অংক জ্যোতিষ - Numerology In Assamese (18 ফেব্ৰুৱাৰী-24 ফেব্ৰুৱাৰী, 2024)

Author: Lobitha Dutta | Updated Fri, 16 Feb 2024 12:39 AM IST

কেনেদৰে জানিব আপোনাৰ মুখ্য অংক (মূলাকং)?

অংক জ্যোতিষ সাপ্তাহিক ভাৱিষ্যতবাণী জনাৰ ক্ষেত্ৰত অংক জ্যোতিষ মূলাংকৰ যথেষ্ট গুৰুত্ব আছে। মূলাংকক জাতক জীৱনৰ মহত্বপূৰ্ণ অংক হিচাপে গণ্য কৰা হয়। আপোনাৰ জন্ম মাহটোৰ যি তাৰিখত হয় তাৰ যোগফল গণনা কৰাৰ পিছত যি অংক প্ৰাপ্ত হয়, সেই অংকটোকেই মূলাংক বুলি কোৱা হয়। মূলাকং1 ৰপৰা 9 অংকৰ ভিতৰত যিকোনো হ’ব পাৰে, উদাহৰণস্বৰূপে- যদিহে আপোনাৰ জন্ম কোনো মাহৰ 10 তাৰিখে হৈছে তেনেহ’লে আপোনাৰ মূলাংক হ’ব 1+0 অৰ্থাৎ1 ।


এনেদৰেই যিকোনো মাহৰ 1 তাৰিখৰপৰা 31লৈকে জন্ম হোৱা লোকসকলৰ বাবে 1 ৰপৰা 9 পৰ্য্যন্ত মূলাংকৰ গণনা কৰা হয়। এইদৰে সকলো জাতকৰ মূলাংক জানি লৈ ইয়াৰ আধাৰত সাপ্তাহিক ৰাশিফল জানিব পৰা যায়।

পৃথিৱীৰ বিদ্বান অংক জ্যোতিষীসকলৰ সৈতে ফোনত কথা পাতক আৰু জানক কেৰিয়াৰ সম্বন্ধিত সকলো তথ্য

নিজৰ জন্মিথিৰপৰা জানক সাপ্তাহিক অংক জ্যোতিষ ৰাশিফল (18 ফেব্ৰুৱাৰীৰপৰা24ফেব্ৰুৱাৰী, 2024)

অংকজ্যোতিষে আমাৰ জীৱনত প্ৰত্যক্ষ প্ৰভাৱ পেলায় কিয়নো সকলো সংখ্যা বা অংকৰ আমাৰ জন্ম তাৰিখৰ সৈতে সম্পৰ্ক আছে। তলৰ প্ৰবন্ধটোত, আমি অৱগত কৰিছোঁ যে প্ৰতিগৰাকী ব্যক্তিৰ জন্ম তাৰিখ অনুসৰি এটা মূলাংক নিৰ্ধাৰণ কৰা হয় আৰু এই সকলোবোৰ অংক ভিন ভিন গ্ৰহৰদ্বাৰা শাসিত।

উদাহৰণস্বৰূপে মূলাংক 1ৰ ওপৰত সূৰ্য্য দেৱতাৰ আধিপত্য থাকে। চন্দ্ৰমা হৈছে মূলাংক 2ৰ স্বামী। অংক 3 ৰ ওপৰত দেৱ গুৰু বৃহস্পতিৰ আধিপত্য আছে, ৰাহু হৈছে অংক 4ৰ ৰজা। অংক 5 হৈছে বুধ গ্ৰহৰ অধীন। 6 অংকৰ ৰজা শুক্ৰ দেৱতা আৰু 7 অংক হৈছে কেতু গ্ৰহৰ। শনি দেৱতাক অংক 8 ৰ স্বামী হিচাপে গণ্য কৰা হয়। অংক 9 হৈছে মঙ্গল গ্ৰহৰ অংক আৰু এই গ্ৰহসমূহৰ পৰিৱৰ্তনৰ ফলত জাতকসকলৰ জীৱনলৈ বহুতো পৰিৱৰ্তন আহে।

বৃহৎ কুণ্ডলীত নিহিত হৈ আছে আপোনাৰ জীৱনৰ বহুতো গোপন ৰহস্য, জানক গ্ৰহসমূহৰ গতি-বিধিৰ সম্পূৰ্ণ লেখ-জোখ

মূলাংক 1

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ1, 10, 19অথবা28 তাৰিখে হৈছে)

এই মূলাংকৰ জাতকসকল অতিশয় সংকল্পবদ্ধ, শক্তিশালী হোৱাৰ লগতে তেওঁলোকে নিজৰ নীতি অনুসৰণ কৰে। এই মানুহবোৰে ঘূৰাই-পকাই কথা কোৱাৰ সলনি পোনপটীয়াকৈ কথা পাতিবলৈ পছন্দ কৰে। এই গুণবোৰৰ বাবে এই লোকসকলে জটিল পৰিস্থিতিবোৰ অতি সহজে অতিক্ৰম কৰে। তেওঁলোকে নিজৰ পিতৃৰ সম্পূৰ্ণ সহযোগ লাভ কৰে আৰু পিতৃ এইসকল জাতকৰ শুভাকাংক্ষীও। এই লোকসকলে সহজ কাম কৰাৰ সলনি জটিল কাম কৰিবলৈ পছন্দ কৰে আৰু তেওঁলোকে আনকি আটাইতকৈ কঠিন কামটোও অতি সহজেই সম্পন্ন কৰে।

প্ৰেম জীৱন:এই সপ্তাহত পাৰস্পৰিক বুজাবুজিৰ অভাৱৰ বাবে আপোনাৰ আৰু আপোনাৰ সঙ্গীৰ মাজত বিবাদ হোৱাৰ আশংকা আছে। ইয়াৰ লগতে, আপুনি নিজৰ জীৱনসঙ্গীৰ সৈতে আপোনাৰ সম্পৰ্ক ভালদৰে বজাই ৰাখাত বিফল হ'ব পাৰে আৰু আপোনাৰ সম্পৰ্কৰ মধুৰতা হ্ৰাস পাব পাৰে। যদিহে আপুনি আপোনাৰ সম্পৰ্কত সুখ-শান্তি বিঘ্নিত হোৱাটো নিবিচাৰে, তেন্তে আপুনি আপোনাৰ মনত চলি থকা বিভ্ৰান্তি আৰু সমস্যাবোৰৰ অন্ত পেলাব লাগিব। আপুনি আপোনাৰ সঙ্গীৰ প্ৰতি আপোনাৰ হৃদয়ত প্ৰেম জাগ্ৰত কৰিবলৈ চেষ্টা কৰিব লাগিব আৰু আপোনালোকৰ সম্পৰ্কটো মধুৰ কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগিব।

শিক্ষা:শিক্ষাৰ্থীসকল এই সপ্তাহত অধ্যয়নৰপৰা বিচলিত হ'ব পাৰে। আপুনি যি কামেই কৰিব তাতেই আপোনাৰ মনোযোগ দিয়াত অসুবিধা হ'ব পাৰে। ইয়াৰ ফলত আপুনি নিজৰ অধ্যয়নত পিছ পৰি থাকিব পাৰে। ইয়াৰ বাহিৰেও আপুনি যি পঢ়ে সেয়া মনত ৰাখিবলৈও অসুবিধা হ'ব পাৰে। শিকাৰ বা মনত ৰখাৰ ক্ষমতাৰ অভাৱৰ বাবে, আপুনি অধ্যয়নত ভাল প্ৰদৰ্শন কৰিব নোৱাৰিব পাৰে। এই সময়খিনিত আপুনি অধ্যয়নত সম্পূৰ্ণ মনোযোগ দিয়া উচিত। যদিহে আপুনি আইন, পদাৰ্থ বিজ্ঞান আৰু ইংৰাজী সাহিত্যৰ দৰে বিষয় অধ্যয়ন কৰি আছে তেন্তে আপুনি অধিক মনোযোগ দিব লাগিব আৰু অধিক একাগ্ৰতাৰে অধ্যয়ন কৰিব লাগিব।

বৃত্তিগত জীৱন:কামৰ ক্ষেত্ৰত এই সপ্তাহটো আপোনাৰ বাবে বৰ বিশেষ অনুকূল নহ'ব। আপুনি আপোনাৰ কাৰ্যালয়ৰ জ্যেষ্ঠ আৰু সহকৰ্মীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰখাত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। ইয়াৰ বাহিৰেও, আপোনাৰ ওপৰত কামৰ বোজাও বৃদ্ধি হ'ব পাৰে আৰু আপুনি সময়মতে আপোনাৰ কাম সম্পূৰ্ণ কৰাত ব্যৰ্থ হ'ব পাৰে। কৰ্মক্ষেত্ৰত আপুনি কৰা কঠোৰ পৰিশ্ৰমক মানুহে উপেক্ষা কৰিব পাৰে আৰু ই আপোনাক আমনি দিব পাৰে। ব্যৱসায়ীসকল এই সময়খিনিত সাৱধান হ'ব লাগিব কিয়নো এই সপ্তাহত তেওঁলোকৰ লোকচান বা হানি হোৱাৰ সম্ভাৱনা আছে।

এই সপ্তাহত, মূলাংক 1 ৰ জাতকসকলে নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱা উচিত। এই সময়খিনিত আপোনাৰ উৎসাহ আৰু উদ্যমৰ অভাৱ হ'ব পাৰে, যাৰ ফলত আপোনাৰ স্বাস্থ্যৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে। এই সময়খিনিত আপোনাৰ এলাৰ্জি, তীব্ৰ চৰ্দি আৰু তীব্ৰ মূৰৰ বিষ হ'ব পাৰে আৰু ইয়াৰ ফলত, আপোনাৰ স্বাস্থ্যৰ অৱনতি হ'ব পাৰে। ইয়াৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হ’ব পাৰে আৰু ইয়াৰ বাবে আপোনাৰ সামৰ্থ্য হ্ৰাস পাব পাৰে। আপুনি ঠাণ্ডা পানী খোৱাটো পৰিহাৰ কৰা উচিত।

উপায়:দৈনিক 108 বাৰ 'ঔঁ ভাস্কৰায় নমঃ' মন্ত্ৰ জপ কৰক।

মূলাংক 2

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 2, 11, 20অথবা29 তাৰিখে হৈছে)

এই মূলাংকৰ জাতকসক ফুৰা-চকা, ভ্ৰমণ, ব্যৱসায় আৰু জল যাত্ৰাৰ সৈতে জড়িত সম্পৰ্কীয় ব্যৱসায় আদিৰ প্ৰতি আগ্ৰহী হয়। এই লোকসকলে নিজৰ ভৱিষ্যতৰ বিষয়ে অত্যাধিক চিন্তা কৰে আৰু তেওঁলোকৰ চিন্তা-চৰ্চা তথা কল্পনাৰ দৃশ্যপটো সময়ে সময়ে সলনি হৈ থাকে। কেতিয়াবা এই লোকসকলে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত বিভ্ৰান্ত অনুভৱ কৰিব পাৰে।

প্ৰেম জীৱন: আপুনি এইখিনি সময়ত নিজৰ ওপৰত যথেষ্ট সন্তুষ্ট হৈ থাকিব আৰু ই আপোনালোকৰ সম্পৰ্কৰ ওপৰতো ইতিবাচক প্ৰভাৱ পেলাব। আপোনাৰ জীৱনসঙ্গীৰ বাবে আপোনাৰ মনত ভাল অনুভূতি বিকশিত হ'ব। এই সপ্তাহত আপুনি আপোনাৰ জীৱনসঙ্গীক ভালদৰে বুজিবলৈ সক্ষম হ'ব আৰু আপোনালোক দুয়োৰে মাজৰ পাৰস্পৰিক বুজাবুজি ভাল হ'ব। ই আপোনালোক দুয়োৰে মাজত প্ৰেম-ভালপোৱা বৃদ্ধি কৰিব আৰু আপোনালোক দুয়োৰে মাজত ঘনিষ্ঠতা বৰ্ত্তি থাকিব। এই সপ্তাহত আপোনাৰ পৰিয়ালত কোনো শুভ কাৰ্য অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। আপোনালোক দুয়োৱে এই অনুষ্ঠানটো যথেষ্ট উপভোগ কৰিব।

শিক্ষা: এই সপ্তাহত আপুনি শিক্ষাৰ ক্ষেত্ৰত নিজৰ বিশেষ দক্ষতা প্ৰদৰ্শন কৰি নিজৰ বাবে এক সুকীয়া স্থান সৃষ্টি কৰিবলৈ সক্ষম হ'ব। আপুনি ৰসায়ন বিজ্ঞান আৰু মেৰিন ইঞ্জিনিয়াৰিং আদি বিষয়ত উৎকৃষ্ট প্ৰদৰ্শন কৰিব পাৰিব। এই সপ্তাহত আপুনি অতি সহজেই ভাল নম্বৰ লাভ কৰিবলৈ সক্ষম হ'ব আৰু আপুনি সম্পূৰ্ণ উৎসাহ তথা নিষ্ঠাৰে ভাল নম্বৰ অৰ্জন কৰিবলৈ সক্ষম হ'ব।

বৃত্তিগত জীৱন:এই সপ্তাহত আপুনি নতুন চাকৰিৰ সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে আৰু এই সুযোগবোৰ লাভ কৰি আপুনি যথেষ্ট সন্তুষ্ট অনুভৱ কৰিব। ইয়াৰ লগতে, আপুনি এই সপ্তাহত বিদেশলৈ যোৱাৰ সুযোগো লাভ কৰিব পাৰে আৰু এনে সুযোগে আপোনাৰ উন্নতিৰ পথ প্ৰশস্ত কৰিব। এই সময়ছোৱাত আপুনি আশা কৰাতকৈও অধিক লাভ প্ৰাপ্ত কৰাৰ সম্ভাৱনা আছে। আপোনাৰ সামৰ্থ্য প্ৰমাণ কৰিবলৈ আপোনাক আপোনাৰ প্ৰতিদ্বন্দীৰ সৈতে প্ৰতিদ্বন্দিতাত নমা দেখা যাব। আপুনি আপোনাৰ প্ৰতিদ্বন্দীসকলৰ বাবে ভাবুকি হিচাপে থিয় দিব পাৰে।

স্বাস্থ্য: আপোনাৰ উৎসাহ আৰু উদ্যম বৃদ্ধি হোৱাৰ বাবে, এই সপ্তাহত আপোনাৰ স্বাস্থ্য ভালে থাকিব। এই সপ্তাহত কোনো গুৰুতৰ স্বাস্থ্যজনিত সমস্যাই আপোনাক আমনি নিদিয়ে। অৱশ্যে, মূৰৰ বিষৰ দৰে সৰু-সুৰা সমস্যাই কিছু অসুবিধা দিব পাৰে। এই সপ্তাহত আপোনাৰ শক্তি আৰু উদ্যম যথেষ্ট বৃদ্ধি পাব আৰু ই আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি হ’ব। এই সকলোবোৰ বস্তুৰ প্ৰভাৱে আপোনাৰ স্বাস্থ্যলৈ ভাৰসাম্য আনি দিব।

উপায়:দৈনিক 20 বাৰ 'ঔঁ চন্দ্ৰায় নমঃ' মন্ত্ৰ জপ কৰক।

বৰ্ষ 2024 ত কেনে হ’ব আপোনাৰ স্বাস্থ্য?স্বাস্থ্য ৰাশিফল 2024 ৰপৰা লাভ কৰক উত্তৰ

মূলাংক 3

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 3, 12, 21 অথবা 30তাৰিখে হৈছে)

মূলাংক 3 ৰ জাতকসকলে নিজৰ ঘনিষ্ঠ লোকসকলৰ সন্মুখত যথেষ্ট আত্মসন্মান ধৰি ৰাখি আচৰণকৰে।ইয়াৰ উপৰিও এই লোকসকলৰ বিভিন্ন ভাষা শিকাৰ আৰু বিভিন্ন ভাষাত কথা পতাৰ আগ্ৰহ থাকে। এই লোকসকল আধ্যাত্মিক কামৰ প্ৰতি অধিক আগ্ৰহী হয় আৰু তেওঁলোক ধৰ্মীয় ভ্ৰমণত অধিক ব্যস্ত হৈ থাকে।

প্ৰেম জীৱন:এই সপ্তাহত আপোনাৰ আৰু আপোনাৰ সঙ্গীৰ মাজৰ সম্পৰ্কত সুখ-শান্তি বৰ্ত্তি থাকিব। আপোনালোকৰ সম্পৰ্কত সুখ-শান্তি বজাই ৰাখিবৰ বাবে এইখিনি সময় উত্তম হ'ব। আপোনালোক দুয়োৰে মাজৰ সম্পৰ্ক শক্তিশালী হ'ব আৰু পাৰস্পৰিক মিলা-মিছাও ভাল হ'ব। আপুনি আপোনাৰ জীৱনসঙ্গীৰ সৈতে ধৰ্মীয় ভ্ৰমণলৈ যাব পাৰে। এই যাত্ৰা আপোনাৰ বাবে অতি মূল্যৱান প্ৰমাণিত হ'ব আৰু আপোনাৰ জীৱনশৈলীলৈ ই এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন কঢ়িয়াই আনিব। বিশেষকৈ প্ৰেমৰ ক্ষেত্ৰত আপুনি উচ্চ মানদণ্ড স্থাপন কৰিবলৈ সক্ষম হ'ব।

শিক্ষা:আপুনি এই সপ্তাহত শিক্ষাৰ ক্ষেত্ৰত অত্যন্ত ভাল প্ৰদৰ্শন কৰিব। আপোনাৰ বাবে ফাইনেন্সিয়েল একাউণ্টিং আৰু বিজনেছ মেনেজমেণ্ট আদি পাঠ্যক্ৰম যথেষ্ট ভাল প্ৰমাণিত হ'ব আৰু আপুনি এই বিষয়বোৰত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। এই সময়খিনিত আপুনি এই বিষয়বোৰত ভাল নম্বৰ লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ লগতে আপুনি এই সপ্তাহত নিজৰ সামৰ্থ্য আৰু দক্ষতা চিনাক্ত কৰিবলৈ সক্ষম হ'ব। আপুনি আপোনাৰ সহপাঠীসকলৰ তুলনাত অধিক নম্বৰ লাভ কৰিব পাৰিব।

বৃত্তিগত জীৱন:মূলাংক 3ৰ জাতকসকলে এই সপ্তাহত তেওঁলোকৰ চাকৰিত বিশেষজ্ঞতা প্ৰাপ্ত কৰিব আৰু আপুনি পদোন্নতি লাভ কৰাৰ লগতে আপোনাৰ দৰমহাও বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। এই সপ্তাহত কৰ্মক্ষেত্ৰৰ লোকসকলে আপোনাৰ কঠোৰ পৰিশ্ৰমৰ পৰিচয় লাভ কৰিব। আপোনাৰ ব্যৱসায়িক সম্পৰ্ক বৃদ্ধি হ'ব যি আপোনাক আশাকৰাতকৈও অধিক লাভালাভ প্ৰদান কৰিব।আপুনি আপোনাৰ প্ৰতিদ্বন্দীসকলক কঠোৰ প্ৰতিদ্বন্দিতা আগবঢ়াব পাৰিব।

স্বাস্থ্য:এই সপ্তাহত আপোনাক উৎসাহ আৰু উদ্যমেৰে পৰিপূৰ্ণ হৈ থকা দেখা যাব। আপুনি এই সময়খিনিত যথেষ্ট ইতিবাচক অনুভৱ কৰিব আৰু এই ইতিবাচকতাৰ বাবে, আপোনাৰ উৎসাহ আৰু অধিক বৃদ্ধি পাব। এই সকলোবোৰৰ বাবে আপোনাৰ স্বাস্থ্যও ভালে থাকিব।

উপায়: বৃহস্পতিবাৰে বৃহস্পতি দেৱক প্ৰসন্ন কৰিবৰ বাবে যজ্ঞ-হোম কৰক।

মূলাংক 4

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 4, 13, 22 অথবা 31তাৰিখে হৈছে)

মূলাংক 4 ৰ জাতকসকলৰ পাৰ্থিৱ বস্তুৰ প্ৰতি আগ্ৰহ বৃদ্ধি হ’ব পাৰে। এই লোকসকলে খোৱা-বোৱাৰ ক্ষেত্ৰত চৌখিন হয়। ইয়াৰ উপৰিও, তেওঁলোকে দীঘলীয়া দূৰত্ব ভ্ৰমণ কৰিবলৈও পছন্দ কৰে। মূলাংক 4 ৰ জাতকসকলৰ কল্পনাশক্তি যথেষ্ট শক্তিশালী হয়। তেওঁলোক সম্পত্তি ক্ৰয় কৰা বা ৰিয়েল ইষ্টেটত বিনিয়োগ কৰাৰ দৰে বিষয়ৰ প্ৰতি অধিক আগ্ৰহী হয়। শ্বেয়াৰ বজাৰৰ প্ৰতিও তেওঁলোকৰ আগ্ৰহ থাকে আৰু ইয়াৰপৰাতেওঁলোকে ভাল লাভ অৰ্জন কৰিব পাৰে।

প্ৰেম জীৱন:এই সময়খিনিত আপুনি নিজৰ জীৱনসঙ্গীৰ সৈতে আপোনাৰ সম্পৰ্ক ভালদৰে বজাই ৰখাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। এই সপ্তাহটো আপোনাৰ প্ৰেম জীৱনৰ বাবে বৰ বিশেষ অনুকূল নহ'ব। আপোনাৰ আৰু আপোনাৰ সঙ্গীৰ মাজত পাৰস্পৰিক মিলা-মিছা আৰু সুখ-শান্তি বজাই ৰাখিবৰ বাবে আপুনি আপোনাৰ জীৱনসঙ্গীৰ সৈতে কিছু সামঞ্জস্য গঢ়ি তুলিবলৈ চেষ্টা কৰিব লাগিব। লগতে যদিহে আপোনাৰ পৰিয়ালত কোনো সমস্যা চলি আছে তেন্তে সেয়া ধৈৰ্য্যৰে সমাধান কৰিবলৈ চেষ্টা কৰক। এনে পাৰিবাৰিক সমস্যাবোৰ কিছুমান আইনী সমস্যাৰ বাবে হ'ব পাৰে। যদিহে আপুনি আপোনাৰ সঙ্গীৰ সৈতে বাহিৰলৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰি আছে, তেন্তে এই পৰিকল্পনা কিছু সময়ৰ বাবে পিছুৱাই দিয়া উচিত।

শিক্ষা:অধ্যয়নৰ ক্ষেত্ৰত এই সপ্তাহটো আপোনাৰ বাবে বিশেষ অনুকূল নহ'ব আৰু শিক্ষাৰ্থীসকলে ভাল ফলাফল পাবলৈ অধিক প্ৰচেষ্টা কৰিব লাগিব। যদিহে আপুনি ভিজুৱেল কমিউনিকেচন আৰু ৱেব্ ডিজাইনিঙৰ দৰে বিষয় অধ্যয়ন কৰি আছে, তেনেহ'লে আপুনি অধিক পৰিশ্ৰম কৰাৰ লগতে অধিক মনোযোগ দিব লাগিব। অধ্যয়ন কৰোঁতে মনোযোগ ভংগ হোৱাৰ সম্ভাৱনা আছে। অধ্যয়ন কঠিন নহ'ব, কিন্তু মনোযোগৰ অভাৱৰ বাবে আপুনি জটিলতাৰ সম্মুখীন হ'ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত নতুন কিবা এটা কৰাৰ বাবে বা কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে এয়া সঠিক সময় নহয়।

বৃত্তিগত জীৱন:এই সপ্তাহত আপুনি চাকৰিৰ ক্ষেত্ৰত কামৰ চাপ অনুভৱ কৰিব পাৰে আৰু ইয়াৰ বাবে আপুনি কিছু চিন্তিত হ'ব পাৰে। আপুনি আপোনাৰ কামত কৰা কঠোৰ পৰিশ্ৰমক মানুহে উপেক্ষা কৰিব পাৰে। কামৰ ক্ষেত্ৰত আপোনাৰ দক্ষতা হ্ৰাস পোৱা যেন আপোনাৰ অনুভৱ হ’ব পাৰে। এই সকলোবোৰ পৰিহাৰ কৰিবৰ বাবে এই সময়খিনিত আপুনি পৰিকল্পনা প্ৰস্তুত কৰি চলাটো অতিশয় গুৰুত্বপূৰ্ণ হ’ব। কামৰ বোজাৰ বাবে আপুনি কিছুমান ভুলও কৰিব পাৰে, সেয়েহে আপুনি আপোনাৰ কামৰ ক্ষেত্ৰত অধিক সতৰ্কৱান আৰু সাৱধান হোৱা উচিত। যদিহে আপুনি ব্যৱসায় কৰে তেনেহ'লে আপুনি আপোনাৰ প্ৰতিযোগীসকলৰ পৰা কঠোৰ প্ৰতিদ্বন্দিতাৰ সম্মুখীন হ’ব পাৰে আৰু এই সপ্তাহত আপুনি লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। এই সময়খিনিত আপোনাৰ প্ৰতিদ্বন্দীসকল আপোনাৰ বাবে ভাবুকি হিচাপে থিয় দিব পাৰে।

স্বাস্থ্য:আপোনাৰ স্বাস্থ্য উন্নত ৰাখিবৰ বাবে আপুনি সময়মতে খোৱা-বোৱা কৰা উচিত। যদিহে আপুনি এনে নকৰে তেনেহ’লে আপোনাৰ হজমৰ সমস্যা হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ শক্তি হ্ৰাস হোৱাৰ আশংকা আছে। এই সপ্তাহত তেল-মচলাযুক্ত খাদ্য পৰিহাৰ কৰিব। এই সপ্তাহত আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও দুৰ্বল হ'ব পাৰে।

উপায়:দৈনিক 22 বাৰ 'ঔঁ ৰাহৱে নমঃ' মন্ত্ৰ জপ কৰক।

মূলাংক 5

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 5, 14 অথবা 23তাৰিখে হৈছে)

এই মূলাংকৰ লোকসকল অধিক যুক্তিবাদী হয় আৰু তেওঁলোকে নিজৰ দক্ষতা সম্পূৰ্ণ উৎসাহেৰে ব্যৱহাৰ কৰে। এই সময়খিনিত, এইসকল জাতকে অংশীদাৰী ব্যৱসায় কৰাৰ প্ৰতি অধিক আগ্ৰহ দেখুৱাব পাৰে। ইয়াৰ বাহিৰেও মূলাংক 5 ৰ জাতকসকল সংগীত আদিৰ প্ৰতিও অধিক আগ্ৰহী হয়। তেওঁলোকৰ উৎফুল্লিত স্বভাৱৰ বাবে, তেওঁলোকে নিজ নিজ ক্ষেত্ৰত শীৰ্ষ স্থানত উপনীত হ'বলৈ সক্ষম হ’ব পাৰে।

প্ৰেম জীৱন:এই সময়ছোৱাত আপোনাৰ আৰু আপোনাৰ সঙ্গীৰ মাজৰ পাৰস্পৰিক বুজাবুজি অতি ভাল হ'ব। এই সপ্তাহত আপুনি যথেষ্ট পৰিমাণে প্ৰেম উপভোগ কৰিবলৈ সক্ষম হ'ব আৰু আপুনি আপোনাৰ সঙ্গীৰ সৈতে ৰোমান্টিক সময় কটোৱাৰ সুযোগ লাভ কৰিব। আপুনি এই সপ্তাহত আপোনাৰ সঙ্গী আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতে দীঘলীয়া দূৰত্ব ভ্ৰমণ কৰাৰ সুযোগো লাভ কৰিব পাৰে। এই যাত্ৰাৰ সময়ত, আপুনি আপোনাৰ সম্পৰ্কত উচ্চ মূল্যবোধ স্থাপন কৰিবলৈ সক্ষম হ'ব আৰু আপোনালোকৰ সম্পৰ্কত সুখ-শান্তি বৰ্ত্তি থাকিব। ইয়াৰ লগতে, আপোনালোক দুয়োৰে মাজত পাৰস্পৰিক বুজাবুজিও বৃদ্ধি পাব আৰু আপোনালোক দুয়োৱে পৰস্পৰক ভালদৰে বুজি পাব।

শিক্ষা:এই সপ্তাহত আপুনি অধ্যয়নৰ ক্ষেত্ৰত আপোনাৰ দক্ষতা প্ৰমাণ কৰিবলৈ সক্ষম হ'ব আৰু শিক্ষাৰ ক্ষেত্ৰত দ্ৰুত বিকাশ লাভ কৰিব। ইয়াৰ লগতে, আপুনি পৰীক্ষাত উচ্চ নম্বৰ প্ৰাপ্ত কৰাত আৰু আপোনাৰ দক্ষতা প্ৰমাণ কৰাতো সফল হ'ব। আপুনি বিদেশত অধ্যয়ন কৰাৰ সুযোগো লাভ কৰিব পাৰে আৰু এই সুযোগবোৰ আপোনাৰ বাবে যথেষ্ট লাভজনক প্ৰমাণিত হ'ব। এই সপ্তাহত আপুনি বিদেশৰ পৰা কিছুমান নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে যাৰ বাবে আপুনি অতিশয় সন্তুষ্ট অনুভৱ কৰিব।

বৃত্তিগত জীৱন:এই সপ্তাহত আপুনি আপোনাৰ কৰ্মক্ষেত্ৰত সুন্দৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ব আৰু লগতে আপোনাৰ দক্ষতা প্ৰমাণ কৰিব পাৰি। আপুনি নিজৰ কামত কৰা কৰা কঠোৰ পৰিশ্ৰমৰ বাবে আনৰ পৰা প্ৰশংসা লাভ কৰিব। আপুনি আপোনাৰ কামৰ প্ৰতি অধিক সমৰ্পিত আৰু প্ৰতিশ্ৰুতিবদ্ধ হ'ব আৰু এই সময়খিনিত আপুনি নিজৰ কামত অতিশয় ব্যস্ত হৈ থাকিব। এই সকলোবোৰৰ সহায়ত, আপুনি সফলতাৰ উচ্চ শিখৰত উপনীত হ'বলৈ সক্ষম হ'ব। যদিহে আপুনি বিদেশলৈ যোৱাৰ কথা ভাবি আছে, তেন্তে এই সপ্তাহটো ইয়াৰ বাবে অতি উপযোগী প্ৰমাণিত হ'ব। ব্যৱসায়ীসকলে তেওঁলোকৰ ব্যৱসায়িক ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তন দেখা পাব আৰু তেওঁলোকে ইয়াৰ পৰা ভাল লাভ প্ৰাপ্ত কৰিব বুলিও আশা কৰা হৈছে।

স্বাস্থ্য:এই সময়ছোৱাত আপুনি অতিশয় সুখী, উদ্যমী তথা উৎসাহেৰে পৰিপূৰ্ণ অনুভৱ কৰিব। ইয়াৰ ফলত, আপোনাৰ স্বাস্থ্যও ভালে থাকিব। এই সপ্তাহত আপোনাৰ কোনো গুৰুতৰ স্বাস্থ্যজনিত সমস্যা হোৱাৰ সম্ভাৱনা নাই। আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও যথেষ্ট শক্তিশালী হ'ব আৰু আপুনি সম্পূৰ্ণ সুস্থ অনুভৱ কৰিব।

উপায়: দৈনিক 41 বাৰ 'ঔঁ নমো ভগৱতে বাসুদেৱায়ঃ নমঃ' মন্ত্ৰ জপ কৰক।

মূলাংক 6

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 6, 15 অথবা 24তাৰিখে হৈছে)

এই মূলাংকৰ জাতকসকল কলাত্মক আৰু সৃজনশীল কামত দক্ষ হয়। এইসকল লোক মনোৰঞ্জন আৰু সংগীত আদিৰ প্ৰতিও অধিক আগ্ৰহী হয়। মূলাংক 6ৰ জাতকসকল এই সপ্তাহত ভ্ৰমণত ব্যস্ত হৈ থাকিব আৰু এই ভ্ৰমণবোৰো আপোনাৰ বাবে লাভজনক প্ৰমাণিত হ'ব। আপুনি উচ্চ কাৰিকৰী দক্ষতাত সমৃদ্ধ হ'ব পাৰিব আৰু এইবোৰে আপোনাক আপোনাৰ প্ৰতিভা আৰু ক্ষমতা বৃদ্ধি কৰাত পথ প্ৰদৰ্শন কৰিব।

প্ৰেম জীৱন:এই সপ্তাহত আপুনি নিজৰ জীৱনসঙ্গীৰ সৈতে সম্পৰ্কত অতি সন্তুষ্ট আৰু আকৰ্ষিত অনুভৱ কৰিব। এই আকৰ্ষণ আপোনাৰ ভিতৰত উৎসাহ আৰু উদ্যম বৃদ্ধি হোৱাৰ বাবে অনুভূত হ’ব পাৰে। এই সপ্তাহত আপুনি নিজৰ ৰোমান্টিক সম্পৰ্কক লৈ উচ্চ মানদণ্ড স্থাপন কৰিব আৰু এইদৰে আপোনালোক দুয়োৰে মাজৰ সম্পৰ্কও শক্তিশালী হ'ব।

শিক্ষা:আপুনি কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং, ছফ্টৱেৰ আৰু ভিজুৱেল কমিউনিকেশ্যন আদিৰ দৰে কিছুমান ক্ষেত্ৰত বিশেষজ্ঞতা প্ৰাপ্ত কৰিব পাৰিব। ইয়াৰ লগতে আপুনি নিজৰ বাবে এক বিশেষ স্থান দখল কৰিবলৈ আৰু নিজৰ সহপাঠীসকলৰ সৈতে প্ৰতিদ্বন্দিতা কৰাৰ ক্ষেত্ৰত নিজকে এক উৎকৃষ্ট উদাহৰণ হিচাপে স্থাপন কৰিবলৈ সক্ষম হ’ব। এই সময়খিনিত আপোনাৰ প্ৰতিযোগিতামূলক দক্ষতা বৃদ্ধি পাব যি আপোনাক আপোনাৰ সহপাঠীসকলৰ সৈতে প্ৰতিদ্বন্দিতা কৰিবলৈ সক্ষম কৰি তুলিব। ইয়াৰ উপৰিও, আপুনি এই সপ্তাহত পাঠ্যক্ৰমৰ বাহিৰৰ কাৰ্যকলাপতো অংশগ্ৰহণ কৰিব পাৰিব।

বৃত্তিগত জীৱন:এই সপ্তাহত আপুনি কামত অতিশয় ব্যস্ত হৈ থাকিব আৰু আপুনি ইয়াৰপৰা ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। কামত ব্যস্ত হৈ থকাৰ ফলত আপুনি এই কথাক লৈ আস্বস্ত হ’ব যে আপুনি নিজৰ কাম বা চাকৰি ভালদৰে কৰিবৰ বাবে সক্ষম। এই সপ্তাহত আপুনি নিজৰ পছন্দ অনুসৰি বহুতো নতুন চাকৰিৰ সুযোগ লাভ কৰাৰ যোগ আছে। আপুনি যি দায়ৱদ্ধতা আৰু কঠোৰ পৰিশ্ৰমেৰে নিজৰ কাম কৰি আছে তাৰ বাবে আপোনাৰ দৰমহা বৃদ্ধিও হ'ব পাৰে। যদিহে আপুনি ব্যৱসায় কৰে, তেনেহ'লে আপোনাৰ ব্যৱসায় বৃহৎ পৰিমাণত বৃদ্ধি কৰাৰ বাবে এয়া সঠিক সময়। এই সময়ছোৱাত অংশীদাৰী ব্যৱসায় কৰিলে আপোনাক প্ৰোৎসাহন লাভ কৰিব আৰু আপুনি আপোনাৰ জীৱনসঙ্গীৰ সৈতে এক ভাল সম্পৰ্ক গঢ়ি তুলিব পাৰিব।

স্বাস্থ্য:এই সপ্তাহটো স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ বাবে ভাল প্ৰমাণিত হ'ব। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হোৱাৰ ফলত, আপোনাৰ স্বাস্থ্যৰ অৱস্থা ভাল হ'ব আৰু আপুনি উৎসাহ আৰু উদ্যমেৰে পৰিপূৰ্ণ অনুভৱ কৰিব। অৱশ্যে এই সময়খিনিত আপোনাৰ ছালৰ সামান্য সমস্যা হ'ব পাৰে, কিন্তু কোনো গুৰুতৰ স্বাস্থ্যজনিত সমস্যাই আপোনাক আমনি নিদিব।

উপায়: দৈনিক 33 বাৰ 'ঔঁ শুক্ৰায় নমঃ' মন্ত্ৰ জপ কৰক।

পাওক আপোনাৰ সোঁৱৰণি আধাৰিত সঠিকশনি প্ৰতিৱেদন

মূলাংক 7

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 7, 16 অথবা 25তাৰিখে হৈছে)

এই মূলাংকৰ জাতকসকল পাৰ্থিৱ বস্তুতকৈ আধ্যাত্মিকতাৰ প্ৰতি অধিক আগ্ৰহী হ'ব। এই লোকসকল ব্যৱহাৰ যথেষ্ট কঠোৰ হয়। তেওঁলোকৰ মনত কি চলি আছে আনে সেয়া বুজি পোৱাটো অলপ কঠিন। এই সপ্তাহত আপুনি পবিত্ৰ গ্ৰন্থ আৰু পুথিসমূহ পঢ়িবলৈ আগ্ৰহী হ'ব পাৰে। ইয়াৰ বাহিৰেও, আপুনি এই সপ্তাহত আধ্যাত্মিক কাৰ্য্যৰ বাবে দীঘলীয়া দূৰত্বৰ যাত্ৰা কৰিবলগীয়া হ’ব পাৰে।

প্ৰেম জীৱন:এই সপ্তাহটো আপোনাৰ প্ৰেম জীৱনৰ বাবে বৰ বিশেষ অনুকূল নহ'ব। পৰিয়ালত চলি থকা সমস্যাৰ বাবে আপোনাৰ সম্পৰ্কত সুখ-শান্তি বিঘ্নিত হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ বাহিৰেও সম্পত্তি ক্ৰয় কৰাক লৈ আপোনাৰ আত্মীয়সকলৰ সৈতে বিভেদ হ’ব পাৰে আৰু ইয়াৰ বাবে আপুনি কিছু অসন্তুষ্ট হৈ থাকিব পাৰে। পাৰিবাৰিক সমস্যাবোৰ সমাধান কৰিবৰ বাবে চিন্তা কৰি বহি থকাতকৈ কোনো জ্যেষ্ঠ সদস্যৰ পৰামৰ্শ গ্ৰহণ কৰক। ইয়াৰদ্বাৰা আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ মাজত পাৰস্পৰিক সমন্বয় আৰু প্ৰেম বৰ্ত্তাই ৰাখিব পাৰিব।

শিক্ষা:গুঢ়াৰ্থবিজ্ঞান, দৰ্শন আৰু সমাজ শাস্ত্ৰৰ দৰে বিষয় অধ্যয়ন কৰি থকা শিক্ষাৰ্থীসকলৰ বাবে এই সপ্তাহটো বৰ অনুকূল নহ'ব। অধ্যয়ন কৰাত আৰু ভাল নম্বৰ লাভ কৰাত আপুনি কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। এই সময়ছোৱাত আপোনাৰ মনত ৰখাৰ ক্ষমতাও দুৰ্বল হ’ব পাৰে। আপুনি যি অধ্যয়ন কৰে সেয়া মনত ৰখাটো আপোনাৰ বাবে কিছু জটিল হ'ব পাৰে। অৱশ্যে, এই সপ্তাহত আপোনাৰ ভিতৰত সুপ্ত হৈ থকা দক্ষতাবোৰ ফুটি উঠিব কিন্তু সময়ৰ অভাৱৰ বাবে সম্পূৰ্ণৰূপে প্ৰস্ফূটিত হ’ব নোৱাৰিব। আপুনি অধ্যয়নত ভাল প্ৰদৰ্শন কৰিবলৈ যোগাভ্যাসৰ সহায় ল'ব পাৰে।

বৃত্তিগত জীৱন:এই সপ্তাহটো চাকৰিয়াল লোকসকলৰ বাবে ভাল ফলাফল লাব কৰাৰ ক্ষেত্ৰত মধ্যমীয়া হ'ব। ব্যৱসায়ীসকল এই সপ্তাহত লোকচানৰ সন্মুখীন হোৱাৰ আশংকা কৰা হৈছে। যদিহে আপুনি ব্যৱসায় কৰে তেনেহ’লে আপুনি এই সময়খিনিত নিজৰ ব্যৱসায়ৰ ওপৰত চকু ৰখাৰ লগতে পূৰ্বানুমান কৰাটো জৰুৰী হ’ব। ইয়াৰ বাহিৰে এই সপ্তাহত কোনো নতুন চুক্তি বা কোনো নতুন অংশীদাৰী ব্যৱসায় আৰম্ভ নকৰাটো ভাল হ’ব।

স্বাস্থ্য:এই সপ্তাহত এলাৰ্জিৰ ফলত আপোনাৰ ছালৰ জ্বলা-পোৰা আৰু হজমৰ সমস্যা হোৱাৰ আশংকা আছে। স্বাস্থ্যৱান হৈ থাকিবৰ বাবে সময়মতে খোৱা-বোৱা কৰক। ইয়াৰ বাহিৰেও, এই সপ্তাহত তৈলাক্ত খাদ্যৰপৰা আঁতৰি থকা উচিত কিয়নো ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যৰ অৱনতি হ'ব পাৰে। অৱশ্যে, এই সপ্তাহত আপোনাৰ কোনো গুৰুতৰ স্বাস্থ্যজনিত সমস্যা হোৱাৰ সম্ভাৱনা নাই।

উপায়: দৈনিক 41 বাৰ 'ঔঁ কেতৱে নমঃ' মন্ত্ৰ জপ কৰক।

বৰ্ষ 2024 ত কেনে থাকিব আপোনাৰ স্বাস্থ্য?স্বাস্থ্য ৰাশিফল 2024 ৰপৰা লাভ কৰক উত্তৰ

মূলাংক 8

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 8, 17 অথবা 26তাৰিখে হৈছে)

মূলাংক 8ৰ জাতকসকল তেওঁলোকৰ কামৰ প্ৰতি অধিক আগ্ৰহী হোৱাৰ লগতে কামৰ প্ৰতি অতি দায়ৱদ্ধ হয়। কামৰ বাবেই তেওঁলোকে পাৰ্থিৱ আনন্দ আৰু মনোৰঞ্জন আদি উপভোগ কৰিবলৈ কম সময় পায়। এই লোকসকলে উপভোগতকৈ তেওঁলোকৰ লক্ষ্য প্ৰাপ্ত কৰাত অধিক মনোনিৱেশ কৰে।

প্ৰেম জীৱন:পাৰিবাৰিক সমস্যাৰ বাবে এই সপ্তাহত আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ মাজৰ দূৰত্ব বৃদ্ধি হ'ব পাৰে। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কৰ সুখ-শান্তি ভঙ্গ হ’ব পাৰে। আপুনি সকলো হেৰুৱাই পেলোৱা যেন অনুভৱ কৰিব পাৰে। আপোনাৰ বাবে এই সময়খিনিত নিজৰ সঙ্গীৰ সৈতে মিলা-মিছা বজাই ৰখাটো আৰু আপোনালোকৰ সম্পৰ্কত মৰম-স্নেহ বৰ্ত্তাই ৰখাটো অতিশয় গুৰুত্বপূৰ্ণ হ’ব।

শিক্ষা:এই সপ্তাহত অধ্যয়নৰ ক্ষেত্ৰত আপোনাৰ একাগ্ৰতা আপোনাৰ বাবে সহায়ক হ’ব। এই সময়ছোৱাত প্ৰতিযোগিতামূলক পৰীক্ষাবোৰ আপোনাৰ বাবে কিছু কঠিন হ’ব পাৰে। আপোনাৰ মনত ৰখাৰ ক্ষমতা দুৰ্বল হোৱাৰ বাবে আপুনি এনে অনুভৱ কৰিব পাৰে। যদিহে আপুনি পৰীক্ষাত ভাল নম্বৰ লাভ কৰিব বিচাৰে তেনেহ’লে ভাল প্ৰস্তুতিৰ ওপৰত প্ৰদান কৰক।

বৃত্তিগত জীৱন:চাকৰি ক্ষেত্ৰত আপুনি অসন্তুষ্ট অনুভৱ কৰাৰ বাবে, আপুনি চাকৰি সলনি কৰাৰ কথা ভাবিব পাৰে আৰু এই কথাক লৈ আপুনি অলপ বিচলিত হ'ব পাৰে। কেতিয়াবা আপুনি আনকি নিজৰ কৰ্মক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰতো পিছ পৰি থাকিব পাৰে আৰু ইয়াৰ প্ৰভাৱ আপোনাৰ কামৰ মানদণ্ডৰ ওপৰত পৰিব পাৰে। কামৰ বোজাৰ বাবে আপুনি যিকোনো বস্তু প্ৰাপ্ত কৰিবলৈ অক্ষম অনুভৱ কৰিব পাৰে। আনহাতে ব্যৱসায়ীসকলৰ বাবে এই সময়ত লাভ অৰ্জন কৰাটো সহজ নহ'ব। আপুনি নিজৰ ব্যৱসায় নিম্নতম বিনিয়োগত চলাবলগীয়া হ’ব পাৰে অন্যথা আপুনি লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে।

স্বাস্থ্য:এই সপ্তাহত অত্যাধিক চাপৰ বাবে ভৰিৰ বিষ আৰু গাঁঠিবোৰ জঠৰ হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবেও এনে হ'ব পাৰে। আপুনি নিজকে স্বাস্থ্যৱান কৰি ৰাখিবলৈ যোগাভ্যাস আৰু ধ্যানৰ সহায় ল'ব পাৰে।

উপায়: দৈনিক 11 বাৰ 'ঔঁ হনুমতে নমঃ' মন্ত্ৰ জপ কৰক।

কেৰিয়াৰক লৈ হৈ আছে টেনশ্যন! এতিয়াই অৰ্ডাৰ কৰককগ্নিএষ্ট্ৰো প্ৰতিৱেদন

মূলাংক 9

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 9, 18 অথবা 27তাৰিখে হৈছে)

মূলাংক 9 ৰ জাতকসকলৰ উচ্চ নৈতিকতা আৰু মূল্যবোধ থাকে। এই লোকসকল অতি সাহসী আৰু নিৰ্ভীক প্ৰকৃতিৰ হোৱাৰ লগতে তেওঁলোকে এই গুণবোৰৰ সহায়ত জীৱনত জয় লাভ কৰে। এই লোকসকলে তেওঁলোকৰ ভাতৃ-ভগ্নীৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰে। এই মূলাংকৰ অধিকাংশ লোকে নৌ সেনা আৰু সেনা আদিত কৰ্মৰত হয়। এবাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত তেওঁলোকে ইয়াৰ বিপৰীত কাম নকৰে আৰু তেওঁলোক নিজৰ সিদ্ধান্তত অটল হৈ থাকে।

প্ৰেম জীৱন:এই সময়খিনিত আপোনাৰ জীৱনসঙ্গীৰ সৈতে আপোনাৰ সম্পৰ্কত সুখ-শান্তি আৰু প্ৰেম বৰ্ত্তি থাকিব। একে সময়তে প্ৰেমৰ সম্পৰ্কত থকা লোকসকলো তেওঁলোকৰ সঙ্গীৰ সৈতে অতি সুখী হ'ব। বিবাহিত লোকসকলে নিজৰ জীৱনসঙ্গীৰ সৈতে ভাল সময় কটোৱাৰ সুযোগ লাভ কৰিব। আপোনালোক দুয়ো ক’ৰবালৈ ফুৰিবলৈও যাব পাৰে। আপোনালোক দুয়োজনে এই যাত্ৰা যথেষ্ট উপভোগ কৰিব আৰু পৰস্পৰক ভালদৰে বুজি পাব।

শিক্ষা:এই সপ্তাহটো শিক্ষাৰ্থীসকলৰ বাবে অত্যন্ত ভাল হ'ব। আপুনি ভাল নম্বৰ লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ উপৰিও, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং আৰু ৰসায়ন বিজ্ঞান আদি অধ্যয়ন কৰি থকা শিক্ষাৰ্থীসকলেও ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ব। ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং অধ্যয়ন কৰি থকা শিক্ষাৰ্থীসকলে এই সপ্তাহত ভাল নম্বৰ লাভ কৰাৰ সম্ভাৱনা আছে। এই সপ্তাহত আপুনি শিক্ষাৰ ক্ষেত্ৰত নিজৰ বাবে এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হ'ব।

বৃত্তিগত জীৱন:মূূলাংক 9 ৰ জাতকসকলে এই সপ্তাহত নতুন চাকৰিৰ সুযোগ লাভ কৰিব পাৰে। যদিহে আপুনি চৰকাৰী চাকৰি কৰিব বিচাৰে, তেনেহ’লে আপুনি এই সময়ছোৱাত যথেষ্ট ভাল সুযোগ লাভ কৰা সম্ভাৱনা আছে। নিজৰ কামত কৰা কঠোৰ পৰিশ্ৰমৰ বাবে আপুনি পদোন্নতি আৰু প্ৰশংসা লাভ কৰিব পাৰে। আপোনাৰ কৰ্মক্ষেত্ৰত আপোনাৰ স্থিতি আৰু পদ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবে তেওঁলোকৰ ব্যৱসায়ৰ ক্ষেত্ৰত নতুন সম্পৰ্ক স্থাপন কৰাৰ বাবে এয়া সঠিক সময়। এই সপ্তাহত আপুনি ব্যৱসায়ৰ শীৰ্ষস্থানত থাকিব আৰু আপোনাৰ প্ৰতিযোগীসকলৰ সন্মুখত নিজকে প্ৰমাণ কৰিবলৈ সক্ষম হ'ব।

স্বাস্থ্য:এই সপ্তাহত আপোনাৰ স্বাস্থ্য ভালে থাকিব। আপোনাৰ ভিতৰত শক্তি আৰু আত্মবিশ্বাস বৃদ্ধি হোৱাৰ বাবে, এই সময়খিনিত আপোনাৰ স্বাস্থ্যও ভাল হ'ব। এই সপ্তাহত কোনো স্বাস্থ্যজনিত সমস্যাই আপোনাক আমনি নকৰে। অৱশ্যে এইখিনি সময়ত আপোনাৰ কাহ-পানীলগাৰ দৰে সামান্য স্বাস্থ্যজনিত সমস্যা হ'ব পাৰে।

উপায়:মঙ্গলবাৰে দৰিদ্ৰ লোকক ভোজন কৰাওক।

সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক কৰক:এষ্ট্ৰোচেজ অনলাইন শ্বপিং ষ্টোৰ

আমি আশা কৰিছোঁ যে আপুনি আমাৰ এই ব্লগটো নিশ্চয় পছন্দ কৰিছে। যদিহে এনে হয় তেনেহ’লেআপুনি ইয়াক নিজৰ শুভাকাংক্ষীসকলৰ সৈতে শ্যেয়াৰ কৰক। ধন্যবাদ!

Talk to Astrologer Chat with Astrologer