Assamese Astrology: দৈনিক ৰাশিফল
বিনামূল্য কুণ্ডলী ছফটৱেৰ অনলাইন/ জন্ম কুণ্ডলী/ বৈদিক ৰাশিফল/ জন্ম সূচী
জন্ম কূণ্ডলী ( যাক আমি কূণ্ডলী ,জন্ম কূণ্ডলী ,জন্ম পত্ৰিকা, বৈদিক ৰাশিফল , বৈদিক সূচী ,হিন্দু সূচী আদি নামেৰেও জানোঁ) ব্যক্তি এগৰাকীৰ জন্মৰ সময়ত গ্ৰহ আৰু নক্ষত্ৰৰ চক্ৰ স্থিতিৰ এক সূচী হয়।গ্ৰহ আৰু নক্ষত্ৰৰ এই স্থিতিক আধাৰ হিচাপে লৈ জ্যোতিষী এগৰাকীয়ে যিকোনো জাতকৰ জীৱনত হ’ব লগীয়া ঘটনা আৰু জীৱনত প্ৰাপ্ত হব লগীয়া শুভ লক্ষণ সমূহৰ ভৱিষ্যত বাণী কৰিব পাৰে। ভাৰতবৰ্ষত চলি থকা পৰম্পৰা অনুযায়ী যেতিয়া কোনোবা শিশুৰ জন্ম হয় তেতিয়া সেই শিশুৰ জন্ম কূণ্ডলী জ্যোতিষী দ্বাৰা বনোৱা হয়।যি শিশু জন/জনীৰ সম্পূৰ্ণ জীৱন বৃত্তান্ত কোৱাৰ কাম কৰিব। আমাৰ জ্যোতিষীৰ ছফটৱেৰ যি অনলাইন আৰু নিঃশুল্ক ,এই বৈদিক বিধিৰ দ্বাৰা হব লগা জন্ম কূণ্ডলী গণনা কৰাৰ আন এক বিকল্প। আধুনিক সময়তো আপুনি ছফটৱেৰৰ জৰিয়তে কূণ্ডলী বনাব গ’লে এক মূল্যৱান ছফটৱেৰ, প্ৰিণ্টাৰৰ দৰে আধুনিক বস্তু কিনিব লগাত পৰিব পাৰে আৰু বিভিন্ন ধৰণৰ কাম কৰিব লগা হব পাৰে কিন্তু আমাৰ অনলাইন ছফটৱেৰত আপুনি এই সকলো অসুবিধাৰ পৰা মুক্ত পাব।ইয়াৰ বাবে আপুনি কি কৰা উচিত? আমাৰ ৱেবচাইটত আপুনি এক ব্যৱহৃত আই ডী বনাওক, এক সূচী বনাওক আৰু ইয়াক সুৰক্ষিত কৰি লওক আৰু যেতিয়াই ইচ্ছা তেতিয়াই সুৰক্ষিত কৰি থোৱা কূণ্ডলী চাওক।এটা কথা মনত ৰাখিব যে আপুনি সুৰক্ষিত কৰি থোৱা কূণ্ডলী অকল আপোনাৰ ব্যৱহৃত আই ডি আৰু পাছৱাৰ্ড ব্যৱহাৰ কৰিহে এই কূণ্ডলী দেখিব পাৰিব আন কোনোৱে নোৱাৰিব। এনেকুৱা কৰিলে আপুনি ছফটৱেৰ কিনাৰ পৰা বাচিব পাৰিব।এইটো কেৱল এটা ৱেবচাইট নহয় ই এক সম্পূৰ্ণ বৈদিক জ্যোতিষ ছফটৱেৰ।ইয়াত আপুনি জন্ম কূণ্ডলী লগতে ফলাদেশ আৰু অন্য ভৱিষ্য বাণীও লাভ কৰিব।
ইয়াত আপুনি বাৰ্ষিক ফলো লাভ কৰিব আৰু এই বৈদিক ফলাদেশ প্ৰাচীন তাজিক পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰি তৈয়াৰ কৰা হয়।এই ছফটৱেৰ আপোনাক সাধাৰণ ফলাদেশো দিব যি বৈদিক জ্যোতিষীৰ সিদ্ধান্তৰ ওপৰত আধাৰিত হব।সেইবাবে অপেক্ষা কৰা বাদ দিয়ক আৰু ইয়াত ক্লিক কৰি নিজৰ জন্ম কূণ্ডলী লাভ কৰক।
২০২০ বৰ্ষৰ বাবে বিনামূল্য জ্যোতিষ আৰু ফলাদেশ
এষ্ট্ৰোসেজ আপোনাক সঠিক বাৰ্ষিক ফলাদেশ প্ৰদান কৰে। আপুনি এই ৱেবচাইটত ২০২০ চনৰ বিনামূল্য জ্যোতিষ আৰু ফলাদেশ প্ৰাপ্ত কৰিব পাৰে।আমাৰ ফলাদেশৰ কাৰ্য প্ৰণালী চন্দ্ৰ ৰাশি আৰু আপোনাৰ জন্মৰ ব্যক্তিগত নিৰ্দেশনাৰ ওপৰত আধাৰ কৰি তৈয়াৰ কৰা হয়।
চন্দ্ৰ কুণ্ডলী ওপৰত আধাৰিত ৰাশিফল/ নিঃশুল্ক ৰাশিফল
দৈনিক ৰাশিফলৰ অনেক বিধি আছে ,যেনে চন্দ্ৰৰ ওপৰত আধাৰিত ৰাশিফল ,সূৰ্যৰ ওপৰত আধাৰিত ৰাশিফল আৰু লগ্নৰ ওপৰত আধাৰিত ৰাশিফল ইত্যাদি।এই সকলোবোৰৰ ভিতৰত চন্দ্ৰৰ ওপৰত আধাৰিত ৰাশিফল যাক আমি চন্দ্ৰ ৰাশিফল হিচাপে পৰিগণিত কৰোঁ ,তাকে অধিক সঠিক তথা শুদ্ধ ৰূপত পোৱা যায়। এইটোয়ে কাৰণ জ্যোতিষী বিদ্যাত চন্দ্ৰ ৰাশিফলক অধিক গুৰুত্ব দিয়াৰ। জানক আপোনাৰ চন্দ্ৰ ৰাশি আৰু লাভ কৰক তাৰ ওপৰত আধাৰিত আপোনাৰ ৰাশিফল, যাৰ ফলত আপুনি আজিৰ দিনত আপোনাৰ ভাগ্যত কি লিখা আছে জানিব পাৰে। আমি বিশ্বাস কৰোঁ যে আপুনি আমাৰ ৰাশিফল প্ৰণালীক ইণ্টাৰনেটত আটাইতকৈ অধিক সঠিক পাব।
দৈনিক ব্যক্তিগত ৰাশিফল
দৈনিক ৰাশিফলঃ আমাৰ নিঃশুল্ক ,ব্যক্তিগত ৰাশিফল প্ৰদান কৰাৰ পদ্ধতি, বিশিষ্ট বৈদিক জ্যোতিষীৰ সিদ্ধান্তৰ ওপৰত আধাৰিত এই পদ্ধতি আপোনাক সঠিক দৈনিক ৰাশিফল আগ বঢ়ায় এনেকুৱা বহুত ৱেবচাইট আছে যি আপোনাক দৈনিক ৰাশিফল আগ বঢ়ায় কিন্তু এষ্ট্ৰোসেজৰ দৈনিক ৰাশিফল অন্যৰ পৰা কি ক্ষেত্ৰত ভিন্ন ? দৈনিক ৰাশিফলত দুই ধৰণৰ পদ্ধতিৰ প্ৰয়োগ কৰা হৈছে ,প্ৰথম আপোনাৰ জন্ম কূণ্ডলীৰ বিশ্লেষণ আৰু দ্বিতীয় গোচৰ ফল যাৰ দ্বাৰা ফলাদেশ অধিক সঠিক হয়। 'দৈনিক ৰাশিফলত’ সেই ছফটৱেৰৰ ব্যৱহাৰ কৰা হয় যি astrosage.com , বৰাহমিহিৰ আৰু মোবাইল কূণ্ডলী যেনে অন্য ছফটৱেৰৰ প্ৰয়োগ কৰা হয়। তেন্তে আপুনি সঠিক ফলাদেশৰ বাবে দৈনিক ফলাদেশ কিয় ব্যৱহাৰ নকৰে।
প্ৰেম আৰু বিবাহৰ সামঞ্জস্যৰ বাবে বিনামূল্য ভাৱে কূণ্ডলী মিলন কৰাওক(গুণ মিলন)
বৈদিক জ্যোতিষীত গুণ মিলন দেখিবৰ বাবে উৎকৃষ্ট আৰু সাৰ্থক পদ্ধতি আছে যি নক্ষত্ৰৰ ওপৰত আধাৰিত তাক অষ্টকূট মিলন নামেদি জনা যায়। ইয়াত বৈবাহিক বিন্দু সমূহক গুৰুত্ব প্ৰদানকৰি অংক প্ৰদান কৰা হয়।মিলনত যিমান অধিক অংক মিলিব বিবাহত সফলতা লাভৰ সম্ভাৱনা সিমান অধিক হৈ যায়। অৱশ্যে এই পদ্ধতি কেৱল বিবাহলৈকে সীমিত নহয়। অলপ সংশোধনৰ পিছত যিকোনো ল’ৰা অথবা ছোৱালীৰ মাজত সামঞ্জস্য বিশ্লেষণৰ বাবে ইয়াক প্ৰয়োগ কৰা হয়।
২০২০ চনৰ কেলেণ্ডাৰ, ৰাশিচক্ৰ আৰু জ্যোতিষ
আমি আপোনাৰ বাবে ২০২০ চনৰ সকলোতকৈ ব্যাপক কভাৰেজ লৈ আহি আছোঁ,যত ২০২০ চনৰ কেলেণ্ডাৰ,ৰাশিফল,জ্যোতিষ আৰু ৱাল পেপাৰ ইত্যাদি আছে। আপুনি আপোনাৰ এই বৰ্ষৰ পৰিকল্পনাৰ মহোৎসৱ কেলেণ্ডাৰ , ছুটীৰ কেলেণ্ডাৰ, ধাৰ্মিক কেলেণ্ডাৰ আৰু পঞ্চাংগ আদিৰ সহায়তাত আৰু অধিক ভাল বনাব পাৰে। আপোনাৰ ২০২০ চনৰ ৰাশিফল জানক। ইয়াত বাৰ বিধ ৰাশিৰে ৰাশিফল আছে যি আপোনাৰ বাৰ্ষিক যোজনা সমূহক সুদৃঢ় কৰাৰ বাবে সহায়ক হ’ব। আপোনাৰ ২০২০ চনৰ জ্যোতিষ সম্পূৰ্ণ ৰূপে বিনামুল্য়ে লাভ কৰক।
Astrological services for accurate answers and better feature
Astrological remedies to get rid of your problems

AstroSage on MobileAll Mobile Apps
AstroSage TVSubscribe
- Horoscope 2022
- राशिफल 2022
- Calendar 2022
- Holidays 2022
- Chinese Horoscope 2022
- अंक ज्योतिष 2022
- Grahan 2022
- Love Horoscope 2022
- Finance Horoscope 2022
- Education Horoscope 2022
- Ascendant Horoscope 2022
- Stock Market 2022 Predictions
- Best Wallpaper 2022 Download
- Numerology 2022
- Nakshatra Horoscope 2022
- Tamil Horoscope 2022
- Kannada Horoscope 2022
- Gujarati Horoscope 2022
- Punjabi Rashifal 2022