পৃথিৱীৰ বহুতো জনপ্ৰিয় টেৰ’ ৰীডাৰ আৰু জ্যোতিষীসকলে বিশ্বাস কৰে যে টেৰ’ই কেৱল ব্যক্তিৰ জীৱনৰ ভৱিষ্যতবাণী কৰাই নহয় লগতে মানুহক পথ প্ৰদৰ্শনো কৰে। কোৱা হয় যে টেৰ’ কাৰ্ড নিজৰ প্ৰতিপালন কৰাৰ আৰু নিজৰ বিষয়ে জনাৰ এক মাধ্য়ম।
টেৰ’ই এই কথাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে যে আপুনি ক’ত আছিল, এতিয়া আপুনি ক’ত আছে আৰু কি স্থিতিত আছে আৰু আগন্তুক ভৱিষ্যতত আপোনাৰ সৈতে কি হ’ব পাৰে। ই আপোনাক শক্তিৰে পৰিপূৰ্ণ পৰিৱেশত প্ৰৱেশ কৰাৰ সুযোগ প্ৰদান কৰে আৰু নিজৰ ভৱিষ্যতৰ বাবে সঠিক বিকল্প বাছনি কৰাত সহায় কৰে। যিদৰে এক ভৰসাজনক পৰামৰ্শদাতাই আপোনাক নিজৰ ভিতৰলৈ জুমি চাবলৈ শিকায় সেইদৰে টেৰ’ইও আপোনাক নিজৰ আত্মাৰ সৈতে কথা পতাৰ সুযোগ দিয়ে।
আপোনাৰ এনে লাগিব পাৰে যে জীৱনৰ পথত আপুনি বিভ্ৰান্ত হৈ পৰিছে আৰু আপোনাক দিগদৰ্শন বা সহায়ৰ প্ৰয়োজন আছে। পূৰ্বতে আপুনি টেৰ’ক উপলুঙা কৰিছিল কিন্তু এতিয়া আপুনি ইয়াৰ সঠিকতাৰদ্বাৰা প্ৰভাৱিত হৈ পৰিছে অথবা আপুনি এগৰাকী জ্যোতিষী যাক মাৰ্গদৰ্শন বা দিগদৰ্শনৰ প্ৰয়োজন আছে। অথবা আপুনি নিজৰ সময় কটাবৰ বাবে কোনো নতুন চখৰ সন্ধানত আছে। এই কাৰণসমূহৰ বাবে বা অন্য কোনো কাৰণবশতঃ টেৰ’ৰ প্ৰতি মানুহৰ আগ্ৰহ যথেষ্ট বাঢ়ি গৈছে। টেৰ’ ডেকৰ78 খন কাৰ্ডৰ সহায়ত ভৱিষ্যতৰ বিষয়ে জানিব পৰা যায়। এই কাৰ্ডসমূহৰ সহায়ত আপুনি নিজৰ জীৱনৰ মাৰ্গদৰ্শন লাভ কৰিব পাৰে।
টেৰ’ৰ উৎপত্তি 15শ শতাব্দীত ইটালীত হৈছিল। আৰম্ভণিতে টেৰ’ক কেৱল মনোৰঞ্জন হিচাপে গণ্য কৰা হৈছিল আৰু ইয়াত আধ্যাত্মিক মাৰ্গদৰ্শনৰ গুৰুত্ব কম আছিল। অৱশ্যে, টেৰ’ কাৰ্ডৰ বাস্তৱিক ব্যৱহাৰ 16শ শতাব্দীত ইউৰোপত কোনো কোনো লোকৰদ্বাৰা কৰা হৈছিল যেতিয়া তেওঁলোকে জানিব পাৰিছিল যে কেনেদৰে 78খন কাৰ্ডৰ সহায়ত ভৱিষ্যতৰ বিষয়ে জানিব পৰা যায়, সেই সময়ৰপৰাই ইয়াৰ মহত্ব যথেষ্ট বৃদ্ধি পাইছিল।
টেৰ’ হৈছে এনে এক মাধ্যম যাৰ সহায়ত মানসিক আৰু আধ্যাত্মিক বিকাশ প্ৰাপ্ত কৰিব পাৰ যায়। আপুনি কোনো স্তৰত আধ্যাত্মিকতাৰ সৈতে, অলপমান নিজৰ অন্তৰাত্মাৰ সৈতে আৰু অলপমান নিজৰ অন্তৰ্জ্ঞান আৰু আত্ম-সংশোধন আনিবৰ বাবে আৰু বাহিৰৰ পৃথিৱীৰ সৈতে জড়িত হ’ব।
তেনেহ’লে আহক এই সপ্তাহৰ সাপ্তাহিক ৰাশিফল আৰম্ভ কৰোঁ আৰু 22ফেব্ৰুৱাৰীৰপৰা 01 মাৰ্চ, 2025পৰ্য্যন্ত এই সপ্তাহটোৱে ৰাশি চক্ৰৰ 12 টা ৰাশিৰ বাবে কেনে ধৰণৰ ফলাফল লৈ আহিব সেই বিষয়ে অৱগত হওঁ।
এয়াও পঢ়ক: ৰাশিফল 2025
পৃথিৱীৰ বিদ্বান টেৰ’ ৰীডাৰসকলৰ সৈতে কল/চাট্-ত কথা পাতক আৰু জানক কেৰিয়াৰ সম্পৰ্কীয় সকলোবোৰ তথ্য
প্ৰেম জীৱন: টেন অৱ কপচ্
আৰ্থিক জীৱন: কিং অৱ ৱেণ্ডচ্
কেৰিয়াৰ: নাইট অৱ পেণ্টাকলচ্
স্বাস্থ্য: চিক্স অৱ পেণ্টাকলচ্
মেষ ৰাশিৰ জাতকসকলে টেৰ’ ৰাশিফলত টেন অৱ কপচ্ কাৰ্ড প্ৰাপ্ত কৰিছে। যদিহে আপুনি বিবাহিত তেনেহ’লে এই কাৰ্ডখনে বিবাহ আৰু সম্পৰ্কৰ প্ৰতিশ্ৰুতিৱদ্ধতাক লৈ এক ভাল সংকেত প্ৰদান কৰে। এই সময়খিনিত আপোনাৰ সম্পৰ্কত সকলোবোৰ ভালে চলিব। এই কাৰ্ডখনে শান্তিপূৰ্ণ আৰু সুখী সম্পৰ্কক দৰ্শায়।
কিং অৱ ৱেণ্ডচ্ কাৰ্ডখনে কয় যে আপুনি টকা পইচা ভালদৰে চম্ভালিবলৈ সক্ষম হ’ব। এই সময়খিনিত আপোনাৰ আৰ্থিক স্থিতি স্থিৰ হ’ব পাৰে কাৰণ আপুনি ধনৰ সঞ্চয় কৰাৰ লগতে ধন খৰচ কৰিবলৈও প্ৰস্তুত হৈ থাকিব। এই সন্তুলনৰ ফলস্বৰূপে আপুনি নিজৰ উপাৰ্জন বচাবলৈ সক্ষম হ’ব। আপুনি এই নিয়মৰ পালন কৰি থকা উচিত। ধন সঞ্চয় কৰাটো পৰিপক্কতা কিন্তু আপুনি বিশেষকৈ আনৰ বাবে ধন ব্যয় কৰি তেওঁৰ প্ৰতি কৃতজ্ঞতা ব্যক্ত কৰিব পাৰিব।
নাইট অৱ পেণ্টাকলচ্ কাৰ্ডখনে উচ্চাকাংক্ষা, কিবা কৰাৰ প্ৰতি মনোযোগক সূচিত কৰে। আপোনাৰৰ লক্ষ্য বহু দূৰত থাকিব পাৰে কিন্তু আপুনি সেই লক্ষ্য প্ৰাপ্ত কৰিবৰ বাবে সম্পূৰ্ণৰূপে সমৰ্পিত হৈ থাকিব। এই সময়খিনিত আপুনি কঠোৰ পৰিশ্ৰম কৰিবৰ বাবে সম্পূৰ্ণৰূপে প্ৰস্তুত কাৰণ আপুনি যি বিচাৰে সেয়া প্ৰাপ্ত কৰিবৰ বাবে আপুনি যিকোনো সীমালৈ যাব পাৰে। লাহে-ধীৰে কাম কৰক আৰু বিশ্বাস ৰাখক যে কঠোৰ পৰিশ্ৰমৰ ফল আপুনি নিশ্চয় লাভ কৰিব। যদিহে আপুনি চাকৰি বিচাৰি আছে তেনেহ’লে আপুনি নিজৰ হ’বলগীয়া মূৰব্বীক দেখুৱাব লাগিব যে আপুনি কিমান আস্থাভাজন আৰু দায়ৱদ্ধ.
স্বাস্থ্যৰ ক্ষেত্ৰত চিক্স অৱ পেণ্টাকলচ্ কাৰ্ডখনে স্বাস্থ্যৰ সম্পূৰ্ণ শুধৰণিৰ সংকেত দিয়ে। এই কাৰ্ডখনে কয় যে আপুনি যি বেমাৰ বা স্বাস্থ্যজনিত সমস্যাৰ সৈতে যুঁজি আছে সেয়া অতিক্ৰম কৰিবৰ বাবে আপুনি আনৰপৰা সহায় আৰু সহযোগিতা ল’ব লাগিব। আপুনি কোনো মেডিকেল প্ৰফেশ্য়নেলৰ সহায় ল’ব পাৰে।
শুভ সংখ্যা: 10
প্ৰেম জীৱন: ফাইৱ অৱ ৱেণ্ডচ্
আৰ্থিক জীৱন: দ্য টাৱাৰ (ৰিভাৰ্চড্)
কেৰিয়াৰ: দ্য ষ্টাৰ
স্বাস্থ্য: এচ অৱ পেণ্টাকলচ্
প্ৰেম জীৱনত বৃষ ৰাশি ৰ জাতকসকলে লাভ কৰিছে ফাইৱ অৱ ৱেণ্ডচ্ কাৰ্ডখন যি বিবাদ, যুক্তি-তৰ্ক আৰু মতভেদ আদিৰ দিশে ইংগিত দিয়ে। এই কাৰ্ডখনে কয় যে আপোনাৰ আৰু সঙ্গীৰ মাজৰ সৰু সুৰা কথাই কাজিয়াৰ ৰূপ ল’ব পাৰে যাৰ কাৰণে কোনো কথাক লৈ অসহমতি হোৱাৰ আশংকা কৰা হৈছে। লগতে, মনত হেঁচা খাই থকা চিন্তাৰ ফলশ্ৰুতিত মতভেদ হ’ব পাৰে।
আৰ্থিক জীৱনত দ্য টাৱাৰ (ৰিভাৰ্চড্) কাৰ্ডখনে কয় যে এই ৰাশিৰ জাতকসকলে নিজকে আৰ্থিক সমস্যাৰপৰা উলিয়াই আনিবলৈ সক্ষম হ’ব আৰু যদিহে আপুনি এনে কৰাত সফল হয় তেনেহ’লে আপুনি নিজকে কিছু আৰাম দিব লাগিব। অৱশ্যে, এই কাৰ্ডখনে এয়াও কয় যে যদিহে আপুনি জীৱনত আগবাঢ়িব বিচাৰে তেনেহ’লে আপুনি জীৱনৰ নেতিবাচক স্থিতিসমূহ স্বীকাৰ কৰিব লাগিব যেনে যদিহে আপুনি অলপতে কঙাল হোৱাৰপৰা ৰক্ষা পৰিছে তেনেহ’লে আপুনি এই পৰিস্থিতিক স্বীকাৰ কৰি লোৱাটো ফলদায়ক প্ৰমাণিত হ’ব।
কেৰিয়াৰৰ ক্ষেত্ৰত ক’ব পাৰি যে, বৃষ ৰাশিৰ জাতকসকলৰ সম্পূৰ্ণ বিশ্বাস থাকিব যে তেওঁলোকৰ সকলোবোৰ লক্ষ্য পূৰণ হ’ব। আপোনাৰ ইতিবাচকতা মানুহৰ দৃষ্টিগোচৰ হ’ব আৰু এনে পৰিস্থিতিত আপুনি সেই সুযোগবোৰ লাব কৰিব যিবোৰৰ বাবে আপুনি আশা কৰি আছিল। লগতে, যদিহে আপুনি নতুন পদ বা চাকৰিত প্ৰমোশ্যনৰ বাবে আশা কৰি আছে তেনেহ’লে এই কাৰ্ডখনে আশা ধৰি ৰখাক প্ৰতিনিধিত্ব কৰে। ইয়াৰ উপৰিও যিসকল জাতকে যোৱা কিছু সময়ত প্ৰত্যাহ্বান বা সমস্যাৰ সম্মুখীন হৈ আছিল তেওঁলোকৰ জীৱনলৈ শীঘ্ৰেই শান্তি ঘূৰি আহিব।
স্বাস্থ্যৰ ক্ষেত্ৰত ক’ব পৰা যায় যে এচ অৱ পেণ্টাকলচ্ কাৰ্ডখনে এক নতুন আৰম্ভণি আৰু স্বাস্থ্যৰ হ’বলগীয়া শুধৰণিক প্ৰতিনিধিত্ব কৰে। এই কাৰ্ডখনে কয় যে আপুনি নিজৰ স্বাস্থ্যৰ লেকাম নিজৰ হাতত ৰখা উচিত আৰু উত্তম স্বাস্থ্যৰ বাবে জীৱনশৈলীত প্ৰয়োজনীয় পৰিৱৰ্তন কৰা উচিত।
শুভ সংখ্যা: 33
বৃহৎ কুণ্ডলী ত নিহিত হৈ আছে, আপোনাৰ জীৱনৰ সকলো গোপন ৰহস্য, জানক গ্ৰহসমূহৰ গতি-বিধিৰ সম্পূৰ্ণ লেখ-জোখ
প্ৰেম জীৱন: কুইন অৱ স্ৱৰডচ্
আৰ্থিক জীৱন: দ্য ডেভিল
কেৰিয়াৰ: দ্য এম্পেৰৰ
স্বাস্থ্য: দ্য ৱৰ্ল্ড
মিথুন ৰাশি ৰজাতকসকলে প্ৰেম জীৱনতকুইন অৱ স্ৱৰডচ্ কাৰ্ড প্ৰাপ্ত কৰিছে যি প্ৰকাশ কৰে যে যদিহে আপুনি কোনো ব্যক্তিৰ মন জয় কৰিব বিচাৰে তেনেহ’লে আপুনি ধৈৰ্য্য ধৰিব লাগিব। এয়া এনে এক সময় যি সূচিত কৰে যে আপুনি জীৱনত প্ৰেমৰ বাহিৰেও স্ৱতন্ত্ৰতা আৰু আত্মনিৰ্ভৰশীলতাৰ সন্ধান কৰি আছে। যদিহে আপুনি সম্পৰ্কত কিছু স্পষ্টতা আৰু কিছুমান লাভ স্থাপিত কৰিবৰ বাবে ইচ্ছুক তেনেহ’লে আপুনি জীৱনলৈ কিছুমান জৰুৰী পৰিৱৰ্তন আনিব লাগিব।
আৰ্থিক জীৱনৰ ক্ষেত্ৰত দ্য ডেভিল কাৰ্ডখনে ভৱিষ্যতবাণী কৰে যে এই জাতকসকলে নিজৰ সৰু সুৰা ইচ্ছাবোৰ পূৰণ কৰিবৰ বাবে বা অযথা বস্তু ক্ৰয় কৰিবৰ বাবে নভবা-নিচিন্তাকৈ ধন কৰিব পাৰে। কেৱল এয়াই নহয়, এই ৰাশিৰ জাতকসকলে নিচা, মদ আদিৰ দৰে বদঅভ্যাসৰ বাবে ধন ব্যয় কৰিব পাৰে। এনে পৰিস্থিতিত এই কাৰ্ডখনে আপোনাক সাৱধান কৰি দিছে যে যদিহে আপুনি সময় থাকোঁতেই নিজৰ অভ্যাসবোৰ সলনি নকৰে তেনেহ’লে আপোনাৰ আৰ্থিক স্থিতিৰ ওপৰত ইয়াৰ নেতিবাচক প্ৰভাৱ পৰিব।
আপোনাৰ সফল কেৰিয়াৰৰ পিছত আপোনাৰ কঠোৰ পৰিশ্ৰম, দৃঢ়তা, আৰু একাগ্ৰতা থাকিব। অৱশ্যে চাকৰি বিচাৰোঁতে বা কেৰিয়াৰত নিজৰ লক্ষ্য প্ৰাপ্ত কৰিবৰ বাবে দ্য এম্পেৰৰ কাৰ্ডখনে আপোনাৰ অনুশাসনত আৰু অধিক দৃঢ় হৈ থাকি আগবাঢ়িবৰ বাবে পৰামৰ্শ দিছে। এই লোকসকলৰ বাবে এইখিনি সময় কেৰিয়াৰৰ নতুন আৰম্ভণি বা কোনো নতুন প্ৰক্ৰিয়া প্ৰয়োগ কৰিবৰ বাবে ফলদায়ক প্ৰমাণিত হ’ব।
স্বাস্থ্যৰ ক্ষেত্ৰত দেখা গৈছে যে দ্য ৱৰ্ল্ড কাৰ্ডখনে ভৱিষ্যতবাণী কৰিছে যে ফেব্ৰুৱাৰীৰ চতুৰ্থ সপ্তাহত আপোনাৰ স্বাস্থ্য উত্তম হ’ব। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি এই সময়খিনিত বিশেষ চিন্তিত হোৱাৰ প্ৰয়োজন নাই।
শুভ সংখ্যা: 32
প্ৰেম জীৱন: দ্য ফুল
আৰ্থিক জীৱন: টু অৱ ৱেণ্ডচ্
কেৰিয়াৰ: থ্ৰী অৱ পেণ্টাকলচ্
স্বাস্থ্য: দ্য মুন
কৰ্কট ৰাশি ৰ জাতকসকলে প্ৰেম জীৱনত দ্য ফুল কাৰ্ডখন লাভ কৰিছে যাৰ মতে আপোনাৰ প্ৰেম জীৱন ৰোমাণ্টিক হ’ব আৰু তাত ভৰপূৰ ৰোমাঞ্চ থাকিব। কিন্তু ইয়াৰ লগতে আপোনাৰ সঙ্গীৰ আচৰণত কিছু অস্থিৰতা দেখা পোৱা যাব। যিসকল জাতক পূৰ্বৰেপৰাই প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোক নিজৰ সঙ্গীৰ সৈতে যথেষ্ট সুখী হৈ থাকিব আৰু প্ৰেমত ডুব গৈ থাকিব।
টেৰ’ ৰাশিফলত কৰ্কট ৰাশিৰ জাতকসকলে আৰ্থিক স্তৰত টু অৱ ৱেণ্ডচ্ কাৰ্ড লাভ কৰিছে। এই কাৰ্ড অনুসৰি আপুনি কেৰিয়াৰ আৰু আৰ্থিক স্তৰত দীৰ্ঘকালীন লক্ষ্য আৰু আকাংক্ষাসমূহৰ বিষয়ে চিন্তা কৰাৰ প্ৰয়োজন আছে। এই কাৰ্ডখনে এটা সংকেত এয়াও দিয়ে যে এই সময়খিনি বৃত্তিগত বিকাশ আৰু আৰ্থিক স্থিৰতাৰ বাবে সিদ্ধান্ত ল’বলৈ আৰু পৰিকল্পনা প্ৰস্তুত কৰিবলৈ অনুকূল।
কেৰিাৰৰ ক্ষেত্ৰত থ্ৰী অৱ পেণ্টাকলচ্ কাৰ্ডে শক্তিশালী কাৰ্য্য নীতি, দায়ৱদ্ধতা আৰু ইচ্ছাশক্তি আদিক প্ৰতিনিধিত্ব কৰে। যদিহে আপোনাৰ টেৰ’ ৰাশিফলত এই কাৰ্ডখন আহে তেনেহ’লে ইয়াৰ অৰ্থ হৈছে আপুনি নিজৰ চাকৰি বা ব্যৱসায়ত কঠোৰ পৰিশ্ৰম কৰিব আৰু আপুনি নিজৰ পূৰ্বৰ সফলতাৰ লাভ আদায় কৰিব।
এনে কিবা থাকিব পাৰে যাক আপুনি ভাষাৰে প্ৰকাশ কৰিব পৰা নাই আৰু এই নেতিবাচক চিন্তাই আপোনাৰ শান্তি ভংগ কৰিব পাৰে। নিজকে চিন্তা আৰু অৱসাদৰপৰা বচাবৰ বাবে আপুনি চিকিৎসাৰ সহায় ল’ব পাৰে। আপুনি নিজৰ ঘনিষ্ঠ বন্ধু আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতে ঘনিষ্ঠতা বজাই ৰাখক।
শুভ সংখ্যা: 20
পাওক আপোনাৰ কুণ্ডলী আধাৰিত সঠিক শনি প্ৰতিৱেদন
প্ৰেম জীৱন: চিক্স অৱ স্ৱৰডচ্
আৰ্থিক জীৱন: থ্ৰী অৱ ৱেণ্ডচ্
কেৰিয়াৰ: এট অৱ ৱেণ্ডচ্
স্বাস্থ্য: কিং অৱ ৱেণ্ডচ্
সিংহ ৰাশি ৰ জাতকসকলৰ বাবে প্ৰেম জীৱনত চিক্স অৱ স্ৱৰডচ্ কাৰ্ডখনে সূচিত কৰে যে এক জটিল সময়ৰ পিছত এতিয়া পৰিস্থিতি ভাললৈ আহিছে। পৰস্পৰক ঠিক হ’বলৈ, সম্পৰ্কৰ স্থিৰতা ঘূৰি আহিবলৈ আৰু মুকলিকৈ কথা ক’বলৈ সুযোগ দিয়ক। নিজৰ সম্পৰ্কটো আগবঢ়াই নিবৰ বাবে আৰু শক্তিশালী কৰি তুলিবৰ বাবে এয়া হৈছে উত্তম সময়।
এই কাৰ্ডখনে আৰ্থিক স্থিতি শক্তিশালী কৰিবৰ বাবে, ভৱিষ্যতৰ বাবে যোজনা বনোৱাৰ বাবে আৰু নিজৰ সপোন বাস্তৱত পৰিণত কৰিবৰ বাবে কোনো পদক্ষেপ লোৱাৰ আপোনাৰ ক্ষমতাক সূচিত কৰে। এই কাৰ্ডখনৰপৰা এয়াও সংকেত পোৱা গৈছে যে আপুনি এতিয়া নিজৰ কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰিবলৈ আৰম্ভ কৰিছে।
এট অৱ ৱেণ্ডচ্ কাৰ্ডখন হৈছে দ্ৰুতভাৱে আগবাঢ়ি যোৱাৰ প্ৰতীক। ই সূচিত কৰে যে কেৰিয়াৰৰ জৰিয়তে আপোনাৰ ধন বৃদ্ধি হ’ব বা কেৰিয়াৰত লাভ কৰা সুযোগৰদ্বাৰা আপোনাৰ উন্নতিৰ পথ প্ৰশস্ত হ’ব। কেতিয়াবা কেতিয়াবা এই কাৰ্ডখনে এয়াও সংকেত দিয়ে যে আপুনি এই সপ্তাহত ব্যৱসায়িক যাত্ৰাত যাবলগীয়া হ’ব পাৰে। যদিহে এনে নহয় তেনেহ’লে নিশ্চয় আপুনি নিজৰ কামত হৈ থকা উন্নতিক অধিক ভালদৰে বুজি পাইছে। আপুনি এনে অনুভৱ কৰিব যেন আপুনি নিজৰ কেৰিয়াৰত যথেষ্ট দ্ৰুতভাৱে উনন্তি কৰিছে।
স্বাস্থ্যৰ ক্ষেত্ৰত কিং অৱ ৱেণ্ডচ্ কাৰ্ডখনে উদ্যম আৰু শক্তিৰ সংকেত দিয়ে। এই কাৰ্ডখনে এয়াও কয় যে আপুনি স্বাস্থ্যকৰ জীৱন জীয়াবৰ বাবে অনুপ্ৰাণিত হৈছে।
শুভ সংখ্যা: 19
প্ৰেম জীৱন: দ্য এম্পেৰৰ
আৰ্থিক জীৱন:নাইন অৱ স্ৱৰ্ডচ্
কেৰিয়াৰ: টু অৱ পেণ্টাকলচ্
স্বাস্থ্য: ফাইৱ অৱ কপচ্
প্ৰেমৰ জীৱনৰ ক্ষেত্ৰত যদিহে ক’বলৈ যোৱা যায় তেনেহ’লে ক’ব পাৰি যে কন্যা ৰাশি ৰ জাতকসকলে দ্য এম্পেৰৰ কাৰ্ডখন লাভ কৰিছে। ৰোমাঞ্চৰ দৃষ্টিকোণৰপৰা এই কাৰ্ডখন বিশেষ ৰোমাণ্টিক নহয় আৰু এক যথেষ্ট গম্ভীৰ ব্যক্তিক সূচিত কৰে কিন্তু তথাপিও টেৰ’ ৰাশিফলত এই কাৰ্ডখন অহাটো সহায়ক হ’ব পাৰে। এই কাৰ্ডখনে কয় যে আমি ৰোমাঞ্চ আৰু সম্পৰ্কক পৰিপক্কতা, অনুশাসন, যোজনা আৰু যুক্তিৰে চম্ভালিব লাগে। যদিহে সম্পৰ্কক ঠিকমতে চম্ভালিব নোৱাৰে তেনেহ’লে ই আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে।
এই সময়খিনিত আপুনি নিজৰ আৰ্থিক স্থিতিক লৈ যথেষ্ট চাপ আৰু হেঁচা অনুভৱ কৰিব পাৰে। নাইন অৱ স্ৱৰডচ্ কাৰ্ডে প্ৰায়েই পৰিস্থিতিক ঠিক মতে চোৱাৰ সলনি তাক বঢ়াই-মেলি চোৱাৰ বাবে হ’বলগীয়া চিন্তা আৰু সমস্যাক সূচিত কৰে। আপুনি যি স্থিতিৰেই সম্মুখীন নহওক কিয়, সেয়া বাস্তৱিক হওক। এনে পৰিস্থিতিত আপোনাৰ ভয় আপোনাৰ নেতিবাচক চিন্তাৰ বাবে হ’ব পাৰে। এই সময়খিনিত আপোনাৰ বাবে এনে কোনো ব্যক্তিৰপৰা পৰামৰ্শ লোৱাটো লাভজনক হ’ব পাৰে যাৰ দৃষ্টিকোণ আপোনাতকৈ পৃথক।
এই সপ্তাহটো আপোনাৰ বাবে সাধাৰণতকৈ অধিক ব্যস্ততাপূৰ্ণ হ’ব আৰু আপুনি এনে কাম কৰিবলগীয়া হ’ব পাৰে যি আপোনাৰ নহ’ব বা আপুনি এনে কাম লাভ কৰিব যি কেৰিয়াৰত উন্নতি লাভ কৰিবৰ বাবে সহায়ক প্ৰমাণিত হ’ব। আন মানুহ আপোনাৰ পৰিপক্কতা আৰু কাম চম্ভালি লোৱাৰ ক্ষমতাৰদ্বাৰা প্ৰভাৱিত হ’ব পাৰে। ই কেৱল এক অস্থায়ী স্থিতি হ’ব লাগে।
ফাইৱ অৱ কপচ্ কাৰ্ডখনে কয় যে আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত নিজৰ চোৱা-চিতা কৰাৰ আৰু আৱেগিকভাৱে ঠিক হোৱাৰ আৱশ্যকতা আছে। এই কাৰ্ডখনে কয় যে আপুনি কোনো লোকচানৰ বেজাৰ বা আৱেগিক বোজাৰ মাজত চাপ খাই আছে যাৰ নেতিবাচক প্ৰভাৱ আপোনাৰ স্বাস্থ্যৰ ওপৰত পৰিছে।
শুভ সংখ্যা: 05
কেৰিয়াৰক লৈ হৈ আছে টেনশ্যন! এতিয়াই অৰ্ডাৰ কৰক কগ্নিএষ্ট্ৰো প্ৰতিৱেদন
প্ৰেম জীৱন: নাইট অৱ স্ৱৰডচ্
আৰ্থিক জীৱন: কিং অৱ কপচ্
কেৰিয়াৰ: পে’জ অৱ ৱেণ্ডচ্
স্বাস্থ্য: টু অৱ ৱেণ্ডচ্
তুলা ৰাশি ৰ জাতকসকলে প্ৰেম জীৱনত নাইট অৱ স্ৱৰডচ্ কাৰ্ড লাভ কৰিছে যাৰ মতে আপোনাৰ বাবে সম্পৰ্কক লৈ দায়ৱদ্ধ হৈ থকাটো জটিল হ’ব পাৰে। এই জাতকসকলে এনে কৰি থাকিব লাগিব য’ত তেওঁলোকে নিজৰ বুদ্ধিৰ প্ৰয়োগ কৰিব পাৰে যাতে তেওঁলোক ব’ৰ বা বিৰক্ত নহয়। জাতকসকলে আৱেগিকভাৱে কাৰোবাৰ কাষ চাপিবলৈও জটিল হ’ব পাৰে।
আৰ্থিক আৰু কেৰিয়াৰৰ দিশত কিং অৱ কপচ্ কাৰ্ডখনে কয় যে সফলতা লাভ কৰিবৰ বাবে আৱেগিকভাৱে শক্তিশালী হোৱাৰ আৰু আচৰণত কৌশলী হোৱাৰ আৱশ্যকতা আছে। এই কাৰ্ডখনে এয়াও কয় যে আপুনি নিজৰ বৃত্তিগত জীৱনত কোনো ডাঙৰ আৰু বুজা-পৰা ব্যক্তিৰ মাৰ্গদৰ্শন লাব কৰিব পাৰে।
এই কাৰ্ডখনে নতুন আৰম্ভণি, নতুন ব্যৱসায় বা কেৰিয়াৰৰ সংকেত দিয়ে। এই কাৰ্ডখনৰ মতে আপুনি নতুন চাকৰিৰ আৰম্ভণি কৰিব পাৰে।
স্বাস্থ্যৰ ক্ষেত্ৰত টু অৱ ৱেণ্ডচ্ কাৰ্ডখনে কয় যে আপুনি দীৰ্ঘকালীন উদ্দেশ্য আৰু ভৱিষ্যতৰ নিজৰ স্বাস্থ্যৰ প্ৰতি মনোযোগ দি সিদ্ধান্ত গ্ৰহণ কৰা উচিত।
শুভ সংখ্যা: 06
প্ৰেম জীৱন: দ্য লাভাৰ্চ
আৰ্থিক জীৱন: নাইন অৱ কপচ্
কেৰিয়াৰ: দ্য চান
স্বাস্থ্য: দ্য টাৱাৰ
বৃশ্চিক ৰাশি ৰ জাতকসকলে প্ৰেম জীৱনত দ্য লাভাৰ্চ কাৰ্ডখন লাভ কৰিছে যি হৈছে এক শুভ সংকেত। এই কাৰ্ডখনে এনে শক্তিক প্ৰতিনিধিত্ব কৰে যি সম্পৰ্কৰ সন্তুলন আৰু একতাৰ প্ৰতীক। এই কাৰ্ডখনে এক পাৰফেক্ট যুটীক দৰ্শায়। আনহাতে, এই কাৰ্ডখন প্ৰতিশ্ৰুতিৱদ্ধতা আৰু সিদ্ধান্ত গ্ৰহণ কৰাৰো প্ৰতীক যি আপোনাক এই কথা ভাবিবলৈ বাধ্য কৰিব পাৰে যে আপুনি নিজৰ সঙ্গীক লৈ কিমান সমৰ্পিত।
টেৰ’ ৰাশিফল অনুসৰি বিত্তৰ ক্ষেত্ৰত নাইন অৱ কপচ্ কাৰ্ডখনে এক ভাল সংকেত প্ৰদান কৰে। এই কাৰ্ডখনে স্থিৰতা, সমৃদ্ধি আৰু সুখ-সুবিধা আদক দৰ্শায়। এই কাৰ্ডখনে কয় যে আপুনি নিজৰ আৰ্থিক উদ্দেশ্যসমূহ প্ৰাপ্ত কৰিছে আৰু আপুনি বৰ্তমানৰ আৰ্থিক স্থিতিক লৈ সুখী আৰু কৃতজ্ঞ।
দ্য চান কাৰ্ডখনে বৃত্তিগত জীৱনৰ সফলতা আৰু উৎসাহক প্ৰতিনিধিত্ব কৰে। আন মানুহে আপোনাৰ কামৰ প্ৰশংসা কৰিব আৰু আপুনি অনুপ্ৰাণিত অনুভৱ কৰিব। এই কাৰ্ডখনে কেৰিয়াৰৰ পদোন্নতি বা উচ্চ পদ লাভ কৰাৰ সংকেত দিয়ে।
ৰিভাৰ্চড্ টাৱাৰ কাৰ্ডখনে কয় যে আপুনি নিজৰ স্বাস্থ্যজনিত সমস্যা আৰু লক্ষণসমূহৰ প্ৰতি চকু দিয়া উচিত। দ্য টাৱাৰ কাৰ্ডখনে সূচিত কৰে যে স্বাস্থ্যজনিত সমস্যাসমূহ সহি থকাৰ সলনি সেইবোৰ ভাল কৰিবলৈ চেষ্টা কৰা উচিত।
শুভ সংখ্যা: 08
প্ৰেম জীৱন: এট অৱ কপচ্
আৰ্থিক জীৱন: দ্য এম্প্ৰেচ
কেৰিয়াৰ: দ্য হাই প্ৰিষ্টেচ
স্বাস্থ্য: কুইন অৱ স্ৱৰডচ্
ধনু ৰাশি ৰ জাতকসকলে প্ৰেম জীৱনত এট অৱ কপচ্ কাৰ্ড লাভ কৰিছে। এই কাৰ্ড অনুসৰি আপুনি নিজৰ সম্পৰ্কৰ বিষয়ে চিন্তা কৰিবৰ বাবে সময় উলিওৱা উচিত। এই কাৰ্ডখনে কয় যে আপুনি এই কথাৰ প্ৰতি মনোযোগ দিয়া উচিত যে আপুনি এই সম্পৰ্কত সঁচাকৈয়ে সুখী নে।
কেৰিয়াৰ বা বিত্তীয় জীৱনত দ্য এম্প্ৰেচ আপৰাইট কাৰ্ডখনে সম্পন্নতা, উপলব্ধি আৰু বিকাশক সূচিত কৰে। এই সময়খিনি ভাবি-চিন্তি বিনিয়োগ কৰিবৰ বাবে অনুকূল হ’ব।
দ্য হাই প্ৰিষ্টেচ কাৰ্ডখনে শিক্ষাৰ ক্ষেত্ৰত নতুন বস্তু শিকাৰ ক্ষমতা বা উচ্চ শিক্ষাৰ সুযোগক সূচিত কৰে। এই কাৰ্ডখনে আপোনাক নিজৰ কেৰিয়াৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ আৰু নিজৰ সৃষ্টিশীলতাক চিনাক্ত কৰাৰ পৰামৰ্শ দিয়ে। এই কাৰ্ডখনে মানুহক অনুপ্ৰাণিত কৰে যাতে তেওঁলোকে নিজৰ কেৰিয়াৰক লৈ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে আৰু নিজৰ সৃষ্টিশীলতা চিনাক্ত কৰে।
স্বাস্থ্যৰ ক্ষেত্ৰত কুইন অৱ স্ৱৰডচ্ কাৰ্ডখনে অৱগত কৰিছে যে আপুনি নিজৰ মনত চেপা খাই থকা ভাৱনা বা মানসিক আঘাতসমূহ অতিক্ৰম কৰাৰ প্ৰয়োজনীয়তা আছে। নেতিবাচক শক্তিৰপৰা বাহিৰলৈ অহাৰ আৰু সন্তুলন লাভ কৰিবৰ বাবে বৃত্তিগত সহযোগিতা যেনে কাউন্সেলিং বা বৈকল্পিক থেৰাপীৰ সহায় ল’ব পাৰে।
শুভ সংখ্যা: 18
প্ৰেম জীৱন: নাইন অৱ পেণ্টাকলচ্
আৰ্থিক জীৱন:দ্য ৱৰ্ল্ড
কেৰিয়াৰ: নাইট অৱ কপচ্
স্বাস্থ্য: এচ অৱ স্ৱৰডচ্
আপোনাৰ জীৱনটো এতিয়ালৈকে যথেষ্ট ভালেই চলি আছে আৰু আপুনি এতিয়ালৈকে সকলোবোৰ সুখ-সুবিধা লাভ কৰিছে অথবা আপোনাৰ ওচৰত আপোনাৰ প্ৰয়োজনীয় সকলোবোৰ আছে। আপুনি এই সময়ত কাৰোবাৰ সৈতে সম্পৰ্কত নাথাকিব পাৰে, আপোনাৰ বাবে ৰোমাঞ্চ এই সময়ত বিশেষ গুৰুত্বপূৰ্ণ যেন লগা নাই। বৰ্তমান আপুনি মাত্ৰ এই কথা মনত ৰাখক যে আপোনাৰ ওচৰত এতিয়া যি আছে তাৰ বাবে আপুনি কৃতজ্ঞ হৈ থকা উচিত। আপুনি আনৰ চকুত অধিক আকৰ্ষণীয় হ’ব পাৰে সেয়েহে হ’বলগীয়া সঙ্গীয়ে এয়া চেষ্টা কৰা উচিত যে আপোনাৰ এই সুখ কম কৰাৰ সলনি সেয়া বৃদ্ধি কৰাৰ চেষ্টা কৰা উচিত।
বিত্তৰ ক্ষেত্ৰত দেখা গৈছে যে আপুনি দ্য ৱৰ্ল্ড কাৰ্ডখন প্ৰাপ্ত কৰিছে যি সূচিত কৰে যে আপুনি নিজৰ আৰ্থিক লক্ষ্যসমূহ প্ৰাপ্ত কৰিব, কোনো ডাঙৰ বিত্তীয় প্ৰজেক্ট সম্পূৰ্ণ কৰিব আৰু আৰ্থিক স্তৰত স্থিৰতা লাভ কৰিব। ইয়াৰ অৰ্থ এয়াও হ’ব পাৰে যে এই সময়ত আপোনাৰ আৰ্থিক স্থিতি শক্তিশালী অৱস্থাত আছে আৰু এতিয়া আপুনি নিজৰ কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰ ফল লাভ কৰিব পাৰে।
বৃত্তিগত জীৱনত নাইট অৱ কপচ্ কাৰ্ডখনে শুভ সংবাদ বা অনুকূল সুযোগক সূচিত কৰে। যদিহে আপুনি কোনো চাকৰি বা পাঠ্যক্ৰমৰ বাবে কৰা আপোনাৰ আৱেদনৰ ফলাফলৰ বাবে অপেক্ষা কৰি আছে, তেনেহ’লে আপুনি এই ক্ষেত্ৰত সফলতা লাভ কৰিব। আপুনি আকস্মিকভাৱে কোনো প্ৰস্তাৱ লাভ কৰিব পাৰে।
স্বাস্থ্যৰ ক্ষেত্ৰত দেখা যায় যে আপুনি আপৰাইট এচ অৱ স্ৱৰডচ্ কাৰ্ডখন লাভ কৰিছে যি প্ৰেৰণা আৰু মানসিক স্পষ্টতাক প্ৰতিনিধিত্ব কৰে। এই কাৰ্ডখনে আপোনাক স্বাস্থ্যকৰ পৰিৱৰ্তন কৰিবৰ বাবে আৰু নিজৰ স্বাস্থ্যৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিবৰ বাবে অনুপ্ৰাণিত কৰে। আপুনি মানসিকভাৱে শক্তিশালী হোৱাৰ বাবে নিজৰ আচৰণ নিয়ন্ত্ৰিত কৰিবলৈ আৰু পৰিপক্কভাৱে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সক্ষম হ’ব।
শুভ সংখ্যা: 08
প্ৰেম জীৱন: ষ্ট্ৰেংথ
আৰ্থিক জীৱন: দ্য ষ্টাৰ
কেৰিয়াৰ: ফাইৱ অৱ ৱেণ্ডচ্
স্বাস্থ্য: চেভেন অৱ পেণ্টাকলচ্
প্ৰেম ৰাশিফলতষ্ট্ৰেংথ কাৰ্ডখনে এনে এক সম্পৰ্ক প্ৰতিনিধিত্ব কৰে যি আভ্যন্তৰীণ শক্তি, ধৈৰ্য আৰু পাৰস্পৰিক বুজাবুজিৰ আধাৰত গঢ়ি উঠিছে। এই কাৰ্ডখনে কয় যে আপুনি বলৰ পৰিৱৰ্তে আপোনাৰ সমস্যাবোৰ প্ৰেম আৰু সহানুভূতিৰে সমাধান কৰা উচিত। এই কাৰ্ড অনুসৰি, আপোনালোক দুয়োৰে মাজৰ সম্পৰ্ক গভীৰ আৰু শক্তিশালী আৰু আপোনালোক দুয়োৱে একেলগে যিকোনো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বৰ বাবে সক্ষম।
দ্য ষ্টাৰ কাৰ্ড অনুসৰি, আপুনি আশাবাদী আৰু নিষ্ঠাৱান হৈ থাকি আপোনাৰ আৰ্থিক লক্ষ্য প্ৰাপ্ত কৰিব পাৰিব। আপোনাৰ বাবে বিত্তীয় পৰিস্থিতিক লৈ এই কথা মনত ৰখাটো গুৰুত্বপূৰ্ণ যে আপোনাৰ ওচৰত এতিয়া যি আছে তাৰ বাবে কৃতজ্ঞ হোৱা উচিত, কিয়নো ইয়াৰদ্বাৰা আপুনি আগবাঢ়ি যাবৰ বাবে উৎসাহিত অনুভৱ কৰিব।
ফাইভ অফ ৱেণ্ডচ্ কাৰ্ডখনে কৰ্মক্ষেত্ৰত প্ৰতিযোগিতা আৰু সংঘৰ্ষৰ ইংগিত দিয়ে। এই কাৰ্ডখনৰ মতে, আপুনি কিছু সময়ৰ বাবে বিত্তীয় স্তৰত অস্থিৰতা বা ধন সম্পৰ্কীয় বিবাদৰ সন্মুখীন হ'ব পাৰে।
স্বাস্থ্যৰ ক্ষেত্ৰত, আপুনি চেভেন অৱ পেণ্টাকলচ্ কাৰ্ড লাভ কৰিছে যি কয় যে আপুনি দীৰ্ঘকালীন ভাৱেত স্বাস্থ্যৱান হৈ থাকিবৰ বাবে ইতিবাচক অভ্যাস আৰু জীৱনশৈলী গ্ৰহণ কৰিব পাৰে। আপুনি মাইণ্ডফুলনেচৰ অভ্যাস কৰিব পাৰে, সন্তুলিত আহাৰ গ্ৰহণ কৰিব পাৰে, বা নিয়মীয়াকৈ ব্যায়াম কৰিব পাৰে।
শুভ সংখ্যা: 26
প্ৰেম জীৱন: টেম্পৰেন্স
আৰ্থিক জীৱন:টু অৱ কপচ্
কেৰিয়াৰ: ফ’ৰ অৱ স্ৱৰডচ্
স্বাস্থ্য: এচ অৱ স্ৱৰডচ্
এই সপ্তাহত মীন ৰাশি ৰ জাতকসকলে প্ৰেম জীৱনত প্ৰাপ্ত কৰিছে যি প্ৰেমৰ ক্ষেত্ৰত পাৰস্পৰিক বুজা-পৰা, সংযম আৰু ধৈৰ্য্যৰে কাম কৰিবলৈ পৰামৰ্শ দিছে। ইয়াৰ লগতে আপুনি নিজৰ সম্পৰ্কত সমস্যাবোৰ সমাধান কৰিবৰ বাবে মাজৰ পথ বাছনি কৰা উচিত। এই কাৰ্ডখনে আপোনাক নিজৰ কাৰ্য্যৰ প্ৰতি সাৱধান আৰু বিবেচনাশীল হ’বলৈ তথা কোনো কথাত বহুত বেছি দীঘলীয়া নকৰিবলৈ পৰামৰ্শ দিছে। প্ৰেমৰ ক্ষেত্ৰত আপুনি নিজৰ আচৰণৰ কথা ভাবক আৰু সেই দিশবোৰৰ বিচাৰ কৰক য’ত আপোনাৰ ব্যৱহাৰ, ধাৰণা আৰু চিন্তা অত্যাধিক হৈ পৰিছে। আপুনি নিজৰ সঙ্গীৰ সৈতে বেছি আক্ৰমণাত্মকতাৰে ব্যৱহাৰ কৰিছে নেকি বা বহুত কম কথা পাতিছে নেকি, আপুনি এবাৰ নিজৰ ব্যৱহাৰৰ ওপৰত দৃষ্টি পেলোৱা উচিত।
আৰ্থিক জীৱনত টু অৱ কপচ্ কাৰ্ডখন হৈছে সন্তুলন আৰু নিৰপেক্ষতাৰ প্ৰতীক। এই কাৰ্ডখনে কয় যে আপোনাৰ ওচৰত নিজৰ কৰ্তব্য আৰু দায়িত্বসমূহ পালন কৰিবৰ বাবে পৰ্যাপ্ত পৰিমাণৰ ধন আছে আৰু আপুনি নিজৰ ধনসমূহ চম্ভালিবৰ বাবে সক্ষম।
আপুনি কামৰ বাবে বহুত বেছি ব্যস্ত বা কামক লৈ নিৰাশ হ’ব পাৰে। আপুনি কিছু সময় ধৰি কঠোৰ পৰিশ্ৰম কৰি আছে আৰু চাপৰ বাবে আপোনাৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্য প্ৰভাৱিত হৈছে। আপুনি নিজকে আৰাম দিয়ক আৰু নিজৰ শৰীৰৰ প্ৰতি মনোযোগ দিয়ক।
স্বাস্থ্যৰ ক্ষেত্ৰত দেখা যায় যে আপৰাইট এচ অৱ স্ৱৰডচ্ কাৰ্ডখনে প্ৰেৰণা আৰু মানসিক স্পষ্টতাৰ সময়ক দৰ্শায়। এই কাৰ্ডখনে আপোনাক স্বাস্থ্যকৰ পৰিৱৰ্তন কৰিবলৈ আৰু স্বাস্থ্যৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰিবলৈ প্ৰেৰিত কৰে। আপুনি মানসিক ৰূপত শক্তিশালী হোৱাৰ বাবে নিজৰ ব্যৱহাৰ ভাল কৰিবলৈ আৰু পৰিপক্কভাৱে সিদ্ধান্ত ল’বলৈ সক্ষম হ’ব।
শুভ সংখ্যা: 03
সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক: এষ্ট্ৰোচেজ অনলাইন শ্বপিং ষ্টোৰ
আমি আশা ৰাখিছোঁ যে আপুনি আমাৰ এই প্ৰৱন্ধটো নিশ্চয় ভাল পাইছে। এষ্ট্ৰোচেজৰ সৈতে জড়িত হৈ থকাৰ বাবে আপোনাক অশেষ ধন্যবাদ।
1. আৰ্কানাত টেৰ’ কাৰ্ড কেনেদৰে বিভাজিত হয়?
মুখ্য আৰ্কানাত 22 খন কাৰ্ড আৰু মাইনৰ আৰ্কানাত 56 খন কাৰ্ড থাকে।
2. কোনখন কাৰ্ডে নতুন আৰম্ভণিক সূচিত কৰে?
দ্য এচ কাৰ্ডে।
3. কোনখন কাৰ্ডে আৰ্থিক সম্পন্নতাক দৰ্শায়?
টেন অৱ পেণ্টাকলচ্ কাৰ্ডে।