হোলিকা দহন 2024 : তাৰিখ, মুহূৰ্ত্ত আৰু শুভ ৰং জানক

Author: Lobitha Dutta | Updated Thu, 14 Mar 2024 10:37 AM IST

মাঘৰ পিছত ফাগুন মাহৰ আগমন ঘটে। ফাগুনৰ নাম শুনাৰ লগে লগেই মানুহে হোলীৰ বাবে অপেক্ষা কৰিবলৈ আৰম্ভ কৰে। সুখৰ এই উৎসৱত, সকলোৱে ৰঙৰ আনন্দত মতলীয়া হোৱাৰ সুযোগ পায়। হোলী উৎসৱ প্ৰকৃততে হোলিকা দহনৰপৰাই আৰম্ভ হয়। ফাগুন মাহৰ পূৰ্ণিমাৰ নিশা হোলিকা দহন সম্পন্ন কৰা হয় আৰু পিছদিনা হোলী উৎসৱ উদযাপন কৰা হয়। ধৰ্মীয় বিশ্বাস অনুসৰি, এই উৎসৱটো অশুভৰ ওপৰত শুভৰ জয় হিচাপে আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰা হয়। পুৰাণত, নাৰায়ণ ভক্ত প্ৰহ্লাদৰ কাহিনী হোলিকা দহনৰ প্ৰসংগত বৰ্ণনা কৰা হৈছে। লিখা আছে যে এজনগৰাকী অত্যাচাৰী ৰজা হিৰণ্যকাশ্যপে তেওঁৰ পুত্ৰ প্ৰহ্লাদক হত্যা কৰাৰ বাবে বহুতো ষড়যন্ত্ৰ ৰচিছিল, যি ভগৱান নাৰায়ণৰ কৃপায় বিফল হৈ আছিল। এই উৎসৱক ভাৰতৰ বিভিন্ন প্ৰান্তত চোটি হোলী আৰু হোলিকা দীপক বুলিও জনা যায়।এষ্ট্ৰোছেজৰ এই বিশেষ ব্লগটোৰ জৰিয়তে আমি আপোনাকহোলিকা দহন 2024ৰ বিষয়ে অৱগত কৰিম।


ভৱিষ্যতৰ সৈতে জড়িত যিকোনো সমস্যাৰ সমাধান লাভ কৰিব বিদ্বান জ্যোতিষীসকলৰ সৈতে কথা পাতি

গতিকে আহক এষ্ট্ৰোছেজৰ এই বিশেষ ব্লগটোৰ যোগেদি হোলিকা দহন কিয় কৰা হয় সেই সম্পৰ্কে জানো? লগত জানো আহক ইয়াৰ গুৰুত্ব কি? এইবাৰ হোলিকা দহনৰ সঠিক তাৰিখ আৰু সময় কি? আৰু লগতে সেই দিনা ৰাশি অনুসৰি অগ্নিত কি কি সামগ্ৰী আগবঢ়োৱা উচিত।

এয়াও পঢ়ক: ৰাশিফল 2024

হোলিকা দহন 2024: তিথি আৰু মুহূৰ্ত্ত

হিন্দু পঞ্জিকা অনুসৰি, হোলিকা দহন 2024ৰ বাবে শুভ সময় হৈছে 24 মাৰ্চৰ নিশা 11 বাজি 15 মিনিটৰপৰা 12 বাজি 23 মিনিট পৰ্য্যন্ত। শাস্ত্ৰ অনুসৰি সূৰ্য্যাস্তৰ পিছত হোলিকাৰ পূজা কৰা হয় আৰু সূৰ্যাস্তৰ পিছতহে জ্বলাই দিয়া হয়। সেই দিনা ভদ্ৰাও লাগিব। এই ভদ্ৰা 24 মাৰ্চৰ সন্ধিয়া 06 বাজি 09 মিনিটৰপৰা আৰম্ভ হ'ব আৰু সন্ধিয়া 08 বাজি 09ত মিনিটত সমাপ্ত হ'ব। হোলিকা দহনৰ সময়ত ভদ্ৰাৰ ছাঁয়া নাথাকিব। এনে পৰিস্থিতিত পূজাৰ ক্ষেত্ৰত কোনো বাধা নাথাকে।

হোলিকা দহনৰ মুহূৰ্ত্ত : 24 মাৰ্চৰ ৰাতি 11 বাজি 15 মিনিটৰপৰা 12 বাজি 23 মিনিট পৰ্য্যন্ত

অৱধি: 1 ঘণ্টা 7 মিনিট

ভদ্ৰা পুঞ্চ: 06 বাজি 49 মিনিটৰপৰা 08 বাজি 09 মিনিট পৰ্য্যন্ত

ভদ্ৰা মুখ: 08 বাজি 09 মিনিটৰপৰা 10 বাজি 22 মিনিট পৰ্য্যন্ত

বৃহৎ কুণ্ডলী ত নিহিত হৈ আছে, আপোনাৰ জীৱনৰ সকলো গোপন ৰহস্য, জানক গ্ৰহসমূহৰ গতি-বিধিৰ সম্পূৰ্ণ লেখ-জোখ

হোলিকা দহন পালন কৰাৰ আঁৰৰ কাৰণ

হিন্দু ধৰ্মত, এই উৎসৱক অশুভৰ ওপৰত শুভৰ জয় হিচাপে উদযাপন কৰা হয়। জনশ্ৰুতি অনুসৰি, এই দিনটোত ৰাক্ষস ৰজা হিৰণ্যকাশ্যপৰ ভগ্নী হোলিকাই প্ৰহ্লাদক অগ্নিত জ্বলাই দিবলৈ চেষ্টা কৰিছিল, কিন্তু ভগৱান বিষ্ণুৱে ভক্ত প্ৰহ্লাদক সুৰক্ষা দিছিল আৰু সেই জুইত হোলিকাক ভস্ম দিছিল। এনে পৰিস্থিতিত এই দিনটোত অগ্নি দেৱতাৰ পূজা কৰাৰ নিয়ম আছে আৰু সেই জুইত শস্য আৰু বাৰ্লি, মিঠাই আদি ৰখা হয়। হোলিকানৰ ভস্মক অতি পৱিত্ৰ আৰু বিশুদ্ধ হিচাপে গণ্য কৰা হয়। মানুহে হোলিকা দাহ কৰাৰ পিছত নিজৰ ঘৰলৈ ইয়াৰ চিতাভস্ম আনি ঘৰৰ মন্দিৰ বা যিকোনো পবিত্ৰ স্থানত ৰাখে। বিশ্বাস কৰা হয় যে এনে কৰিলে ঘৰত সুখ-সমৃদ্ধি বৰ্ত্তি থাকে আৰু সকলো ধৰণৰ নেতিবাচক শক্তি দূৰ হয়। হিন্দু পঞ্জিকা অনুসৰি, ফাগুন মাহৰ পূৰ্ণিমাৰ নিশা হোলিকা দাহ সম্পন্ন কৰা হয়। এই উৎসৱৰ পিছদিনা, মানুহে ৰঙেৰে হোলী খেলে আৰু ইজনে সিজনৰ গাত ৰং সানে।

কেনেদৰে পালন কৰা হয় হোলিকা

ওপৰত উল্লেখ কৰা অনুসৰি, হোলিকা দহন প্ৰতি বছৰে ফাগুন মাহৰ শুক্ল পক্ষৰ পূৰ্ণিমা তিথিত প্ৰদোষ কালত কৰা হয়। হোলিকাৰ দহন কোনো মুকলি ঠাইত কৰা হয়। ইয়াৰ বাবে, কাঠ গোটোৱা হয় আৰু তাত হোলিকা আৰু ভক্ত প্ৰহ্লাদক শুদ্ধ গোবৰেৰে নিৰ্মাণ কৰি স্থাপন কৰা হয়, যাক গুলাৰী বা বড়কুল্লা নামেৰে জনা যায়। ইয়াৰ পিছত, হোলিকাৰ ওচৰত গোবৰেৰে তৈয়াৰ কৰা ঢাল ৰখা হয় আৰু তাত চাৰিডাল মালা ৰখা হয়, যিবোৰ মল্লি ফুল, গুলাল আৰু গোবৰেৰে তৈয়াৰ কৰা পুতলাৰে নিৰ্মাণ কৰা হয়। ইয়াৰ পিছত, হোলিকা দাহৰ পৱিত্ৰ সময়ত পূজা আৰম্ভ কৰা হয়। ইয়াৰ বাবে গোবৰেৰে নিৰ্মিত ঢালৰ ওপৰত এডাল মালা পূৰ্বপুৰুষৰ নামত উৎসৰ্গিত কৰিব লাগে, দ্বিতীয়ডাল মালা হনুমানজীক অৰ্পণ কৰিব লাগে, তৃতীয়ডাল মালা শীতলা মাতা আৰু চতুৰ্থ মালা ঘৰ-পৰিয়ালৰ বাবে ৰাখিব লাগে।

পাওক আপোনাৰ সোঁৱৰণি আধাৰিত সঠিক শনি প্ৰতিৱেদন

হোলিকা দহনৰ গুৰুত্ব

সনাতন ধৰ্মত হোলিকাৰ বিশেষ গুৰুত্ব আছে। এনে পৰিস্থিতিত, আজিৰ দিনটোত মানুহে তেওঁলোকৰ ঘৰ আৰু জীৱনত সুখ-শান্তি তথা সমৃদ্ধিৰ বাবে হোলিকাৰ পূজা কৰে। বিশ্বাস কৰা হয় যে হোলিকা জ্বলাই, ঘৰৰ পৰা ঋণাত্মক শক্তি দূৰ কৰা হয় আৰু ইতিবাচক শক্তিক আদৰণি জনোৱা হয়। হোলিকা দাহৰ প্ৰস্তুতি কেইবাদিনো পূৰ্বৰেপৰাই আৰম্ভ হয়। মানুহে কাঠ, গোবৰৰ পিঠা আদি সংগ্ৰহ কৰে আৰু তাৰ পিছত হোলিকাৰ দিনা জ্বলাই অশুভৰ ওপৰত শুভৰ জয় উদযাপন কৰে। হোলিকাৰ দহনৰ অগ্নি অতি লাভদায়ক হয়। বিশ্বাস কৰা হয় যে হোলিকা দাহৰ অগ্নিত প্ৰতিটো সমস্যা আৰু অসুবিধা জলি নাইকিয়া হৈ যায়। তদুপৰি, মানুহৰ সকলো মনোকামনা পূৰণ হয় আৰু দেৱ-দেৱীসকলৰ বিশেষ কৃপা লাভ কৰে।

হোলিকা দহনৰ পূজন বিধি আৰু সামগ্ৰী

অনলাইন চফ্টৱেৰৰপৰা বিনামূলীয়া জন্ম কোষ্ঠী লাভ কৰক

হোলিকা দহনৰ দিনা কৰা হয় সংকটমোচন পূজা

হোলিকা দাহৰ দিনা সন্ধিয়া হোলিকাৰ দহন কৰা হয়। এই সময়ছোৱাত, ৰাতি ভগৱান হনুমানৰ পূজা কৰাৰ বিধান আছে। বিশ্বাস কৰা হয় যে যদি এই দিনটোত ভগৱান হনুমানক সম্পূৰ্ণ শ্ৰদ্ধা-ভক্তিৰে পূজা কৰা হয়, তেতিয়া এগৰাকী ব্যক্তিয়ে সকলো ধৰণৰ দুখ-কষ্ট আৰু পাপৰপৰা পৰিত্ৰাণ লাভ কৰে। জ্যোতিষশাস্ত্ৰ অনুসৰি, নতুন সংৱৎসৰৰ ৰজা আৰু মন্ত্ৰী উভয়েই মঙ্গল গ্ৰহ। মঙ্গলৰ কাৰক হৈছে ভগৱান হনুমান। এনে পৰিস্থিতিত যদি হোলিকাৰ দহনৰ দিনা হনুমানজীৰ সৈতে সম্পৰ্কিত কিছুমান উপায় গ্ৰহণ কৰা হয় তেতিয়া মানুহৰ ডাঙৰ ডাঙৰ দুখ-কষ্টও দূৰ হয়। হোলিকা নিশা হনুমানজীৰ পূজা কৰি আৰু সুন্দৰকান্দ পাঠ কৰি এগৰাকী ব্যক্তিয়ে সকলো ক্ষেত্ৰতে উন্নতি প্ৰাপ্ত কৰে।

হনুমান জীৰ পূজা বিধি

বৰ্ষ 2024 ত আপোনাৰ জীৱনলৈ প্ৰেমৰ আগমন ঘটিব নে? প্ৰেম ৰাশিফল 2024 য়ে দিব উত্তৰ

হোলিকা দহন 2024 ৰ দিনা কি কৰিব আৰু কি নকৰিব, ইয়াত জানক

ঘৰ আৰু পৰিয়ালৰ সুখ-সমৃদ্ধিৰ বাবে, হোলিকাৰ দহনৰ দিনা ভুলতেও কিছুমান কাম কৰিব নালাগে আৰু কিছু কাম নিশ্চিতভাৱে কৰিব লাগে। এইবোৰৰ বিষয়ে জানো আহক।

এই কামবোৰ কৰিব নালাগে

এই কামবোৰ নিশ্চয় কৰক

হোলিকা দহনৰ পিছত, আপুনি আপোনাৰ গোটেই পৰিয়ালৰ সৈতে মিলি চন্দ্ৰ দেৱতাৰ দৰ্শন কৰা উচিত। এনে কৰাৰ দ্বাৰা, অকাল মৃত্যুৰ ভয় দূৰ হয়।

ইয়াৰ বাহিৰেও, হোলিকা দহনৰ পূৰ্বে হোলিকাক সাত বা এঘাৰবাৰ পৰিক্ৰমা কৰিব লাগে আৰু ইয়াত মিঠাই, পিঠা, ইলাচী, লং, শস্য আদি সামগ্ৰী ৰাখিব লাগে, ই পৰিয়ালৰ সুখ-শান্তি বৃদ্ধি কৰে।

হোলিকা দহনত ৰাশি অনুসৰি দিয়ক আহুতি

জ্যোতিষ শাস্ত্ৰ অনুসৰি, হোলিকাৰ দহনত সদায় ৰাশি অনুসৰি আহুতি দিব লাগে, যাতে জীৱনত সুখ- সম্পদৰ উপৰিও শান্তি বৰ্ত্তি থাকে। আহক, হোলিকা দহনত কোন ৰাশিৰ ব্যক্তিয়ে কি সামগ্ৰী অগ্নিত আহুতি দিয়াটো শুভ বুলি গণ্য কৰা হয় সেই সম্পৰ্কে জানো:

মেষ ৰাশি

হোলিকা দহন 2024 অনুসৰিমেষ ৰাশিৰ লোকসকলে হোলিকাৰ দহনত গুড় আহুতি দিব লাগে। ই আপোনাৰ বাবে ভাগ্যৱান প্ৰমাণিত হ'ব।

বৃষ ৰাশি

বৃষ ৰাশিৰ লোকসকলে হোলিকাৰ দহনত বাটাছা আহুতি দিয়া উচিত। অনে কৰাৰ দ্বাৰা আপুনি লাভান্বিত হ'ব।

মিথুন ৰাশি

মিথুন ৰাশিৰ লোকসকলে হোলিকা দাহত কৰ্পূৰ আহুতি দিব লাগে। এনে কৰাৰ দ্বাৰা আপুনি শুভ ফলাফল পাব।

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ জাতকসকলে হোলিকাৰ অগ্নিত চেনী আহুতি দিয়া উচিত। এনে কৰাৰ দ্বাৰা, আপোনাৰ সকলো কাম সম্পন্ন হ'ব।

বৰ্ষ 2024 मेंত কেনে থাকিব আপোনাৰ স্বাস্থ্য? স্বাস্থ্য ৰাশিফল 2024 ৰপৰা লাভ কৰক উত্তৰ

সিংহ ৰাশি

সিংহ ৰাশিৰ লোকসকলৰ বাবে গুড় আহুতি দিয়াটো লাভজনক হ'ব। এনে কৰাৰ দ্বাৰা, আপোনাৰ সকলো ইচ্ছা পূৰণ হ'ব।

কন্যা ৰাশি

হোলিকা দহন 2024 তকন্যা ৰাশিৰ লোকসকলে কৰ্পূৰ আহুতি দিয়া উচিত। এনে কৰাৰ দ্বাৰা, আপোনাৰ ঘৰত ইতিবাচক শক্তি বৰ্ত্তি থাকিব।

তুলা ৰাশি

অক্ষতৰ আহুতি দিয়াটো তুলা ৰাশিৰ লোকসকলৰ বাবে লাভজনক প্ৰমাণিত হ'ব। এনে কৰাৰ দ্বাৰা, আপুনি ব্যৱসায় আৰু কৰ্মক্ষেত্ৰ দুয়োটাতে উন্নতি লাভ কৰিব।

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ লোকসকলে শুকান নাৰিকল আগবঢ়াব লাগে। এনে কৰাৰ দ্বাৰা, ভগৱান বিষ্ণুৱে আপোনাৰ ওপৰত বিশেষ আশীৰ্বাদ প্ৰদান কৰিব।

ধনু ৰাশি

ধনু ৰাশিৰ লোকসকলে হোলিকাৰ দহনত হালধীয়া সৰিয়হ আহুতি দিব লাগে। যদি আপুনি সন্তানহীন আৰু সন্তানৰ কামনা কৰে, তেনেহ'লে আপুনি এইক্ষেত্ৰত সফলতা লাভ কৰিব।

মকৰ ৰাশি

মকৰ ৰাশিৰ লোকসকলেহোলিকা দহন 2024 তহোলিকাৰ অগ্নিত লং আগবঢ়াব লাগে। এনে কৰাৰ দ্বাৰা, আপুনি ব্যৱসায়ৰ ক্ষেত্ৰত লাভান্বিত হ'ব আৰু আপোনাৰ বিত্তীয় পৰিস্থিতি দ্ৰুতগতিত উন্নত হ'ব।

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ লোকসকলে হোলিকাৰ জুইত ক'লা তিল ছটিয়াব লাগে। এনে কৰাৰ দ্বাৰা, আপুনি গ্ৰহদোষৰপৰা পৰিত্ৰাণ লাব কৰিব।

মীন ৰাশি

মীন ৰাশিৰ লোকসকলে হোলিকা অগ্নিত সৰিয়হ দিব লাগে। আপোনাৰ ঘৰলৈ তেতিয়া সুখ-সমৃদ্ধি আহিব আৰু আপুনি প্ৰতিটো প্ৰত্যাহ্বান সহজে অতিক্ৰম কৰিবলৈ সক্ষম হ'ব।

সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক: অনলাইন শ্বপিং ষ্টোৰ

আমি আশা ৰাখিছোঁ যে আপুনি আমাৰ এই প্ৰৱন্ধটো নিশ্চয় ভাল পাইছে। যদিহে ভাল পাইছে তেনেহ’লে আপোনাৰ অন্য শুভাকাংক্ষীসকলকো এই প্ৰৱন্ধটোৰ কথা জনাওক। ধন্যবাদ

Talk to Astrologer Chat with Astrologer