মেষ ৰাশিৰ পৰৱৰ্তী মাহৰ ৰাশিফল - Aries Next Monthly Horoscope in Assamese

June, 2024

এই মাহটো মেষ ৰাশিৰ জাতকসকলৰ বাবে উত্থান-পতনেৰে পৰিপূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। আপুনি জীৱনত কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলগীয়া হ’ব পাৰে যাৰ বাবে আপুনি পূৰ্বৰেপৰাই প্ৰস্তুত হৈ থাকিব লাগিব কিয়নো এই সিদ্ধান্ত সহজ নহ’ব। কেৰিয়াৰৰ দৃষ্টিকোমৰপৰা এই মাহটো অনুকূল হোৱাৰ প্ৰৱল সম্ভাৱনা আছে। দশম গৃহৰ স্বামী শনি মহাৰাজ গোটেই মাহ জুৰি আপোনাৰ একাদশ গৃহত বিৰাজমান হ’ব যাৰ ফলস্বৰূপে আপুনি যথেষ্ট পৰিশ্ৰম কৰিব। শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত দেখা যায় পঞ্চম গৃহৰ স্বামী সূৰ্য্য দ্বিতীয় গৃহত বৃহসপ্তি শুক্ৰ, বুধৰ সৈতে বিৰাজমান হ’ব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত দেখা যায় পঞ্চম গৃহৰ স্বামী দ্বিতীয় গৃহত বৃহস্পতি, শুক্ৰ আৰু বুধৰ সৈতে বিৰাজমান হোৱাটো প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত অনুকূল হ’ব। বিবাহিত জাতকসকলৰ বাবে এই মাহটো মোটামোটি ভালেৰেই যাব। জীৱনসঙ্গীয়ে পাৰিবাৰিক কাৰ্য্যকলাপত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আৰ্থিক দিশত এই মাহটো উত্থান-পতেনেৰ পৰিপূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। এই মাহটো স্বাস্থ্যৰ ফালৰপৰা কিছু দুৰ্বল হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ ৰাশিত মঙ্গল নিজৰ ৰাশিৰ মাজেৰে গৈ আপোনাক সুস্বাস্থ্যৱান কৰি ৰাখিব।


উপায়
প্ৰতিদিনে সূৰ্য্যাষ্টক পাঠ কৰা উচিত।
Talk to Astrologer Chat with Astrologer