তুলা ৰাশিফল 2024 (Tula Rashifal 2024)

Author: Lobitha Dutta | Updated Sat, 30 Dec 2023 12:55 PM IST

তুলা ৰাশিফল 2024 (Tula Rashifal 2024) ৰ এই বিশেষ প্ৰৱন্ধটো কেৱল আপোনাৰ বাবে প্ৰস্তুত কৰা হৈছে। এই ৰাশিফল বৈদিক জ্যোতিষশাস্ত্ৰৰ ওপৰত আধাৰিত আৰু 2024 বৰ্ষৰ গ্ৰহ গণনা আৰু গ্ৰহৰ পৰিবহনৰ আধাৰত আপোনাৰ জীৱনলৈ আহিবলগীয়া প্ৰভাৱসমূহৰ বিষয়ে অৱগত কৰিবৰ বাবে এই প্ৰৱন্ধটো প্ৰস্তুত কৰা হৈছে। যদিহে আপুনি জানিব বিচাৰে যে এই বৰ্ষটোত কোন কোন ক্ষেত্ৰত আপুনি অধিক কষ্ট কৰাৰ প্ৰয়োজনীয়তা আছে আৰু ক’ত আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব তথা কোন কোন ক্ষেত্ৰত আপুনি শক্তিশালী স্থিতি লাভ কৰিব আৰু কোন কোন ক্ষেত্ৰত আপুনি কম প্ৰচেষ্টা স্বত্বেও ভাল পৰিণাম লাভ কৰিবলৈ সক্ষম হ’ব তেনেহ’লে এই সকলোখিনি তথ্য আপুনি তুলা বাৰ্ষিক ৰাশিফল 2024 ত প্ৰাপ্ত কৰিব। এই ভৱিষ্যতবাণীয়ে আপোনাক এই কথা জনাত সহায় কৰিব যে আপোনাৰ কেৰিয়াৰৰ বাবে এই বৰ্ষটো কেনে হ’ব, আপুনি চাকৰিত পদোন্নতি লাভ কৰিব নে অথবা আপুনি সমস্য়াৰ সম্মুখীন হ’ব, যদিহে ব্যৱসায় কৰে তেনেহ’লে ব্যৱসায়িক দৃষ্টিকোণৰপৰা এই বৰ্ষটো কেনে হ’ব, আপুনি ব্যৱসায়িক ক্ষেত্ৰত উন্নতি প্ৰাপ্ত কৰিব নে নাই, আপোনাৰ ব্যক্তিগত জীৱন কেনে হ’ব, প্ৰেমৰ সম্পৰ্কত কেনে ধৰণৰ উত্থান-পতন আহিব, আপোনাৰ দাম্পত্য জীৱন মঙ্গলময় হৈ থাকিব নে তাত কিছুমান সমস্যা আহিব, সন্তানক লৈ আপুনি কেনে বাৰ্ত্তা প্ৰাপ্ত কৰিব, আপোনাৰ শৈক্ষিক জীৱন কেনে হ’ব আৰু আপোনাৰ স্বাস্থ্য ভালে থাকিব নে, আপোনাৰ আৰ্থিক স্থিতি কেনে থাকিব আৰু কেতিয়া ধন লাভ যোগ সৃষ্টি হ’ব, এই সকলোবোৰ তথ্য আপোনাৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰাতুলা ৰাশিফল 2024 (Tula Rashifal 2024)প্ৰৱন্ধটোত আপুনি জানিবলৈ পাব।

বাৰ্ষিক ৰাশিফল 2024 পঢ়িবৰ বাবে ইয়াত ক্লিক্ কৰক - ৰাশিফল 2024

ইয়াৰ লগতে আপুনি এই কথাও জানিব পাৰিব যে বৰ্ষ 2024 ৰ সময়ত কোনখিনি সময়ত আপুনি সম্পত্তি বা বাহন ক্ৰয় কৰিব পাৰিব আৰু কেতিয়া এনে ধৰণৰ ক্ৰয় কৰাটো আপোনাৰ বাবে শুভ হ’ব। আপুনি ধন বিনিয়োগৰদ্বাৰা লাভাম্বিত হ’ব নে আপোনাৰ হানি হ’ব অথবা বিনিয়োগৰ বাবে ভাল সময় কোনখিনি হ’ব, এই সকলোবোৰ আপুনি এই ৰাশিফল 2024 ত জনাব সুযোগ লাভ কৰিব।

तुला राशि का राशिफल विस्तार से पढ़ें –तुला राशिफल 2024

আমি আপোনাক জনাব বিচাৰোঁ যে এই প্ৰৱন্ধটো বিশেষভাৱে আপোনাৰ সহায়ৰ বাবে প্ৰস্তুত কৰা হৈছে যাৰ জৰিয়তে বৰ্ষ 2024 ৰ বিষয়ে পূৰ্বানুমান লাভ কৰাৰ সুযোগ আপুনি লাভ কৰিব আৰু সেই অনুসৰি আপুনি গোটেই বৰ্ষটোৰ বাবে নিজৰ কাম-কাজৰ আঁচনি প্ৰস্তুত কৰিব পাৰিব। গ্ৰহসমূহৰ গতি আৰু গ্ৰহসমূহৰ পৰিবহনে আপোনাৰ জীৱনত কেনেধৰণৰ প্ৰভাৱ পেলাব, এই সকলোবোৰ কথাৰ ওপৰত দৃষ্টি আৰোপ কৰি এই প্ৰৱন্ধটো এষ্ট্ৰোচেজৰ বিশেষজ্ঞ জ্যোতিষীডা. ম্ৰগাংকয়ে প্ৰস্তুত কৰি উলিয়াইছে।

Click here to read in English:Libra Horoscope 2024

এই ৰাশিফল বিশেষভাৱে আপোনাৰ চন্দ্ৰ ৰাশি অৰ্থাৎ আপোনাৰ জন্ম ৰাশিৰ ওপৰত আধাৰিত। যদিহে আপোনাৰ জন্ম তুলা ৰাশিত অধীনত হৈছে অথবা আপোনাৰ জন্ম পত্ৰিকাত চন্দ্ৰমা তুলা ৰাশিত আছে তেনেহ’লে ইয়াৰ অৰ্থ হৈছে আপুনি তুলা ৰাশিৰ জাতক আৰু এই ৰাশিফল আপোনাৰ বাবে প্ৰস্তুত কৰা হৈছে।আহক এতিয়া আমি আপোনাক জনাও তুলা ৰাশিৰ জাতকসকলৰ বাবে 2024 বৰ্ষটোৱে আপোনাক কেনে ফল প্ৰদান কৰিব।

2024 বৰ্ষত আপোনাৰ ভাগ্যৰ পৰিৱৰ্তন হ’ব নে?বিদ্বান জ্য়োতিষীসকলৰ সৈতে ফোনত কথা পাতক

তুলা ৰাশিফল 2024 (Tula Rashifal 2024) অনুসৰি, তুলা ৰাশিৰ জাতকসকলৰ বাবে বৰ্ষটোৰ আৰম্ভণিৰেপৰাই শনি পঞ্চম গৃহত স্থিত হ’ব যি আপোনাৰ সপ্তম, একাদশ আৰু দ্বিতীয় গৃহত পূৰ্ণ দৃষ্টি প্ৰদান কৰিব। দেৱ গুৰু বৃহস্পতি 1 মে’ পৰ্য্যন্ত আপোনাৰ সপ্তম গৃহত স্থিত হৈ প্ৰথম, তৃতীয় আৰু একাদশ গৃহত দ-ষ্টি পেলাব তথা ইয়াৰ পিছত অষ্টম গৃহলৈ যাত্ৰা কৰি আপোনাৰ দ্বাদশ গৃহ, দ্বিতীয় গৃহ আৰু আপোনাৰ চতুৰ্থ গৃহত দৃষ্টি প্ৰদান কৰিব। ৰাহু ষষ্ঠ গৃহত আৰু কেতু দ্বাদশ গৃহত স্থিত হ’ব। এই বৰ্ষটো আৰ্থিক দিশৰপৰা উন্নতিময় হ’ব। এই বৰ্ষটোত আপুনি কোনো ব্যৱসায়ৰ আৰম্ভণি বৰ্ষটোৰ প্ৰথমাৰ্দ্ধত কৰিব পাৰিব। ব্যৱসায় বিস্তাৰিত কৰাৰো ভাল যোগ দেখা যায়। কথা-বতৰা মিঠাকৈ কোৱাৰ সংকল্প লৈ বৰ্ষটো আৰম্ভ কৰিব যাৰ ফলত আপোনাৰ আপোন লোকসকলো সুখী হৈ থাকিব। এই বৰ্ষত বিদেশলৈ যোৱাৰো সম্ভাৱনা কম আছে আৰু এনেকুৱাও হ’ব পাৰে যে কেইবাবাৰো আপোনাৰ পৰিকল্পনা বাস্তৱত পৰিণত হ’বলৈও গৈ শেষত বাস্তৱায়িত নহ’ব। কিন্তু নিৰাশ নহ’ব, এই বৰ্ষত আপোনাৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক আৰু পাৰিবাৰিক দায়িত্বসমূহৰ প্ৰতি অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা আছে।

সকলো জ্যোতিষীয় গণনা আপোনাৰ চন্দ্ৰ ৰাশিৰ ওপৰত আধাৰিত। আপোনাৰ চন্দ্ৰ ৰাশি জানিবৰ বাবে ক্লিক কৰক:চন্দ্ৰ ৰাশি কেলকুলেটৰ

তুলা প্ৰেম ৰাশিফল 2024

তুলা ৰাশিফল 2024 (Tula Rashifal 2024) অনুসৰি, এই বৰ্ষটোৰ আৰম্ভণিতে আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ স্থিতি ভাল হ’ব। দ্বিতীয় গৃহত শুক্ৰ আৰু বুধৰ উপস্থিতিৰ বাবে আপোনাৰ কথা-বতৰা মধুৰ হ’ব যাৰ ফলস্বৰূপে আপুনি আপোনাৰ প্ৰেমাস্পদৰ হৃদয় দয় কৰিব পাৰিব আৰু মিঠা মিঠা কথাৰে তেওঁৰ হৃদয়ত নিজৰ স্থান দখল কৰিব। শনি গোটেই বৰ্ষ জুৰি আপোনাৰ পঞ্চম গৃহত স্থিত হ’ব আৰু তাৰপৰাই আপোনাৰ সপ্তম গৃহ, একাদশ গৃহ আৰু দ্বিতীয় গৃহত দৃষ্টি পেলাব। ইয়াৰ ফলস্বৰূপে আপুনি প্ৰেম বিবাহ কৰিবৰ বাবে উৎসাহজনক প্ৰয়াস কৰিব আৰু এই বৰ্ষত আপোনাৰ প্ৰেম বিবাহ হোৱাৰ প্ৰৱল যোগ আছে। শনি ইয়াত স্থিত হৈ আপোনাৰ এয়া জনাব যে আপুনি নিজৰ সম্পৰ্কক লৈ কিমান গম্ভীৰ। যদিহে আপুনি বাস্তৱত এক ভাল সম্পৰ্ক ৰক্ষা কৰিব বিচাৰে তেনেহ’লে আপুনি প্ৰয়াস কৰিব আৰু ইয়াত সফলতাও লাভ কৰিব। মাজে-মাজে এপ্ৰিল, আগষ্ট আৰু ছেপ্তেম্বৰ মাহত আপুনি নিজৰ প্ৰেম জীৱনত কিছু সমস্যাৰ সম্মুখীন হ’বলগীয়া হ’ব পাৰে কিয়নো এইখিনি সময়ত আপোনালোকৰ মাজৰ সামঞ্জস্য বেয়ালৈ যাব পাৰে। কিন্তু শেষৰ সময়খিনিত আপোনাৰ প্ৰেমৰ জীৱন অনুকূল হ’ব আৰু আপোনালোকে দুয়োৱে পৰস্পৰৰ সৈতে মধুৰ সময় অতিবাহিত কৰিব। মাৰ্চ মাহটো যথেষ্ট ৰোমাণ্টিক হ’ব। ইয়াৰ পিছত জুলাইৰপৰা অক্টোবৰৰ সময়খিনিত আপোনালোকৰ সম্পৰ্কত ৰোমাঞ্চ বৃদ্ধি হ’ব আৰু ইয়াৰ ফলত বৰ্ষটোৰ শেষলৈ আপুনি প্ৰেম বিবাহ কৰিব পাৰে।

তুলা কেৰিয়াৰ ৰাশিফল 2024

তুলা ৰাশিফল 2024 (Tula Rashifal 2024) অনুসৰি, আপুনি নিজৰ কেৰিয়াৰক লৈ এই বৰ্ষত যথেষ্ট ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। বৰ্ষটোৰ আৰম্ভণিতে দেৱ গুৰু বৃহস্পতি আপোনাৰ সপ্তম গৃহত স্থিত হ’ব আৰু শনি আপোনাৰ পঞ্চম গৃহত বিৰাজমান হ’ব। সূৰ্য্য আৰু মঙ্গল বৰ্ষটোৰ আৰম্ভণিত আপোনাৰ তৃতীয় গৃহত স্থিত হ’ব তথা ৰাহুৰ প্ৰভাৱ আপোনাৰ ষষ্ঠ গৃহত পৰাৰ ফলত আপুনি যিকোনো ধৰণৰ প্ৰত্যাহ্বানৰ সম্মুখীন হ’বৰ বাবে অলপো ভীতিগ্ৰস্থ নহ’ব আৰু আপোনাৰ এই স্বভাৱৰ বাবেই আপুনি নিজৰ কেৰিয়াৰত সফলতা প্ৰাপ্ত কৰিব। আপুনি নিজৰ চাকৰিত যি কামেই লাভ কৰিব, সেই কামেই আপুনি সম্পূৰ্ণ নিয়াৰিকৈ কৰিব যাৰ ফলত আপোনাৰ জ্যেষ্ঠ্য অধিকাৰীসকল আপোনাৰ ওপৰত সন্তুষ্ট হ’ব আৰু তেওঁলোকৰ কৃপাত আপুনি ভাল পধ লাভ কৰিবলৈ সক্ষম হ’ব।

আপোনাৰ বাবে মাৰ্চ আৰু এপ্ৰিল মাহ কিছু সমস্যাজনক হ’ব। এইখিনি সময়ত আপুনি আন চাকৰিৰ বাবে প্ৰচেষ্টা কৰিবলগীয়া হ’ব পাৰে কিয়নো পূৰ্বৰ চাকৰিটোত কোনো সমস্যাৰ উদ্ভৱ হ’ব পাৰে। মে’ আৰু জুন মাহত আপুনি নিজৰ কৰ্মক্ষেত্ৰত নিজৰ বিৰোধীসকলৰ প্ৰতি সতৰ্ক হৈ থাকিব লাগিব কাৰণ তেওঁলোকে আপোনাৰ বিৰূদ্ধে বিভিন্ন প্ৰকাৰৰ ষড়যন্ত্ৰ কৰিব পাৰে আৰু ইয়াৰ ফলত আপুনি নিজৰ কেৰিয়াৰত সমস্যাৰ সম্মুখীন হ’বলগীয়া হ’ব পাৰে। ইয়াৰ পিছৰ সময়খিনিত আপুনি উন্নতি লাভ কৰিব। আপোনাৰ বাবে আগষ্টৰপৰা ডিচেম্বৰ পৰ্য্যন্ত সময়খিনি যথেষ্ট ভাল হ’ব আৰু আপুনি চাকৰিত সকলো কাম ভালদৰে কৰিব আৰু নিজৰ বাবে এক সুকীয়া স্থান দখল কৰিব।

তুলা শিক্ষা ৰাশিফল 2024

তুলা ৰাশিফল 2024 (Tula Rashifal 2024) অনুসৰি শিক্ষাৰ্থীসকলৰ বাবে এই বৰ্ষটো প্ৰত্যাহ্বানেৰে পৰিপূৰ্ণ হ’ব। শনি আপোনাৰ পঞ্চম গৃহত স্থিত হ’ব। শনিয়েই হৈছে আপোনাৰ চতুৰ্থ গৃহৰ অধিপতি। সেয়েহে আপুনি নিজৰ অধ্যয়ন আগলৈ আগবঢ়াই নিয়াৰ সুযোগ লাভ কৰিব। শনিদেৱতাৰ কৃপাত আপুনি নিজৰ একাগ্ৰতা বৃদ্ধি কৰি পঢ়া-শুনাত অধিক মনোযোগ দিব পাৰিব। আপোনাৰ বাবে মাৰ্চৰপৰা মে’ আৰু আগষ্ট তথা অক্টোবৰ মাহ অধিক প্ৰত্যাহ্বানজনক হ’ব। এইখিনি সময়ত দৃঢ়তাৰে পঢ়া-শুনাত মনোনিৱেশ কৰিব লাগিব, অন্যথা সমস্যাত পৰিব পাৰে।

যদিহে আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেনেহ’লে আপুনি সফলতা লাভ কৰাৰ যোগ আছে। উচ্চ শিক্ষা গ্ৰহণ কৰি থকা জাতকসকলৰ বাবে এই বৰ্ষটো মধ্য়মীয়া হ’ব। আপুনি নিজৰ যোগ্যতা অধিক বঢ়োৱাৰ বাবে চেষ্টা কৰিব লাগিব যাৰ ফলত আপুনি বিচৰা ধৰণৰ ফল লাভ কৰিব পাৰিব আৰু আপুনি মনে বিচৰা বিষয় অধ্যয়ন কৰাত সফল হ’ব। বিদেশলৈ গৈ অধ্যয়ন কৰাৰ সপোন কিছু পৰিমাণে পূৰণ হ’ব পাৰে। কিন্তু মোটামোটিভাৱে এই বৰ্ষটোত আপুনি অপেক্ষা কৰিবলগীয়া হোৱাৰ সংকেত দেখা যায়।

তুলা আৰ্থিক ৰাশিফল 2024

তুলা ৰাশিফল 2024 (Tula Rashifal 2024) অনুসৰি আৰ্থিক দিশপৰা এই বৰ্ষটো ভাল হ’ব। শনি দেৱতাই একাদশ গৃহত পূৰ্ণ দৃষ্টি প্ৰদান কৰিব যাৰ ফলস্বৰূপে আপোনাৰ আৰ্থিক স্থিতি শক্তিশালী হ’ব। কেৱল এয়াই নহয় আপোনাৰ দ্বিতীয় গৃহতো শনিদেৱতা কৃপা দৃষ্টি থাকিব যাৰ ফলস্বৰূপে আৰ্থিক উন্নতিৰ যোগ সৃষ্টি হ’ব আৰু আপুনি আৰ্থিক দিশত শক্তিশালী স্থিতি লাভ কৰিব। বৰ্ষটোৰ আৰম্ভণি যথেষ্ট ভাল হ’ব। মঙ্গলৰ কৃপাত মাৰ্চ, মে’ আৰু আগষ্টৰ পিছৰ সময়খিনি আৰ্থিক দিশত অনুকূল দেখা যায়। সূৰ্য্য দেৱতাৰ কৃপাও আপোনাৰ ওপৰত থাকিব যাৰ ফলস্বৰূপে আগষ্ট মাহত আপুনি চৰকাৰী খণ্ডত লাভ প্ৰাপ্ত কৰাৰ যোগ আছে আৰু আপুনি আৰ্থিক দিশত শক্তিশালী স্থিতিলৈ আহিব।

তুলা পাৰিবাৰিক ৰাশিফল 2024

তুলা ৰাশিফল 2024 (Tula Rashifal 2024) অনুসৰি পাৰিবাৰিক দিশত এই বৰ্ষটো মধ্যমীয়া হ’ব। বৰ্ষটোৰ আৰম্ভণি যথেষ্ট ভাল হ’ব। কাৰণ দ্বিতীয় গৃহত শুক্ৰ আৰু বুধ স্থিত হ’ব আৰু চতুৰ্থ গৃহৰ অধিপতি শনি পঞ্চম গৃহত আপোনাৰ ৰাশিত স্থিত হৈ পাৰিবাৰিক সমস্যা বৃদ্ধি কৰিব। তৃতীয় গৃহত সূৰ্য্য আৰু মঙ্গলৰ স্থিতিৰ বাবে ভাতৃ-ভগ্নীসকলৰ কোনো ডাঙৰ উপলব্ধি হ’ব পাৰে কিন্তু ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত মঙ্গলৰ পৰিবহন আৰু সূৰ্য্যৰ পৰিবহনে আপোনাৰ চতুৰ্থ গৃহক প্ৰভাৱিত কৰিব যাৰ ফলস্বৰূপে পাৰিবাৰিক জীৱনত চাপ আৰু সংঘৰ্ষ বৃদ্ধি হ’ব পাৰে। সেয়েহে আপুনি কাজিয়া-পেচালৰ পৰা বাচিবৰ বাবে চেষ্টা কৰিব লাগিব। মে’ মাহৰ পিছৰ পৰিস্থিতি ভাল হ’ব। আপুনি নিজৰ পৰিয়ালৰ লোকসকলৰ সহযোগত নিজৰ গুৰুত্বপূৰ্ণ কামসমূহত সফলতা লাভ কিৰবলৈ সক্ষম হ’ব। আপোনাৰ ভাই-ভনীসকল আপোনাৰ বাবে প্ৰেৰণাদায়ক হ’ব আৰু আপোনাৰ সহায়ো কৰিব। ইয়াৰ ফলত আপুনি সুখী হ’ব।

বৃহৎ কুণ্ডলী: জানক আপোনাৰ জীৱনত গ্ৰহসমূহৰ পৰিবহনৰ প্ৰভাৱ আৰু ইয়াৰ প্ৰতিকাৰ

তুলা সন্তান ৰাশিফল 2024

সন্তানৰ দৃষ্টিকোণৰপৰা চালে দেখা যায়তুলা ৰাশিফল 2024 (Tula Rashifal 2024) অনুসৰি এই বৰ্ষটো ভাল হ’ব। আপোনাৰ সন্তানে ধীৰে ধীৰে নিজৰ ক্ষেত্ৰসমূহত উন্নতি লাভ কৰিব। যদিহে তেওঁলোক শিক্ষাৰ্থী হয় তেনেহ’লে তেওঁলোকে অধ্যয়য়নত নিজকে প্ৰমাণিত কৰাৰ সুযোগ লাভ কৰিব আৰু তেওঁলোকৰ একাগ্ৰতাৰদ্বাৰা শিক্ষাত ভাল ফল প্ৰাপ্ত কৰিব পাৰিব। যদিহে তেওঁলোকে চাকৰি কৰি আছে বা কোনো ব্যৱসায় কৰে তেনেহ’লে এই বৰ্ষত তেওঁলোকে ভাল সফলতা লাভ কৰিব আৰু নিজৰ সন্তানৰ উন্নতি দেখা পাই আপুনিও সুখী অনুভৱ কৰিব। অৱশ্যে এই বৰ্ষ 15 মাৰ্চৰপৰা 23 এপ্ৰিলৰ ভিতৰত যেতিয়া মঙ্গলৰ পৰিবহন আপোনাৰ পঞ্চম গৃহত হ’ব তেতিয়া সেইখিনি সময়ত আপোনাৰ সন্তানৰ বিশেষ ধ্যান ৰাখক। তেওঁলোকে যাতে বেয়া সংগ ল’ব নোৱাৰে তাৰ প্ৰতি চকু দিয়ক। ইয়াৰ লগতে তেওঁলোকৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে আৰু কোনো ধৰণৰ আঘাত, আদি হ’ব পাৰে। তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখিলে বাকীখিনি সময় ভালদৰে অতিবাহিত কৰিব পাৰিব।

তুলা বৈবাহিক ৰাশিফল 2024

তুলা ৰাশিফল 2024 (Tula Rashifal 2024) অনুসৰি বৈবাহিক সম্পৰ্কৰ বাবে বৰ্ষটোৰ আৰম্ভণি অনুকূল হ’ব। আপোনাৰ সপ্তম গৃহত বৃহস্পতি বিৰাজমান হৈ আপোনাক সঠিক পথ প্ৰদৰ্শন কৰিব। আপোনাৰ মন শান্ত হৈ থাকিব। আপুনি পাৰিবাৰিক দায়িত্বসমূহ যথেষ্ট ভালদৰে পালন কৰিব আৰু জীৱনসঙ্গীৰ প্ৰতি সমৰ্পিত হোৱা দেখা যাব। আনহাতে আপোনাৰ জীৱনসঙ্গীৰ ধৰ্মীয় জ্ঞানৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব। তেওঁ নিজৰ দায়িত্বসমূহ উপলব্ধি কৰিব আৰু আপোনাৰ সৈতে হাতত হাত ধৰি আগবাঢ়ি যোৱা দেখা যাব। আপোনালোক দুয়োৰে মাজৰ মিলা-প্ৰীতি বৃদ্ধি হ’ব যাৰ ফলত বৰ্ষটোৰ প্ৰথমাৰ্দ্ধ যথেষ্ট ভালদৰে অতিবাহিত হ’ব।

বৰ্ষটোৰ দ্বিতীয়াৰ্দ্ধত বৃহস্পতি আপোনাৰ অষ্টম গৃহলৈ যাত্ৰা কৰিব, তেতিয়া পৰিস্থিতিৰ কিছু পৰিৱৰ্তন হ’ব। অৱশ্যে সেইখিনি সময়ত আপুনি শহুৰ পৰিয়ালৰ কোনো সদস্যৰ বিবাহত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব যাৰ ফলস্বৰূপে ঘৰ-পৰিয়ালত সুখ-শান্তি বিৰাজমান হ’ব আৰু আপুনিও সুখী হোৱা দেখা যাব। সাধাৰণভাৱে ক’বলৈ গ’লে দেখা যায়12 জুলাইৰপৰা 26 আগষ্ট আৰু তাৰপিছত 20 অক্টোবৰৰপৰা বৰ্ষটোৰ শেষ পৰ্য্যন্ত সময়খিনি দাম্পত্য জীৱনৰ বাবে অনুকূল নহ’ব। এইখিনি সময়ত আপোনালোকৰ মাজত কাজিয়া-পেচাল, যুক্তি-তৰ্ক হ’ব পাৰে। সেয়েহে কিছু সাৱধানতা অৱলম্বন কৰক।যদিহে আপুনি অবিবাহিত তেনেহ’লে এই বৰ্ষতআপোনাৰ বিবাহ হোৱাৰ প্ৰৱল যোগ আছে। বিশেষকৈ বৰ্ষটোৰ প্ৰথমাৰ্দ্ধত এনে হোৱাৰ যথেষ্ট সম্ভাৱনা আছে।

তুলা ব্যৱসায়িক ৰাশিফল 2024

তুলা ব্যৱসায়িক ৰাশিফল 2024 অনুসৰি ব্যৱসায় কৰি থকা জাতকসকলৰ বাবে বৰ্ষটোৰ আৰম্ভণি ভাল হ’ব। বৰ্ষটোৰ আৰম্ভণিতে শনি, বৃহস্পতি আৰু ৰাহুৰ মুখ্য যোগৰ ষষ্ঠ গৃহত স্থিতি, সূৰ্য, মঙ্গলৰ তৃতীয় গৃহত আৰু বুধ, শুক্ৰৰ দ্বিতীয় গৃহত স্থিতিয়ে ব্যৱসায়িক উন্নতিৰ সংকেত প্ৰদান কৰে। আপোনাৰ ব্যৱসায়ে যথেষ্ট দ্ৰুততাৰে বিকাশ লাভ কৰিব আৰু আপুনি আগবাঢ়ি যোৱাৰ বহুতো সুযোগ লাভ কৰিব। ব্যৱসায়ত ভাল উন্নতি প্ৰাপ্ত কৰিব যি আপুনি আশা কৰাতকৈও ভাল হ’ব। সেয়েহে আপুনি সন্তুষ্টি লাভ কৰা দেখা যাব।তুলা ৰাশিফল 2024 (Tula Rashifal 2024) ৰ মতে, এইখিনি সময়ত আপুনি নিজৰ ব্যৱসায়ত কোনো নতুন উত্থান-পতনৰ সম্মুখীন হ’ব পাৰে। ইয়াৰ লগতে আপুনি এইখিনি সময়ত নিজৰ ব্যৱসায়ত কোনো নতুন আঁচনি জাৰি কৰাৰ কথা চিন্তা কৰিব পাৰে কিয়নো সেইবোৰৰ অবিহনে আপুনি কামত সিমান ভাল ফল লাভ কৰিব নোৱাৰিব, যিমান আপুনি আশা কৰিছিল। ইয়াৰ পিছৰখিনি সময় ব্যৱসায়িক দৃষ্টিকোণৰপৰা ভাল হ’ব।এপ্ৰিল আৰু আগষ্ট মাহ চৰকাৰী ক্ষেত্ৰত কাম কৰাৰ বাবে সহায়ক হ’ব আৰু তাৰপৰা আপুনি নিজৰ ব্যৱসায়ত উন্নতি প্ৰাপ্ত কৰিব পাৰিব। বৰ্ষটোৰ আৰম্ভণিতে আপুনি কোনো গুৰুত্বপূৰ্ণ ব্যক্তিৰ সংস্পৰ্শলৈ আহি আপোনাৰ নিজৰ ব্যৱসায় বিস্তৃত কৰিব পাৰিব।

তুলা সম্পত্তি আৰু বাহনৰ ৰাশিফল 2024

তুলা সম্পত্তি আৰু বাহনৰ ৰাশিফল 2024 অনুসৰি, এই বৰ্ষটো সম্পত্তি আৰু বাহনৰ দৃষ্টিকোণৰপৰা অনুকূল হ’ব। যদিহে আপুনি কোনো বাহন ক্ৰয় কৰিব বিচাৰে তেনেহ’লে বৰ্ষটোৰ প্ৰথমাৰ্দ্ধত বাহন ক্ৰয় কৰাটো উত্তম হ’ব।এয়া অধিক ভাল সময় কিয়নো এইখিনি সময়ত বাহন ক্ৰয় কৰাটো আপোনাৰ বাবে সহজ হ’ব আৰু যদিহে আপুনি বেংকৰপৰা কোনো ধৰণৰ লোন ল’ব বিচাৰে তেনেহ’লে সেয়াও সহজেই হৈ যাব আৰু আপুনি বাহন ক্ৰয় কৰাত সফলতা লাভ কৰিব।তুলা ৰাশিফল 2024 (Tula Rashifal 2024) অনুসৰি, 5 ফেব্ৰুৱাৰীৰপৰা 15 মাৰ্চৰ ভিতৰত বাহন ক্ৰয় কৰাটো অধিক উপযুক্ত হ’ব আৰু এইখিনি সময়ত এখন মজবুত বাহন ক্ৰয় কৰিবলৈ আপুনি সমৰ্থ হ’ব। অৱশ্যে ইয়াৰ উপৰিও জুলাই মাহ আৰু ডিচেম্বৰ মাহো বাহন ক্ৰয় কৰিবৰ বাবে উপযুক্ত।

সম্পত্তি ক্ৰয় কৰিবৰ বাবে এই বৰ্ষটো অনুকূল হ’ব। চেষ্টা কৰক যাতে ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হোৱা কোনো ঘৰ ক্ৰয় কৰক। ই আপোনাৰ বাবে অধিক লাভজনক হ’ব। যদিহে আপুনি কোনো প্ৰপাৰ্টিত বিনিয়োগ কৰিব বিচাৰে তেনেহ’লে প্লেণ্ট লোৱাৰ সলনি ইতিমধ্যে নিৰ্মাণ হৈ থকা ঘৰ ক্ৰয় কৰাটো আপোনাৰ বাবে অধিক লাভজনক হ’ব। আপুনি ইচ্ছা কৰিলে সেইটো ভাঙি পুণৰ নিৰ্মাণ কৰিব পাৰে, তাতো আপপনি সফলতা লাভ কৰিব। খালী হৈ থকা মাটিৰ সলনি নিৰ্মাণ সম্পূৰ্ণ হোৱা ঘৰ ক্ৰয় কৰাটো আপোনাৰ বাবে সঠিক সিদ্ধান্ত হ’ব। আপুনি ফেব্ৰুৱাৰী, এপ্ৰিল আৰু অক্টোবৰৰপৰা নৱেম্বৰৰ ভিতৰত সম্পত্তি ক্ৰয় কৰাৰ যোগ আছে।

সকলো প্ৰকাৰৰ জ্যোতিষীয় সমাধানৰ বাবে দৰ্শন কৰক: এষ্ট্ৰোচেজ অনলাইন শ্বপিং ষ্টোৰ

তুলা ধন আৰু লাভ ৰাশিফল 2024

তুলা ৰাশিৰ জাতকসকলে আৰ্থিক দিশৰপৰা উন্নতি লাভ কৰিব। আপোনাৰ দ্বিতীয় গৃহত বুধ তথা শুক্ৰ বিৰাজমান হৈ আপোনাক আৰ্থিক উন্নতি প্ৰদান কৰিব আৰু শনি দেৱতা পঞ্চম গৃহত স্থিত হৈ আপোনাৰ সপ্তম, একাদশ আৰু দ্বিতীয় গৃহত দৃষ্টি প্ৰদান কৰিব আৰু বৰ্ষ জুৰি ভাল উপাৰ্জন কৰাৰ পথ প্ৰদান কৰিব।তুলা ৰাশিফল 2024 (Tula Rashifal 2024) অনুসৰি, বৃহস্পতিৰ কৃপাদৃষ্টি বৰ্ষটোৰ আৰম্ভণিতে আপোনাৰ একাদশ গৃহ, প্ৰথম গৃহ আৰু দ্বিতীয় গৃহত পৰাৰ ফলস্বৰূপে আপুনি ভাল ধৰণে ধন প্ৰাপ্ত কৰাৰৰ সুযোগ লাভ কৰিব। অৱশ্যে কেতু গোটেই বৰ্ষ জুৰি আপোনাৰ দ্বাদশ গৃহত বিৰাজমান হ’ব যাৰ ফলত আপোনাৰ বিভিন্ন ধৰণৰ ব্যয় হ’ব। ব্যয় আকস্মিকভাৱে হ’ব কিন্তু সেই ব্যয় প্ৰয়োজনীয় ধৰণৰ হ’ব। সেয়েহে আপুনি এই প্ৰয়োজনসমূহৰ বাবে ধন ব্যয় কৰিবই লাগিব। ইয়াৰ ফলত আপোনাৰ আৰ্থিক স্থিতিলৈ মাজে সময়ে কিছু চাপ আহিব পাৰে। কিন্তু শনিৰ কৃপা আৰু ৰাহু ষষ্ঠ গৃহত স্থিত হোৱাৰ ফলত আপুনি লাভাম্বিত হ’ব। আপুনি এপ্ৰিল মাহত ব্যৱসায়ত ভাল লাভ প্ৰাপ্ত কৰিব আৰু আগষ্ট মাহত আপুনি চৰকাৰী ক্ষেত্ৰৰপৰা লাভাম্বিত হোৱাৰ যোগ আছে। ইয়াৰ পিছত ডিচেম্বৰ মাহটো আৰ্থিক লাভ প্ৰদান কৰা মাহ হিচাপে প্ৰমাণিত হ’ব।

তুলা ৰাশিফল 2024 (Tula Rashifal 2024) অনুসৰি যদিহে আপুনি কোনো ধৰণৰ বিনিয়োগ কৰিব বিচাৰে তেনেহ’লে বিনিয়োগৰ পৰম্পৰাগত পদ্ধতিবোৰ গ্ৰহণ কৰাটো আপোনাৰ বাবে অধিক লাভজনক হ’ব। আপুনি যদিহে দীৰ্ঘকালীন বিনিয়োগ কৰে তেনেহ’লে আপুনি তাত উত্তম সফলতা লাভ কৰিব পাৰিব। জানুৱাৰী, এপ্ৰিল, আগষ্ট আৰু ছেপ্তেম্বৰ তথা অক্টোবৰ মাহত উপযুক্ত পৰামৰ্শ লৈ বিনিয়োগ কৰিলে আপুনি লাভাম্বিত হ’ব।

তুলা স্বাস্থ্য ৰাশিফল 2024

তুলা স্বাস্থ্য ৰাশিফল 2024 অনুসৰি এই বৰ্ষটো স্বাস্থ্যৰ দৃষ্টিকোণৰপৰা মধ্যমীয়া হ’ব। বৰ্ষটোৰ আৰম্ভণি ভাল হ’ব কিন্তুতুলা ৰাশিফল 2024 (Tula Rashifal 2024) অনুসৰি, ৰাহু গোটেই বৰ্ষ জুৰি ষষ্ঠ গৃহত স্থিত হোৱাৰ ফলত আপুনি নিজৰ প্ৰতি পোষণ কৰা গুৰুত্বহীন ব্যৱহাৰৰ পৰিৱৰ্তন কৰিব লাগিব। যদিহে আপুনি অসন্তুলিত জীৱনশৈলী যাপন কৰে তেনেহ’লে এই বৰ্ষত আকস্মিকভাৱে কোনো বেমাৰত ভূগিব পাৰে। অৱশ্যে বেমাৰ যেনেদৰে আহিব, তেনেদৰে ভালো হ’ব কিন্তু আপোনাক কিছু চিন্তাত পেলাব। আপুনি ৰক্ত সম্বন্ধীয় অশুদ্ধিৰ সম্মুখীন হ’ব পাৰে। চকুৰ সমস্যা আহিব পাৰে। পেটৰ বিষ আৰু পাচন তন্ত্ৰ তথা স্নায়ু সম্বন্ধীয় সমস্যা এই বৰ্ষৰ প্ৰথমাৰ্দ্ধত অধিক হোৱাৰ সম্বাৱনা আছে। সেয়েহে সাৱধানে থাকক।

বৰ্ষটোৰ দ্বিতীয়াৰ্দ্ধত বৃহস্পতি আপোনাৰ অষ্টম গৃহলৈ যাত্ৰা কৰিব আৰু কেতু আপোনাৰ দ্বাদশ গৃহত স্থিত হ’ব তথা ৰাহু ষষ্ঠ গৃহত আৰু শনি পঞ্চম গৃহত স্থিত হ’ব। এইখিনি সময়ত আপুনি পেটৰ লগত জড়িত সমস্যাৰ সৈতে যুঁজ দিবলগীয়া হ’ব পাৰে। সেয়েহে সাৱধানতা অৱলম্বন কৰক।

2024 বৰ্ষত তুলা ৰাশিৰ জাতকসকলৰ বাবে শুভ সংখ্যা

তুলা ৰাশিৰ স্বামী হৈছে শুক্ৰ দেৱতা আৰু তুলা ৰাশিৰ জাতকসকলৰ বাবে ভাগ্যশালী সংখ্যা হৈছে 5 আৰু 8।জ্যোতিষ অনুসৰিতুলা ৰাশিফল 2024 (Tula Rashifal 2024) য়ে প্ৰকাশ কৰে যে, বৰ্ষ 2024 ৰ কূল যোগ হৈছে 8। এই বৰ্ষটো তুলা ৰাশিৰ জাতকসকলৰ বাবে অনুকূল হোৱাৰ প্ৰৱল সম্ভাৱনা আছে। আপুনি যিমানেই চেষ্টা কৰিব, সিমানেই ভাল ফল আপুনি এই বৰ্ষত প্ৰাপ্ত কৰিব। এই বৰ্ষটোৱে আপোনা ভাগ্যশালী হোৱাত সহায় কৰিব সেয়েহে ভাগ্যৰ কৃপাত বন্ধ হৈ থকা কাম সম্পূৰ্ণ হ’ব আৰুভাল সফলতা লাভ কৰিব পাৰিব। আৰ্থিক দিশত এই বৰ্ষটোৱে আপোনাক উন্নতি প্ৰদান কৰিব।

তুলা ৰাশিফল 2024: জ্যোতিষীয় প্ৰতিকাৰ

আশা ৰাখিছোঁ যে আমাৰ প্ৰৱন্ধটো আপুনি নিশ্চয় ভাল পাইছে। এষ্ট্ৰোচেজৰ এক গুৰুত্বপূৰ্ণ অংশ হোৱাৰ বাবে ধন্যবাদ। অধিক মনোগ্ৰাহী প্ৰৱন্ধৰ বাবে আমাৰ সৈতে সংযুক্ত হৈ থাকক।

Talk to Astrologer Chat with Astrologer