টেৰ’ সাপ্তাহিক ৰাশিফল (30 মাৰ্চ-05 এপ্ৰিল, 2025)

Author: Lobitha Dutta | Updated Mon, 17 Mar 2025 02:43 PM IST

পৃথিৱীৰ বহুতো জনপ্ৰিয় টেৰ’ ৰীডাৰ আৰু জ্যোতিষীসকলে বিশ্বাস কৰে যে টেৰ’ই কেৱল ব্যক্তিৰ জীৱনৰ ভৱিষ্যতবাণী কৰাই নহয় লগতে মানুহক পথ প্ৰদৰ্শনো কৰে। কোৱা হয় যে টেৰ’ কাৰ্ড নিজৰ প্ৰতিপালন কৰাৰ আৰু নিজৰ বিষয়ে জনাৰ এক মাধ্য়ম।


টেৰ’ই এই কথাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে যে আপুনি ক’ত আছিল, এতিয়া আপুনি ক’ত আছে আৰু কি স্থিতিত আছে আৰু আগন্তুক ভৱিষ্যতত আপোনাৰ সৈতে কি হ’ব পাৰে। ই আপোনাক শক্তিৰে পৰিপূৰ্ণ পৰিৱেশত প্ৰৱেশ কৰাৰ সুযোগ প্ৰদান কৰে আৰু নিজৰ ভৱিষ্যতৰ বাবে সঠিক বিকল্প বাছনি কৰাত সহায় কৰে। যিদৰে এক ভৰসাজনক পৰামৰ্শদাতাই আপোনাক নিজৰ ভিতৰলৈ জুমি চাবলৈ শিকায় সেইদৰে টেৰ’ইও আপোনাক নিজৰ আত্মাৰ সৈতে কথা পতাৰ সুযোগ দিয়ে।

আপোনাৰ এনে লাগিব পাৰে যে জীৱনৰ পথত আপুনি বিভ্ৰান্ত হৈ পৰিছে আৰু আপোনাক দিগদৰ্শন বা সহায়ৰ প্ৰয়োজন আছে। পূৰ্বতে আপুনি টেৰ’ক উপলুঙা কৰিছিল কিন্তু এতিয়া আপুনি ইয়াৰ সঠিকতাৰদ্বাৰা প্ৰভাৱিত হৈ পৰিছে অথবা আপুনি এগৰাকী জ্যোতিষী যাক মাৰ্গদৰ্শন বা দিগদৰ্শনৰ প্ৰয়োজন আছে। অথবা আপুনি নিজৰ সময় কটাবৰ বাবে কোনো নতুন চখৰ সন্ধানত আছে। এই কাৰণসমূহৰ বাবে বা অন্য কোনো কাৰণবশতঃ টেৰ’ৰ প্ৰতি মানুহৰ আগ্ৰহ যথেষ্ট বাঢ়ি গৈছে। টেৰ’ ডেকৰ78 খন কাৰ্ডৰ সহায়ত ভৱিষ্যতৰ বিষয়ে জানিব পৰা যায়। এই কাৰ্ডসমূহৰ সহায়ত আপুনি নিজৰ জীৱনৰ মাৰ্গদৰ্শন লাভ কৰিব পাৰে।

টেৰ’ৰ উৎপত্তি 15শ শতাব্দীত ইটালীত হৈছিল। আৰম্ভণিতে টেৰ’ক কেৱল মনোৰঞ্জন হিচাপে গণ্য কৰা হৈছিল আৰু ইয়াত আধ্যাত্মিক মাৰ্গদৰ্শনৰ গুৰুত্ব কম আছিল। অৱশ্যে, টেৰ’ কাৰ্ডৰ বাস্তৱিক ব্যৱহাৰ 16শ শতাব্দীত ইউৰোপত কোনো কোনো লোকৰদ্বাৰা কৰা হৈছিল যেতিয়া তেওঁলোকে জানিব পাৰিছিল যে কেনেদৰে 78খন কাৰ্ডৰ সহায়ত ভৱিষ্যতৰ বিষয়ে জানিব পৰা যায়, সেই সময়ৰপৰাই ইয়াৰ মহত্ব যথেষ্ট বৃদ্ধি পাইছিল।

টেৰ’ হৈছে এনে এক মাধ্যম যাৰ সহায়ত মানসিক আৰু আধ্যাত্মিক বিকাশ প্ৰাপ্ত কৰিব পাৰ যায়। আপুনি কোনো স্তৰত আধ্যাত্মিকতাৰ সৈতে, অলপমান নিজৰ অন্তৰাত্মাৰ সৈতে আৰু অলপমান নিজৰ অন্তৰ্জ্ঞান আৰু আত্ম-সংশোধন আনিবৰ বাবে আৰু বাহিৰৰ পৃথিৱীৰ সৈতে জড়িত হ’ব।

তেনেহ’লে আহক এই সপ্তাহৰ সাপ্তাহিক ৰাশিফল আৰম্ভ কৰোঁ আৰু 30মাৰ্চৰপৰা 05 এপ্ৰিল, 2025 পৰ্য্যন্ত এই সপ্তাহটোৱে ৰাশি চক্ৰৰ 12 টা ৰাশিৰ বাবে কেনে ধৰণৰ ফলাফল লৈ আহিব সেই বিষয়ে অৱগত হওঁ।

এয়াও পঢ়ক: ৰাশিফল 2025

পৃথিৱীৰ বিদ্বান টেৰ’ ৰীডাৰসকলৰ সৈতে কল/চাট্-ত কথা পাতক আৰু জানক কেৰিয়াৰ সম্পৰ্কীয় সকলোবোৰ তথ্য

টেৰ’সাপ্তাহিক ৰাশিফল 30 মাৰ্চৰপৰা 05 এপ্ৰিল, 2025: ৰাশি অনুসৰি ৰাশিফল

মেষ ৰাশি

প্ৰেম জীৱন: কিং অৱ স্ৱৰডচ্

আৰ্থিক জীৱন: ষ্ট্ৰেংথ

কেৰিয়াৰ: পে’জ অৱ ৱেণ্ডচ্

স্বাস্থ্য: দ্য ৱৰ্ল্ড

টেৰ’ ৰীডিঙত মেষ ৰাশিৰ জাতকসকলে লাভ কৰা কিং অৱ স্ৱৰডচ্ কাৰ্ডখনে প্ৰকাশ কৰে যে আপুনি আৰু আপোনাৰ সঙ্গীয়ে পৰস্পৰৰ ভাৱনা ভালদৰে বুজিব নোৱাৰিব।

বিত্তীয় দিশত ষ্ট্ৰেংথ কাৰ্ডখনে পৰিপক্কভাৱে সিদ্ধান্ত লোৱা, আত্মবিশ্বাস অটুত থকা আৰু ব্যয়ৰ ক্ষেত্ৰত সংযম ৰখাৰ প্ৰয়োজনীয়তাক দৰ্শায়।

কেৰিয়াৰৰ বাবে পে’জ অৱ ৱেণ্ডচ্ কাৰ্ডখন ইতিবাচক সংকেত আৰু এই কাৰ্ডখনৰ মতে আপুনি নিজৰ কেৰিয়াৰত নতুন সুযোগ লাভ কৰিব।

স্বাস্থ্যৰ দিশত দ্য ৱৰ্ল্ড কাৰ্ডখনে কয় যে আপুনি কোনো স্বাস্থ্যজনিত সমস্যাৰপৰা আৰোগ্য হ’ব আৰু আধ্যাত্মিকতাৰ প্ৰতি আপোনাৰ অধিক আগ্ৰহ হ’ব।

এই মাহৰ শুভ তাৰিখ: 9, 18 আৰু 27

বৃষ ৰাশি

প্ৰেম জীৱন: ফাইৱ অৱ ৱেণ্ডচ্

আৰ্থিক জীৱন: ফ’ৰ অৱ পেণ্টাকলচ্

কেৰিয়াৰ: কুইন অৱ পেণ্টাকলচ্

স্বাস্থ্য: পে’জ অৱ স্ৱৰডচ্

টেৰ’সাপ্তাহিক ৰাশিফল অনুসৰিপ্ৰেম জীৱনত বৃষ ৰাশি ৰ জাতকসকলে ফাইৱ অৱ ৱেণ্ডচ্ কাৰ্ডখন লাভ কৰিছে যাৰ মতে আপোনাৰ আৰু আপোনাৰ সঙ্গীৰ মাজত যুক্তি-তৰ্ক বা কাজিয়া হ’ব পাৰে। যদিহে আপোনাৰ পৰিয়ালৰ লোকসকল আপোনালোকৰ সম্পৰ্কৰ বাবে সন্মত নহয় তেনেহ’লে দুয়ো মিলি নিজৰ ভালপোৱাৰ বাবে যুঁজিব পাৰে।

আৰ্থিক দিশত ফ’ৰ অৱ পেণ্টাকলচ্ কাৰ্ডখনে কয় যে আপুনি নিজৰ অজ্ঞাতেই নিজৰ ধনক লৈ কনফিউজড্ বা পজেছিভ হ’ব পাৰে। কিন্তু আপুনি সৰু সুৰা বিনিয়োগৰপৰা ডাঙৰ লাভ পোৱাৰ সম্ভাৱনা আছে।

কেৰিয়াৰৰ ক্ষেত্ৰত প্ৰাপ্ত কৰা কুইন অৱ পেণ্টাকলচ্ কাৰ্ডখনে কয় যে এই সপ্তাহত আপুনি নিজৰ কামক লৈ যথেষ্ট সতৰ্ক আৰু সচেতন হৈ থাকিব। আপোনাক আপোনাৰ কোম্পানীৰদ্বাৰা সন্মানিতও কৰা হ’ব পাৰে।

স্বাস্থ্য ৰীডিঙত পে’জ অৱ স্ৱৰডচ্ কাৰ্ডখনে আপোনাক মানসিক স্পষ্টতা প্ৰদান কৰিব পাৰে যাৰ জৰিয়তে আপুনি নিজৰ বাধাসমূহ অতিক্ৰম কৰিব পাৰিব। এই কাৰ্ডখনৰ মতে আপুনি কোনো পুৰণি বেমাৰৰপৰা আৰোগ্য হ’ব পাৰিব।

এই মাহৰ শুভ তাৰিখ: 6 আৰু15

মিথুন ৰাশি

প্ৰেম জীৱন: এট অৱ পেণ্টাকলচ্

আৰ্থিক জীৱন: থ্ৰী অৱ ৱেণ্ডচ্

কেৰিয়াৰ: দ্য চান

স্বাস্থ্য: ফাইৱ অৱ পেণ্টাকলচ্ (ৰিভাৰ্চড)

মিথুন ৰাশি ৰ জাতকসকলে প্ৰেম জীৱনত লাভ কৰা এট অৱ পেণ্টাকলচ্ কাৰ্ডখনৰ মতে আপুনি নিজৰ সম্পৰ্কক লৈ বহু বেছি প্ৰয়াস কৰিবৰ বাবে প্ৰস্তুত আছে। চিংগল জাতকসকলে অতি সোনকালেই প্ৰতিশ্ৰুতিৱদ্ধ জীৱনসঙ্গী লাভ কৰাৰ যোগ আছে।

বিত্তীয় ৰীডিঙত থ্ৰী অৱ ৱেণ্ডচ্ কাৰ্ডখনৰ মতে আপুনি নিজৰ উপাৰ্জনৰ উৎস বৃদ্ধি কৰিবলৈ চেষ্টা কৰি আছে। এই সপ্তাহত আপোনাৰ স্থিৰ আয় থাকিব।

কেৰিয়াৰৰ ক্ষেত্ৰত দ্য চান কাৰ্ডখনে পদোন্নতিৰ সংকেত দিছে। আপুনি নিজৰ কোম্পানীৰ সহকৰ্মী আৰু আপোনাৰ অধীনত কাম কৰা সকলৰপৰা সন্মান লাভ কৰাৰ যোগ আছে।

স্বাস্থ্য় ৰীডিঙত ফাইৱ অৱ পেণ্টাকলচ্ কাৰ্ডখনে প্ৰকাশ কৰিছে যে আপোনাৰ কোনো পুৰণি ৰোগ বা আঘাত এই সময়ত ভাল হ’ব।

এই মাহৰ শুভ তাৰিখ: 5, 14 আৰু23

কৰ্কট ৰাশি

প্ৰেম জীৱন: হুইল অৱ ফৰচ্যুন

আৰ্থিক জীৱন: ফ’ৰ অৱ পেণ্টাকলচ্

কেৰিয়াৰ: দ্য চেৰিয়ট

স্বাস্থ্য: দ্য মুন

হুইল অৱ ফৰচ্য়ুন কাৰ্ডখনে কয় যে এতিয়া আপোনালোকৰ সম্পৰ্ক শক্তিশালী হ’ব। যদিহে আপুনি বিবাহৰ কথা ভাবি আছে তেনহ’লে আপুনি বৈবাহিক সুখ লাভ কৰিব। আপোনালোকে সম্পৰ্কত কিছু উত্থান-পতনৰ সম্মুখীন হ’ব পাৰে কিন্তু আপোনালোকৰ সম্পৰ্ক নাভাঙে।

টেৰ’সাপ্তাহিক ৰাশিফল অনুসৰি এই সময়খিনিত ধন উপাৰ্জন কৰা আৰু ধন সঞ্চয় কৰাত আপুনি মনোযোগ কেন্দ্ৰিত কৰিব। আপুনি প্ৰয়োজনীয় বস্তুত খৰচ কৰাৰ আগতেও দুবাৰকৈ ভাবিব।

আপৰাইট চেৰিয়ট কাৰ্ডখনে কয় যে এই সপ্তাহত আপোনাৰ মাজত সফল হোৱাৰ আৰু প্ৰত্যাহ্বান অতিক্ৰম কৰাৰ দৃঢ় ইচ্ছাশক্তি থাকিব। আপুনি নিজৰ কৌশল আৰু দক্ষতাৰ ওপৰত দৃঢ় বিশ্বাস ৰাখিব।

স্বাস্থ্য ৰীডিঙত দ্য মুন কাৰ্ডখনে প্ৰকাশ কৰে যে আপোনাৰ মানসিক সমস্যা বা মূৰৰ বিষ বা মাইগ্ৰেইন হ’ব পাৰে।ইয়াৰ বাবে আপোনাৰ স্বাস্থ্য দুৰ্বল হ’ব পাৰে আৰু আপোনাৰ সম্পূৰ্ণ বিকাশত বাধা আহিব পাৰে।

এই মাহৰ শুভ তাৰিখ: 2, 20 আৰু 29

পাওক আপোনাৰ কুণ্ডলী আধাৰিত সঠিক শনি প্ৰতিৱেদন

সিংহ ৰাশি

প্ৰেম জীৱন: এট অৱ ৱেণ্ডচ্

আৰ্থিক জীৱন: টু অৱ স্ৱৰডচ্

কেৰিয়াৰ: নাইন অৱ স্ৱৰডচ্

স্বাস্থ্য: টু অৱ পেণ্টাকলচ্

প্ৰেম জীৱনত সিংহ ৰাশিৰ জাতকসকলৰ বাবে এট অৱ ৱেণ্ডচ্ কাৰ্ডখনে কয় যে যদিহে আপোনাৰ জীৱনসঙ্গীৰ সৈতে কথা-বতৰা বন্ধ হৈ আছে তেনেহ’লে অতি শীঘ্ৰেই আপোনালোকৰ কথা-বতৰা হ’ব।

আৰ্থিক দিশত টু অৱ স্ৱৰডচ্ কাৰ্ডখন এক শুভ সংকেত নহয়। এই কাৰ্ডখনৰ মতে আপুনি এই সপ্তাহত আপোনাৰ সম্মুখলৈ এনে কোনো ব্যয় আহিব পাৰে যিটো আপুনি এৰাই চলিব নোৱাৰিব। আপুনি পৰিকল্পনা প্ৰস্তুত কৰি চলিলে ভাল হ’ব।

কেৰিয়াৰৰ ক্ষেত্ৰত নাইন অৱ স্ৱৰডচ্ কাৰ্ডখনে চাপ আৰু সংঘৰ্ষৰ সংকেত দিয়ে। আপুনি এই সপ্তাহত নিজৰ কাৰ্য্যালয়ত ৰাজনীতিৰ সম্মুখীন হ’ব পাৰে বা আপোনাৰ প্ৰতিচ্ছবি নষ্ট হ’ব পাৰে। আপোনাৰ ওপৰত কামৰ হেঁচাও বৃদ্ধি পাব পাৰে।

টু অৱ পেণ্টাকলচ্ কাৰ্ডখনে প্ৰকাশ কৰে যে আপুনি নিজৰ ব্যক্তিগত জীৱন আৰু কামৰ মাজত সন্তুলন ৰক্ষা কৰা উচিত। আপুনি নিজৰ স্বাস্থ্য আৰু ফিটনেচৰ ওপৰত মনোযোগ দিয়া উচিত।

এই মাহৰ শুভ তাৰিখ: 1, 10, 19

কন্যা ৰাশি

প্ৰেম জীৱন: এচ অৱ কপচ্

আৰ্থিক জীৱন: থ্ৰী অৱ কপচ্

কেৰিয়াৰ: চিক্স অৱ পেণ্টাকলচ্

স্বাস্থ্য: টেম্পেৰেন্স

কন্যা ৰাশি ৰ জাতকসকলৰ বাবে এচ অৱ কপচ্ কাৰ্ডখনে কয় যে আপুনি এই সপ্তাহত এই কথাৰদ্বাৰা প্ৰভাৱিত হ’ব যে আপোনাৰ সঙ্গীয়ে আপোনাৰ সৈতে ইমান ভালদৰে আচৰণ কৰিছে। এই কাৰ্ডখনে প্ৰেম জীৱনৰ এক নতুন আৰম্ভণিক সূচিত কৰে।

বিত্তীয় জীৱনত আপুনি থ্ৰী অৱ কপচ্ কাৰ্ড লাভ কৰিছে যি সংকেত দিয়ে যে আপোনাৰ বেতন বৃদ্ধি হ’ব পাৰে বা ব্যৱসায় বৃদ্ধি হ’ব।

কেৰিয়াৰৰ দিশত দেখা যায় আপুনি সফলতাৰ পথত আগবাঢ়িবৰ বাবে আপোনাৰ জেষ্ঠ্যসকলে যথেষ্ট সহায় কৰিব। যদিহে আপুনি ব্যৱসায়ৰ বাবে নতুন বিনিয়োগকাৰী বা অংশীদাৰৰ সন্ধানত আছে তেনেহ’লে আপোনাৰ এই সন্ধান পূৰণ হব।

এই সপ্তাহত আপোনাৰ স্বাস্থ্য ভালে থাকিব আৰু আপুনি সৰু সুৰা সমস্যাবোৰৰ সৈতে মোকাবিলা কৰিবলৈ সক্ষম হ’ব। এই কাৰ্ডখনে শক্তিশালী ৰোগ প্ৰতিৰোধ ক্ষমতাৰ সংকেত দিয়ে।

এই মাহৰ শুভ তাৰিখ: 15 আৰু 25

তুলা ৰাশি

প্ৰেম জীৱন: টেন অৱ পেণ্টাকলচ্

আৰ্থিক জীৱন: টেন অৱ ৱেণ্ডচ্

কেৰিয়াৰ: নাইট অৱ কপচ্

স্বাস্থ্য: চেভেন অৱ পেণ্টাকলচ্

টেৰ’ সাপ্তাহিক ৰাশিফল অনুসৰি তুলাৰাশিৰ জাতকসকলে টেন অৱ পেণ্টাকলচ্ কাৰ্ড লাভ কৰিছে যাৰ মতে আপুনি নিজৰ পৰিয়ালৰ সৈতে ভাল আৰু মধুৰ সময় কচাব পাৰিব। এই সপ্তাহত সন্তানৰ আগমনৰ আগজাননী লাভ কৰিব পাৰে।

বিত্তীয় জীৱনত আপুনি লাভ কৰা টেন অৱ ৱেণ্ডচ্ কাৰ্ডখনে কয় যে এই সপ্তাহত আপুনি নিজৰ পৰিয়ালৰ সদস্যসকলৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিবৰ বাবে বহুত বেছি ব্য়য় কৰিব পাৰে। ইয়াৰ ফলত আশা কৰা মতে সঞ্চয় কৰিব নোৱাৰিব পাৰে।

নাইট অৱ কপচ্ কাৰ্ডখনে সংকেত দিছে যে আপুনি এই সপ্তাহত কেৰিয়াৰৰ নতুন সুযোগ লাভ কৰিব। যদিহে আপুনি কোনো চাকৰি বা পাঠ্যক্ৰমৰ আৱেদনৰ ফলাফলৰ বাবে অপেক্ষা কৰি আছে তেনেহ’লে আপুনি ইতিবাক ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে।

টেৰ’ ৰাডিঙত েভেন অৱ পেণ্টাকলচ্ কাৰ্ডখনে কয় যে আপুনি নিজৰ স্বাস্থ্য উন্নত কৰিবৰ বাবে সঠিক প্ৰচেষ্টা কৰি আছে। আপুনি লাহে লাহে ইতিবাচক ফলাফল প্ৰাপ্ত কৰিব।

এই মাহৰ শুভ তাৰিখ: 6 আৰু 24

বৃশ্চিক ৰাশি

প্ৰেম জীৱন: নাইন অৱ ৱেণ্ডচ্

আৰ্থিক জীৱন: দ্য হেংগড্ মেন

কেৰিয়াৰ: কিং অৱ স্ৱৰডচ্

স্বাস্থ্য: নাইন অৱ পেণ্টাকলচ্

বৃশ্চিক ৰাশি ৰ জাতকসকলে প্ৰেম জীৱনত লাভ কৰা নাইন অৱ ৱেণ্ডচ্ কাৰ্ডখনে কয় যে আপুনি যি লক্ষ্য পাব বিচাৰে, সেয়া শীঘ্ৰেই আপুনি লাভ কৰিব। আপুনি নিজৰ ৰোমাণ্টিক জীৱনলৈ কোনো ডাঙৰ পৰিৱৰ্তন আনিব পাৰে।

যদিহে আপুনি আৰ্থিক জীৱনত সংঘৰ্ষ কৰি আছে তেনেহ’লে দ্য হেংগড মেন কাৰ্ডখনে প্ৰকাশ কৰে যে আপুনি দৃষ্টিভংগী পৰিৱৰ্তন কৰাৰ প্ৰয়োজনীয়তা আছে। আপুনি নিজৰ বিত্তীয় স্থিতিক লৈ যথেষ্ট চিন্তিত হ’লে অধিক সমস্যাৰহে সৃষ্টি হ’ব।

কেৰিয়াৰৰ দিশত কিং অৱ স্ৱৰডচ্ কাৰ্ডখনে প্ৰকাশ কৰে যে এই সপ্তাহত আপুনি নিজৰ লক্ষ্যত উপনীত হ’বৰ বাবে অত্যন্ত কষ্ট কৰিব। আপুনি আগতকৈও অধিক কষ্ট কৰিব আৰু নিজৰ সকলো শক্তি প্ৰয়োগ কৰিব। আপুনি নিজৰ কৰ্মক্ষেত্ৰত নিজৰ যোগ্যতা প্ৰতিপন্ন কৰিব।

নাইন অৱ পেণ্টাকলচ্ কাৰ্ডখনে কয় যে এই সপ্তাহত আপুনি উৎসাহ আৰু উদ্যমেৰে পৰিপূৰ্ণ হৈ থাকিব। আপুনি শাৰীৰিক আৰু মানসিকভাৱে স্বাস্থ্যৱান হৈ থাকিব।

এই মাহৰ শুভ তাৰিখ: 17 আৰু 26

কেৰিয়াৰক লৈ হৈ আছে টেনশ্যন! এতিয়াই অৰ্ডাৰ কৰক কগ্নিএষ্ট্ৰো প্ৰতিৱেদন

ধনু ৰাশি

প্ৰেম জীৱন: নাইন অৱ কপচ্

আৰ্থিক জীৱন: জাজমেণ্ট (ৰিভাৰ্চড্)

কেৰিয়াৰ: ফ’ৰ অৱ পেণ্টাকলচ্

স্বাস্থ্য: ডে’থ (ৰিভাৰ্চড্)

ধনু ৰাশি ৰ জাতকসকলে প্ৰেম জীৱনত নাইন অৱ কপচ্ কাৰ্ড লাভ কৰিছে যাৰ অৰ্থ হৈছে প্ৰেমিক যুগলসকল আৱেগিক ৰূপত সন্তুষ্ট হৈ থাকিব আৰু সম্পৰ্কৰ পূৰা আনন্দ ল’ব। আপোনালোকে বিবাহৰ বন্ধনত বান্ধ খাব পাৰে অথবা পৰিয়াল আৰম্ভ কৰিব পাৰে।

যদিহে আপুনি অসৃলপতে কোনো আৰ্থিক সংকটৰ সম্মুখীন হৈছে তেনেহ’লে আপুনি নিজৰ ওপৰত কিছু কঠোৰ হৈছে। এই কাৰ্ডখনৰ মতে আপুনি জ্ঞাতে-অজ্ঞাতে ভুলৰ পুণৰাবৃত্তি কৰিব পাৰে। আপুনি বিত্তীয় স্থিতি আৰু লক্ষ্যক বুজিবলৈ চেষ্টা কৰক আৰু সেই মতে কাম কৰিবলৈ আৰনম্ভ কৰক।

ফ’ৰ অৱ পেণ্টাকলচ্ কাৰ্ডখনে কয় যে আপুনি এতিয়া অৱশেষত কেৰিয়াৰত স্থিৰতা লাভ কৰিব পাৰিব।

স্বাস্থ্যৰ ক্ষেত্ৰত দ্য ডে’থ কাৰ্ডখনে প্ৰকাশ কৰে যে আপুনি আধ্যাত্মিক বিকাশ আৰু জীৱনলৈ অহা পৰিৱৰ্তনবোৰৰ স্বাগতম কৰা উচিত। যদিহে আপোনাৰ কোনো বস্তুৰ নিচা হৈছে তেন্তে তাৰপৰা মুক্তি পাবলৈ চেষ্টা কৰক।

এই মাহৰ শুভ তাৰিখ: 3 আৰু 30

মকৰ ৰাশি

প্ৰেম জীৱন: টেন অৱ পেণ্টাকলচ্

আৰ্থিক জীৱন: কিং অৱ পেণ্টাকলচ্

কেৰিয়াৰ: ফ’ৰ অৱ স্ৱৰডচ্

স্বাস্থ্য: দ্য ষ্টাৰ

মকৰ ৰাশি ৰ জাতকসকলে প্ৰেমৰ ক্ষেত্ৰত এই সপ্তাহত টেন অৱ পেণ্টাকলচ্ কাৰ্ড লাভ কৰিছে যি অৱগত কৰে যে আপুনি আৰু আপোনাৰ জীৱনসঙ্গী আৱেগিক আৰু ভৌতিক ৰূপত ভাল স্থিতিত আছে। আপুনি নিজৰ প্ৰেমাস্পদৰ সৈতে থাকিবলৈ আৰম্ভ কৰিব পাৰে, নতুন ঘৰ কিনিব পাৰে বা পৰিয়াল আৰম্ভ কৰাৰ কথা ভাবিব পাৰে। আপোনাৰ পাৰিবাৰিক সম্পৰ্ক শক্তিশালী হ’ব।

কিং অৱ পেণ্টাকলচ্ কাৰ্ডখনে কষ্টৰ ফল প্ৰাপ্তিক সূচিত কৰে। এই কাৰ্ডখন হৈছে লাকী চাৰ্ম। এই সময়ত আপোনাৰ আৰ্থিক স্থিতি ভাল হ’ব। আজি আপুনি আৰ্থিকভাৱে সুৰক্ষিত আৰু স্থিৰ হোৱাটো কোনো কাকতালীয় সংযোগ নহয়, বৰঞ্চ এয়া হৈছে আপোনাৰ কষ্টৰ ফল।

আপোনাৰ বাবে কাম যথেষ্ট কষ্টকৰ বা নিৰাশাজনক হ’ব পাৰে। আপুনি দীৰ্ঘদিন ধৰি কঠোৰ পৰিশ্ৰম কৰি আছে আৰু এতিয়া আপুনি মানসিক তথা শাৰীৰিকভাৱে ক্লান্ত অনুভৱ কৰিছে। কামৰপৰা এদিন বা দুদিনৰ ছুটী ল’লে আপোনাৰ মানসিক স্বাস্থ্যৰ ওপৰত ভাল প্ৰভাৱ পৰিব আৰু আপুনি আগতকৈ ভাল প্ৰদৰ্শন কৰিব পাৰিব।

দ্য ষ্টাৰ কাৰ্ডখনে কয় যে আপোনাৰ স্বাস্থ্য স্থিৰ অৱস্থাত থাকিব কিন্তু আপুনি কামৰপৰা ব্ৰে’ক লৈ আপোনাৰ মানসিক আৰু আৱেগিক স্বাস্থ্য়ৰ ওপৰত মনোযোগ দিয়া উচিত। এটা সৰু ব্ৰে’কৰ জৰিয়তে আপুনি যথেষ্ট সতেজ অনুভৱ কৰিব।

এই মাহৰ শুভ তাৰিখ: 8 আৰু 16

কুম্ভ ৰাশি

প্ৰেম জীৱন: নাইট অৱ ৱেণ্ডচ্

আৰ্থিক জীৱন: চিক্স অৱ স্ৱৰডচ্

কেৰিয়াৰ: দ্য চান

স্বাস্থ্য: কুইন অৱ ৱেণ্ডচ্

কুম্ভ ৰাশিৰ জাতকসকল প্ৰেম জীৱনত নাইট অৱ ৱেণ্ডচ্ কাৰ্ডখন প্ৰাপ্ত কৰিছে যি উৎসাহ আৰু সম্পৰ্ক সফল কৰি তুলিবৰ বাবে প্ৰয়াস কৰিবলৈ প্ৰেৰিত কৰে। এই কাৰ্ডখনে এয়াও কয় যে আপুনি আৰু আপোনাৰ জীৱনসঙ্গীয়ে একেলগে ভাল সময় কটোৱা উচিত। ইয়াৰদ্বাৰা আপোনালোক দুয়োৰে সম্পৰ্ক শক্তিশালী হ’ব।

টেৰ’সাপ্তাহিক ৰাশিফল অনুসৰিবিত্তীয় জীৱনত চিক্স অৱ স্ৱৰডচ্ কাৰ্ডখনে আৰ্থিক সমস্যাৰপৰা সকাহ লাভ আৰু বিত্তীয় জীৱনত স্থিৰতা আৰু টকা-পইচাৰ সঠিক পৰিচালনাক দৰ্শিত কৰে। এই কাৰ্ডখনে এয়াও কয় যে আপুনি আৰ্থিক প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰি শান্তিপূৰ্ণ স্থিতি লাভ কৰিছে য’ত আপোনাৰ আৰ্থিক চাপ কম হ’ব।

কেৰিয়াৰৰ দিশত দ্য চান কাৰ্ডখনে কয় যে বচ আৰু প্ৰভাৱশালী লোকসকল আপোনাৰ কামত সন্তুষ্ট হ’ব। এই কাৰ্ডখনে পদোন্নতি আৰু উন্নত সুযোগৰো সংকেত প্ৰদান কৰে। আপুনি কেৰিয়াৰক সঠিক দিশত লৈ যাবলৈ সক্ষম হ’ব আৰু সফলতাৰ আনন্দ ল’ব পাৰিব।

স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি কুইন অৱ ৱেণ্ডচ কাৰ্ডখন লাভ কৰিছে যি উত্তম স্বাস্থ্যৰ সংকেত দিয়ে। অৱশ্যে, যদিহে আপুনি কোনো স্বাস্থ্যজনিত সমস্যাত ভূগি আছে তেনেহ’লে শীঘ্ৰেই আপুনি আৰোগ্য হ’ব।

এই মাহৰ শুভ তাৰিখ: 27 আৰু 9

পাওক আপোনাৰ কুণ্ডলী আধাৰিত সঠিক শনি প্ৰতিৱেদন

মীন ৰাশি

প্ৰেম জীৱন: এট অৱ কপচ্ (ৰিভাৰ্চড্)

আৰ্থিক জীৱন: চিক্স অৱ ৱেণ্ডচ্

কেৰিয়াৰ: ফ’ৰ অৱ স্ৱৰডচ্

স্বাস্থ্য: চেভেন অৱ কপচ্

এই সপ্তাহত মীন ৰাশি ৰ জাতকসকলে এট অৱ কপচ্ ৰিভাৰ্চড্ কাৰ্ড লাভ কৰিছে। এই কাৰ্ডখনে প্ৰকাশ কৰিছে যে আপুনি নিজৰ সঙ্গীৰ সৈতে কথা পাতি পৰস্পৰে বুজাপৰা কৰি লৈছে সেয়েহে আপোনাৰ সম্পৰ্কত যি সমস্যা আছিল এতিয়া সেয়া সমাধান হৈছে। আপোনালোক দুয়োৱে পৰস্পৰক ক্ষমা কৰি দিয়াৰ আৰু একেলগে আগবাঢ়ি যোৱাৰ সিদ্ধান্ত লৈছে।

আৰ্থিক জীৱনত প্ৰাপ্ত কৰা চিক্স অৱ ৱেণ্ডচ্ কাৰ্ডখনে সফলতা, উপলব্ধি আৰু আৰ্থিক স্তৰত কৰি থকা প্ৰয়াসৰ বাবে ইতিবাচক পৰিণাম লাভ কৰাক দৰ্শায়। আপোনাৰ বেতন বৃদ্ধি বা পদোন্নতি হ’ব পাৰে। এই কাৰ্ডখনে এনে এক সুযোগক সূচিত কৰে য’ত আনৰদ্বাৰা আপোনাৰ কঠোৰ পৰিশ্ৰমে স্বীকৃতি লাভ কৰাৰ কাৰণে আপুনি আপোনাৰ বিত্তীয় জীৱনত স্থিৰতা আৰু উন্নতি লাভ কৰিব।

কেৰিয়াৰৰ ক্ষেত্ৰত দেখা গৈছে যে আপুনি অলপতে নিজৰ কামত যথেষ্ট ব্যস্ত বা চিন্তিত হৈ আছে। আপুনি হয়তো দীৰ্ঘ সময় ধৰি সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰি কাম কৰি আছে আৰু এতিয়া চাপে শাৰীৰিক আৰু মানসিক স্বাস্থ্যক প্ৰভাৱিত কৰিছে। আপুনি নিজৰ শৰীৰৰপৰা লাভ কৰা সংকেতসমূহৰ প্ৰতি মনোযোগ দিয়ক আৰু আৰাম কৰক।

স্বাস্থ্যৰ ক্ষেত্ৰত দেখা যায় যে চেভেন অৱ কপচ্ কাৰ্ডখনে স্বাস্থ্যজনিত সমস্যাৰ সমাধানৰ বাবে কোনো আবাস্তৱিক আশা নাৰাখিবৰ বাবে বা কোনো কাল্পনিক সমাধান নাভাবিবৰ বাবে সাৱধানবাণী দিয়ে। এই কাৰ্ডখনে কেৱল অলপ সময়ৰ বাবে উপশম দিয়া উপায়ৰ সলনি নিজৰ মনোযোগ দিয়াৰ আৰু নিজৰ স্বাস্থ্যৰ প্ৰতি সন্তুলিত দৃষ্টিভংগী আঁকোৱালি লোৱাৰ বাবে পৰামৰ্শ দিয়ে।

এই মাহৰ শুভ তাৰিখ: 12 আৰু 3

সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক: এষ্ট্ৰোচেজ অনলাইন শ্বপিং ষ্টোৰ

আমি আশা ৰাখিছোঁ যে আপুনি আমাৰ এই প্ৰৱন্ধটো নিশ্চয় ভাল পাইছে। এষ্ট্ৰোচেজৰ সৈতে জড়িত হৈ থকাৰ বাবে আপোনাক অশেষ ধন্যবাদ।

সঘনাই সোধা প্ৰশ্ন

1. টেৰ’ কাৰ্ডত কালা যাদুৰ প্ৰয়োগ কৰা নহয় নেকি?

টেৰ’ত কোনো ধৰণৰ কালা যাদু নাই।

2. টেৰ’ ভাৰতত জনপ্ৰিয় নে?

হয়, এতিয়া ভাৰতত টেৰ’ যথেষ্ট জনপ্ৰিয় হৈ পৰিছে।

3. টেৰ’ৰ সম্পৰ্ক ইউৰোপৰ সৈতে আছে নেকি?

হয়, টেৰ’ৰ উৎপত্তি ইউৰোপত হৈছিল।

Talk to Astrologer Chat with Astrologer