অংক জ্যোতিষ2024

অংকজ্যোতিষ 2024 হৈছে গণনাৰ আধাৰত প্ৰস্তুত কৰা এক ৰাশিফল, যাৰ জৰিয়তে আপুনি আপোনাৰ আগন্তুক বছৰ অৰ্থাৎ 2024-ৰ বিষয়ে ভৱিষ্যতবাণী প্ৰাপ্ত কৰিবলৈ সক্ষম হ'ব যে 2024 বৰ্ষটোৱে আপোনাক কেনেধৰণৰ ফলাফল প্ৰদান কৰিব?

সংখ্যাই আমাৰ জীৱনক বিভিন্ন ৰূপত বা বিভিন্ন ধৰণে প্ৰভাৱিত কৰে। কেতিয়াবা কোনো এটা সংখ্যাই আমাক শুভ ফলাফল প্ৰদান কৰে, কেতিয়াবা আকৌ কোনো এটা সংখ্যা আমাৰ বাবে অশুভ হৈ পৰে। প্ৰত্যেক বছৰৰে একোটা নিজা বিশেষ সংখ্যা থাকে, সেই সংখ্যাটোৱে আপোনাৰ সংখ্যাৰ সৈতে যেনে সম্বন্ধ স্থাপন কৰে আপুনি তেনে ফলাফলেই প্ৰাপ্ত কৰে। লগতে, সেই সংখ্যাটোৱে আপোনাৰ মূলাংক বা নামাংকৰ সৈতে যেনে ধৰণৰ সম্পৰ্ক ৰাখে তাৰো প্ৰভাৱ পৰে। উদাহৰণ স্বৰূপে, 2024 বৰ্ষৰ সংখ্যা হৈছে 8, সংখ্যা 8 য়ে আপোনাৰ মূলাংকৰ সৈতে কেনে সম্পৰ্ক ৰাখে সেই অনুসৰি 2024 বৰ্ষত এগৰাকী ব্যক্তিৰ জীৱনত ভাল বা দুৰ্বল ঘটনা ঘটিব পাৰে। 8 সংখ্যাটোৰ নিজস্ব মৌলিক স্বভাৱো থাকে। সেই স্বভাৱ বা প্ৰকৃতি অনুসৰিও 8 সংখ্যাটোৱে আপোনাক ফলাফল প্ৰদান কৰিব। অৰ্থাৎ, এটা সংখ্যাই আপোনাক একাধিক ধৰণে প্ৰভাৱিত কৰিব পাৰে। এই বছৰৰ সংখ্যাই আপোনাৰ জীৱনৰ বিভিন্ন দিশৰপৰা আপোনাক কেনেদৰে প্ৰভাৱিত কৰিব, সেই সকলোবোৰ আপুনি অংকজ্যোতিষ ৰাশিফল 2024-ৰ জৰিয়তে জানিব পাৰিব।

প্ৰত্যেক বছৰৰ আৰম্ভণিতে, আমাৰ মনলৈ বিভিন্ন প্ৰকাৰৰ কৌতূহল আহে যে আগন্তুক বছৰটোৱে আমাৰ জীৱনলৈ উন্নতি কঢ়িয়াই আনিব নে এই বছৰটোৱে আমাৰ বাবে প্ৰত্যাহ্বান আনি দিব? নতুন বছৰটোত আমাৰ লগত কি কি ভাল আৰু কি কি বেয়া হ'ব পাৰে? কৰ্মস্থানৰ সৈতে সম্পৰ্কিত হওক বা পাৰিবাৰিক জীৱনৰ সৈতে সম্পৰ্কিত হওক, আমি এই কথাক লৈ চিন্তিত হওঁ যে আগন্তুক বছৰটোত সকলোবোৰ ভাল হ’ব নে। আগন্তুক বছৰটোত আমাৰ প্ৰেমৰ সম্পৰ্ক কোন দিশত আগবাঢ়িব? বিবাহ হ'ব নে নাই? সন্তান প্ৰাপ্তি হ'ব নে নাই? সন্তানে উন্নতি লাভ কৰিব পাৰিব নে নোৱাৰে? আমাৰ স্বাস্থ্য কেনে থাকি'ব? আমাৰ মনত বহুতো প্ৰকাৰৰ প্ৰশ্নৰ উদয় হয়। আপোনাৰ এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ এই অংক জ্যোতিষ ৰাশিফল 2024 ত প্ৰদান কৰা হ'ব। অৱশ্যে, যদিহে আপুনি ব্যক্তিগতভাৱে জানিবলৈ চেষ্টা কৰি আছে যে 2024 বৰ্ষটোৱে আপোনাৰ জীৱনৰ সমস্যাবোৰ সমাধান কৰিব নে নাই অথবা ৰএই বছৰ কোনো নতুন সমস্যা উদ্ভৱ হ'ব নেকি, যদিহে হ’ব, তেনেহ’লে ইয়াক এই সমস্যাবোৰৰ কেনেদৰে সমাধান কৰা হ'ব? তেনেহ’লে এনে সকলোবোৰ প্ৰশ্নৰ উত্তৰ জানিবৰ বাবে আপুনি ব্যক্তিগতভাৱে আমাৰ সৈতে বা আমাৰ পেনেলৰ কোনো অংক জ্যোতিষীৰ সৈতে "বাৰ্ত্তা" এপ্লিকেচনৰ জৰিয়তে আমাৰ সৈতে যোগাযোগ কৰি নিজৰ বিষয়ে জানিব পাৰে।

অংক জ্যোতিষ 2024 অনুসৰি চাবলৈ গ’লে, আগন্তুক 2024 বৰ্ষৰ কূল যোগ হৈছে 8। কিয়নো এই বছৰটোৰ সকলোবোৰ অংকৰ যোগফল হৈছে 8 (2 + 0 + 2 + 4 = 8)। অংক জ্যোতিষৰ আধাৰত, 8 সংখ্যাটোক শনিৰ সংখ্যা বুলি গণ্য কৰা হয়, কিন্তু ইয়াত মন কৰিবলগীয়া কথাটো হ'ল যে 2024 ৰপৰা প্ৰস্তুত হোৱা আঠৰ ক্ষেত্ৰত 2 আৰু 4 সংখ্যাৰ সহযোগিতা আছে। সেয়েহে, চন্দ্ৰ আৰু ৰাহুৰ প্ৰভাৱত প্ৰস্তুত হোৱা শনিৰ সংখ্যা 8ক বিশেষ উদ্যমী বুলি ক’ব পাৰ নাযাব কাৰণ 2 আৰু 4 ৰে গঠিত 8 সংখ্যাটোৱে উত্থান-পতন দিয়ে বুলি গণ্য কৰা হয়। যদিও 8 সংখ্যাটো হৈছে স্থিৰতাৰ কাৰক, কিন্তু দুটা চন্দ্ৰ সংখ্যা আৰু এটা ৰাহু সংখ্যাৰ সংমিশ্ৰণৰদ্বাৰা গঠিত হোৱাৰ বাবে উত্থান-পতনৰ পিছত স্থিৰতা প্ৰাপ্তি হোৱাৰ সংকেত দেখা যায়।

সেয়েহে, 2024 বৰ্ষটোৱে বিভিন্ন ক্ষেত্ৰত উত্থান-পতন প্ৰদান কৰিব পাৰে। যিসকল লোকৰ স্বভাৱ আৱেগিক ধৰণৰ, তেওঁলোক এই বছৰ আৱেগিকভাৱে কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হ’ব পাৰে। ৰাজনৈতিক দৃষ্টিকোণৰ পৰা, আঞ্চলিক পৰ্য্যায়ত চৰকাৰ বা মন্ত্ৰীমণ্ডল পৰিৱৰ্তন হোৱাৰ স্থিতি দেখিবলৈ পোৱা যাব পাৰে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ নিৰ্বাচনতো যথেষ্ট অস্থিৰতাৰ সংকেত দেখা যায়। অৱশ্যে, অৱশেষত, 8 সংখ্যাটোৱে স্থিৰতাৰ সংকেত প্ৰদান কৰে। ইয়াৰ অৰ্থ হৈছে যে ইয়াত স্পষ্ট সংখ্যাগৰিষ্ঠতাৰ সৈতে চৰকাৰ গঠনৰ সম্ভাৱনা কম যেন দেখা যায়, কিন্তু হুলস্থূল বা সমতা, মূল্য, জৰিমনা, বৈষম্যৰ পিছত যিখন চৰকাৰ গঠন হ’ব সেই চৰকাৰখন এবছৰৰ বাবে পৰিচালনা কৰাটো এটক জটিল কাম হ'ব। 1 বছৰৰ পিছত, পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব। এতিয়া আহক 2023 বৰ্ষৰ সংখ্যাই আপোনাৰ সংখ্যাক কেনেদৰে প্ৰভাৱিত কৰিব আৰু আপোনাক কেনে ফলাফল প্ৰদান কৰিব সেই বিষয়ে অৱগত হওঁ।

ভৱিষ্যতৰ সৈতে জড়িত যিকোনো সমস্যাৰ সমাধান লাভ কৰিব পাৰিব বিদ্বান জ্যোতিষীৰ সৈতে কথা পাতি

মূলাংক 1 ৰ অংক জ্যোতিষ 2024

সূৰ্যৰ প্ৰভাৱৰ বাবে, আপুনি স্বাভিমানী প্ৰকৃতিৰ হ'ব। অৱশ্যে, কেতিয়াবা স্বাভিমানে অভিমানৰ ৰূপ ল’ব পাৰে যাৰ বাবে কিছুমান লোকে আপোনাক অহংকাৰী বুলি ভাবিব পাৰে। অৱশ্যে, আপুনি প্ৰকৃততে এগৰাকী স্বাভিমানী ব্যক্তি। সূৰ্যৰ প্ৰভাৱৰ বাবে, আন লোকৰ তুলনাত আপোনাৰ প্ৰকৃতি কিছু খঙাল হ’ব পাৰে। অৱশ্যে, আপুনি যিখন ক্ষেত্ৰতেই কাম কৰে সেই ক্ষেত্ৰতেই আপোনাৰ সকলো অভিজ্ঞতা আৰু জ্ঞান নিৱিষ্ট কৰি আপুনি যথেষ্ট আগবাঢ়ি যাব পাৰে। নিজৰ সপোনবোৰ পূৰণ কৰিবৰ বাবে আপুনি কঠোৰ পৰিশ্ৰম কৰে। বন্ধুবৰ্গৰ সৈতে ফুৰি আৰু জীৱনৰ আনন্দ উপভোগ কৰি আপুনি ভাল পায়, কিন্তু আপুনি বন্ধুবৰ্গৰপৰা আপোন ভাৱৰ লগতে সন্মানো আশা কৰে। আপোনাৰ ভিতৰত নেতৃত্বৰ ক্ষমতা আছে। আপুনি য'লৈকে যায় তাতেই আপুনি মানুহৰ ওপৰত গভীৰ প্ৰভাৱ পেলাবলৈ সক্ষম হয়। প্ৰেম প্ৰকাশ কৰাৰ ক্ষেত্ৰত আপুনি অলপ পিছ পৰি থাকিব পাৰে, কিন্তু আপুনি প্ৰেম কৰাৰ ক্ষেত্ৰত আপুনি আগত থাকে। অৰ্থাৎ, আপুনি যাক নিজৰ বুলি ভাবে তেওঁৰ বাবে সকলোখিনি কৰিবলৈ সাজু থাকে। অৱশ্যে, আপুনি আপোনাৰ মৰম আৰু আপোন ভাৱ সঠিকভাৱে প্ৰকাশ কৰিবলৈ দ্বিধাবোধ কৰে। আপুনি এগৰাকী শৃংখলাবদ্ধ ব্যক্তি আৰু এই গুণটোৱে আপোনাৰ বাবে সফলতাৰ পথো মুকলি কৰি দিব। অৰ্থাৎ, অনুশাসন আৰু নিয়মৰ পালনে আপোনাক আগবাঢ়ি যোৱাত সহায় কৰিব।

2024 চনত, আপোনাৰ জীৱনত মুখ্যতঃ 9, 8, 2 আৰু 4 সংখ্যাৰ বিশেষ প্ৰভাৱ পৰিব। এনে পৰিস্থিতিত, 2024 বৰ্ষটোৱে আপোনাৰ বহুতো কাম সম্পূৰ্ণতাৰ দিশলৈ লৈ যোৱাত সহায় কৰিব। আপোনাৰ ভিতৰত এক উৎসাহ আৰু উৎদ্যম পৰিলক্ষিত হ’ব। আপুনি পাৰিবাৰিক দায়িত্ববোৰ পালন কৰিবলৈ চেষ্টা কৰিব। যদিও 1 আৰু 9ৰ মাজৰ গড় স্তৰৰ সম্পৰ্ক বিবেচনা কৰা হয়, তথাপিও আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰাত এই সংখ্যা যথেষ্ট সহায়ক প্ৰমাণিত হ'ব। অৱশ্যে, এই সংখ্যাবোৰৰ কিছুমান নেতিবাচক প্ৰভাৱো পৰিলক্ষিত হ’ব পাৰে। ফলস্বৰূপে, আপোনাৰ ভিতৰত ক্ৰোধ বা অহংকাৰ অধিক পৰিমাণে দেখা যাব পাৰে। যদিহে আপুনি ক্ৰোধ আৰু অহংকাৰ পৰিহাৰ কৰে, তেতিয়া আপুনি কেৱল পাৰিবাৰিক ক্ষেত্ৰতে নহয়, কৰ্মক্ষেত্ৰৰ সৈতে জড়িত বিষয়তো ভাল ফল প্ৰাপ্ত কৰিবলৈ সক্ষম হ'ব। এই বছৰৰ সংখ্যা আপোনাৰ বাবে আৰ্থিক দিশৰ ক্ষেত্ৰতো যথেষ্ট সহায়ক প্ৰমাণিত হ'ব। সম্পত্তি আদি ক্ৰয় কৰাৰ বাবে এই বৰ্ষটো সহায়ক প্ৰমাণিত হোৱাৰ যোগ আছে। সন্তানৰ সৈতে জড়িত বিষয়ত এই বৰ্ষত আপুনি বুদ্ধিমত্তাৰে আগবাঢ়িব লাগিব। একে সময়তে, প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত, আপুনি অতি বিনম্ৰ আচৰণ কৰিব লাগিব। বৈবাহিক জীৱনত আপুনি এই বছৰ মধ্যমীয়া স্তৰৰ ফলাফল প্ৰাপ্ত কৰিব। যদিহে আপোনালোকে পাৰস্পৰিক সন্দেহ আৰু ক্ৰোধ পৰিহাৰ কৰি চলে, তেনেহ’লে ব্যক্তিগত জীৱন ভালদৰে উপভোগ কৰিবলৈ সক্ষম হ'ব। যদি এই সাৱধানতাবোৰ অৱলম্বন কৰি চলে তেনেহ’লে সংখ্যা 8 আৰু 4 ৰপৰা লাভ কৰিবলগীয়া নেতিবাচক ফলাফলবোৰ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ব। অন্যথা, কেতিয়াবা জেদ, বিভ্ৰান্তি বা অত্যাধিক উৎসাহৰ ফলস্বৰূপে সংখ্যা 8 আৰু 4 য়ে কিছুমান ক্ষতিও কৰিব পাৰে। আশা কৰোঁ যে এই সাৱধানতাবোৰ গ্ৰহণ কৰি আপুনি নিজৰ জীৱনৰ বিভিন্ন ক্ষেত্ৰত যথেষ্ট ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। কিয়নো সাধাৰণভাৱে 2024 বৰ্ষটোৱে আপোনাক যথেষ্ট পৰিমাণে অনুকূল ফলাফল প্ৰদান কৰাৰ সম্ভাৱনা আছে।

উপায়: ভাই-বন্ধু আৰু মিত্ৰ সৈতে সম্পৰ্ক ৰখা তথা প্ৰত্যেক মঙ্গলবাৰে হনুমান জীক দেশী ঘিউ মিহলি কৰা সিন্দুৰৰ চ’লা আগবঢ়োৱাৰ লগতে সুন্দৰাকাণ্ড পাঠ কৰাটো আপোনাৰ বাবে শুভ হ’ব।

পঢ়ক: মূলাংক 1 ৰ বিশেষত্বসমূহ

মূলাংক 2 ৰ অংক জ্যোতিষ 2024

চন্দ্ৰৰ প্ৰভাৱৰ বাবে, আপুনি ভাল সৃষ্টিশীল ক্ষমতাৰ অধিকাৰী হ’ব অৰ্থাৎ আপোনাৰ ভিতৰত সৃষ্টিশীলতা দেখা যাব। সাধাৰণতে, আপুনি এগৰাকী আৱেগিক ব্যক্তি। আনৰ অনুভূতিক আপুনি সন্মান কৰে আৰু আনেও আপোনাৰ অনুভূতিক সম্পূৰ্ণৰূপে প্ৰশংসা কৰিব বুলি আশা কৰে। চন্দ্ৰ এক চঞ্চল প্ৰকৃতিৰ গ্ৰহ কিন্তু ভিতৰৰপৰা ই এক মমতাময়ী গ্ৰহ। সেয়েহে, আপুনি শান্ত স্বভাৱৰ হ'লেও, কেতিয়াবা আপুনি চঞ্চল হৈ পৰিব পাৰে। আপোনাৰ মানসিক ক্ষমতা যথেষ্ট শক্তিশালী হ'ব। আপুনি বেছিভাগ কাম সুপৰিকল্পিতভাৱে কৰিবলৈ পছন্দ কৰে। আপুনি আপোনাৰ সম্পৰ্কসমূহক যথেষ্ট গুৰুত্ব দিয়ে। আনক সহায় কৰিবলৈ আপুনি সদা প্ৰস্তুত হৈ থাকে। যদি আপুনি কোনো কামত সন্তুষ্টি লাভ নকৰে, তেনেহ’লে আপুনি সেই কামটো এৰি নতুন কাম এটা আৰম্ভ কৰিব পাৰে। অৱশ্যে, এই ক্ষেত্ৰত আপুনি কিছু সংশোধন কৰাৰ প্ৰয়োজনীয়তা আছে। কিয়নো সকলোবোৰ কামে আপোনাক আৰম্ভণিৰেপৰাই সন্তুষ্টি প্ৰদান কৰিব বুলি কথা নাই। বহুসময়ত আৰম্ভণিতে অসুবিধাজনক হোৱা কামটোৱে পিছলৈ যথেষ্ট ভাল ফলাফল প্ৰদান কৰিব পাৰে। সেয়েহে, আপুনি ধৈৰ্য্য বৃদ্ধি কৰিবলৈ চেষ্টা কৰা উচিত। সৰু সৰু কথাত নিৰাশ হোৱাটো পৰিহাৰ কৰিলে জীৱনত আপুনি যথেষ্ট উন্নতি কৰিব পাৰিব।

অংকজ্যোতিষ 2024 অনুসৰি, আপোনাৰ ওপৰত 2024 বৰ্ষত মুখ্যতঃ 1, 8, 2 আৰু 4 অংকৰ প্ৰভাৱ থাকিব। 2 আৰু 1 ৰ মাজৰ সম্পৰ্কক সংখ্যাৰ পৃথিৱীত যথেষ্ট ভাল বুলি গণ্য কৰা হয়। ফলস্বৰূপে 2024 বৰ্ষটোৱে বেছিভাগ ক্ষেত্ৰত আপোনাক যথেষ্ট ভাল ফলাফল প্ৰদান কৰাৰ সম্ভাৱনা আছে। আপোনাৰ ভিতৰত থকা সৃষ্টিশীল ক্ষমতাৰ সমৰ্থন কৰা লোকসকল এই বছৰ যথেষ্ট পৰিমাণে আপোনাৰ সৈতে সংযোজিত হৈ থাকিব পাৰে। ফলস্বৰূপে আপুনি নিজৰ যোগ্যতাৰ বিস্তাৰ কৰি সফলতাৰ পছত অগ্ৰসৰ হ’ব পাৰিব। আপুনি এই বছৰ চৰকাৰী প্ৰশাসন বা উচ্চ পদবীত থকা লোকসকলৰপৰা সমৰ্থন লাভ কৰিব পাৰে। আপুনি যি প্ৰকল্পত কাম কৰিব বিচাৰে; নিজৰ জ্যেষ্ঠ সহকৰ্মী আৰু শুভাকাংক্ষীসকলৰ জৰিয়তে সেই প্ৰকল্প আগবঢ়াই নিবলৈ সক্ষম হ'ব। অৱশ্যে 8 আৰু 4 সংখ্যাৰ প্ৰভাৱৰ বাবে কেতিয়াবা কেতিয়াবা কামত মন্থৰতা আহিব পাৰে, কিন্তু বেছিভাগ কাম সম্পন্ন হোৱাৰ শক্তিশালী যোগ আছে।

আৰ্থিক ক্ষেত্ৰতো আপুনি এই বৰ্ষত যথেষ্ট উন্নতি কৰা দেখা যাব। পৰিয়ালৰ সৈতে জড়িত লোকসকলৰ বাবে আপুনি যথেষ্ট ভাল কৰাৰ চেষ্টা কৰিব আৰু সেই প্ৰচেষ্টাত আপুনি সফলো হ'ব। যদিও কেতিয়াবা আপোনাৰ এনে অনুভৱ হ’ব পাৰে যে কিছুমান ব্যক্তিয়ে আপোনাৰ সুবিধা ল'বলৈ চেষ্টা কৰিছে, কিন্তু তৎস্বত্বেও, আপুনি সহায় নকৰাকৈ নাথাকে। নতুন বাহন ক্ৰয় কৰাৰ বাবে এই বছৰটো যথেষ্ট ভাল হ’ব। সন্তান আৰু শিক্ষাৰ সৈতে জড়িত বিষয়ত এই বছৰ ভাল ফলাফল লাভ কৰাৰ যোগ আছে। যদি আপুনি ব্যক্তিগত সম্পৰ্কত বিশেষকৈ প্ৰেম আৰু বিবাহৰ দৰে জড়িত ক্ষেত্ৰত অহংকাৰ পৰিহাৰ কৰে, তেতিয়া আপুনি যথেষ্ট ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। এই বৰ্ষটোত কিবা এটা নতুন আৰু বিশেষ কৰাৰ সুযোগ লাভ কৰিব পাৰে। মুঠ কথাত ক’ব পাৰি যে, 2024 বৰ্ষটো 2 মূলাংকৰ লোকসকলৰ বাবে সাধাৰণতে যথেষ্ট ভাল ফলাফল প্ৰদান কৰা বৰ্ষ হিচাপে প্ৰমাণিত হ’ব।

উপায়: এই বৰ্ষত জীৱনৰ অনুশাসন বৃদ্ধি কৰা উচিত। পিতৃ তথা পিতৃতুল্য ব্যক্তিৰ সেৱা সৎকাৰ কৰি তেওঁলোকৰ মাৰ্গদৰ্শন প্ৰাপ্ত কৰক। ৰাতিপুৱা নিয়মিতভাৱেউঠি স্নান কৰি উঠি সূৰ্য্যদেৱতাক কুমকুম মিহলি পানী আগবঢ়োৱাটো আপোনাৰ বাবে শুভ হ’ব।

পঢ়ক: মূলাংক 2 ৰ বিশেষত্বসমূহ

নিজৰ জীৱনক কেনেদৰে কৰি তুলিব বিশেষ? বিদ্বান জ্যোতিষীসকলৰ সৈতে ফোনত কথা পাতি জানক উত্তৰ

মূলাংক 3 ৰ অংক জ্যোতিষ 2024

বৃহস্পতি গ্ৰহৰ প্ৰভাৱৰ বাবে আপুনি এগৰাকী অভিজ্ঞ ব্যক্তি হিচাপে জনাজাত হ’ব। আপুনি কেৱল শিকাতেই বিশ্বাস নকৰে বৰঞ্চ আপুনি ভালদৰে শিকাবও জানে। বুজা আৰু বুজোৱাটো আপুনি পছন্দ কৰিব। যদিও আপুনি অনুশাসনৰ ভিতৰত থকাটো পছন্দ কৰে, কিন্তু অযোগ্য ব্যক্তিৰ অধীনত আপুনি কাম কৰিব নিবিচাৰে। অৰ্থাৎ, কোনো লোকে আপোনাক পথ প্ৰদৰ্শন কৰাটো ভাল কথা, কিন্তু যদি সেই ব্যক্তিগৰাকীয়ে বিষয়বস্তুটো সঠিকভাৱে নজনাৰ পিছতো জ্ঞান দিয়ে তেনেহ’লে সেয়া আপোনাৰ মুঠেও পছন্দ নহয়। সাধাৰণতে, আপুনি সকলো পৰিস্থিতিতে সুখী হৈ থাকিব পাৰে। যদিও আপুনি হাঁহি-ধেমালি ভাল পায়, আপুনি ধেমালিৰ চলেৰে মৰ্যাদা হেৰুওৱাটো আপুনি পছ্নদ নকৰে। স্বাভৱিকতে আপুনি এগৰাকী ধৰ্মপ্ৰাণ ব্যক্তি। দান, পুণ্যআৰু ধৰ্মীয় কাৰ্যকলাপৰ সৈতে জড়িত হ’বলৈ আপুনি ভাল পায়। আপুনি জ্যেষ্ঠ, বয়সস্থ, গুৰু আৰু ধৰ্মীয় ব্যক্তিসকলৰ নিৰ্দেশনা আৰু মাৰ্গদৰ্শন মতে কাম কৰিলে যথেষ্ট উন্নতি লাভ কৰিবলৈ সক্ষম হ'ব।

অংক জ্যোতিষ 2024 অনুসৰি, 2024 বৰ্ষত আপোনাৰ ওপৰত মুখ্যতঃ 2, 8, 2 আৰু 4 সংখ্যাৰ প্ৰভাৱ থাকিব। এনে পৰিস্থিতিত 2024 বৰ্ষটোৱে প্ৰায়ভাগ ক্ষেত্ৰত আপোনাক যথেষ্ট ভাল ফলাফল প্ৰদান কৰা দেখা যাব। নতুন আৰু বিশেষ কিবা এটা কৰাৰ আকাংক্ষা আপোনাৰ শক্তিশালীভাৱে প্ৰোথিত হ'ব আৰু প্ৰয়াস কৰিলে আপুনি এই বছৰ নতুন কিবা এটা কৰাৰ ক্ষেত্ৰত সফলো হ’ব। বিশেষ কথাটো হ'ল যে এই বছৰটোৱে আপোনাক কৰ্মস্থান আৰু ব্যক্তিগত জীৱনৰ ভাৰসাম্য ৰখাৰ বাবে বিশেষ শক্তি প্ৰদান কৰিব। এনে পৰিস্থিতিত, আপুনি নিজৰ কৰ্মক্ষেত্ৰক এক নতুন দিশ আৰু নতুন স্তৰ প্ৰদান কৰাৰ লগতে আপোনাৰ ব্যক্তিগত জীৱনতোক ভাল সন্তুলন ৰক্ষা কৰিব পাৰিব। যিহেতু আপোনাৰ মূলাংক হৈছে 3, এনে পৰিস্থিতিত আপুনি আৰ্থিক ব্যৱস্থাপনা ভালদৰে কৰিব পাৰিব। স্বাভাৱিকতে, এনে ব্যক্তিসকলে আৰ্থিক বিষয়ত কোনো ডাঙৰ সমস্যাৰ সন্মুখীন নহয়।

বিশেষকৈ যেতিয়া আপুনি এই বছৰ 2 সংখ্যাৰ সমৰ্থন লাভ কৰিছে। গতিকে আপুনি আৰ্থিক ক্ষেত্ৰত যথেষ্ট ভাল কৰিব পাৰিব। আপুনি এই বছৰ বিনিয়োগৰ কোনো নতুন উপায়ো লাভ কৰিব পাৰে। পাৰিবাৰিক বিষয়তো এই বছৰ যথেষ্ট ভাল কৰিব পাৰিব। আপুনি পাৰিবাৰিক সমস্যাবোৰৰ ক্ষেত্ৰত কিছু আৱেগিক হৈ পৰিব পাৰে। পৰিয়ালৰ সমস্যাবোৰ দূৰ কৰিবৰ বাবে কৰা প্ৰয়াস সফল হ'ব। অৰ্থাৎ, পৰিয়াললৈ সুখ-শান্তি কঢ়িয়াই অনাত আপোনাক যথেষ্ট পৰিমাণে সফল হোৱা দেখা যাব। এই বছৰটো নতুন বাহন আদি ক্ৰয় কৰাৰ বাবে যথেষ্ট সহায়ক প্ৰমাণিত হ'ব। যদি আপুনি আপোনাৰ জন্মস্থানৰ পৰা আঁতৰত বাস কৰি আছে আৰু সেই ঠাইত মাটি বা ঘৰ ক্ৰয় কৰিব বিচাৰে, তেনেহ'লে 2024 বৰ্ষটো এই ক্ষেত্ৰত আপোনাৰ বাবে সহায়ক হ'ব। ব্যক্তিগত সম্পৰ্কৰ ক্ষেত্ৰতো এই বৰ্ষটো আপোনাৰ বাবে খুব হোৱাৰ সম্ভাৱনা আছে। প্ৰেম জীৱনৰ হওক বা বৈবাহিক জীৱনৰ ক্ষেত্ৰতে হওক, প্ৰতিটো ক্ষেত্ৰতো এই বৰ্ষটো আপোনাৰ বাবে অত্যন্ত ভাল হ’ব। অংক জ্যোতিষ 2024 অনুসৰি, অংশীদাৰিত্বৰ আৰম্ভণিয়েইহওক বা অংশীদাৰিত্বৰ যিকোনো কাম হওক; আপুনি সেই ক্ষেত্ৰতো যথেষ্ট ভাল কৰিব। অৰ্থাৎ, 2024 বৰ্ষটোৱে আপোনাৰ সৌভাগ্য বৃদ্ধি কৰিব আৰু আপোনাক নম্ৰতাৰ অনুভূতি প্ৰদান কৰিব।

উপায়: মাতৃ আৰু মাতৃতুল্য মহিলাৰ সেৱা-সুশ্ৰুষা কৰি তেওঁলোকৰ আশীৰ্বাদ গ্ৰহণ কৰক। শিৱ মন্দিৰলৈ গৈ তাত তেওঁৰ মন্ত্ৰ বা চালিশা জপ কৰক।লগতে যেতিয়াই সম্ভৱ হয় তেতিয়াই বিশেষকৈ প্ৰত্যেক মাহ বা প্ৰতি দুমাহৰ অন্তৰে অন্তৰে ৰূদ্ৰাভিষেক কৰক। এই উপায়ে আপোনাক আৰু অধিক ভাল ফল প্ৰাপ্ত কৰাত সহায় কৰবি।

পঢ়ক: মূলাকং 3 ৰ বিশেষত্বসমূহ

মূলাংক 4 ৰ অংক জ্যোতিষ 2024

ৰাহুৰ প্ৰভাৱৰ ফলস্বৰূপে এই বৰ্ষত আপোনাৰ জীৱনত উশৃংখলতা বা উত্থান-পতন তুলনামূলকভাৱে অধিক হ’ব পাৰে। অৱশ্যে এই সংখ্যাই দ্ৰুতভাৱে উন্নতিও প্ৰদান কৰে। অৰ্থাৎ আপোনাৰ জীৱনত বহু কিবাকিবি আকস্মিকভাৱে হ’ব পাৰে। আপোনাৰ ভিতৰত কিবা ডাঙৰ আৰু বিপ্লৱী কাম কৰাৰ ইচ্ছা জাগ্ৰত হ’ব পাৰে কিন্তু এয়া তেতিয়াহে সম্ভৱ হ’ব যেতিয়া আপোনাৰ কোনো শুভাকাংক্ষী পথ প্ৰদৰ্শকে আপোনাক পথ দেখুৱাব। বেয়া সংগৰ ফলস্বৰূপে এই সংখ্যাটোৱে বেয়া কামৰ প্ৰতি আকৃষ্ট কৰাৰো কাম কৰে। অৱশ্যে আপুনি নিজৰ পৰিয়ালৰ লোকসকলৰ সম্পূৰ্ণ ধ্যান ৰাখিব আৰু তেওঁলোকক সুখী কৰি ৰাখিব বিচাৰিব। কিন্তু যদিহে বাৰে বাৰে কোনোবাই আপোনাৰ অনুভূতিক আঘাত কৰে তেতিয়া আপুনি নিষ্ঠুৰ হৈ পৰিব পাৰে।

আপোনাৰ ভাল আৰু প্ৰকৃত বন্ধু সংখ্যাত তাকৰ হ’ব পাৰে অথবা আপুনি কম বন্ধু-বান্ধৱ গোটোৱাটো পছন্দ কৰে। ধৈৰ্য্য আৰু সংযমৰদ্বাৰা কাম কৰিলে, লগতে কোনো যোগ্য পথ প্ৰদৰ্শকৰ পৰামৰ্শ অনুসৰি আগবাঢ়িলে সফলতা লাভ কৰাটো সম্ভৱ হ’ব।

অংক জ্যোতিষ 2024 য়ে সংকেত প্ৰদান কৰিছে যে 2024 বৰ্ষত আপোনাৰ ওপৰত বিশেষভাৱে 3, 8, 1, 2 আৰু 4 সংখ্যাৰ বিশেষ প্ৰভাৱ থাকিব। যদিও 3 সংখ্যাৰ বাৰ্ষিক যোগফলত হস্তক্ষেপক সাধাৰণভাৱে ভাল বুলি গণ্য কৰা হয় তথাপি কিন্তু মূলাংক 4 ৰ সৈতে 3ৰ সম্পৰ্কক মধ্যমীয়া হিচাপে গণ্য কৰা হয়। অৱশেষত ক’ব পাৰি যে এই বৰ্ষটোৱে আপোনাক মধ্যমীয়াতকৈ কিছু উন্নত ফলাফল প্ৰদান কৰিব। এই বৰ্ষত আপোনাৰ পৰিকল্পনা আৰু আপোনাৰ কাৰ্যশৈলী তথা প্ৰয়াসত কিছু অসামঞ্জস্যতা পৰিলক্ষিত হ’ব পাৰে। অৰ্থাৎ আপুনি পৰিকল্পনাসমূহ ভালদৰে কৰিব কিন্তু কিছুমান বিষয়ত আপোনাৰ সিমানখিনি অভিজ্ঞতা নাই যিমানখিনি অভিজ্ঞতাৰ সেই কামটোত প্ৰয়োজন আছে। যদিহে আপুনি কোনো ভুল ধাৰণাৰ বশৱৰ্ত্তী হৈ কেৱল নিজৰ বিচাৰ-বিবেচনাতেই সীমিত থাকি সেই কাম কৰিব বিচাৰে তেনেহ’লে আপুনি সেইক্ষেত্ৰত পিছ পৰি থাকিব। এনে পৰিস্থিতিত আপুনি অভিজ্ঞতাসম্পন্ন জ্যেষ্ঠ্য লোকৰ সহযোগিতা আৰু পৰামৰ্শ গ্ৰহণ কৰা উচিত। কাৰণ এনে কৰাৰদ্বাৰা আপুনি ডাঙৰ আৰু উৎকৃষ্ট সফলতা প্ৰাপ্ত কৰিব পাৰিব।

কাৰোবাৰ প্ৰৰোচনা অথবা কোনো ভুল ধাৰণাৰ বশৱৰ্ত্তী হৈ কোনো ডাঙৰ বিপদাশংকা লোৱাটো বা বিনিয়োগ কৰাটো উচিত নহ’ব। যদিহে আপুনি এনে কৰে তেতিয়া আপুনি নিজকে বিষম পৰিস্থিতিত পেলোৱাৰ লগতে সফলতা প্ৰাপ্ত কৰাৰ ক্ষেত্ৰতো অসুবিধাৰ সম্মুখীন হ’ব। কাৰণ এই বৰ্ষটোক আত্মবিশ্লেষণৰ বৰ্ষ হিচাপে জনা যায়। এনে পৰিস্থিতিত আপুনি প্ৰথমে বিশ্লেষণ কৰি লৈ তাৰ পিছতহে কিবা এটা নতুন কাম কৰক আৰু মানুহৰ মাজলৈ তাক লৈ যাওক; যাৰ ফলত আপুনি সফলতা লাভ কৰিব। আৰ্থিক ক্ষেত্ৰত এই বৰ্ষটোত কোনো ডাঙৰ বিপদাশংকা গ্ৰহণ কৰাটো উচিত নহ’ব। পাৰিবাৰিক বিষয়সমূহ ভালে ৰাখিবৰ বাবে নিজকে ভুল ধাৰণাৰ পৰা আতৰাই ৰাখক। যদিহে সম্পত্তি ইত্যাদিৰ সৈতে জড়িত বিষয়ত ভালদৰে চালি-জাৰি চাই কাম কৰিব তেতিয়া আপুনি ভাল ফলাফল প্ৰাপ্ত কৰিব পাৰিব। সন্তানৰ সৈতে জড়িত ক্ষেত্ৰত পাৰস্পৰিক ভুল বুজাবুজিৰপৰা বাচি থাকক। পৰস্পৰে পৰস্পৰক বুজাৰ ভালদৰে চেষ্টা কৰক। এনেদৰে প্ৰেম জীৱনৰ ক্ষেত্ৰতো পৰস্পৰে পৰস্পৰৰ ওপৰত সন্দেহ নকৰাকৈ থাকি জীৱনটো সুন্দৰ কৰি তুলিব পাৰিব। দাম্পত্য জীৱনতো এই সাৱধানতাসমূহ অৱলম্বন কৰাটো প্ৰয়োজনীয়। অৰ্থাৎ কিছু সাৱধানতা অৱলম্বন কৰিলে 2024 বৰ্ষটোৱে আপোনাক ভাল সফলতা প্ৰদান কৰিব।

উপায়: কপালত নিয়মীয়াকৈ কেশৰৰ তিলক লগাওক। প্ৰত্যেক চতুৰ্থ মাহত ঠাৰি লাগি থকা চাৰিটা শুকান নাৰিকল বৈ থকা পানীত উটাই দিয়ক। পৰিস্কাৰ কৰ্মীক শনিবাৰে চাৰিটা মূলা দান কৰক। এনেদৰে প্ৰতিটো মাহত অথবা কমেও চাৰি মাহৰ অন্তৰে অন্তৰে এবাৰ নিশ্চিভাৱে কৰক।

পঢ়ক: মূলাংক 4 ৰ বিশেষত্বসমূহ

মূলাংক 5 ৰ অংক জ্যোতিষ 2024

বুধৰ প্ৰভাৱৰ ফলস্বৰূপে আপুনি হাঁহিমুখীয়া আৰু খোলা প্ৰকৃতিৰ ব্যক্তি হ’ব। তৰ্ক-বিতৰ্ক আৰু মুখে মুখে উত্তৰ দিয়াটো আপোনাৰ স্বভাৱ হ’ব পাৰে। সাধাৰণভাৱে আপুনি যিকোনো কাম কৰাৰ পূৰ্বে ভালদৰে ভাবি-চিন্তি লয় কিন্তু কেতিয়াবা কেতিয়াবা দোমোজাৰ পৰিস্থিতি দেখিবলৈ পোৱা যায়। এনে পৰিস্থিতিত আপুনি বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত। আপোনাৰ ভাল কাপোৰ আৰু গহণা আদিৰ চখ থাকিব পাৰে। আপোনাৰ কথা-বতৰাৰ ধৰণ ইমান ভাল হ’ব যে ইয়াৰদ্বাৰা আন মানুহ যথেষ্ট প্ৰভাৱিত হ’ব। ফলস্বৰূপে আপুনি মানুহৰপৰা কৌশলেৰে নিজৰ কাম আদায় কৰিব পাৰিব। যদিহে আপোনাৰ খৰখেদা কৰাৰ স্বভাৱ আছে তেনেহ’লে সেই ক্ষেত্ৰত সংযম কৰিবলৈ চেষ্টা কৰক। কাৰণ খৰখেদা কৰাৰ ফলত আপোনাৰ বহুবাৰ কোনো কামত খেলিমেলি হ’ব পাৰে। আনহাতে ধৈৰ্য ধৰি কাম কৰাৰ ফলত তথা বয়োজ্যেষ্ঠ আৰু অভিজ্ঞতাসম্পন্ন লোকৰ পৰামৰ্শ অনুসৰি কাম কৰাৰ ফলত আপুনি ভাল ফল প্ৰাপ্ত কৰিব পাৰিব।

অংক জ্যোতিষ 2024 অনুসৰি, বৰ্ষ 2024 ত আপোনাৰ ওপৰত মুখ্যতঃ 4, 8, 1, 2 আৰু 4 সংখ্যাৰ বিশেষ প্ৰভাৱ পৰিব। এনে পৰিস্থিতত আপুনি এই বৰ্ষটোত তথ্য়ভিত্তিকভাৱে কাম কৰাৰ প্ৰয়োজনীয়তা আছে।এনেয়েও আপুনি গণনা কৰি আৰু পুৰণা অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত ল’বলৈ প্ৰয়াস কৰে কিন্তু এই বৰ্ষত সেই প্ৰসায়ক সম্পূৰ্ণ গম্ভীৰভাৱে গ্ৰহণ কৰক। অৱশ্যে 5 আৰু 4 ৰ মাজৰ সম্পৰ্কক সাধাৰণতে ভাল বুলি গণ্য কৰা হয় কিন্তু 5 আৰু 8 ৰ মাজৰ সম্পৰ্কক সিমান ভাল বুলি গণ্য কৰা নহয়। বাকী সংখ্যাবোৰৰ সৈতে মূলাংকৰ সম্পৰ্ক সাধাৰণভাৱে ভালেই। অৱশেষত ক’ব পৰা যায় যে এই বৰ্ষত কোনো ডাঙৰ বিসংগতি নহয় কিন্তু ভুল ধাৰণাৰ বশৱৰ্ত্তী হৈ অথবা কাৰোবাৰ প্ৰৰোচনাত পৰি কোনো ডাঙৰ সিদ্ধান্ত লোৱাটো উচিত নহ’ব। যিয়েই সিদ্ধান্ত ল’ব সেয়া তথ্যভিত্তিক ৰূপত পৰীক্ষা কৰাৰ পিছতহে গ্ৰহণ কৰা উচিত।

কোনো কাম কৰিবৰ বাবে মাজৰ পথ গ্ৰহণ কৰাটো প্ৰয়োজনীয় হ’ব। কাৰণ 8 সংখ্যাটোৱে কিছুমান ক্ষেত্ৰত আপোনাৰ মূলাংকৰ বিৰোধিতা কৰিব পাৰে। এনে পৰিস্থিতিত আপুনি 8 সংখ্যাৰ স্বামীৰ প্ৰকৃতি অনুসৰি অৰ্থাৎ শনিৰ প্ৰকৃতি অনুসৰি কাম কৰাৰ আৱশ্যকতা আছে। অৰ্থাৎ লাহে-লাহে ধৈৰ্য সহকাৰে কাম কৰিলে সফলতা প্ৰাপ্ত কৰিব পাৰিব। খৰখেদা বা অভিজ্ঞতাহীনতাৰ আধাৰত কাম কৰাটো উচিত নহ’ব। অনুশাসিত ৰূপত কাম কৰক, প্ৰসায় কৰি থাকক আৰু কোনো ভুল কামত নিজকে জড়িত নকৰিব। এনে কৰাদ্বাৰা আপুনি ভাল ফল প্ৰাপ্ত কৰিবলৈ সক্ষম হ’ব।

আৰ্থি ক্ষেত্ৰত কোনো ডাঙৰ বিপদাশংকা গ্ৰহণ কৰাটো উচিত নহ’ব। ভূমি, ঘৰ, বাহন ইত্যাদি ক্ৰয় কৰাৰ বাবেও কোনো ডাঙৰ বিপদাশংকা গ্ৰহণ কৰাটো উচিত নহ’ব। সন্তানৰ সৈতে পৰাস্পৰিক সম্পৰ্ক যাতে দুৰ্বল নহয় তাৰ প্ৰতি মনোযোগ দিয়ক। যাক আপুনি ভাল পায় তেওঁৰ প্ৰতি অথবা আপোনাৰ জীৱনসঙ্গীৰ প্ৰতি কোনো ধৰণৰ ভুল ধাৰণা পালন কৰাটো উচিত নহ’ব। এই সাৱধানতাসমূহ অৱলম্বনৰদ্বাৰা আপুনি ভাল ফল লাভ কৰিবলৈ সক্ষম হ’ব অৰ্থাৎ 2024 বৰ্ষটোৱে আপোনাৰ বাবে মধ্যমীয়া স্তৰৰ ফলাফল কঢ়িয়াই আনিব। ভুল কৰাৰ ফলত লোকচান হ’ব পাৰে আনহাতে সাৱধানপূৰ্বকভাৱে কাম কৰিলে মধ্যমীয়া স্তৰতকৈ ভাল ফলাফল প্ৰাপ্ত কৰিব।

উপায়: মা সৰস্বতী আৰু ভগৱান শিৱৰ পূজা অৰ্চনা কৰা উচিত। বছৰত কমেও এবাৰ নিজৰ ওজনৰ সমান সাত প্ৰকাৰৰ শস্য দৰিদ্ৰ লোকক দান কৰা উচিত। কপালত নিয়মিতভাৱে হালধীৰ তিলক লগাওক।

পঢ়ক: মূলাংক 5 ৰ বিশেষত্বসমূহ

শনি প্ৰতিৱেদন ৰ জৰিয়তে জানক আপোনাৰ জীৱনত শনিৰ প্ৰভাৱ আৰু উপায়

মূলাংক 6 ৰ অংক জ্যোতিষ 2024

শুক্ৰ প্ৰভাৱৰ ফলস্বৰূপে আপোনাৰ ভিতৰত এক অদ্ভূত আকৰ্ষণ দেখা পোৱা যাব। আপুনি চৌখীন স্বভাৱৰ হ’ব পাৰে অথবা আপোনাৰ ভিতৰত ভাল উৎসাহ দেখিবলৈ পোৱা যাব পাৰে। আপোনাৰ বন্ধু-বান্ধৱৰ সংখ্যা অধিক হ’ব পাৰে। কলা আৰু সাহিত্যৰ ক্ষেত্ৰত আপোনাৰ ভাল জ্ঞান থাকিব। বিভিন্ন ক্ষেত্ৰৰ জ্ঞান থকাৰ বাবে মানুহে আপোনাৰ কথা পেলাব নোৱাৰিব। আপুনি যি ঠাইলৈকে যায় তাতেই বহুতো লোক আপোনাৰ সৈতে জড়িত হৈ পৰিব। অৰ্থাৎ আপুনি মানুহৰদ্বাৰা পৰিৱেষ্টিত হৈ থাকিব আৰু নিজৰ স্বকীয় পৰিচয় গঢ় দিয়াৰ ক্ষেত্ৰত সফল হ’ব। কেতিয়াবা কেতিয়াবা আপোনাৰ স্বভাৱত কিছু পৰিমাণে জেদ ভাৱ বা অভিমান পৰিলক্ষিত হ’ব পাৰে। যদিও আপোনাৰ ভিতৰত সকলোবোৰ কাম পৰিকল্পিতভাৱে কৰাৰ গুণ আছে তথাপি কেতিয়াবা কেতিয়াবা আনৰ প্ৰৰোচনাত পৰি কাম কৰাৰ ফলত আপোনাৰ লোকচানো হ’ব পাৰে।আপুনি নিজৰ ফুৰ্ত্তি-তামাচাৰ বাবে যথেষ্ট ধন ব্যয় কৰে। সেইকাৰণে ধন সঞ্চয় কৰাৰ ক্ষেত্ৰত আপুনি পিছ পৰি থাকিব পাৰে। অৰ্থাৎ যথাৰ্থ জীৱন যাপন কৰি ধন সঞ্চয় কৰিবৰ বাবে প্ৰয়াস কৰাৰদ্বাৰা আপুনি সঞ্চয় কৰাৰ ক্ষেত্ৰত সফল হ’ব পাৰিব।

অংক জ্যোতিষ 2024 য়ে সংকেত প্ৰদান কৰে যে, আপোনাৰ ওপৰত এই বৰ্ষত মুখ্যতঃ 5, 8, 1, 2 আৰু 4 টা সংখ্যাৰ বিশেষ প্ৰভাৱ পৰিব। এনে পৰিস্থিতিত, আপুনি এই বছৰ মধ্যমীয়া স্তৰৰ ফলাফল প্ৰাপ্ত কৰিব। 6 আৰু 5 সংখ্যাৰ মাজৰ সম্পৰ্কক মধ্য়মীয়া হিচাপে বিবেচনা কৰা হয়। যি কঠোৰ পৰিশ্ৰম অনুসৰি ফলাফল প্ৰদান কৰিব। অৱশ্যে, 5 সংখ্যাৰ বাবে, আপুনি এনে কিছুমান মানুহো লগ পাব পাৰে যি কিছু কমিছন বা অলপ অংশৰ বিনিময়ত আপোনাক আপোনাৰ ক্ষেত্ৰৰ গণ্যমান্য লোকসকলৰ সৈতে সংযোগ হোৱাত সহায় কৰিব পাৰে। যদি আপুনি এগৰাকী শিক্ষাৰ্থী, তেন্তে এই বছৰটোৱে আপোনাক যথেষ্ট ভাল ফলাফল প্ৰদান কৰিব।

বিভিন্ন বিষয়ৰ লগতে গণিত বিষয়ৰ ওপৰত আপোনাৰ আয়ত্ব তুলনামূলকভাৱে ভাল হ’ব। আৰ্থিক ক্ষেত্ৰত এই বৰ্ষত মধ্যমীয়া স্তৰৰ ফলাফল লাভ কৰিব। 8 সংখ্যাৰ সম্পৰ্কও আপোনাৰ বাবে মধ্যমীয়া। একে সময়তে,1 সংখ্যাৰ সৈতে আপোনাৰ সম্পৰ্কও মধ্যমীয়া বা মধ্যমীয়াতকৈ কিছু দুৰ্বল হ'ব পাৰে। সংখ্যা 2 য়ে আপোনাক মজলীয়াতকৈ কিছু ভাল ফলাফল প্ৰদান কৰিব পাৰে। একে সময়তে, 4 সংখ্যাই আপোনাক মধ্যমীয়া বা তাতকৈ সামান্য দুৰ্বল ফলাফল প্ৰদান কৰিব পাৰে। এই সকলোবোৰ কাৰণৰ বাবে, আপুনি এই বছৰটোত সফলতা প্ৰাপ্ত কৰিবৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। অৰ্থনৈতিক ক্ষেত্ৰত এই বছৰটোৱে মধ্যমীয়া স্তৰৰ ফলাফল প্ৰদান কৰিব। অৱশ্যে আত্মিক সম্পৰ্কৰ বাবে বছৰটো ভাল হ'ব, বিশেষকৈ প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত। আনহাতে বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰত মধ্যমীয়া স্তৰৰ ফলাফল পোৱা যায়। অংক জ্যোতিষ 2024 অনুসৰি, ঘৰ নিৰ্মাণ বা বাহন বা পাৰিবাৰিক বিষয়ৰ ক্ষেত্ৰত মধ্যমীয়া ফলাফল প্ৰাপ্ত কৰাৰ সম্ভাৱনা আছে।

উপায়: উপায় হিচাপে নিয়মিত ৰূপত গণেশ জীৰ পূজা অৰ্চনা কৰক। গণপতি অৰ্থবিশেষ পাঠ কৰক আৰু কন্যাৰ পূজন কৰি আশীৰ্বাদ লওক।

পঢ়ক: মূলাংক 6 ৰ বিশেষত্বসমূহ

মূলাংক 7 ৰ অংক জ্যোতিষ 2024

কেতুৰ প্ৰভাৱৰ বাবে, আপুনি স্বতন্ত্ৰ আৰু ভিন্ন চিন্তাধাৰা পোষণ কৰা স্বভাৱৰ হ'ব পাৰে। যদিও আপুনি হাঁহি-ধেমালি ভাল পায়, তথাপি কেতিয়াবা কাৰোবাৰ ধেমালিৰ বাবে আপুনি বেয়া পাব পাৰে। এনে পৰিস্থিতিত, আপুনি এনে মানুহৰ সৈতেহে হাঁহি-ধেমালি কৰা উচিত যাৰ হাঁহি-ধেমালি আপুনি সহ্য কৰিব পাৰে। সাধাৰণতে, আপুনি সকলোকে সুখী কৰি ৰাখিবৰ বাবে প্ৰয়াস কৰে। এই কাৰণবশতঃ কেতিয়াবা কিছুমান মানুহে আপোনাৰ আৱেগৰ সুবিধা ল’ব পাৰে। লগতে কিছুমান লোকে আপোনাক প্ৰতাৰণাও কৰিব পাৰে। সাধাৰণতে, জন্মস্থানৰ পৰা আঁতৰি থাকিলে আপুনি অধিক উন্নতি লাভ কৰিব। নতুন নতুন ঠাইলৈ যোৱা আৰু নতুন নতুন কথা শিকাটো আপোনাৰ অভ্যাস হ'ব পাৰে। সাধাৰণতে, আপোনাৰ ভিতৰত বহুতো গোপনীয়তা লুকুৱাই ৰখাৰ এক আশ্চৰ্যজনক ক্ষমতা দেখা যাব পাৰে। আপোনাৰ মন মগজুক জনা বা চিনাক্ত কৰাটো কিছু কঠিন হ'ব পাৰে।

অংক জ্যোতিষ 2024-এ সূচিত কৰিছে যে 2024 চনত, আপোনাৰ ওপৰত মুখ্যতঃ 6, 8, 1, 5, 2 আৰু 4 সংখ্যাৰ বিশেষ প্ৰভাৱ থাকিব। এনে পৰিস্থিতিত, এই বৰ্ষটোৱে আপোনাক মধ্যমীয়াতকৈ ভাল ফলাফল প্ৰদান কৰিব পাৰে। সাধাৰণতে, আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ভাল ফলাফল প্ৰাপ্ত কৰিব লাগে। আপোনাৰ জ্যেষ্ঠসকলৰ সৈতে আপোনাৰ সম্পৰ্ক যথেষ্ট ভাল হ'ব। বিশেষকৈ যদিহে আপোনাৰ মূৰব্বী বা জ্যেষ্ঠ সহকৰ্মী কোনো মহিলা হয়, তেনেহ'লে তেওঁৰ সৈতে আপোনাৰ সম্পৰ্ক যথেষ্ট ভাল হ'ব আৰু তেওঁৰ সমৰ্থনৰদ্বাৰা আপুনিও উন্নতি লাভ কৰাৰ সম্ভাৱনা আছে। আৰ্থিক দিশৰ ক্ষেত্ৰত, 2024 বৰ্ষটোৱে আপোনাক মধ্যমীয়াতকৈ ভাল ফলাফল প্ৰদান কৰিব পাৰে। পাৰিবাৰিক বিষয়ত পাৰস্পৰিক ভুল বুজাবুজি পৰিহাৰ কৰাৰ প্ৰয়োজনীয়তা আছে। লগতে কোনো কোনো ধৰণৰ জেদ নকৰিলে সম্পৰ্কবোৰ ভাল হৈ থাকিব। ভূমি, ঘৰ বা বাহনৰ ক্ষেত্ৰত বৰ্ষটোৱে ভাল ফলাফল প্ৰদান কৰিব। বিশেষকৈ বিলাসী বস্তু প্ৰাপ্ত কৰাৰ বাবে এই বছৰটো যথেষ্ট সহায়ক হ'ব।

অধ্যয়ন আৰু শিক্ষাদান সম্পৰ্কীয় ক্ষেত্ৰৰ বাবে বৰ্ষটো মধ্যমীয়া হ’ব পাৰে, কিন্তু যদি আপুনি কলা বা সাহিত্যৰ শিক্ষাৰ্থী তেনেহ’লে আপুনি যথেষ্ট ভাল ফলাফল লাভ কৰিব পাৰে। এই বছৰটোৱে প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত যথেষ্ট ভাল ফলাফল প্ৰদান কৰাৰ সম্ভাৱনা আছে। একে সময়তে, বৈবাহিক ক্ষেত্ৰতো ভাল ফল লাভ কৰাৰ যোগ আছে। অংকজ্যোতিষ 2024 অনুসৰি, এই বছৰটোত আপুনি আপোনাৰ দায়িত্ববোৰ ভালদৰে পালন কৰিবলৈ সক্ষম হ'ব। সাৰাংশত ক’ব পাৰি যে, বছৰটোৱে সাধাৰণভাৱে ভাল ফলাফল প্ৰদান কৰাৰ সনম্ভাৱনা আছে। যদিও কিছুমান কামৰ বাবে তুলনামূলকভাৱে অধিক কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন হ'ব পাৰে, কিন্তু কঠোৰ পৰিশ্ৰমৰ উচিত ফলাফল পোৱাৰো ভাল সম্ভাৱনা আছে।

উপায়: মা দুৰ্গাৰ উপাসনা কৰাটো আপোনাৰ বাবে শুভ হ'ব। একে সময়তে, যেতিয়াই সম্ভৱ হয় তেতিয়া, বা অন্ততঃ নৱৰাত্ৰিৰ সময়ত, কন্যা পুজন কৰি আশীৰ্বাদ লওক। ভাল কোৱালিটিৰ আতৰ নিয়মীয়াকৈ ব্যৱহাৰ কৰক। মনত ৰাখিব যে আপুনি আতৰ ব্যৱহাৰ কৰা উচিক, ডিঅ'ড্ৰেণ্ট বা স্পিৰিটৰযুক্ত সুগন্ধি নহয়।

অনলাইন চফটৱেৰৰপৰা বিনামূলীয়া জন্ম পত্ৰিকা লাভ কৰক

পঢ়ক: মূলাংক 7 ৰ বিশেষত্বসমূহ

মূলাংক 8 ৰ অংক জ্যোতিষ 2024

শনিৰ প্ৰভাৱৰ বাবে, আপোনাৰ যিকোনো কাম ধৈৰ্য্যসহকাৰে কৰাৰ পৰ্যাপ্ত ক্ষমতা থাকিব। অৱশ্যে, 8 সংখ্যাৰ গঠনত কোন কোন সংখ্যাৰ ভূমিকা আছে সেয়াও বিবেচনা কৰা হ'ব, কাৰণ কেতিয়াবা 8 ৰ গঠনত 1 বা 2 ৰ দৰে সংখ্যা অন্তৰ্ভুক্ত থাকিব পাৰে। ফলস্বৰূপে এনে ক্ষেত্ৰত কিছু চঞ্চলতাও থাকিব পাৰে, কিন্তু সাধাৰণতে, আপোনাক এগৰাকী গম্ভীৰ ব্যক্তিৰ ৰূপত দেখা যাব। আপুনি সকলোবোৰ কথা অতি গভীৰভাৱে চিন্তা কৰে। কেতিয়াবা আপুনি ইমান স্পষ্টবাদী হৈ পৰে যে সম্মুখৰ ব্যক্তিযগৰাকী আপোনাৰ ওপৰত ক্ৰোধিত হৈ পৰিব পাৰে। ফলস্বৰূপে, আপুনি সমস্যাৰ সন্মুখীন হ'বলগীয়াও হ’ব পাৰে। কেতিয়াবা আপুনি যথেষ্ট খৰচী স্বভাৱৰ হৈ পৰিব পাৰে। ধন সঞ্চয় কৰিবৰ বাবে আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব। জীৱনত সফলতা লাভ কৰিব, কিন্তু বহুতো প্ৰচেষ্টাৰ পিছত, অৰ্থাৎ সংগ্ৰামৰ পিছত, সফলতা লাভ কৰাৰ ভাল সম্ভাৱনা দেখা যায়।

অংক জ্যোতিষ 2024 অনুসৰি, বৰ্ষ 2024 ত আপোনাৰ ওপৰত মুখ্যতঃ 7, 8, 1, 6, 2 আৰু 4 সংখ্যাৰ বিশেষ প্ৰভাৱ পৰিব। সংখ্যা 8আৰু 7 ৰ মাজৰ সম্পৰ্কক মধ্যমীয়া বা মধ্যমীয়াতকৈ কিছু উন্নত হিচাপে গণ্য কৰা হয় কিন্তু সাধাৰণভাৱে বৰ্ষফলৰ বাবে 7 সংখ্যা অহাটোৱে কিছুমান ক্ষেত্ৰত দুৰ্বল ফলাফল প্ৰদান কৰিব পাৰে। বিশেষকৈ যদিহে আপুনি বাস্তৱবাদী হৈ কাম কৰে তেনেহ’লে সেই পৰিস্থিতিত ভাল ফল লাভ কৰিব পাৰে। অযথা কথা আৰু তথ্যহীন কথাৰপৰা আতৰি থকাটো আপোনাৰ বাবে ভাল হ’ব। যদিও এই বৰ্ষত আপোনাৰ ভৌতিক সুখ-সুবিধা প্ৰাপ্তিৰ ভাল যোগ আছে তথাপি কিন্তু আৱেগিকভাগে আপুনি কিছু আঘাতপ্ৰাপ্ত হ’ব পাৰে।

এই কাৰণেই এই বৰ্ষত সফলতা প্ৰাপ্ত কৰিবৰ বাবে আপুনি মনেৰে নহয় বৰঞ্চ মগজুৰে চিন্তা-চৰ্চা কৰি আগবাঢ়িব লাগিব। যদিহে কৰ্মক্ষেত্ৰৰ কথা ক’বলৈ যোৱা যায় তেনেহ’লে ক’ব পাৰি যে জ্যেষ্ঠ্য সহকৰ্মী বা মূৰব্বীৰ সৈতে আপোনাৰ সম্পৰ্ক যিমানেই মধুৰ নহওক কিয় তথাপি কিন্তু আপুনি নিজৰ আৱেগতকৈ নিজৰ কৰ্তব্যৰ প্ৰতি অধিক গুৰুত্ব দিয়াটো উচিত হ’ব। অংক জ্যোতিষ 2024 অনুসৰি, কৰ্মক্ষেত্ৰত হোৱা ৰাজনীতিৰপৰা দূৰত থাকিলে আপুনি ভাল ফল প্ৰাপ্ত কৰিব। স্থানান্তৰন ইত্যাদিৰ বাবে প্ৰয়াস কৰি থকা লোকসকলে এই বৰ্ষত কিছু প্ৰয়াস কৰিলেই মনে বিচৰা ঠাইলৈ স্থানান্তৰ লাভ কৰিব পাৰিব। আৰ্থিক ক্ষেত্ৰত এই বৰ্ষটো মধ্যমীয়াতকৈ কিছু উন্নত হ’ব কিন্তু আৰ্থিক দিশত কোনো বিপদাশংকা গ্ৰহণ কৰাটো উচিত নহ’ব। পৰিয়ালৰ লোকসকলৰ সৈতে কেতিয়াবা কেতিয়াবা মতভেদ বা অসামঞ্জস্য হ’ব পাৰে। ভূমি, ঘৰ, বাহন আদিৰ ক্ৰয়-বিক্ৰয়ৰ বাবে এই বৰ্ষটো মধ্যমীয়া হ’ব।

প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত প্ৰয়োজনতকৈ অধিক আৱেগিক হোৱাটো বা কথাই কথাই হস্তক্ষেপ কৰাটো আপোনাৰ বাবে উচিত নহ’ব। সেইদৰে দাম্পত্য জীৱনতো পৰস্পৰৰ ভাৱনাৰ প্ৰতি আৰু পৰস্পৰৰ স্বাস্থ্য় প্ৰতি মনোযোগ ৰখাটো ভাল হ’ব। যদিহে আপুনি শিক্ষাৰ্থী তেনেহ’লে বৰ্ষটোৰ আৰম্ভণিৰ সময়খিনি আপোনাৰ বাবে কিছু জটিলতাপূৰ্ণ হ’ব পাৰে আনহাতে বৰ্ষটোৰ দ্বিতীয়ভাগত তুলনামূলকভাৱে উন্নত ফল প্ৰাপ্ত কৰাৰ যোগ আছে।

উপায়: উপায় ৰূপে শিৱ ভগৱানৰ নিয়মিতভাৱে পূজা-অৰ্চনা কৰাটো লাভজনক হ’ব। লগতে নিয়মিতভাৱে গণপতি অৰ্থবিশেষ পাঠ কৰাটোও শুভ হ’ব। যদিহে সম্ভৱ হয় তেনেহ’লে প্ৰতি মাহে অন্যথা কমেও প্ৰতি তিনি মাহৰ মূৰে মূৰে এবাৰ ৰূদ্ৰাভিষেক কৰাটো শুভ হ’ব।

পঢ়ক: মূলাংক 8 ৰ বিশেষত্বসমূহ

আপোনাৰ সোঁৱৰণিতো আছে ৰাজযোগ? জানক আপোনাৰ ৰাজযোগ প্ৰতিৱেদন

মূলাংক 9 ৰ অংক জ্যোতিষ 2024

মঙ্গলৰ প্ৰভাৱৰ ফলস্বৰূপে আপুনি এগৰাকী সাহসী ব্যক্তি হিচাপে জনাজাত হ’ব। আপুনি বিভিন্ন ধৰণৰ জটিলতাৰ সম্মুখীন হ’বলৈ সদা প্ৰস্তুত হৈ থকা দেখা যাব। কেতিয়াবা কেতিয়াবা আপোনাৰ স্বভাৱত যথেষ্ট খৰখেদা ভাৱ পৰিলক্ষিত হ’ব পাৰে। এনে খৰখেদাৰ বাবে বহুবাৰ লোকচানো হ’ব পাৰে। আপোনাৰ স্বভাৱত ক্ৰোধ বা অধিকাৰ তুলনামূলকভাৱে অধিক দেখিবলৈ পোৱা যাব পাৰে। এই কাৰণবোৰৰ বাবে আপোনাৰ শত্ৰুও অধিক হ’ব পাৰে। সাধাৰণতে আপুনি এগৰাকী ধৰ্মীয় চিন্তা-ধাৰাৰ ব্যক্তি হিচাপে জনাজাত হ’ব আৰু আপুনি দান-পুণ্যৰ দৰে কামত জডি়ত হ’বলৈ পছন্দ কৰিব। কিন্তু তৎস্বত্বেও আপোনাক বহুবাৰ বাস্তৱবাদী কথাৰ সমৰ্থন কৰা দেখা যাব। ভাতৃ আৰু বন্ধু-বৰ্গৰ সহায়ৰ বাবে সদা প্ৰস্তুত হৈ থকাটো আপোনাৰ স্বভাৱ। অৱশ্যে এই লোকসকলৰ সৈতে কেতিয়াবা আপোনাৰ বিবাদো হ’ব পাৰে কিন্তু তথাপিও আপুনি নিজৰ ভাতৃ আৰু বন্ধুসকলক যথেষ্ট প্ৰেম-ভালপোা প্ৰদান কৰিব।

অংক জ্যোতিষ 2024 অনুসৰি, বৰ্ষ 2024 ত আপোনাৰ ওপৰত মুখ্যতঃ 8, 8, 1, 7, 2 আৰু 4 সংখ্যাৰ বিশেষ প্ৰভাৱ পৰিব। সংখ্যা 9 ৰ সংখ্যা 8 ৰ সৈতে সম্পৰ্কক মধ্যমীয়া বা কিছুমান ক্ষেত্ৰত মধ্যমীয়াতকৈ উন্নত বুলি ক’ব পৰা যায়। কাৰণ এই বৰ্ষত আপোনাৰ ক্ষেত্ৰত সংখ্যা 8 ৰ দুবাৰ পুণৰাবৃত্তি হৈছে, যাৰ ফলত আপোনাৰ কামত কিছু মন্থৰতা আহি পৰিব পাৰে কিন্তু ধৈৰ্য্যসহকাৰে কাম কৰিলে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ’ব। এই বৰ্ষটোত নিজৰ ওপৰত বিশ্বাস ৰখা উচিত কাৰণ কেতিয়াবা কেতিয়াবা এনেকুৱা পৰিস্থিতি আহিব পাৰে যে আপুনি নিজৰ ওপৰত বিশ্বাস হেৰুৱাই পেলাব পাৰে।

এনে পৰিস্থিতিত কামৰ ক্ষেত্ৰত অধিক জটিলতা আহিব পাৰে। আনহাতে সম্পূৰ্ণ আত্মবিশ্বাসী হৈ থাকিব পাৰিলে আপুনি ভাল ফলাফল লাভ কৰিব। সাধাৰণতে এই বৰ্ষটোত কোনো নতুন পৰিকল্পনা আগবঢ়াই নিব পৰাৰ আশা ক্ষীণ কিন্তু যদিহে আপুনি কোনো নতুন ষ্টাৰ্টআপ আৰম্ভ কৰাৰ কথা পৰিকল্পনা কৰি আছে তেনেহ’লে তাৰ বাবে কিছু অতিৰিক্ত পৰিশ্ৰম কৰিবলৈ নিজকে প্ৰস্তুত কৰি ৰাখিব লাগিব। কাৰণ একাধাৰে কৰি থকা প্ৰয়াসে আপোনাক সফলতা প্ৰদান কৰিব।

অংক জ্যোতিষ 2024 অনুসৰি, যদিহে কোনো কাম কৰি থকাৰ মাজতে হতাশ হৈ কামটো আধাতে এৰি দিয়ে তেনেহ’লে স্বাভাৱিকতে ধন আৰু সময় দুয়োটাৰে লোকচান হোৱাৰ সম্ভাৱনা আছে। অৱশেষত ক’ব পাৰি যে পৰিকল্পনা প্ৰস্তুত কৰি আগবাঢ়িলে তথা কঠোৰ পৰিশ্ৰম কৰিলে সফলতা লাভ কৰিব পাৰিব। যদিহে আপুনি প্ৰাইভেট চাকৰি কৰে আৰু বিদেশলৈ যাবৰ বাবে চেষ্টা কৰি আছে তেনেহ’লে এইক্ষেত্ৰত আপুনি সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। আনহাতে চৰকাৰী চাকৰি ৰ সৈতে জড়িত লোকসকলে বৰ্ষটোৰ প্ৰথমাৰ্দ্ধত কিছু জটিলতাৰ সম্মুখীন হ’ব পাৰে আনহাতে বৰ্ষটোৰ দ্বিতীয়াৰ্দ্ধ তুলনামূলকভাৱে ভাল হ’ব।

পদোন্নতি অথবা স্থানান্তৰণৰ বাবে কৰি থকা প্ৰচেষ্টা সফল হ’ব। বিবাহ আদিৰ সৈতে সম্পৰ্কিত বিষয়ৰ বাবে এই বৰ্ষটো ভাল হ’ব কিন্তু প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত মধ্যমীয়া ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ দৃষ্টিকোণৰপৰা এই বৰ্ষটো কিছু দুৰ্বল হোৱাৰ আশংকা কৰা হৈছে। অৱশ্যে যোগ আৰু ব্যায়ামৰ সহায়ৰদ্বাৰা সুস্বাস্থ্য ধৰি ৰাখিবলৈ সক্ষম হ’ব।

উপায় : সূৰ্য্যদোয়ৰ পূৰ্বে উঠি স্নান আদিৰদ্বাৰা নিবৃত হৈ সূৰ্য্য ভগৱানক কুমকুম মিহলি পানী আগবঢ়াওক। নিয়মিতভাৱে আদিত্য হৃদয় স্তোত্ৰ পাঠ কৰক। দৰিদ্ৰসকলক যথাসম্ভৱ সহায় কৰক।

পঢ়ক: মূলাংক 9 ৰ বিশেষত্বসমূহ

সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক: এষ্ট্ৰোচেজ অনলাইন শ্বপিং ষ্টোৰ

আশা ৰাখিছোঁ যে আমাৰ এই প্ৰৱন্ধটো আপুনি নিশ্চয় ভাল পাইছে। এষ্ট্ৰোচেজৰ সৈতে সংযুক্ত হৈ থকাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ!

Astrological services for accurate answers and better feature

33% off

Dhruv Astro Software - 1 Year

'Dhruv Astro Software' brings you the most advanced astrology software features, delivered from Cloud.

Brihat Horoscope
What will you get in 250+ pages Colored Brihat Horoscope.
Finance
Are money matters a reason for the dark-circles under your eyes?
Ask A Question
Is there any question or problem lingering.
Career / Job
Worried about your career? don't know what is.
AstroSage Year Book
AstroSage Yearbook is a channel to fulfill your dreams and destiny.
Career Counselling
The CogniAstro Career Counselling Report is the most comprehensive report available on this topic.

Astrological remedies to get rid of your problems

Red Coral / Moonga
(3 Carat)

Ward off evil spirits and strengthen Mars.

Gemstones
Buy Genuine Gemstones at Best Prices.
Yantras
Energised Yantras for You.
Rudraksha
Original Rudraksha to Bless Your Way.
Feng Shui
Bring Good Luck to your Place with Feng Shui.
Mala
Praise the Lord with Divine Energies of Mala.
Jadi (Tree Roots)
Keep Your Place Holy with Jadi.

Buy Brihat Horoscope

250+ pages @ Rs. 599/-

Brihat Horoscope

AstroSage on MobileAll Mobile Apps

Buy Gemstones

Best quality gemstones with assurance of AstroSage.com

Buy Yantras

Take advantage of Yantra with assurance of AstroSage.com

Buy Feng Shui

Bring Good Luck to your Place with Feng Shui.from AstroSage.com

Buy Rudraksh

Best quality Rudraksh with assurance of AstroSage.com
Call NowTalk to
Astrologer
Chat NowChat with
Astrologer