বৃশ্চিক ৰাশিফল 2024 (Brishchik Rashifal 2024)

Author: Lobitha Dutta | Updated Sat, 30 Dec 2023 12:55 PM IST

বৃশ্চিক ৰাশিফল 2024 (Brishchik Rashifal 2024) ৰ এই বিশেষ প্ৰৱন্ধটো কেৱল আপোনাৰ বাবে প্ৰস্তুত কৰা হৈছে। এই ৰাশিফলটো বৈদিক জ্যোতিষৰ ওপৰত ভিত্তি কৰি 2024 বৰ্ষত হ’বলগীয়া গ্ৰহসমূহৰ পৰিবহন আৰু গ্ৰহসমূহৰ গতি-বিধিৰ ওপৰত দৃষ্টি আৰোপ কৰি প্ৰস্তুত কৰা হৈছে। আপুনি 2024 বৰ্ষত কোনবোৰ ক্ষেত্ৰত আশা কৰা ধৰণে ফল লাভ কৰিব আৰু কোনবোৰ ক্ষেত্ৰত আপোনাক সমস্যাই ঘেৰি ধৰিব, এই সকলোবোৰ তথ্য আপুনি এই ৰাশিফলৰদ্বাৰা লাভ কৰিব পাৰিব।

বাৰ্ষিক ৰাশিফল 2024 পঢ়িবৰ বাবে ইয়াত ক্লিক্ কৰক - ৰাশিফল 2024

এই ভৱিষ্যতবাণীয়ে আপোনাক এই কথা জনাত সহায় কৰিব যে আপুনি নিজৰ প্ৰেমৰ সম্পৰ্কত কেনেধৰণৰ উত্থান-পতনৰ সম্মুখীন হ’ব লাগিব, আপোনাৰ কেৰিয়াৰ কেনে থাকিব, আপোনাৰ চাকৰিত পদোন্নতিৰ সুযোগ লাভ কৰিব নে নাই অথবা চাকৰিৰ পৰিৱৰ্তন হ’ব নেকি, যদিহে আপুনি ব্যৱসায় কৰে তেনেহ’লে ব্যৱসায়িক দৃষ্টিকোণৰপৰা এই বৰ্ষটোত কেনে ধৰণৰ ফল লাভ কৰাৰ সম্ভাৱনা আছে, আপোনাৰ ব্যক্তিগত জীৱন কেনে হ’ব, আপোনাৰ বৈবাহিক জীৱনত জীৱনসঙ্গীৰ সৈতে কেনে ধৰণৰ সামঞ্জস্য বজাই ৰাখিব পাৰিব, পাৰিবাৰিক জীৱনত পৰিয়ালৰ সদস্যসকলৰ সৈতে আপোনাৰ সম্পৰ্ক কেনে থাকিব, আপোনাৰ বৈবাহিক জীৱন সুখময় হ’ব নে তাত সমস্যা থাকিব, এই সকলোবোৰ কথা আপোনাৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰি তোলা এই প্ৰৱন্ধটোৰ জৰিয়তে আপুনি জানিব পাৰিব।

वृश्चिक राशि का राशिफल विस्तार से पढ़ें –वृश्चिक राशिफल 2024

ইয়াৰ লগতে আপুনি এয়াও জানিব পাৰিব যে আপোনাৰ স্বাস্থ্য কেনে থাকিব, কেতিয়া আপোনাক কোনটো সমস্যাই প্ৰভাৱিত কৰিব পাৰে যাতে সেইবোৰৰ পৰা আপুনি নিজকে ৰক্ষা কৰিব পাৰে। যদিহে আপুনি এগৰাকী শিক্ষাৰ্থী তেনেহ’লে আপোনাৰ বাবে এই বৰ্ষটো কেনে হ’ব আৰু আপুনি শিক্ষাৰ ক্ষেত্ৰত কেনেধৰণৰ পৰিস্থিতিৰ সম্মুখীন হ’বলগীয়া হ’ব পাৰে, আপুনি সম্পত্তি অথবা বাহন ক্ৰয় কৰাৰ সুযোগ লাভ কৰিব নে আৰু যদিহে লাভ কৰিব তেনেহ’লে আপোনাৰ বাবে কোনখিনি সময় অনুকূল বা প্ৰতিকূল হ’ব, আপোনাৰ আৰ্থিক স্থিতি কেনে হ’ব আৰু আপোনাৰ ধন লাভ অথবা হানিৰ যোগ কেতিয়া আছে, এই সকলোবোৰ তথ্য আপুনি এই প্ৰৱন্ধটোত লাভ কৰিব পাৰিব।

এই প্ৰৱন্ধটো প্ৰস্তুত কৰাৰ আমাৰ এটাই উদ্দেশ্য যে আপুনি বৰ্ষ 2024 ত আপোনাৰ জীৱনত ঘটিবলগীয়া সকলোবোৰ ঘটনাৰ পূৰ্বানুমান লাভ কৰে। এই বিশেষ প্ৰৱন্ধটো এষ্ট্ৰোচেজৰ বিশেষজ্ঞ জ্যোতিষীডা. ম্ৰগাংকয়ে প্ৰস্তুত কৰি উলিয়াইছে। এই বাৰ্ষিক ৰাশিফল আপোনাৰ চন্দ্ৰ ৰাশি অৰ্থাৎ আপোনাৰ জন্ম ৰাশিৰ ওপৰত আধাৰিত।আহক এতিয়া আমি আপোনাক জনাও বৃশ্চিক ৰাশিৰ জাতকসকলৰ বাবে 2024 বৰ্ষটোৱে আপোনাক কেনে ফল প্ৰদান কৰিব।

2024 বৰ্ষত আপোনাৰ ভাগ্যৰ পৰিৱৰ্তন হ’ব নে?বিদ্বান জ্য়োতিষীসকলৰ সৈতে ফোনত কথা পাতক

বৃশ্চিক ৰাশিফল 2024 (Brishchik Rashifal 2024) অনুসৰি, বৃশ্চিক ৰাশিৰ জাতকসকলৰ বাবে ৰাশিৰ অধিপতি মঙ্গল সূৰ্য্যদেৱতাৰ সৈতে বৰ্ষৰ আৰম্ভণিতে দ্বিতীয় গৃহত স্থিত হ’ব আৰু আপোনাৰ ৰাশিত শুক্ৰ আৰু বুধৰ উপস্থিতি বৰ্ষৰ আৰম্ভণিতে হ’ব। দেৱ গুৰু বৃৃহস্পতি 1 মে’ পৰ্য্যন্ত আপোনাৰ ষষ্ঠ গৃহত মেষ ৰাশিত স্থিত হ’ব আৰু ইয়াৰ পিছত সপ্তম গৃহত প্ৰৱেশ কৰি আপোনাৰ প্ৰথম, তৃতীয় আৰু একাদশ গৃহত দৃষ্টি পেলাব। ৰাহু আপোনাৰ পঞ্চম গৃহত বিৰাজমান হ’ব আৰু কেতু একাদশ গৃহত স্থিত হ’ব। আপোনাৰ তৃতীয় আৰু চতুৰ্ত গৃহৰ অধিপতি শনি, গোটেই বৰ্ষ আপোনাৰ চতুৰ্থ গৃহত নিজৰ কুম্ভ ৰাশিত বিৰাজমান হ’ব। গ্ৰহসমূহৰ এই স্থিতিয়ে আপোনাৰ জীৱনৰ দশা আৰু দিশ দুয়োটাৰে পৰিৱৰ্তন কৰিব পাৰে। আপুনি আৰ্থিক দিশত উন্নতি প্ৰাপ্ত কৰাৰ বহুতো সুযোগ প্ৰাপ্ত কৰিব।বৰ্ষটোৰ আৰম্ভণিতে ব্যয় বৃদ্ধি হ’ব যি বছৰটো আগবাঢ়ি যোৱাৰ লগে লগে কম হৈ আহিব আৰু আৰ্থিক দিশত আপুনি শক্তিশালী হ’ব। শিক্ষাৰ্থীসকলৰ বাবে বৰ্ষটো কিছু দুৰ্বল হ’ব। সেয়েহে তেওঁলোকে অধিক কষ্ট কৰিব লাগিব। আপুনি কামৰ সন্দৰ্ভত অধিক ব্যস্ত হ’ব। এই কাৰণবশতঃ পৰিয়ালক আপুনি কিছু উপেক্ষা কৰিব পাৰে। দাম্পত্য জীৱনৰ বাবে এই বৰ্ষটো কিছু দুৰ্বল হ’ব, সেই ক্ষেত্ৰত আপুনি কিছু মনোযোগ দিব লাগিব। এই বৰ্ষত মে’ মাহৰ পিছত আপুনি কোনো নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে অথবা নিজৰ ব্যৱসায় সম্প্ৰসাৰিত কৰিব পাৰে আৰু তাত আপুনি সফলতা লাভ কৰিবও পাৰিব। যিসকল লোক অবিবাহিত, তেওঁলোকৰ এই বৰ্ষত বিবাহপাশত আৱদ্ধ হোৱাৰ সম্ভাৱনা আছে।

Click here to read in English:Scorpio Horoscope 2024

সকলো জ্যোতিষীয় গণনা আপোনাৰ চন্দ্ৰ ৰাশিৰ ওপৰত আধাৰিত। আপোনাৰ চন্দ্ৰ ৰাশি জানিবৰ বাবে ক্লিক কৰক:চন্দ্ৰ ৰাশি কেলকুলেটৰ

বৃশ্চিক প্ৰেম ৰাশিফল 2024

বৃশ্চিক ৰাশিফল 2024 (Brishchik Rashifal 2024) অনুসৰি,বৰ্ষটোৰ আৰম্ভণি যথেষ্ট অনুকূল হ’ব। বুধ আৰু শুক্ৰ বৰ্ষটোৰ আৰম্ভণিতে আপোনাৰ প্ৰথম গৃহত স্থিত হ’ব আৰু পঞ্চম গৃহত ৰাহুৰ উপস্থিতিৰ বাবে আপুনি প্ৰেম জীৱনত যিকোনো পৰিস্থিতিৰ সম্মুখীন হ’ব পাৰে।আপুনি প্ৰেমৰ ক্ষেত্ৰত স্বচ্ছন্দ অনুভৱ কৰিব আৰু নিজৰ প্ৰেমাস্পদৰ বাবে যিকোনো কাম কৰিব বিচাৰিব। আপুনি ডাঙৰ ডাঙৰ কথা ক’ব কিন্তু সেই ডাঙৰ ডাঙৰ কথাবোৰ সম্পূৰ্ণ কৰাটো আপোনাৰ বাবে প্ৰত্যাহ্বানজনক হ’ব। অন্যথা আপোনাৰ প্ৰেমাস্পদ আপোনাৰ ওপৰত ৰুষ্ট হৈ পৰিব পাৰে। অৱশ্যে আপোনালোক দুয়োৰে মাজৰ মিলা-প্ৰীতি অটুত থাকিব আৰু আপোনাৰ প্ৰেম পৰিপক্ক হ’ব। ৰোমাঞ্চৰো ভাল যোগ সৃষ্টি হ’ব।

এই বৰ্ষত আপুনি 23 এপ্ৰিলৰপৰা 1 জুনৰ ভিতৰত যেতিয়া মঙ্গলৰ পৰিবহন আপোনাৰ পঞ্চ মগৃহত ৰাহুৰ ওপৰত হ’ব তেতিয়াৰ সময়খিনি সিমান ভাল নহ’ব আৰু এইখিনি সময়ত আপোনাৰ প্ৰেমাস্পদক কোনো শাৰীৰিক বা মানসিক সমস্যাই অশান্তি দিব পাৰে। এনে সময়ত তেওঁৰ সম্পূৰ্ণ সহায় কৰক আৰু তেওঁৰ সৈতে অযথা যুক্তি-তৰ্ক নকৰিব, নহ’লে ই আপোনালোকৰ সম্পৰ্কৰ বাবে লোকচানদায়ক প্ৰমাণিত হ’ব। ইয়াৰ পিছৰ সময়খিনি যথেষ্ট পৰিমাণে অনুকূল হোৱাৰ সম্ভাৱনা আছে। মাৰ্চ মাহত আৰু ইয়াৰ পিছত আগষ্টৰপৰা ছেপ্তেম্বৰ মাহত সম্পৰ্কত প্ৰেম-ভালপোৱা বৃদ্ধি হ’ব আৰু আপোনালোকৰ দুয়ো পৰস্পৰৰ প্ৰেমত বুৰ গৈ থাকিব। দুয়োৰে যদি পৰস্পৰৰ সৈতে বিবাহত সোমোৱাৰ ইচ্ছা আছে তেনেহ’লে যেতিয়া দেৱ গুৰু বৃহস্পতি যি হৈ আপোনাৰ পঞ্চম গৃহৰো অধিপতি, 1 মে’ত আপোনাৰ সপ্তম গৃহত বিৰাজমান হ’ব তেতিয়া বৰ্ষটোৰ দ্বিতীয়াৰ্দ্ধত আপোনাৰ মন পছন্দৰ ব্যক্তিৰ সৈতে বিবাহ হোৱাৰ সম্ভাৱনা আছে।

বৃশ্চিক কেৰিয়াৰ ৰাশিফল 2024

বৃশ্চিক ৰাশিফল 2024 (Brishchik Rashifal 2024) অনুসৰি,কেৰিয়াৰৰ দৃষ্টিকোণৰপৰা এই বৰ্ষটোত আপুনি কিছু কষ্ট কৰিব লাগিব। আপোনাৰ কেৰিয়াৰলৈ স্থায়িত্ব আহিব। আপুনি যিটো চাকৰি কৰি আছে, সেইটোৱেই কৰি থকাটো পছন্দ কৰিব আৰু আপুনি লাভাম্বিতও হ’ব। অৱশ্যে মাজে-সময়ে গ্ৰহসমূহৰ স্থিতিৰ বাবে আপুনি চাকৰি সলনি কৰিব পাৰে য’ত আপুনি সুযোগ পালে চাকৰি সলনি কৰিবও পাৰে। কিন্তু শনি গোটেই বৰ্ষ জুৰি চতুৰ্থ গৃহত স্থিত হৈ আপোনাৰ ষষ্ঠ গৃহ আৰু দশম গৃহত দৃষ্টি পেলাব যাৰ ফলস্বৰূপে আপুনি নিজৰ চাকৰিত স্থিৰতা অনুভৱ কৰিব।

বৃহস্পতি সপ্তম গৃহলৈ যোৱাৰ ফলত অনুকূল পৰিণাম প্ৰাপ্ত কৰিব। এই সময়ছোৱাত আপোনাৰ চাকৰিৰ পৰিৱৰ্তন হোৱাৰ পিছতো ভাল সফলতা লাভ কৰাৰ যোগ আছে আৰু আপুনি চাকৰিত আগষ্টৰপৰা অক্টোবৰ মাহৰ ভিতৰত পদোন্নতি লাভ কৰাৰ সম্ভাৱনা আছে। শনিৰ কৃপাত চাকৰিত আপোনাৰ বিৰোধীসকল পৰাজিত হ’ব আৰু আপুনি শক্তিশালী স্থিতিত থাকিব।সূৰ্য্য দেৱতাৰ পৰিবহন এপ্ৰিল মাহত যোতিয়া আপোনাৰ ষষ্ঠ গৃহত হ’ব তেতিয়াৰ সেই সময়খিনিত চাকৰিত ডাঙৰ পদবী লাভ কৰাৰ যোগ আছে। এইখিনি সময়ত চৰকাৰী চাকৰি লাভ কৰাৰ যোগো সৃষ্টি হ’ব পাৰে। ইয়াৰ পিছত আগষ্ট মাহতো ভাল ফল লাভ কৰাৰ যোগ আছে।

বৃশ্চিক শিক্ষা ৰাশিফল 2024

বৃশ্চিক ৰাশিফল 2024 (Brishchik Rashifal 2024) অনুসৰি শিক্ষাৰ্থীসকলৰ বাবে এই বৰ্ষটোৱে মিশ্ৰিত ফলাফল প্ৰদান কৰিব। গোটেই বৰ্ষ জুৰি ৰাহু পঞ্চম গৃহত বিৰাজমান হোৱাৰ ফলত আপোনাৰ বুদ্ধিমত্তা বৃদ্ধি পাব। আপুনি যি ভাবিব, বুজিব আৰু পঢ়িব অথবা জানিবৰ বাবে চেষ্টা কৰিব সেয়া আপোনাৰ মগজুৱে অতি শীঘ্ৰেই আয়ত্ব কৰিব আৰু আপোনাৰ বুদ্ধিৰ বিকাশ হ’ব। আপোনাৰ স্মৃতিশক্তিও তীব্ৰ হ’ব। আপুনি সকলোবোৰ জটিল প্ৰত্যাহ্বান, লাগিলে সেয়া গণিতেই হওক বা সামান্য কোনো জ্ঞানেই হওক, নিমিষতে তাৰ সমাধান উলিয়াব পাৰিব। ইয়াৰ ফলত আপুনি বিষয়সমূহত আগবাঢ়ি যোৱাৰ সুযোগ লাভ কৰিব কিন্তু আনহাতে ৰাহুৱে মাজে মাজে আপোনাৰ ধ্যান ভংগ কৰিব পাৰিব আৰু ইয়াৰ ফলত আপুনি অধ্যয়নত প্ৰত্যাহ্বানৰ সম্মুখীন হ’ব পাৰে। কিয়নো আপোনাৰ মগজু প্ৰখৰ হ’ব পাৰে কিন্তু এক সঠিক অনুশাসিত ধৰণে অধ্যয়ন নকৰাৰ ফলত মাজে মাজে কোনো প্ৰত্যাহ্বানৰ সম্মুখীন হ’বলগীয়া হ’ব পাৰে। ইয়াৰপৰা বাছিবলৈ চেষ্টা কৰক।

যদিহে আপুনি কোনো ধৰণৰ প্ৰতিযোগতিামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেনেহ’লে এই বৰ্ষটোৰ প্ৰথমাৰ্দ্ধ সেইক্ষেত্ৰত কিছু দুৰ্বল হ’ব। প্ৰচেষ্টা চলাই থকাসকলে বছৰটোৰ দ্বিতীয়াৰ্দ্ধত ভাল ফল লাভ কৰাৰ সম্ভাৱনা আছে। গ্ৰহসমূহৰ স্থিতিয়ে প্ৰকাশ কৰে যে মে’ মাহৰপৰা অক্টোবৰৰ ভিতৰত আপুনি কোনো প্ৰতিযোগিতামূলক পৰীক্ষাত কৃতকাৰ্য্যতা লাভ কৰাৰ সৰ্বাধিক সম্ভাৱনা আছে।যদিহে আপুনি উচ্চ শিক্ষা গ্ৰহণ কৰিব বিচাৰে, তেনেহ’লে আপুনি ইয়াৰ বাবে যথেষ্ট চেষ্টা কৰিব লাগিব। যিসকলে বিদেশলৈ গৈ অধ্যয়ন কৰাৰ কথা ভাবিছে তেওঁলোকে আগষ্টৰপৰা নৱেম্বৰ মাহৰ ভিতৰত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে।

বৃশ্চিক আৰ্থিক ৰাশিফল 2024

বৃশ্চিক ৰাশিফল 2024 (Brishchik Rashifal 2024) অনুসৰি আৰ্থিক দিশত এই বৰ্ষটো ভাল হ’ব। বৰ্ষটোৰ আৰম্ভণিৰপৰাই একাদশ গৃহত কেতু উপস্থিতি থাকিব যি আৰ্থিক দিশত স্থিৰতা প্ৰদান কৰাত যথেষ্ট সহায় কৰিব। অৱশ্যে বৰ্ষটোৰ প্ৰথমাৰ্দ্ধতেই বৃহস্পতি ষষ্ঠ গৃহত স্থিত হৈ কিছু প্ৰত্যাহ্বান প্ৰদান কৰিব। ইয়াৰ বাবে আপুনি আৰ্থিক পৰিচালনাৰ প্ৰতি কিছু গুৰুত্ব প্ৰদান কৰিব লাগিব। বৰ্ষটোৰ আৰম্ভণিতে মঙ্গল আৰু সূৰ্য্য দ্বিতীয় গৃহত স্থিত হোৱাৰ ফলত আৰ্থিক প্ৰত্যাহ্বান থাকিব কিন্তু আপুনি সেই প্ৰত্যাহ্বানবোৰ অতিক্ৰম কৰি লাহে-লাহে নিজৰ আৰ্থিক স্থিতি শক্তিশালী কৰিবলৈ সমৰ্থৱান হ’ব। বৃহস্পতি সপ্তম গৃহত স্থিত হৈ মে’ মাহৰপৰা আপোনাৰ একাদশ, প্ৰথম আৰু তৃতীয় গৃহত দৃষ্টি প্ৰদান কৰিব যাৰ ফলত আপোনাৰ প্ৰয়াস বৃদ্ধি হোৱাৰ লগতে আপোনাৰ আৰ্থিক স্থিতি ভাল কৰাৰ সুযোগ লাভ কৰিব।

বৃশ্চিক পাৰিবাৰিক ৰাশিফল 2024

বৃশ্চিক ৰাশিফল 2024 (Brishchik Rashifal 2024)অনুসৰি পাৰিবাৰিক দৃষ্টিকোণৰপৰা এই বৰ্ষটো মধ্যমীয়া হ’ব। যদিও শনি নিজৰ ৰাশি কুম্ভত স্থিত হৈ আপোনাৰ চতুৰ্থ গৃহত বিৰাজমান হ’ব কিন্তু ইয়াৰ ফলত আপুনি নিজৰ কামত ইমানেই ব্যস্ত হৈ পৰিব যে পৰিয়ালৰ বাবে আপোনাৰ ওচৰত সময় যথেষ্ট কম থাকিব। তৎস্বত্বেও আপুনি এটা কথাত সন্তুষ্ট হোৱা উচিত যেমিলা-মিছা থাকিব। পৰিয়ালৰ সদস্যসকলৰ মাজত সামঞ্জস্যতা দেখা যাব। শনি নিজৰ ৰাশিত স্থিত হোৱাৰ বাবে আপোনাৰ মাতৃৰ স্বাস্থ্যৰ সমস্যাসমূহ কিছু হ্ৰাস হ’ব আৰু যদিহে পূৰ্বৰেপৰাই কোনো শাৰীৰিক সমস্যাত ভূগি আছে তেনেহ’লে সেই সমস্যাবোৰোা দূৰ হ’ব আৰু তেওঁৰ উপশম পাবলৈ আৰম্ভ কৰিব। জানুৱাৰী মাহটো কিছু উদ্বেগজনক হ’ব পাৰে। আপুনি কোনো টান কথা কৈ আপোন মানুহৰ অন্তৰত আঘাত দিব পাৰে। এনে পৰিস্থিতি পৰিহাৰ কৰিবলৈ চেষ্টা কৰক। ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ ভিতৰত নিজৰ ভাতৃ-ভগ্নীসকলক সহায় কৰাৰ প্ৰয়োজন হ’ব পাৰে কিয়নো এইখিনি সময়ত তেওঁলোক কোনো সমস্যাৰদ্বাৰা ভাৰাক্ৰান্ত হৈ থাকিব পাৰে আৰু তেওঁলোক স্বাস্থ্যজনিত সমস্য়াৰো সম্মুখীন হ’ব পাৰে। মাৰ্চ আৰু আগষ্ট মাহত পিতৃৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে। সেয়েহে তেওঁৰ প্ৰতি মনোযোগ দিয়ক আৰু প্ৰয়োজন অনুসাৰে চিকিৎসকৰ ওচৰলৈ তেওঁক লৈ যাওক। আগষ্ট মাহৰ পিছত আপোনাৰ পাৰিবাৰি জীৱন আৰু অধিক মঙ্গলময় হৈ পৰিব আৰু আপুনি পৰিয়ালৰ লোকসকলৰ সৈতে নিজৰ জীৱনটো সুখে-শান্তিৰে অতিবাহিত কৰিব।

বৃহৎ কুণ্ডলী: জানক আপোনাৰ জীৱনত গ্ৰহসমূহৰ পৰিবহনৰ প্ৰভাৱ আৰু ইয়াৰ প্ৰতিকাৰ

বৃশ্চিক সন্তান ৰাশিফল 2024

আপোনাৰ সন্তানৰ দৃষ্টিকোণৰপৰা চাবলৈ গ’লেবৃশ্চিক ৰাশিফল 2024 (Brishchik Rashifal 2024) অনুসৰি এই বৰ্ষত সন্তানৰ মাজত ভিন্ন প্ৰকাৰৰ পৰিৱৰ্তন দেখিবলৈ পাব। পঞ্চম গৃহটো ৰাহুৱে সম্পূৰ্ণৰূপে দখল কৰি লোৱাৰ ফলতআপোনাৰ সন্তান কিছু মেজাজী হৈ পৰিব পাৰে আৰু তেওঁলোকে নিজৰ ইচ্ছা অনুসাৰে কাম কৰাটো পছন্দ কৰিব পাৰে। আপুনি তেওঁক বা তেওঁলোকক সঠিক পথলৈ আনিবলৈ যথেষ্ট চেষ্টা কৰিব লাগিব। পঢ়-শুনাৰ পৰা তেওঁলোকৰ ধ্যান ভংগ হ’ব পাৰে।বাৰে বাৰে তেওঁৰ মন আন কথাত সোমাই পৰিব পাৰে। সেয়েহে তেওঁক সঠিক পথ প্ৰদৰ্শন কৰাৰ আৱশ্যকতা হ’ব। তেওঁৰ লগ-সংগ যাতে ভাল হয় তাৰ প্ৰতি আপোনালোকে চকু দিয়া উচিত। কিয়নো এইখিনি সময়ত তেওঁলোক বেয়া সংগৰ প্ৰতি আকৰ্ষিত হ’ব পাৰে আৰু তাৰ ফলত কোনো সমস্যাত পৰিব পাৰে। আপুনি কোনো ভাল শিক্ষকৰ সহায় লোৱা উচিত যি আপোনাৰ সন্তানক এই পৰিস্থিতিৰপৰা আতৰাই আনিব পাৰে। অৱশ্যে যদিহে আপোনাৰ সন্তান ওপৰৰ শ্ৰেণীত পঢ়ে তেনেহ’লে তেওঁ ইনফৰমেশ্যম টেকন’লজী আৰু কম্পিউটাৰ বিষয়ত তেওঁৰ জ্ঞান অধিক বিকশিত হ’ব আৰু তেওঁ এনে বিষয়কেই নিজৰ কেৰিয়াৰ গঢ় দিব পাৰে। যদিহে তেওঁ কোনো চাকৰি কৰি আছে তেনেক্ষেত্ৰত এই বৰ্ষত তেওঁলোকে উত্তম সফলতা লাভ কৰিব আৰু জীৱনতো উন্নতি প্ৰাপ্ত কৰিব।

বৃশ্চিক বিবাহ ৰাশিফল 2024

বৃশ্চিক ৰাশিফল 2024 (Brishchik Rashifal 2024)অনুসৰি এই বৰ্ষটো বিবাহিত জাতকসকলৰ বাবে উত্থান-পতনেৰে ভৰা হ’ব। বৰ্ষটোৰ আৰম্ভণি ভালেই হ’ব কিয়নো শুক্ৰ আৰু বুধ আপোনাৰ প্ৰথম গৃহত স্থিত হৈ আপোনাৰ সপ্তম গৃহত দৃষ্টি প্ৰদান কৰিব যাৰ ফলত আপুনি আৰু আপোনাৰ জীৱনসঙ্গীৰ মাজৰ চাপ হ্ৰাস পাব। পৰস্পৰৰ প্ৰতি প্ৰেম-ভালপোৱা আৰু ৰোমাঞ্চ বৃদ্ধি হ’ব। আপুনি নিজৰ সম্পৰ্কটো সম্পূৰ্ণৰূপে উপভোগ কৰিব কিন্তু মঙ্গল আৰু সূৰ্য্য বৰ্ষৰ আৰম্ভণিতে আপোনাৰ দ্বিতীয় গৃহত স্থিত হ’ব যাৰ ফলত আপোনাৰ ব্যৱহাৰত কঠোৰতা ফুটি উঠিব পাৰে আৰু আপোনাৰ কথা-বতৰা খিংখিঙীয়া হৈ পৰিব পাৰে। ইয়াৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটো যথেষ্ট প্ৰয়োজনীয় অন্যথা সম্পৰ্ক বেয়া হ’ব পাৰে। ইয়াৰ পিছত লাহে-লাহে আপুনি নিজৰ কামত অধিক ব্যস্ত হৈ পৰিব। নিজৰ পৰিয়াল আৰু জীৱনসঙ্গীক সময় দিবলৈ পাহৰি নাযাব কাৰণ ই যথেষ্ট প্ৰয়োজনীয় কথা।মাৰ্চৰপৰা এপ্ৰিলৰ ভিতৰত আপোনালোকৰ সম্পৰ্কত পাৰিবাৰিক চাপে প্ৰভাৱ পেলাব পাৰে। আপুনি মে’ তথা জুলাইৰপৰা অক্টোবৰৰ ভিতৰত নিজৰ জীৱনসঙ্গীৰ স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব কিয়নো এইখিনি সময়ত তেওঁ বেমাৰ-আজাৰত পৰাৰ আশংকা আছে। তেওঁৰ ব্যৱহাৰত কিছু উগ্ৰতা আৰু বিৰক্তি ভাৱ বৃদ্ধি পাব পাৰে। সেয়েহে তেওঁৰ প্ৰতি যত্ন লওক। তেওঁৰ সৈতে মৰম-ভালপোৱাৰে কথা হওক আৰু নিজৰ দাম্পত্য জীৱনক সুখময় দাম্পত্য জীৱন কৰি তুলিবৰ বাবে প্ৰয়াস কৰক। বৈবাহিক জীৱনত পৰিৱৰ্তন অনাৰ প্ৰয়াস কৰক। ইয়াৰ ফলত দুয়ো যথেষ্ট সন্তুষ্ট হোৱা দেখা যাব।

যদিহে আপুনি অবিবাহিত তেনেহ’লে এই বৰ্ষত দ্বিতীয়াৰ্দ্ধ আপোনাৰ বাবে অনুকূল হ’ব। বৰ্ষটোৰ আৰম্ভণিতে পঞ্চম গৃহত স্থিত ৰাহুৱে আপোনাৰ মনত প্ৰেমৰ অনুভূতি বৃদ্ধি কৰিব যি আপোনাক প্ৰেম বিবাহৰ বাবে অনুপ্ৰাণিত কৰিব। কিন্তু বিবাহৰ বাবে উপযুক্ত সময় তেতিয়াহে আহিব যেতিয়া দেৱ গুৰু বৃহস্পচিৰ পৰিবহন আপোনাৰ সপ্তম গৃহত 1 মে’ত হ’ব। তেতিয়াৰপৰা বৰ্ষটোৰ শেষলৈকে আপোনাৰ বিবাহৰ সুন্দৰ যোগ নিৰ্মাণ হ’ব। আপুনি মন পছন্দৰ প্ৰাৰ্থী বিচাৰি পাব পাৰে। যদিহে আপুনি কোনো ধৰণৰ প্ৰেমৰ সম্পৰ্কত নাই তেতিয়াও এই বৰ্ষৰ দ্বিতায়াৰ্দ্ধত আৰু বিশেষকৈ বৰ্ষটোৰ অন্তিম তিনিমাহত কোনো ভাল পৰিয়ালৰ প্ৰাৰ্থীৰ সৈতে আপোনাৰ বিবাহ হোৱাৰ যোগ আছে।

বৃশ্চিক ব্যৱসায় ৰাশিফল 2024

বৃশ্চিক ব্যৱসায় ৰাশিফল 2024 অনুসৰি ব্যৱসায়িক দৃষ্টিকোণৰপৰা বৰ্ষটোৰ আৰম্ভণি উত্তম হ’ব। আপুনি আনন্দ মনেৰে নিজৰ ব্যৱসায় আগবঢ়াই নিবলৈ প্ৰয়াস কৰা দেখা যাব। চতুৰ্থ গৃহত স্থিত শনিয়ে আপোনাক পৰিয়ালৰপৰা দূৰলৈ গৈ ব্যৱসায় কৰিবৰ বাবে প্ৰেৰিত কৰিব আৰু এইক্ষেত্ৰত আপুনি সফলতা লাভ কৰিব। কনষ্ট্ৰাকশ্য়নৰ কাম কৰা জাতকসকলে অত্যন্ত লাভ প্ৰাপ্ত কৰাৰ যোগ আছে। ইয়াৰ উপৰিও ইনফৰমেশ্যন টেকন’লজীৰ সৈতে জড়িত লোকসকল আৰু শিক্ষা জগতৰ সৈতে জড়িত লোকসকল বিশেষভাৱে লাভাম্বিত হ’ব।বৃশ্চিক ৰাশিফল 2024 (Brishchik Rashifal 2024)অনুসৰি, মাৰ্চৰপৰা মে’ৰ ভিতৰৰ সময়খিনি কিছু চাপপূৰ্ণ হ’ব পাৰে। এইখিনি সময়ত ব্যয় বৃদ্ধি হোৱাটো ব্যৱসায়ৰ বাবে অনুকূল নহ’ব। আপুনি নিজৰ কৰ্মচাৰীসকলৰ স্বাস্থ্যৰ প্ৰতিও মনোযোগ প্ৰদান কৰিব লাগিব। মে’ৰ পিছত ব্যৱসায়ত আশা কৰাতকৈও অধিক সফলতা লাভ কৰাৰ যোগ আছে। এই সময়ছোৱাত আপোনাৰ ব্যৱসায় বিস্তৃত হোৱাৰো সম্ভাৱনা আছে অথবা যদিহে ব্যৱসায়ক কোনো নতুন দিশত আগবঢ়াব বিচাৰে অথবা কোনো নতুন কাম আৰম্ভ কৰিব বিচাৰে তেনেহ’লে তাৰ বাবে মে’ৰ পিছত আপুনি এনে পদক্ষেপ গ্ৰহণ কৰিলে আপুনি উত্তম সফলতা লাভ কৰিব পাৰিব। আপোনাৰ ব্যৱসায়িক মহত্বাকাংক্ষাসমূহ এই বৰ্ষত যথেষ্ট ভালদৰে পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে যাৰ ফলত আপোনাৰ আত্মসন্মান বৃদ্ধি হোৱা দেখা যাব আৰু তাৰ ইতিবাচক প্ৰভাৱে আপোনাৰ ব্যৱসায়ত উন্নতি প্ৰদান কৰিব।

বৃশ্চিক সম্পত্তি আৰু বাহনৰ ৰাশিফল 2024

বৃশ্চিক সম্পত্তি আৰু বাহনৰ ৰাশিফল 2024 অনুসৰি, এই বৰ্ষটো সম্পত্তি আৰু বাহনৰ ক্ষেত্ৰত ভাল হোৱাৰ সম্ভাৱনা আছে। চতুৰ্থ গৃহৰ অধিপতি শনি গোটেই বৰ্ষ জুৰি আপোনাৰ চতুৰ্থ গৃহত স্থিত হৈ আপোনাক উত্তম স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি প্ৰদান কৰিব।বৃশ্চিক ৰাশিফল 2024 (Brishchik Rashifal 2024) অনুসৰি, যদিহে আপুনি কোনো পুৰণা ঘৰত বাস কৰে আৰু তাত কোনো পৰিৱৰ্তন কৰিব বিচাৰে তেনেহ’লে এই বৰ্ষত এনে কাৰ্য্য কৰাত আপুনি সফলতা লাভ কৰিব। ঘৰৰ সাজ-সজ্জা কৰোৱা, তাৰ কোনো পৰিৱৰ্তন কৰা অথবা সেই ঘৰ ভাঙি পুণৰ্নিৰ্মাণ কৰা আদি কাৰ্য্যত আপুনি সফলতা লাভ কৰিব আৰু সকলো সুবিধা আপোনাৰ বাবে উপলব্ধ হ’ব।

যদিহে আপুনি বেংকৰপৰা ঋণ লৈ কোনো সম্পত্তি কৰ্য় কৰিব বিচাৰে অথবা নিজৰ ঘৰ ক্ৰয় কৰিব বিচাৰে তেনেহ’লে তাৰ বাবে1 জুনৰপৰা 12 জুলাইৰ ভিতৰৰ সময়খিনি উপযুক্ত হ’ব। এইখিনি সময়ত বেংকৰপৰা ঋণ লাভ কৰাৰো যোগ আছে। আপুনি খালী মাটিতো নিৰ্মাণ কাৰ্য্য কৰিব পাৰে। অৱশ্যে এটা কথাৰ প্ৰতি মনোযোগ ৰাখক যে 15 মাৰ্চৰপৰা 23 এপ্ৰিলৰ ভিতৰত কোনো ধৰণৰ সম্পত্তিত হাত নিদিব কাৰণ এনে কৰাৰ ফলত আপুনি কোনো আইনী মেৰ-পেচত সোমাই পৰিব পাৰে কিয়নো সেই সম্পত্তিত কোনো আইনী সমস্যা থাকিব পাৰে। ইয়াৰ বাহিৰেও আপুনি যদিহে কোনো নতুন বাহন ক্ৰয় কৰিব বিচাৰে তেনেহ’লে তাৰ বাবে সকলোতকৈ ভাল সময় হ’ব 7 মাৰ্চৰপৰা 31 মাৰ্চৰ ভিতৰৰ সময়খিনি। ইয়াৰ পিছত 31 জুলাইৰপৰা 25 আগষ্ট আৰু তাৰপিছত 18 ছেপ্তেম্বৰৰপৰা 13 অক্টোবৰৰ ভিতৰত তথা 28 ডিচেম্বৰৰ পিছৰ সময়খিনি আপোনাৰ বাবে বাহন ক্ৰয় কৰাৰ ক্ষেত্ৰত অনুকূল হ’ব।

সকলো প্ৰকাৰৰ জ্যোতিষীয় সমাধানৰ বাবে দৰ্শন কৰক: এষ্ট্ৰোচেজ অনলাইন শ্বপিং ষ্টোৰ

বৃশ্চিক ধন আৰু লাভ ৰাশিফল 2024

বৃশ্চিক ৰাশিফল 2024 (Brishchik Rashifal 2024)অনুসৰি, বৃশ্চিক ৰাশিৰ জাতকসকলে এই বৰ্ষত আৰ্থিক দিশত উন্নতি লাভ কৰাৰ বহুতো সুযোগ প্ৰাপ্ত কৰিব। ৰাহু আৰু কেতু ক্ৰমশঃ আপোনাৰ পঞ্চম আৰু একাদশ গৃহত গোটেই বৰ্ষ জুৰি বিৰাজমান হ’ব। ইয়াৰ ফলত সময়ে সময়ে আৰ্থিক লাভ প্ৰাপ্ত কৰাৰ প্ৰৱল যোগ সৃষ্টি হ’ব। বৰ্ষটোৰ আৰম্ভণিতে মঙ্গল আৰু সূৰ্য্যও আপোনাৰ দ্বিতীয় গৃহত স্থিত হৈ আৰ্থিক লাভৰ যোগ সৃষ্টি কৰিব আৰু শনি চতুৰ্থ গৃহত স্থিত হৈ আপোনাৰ স্থাৱৰ তথা অস্থাৱৰ সম্পত্তি প্ৰাপ্ত কৰাত সহায় কৰিব। ধন লাভৰ বাবে আপুনি নিজৰ কোনো সম্পত্তিও ক্ৰয় কৰিব পাৰে যাৰ ফলস্বৰূপে আপুনি বিশেষভাৱে মাৰ্চ, আগষ্ট আৰু নৱেম্বৰ মাহত সফলতা লাভ কৰাৰ লগতে ধন প্ৰাপ্ত কৰাৰ সম্ভাৱনা আছে। আপুনি এই বৰ্ষত কোনো অব্যৱস্থিত বা অনিয়োজিত ধৰণেও ধন লাভ কৰিব পাৰে।লটাৰী চিট্ ফাণ্ড, শ্যেয়াৰ বজাৰ, আদিত ধন বিনিয়োগ কৰাৰ সপোন এই বৰ্ষত পূৰণ হ’ব পাৰে। ভাল পৰামৰ্শদাতাৰপৰা পৰামৰ্শ লৈ এই ক্ষেত্ৰত আগবাঢ়িলে আপুনি উপকৃত হ’ব পাৰিব।

বৃশ্চিক ৰাশিফল 2024 (Brishchik Rashifal 2024) অনুসৰি জানুৱাৰীৰপৰা মে’ মাহৰ ভিতৰত আপুনি ব্যয় বৃদ্ধি হৈ গৈ থাকিব যি ভাল কামৰ বাবেও হ’ব পাৰে, কিন্তু ই আপোনাৰ আৰ্থিক স্থিতিত প্ৰভাৱ পেলাব। ইয়াৰ পিছত বৃহস্পতি সপ্তম গৃহলৈ গৈ আপোনাৰ একাদশ গৃহক উন্নত কৰি তুলিব আৰু আপোনাৰ আৰ্থিক স্থিতি শক্তিশালী কৰিব। জুনৰপৰা জুলাই আৰু তাৰপিছত আগষ্টৰপৰা অক্টোবৰৰ ভিতৰৰ সময়খিনি আৰ্থিক দিশৰপৰা অধিক দুৰ্বল হ’ব পাৰে। এইখিনি সময়ত ক’তোৱেই ধন বিনিয়োগ নকৰিব কিয়নো ধন হানি হোৱাৰ প্ৰৱল যোগ আছে। ইয়াৰ পিছত আপুনি আৰ্থিক দিশত উত্তম ফল প্ৰাপ্ত কৰাৰ যোগ আছে আৰু আপুনি চাকৰি অথবা ব্যৱসায়তো ধন উপাৰ্জন কৰাত সফলতা লাভ কৰিব। জানুৱাৰী, এপ্ৰিল, আগষ্ট তথা ছেপ্তেম্বৰ মাহত চৰকাৰী ক্ষেত্ৰত লাভ প্ৰাপ্ত কৰাৰ সম্ভাৱনা আছে।

বৃশ্চিক স্বাস্থ্য ৰাশিফল 2024

বৃশ্চিক স্বাস্থ্য ৰাশিফল 2024 অনুসৰি আপুনি এই বৰ্ষৰ আৰম্ভণিতে নিজৰ স্বাস্থ্যৰ প্ৰতি যথেষ্ট মনোযোগ প্ৰদান কৰিব লাগিব কিয়নো আপোনাৰ ষষ্ঠ গৃহত দেৱ গুৰু বৃহস্পতি বিৰাজমান হ’ব আৰু শনিৰ দৃষ্টি তেওঁৰ ওপৰত থাকিব। ইয়াৰ ফলস্বৰূপে আপুনি পাচন তন্ত্ৰ বা পাকস্থলীৰ লগত জড়িত সমস্যাৰ ভূগিব পাৰে।বৃশ্চিক ৰাশিফল 2024 (Brishchik Rashifal 2024)অনুসৰি, পঞ্চম গৃহত মীন ৰাশিত ৰাহুৰ উপস্থিতিয়ে পানীৰ সৈতে জড়িত কোনো সংক্ৰমণ প্ৰদান কৰিব পাৰে যি আপোনাৰ পাকস্থলীত প্ৰভাৱ পেলাব আৰু ইয়াৰ ফলত আপুনি পেটৰ সমস্যাত ভূগিব পাৰে।

5 ফেব্ৰুৱাৰীৰপৰা 15 মাৰ্চৰ ভিতৰত মঙ্গলে আপোনাৰ তৃতীয় গৃহৰ পৰা ষষ্ঠ গৃহত দৃষ্টি পেলোৱাৰ ফলত ৰোগ হ্ৰাস পাব কিন্তু 1 জুনৰপৰা 12 জুলাইৰ ভিতৰত মঙ্গল ষষ্ঠ গৃহত স্থিত হ’ব আৰু তাৰপিছত 26 আগষ্টৰপৰা 20 অক্টোবৰৰ ভিতৰত মঙ্গলৰ পৰিবহন আপোনাৰ অষ্টম গৃহত হ’ব। মঙ্গলে আপোনাক প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰাতো সহায় কৰিব, কিন্তু লগতে কিছু শাৰীৰিক সমস্যা প্ৰদান কৰিবও পাৰে। আপুনি ৰক্ত সম্বন্ধীয় অশুদ্ধি, ৰক্তচাপ বিশেষকৈ উচ্চ ৰক্তচাপ আদিৰ সমস্যাত ভূগিব পাৰে। সেয়েহে নিজৰ স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখক।

2024 বৰ্ষত বৃশ্চিক ৰাশিৰ বাবে শুভ সংখ্যা

মেষ ৰাশিৰ স্বামী গ্ৰহ হৈছে মঙ্গল আৰু মেষ ৰাশিৰ জাতকসকলৰ বাবে ভাগ্যশালী সংখ্যা হৈছে 6 আৰু 9।জ্যোতিষ অনুসৰিবৃশ্চিক ৰাশিফল 2024 (Brishchik Rashifal 2024) য়ে প্ৰকাশ কৰে যে, বৰ্ষ 2024 ৰ কূল যোগ হৈছে 8। এই বৰ্ষটো বৃশ্চিক ৰাশিৰ জাতকসকলৰ বাবে মিশ্ৰিত পৰিণামদায়ক বৰ্ষ হিচাপে প্ৰমাণিত হ’ব। এই বৰ্ষটোত আৰ্থিক উন্নতি ভাল হ’ব আৰু কেৰিয়াৰতো প্ৰায় স্থিৰতা আহিব আৰু লগতে কেৰিয়াৰ মজবুত হ’ব। কিন্তু আপুনি শাৰীৰিক আৰু মানসিক দিশত নিজকে সুদৃঢ় কৰি তুলিব লাগিব কিয়নো আপুনি বহুতো সমস্যাৰ সম্মুখীন হ’বলগীয়া হ’ব পাৰে।

বৃশ্চিক ৰাশিফল 2024: জ্যোতিষীয় প্ৰতিকাৰ

আশা ৰাখিছোঁ যে আমাৰ প্ৰৱন্ধটো আপুনি নিশ্চয় ভাল পাইছে। এষ্ট্ৰোচেজৰ এক গুৰুত্বপূৰ্ণ অংশ হোৱাৰ বাবে ধন্যবাদ। অধিক মনোগ্ৰাহী প্ৰৱন্ধৰ বাবে আমাৰ সৈতে সংযুক্ত হৈ থাকক।

Talk to Astrologer Chat with Astrologer