বৃশ্চিক ৰাশিৰ ৰাশিফল 2023 (Brishchik Rashir Rashifal 2023)

বৃশ্চিক ৰাশিৰ ৰাশিফল 2023 (Brishchik Rashir Rashifal 2023) শীৰ্ষক এই প্ৰবন্ধটোত আপুনি বৃশ্চিক ৰাশিৰ চিহ্নৰ অধীনত জন্ম গ্ৰহণ কৰা লোকসকলে 2023 বৰ্ষত লাভ কৰিবলগীয়া সুযোগ আৰু অসুবিধাবোৰৰ বিষয়ে জানিব পাৰিব। এই সকলোবোৰ কাৰক মনত ৰাখি বৃশ্চিক ৰাশিৰ ৰাশিফল 2023 প্ৰস্তুত কৰি তোলা হৈছে। এই ৰাশিফলত আপোনাৰ জীৱনৰ স্বাস্থ্যজনিত প্ৰত্যাহ্বান, পাৰিবাৰিক জীৱন, সন্তান, দাম্পত্য জীৱন, প্ৰেম জীৱনৰ উত্থান-পতন, সম্পত্তি লাভ কৰাৰ সম্ভাৱনা, আৰু আন বহুতো ক্ষেত্ৰৰ বিষয়ে সম্পূৰ্ণ তথ্য প্ৰদান কৰিবৰ বাবে চেষ্টা কৰা হৈছে। এই ৰাশিফল অনুসৰি আপুনি আপোনাৰ কেৰিয়াৰ, কৰ্মক্ষেত্ৰ, ব্যৱসায়ৰ উত্থান-পতন, ধন আৰু লাভ সম্পৰ্কীয় পৰিৱৰ্তন, বিত্তীয় পৰিস্থিতিৰ মূল্যাঙ্কন, আপোনাৰ শিক্ষাৰ স্থিতি আৰু ইয়াত প্ৰাপ্ত কৰিব লগা কিছুমান গুৰুত্বপূৰ্ণ ফলাফলৰ বিষয়ে অৱগত হ’ব পাৰিব।

Brishchik Rashir Rashifal 2023

2023-ৰ এই বিতং ৰাশিফলৰ সহায়ত আপুনি ভৱিষ্যতৰ বিষয়ে অধিক সঠিক পূৰ্বানুমান কৰিব পাৰিব আৰু 2023 চনত আপোনাৰ জীৱনলৈ আহিব পৰা আন যিকোনো উল্লেখনীয় পৰিৱৰ্তনৰ বিষয়ে অৱগত হ’ব পাৰিব। বৈদিক জ্যোতিষশাস্ত্ৰৰ ওপৰত আধাৰিত আমাৰ বৃশ্চিক ৰাশিৰ ৰাশিফল 2023 (Brishchik Rashir Rashifal 2023) গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ স্থানান্তৰিত স্থিতিৰ লগতে 2023 চনত এইবোৰৰ পৰিবহন আৰু অন্যান্য বিশেষ স্থিতি বিবেচনা কৰি প্ৰখ্যাত এষ্ট্ৰোচেজৰ জ্যোতিষী ড. ম্ৰগাংকে প্ৰস্তুত কৰি উলিয়াইছে। গতিকে আহক আপোনাক 2023 চনৰ বাবে বৃশ্চিক ৰাশিৰ বাৰ্ষিক ৰাশিফল প্ৰদান কৰোঁ।

বৃশ্চিক ৰাশিৰ ৰাশিফল 2023 (Brishchik Rashir Rashifal 2023) অনুসৰি শনি দেৱতাৰ পৰিবহন এই বছৰ আপোনাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব আৰু কুম্ভ ৰাশিত আপোনাৰ চতুৰ্থ গৃহলৈ যোৱাৰ আগতে 17 জানুৱাৰীলৈকে আপোনাৰ তৃতীয় গৃহত থাকিব। ইয়াত থাকি শনি দেৱতাই গোটেই বছৰটো আপোনাৰ চতুৰ্থ গৃহ, ষষ্ঠ গৃহ, দশম গৃহ আৰু ৰাশিচক্ৰৰ ওপৰত প্ৰভাৱ পেলাব।

আপোনাৰ দ্বিতীয় আৰু পঞ্চম গৃহৰ শাসক বৃহস্পতিয়ে আপোনাৰ পঞ্চম গৃহত মীন ৰাশিত অৱস্থান কৰি বছৰটো আৰম্ভ কৰিব আৰু 22 এপ্ৰিল, 2023 তাৰিখে মীন ৰাশি ত্যাগ কৰিব আৰু মেষ ৰাশিত প্ৰৱেশ কৰিব। তেওঁৰ ইয়াত থকা অৱস্থানৰ বাবে আপোনাৰ দশম গৃহ, দ্বাদশ গৃহ আৰু দ্বিতীয় গৃহত দৃষ্টি দিব আৰু প্ৰভাৱ বিস্তাৰ কৰিব। সেয়েহে, শনি আৰু বৃহস্পতিৰ সংযোগৰ ফলস্বৰূপে আপোনাৰ দশম আৰু ষষ্ঠ গৃহবোৰ অতি সক্ৰিয় হ'ব যি আপোনাৰ কাম আৰু নিযুক্তিৰ ওপৰত প্ৰভাৱ পেলাব।

বৃশ্চিক ৰাশিৰ ৰাশিফল 2023 (Brishchik Rashir Rashifal 2023) অনুসৰি এপ্ৰিলত বৃহস্পতিয়ে ৰাশিচিহ্নত প্ৰৱেশ কৰাৰ সময়ত ৰাহু ইতিমধ্যে মেষ ৰাশিত থাকিব আৰু মে' আৰু জুনৰ সময়ছোৱাত ষষ্ঠ গৃহত গুৰু-চণ্ডাল দোষ গঠন কৰিব যি বৃত্তিগত ক্ষেত্ৰত উত্থান-পতন আনিব পাৰে। তাৰ পিছত 30 অক্টোবৰ, 2023 তাৰিখে ৰাহুৱে ইয়াৰ পশ্চাদগামী গতি আৰম্ভ কৰিব আৰু আপোনাৰ ৰাশিফলৰ পঞ্চম গৃহৰ মীন ৰাশিত প্ৰৱেশ কৰিব।

বছৰটোৰ আৰম্ভণিতে আপোনাৰ শাসনাধিষ্ঠ গ্ৰহ মঙ্গল আপোনাৰ সপ্তম গৃহত পশ্চাদগামী হ'ব য'ৰপৰা ই 13 মাৰ্চত আপোনাৰ অষ্টম গৃহলৈ, 10 মে'ত আপোনাৰ নৱম গৃহলৈ, 1 জুলাইত আপোনাৰ দশম গৃহলৈ, 18 আগষ্টত আপোনাৰ একাদশ গৃহলৈ, 16 নৱেম্বৰত আপোনাৰ দ্বাদশ গৃহলৈ, আৰু শেষত 27 ডিচেম্বৰত আপোনাৰ দ্বিতীয় গৃহলৈ যাত্ৰা কৰিব।

ইয়াৰ উপৰিও, 2023 চনত আন সকলোবোৰ গ্ৰহৰ বিভিন্ন ব্যৱধানত বিশেষ পৰিবহন অভিজ্ঞতা হ’ব। সকলোবোৰ গ্ৰহে নিজা নিজা স্থিতি অনুসৰি আপোনাৰ জীৱনত প্ৰভাৱ বিস্তাৰ কৰিব আৰু ইয়াৰ ফলস্বৰূপে এইবোৰে স্থান পৰিৱৰ্তন কৰিব আৰু আপোনাৰ বাবে অনুকূল ফলাফল প্ৰস্তুত কৰিব।

জ্যোতিষ শাস্ত্ৰৰ মতে 2023 বৰ্ষটোৱে বৃশ্চিক ৰাশিৰ চিহ্নৰ অধীনত জন্ম গ্ৰহণ কৰা লোকসকলৰ জীৱনত এক স্থায়ী প্ৰভাৱ পেলাব। আপোনাৰ বৃত্তিগত জীৱনত এই বছৰ উত্থান-পতন দেখা পোৱা যাব আৰু আপুনি কিছু অসুবিধাৰ সন্মুখীন হ'ব। আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ উত্থান-পতনে আপোনাক গোটেই বছৰটো প্ৰভাৱিত কৰিব কিন্তু আপোনাৰ প্ৰভাৱ বিশেষকৈ প্ৰথম কেইমাহমানৰ ভিতৰত বৃদ্ধি হ'ব। আপোনাৰ বৰ্ধিত পৰাক্ৰমৰ ফলত আপোনাৰ জীৱনত বহুতো উৎকৃষ্ট ঘটনা ঘটিব।

বৃশ্চিক ৰাশিৰ ৰাশিফল 2023 (Brishchik Rashir Rashifal 2023)-ৰ মতে নতুন বছৰটোৱে আপোনাৰ বাবে ভাল খবৰ কঢ়িয়াই আনিব। আপুনি বিদেশলৈ যোৱাৰ সুযোগ লাভ কৰিব যাৰ ফলত আপোনাৰ দীৰ্ঘদিনীয়া আকাংক্ষা পূৰ্ণ হ'ব। আপুনি আনকি বিদেশতো কাম কৰিব পাৰে যি আপোনাক পেছাদাৰীভাৱে আগবাঢ়ি যোৱাত সহায় কৰিব। আপুনি বিদেশলৈ যাবলৈও বাছনি কৰিব পাৰে কিয়নো আপুনি এই সময়ত পিআৰৰ বাবে যোগ্য হ'ব। আপুনি এই বছৰ সঘনাই ভ্ৰমণ কৰিব পাৰিব যাৰ কিছুমান ধৰ্মীয় গন্তব্যস্থানলৈও হ'ব পাৰে। তাৰ লগতে আপোনাৰ জীৱনত জীৱনীশক্তি আৰু সতেজতাৰ এক নতুন অনুভূতি থাকিব আৰু লগতে সুখ আৰু শান্তি লাভ কৰিব আৰু লগতে নতুন শক্তিৰ বৃদ্ধি হ'ব।

2023 চনত আপোনাৰ ভাগ্য উদয় হ’ব নে? কলত বিদ্বান জ্যোতিষীসকলৰ সৈতে কথা পাতক!

জানুৱাৰী মাহটোত দাম্পত্য জীৱনত উত্তেজনা থাকিব পাৰে। আপোনাৰ কিছুমান কামৰদ্বাৰা প্ৰত্যাহ্বান আহিব পাৰে, কিন্তু লগতে দীঘলীয়া যাত্ৰাৰ সুযোগো থাকিব। বিদেশ ভ্ৰমণৰ সম্ভাৱনাকো নুই কৰিব নোৱাৰি। যদি আপুনি এগৰাকী শিক্ষাৰ্থী তেনেহ’লে আপুনি শিক্ষাৰ ক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব কিয়নো আপুনি ধৰ্মীয় কাৰ্যকলাপৰ ওপৰতো যথেষ্ট পৰিমাণে গুৰুত্ব প্ৰদান কৰিব।

বৃশ্চিক ৰাশিৰ ৰাশিফল 2023 (Brishchik Rashir Rashifal 2023)-ৰ মতে ফেব্ৰুৱাৰী মাহত আপোনাৰ জীৱনলৈ এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হ'ব পাৰে। আপোনাৰ বৰ্তমানৰ ঠিকনা সলনি হোৱাৰ সম্ভাৱনা আছে। আনকি ই আপোনাৰ কামৰ বাবেও হ'ব পাৰে আৰু আপুনি য'ত বাস কৰে তাৰ পৰা আপুনি স্থানান্তৰিত হ'ব পাৰে। আপোনাৰ ঘৰ সলনি হোৱাৰ সম্ভাৱনা আছে অথবা ই আপোনাৰ আত্মীয়সকলৰ ওচৰত হ'ব পাৰে। আপোনাৰ মানসিক উত্তেজনাৰ স্তৰ কিছু পৰিমাণে বৃদ্ধি হ'ব পাৰে সেয়েহে আপুনি আপোনাৰ সুস্বাস্থ্যৰ প্ৰতি সতৰ্ক হোৱাটো প্ৰয়োজনীয়।

মাৰ্চ মাহত আপুনি যিকোনো ধৰণৰ শাৰীৰিক সমস্যাক লৈ সাৱধানতা অৱলম্বন কৰা উচিত। অতিৰিক্ত সাৱধানতা অৱলম্বন কৰাটো দৰকাৰী কিয়নো এই সময়ত যিকোনো প্ৰকাৰৰ যান-বাহনৰ দুৰ্ঘটনা, আঘাত, দুৰ্ঘটনা বা অস্ত্ৰোপচাৰ হ'ব পাৰে। এই সময়ছোৱাত ধৈৰ্য্য ধৰক আৰু নিজৰ যত্ন লওঁক কিয়নো আপোনাৰ স্বামী আৰু আপোনাৰ শহুৰ পক্ষৰ সৈতে থকা সম্পৰ্কত সমস্যা আহিব পাৰে। এই সময়খিনি আৰ্থিক দিশৰপৰা কিছু দুৰ্বল হ'ব পাৰে।

এপ্ৰিল মাহত আপোনাৰ জীৱনলৈ কিছুমান গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আহিব। অধ্যয়নত কিছু বেমেজালি হ'ব পাৰে কিন্তু দীঘলীয়া বিদেশ ভ্ৰমণৰ সম্ভাৱনা আছে। নিযুক্তিৰ পদৰ পৰিৱৰ্তন হোৱাৰো সম্ভাৱনা দেখা যায়। আপোনাৰ স্বাস্থ্য কিছু পৰিমাণে উন্নত হ'ব আৰু আগৰ সমস্যাবোৰ হ্ৰাস হ'ব কিন্তু নতুন সমস্যাই দেখা দিব পাৰে। আলস্যতা পৰিহাৰ কৰাটো ভাল কিয়নো ই কামত সমস্যাৰ সৃষ্টি কৰিব পাৰে।

বৃশ্চিক ৰাশিৰ ৰাশিফল 2023 (Brishchik Rashir Rashifal 2023) অনুসৰি মে' মাহত বহুতো উত্থান-পতন হ'ব পাৰে। এই সময়ছোৱাত ৰাজ যোগ সদৃশ ফলাফল প্ৰাপ্ত হ'ব যদিও কিছুমান কাম হওঁ হওঁ বুলিও হৈ নুঠিবগৈ আৰু ইমানদিনে স্থগিত হৈ থকা কিছুমান পৰিকল্পনা হঠাতে আৰম্ভ হ'ব। দীঘলীয়া ভ্ৰমণৰপৰা লাভাম্বিত হ'ব। আপুনি কিছুমান নতুন মানুহৰ সৈতে পৰিচিত হ'ব। আপোনাৰ ভাগ্য ভাললৈ আহিব। আপুনি আপোনাৰ নিজৰ প্ৰচেষ্টাৰ জৰিয়তে যথেষ্ট সফলতা অৰ্জন কৰিব পাৰিব কিন্তু এই সময়ত কিছু পাৰিবাৰিক বিবাদো হ'ব পাৰে।

জুন মাহত আপোনাৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ কিছুমান পুৰণি গোপন ৰহস্য ফাদিল হৈ কেতিয়া আপোনাৰ চাৰিওফালে থকা বাকীসকলক আচৰিত কৰি তুলিব সেয়া আপুনি গমকে নাপাব। কৰ্মক্ষেত্ৰত ভাল আৰু বেয়া দুয়োধৰণৰ অভিজ্ঞতা হ'ব পাৰে। দ্ৰুত পৰিৱৰ্তনৰো সম্ভাৱনা আছে। পিতৃৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ সম্ভাৱনাও দেখা যায়।

আপুনি জুলাই মাহটো যথেষ্ট উপভোগ কৰিব। কেৰিয়াৰত প্ৰগতিৰ সুযোগ থাকিব। আপোনাৰ আইনী অধিকাৰ বৃদ্ধি হ'ব। আপুনি সন্মান লাভ কৰিব। ক্ষেত্ৰখনত আপোনাৰ কামৰ ওপৰত ভিত্তি কৰি আপুনি এক উপযুক্ত পদোন্নতি আৰু দৰমহা বৃদ্ধিৰ বাবে যোগ্যতা অৰ্জন কৰিব পাৰে। ব্যৱসায়তো উন্নতিৰ সুযোগ আছে। আপোনাৰ চাকৰিৰ বাবে আপুনি যথেষ্ট ব্যস্ত হৈ থাকিব আৰু আপোনাৰ পৰিয়ালৰ সৈতে কটাবলৈ কম সময় পাব। স্বাস্থ্য ভাল হ'ব।

ছেপ্টেম্বৰ মাহত যথেষ্ট উন্নতি লাভ কৰিবলৈ সক্ষম হ'ব যদিও পাৰিবাৰিক সমস্যাৰো উদ্ভৱ হ'ব পাৰে। আপোনাৰ পিতৃ-মাতৃৰ অৱনতি হোৱা স্বাস্থ্যৰ ওপৰত আপোনাৰ যথেষ্ট মনোযোগ থাকিব আৰু হয়তো আপুনি মানসিকভাৱে অলপ উদ্বিগ্ন অনুভৱো কৰিব। চৰকাৰী ক্ষেত্ৰৰপৰা কোনো সমস্যা হ'ব পাৰে। ঘৰত পৰিয়াল এক মুখ্য অগ্ৰাধিকাৰ হ'ব। কাৰ্যালয়ত কামৰ হেঁচা থাকিব পাৰে।

বৃশ্চিক ৰাশিৰ ৰাশিফল 2023 (Brishchik Rashir Rashifal 2023)-ৰ মতে অক্টোবৰ মাহত বিদেশ ভ্ৰমণৰ উচ্চ সম্ভাৱনা আছে। যদি আপুনি ইতিমধ্যে চেষ্টা কৰিছে তেনেহ'লে আপুনি এই সময়ত বিদেশ ভ্ৰমণৰ সুযোগ লাভ কৰিব পাৰে। চাকৰি কৰি থকাসকলেও চাকৰিৰ উদ্দেশ্যত বিদেশ ভ্ৰমণৰ সুযোগ লাভ কৰিব। ব্যয় বৃদ্ধি হোৱাটো নিশ্চিত। মানসিক উত্তেজনা আৰু টোপনিৰ সমস্যা সামান্য বৃদ্ধি হ'ব পাৰে। এই সময়ত চকুৰ বিষ বা সমস্যা হ'ব পাৰে। আপুনি আপোনাৰ ৰক্তচাপ নীৰিক্ষণ কৰি থকা উচিত।

নৱেম্বৰ মাহৰ পৰা আপুনি যথেষ্ট লাভান্বিত হ'ব। ইয়াৰ উপৰিও আপোনাৰ স্বাস্থ্যজনিত সমস্যা হ্ৰাস হ'ব আৰু অধিকউদ্যম লাভ কৰিব। ৰোগ প্ৰতিৰোধ প্ৰণালী উন্নত হ'ব। অৱশ্যে আপোনাৰ স্বভাৱত ক্ৰোধ অলপ বৃদ্ধি পাব পাৰে যি আপোনাৰ সম্পৰ্কত কষ্ট বঢ়াব পাৰে। বৈবাহিক বিবাদৰ অধিক বেয়াৰ ফালে ঢাল খোৱাৰ সম্ভাৱনা আছে। ব্যৱসায় আগবাঢ়িব আৰু ভাল লোকসকলে সহায় প্ৰাপ্ত কৰিব। ঘৰ নিৰ্মাণ অথবা মাটি ক্ৰয় কৰা দুয়োটাতে আপুনি সফল হ'ব পাৰিব।

ডিচেম্বৰত আপোনাৰ বহুতো সপোন ফলিয়াব। ইয়াৰ ফলস্বৰূপে আৰ্থিক স্থিতি শক্তিশালী হ'ব। ইয়াৰ উপৰিও এই সময়ছোৱাত বেংক বেলেন্স বৃদ্ধি হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। পৰিয়ালৰ ভিতৰত কিছু বিবাদ হ'ব পাৰে কিন্তু আপুনি পৰিস্থিতিৰ সৈতে খাপ খাবলৈ সক্ষম হ'ব যি আপোনাৰ নিজৰ বাবে ভাল হ'ব আৰু প্ৰত্যাহ্বানবোৰ দূৰ হ'ব।। আপুনি আদালত সম্পৰ্কীয় গোচৰত সফল হ'ব আৰু আপুনি সেইবোৰৰ পৰা ধন উপাৰ্জন কৰিব পাৰিব।

হিন্দী পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক: বৃশ্চিক ৰাশিফল 2023

এই ভৱিষ্যতবাণীবোৰ চন্দ্ৰ ৰাশিৰ ওপৰত আধাৰিত। আপোনাৰ চন্দ্ৰ ৰাশিৰ বিষয়ে জানিবৰ বাবে ইয়াত ক্লিক কৰক: চন্দ্ৰ ৰাশি কেলকুলেটৰ

বৃশ্চিক ৰাশিৰ প্ৰেম ৰাশিফল 2023

বৃশ্চিক ৰাশিৰ প্ৰেমৰ ৰাশিফল 2023 অনুসৰি আগন্তুক বছৰটোত বৃশ্চিক ৰাশিৰ চিহ্নৰ অধীনত জন্ম গ্ৰহণ কৰা ব্যক্তিসকলৰ ৰোমাণ্টিক জীৱনত উত্থান-পতন আহিব। পঞ্চম গৃহৰ প্ৰভু বৃহস্পতিয়ে বছৰৰ আৰম্ভণিতে পঞ্চম গৃহত অৱস্থান কৰিব আনহাতে শনি তৃতীয় গৃহৰপৰা পঞ্চম গৃহত দৃশ্যমান হ'ব। যদি আপোনাৰ পঞ্চম গৃহ সক্ৰিয় হৈ থাকে তেনেহ'লে আপোনাৰ জীৱনলৈ কোনোবা আহিব পাৰে যিয়ে আপোনাৰ প্ৰেম বৃদ্ধি কৰিব যদিহে আপুনি অবিবাহিত আৰু যদি আপুনি ইতিমধ্যে সম্পৰ্কত আছে তেনেহ'লে এই সময়ত ই অধিক শক্তিশালী হৈ উঠিব। আপোনাৰ আৰু আপোনাৰ প্ৰিয়জনৰ মাজৰ সম্পৰ্ক ভাল হ'ব।

প্ৰেমৰ শক্তি বৃদ্ধি হ'ব আৰু ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত আপোনাৰ সম্পৰ্কত ৰোমাণ্টিকতা বৃদ্ধি পাব। আপোনালোক দুয়োৱে একেলগে বস্তুবোৰ ভাগ বতৰা কৰিব। ইয়াৰ উপৰিও বিবাহৰ চুক্তি হোৱাৰো সম্ভাৱনা আছে। এপ্ৰিললৈকে পৰিস্থিতি অনুকূল হৈ থাকিব। তাৰ পিছত বৃহস্পতিয়ে মেষ ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে সমস্যাবোৰ ক্ৰমান্বয়ে বিকশিত হ'ব পাৰে কিয়নো শনিয়েও সেই সময়ত আপোনাৰ চতুৰ্থ গৃহৰ মাজেৰে যাত্ৰা কৰিব আৰু ৰাহুৰ লগত মিলিত হোৱাৰ ফলত পঞ্চম গৃহৰ প্ৰভুও ঋণাত্মকভাৱে প্ৰভাৱিত হ'ব।

মে' আৰু আগষ্ট মাহৰ মাজত ৰোমান্টিক সম্পৰ্কত অধিক বিবাদ দেখা যাব পাৰে। ইয়াৰ উপৰিও সম্পৰ্কটো উত্তেজনাপূৰ্ণ আৰু বিবাদযুক্ত হোৱাৰো সম্ভাৱনা আছে। অৱশ্যে আপোনালোক দুয়ো অধিক সুসঙ্গত হোৱাৰ লগে লগে আপুনি সম্পৰ্কত যথেষ্ট পাতল অনুভৱ কৰিব আৰু আপোনাৰ মাজৰ দূৰত্ব কমি যোৱাৰ ফলত হাতত হাত ধৰি আগুৱাবলৈ সক্ষম হ'ব। নৱেম্বৰ আৰু ডিচেম্বৰ মাহত অকৃপণভাৱে প্ৰেম কৰিব পাৰিব। আপুনি আনৰ প্ৰতি গুৰুত্ব দিয়াটো কমাব আৰু প্ৰেমৰ গভীৰতাত নিজকে নিমজ্জিত কৰিব।

বৃশ্চিক ৰাশিৰ কেৰিয়াৰ ৰাশিফল 2023

বৈদিক জ্যোতিষশাস্ত্ৰৰ ভৱিষ্যতবাণী অনুসৰি বৃশ্চিক ৰাশিৰ জাতকসকলে এই বছৰ নিজকে প্ৰমাণ কৰি দেখুৱাব লাগিব কিয়নো 17 জানুৱাৰীত চতুৰ্থ গৃহত অৱস্থান কৰি থকা শনিয়ে আপোনাৰ ষষ্ঠ গৃহ আৰু আপোনাৰ দশম গৃহ দুয়োটাতে বিস্তৃত দৃষ্টি প্ৰদান কৰিব। যদিহে আপুনি কাম কৰে তেনেহ'লে শনিৰ এই দৃষ্টিভঙ্গীয়ে আপোনাক যথেষ্ট পৰিশ্ৰম কৰিবলৈ অনুপ্ৰাণিত কৰিব কিন্তু যদি আপুনি শৃংখলাবদ্ধ ভাৱে কৰে তেন্তে আপুনি কামত সফলতা অৰ্জন কৰিব পাৰিব আৰু এক ভাল কেৰিয়াৰ গঢ়ি তুলিবলৈ সক্ষম হ'ব।

বৃশ্চিক ৰাশিফল 2023 অনুসৰি এপ্ৰিল আৰু আগষ্ট মাহ ব্যতিক্ৰমী ভাৱে ফলপ্ৰসূ হ'ব পাৰে। এই সময়ছোৱাত আপোনাৰ পদোন্নতি হ'ব পাৰে কিন্তু জুনত কিছু সমস্যা আহিব পাৰে আৰু আপোনাৰ কেৰিয়াৰত আকস্মিক উত্থান-পতন হ'ব পাৰে। অক্টোবৰ মাহত ব্যৱসায়ৰ বাবে ঘৰ এৰি যোৱাৰ যোগ আছে। আপোনাৰ অধ্যৱসায়ৰদ্বাৰা নৱেম্বৰ আৰু ডিচেম্বৰত আপুনি সফলতা লাভ কৰিব পাৰে।

বৃশ্চিক ৰাশিৰ শিক্ষা ৰাশিফল 2023

বৃশ্চিক ৰাশিৰ শিক্ষা ৰাশিফল 2023 অনুসৰি এই বছৰৰ প্ৰথম চতুৰ্থাংশ বৃশ্চিক ৰাশিৰ শিক্ষাৰ্থীসকলৰ বাবে যথেষ্ট ভাল হ'ব কিয়নো বৃহস্পতিয়ে 22 এপ্ৰিললৈকে পঞ্চম গৃহত থাকি আপোনাক উৎকৃষ্ট ফলাফল প্ৰদান কৰিব। আপোনাৰ মনটো সহজভাৱে অধ্যয়নৰ প্ৰতি অগ্ৰসৰ হ'ব। আপুনি অধ্যয়নৰ প্ৰতি যথেষ্ট আগ্ৰহী হ'ব কিয়নো আপুনি নিজৰ জ্ঞানৰ প্ৰসাৰ কৰিব বিচাৰিব। ফলস্বৰূপে শিক্ষাৰ্থীসকল এই সময়ছোৱাত যথেষ্ট লাভান্বিত হ'ব।

বৃশ্চিক ৰাশিফল 2023-এ প্ৰকাশ কৰিছে যে মে' আৰু আগষ্ট মাহৰ ভিতৰত আপোনাৰ অধ্যয়নত যথেষ্ট বিলম্ব আৰু বাধা আহিব পাৰে কিন্তু ছেপ্টেম্বৰ আৰু অক্টোবৰৰ মাজত অতিৰিক্ত চেষ্টা কৰিব লাগিব। আপোনাৰ বেমাৰ হব পাৰে অথবা আপুনি মতিভ্ৰমৰ চিকাৰ হ'ব পাৰে। আপুনি সংগতি হেৰুৱাব পাৰে যাৰ প্ৰভাৱ আপোনাৰ শিক্ষাৰ ওপৰত পৰিব। নৱেম্বৰ আৰু ডিচেম্বৰ মাহ শিক্ষাৰ ক্ষেত্ৰত উৎপাদনশীল হ'ব। জানুৱাৰী আৰু এপ্ৰিলৰ ভিতৰত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰি থকা শিক্ষাৰ্থীসকলে ভাল ফলাফল লাভ কৰিব পাৰে। ইয়াৰ উপৰিও জুলাই মাহটো এটাঅতি উত্তম মাহ হ'ব। বছৰটোৰ প্ৰথম অৰ্দ্ধাংশত উচ্চ শিক্ষা বিচৰা শিক্ষাৰ্থীসকলে ভাল ফলাফল দেখা যাব আনহাতে বছৰৰ দ্বিতীয়াৰ্দ্ধ কিছু দুৰ্বল হ'ব। এই বছৰ বিদেশত পঢ়িব বিচৰা শিক্ষাৰ্থীসকলৰ সপোন পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে।

বৃশ্চিক ৰাশিৰ আৰ্থিক ৰাশিফল 2023

বৃশ্চিক ৰাশিৰ আৰ্থিক ৰাশিফল 2023-এ ভৱিষ্যতবাণী কৰিছে যে বৃশ্চিক ৰাশিৰ জাতকসকলে এই গোটেই বছৰটোত তেওঁলোকৰ ব্যক্তিগত বিত্তীয় ভাৰসাম্য বজাই ৰাখিবলৈ বিশেষভাৱে কঠোৰ পৰিশ্ৰম কৰিব লাগিব কিয়নো বিত্তীয় ভাৰসাম্যহীনতা থাকিব। হাতলৈ অহা আৰু হাতৰপৰা যোৱা অৰ্থৰ পৰিমাণ ক্ৰমান্বয়ে বৃদ্ধি পাব। যদিও আপোনাৰ উপাৰ্জন বৃদ্ধি হ'ব বছৰটোৰ গোটেই সময়ছোৱাত ব্যয়ো একে থাকিব।

যিহেতু ৰাহু আৰু কেতু বছৰটোৰ আৰম্ভণিৰপৰাই এই গৃহবোৰত আছে সেয়েহে অপ্ৰয়োজনীয় ব্যয়ে আপোনাৰ বিত্তীয় পৰিস্থিতি নষ্ট কৰাৰ আশংকা আছে। যেতিয়া বৃহস্পতি ষষ্ঠ গৃহলৈ যাব আৰু দ্বাদশ গৃহত দৃষ্টি দিব তেতিয়া ব্যয় বৃদ্ধি হ'ব কিন্তু আপুনি নৱেম্বৰ আৰু ডিচেম্বৰ মাহত অলপ সকাহ অনুভৱ কৰিব। ফলস্বৰূপে আপুনি গোটেই বছৰটো আপোনাৰ বিত্তীয় ভাৰসাম্য বজাই ৰখাৰ বাবে কাম কৰিব লাগিব কিয়নো ভাল উপাৰ্জন হ'ব যদিও আপুনি বস্তুবোৰ সন্তুলিত কৰি ৰাখিব নোৱাৰিলে সকলো ধন ব্যয় কৰা হ'ব।

বৃশ্চিক ৰাশিৰ পাৰিবাৰিক ৰাশিফল 2023

বৃশ্চিক ৰাশিৰ পাৰিবাৰিক ৰাশিফল 2023 অনুসৰি এই বছৰ বৃশ্চিক ৰাশিৰ জাতকসকলে নিজৰ পাৰিবাৰিক জীৱনক অতি গুৰুত্বসহকাৰে ল'ব। বছৰটোৰ আৰম্ভণিতে শনি ৰাশিচক্ৰৰ তৃতীয় গৃহত থাকিব। এই সমগ্ৰ সময়ছোৱাত পিতৃ-মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত উত্থান-পতন আহিব। চতুৰ্থ গৃহত শনিৰ প্ৰৱেশ আৰু তাৰ পৰা দশম গৃহত দৃষ্টি পেলোৱাৰ সামৰ্থ্যৰ ফলত আপোনাৰ কামৰ বোজা 17 জানুৱাৰীত বৃদ্ধি হ'ব পাৰে যাৰ ফলত আপুনি নিজৰ পৰিয়ালৰ প্ৰতি তেওঁলোকৰ প্ৰাপ্য মনোযোগ দিয়াটো কঠিন হ'ব পাৰে।

বৃশ্চিক ৰাশিফল 2023 অনুসৰি পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকল এই বছৰৰ জুলাইৰপৰা ছেপ্টেম্বৰৰ ভিতৰত স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ সম্মুখীন হ'ব পাৰে। আপোনাৰ পিতৃ-মাতৃৰ স্বাস্থ্যৰ যথেষ্ট যত্ন লোৱা উচিত কিয়নো ইয়াৰ অৱনতি হ'ব পাৰে আৰু তেওঁলোকৰ সৈতে আপোনাৰ সম্পৰ্ক ক্ষতিগ্ৰস্ত হ'ব পাৰে। অৱশ্যে আপোনাৰ ভাই-ভনীসকল আপোনাৰ কাষত থাকিব আৰু আপোনাৰ সুখৰ এটা মুখ্য কাৰক হিচাপে প্ৰমাণিত হ'ব। আপুনি আপোনাৰ দায়বদ্ধতা পালন কৰা আৰু এই বছৰ সফল হোৱাৰ ক্ষেত্ৰত মনোনিৱেশ কৰা উচিত।

ভৱিষ্যতৰ সকলো মূল্যৱান অন্তৰ্দৃষ্টিৰ বাবে এষ্ট্ৰোছেজ বৃহৎ ৰাশিফল

বৃশ্চিক ৰাশিৰ সন্তান ৰাশিফল 2023

বৃশ্চিক ৰাশিৰ সন্তান ৰাশিফল 2023 অনুসৰি আপোনাৰ সন্তানৰ বাবে বছৰটোৰ আৰম্ভণি অতি ভালেৰে যাব। জানুৱাৰী ফেব্ৰুৱাৰী-মাৰ্চ আৰু এপ্ৰিলত শিশুসম্পৰ্কীয় কিছুমান উৎসাহজনক খবৰ লাভ কৰিব পাৰে। যদি আপোনাৰ সন্তান বিবাহযোগ্য হয় তেন্তে এই সময়ছোৱাত তেওঁলোক বিবাহপাশত আৱদ্ধ হ'ব পাৰে। তেওঁলোকে নিজৰ চাকৰি বা ব্যৱসায়ত সফল হ'ব যদি তেওঁলোকে এইক্ষেত্ৰত ভালদৰে প্ৰচেষ্টা কৰে একেদৰে তেওঁলোকে অধ্যয়নতো সফল হ'ব পাৰিব যদি তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰে। তেওঁলোকে এই সময়ছোৱা ভালদৰে অতিবাহ কৰিব পাৰিব কিন্তু বছৰটোৰ মাজভাগ কিছু বেয়া হোৱাৰ সম্ভাৱনা আছে।

পঞ্চম গৃহৰ প্ৰভু পীড়িত হোৱাৰ বাবে এপ্ৰিলৰ শেষৰ পৰা আগষ্টৰ শেষলৈকে সময়ছোৱা অধিক কষ্টকৰ হ'ব পাৰে। এই সময়ছোৱাত তেওঁলোকৰ কামত বাধা আহিব পাৰে আৰু তেওঁলোকৰ বিভিন্ন স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে। ছেপ্তেম্বৰৰপৰা পৰিস্থিতিবোৰ ক্ৰমান্বয়ে স্বাভাৱিক হ'বলৈ আৰম্ভ কৰিব আৰু নৱেম্বৰ বা ডিচেম্বৰৰ ভিতৰত আপুনি সকাহ আৰু সন্তুষ্টি অনুভৱ কৰিব।

বৃশ্চিক ৰাশিৰ বৈবাহিক ৰাশিফল 2023

বৃশ্চিক ৰাশিৰ বৈবাহিক ৰাশিফল 2023 অনুসৰি অহা বছৰটোত আপোনাৰ দাম্পত্য জীৱন ভালদৰে যোৱাৰ সম্ভাৱনা আছে। বছৰটোৰ আৰম্ভণিতে বৃহস্পতি পঞ্চম গৃহত থাকিব আৰু শনিৰ দৃষ্টি পঞ্চম গৃহত পৰিব। বছৰটোৰ আৰম্ভণিতে ই আপোনাৰ প্ৰেমৰ অনুভৱ বৃদ্ধি কৰাত সহায় কৰিব আৰু যদিহে আপুনি বিয়াত বহিব বিচাৰে তেন্তে আপুনি এইক্ষেত্ৰত সফল হ'ব। অৱশ্যে এই সময়ছোৱাত যিহেতু মঙ্গল গ্ৰহ সপ্তম গৃহত পশ্চাদগামী হৈ আছে গতিকে আপোনাৰ আৰু জীৱনসংগীৰ মাজত বিবাদ হ'ব পাৰে। আপোনাৰ খঙত কাম কৰাৰ প্ৰৱণতা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে যি আপোনাৰ দাম্পত্য জীৱনত উত্তেজনাৰ সৃষ্টি কৰিব পাৰে।

বৃশ্চিক ৰাশিফল 2023-ত কোৱা হৈছে যে আপোনাৰ দ্বাদশ গৃহত কেতুৰ স্থানান্তৰৰ ফলত আপোনালোক দুয়োৰে মাজৰ সম্পৰ্কলৈ সমস্যা আহিব পাৰে কিন্তু যেতিয়া গুৰু বৃহস্পতিয়ে 22 এপ্ৰিলত আপোনাৰ ষষ্ঠ গৃহত প্ৰৱেশ কৰিব আৰু দ্বাদশ গৃহৰ সৈতে সম্পৰ্ক স্থাপন কৰিব তেতিয়া সেইবোৰ সহজ হ'বলৈ আৰম্ভ কৰিব। আৰু সময় যোৱাৰ লগে লগে আপোনালোক দুয়োৱে পৰস্পৰক ভালদৰে বুজি পাবলৈ আৰম্ভ কৰিব। 30 অক্টোবৰত ৰাহুৱে আপোনাৰ ৰোমান্টিক সম্পৰ্কৰ অসংখ্য অসুবিধা দূৰ কৰাৰ সুযোগ প্ৰদান কৰি পঞ্চম গৃহত প্ৰৱেশ কৰিব। বছৰটোৰ শেষৰ কেইটামান মাহত গ্ৰহবোৰৰ উপকাৰৰ ফলত আপোনাৰ দাম্পত্য জীৱনলৈ যথেষ্ট সফলতা আহিব যি আপোনাৰ সম্পৰ্কত প্ৰেম বৃদ্ধি কৰিব আৰু পৰস্পৰৰ প্ৰতি সমৰ্পণৰ মনোভাৱ সৃষ্টি কৰিব।

বৃশ্চিক ৰাশিৰ ব্যৱসায় ৰাশিফল 2023 বৃশ্চিক ৰাশিৰ ব্যৱসায় ৰাশিফল 2023 অনুসৰি এই বছৰটো ব্যৱসায়িক জগতৰ সৈতে জড়িত লোকসকলৰ বাবে উত্থান-পতনৰ এটা বৰ্ষ হিচাপে প্ৰমাণিত হ'ব। জানুৱাৰীৰ মাহটো অনুকূল হ’ব আৰু আপুনি বৈদেশিক সম্পৰ্কপৰাও লাভাম্বিত হ'ব। ইতিবাচক বাণিজ্যিক বিকাশৰ সুযোগ লাভ কৰিব কিন্তু ফেব্ৰুৱাৰী আৰু এপ্ৰিলৰ মাজত ব্যৱসায়িক উত্তেজনা বৃদ্ধি পাব পাৰে। মে' আৰু আগষ্ট মাহৰ মাজত আপুনি কোনো চৰ্টকাট লোৱা উচিত নহয় কিয়নো আপুনি আইনী সমস্যাৰ সন্মুখীন হ'ব পাৰে। যিকোনো চৰকাৰী নীতিৰ বিৰুদ্ধে কাম কৰা বা সময়মতে কৰ পৰিশোধ নকৰাৰ ফলত আপোনাৰ বাবে সমস্যা আহিব পাৰে আৰু প্ৰশাসনে তেতিয়া আপোনাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব পাৰে। সেয়েহে আপোনাৰ কাম সাৱধানে সম্পূৰ্ণ কৰা উচিত। ছেপ্টেম্বৰৰপৰা ব্যৱসায়িক প্ৰগতিৰ যোগ আছে। আপোনাৰ সম্পৰ্কবোৰৰপৰাও আপুনি উপকৃত হ'ব। কেইটামান প্ৰতিষ্ঠানে আপোনাৰ সৈতে সহযোগিতা কৰি আনন্দিত হ'ব। নৱেম্বৰ আৰু ডিচেম্বৰত প্ৰত্যাশিত কোম্পানীৰ বিকাশ আৰু সফলতাৰ যোগ আছে। আপুনি আপোনাৰ ব্যৱসায়ত সহায় কৰিব পৰা ব্যক্তি যেনে আপোনাৰ পিতৃ বা ককাদেউতাৰ পৰা সমৰ্থন লাভ কৰিব। বৃশ্চিক ৰাশিৰ সম্পত্তি আৰু যান-বাহনৰ ৰাশিফল 2023

বৃশ্চিক ৰাশিৰ সম্পত্তি আৰু যান-বাহনৰ ৰাশিফল 2023 ৰ মতে এই বছৰটো ৰিয়েল ইষ্টেট লাভৰ ক্ষেত্ৰত ভাল হোৱাৰ সম্ভাৱনা আছে। চতুৰ্থ গৃহৰ প্ৰভু শনি আৰু ৰাশিচক্ৰৰ দ্বাদশ গৃহ বা তৃতীয় গৃহত শুক্ৰ থকাৰ বাবে বছৰৰ প্ৰথম মাহটো দুৰ্বল হ'ব। নতুবা সম্পত্তি বিক্ৰী কৰাৰ প্ৰয়োজন হ'ব। অৱশ্যে 17 জানুৱাৰীৰপৰা শনি আপোনাৰ চতুৰ্থ গৃহত প্ৰৱেশ কৰিব যাৰ ফলত এই সময়ছোৱা আপোনাৰ সম্পত্তিৰ বাবে অনুকূল হ'ব।

এই বছৰ আপুনি কিছু ডাঙৰ সম্পত্তি নিৰ্মাণ কৰিব পাৰে। জুলাই আৰু আগষ্ট মাহৰ মাজত আপুনি এটা নতুন ঘৰ বা মাটিৰ প্লট ক্ৰয় কৰিব পাৰে আৰু যিকোনো ঘৰৰ নৱীকৰণ বা নিৰ্মাণৰ কামত যথেষ্ট ব্যয় কৰিব পাৰে। বাহন ক্ৰয় কৰাৰ অনুকূল সময় হ'ব 22 জানুৱাৰীৰ পৰা 12 মাৰ্চৰ ভিতৰত। এই সময়ছোৱাত আপুনি ক্ৰয় কৰা গাড়ীখন আপোনাৰ বাবে যথেষ্ট উপযোগী প্ৰমাণিত হ'ব। তাৰ পিছত অক্টোবৰৰ পৰা ডিচেম্বৰ মাহত গাড়ী ক্ৰয় কৰাটো ভাল হ'ব।

এতিয়া আপোনাৰ সকলোবোৰ প্ৰশ্নৰ উত্তৰ লাভ কৰক: বিদ্বান জ্যোতিষীক প্ৰশ্ন কৰক

বৃশ্চিক ৰাশিৰ ধন আৰু লাভালাভ ৰাশিফল 2023

বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে এই বছৰটো বিত্তীয় উত্থান-পতনৰ বছৰ হ'ব কিন্তু আপুনি বিদেশ ভ্ৰমণ কৰাৰ আৰু তাত থাকোঁতে বিশেষকৈ আগষ্টৰ পৰা ডিচেম্বৰলৈকে ভাল অৰ্থ উপাৰ্জন কৰাৰ সুযোগ লাভ কৰিব। কেৱল সেয়াই নহয় আপোনাৰ পৰিস্থিতি সম্ভৱতঃ এই বছৰৰ দ্বিতীয়াৰ্ধলৈ উন্নত হ'ব। এই সময়ত আপোনাৰ নিজৰ প্ৰচেষ্টাৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা ভাললৈ আহিব পাৰে।

ফেব্ৰুৱাৰী, এপ্ৰিল, আগষ্ট আৰু ছেপ্টেম্বৰ মাহত আপুনি চৰকাৰী খণ্ডৰ পৰা লাভান্বিত হ'ব পাৰে। অৱশ্যে এপ্ৰিলৰ শেষৰ ফালৰ পৰা আগষ্ট মাহৰ আৰম্ভণি পৰ্য্যন্ত অৰ্থনৈতিক লোকচানৰ সংকেত দেখা যায় সেয়েহে এই সময়ছোৱাত কোনো বিনিয়োগ কৰা উচিত নহয়। আপোনাৰ বিত্তীয় পৰিচালনা বুদ্ধিমত্তাৰদ্বাৰা কৰা উচিত যাতে আপুনি যিকোনো অপ্ৰীতিকৰ পৰিস্থিতি পৰিহাৰ কৰিব পাৰে আৰু বছৰটোৰ বাকী সময়ছোৱাৰ বাবে যথেষ্ট পৰিমাণৰ পুঁজি উপলব্ধ থাকে। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হ'ব আৰু আপুনি বিচৰা কামবোৰ সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব।

বৃশ্চিক ৰাশিৰ স্বাস্থ্য ৰাশিফল 2023

বৃশ্চিক ৰাশিৰ স্বাস্থ্য ৰাশিফল 2023-ৰ মতে আপুনি এই বৰ্ষটোত স্বাস্থ্যৰ প্ৰতি অতি মনোযোগ দিয়াৰ প্ৰয়োজন আছে। যদিও বছৰটোৰ আৰম্ভণি অনুকূল হ'ব আৰু গ্ৰহবোৰৰ অৱস্থানে আপোনাৰ স্বাস্থ্যৰ সমস্যা হ্ৰাস কৰিব তথাপি 17 জানুৱাৰীৰৰ পিছত ষষ্ঠ গৃহত ৰাহুৰ অৱস্থান আৰু ষষ্ঠ গৃহত শনিৰ তৃতীয় দৃষ্টিৰ ফলত ষষ্ঠ গৃহটো সক্ৰিয় হৈ উঠিব আৰু আপোনাৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ আশংকা বৃদ্ধি কৰিব। এই সময়ছোৱাত আপোনাৰ প্ৰতিদ্বন্দীসকল কিছু শক্তিশালী হ'ব যি আপোনাৰ মানসিক চাপ কিছু বৃদ্ধি কৰিব।

22 এপ্ৰিলত বৃহস্পতি পঞ্চম গৃহত প্ৰৱেশ কৰিব আৰু সূৰ্য দেৱতা একে সময়তে ৰাহুৰ সৈতে মিলিত হ'ব। তাৰ পিছত ৰাহুৱে সূৰ্য আৰু বৃহস্পতিৰ সৈতে সংযোজিত দিব আৰু দুয়োটা গ্ৰহে শনিৰ প্ৰভাৱৰ ফলত নেতিবাচক প্ৰভাৱৰ সম্মুখীন হ'ব। এই সময়ত আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন দেখা দিব পাৰে আৰু আপুনি স্বাস্থ্যজনিত সমস্যাৰ সম্মুখীন হবলগীয়া হ'ব পাৰে। এই সময়ত কোনো শাৰীৰিক সমস্যা উপেক্ষা নকৰিব; তাৰ পৰিৱৰ্তে অধিক জটিলতা পৰিহাৰ কৰিবৰ বাবে সঠিক চিকিৎসা প্ৰাপ্ত কৰক। এই সময়ছোৱাত আপুনি পাকস্থলী বা বৃহদান্ত্ৰৰ কোনো সমস্যা অনুভৱ কৰিব পাৰে। আপুনি চকুৰ ৰোগ আৰু শৰীৰৰ বিষ, মূত্ৰনলীৰ সংক্ৰমণ আৰু অন্যান্য তেনেধৰণৰ সমস্যাৰ সম্মুখীন হ'ব পাৰে। কিন্তু অক্টোবৰৰ পিছত আপোনাৰ স্বাস্থ্য উন্নত হোৱাৰ সম্ভাৱনা আছে।

2023 চনত বৃশ্চিক ৰাশিৰ বাবে শুভ সংখ্যা

বৃশ্চিক ৰাশিক মঙ্গল গ্ৰহে শাসন কৰে আৰু এই ৰাশিচিহ্নৰ অধীনত জন্ম গ্ৰহণ কৰা যিকোনো লোকৰ বাবে ভাগ্যৱান সংখ্যা হৈছে 2 আৰু 9। জ্যোতিষশাস্ত্ৰৰ 2023 চনৰ ৰাশিফল অনুসৰি 2023 বৰ্ষৰ মুঠ সংখ্যা হৈছে 7। গতিকে বৃশ্চিক ৰাশিৰ জাতকসকলৰ বাবে স্বাস্থ্যৰ বাহিৰে আনবোৰ ক্ষেত্ৰত 2023 বৰ্ষটো এটা অতি অনুকূল বছৰ হিচাপে প্ৰমাণিত হ'ব। অৱশ্যে স্বাস্থ্যজনিত সমস্যা এতিয়াও উদ্ভৱ হ'ব পাৰে সেয়েহে আপুনি সেইবোৰৰ বিষয়ে অৱগত হোৱাটো উচিত আৰু প্ৰয়োজন অনুসৰি চিকিৎসা গ্ৰহণ কৰিব লাগে। এই বছৰটোত আপোনাৰ বিত্তীয় পৰিস্থিতি উন্নত হ'ব আৰু ই আপোনাক আপোনাৰ কামত আগবাঢ়ি যোৱাত সহায় কৰিব।

বৃশ্চিক ৰাশিৰ ৰাশিফল 2023: জ্যোতিষীয় প্ৰতিকাৰ

  • প্ৰতি মঙলবাৰে শ্ৰী হনুমান চালিশা আবৃত্তি কৰক।
  • অধিক ৰঙা আৰু মেৰুন ৰং ব্যৱহাৰ কৰক আৰু আপুনি বিচৰা যিকোনো মঙ্গল সম্পৰ্কীয় মন্ত্ৰ পুণঃপুণঃ আবৃত্তি কৰক।
  • শনিবাৰে পৰুৱাক ময়দা খুৱাওক।
  • ইয়াৰ উপৰিও উচ্চ মানদণ্ডৰ মুকুতাৰ গহনা পৰিধান কৰাটো আপোনাৰ বাবে লাভজনক হ'ব।
  • যদি আপোনাৰ স্বাস্থ্য দুৰ্বল হয় তেন্তে সংকট মোচন স্তোত্ৰ পাঠ কৰক।

সঘনাই সুধি থকা প্ৰশ্ন:

1. 2023 বৰ্ষটো বৃশ্চিক ৰাশিৰ বাবে এটা ভাল বছৰ হয় নে?

হয়, 2023 বৰ্ষটো বৃশ্চিক ৰাশিৰ বাবে ভাল হ'ব।

2. 2023 চনত বৃশ্চিক ৰাশিৰ বাবে কি হ'ব?

বৃশ্চিক ৰাশিৰ লোকসকলে 2023 চনত বিবাহিত জীৱনত অসুবিধাৰ সন্মুখীন হ'ব পাৰে, কিন্তু ই পৰিৱৰ্তনৰ বছৰ হ'ব।

3. বৃশ্চিক ৰাশিৰ মহিলাসকলৰ বাবে 2023 বৰ্ষটো কেনেকুৱা হ'ব?

2023 বৰ্ষটো বৃশ্চিক মহিলাসকলৰ বাবে ভাল হ'ব।

4.বৃশ্চিক ৰাশিৰ জাতকসকলৰ বাবে কি কি তাৰিখ শুভ?

3, 9, 4, 7, 1, 2 তাৰিখ বৃশ্চিক ৰাশিৰ জাতকসকলৰ বাবে শুভ।

5. 2023 চনত বৃশ্চিক ৰাশিৰ বাবে কি কি হোৱাৰ সম্ভাৱনা আছে?

2023 চনত বৃশ্চিক ৰাশিৰ জাতকসকলৰ জীৱনত বহুতো অনন্য পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে।

6. বৃশ্চিক ৰাশিৰ বাবে শুভ ৰং কি?

বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে শুভ ৰং হৈছে ৰঙা।

জ্যোতিষীয় প্ৰতিকাৰ আৰু সেৱাৰ বাবে, দৰ্শন কৰক: এষ্ট্ৰোচেজ অনলাইন শ্বপিং ষ্টোৰ

এষ্ট্ৰোচেজৰ সৈতে সংযুক্ত হৈ থকাৰ বাবে আপোনাক ধন্যবাদ!

Astrological services for accurate answers and better feature

33% off

Dhruv Astro Software - 1 Year

'Dhruv Astro Software' brings you the most advanced astrology software features, delivered from Cloud.

Brihat Horoscope
What will you get in 250+ pages Colored Brihat Horoscope.
Finance
Are money matters a reason for the dark-circles under your eyes?
Ask A Question
Is there any question or problem lingering.
Career / Job
Worried about your career? don't know what is.
AstroSage Year Book
AstroSage Yearbook is a channel to fulfill your dreams and destiny.
Career Counselling
The CogniAstro Career Counselling Report is the most comprehensive report available on this topic.

Astrological remedies to get rid of your problems

Red Coral / Moonga
(3 Carat)

Ward off evil spirits and strengthen Mars.

Gemstones
Buy Genuine Gemstones at Best Prices.
Yantras
Energised Yantras for You.
Rudraksha
Original Rudraksha to Bless Your Way.
Feng Shui
Bring Good Luck to your Place with Feng Shui.
Mala
Praise the Lord with Divine Energies of Mala.
Jadi (Tree Roots)
Keep Your Place Holy with Jadi.

Buy Brihat Horoscope

250+ pages @ Rs. 599/-

Brihat Horoscope

AstroSage on MobileAll Mobile Apps

Buy Gemstones

Best quality gemstones with assurance of AstroSage.com

Buy Yantras

Take advantage of Yantra with assurance of AstroSage.com

Buy Feng Shui

Bring Good Luck to your Place with Feng Shui.from AstroSage.com

Buy Rudraksh

Best quality Rudraksh with assurance of AstroSage.com
Call NowTalk to
Astrologer
Chat NowChat with
Astrologer