অংক জ্যোতিষ - Numerology In Assamese (10 - 16 মাৰ্চ, 2024)

Author: Lobitha Dutta | Updated Mon, 26 Feb 2024 05:46 PM IST

মাৰ্চৰ এই সপ্তাহটোৱে ভিন ভিন মূলাংকৰ লোকসকলৰ জীৱনলৈ বহুতো ডাঙৰ ডাঙৰ সুযোগ কঢ়িয়াই আনিব। যদিহে আপুনি নিজৰ মূলাংকৰ আধাৰত আপোনাৰ প্ৰেম জীৱন, কেৰিয়াৰ, স্বাস্থ্য বা আৰ্থিক স্থিতিৰ বিষয়ে জানিব বিচাৰে, তেন্তে নিশ্চিতভাৱে এই ব্লগটো শেষলৈকে পঢ়ক। এই প্ৰবন্ধটোত, আমাৰ অভিজ্ঞ অংকজ্যোতিষী আৰু জ্যোতিষাচাৰ্য্যহৰিহৰণ জীয়েমূলাংকৰ আধাৰিত অংক জ্যোতিষ সাপ্তাহিক ৰাশিফল10ৰ পৰা16মাৰ্চৰ বাবে সঠিক ভৱিষ্যতবাণী প্ৰদান কৰিছে।


আপোনাৰ ৰাশিৰ বাবে আগন্তুক বৰ্ষটো কেনে হ’ব?বিদ্বান জ্যোতিষীসকলৰপৰা জানক ইয়াৰ উত্তৰ

কেনেদৰে জানিব আপোনাৰ মুখ্য অংক বা মূলাকং?

আপুনি নিজৰ জন্ম তাৰিখক এটা সংখ্যালৈ ৰূপান্তৰ কৰি আপোনাৰ মূল অংক বা মূলাংক জানিব পাৰিব। মূল অংকবোৰ 1 ৰ পৰা 9 ৰ ভিতৰত হয়। উদাহৰণ স্বৰূপে, যদিহে আপোনাৰ জন্ম মাহৰ 11 তাৰিখে হৈছিল, তেনেহ’লে আপোনাৰ মূল অংক হ'ব 1+1, অৰ্থাৎ 2। এনেদৰে, আপুনি আপোনাৰ মূলাংক জানি লৈ আপোনাৰ ৰাশিফল জানিব পাৰিব।

জানক আপোনাৰ মূলাংকৰ ওপৰত আধাৰিত সাপ্তাহিক ৰাশিফল (10 ৰপৰা 16 মাৰ্চ 2024)

অংকজ্যোতিষে আমাৰ জীৱনত যথেষ্ট প্ৰভাৱ পেলায় কিয়নো আমাৰ জন্ম তাৰিখ সংখ্যা বা অংকৰে গঠিত। আপোনাৰ জন্ম তাৰিখৰ আধাৰত আপোনাৰ মূলাংক বা মুখ্য অংক নিৰ্ধাৰিত হয়। নিজৰ মূলাংক জনাৰ পিছত আপুনি অংক জ্যোতিষৰ অধীনত নিজৰ বিষয়ে বহু কিবাকিবি জানিব পাৰিব আৰু আপুনি নিজৰ ভৱিষ্যতফলৰ বিষয়েও তথ্য জানিব পাৰিব।

উদাহৰণস্বৰূপে মূলাংক 1ৰ স্বামী হৈছে সূৰ্য্য দেৱতা আৰু চন্দ্ৰমা হৈছে মূলাংক 2ৰ স্বামী, মূলাংক 3 ৰ দেৱ গুৰু বৃহস্পতি, 4ৰ ৰাহু, 5 ৰ বুধ, 6 ৰ শুক্ৰ দেৱতা, 7ৰ কেতু, 8 ৰ শনি আৰু 9 অংকৰ স্বামী হৈছে মঙ্গল গ্ৰহ। এই গ্ৰহসমূহৰ পৰিবহনৰ ফলস্বৰূপে জাতকসকলৰ জীৱনলৈ বহুতো পৰিৱৰ্তন আহে আৰু এই গ্ৰহবোৰৰদ্বাৰা শাসিত অংকসমূহে আমাৰ জীৱনত গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰে।

সেয়েহে আহক আগবাঢ়ি যাওঁ আৰু মূলাংকৰ আধাৰত10ৰপৰা16মাৰ্চ পৰ্য্যন্ত সময়খিনি আপোনাৰ বাবে কেনে হ’ব সেই বিষয়ে অৱগত হওঁ।

মূলাংক 1

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ1, 10, 19অথবা28 তাৰিখে হৈছে)

এই সপ্তাহত মূলাংক 1ৰ জাতকসকলে নিজৰ নীতি অনুসৰণ কৰি চলিব। ইয়াৰ লগতে, তেওঁলোকে ঘূৰাই-পকাই কথা কোৱাৰ সলনি পোনপটীয়াকৈ কথা কোৱাটো পছন্দ কৰে। এই লোকসকলে তেওঁলোকৰ কামবোৰ দ্ৰুতগতিত কৰিব বিচাৰে আৰু এইটো তেওঁলোকৰ প্ৰণালীবদ্ধ জীৱনশৈলীৰ বাবে হ'ব পাৰে। আপুনি সফলতা অৰ্জনৰ ক্ষেত্ৰত অধিক আশাবাদী হৈ থাকিব আৰু আপোনাৰ সাহস তথা শক্তিও বৃদ্ধি পাব।

প্ৰেম জীৱন:ভুল বুজাবুজি আৰু পাৰিবাৰিক সমস্যাৰ বাবে আপোনাৰ আৰু আপোনাৰ সঙ্গীৰ মাজৰ সম্পৰ্কলৈ তিক্ততা অহাৰৰ সম্ভাৱনা আছে। যদিহে আপুনি আপোনাৰ জীৱনসঙ্গীৰ সৈতে আপোনাৰ সম্পৰ্ক শক্তিশালী কৰিব বিচাৰে তেনেহ’লে আপুনি আপোনাৰ ফালৰ পৰা অধিক মিলা-মিছা কৰিবলৈ আৰু ৰোমাঞ্চ বৃদ্ধি কৰিবলৈ নৈতিকতা অনুসৰণ কৰিব লাগিব। আপুনি আপোনাৰ আৰু আপোনাৰ সঙ্গীৰ মাজত যোগাযোগৰ ক্ষেত্ৰত অহা ব্যৱধান দূৰ কৰিবলৈ চেষ্টা কৰা উচিত। যদিহে আপুনি এনে নকৰে তেনেহ’লে আপোনাৰ সম্পৰ্ক অধিক বেয়াৰ ফাললৈ ঢাল খাব পাৰে। এই পৰিস্থিতি পৰিহাৰ কৰিবৰ বাবে আপুনি আপোনাৰ সম্পৰ্কত মূল্যবোধ প্ৰতিষ্ঠা কৰিবলৈ আৰু আপোনাৰ সম্পৰ্ক শক্তিশালী কৰিবলৈ চেষ্টা কৰা উচিত। ই আপোনাক আপোনাৰ সম্পৰ্কত সুখ-শান্তি বজাই ৰখাত সহায় কৰিব। কিন্তু যদিহে এনে কৰা নহয়, তেন্তে আপোনাৰ পৰিয়ালৰ শান্তি বিঘ্নিত হ'ব পাৰে।

শিক্ষা:এই সপ্তাহটোৱে শিক্ষাৰ্থীসকলক বিচলিত কৰি তুলিব পাৰে আৰু তেওঁলোকৰ আত্মবিশ্বাসো কিছু হ্ৰাস পাব পাৰে। ইয়াৰ বাবে, শিক্ষাৰ্থীসকলে শিক্ষাৰ ক্ষেত্ৰত অগ্ৰগতিৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হ'ব পাৰে। আপুনি অধ্যয়নত অধিক মনোযোগ দিব লাগিব যাতে আপুনি আপোনাৰ প্ৰচেষ্টাত সফলতা অৰ্জন কৰিব পাৰে। আপোনাৰ বাবে অনুসূচী এখন প্ৰস্তুত কৰাটো আৱশ্যকীয়। ই আপোনাক আপোনাৰ সুপ্ত হৈ থকা সম্ভাৱনা আৰু দক্ষতা ঘূৰাই পোৱাত সহায় কৰিব। এনেদৰে আপুনি আপোনাৰ সহপাঠীসকলৰ সৈতে প্ৰতিযোগিতা কৰিবলৈ সক্ষম হ'ব। অৱশ্যে, প্ৰতিযোগিতামূলক পৰীক্ষাত অংশগ্ৰহণ কৰাৰ বাবে এয়া সঠিক সময় নহয়।

বৃত্তিগত জীৱন:এই সপ্তাহত মূলাংক 1ৰ জাতকসকলৰ ওপৰত কামৰ চাপ বৃদ্ধি হ'ব পাৰে। ইয়াক এৰাই চলিবৰ বাবে আপুনি এনে এটা চাকৰি বিচাৰিবলৈ আৰম্ভ কৰিব লাগিব যি আপোনাক সন্তুষ্টি প্ৰদান কৰিব। আপুনি কামৰ সন্দৰ্ভত ভ্ৰমণলৈ যাবলগীয়া হ’ব পাৰে আৰু এই ভ্ৰমণবোৰে আপোনাক সুখৰ লগতে সন্তুষ্টি প্ৰদান কৰিব। ব্যৱসায়ীসকলে এইখিনি সময়ত লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ বাবে আপুনি আপোনাৰ প্ৰতিযোগীসকলৰ সাহসেৰে সন্মুখীন হোৱাটো কিছু জটিল হ'ব পাৰে।

স্বাস্থ্য:স্বাস্থ্যৰ ক্ষেত্ৰত দেখা যায় যে এই সপ্তাহত পিঠিৰ বিষৰ সৈতে আপুনি পিঠিৰ জঠৰতা অনুভৱ কৰিব পাৰে। ইয়াৰ বাবে আপুনি যথেষ্ট সমস্যাৰ সম্মুখীন হ’ব পাৰে। আপোনাৰ স্বাস্থ্য উন্নত কৰিবৰ বাবে আপোনাক সঠিক চিকিৎসা আৰু ঔষধৰ প্ৰয়োজন হ'ব পাৰে।

উপায়: দৈনিক 108 বাৰ 'ঔঁ ভাস্কৰায় নমঃ:' মন্ত্ৰ জপ কৰক।

বাৰটা ৰাশিৰ আটাইতকৈ বিস্তৃত 2024 ভৱিষ্যতবাণী:ৰাশিফল 2024

মূলাংক 2

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 2, 11, 20অথবা29 তাৰিখে হৈছে)

মূলাংক 2ৰ জাতকসকল এইখিনি সময়ত দীঘলীয়া দূৰত্বৰ যাত্ৰাত ব্যস্ত থাকিব পাৰে। তেওঁলোকে অধিক ধন বিনিয়োগ কৰিবলৈ পছন্দ কৰে যাতে তেওঁলোকে ইয়াৰ পৰা সৰ্বাধিক লাভ প্ৰাপ্ত কৰিব পাৰে। আনহাতে, এই জাতকসকলে তেওঁলোকৰ জীৱনত তাৎক্ষণিকভাৱে আৰু দ্ৰুততাৰে কোনো সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে আৰু ইয়াৰ বাবে, তেওঁলোকে সংগ্ৰামৰ সন্মুখীন হ'বলগীয়া হয়। তেওঁলোকে ব্যৱসায়ৰ সন্দৰ্ভত, সমুদ্ৰ পথেৰে ভ্ৰমণ কৰাত অধিক ব্যস্ত হ'ব পাৰে।

প্ৰেম জীৱন:এই সপ্তাহত আপোনাৰ জীৱনসঙ্গীৰ সৈতে আপোনাৰ সম্পৰ্কলৈ তিক্ততা অহাৰ আশংকা আছে। পাৰস্পৰিক বুজাবুজিৰ অভাৱৰ বাবে আপোনাৰ আৰু আপোনাৰ সঙ্গীৰ মাজত বিভেদ সৃষ্টি হ'ব পাৰে, যাৰ ফলত আপোনালোক দুয়োৰে মাজলৈ ব্যৱধান অহাৰ সম্ভাৱনা আছে। যদি আপুনি আপোনাৰ প্ৰেম জীৱনত সুখ-শান্তি বজাই ৰাখিব বিচাৰে, তেন্তে আপুনি আপোনাৰ মনত চলি থকা বিভ্ৰান্তি আৰু সমস্যাবোৰ দূৰ কৰিব লাগিব। আপোনাৰ সঙ্গীৰ প্ৰতি আপোনাৰ মনত মৰম-ভালপোৱা বজাই ৰাখিবৰ বাবে আৰু আপোনাৰ সম্পৰ্কত প্ৰেম বজাই ৰাখিবৰ বাবে চেষ্টা কৰক।

শিক্ষা:এই সপ্তাহত শিক্ষাৰ্থীসকলৰ মনোযোগ দিয়াৰ ক্ষমতা হ্ৰাস পাব পাৰে। আপুনি যিয়েই নকৰক, আপুনি মনোযোগ দিয়াত অসুবিধাৰ সম্মুখীন হ’ব। ইয়াৰ বাবে, শিক্ষাৰ্থীসকল অধ্যয়নত পিছ পৰি থাকিব পাৰে। ইয়াৰ বাহিৰেও, আপুনি যি অধ্যয়ন কৰে সেয়া মনত ৰখাটো আপোনাৰ বাবে কঠিন হ'ব পাৰে। সেয়েহে, আপুনি আপোনাৰ অধ্যয়নৰ প্ৰতি মনোযোগ দিব লাগিব। যদিহে আপুনি আইন, ৰসায়ন বিজ্ঞান আৰু ইংৰাজী সাহিত্য অধ্যয়ন কৰি আছে, তেনেহ’লে আপোনাক অধিক নিষ্ঠাৰে অধ্যয়ন কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

বৃত্তিগত জীৱন:এই সপ্তাহটো চাকৰিয়াল লোকসকলৰ বাবে বৰ বিশেষ ফলদায়ক নহ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ জ্যেষ্ঠ বিষয়া আৰু সহকৰ্মীৰ সৈতে আপোনাৰ সম্পৰ্ক অধিক বেয়া হ'ব পাৰে। ইয়াৰ লগতে, এই সপ্তাহত আপোনাৰ ওপৰত কামৰ বোজাও যথেষ্ট বৃদ্ধি হ'ব পাৰে আৰু আপুনি সময়মতে আপোনাৰ কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত অসমৰ্থ হ'ব পাৰে। মানুহে আপুনি আপোনাৰ কামৰ ক্ষেত্ৰত কৰা কঠোৰ পৰিশ্ৰমক উপেক্ষা কৰিব পাৰে আৰু ই আপোনাৰ মনক বিচলিত কৰি তুলিব পাৰে। একে সময়তে, ব্যৱসায়ীসকলৰ বাবে লোকচানৰ পৰিস্থিতি অহাৰ সম্ভাৱনা আছে, সেয়েহে আপুনি এই সময়ছোৱাত সাৱধান হ'ব লাগিব।

স্বাস্থ্য:এই সপ্তাহত আপোনাৰ শক্তি আৰু উৎসাহ হ্ৰাস হ'ব পাৰে। ইয়াৰ নেতিবাচক প্ৰভাৱ আপোনাৰ স্বাস্থ্যৰ ওপৰতো দেখা যাব আৰু আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ভাৰসাম্যহীনতা অহাৰ সম্ভাৱনা আছে। এই কাৰণবশতঃ আপুনি এইখিনি সময়ত আপোনাৰ স্বাস্থ্যৰ প্ৰতি অধিক যত্নৱান হ'ব লাগিব। ইয়াৰ বাহিৰেও, এলাৰ্জিৰ বাবে হোৱা তীব্ৰ চৰ্দিৰ ফলত আপোনাৰ স্বাস্থ্যৰ অৱনতি হ'ব পাৰে। এই সময়খিনিত ঠাণ্ডা পানী নাখাব।

উপায়: দৈনিক 108 বাৰ 'ঔঁ সোমায় নমঃ' মন্ত্ৰ জপ কৰক।

বৰ্ষ 2024 ত কেনে হ’ব আপোনাৰ স্বাস্থ্য?স্বাস্থ্য ৰাশিফল 2024 ৰপৰা লাভ কৰক উত্তৰ

মূলাংক 3

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 3, 12, 21 অথবা 30তাৰিখে হৈছে)

এই মূলাংকৰ জাতকসকল আধ্যাত্মিক প্ৰকৃতিৰ হয় আৰু এই সপ্তাহত তেওঁলোকে ধৰ্মীয় ভ্ৰমণত যোৱাৰ সুযোগ লাভ কৰিব পাৰে। এই লোকসকল মুক্ত মনৰ অধিকাৰী হয়।তেওঁলোক মুক্ত মনৰ হোৱাৰ লগতে তেওঁলোকে সদায় ইতিবাচক দৃষ্টিভংগী পোষণ কৰে। তেওঁলোকৰ এই অভ্যাসে তেওঁলোকক বহু ওপৰলৈ লৈ যোৱাত সহায় কৰে অথবা তেওঁলোকক শীৰ্ষস্থানত উপনীত হোৱাৰ ক্ষেত্ৰত পথ প্ৰদৰ্শন কৰে।

প্ৰেম জীৱন:এই সপ্তাহত আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ সম্পৰ্কত সুখ-শান্তি বৰ্ত্তি থাকিব। আপোনালোক দুয়োৰে মাজৰ সম্পৰ্ক শক্তিশালী হ'ব আৰু আপুনি আপোনাৰ সঙ্গীৰ সৈতে সুখী সম্পৰ্কৰ এক উৎকৃষ্ট উদাহৰণ উপস্থাপন কৰিব। এই সপ্তাহত আপুনি ধৰ্মীয় উদ্দেশ্যৰ বাবে ভ্ৰমণ কৰিব পাৰে আৰু এই ভ্ৰমণ আপোনাৰ বাবে ফলদায়ক প্ৰমাণিত হ'ব আৰু ইয়াৰ ফলস্বৰূপে আপোনাৰ জীৱনশৈলীও পৰিৱৰ্তিত হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ মাজত পাৰস্পৰিক মিলা-মিছা ভাল হ'ব আৰু আপুনি প্ৰেমৰ ক্ষেত্ৰত উচ্চ মানদণ্ড স্থাপন কৰিব পাৰিব।

শিক্ষা:আপুনি এই সপ্তাহত অধ্যয়নত সুন্দৰ প্ৰদৰ্শন কৰিব পাৰিব। ফাইনেন্সিয়েল একাউণ্টিং আৰু বিজনেছ মেনেজমেণ্টৰ দৰে পাঠ্যক্ৰম আপোনাৰ বাবে অধিক ফলদায়ক প্ৰমাণিত হ'ব আৰু আপুনি এই বিষয়বোৰত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। এই সময়ছোৱাত আপুনি ওপৰোক্ত বিষয়বোৰত যথেষ্ট ভাল নম্বৰ লাভ কৰিবলৈ সক্ষম হ'ব। এই সপ্তাহত আপুনি আপোনাৰ দক্ষতা আৰু সামৰ্থ্য চিনাক্ত কৰিবলৈ সক্ষম হ'ব।

বৃত্তিগত জীৱন:এই সপ্তাহত আপুনি কৰি থকা চাকৰিত আপুনি দক্ষতা অৰ্জন কৰিব। চাকৰিয়াল লোকসকলে পদোন্নতিৰ লগতে ইনচেণ্টিভ লাভ কৰাৰ যোগ আছে। আপুনি আপোনাৰ কামৰ ক্ষেত্ৰত কৰা কঠোৰ পৰিশ্ৰমে এতিয়া স্বীকৃত লাভ কৰাৰ সম্ভাৱনা আছে। আপোনাক নিজৰ কামৰ প্ৰতি অধিক দািত্বৱান আৰু সমৰ্পিত হোৱা দেখা যাব। যদিহে আপুনি ব্যৱসায় কৰে, তেন্তে এই সময়খিনিত আপুনি আশা কৰাতকৈও অধিক ব্যৱসায়িক লেনদেন লাভ কৰাৰ সম্ভাৱনা আছে। আপুনি আপোনাৰ প্ৰতিদ্বন্দীসকলক এক কঠোৰ প্ৰতিযোগিতা আগবঢ়াবলৈও সক্ষম হ'ব।

স্বাস্থ্য:এই সপ্তাহত আপোনাৰ শক্তি বৃদ্ধি হ'ব। আপুনি এই সময়খিনিত অধিক ইতিবাচক অনুভৱ কৰিব আৰু এই ইতিবাচকতাৰ বাবে, আপোনাৰ উৎসাহ আৰু উদ্যম বৃদ্ধি পাব। ই আপোনাৰ সুস্বাস্থ্য অটুত ৰাখিব।

উপায়: বৃহস্পতিবাৰে দেৱ গুৰু বৃহস্পতিক সন্তুষ্ট কৰিবৰ বাবে হোম-যজ্ঞ কৰক।

বৃহৎ কুণ্ডলীত নিহিত হৈ আছে, আপোনাৰ জীৱনৰ সকলো গোপন ৰহস্য, জানক গ্ৰহসমূহৰ গতি-বিধিৰ সম্পূৰ্ণ লেখ-জোখ

মূলাংক 4

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 4, 13, 22 অথবা 31তাৰিখে হৈছে)

এই মূলাংকৰ জাতকসকল কিছুমান বস্তুৰ প্ৰতি অধিক আৱেগিক হয়। এই লোকসকল যথেষ্ট সৃষ্টিশীল হোৱাৰ লগতে তেওঁলোকে ভাল ফলাফল লাভ কৰিবৰ বাবে তেওঁলোকে কমন চেন্স্ ব্যৱহাৰ কৰে। এই মানুহবোৰে সদায় ডাঙৰ ডাঙৰ কথা চিন্তা কৰে আৰু কেতিয়াবা তেওঁলোকে আকস্মিকভাৱে আৱেগিক হৈ সিদ্ধান্ত লয় যি তেওঁলোকৰ বিৰুদ্ধে যাব পাৰে।

প্ৰেম জীৱন:এই সপ্তাহটো মূলাংক 4 ৰ জাতকসকলৰ প্ৰেম জীৱনৰ বাবে বৰ সুখকৰ নহ'ব। আপোনাৰজীৱনসঙ্গীৰ সৈতে আপোনাৰ সম্পৰ্ক দুৰ্বল হ'ব পাৰে। আপুনি আপোনাৰ সঙ্গীৰ সৈতে মিলামিছা কৰিব লাগিব যাতে আপোনাৰ সম্পৰ্কত পাৰস্পৰিক সমন্বয় আৰু সুখ-শান্তি বৰ্ত্তি থাকে। যদিহে আপুনি আপোনাৰ জীৱনসঙ্গীৰ সৈতে ক’ৰবালৈ ফুৰিবলৈ যাব বিচাৰে, তেন্তে আপোনাক এই সময়খিনিত সেই পৰিকল্পনা স্থগিত ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে।

শিক্ষা:এই সপ্তাহটো শিক্ষাৰ্থীসকলৰ বাবে বিশেষ অনুকূল নহ'ব আৰু তেওঁলোকে অধ্যয়নত অধিক পৰিশ্ৰম কৰিব লাগিব। যদিহে আপুনি ভিজুৱেল কমিউনিকেচন আৰু ৱেব ডিজাইনিঙৰ দৰে পাঠ্যক্ৰম অধ্যয়ন কৰি আছে, তেন্তে আপুনি এই বিষয়বোৰত অধিক পৰিশ্ৰম আৰু মনোযোগ দিব লাগিব। আপুনি আপোনাৰ অধ্যয়নক এক প্ৰণালীবদ্ধ আৰু পৰিকল্পিতভাৱে আগবঢ়াই নিয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰা উচিত। অধ্যয়ন কৰোঁতে মনোযোগ ভংগ হোৱাৰো সম্ভাৱনা আছে। এই সময়খিনিত, নতুন বিষয় এটা অধ্যয়ন কৰাটো বা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাটো আপোনাৰ বাবে ফলদায়ক নহ'ব।

বৃত্তিগত জীৱন:এই সপ্তাহত আপোনাৰ ওপৰত কামৰ বোজা বৃদ্ধি পাব পাৰে আৰু ইয়াৰ বাবে আপুনি চিন্তিত হ'ব পাৰে। মানুহে আপুনি আপোনাৰ কামৰ ক্ষেত্ৰত কৰা কঠোৰ পৰিশ্ৰমক উপেক্ষা কৰিব পাৰে আৰু ই আপোনাক আমনি দিব পাৰে। আপুনি এনে অনুভৱো কৰিব পাৰে যেন আপোনাৰ কৰ্ম দক্ষতা হ্ৰাস পাইছে। ইয়াৰ বাবে, আপোনাক পৰিকল্পিত ভাৱে আগবাঢ়িবলৈ পৰামৰ্শ দিয়া হৈছে। ব্যৱসায়ীসকলে তেওঁলোকৰ প্ৰতিযোগীসকলৰ পৰা কঠোৰ প্ৰতিদ্বন্দিতাৰ সম্মুখীন হ’বপাৰে আৰু আপুনি এই সপ্তাহত লোকচানৰ সন্মুখীন হ'বলগীয়াও হ’ব পাৰে।

স্বাস্থ্য:সুস্বাস্থ্য ধৰি ৰাখিবৰ বাবে আপুনি সময়মতে খোৱা-বোৱা কৰা উচিত। যদিহে আপুনি এনে নকৰে, তেনেহ'লে আপোনাৰ হজমৰ সমস্যা হ'ব পাৰে আৰু ইয়াৰ ফলত, আপোনাৰ মাজত শক্তিৰ অভাৱ হোৱাৰ সম্ভাৱনা আছে। আপুনি এই সময়খিনিত মচলাযুক্ত বস্তু খাদ্য পৰিহাৰ কৰি চলা উচিত।

উপায়: দৈনিক 22 বাৰ 'ঔঁ দুৰ্গায় নমঃ' জপ কৰক।

নতুন বৰ্ষত কেৰিয়াৰৰ যিকোনো দোমোজাকগ্নিএষ্ট্ৰো প্ৰতিৱেদনৰ জৰিয়তে দূৰ কৰক

মূলাংক 5

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 5, 14 অথবা 23তাৰিখে হৈছে)

মূলাংক 5 ৰ জাতকসকল ধেমেলীয়া আৰু মেজাজী প্ৰকৃতিৰ হোৱাৰ লগতে তেওঁলোক ব্যৱসায়ৰ প্ৰতি অধিক আগ্ৰহী হয়। এই সময়ছোৱাত তেওঁলোকে নিজৰ আচৰণৰ প্ৰতি অতি সতৰ্কৱান হৈ থাকিব। তেওঁলোক যুক্তিবাদী হয় আৰু তেওঁলোকৰ কাৰ্য্যতো তেওঁলোকৰ যুক্তিশীলতা প্ৰতিফলিত হয়। এই লোকসকলে যাত্ৰা আৰু ভ্ৰমণ কৰিবলৈ পছন্দ কৰে আৰু তেওঁলোকে ভ্ৰমণত অধিক সময় অতিবাহিত কৰে।

প্ৰেম জীৱন:এই সপ্তাহত আপুনি আপোনাৰ জীৱনসঙ্গীৰ সৈতে পাৰস্পৰিক বুজা-পৰা বজাই ৰাখিব লাগিব। ইয়াৰদ্বাৰা, আপুনি আপোনাৰ সম্পৰ্কৰ ব্যৱধান হ্ৰাস কৰিব পাৰিব। পাৰস্পৰিক বুজাবুজিৰ অভাৱৰ বাবে, আপুনি আৰু আপোনাৰ জীৱনসঙ্গীয়ে পৰস্পৰৰ সৈতে মিলা-মিছা কৰাত অসুবিধা সম্মুখীন হ’ব পাৰে। আপোনালোকৰ সম্পৰ্কলৈ তিক্ততা অহাৰ সম্ভাৱনাও আছে, সেয়েহে আপোনাক নিজৰ সম্পৰ্ক ভাল কৰিবলৈ আৰু আপোনাৰ সঙ্গীৰ সৈতে মিলা-মিছা কৰি চলিবলৈ পৰামৰ্শ দিয়া হৈছে।

শিক্ষা:শিক্ষাৰ্থীসকলে এই সপ্তাহত অধ্যয়নৰ ক্ষেত্ৰত তেওঁলোকৰ উজ্জ্বল দক্ষতা প্ৰদৰ্শন কৰাত ব্যৰ্থ হ'ব পাৰে। এয়া আপোনাৰ স্মৃতিশক্তিৰ ক্ষমতা দুৰ্বল হোৱাৰ বাবে হ'ব পাৰে আৰু ইয়াৰ ফলত আপুনি মনোযোগেৰে অধ্যয়ন কৰাতো অসুবিধা পাব পাৰে। মনোযোগৰ অভাৱৰ বাবে, অধ্যয়নৰ ওপৰত আপোনাৰ আয়ত্ব দুৰ্বল হ'ব পাৰে। সেয়েহে, আপুনি আপোনাৰ অধ্যয়নত ভালদৰে মনোনিবেশ কৰা উচিত আৰু ভাল প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰা উচিত। এই সময়খিনি উচ্চ বৃত্তিগত পাঠ্যক্ৰম অধ্যয়ন কৰাৰ বাবে উপযুক্ত নহয়।

বৃত্তিগত জীৱন:আপুনি কামৰ ক্ষেত্ৰত আপোনাৰ সামৰ্থ্য আৰু দক্ষতা প্ৰদৰ্শন কৰিবলৈ সক্ষম নহ'বও পাৰে। কামৰ বৰ্দ্ধিত চাপৰ বাবে, কৰ্মস্থানত আপোনাৰ প্ৰদৰ্শন অৱনতি হোৱাৰ সম্ভাৱনা আছে। এইবোৰৰ বাবে, আপুনি সমস্যাৰ সন্মুখীন হ'বলগীয়া হ’ব পাৰে। কঠোৰ পৰিশ্ৰম কৰা স্বত্বেও, আপুনি আপোনাৰ কামত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়োৱাত ব্যৰ্থ হ'ব পাৰে। একে সময়তে, ব্যৱসায়ীসকলে এইখিনি সময়ত তেওঁলোকৰ প্ৰতিযোগীসকলৰপৰা কঠোৰ প্ৰতিযোগিতাৰ সম্মুখীন হোৱাৰ বাবে লোকচানৰ সন্মুখীন হ'ব পাৰে।

স্বাস্থ্য:এই সপ্তাহত আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হ'ব আৰু ইয়াৰ নেতিবাচক প্ৰভাৱ আপোনাৰ স্বাস্থ্যৰ ওপৰতো দেখা যাব। দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে, আপোনাৰ ছালৰ সমস্যা আৰু এলাৰ্জি হোৱাৰ সম্ভাৱনা আছে।

উপায়: দৈনিক 41 বাৰ 'ঔঁ নমো ভগৱতে বাসুদেৱায় নমঃ' মন্ত্ৰ জপ কৰক।

মূলাংক 6

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 6, 15 অথবা 24তাৰিখে হৈছে)

মূলাংক 6ৰ জাতকসকল যথেষ্ট শক্তিশালী হোৱাৰ লগতে তেওঁলোকৰ সৃষ্টিশীল বিষয়ৰ প্ৰতি অধিক আগ্ৰহ থাকে। তেওঁলোক বৰ মৰমীয়াল আৰু দৃঢ়প্ৰতিজ্ঞ স্বভাৱৰ হয়। তেওঁলোক মনোৰঞ্জনক স্বভাৱৰ হোৱাৰ লগতে তেওঁলোকে দীঘলীয়া দূৰত্ব ভ্ৰমণ কৰিবলৈ ভাল পায়। ইয়াৰ উপৰিও, এই লোকসকল সংবাদ মাধ্যম আৰু মনোৰঞ্জনৰ ক্ষেত্ৰৰ প্ৰতিও আগ্ৰহী হয়।

প্ৰেম জীৱন:এই সপ্তাহত আপুনি আপোনাৰ জীৱনসঙ্গীৰ সৈতে আপোনাৰ সম্পৰ্কত অধিক সন্তুষ্ট অনুভৱ কৰিব। আপোনালোকৰ সম্পৰ্কত আকৰ্ষণ বৃদ্ধি হ'ব আৰু আপোনালোক দুয়োৱে পৰস্পৰৰ প্ৰয়োজনীয়তা বুজিব আৰু জানিব পাৰিব। এই সময়খিনিত আপুনি আপোনাৰ জীৱনসঙ্গীৰ সৈতে ফুৰিবলৈ যাব পাৰে আৰু আপোনালোক দুয়োৱে এই ভ্ৰমণটো যথেষ্ট উপভোগ কৰিব।

শিক্ষা:আপুনি কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং, ছফ্টৱেৰ আৰু একাউণ্টিং আদিৰ দৰে বিষয়ত বিশেষজ্ঞতা অৰ্জন কৰিব। আপুনি শিক্ষাৰ ক্ষেত্ৰত নিজৰ বাবে এক সুকীয়া স্থান দখল কৰিবলৈ আৰু আপোনাৰ সহপাঠীসকলক কঠিন প্ৰতিযোগিতা আগবঢ়াবলৈ সক্ষম হ'ব। এই সময়খিনিত আপোনাৰ মনোযোগ দিয়াৰ ক্ষমতাও বৃদ্ধি পাব আৰু ই শিক্ষাৰ্থীসকলক তেওঁলোকৰ দক্ষতা বৃদ্ধি কৰাত সহায় কৰিব। আপুনি অধ্যয়নৰ ক্ষেত্ৰত আপোনাৰ কিছুমান বিশেষ দক্ষতা প্ৰমাণ কৰিব পাৰিব আৰু আপোনাৰ এই দক্ষতা বিশেষ বা অনন্য হ'ব পাৰে।

বৃত্তিগত জীৱন:এই সময়খিনিত আপুনি কামৰ ক্ষেত্ৰত অতি ব্যস্ত হৈ থাকিব আৰু আপুনি ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। ইয়াৰ লগতে, আপুনি আপোনাৰ আগ্ৰহ অনুসৰি নতুন চাকৰিৰ সুযোগো লাভ কৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবে তেওঁলোকৰ ব্যৱসায় সম্প্ৰসাৰিত কৰাৰ বাবে এয়া এটা ভাল সময় হ'ব। আপুনি কোনো নতুন অংশীদাৰীত্বত ব্যৱসায় আৰম্ভ কৰিব পাৰে আৰু আপোনাৰ কামৰ সন্দৰ্ভত এই সপ্তাহত দীঘলীয়া দূৰত্বৰ ভ্ৰমণলৈ যাবলগীয়া হ’ব পাৰে। ব্যৱসায়ীসকলে এই সময়ত কেইবা প্ৰকাৰৰো ব্যৱসায় আৰম্ভ কৰিব পাৰে, যি তেওঁলোকক অধিক লাভ প্ৰদান কৰাৰ সম্ভাৱনা আছে। আপুনি ব্যৱসায়ত প্ৰাপ্ত কৰা লাভৰ ক্ষেত্ৰত সন্তুষ্ট থাকিব।

স্বাস্থ্য:এই সপ্তাহত আপোনাৰ স্বাস্থ্য উৎকৃষ্ট হ'ব। এইখিনি সময়ত কোনো ধৰণৰ সৰু-সুৰা স্বাস্থ্যজনিত সমস্যাইও আপোনাক আমনি নকৰিব। আপোনাৰ প্ৰফুল্ল প্ৰকৃতিৰ বাবে, আপোনাৰ স্বাস্থ্যও ভালে থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত, আপুনি আনৰ বাবে এক নিদৰ্শন স্থাপন কৰিব পাৰিব।

উপায়: দৈনিক 33 বাৰ 'ঔঁ শুক্ৰায় নমঃ' মন্ত্ৰ জপ কৰক।

পাওক আপোনাৰ সোঁৱৰণি আধাৰিত সঠিকশনি প্ৰতিৱেদন

মূলাংক 7

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 7, 16 অথবা 25তাৰিখে হৈছে)

এই মূলাংকৰ জাতকসকল অত্যন্ত ধাৰ্মিক প্ৰকৃতিৰ হোৱাৰ লগতে তেওঁলোক আধ্যাত্মিক কাৰ্যকলাপ যেনে পূজা-উপাসনা আৰু ঈশ্বৰৰ প্ৰতি সমৰ্পিত হোৱাৰ প্ৰতি অধিক আগ্ৰহী হয়। তেওঁলোকে আধ্যাত্মিক গ্ৰন্থ অধ্য়য়নৰ প্ৰতি আৰু পবিত্ৰ বস্তু আদিৰ বিষয়ে আলোচনা কৰাৰ প্ৰতি আগ্ৰহী হ'ব পাৰে। সৰল ভাষাত ক’ব পাৰি যে মূলাংক 7 ৰ জাতকসকলৰ আধ্যাত্মিক বিষয়ৰ প্ৰতি অধিক প্ৰৱণতা থাকিব পাৰে আৰু গুঢ়াৰ্থবিজ্ঞান আদিৰ প্ৰতিও তেওঁলোকৰ আগ্ৰহ বিকশিত হ’ব পাৰে।

প্ৰেম জীৱন:এই সপ্তাহত মূলাংক 7 ৰ জাতকসকলে তেওঁলোকৰ বৈবাহিক সম্পৰ্কত তিক্ততা অনুভৱ কৰিব পাৰে। পৰিয়ালত চলি থকা সমস্যাৰ বাবে, আপোনাৰ সম্পৰ্কৰ সুখ-শান্তি ভংগ হ'ব পাৰে। কোনো সম্পত্তি ক্ৰয় কৰাৰ বিষয়ক লৈ আপোনাৰ আত্মীয়সকলৰ সৈতে ব্যৱধান অহাৰ সম্ভাৱনাও আছে আৰু ইয়াৰ বাবে আপোনাক কিছু অসন্তুষ্ট দেখা যাব পাৰে। চিন্তা কৰি বহি থকাৰ পৰিৱৰ্তে, আপুনি পৰিয়ালৰ সমস্যাবোৰ সমাধানৰ বাবে আপোনাৰ পৰিয়ালৰ এগৰাকী জ্যেষ্ঠ সদস্যৰ সৈতে আলোচনা কৰা উচিত। ইয়াৰদ্বাৰা আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ মাজৰ সম্পৰ্কত পাৰস্পৰিক বুজাবুজি আৰু প্ৰেম বজাই ৰাখিব পাৰিব।

শিক্ষা:অধ্যয়নৰ ক্ষেত্ৰত, শিক্ষাৰ্থীসকলৰ মনত ৰখাৰ সামৰ্থ্য এই সপ্তাহত মধ্যমীয়া হ'ব। ইয়াৰ ফলত আপুনি ভাল নম্বৰ লাভ কৰাত ব্যৰ্থ হ'ব পাৰে। অৱশ্যে, এই সপ্তাহত আপোনাৰ ভিতৰৰ সুপ্ত দক্ষতাবোৰ ওলাই আহিব কিন্তু সময়ৰ অভাৱৰ বাবে, সেইবোৰ সম্পূৰ্ণৰূপে প্ৰতিভাত হ’ব নোৱাৰিব পাৰে। যদিহে আপুনি অধ্যয়নত ভাল প্ৰদৰ্শন কৰিব বিচাৰে, তেন্তে যোগাভ্যাস কৰাটো আপোনাৰ বাবে লাভজনক প্ৰমাণিত হ'ব। দুৰ্বল স্মৃতিশক্তিৰ বাবে, আপোনাৰ মনোযোগো হ্ৰাস হ'ব পাৰে আৰু আপুনি অধ্যয়নত আপোনাৰ সামৰ্থ্য প্ৰদৰ্শন কৰিবলৈ অক্ষম হ'ব পাৰে।

বৃত্তিগত জীৱন:মূলাংক 7ৰ জাতকসকলে এই সপ্তাহত তেওঁলোকৰ কামৰ ক্ষেত্ৰত মধ্য়মীয়া ফলাফল অৰ্জন কৰাৰ সম্ভাৱনা আছে। এই সময়খিনিত আপোনাৰ মাজত কিছুমান নতুন দক্ষতা বিকশিত হ'ব পাৰে আৰু আপুনি আপোনাৰ কামৰ বাবে আপোনাৰ জ্যেষ্ঠসকলপৰাও প্ৰশংসা লাভ কৰিব পাৰে। একে সময়তে, ব্যৱসায়ীসকলৰ লোকচান হোৱাৰো সম্ভাৱনা আছে। আপোনাক আপোনাৰ ব্যৱসায়ৰ ওপৰত চকু ৰাখিবলৈ আৰু পূৰ্বানুমান কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। লগতে, এই সময়খিনিত নতুন অংশীদাৰৰ সৈতে ব্যৱসায় আৰম্ভ কৰাটো আপোনাৰ বাবে ভাল নহ’ব। এইখিনি সময় কোনো নতুন ব্যৱসায়িক চুক্তি প্ৰস্তুত কৰাটোও সঠিক নহ’ব।

স্বাস্থ্য:এই সপ্তাহত মূলাংক 7ৰ জাতকসকলৰ এলাৰ্জিৰ ফলত ছালৰ জ্বলা-পোৰা আৰু হজমৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৱান হৈ থাকিবৰ বাবে সময়মতে খোৱা-বোৱা কৰা উচিত। ইয়াৰ বাহিৰেও, ভজা-পোৰা বস্তু পৰিহাৰ কৰক, অন্যথা সেইবোৰৰ ফলত আপোনাৰ স্বাস্থ্যৰ অৱনতি হ'ব পাৰে।

উপায়: দৈনিক 41 বাৰ 'ঔঁ গণেশায় নমঃ' মন্ত্ৰ জপ কৰক।

বৰ্ষ 2024 ত কেনে থাকিব আপোনাৰ স্বাস্থ্য?স্বাস্থ্য ৰাশিফল 2024 ৰপৰা লাভ কৰক উত্তৰ

মূলাংক 8

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 8, 17 অথবা 26তাৰিখে হৈছে)

মূলাংক 8ৰ জাতকসকলৰ দৃষ্টিভংগী কিছু লেহেমীয়া হ’ব পাৰে। তেওঁলোক যথেষ্ট পৰিশ্ৰমী হোৱাৰ লগতে তেওঁলোকে কামত অধিক প্ৰচেষ্টা কৰে। সাধাৰণতে, এই ৰাশিৰ লোকসকলে তেওঁলোকৰ কেৰিয়াৰত উত্থান-পতনৰ সম্মুখীন হ’ব পাৰে আৰু ইয়াৰ বাবে, তেওঁলোক কেতিয়াবা অসন্তুষ্ট হৈ পৰে। তেওঁলোকে নিজৰ ব্যক্তিগত জীৱনৰ বাবে কম সময় পায় কাৰণ তেওঁলোকৰ বেছিভাগ সময় তেওঁলোকৰ কাম বা চাকৰিত ব্যস্ত হৈ থাকে।

প্ৰেম জীৱন:পৰিয়ালৰ সম্পত্তি সম্পৰ্কীয় সমস্যাৰ বাবে আপুনি কিছু চিন্তিত হ'ব পাৰে। আপোনাৰ বন্ধু-বৰ্গই আপোনাৰ জীৱনসঙ্গীৰ বা প্ৰেমাস্পদৰ সৈতে ভাল সম্পৰ্ক বজাই ৰখাত বাধাৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ বাবে, আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ মাজৰ সম্পৰ্ক দুৰ্বল হোৱাৰ সম্ভাৱনা আছে আৰু আপোনাৰ সম্পৰ্কত ঘনিষ্ঠতা বজাই ৰখাত আপোনাৰ কিছু অসুবিধা হ'ব পাৰে।

শিক্ষা:অধিক প্ৰয়াস কৰা স্বত্বেও, এই সপ্তাহটো শিক্ষাৰ্থীসকলৰ বাবে বৰ বিশেষ ভাল নহ'ব। সফলতা লাব কৰিবৰ বাবে আপুনি অধিক পৰিশ্ৰম কৰিব লাগিব। শিক্ষাৰ্থীসকলক এই সময়ত ধৈৰ্য্য সহকাৰে কাম কৰিবলৈ আৰু অধ্যয়নৰ ক্ষেত্ৰত অধিক সংকল্পবদ্ধ হ'বলৈ পৰামৰ্শ দিয়া হৈছে। ইয়াৰদ্বাৰা আপুনি ভাল নম্বৰ লাভ কৰিবলৈ সক্ষম হ'ব। যদিহে আপুনি মেকানিকেল ইঞ্জিনিয়াৰিং বা অটোমোবাইল ইঞ্জিনিয়াৰিং অধ্যয়ন কৰি আছে, আপুনি ইয়াত ভাল প্ৰদৰ্শন কৰিবৰ বাবে মনোযোগ আৰু একাগ্ৰতাৰে অধিক অধ্যয়ন কৰিব লাগিব। শিক্ষাৰ ক্ষেত্ৰত শীৰ্ষস্থানত উপনীত হ'বৰ বাবে আপুনি এক সময়সূচী মানি চলিব লাগিব। এনেদৰে, আপুনি ভাল নম্বৰ অৰ্জন কৰিবলৈ সক্ষম হ'ব।

বৃত্তিগত জীৱন:আপুনি আপোনাৰ কামৰ ক্ষেত্ৰত কৰা কঠোৰ পৰিশ্ৰমক মানুহে উপেক্ষা কৰিব পাৰে আৰু ই আপোনাক অলপ বিচলিত ক তুলিব পাৰে। এই সময়খিনিত আপোনাৰ সন্মুখত এনে পৰিস্থিতি উৎপন্ন হ'ব পাৰে য’ত আপোনাৰ সহকৰ্মীসকলে আপোনাতকৈ আগবাঢ়ি যাব পাৰে আৰু তেওঁলোকে কোনো নতুন পদ লাভ কৰিব পাৰে। নিজকে বিশেষ প্ৰমাণ কৰিবৰ বাবে আপুনি এনে এক দক্ষতা প্ৰাপ্ত কৰিব লাগিব যি আপোনাক আনৰ পৰা পৃথক কৰি তুলিব। যদিহে আপুনি ব্যৱসায় কৰে, তেন্তে এই সময়খিনিত আপোনাৰ ব্যৱসায়ৰ ক্ষেত্ৰত উচ্চ স্থান আৰু মানদণ্ড ধৰি ৰখাটো কিছু জটিল হ'ব পাৰে। এই সপ্তাহত আপুনি আপোনাৰ প্ৰতিযোগীসকলৰপৰা কঠোৰ প্ৰতিযোগিতাৰ সম্মুখীন হ’ব পাৰে আৰু তেওঁলোকে ব্যৱসায়ৰ ওপৰত ভাল নিয়ন্ত্ৰণ ৰক্ষা কৰিব পাৰে।

স্বাস্থ্য:এই সপ্তাহত অত্যাধিক চাপৰ বাবে আপোনাৰ ভৰি আৰু গাঁঠিত বিষ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত, আপোনাৰ স্বাস্থ্যৰ অৱনতি হ'ব পাৰে। দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু সাহসৰ অভাৱৰ বাবে এনে হ'ব পাৰে। অত্যাধিক চাপ লোৱাৰ ফলত স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি এনেবোৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। স্বাস্থ্য উন্নত কৰিবৰ বাবে আপুনি ধ্যান আৰু যোগাভ্যাসৰ সহায় লোৱা উচিত।

উপায়: দৈনিক 11 বাৰ 'ঔঁ হনুমতে নমঃ' জপ কৰক।

কেৰিয়াৰক লৈ হৈ আছে টেনশ্যন! এতিয়াই অৰ্ডাৰ কৰককগ্নিএষ্ট্ৰো প্ৰতিৱেদন

মূলাংক 9

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 9, 18 অথবা 27তাৰিখে হৈছে)

মূলাংক 9 ৰ জাতকসকল দৃঢ় সংকল্পৱদ্ধ হয় আৰু তেওঁলোকে নীতি অনুসৰণ কৰি চলে। তেওঁলোকে ঘূৰাই-পকাই কথা কোৱাৰ সলনি পোনপটীয়াকৈ কথা পাতিবলৈ ভাল পায়। তেওঁলোক ৰাজনীতি আৰু প্ৰশাসনৰ প্ৰতি আগ্ৰহী হ'ব পাৰে। এই লোকসকলে ভাল আচৰণৰদ্বাৰা আনৰ সৈতে ভাল সম্পৰ্ক বজাই ৰখাৰ ফলস্বৰূপে ভাল সফলতা অৰ্জন কৰিব পাৰে। এই জাতকসকলে তেওঁলোকৰ সম্পৰ্কক অধিক গুৰুত্ব দিয়ে।

প্ৰেম জীৱন:এই সপ্তাহত আপোনাৰ আৰু আপোনাৰ সঙ্গীৰ মাজৰ সম্পৰ্ক মধুৰ হৈ থাকিব আৰু আপোনালোক দুয়োৰে মাজৰ সম্পৰ্ক শক্তিশালী হ'ব। ইয়াৰ লগতে, আপুনি ৰোমাঞ্চো যথেষ্ট উপভোগ কৰিব। পাৰিবাৰিক সমস্যাৰ উদ্ভৱ হ'ব পাৰে, কিন্তু আপুনি এই সমস্যাবোৰ সমাধান কৰিবলৈ সক্ষম হ'ব। আপোনাৰ পৰিপক্কতা আৰু জীৱনসঙ্গীৰ সৈতে মিলা আপোনাৰ ধাৰণাবোৰৰ সহায়ত আপোনালোক দুয়োৰে মাজত ভাল পাৰস্পৰিক সমন্বয় দেখা যাব।

শিক্ষা:এই সপ্তাহটো শিক্ষাৰ্থীসকলৰ বাবে অতি চমৎকাৰী হ'ব। আপুনি শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট ভাল প্ৰদৰ্শন কৰিব পাৰিব। আপুনি ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, মেকানিকেল ইঞ্জিনিয়াৰিং আদিৰ দৰে পাঠ্যক্ৰম অধ্যয়ন কৰিবলৈ সক্ষম হ'ব। এই সময়ছোৱাত শিক্ষাৰ্থীসকলে নিজৰ বাবে এক বিশেষ স্থান তৈয়াৰ কৰিব পাৰিব আৰু ভাল নম্বৰ লাভ কৰিবলৈ সক্ষম হ’ব।

বৃত্তিগত জীৱন:এইখিনি সময়ত চাকৰিয়াল লোকসকলে তেওঁলোকৰ কামত যথেষ্ট ভাল প্ৰদৰ্শন কৰিব আৰু উন্নতি লাভ কৰিব। আপোনাৰ কামৰ বাবে, কৰ্মক্ষেত্ৰত আপোনাৰ খ্যাতি বৃদ্ধি হ'ব আৰু কামৰ প্ৰতি থকা আপোনাৰ নিষ্ঠাৰ বাবে এনে সফলতা লাভ কৰিব পাৰে। এই সপ্তাহত আপুনি সভা-সমিতিত অধিক ব্যস্ত হৈ থাকিব আৰু এই সভাবোৰত আপুনি আপোনাৰ যোগ্যতা তথা প্ৰতিভাৰ সৈতে উৎকৃষ্টতা প্ৰাপ্ত কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলে ভাল লাভ উপাৰ্জন কৰিবলৈ আৰু তাক বৰ্ত্তাই ৰাখিবলৈ সক্ষম হ'ব।

স্বাস্থ্য:এই সপ্তাহত আপুনি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত অত্যন্ত সাৱধান আৰু সতৰ্কৱান হৈ থাকিব। ইয়াৰ বাবে, আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা যথেষ্ট ভাল হ'ব। ভাল ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে, আপোনাৰ স্বাস্থ্যও ভাল হ'ব। আপোনাৰ সামান্য স্বাস্থ্যজনিত সমস্যা যেনে মূৰৰ বিষ আৰু পানীলগা হ'ব পাৰে। অৱশ্যে, আপোনাৰ কোনো গুৰুতৰ স্বাস্থ্যজনিত সমস্যা হোৱাৰ লক্ষণ নাই।

উপায়: দৈনিক 27 বাৰ 'ঔঁ ভৌমায় নমঃ' মন্ত্ৰ জপ কৰক।

সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক:এষ্ট্ৰোচেজ অনলাইন শ্বপিং ষ্টোৰ

আমি আশা কৰিছোঁ যে আপুনি আমাৰ এই ব্লগটো নিশ্চয় পছন্দ কৰিছে। যদিহে এনে হয় তেনেহ’লেআপুনি ইয়াক নিজৰ শুভাকাংক্ষীসকলৰ সৈতে শ্যেয়াৰ কৰক। ধন্যবাদ!

Talk to Astrologer Chat with Astrologer