ৰমাণিত হ'ব। আপুনি আপোনাৰ সহপাঠীসকলৰ সৈতে প্ৰতিযোগিতা কৰিব পাৰিব আৰু ভাল নম্বৰ লাভ কৰিব পাৰিব।

বৃত্তিগত জীৱন: এই সময়ছোৱাত আপুনি আপোনাৰ কৰ্মক্ষেত্ৰত অতি ভাল সুযোগ লাভ কৰিব যাৰ বাবে আপুনি অত্যন্ত সন্তুষ্ট অনুভৱ কৰিব। আপুনি আপোনাৰ কেৰিয়াৰত আপোনাৰ দক্ষতা প্ৰমাণ কৰিবলৈ সক্ষম হ'ব আৰু আপোনাৰ কামে স্বীকৃতি লাভ কৰিব। আপুনি আপোনাৰ কামত কৰা কঠোৰ পৰিশ্ৰমৰ বাবে পদোন্নতি লাভ কৰাৰো সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবেও লাভৰ যোগ আছে আৰু আপুনি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত নতুন নতুন লোকৰ সৈতে যোগাযোগ কৰিব। এই সময়ছোৱাত ব্যৱসায়ীসকলৰ বাবে আউটচৰ্চিং ব্যৱসায় ফলপ্ৰসূ প্ৰমাণিত হ'ব।

স্বাস্থ্য: এই সপ্তাহত আপুনি সুখী আৰু আনন্দিত অনুভৱ কৰিব আৰু আপোনাৰ স্বাস্থ্যও ভাল হ'ব। আপুনি উৎসাহিত, দৃঢ় আৰু উদ্যমীয় হৈ থাকিব। ই আপোনাৰ সাহস বৃদ্ধি কৰিব যি আপোনাক পথ প্ৰদৰ্শন কৰিব।

উপায়: দৈনিক 21 বাৰ 'ঔঁ চন্দ্ৰায় নমঃ' মন্ত্ৰ জপ কৰক।

বৰ্ষ 2024 ত কেনে থাকিব আপোনাৰ স্বাস্থ্য? স্বাস্থ্য ৰাশিফল 2024 ৰপৰা লাভ কৰক উত্তৰ

মূলাংক 3

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 3, 12, 21 অথবা 30তাৰিখে হৈছে)

এই মূলাংকৰ জাতকসকল উচ্চ চিন্তাধাৰাৰ অধিকাৰী হয় আৰু তেওঁলোকে জীৱনৰ প্ৰতি এক পেছাদাৰী দৃষ্টিভংগী পোষণ কৰে, যি তেওঁলোকক জীৱনত আগবাঢ়ি যোৱাত যথেষ্ট সহায় কৰে। তেওঁলোক ভিন ভিন ভাষা শিকাৰ প্ৰতি আগ্ৰহী হয় আৰু ইয়াক লৈ তেওঁলোক যথেষ্ট আৱেগিক হয়। এই লোকসকল প্ৰাৰ্থনা আৰু আধ্যাত্মিকতাৰ প্ৰতি আগ্ৰহী হয় যি তেওঁলোকৰ জীৱনত পথপ্ৰদৰ্শক হিচাপে কাম কৰিব পাৰে।

প্ৰেম জীৱন: এই সপ্তাহটো আপোনাৰ বাবে ৰোমাঞ্চেৰে পৰিপূৰ্ণ হ'ব। আপোনাৰ আৰু আপোনাৰ সঙ্গীৰ মাজৰ সম্পৰ্ক শক্তিশালী হ'ব। কোনো কোনো অতিথিও এই সপ্তাহত আপোনাৰ ঘৰলৈ কোনো শুভ অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ বাবে আহিব পাৰে। ইয়াৰ বাবে, আপুনি এই সময়খিনিত অতি ব্যস্ত হৈ থাকিব আৰু আপুনি আপোনাৰ সঙ্গীৰ সৈতে অধিক সময় কটোৱাৰ সুযোগ লাভ নকৰিব পাৰে। আপোনাৰ নমনীয় প্ৰকৃতিৰ বাবে, আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ মাজত ভাল পাৰস্পৰিক বুজাবুজি বিকশিত হ'ব।

শিক্ষা: অংক জ্যোতিষ অনুসৰিশিক্ষাৰ্থীসকলে এই সপ্তাহত শিক্ষাৰ ক্ষেত্ৰত ভাল ফলাফল প্ৰাপ্ত কৰিব। পৰিচালনা, ব্যৱসায়িক পৰিসংখ্যা অধ্যয়ন কৰা শিক্ষাৰ্থীসকলৰ বাবে এইখিনি সময় ভাল হ’ব। একে সময়তে, লজিষ্টিক আৰু মেনেজমেণ্ট আদি পাঠ্যক্ৰমৰ শিক্ষাৰ্থীসকলে সফলতাৰ শীৰ্ষত উপনীত হ'বলৈ সক্ষম হ'ব। অধ্যয়নত আগবাঢ়ি যাবৰ বাবে অথবা উন্নতি লাভ কৰিবৰ বাবে আপুনি কোনো অনন্য বা অসাধাৰণ দক্ষতা প্ৰাপ্ত কৰিব পাৰে। আপুনি এই সপ্তাহত অধ্যয়ন সম্পৰ্কীয় কোনো কৰ্মশালাত উপস্থিত থকাৰো সুযোগ লাব কৰিব পাৰে।

বৃত্তিগত জীৱন: এই সময়ত চাকৰিয়াল লোকসকলে ভাল প্ৰদৰ্শন কৰিব পাৰিব। আপুনি নতুন প্ৰকল্প লাভ কৰিব আৰু আপোনাৰ কামেও স্বীকৃতি লাভ কৰিব। ইয়াৰ লগতে, আপুনি এই সপ্তাহত নতুন চাকৰিৰ সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে আৰু সেয়া লাভ কৰি আপুনি যথেষ্ট সন্তুষ্ট অনুভৱ কৰিব। একে সময়তে, ব্যৱসায়ীসকলে যথেষ্ট পৰিমাণে লাভ প্ৰাপ্ত কৰিব পাৰে, যাৰ ফলত তেওঁলোক লাভাম্বিত হ'ব বুলি আশা কৰা হৈছে। এই সপ্তাহত আপোনাৰ বাবে পদোন্নতিৰ সম্ভাৱনাও আছে।

স্বাস্থ্য: এই সপ্তাহত আপুনি আপোনাৰ সাহসৰ বাবে উৎসাহ আৰু উদ্যমেৰে পৰিপূৰ্ণ হৈ থাকিব। এই সাহস আৰু উদ্যমৰ ইতিবাচক প্ৰভাৱ আপোনাৰ স্বাস্থ্যৰ ওপৰতো দেখা যাব। আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী হ'ব, যি আপোনাৰ স্বাস্থ্য উন্নত কৰিব।

উপায়: বৃহস্পতিবাৰে বৃহস্পতি দেৱতাক সন্তুষ্ট কৰিবৰ বাবে যজ্ঞ-হোম কৰক।

বৃহৎ কুণ্ডলী ত নিহিত হৈ আছে, আপোনাৰ জীৱনৰ সকলো গোপন ৰহস্য, জানক গ্ৰহসমূহৰ গতি-বিধিৰ সম্পূৰ্ণ লেখ-জোখ

মূলাংক 4

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 4, 13, 22 অথবা 31তাৰিখে হৈছে)

এই মূলাংকৰ জাতকসকল গ্ৰাফিক ডিজাইনিংত অধিক দক্ষ হয়। ইয়াৰ বাহিৰেও, এই লোকসকলে তেওঁলোকৰ ভাগ্যৰ সমৰ্থন লাভ কৰে। তেওঁলোকে দীঘলীয়া দূৰত্ব ভ্ৰমণ কৰিবলৈ ভাল পায়। তেওঁলোক কোনো বিষয়ক লৈ আৱেগিক হ’ব পাৰে আৰু তেওঁলোকৰ আবেগে তেওঁলোকক উন্নতিৰ পথত আগুৱাই যোৱাত সহায় কৰিব।

প্ৰেম জীৱন: আপুনি আপোনাৰ প্ৰেম জীৱনত আকৰ্ষণ আৰু প্ৰেম বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। ই আপোনাৰ জীৱনসঙ্গীৰ সৈতে আপোনাৰ সম্পৰ্ক শক্তিশালী কৰি তুলিব পাৰিব আৰু আপুনি আপোনাৰ সঙ্গীক ভালদৰে বুজিবলৈ সক্ষম হ'ব। এই সময়ছোৱাত আপোনাৰ সঙ্গীৰ সৈতে আপোনাৰ সম্পৰ্ক ভালে থাকিব। আপোনাৰ সঙ্গীয়ে আপোনাৰ সম্পৰ্কত সুখ-শান্তি বজাই ৰাখিবলৈ গ্ৰহণ কৰা অনন্য আচৰণত সুখী অনুভৱ কৰিব। এই সপ্তাহত আপুনি আপোনাৰ সঙ্গীৰ সৈতে বাহিৰলৈ যোৱাৰ সুযোগো লাভ কৰিব পাৰে।

শিক্ষা: আপুনি বৃত্তিগত পাঠ্যক্ৰম যেনে গ্ৰাফিক ডিজাইনিং আৰু ৱেব ডেভেলপমেণ্ট আদি বিষয়ত বিশেষজ্ঞতা লাভ কৰিব। আপোনাৰ মাজত কিছুমান দক্ষতা বিকশিত হ'ব পাৰে যাৰ বাবে আপুনি শিক্ষাৰ ক্ষেত্ৰত ভাল সফলতা প্ৰাপ্ত কৰিবলৈ সক্ষম হ'ব। অধ্যয়নৰ বাবে আপুনি বিদেশলৈ যোৱাৰ সুযোগ লাব কৰিব পাৰে আৰু এই সুযোগে আপোনাৰ জীৱনলৈ উন্নতি কঢ়িয়াই আনিব।

বৃত্তিগত জীৱন: এই সপ্তাহত আপুনি আপোনাৰ কামত অতি ব্যস্ত হ'ব আৰু আপুনি নিৰ্ধাৰিত সময়ৰ আগতেই আপোনাৰ কাম সম্পূৰ্ণ কৰিব পাৰিব। এই সময়ত আপুনি নতুন চাকৰিৰ সুযোগ লাভ কৰি যথেষ্ট সুখী অনুভৱ কৰিব। একে সময়তে, ব্যৱসায়ীসকলে কোনো নতুন কাম আৰম্ভ কৰিব পাৰে আৰু এনেদৰে আপুনি নিজকে এটা নতুন ব্যৱসায়ৰ বাবে প্ৰস্তুত কৰি তুলিব। এই সপ্তাহত আপুনি কিছুমান নতুন বিশেষ প্ৰকল্প লাভ কৰাৰ সম্ভাৱনা আছে যিয়ে আপোনাক উন্নতিৰ দিশত আগুৱাই লৈ যাব।

স্বাস্থ্য: এই সপ্তাহতঅংক জ্যোতিষ অনুসৰিআপুনি আপোনাৰ স্বাস্থ্যক লৈ অত্যন্ত সাৱধান হ'ব লাগিব। আপুনি এই সময়ছোৱাত শক্তিৰে পৰিপূৰ্ণ অনুভৱ কৰিব, যি আপোনাৰ স্বাস্থ্য উন্নত কৰিব আৰু ই আপোনাৰ আকৰ্ষণ বৃদ্ধি কৰিব। কেতিয়াবা এলাৰ্জিৰ বাবে আপোনাৰ ছালৰ সমস্যা হোৱাৰ আশংকা আছে। আপুনি ভজা-পোৰা বস্তু খোৱাটো পৰিহাৰ কৰা উচিত।

উপায়: দৈনিক 22 বাৰ 'ঔঁ ৰাহৱে নমঃ' মন্ত্ৰ জপ কৰক।

ঘৰত বহিয়েই বিশেষজ্ঞ পুৰোহিতৰদ্বাৰা কৰাক ইচ্ছানুসৰি অনলাইন পূজা আৰু লাভ কৰক উত্তম পৰিণাম!

মূলাংক 5

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 5, 14 অথবা 23তাৰিখে হৈছে)

এই মূলাংকৰ জাতকসকল যৌক্তিক ক্ষমতাৰ অধিকাৰী হোৱাৰ লগতে দক্ষ হয়। এই লোকসকল তেওঁলোকৰ কামত পাৰ্গত হয় আৰু এই গুণটো আগলৈও অব্যাহত ৰাখে। এই লোকসকলৰ মাৰ্কেটিঙৰ ক্ষেত্ৰত বিশেষ দক্ষতা থাকে আৰু এই দক্ষতাৰ বাবে তেওঁলোকে ব্ৰেণ্ড নিৰ্মাণ কৰিবলৈ আৰু নিজৰ বাবে উচ্চ মানদণ্ড স্থাপন কৰিবলৈ সক্ষম হয়। মূলাংক 5ৰ লোকসকলৰ মাজত এনে গুণসমূহ দেখা যায়।

প্ৰেম জীৱন: এই সময়ছোৱাত আপুনি আপোনাৰ সঙ্গীৰ সৈতে একত্ৰিত অনুভৱ কৰিব, যাৰ বাবে আপুনি তেওঁৰ প্ৰতি ভালপোৱাৰ অনুভূতি বিকশিত কৰিব। আপুনি আপোনাৰ জীৱনসঙ্গীৰ অনুভূতি আৰু চিন্তা-ধাৰা বুজিবলৈ সক্ষম হ'ব, যি আপোনাক আপোনালোকৰ সম্পৰ্কৰ স্বকীয়তা বজাই ৰখাত সহায় কৰিব।

শিক্ষা: শিক্ষাৰ্থীসকলে যি পাঠ্যক্ৰম বাছনি কৰিছিল তাত তেওঁলোকে এই সপ্তাহত ভাল নম্বৰ লাভ কৰিবলৈ সক্ষম হ'ব। আপুনি যি বিষ য়অধ্যয়ন কৰক তাতেই আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব। এই সময়খিনিত শিক্ষাৰ্থীসকলে বিভিন্ন প্ৰকাৰৰ দক্ষতা বিকশিত কৰিব আৰু ইয়াৰ বাবে, আপুনি আপোনাৰ বাবে এক সুকীয়া স্থান সৃষ্টি কৰিব পাৰিব।

বৃত্তিগত জীৱন: এই সপ্তাহটো কামৰ ক্ষেত্ৰত আপোনাৰ পক্ষত থাকিব। আপুনি যি কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ সৈতে কাম কৰি আছে তাৰ বাবে আপুনি আপোনাৰ জ্যেষ্ঠ বিষয়াসকলৰপৰা প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে। একে সময়তে, ব্যৱসায়ীসকল তেওঁলোকৰ ক্ষেত্ৰত অধিক পেছাদাৰী হ'ব আৰু ব্যৱসায়িক মানদণ্ড প্ৰাপ্ত কৰিবলৈ সক্ষম হ'ব। এই সময়খিনিত ব্যৱসায়ীসকলে বাবে ভাল প্ৰাপ্ত কৰাৰ সম্ভাৱনা আছে।

স্বাস্থ্য: এই সপ্তাহত আপোনাৰ স্বাস্থ্য অতিশয় ভাল হ'ব। এইখিনি সময়ত আপুনি সন্তুষ্ট আৰু শক্তিৰে পৰিপূৰ্ণ অনুভৱ কৰিব, যি আপোনাৰ স্বাস্থ্যৰ ওপৰতো ইতিবাচক প্ৰভাৱ পেলাব। স্বাস্থ্যৱান হৈ থাকিবৰ বাবে আপুনি যোগাভ্যাস আৰু ধ্যানৰ সহায় ল'ব পাৰে।

উপায়: দৈনিক 41 বাৰ ‘ঔঁ নমো ভগৱতে বাসুদেৱায়’ মন্ত্ৰ জপ কৰক।

পাওক আপোনাৰ সোঁৱৰণি আধাৰিত সঠিক শনি প্ৰতিৱেদন

মূলাংক 6

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 6, 15 অথবা 24তাৰিখে হৈছে)

অংক জ্যোতিষ অনুসৰিএই মূলাংকৰ জাতকসকল সদায় আনক সহায় কৰিবলৈ আগৰণুৱা হৈ থাকে আৰু তেওঁলোক অলপ অসাৱধান স্বভাৱৰ হয়। এই লোকসকল সদায় উৎফুল্লিত হৈ থাকে। তেওঁলোকে দীঘলীয়া দূৰত্ব ভ্ৰমণ কৰিবলৈ ভাল পায় আৰু এক চিত্তাকৰ্ষক মানসিকতাৰ অধিকাৰী হয়। এই লোকসকলে দীৰ্ঘদিন ধৰি দুখৰ বোজা মনত কঢ়িয়াই ৰাখিব নোৱাৰে আৰু তেওঁলোকে শান্তিৰে জীয়াই থাকিবলৈ ভাল পায়।

প্ৰেম জীৱন: আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ মাজত সম্পৰ্কত পাৰস্পৰিক সমন্বয়ৰ অভাৱ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ বাবে, আপুনি আপোনাৰ প্ৰেম জীৱনত মিশ্ৰিত ফলাফল লাব কৰিব পাৰে। আপুনি আপোনাৰ সঙ্গীৰ প্ৰতি মৰম আৰু ভালপোৱা প্ৰদৰ্শন কৰিব, কিন্তু তাৰ বিনিময়ত আপুনি তেওঁৰপৰা মৰম লাভ নকৰিবও পাৰে। ই আপোনাৰ সম্পৰ্ক তিক্ততাপূৰ্ণ কৰি তুলিব পাৰে।

শিক্ষা: এই সময়ত, শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নত যথেষ্ট কঠোৰ পৰিশ্ৰম কৰিব, কিন্তু তেওঁলোকে নিজৰ প্ৰচেষ্টা অনুযায়ী আকাংক্ষিত ফলাফল লাভ নকৰিব পাৰে। আপুনি আপোনাৰ বন্ধু-বৰ্গৰ সৈতে অধ্যয়ন কৰি আনন্দ লাভ কৰিব কিন্তু একে সময়তে, আপুনি এইটোও অনুভৱ কৰিব পাৰে যে অধ্যয়নত ভাল নম্বৰ লাভ কৰাৰ ক্ষেত্ৰত আপোনাৰ ফালৰ পৰা কোনো ত্ৰুটি ৰৈ গৈছে।

বৃত্তিগত জীৱন: চাকৰিয়াল লোকসকলে এই সপ্তাহত মধ্যমীয়া ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। যথেষ্ট পৰিশ্ৰম কৰা স্বত্বেও, আপুনি আপোনাৰ কামৰ ক্ষেত্ৰত বিশেষ ভাল ফলাফল লাভ কৰিব নোৱাৰিব পাৰে। একে সময়তে, ব্যৱসায়ীসকলৰ বাবে এনে এক পৰিস্থিতি আহিব পাৰে য'ত তেওঁলোকৰ লাভো নহ’ব আৰু লোকচানো নহ’ব।

স্বাস্থ্য: এই সপ্তাহত আপোনাৰ খাদ্যৰ প্ৰতি এলাৰ্জি হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ বাহিৰে, এই সময়ছোৱাত কোনো গুৰুতৰ স্বাস্থ্যজনিত সমস্যাই আপোনাক আমনি কৰাৰ সম্ভাৱনা নাই। এলাৰ্জিৰ বাবে, আপুনি ছালৰ জ্বলা-পোৰাৰ সম্মুখীন হ’ব পাৰে।

উপায়: দৈনিক 33 বাৰ 'ঔঁ শুক্ৰায় নমঃ' মন্ত্ৰ জপ কৰক।

মূলাংক 7

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 7, 16 অথবা 25তাৰিখে হৈছে)

মূলাংক 7 ৰ লোকসকল প্ৰাৰ্থনা আৰু ধ্যানত অধিক নিমগ্ন হৈ থাকে। তেওঁলোক আধ্যাত্মিক মনোভাৱৰ হয় আৰু তেওঁলোকৰ জীৱনত এই পথ অনুসৰণ কৰিবলৈ পছন্দ কৰে। তেওঁলোকে অনুভৱ কৰে যে আধ্যাত্মিকতাৰ পথ অনুসৰণ কৰি তেওঁলোকৰ জীৱনধাৰণৰ মানদণ্ড উন্নত কৰিব পাৰিব আৰু তেওঁলোকৰ বিকাশ বৃদ্ধি কৰিব পাৰিব। এই জাতকসকলে তেওঁলোকৰ ভিতৰত সোমাই থকা দক্ষতাৰ বাবে দ্ৰুতগতিত আগবাঢ়ি যাব পাৰে।

প্ৰেম জীৱন: অংক জ্যোতিষ অনুসৰিআপোনাৰ জীৱনসঙ্গীৰ সৈতে পাৰস্পৰিক বুজাবুজিৰ অভাৱৰ বাবে, আপোনালোক দুয়োৰে মাজৰ সম্পৰ্ক কিছু দুৰ্বল হ'ব পাৰে। এই সময়খিনিত আপুনি অধিক ক্ৰোধিত হোৱাৰ সম্ভাৱনা আছে, যাৰ বাবে আপোনাৰ সঙ্গীৰ সৈতে আপোনাৰ সম্পৰ্ক অধিক বেয়ালৈ যোৱাৰ সম্ভাৱনা আছে। আপোনাৰ সম্পৰ্কত সুখ-শান্তি বজাই ৰাখিবৰ বাবে আপুনি আপোনাৰ ফালৰ পৰা অধিক মিলা-মিছা কৰিবলৈ চেষ্টা কৰিব লাগিব।

শিক্ষা: এই সপ্তাহটো অধ্যয়নৰ ক্ষেত্ৰত আপোনাৰ বাবে মধ্যমীয়া হ'ব। এই সময়খিনিত, শিক্ষাৰ্থীসকল অধ্যয়নৰ পৰা বিচলিত হ'ব পাৰে আৰু শিক্ষাৰ্থীসকলে মনোযোগেৰে অধ্যয়ন কৰিব নোৱাৰিব পাৰে। একে সময়তে, এইখিনি সময়ত আপোনাৰ মনত ৰখাৰ ক্ষমতা দুৰ্বল হ’ব পাৰে। ইয়াৰ বাহিৰেও, আপুনি অধ্যয়নত ভাল প্ৰদৰ্শন কৰিবলৈ আগ্ৰহ হেৰুৱাব পাৰে।

বৃত্তিগত জীৱন: চাকৰিয়াল লোকসকলে তেওঁলোকৰ কামত কিছুমান ভুল কৰাৰ সম্ভাৱনা আছে আৰু ই আপোনাৰ সফলতা হ্ৰাস কৰাৰ সম্ভাৱনা আছে। এয়া পৰিহাৰ কৰি চলিবৰ বাবে আপুনি আপোনাৰ কামত মনোনিৱেশ কৰা উচিত। ব্যৱসায়ৰ ক্ষেত্ৰত আপোনাৰ প্ৰতিদ্বন্দীসকলে তেওঁলোকৰ ব্যৱসায়িক ৰণনীতি সলনি কৰিব পাৰে, যাৰ ফলস্বৰূপে আপুনি আপোনাৰ ব্যৱসায়ত লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ প্ৰতিযোগীসকলৰ চাপৰ বাবে আপুনি লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে।

স্বাস্থ্য: আপুনি এই সপ্তাহত আপোনাৰ স্বাস্থ্যৰ প্ৰতি বিশেষ মনোযোগ দিব লাগিব কিয়নো এইখিনি সময়ত গুৰুতৰ পাচনৰ সমস্যা হোৱাৰ আশংকা আছে। স্বাস্থ্যৱান হৈ থাকিবৰ বাবে আপোনাক ভজা-পোৰা আৰু চৰ্বিযুক্ত খাদ্য় পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

উপায়: দৈনিক 41 বাৰ 'ঔঁ গণেশায় নমঃ' মন্ত্ৰ জপ কৰক।

মূলাংক 8

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 8, 17 অথবা 26তাৰিখে হৈছে)

এই মূলাংকৰ জাতলোকসকল তেওঁলোকৰ কেৰিয়াৰৰ প্ৰতি অতি সচেতন হয়। তেওঁলোকে নিজৰ কৰ্মক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰিবৰ বাবে যথাসাধ্য চেষ্টা কৰে আৰু ইয়াৰ বাবে তেওঁলোকে উৎকৃষ্ট প্ৰদৰ্শন কৰাত সফল হয়। ইয়াৰ বাহিৰেও, তেওঁলোকে তেওঁলোকৰ জীৱনত অধিক ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে। তেওঁলোকে পৰিস্থিতিবোৰ নিজৰ পক্ষলৈ আনিবলৈ কঠোৰ পৰিশ্ৰম কৰে। এই সপ্তাহত মূলাংক 8 ৰ জাতকসকলে তেওঁলোকৰ জ্যেষ্ঠ বিষয়া আৰু সহকৰ্মীৰ পৰা যথেষ্ট চাপ অনুভৱ কৰাৰ সম্ভাৱনা আছে। সফলতা লাভ কৰিবৰ বাবে আপুনি ধৈৰ্য্য আৰু দৃঢ়তাৰে কাম কৰিব লাগিব।

প্ৰেম জীৱন: এই সপ্তাহতঅংক জ্যোতিষ অনুসৰিআপুনি আপোনাৰ জীৱনসঙ্গীৰ প্ৰত্যাশা পূৰণ কৰাত ব্যৰ্থ হ'ব পাৰে। ইয়াৰ বাবে, আপোনালোক দুয়োৰে মাজৰ সম্পৰ্কলৈ ব্যৱধান অহাৰ সম্ভাৱনা আছে। আপোনাৰ আৰু আপোনাৰ সঙ্গীৰ মাজত পাৰস্পৰিক বুজাবুজিৰ অভাৱৰ বাবে, সম্পৰ্কত সুখ-শান্তি বিঘ্নিত হ'ব পাৰে।

শিক্ষা: এই সময়খিনিত শিক্ষাৰ্থীসকল শিক্ষাৰ মানদণ্ডতকৈ যথেষ্ট পিছ পৰি থাকিব পাৰে। এই সপ্তাহত আপুনি আশা কৰা অনুসৰি ফলাফল লাভ কৰিব নোৱাৰিব পাৰে বা আপুনি ভাল নম্বৰ অৰ্জন কৰাত ব্যৰ্থ হ'ব পাৰে। ইয়াৰ বাবে, আপুনি শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ লক্ষ্য প্ৰাপ্ত কৰাত সমস্যাৰ সন্মুখীন হ'ব পাৰে। আপুনি অধ্যয়নত গুৰুত্বপূৰ্ণ সুযোগ হেৰুৱাব পাৰে আৰু ইয়াৰ বাবে, আপুনি শিক্ষাৰ ক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰাত বিফল হ'ব পাৰে।

বৃত্তিগত জীৱন: অংক জ্যোতিষ অনুসৰিএই সময়খিনিত চাকৰিয়াল লোকসকলে তেওঁলোকৰ কামত কিছুমান ভুল কৰিব পাৰে। যদিহে আপুনি আপোনাৰ কৰ্মস্থানৰ মানদণ্ড বৰ্ত্তাই ৰাখিব বিচাৰে তেনেহ'লে আপুনি আপোনাৰ কামত ভুল কৰাটো পৰিহাৰ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব। আপোনাক জ্যেষ্ঠ বিষয়াসকলৰ সৈতে সাৱধানেৰে কথা পাতিবলৈ পৰামৰ্শ দিয়া হৈছে কিয়নো এই সময়খিনিত জ্যেষ্ঠ বিষয়াসকলৰ সৈতে আপোনাৰ সম্পৰ্কৰ অৱনতি হোৱাৰ আশংকা কৰা হৈছে।

স্বাস্থ্য: এই সপ্তাহত শক্তিৰ কম হোৱাৰ বাবে, আপোনাৰ স্বাস্থ্যও মধ্যমীয়া হ'ব। ইয়াৰ ফলস্বৰূপে আপোনাৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ সম্ভাৱনা আছে। আপুনি আপোনাৰ স্বাস্থ্য ভালে ৰখাৰ ওপৰত গুৰুত্ব দিয়া উচিত।

উপায়: দৈনিক 11 বাৰ 'ঔঁ হনুমতে নমঃ’ মন্ত্ৰ জপ কৰক।

কেৰিয়াৰক লৈ হৈ আছে টেনশ্যন! এতিয়াই অৰ্ডাৰ কৰক কগ্নিএষ্ট্ৰো প্ৰতিৱেদন

মূলাংক 9

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 9, 18 অথবা 27তাৰিখে হৈছে)

মূলাংক 9 ৰ জাতকসকল প্ৰতিশ্ৰুতিবদ্ধ আৰু সাহসী স্বভাৱৰ হয়। তেওঁলোক নিৰ্ভীক আৰু আনকি আটাইতকৈ ডাঙৰ কামটো সহজে কৰিবলৈ চেষ্টা কৰে। তেওঁলোকে চৰকাৰ আৰু প্ৰতিৰক্ষা খণ্ডত সুন্দৰ প্ৰদৰ্শন কৰে। এই মূলাংকৰ লোকসকলে পেছাদাৰী ধৰণে ডাঙৰ বা কঠিন কাম কৰিবলৈ সদায় প্ৰতিশ্ৰুতিবদ্ধ হৈ থাকে। আপুনি এই সপ্তাহত অধিক ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে, কিন্তু ভাল কথাটো হ'ল যে আপুনি এই ভ্ৰমণবোৰৰ পৰা উপকৃত হ'ব।

প্ৰেম জীৱন: এই সময়ত, আপোনাৰ আৰু আপোনাৰ সঙ্গীৰ মাজত পাৰস্পৰিক বুজা-পৰা ভাল হ'ব আৰু আপোনালোক দুয়োৱে পৰস্পৰক বন্ধুৰ দৰে ব্যৱহাৰ কৰিব। এই সপ্তাহত আপুনি আপোনাৰ সঙ্গীক মৰম-ভালপোৱা প্ৰদান কৰিব, কিন্তু তাৰ বিনিময়ত, আপুনি তেওঁৰপৰাও একেধৰণৰ মৰম আশা কৰিব। ই আপোনাক আপোনাৰ সঙ্গীৰ প্ৰতি আগ্ৰহী কৰি ৰাখিব। আপোনাৰ জীৱনসঙ্গীৰ সৈতে ঘুৰাই-পকাৰ কথা পতাৰ সলনি, আপুনি পোনপটীয়াকৈ কথা পাতিবলৈ পছন্দ কৰিব, যি আপোনালোক দুয়োৰে মাজৰ সম্পৰ্ক শক্তিশালী কৰি তুলিব।

শিক্ষা: অংক জ্যোতিষ অনুসৰি এই সপ্তাহতশিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকল অধিক পেছাদাৰী মনোভাৱৰ হ'ব আৰু সফলতাৰ শীৰ্ষত উপনীত হ'বলৈ তেওঁলোক সক্ষম হ'ব। অধ্যয়নৰ প্ৰতি আপোনাৰ বৰ্ধিত আগ্ৰহৰ বাবে এনে হ'ব পাৰে। এই সময়খিনিত আপুনি উপলব্ধি কৰিব যে আপুনি কেৱল অধ্যয়নৰ প্ৰতি আগ্ৰহী হ’লেহে ভাল প্ৰদৰ্শন কৰিব পাৰিব।

বৃত্তিগত জীৱন: এই সপ্তাহত, মূলাংক 9 ৰ জাতকসকল তেওঁলোকৰ কামত অতি সমৰ্পিত তথা সৎ হ'ব আৰু সফলতা প্ৰাপ্ত কৰিব। আপোনাৰ সৎ মনোভাৱৰ বাবে, আপোনাৰ জ্যেষ্ঠ বিষয়াসকল আপোনাক লৈ সন্তুষ্ট হ'ব আৰু আপোনাক প্ৰশংসা কৰিব। একে সময়তে, ব্যৱসায়ীসকলে এই সময়খিনিত অধিক লাভ অৰ্জন কৰাৰ সুযোগ লাভ কৰিব। আপুনি আপোনাৰ প্ৰতিদ্বন্দীসকলৰ বাবে ভাবুকি হিচাপে থিয় দিব পাৰে।

স্বাস্থ্য: এই সময়ত আপুনি উৎসাহ আৰু উদ্যমেৰে পৰিপূৰ্ণ হৈ থাকিব আৰু ইয়াৰ ইতিবাচক প্ৰভাৱ আপোনাৰ স্বাস্থ্যৰ ওপৰতো দেখা যাব। ইয়াৰ লগতে, আপোনাৰ সাহস বৃদ্ধি হ'ব, যাৰ ফলত আপোনাৰ স্বাস্থ্যও ভাল হ'ব বুলি আশা কৰা হৈছে। অৱশ্যে, ৰ’দে পোৰাৰ সমস্যাই আপোনাক অসুবিধাত পেলাব পাৰে।

উপায়: দৈনিক 27 বাৰ 'ঔঁ মংগলায় নমঃ' মন্ত্ৰ জপ কৰক।

সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক: এষ্ট্ৰোচেজ অনলাইন শ্বপিং ষ্টোৰ

আমি আশা কৰিছোঁ যে আপুনি আমাৰ এই ব্লগটো নিশ্চয় পছন্দ কৰিছে। যদিহে এনে হয় তেনেহ’লেআপুনি ইয়াক নিজৰ শুভাকাংক্ষীসকলৰ সৈতে শ্যেয়াৰ কৰক। ধন্যবাদ!

Talk to Astrologer Chat with Astrologer