অংক জ্যোতিষ - Numerology In Assamese (24-30 মাৰ্চ, 2024)

Author: Lobitha Dutta | Updated Fri, 15 Mar 2024 04:37 PM IST

মাৰ্চৰ এই সপ্তাহটোৱে ভিন ভিন মূলাংকৰ লোকসকলৰ জীৱনলৈ বহুতো ভাল সুযোগ কঢ়িয়াই আনিব। যদিহে আপুনি নিজৰ মূলাংকৰ আধাৰত আপোনাৰ প্ৰেম জীৱন, কেৰিয়াৰ, স্বাস্থ্য বা আৰ্থিক স্থিতিৰ বিষয়ে জানিব বিচাৰে, তেন্তে নিশ্চিতভাৱে এই ব্লগটো শেষলৈকে পঢ়ক। এই প্ৰবন্ধটোত, আমাৰ অভিজ্ঞ অংকজ্যোতিষী আৰু জ্যোতিষাচাৰ্য্যহৰিহৰণ জীয়েমূলাংকৰ আধাৰিত অংক জ্যোতিষ সাপ্তাহিক ৰাশিফল24ৰ পৰা30মাৰ্চৰ বাবে সঠিক ভৱিষ্যতবাণী প্ৰদান কৰিছে।


আপোনাৰ ৰাশিৰ বাবে আগন্তুক বৰ্ষটো কেনে হ’ব? বিদ্বান জ্যোতিষী সকলৰপৰা জানক ইয়াৰ উত্তৰ

কেনেদৰে জানিব আপোনাৰ মুখ্য অংক বা মূলাকং?

আপুনি নিজৰ জন্ম তাৰিখক এটা সংখ্যালৈ ৰূপান্তৰ কৰি আপোনাৰ মূল অংক বা মূলাংক জানিব পাৰিব। মূল অংকবোৰ 1 ৰ পৰা 9 ৰ ভিতৰত হয়। উদাহৰণ স্বৰূপে, যদিহে আপোনাৰ জন্ম মাহৰ 11 তাৰিখে হৈছিল, তেনেহ’লে আপোনাৰ মূল অংক হ'ব 1+1, অৰ্থাৎ 2। এনেদৰে, আপুনি আপোনাৰ মূলাংক জানি লৈ আপোনাৰ ৰাশিফল জানিব পাৰিব।

জানক আপোনাৰ মূলাংকৰ ওপৰত আধাৰিত সাপ্তাহিক ৰাশিফল (24 ৰপৰা30মাৰ্চ 2024)

অংকজ্যোতিষে আমাৰ জীৱনত যথেষ্ট প্ৰভাৱ পেলায় কিয়নো আমাৰ জন্ম তাৰিখ সংখ্যা বা অংকৰে গঠিত। আপোনাৰ জন্ম তাৰিখৰ আধাৰত আপোনাৰ মূলাংক বা মুখ্য অংক নিৰ্ধাৰিত হয়। নিজৰ মূলাংক জনাৰ পিছত আপুনি অংক জ্যোতিষৰ অধীনত নিজৰ বিষয়ে বহু কিবাকিবি জানিব পাৰিব আৰু আপুনি নিজৰ ভৱিষ্যতফলৰ বিষয়েও তথ্য জানিব পাৰিব।

1 অংকৰ স্বামী হৈছে সূৰ্য্য দেৱতা আৰু চন্দ্ৰমা হৈছে মূলাংক 2ৰ স্বামী, মূলাংক 3 ৰ দেৱ গুৰু বৃহস্পতি, 4ৰ ৰাহু, 5 ৰ বুধ, 6 ৰ শুক্ৰ দেৱতা, 7ৰ কেতু, 8 ৰ শনি আৰু 9 অংকৰ স্বামী হৈছে মঙ্গল গ্ৰহ। এই গ্ৰহসমূহৰ পৰিবহনৰ ফলস্বৰূপে জাতকসকলৰ জীৱনলৈ বহুতো পৰিৱৰ্তন আহে আৰু এই গ্ৰহবোৰৰদ্বাৰা শাসিত অংকসমূহে আমাৰ জীৱনত গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰে।

সেয়েহে আহক আগবাঢ়ি যাওঁ আৰু মূলাংকৰ আধাৰত24ৰপৰা30মাৰ্চপৰ্য্যন্ত সময়খিনি আপোনাৰ বাবে কেনে হ’ব সেই বিষয়ে অৱগত হওঁ।

মূলাংক 1

( যদিহে আপোনাৰ জন্ম কোনো মাহৰ 1, 10, 19অথবা28 তাৰিখে হৈছে )

এই মূলাংকৰ জাতকসকলে প্ৰণালীবদ্ধ আৰু পেছাদাৰী স্বভাৱৰ হয় আৰু এই গুণবোৰৰ বাবে তেওঁলোকে জীৱনত সফলতা অৰ্জন কৰে। এই সপ্তাহত, মূলাকং 1 ৰ লোকসকলৰ আত্মবিশ্বাস হ্ৰাস হোৱাৰ লক্ষণ আছে। আপোনাৰ বাবে ধৰ্মীয় যাত্ৰাত যোৱাৰ সম্ভাৱনাও আছে আৰু এই যাত্ৰা আপোনাৰ বাবে ফলদায়ক প্ৰমাণিত হ'ব। এই সময়খিনিত আপুনি জীৱনৰ বিভিন্ন দিশত আপোনাৰ স্বকীয়তা প্ৰদৰ্শন কৰিব। আপুনি জীৱনৰ প্ৰতি এক গতিশীল দৃষ্টিভংগী অৱলম্বন কৰিব আৰু ই আপোনাক সফলতাৰ শীৰ্ষত উপনীত হ'বলৈ পথ প্ৰদৰ্শন কৰিব।

প্ৰেম জীৱন: এই সপ্তাহত আপোনাৰ জীৱনসঙ্গীৰ সৈতে আপোনাৰ সম্পৰ্ক তিক্ত হোৱাৰ সম্ভাৱনা আছে। আপোনালোক দুয়োৰে মাজত পাৰস্পৰিক বুজা-পৰাৰ অভাৱ হ'ব পাৰে আৰু আপোনালোক দুয়োৱে পৰস্পৰৰ সৈতে কম কথা পাতিব, যাৰ ফলত আপোনাৰ সম্পৰ্কৰ দূৰত্ব বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। আপুনি আপোনাৰ সঙ্গীৰ সৈতে বাহিৰলৈ যাব পাৰে কিন্তু আপুনি এই সময়টো উপভোগ কৰিব নোৱাৰিব আৰু এই সুযোগটো আপোনাৰ বাবে কম ফলপ্ৰসূ প্ৰমাণিত হ'ব। আপুনি আপোনাৰ সঙ্গীৰ প্ৰতি প্ৰেম প্ৰকাশ কৰাত ব্যৰ্থ হ'ব পাৰে।

শিক্ষা: অংক জ্যোতিষ অনুসৰিএই সপ্তাহটো শিক্ষাৰ্থীসকলৰ বাবেও বৰ ভাল নহ'ব। অধ্যয়নৰ ক্ষেত্ৰত আপুনি গ্ৰহণ কৰা পদক্ষেপবোৰ আপোনাৰ বাবে অতি লাভজনক প্ৰমাণিত নহ'বও পাৰে। ব্যৱস্থাপনা আৰু পদাৰ্থ বিজ্ঞান অধ্যয়ন কৰা শিক্ষাৰ্থীসকলে এই সময়ত অধিক মনোযোগেৰে অধ্যয়ন কৰিব লাগিব। এনেদৰে, তেওঁলোকে ভাল ফলাফল পোৱাত সফলতা লাভ কৰিব বুলি আশা কৰা হৈছে। অধ্যয়ন আৰু ভাল নম্বৰ পোৱাৰ ক্ষেত্ৰত এই সপ্তাহটো আপোনাৰ বাবে কিচু জটিল প্ৰমাণিত হ'ব পাৰে।

বৃত্তিগত জীৱন: আপুনি চাকৰিত ভাল প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত পিছ পৰি থাকিব পাৰে। যদিহে আপুনি ৰাজহুৱা খণ্ডত কাম কৰে, তেন্তে এই সপ্তাহটো আপোনাৰ বাবে কঠিন প্ৰমাণিত হ'ব। একে সময়তে, ব্যৱসায়ীসকলে আউটচৰ্চিংৰ পৰা ভাল লাভ প্ৰাপ্ত কৰাৰ সম্ভাৱনা কম। অংশীদাৰীত্বত ব্যৱসায় কৰা ব্যৱসায়ীসকলে তেওঁলোকৰ ব্যৱসায়িক অংশীদাৰৰ পৰা বিশেষ সমৰ্থন লাভ কৰিব নোৱাৰিব আৰু ইয়াৰ বাবে, মূলাংক নম্বৰ 1 ৰ লোকসকলে তেওঁলোকৰ ব্যৱসায়ত কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। নিজাকৈ ব্যৱসায় কৰা লোকসকলৰ বাবেও একে ধৰণৰ পৰিস্থিতি বিৰাজ কৰিব। আপোনাৰ ব্যৱসায়িক অংশীদাৰৰ সৈতে কথা পাতোঁতে আপোনাক ধৈৰ্য্য ধৰিবলৈ পৰামৰ্শ দিয়া হৈছে। যদি আপুনি এই সময়ত ধৈৰ্য্যসহকাৰে কাম নকৰে, আপুনি আপোনাৰ লাভ হেৰুৱাবলগীয়া হ’ব পাৰে।

স্বাস্থ্য: এই সপ্তাহত আপোনাৰ স্বাস্থ্য খুব ভালে নাথাকিব পাৰে আৰু আপুনি তীব্ৰ মুৰৰ বিষ আৰু পিঠিৰ বিষৰ সম্মুখীন হোৱাৰ সম্ভাৱনা আছে। আপুনি উৎসাহ আৰু উদ্য়মো হেৰুৱাব পাৰে, যাৰ ফলত আপোনাৰ শাৰীৰিক স্বাস্থ্যৰো অৱনতি হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ স্বাস্থ্য উন্নত কৰিবলৈ, আপোনাক ধ্যান কৰিবলৈ আৰু যোগ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

উপায়: সূৰ্য্য দেৱতাক প্ৰসন্ন কৰিবৰ বাবে দেওবাৰে যজ্ঞ-হোম কৰক।

বাৰটা ৰাশিৰ আটাইতকৈ বিস্তৃত 2024 ভৱিষ্যতবাণী: ৰাশিফল 2024

মূলাংক 2

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 2, 11, 20অথবা29 তাৰিখে হৈছে)

অংক জ্যোতিষ অনুসৰি মূলাংক 2 ৰ লোকসকলে সিদ্ধান্ত লোৱাত বিভ্ৰান্ত অনুভৱ কৰিব পাৰে আৰু ই তেওঁলোকৰ উন্নতিৰ পথত বাধা হিচাপে ক্ৰিয়া কৰিব পাৰে। আপুনি এই সপ্তাহত পৰিকল্পনা কৰি আগবাঢ়িব লাগিব আৰু উন্নত ফলাফল লাভ কৰিবলৈ সাৱধান হ'ব লাগিব। এই সময়খিনিত আপোনাৰ বন্ধুবৰ্গৰ পৰা আঁতৰি থকাটো আপোনাৰ বাবে ভাল হ'ব, অন্যথা আপুনি তেওঁলোকৰ বাবে সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ইয়াৰ বাহিৰেও, আপুনি এই সময়ত দীঘলীয়া দূৰত্ব ভ্ৰমণ কৰাটো পৰিহাৰ কৰা উচিত কিয়নো এই সপ্তাহত আপোনাৰ ভ্ৰমণৰ উদ্দেশ্য পূৰণ হোৱাৰ সম্ভাৱনা কম। একে সময়তে, আপুনি এই সপ্তাহত আপোনাৰ যিকোনো মূল্যৱান সামগ্ৰী হেৰুৱাব পাৰে, সেয়েহে আপোনাক এই সময়খিনিত অধিক সাৱধান হ'বলৈ পৰামৰ্শ দিয়া হৈছে।

প্ৰেম জীৱন: এই সময়ছোৱাত আপোনাৰ সঙ্গীৰ সৈতে যুক্তি-তৰ্ক হোৱাৰ সম্ভাৱনা আছে আৰু আপুনি আপোনাৰ সম্পৰ্কত এনে পৰিস্থিতি পৰিহাৰ কৰি চলিবলৈ চেষ্টা কৰা উচিত। আপুনি আপোনাৰ জীৱনসঙ্গীৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগিব। এনে কৰিলেহে সম্পৰ্ক ৰোমাঞ্চ আৰু সুখ-শান্তি বৰ্ত্তি থাকিব। আপুনি আপোনাৰ সঙ্গীৰ সৈতে ধৰ্মীয় ভ্ৰমণলৈ যোৱাৰ সুযোগো পাব পাৰে। এই সপ্তাহত আপোনাৰ পাৰিবাৰিক সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰক।

শিক্ষা: শিক্ষাৰ্থীসকলে এই সপ্তাহত শিক্ষাৰ ক্ষেত্ৰত ভাল নম্বৰ লাভ কৰাত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে। অধ্যয়নৰ ক্ষেত্ৰত আপুনি অধিক পেছাদাৰী হ'ব লাগিব। এই সময়ত আপুনি অধ্যয়নৰ শীৰ্ষত উপনীত হ'বলৈ শিক্ষকৰ সহায় ল'ব পাৰে আৰু আপোনাৰ এই পদক্ষেপটো লাভজনক প্ৰমাণিত হ'ব। আপুনি আপোনাৰ সহপাঠীসকলৰপৰা অধিক প্ৰতিযোগিতাৰ সম্মুখীন হ’ব পাৰে।

বৃত্তিগত জীৱন: আপুনি এই সপ্তাহত কামৰ সন্দৰ্ভত আপোনাৰ ইচ্ছাৰ বিপৰীতে ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে। ইয়াৰ বাবে, আপুনি আপোনাৰ চাকৰিৰ প্ৰতি অসন্তুষ্ট অনুভৱ কৰিব পাৰে। আপোনাৰ ওপৰত কামৰ বোজা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে, সেয়েহে আপোনাৰ কৰ্মক্ষেত্ৰত বুদ্ধিমত্তাৰে মোকাবিলা কৰিবলৈ চেষ্টা কৰক। আপুনি নিজৰ বাবে এক প্ৰণালীবদ্ধ পৰিকল্পনা কৰিব লাগিব যাতে আপুনি আপোনাৰ কামৰ চাপ আৰু কৰ্মক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে। ব্যৱসায়ীসকলে কিছুমান পৰিস্থিতিত লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। এই সময়ত, তেওঁলোকে মধ্যমীয়া লাভৰদ্বাৰা নিজকে সন্তুষ্ট কৰিব লাগিব।

স্বাস্থ্য: এই সপ্তাহত আপোনাৰ চকুৰ সমস্যা আৰু সংক্ৰমণ হোৱাৰ লক্ষণ আছে, সেয়েহে এই সময়খিনিত আপোনাৰ স্বাস্থ্যৰ বিশেষ যত্ন লওঁক। এই সময়ত আপোনাৰ চাপো থাকিব পাৰে। আপুনি চকুৰ জ্বলা-পোৰা আৰু ভৰিৰ বিষৰ সম্মুখীন হ’ব পাৰে।

উপায় : দৈনিক 21 বাৰ 'ঔঁ চন্দ্ৰায় নমঃ' মন্ত্ৰ দপ কৰক।

বৰ্ষ 2024 ত কেনে হ’ব আপোনাৰ স্বাস্থ্য? স্বাস্থ্য ৰাশিফল 2024 ৰপৰা লাভ কৰক উত্তৰ

মূলাংক 3

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 3, 12, 21 অথবা 30তাৰিখে হৈছে)

এই সপ্তাহত, মূলাংক 3 ৰ লোকসকলে কিছুমান সাহসী আৰু শক্তিশালী সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে আৰু ই তেওঁলোকক ইতিবাচক ফলাফল প্ৰদান কৰাৰ সম্ভাৱনা আছে। আপুনি এই সময়খিনিত দীঘলীয়া দূৰত্ব ভ্ৰমণ কৰিব লাগিব আৰু আপুনি এই সপ্তাহত অতি ব্যস্ত হৈ থাকিব পাৰে। অৱশ্যে, আপুনি এই ভ্ৰমণবোৰৰ পৰাও লাভান্বিত হ'ব। আপুনি নিজৰ সাহস বৃদ্ধি কৰাৰ বহুতো সুযোগ লাভ কৰিব। এই সপ্তাহটো কোনো নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাবে অনুকূল প্ৰমাণিত হ'ব।

প্ৰেম জীৱন:অংক জ্যোতিষ অনুসৰিএই সপ্তাহত আপোনাৰ প্ৰেমৰ সম্পৰ্ক ভাল হ'ব আৰু আপুনি আপোনাৰ পৰিপক্কতাৰদ্বাৰা আপোনাৰ সঙ্গীৰ সৈতে পাৰস্পৰিক বুজা-পৰা বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। বিবাহিত লোকসকলে নিজৰ জীৱনসঙ্গী আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতে কিছু সুখী সময় কটোৱাৰ সুযোগ পাব। আপুনি ঘৰলৈ অহা অতিথিসকলৰ আতিথ্যতো ব্যস্ত থাকিব পাৰে।

শিক্ষা: এই সপ্তাহটো শিক্ষাৰ্থীসকলৰ বাবে অনুকূল প্ৰমাণিত হ'ব। ব্যৱস্থাপনা আৰু ব্যৱসায়িক পৰিসংখ্যা অধ্যয়ন কৰা শিক্ষাৰ্থীসকলে সফলতা লাভ কৰিব। সম্পূৰ্ণ নিষ্ঠাৰে অধ্যয়ন কৰি, আপুনি আপোনাৰ সহপাঠীসকলৰ বাবে এক উৎকৃষ্ট উদাহৰণ স্থাপন কৰিবলৈ সক্ষম হ’ব আৰু আপোনাৰ সহপাঠীসকলতকৈ আগবাঢ়ি যাব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়িবৰ বাবে আপোনাৰ ভিতৰত কিছুমান চমৎকাৰী দক্ষতা বিকশিত হ'ব পাৰে। অৱশ্যে, আপোনাক ভৱিষ্যতে অধিক সফলতা প্ৰাপ্ত কৰাৰ বাবে পৰিকল্পনা কৰিবলৈ আৰু ভাবি-চিন্তি আগবাঢ়িবলৈ পৰামৰ্শ দিয়া হৈছে।

বৃত্তিগত জীৱন: চাকৰিৰ ক্ষেত্ৰত এই সময়খিনিত আপুনি ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। আপোনাৰ কামে স্বীকৃতি লাভ কৰিব। আপুনি এইখিনি সময়ত দীৰ্ঘদিন ধৰি অপেক্ষা কৰি থকা পদোন্নতি লাভ কৰিব পাৰে। আপুনি নতুন চাকৰিৰ সুযোগো পাব যাক লৈ আপুনি যথেষ্ট সন্তুষ্ট অনুভৱ কৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত বিকাশৰ বাবে বিদেশৰ পৰা নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। যদিহে আপুনি ব্যৱসায় কৰে, আপুনি সফলতাৰ শীৰ্ষস্থানত উপনীত হ'বলৈ আৰু আপোনাৰ প্ৰতিযোগীসকলক অতিক্ৰম কৰিবলৈ সক্ষম হ'ব।

স্বাস্থ্য: এই সপ্তাহত আপুনি শাৰীৰিকভাৱে স্বাস্থ্যৱান অনুভৱ কৰিব। আপোনাৰ ভিতৰৰ উৎসাহ আৰু উদ্যম বৃদ্ধি হোৱাৰ বাবে, আপোনাৰ স্বাস্থ্যও ভাল হ'ব। ইয়াৰ লগতে, মেদবহুলতাৰ বাবে আপোনাৰ কিছুমান সমস্যাও হ'ব পাৰে। আপুনি ধ্যান আৰু ব্যায়ামৰ দ্বাৰা উপকৃত হ'ব আৰু ই আপোনাক সুখী অনুভৱ কৰাব। সুস্বাস্থ্যৰ বাবে, আপুনি এই সময়ত সঠিক সিদ্ধান্ত ল'বলৈ সক্ষম হ'ব, যি পিছত আপোনাৰ বাবে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।

উপায়: বৃহস্পতিবাৰে ভগৱান শিৱৰ মন্দিৰলৈ গৈ পূজা কৰক।

বৃহৎ কুণ্ডলী ত নিহিত হৈ আছে, আপোনাৰ জীৱনৰ সকলো গোপন ৰহস্য, জানক গ্ৰহসমূহৰ গতি-বিধিৰ সম্পূৰ্ণ লেখ-জোখ

মূলাংক 4

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 4, 13, 22 অথবা 31তাৰিখে হৈছে)

মূলাংক 4ৰ লোকসকল এইখিনি সময়ত অধিক সংকল্পবদ্ধ হৈ থাকিব আৰু সৰ্বশ্ৰেষ্ঠ ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ বিদেশ ভ্ৰমণৰো সম্ভাৱনা আছে আৰু এই ভ্ৰমণবোৰ আপোনাৰ বাবে লাভজনক প্ৰমাণিত হ'ব। এই সপ্তাহত আপুনি আপোনাৰ সৃষ্টিশীলতা বৃদ্ধি কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ সহায়ত আপুনি আগবাঢ়ি যাবলৈ আৰু উন্নতি লাভ কৰিবলৈ সক্ষম হ'ব। আপুনি কলাৰ ক্ষেত্ৰত বিশেষজ্ঞতা লাভ কৰিব পাৰে।

প্ৰেম জীৱন: আপোনাৰ প্ৰেমৰ সম্পৰ্কত আকৰ্ষণ আৰু ৰোমাঞ্চ বৃদ্ধি পাব। ইয়াৰ বাবে, আপোনাৰ সঙ্গীৰ সৈতে আপোনাৰ সম্পৰ্ক শক্তিশালী হ'ব আৰু আপুনি আপোনাৰ জীৱনসঙ্গীক ভালদৰে বুজিব পাৰিব। আপুনি আপোনাৰ সঙ্গীৰ সৈতে আপোনাৰ সম্পৰ্কত মৰম-ভালপোৱা বজাই ৰাখিবলৈ সক্ষম হ'ব। সম্পৰ্কত সুখ-শান্তি বজাই ৰাখিবৰ বাবে আপোনাৰ সঙ্গীয়ে আপোনাৰ আচৰণ আৰু মনোভাৱৰ বাবে সুখী অনুভৱ কৰিব। আপোনাৰ জীৱনসঙ্গীৰ সৈতে আপোনাৰ সম্পৰ্ক শক্তিশালী হ'ব আৰু ইয়াৰ বাবে, আপুনি আপোনাৰ সঙ্গীৰ সৈতে চলি থকা পাৰিবাৰিক সমস্যাবোৰ সমাধান কৰিবলৈ সক্ষম হ'ব। আপোনাৰ সম্পৰ্কত স্নেহ আৰু আকৰ্ষণৰ সহায়ত, আপুনি ভাল মানদণ্ড স্থাপন কৰিব।

শিক্ষা:অংক জ্যোতিষ অনুসৰিআপুনি বৃত্তিগত অধ্যয়ন যেনে গ্ৰাফিক্স আৰু ৱেব ডেভেলপমেণ্ট আদিত বিশেষজ্ঞতা লাভ কৰিব। এই সপ্তাহত আপুনি কিছুমান অনন্য দক্ষতা বিকশিত কৰিব যাৰ সহায়ত আপুনি কিছুমান অসাধাৰণ বা ভাল বস্তু প্ৰাপ্ত কৰিব পাৰে। ইয়াৰ উপৰিও, আপুনি যিকোনো বিষয়ত দক্ষতা লাভ কৰিব পাৰিব আৰু ই আপোনাক অপৰিসীম সন্তুষ্টিও প্ৰদান কৰিব। এই সময়ছোৱাত শিক্ষাৰ্থীসকলৰ সৃষ্টিশীলতা বৃদ্ধি পাব আৰু আপুনি অধ্যয়নত ভাল প্ৰদৰ্শন কৰিব।

বৃত্তিগত জীৱন: এইখিনি সময়ত আপুনি আপোনাৰ কামত অত্যন্ত ব্যস্ত হৈ থাকিব আৰু নিৰ্ধাৰিত সময়ৰ আগতেই আপোনাৰ কামবোৰ সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হ'ব। আপুনি নতুন চাকৰিৰ সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে যাৰ বাবে আপুনি যথেষ্ট সুখী অনুভৱ কৰিব। এই নতুন চাকৰিৰ সুযোগবোৰে আপোনাৰ চকু মুকলি কৰিব পাৰে আৰু অধিক চাৰপ্ৰাইজ লাভ কৰিব পাৰে। আপুনি এই সপ্তাহত আপোনাৰ কেৰিয়াৰৰ সন্দৰ্ভত বিদেশলৈ যোৱাৰ সুযোগ পাব পাৰে। ব্যৱসায়ীসকলে এই সময়খিনিত কোনো নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে আৰু ইয়াৰদ্বাৰা আপুনি আন যিকোনো ব্যৱসায়িক ক্ষেত্ৰত বিশেষজ্ঞতা অৰ্জন কৰিব। অংশীদাৰী ব্যৱসায় কৰা লোকসকলে তেওঁলোকৰ অংশীদাৰৰপৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব।

স্বাস্থ্য: এই সপ্তাহত আপুনি আপোনাৰ স্বাস্থ্যৰ প্ৰতি অধিক সজাগ হোৱা দেখা যাব। শক্তিৰ স্তৰ বৃদ্ধি হোৱাৰ বাবে আপুনি সম্পূৰ্ণ সুস্থ অনুভৱ কৰিব আৰু ই আপোনাৰ আকৰ্ষণ বৃদ্ধি কৰিব। আপোনাক সময়মতে খোৱা-বোৱা কৰা উচিত যাতে আপোনাৰ স্বাস্থ্য ভাল হৈ থাকে।

উপায়: দৈনিক 22 বাৰ 'ঔঁ দুৰ্গায় নমঃ' মন্ত্ৰ জপ কৰক।

বৰ্ষ 2024 ত কেনে হ’ব আপোনাৰ স্বাস্থ্য? স্বাস্থ্য ৰাশিফল 2024 ৰপৰা লাভ কৰক উত্তৰ

মূলাংক 5

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 5, 14 অথবা 23তাৰিখে হৈছে)

মূলাংক 5 ৰ লোকসকলে নিজস্ব বুদ্ধিমত্তা আৰু যৌক্তিক ক্ষমতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত সফল হ'ব আৰু এইবোৰৰ সহায়ত, তেওঁলোকে সফলতাৰ শীৰ্ষত উপনীত হ'বলৈ সক্ষম হ'ব। এই লোকসকল সৃষ্টিশীল কামৰ প্ৰতি অধিক আগ্ৰহী হয় আৰু এই সময়খিনিত তেওঁলোক এই বিষয়বোৰত ব্যস্ত হৈ থাকিব। তেওঁলোক শ্বেয়াৰ বজাৰৰ প্ৰতিও আগ্ৰহী হ'ব আৰু এই ক্ষেত্ৰখনৰপৰা ধন উপাৰ্জন কৰিবলৈ চেষ্টা কৰিব। এই সময়ত, আপুনি সৰ্বগুণ সম্পন্ন হ'ব পাৰে।

প্ৰেম জীৱন: আপুনি আপোনাৰ সঙ্গীৰ সৈতে সম্পৰ্কত বৰ বিশেষ সুখী নহ'বও পাৰে। অংক জ্যোতিষ অনুসৰিআপোনাৰ সঙ্গীৰ ওপৰত বিশ্বাস কম হোৱাৰ বাবে আপুনি এনে অনুভৱ কৰিব পাৰে। আপোনাৰ সঙ্গীয়ে আপোনাৰ সন্মুখত মুকলিকৈ প্ৰেম প্ৰকাশ কৰিব, কিন্তু আপুনি এই আনন্দৰপৰা নিজকে আঁতৰাই ৰাখিব পাৰে। ই আপোনাৰ সম্পৰ্কৰ আকৰ্ষণ হ্ৰাস কৰাৰ আশংকা আছে। আপোনালোক দুয়োৰে মাজত অহংকাৰৰ সমস্যা হোৱাৰ লক্ষণো আছে আৰু ইয়াৰ ফলত আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ মাজৰ সম্পৰ্কলৈ তিক্ততা অহাৰ সম্ভাৱনা আছে।

শিক্ষা: অধ্যয়নত ভাল নম্বৰ লাভ কৰিবলৈ আৰু উন্নতি প্ৰাপ্ত কৰিবলৈ, আপুনি কঠোৰ পৰিশ্ৰম কৰা আৰু মনত ৰখাৰ সামৰ্থ্য উন্নত কৰাৰ ওপৰত গুৰুত্ব দিব লাগিব। এই সপ্তাহত আপোনাৰ ব্যক্তিগত জীৱনত কিছু সমস্যাই দেখা দিব পাৰে আৰু ইয়াৰ বাবে, ভাল নম্বৰ লাভ কৰাৰ ক্ষেত্ৰত আপোনাৰ মনোযোগ বিচলিত হ’ব পাৰে। ইয়াৰ বাহিৰেও, এইখিনি সময়ত আপোনাৰ মনোযোগ হ্ৰাস হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ বাবে, অধ্যয়নত আপোনাৰ প্ৰদৰ্শন বেয়া হ'ব পাৰে। ধ্যান আৰু যোগাভ্যাসৰ সহায়ত, আপোনাৰ মনোযোগ উন্নত হোৱাৰ সম্ভাৱনা আছে আৰু আপুনি উন্নতি লাভ কৰিব পাৰিব।

বৃত্তিগত জীৱন: এই সপ্তাহত আপুনি আপোনাৰ সহকৰ্মীসকলৰপৰা কিছু বাধাৰ সন্মুখীন হ'ব পাৰে। ইয়াৰ উপৰিও, আপোনাৰ জ্যেষ্ঠবিষয়াসকলৰ সৈতেও যুক্তি-তৰ্ক হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ বাবে, আপুনি আপোনাৰ কৰ্মক্ষেত্ৰত অধিক ভাল প্ৰদৰ্শন কৰাত পিছ পৰি থাকিব পাৰে। ব্যৱসায়ীসকলে মধ্যমীয়া লাভৰদ্বাৰাই নিজকে সন্তুষ্ট ৰাখিব লাগিব আৰু আপুনি আপোনাৰ প্ৰতিযোগীসকলৰপৰা যথেষ্ট চাপ লাভ কৰাৰ সম্ভাৱনা আছে। যদি আপুনি অংশীদাৰী ব্যৱসায় কৰে, তেনেহ'লে আপুনি ভাল ফলাফল পোৱাৰ সম্ভাৱনা কম।

স্বাস্থ্য: আপুনি এই সময়খিনিত ছালৰ জ্বলা-পোৰাৰ সম্মুখীন হ’ব পাৰে। আপোনাৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ সম্ভাৱনাও আছে। অধিক ভজা-পোৰা বস্তু খোৱাৰ বাবে আৰু অসন্তুলিত আহাৰ গ্ৰহণ কৰাৰ বাবে, আপোনাৰ ছালৰ সমস্যা হ’ব পাৰে। অৱশ্যে, আপুনি এই সপ্তাহত কোনো ডাঙৰ স্বাস্থ্যজনিত সমস্যাৰ সম্মুখীন হোৱাৰ আশংকা নাই।

উপায়: দৈনিক 41 বাৰ 'ঔঁ নমো ভগৱতে বাসুদেৱায়' মন্ত্ৰ জপ কৰক।

পাওক আপোনাৰ সোঁৱৰণি আধাৰিত সঠিক শনি প্ৰতিৱেদন

মূলাংক 6

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 6, 15 অথবা 24তাৰিখে হৈছে)

অংক জ্যোতিষ অনুসৰিএই মূলাংকৰ জাতকসকল উৎসাহ আৰু উদ্যমেৰে পৰিপূৰ্ণ হ'ব। সৃষ্টিশীল কামত তেওঁলোকৰ আগ্ৰহ বৃদ্ধি হ'ব পাৰে। এইখিনি সময়ত, এই লোকসকল সকলো গুণেৰে পৰিপূৰ্ণ হৈ থকাৰ সম্ভাৱনা আছে। তেওঁলোক কলা আৰু মনোৰঞ্জনৰ প্ৰতি অধিক আগ্ৰহী হ’ব। প্ৰেমৰ ক্ষেত্ৰত তেওঁলোক অধিক আগ্ৰহী আৰু আৱেগিক হোৱা দেখা যাব।

প্ৰেম জীৱন: আপোনাৰ জীৱনসঙ্গীৰ সৈতে আপোনাৰ সম্পৰ্ক ভালে থাকিব। আপোনাৰ সঙ্গীৰ প্ৰতি আপোনাৰ মৰম আৰু ভালপোৱা প্ৰকাশ কৰাৰ ফলস্বৰূপে এনে হ'ব পাৰে। আপুনি আৰু আপোনাৰ সঙ্গী দুয়ো আপোনাৰ সম্পৰ্কৰ প্ৰতি অত্যন্ত প্ৰতিশ্ৰুতিবদ্ধ হৈ থাকিব। এই সময়ত আপোনাৰ সম্পৰ্কত মধুৰতা থাকিব।

শিক্ষা: যিসকল শিক্ষাৰ্থীয়েশিক্ষাৰ ক্ষেত্ৰত উন্নতি আৰু সফলতা লাভ কৰিব বিচাৰে তেওঁলোকে ভাল নম্বৰ লাভ কৰাৰ প্ৰতি লক্ষ্য স্থিৰ কৰিব পাৰে। কম্পিউটাৰ প্ৰণালী, মাল্টিমিডিয়া গ্ৰাফিক্সৰ দৰে ক্ষেত্ৰত অধ্যয়ন কৰি থকা শিক্ষাৰ্থীসকল এই সপ্তাহত যথেষ্ট লাভাম্বিত হোৱাৰ সম্ভাৱনা আছে।

বৃত্তিগত জীৱন: আপুনি কৰ্মক্ষেত্ৰত অধিক নিষ্ঠা আৰুদায়দ্ধতাৰে কাম কৰিব আৰু আপোনাৰ কামৰ বাবে স্বীকৃতি প্ৰাপ্ত কৰিবলৈ চেষ্টা কৰিব। ব্যৱসায়ীসকলে এই সময়খিনিত তেওঁলোকৰ আশাতকৈ অধিক লাভ প্ৰাপ্ত কৰাৰ সম্ভাৱনা আছে। আপুনি আপোনাৰ প্ৰতিদ্বন্দীসকলক পিছ পেলাই আগবাঢ়ি যাবলৈ সক্ষম হ'ব। যদি আপুনি অংশীদাৰী ব্যৱসায় কৰে, আপুনি আপোনাৰ অংশীদাৰিত্বৰপৰা লাভান্বিত হ'ব আৰু আপুনি ভাল লাভ অৰ্জন কৰিব পাৰিব।

স্বাস্থ্য: এই সপ্তাহত আপুনি আপোনাৰ স্বাস্থ্যৰ যত্ন ল'ব আৰু ভালদৰে বিশ্ৰাম ল'ব। লগতে, আপুনি সুস্বাস্থ্য উপভোগ কৰিব। আপুনি এই সময়ত আপোনাৰ ফিটনেছ সম্পৰ্কীয় সকলো প্ৰশ্নৰ উত্তৰ লাভ কৰিব। আপুনি নেতিবাচকতাৰ পৰা আঁতৰি থাকিব আৰু ইতিবাচকতা অনুভৱ কৰিব। এই সপ্তাহত যোগ আৰু অন্যান্য কাৰ্যকলাপৰ সহায়ত, আপুনি সুস্বাস্থ্য লাভ কৰিবলৈ সক্ষম হ'ব।

উপায়: দৈনিক 42 বাৰ 'ঔঁ শুক্ৰায় নমঃ’ মন্ত্ৰ জপ কৰক।

মূলাংক 7

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 7, 16 অথবা 25তাৰিখে হৈছে)

এই মূলাংকৰ জাতকসকল প্ৰাৰ্থনা আৰু আধ্যাত্মিক কামৰ প্ৰতি অধিক আগ্ৰহী হয়। ধৰ্মীয় কাৰ্যকলাপৰ বাবে তেওঁলোকে দীঘলীয়া দূৰত্বৰ যাত্ৰাত ব্যস্ত থাকিব পাৰে। তেওঁলোক আধ্যাত্মিকতাৰ সৈতে জড়িত নতুন বিষয় শিকিবলৈ আগ্ৰহী হয়। তেওঁলোকে পবিত্ৰ গ্ৰন্থ তথা কিতাপ আৰু ইয়াৰ সৈতে জড়িত বিষয় পঢ়িবলৈ পছন্দ কৰে। এই পবিত্ৰ গ্ৰন্থবোৰ পঢ়াৰদ্বাৰা তেওঁলোকৰ জ্ঞান বৃদ্ধি হয়।

প্ৰেম জীৱন: এই সপ্তাহত, আপোনাৰ পৰিয়ালত কিছুমান সমস্যাৰ উদ্ভৱ হ'ব পাৰে, যাৰ বাবে আপুনি আপোনাৰ সঙ্গীৰ সৈতে সম্পৰ্কত সুখ-আনন্দ আৰু প্ৰেম অনুভৱ কৰিব নোৱাৰিব। সম্পত্তি ক্ৰয় কৰাৰ বিষয়ক লৈ আপোনাৰ আত্মীয়সকলৰ সৈতেও আপোনাৰ বিভেদ হ’ব পাৰে আৰু ইয়াৰ বাবে আপোনাক অলপ অসন্তুষ্ট দেখা যাব। চিন্তা কৰি বহি থকাৰ পৰিৱৰ্তে, আপুনি আপোনাৰ পাৰিবাৰিক সমস্যা সমাধানৰ বাবে পৰিয়ালৰ কোনো এগৰাকী জ্যেষ্ঠ সদস্যৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত।

শিক্ষা: এই সপ্তাহটোগুঢ়াৰ্থ বিজ্ঞান, দৰ্শন আৰু সমাজ-বিজ্ঞানৰ দৰে বিষয় অধ্যয়ন কৰা শিক্ষাৰ্থীসকলৰ বাবে লাভজনক প্ৰমাণিত হ'ব। এই সপ্তাহত আপুনি অধ্যয়ন কৰাটো আৰু ভাল নম্বৰ লাভ কৰাটো কিছু কঠিন হ'ব পাৰে। এইখিনি সময়ত আপোনাৰ মনত ৰখাৰ ক্ষমতা মধ্যমীয়া হ'ব আৰু ইয়াৰ বাবে, আপোনাৰ বাবে উচ্চ নম্বৰ অৰ্জন কৰাটো প্ৰত্যাহ্বানজনক হ'ব পাৰে। এই সপ্তাহত আপোনাৰ ভিতৰৰ সুপ্ত হৈ থকা প্ৰতিভাবোৰ জাগ্ৰত হ’ব কিন্তু সময়ৰ অভাৱৰ বাবে সম্পূৰ্ণৰূপে ওলাই আহিব নোৱাৰিব। যোগাভ্যাসৰ সহায়ত, আপুনি উন্নতি লাভ কৰিব পাৰিব।

বৃত্তিগত জীৱন:অংক জ্যোতিষ অনুসৰিআপুনি এই সপ্তাহত কৰ্মক্ষেত্ৰত মধ্যমীয়া ফলাফল লাভ কৰিব। কামত চাপ বৃদ্ধি হোৱাৰ বাবে, আপোনাৰ বাবে পৰিস্থিতি চম্ভালিবলৈ কিচু অসুবিধা হ'ব পাৰে। ব্যৱসায়ীসকলৰ লোকচান হোৱাৰ সম্ভাৱনা আছে। আপুনি আপোনাৰ ব্যৱসায়ৰ ওপৰত চকু ৰখাটো ভাল। এই সপ্তাহত কোনো নতুন অংশীদাৰীত্বত কাম কৰিবৰ বাবে বা নতুন ব্যৱসায় আৰম্ভ কৰিবৰ বাবে ভাল নহ’ব।

স্বাস্থ্য: এই সপ্তাহত আপোনাৰ এলাৰ্জি আৰু পাচনৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৱান হৈ থাকিবৰ বাবে আপোনাক সময়মতে খাবলৈ পৰামৰ্শ দিয়া হৈছে। অত্যাধিক ভজা-পোৰা বস্তু নাখাব ন’লে আপোনাৰ স্বাস্থ্য বেয়া হ'ব পাৰে। আপোনাৰ কোনো ডাঙৰ স্বাস্থ্যগত সমস্যা হোৱাৰ সম্ভাৱনা নাই।

উপায়: দৈনিক 41 বাৰ 'ঔঁ গণপতয়ে নমঃ' মন্ত্ৰ জপ কৰক।

মূলাংক 8

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 8, 17 অথবা 26তাৰিখে হৈছে)

এই মূলাংকৰ জাতকসকল সদায় ফুৰা-চকাৰ প্ৰতি আগ্ৰহী হয় আৰু নিজকে ব্যস্ত ৰাখিবলৈ চেষ্টা কৰে। তেওঁলোকে নিজৰ বেছিভাগ সময় তেওঁলোকৰ কেৰিয়াৰ বা ব্যৱসায়ৰ বাবে দিয়ে আৰু তেওঁলোকৰ ব্যক্তিগত জীৱনক কম সময় দিয়ে। তেওঁলোকে যিকোনো চাকৰি লাভ কৰে তাত তেওঁলোকে সন্তুষ্ট অনুভৱ নকৰে আৰু সঘনাই চাকৰি সলনি কৰি থাকে। এই লোকসকলে নিজৰ জীৱনৰ মূল্যবোধৰ সহায়ত নিজস্ব লক্ষ্য স্থিৰ কৰে।

প্ৰেম জীৱন: এই সপ্তাহত পৰিয়ালত সম্পত্তিৰ বাবে বিবাদ হোৱাৰ সম্ভাৱনা আছে আৰু সেইবাৰে আপুনি কিছু বিচলিত হৈ থাকিব পাৰে। আপোনাৰ জীৱনসঙ্গী বা প্ৰেমাস্পদৰ সৈতে ভাল সম্পৰ্ক বজাই ৰখাত আপোনাৰ বন্ধু-বৰ্গই কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে। এই সময়খিনিত, আপোনাৰ সঙ্গীৰ সৈতে ঘনিষ্ঠতা বজাই ৰখাটো আৰু আপোনালোকৰ সম্পৰ্ক শক্তিশালী ৰখাটো আপোনাৰ বাবে কিছু জটিল প্ৰমাণিত হ'ব পাৰে। এই সপ্তাহত আপোনাৰ জীৱনসঙ্গীক সন্দেহ কৰাৰ ভুল নকৰিব, অন্যথা ই আপোনাৰ সম্পৰ্ক অধিক বেয়ালৈ যাব পাৰে আৰু ইয়াৰ বাবে, আপোনালোক দুয়োৰে মাজৰ সম্পৰ্ক তিক্ততাপূৰ্ণ হ'ব পাৰে।

শিক্ষা: শিক্ষাৰ ক্ষেত্ৰত, শিক্ষাৰ্থীসকলে আকাংক্ষিত ফলাফল প্ৰাপ্ত কৰিবলৈ অধিক পৰিশ্ৰম কৰিব লাগিব। আপুনি আপোনাৰ দৃঢ়তা আৰু ধৈৰ্য্যৰ দ্বাৰা ভাল নম্বৰ লাভ কৰিব পাৰিব। যদিহে আপুনি মেকানিকেল ইঞ্জিনিয়াৰিং বা অটোমোবাইল ইঞ্জিনিয়াৰিং কৰি আছে, আপুনি অধিক ভাল প্ৰদৰ্শন কৰিবলৈ অধিক অধ্যয়ন কৰিব লাগিব।

বৃত্তিগত জীৱন: আপুনি এতিয়ালৈকে আপোনাৰ কামত কৰা কঠোৰ পৰিশ্ৰমক মানুহে উপেক্ষা কৰিব পাৰে। এই কথাটোৱে আপোনাক অলপ বিচলিত কৰিব পাৰে। আপোনাৰ সন্মুখত এনে এক পৰিস্থিতিও উদ্ভৱ হ'ব পাৰে য'ত আপোনাৰ সহকৰ্মীসকল আপোনালতকৈ আগবাঢ়ি যাব পাৰে আৰু তেওঁলোকে নতুন পদবী লাভ কৰিব কৰে। নিজৰ স্বকীয়তা প্ৰমাণ কৰিবৰ বাবে আপুনি এক নতুন দক্ষতা বিকশিত কৰিব লাগিব। ব্যৱসায়ীসকলে উন্নত মানদণ্ড বজাই ৰখাত আৰু লাভ অৰ্জন কৰাত অসুবিধাৰ সন্মুখীন হ'ব পাৰে।

স্বাস্থ্য: অংক জ্যোতিষ অনুসৰিঅত্যাধিক চাপৰ বাবে, আপুনি গাঁঠি আৰু ভৰিৰ বিষৰ সম্মুখীন হ’ব পাৰে আৰু ইয়াৰ ফলত, আপোনাৰ স্বাস্থ্যৰো অৱনতি হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ অসন্তুলিত আহাৰৰ বাবে এনে হ'ব পাৰে। ৰোগ প্ৰতিৰোধ প্ৰণালী দুৰ্বল হোৱাৰ ফলত স্বাস্থ্য দুৰ্বল হ'ব পাৰে। এনে পৰিস্থিতিত, আপোনাৰ সুস্বাস্থ্য বজাই ৰাখিবলৈ আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব। এই সময়খিনিত আপুনি সহজে স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব পাৰে।

উপায়: দৈনিক 11 বাৰ 'ঔঁ বায়ুপুত্ৰায় নমঃ' মন্ত্ৰ জপ কৰক।

কেৰিয়াৰক লৈ হৈ আছে টেনশ্যন! এতিয়াই অৰ্ডাৰ কৰক কগ্নিএষ্ট্ৰো প্ৰতিৱেদন

মূলাংক 9

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 9, 18 অথবা 27তাৰিখে হৈছে)

এই মূলাংকৰ লোকসকল দৃঢ় আৰু আৱেগিক প্ৰকৃতিৰ হয়। তেওঁলোকে নিজৰ ঘনিষ্ঠ লোক আৰু আন মানুহৰ ভুলবোৰ দেখুওৱাত পাৰ্গত হয়। এই লোকসকলৰ নিজৰ সম্পূৰ্ণ মনোযোগ নিজস্ব সম্পৰ্কৰ ওপৰত নিৱিষ্ট কৰে আৰু এয়া তেওঁলোকৰ বাবে সুখৰ আধাৰস্বৰূপ। তেওঁলোকে আত্মসন্মানত বিশ্বাস কৰে আৰু জীৱনত আত্মসন্মান বজাই ৰাখিবলৈ সদায় চেষ্টা কৰে। তেওঁলোকে আশা কৰে যে আনেও তেওঁক সন্মান কৰিব। এই লোকসকলে আপোচ কৰিবলৈ পছন্দ নকৰে আৰু তেওঁলোকৰ নীতিত অটল থাকে।

প্ৰেম জীৱন: আপুনি এই সময়খিনিত আপোনাৰ সঙ্গীৰ সৈতে এক নীতিগত মনোভাৱ গ্ৰহণ কৰিব আৰু উচ্চ মূল্যবোধ স্থাপন কৰিব। আপোনাৰ এই আচৰণৰ বাবে, আপোনাৰ আৰু আপোনাৰ সঙ্গীৰ মাজত পাৰস্পৰিক বুজাবুজি ভাল হ'ব। অংক জ্যোতিষ অনুসৰি আপুনি আপোনাৰ জীৱনসঙ্গীৰ সৈতে বাহিৰলৈ যোৱাৰ সুযোগ পাব পাৰে আৰু এই সুযোগে আপোনালোক দুয়োকে আনন্দ প্ৰদান কৰিব। ই আপোনালোক দুয়োৰে মাজত পাৰস্পৰিক বুজা-পৰা বৃদ্ধি কৰিব।

শিক্ষা: এইখিনি সময়ত আপোনাৰ মনত ৰখাৰ সামৰ্থ্য বৃদ্ধি হ'ব আৰু আপুনি যি অধ্যয়ন কৰে সেয়া অতি সোনকালে মনত ৰাখিব। আপুনি পৰীক্ষাত উৎকৃষ্ট ফলাফল লাভ কৰিবলৈও সক্ষম হ'ব। আপুনি আপোনাৰ সহপাঠীকলৰ মাজত এটা ভাল উদাহৰণ স্থাপন কৰিব পাৰিব। এই সপ্তাহত, মূলাংক 9 ৰ জাতকসকলে তেওঁলোকৰ পছন্দ অনুসৰি যিকোনো বৃত্তিগত পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰে আৰু এইক্ষেত্ৰত তেওঁলোকে ভাল প্ৰদৰ্শন কৰিব।

বৃত্তিগত জীৱন: আপুনি আপোনাৰ কৰ্মক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰিব আৰু আপোনাৰ কামেও স্বীকৃতি লাভ কৰিব। আপোনাৰ বাবে পদোন্নতিৰ যোগো আছে। সহকৰ্মীসকলৰ মাজত আপোনাৰ সন্মান বৃদ্ধি হ'ব। ব্যৱসায়ীসকলে ভাল লাভ অৰ্জন কৰাৰ সুযোগ পাব আৰু আপুনি আপোনাৰ ব্যৱসায়ৰ ক্ষেত্ৰত এক নতুন ৰণনীতি প্ৰস্তুত কৰিব। প্ৰতিদ্বন্দীসকলৰ মাজত আপোনাৰ খ্যাতি বৃদ্ধি হ'ব।

স্বাস্থ্য: বৰ্ধিত উৎসাহ আৰু উদ্যমৰ বাবে, এই সপ্তাহত আপোনাৰ স্বাস্থ্য ভাল হ'ব। এই সময়খিনিত আপোনাৰ কোনো গুৰুতৰ স্বাস্থ্যজনিত সমস্যা হোৱাৰ সম্ভাৱনা নাই। আপুনি সুখী হ’ব আৰু শক্তিৰে পৰিপূৰ্ণ অনুভৱ কৰিব।

উপায় : দৈনিক 27 বাৰ 'ঔঁ ভূমিপুত্ৰায় নমঃ’ মন্ত্ৰ জপ কৰক।

সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক: এষ্ট্ৰোচেজ অনলাইন শ্বপিং ষ্টোৰ

আমি আশা কৰিছোঁ যে আপুনি আমাৰ এই ব্লগটো নিশ্চয় পছন্দ কৰিছে। যদিহে এনে হয় তেনেহ’লেআপুনি ইয়াক নিজৰ শুভাকাংক্ষীসকলৰ সৈতে শ্যেয়াৰ কৰক। ধন্যবাদ!

Talk to Astrologer Chat with Astrologer