অংক জ্যোতিষ - Numerology In Assamese (17 - 23 মাৰ্চ, 2024)

Author: Lobitha Dutta | Updated Wed, 28 Feb 2024 04:07 PM IST

মাৰ্চৰ এই সপ্তাহটোৱে ভিন ভিন মূলাংকৰ লোকসকলৰ জীৱনলৈ বহুতো ভাল সুযোগ কঢ়িয়াই আনিব। যদিহে আপুনি নিজৰ মূলাংকৰ আধাৰত আপোনাৰ প্ৰেম জীৱন, কেৰিয়াৰ, স্বাস্থ্য বা আৰ্থিক স্থিতিৰ বিষয়ে জানিব বিচাৰে, তেন্তে নিশ্চিতভাৱে এই ব্লগটো শেষলৈকে পঢ়ক। এই প্ৰবন্ধটোত, আমাৰ অভিজ্ঞ অংকজ্যোতিষী আৰু জ্যোতিষাচাৰ্য্যহৰিহৰণ জীয়েমূলাংকৰ আধাৰিত অংক জ্যোতিষ সাপ্তাহিক ৰাশিফল17ৰ পৰা23মাৰ্চৰ বাবে সঠিক ভৱিষ্যতবাণী প্ৰদান কৰিছে।


আপোনাৰ ৰাশিৰ বাবে আগন্তুক বৰ্ষটো কেনে হ’ব?বিদ্বান জ্যোতিষীসকলৰপৰা জানক ইয়াৰ উত্তৰ

কেনেদৰে জানিব আপোনাৰ মুখ্য অংক বা মূলাকং?

আপুনি নিজৰ জন্ম তাৰিখক এটা সংখ্যালৈ ৰূপান্তৰ কৰি আপোনাৰ মূল অংক বা মূলাংক জানিব পাৰিব। মূল অংকবোৰ 1 ৰ পৰা 9 ৰ ভিতৰত হয়। উদাহৰণ স্বৰূপে, যদিহে আপোনাৰ জন্ম মাহৰ 11 তাৰিখে হৈছিল, তেনেহ’লে আপোনাৰ মূল অংক হ'ব 1+1, অৰ্থাৎ 2। এনেদৰে, আপুনি আপোনাৰ মূলাংক জানি লৈ আপোনাৰ ৰাশিফল জানিব পাৰিব।

জানক আপোনাৰ মূলাংকৰ ওপৰত আধাৰিত সাপ্তাহিক ৰাশিফল (17ৰপৰা23মাৰ্চ 2024)

অংকজ্যোতিষে আমাৰ জীৱনত যথেষ্ট প্ৰভাৱ পেলায় কিয়নো আমাৰ জন্ম তাৰিখ সংখ্যা বা অংকৰে গঠিত। আপোনাৰ জন্ম তাৰিখৰ আধাৰত আপোনাৰ মূলাংক বা মুখ্য অংক নিৰ্ধাৰিত হয়। নিজৰ মূলাংক জনাৰ পিছত আপুনি অংক জ্যোতিষৰ অধীনত নিজৰ বিষয়ে বহু কিবাকিবি জানিব পাৰিব আৰু আপুনি নিজৰ ভৱিষ্যতফলৰ বিষয়েও তথ্য জানিব পাৰিব।

1 অংকৰ স্বামী হৈছে সূৰ্য্য দেৱতা আৰু চন্দ্ৰমা হৈছে মূলাংক 2ৰ স্বামী, মূলাংক 3 ৰ দেৱ গুৰু বৃহস্পতি, 4ৰ ৰাহু, 5 ৰ বুধ, 6 ৰ শুক্ৰ দেৱতা, 7ৰ কেতু, 8 ৰ শনি আৰু 9 অংকৰ স্বামী হৈছে মঙ্গল গ্ৰহ। এই গ্ৰহসমূহৰ পৰিবহনৰ ফলস্বৰূপে জাতকসকলৰ জীৱনলৈ বহুতো পৰিৱৰ্তন আহে আৰু এই গ্ৰহবোৰৰদ্বাৰা শাসিত অংকসমূহে আমাৰ জীৱনত গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰে।

সেয়েহে আহক আগবাঢ়ি যাওঁ আৰু মূলাংকৰ আধাৰত17ৰপৰা23মাৰ্চ পৰ্য্যন্ত সময়খিনি আপোনাৰ বাবে কেনে হ’ব সেই বিষয়ে অৱগত হওঁ।

মূলাংক 1

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ1, 10, 19অথবা28 তাৰিখে হৈছে)

এই মূলাংকৰ জাতকসকল অধিক সংগঠিত আৰু পেছাদাৰী মনোভাৱৰ হয় আৰু ই তেওঁলোকক জীৱনত সফল হোৱাত সহায় কৰে। এই সপ্তাহত আপোনাৰ আত্মবিশ্বাস কিছু হ্ৰাস হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ বাবে ধৰ্মীয় যাত্ৰাৰ যোগ আছে আৰু এই ভ্ৰমণবোৰ আপোনাৰ বাবে ফলদায়ক প্ৰমাণিত হ'ব। আপুনি এই সপ্তাহত জীৱনৰ বিভিন্ন দিশ আৰু ক্ষেত্ৰত আপোনাৰ দক্ষতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ব। এই সময়ছোৱাত আপোনাৰ জীৱনৰ প্ৰতি এক গতিশীল মনোভাৱ পোষণ কৰিব আৰু ই আপোনাক সফলতাৰ শীৰ্ষস্থানত উপনীত হোৱাৰ ক্ষেত্ৰত পথ প্ৰদৰ্শন কৰিব।

প্ৰেম জীৱন:এই সপ্তাহটো প্ৰেম জীৱনৰ বাবে বৰ বিশেষ শুভ নহ'ব। আপোনাৰ জীৱনসঙ্গীৰ সৈতে সম্পৰ্কত পাৰস্পৰিক মিলা-মিছাৰ অভাৱ হ’ব পাৰে আৰু আপোনালোক দুয়োৱে পৰস্পৰৰৰ সৈতে কম কথা পাতিব। আপুনি আপোনাৰ সঙ্গীৰ সৈতে যাত্ৰাৰ আনন্দ উপভোগ কৰিব নোৱাৰাৰ সম্ভাৱনাও আছে আৰু এই যাত্ৰা আপোনাৰ বাবে কম ফলদায়ক প্ৰমাণিত হ'ব পাৰে। আপুনি আপোনাৰ সঙ্গীৰ প্ৰতি আপোনাৰ ভালপোৱা প্ৰদৰ্শন কৰিবলৈ বা প্ৰকাশ কৰিবলৈ অসমৰ্থ হ'ব পাৰে।

শিক্ষা:এই সপ্তাহটো শিক্ষাৰ্থীসকলৰ বাবেও বৰ ভাল নহ'ব। অধ্যয়নৰ ক্ষেত্ৰত আপুনি গ্ৰহণ কৰা পদক্ষেপবোৰ আপোনাৰ বাবে বিশেষ লাভজনক প্ৰমাণিত নোহোৱাৰ সম্ভাৱনা আছে। মেনেজমেণ্ট আৰু পদাৰ্থ বিজ্ঞান অধ্যয়ন কৰাি থকা শিক্ষাৰ্থীসকলে এই সময়খিনিত অধিক মনোযোগেৰে অধ্যয়ন কৰিব লাগিব। এনেদৰে, তেওঁলোকে ভাল ফলাফল লাভ কৰাত সফলতা লাভ কৰিব বুলি আশা কৰা হৈছে। অধ্যয়ন আৰু ভাল নম্বৰ লাভ কৰাৰ বাবে এই সপ্তাহটো আপোনাৰ বাবে কিছু জটিল প্ৰমাণিত হ'ব পাৰে।

বৃত্তিগত জীৱন:আপুনি চাকৰিত ভাল প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত পিছ পৰি থাকিব পাৰে। যদিহে আপুনি ৰাজহুৱা খণ্ডত কাম কৰে, তেনেহ’লে এই সপ্তাহটো আপোনাৰ বাবে জটিল প্ৰমাণিত হ'ব। আনহাতে ব্যৱসায়ীসকলে আউটচৰ্চিঙৰপৰা ভাল লাভ অৰ্জন কৰাৰ সম্ভাৱনা কম দেখা যায়। অংশীদাৰী ব্যৱসায় কৰা ব্যৱসায়ীসকলে তেওঁলোকৰ ব্যৱসায়িক অংশীদাৰৰপৰা বিশেষ সমৰ্থন লাভ কৰিব নোৱাৰিব আৰু ইয়াৰ বাবে, মূলাংক 1ৰ জাতকসকলে তেওঁলোকৰ ব্যৱসায়ত কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। নিজাকৈ ব্যৱসায় কৰা লোকসকলৰ বাবেও একে ধৰণৰ পৰিস্থিতি বিৰাজ কৰাৰ যোগ আছে। ব্যৱসায়িক অংশীদাৰৰ সৈতে কথা পাতোঁতে আপোনাক ধৈৰ্য্য ধৰিবলৈ পৰামৰ্শ দিয়া হৈছে। যদিহে আপুনি এই সময়ছোৱাত ধৈৰ্য্যসহকাৰে কাম নকৰে, তেন্তে আপুনি লোকচানৰ সন্মুখীন হ'বলগীয়া হ’ব পাৰে।

স্বাস্থ্য:এই সপ্তাহত আপোনাৰ স্বাস্থ্য বৰ বিশেষ ভাল নহ'ব আৰু আপুনি তীব্ৰ মূৰৰ বিষ আৰু পিঠিৰ বিষৰ সম্মুখীন হোৱাৰ সম্ভাৱনা আছে। আপুনি উৎসাহ আৰু উদ্যমো হেৰুৱাব পাৰে, যাৰ ফলত আপোনাৰ শাৰীৰিক স্বাস্থ্যৰো আৱনতি হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ স্বাস্থ্য উন্নত কৰিবৰ বাবে আপোনাক ধ্যান কৰিবলৈ আৰু যোগাভ্যাস কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

উপায়: দৈনিক 19 বাৰ 'ঔঁ সূৰ্য্যায় নমঃ' মন্ত্ৰ জপ কৰক।

বাৰটা ৰাশিৰ আটাইতকৈ বিস্তৃত 2024 ভৱিষ্যতবাণী:ৰাশিফল 2024

মূলাংক 2

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 2, 11, 20অথবা29 তাৰিখে হৈছে)

এই মূলাংকৰ জাতকসকল ভ্ৰমণৰ প্ৰতি অধিক আগ্ৰহী হ’ব পাৰে। আপুনি ইয়াক লৈ যথেষ্ট আৱেগিকো হ’ব পাৰে। এই লোকসকল ব্যৱসায়ৰ প্ৰতিও অধিক আগ্ৰহী হয়। মূলাংক 2ৰ মহিলাসকলে এই সপ্তাহত নতুন পৰিস্থিতিৰ সৈতে নিজকে সহজে খাপ খুৱাব পাৰিব আৰু নিজৰ কামক লৈ অধিক নিৰ্দ্ধাৰিত হ'ব পাৰিব। সাধাৰণতে, এই মূলাংকৰ জাতকসকলে সকলো সময়তে কিবা নহয় কিবা এটাৰ বিষয়ে চিন্তা কৰি থাকে। অত্যাধিক চিন্তা কৰাৰ বাবে, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত তেওঁলোক কিছু কম নমনীয় হয়। তেওঁলোকে কম কথা পতাটো পছন্দ কৰে যিটো তেওঁলোকৰ বাবে বাধা হিচাপে থিয় দিব পাৰে।

প্ৰেম জীৱন:এই সময়ত আপোনাৰ জীৱনসঙ্গীৰ সৈতে যুক্তি-তৰ্ক হোৱাৰ সম্ভাৱনা আছে আৰু আপুনি আপোনাৰ সম্পৰ্কত এনে পৰিস্থিতি পৰিহাৰ কৰি চলিবলৈ চেষ্টা কৰা উচিত। আপুনি আপোনাৰ সঙ্গীৰ সৈতে কিছু সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগিব। এনে কৰিলেহে ৰোমাঞ্চ আৰু সুখ-শান্তি আপোনাৰ সম্পৰ্কত বৰ্ত্তি থাকিব। আপুনি আপোনাৰ জীৱনসঙ্গীৰ সৈতে পাৰস্পৰিক সম্পৰ্ক বজাই ৰাখিবৰ বাবে আলোচনাৰ আশ্ৰয় ল'ব পাৰে। বাৰ্তালাপৰ জৰিয়তে, আপুনি আপোনাৰ সম্পৰ্কলৈ অহা সকলো বাধা আৰু সমস্যা সমাধান কৰিবলৈ সক্ষম হ'ব।

শিক্ষা:শিক্ষাৰ্থীসকলৰ এই সপ্তাহত তেওঁলোকৰ অধ্যয়নৰপৰা মনোযোগ ভংগ হোৱাৰ সম্ভাৱনা আছে, সেয়েহে শিক্ষাৰ্থীসকলে এই সময়খিনিত অধ্যয়নৰ প্ৰতি অধিক মনোযোগ দিব লাগিব। আপুনি কঠোৰভাৱে অধ্যয়ন কৰা উচিত আৰু শিক্ষাৰ ক্ষেত্ৰত এক পেছাদাৰী মনোভাৱ পোষণ কৰা উচিত। আপুনি অধ্যয়নৰ ক্ষেত্ৰত কিছু যুক্তিবাদী হ'ব লাগিব আৰু আপোনাৰ সহপাঠীসকলৰ মাজত আপোনাৰ সুকীয়া স্থান গঢ়ি তুলিবলৈ প্ৰয়াস কৰিব লাগিব। অধ্যয়নত উৎকৃষ্ট হ'বৰ বাবে আপুনি অধিক পেছাদাৰী হ'ব লাগিব।

বৃত্তিগত জীৱন:চাকৰিয়াল লোকসকলে এই সপ্তাহত কৰ্মক্ষেত্ৰত কিছুমান ভুল কৰিব পাৰে আৰু ই আপোনাৰ বিকাশৰ পথত বাধা হিচাপে ক্ৰিয়া কৰিব পাৰে। এনে পৰিস্থিতি পৰিহাৰ কৰিবৰ বাবে আপুনি এই সময়খিনিত আপোনাৰ কামৰ ক্ষেত্ৰত অধিক পৰিশ্ৰম কৰিব লাগিব যাতে আপুনি আপোনাৰ সহকৰ্মীসকলতকৈ আগবাঢ়ি যাব পাৰে। একে সময়তে, ব্যৱসায়ীসকল লোকচানৰ পৰিস্থিতিৰো সম্মুখীন হ’ব পাৰে। প্ৰতিদ্বন্দীসকলৰপৰা লাভ কৰা কঠোৰ প্ৰতিযোগিতাৰ বাবে এনে হ'ব পাৰে।

স্বাস্থ্য:এই সপ্তাহত আপোনাৰ কাহ হোৱাৰ আশংকা আছে সেয়েহে এইখিনি সময়ত আপুনি আপোনাৰ শাৰীৰিক স্বাস্থ্যৰ প্ৰতি মনোযোগ দিয়াটো ভাল। আপোনাৰ ৰাতি টোপনিৰ অভাৱ হ’ব পাৰে। ইয়াৰ উপৰিও, দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে, আপোনাৰ স্নায়ু সম্পৰ্কীয় সমস্যা হোৱাৰো সম্ভাৱনা আছে।

উপায়: দৈনিক 11 বাৰ 'ঔঁ চন্দ্ৰায় নমঃ' জপ কৰক।

বৰ্ষ 2024 ত কেনে হ’ব আপোনাৰ স্বাস্থ্য?স্বাস্থ্য ৰাশিফল 2024 ৰপৰা লাভ কৰক উত্তৰ

মূলাংক 3

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 3, 12, 21 অথবা 30তাৰিখে হৈছে)

মূলাংক 3 ৰ লোকসকল দৃঢ় সংকল্পৱদ্ধ হোৱাৰ লগতে তেওঁলোকে আৰু নীতি অনুসৰণ কৰি চলে। তেওঁলোক মুক্ত মনৰ অধিকাৰী হয় আৰু এইটোৱেই তেওঁলোকক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত পথ প্ৰদৰ্শন কৰে। প্ৰাৰ্থনা, ভক্তি আৰু আধ্যাত্মিকতা তেওঁলোকৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ। সাধাৰণতে, এই লোকসকলৰ কথোপকথনৰ ক্ষেত্ৰত কিছু অসুবিধা হয় আৰু তেওঁলোক অধিক স্বাভিমানী হয়। তেওঁলোকে নিজৰ ভাতৃ-ভগ্নীৰ সৈতে এক সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক বজাই ৰখাৰ ক্ষেত্ৰত বিফল হ'ব পাৰে।

প্ৰেম জীৱন:আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ মাজত ৰোমাঞ্চ বৃদ্ধি হ'ব। আপোনালোক দুয়োৱে পৰস্পৰৰ সৈতে এনেদৰে কথা পাতিব যাৰ ফলত আপোনালোকৰ মাজত পাৰস্পৰিক বুজা-পৰা বিকশিত হ'ব। আপোনালোক দুয়োৱে পৰিয়ালৰ যিকোনো অনুষ্ঠানৰ বিষয়ে ইজনে সিজনৰ সৈতে আলোচনা কৰিব পাৰে আৰু আপোনালোক দুয়োৱে এই পাৰিবাৰিক অনুষ্ঠানটোক লৈ যথেষ্ট সুখী অনুভৱ কৰিব আৰু ই আপোনালোকৰ প্ৰেম জীৱনলৈওঅধিক ইতিবাচকতা কঢ়িয়াই আনিব।

শিক্ষা:এই সপ্তাহটো শিক্ষাৰ্থীসকলৰ বাবে অতি সুন্দৰ হ'ব। আপুনি অধ্যয়নত পেছাদাৰী মনোভাৱ পোষণ কৰাৰ লগতে ভালদৰে অধ্যয়ন কৰিব পাৰিব। অৰ্থনীতি আৰু বিজনেছ এডমিনিষ্ট্ৰেছনৰ দৰে বিষয়বোৰ আপোনাৰ বাবে লাভজনক প্ৰমাণিত হ'ব। কিছুমান শিক্ষাৰ্থীয়ে বিদেশলৈ যোৱাৰ সুযোগ লাভ কৰিব পাৰে আৰু এই সুযোগবোৰ আপোনাৰ বাবে যথেষ্ট লাভজনক প্ৰমাণিত হ'ব।

বৃত্তিগত জীৱন:এই সপ্তাহত,চাকৰিয়াল লোকসকলে নতুন নতুন চাকৰিৰ সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে যাৰ বাবে তেওঁলোকে যথেষ্ট সুখী অনুভৱ কৰিব।নতুন চাকৰিৰ সুযোগত, আপুনি সম্পূৰ্ণ দক্ষতাৰে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিব। আপুনি কোনো অন-চাইট চাকৰিও লাভ কৰিব পাৰে যাক লৈ আপুনি সন্তুষ্ট অনুভৱ কৰিব আৰু আপুনি ইয়াত সহজেই সফলতা লাভ কৰিব। ব্যৱসায়ীসকলে কোনো নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে য'ত তেওঁলোকে ভাল লাভ প্ৰাপ্ত কৰিব বুলি আশা কৰা হৈছে। এই সময়খিনিত, ব্যৱসায়ীসকলে নেটৱৰ্কিঙৰ ক্ষেত্ৰতো সফলতা অৰ্জন কৰাৰ অধিক সম্ভাৱনা আছে।

স্বাস্থ্য:এই সপ্তাহটোত আপোনাৰ শাৰীৰিক স্বাস্থ্য ভালে থাকিব আৰু আপুনি উৎসাহ আৰু উদ্যমেৰে পৰিপূৰ্ণ অনুভৱ কৰিব। এনেদৰে, আপুনি স্বাস্থ্য ভালে ৰাখিব পাৰিব। আপোনাৰ ভিতৰত থকা সাহসৰ বাবে আপুনি সুস্বাস্থ্যৱান অনুভৱ কৰিব।

উপায়: দৈনিক 21 বাৰ 'ঔঁ গুৰুৱে নমঃ' মন্ত্ৰ জপ কৰক।

বৃহৎ কুণ্ডলীত নিহিত হৈ আছে, আপোনাৰ জীৱনৰ সকলো গোপন ৰহস্য, জানক গ্ৰহসমূহৰ গতি-বিধিৰ সম্পূৰ্ণ লেখ-জোখ

মূলাংক 4

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 4, 13, 22 অথবা 31তাৰিখে হৈছে)

মূলাংক 4ৰ জাকসকল আনৰ প্ৰতি যথেষ্ট আৱেগিক হয়। তেওঁলোক কাৰিকৰী বিষয় যেনে ৱেব ডিজাইনিং, মাল্টিমিডিয়া আৰু অন্যান্য বিষয়ৰ প্ৰতি অধিক আগ্ৰহী হয়। তেওঁলোকৰ জন্মৰ পৰাই পাৰ্থিৱ সুখ-সুবিধাৰ সৈতে জীৱন যাপন কৰাৰ প্ৰবৃত্তি থাকে। এই জাতকসকলে পেছাদাৰী মনোভাৱ পোষণ কৰাৰ লগতে তেওঁলোকৰ বিচাৰধাৰা ডাঙৰ হয়। এই লোকসকল যথেষ্ট প্ৰতিভাশালী আৰু দক্ষ। তেওঁলোকৰ ভিতৰত সৃষ্টিশীলতাৰ কোনো অভাৱ নাথাকে।

প্ৰেম জীৱন:আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ মাজত ভুল বুজাবুজিৰ বাবে আপোনালোকৰ সম্পৰ্কলৈ বিভেদ আহিব পাৰে। আপোনাৰ সঙ্গীৰ সৈতে আপোনাৰ সম্পৰ্ক শক্তিশালী কৰি তুলিবৰ বাবে আপুনি নিজৰ ফালৰপৰা তাল মিলাব লাগিব। আপুনি আগতীয়াকৈ আপোনাৰ সঙ্গীৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰা উচিত।

শিক্ষা:এইখিনি সময়ত, শিক্ষাৰ্থীসকলৰ মনোযোগ অধ্যয়নৰ পৰিৱৰ্তে আন কথাৰ প্ৰতি বিচলিত হ’ব পাৰে। ইয়াৰ বাবে, তেওঁলোকে অধ্যয়নৰ প্ৰতি কম আগ্ৰহী হ'ব। শিক্ষাৰ্থীসকলক এই সপ্তাহত সম্পূৰ্ণ মনোযোগেৰে অধ্যয়ন কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। লগতে আপোনাৰ মনত ৰখাৰ সামৰ্থ্যও হ্ৰাস পাব পাৰে আৰু ইয়াৰ ফলত, অধ্যয়নত আপোনাৰ মনোযোগ কম হ'ব পাৰে। শিক্ষাৰ্থীসকল এই সময়ত নতুন প্ৰকল্পত ব্যস্ত থকাৰ সম্ভাৱনা আছে। সেইবোৰ সম্পূৰ্ণ কৰিবৰ বাবে আপুনি অধিক সময় দিব কৰিব লাগিব।

বৃত্তিগত জীৱন: কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ বাবে স্বীকৃতি লাভ নকৰাৰ ফলত, আপুনি আপোনাৰ বৰ্তমানৰ চাকৰিৰ প্ৰতি অসন্তুষ্ট অনুভৱ কৰিব পাৰে। ইয়াৰ ফলস্বৰূপে আপুনি কিছু হতাশ অনুভৱ কৰিব পাৰে। একে সময়তে, ব্যৱসায়ীসকলে তেওঁলোকৰ বৰ্তমানৰ লেনদেনৰ পৰা লাভ প্ৰাপ্ত কৰাৰ সম্ভাৱনা নাই। আপোনাৰ ব্যৱসায়িক অংশীদাৰৰ সৈতে আপোনাৰ সম্পৰ্ক বেয়াও হ'ব পাৰে।

স্বাস্থ্য:এই সপ্তাহত আপোনাৰ পাচনৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে, সেয়েহে ইয়াক পৰিহাৰ কৰিবৰ বাবে আপোনাক সময়মতে খোৱা-বোৱা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। ইয়াৰ উপৰিও, আপোনাৰ ভৰি আৰু কান্ধত বিষ হোৱাৰ সম্ভাৱনা আছে।

উপায়: দৈনিক 22 বাৰ 'ঔঁ দুৰ্গায় নমঃ' মন্ত্ৰ জপ কৰক।

বৰ্ষ 2024 ত কেনে হ’ব আপোনাৰ স্বাস্থ্য?স্বাস্থ্য ৰাশিফল 2024 ৰপৰা লাভ কৰক উত্তৰ

মূলাংক 5

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 5, 14 অথবা 23তাৰিখে হৈছে)

মূলাংক 5ৰ জাতকসকল অত্যন্ত যুক্তিবাদী স্বভাৱৰ হোৱাৰ লগতে তেওঁলোকে নিজস্ব যৌক্তিক দক্ষতাৰ সহায়ত উন্নতি লাভ কৰে। এই লোকসকল অত্যন্ত সৃষ্টিশীল আৰু জীৱনৰ প্ৰতি তেওঁলোকৰ এক পৃথক দৃষ্টিভংগী থাকে। তেওঁলোকে ব্যৱসায়-বাণিজ্যৰপৰা অধিক লাভ অৰ্জন কৰিবলৈ আগ্ৰহী হয়। ইয়াৰ উপৰিও, তেওঁলোকৰ সংগীত আৰু শ্বেয়াৰ বজাৰৰ প্ৰতিও আগ্ৰহ থাকে। তেওঁলোক শ্বেয়াৰ বজাৰত জড়িত হ'ব পাৰে আৰু ইয়াৰ পৰা তেওঁলোকে লাভ অৰ্জন কৰাৰ সুযোগো লাভ কৰিব পাৰে।

প্ৰেম জীৱন:আপুনি আপোনাৰ সম্পৰ্কত উচ্চ মূল্যবোধ অনুভৱ কৰিব। আপোনাৰ জীৱনসঙ্গীৰ সৈতে মিলা-মিছা যথেষ্ট ভাল হ'ব আৰু আপুনি আনৰ বাবে এক উৎকৃষ্ট উদাহৰণ স্থাপন কৰিবলৈ সক্ষম হ’ব। আপোনাৰ জীৱনসঙ্গীৰ প্ৰতি প্ৰেম বৃদ্ধি হ'ব পাৰে। আপোনালোক দুয়োকে আপোনাৰ সম্পৰ্কত বহুত সুখী দেখা যাব। এই সপ্তাহত আপুনি আপোনাৰ সঙ্গীৰ সৈতে ক’ৰবাত ফুৰিবলৈ যাব পাৰে।

শিক্ষা:শিক্ষাৰ্থীসকলে এই সময়ত উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়াব পাৰিব আৰু তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰদ্বাৰা কঠিন বিষয়বোৰো সহজে আয়ত্ব কৰিবলৈ সক্ষম হ'ব। মেকানিকেল ইঞ্জিনিয়াৰিং, লজিষ্টিক আৰু ঐচ্ছিক পৰিসংখ্যাৰ দৰে বিষয়বোৰ আপোনাৰ বাবে সহজ প্ৰমাণিত হ'ব।

বৃত্তিগত জীৱন:এই সপ্তাহত আপুনি আপোনাৰ সামৰ্থ্য আৰু দক্ষতা জানিব পাৰিব। আপুনি সম্পূৰ্ণ উৎসাহেৰে কামত আগবাঢ়িব। ইয়াৰ বাহিৰেও, আপুনি আপোনাৰ কামৰ ক্ষেত্ৰত পেছাদাৰী মনোভাৱ ৰাখিব। লগতে ব্যৱসায়ীসকলে তেওঁলোকৰ নিজা ক্ষেত্ৰত শীৰ্ষস্থান দখল কৰিব পাৰিব আৰু নিজে নেতৃত্ব দিয়াত সফল হ'ব। আপুনি আপোনাৰ প্ৰতিদ্বন্দীসকলক কঠোৰ প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ আৰু নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব। ইয়াৰ উপৰিও, আপুনি আপোনাৰ ব্যৱসায়ৰ বাবে নতুন ৰণনীতিও বিকশিত কৰিব।

স্বাস্থ্য:এই সপ্তাহত আপোনাৰ স্বাস্থ্য অত্যন্ত ভাল হ'ব। আপুনি শাৰীৰিকভাৱে শক্তিশালী আৰু লগতে উদ্যমেৰে পৰিপূৰ্ণ অনুভৱ কৰিব আৰু ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যও ভাল হ'ব। আপোনাৰ প্ৰফুল্ল প্ৰকৃতিৰ বাবে, এই সময়ত আপোনাৰ সুস্বাস্থ্য অটুত থাকিব।

উপায়: দৈনিক 41 বাৰ 'ঔঁ নমো নাৰায়ণ' মন্ত্ৰ জপ কৰক।

পাওক আপোনাৰ সোঁৱৰণি আধাৰিত সঠিকশনি প্ৰতিৱেদন

মূলাংক 6

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 6, 15 অথবা 24তাৰিখে হৈছে)

এই মূলাংকৰ জাতকসকলৰ সংবাদ মাধ্যম আৰু ইয়াৰ লগত জড়িত ক্ষেত্ৰৰ প্ৰতি অধিক আগ্ৰহ থাকে। সাধাৰণতে, এই লোকসকল অতি ভাগ্যৱান আৰু তেওঁলোকৰ ভাগ্যৰ সহায়ত সফলতা অৰ্জন কৰে। এই লোকসকল প্ৰায়েই দীঘলীয়া দূৰত্বৰ ভ্ৰমণত ব্যস্ত থাকে। 6 মূলাংকৰ জাতকসকলৰ চিনেমাত কাম কৰাৰ ইচ্ছা থাকিব পাৰে আৰু তেওঁলোক এই বিষয়টোক লৈ যথেষ্ট আৱেগিক হয়।

প্ৰেম জীৱন:আপুনি এই সময়খিনিত যথেষ্ট চাপত থাকিব আৰু কামত ব্যস্ত থাকিব। ইয়াৰ ফলস্বৰূপে আপুনি আপোনাৰ সঙ্গীৰ প্ৰতি আপোনাৰ মৰম-ভালপোৱা প্ৰদৰ্শন কৰিবলৈ অসমৰ্থ হ'ব পাৰে। অধিক কামৰ ব্যস্ততাৰ বাবে, আপুনি আপোনাৰ জীৱনসঙ্গীৰ সৈতে সময় কটোৱাৰ আৰু আপোনাৰ সঙ্গীৰ প্ৰতি স্নেহ প্ৰদৰ্শন কৰাৰ কম সুযোগ পাব পাৰে।

শিক্ষা:এই সপ্তাহত অত্যাধিক চাপ লোৱাৰ বাবে, শিক্ষাৰ্থীসকলে অধ্যয়নৰ প্ৰতি আগ্ৰহ হেৰুৱাব পাৰে। যদিহে আপুনি বৃত্তিগত পাঠ্যক্ৰমৰ অধ্যয়ন কৰি আছে তেনেহ’লে আপুনি ভাল নম্বৰ অৰ্জন কৰা আৰু উৎকৃষ্ট প্ৰদৰ্শন কৰাত পিছ পৰি থাকিব পাৰে। আপুনি অধ্যয়নত অধিক মনোযোগ দিব লাগিব। আপুনি যি কাম কৰি আছে তাত আপোনাৰ একাগ্ৰতা হ্ৰাস পাব পাৰে।

বৃত্তিগত জীৱন:এই সপ্তাহত আপুনি আপোনাৰ কামৰ প্ৰতি আগ্ৰহ হেৰুৱাব পাৰে। এইটো অত্যাধিক কামৰ বোজা আৰু চাপৰ বাবে হ'ব পাৰে। আপুনি আপোনাৰ কামৰ ক্ষেত্ৰত আপোনাৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াবলৈ চেষ্টা কৰিব কিন্তু তথাপিও আপোনাৰ জ্যেষ্ঠসকলে আপোনাৰ কামক উপেক্ষা কৰিব পাৰে। একে সময়তে, ব্যৱসায়ীসকলে তেওঁলোকৰ প্ৰতিযোগীসকলৰপৰা কঠিন প্ৰতিযোগিতাৰ সম্মুখীন হ’ব পাৰে। আপোনাৰ প্ৰতিযোগীসকলে ব্যৱসায়ত নতুন প্ৰযুক্তি ব্যৱহাৰ কৰি লাভাম্বিত হ’ব পাৰে।

স্বাস্থ্য:এই সময়ছোৱাত দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে, ছালৰ এলাৰ্জি হ’ব পাৰে। একে সময়তে, দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে আপোনাৰ পাচনৰ সমস্যা আৰু স্বাস্থ্য অৱনমিত হোৱাৰ সম্ভাৱনা আছে।

উপায়: দৈনিক 33 বাৰ 'ঔঁ শুক্ৰায় নমঃ' মন্ত্ৰ জপ কৰক।

মূলাংক 7

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 7, 16 অথবা 25তাৰিখে হৈছে)

মূলাংক 7ৰ জাতকসকল গুঢ়াৰ্থ বিজ্ঞান আৰু ধৰ্মৰ প্ৰতি আগ্ৰহী হোৱাৰ লগতে তেওঁলোক ইয়াতেই নিমগ্ন হৈ থাকি ভাল পায়। এই লোকসকল আধ্যাত্মিক কাৰ্য্যৰ প্ৰতি আগ্ৰহ বৃদ্ধি হ’ব পাৰে। তেওঁলোকৰ বন্ধু-বৰ্গ কম হয় আৰু তেওঁলোকে অধিক লোকৰ সৈতে তেওঁলোকৰ বন্ধুত্ব বজাই ৰখাৰ ক্ষেত্ৰতো অসমৰ্থ হয়। এই লোকসকলৰ আধ্যাত্মিক বিষয়বোৰ অধ্যয়ন কৰাৰ প্ৰতি আগ্ৰহ বৃদ্ধি হ’ব পাৰে। ইয়াৰ উপৰিও, এই মূলাংকৰ লোকসকলে আধ্যাত্মিক বা ধৰ্মীয় কাৰ্য্যৰ বাবে ভ্ৰমণলৈ যোৱাৰ সুযোগ লাভ কৰিব পাৰে।

প্ৰেম জীৱন:এই সপ্তাহত আপোনাৰ কাম আৰু ব্যক্তিগত জীৱনৰ মাজত ভাৰসাম্য বজাই ৰখাটো আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব। আপোনাৰ সম্পৰ্কৰ সুখ-শান্তি ভংগ হ’ব পাৰি। ইয়াৰ বাহিৰেও, আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ মাজৰ দূৰত্ব বৃদ্ধি হ'ব পাৰে আৰু আপোনালোক দুয়োৰে মাজৰ সম্পৰ্কত মধুৰতা হ্ৰাস পাব পাৰে। আপুনি আপোনাৰ জীৱনসঙ্গীৰ সৈতে মিলা-মিছা কৰি চলিব লাগিব আৰু এই সময়খিনিত আপোনাৰ বাবে এনে কৰাটো অতিশয় গুৰুত্বপূৰ্ণ।

শিক্ষা:এই সপ্তাহটো অধ্যয়নৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবে অত্যন্ত ফলদায়ক প্ৰমাণিত নহ'ব। আপোনাৰ শিকাৰ ক্ষমতা হ্ৰাস হোৱাৰ সম্ভাৱনা আছে। আপুনি শিক্ষাৰ ক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰিব নোৱাৰিবও পাৰে। ইয়াৰ বাহিৰেও, এই সপ্তাহটো উচ্চ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে বৰ বিশেষ ভাল নহ'ব। যদিহে আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেনেহ'লে আপোনাৰ বাবে অধিক নম্বৰ অৰ্জন কৰাটো আৰু অধ্যয়নত সফলতা লাভ কৰাটো কিছু কঠিন হ'ব। যদি আপুনি উচ্চ শিক্ষাৰ লগত জড়িত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ কথা চিন্তা কৰি আছে, তেনেহ'লে আপুনি আপোনাৰ সিদ্ধান্ত অলপ দিনৰ বাবে পিছুৱাই দিয়াটো ভাল। যদি আপুনি উন্নত অধ্যয়নৰ বাবে বিদেশলৈ যোৱাৰ কথা ভাবিছে তেনেহ'লে এই সময়ত আপোনাৰ ইচ্ছা সফল হোৱাৰ সম্ভাৱনা কম যেন দেখা গৈছে।

বৃত্তিগত জীৱন:এই সময়খিনিত মূলাংক 7ৰ জাতলোকসকলে তেওঁলোকৰ জ্যেষ্ঠসকলৰ সৈতে কথা-বাৰ্ত্তা পাতোঁতে অধিক সাৱধান হোৱাৰ প্ৰয়োজন আছে। আপোনাৰ জ্যেষ্ঠসকলৰ সৈতে বিভেদ হোৱাৰ লক্ষণ আছে আৰু তেওঁলোকে আপোনাৰ কামৰ মানদণ্ডৰ ওপৰত প্ৰশ্ন কৰিব পাৰে। একে সময়তে, আপোনাৰ অৱহেলাৰ বাবে, আপুনি আপোনাৰ কামত ভুল কৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবে, পৰিস্থিতি তেওঁলোকৰ নিয়ন্ত্ৰণৰ বাহিৰলৈও যাব পাৰে। ব্যৱসায়ীসকলে তেওঁলোকৰ ব্যৱসায়ত লাভৰ ক্ষেত্ৰত কিছু সাৱধান হোৱা উচিত।

স্বাস্থ্য:গাড়ী চলোৱাৰ সময়ত সাৱধান আৰু সতৰ্কৱান হোৱা উচিত কিয়নো এই সপ্তাহত আপুনি আঘাত প্ৰাপ্ত হোৱাৰ সম্ভাৱনা আছে। আপুনি এই সময়ত আপোনাৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্নৱান ল'ব লাগিব। আপুনি উৎসাহ আৰু উদ্যম হেৰুৱাব পাৰে, যাৰ ফলত আপুনি স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব পাৰে।

উপায়: দৈনিক 41 বাৰ 'ঔঁ কেতৱে নমঃ' মন্ত্ৰ জপ কৰক।

মূলাংক 8

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 8, 17 অথবা 26তাৰিখে হৈছে)

এই মূলাকংৰ জাতকসকলৰ সদায় নিজৰ কামৰ প্ৰতি মনোযোগীয় হয় আৰু এই সময়খিনিত তেওঁলোকে নিজৰ সকলো মনোযোগ তেওঁলোকৰ কামত কেন্দ্ৰীভূত কৰিব পাৰে। চাকৰিয়াল লোকসকলে তেওঁলোকৰ কামৰ সন্দৰ্ভত অধিক ভ্ৰমণ কৰাৰ সুযোগ লাব কৰিব পাৰে আৰু এই ভ্ৰমণবোৰ আপোনাৰ বাবে ফলদায়ক প্ৰমাণিত হ'ব। আনহাতে, এই মূলাংকৰ জাতকসকলে তেওঁলোকৰ চাকৰি বা ব্যৱসায় উন্নত কৰাৰ ক্ষেত্ৰত অথবা ইয়াক উন্নতিৰ দিশলৈ লৈ যোৱাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব আৰু এই দিশত প্ৰচেষ্টা কৰিব।

প্ৰেম জীৱন:এই সপ্তাহত, পাৰিবাৰিক সমস্যাৰ বাবে আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ মাজৰ ব্যৱধান বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত, আপোনাৰ সম্পৰ্কৰ সুখ-শান্তি ভংগ হ'ব পাৰে আৰু আপুনি এনে অনুভৱ কৰিব যেন আপুনি সকলো হেৰুৱাই পেলাইছে। এই সময়ছোৱাত আপোনাৰ জীৱনসঙ্গীৰ সৈতে মিলা-মিছা কৰি এক স্নেহভৰা সম্পৰ্ক বজাই ৰখাটো প্ৰয়োজনীয়। আপোনাৰ সম্পৰ্কত আনন্দ আৰু সুখ-শান্তি বজাই ৰখাৰ ক্ষেত্ৰত আপুনি ধৈৰ্য্য হেৰুৱাব পাৰে, সেয়েহে আপোনাৰ সম্পৰ্কত সুখ বৰ্ত্তাই ৰাখিবৰ বাবে নিজৰ ধৈৰ্য্য বৃদ্ধি কৰিবলৈ চেষ্টা কৰক। এই সপ্তাহত আপুনি আপোনাৰ সঙ্গীৰ প্ৰতি সৎ, সমৰ্পিত আৰু প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগিব।

শিক্ষা:এই সপ্তাহত একাগ্ৰতাই হৈছে সফলতাৰ মূল চাবিকাঠি, সেয়েহে নিষ্ঠাৰে অধ্যয়ন কৰক। আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব। উৎকৃষ্ট মনোযোগৰ বাবে, আপুনি শিক্ষাৰ ক্ষেত্ৰত উন্নত প্ৰদৰ্শন কৰাৰ সুযোগ লাভ কৰিব। আপুনি এই সময়খিনিত প্ৰতিযোগিতামূলক পৰীক্ষাত অংশগ্ৰহণ কৰিব কিন্তু আপোনাৰ বাবে এই পৰীক্ষা কিছু জটিল হ'ব পাৰে। ভাল নম্বৰ লাভ কৰিবৰ বাবে আপুনি ভালদৰে প্ৰস্তুতি কৰিব লাগিব। যদিহে আপুনি উচ্চ শিক্ষা গ্ৰহণ কৰিবৰ বাবে বিদেশলৈ যোৱাৰ কথা ভাবি আছে, তেন্তে এই কামৰ বাবে এইখিনি সময় বৰ উপযুক্ত নহয়।

বৃত্তিগত জীৱন: অসন্তুষ্ট হোৱাৰ ফত আপুনি চাকৰি সলনি কৰাৰ কথা ভাবিব পাৰে আৰু ই আপোনাক অশান্তি দিব পাৰে। কেতিয়াবা আপুনি কৰ্মক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত বিফল হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ কামৰ মানদণ্ডও প্ৰভাৱিত হ'ব পাৰে। ব্যৱসায়ীসকলে এই সময়খিনিত লাভ প্ৰাপ্ত কৰাটো কিছু কঠিন হ’ব পাৰে। আপুনি অতি কম বিনিয়োগত আপোনাৰ ব্যৱসায় চলাবলগীয়া হ’ব পাৰে বা আপুনি লোকচান বহন কৰিব লাগিব পাৰে। এই সপ্তাহত আপোনাৰ ব্যৱসায়িক অংশীদাৰৰ সৈতে বিভেদ হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ বাবে আপুনি আপোনাৰ ব্যৱসায় সুচাৰুৰূপে চলোৱাৰ ক্ষেত্ৰত অসুবিধাৰ সম্মুখীন হ’ব পাৰে।

স্বাস্থ্য: এই সপ্তাহত অত্যাধিক চাপৰ বাবে আপোনাৰ ভৰিৰ বিষ আৰু গাঁঠিত জঠৰতা হ’ব পাৰে। আপুনি ব্যায়াম কৰাৰদ্বাৰাও উপকৃত হ'ব। আপোনাৰ স্বাস্থ্য উন্নত কৰি ৰাখিবৰ বাবে আপোনাক যোগাভ্যাস আৰু ধ্যান কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

উপায়: দৈনিক 44 বাৰ 'ঐঁ মন্দায় নমঃ' মন্ত্ৰ জপ কৰক।

কেৰিয়াৰক লৈ হৈ আছে টেনশ্যন! এতিয়াই অৰ্ডাৰ কৰককগ্নিএষ্ট্ৰো প্ৰতিৱেদন

মূলাংক 9

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 9, 18 অথবা 27তাৰিখে হৈছে)

এই মূলাংকৰ জাতকসকলৰ অধিক প্ৰত্যাশা আৰু উচ্চাকাংক্ষা থাকে আৰু তেওঁলোকে তেওঁলোকৰ আকাংক্ষা পূৰণ কৰিবৰ বাবে প্ৰচেষ্টাৰত হৈ থাকে। তেওঁলোকে নিজৰ সম্পৰ্কৰ ওপৰত অধিক মনোনিৱেশ কৰে আৰু নৈতিকতাৰদ্বাৰা তেওঁলোকৰ সম্পৰ্ক স্থাপন কৰে। এই লোকসকলে ঘূৰাই-পকাই কথা কোৱাৰ সলনি পোনপটীয়াকৈ কথা ক’বলৈ ভাল পায় আৰু তেওঁলোকে নিজৰ স্বভাৱ বিকশিত কৰাত গুৰুত্ব দিয়ে। এই দৃষ্টিভংগীয়েই তেওঁলোকক উন্নতিৰ পথ প্ৰদৰ্শন কৰে।

প্ৰেম জীৱন:এই সময়খিনিত আপোনাৰ জীৱনসঙ্গীৰ সৈতে সম্পৰ্ক সুখ-শান্তি ভংগ হ'ব পাৰে আৰু আপোনাৰ সম্পৰ্কত স্নেহ-ভালপোৱাৰ অভাৱ হোৱাৰ লক্ষণ আছে। যদিহে আপুনি প্ৰেমৰ সম্পৰ্কত আছে তেনেহ’লে আপুনি আপোনাৰ সঙ্গীৰ সৈতে সুখ অনুভৱ কৰাত ব্যৰ্থও হ’ব পাৰে। লগতে বিবাহিত লোকসকলেও তেওঁলোকৰ বৈবাহিক জীৱনত প্ৰেম-ভালপোৱা বজাই ৰখাত সমস্যাৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ আৰু আপোনাৰ সঙ্গীৰ মাজৰ ব্যৱধান বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে।

শিক্ষা:এই সপ্তাহটো শিক্ষাৰ্থীসকলৰ বাবে অত্যন্ত শুভ নহ'ব। আপুনি ভাল নম্বৰ লাভ কৰিবলৈ সক্ষম নহ'বও পাৰে। আনহাতে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং আৰু ৰসায়ন বিজ্ঞানৰ দৰে বিষয় অধ্যয়ন কৰি থকা শিক্ষাৰ্থীসকলেও ভাল প্ৰদৰ্শন প্ৰদান কৰাত ব্যৰ্থ হ'ব পাৰে। এই সময়ছোৱাত শিক্ষাৰ্থীসকলৰ মনোযোগ অধ্যয়নৰপৰা বিচলিত হ'ব পাৰে আৰু এই কথাটোৱে আপোনাৰ বাবে ভাল প্ৰদৰ্শন কৰাত বাধা হিচাপে ক্ৰিয়া কৰিব পাৰে।

বৃ্ত্তিগত জীৱন:এই মূলাংকৰ জাতকসকলে এই সপ্তাহত নতুন চাকৰিৰ সুযোগ লাভ কৰাৰ সম্ভাৱনা কম দেখা যায়। যদিহে আপুনি চৰকাৰী চাকৰি লাভ কৰিব বিচাৰে, তেন্তে এইখিনি সময় ইয়াৰ বাবে উপযুক্ত নহয়। যদি আপুনি চাকৰিৰ পদোন্নতি লাভ কৰিবলৈ অপেক্ষা কৰি আছে, তেনেহ'লে এনে শুভ ফলাফল লাভ কৰাৰ বাবেও এই সপ্তাহটো অনুকূল নহয়। একে সময়তে, ব্যৱসায়ীসকলেও এই সময়ছোৱাত অধিক লাভ অৰ্জন কৰাত সমস্যাৰ সম্মুখীন হ'ব পাৰে। আপোনাৰ প্ৰতিদ্বন্দীসকলে আপোনাক অতিক্ৰম কৰি আগবাঢ়ি যাব পাৰে আৰু আপুনি এই পৰিস্থিতি প্ৰত্যক্ষ কৰি আশাহত হ’ব পাৰে।

স্বাস্থ্য:এই সপ্তাহটো স্বাস্থ্যৰ ক্ষেত্ৰতো অনুকূল নহয়। আপুনি শাৰীৰিকভাৱে অসুস্থ অনুভৱ কৰিব পাৰে আৰু আপোনাৰ ভিতৰৰ নেতিবাচক অনুভূতিয়েই ইয়াৰ কাৰক হ’ব পাৰে। ইয়াৰ উপৰিও, এই সময়খিনিত আপোনাৰ টোপনিৰ সমস্যা হোৱাৰ সম্ভাৱনাও আছে যি আপোনাৰ পথত বাধা হিচাপে থিয় দিব পাৰে। ইয়াক পৰিহাৰ কৰিবৰ বাবে আপোনাৰ স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগ দিয়া উচিত।

উপায়: দৈনিক 27 বাৰ 'ঔঁ ভৌমায় নমঃ' মন্ত্ৰ জপ কৰক।

সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক:এষ্ট্ৰোচেজ অনলাইন শ্বপিং ষ্টোৰ

আমি আশা কৰিছোঁ যে আপুনি আমাৰ এই ব্লগটো নিশ্চয় পছন্দ কৰিছে। যদিহে এনে হয় তেনেহ’লেআপুনি ইয়াক নিজৰ শুভাকাংক্ষীসকলৰ সৈতে শ্যেয়াৰ কৰক। ধন্যবাদ!

Talk to Astrologer Chat with Astrologer