ৰাশিফল 2024 (Rashifal 2024)

ৰাশিফল 2024 হৈছে বৈদিক জ্যোতিষশাস্ত্ৰৰ অন্তৰ্গত বৰ্ষ 2024ৰ জ্যোতিষীয় পৰিঘটনা আৰু গ্ৰহ-নক্ষত্ৰৰ গতি-বিধিৰ ওপৰত আধাৰিত আৰু ইয়াক এষ্ট্ৰোচেজৰ বিদ্বান জ্যোতিষীসকলে সৰ্বোত্তম জ্যোতিষীয় গণনা আৰু বিশ্লেষণৰদ্বাৰা প্ৰস্তুত কৰি উলিয়াইছে। এই বাৰ্ষিক ভৱিষ্যতবাণীয়ে 2024 বৰ্ষত আপোনাক আপোনাৰ ব্যক্তিগত জীৱন, বৃত্তিগত জীৱন, কেৰিয়াৰ, শিক্ষা, প্ৰেম জীৱন, বৈবাহিক জীৱন আৰু স্বাস্থ্য আদিৰ লগত জড়িত সকলোবোৰ গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰিব। ৰাশিফল 2024 ৰদ্বাৰা আপুনি আপোনাৰ জীৱনক আৰু অধিক সমৃদ্ধিশালী আৰু বৈভৱশালী কৰি তুলিব পাৰিব আৰু আগস্তুক জটিল সময়ৰ বিষয়ে জানি লৈ নিজকে পৰিস্থিতিৰ প্ৰতি অনুকূল কৰি তুলিব পাৰে। এই ভৱিষ্যতবাণীৰ গণনা বিশেষভাৱে বৰ্ষ 2024 ত গ্ৰহ আৰু নক্ষত্ৰ গতি, এইবোৰৰ স্থিতি আৰু বিভিন্ন ৰাশিৰ ওপৰত এইবোৰৰ প্ৰভাৱৰ প্ৰতি দৃষ্টি ৰাখি প্ৰস্তুত কৰা হৈছে।

ৰাশিফল 2024 (Rashifal 2024)

Read in Hindi : राशिफल 2024

কোনো সিদ্ধান্ত গ্ৰহণত হৈছে সমস্যা, তেতিয়াহ’লে এতিয়াই আমাৰ বিদ্বান জ্যোতিষীসকলৰ সৈতে ফোনত কথা পাতক!

এই বাৰ্ষিক ৰাশিফল 2024 ৰ জৰিয়তে আপুনি আপোনাৰ জীৱনৰ সকলোবোৰ দিশৰ বিষয়ে গুৰুত্বপূৰ্ণ ভৱিষ্য়তবাণী প্ৰদান কৰা হৈছে। আপোনাৰ পাৰিবাৰিক জীৱন, বৈবাহিক জীৱন, প্ৰেম জীৱন, শৈক্ষিক জীৱন, কেৰিয়াৰ য’ত আপোনাৰ চাকৰি আৰু ব্যৱসায়, বিত্তীয় সন্তুলন, আৰ্থিক স্থিতি, ধন আৰু লাভ, সন্তান সম্পৰ্কীয় বাৰ্ত্তা, বাহন আৰু সম্পত্তি সম্পৰ্কীয় জাননী তথা স্বাস্থ্যৰ লগত জড়িত সকলো তথ্য আপোনাক এই বাৰ্ষিক ৰাশিফল 2024 ৰদ্বাৰা প্ৰদান কৰা হ’ব। প্ৰকৃততে এই ৰাশিফল 2024 য়ে সংকেত প্ৰদান কৰিছে যে এই বৰ্ষটো গোটেই 12 টা ৰাশিৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হ’ব। এই বৰ্ষত সকলো ৰাশিৰ জাতকসকলৰ জীৱনত বহুতো ডাঙৰ ডাঙৰ পৰিৱৰ্তন অহা দেখা যাব পাৰে কিন্তু এই পৰিৱৰ্তন শুভ হ’ব নে অথবা আপোনাক প্ৰত্যাহ্বান প্ৰদান কৰিব নেকি, এই সকলোবোৰ জানিবৰ বাবে আহক আগবাঢ়ি যাওঁ আৰু গোটেই 12 ৰাশিৰ সঠিক বাৰ্ষিক ৰাশিফল 2024 য়ে কি কয় জানো আহক।

Read in English - Horoscope 2024

মেষ ৰাশিফল 2024

মেষ ৰাশিফল 2024 অনুসৰি, আপোনাৰ ৰাশিৰ অধিপতি মঙ্গল গ্ৰহ বৰ্ষটোৰ আৰম্ভণিতে ধনু ৰাশিত আপোনাৰ নৱম গৃহত সূৰ্য্য দেৱতাৰ সৈতে স্থিত হ’ব যাৰ ফলত দীৰ্ঘ ভ্ৰমণৰ যোগ সৃষ্টি হ’ব। আপোনাৰ সন্মান বৃদ্ধি হ’ব। সাজত আপুনি এক ভাল স্থান লাভ কৰিব। ধৰ্মীয় কাৰ্য্য-কলাপত আপুনি ব্যস্ত হৈ থাকিব। ব্যৱসায়ত উন্নতিৰ যোগ আছে। স্বাস্থ্য ভাললৈ আহিব। দেৱ গুৰু বৃহস্পতি বৰ্ষটোৰ আৰম্ভণিতে আপোনাৰ প্ৰথম গৃহত স্থিত হৈ আপোনাৰ প্ৰেম জীৱন, বৈবাহিক জীৱন, ব্যৱসায় আৰু ধৰ্মৰ গৃহক শক্তিশালী কৰি তুলিব যাৰ ফলত আপুনি এই সকলোবোৰ ক্ষেত্ৰত অনুকূল ফল লাভ কৰিব। ইয়াৰ পিছত 1 মে’ত দেৱ গুৰু বৃহস্পতিয়ে আপোনাৰ দ্বিতীয় গৃহত প্ৰৱেশ কৰি আৰ্থিক উন্নতি প্ৰদান কৰিব। আপুনি বৰ্ষটোৰ আৰম্ভণিতে ৰাজযোগৰ ফল লাভ কৰিব সেয়েহে সুযোগৰ সদব্যৱহাৰ কৰক। ৰাহু গোটেই বৰ্ষটোত দ্বাদশ গৃহত স্থিত হ’ব যাৰ ফলত ব্যয় বৃদ্ধি হ’ব। এই ব্যয়সমূহ অযথা সেয়েহে এই ব্যয়সমূহ নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰক।

বাৰ্ষিক ৰাশিফল 2024অনুসৰি 2024 বৰ্ষটোৰ আৰম্ভণিতে এই ৰাশিৰ প্ৰেমিক জাতকসকলৰ জীৱনলৈ উত্থান-পতন আহিব। শনিয়ে আপোনাৰ প্ৰেমৰ পৰীক্ষা ল’ব সেয়েহে আপুনি নিজৰ সম্পৰ্কত সততাৰে স্থিত হৈ থকা উচিত। যিসকল লোক অকলশৰীয়া, তেওঁলোকৰ জীৱনলৈ এই বৰ্ষটোত প্ৰেমৰ আগমন ঘটাৰ সম্ভাৱনা আছে। আগষ্টৰপৰা অক্টোবৰৰ মাজৰ সময়ছোৱাত প্ৰেমাস্পদৰ সৈতে অনুকূল সম্পৰ্ক থাকিব আৰু একেলগে ক’ৰবাত ফুৰিবলৈ যাব পাৰে। কেৰিয়াৰৰ ক্ষেত্ৰত কিছু পৰিৱৰ্তন দেখা যাব। দশম গৃহৰ অধিপতি শনি একাদশ গৃহত স্থিত হোৱাৰ ফলত কেৰিয়াৰলৈ স্থায়িত্ব আহিব আৰু আপুনি ভাল পদোন্নতিও লাভ কৰিব পাৰে। শিক্ষাৰ্থীসকলৰ বুদ্ধিমত্তাৰ দ্ৰুত বিকাশ হ’ব আৰু অধ্যয়নত ভাল সফলতা প্ৰাপ্ত কৰিব। দেৱ গুৰু বৃহস্পতিৰ প্ৰভাৱত আপুনি ভাল ছাত্ৰ বা ছাত্ৰী হ’ব পাৰিব। পাৰিবাৰিক জীৱনত বৰ্ষটোৰ আৰম্ভণিতে অনুকূলতা থাকিব। পাৰিবাৰিক সামঞ্জস্য ৰক্ষা হ’ব কিন্তু বৰ্ষৰ অন্তিম মাহকেইটাত পিতৃ-মাতৃৰ স্বাস্থ্যৰ ধ্যান ৰখা উচিত। বৈবাহিক সম্পৰ্ক বছৰটোৰ আৰম্ভণিতে যথেষ্ট মধুৰ হ’ব। দূৰলৈ ফুৰিবলৈ যাব পাৰে। অবিবাহিত জাতকসকলৰ বিবাহৰ সম্ভাৱনা আছে। ব্যৱসায়ত উন্নতি লাভ সম্ভৱ হ’ব। ধন আৰু লাভৰ স্থিতি উত্থান-পতনেৰে ভৰা হ’ব। অযথা ব্যয় হ’ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত মিশ্ৰিত ফল প্ৰাপ্ত কৰিব। দেৱ গুৰু বৃহস্পতিয়ে সমস্যাৰপৰা ৰক্ষা কৰিব কিন্তু ৰাহু আৰু কেতু তথা অন্য গ্ৰহৰ প্ৰভাৱে মাজে মাজে ৰক্ত সম্বন্ধীয় সমস্যা আৰু মূৰৰ বিষ তথা আন সৰু-সুৰা সমস্যা প্ৰদান কৰিব পাৰে।

মেষ ৰাশিৰ ৰাশিফল বিস্তৃতভাৱে পঢ়ক –মেষ ৰাশিফল 2024

বৃষ ৰাশিফল 2024

বৃষ ৰাশিফল 2024 অনুসৰি, 2024 বৰ্ষটোৰ আৰম্ভণিতে দেৱ গুৰু বৃহস্পতি দ্বাদশ গৃহত স্থিত হৈ ব্যয় বৃদ্ধি কৰিব কিন্তু আপুনি ধৰ্ম-কৰ্ম আৰু ভাল কামত জড়িত হৈ থাকিব। 1 মে’ৎৰ পিছত দেৱ গুৰু বৃহস্পতি আপোনাৰ ৰাশিত প্ৰৱেশ কৰিব। তেতিয়া এই সমস্যাবোৰ হ্ৰাস হ’ব কিন্তু আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি কিছু সচেতন হ’ব লাগিব। যোগকাৰক গ্ৰহ শনি গোটেই বৰ্ষটোত দশম গৃহত স্থিত হোৱাৰ ফলত আপুনি কষ্ট কৰিবলগীয়া হ’ব। ভাল ফলো প্ৰাপ্ত কৰিব পাৰিব। ভাগ্য আৰু কৰ্মৰ সম্পৰ্ক নিৰ্মাণৰ ফলত আপুনি কেৰিয়াৰৰ ক্ষেত্ৰত ৰাজযোগৰ প্ৰভাৱ লাভ কৰিব। কেৰিয়াৰত উন্নতি হ’ব। ৰাহুৰ উপস্থিতি গোটেই বৰ্ষটোত আপোনাৰ একাদশ গৃহত থাকিব যাৰ ফলত আকাংক্ষা পূৰণ হ’ব। সামাজিক ক্ষেত্ৰত আপোনাৰ জন্ৰিয়তা বৃদ্ধি হ’ব। বন্ধু-বৰ্গ আৰু সামাজিক চক্ৰ বৃদ্ধি হ’ব। আত্মবিশ্বাস বৃদ্ধি পাব।

অৱশ্যে, বাৰ্ষিক ৰাশিফল 2024 অনুসৰি, এই বৰ্ষটোৰ আৰম্ভণিতে প্ৰেমৰ সম্পৰ্কত উত্থান-পতন অব্যাহত থাকিব পাৰে। গোটেই বৰ্ষটোত কেতু পঞ্চম গৃহত স্থিত হ’ব যাৰ ফলত আপুনি নিজৰ প্ৰেমাস্পদক ভালদৰে বুজি নাপাব পাৰে যাৰ কাৰণে সমস্যা সৃষ্টি হ’ব পাৰে। মাজে মাজে শুক্ৰ গ্ৰহৰ প্ৰভাৱে আপোনাৰ সম্পৰ্ক ভালদৰে ৰাখিব কিন্তু আপুনি নিজৰ সম্পৰ্কৰ মূল্য উপলব্ধি কৰিব লাগিব। কেৰিয়াৰত ভাল আৰু আশাব্যঞ্জক ফল লাভ কৰিব। পৰিশ্ৰমৰ ফল প্ৰাপ্ত কৰিব। এই বৰ্ষত ভাল উন্নতিৰ যোগ আছে। মাৰ্চৰপৰা এপ্ৰিল আৰু ডিচেম্বৰ মাহত ভাল উন্নতি প্ৰাপ্ত কৰিব পাৰে। শিক্ষাৰ্থীসকলে শিক্ষাৰ ক্ষেত্ৰত সমস্যাৰ সম্মুখীন হ’ব পাৰে কিন্তু কিছুমান নিৰ্দিষ্ট বিষত আপোনাৰ বোধগম্যতা ভাল হ’ব। আৰ্থিক দিশত আপুনি লাভাম্বিত হ’ব আৰু আৰ্থিক স্থিতি শক্তিশালী হ’ব। বৰ্ষটোৰ আৰম্ভণিতে গুপ্ত ধন প্ৰাপ্তিৰ যোগ দেখা যায় কিন্তু ব্যয়ো অব্যাহত থাকিব। পাৰিবাৰিক জীৱনত বৰ্ষটোৰ আৰম্ভণি অনুকূল হ’ব কিন্তু আপোনাৰ পিতৃ-মাতৃৰ স্বাস্থ্যজনিত সমস্যা হ’ব পাৰে। বৈবাহিক জীৱনত জীৱনসঙ্গীৰ শাৰীৰিক সমস্যা বৃদ্ধি হ’ব পাৰে। বৰ্ষটোৰ আৰম্ভণিতে বুধ আৰু শুক্ৰ সপ্তম গৃহত, দ্বাদশ গৃহত বৃহস্পতি, দশম গৃহত শনি আৰু একাদশ গৃহত ৰাহু স্থিত হোৱাৰ বাবে ব্যৱসায়ত ভাল স্থিতিৰ নিৰ্মাণ হ’ব। স্বাস্থ্যৰ দৃষ্টিকোণৰপৰা বৰ্ষটোৰ আৰম্ভণি কিছু দুৰ্বল হ’ব। পঞ্চম গৃহত কেতু, দ্বাদশ গৃহত বৃহস্পতি, অষ্টম গৃহত মঙ্গল আৰু সূৰ্য্যৰ স্থিতিয়ে স্বাস্থ্যজনিত সমস্য়াৰ সৃষ্টি কৰিব পাৰে। অৱশ্যে বৰ্ষটোৰ মাজভাগত স্বাস্থ্য ভাললৈ অহাৰ যোগ আছে।

বৃষ ৰাশিৰ ৰাশিফল বিস্তৃতভাৱে পঢ়ক বৃষ ৰাশিফল 2024

মিথুন ৰাশিফল 2024

মিথুন ৰাশিফল 2024 অনুসৰি, গ্ৰহসমূহৰ স্থিতিয়ে সূচিত কৰে যে বৰ্ষটোৰ আৰম্ভণি আপোনাৰ বাবে অনুকূল হ’ব। দেৱ গুৰু বৃহস্পতি একাদশ গৃহত বিৰাজমান হৈ অনেক সফলতা প্ৰদান কৰিব। আৰ্থিক দিশৰপৰা ই যথেষ্ট শক্তি প্ৰদান কৰিব। প্ৰেমৰ সম্পৰ্কত প্ৰেম-ভালপোৱা বৃদ্ধি হ’ব। বিবাহিক সম্পৰ্কত সমস্যা হ্ৰাস হ’ব। শনি ভাগ্যৰ অধিপতি হিচাপে ভাগ্য স্থানত স্থিত হৈ আপোনাৰ সৌভাগ্য বৃদ্ধি কৰিব যাৰ ফলত বন্ধ হৈ থকা কাৰ্য্য সম্পন্ন হ’ব। আপুনি সফলতা প্ৰাপ্ত কৰিব। সমাজত আপোনাৰ মান-সন্মান বৃদ্ধি হ’ব। ৰাহু আৰু কেতু আপোনাৰ দশম আৰু চতুৰ্থ গৃহত স্থিত হ’ব যি শাৰীৰিক সমস্যা প্ৰদান কৰিব পাৰে। পাৰিবাৰিক জীৱনতো অশান্তিৰ সৃষ্টি হ’ব পাৰে।

বাৰ্ষিক ভৱিষ্যতবাণী 2024 অনুসৰি বৰ্ষটোৰ আৰম্ভণিতে সূৰ্য্য আৰু মঙ্গল সপ্তম গৃহত স্থিত হোৱাৰ বাবে বৈবাহিক জীৱন কিছু চাপৰ সৃষ্টি হ’ব পাৰে আৰু ব্যৱসয়াত উত্থান-পতন দেখা যাব। বুধ আৰু শুক্ৰ বৰ্ষটোৰ আৰম্ভণিতে ষষ্ঠ গৃহত স্থিত হৈ ব্যয় বৃদ্ধি কৰিব পাৰে। স্বাস্থ্যৰ প্ৰতি সম্পূৰ্ণৰূপে সচেতন হোৱা উচিত। প্ৰেমৰ সম্পৰ্কৰ বাবে বৰ্ষটোৰ আৰম্ভণি অনুকূল হ’ব। দেৱ গুৰু বৃহস্পতিৰ দৃষ্টি পঞ্চম গৃহত পৰাৰ বাবে প্ৰেমৰ বিকাশ হ’ব আৰু এই বৰ্ষত আপুনি নিজৰ প্ৰেমাস্পদৰ সৈতে প্ৰেম বিবাহ কৰাত সফল হ’ব। কৰ্মক্ষেত্ৰত চমু পথ গ্ৰহণ কৰাটো পৰিহাৰ কৰিব। চাকৰিত স্থানান্তৰৰ সম্ভাৱনা আছে। মাৰ্চৰপৰা অক্টোবৰৰ মাজভাগত আপুনি চাকৰিত স্থানান্তৰ বা পৰিৱৰ্তনৰ সুযোগ লাভকৰিব পাৰে। শিক্ষাৰ্থীসকলে আৰম্ভণিতে কিছু সমস্য়াৰ সম্মুখীন হ’বলগীয়া হ’ব পাৰে। চতুৰ্থ গৃহত স্থিত কেতুৱে পাৰিবাৰিক সমস্যা বৃদ্ধি কৰিব যাৰ প্ৰভাৱ আপোনাৰ পঢ়া-শুনাত পৰিব পাৰে। অৱশ্যে দেৱ গুৰু বৃহস্পতিয়ে এইক্ষেত্ৰত আপোনাৰ সহায় কৰিব আৰু পঢ়া-শুনাত মনোনিৱেশ কৰাৰ ক্ষেত্ৰত আপুনি লাভাম্বিত হ’ব। পাৰিবাৰিক জীৱনত চাপ বৃদ্ধি পাব পাৰে। বৈবাহিক জীৱনত আপুনি যিকোনো কথা নোকোৱা উচিত। যদিও বৰ্ষটোৰ আৰম্ভণিতে দেৱ গুৰু বৃহস্পতিয়ে পৰিস্থিতি চম্ভালি ল’ব তথাপিও যাতে পৰিস্থিতি অধিক বেয়ালৈ নাযায় তাৰ প্ৰতি আপুনি চকু দিয়া উচিত। বৰ্ষটোৰ আৰম্ভণি ব্যৱসায়ৰ বাবে মধ্যমীয়া হ’ব। বৈদেশিক সম্পৰ্কৰপৰা এই বৰ্ষত আপুনি লাভাম্বিত হোৱাৰ যোগ আছে। স্বাস্থ্যৰ দিশৰপৰা বৰ্ষটোৰ আৰম্ভণি দুৰ্বল হ’ব। এই বৰ্ষত পেটৰ বিষ, বুকুৰ সংক্ৰমণ আদিৰ দৰে সমস্যাৰপৰা বাছি থাকক। চকুৰ সমস্যাও হ’ব পাৰে। এই বৰ্ষত স্বাস্থ্যৰ ক্ষেত্ৰত উত্থান-পতন দেখা যাব।

মিথুন ৰাশিৰ ৰাশিফল বিস্তৃতভাৱে পঢ়ক – মিথুন ৰাশিফল 2024

বৃহৎ কুণ্ডলীত নিহিত হৈ আছে, আপোনাৰ জীৱনৰ সকলো ৰহস্য, জানক গ্ৰহসমূহৰ সম্পূৰ্ণ গতি-বিধিৰ লেখ-জোখ

কৰ্কট ৰাশিফল 2024

কৰ্কট ৰাশিফল 2024 ৰ ভৱিষ্যতবাণী অনুসৰি, বৰ্ষটোৰ আৰম্ভণিতে দেৱ গুৰু বৃহস্পতি দশম গৃহত বিৰাজমান হৈ কেৰিয়াৰ আৰু পৰিয়ালৰ মাজত সন্তুলন স্থাপিত কৰাত আপোনাক সহায় কৰিব আৰু 1 মে’ৰ পিছত ই আপোনাৰ একাদশ গৃহত প্ৰৱেশ কৰি আপোনাক উপাৰ্জন বৃদ্ধিৰ পথ প্ৰদৰ্শন কৰিব। ধৰ্মীয় কাৰ্য্য-কলাপৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধি পাব। ৰাহু গোটেই বৰ্ষটোত আপোনাৰ নৱম গৃহত স্থিত হ’ব যাৰ ফলত আপুনি তীৰ্থস্থান দৰ্শন কৰাৰ আৰু বিশেষ নদীত স্নান কৰাৰ সুযোগ লাভ কৰিব। দীৰ্ঘ যাত্ৰাৰ যোগ আছে। এই বৰ্ষটো যাত্ৰাৰে ভৰা হ’ব। বৰ্ষটোৰ আৰম্ভণিতে শুক্ৰ আৰু বুধ পঞ্চম গৃহত বিৰাজমান হ’ব। ইয়াৰ ফলস্বৰূপে এই সময়খিনি প্ৰেম আৰু আৰ্থিক দিশৰপৰা অনুকূল হ’ব। সূৰ্য্য আৰু মঙ্গল ষষ্ঠ গৃহত আৰু শনি অষ্টম গৃহত স্থিত হোৱাৰ বাবে স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ প্ৰতি আপুনি সাৱধান হৈ থাকিব লাগিব আৰু ব্যয় নিয়ন্ত্ৰণ কৰাৰ প্ৰয়াসো কৰা উচিত।

কৰ্কট ৰাশিফল 2024 অনুসৰি, প্ৰেমৰ সম্পৰ্কত বৰ্ষটোৰ আৰম্ভণি যথেষ্ট ভাল হ’ব। বৰ্ষটোৰ আৰম্ভণি যথেষ্ট ভাল হ’ব। বুধ আৰু শুক্ৰৰ দৰে শুভ গ্ৰহ প্ৰেমৰ গৃহত স্থিত হ’ব। আপোনাৰ প্ৰেম জীৱনলৈ নতুন উদ্যম আহিব। ৰোমাণ্টিকতা বৃদ্ধিৰ ফলস্বৰূপে আপোনালোকৰ সম্পৰ্ক শক্তিশালী হৈ উঠিব। এই বৰ্ষত আপোনালোকে পৰস্পৰৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ কথা ভাবিব পাৰে। কেৰিয়াৰৰ ক্ষেত্ৰত বছৰটোৰ আৰম্ভণি অনুকূল হ’ব। শনিয়ে অষ্টম গৃহৰপৰা দশম গৃহত দৃষ্টি পেলাব যাৰ ফলত আপোনাৰ কামৰ বোজা বৃদ্ধি হোৱাৰ লগতে আপুনি যথেষ্ট কষ্ট কৰিব আৰু চাকৰিত আপোনাৰ স্থিতি মজবুত কৰিব। আকস্মিকভাৱে আপুনি কোনো ভাল পদ অৰ্থাৎ পদোন্নতি লাভ কৰিব পাৰে। 1 মে’ত বৃহস্পতিয়ে একাদশ গৃহত প্ৰৱেশ কৰাৰ ফলত জ্যেষ্ঠ্য বিষয়াসকলৰ সৈতে ভাল সম্পৰ্ক স্থাপন হ’ব যাৰ ফলত আপুনি চাকৰিৰ ক্ষেত্ৰত লাভাম্বিত হ’ব। বৰ্ষটোৰ আৰম্ভণি শিক্ষাৰ্থীসকলৰ বাবে লাভজনক হ’ব। বুধ আৰু শুক্ৰৰ প্ৰভাৱ তথা দ্বিতীয় আৰু চতুৰ্থ গৃহত দেৱ গুৰু বৃহস্পতিৰ বিশেষ দৃষ্টিৰ প্ৰভাৱৰ ফলস্বৰূপে শিক্ষাৰ ক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰাত আপুনি সফল হ’ব। মে’, আগষ্ট আৰু নৱেম্বৰ, ডিচেম্বৰ মাহৰ সময়খিনি আপোনাৰ বাবে উত্তম সময় হ’ব। প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰাৰ যোগ আছে। পাৰিবাৰিক জীৱন বছৰটোৰ আৰম্ভণিতে অনুকূল হ’ব। দেৱ গুৰু বৃহস্পতিৰ আশীৰ্বাদৰ ফলস্বৰূপে আপুনি পৰিয়ালৰ জ্যেষ্ঠ্য সদস্যসকলৰ সহযোগিতা লাভ কৰিব। সহোদৰসকলেও সহায়-সহযোগিতা কৰিব কিন্তু পিতৃ বা ভাত-ভগ্নী কোনো সমস্যাৰ সম্মুখীন হ’ব পাৰে। পিতৃৰ স্বাস্থ্যৰ প্ৰতি চকু ৰাখক। 23 এপ্ৰিলৰপৰা 1 জুনৰ মাজৰ সময়ছোৱাত বিশেষভাৱে সতৰ্কৱান হওক। বৈবাহিক জীৱনত বৰ্ষটোৰ আৰম্ভণিতে কিছু চাপৰ সম্মুখীন হ’ব পাৰে। অৱশ্যে বৰ্ষটোৰ মাজৰ সময়খিনি অনুকূল হ’ব। ব্যৱসায়ত উত্থান-পতন থাকিব। স্বাস্থ্যৰ দৃষ্টিকোণৰপৰা আপুনি ধ্যান ৰাখিব লাগিব যে কোনো ধৰণৰ শাৰীৰিক সমস্যাক যাতে উপেক্ষা নকৰে।

কৰ্কট ৰাশিৰ ৰাশিফল বিস্তৃতভাৱে পঢ়ক – কৰ্কট ৰাশিফল 2024

সিংহ ৰাশিফল 2024

সিংহ ৰাশিফল 2024 অনুসৰি, এই বৰ্ষটো সিংহ ৰাশিৰ জাতকসকলৰ বাবে অনুকূল হ’ব। গোটেই বৰ্ষটো শনি দেৱতা আপোনাৰ সপ্তম গৃহত বিৰাজমান হ’ব যাৰ ফলত আপোনাৰ বৈবাহিক জীৱন মজবুত হ’ব আৰু আপোনাৰ জীৱনসঙ্গীৰ ব্যক্তিত্ব ভাল হ’ব। তেওঁ শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী হ’ব। ইয়াৰ উপৰিও আপোনাৰ ব্যৱসায়তো স্থায়ী বৃদ্ধি হোৱাৰ যোগ আছে। আপুনি বিচাৰিলে ব্যৱসায়ৰ সম্প্ৰসাৰণো কৰিব পাৰে। এই বৰ্ষত আপুনি দীঘলীয়া ভ্ৰমণৰ সুযোগ লাভ কৰিব। বিদেশলৈ যোৱাৰ সুযোগো প্ৰাপ্ত হ’ব। বৃহস্পতি দেৱতা বৰ্ষটোৰ আৰম্ভণিতে নৱম গৃহত স্থিত হৈ আপোনাক সঠিক সিদ্ধান্ত লোৱাত সহায় কৰিব। ধৰ্মীয় কাৰ্য্য-কলাপৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধি পাব আৰু ঘৰতেই ধৰ্মীয় কাৰ্য্য অনুষ্ঠিত কৰিব। ইয়াৰ পিছত 1 মে’ত দেৱ গুৰু বৃহস্পতি দশম গৃহত স্থিত হৈ পৰিয়াল আৰু কামৰ মাজৰ স্থিতি উন্নত কৰিব। ৰাহু গোটেই বৰ্ষটোত অষ্টম গৃহত স্থিত হোৱাৰ ফলত আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত সতৰ্কৱান হ’ব লাগিব।

সিংহ ৰাশিৰ বাৰ্ষিক ভৱিষ্যতবাণী 2024 অনুসৰি 2024 বৰ্ষটোৰ আৰম্ভণিয়ে প্ৰেম জীৱনত কিছু সমস্য়াৰ সৃষ্টি কৰিব পাৰে। সূৰ্য্য আৰু মঙ্গল বৰ্ষটোৰ আৰম্ভণিতে পঞ্চম গৃহত স্থিত হৈ আপোনাৰ প্ৰেমৰ সম্পৰ্কত সমস্যাৰ সৃষ্টি কৰিব কিন্তু দেৱ গুৰু বৃহস্পতিয়ে নৱম গৃহৰপৰা দৃষ্টি পেলাই লাহে লাহে শান্তি কঢ়িয়াই আনিব আৰু আপুনি নিজৰ সম্পৰ্কৰ বান্ধোন পুণৰ শক্তিশালী কৰি তুলিব পাৰিব। চাকৰিত সফলতা লাভৰ যোগ আছে। ব্যৱসায় কৰাসকলেও এই বৰ্ষত ভাল সফলতা লাভ কৰাৰ যোগ আছে। বৰ্ষটোৰ আৰম্ভণি শিক্ষাৰ্তীসকলৰ বাবে কিছু দুৰ্বল হ’ব পাৰে। অধ্যয়নত আপুনি মনোনিৱেশ কৰিব পাৰিব আৰু আপুনি মন দি পঢ়িব বিচাৰিব কিন্তু গৰম মেজাজৰ গ্ৰহসমূহৰ প্ৰভাৱৰ ফলস্বৰূপে স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে আৰু আপোনাৰ চৌপাশৰ পৰিস্থিতিলৈ পৰিৱৰ্তন আহিব পাৰে। এই কাৰণবশতঃ আপোনাৰ পঢ়া-শুনাত ব্যৱধান আহিব পাৰে। বৰ্ষটোৰ আৰম্ভণিতে পাৰিবাৰিক জীৱনত মিশ্ৰিত ফল লাভ কৰিব; পাৰিবাৰিক সামঞ্জস্য হ্ৰাস হ’ব পাৰে সেয়েহে সাৱধান হৈ থাকক।

বৈবাহিক জীৱনৰ বাবে বৰ্ষটোৰ আৰম্ভণি ভাল হ’ব। জীৱনসঙ্গীয়ে সম্পূৰ্ণ মনেৰে নিজৰ কাম কৰিব। নিজৰ দায়িত্ব পালন কৰিব। আৰ্থিক দিশৰপৰা এই বৰ্ষটো উত্থান-পতনেৰে ভৰা হ’ব। অষ্টম গৃহত স্থিত ৰাহুৱে অযথা ব্যয় বৃদ্ধি কৰিব সেয়েহে আপুনি উপাৰ্জন বৃদ্ধি কৰাত মনোনিৱেশ কৰা উচিত। স্বাস্থ্যৰ দিশৰপৰা বৰ্ষটোৰ আৰম্ভণি কিছু দুৰ্বল হ’ব। পঞ্চম গৃহত সূৰ্য্য, মঙ্গল, সপ্তম শনি আৰু অষ্টম গৃহত ৰাহুৰ উপস্থিতিৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগিব। শাৰীৰিক সমস্যাই আকস্মিকভাৱে দেখা দিব পাৰে, সেয়েহে নিজে কোনোধৰণৰ উপেক্ষা নকৰিব।

সিংহ ৰাশিৰ ৰাশিফল বিস্তৃতভাৱে পঢ়ক – সিংহ ৰাশিফল 2024

কন্যা ৰাশিফল 2024

কন্যা ৰাশিফল 2024 অনুসৰি, এই বৰ্ষত আপুনি গ্ৰহসমূহৰ পৰিবহন অনুসৰি নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰাৰ আৱশ্যকতা হ’ব। বৰ্ষটোৰ আৰম্ভণিতে শনিয়ে আপোনাৰ ষষ্ঠ গৃহত বিশেষভাৱে বিৰাজমান হৈ আপোনাৰ অষ্টম আৰু দ্বাদশ গৃহত দৃষ্টি প্ৰদান কৰিব। ইয়াৰ ফলত আপুনি স্বাস্থ্যজনিত সমস্য়াৰ সম্মুখীন হ’ব পাৰে কিন্তু শনিয়েই আপোনাক এই সমস্যাবোৰৰপৰা মুক্তি লাভ কৰাৰ ক্ষেত্ৰতো সহায় কৰিব, মাত্ৰ আপুনি এক সন্তুলিত আৰু অনুশাসনমূলক জীৱনশৈলী আঁকোৱালি ল’ব লাগিব। জীৱনলৈ নিয়মানুৱৰ্তিতা অনাৰ ফলস্বৰূপে আপোনাৰ সকলো কাম সম্পন্ন হ’ব। শনিৰ স্থিতিয়ে চাকৰিত ভাল সফলতা প্ৰদান কৰিব পাৰে। দেৱ গুৰু বৃহস্পতি বৰ্ষটোৰ প্ৰথমাৰ্দ্ধত 1 মে’ পৰ্য্যন্ত আপোনাৰ অষ্টম গৃহত স্থিত হ’ব যাৰ ফলত ধৰ্মীয় কাৰ্য্য-কলাপৰ প্ৰতি আপোনাৰ আগ্ৰহ যথেষ্ট বৃদ্ধি হ’ব কিন্তু অযথা ব্য়য়ো হ’ব আৰু আপোনাৰ কাম আধাতে বন্ধ হৈ যাব পাৰে। কিন্তু 1 মে’ৰ পিছত ই আপোনাৰ নৱম গৃহলৈ যাত্ৰা কৰিব যাৰ বাবে আপুনি সকলো কামত সফলতা লাভ কৰিবলৈ আৰম্ভ কৰিব। আপুনি সন্তানৰ লগত জড়িত ভাল খবৰ লাভ কৰিব পাৰে। ৰাহু গোটেই বৰ্ষটোত সপ্তম গৃহত থাকিব সেয়েহে ব্যৱসায় আৰু ব্যক্তিগত জীৱন দুয়োটা ক্ষেত্ৰতে সাৱধানতা অৱলম্বন কৰা উচিত।

বাৰ্ষিক ৰাশিফল 2024 অনুসৰি কন্যা ৰাশিৰ প্ৰেমিক-প্ৰেমিকাসকলৰ বাবে বছৰটোৰ আৰম্ভণি মধ্যমীয়া হ’ব। আপুনি আৱেগৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব আৰু প্ৰেমাস্পদক যি তি কথা কোৱাৰ ফলত আপোনালোকৰ সম্পৰ্ক বেয়ালৈ গতি কৰিব পাৰে। সূৰ্য্য আৰু মঙ্গলৰ দৰে গ্ৰহৰ প্ৰভাৱ চতুৰ্থ গৃহত বৰ্ষটোৰ আৰম্ভণিতে থাকিব যাৰ বাবে পাৰিবাৰিক জীৱনত কিছু সমস্য়া বৃদ্ধি হ’ব পাৰে আৰু ইয়াৰ প্ৰভাৱ প্ৰেম জীৱনতো পৰিব। বৰ্ষটোৰ আৰম্ভণিতে বুধ আৰু শুক্ৰ তৃতীয় গৃহত স্থিত হৈ বন্ধু-বৰ্গৰ সৈতে ভাল সম্পৰ্ক গঢ় দিয়াত সহায় কৰিব আৰু আপোনাৰ কোনো বন্ধু বা বান্ধৱী আপোনাৰ বাবে বিশেষ হৈ পৰিব পাৰে। শনি দেৱতাৰ কৃপাত আৰু বৰ্ষটোৰ আৰম্ভণিতে সূৰ্য্য আৰু মঙ্গলৰ প্ৰভাৱত কৰ্মক্ষেত্ৰত স্থিত অনুকূল হৈ থাকিব, কেৱল কাৰো সৈতে যুক্তি-তৰ্ক নকৰিব। ব্যৱসায়ত সফলতা লাভ কৰিবৰ বাবে ৰাহুৰ মাৰ্গদৰ্শন আপুনি প্ৰাপ্ত কৰিব কিন্তু কোনো ধৰণৰ চমু পথ অৱলম্বন নকৰিব আৰু নভবা-নিচিন্তাকৈ ক’তো হাত নিদিব, তেতিয়াহে ব্যৱসায়ত উন্নতি লাভ কৰিব পাৰিব। শিক্ষাৰ্থীসকলৰ বাবে বৰ্ষটোৰ আৰম্ভণি ভাল হ’ব। শিক্ষাৰ ক্ষেত্ৰত আপুনি যথেষ্ট গম্ভীৰ হ’ব আৰু কঠোৰ পৰিশ্ৰম কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাতো আপুনি এই বছৰ উত্তীৰ্ণ হ’ব পাৰে। পাৰিবাৰিক জীৱন বৰ্ষটোৰ আৰম্ভণিতে দুৰ্বল হৈ থাকিব। মাতৃৰ স্বাস্থ্যৰ অৱনতি হ’ব পাৰে। ভাতৃ–ভগ্নীৰ মাজত প্ৰেম-ভালপোৱা বিৰাজমান হ’ব। বৈবাহিক জীৱনত ৰাহু আৰু কেতুৰ প্ৰভাৱৰদ্বাৰা সমস্যা বৃদ্ধি হ’ব। ষষ্ঠ আৰু অষ্টম গৃহ পীড়িত হোৱাৰ বাবে আপুনি জীৱনসঙ্গীৰ স্বাস্থ্যৰ প্ৰতি চকু ৰাখিব লাগিব আৰু তেওঁৰ সৈতে সম্পৰ্ক ভালে ৰখাত গুৰুত্ব প্ৰদান কৰিব লাগিব। অৰ্থৰ দিশৰপৰা ভাল ফল প্ৰাপ্ত কৰিব। গ্ৰহসমূহৰ দৃষ্টিৰ ফলত আপুনি সম্পৰ্কৰ ক্ষেত্ৰত ভাল ফল লাভ কৰিব। অযথা খৰচ হোৱাৰপৰা বাচি থাকক তেতিয়াহে আৰ্থিক উন্নতি প্ৰাপ্ত কৰিব পাৰিব। স্বাস্থ্যৰ ফালৰপৰা আপুনি বিশেষভাৱে মনোযোগ প্ৰদান কৰিব লাগিব। আপোনাৰ অকনমান গুৰুত্বহীনতা কোনো গুৰুতৰ ৰোগৰ কাৰণ হ’বগৈ পাৰে। নিজকে নিয়ন্ত্ৰণত ৰাখি এই সমস্যাবোৰৰপৰা বাচি থাকিব পাৰিব।

কন্যা ৰাশিৰ ৰাশিফল বিস্তৃতভাৱে পঢ়ক –কন্যা ৰাশিফল 2024

তুলা ৰাশিফল 2024

তুলা ৰাশিফল 2024 অনুসৰি, তুলা ৰাশিৰ জাতকসকলে গোটেই বৰ্ষটোত পৰিশ্ৰম, কাৰ্য্যকুশলতা আৰু বিশ্বস্ততাৰ ওপৰত আস্থা ৰাখিব লাগিব কিয়নো বৰ্ষটোৰ আৰম্ভণিৰপৰাই গোটেই বৰ্ষটোত শনি দেৱতা আপোনাৰ পঞ্চম গৃহত থাকিব আৰু তাৰপৰাই আপোনাৰ সপ্তম, একাদশ আৰু দ্বিতীয় গৃহত দৃষ্টি প্ৰদান কৰি থাকিব। আপুনি যিমানেই আস্থা আৰু একাগ্ৰতাৰে কাম কৰিব, সিমানেই আপোনাৰ বৈবাহিক জীৱন আৰু আৰ্থিক স্থিতি শক্তিশালী হ’ব। দেৱ গুৰু বৃহস্পতি 1 মে’ পৰ্য্যন্ত আপোনাৰ সপ্তম গৃহত স্থিত হৈ প্ৰথম, তৃতীয় আৰু একাদশ গৃহত দৃষ্টি প্ৰদান কৰিব যাৰ ফলত আপোনাৰ স্বাস্থ্য ভাললৈ আহিব। আপোনাৰ ব্যৱসায় আৰু ব্যক্তিগত সম্পৰ্ক বিকশিত হ’ব আৰু আপোনাৰ উপাৰ্জন বৃদ্ধি হ’ব। কিন্তু 1 মে’ত দেৱ গুৰু বৃহস্পতি অষ্টম গৃহলৈ গমন কৰিব যাৰ বাবে ব্যয় বৃদ্ধিৰ যোগ সৃষ্টি হ’ব। অৱশ্যে আপোনাৰ ধৰ্মীয় কাৰ্য্যৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব কিন্তু ব্যয় অধিক বৃদ্ধি হোৱাৰ বাবে মানসিক চাপ হ’ব পাৰে। ৰাহু গোটেই বৰ্ষটোত আপোনাৰ ষষ্ঠ গৃহত স্থিত হ’ব সেয়েহে স্বাস্থ্যজনিত সমস্য়াৰ সম্মুখীন হ’ব পাৰে। কিন্তু এইবোৰ সমস্যা আহি গৈ থাকিব। ব্যয়ৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটো আপোনাৰ বাবে প্ৰত্যাহ্বানজনক হ’ব।

বাৰ্ষিক ৰাশিফল 2024 অনুসৰি তুলা ৰাশিৰ জাতকসকলৰ প্ৰেমৰ সম্পৰ্কৰ বাবে বৰ্ষটোৰ আৰম্ভণি অনুকূল হ’ব। দ্বিতীয় গৃহত শুক্ৰ আৰু বুধৰ স্থিতিৰ বাবে আপোনাৰ কথা-বতৰা মধুৰ হ’ব যাৰ ফলত আপুনি নিজৰ প্ৰেমাস্পদ আৰু আন লোকসকলকো আপোন কৰি লোৱাত সফল হ’ব। বৰ্ষটোৰ মাজে সময়ে সমস্যাৰ সম্মুখীন হ’বলগীয়া হ’ব পাৰে। ইয়াৰ পিছত বৰ্ষটোৰ শেষৰ সময়খিনিত ৰোমাণ্টিকতা বৃদ্ধি হ’ব আৰু আপুনি বৰ্ষটোৰ শেষৰপিনে প্ৰেম বিবাহ কৰাৰো যোগ আছে। কেৰিয়াৰৰ ক্ষেত্ৰত এই বৰ্ষটোত ভাল ফল লাভ কৰাৰ সম্ভাৱনা আছে। দেৱ গুৰু বৃহস্পতিৰ কৃপাৰ ফলত আৰু শনি দেৱতাৰ উপস্থিতিৰ ফলত নতুন চাকৰি লাভ কৰিব পাৰে আৰু পুৰণি চাকৰিত লাহে-লাহে জ্যেষ্ঠ্য বিষয়াসকলৰ সন্তুষ্টিৰ ফলস্বৰূপে আপুনি পদোন্নতি লাভ কৰাৰ যোগ আছে। মাৰ্চ আৰু এপ্ৰিল মাহত কিছু সাৱধানতা অৱলম্বন কৰা উচিত। শিক্ষাৰ্থীসকলৰ বাবে এই বৰ্ষটো প্ৰত্যাহ্বানেৰে ভৰা হ’ব। শনি দেৱতাই কঠোৰ পৰিশ্ৰমৰ সংকেত প্ৰদান কৰে। যিমানেই কষ্ট আৰু পৰিশ্ৰম কৰিব সিমানেই ভাল সফলতা প্ৰাপ্ত কৰিব পাৰিব। গ্ৰহসমূহৰ কৃপাদৃষ্টিৰ ফলস্বৰূপে পৰীক্ষাত সফলতা লাভ কৰিব। পাৰিবাৰিক জীৱনৰ বাবে বৰ্ষটোৰ আৰম্ভণি অনুকূল হ’ব। দ্বিতীয় গৃহত শুক্ৰ আৰু বুধৰ স্থিতিৰ বাবে আপুনি মধুৰ কথা-বতৰাৰদ্বাৰা পৰিয়ালৰ লোকসকলৰ হৃদয়ত স্থান লাভ কৰিব পাৰিব। বৈবাহিক সম্পৰ্কৰ বাবে বৰ্ষটোৰ আৰম্ভণি অনুকূল হ’ব। সপ্তম গৃহত স্থিত দেৱ গুৰু বৃহস্পতিয়ে আপোনাক গোটেই বৰ্ষটোৰ শিক্ষা প্ৰদান কৰিব আৰু আপুনি যিমানেই নিজৰ দায়িত্ব বুজি পাব আৰু জীৱনসঙ্গীক গুৰুত্ব প্ৰদান কৰিব, সিমানেই আপোনাৰ বৈবাহিক জীৱন সুখকৰ হ’ব। ব্যৱসায়ীসকলৰ বাবে বৰ্ষটোৰ আৰম্ভণি অনুকূল হ’ব কিন্তু বৰ্ষটোৰ মাজভাগ কিছু দুৰ্বল হোৱাৰ সম্ভাৱনা আছে। বৰ্ষটোৰ প্ৰথমাৰ্দ্ধ আৰ্থিক দিশৰপৰা অনুকূল হ’ব। দ্বিতীয়াৰ্দ্ধত কিছু সমস্য়াৰ সম্মুখীন হ’ব পাৰে। স্বাস্থ্যৰ ফালৰপৰা এই বৰ্ষটো উত্থান-পতেনেৰে ভৰা হ’ব। নিজৰ প্ৰতি গুৰুত্বহীনতাৰ বাবে আপুনি লোকচানৰ সম্মুখীন হ’ব পাৰে।

তুলা ৰাশিৰ ৰাশিফল বিস্তৃতভাৱে পঢ়ক – তুলা ৰাশিফল 2024

বৃশ্চিক ৰাশিফল 2024

বৃশ্চিক ৰাশিফল 2024 অনুসৰি, নতুন বৰ্ষ 2024 -য়ে বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে নতুন প্ৰত্যাশা লৈ আহিব। বৰ্ষটোৰ আৰম্ভণিতে শুক্ৰ আৰু বুধ আপোনাৰ ৰাশিত স্থিত হৈ আপোনাক সুখী কৰি তুলিব। আপোনাৰ ব্যৱহাৰ আৰু চুম্বকীয় ব্যক্তিত্বই সকলোকে আকৰ্ষণ কৰিব। সকলো মানুহ আপোনাৰ প্ৰতি আকৰ্ষিত হ’ব। বৰ্ষৰ আৰম্ভণিতে ৰাশিৰ অধিপতি মঙ্গল দ্বিতীয় গৃহত সূৰ্য্য দেৱতাৰ সৈতে উপস্থিত থাকিব যাৰ ফলত আপুনি আৰ্থিক দিশত উন্নতি লাভ কৰিব। দেৱ গুৰু বৃহস্পতি 1 মে’ পৰ্য্যন্ত ষষ্ঠ গৃহত বিৰাজমান হ’ব যাৰ বাবে স্বাস্থ্যজনিত সমস্যা আৰু ব্যয় বৃদ্ধি হ’ব পাৰে। অৱশ্যে তাৰপিছত 1 মে’ত আপোনাৰ সপ্তম গৃহলৈ আহি ই সমস্যা হ্ৰাস কৰিব। ই বৈবাহিক জীৱন আৰু ব্যক্তিগত জীৱনলৈ অনুকূল পৰিস্থিতি আনিব। ৰাহু গোটেই বৰ্ষটোত আপোনাৰ পঞ্চম গৃহত স্থিত হ’ব আৰু আপোনাৰ বুদ্ধিমত্তাক প্ৰভাৱিত কৰিব। খৰখেদাকৈ কোনো ভুল সিদ্ধান্ত নল’ব। প্ৰেমৰ সম্পৰ্কত ৰাহুৰ উপস্থিতিৰ বাবে আপুনি যিকোনো কাম কৰিব পাৰে।

বাৰ্ষিক ভৱিষ্যতবাণী 2024 অনুসৰি, বৃশ্চিক ৰাশিৰ জাতকসকলে প্ৰেমৰ সম্পৰ্কত বৰ্ষটোৰ আৰম্ভণিতে অনুকূলতা অনুভৱ কৰিব। বুধ আৰু শুক্ৰ প্ৰথম গৃহত আৰু পঞ্চম গৃহত ৰাহুৰ উপস্থিতিয়ে প্ৰেমৰ ব্যাকুলতা বৃদ্ধি কৰাত সহায় কৰিব। আপুনি ৰোমাণ্টিকতা অনুভৱ কৰিব আৰু আপুনি নিজৰ প্ৰেমাস্পদৰ বাবে যিকোনো কাম কৰিবলৈ সাজু থাকিব। ইয়াৰ ফলত আপোনাৰ প্ৰেমৰ সম্পৰ্কত অন্তৰংগতা বৃদ্ধি পাব। এপ্ৰিলৰপৰা জুন মাহৰ ভিতৰৰ সময়ছোৱা মঙ্গলৰ পঞ্চম গৃহত ৰাহুৰ পৰিবহনৰ বাবে অনুকূল নহ’ব। এইখিনি সময়ত যথেষ্ট সাৱধানতা অৱলম্বন কৰক, শেষত আপুনি সফলতা লাভ কৰিব পাৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত এই বৰ্ষত আপুনি কেৰিয়াৰত স্থায়িত্ব লাভ কৰিব। আপুনি যিটো চাকৰি কৰি আছে, সেই চাকৰিতে লাগি থাকিয়েই আপুনি সফলতা লাভ কৰিব পাৰিব। মাজে মাজে চাকৰিৰ পৰিৱৰ্তন কৰাৰো যোগ আছে। যদিহে আপুনি বিচাৰে তেনেহ’লে সুবিধা অনুসৰি চাকৰি সলনি কৰিব পাৰে। অক্টোবৰৰ মাজভাগত চাকৰিত পদোন্নতিৰ যোগ আছে। শিক্ষাৰ্থীসকলে 2024 বৰ্ষটোত মিশ্ৰিত ফল লাভ কৰিব। ৰাহু পঞ্চম গৃহত স্থিত হৈ বুদ্ধিমত্তা দ্ৰুতভাৱে বৃদ্ধি কৰিব। শিক্ষাৰ ক্ষেত্ৰত মনোনিৱেশ কৰাত আপুনি কিছু প্ৰত্যাহ্বানৰো সম্মুখীন হ’ব। পাৰিবাৰিক জীৱনত এই বৰ্ষটো মধ্যমীয়া হ’ব। শনি দেৱতা চতুৰ্থ গৃহত স্থিত হৈ আপোনাৰ ব্যস্ততা বৃদ্ধি কৰিব যাৰ বাবে আপুনি পৰিয়ালক অতি কম সময়ে দিব পাৰিব। আপুনি কাকো টানকৈ কোৱাটো উচিত নহ’ব। ইয়াৰ ফলত সম্পৰ্ক বেয়ালৈ যাব পাৰে। এই বৰ্ষত বৈবাহিক জীৱনলৈ উত্থানৃপতন আহিব। বৰ্ষটোৰ আৰম্ভণি অনুকূল হ’ব, যেতিয়া বুধ আৰু শুক্ৰই সপ্তম গৃহত দৃষ্টি দিব কিন্তু 1 মে’ পৰ্য্যন্ত বৃহস্পতিও ষষ্ঠ গৃহত স্থিত হৈ বৈবাহিক জীৱনক সুৰক্ষা প্ৰদান কৰিব নোৱাৰিব। সেয়েহে এইখিনি সময়ত সাৱধানতা অৱলম্বন কৰক। ইয়াৰ পিছত লাহে-লাহে পৰিস্থিতি ভাললৈ আহিব। ব্যৱসায়ত সফলতা লাভ কৰাৰ যোগ আছে। আৰ্থিক দিশৰপৰা এই বৰ্ষত উন্নতি লাভ কৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰপৰা আপুনি সচেতন হ’ব লাগিব। বিশেষকৈ বৰ্ষটোৰ প্ৰথমাৰ্দ্ধত স্বাস্থ্যৰ প্ৰতি অধিক গুৰুত্ব প্ৰদান কৰাৰ প্ৰয়োজন আছে।

বৃশ্চিক ৰাশিৰ ৰাশিফল বিস্তৃতবাৱে পঢ়ক –বৃশ্চিক ৰাশিফল 2024

আপোনাৰ সোঁৱৰণিতো আছে ৰাজ যোগ? জানক আপোনাৰ ৰাজ যোগ প্ৰতিৱেদন

ধনু ৰাশিফল 2024

ৰাশিফল 2024 অনুসৰি ধনু ৰাশিৰ জাতকসকলৰ বাবে 2024 বৰ্ষটো প্ৰত্য়াশাপূৰ্ণ হ’ব কিন্তু বৰ্ষটোৰ আৰম্ভণিতে সূৰ্য্য আৰু মঙ্গল আপোনাৰ ৰাশিত স্থিত হৈ আপোনাৰ মেজাজ গৰম কৰি তুলিব। খঙৰ ভমকত কাৰোবাক বেয়াকৈ কোৱা বা কোনো আচৰণ প্ৰদৰ্শন কৰা অথবা কোনো সিদ্ধান্ত গ্ৰহণ কৰাটো উচিত নহ’ব কিয়নো ইয়াৰ ফলত আপোনাৰ ব্যৱসায়ৰ লগতে ব্যক্তিগত জীৱনো প্ৰভাৱিত হ’ব পাৰে। বৰ্ষটোৰ আৰম্ভণিতে দেৱ গুৰু বৃহস্পতি আপোনাৰ পঞ্চম গৃহত বিৰাজমান হ’ব। আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ শুধৰণি হ’ব। আপোনাৰ ভাগ্য উদ্য় হ’ব আৰু আপোনাৰ উপাৰ্জনো ভাল দোৱা দেখা যাব। সন্তানৰ লগত জড়িত ভাল খবৰ প্ৰাপ্ত কৰিব পাৰে অথবা সন্তান প্ৰাপ্তি হ’ব পাৰে। শিক্ষাৰ্তীসকলেও ভাল ফল লাভ কৰিব। 1 মে’ৰ পিছত দেৱ গুৰু বৃহস্পতিয়ে আপোনাৰ ষষ্ঠ গৃহলৈ গতি কৰিব যাৰ ফলত স্বাস্থ্যজনিত সমস্যাৰ বৃদ্ধি হ’ব পাৰে আৰু আপুনি এই সকলোবোৰ ক্ষেত্ৰত, য’ত বৃহস্পতিয়ে ভাল ফল প্ৰদান কৰি আছিল সেই ক্ষেত্ৰসমূহত কিছু উত্থান-পতনৰ সম্মুখীন হ’ব পাৰে। শনি দেৱতা গোটেই বৰ্ষটোত তৃতীয় গৃহত স্থিত হৈ আপোনাক সাহস আৰু পৰাক্ৰম প্ৰদান কৰিব। যদিহে আপুনি এই বৰ্ষত নিজৰ আলস্য ত্যাগকৰে তেনেহ’লে জীৱনত বহুখিনি প্ৰাপ্ত কৰিব পাৰিব। ৰাহু গোটেই বৰ্ষটোত আপোনাৰ চতুৰ্থ আৰু কেতু দশম গৃহত স্থিত হ’ব যাৰ ফলত কেৰিয়াৰত উত্থান-পতন আহিব আৰু পাৰিবাৰিক সম্পৰ্কত টনা-আজোৰাৰ স্থিতি দেখা যাব পাৰে।

বাৰ্ষিক ৰাশিফল 2024 অনুসৰি প্ৰেমৰ সম্পৰ্কৰ বাবে বছৰটোৰ আৰম্ভণি অনুকূল হ’ব। দেৱ গুৰু বৃহস্পতি পঞ্চম গৃহত স্থিত হৈ প্ৰেম জীৱনলৈ সুখ-আনন্দ কঢ়িয়াই আনিব। অৱশ্যে, আপোনাৰ ৰাশিত উপস্থিত থকা মঙ্গল আৰু সূৰ্য্যৰ বাবে ক্ৰোধৰ ফলত কোনো কঠিন পৰিস্থিতিৰ উদ্বৱ হ’ব পাৰে। এইবোৰৰপৰা বাছি থাকিব পাৰিলে এই বৰ্ষটোত আপুনি বহু কিবাকিবি লাভ কৰিব পাৰিব। চাকৰিৰ ক্ষেত্ৰত এই বৰ্ষটো উত্থান-পতনেৰে ভৰা হ’ব। কেৰিয়াৰৰ ক্ষেত্ৰত আপুনি প্ৰত্যাহ্বানৰ সম্মুখীন হ’বলগীয়া হ’ব। এনে বহু পৰিস্থিতি আহিব পাৰে য’ত আপোনাৰ কামত মন নবহিব। এনেক্ষেত্ৰত কোনো আঁসোৱাহ হোৱাৰপৰা নিজকে ৰক্ষা কৰক। শিক্ষাৰ্থীসকলৰ বাবে বছৰটোৰ আৰম্ভণি অনুকূল হ’ব। দেৱ গুৰু বৃহস্পতিৰ কৃপাৰ ফলত আপুনি ভাল শিক্ষা গ্ৰহণ কৰিব পাৰিব। বৰ্ষটোৰ দ্বিতীয়াৰ্দ্ধও ভালেৰেই যাব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলে সফলতা লাভ কৰাৰ যোগ আছে। পাৰিবাৰিক জীৱন বৰ্ষটোৰ আৰম্ভণিতে কিছু দুৰ্বল অৱস্থাত থাকিব পাৰে। তৃতীয় গৃহত শনি আৰু চতুৰ্থ গৃহত ৰাহুৰ উপস্থিতিয়ে পাৰিবাৰিক জীৱনলৈ উত্থান-পতন অহাৰ সংকেত প্ৰদান কৰে। বিবাহিত জাতকসকলৰ বাবে বৰ্ষটোৰ আৰম্ভণি দুৰ্বল হ’ব। মঙ্গল আৰু সূৰ্য্যৰ প্ৰভাৱৰ ফলস্বৰূপে আপোনালোক দুয়োৰে মাজত কাজিয়া হ’ব পাৰে। এনে নহ’বৰ বাবে চেষ্টা কৰক। বৰ্ষটোৰ অন্তিম তিনিমাহত আপোনাৰ বৈবাহিক জীৱনৰ পৰিস্থিতি ভাললৈ আহিব। ব্যৱসায় কৰি থকা জাতকসকলৰ বাবে বৰ্ষটোৰ আৰম্ভণি অনুকূল হ’ব। ব্যৱসায়ত উন্নতি হ’ব। চৰকাৰী খণ্ডত লাভ প্ৰাপ্ত কৰিব। বৰ্ষটোৰ মাজভাগত ভাল সফলতা লাভ কৰিব। এই বৰ্ষৰ আৰম্ভণিতে ব্যয় বৃদ্ধি পাব পাৰে। শুক্ৰ আৰু বুধে দ্বাদশ গৃহত প্ৰভাৱ পেলাই ব্য়য় বৃদ্ধি কৰিব কিন্তু দেৱ গুৰু বৃহস্পতিয়ে বছৰটোৰ প্ৰথমাৰ্দ্ধত উপাৰ্জন সন্তুলিত কৰিব যাৰ ফলত আপুনি ভাল সফলতা লাভ কৰিব। আপুনি বছৰটোৰ প্ৰথমাৰ্দ্ধত আপুনি এনে পৰিমাণৰ ধন উপাৰ্জন কৰিব পাৰিব যি গোটেই বছৰটোৰ বাবে পৰ্যাপ্ত হ’ব। অনাৱশ্যক ব্যয়বোৰ নিয়ন্ত্ৰণ কৰক। স্বাস্থ্যৰ দৃষ্টিকোণৰপৰা বৰ্ষটো মধ্যমীয়া হ’ব। চতুৰ্থ গৃহত ৰাহু আৰু দশম গৃহত কেতুৰ স্থিতিৰ বাবে আপুনি কোনো ধৰণৰ সংক্ৰমণৰ বলি হ’ব পাৰে। সেয়েহে সাৱধানে থাকক। 1 মে’ৰপৰা আপোনাৰ ৰাশিৰ অধিপতি বৃহস্পতি ষষ্ঠ গহত স্থিত হোৱাৰ ফলত স্বাস্থ্য দুৰ্বল হ’ব সেয়েহে নিজৰ প্ৰতি ধ্যান ৰাখক আৰু এনেবোৰ কাম কৰক যাৰদ্বাৰা আপুনি সুস্বাস্থ্য লাভ কৰিব।

ধনু ৰাশিৰ ৰাশিফল বিস্তৃতভাৱে পঢ়ক –ধনু ৰাশিফল 2024

মকৰ ৰাশিফল 2024

মকৰ ৰাশিফল 2024 অনুসৰি 2024 বৰ্ষটো মকৰ ৰাশিৰ জাতকসকলৰ বাবে আৰ্থিক দিশৰপৰা অনুকূল হ’ব। আপোনাৰ ৰাশিৰ অধিপতি হৈছে আপোনাৰ দ্বিতীয় গৃহৰো অধিপতি। আনহাতে শনি গোটেই বৰ্ষটোত দ্বিতীয় গৃহত বিৰাজমান হ’ব যাৰ ফলত আপোনাৰ আৰ্থিক দিশ শক্তিশালী হ’ব। আপুনি প্ৰত্যাহ্বানৰ প্ৰতি ভীতিগ্ৰস্থ নহয় আৰু সাহসেৰে এইবোৰৰ সম্মুখীন হ’ব। প্ৰেমৰ সম্পৰ্কত গভীৰতা আহিব। দেৱ গুৰু বৃহস্পতি 1 মে’ পৰ্য্যন্ত চতুৰ্থ গৃহত স্থিত হৈ পাৰিবাৰিক জীৱনলৈ সুখ-শান্তি লৈ আহিব আৰু কেৰিয়াৰত সফলতা প্ৰদান কৰিব। 1 মে’ৰপৰা বৃহস্পতি আপোনাৰ পঞ্চম গৃহত স্থিত হোৱাৰ ফলত সন্তানৰ লগত জড়িত বাৰ্তা লাভ কৰিব। গোটেই বৰ্ষত আপোনাৰ তৃতীয় গৃহত স্থিত হৈ আপোনাৰ বিপদাশংকা গ্ৰহণ কৰাৰ প্ৰবৃত্তি বৃদ্ধি কৰিব আৰু ব্যৱসায়ত ভাল সফলতা লাভ কৰাত সহায় কৰিব। আনৰ বিষয়ত হস্তক্ষেপ নকৰাটো আপোনাৰ পক্ষে ভাল।

মকৰ ভৱিষ্যতবাণী 2024 আনুসৰি আপুনি নিজৰ পৰিয়ালক একত্ৰিত কৰি ৰাখিবলৈ চেষ্টা কৰিব আৰু আপুনি এই প্ৰচেষ্টাত এই বৰ্ষত সফলতা লাভ কৰিব। বৰ্ষটোৰ আৰম্ভণি প্ৰেমৰ সম্পৰ্কৰ বাবে ভাল হ’ব আৰু প্ৰেমাস্পদৰ সৈতে আপোনাৰ সম্পৰ্ক অন্তৰংগ হ’ব। পৰস্পৰৰ ওপৰত বিশ্বাস বৃদ্ধি হ’ব। এই বৰ্ষত আপুনি কেৰিয়াৰত ভাল সফলতা লাভ কৰাৰ যোগ আছে য’ত শিক্ষাৰ্থীসকলে একাগ্ৰতা আৰু পৰিশ্ৰমৰদ্বাৰা আগবাঢ়ি গ’লে তেওঁলোকৰ দক্ষতা বৃদ্ধি হ’ব আৰু সফলতা লাভ কৰিব। উচ্চ শিক্ষা লাভ কৰি থকা শিক্ষাৰ্থীসকলে কিছু সমস্যাৰ সম্মুখীন হ’ব পাৰে। বৈবাহিক জীৱনত কিছু সাৱধানতা অৱলম্বন কৰা উচিত। স্বাস্থ্যৰ দৃষ্টিকোণৰপৰা বৰ্ষটো অনুকূল হ’ব। সৰু-সুৰা সমস্যাই দেখা দিব পাৰে।

মকৰ ৰাশিৰ ৰাশিফল বিস্তৃতভাৱে পঢ়ক– মকৰ ৰাশিফল 2024

কুম্ভ ৰাশিফল 2024

কুম্ভ ৰাশিফল 2024 অনুসৰি কুম্ভ ৰাশিৰ জাতকসকলক এই বৰ্ষটোৱে বহু কিবাকিবা প্ৰদান কৰাৰ সম্ভাৱনা আছে। এই বৰ্ষটোৱে আপোনাৰ বাবে সকলো দিশতে শুভ ফল লৈ আহিব। আপোনাৰ জীৱনত নিয়মানুৱৰ্তিতা বৃদ্ধি পাব। আপুনি সকলোবোৰ কাম সম্পূৰ্ণ একাগ্ৰতা আৰু নিষ্ঠাৰে কৰিব যাৰ ফলত কৰ্মক্ষেত্ৰত আপুনি ভাল স্থান লাভ কৰিব। আপোনাৰ কষ্টৰ বলত আপুনি আনতকৈ এখোজ আগুৱাই থাকিব। দেৱ গুৰু বৃহস্পতি 1 মে’ পৰ্য্যন্ত আপোনাৰ তৃতীয় গৃহত স্থিত হৈ আপোনাৰ উপাৰ্জন বৃদ্ধি হোৱাত সহায় কৰিব আৰু আপোনাক বৈবাহিক জীৱনত অনুকূল সময় প্ৰদান কৰিব। ব্যৱসায়ৰ বিকাশৰ যোগ আছে আৰু এই ক্ষেত্ৰত সৌভাগ্য লাভ কৰিব। 1 মে’ৰ পিছত দেৱ গুৰু বৃহস্পতি চতুৰ্থ গৃহত স্থিত হৈ পাৰিবাৰিক সম্পৰ্ক অনুকূল হিচাপে গঢ় দিয়াত সহায় কৰিব।

কুম্ভ ৰাশিফল 2024 অনুসৰি, বৰ্ষটোৰ আৰম্ভণিতে সূৰ্য্য আৰু মঙ্গলৰ প্ৰভাৱৰ ফলস্বৰূপে প্ৰেমৰ সম্পৰ্কত কিছু চাপৰ সৃষ্টি হ’ব পাৰে, যি বৰ্ষটোৰ দ্বিতীয়াৰ্দ্ধলৈ অনুকূল হ’ব। আপুনি নিজৰ সম্পৰ্ক জীয়াই ৰখাৰ বাবে অন্তঃকৰণেৰে চেষ্টা কৰিব যি লাহে-লাহে সফল হ’ব আৰু প্ৰেমৰ সম্পৰ্ক গভীৰ হ’ব। কেৰিয়াৰৰ ক্ষেত্ৰত আপুনি ভাল সফলতা লাভ কৰিব। শনিৰ বাবে আপুনি যথেষ্ট কষ্ট কৰিবলগীয়া হ’ব যি আপোনাক চাকৰি আৰু ব্যৱসায় দুয়োটা ক্ষেত্ৰতে ভাল সফলতা প্ৰদান কৰিব। শিক্ষাৰ্থীসকলে মনোনিৱেশ ধৰি ৰাখিবৰ বাবে চেষ্টা কৰিব লাগিব আৰু এই বৰ্ষটোৰ আৰম্ভণি শিক্ষাৰ ক্ষেত্ৰত কিছু দুৰ্বল হ’ব। বৰ্ষটোৰ মাজভাগলৈ পৰীক্ষাত সফলতা লাভ কৰাৰ যোগ আছে। বিত্তীয় ক্ষেত্ৰত এই বৰ্ষটো উত্থান-পতনেৰে ভৰা হ’ব। ধন ব্যয় নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক। পাৰিবাৰিক জীৱন অনুকূল থাকিব। বৈবাহিক জীৱনত উত্থান-পতনৰ স্থিতি বৰ্তি থকাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ দৃষ্টিকোণৰপৰা পৰিস্থিতি অনুকূল হ’ব। নিজৰ ফালৰপৰা এনে কোনো কাম নকৰিব যাৰ বাবে স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে।

কুম্ভ ৰাশিৰ ৰাশিফল বিস্তৃতভাৱে পঢ়ক – কুম্ভ ৰাশিফল 2024

বিদ্বান জ্যোতিষীসকলক প্ৰশ্ন কৰক আৰু লাভ কৰক সকলো সমস্যাৰ সমাধান

মীন ৰাশিফল 2024

মীন ৰাশিফল 2024 অনুসৰি, মীন ৰাশিৰ জাতকসকলৰ বাবে 2024 বৰ্ষটোৱে ভাল সম্ভাৱনা কঢ়িয়াই আনিব। আপোনাৰ ৰাশিৰ স্বামী গুৰু বৃহস্পতি বৰ্ষটোৰ আৰম্ভণিৰপৰাই আপোনাৰ দ্বিতীয় গৃহত স্থিত হ’ব আৰু আপোনাৰ ধন আৰু আত্মীয়ৰ ৰক্ষা কৰিব। আপোনাৰ কথা-বতৰাত মধুৰতা ফুটি উঠিব যাৰ ফলত আপোনাৰ সম্পৰ্ক মধুৰ হ’ব। ধন সঞ্চয় কৰাত আপুনি সফলতা লাভ কৰিব। কেৱল এয়াই নহয়, শহুৰ পক্ষৰ সৈতেও আপোনাৰ সম্পৰ্ক ভাললৈ আহিব। 1 মে’ত বৃহস্পতি তৃতীয় গৃহলৈ গমন কৰিব যাৰ ফলত আপোনাৰ ব্যৱসায় বৃদ্ধি হ’ব। বৈবাহিক সম্পৰ্ক ভাললৈ অহাৰ যোগ আছে। আপোনাৰ ভাগ্য উদয় হ’ব। ধৰ্মীয় কাৰ্য্যৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব। শনি গোটেই বৰ্ষটোত দ্বাদশ গৃহত বিৰাজমান হোৱাৰ ফলত আপুনি ব্যয়ৰ ক্ষেত্ৰত চকু ৰাখিব লাগিব কিয়নো গোটেই বৰ্ষটো কিবা নহয় কিবা ব্য়য় হৈ থাকিব। এই বৰ্ষত বিদেশ ভ্ৰমণৰ প্ৰৱল সম্ভাৱনা আছে সেয়েহে ইয়াৰ বাবে প্ৰস্তুত হওক। ৰাহুৱে প্ৰথম গৃহত আৰু কেতুৱে সপ্তম গৃহত পৰিবহন কৰিব আৰু তাৰ ফলত বৈবাহিক জীৱনত উত্থান-পতনৰ স্থিতি বৰ্তি থাকিব।

মীন ৰাশিফল 2024 অনুসৰি ৰাহু বৃহস্পতিৰ সৈতে আৰু 1 মে’ত গুৰুৰ অবিহনেও প্ৰথম গৃহত বিৰাজমান হৈ থাকিব যাৰ ফলত বন্ধু-বৰ্গৰ সৈতে ভাল ব্যৱহাৰ কৰা উচিত আৰু নভবা-নিচিন্তাকৈ কোনো সিদ্ধান্ত গ্ৰহণ নকৰাটো ভাল হ’ব। বৰ্ষটোৰ আৰম্ভণি প্ৰেমৰ সম্পৰ্কৰ বাবে অনুকূল হ’ব। মঙ্গলৰ দৃষ্টি পঞ্চম গৃহত পৰিব যাৰ বাবে সৰু-সুৰা সমস্যাই দেখা দিব পাৰে। বছৰটোৰ মাজভাগত কিছু সাৱধানতা অৱলম্বন কৰক, যেতিয়া সূৰ্য্য আৰু মঙ্গলৰ প্ৰভাৱৰ ফলত সম্পৰ্কলৈ তিক্ততা আহিব পাৰে। এই বৰ্ষত আপোনাৰ প্ৰেমাস্পদৰ স্বাস্থ্যজনিত সমস্যা হ’ব পাৰে। বৰ্ষটোৰ মাজবাত অনুকূল হ’ব। কেৰিয়াৰৰ ক্ষেত্ৰত এই বৰ্ষটো ভাল হ’ব। আপুনি নিজৰ চাকৰিত ভালদৰে কাম কৰিব পাৰিব আৰু আপোনাৰ জ্যেষ্ঠ্য বিষয়াসকল আপোনাৰ কামক লৈ সন্তুষ্ট হ’ব। আপুনি কামৰ সন্দৰ্ভত বিদেশলৈ যোৱাৰ সুযোগ লাভ কৰিব পাৰে। শিক্ষাৰ্থীসকলৰ বাবে বছৰটোৰ আৰম্ভণি অনুকূল হ’ব। সমস্যা থকা স্বত্বেও আপুনি পঢ়া-শুনাত মনোনিৱেশ কৰি ভাল প্ৰদৰ্শন কৰিবলৈ সমৰ্থৱান হ’ব। স্বাস্থ্যৰ ক্ষেত্ৰত উত্থান-পতনৰ সম্মুখীন হ’ব পাৰেচকুৰ সমস্যা বা পেটৰ বিষ আদিৰ দৰে সমস্যাই আপোনাক অসুবিধাত পেলাব পাৰে। ভাল খাদ্যাভ্যাস গ্ৰহণ কৰক আৰু ভাল জীৱনশৈলী গ্ৰহণ কৰক।

মীন ৰাশিৰ ৰাশিফল বিস্তৃতভাৱে পঢ়ক –মীন ৰাশিফল 2024

പതിവായി ചോദിക്കുന്ന ചോദ്യങ്ങൾ

2024 বৰ্ষৰ সকলোতকৈ ভাগ্যশালী ৰাশি কোনটো?

ধনু ৰাশি। এই ৰাশিৰ জাতকসকলে 2024 বৰ্ষত ভাগ্যৰ অপাৰ সহযোগিতা লাভ কৰাৰ লগতে জীৱনৰ সকলো ক্ষেত্ৰত সফলতা প্ৰাপ্ত কৰিব।

বৰ্ষ 2024 ত বৃশ্চিক ৰাশিৰ জাততকসকলৰ ভাল সময় কেতিয়া আৰম্ভ হ’ব?

বৰ্ষ 2024 ৰ ছেপ্তেম্বৰ মাহৰ পিছৰপৰা বৃশ্চিক ৰাশিৰ জাতকসকলৰ ‘সোণালী সময়’ আৰম্ভ হ’ব।

2024 বৰ্ষটো কুম্ভ ৰাশিৰ জাতকসকলৰ বাবে শুভ হ’ব নে?

নিশ্চয়। এই বৰ্ষটোত কুম্ভ ৰাশিৰ জাতকসকলে আগবাঢ়ি যোৱাৰ সুযোগ লাভ কৰিব। লগতে 2024 বৰ্ষটোৱে এই ৰাশিৰ জাতকসকলৰ জীৱনলৈ বহুতো সুখ-আনন্দ লৈ আহিব।

2024 বৰ্ষত কোনটো চীনা নৱবৰ্ষ পালন কৰা হ’ব?

বৰ্ষ 2024 ত চীনা নৱ বৰ্ষ 10 ফেব্ৰুৱাৰী, 2024 ত পালন কৰা হ’ব আৰু ইয়াক ড্ৰেগন বৰ্ষ নামেৰে উল্লেখ কৰা হ’ব।

বৰ্ষ 2024 ৰ সকলোতকৈ ভাগ্যশালী ৰাশি কোনকেইটা?

বৃষ ৰাশি, মকৰ ৰাশি, সিংহ ৰাশি, কন্যা ৰাাশি আৰু বৃশ্চিক ৰাশি 2024 বৰ্ষৰ সকলোতককৈ ভাগ্যৱান ৰাশি হিচাপে প্ৰমাণিত হ’ব।

ৰত্ন, যন্ত্ৰকে ধৰি, সকলো জ্যোতিষীয় সমাধানৰ বাবে এই চাইটটো দৰ্শন কৰক:এষ্ট্ৰোচেজ অনলাইন শ্বপিং ষ্টোৰ!

Astrological services for accurate answers and better feature

33% off

Dhruv Astro Software - 1 Year

'Dhruv Astro Software' brings you the most advanced astrology software features, delivered from Cloud.

Brihat Horoscope
What will you get in 250+ pages Colored Brihat Horoscope.
Finance
Are money matters a reason for the dark-circles under your eyes?
Ask A Question
Is there any question or problem lingering.
Career / Job
Worried about your career? don't know what is.
AstroSage Year Book
AstroSage Yearbook is a channel to fulfill your dreams and destiny.
Career Counselling
The CogniAstro Career Counselling Report is the most comprehensive report available on this topic.

Astrological remedies to get rid of your problems

Red Coral / Moonga
(3 Carat)

Ward off evil spirits and strengthen Mars.

Gemstones
Buy Genuine Gemstones at Best Prices.
Yantras
Energised Yantras for You.
Rudraksha
Original Rudraksha to Bless Your Way.
Feng Shui
Bring Good Luck to your Place with Feng Shui.
Mala
Praise the Lord with Divine Energies of Mala.
Jadi (Tree Roots)
Keep Your Place Holy with Jadi.

Buy Brihat Horoscope

250+ pages @ Rs. 599/-

Brihat Horoscope

AstroSage on MobileAll Mobile Apps

Buy Gemstones

Best quality gemstones with assurance of AstroSage.com

Buy Yantras

Take advantage of Yantra with assurance of AstroSage.com

Buy Feng Shui

Bring Good Luck to your Place with Feng Shui.from AstroSage.com

Buy Rudraksh

Best quality Rudraksh with assurance of AstroSage.com
Call NowTalk to
Astrologer
Chat NowChat with
Astrologer