অংক জ্যোতিষ - Numerology In Assamese (25 ফেব্ৰুৱাৰী-02 মাৰ্চ, 2024)

Author: Lobitha Dutta | Updated Fri, 16 Feb 2024 12:42 AM IST

কেনেদৰে জানিব আপোনাৰ মুখ্য অংক (মূলাকং)?

অংক জ্যোতিষ সাপ্তাহিক ভাৱিষ্যতবাণী জনাৰ ক্ষেত্ৰত অংক জ্যোতিষ মূলাংকৰ যথেষ্ট গুৰুত্ব আছে। মূলাংকক জাতক জীৱনৰ মহত্বপূৰ্ণ অংক হিচাপে গণ্য কৰা হয়। আপোনাৰ জন্ম মাহটোৰ যি তাৰিখত হয় তাৰ যোগফল গণনা কৰাৰ পিছত যি অংক প্ৰাপ্ত হয়, সেই অংকটোকেই মূলাংক বুলি কোৱা হয়। মূলাকং1 ৰপৰা 9 অংকৰ ভিতৰত যিকোনো হ’ব পাৰে, উদাহৰণস্বৰূপে- যদিহে আপোনাৰ জন্ম কোনো মাহৰ 10 তাৰিখে হৈছে তেনেহ’লে আপোনাৰ মূলাংক হ’ব 1+0 অৰ্থাৎ1 ।


এনেদৰেই যিকোনো মাহৰ 1 তাৰিখৰপৰা 31লৈকে জন্ম হোৱা লোকসকলৰ বাবে 1 ৰপৰা 9 পৰ্য্যন্ত মূলাংকৰ গণনা কৰা হয়। এইদৰে সকলো জাতকৰ মূলাংক জানি লৈ ইয়াৰ আধাৰত সাপ্তাহিক ৰাশিফল জানিব পৰা যায়।

পৃথিৱীৰ বিদ্বান অংক জ্যোতিষীসকলৰ সৈতে ফোনত কথা পাতক আৰু জানক কেৰিয়াৰ সম্বন্ধিত সকলো তথ্য

নিজৰ জন্মিথিৰপৰা জানক সাপ্তাহিক অংক জ্যোতিষ ৰাশিফল (25 ফেব্ৰুৱাৰীৰপৰা02 মাৰ্চ, 2024)

অংকজ্যোতিষে আমাৰ জীৱনত প্ৰত্যক্ষ প্ৰভাৱ পেলায় কিয়নো সকলো সংখ্যা বা অংকৰ আমাৰ জন্ম তাৰিখৰ সৈতে সম্পৰ্ক আছে। তলৰ প্ৰবন্ধটোত, আমি অৱগত কৰিছোঁ যে প্ৰতিগৰাকী ব্যক্তিৰ জন্ম তাৰিখ অনুসৰি এটা মূলাংক নিৰ্ধাৰণ কৰা হয় আৰু এই সকলোবোৰ অংক ভিন ভিন গ্ৰহৰদ্বাৰা শাসিত।

উদাহৰণস্বৰূপে মূলাংক 1ৰ ওপৰত সূৰ্য্য দেৱতাৰ আধিপত্য থাকে। চন্দ্ৰমা হৈছে মূলাংক 2ৰ স্বামী। অংক 3 ৰ ওপৰত দেৱ গুৰু বৃহস্পতিৰ আধিপত্য আছে, ৰাহু হৈছে অংক 4ৰ ৰজা। অংক 5 হৈছে বুধ গ্ৰহৰ অধীন। 6 অংকৰ ৰজা শুক্ৰ দেৱতা আৰু 7 অংক হৈছে কেতু গ্ৰহৰ। শনি দেৱতাক অংক 8 ৰ স্বামী হিচাপে গণ্য কৰা হয়। অংক 9 হৈছে মঙ্গল গ্ৰহৰ অংক আৰু এই গ্ৰহসমূহৰ পৰিৱৰ্তনৰ ফলত জাতকসকলৰ জীৱনলৈ বহুতো পৰিৱৰ্তন আহে।

বৃহৎ কুণ্ডলীত নিহিত হৈ আছে আপোনাৰ জীৱনৰ বহুতো গোপন ৰহস্য, জানক গ্ৰহসমূহৰ গতি-বিধিৰ সম্পূৰ্ণ লেখ-জোখ

মূলাংক 1

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ1, 10, 19অথবা28 তাৰিখে হৈছে)

এই মূলাংকৰ জাতকসকলে ঘূৰাই-পকাই কথা কোৱাৰ সলনি পোনপটীয়াকৈ কথা পাতিবলৈ পছন্দ কৰে।তেওঁলোকৰ জীৱনত কিছুমান লক্ষ্য আৰু নীতি আছে আৰু তেওঁলোকে নিজৰ লক্ষ্য আৰু নীতিবোৰ সফলভাৱে অনুসৰণ কৰে। এই সময়খিনিত আপুনি অধিক ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে আৰু আপুনি এই ভ্ৰমণবোৰৰপৰা সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। কেতিয়াবা এই লোকসকলৰ মনোভাৱত যথেষ্ট উৎসাহ দেখা যায় আৰু এই উৎসাহে তেওঁলোকক জীৱনত আগবাঢ়ি যোৱাত সহায় কৰে। তেওঁলোক মুক্ত মনৰ আৰু মানসিকভাৱে সুস্থিৰ হোৱাৰ বাবে তেওঁলোকে যিকোনো পৰিস্থিতিৰ সৈতে সহজে নিজকে খাপ খুৱাব পাৰে।

প্ৰেম জীৱন:পাৰস্পৰিক বুজাবুজিৰ অভাৱৰ বাবে আপোনালোক দুয়োৰে মাজত বিভেদ হ'ব পাৰে আৰু ই আপোনালোকৰ সম্পৰ্কৰ সুখ-শান্তি বিঘ্নিত কৰিব পাৰে। যদিহে আপুনি আপোনাৰ সম্পৰ্কত সুখ-শান্তি বজাই ৰাখিব বিচাৰে, তেনেহ’লে আপোনাৰ মনত চলি থকা চিন্তাবোৰ দূৰ কৰিবলৈ চেষ্টা কৰক। আপুনি আপোনালোকৰ সম্পৰ্কৰ সকলোবোৰ পৰিস্থিতি ভাল কৰিবলৈ অধিক প্ৰচেষ্টা কৰিব লাগিব পাৰে। আপোনালোক দুয়োৱে এই সপ্তাহত আলোচনাৰ জৰিয়তে পৰস্পৰৰ সৈতে সংযোজিত হৈ থাকিব পাৰিব।

শিক্ষা:শিক্ষাৰ্থীসকলে এই সপ্তাহত যিকোনো কাম বা অধ্যয়নত মনোনিবেশ কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সম্মুখীন হ’ব পাৰে। ইয়াৰ ফলত শিক্ষাৰ ক্ষেত্ৰত আপুনি পিছ পৰি ৰোৱাৰ সম্ভাৱনা আছে। ইয়াৰ বাহিৰেও, আপুনি যি অধ্যয়ন কৰিব সেয়া মনত ৰখাটো আপোনাৰ বাবে কিছু জটিল বুলি প্ৰমাণিত হ'ব পাৰে। এই সময়খিনিত আপোনাৰ বাবে অধ্যয়নত মনোযোগ দিয়াটো অতিশয় গুৰুত্বপূৰ্ণ। যদিহে আপুনি আইন, পদাৰ্থ বিজ্ঞান আৰু ইংৰাজী সাহিত্য অধ্যয়ন কৰি আছে, তেনেহ’লে আপুনি অধিক সাৱধানে অধ্যয়ন কৰিব লাগিব কিয়নো আপুনি যি পঢ়ি আছে সেয়া মনত ৰখাৰ ক্ষেত্ৰত আপুনি সমস্যাৰ সম্মুখীন হ'ব পাৰে। অধ্যয়নত ভাল প্ৰদৰ্শন কৰিবৰ বাবে আপুনি মনত ৰখাৰ ক্ষমতা বৃদ্ধি কৰাৰ ওপৰত প্ৰয়াস কৰা উচিত।

বৃত্তিগত জীৱন:এই সপ্তাহত কৰ্মক্ষেত্ৰ সহকৰ্মী আৰু জ্যেষ্ঠ বিষয়াসকলৰ সৈতে মতভেদ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত এই সময়খিনি চাকৰিয়াল লোকসকলৰ বাবে বৰ বিশেষ অনুকূল নহ'ব। ইয়াৰ উপৰিও আপোনাৰ ওপৰত কামৰ বোজা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আৰু আপুনি সময়মতে আপোনাৰ কাম সম্পূৰ্ণ কৰাত বিফল হ'ব পাৰে। কামৰ প্ৰতি আপোনাৰ মনোযোগ হ্ৰাস হোৱাৰো সম্ভাৱনা আছে আৰু ইয়াৰ বাবে, আপুনি কামত কিছুমান ত্ৰুটি ৰৈ যাব পাৰে। কৰ্মক্ষেত্ৰত মানুহে আপোনাৰ কঠোৰ পৰিশ্ৰমক উপেক্ষা কৰাৰ সম্ভাৱনা আছে আৰু ই আপোনাক যথেষ্ট অশান্তি দিব পাৰে। ব্যৱসায়ীসকল এই সময়খিনিত অতি সাৱধান হ'ব লাগিব কিয়নো তেওঁলোকৰ বাবে লোকচান হোৱাৰ যোগ আছে। এই সপ্তাহত আপোনাৰ প্ৰতিদ্বন্দীৰপৰাও আপোনাৰ যথেষ্ট বিপদাশংকা আহিব পাৰে আৰু তেওঁলোকে আপোনাক ব্যৱসায়ত কঠিন প্ৰতিদ্বন্দিতা আগবঢ়াব পাৰে।

স্বাস্থ্য:এই সপ্তাহত আপুনি নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব কিয়নো এইখিনি সময়ত আপোনাৰ উৎসাহ আৰু উদ্যমৰ অভাৱ হ'ব পাৰে, যি আপোনাৰ স্বাস্থ্যৰ অৱনতিক সূচিত কৰে। এলাৰ্জিৰ বাবে আপোনাৰ তীব্ৰ পানীলগা জ্বৰ হ'ব পাৰে। আপুনি ঠাণ্ডা পানী খোৱাটো পৰিহাৰ কৰা উচিত। ইয়াৰ বাহিৰেও, তীব্ৰ মূৰৰ বিষৰ ফলত আপোনাৰ আগবাঢ়ি যোৱাৰ সামৰ্থ্য বাধাপ্ৰাপ্ত হ'ব পাৰে। ইয়াৰ ফলত আপুনি নিজৰ লক্ষ্য প্ৰাপ্ত কৰাত পিছ পৰি থাকিব পাৰে।

উফায়:দৈনিক 108 বাৰ 'ঔঁ আদিত্যায় নমঃ' মন্ত্ৰ জপ কৰক।

মূলাংক 2

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 2, 11, 20অথবা29 তাৰিখে হৈছে)

এই সপ্তাহত মূলাংক 2 ৰ জাতকসকলে দীঘলীয়া দূৰত্বৰ ভ্ৰমণ উপভোগ কৰিব পাৰিব। তেওঁলোকৰ সঘনাই মন সলনি হ’ব পাৰে আৰু ইয়াৰ বাবে, তেওঁলোকে নিজৰ বাবে কোনো উপযুক্ত সিদ্ধান্ত লোৱাত ব্যৰ্থ হ'ব পাৰে। এই লোকসকলে নিজৰ লক্ষ্য প্ৰাপ্ত কৰিবৰ বাবে কোনো এক নিৰ্দিষ্ট দৃষ্টিকোণ অৱলম্বন কৰিব পাৰে। এই সময়ছোৱাত প্ৰকৃতিৰ বিষয়ে জানিবলৈ তেওঁলোকৰ আগ্ৰহ বৃদ্ধি হ'ব পাৰে।

প্ৰেম জীৱন:আপুনি এই সময়খিনিত নিজৰ ওপৰত যথেষ্ট সন্তুষ্ট হ'ব আৰু ই আপোনাৰ সম্পৰ্কৰ ওপৰতো ইতিবাচক প্ৰভাৱ পেলাব। আপোনাৰ সঙ্গীৰ বাবে আপোনাৰ মনত ভাল অনুভূতি বিকশিত হ'ব। এই সপ্তাহত আপুনি নিজৰ সঙ্গীক ভালদৰে বুজিব পাৰিব আৰু আপোনালোক দুয়োৰে মাজৰ পাৰস্পৰিক বুজাবুজি ভাল হ'ব। ই আপোনালোক দুয়োৰে মাজৰ প্ৰেম-ভালপোৱা বৃদ্ধি কৰিব আৰু আপোনালোক দুয়োৰে মাজৰ ঘনিষ্ঠতা বৰ্ত্তি থাকিব। আপোনালোক দুয়োৰে মাজত ভাল আলোচনা হ'ব পাৰে।

শিক্ষা:এই সপ্তাহত আপুনি শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ বিশেষ দক্ষতা প্ৰদৰ্শন কৰি নিজৰ বাবে এক সুকীয়া স্থান সৃষ্টি কৰিবলৈ সক্ষম হ'ব। এই সময়খিনিত আপুনি ৰসায়ন বিজ্ঞান আৰু মেৰিন ইঞ্জিনিয়াৰিং (সামুদ্ৰিক অভিযান্ত্ৰিক) আদি বিষয়ত উত্তীৰ্ণ হোৱাৰ সম্ভাৱনা আছে। আপুনি অতি সহজেই ভাল নম্বৰ প্ৰাপ্ত কৰিবলৈ সক্ষম হ'ব আৰু আপুনি সম্পূৰ্ণ উদ্যম তথা একাগ্ৰতাৰে ভাল নম্বৰ লাভ কৰিব পাৰিব। ইয়াৰ উপৰিও, আপুনি শিক্ষাৰ ক্ষেত্ৰত নিজৰ বিশেষ দক্ষতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব।

বৃত্তিগত জীৱন:চাকৰিয়াল লোকসকলে এই সপ্তাহত সফলতাৰ উচ্চ শিখৰত আৰোহণ কৰাৰ সম্ভাৱনা আছে। আপুনি নতুন চাকৰিৰ সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে আৰু এই সুযোগবোৰ লাভ কৰি আপুনি যথেষ্ট সন্তুষ্ট অনুভৱ কৰিব। আপুনি এই সপ্তাহত বিদেশলৈ যোৱাৰ সুযোগো লাভ কৰিব পাৰে আৰু এনে সুযোগে আপোনাৰ উন্নতিৰ পথ প্ৰশস্ত কৰিব। ব্যৱসায়ীসকলে বৰ্তমান নিজে আশা কৰাতকৈও অধিক লাভ প্ৰাপ্ত কৰাৰ যোগ আছে। আপুনি নিজৰ দক্ষতা প্ৰমাণ কৰিবৰ বাবে প্ৰতিদ্বন্দীসকলৰ সৈতে প্ৰতিদ্বন্দিতা কৰা দেখা যাব। আপুনি কোনো নতুন ব্যৱসায়িক ৰণনীতি আৱিষ্কাৰ কৰিব পাৰে যাৰ জৰিয়তে আপোনাৰ লাভ হোৱাৰ শক্তিশালী সম্ভাৱনা আছে।

স্বাস্থ্য:উৎসাহ আৰু উদ্যম বৃদ্ধি হোৱাৰ বাবে, এই সপ্তাহত আপোনাৰ স্বাস্থ্য যথেষ্ট ভালে থাকিব। আপোনাৰ সামান্য মূৰৰ বিষ হ'ব পাৰে কিন্তু কোনো গুৰুতৰ স্বাস্থ্যজনিত সমস্যা হোৱাৰ লক্ষণ নাই। ইয়াৰ বাহিৰেও এই সপ্তাহত পানীলগা জ্বৰে আপোনাক অলপ আমনি দিব পাৰে। এই সময়খিনিত আপোনাৰ শক্তি আৰু উদ্যম যথেষ্ট বৃদ্ধি পাব আৰু ই আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰিব। এই সকলোবোৰৰ প্ৰভাৱে আপোনাৰ স্বাস্থ্যলৈ ভাৰসাম্য আনি দিব।

উপায়:দৈনিক 20 বাৰ 'ঔঁ চন্দ্ৰায় নমঃ' মন্ত্ৰ জপ কৰক।

বৰ্ষ 2024 ত কেনে হ’ব আপোনাৰ স্বাস্থ্য?স্বাস্থ্য ৰাশিফল 2024 ৰপৰা লাভ কৰক উত্তৰ

মূলাংক 3

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 3, 12, 21 অথবা 30তাৰিখে হৈছে)

মূলাংক 3 লোকসকলে শিকাৰ ক্ষেত্ৰত যথেষ্ট দক্ষ হয় আৰু তেওঁলোকে সদায় কিবা নহয় কিবা এটা শিকিবলৈ চেষ্টা কৰি থাকে। তেওঁলোকে বিভিন্ন ধৰণৰ বিষয় শিকিবলৈ পছন্দ কৰে। এই সপ্তাহত, মূলাংক 3ৰ লোকসকলৰ ধৰ্মীয় আৰু অন্যান্য আধ্যাত্মিক কাৰ্য্য শিকিবলৈ আগ্ৰহ বৃদ্ধি হ’ব পাৰে। এই মানুহবোৰে পোনপটীয়াকৈ কথা কৈ ভাল পায়।

প্ৰেম জীৱন:এই সপ্তাহটোৱে আপোনাৰ প্ৰেম জীৱনলৈ সুখ-শান্তি কঢ়িয়াই আনিব। আপোনালোক দুয়োৰে মাজৰ সম্পৰ্ক শক্তিশালী হ'ব আৰু আপুনি নিজৰ সম্পৰ্কত সুখ-শান্তি বজাই ৰখাৰ এক উৎকৃষ্ট উদাহৰণ স্থাপন কৰিব পাৰিব। এই সপ্তাহত আপুনিআধ্যাত্মিক কামৰ বাবে ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে। এই ভ্ৰমণটো আপোনাৰ বাবে অতিশয় মূল্যৱান প্ৰমাণিত হ'ব আৰু আপোনাৰ জীৱনশৈলীলৈ এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আহিব। আপুনি বিশেষকৈ প্ৰেমৰ ক্ষেত্ৰত উচ্চ মানদণ্ড স্থাপন কৰিবলৈ সক্ষম হ'ব আৰু আপোনালোক দুয়োৰে মাজৰ পাৰস্পৰিক সমন্বয় ভাল হ’ব।

শিক্ষা:শিক্ষাৰ্থীসকলে এই সপ্তাহত অধ্যয়নত যথেষ্ট ভাল প্ৰদৰ্শন কৰিব পাৰিব। ফাইনেন্সিয়েল একাউণ্টিং আৰু বিজনেছ মেনেজমেণ্ট আদিৰ দৰে পাঠ্যক্ৰম আপোনাৰ বাবে ভাল প্ৰমাণিত হ'ব আৰু আপুনি এই বিষয়বোৰত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। এই সময়খিনিত আপুনি এই বিষয়বোৰত ভাল নম্বৰ লাভ কৰাৰ যোগ আছে। এই সপ্তাহত আপুনি আপোনাৰ দক্ষতা চিনাক্ত কৰিবলৈ সক্ষম হ'ব।

বৃত্তিগত জীৱন:মূলাংক 3 ৰ জাতকসকলেএই সপ্তাহত তেওঁলোকৰ চাকৰিত বিশেষজ্ঞতা প্ৰাপ্ত কৰিব আৰু আপোনাৰ পদোন্নতিৰ লগতে দৰমহা বৃদ্ধি হোৱাৰো সম্ভাৱনা আছে। আপুনি আপোনাৰ চাকৰিত কৰা কঠোৰ পৰিশ্ৰমে এই সময়খিনিত স্বীকৃতি লাভ কৰিব। আপুনি এই সময়ছোৱাত নিজৰ কামৰ প্ৰতি অধিক প্ৰতিশ্ৰুতিবদ্ধ আৰু সমৰ্পিত হ'ব। ব্যৱসায়ীসকলে এনে কোনো চুক্তি লাভ কৰিব পাৰে যিয়ে তেওঁলোকক আশা কৰাতকৈও অধিক লাভ প্ৰদান কৰিব। আপুনি আপোনাৰ প্ৰতিদ্বন্দীসকলক কঠোৰ প্ৰতিযোগিতা আগবঢ়াবলৈ সক্ষম হ'ব।

স্বাস্থ্য:এই সময়খিনিত আপুনি শক্তিৰে পৰিপূৰ্ণ হৈ থাকিব। আপুনি এই সপ্তাহত যথেষ্ট ইতিবাচক অনুভৱ কৰিব আৰু এই ইতিবাচকতাৰ বাবে, আপোনাৰ উৎসাহ আৰু অধিক বৃদ্ধি পাব। এই সকলোবোৰৰ বাবে, আপোনাৰ স্বাস্থ্যও ভালে থাকিব।

উপায়: বৃহস্পতিবাৰে বৃহস্পতি দেৱতাক প্ৰসন্ন কৰিবৰ বাবে যজ্ঞ-হোম কৰক।

মূলাংক 4

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 4, 13, 22 অথবা 31তাৰিখে হৈছে)

এই সময়খিনিত মূলাংক 4ৰ জাতকসকলক পাৰ্থিৱ বস্তুবোৰৰ প্ৰতি অত্যন্ত উৎসাহী হোৱা দেখা যাব আৰু ই তেওঁলোকক অধিক ধন উপাৰ্জন কৰিবলৈ উৎসাহিত কৰিব। এই সপ্তাহত যাত্ৰাৰ প্ৰতি আপোনাৰ অধিক আগ্ৰহ হ’ব পাৰে আৰু আপুনি ইয়াক আপোনাৰ মনোৰঞ্জন হিচাপে গণ্য় কৰিব পাৰে। এই জাতকসকল যথেষ্ট প্ৰতিভাশালী হোৱাৰ লগতে তেওঁলোকে নিজৰ প্ৰতিভাৰদ্বাৰা প্ৰতিটো কাম অতি সহজে আৰু সৰলভাৱে সম্পন্ন কৰিব পাৰে।

প্ৰেম জীৱন:এই সপ্তাহত আপোনাৰ আৰু আপোনাৰ সঙ্গীৰ মাজত দূৰত্ব অহাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত এই সময়খিনি আপোনাৰ প্ৰেম জীৱনৰ বাবে বৰ বিশেষ অনুকূল নহ'ব। আপোনাৰ সম্পৰ্কত পাৰস্পৰিক সমন্বয় আৰু সুখ-শান্তি বজাই ৰাখিবৰ বাবে আপুনি আপোনাৰ সঙ্গীৰ সৈতে মিলা-মিছাৰে আগবাঢ়িব লাগিব। ধৈৰ্য্যৰদ্বাৰ সকলোবোৰ পাৰিবাৰিক সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰা উচিত। যদিহে আপুনি আপোনাৰ জীৱনসঙ্গীৰ সৈতে বাহিৰলৈ যোৱাৰ পৰিকল্পনা কৰি আছে তেনেহ'লে এই পৰিকল্পনা কিছু সময়ৰ বাবে পিছুৱাই দিয়াটো ভাল হ’ব।

শিক্ষা:এইখিনি সময়ত শিক্ষাৰ্থীসকলে অধ্যয়নত অধিক পৰিশ্ৰম কৰিবলগীয়া হ’ব পাৰে, সেয়েহে এই সপ্তাহটো শিক্ষাৰ্থীসকলৰ বাবে বৰ বিশেষ অনুকূল নহ'ব। যদিহে আপুনি ভিজুৱেল কমিউনিকেচন আৰু ৱেব ডিজাইনিঙৰ দৰে বিষয় অধ্যয়ন কৰি আছে, তেনেহ'লে আপুনি অধিক পৰিশ্ৰম আৰু মনোযোগ দিব লাগিব। অধ্যয়নৰ ক্ষেত্ৰত, আপুনি পৰিকল্পনা কৰি আগবাঢ়িব লাগিব। অধ্যয়ন কৰোঁতে মনোযোগ ভংগ হোৱাৰ সম্ভাৱনা আছে। শিক্ষাৰ ক্ষেত্ৰত নতুন কিবা কৰাৰ বাবে অথবা কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিবৰ বাবে এয়া সঠিক সময় নহয়।

বৃত্তিগত জীৱন:এই সপ্তাহত মূলাংক 4 ৰ জাতকসকলৰ ওপৰত কামৰ বোজা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। এই কথাটোৰ বাবে আপুনি কিছু চিন্তিত হ'ব পাৰে। আপুনি আপোনাৰ কামত কৰা কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়ে স্বীকৃতি লাভ নকৰাৰ বাবে আপুনি কিছু দুখী অনুভৱ কৰিব পাৰে। এই সকলোবোৰ পৰিহাৰ কৰিবৰ বাবে আপুনি এইখিনি সময়ত পৰিকল্পনা কৰি আগবঢ়াটো যথেষ্ট গুৰুত্বপূৰ্ণ। লগতে ব্যৱসায়ীসকলে তেওঁলোকৰ প্ৰতিদ্বন্দীসকলৰ পৰা কঠোৰ প্ৰতিদ্বন্দিতাৰ সম্মুখীন হ’ব পাৰে আৰু ইয়াৰ ফলত আপুনিও এই সময়ছোৱাত লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে।

স্বাস্থ্য:এই সপ্তাহত স্বাস্থ্যৱান হৈ থাকিবৰ বাবে সময়মতে খোৱা-বোৱা কৰাটো অতিশ গুৰুত্বপূৰ্ণ। যদিহে আপুনি এনে কৰাত ব্যৰ্থ হয় তেনেহ'লে আপোনাৰ পাচনৰ সমস্যা হ'ব পাৰে, যি আপোনাৰ শক্তি হ্ৰাস হোৱাৰ সংকেতো সূচিত কৰেখিনি। এই সময়ত অত্যাধিক মচলাযুক্ত খাদ্য পৰিহাৰ কৰক।

উপায়:দৈনিক 22 বাৰ 'ঔঁ ৰাহৱে নমঃ' মন্ত্ৰ জপ কৰক।

মূলাংক 5

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 5, 14 অথবা 23তাৰিখে হৈছে)

এই মূলাংকৰ জাতকসকল যুক্তিবাদী আৰু বাস্তৱবাদী স্বভাৱৰ হয়। তেওঁলোকৰ ব্যৱসায়ৰ প্ৰতি অধিক আগ্ৰহ থাকে আৰু তেওঁলোকে ইয়াৰ প্ৰয়োগ নিজৰ জীৱনত লক্ষ্য প্ৰাপ্ত কৰিবৰ বাবে কৰে। ট্ৰেডিঙৰ সৈতে জড়িত ব্যৱসায়ৰ প্ৰতি তেওঁলোকৰ অধিক আগ্ৰহ থাকে আৰু তেওঁলোকে ইয়াৰ সৈতে জড়িত সুযোগবোৰৰ তেওঁলোকে কাৰ্যকৰীভাৱে ব্যৱহাৰ কৰে।

প্ৰেম জীৱন:এই সময়খিনিত আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ মাজত পাৰস্পৰিক মিলা-মিছা যথেষ্ট ভাল হ'ব। আপোনালোক দুয়োৰে মাজত প্ৰেম-ভালপোৱা বৃদ্ধি পাব আৰু আপুনি আপোনাৰ জীৱনৰ সৈতে কিছু ৰোমান্টিক মুহূৰ্ত কটোৱাৰ সুযোগ লাভ কৰিব। আপুনি যিকোনো পাৰিবাৰিক সমস্যাৰ বিষয়ে আপোনাৰ জীৱনসঙ্গীৰ সৈতে মুকলিকৈ আলোচনা কৰিব পাৰে।

শিক্ষা:এই সপ্তাহত আপুনি অধ্যয়নৰ ক্ষেত্ৰত আপোনাৰ দক্ষতা প্ৰমাণ কৰিবলৈ সক্ষম হ'ব আৰু শিক্ষাৰ ক্ষেত্ৰত দ্ৰুত উন্নতি লাভ কৰিব। ইয়াৰ উপৰিও আপুনি এইখিনি সময়ত ভাল নম্বৰ প্ৰাপ্ত কৰাত আৰু নিজকে প্ৰমাণ কৰাত সফল হ'ব। শিক্ষাৰ্থীসকলে বিদেশত অধ্যয়ন কৰাৰ সুযোগ লাভ কৰিব পাৰে আৰু এই সুযোগবোৰ আপোনাৰ বাবে অতিশয় লাভজনক প্ৰমাণিত হ'ব। আপুনি বিজনেছ এডমিনিষ্ট্ৰেছন, লজিষ্টিক আৰু মাৰ্কেটিং আদিত বিশেষজ্ঞতা প্ৰাপ্ত কৰিব পাৰে।

বৃত্তিগত জীৱন:এই সপ্তাহত আপুনি নিজৰ কামৰ ক্ষেত্ৰত যথেষ্ট ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ব আৰু লগতে কৰ্মক্ষেত্ৰতো আপোনাৰ দক্ষতা প্ৰমাণ কৰিব পাৰিব। আপুনি এতিয়ালৈকে আপোনাৰ কামত কৰা কঠোৰ পৰিশ্ৰমৰ বাবে এইখিনি সময়ত প্ৰশংসা লাভ কৰাৰ যোগ আছে। আপুনি কেৰিয়াৰত বিচাৰি থকা সন্তুষ্টি নতুন চাকৰিৰ সুযোগৰ জৰিয়তে লাভ কৰাৰ সম্ভাৱনা আছে। যদিহে আপুনি বিদেশলৈ যোৱাৰ সপোন দেখি আছে তেনেহ’লে এইখিনি সময় আপোনাৰ বাবে উপযুক্ত প্ৰমাণিত হ'ব। যদিহে আপুনি ব্যৱসায় কৰে তেনেহ’লে এই সময়খিনিত আপোনাৰ মাজলৈ আৰু আপোনাৰ ব্যৱসায়লৈ কিছু ইতিবাচক পৰিৱৰ্তন অহাৰ সম্ভাৱনা আছে।

স্বাস্থ্য:আপুনি এইখিনি সময়ত ভিতৰৰ পৰা অত্যন্ত সুখী অনুভৱ কৰিব আৰু এই সুখৰ বাবে আপোনাৰ উৎসাহ আৰু উদ্যমো বৃদ্ধি পাব। ই আপোনাৰ স্বাস্থ্যৰ ওপৰতো ইতিবাচক প্ৰভাৱ পেলাব। এই সপ্তাহত কোনো গুৰুতৰ স্বাস্থ্যজনিত সমস্যাই দেখা দিয়াৰ সম্ভাৱনা নাই। বৰ্ধিত উৎসাহ আৰু উদ্যমৰ বাবে আপুনি পূৰ্বৰ তুলনাত যথেষ্ট শক্তিশালী অনুভৱ কৰিব।

উপায়: দৈনিক 41 বাৰ 'ঔঁ নমো ভগৱতে বাসুদেৱায় নমঃ' মন্ত্ৰ জপ কৰক।

মূলাংক 6

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 6, 15 অথবা 24তাৰিখে হৈছে)

এই মূলাংকৰ জাতকসকল পাৰ্থিৱ সুখ-সুবিধাৰ প্ৰতি অধিক আগ্ৰহী হয়। ইয়াৰ উপৰিও তেওঁলোকৰ মনোৰঞ্জন আৰু গণসংযোগ আদিৰ প্ৰতিও আগ্ৰহ থাকে। তেওঁলোকে দীঘলীয়া দূৰত্ব ভ্ৰমণ কৰিবলৈ পছন্দ কৰে আৰু তেওঁলোকে ইয়াক তেওঁলোকৰ জীৱনৰ লক্ষ্য হিচাপে গণ্য কৰে। এই জাতকসকলৰ পৌষ্টিক ভোজনৰ প্ৰতি যথেষ্ট আগ্ৰহ থাকে আৰু এই সময়খিনিত তেওঁলোকে পুষ্টিকৰ বা সন্তুলিত আহাৰ গ্ৰহণ কৰা দেখা যাব। ইয়াৰ বাহিৰেও এই মূলাংকৰ জাতকসকলে সৃষ্টিশীল ক্ষেত্ৰত কিবা এটা প্ৰাপ্ত কৰিবলৈ চেষ্টা কৰিব পাৰে।

প্ৰেম জীৱন:এই সপ্তাহত আপুনি আপোনাৰ জীৱনসঙ্গীৰ সৈতে সম্পৰ্কত সন্তুষ্টি অনুভৱ কৰিব। আপোনালোক দুয়োৰে মাজৰ সম্পৰ্কতো আকৰ্ষণ বৃদ্ধি পাব। এইখিনি সময় হৈছে আপোনাৰ আৰু আপোনাৰ সঙ্গীৰ বাবে পৰস্পপৰ অনুভূতি আৰু প্ৰয়োজনীয়তা বুজি পোৱাৰ সঠিক সময়। এই সপ্তাহত আপুনি আপোনাৰ সঙ্গীৰ সৈতে বাহিৰলৈ ফুৰিবলৈ যাব পাৰে আৰু আপোনালোক দুয়োৱে এই ভ্ৰমণ সম্পূৰ্ণৰূপে উপভোগ কৰিব।

শিক্ষা:আপুনি কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং, ছফ্টৱেৰ আৰু একাউণ্টিং আদি বিষয়ত বিশেষজ্ঞতা প্ৰাপ্ত কৰিব পাৰে। আপুনি শিক্ষাৰ ক্ষেত্ৰত নিজৰ বাবে এক সুকীয়া স্থান নিৰ্মাণ কৰিবলৈ সক্ষম হ'ব আৰু আপোনাৰ সহপাঠীসকলৰ সৈতে প্ৰতিদ্বন্দিতা কৰিবৰ বাবে নিজকে এক উৎকৃষ্ট উদাহৰণ হিচাপে স্থাপন কৰিব পাৰিব। আপোনাৰ মনোযোগ দিয়াৰ ক্ষমতা বৃদ্ধি হ'ব আৰু ইয়াৰ সহায়ত আপুনি শিক্ষাৰ সৈতে জড়িত কিছুমান দক্ষতা বিকশিত কৰিব পাৰিব। আপুনি শিক্ষাৰ ক্ষেত্ৰত নিজৰ প্ৰতিভা আৰু দক্ষতা প্ৰমাণ কৰিব পাৰিব আৰু আপোনাৰ এই দক্ষতাবোৰ যথেষ্ট অনন্য বা স্বকীয় হ'ব।

বৃত্তিগত জীৱন:কেৰিয়াৰৰ ক্ষেত্ৰত, আপুনি নিজৰ আগ্ৰহ অনুসৰি নতুন চাকৰিৰ সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। যদিহে আপুনি ব্যৱসায় কৰি আছে তেনেহ'লে আপোনাৰ ব্যৱসায়ক সম্প্ৰসাৰিত কৰাৰ বাবে এয়া সঠিক সময়। আপুনি কোনো নতুন অংশীদাৰীত্বত কাম আৰম্ভ কৰাৰ সুযোগ লাভ কৰিব পাৰে আৰু আপুনি আপোনাৰ ব্যৱসায়ৰ সন্দৰ্ভত দীঘলীয়া যাত্ৰা কৰিবলগীয়াও হ’ব পাৰে। আপুনি একেলগে কেইবাটাও ব্যৱসায় কৰাৰ সুযোগ লাভ কৰিব পাৰে আৰু আপুনি ইয়াৰপৰা ভাল লাভ প্ৰাপ্ত কৰাৰ যোগ আছে। এই সপ্তাহত নেটৱৰ্কিং ব্যৱসায় আপোনাৰ বাবে ভাল হ'ব আৰু আপুনি ইয়াৰপৰা যথেষ্ট লাভাম্বিত হোৱাৰ সম্ভাৱনা আছে।

স্বাস্থ্য:এই সপ্তাহটো স্বাস্থ্যৰ বাবে উৎকৃষ্ট হ'ব আৰু আপুনি সুস্থ অনুভৱ কৰিব। এই সময়খিনিত আপুনি কোনো ধৰণৰ সৰু-সুৰা স্বাস্থ্যজনিত সমস্যাৰ সম্মুখীন হোৱাৰো আশংকা নাই। এই সপ্তাহত আপুনি উৎসাহেৰে পৰিপূৰ্ণ হৈ থাকিব আৰু ইয়াৰ ইতিবাচক প্ৰভাৱ আপোনাৰ স্বাস্থ্যৰ ওপৰতো পৰিলক্ষিত হ’যাব। স্বাস্থ্যৰ ক্ষেত্ৰত, আপুনি আনৰ বাবে এক উদাহৰণ স্থাপন কৰিবলৈ সক্ষম হ’ব।

উফায়: আপুনি দৈনিক 33 বাৰ 'ঔঁ শুক্ৰায় নমঃ' মন্ত্ৰ জপ কৰক।

পাওক আপোনাৰ সোঁৱৰণি আধাৰিত সঠিকশনি প্ৰতিৱেদন

মূলাংক 7

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 7, 16 অথবা 25তাৰিখে হৈছে)

এই মূলাংকৰ জাতকসকলৰ আধ্যাত্মিকতাৰ প্ৰতি আগ্ৰহ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আৰু তেওঁলোকে আধ্যাত্মিক কাৰ্য্যৰ প্ৰতি নিজৰ আগ্ৰহ বৃদ্ধি কৰিবৰ বাবে প্ৰয়াস কৰিব পাৰে। গুঢ়াৰ্থবিজ্ঞান, দৰ্শন, আইন আৰু ধৰ্ম আদি বিষয়ৰ আপুনি অধ্যয়ন কৰিব পাৰে। আপুনি এই সময়খিনিত সকলো গুণেৰে পৰিপূৰ্ণ হৈ থাকিব আৰু আপোনাৰ দক্ষতাৰ জৰিয়তে, আপুনি আপোনাৰ জীৱনত সুখ, শান্তি আৰু সমৃদ্ধি লাভ কৰিবলৈ সক্ষম হ’ব।

প্ৰেম জীৱন:এই সপ্তাহটো আপোনাৰ প্ৰেম জীৱনৰ বাবে বৰ বিশেষ অনুকূল নহ'ব। আপোনাৰ পৰিয়ালত উদ্ভৱ হোৱা কিছুমান সমস্যাৰ বাবে, আপোনাৰ আৰু আপোনাৰ সঙ্গীৰ মাজৰ সম্পৰ্কলৈ তিক্ততা অহাৰ সম্ভাৱনা আছে। এই সময়খিনি আপুনি চিন্তা কৰি থকাৰ পৰিৱৰ্তে পৰিয়ালৰ সমস্যাবোৰ সমাধান কৰিবৰ বাবে পৰিয়ালৰ কোনো এগৰাকী জ্যেষ্ঠ সদস্যৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত। ই আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ মাজত পাৰস্পৰিক মিলা-মিছা আৰু প্ৰেম-ভালপোৱা বজাই ৰখাত সহায় কৰিব।

শিক্ষা:গুঢ়াৰ্থবিজ্ঞান, দৰ্শন আৰু সমাজশাস্ত্ৰৰ দৰে বিষয় অধ্যয়ন কৰি থকা শিক্ষাৰ্থীসকলৰ বাবে এইখিনি সময় বৰ বিশেষ অনুকূল নহয়। অধ্যয়নৰ ক্ষেত্ৰত আপোনাৰ মনত ৰখাৰ ক্ষমতা এই সপ্তাহত মধ্যমীয়া হ'ব আৰু ইয়াৰ ফলত আপুনি ভাল নম্বৰ লাভ কৰাত পিছ পৰি থাকিব পাৰে। এই সপ্তাহত আপোনাৰ ভিতৰৰ সুপ্ত প্ৰতিভাবোৰ জাগ্ৰত হ’ব কিন্তু সময়ৰ অভাৱৰ বাবে সেইবোৰ সম্পূৰ্ণৰূপে প্ৰতিভাত হ’ব নোৱাৰিব পাৰে। যদিহে আপুনি অধ্যয়নৰ ক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰিব বিচাৰে তেনেহ’লে আপুনি যোগৰ আশ্ৰয় ল'ব পাৰে। আপুনি নিশ্চিতভাৱে ইয়াৰদ্বাৰা উপকৃত হ'ব।

বৃত্তিগত জীৱন:চাকৰিত ভাল ফলাফল লাভ কৰাৰ ক্ষেত্ৰত এই সপ্তাহটো আপোনাৰ বাবে মধ্যমীয়া হ'ব। ইয়াৰ লগতে, আপোনাৰ ওপৰত কামৰ বোজাও বৃদ্ধি হ'ব পাৰে আৰু আপুনি আপোনাৰ কাম আৰু কৰ্মক্ষেত্ৰত লাভ কৰা চাপ নিয়ন্ত্ৰণ কৰাত অসুবিধাৰ সম্মুখীন হ’ব পাৰে। একে সময়তে ব্যৱসায়ীসকলৰ লোকচান হোৱাৰ সম্ভাৱনা আছে। আপুনি আপোনাৰ ব্যৱসায়ৰ ওপৰত নজৰ ৰাখি পূৰ্বানুমান কৰাটো ভাল হ’ব। ইয়াৰ উপৰিও আপুনি এই সপ্তাহত অংশীদাৰীত্বত কাম নকৰাটো বা কোনো নতুন চুক্তি নকৰাটো ভাল হ’ব।

স্বাস্থ্য:এই সপ্তাহত এলাৰ্জিৰ বাবে আপোনাৰ ছালৰ জ্বলা-পোৰা আৰু পাচনৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে। যদিহে আপুনি স্বাস্থ্যৱান হৈ থাকিব বিচাৰে তেনেহ’লে সময়মতে খোৱা-বোৱা কৰক। এইখিনি সময়ত আপুনি ভজা-পোৰা খাদ্যৰপৰা আঁতৰি থকা উচিত অন্যথা আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। অৱশ্যে এই সপ্তাহত আপোনাৰ কোনো গুৰুতৰ স্বাস্থ্যজনিত সমস্যা হোৱাৰ কোনো আশংকা নাই।

উপায়:দৈনিক 41 বাৰ ‘ঔঁ গঁ গণপতয়ে নমঃ' মন্ত্ৰ জপ কৰক।

বৰ্ষ 2024 ত কেনে থাকিব আপোনাৰ স্বাস্থ্য?স্বাস্থ্য ৰাশিফল 2024 ৰপৰা লাভ কৰক উত্তৰ

মূলাংক 8

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 8, 17 অথবা 26তাৰিখে হৈছে)

মূলাংক 8ৰ জাতকসকল নিজৰ কামৰ প্ৰতি অত্যন্ত প্ৰতিশ্ৰুতিবদ্ধ আৰু সমৰ্পিত স্বভাৱৰ। তেওঁলোকে আৰাম কৰাৰ সলনি কাম কৰি থাকি অধিক ভাল পায়। এই জাতকসকলে তেওঁলোকৰ জীৱনত কিছুমান লক্ষ্য নিৰ্ধাৰণ কৰে আৰু এই লক্ষ্যবোৰ প্ৰাপ্ত কৰিবলৈ তেওঁলোক সদায় প্ৰতিশ্ৰুতিৱদ্ধ হৈ থাকে। এই লোকসকলে নিজৰ জীৱনত অধিক ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে। এই জাতকসকলৰ মাজত সৰুৰে পৰাই প্ৰতিশ্ৰুতিবদ্ধ হোৱাৰ গুণ দেখা যায়।

প্ৰেম জীৱন:পৰিয়ালত চলি থকা সম্পত্তিৰ বিবাদ তথা সমস্যাৰ বাবে, আপুনি এই সপ্তাহত কিছু চিন্তিত হৈ থাকিব পাৰে। আপোনাৰ বন্ধু-বৰ্গৰ বাবে, আপোনাৰ জীৱনসঙ্গী বা প্ৰেমাস্পদৰ সৈতে আপোনাৰ সম্পৰ্ক অধিক বেয়া হোৱাৰ আশংকা আছে। আপোনাৰ আৰু আপোনাৰ সঙ্গীৰ মাজৰ সম্পৰ্কলৈ ব্যৱধান আহিব পাৰে আৰু আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বজাই ৰখাটো আপোনাৰ বাবে কিছু জটিল অনুভৱ হ'ব পাৰে। আপুনি নিজৰ সঙ্গীক সন্দেহ কৰাৰ সম্ভাৱনাও আছে। আপুনি এনে ধৰণৰ কথা পৰিহাৰ কৰা উচিত কিয়নো সেইবোৰে আপোনাৰ প্ৰেম জীৱনৰ সুখ-শান্তি বিঘ্নিত কৰাৰহে সম্ভাৱনা আছে।

শিক্ষা:এই সপ্তাহটো শিক্ষাৰ্থীসকলৰ বাবে বিশেষ শুভ আৰু ফলদায়ক নহ'ব। শিক্ষাৰ ক্ষেত্ৰত শীৰ্ষত উপনীত হ'বৰ বাবে আপুনি অধিক প্ৰচেষ্টা কৰিব লাগিব। এই সময়ছোৱাত আপুনি ধৈৰ্য্য ধৰা উচিত আৰু লগতে দৃঢ় সংকল্পবদ্ধ হৈ থকা উচিত। ইয়াৰদ্বাৰাহে আপুনি ভাল নম্বৰ প্ৰাপ্ত কৰাত সফল হ'ব পাৰিব। যদিহে আপুনি মেকানিকেল ইঞ্জিনিয়াৰিং বা অটোমোবাইল ইঞ্জিনিয়াৰিঙৰ পাঠ্যক্ৰম অধ্যয়ন কৰি আছে, তেনেহ’লে আপুনি ভাল প্ৰদৰ্শন কৰিবলৈ অধিক অধ্যয়ন কৰিব লাগিব।

বৃত্তিগত জীৱন: চাকৰিয়াল লোকসকলে নিজৰ কামৰ বাবে স্বীকৃতি লাভ নকৰাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনাৰ মন বিচলিত হৈ থাকিব পাৰে। আপুনি এনে পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে য'ত আপোনাৰ সহকৰ্মীসকলে কোনো নতুন পদ লাভ কৰিব আৰু আপুনি তেওঁলোকতকৈ পিছ পৰি থাকিব। নিজকে আনতকৈ পৃথক প্ৰমাণ কৰিবৰ বাবে আপুনি কোনো নতুন বা বিশেষ দক্ষতা আহৰণ কৰাৰ ওপৰত গুৰুত্ব দিব লাগিব। লগতে ব্যৱসায়ীসকলৰ বাবে উচ্চ মানদণ্ড বজাই ৰখাটো আৰু লাভ প্ৰাপ্ত কৰাটো এইখিনি সময়ত কিছু কঠিন প্ৰমাণিত হ'ব পাৰে।

স্বাস্থ্য:অত্যাধিক চাপ লোৱাৰ বাবে আপোনাৰ ভৰি আৰু গাঁঠিৰ বিষ হ’ব পাৰে। অসন্তুলিত আহাৰ গ্ৰহণ কৰাৰ বাবে আপোনাৰ এনেবোৰ সমস্যা হ'ব পাৰে।

উপায়: দৈনিক 11 বাৰ 'ঔঁ হনুমতে নমঃ' মন্ত্ৰ জপ কৰক।

কেৰিয়াৰক লৈ হৈ আছে টেনশ্যন! এতিয়াই অৰ্ডাৰ কৰককগ্নিএষ্ট্ৰো প্ৰতিৱেদন

মূলাংক 9

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 9, 18 অথবা 27তাৰিখে হৈছে)

এই মূলাংকৰ জাতকসকল অত্যন্ত সাহসী আৰু নিৰ্ভীক প্ৰকৃতিৰ হোৱাৰ লগতে এই সপ্তাহত তেওঁলোক দৃঢ় সংকল্পবদ্ধ হৈ জটিল কামবোৰো সুকলমে সম্পন্ন কৰিবলৈ চেষ্টা কৰিব। এই লোকসকলে ঘূৰাই-পকাই কথা কোৱাতকৈ পোনপটীয়াকৈ কথা পাতিবলৈ ভাল পায়। এই সপ্তাহত দীঘলীয়া দূৰত্ব অধিক ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে। এই জাতকসকলৰ বিষয়ে ক'ব পাৰি যে তেওঁলোক অত্যন্ত স্বাভিমানী স্বভাৱৰ হয়।

প্ৰেম জীৱন:আপোনাৰ জীৱনসঙ্গীৰ সৈতে আপোনাৰ এক নৈতিক মনোভাৱ থাকিব আৰু উচ্চ মানদণ্ড স্থাপন কৰিব। ই আপোনাৰ আৰু আপোনাৰ সঙ্গীৰ মাজত ভাল পাৰস্পৰিক বুজাবুজি বিকশিত কৰিব আৰু আপোনালোক দুয়োৱে একেলগে প্ৰেমৰ এক নতুন কাহিনী গঢ়ি তুলিব পাৰিব। আপুনি আপোনাৰ সঙ্গীৰ সৈতে বাহিৰলৈ যোৱাৰ সুযোগ লাভ কৰিব পাৰে আৰু আপোনালোক দুয়োৱে এই ভ্ৰমণটো সম্পূৰ্ণৰূপে উপভোগ কৰিব। ই আপোনালোক দুয়োৰে মাজত পাৰস্পৰিক বুজা-পৰা বৃদ্ধি কৰিব।

শিক্ষা:শিক্ষাৰ্থীসকলে এই সপ্তাহত ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং আৰু কেমিকেল ইঞ্জিনিয়াৰিং আদিৰ দৰে বিষয়ত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ব। আপুনি যিয়েই পঢ়ে সেয়া মনত ৰখাৰ আপোনাৰ সামৰ্থ্য যথেষ্ট বৃদ্ধি হ'ব আৰু আপুনি পৰীক্ষাত উৎকৃষ্ট ফলাফল লাভ কৰিব পাৰিব। আপুনি আপোনাৰ সহপাঠীস কলৰ মাজত এটা ভাল উদাহৰণ স্থাপন কৰিব পাৰিব। এই সপ্তাহত আপুনি নিজৰ পছন্দ অনুসৰি কোনো বৃত্তিগত পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰে আৰু আপুনি ইয়াত উৎকৃষ্ট প্ৰদৰ্শন কৰিব পাৰিব।

বৃত্তিগত জীৱন:আপুনি আপোনাৰ কৰ্মক্ষেত্ৰত যথেষ্ট ভাল প্ৰদৰ্শন কৰিব আৰু আপোনাৰ কামেও স্বীকৃতি লাভ কৰিব। আপোনাৰ কামত সন্তুষ্ট হৈ কোম্পানীয়ে আপোনাক কোনো ভাল পদোন্নতিও দিব পাৰে। ই আপোনাৰ পদবী আৰু স্থিতি বৃদ্ধি কৰিব আৰু আপোনাৰ সহকৰ্মীসকলৰ মাজত আপোনাৰ খ্যাতি বৃদ্ধি হ'ব। ব্যৱসায়ীসকলৰ বাবে ভাল লাভ প্ৰাপ্ত কৰাৰ যোগ আছে আৰু এনেদৰে আপুনি আপোনাৰ প্ৰতিদ্বন্দীসকলৰ মাজত আপোনাৰ খ্যাতি বজাই ৰাখিবলৈ সক্ষম হ'ব। আপুনি আপোনাৰ ব্যৱসায়ৰ বাবে এক নতুন ৰণনীতি সৃষ্টি কৰিব পাৰিব।

স্বাস্থ্য:এই সপ্তাহটো আপোনাৰ স্বাস্থ্যৰ বাবে অনুকূল হ'ব। আপোনাৰ মাজত উৎসাহ আৰু উদ্যম বৃদ্ধি হোৱাৰ বাবে আপোনাৰ স্বাস্থ্যও ভালে থাকিব। এই সপ্তাহত কোনো গুৰুতৰ স্বাস্থ্যজনিত সমস্যাই আপোনাক আমনি দিয়াৰ সম্ভাৱনা নাই। আপুনি ভিতৰৰপৰা সুখী অনুভৱ কৰিব, যাৰ ফলত আপোনাৰ ভিতৰত শক্তিৰ স্তৰো বৃদ্ধি হ'ব।

উপায়:দৈনিক হনুমান চালিশা পাঠ কৰক।

সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক কৰক:এষ্ট্ৰোচেজ অনলাইন শ্বপিং ষ্টোৰ

আমি আশা কৰিছোঁ যে আপুনি আমাৰ এই ব্লগটো নিশ্চয় পছন্দ কৰিছে। যদিহে এনে হয় তেনেহ’লেআপুনি ইয়াক নিজৰ শুভাকাংক্ষীসকলৰ সৈতে শ্যেয়াৰ কৰক। ধন্যবাদ!

Talk to Astrologer Chat with Astrologer