অংক জ্যোতিষ - Numerology In Assamese (4 ফেব্ৰুৱাৰী- 10 ফেব্ৰুৱাৰী, 2024)

কেনেদৰে জানিব আপোনাৰ মুখ্য অংক (মূলাকং)?

অংক জ্যোতিষ সাপ্তাহিক ভাৱিষ্যতবাণী জনাৰ ক্ষেত্ৰত অংক জ্যোতিষ মূলাংকৰ যথেষ্ট গুৰুত্ব আছে। মূলাংকক জাতক জীৱনৰ মহত্বপূৰ্ণ অংক হিচাপে গণ্য কৰা হয়। আপোনাৰ জন্ম মাহটোৰ যি তাৰিখত হয় তাৰ যোগফল গণনা কৰাৰ পিছত যি অংক প্ৰাপ্ত হয়, সেই অংকটোকেই মূলাংক বুলি কোৱা হয়। মূলাকং1 ৰপৰা 9 অংকৰ ভিতৰত যিকোনো হ’ব পাৰে, উদাহৰণস্বৰূপে- যদিহে আপোনাৰ জন্ম কোনো মাহৰ 10 তাৰিখে হৈছে তেনেহ’লে আপোনাৰ মূলাংক হ’ব 1+0 অৰ্থাৎ1 ।

অংক জ্যোতিষ - Numerology In Assamese (4 ফেব্ৰুৱাৰী- 10 ফেব্ৰুৱাৰী, 2024)

এনেদৰেই যিকোনো মাহৰ 1 তাৰিখৰপৰা 31লৈকে জন্ম হোৱা লোকসকলৰ বাবে 1 ৰপৰা 9 পৰ্য্যন্ত মূলাংকৰ গণনা কৰা হয়। এইদৰে সকলো জাতকৰ মূলাংক জানি লৈ ইয়াৰ আধাৰত সাপ্তাহিক ৰাশিফল জানিব পৰা যায়।

পৃথিৱীৰ বিদ্বান অংক জ্যোতিষীসকলৰ সৈতে ফোনত কথা পাতক আৰু জানক কেৰিয়াৰ সম্বন্ধিত সকলো তথ্য

নিজৰ জন্মিথিৰপৰা জানক সাপ্তাহিক অংক জ্যোতিষ ৰাশিফল (4 ফেব্ৰুৱাৰীৰপৰা 10 ফেব্ৰুৱাৰী, 2024)

অংকজ্যোতিষে আমাৰ জীৱনত প্ৰত্যক্ষ প্ৰভাৱ পেলায় কিয়নো সকলো সংখ্যা বা অংকৰ আমাৰ জন্ম তাৰিখৰ সৈতে সম্পৰ্ক আছে। তলৰ প্ৰবন্ধটোত, আমি অৱগত কৰিছোঁ যে প্ৰতিগৰাকী ব্যক্তিৰ জন্ম তাৰিখ অনুসৰি এটা মূলাংক নিৰ্ধাৰণ কৰা হয় আৰু এই সকলোবোৰ অংক ভিন ভিন গ্ৰহৰদ্বাৰা শাসিত।

উদাহৰণস্বৰূপে মূলাংক 1ৰ ওপৰত সূৰ্য্য দেৱতাৰ আধিপত্য থাকে। চন্দ্ৰমা হৈছে মূলাংক 2ৰ স্বামী। অংক 3 ৰ ওপৰত দেৱ গুৰু বৃহস্পতিৰ আধিপত্য আছে, ৰাহু হৈছে অংক 4ৰ ৰজা। অংক 5 হৈছে বুধ গ্ৰহৰ অধীন। 6 অংকৰ ৰজা শুক্ৰ দেৱতা আৰু 7 অংক হৈছে কেতু গ্ৰহৰ। শনি দেৱতাক অংক 8 ৰ স্বামী হিচাপে গণ্য কৰা হয়। অংক 9 হৈছে মঙ্গল গ্ৰহৰ অংক আৰু এই গ্ৰহসমূহৰ পৰিৱৰ্তনৰ ফলত জাতকসকলৰ জীৱনলৈ বহুতো পৰিৱৰ্তন আহে।

বৃহৎ কুণ্ডলীত নিহিত হৈ আছে আপোনাৰ জীৱনৰ বহুতো গোপন ৰহস্য, জানক গ্ৰহসমূহৰ গতি-বিধিৰ সম্পূৰ্ণ লেখ-জোখ

মূলাংক 1

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 1, 10, 19 বা 28 তাৰিখত হৈছে)

মূলাংক 1ৰ জাতকসকল দৃঢ় সংকল্পবদ্ধ হোৱাৰ লগতে তেওঁলোকে জীৱনৰ পৰিস্থিতিবোৰ সুশৃংখলভাৱে প্ৰাপ্ত কৰিবলৈ চেষ্টা কৰে। এই লোকসকলে যিয়েই সিদ্ধান্ত লয় সেয়া অতি সাৱধানেৰে গ্ৰহণ কৰে আৰু তেওঁলোকে নিজৰ নীতি অনুসৰণ চলিবলৈ পছন্দ কৰে। তদুপৰি, মূলাংক 1ৰ জাতকসকলে নিজৰ উদ্দেশ্য পূৰণ কৰিবৰ বাবে মনোযোগ কেন্দ্ৰিত কৰাত গুৰুত্ব দিয়ে। তেওঁলোক নিজৰ জীৱনক সঠিক কৰিবৰ বাবে অত্যন্ত পেছাদাৰী হয় আৰু জীৱনত স্থিৰতা লাভ কৰাত গুৰুত্ব দিয়ে। তেওঁলোকৰ নিজৰ জীৱনত কিছুমান উচ্চাকাংক্ষা থাকিব পাৰে আৰু তেওঁলোকে নিজৰ এই উচ্চাকাংক্ষাবোৰ পূৰণ কৰিবৰ বাবে চেষ্টা কৰে।

প্ৰেমৰ সম্পৰ্ক:এই সপ্তাহত আপোনাৰ প্ৰকৃতিত অহংকাৰৰ অনুভূতি প্ৰতিফলিত হ'ব পাৰে। ইয়াৰ ফলত আপোনাৰ জীৱনসঙ্গীৰ সৈতে আপোনাৰ মিলা-মিছা অৱনতি হ'ব পাৰে আৰু আপোনাৰ বিবাদ বা কাজিয়া হ'ব পাৰে। এই সময়ছোৱাত আপোনাৰ জীৱনসঙ্গীৰ সৈতে আপোনাৰ সম্পৰ্ক দুৰ্বল হোৱাৰ সম্ভাৱনা আছে আৰু লাহে লাহে প্ৰেমময় অনুভূতিবোৰ হ্ৰাস হ'ব পাৰে। এনে পৰিস্থিতিত, আপুনি নিজৰ জীৱনসঙ্গী বা পত্নীৰ সৈতে এক উন্নত সম্পৰ্ক গঢ়ি তুলিবলৈ নিৰন্তৰ চেষ্টা কৰা উচিত। আপোনাৰ সম্পৰ্কত প্ৰেম অটুত ৰাখিবৰ বাবে আপোনাৰ নিজৰ সঙ্গীৰ সৈতে প্ৰতিটো মুহূৰ্ত উপভোগ কৰক আৰু প্ৰতিটো মুহূৰ্ত তেওঁৰ সৈতে অতিবাহিত কৰক। আপোনালোক দুয়োৱে পৰস্পৰৰ সৈতে এনেদৰে সংযোজিত হৈ থাকিব যেন আপোনালোক দুয়ো পৰস্পৰৰ বাবেই সৃষ্ট।

শিক্ষা:এই সপ্তাহত আপুনি নিজৰ অধ্যয়নৰ প্ৰতি অধিক মনোযোগ দিব লাগিব কিয়নো এই সময়তছোৱা আপোনাৰ মনোযোগ বিচলিত হ'ব পাৰে আৰু আপোনাৰ মন অধ্যয়নৰ পৰা আতৰি আহিব পাৰে। এনে পৰিস্থিতিত, সফলতা প্ৰাপ্ত কৰিবৰ বাবে আপুনি অধিক পৰিশ্ৰম কৰিব লাগিব। এই সময়ছোৱাত, যিসকল লোক মেনেজমেণ্ট ষ্টাডিজ, বিজিনেছ এডমিনিষ্ট্ৰেছন, ফাইনেন্সিয়েল একাউণ্টিং আদিৰ দৰে ব্যৱসায়িক অধ্যয়নৰ ক্ষেত্ৰসমূহৰ সৈতে জড়িত তেওঁলোকক এই সময়ছোৱাত সফলতা প্ৰাপ্ত কৰিবৰ বাবে অধিক পৰিশ্ৰম আৰু একাগ্ৰতাৰ প্ৰয়োজন হ'ব।

বৃত্তিগত জীৱন:যদি আপুনি চাকৰিয়াল লোক তেনেহ’লে এই সপ্তাহত আপুনি কৰ্মক্ষেত্ৰত আপোনাৰ জ্যেষ্ঠ বিষয়া আৰু সহকৰ্মীৰ পৰা প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব পাৰে। এনে পৰিস্থিতিত, আপুনি ভাল সুযোগ বিচাৰি আপোনাৰ চাকৰিৰ পৰিৱৰ্তন কৰাৰ কথা ভাবিব পাৰে আৰু এই পৰিৱৰ্তন আপোনাৰ বাবে লাভজনক প্ৰমাণিত হ'ব। আপুনি এই সপ্তাহত আপোনাৰ কামৰ সালসলনি কৰিবলগীয়া হ’ব পাৰে। যদিহে আপুনি ব্যৱসায় কৰে তেনেহ’লে আপুনি মধ্যমীয়া ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে।

স্বাস্থ্য:আপুনি এই সপ্তাহত আপোনাৰ স্বাস্থ্যৰ যথেষ্ট যত্ন ল'বলগীয়া হ’বপাৰে কিয়নো ৰোগ প্ৰতিৰোধ ক্ষমতাৰ অভাৱৰ বাবে আপুনি ছালৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ ছালৰ খজুৱতি হ'ব পাৰে আৰু স্নায়বিক সমস্যাইয়ো দেখা দিব পাৰে।

উপায়:প্ৰতিদিনে 108 বাৰ "ঔঁ আদিত্যায় নমঃ" জপ কৰক।

মূলাংক 2

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 2, 11, 20, 29 তাৰিখে হৈছে)

মূলাংক 2ৰ অধীনত জন্ম গ্ৰহণ কৰা লোকসকলৰ এই সপ্তাহত নিজৰ প্ৰিয়জন আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতে তৰ্কবাদ হ’ব পাৰে যাৰ ফলত তেওঁলোকৰ সম্পৰ্কত সমস্যাৰ সৃষ্টি হ’ব পাৰে। আপুনি নিজৰ এই স্বভাৱৰ বাবে এইখিনি সময়ত আনৰপৰা নিজকে আঁতৰাই ৰাখিব পাৰে। তদুপৰি, আপুনি কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত বিভ্ৰান্তিৰ সন্মুখীন হ'ব পাৰে। এই সময়ছোৱাত আপুনি তৎক্ষণাৎ সফলতা লাভ নকৰিব পাৰে, ইয়াৰ বাবে আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব।

প্ৰেমৰ সম্পৰ্ক:মূলাংক 2ৰ জাতকসকলৰ এই সপ্তাহত নিজৰ জীৱনসঙ্গীৰ সৈতে বিতৰ্ক বা কাজিয়া হ’ব পাৰে। আপুনি নিজৰ সম্পৰ্কক লৈ বিভ্ৰান্ত হ'ব পাৰে, যাৰ ফলত আপোনাৰ সম্পৰ্ক দুৰ্বল হোৱাৰ আশংকা আছে। এনে পৰিস্থিতিত আপুনি এই সকলো বিতৰ্ক পৰিহাৰ কৰাৰ লগতে সৰু সৰু কথাক গুৰুত্ব নিদিয়া উচিত। আপোনাৰ সঙ্গীৰ প্ৰতি আপোনাৰ মনোভাৱৰ বাবে আপোনালোকৰ সম্পৰ্কত উচ্চ মূল্যবোধ আৰু নৈতিকতা বজাই ৰখাৰ সুযোগ হেৰুৱাব পাৰে। এই সময়ছোৱাত আপুনি নিজৰ জীৱনসঙ্গীৰ সৈতে চলি থকা সকলো সমস্যা দূৰ কৰিব লাগিব আৰু সম্পৰ্কত প্ৰেমৰ অনুভূতি অক্ষুণ্ণ ৰাখিবলৈ আপোনালোক দুয়োৱে পৰস্পৰক উপহাৰো দিব পাৰে।

শিক্ষা:এই ৰাশিৰ জাতকসকলে অধ্যয়নত অধিক গুৰুত্ব দিব লাগিব কিয়নো আপোনাৰ মন অধ্যয়নৰ পৰা আঁতৰি যোৱাৰ সম্ভাৱনা আছে। যদিহে আপুনি কেমিকেল ইঞ্জিনিয়াৰিং, জৈৱ ৰসায়নৰ দৰে বিষয় অধ্যয়ন কৰি আছে, তেনেহ'লে আপুনি যথেষ্ট মনপুতি অধ্যয়ন কৰাটো গুৰুত্বপূৰ্ণ হ'ব। লগতে, আপুনি নিজৰ স্মৃতিশক্তি শক্তিশালী কৰিব লাগিব কিয়নো আপুনি যি পঢ়ে সেয়া মনত নাথাকিব পাৰে। এনে পৰিস্থিতিত, আপুনি ভাল নম্বৰ লাভ কৰাত ব্যৰ্থ হ'ব পাৰে।

বৃত্তিগত জীৱন:মূলাংক 2ৰ চাকৰিয়াল জাতকসকলৰ কামত ভুল হোৱাৰ সম্ভাৱনা আছে। লগতে, আপুনি কৰ্মস্থানত সহকৰ্মীৰপৰা সমস্যাৰ সন্মুখীন হ'ব পাৰে। আশংকা কৰা হৈছে যে ভাল দক্ষতা থকা স্বত্বেও আপুনি কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ কৰাত বঞ্চিত হ’ব পাৰে যাৰ বাবে আপুনি অসন্তুষ্ট অনুভৱ কৰিব পাৰে আৰু আপুনি এই কথাটোক লৈ বিচলিত হ'ব পাৰে। যদিহে আপোনাৰ নিজা ব্যৱসায় আছে তেন্তে আপুনি এই সময়ছোৱাত সফলতা প্ৰাপ্ত কৰাত সমস্যাৰ সন্মুখীন হ'ব পাৰে। প্ৰতিদ্বন্দীসকলৰপৰা আপুনি কঠোৰ প্ৰতিদ্বন্দিতা লাভ কৰিব পাৰে আৰু তেওঁলোকে আপোনাৰ ব্যৱসায় দখল কৰিবলৈ চেষ্টা কৰাৰ সম্ভাৱনা আছে সেয়েহে আপুনি নিজৰ কামত দ্ৰুত হ'ব লাগিব।

স্বাস্থ্য:এই সপ্তাহত, মূলাংক 2ৰ জাতকসকলে তেওঁলোকৰ শাৰীৰিক সুস্থতাৰ প্ৰতি মনোযোগ প্ৰদান কৰিব লাগিব কিয়নো এই সময়ছোৱাত আপোনাৰ তীব্ৰ মূৰৰ বিষ হ'ব পাৰে আৰু উচ্চ ৰক্তচাপৰ ফলত ই উদ্ভৱ হ'ব পাৰে। এনে পৰিস্থিতিত আপুনি নিজৰ কামৰ প্ৰতি অধিক মনোযোগ দিয়া উচিত আৰু সময়মতে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি থকা উচিত। তদুপৰি, ধ্যান, ব্যায়াম আৰু যোগ কৰাটো আপোনাৰ বাবে যথেষ্ট ভাল হ’ব।

উপায়:প্ৰতিদিনে 108 বাৰ “ঔঁ চন্দ্ৰায় নমঃ” জপ কৰক।

কেৰিয়াৰক লৈ হৈ আছে টেনশ্যন! এতিয়াই অৰ্ডাৰ কৰককগ্নিএষ্ট্ৰো প্ৰতিৱেদন

মূলাংক 3

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 3, 12, 21, 30 তাৰিখে হৈছে)

এই সপ্তাহত মূলাংক 3ৰ জাতকসকল আধ্যাত্মিক কাৰ্য্যকলাপৰ প্ৰতি অধিক আকৰ্ষিত হ'ব পাৰে। তেওঁলোকে এই নীতি গ্ৰহণ কৰি তেওঁনিজৰ লোকৰ মানসিক স্থিত সুসংগত কৰি ৰখাত সফল হ’ব। ইয়াৰ বাহিৰেও মূলাংক 3ৰ লোকসকলে নিজৰ জীৱনত কেৰিয়াৰ সন্দৰ্ভত বহুতো যাত্ৰা কৰিবলগীয়া হ’ব পাৰে। অৱশ্যে বহুসময়ত তেওঁলোকৰ মাজত অহংকাৰৰ অনুভূতি ফুটি উঠিব পাৰে যাৰ বাবে তেওঁলোক বিফলতাৰ সন্মুখীন হ'ব পাৰে। তেওঁলোকৰ বিশেষ কথাটো হ'ল যে তেওঁলোকে যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত নিজৰ বুদ্ধিমত্তা ব্যৱহাৰ কৰে আৰু বহুতো ভাৱনা-চিন্তা কৰাৰ পিছতহে যিকোনো সিদ্ধান্ত গ্ৰহণ কৰে।

প্ৰেমৰ সম্পৰ্ক:এই সময়ছোৱাত আপুনি নিজৰ সঙ্গীৰ সৈতে আপোনাৰ সম্পৰ্কটো মধুৰ কৰি ৰাখিবলৈ সক্ষম হ'ব। এনে পৰিস্থিতিত আপোনালোক দুয়োৱে নিজৰ নিজৰ অনুভূতিবোৰ পৰস্পৰৰ সৈতে মুকলিকৈ ভাগ বতৰা কৰিব যি আপোনালোকৰ মাজত পাৰস্পৰিক বুজাবুজি শক্তিশালী কৰি তুলিব। আপোনাৰ জীৱনসঙ্গীৰ প্ৰতি আপোনাৰ দৃষ্টিভংগী স্পষ্ট হ'ব আৰু ইয়াৰ ফলস্বৰূপে আপুনি পৰিপক্কতাৰে আপোনালোকৰ সম্পৰ্কটো আগবঢ়াই নিবলৈ সক্ষম হ’ব। ইয়াৰ উপৰিও এই সপ্তাহত আপুনি জীৱন সঙ্গীৰ সৈতে বাহিৰলৈ ফুৰিবলৈও যাব পাৰে আৰু আপোনালোক দুয়োৱে ধৈৰ্য্য সহকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ সক্ষম হ'ব।

শিক্ষা:এই সপ্তাহত আপুনি শিক্ষাৰ ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব। এই সময়ছোৱাত, আপুনি অধ্যয়নত মনোনিবেশ কৰিবলৈ সক্ষম হ'ব আৰু লগতে আপুনি বিজনেছ ইকনমিক্স, ফাইনেন্সিয়েল একাউণ্টিং, কষ্টিং আৰু বিজনেছ ষ্টেটিচটিকচ্ আদিৰ দৰে বিষয়বোৰ ভালদৰে অধ্যয়ন কৰিবলৈ সক্ষম হ'ব আৰু এই বিষয়বোৰত ভাল প্ৰদৰ্সন কৰিবলৈ সক্ষম হ’ব। এই সময়ছোৱাত আপুনি উচ্চ শিক্ষা গ্ৰহণ কৰিবৰ বাবে বিদেশলৈ যোৱাৰ সুযোগ লাভ কৰিব পাৰে আৰু এই সুযোগবোৰ আপোনাৰ বাবে অধিক ফলদায়ক প্ৰমাণিত হ'ব।

বৃত্তিগত জীৱন:এই সপ্তাহত আপুনি কোনো নতুন চাকৰি লাভ কৰাৰ সম্ভাৱনা আছে যি আপোনাৰ কেৰিয়াৰ ভালদৰে আগুৱাই নিয়াত সহায় কৰিব। এই সময়ছোৱাত আপুনি কোনো নতুন প্ৰকল্প লাভ কৰিব পাৰে আৰু এই সন্দৰ্ভত আপুনি বিদেশলৈ যোৱাৰ সুযোগ লাভ কৰিব পাৰে। আপুনি এই প্ৰকল্পবোৰত অধিক ব্যস্ত হৈ থাকিব। যদিহে আপোনাৰ নিজৰ ব্যৱসায় আছে তেন্তে আপুনি আউটচৰ্চিংৰ জৰিয়তে নতুন ব্যৱসায় কৰাৰ আৰম্ভ সুযোগ পাব পাৰে। আপোনাৰ বাবে ট্ৰেডিং, ছিপিং আদি ব্যৱসায় ভাল প্ৰমাণিত হ'ব। এই সময়ছোৱাত আপুনি প্ৰতিদ্বন্দীসকলতকৈ আগবাঢ়ি যাব পাৰিব আৰু তেওঁলোকৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব পাৰিব।

স্বাস্থ্য:সুস্বাস্থ্য প্ৰাপ্ত কৰিবৰ বাবে আপুনি কৰা কঠোৰ পৰিশ্ৰমে এই সপ্তাহত আপোনাক ভাল ফল প্ৰদান কৰিব আৰু আপোনাৰ শাৰীৰিক সুস্থতা ভাল হ'ব। আপুনি নিজৰ ভিতৰত ইতিবাচকতা পৰিলক্ষিত কৰিব। অৱশ্যে তথাপিও আপুনি নিজৰ খাদ্যাভ্যাসৰ প্ৰতি মনোযোগ দিব লাগিব আৰু বাহিৰৰ তেল-মচলাযুক্ত খাদ্য পৰিহাৰ কৰিব লাগিব। লগতে আপুনি সময়মতে খাদ্য গ্ৰহণ কৰা উচিত কিয়নো আপুনি মেদবহুলতাৰ সম্মুখীন হ'ব পাৰে।

উপায়: বৃহস্পতিবাৰে বৃহস্পতি গ্ৰহৰ বাবে যজ্ঞ-হোম কৰক।

মূলাংক 4

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 4, 13, 22, 31 তাৰিখে হৈছে)

মূলাংক 4ৰ অধীনত জন্ম হোৱা লোকসকল অত্যন্ত আৱেগিক স্বভাৱৰ হয় আৰু এই স্বভাৱ তেওঁলোকৰ কামতো প্ৰতিফলিত হয়, কিন্তু কেতিয়াবা অত্যাধিক আৱেগিক হ'লে হিতে বিপৰীত হ'ব পাৰে। ফলস্বৰূপে এই লোকসকলে কেতিয়াবা তেওঁলোকৰ হাতলৈ অহা সৰ্বশ্ৰেষ্ঠ সুযোগবোৰো হেৰুৱাব পাৰে। এই লোকসকলে বিলাসী সামগ্ৰী ক্ৰয় কৰি ভাল পায় আৰু ইয়াৰ বাবে হাত খুলি ধন খৰচ কৰে। বহুসময়ত তেওঁলোকৰ অপব্যয়ৰ বাবে তেওঁলোকে ধাৰৰ বোজা ব’বলগীয়া হ'ব পাৰে বা দায়িত্বৰ বৰ্ধিত বোজাৰ বাবে তেওঁলোকে ঋণ ল'বলগীয়া হ'ব পাৰে।

প্ৰেমৰ সম্পৰ্ক:মূলাংক 4ৰ লোকসকলৰ জীৱনসঙ্গীৰ সৈতে সম্পৰ্কত উত্থান-পতন আহিব পাৰে আৰু ইয়াৰ ফলত তেওঁলোকৰ সম্পৰ্কত সমন্বয়ৰ অভাৱ হ'ব পাৰে। এনে পৰিস্থিতিত, আপোনাৰ বাবে সম্পৰ্কটো উচ্চ স্তৰলৈ লৈ যোৱাটো কষ্টসাধ্য নহ'ব। মিলা-মিছাৰ অভাৱৰ বাবে আপুনি এই সময়ছোৱাত আপোনাৰ জীৱনসঙ্গীৰপৰা প্ৰয়োজনীয় সমৰ্থন লাভ নকৰাৰ সম্ভাৱনা আছে। আপুনি নিজৰ জীৱনসঙ্গীৰ সৈতে ৰোমাঞ্চ বজাই ৰাখিবলৈ আৰু সম্পৰ্কত উচ্চ মূল্যবোধ বজাই ৰাখিবলৈ চেষ্টা কৰা উচিত। লগতে, আলোচনা আৰু কথা-বতৰা অব্যাহত ৰাখক আৰু আপোনাৰ বক্তব্যত মধুৰতা বজাই ৰাখিবলৈ চেষ্টা কৰক।

শিক্ষা:এই সপ্তাহত আপুনি আপোনাৰ অধ্যয়নত অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে কিয়নো আপুনি মনোযোগৰ অভাৱ অনুভৱ কৰিব পাৰে, যাৰ ফলত আপোনাৰ অধ্যয়নৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সম্মুখীন হ'ব পাৰে। এই সময়ছোৱাত আপোনাৰ মন বিচলিত হ’ব পাৰে আৰু ইয়াৰ ফলত, আপুনি বিৰূপ ফলাফল প্ৰাপ্ত কৰিব পাৰে। এনে পৰিস্থিতিত, আপুনি নিজৰ অধ্যয়নৰ প্ৰতি অধিক গুৰুত্ব দিব লাগিব আৰু আপুনি পেছাদাৰীভাৱে আগবাঢ়ি যোৱাটো গুৰুত্বপূৰ্ণ হ'ব। যদিহে আপুনি কোনো বৃত্তিগত পাঠ্যক্ৰমৰ অধ্যয়ন কৰি আছে তেনেহ’লে আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব যাতে আপুনি ভাল নম্বৰ লাভ কৰিব পাৰে।

বৃত্তিগত জীৱন:মূলাংক 4ৰ লোকসকলৰ বৃত্তিগত জীৱনৰ ক্ষেত্ৰত ক’ব পৰা যায় যে আপুনি এই সপ্তাহত চাকৰিৰ ক্ষেত্ৰত চাপ অনুভৱ কৰিব আৰু আপুনি নিজৰ কামৰ বাবে প্ৰশংসা লাভ নকৰাৰ সম্ভাৱনা আছে। আপোনাৰ জ্যেষ্ঠ বিষয়াসকলেও আপোনাৰ বিৰুদ্ধাচৰণ কৰিব পাৰে। এনে পৰিস্থিতিত, কৰ্মক্ষেত্ৰত নিজকে প্ৰমাণিত কৰিবৰ বাবে আপুনি আপোনাৰ কামত পৰিৱৰ্তন কৰিব লাগিব। এই সময়ছোৱাত আপুনি নিজৰ সহকৰ্মীসকলৰ সৈতে সমস্যাৰ সন্মুখীন হ'ব পাৰে আৰু ই আপোনাৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিব পাৰে। কামবোৰ অধিক দক্ষতাৰে কৰিবৰ বাবে আৰু নিজৰ সুকীয়া পৰিচয় গঢ় দিবৰ বাবে আপুনি পৰিকল্পনা কৰি আগবাঢ়িব লাগিব। যদিহে আপোনাৰ নিজা ব্যৱসায় আছে তেনেহ'লে আপুনি আপোনাৰ প্ৰতিদ্বন্দীসকলৰপৰা অধিক সমস্যাৰ সন্মুখীন হ'ব পাৰে আৰু লোকচান বহন কৰিবলগীয়া হ'ব পাৰে, সেয়েহে ব্যৱসায়টো সুচাৰুৰূপে চলাবৰ বাবে আপুনি নিজৰ হাতত ব্যৱসায়ৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ ল'ব লাগিব যাতে আপুনি আপোনাৰ প্ৰতিদ্বন্দীসকলক কঠোৰ প্ৰতিদ্বন্দিতা আগবঢ়াব পাৰে আৰু তেওঁলোকে প্ৰদান কৰা প্ৰত্যাহ্বানৰ মুকলিকৈ সন্মুখীন হ'ব পাৰে।

স্বাস্থ্য:এই সময়ছোৱাত আপুনি সূৰ্য্যৰ প্ৰখৰ ৰ’দৰফলত ছাল সম্পৰ্কীয় সমস্যাৰ সন্মুখীন হ'ব পাৰে। এনে পৰিস্থিতিত, নিজকে স্বাস্থ্যৱান ৰাখিবৰ বাবে যথেষ্ট পৰিমাণৰ পানী খাব। ইয়াৰ বাহিৰেও, এই সময়ছোৱাত আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ অভাৱ হ'ব পাৰে আৰু ইয়াৰ ফলত আপুনি শক্তিৰ অভাৱ অনুভৱ কৰিব পাৰে, যাৰ ফলত আপোনাৰ স্বাস্থ্যৰ অৱনতি হ'ব পাৰে।

উপায়:"ঔঁ দুৰ্গায় নমঃ" প্ৰতিদিনে 22 বাৰ জপ কৰক।

এতিয়া ঘৰতে বহি বিশেষজ্ঞ পুৰোহিতৰদ্বাৰা কৰাওক ইচ্ছানুসৰিঅনলাইন পূজা আৰু লাভ কৰক ইয়াৰ উত্তম ফল!

মূলাকং 5

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 5, 14, 23 তাৰিখে হৈছে)

মূলাংক ৫ নম্বৰৰ লোকসকলে এই সপ্তাহত সফলতাৰ সোৱাদ ল'বলৈ সক্ষম হ'ব। আপুনি নিজৰ বাবে নিৰ্ধাৰণ কৰা লক্ষ্যবোৰ প্ৰাপ্ত কৰাত সফল হ'ব। এই সপ্তাহত আপোনাৰ সৃষ্টিশীলতা বৃদ্ধি পাব আৰু আপুনি যুক্তিৰে সকলো কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হ’ব। মূলাংক ৫ ৰ জাতকসকলে ভাগ্যৰ সম্পূৰ্ণ সমৰ্থন প্ৰাপ্ত কৰিব। আপুনি বহুতো নতুন সুযোগ লাভ কৰিব যি আপোনাক সন্তুষ্টি প্ৰদান কৰিব। যদিহে আপুনি যিকোনো ধৰণৰ বিনিয়োগৰ বাবে পৰিকল্পনা কৰি আছে, তেনেহ’লে এই সপ্তাহটো আপোনাৰ বাবে উপযুক্ত প্ৰমাণিত হ'ব।

প্ৰেমৰ সম্পৰ্ক:মূলাংক 5ৰ লোকসকলৰ প্ৰেম জীৱনৰ ক্ষেত্ৰত দেখা গৈছে যে এই সপ্তাহটো আপোনাৰ বাবে যথেষ্ট ভাল হ’ব। আপোনাৰ জীৱনসঙ্গীৰ সৈতে আপোনাৰ সম্পৰ্কত মধুৰতা দেখা যাব আৰু লগতে ভাল মিলা-প্ৰীতিও দেখা যাব। আপোনালোক দুয়োৱে পৰস্পৰৰ সৈতে ভাল সময় অতিবাহিত কৰিব। এই সময়ছোৱাত আপুনি নিজৰ জীৱনসঙ্গীৰ সৈতে পাৰিবাৰিক বিষয়বোৰো আলোচনা কৰিব পাৰে।

শিক্ষা:এই সপ্তাহত আপুনি অধ্যয়ন সম্পৰ্কে আপোনাৰ দক্ষতা প্ৰমাণ কৰিবলৈ দ্ৰুত পদক্ষেপ গ্ৰহণ কৰিব। ইয়াৰ লগতে আপুনি এই সপ্তাহত ভাল নম্বৰ প্ৰাপ্ত কৰাতো সফল হোৱাৰ যোগ আছে। মূলাংক 5ৰ জাতকসকলে বিদেশত অধ্যয়ন কৰাৰ সুযোগ লাভ কৰিব পাৰে আৰু ই আপোনাৰ বাবে অতি লাভজনক প্ৰমাণিত হ'ব। এই সপ্তাহত আপুনি বিজনেছ এডমিনিষ্ট্ৰেছন, লজিষ্টিক আৰু বিপণন আদিৰ দৰে বিষয়ত ভাল প্ৰদৰ্শন কৰিব পাৰিব।

বৃত্তিগত জীৱন:এই সপ্তাহত মূলাংক 5ৰ জাতকসকলে কেৰিয়াৰৰ ক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰিব পাৰিব আৰু নিজৰ যোগ্যতা প্ৰমাণ কৰিব পাৰিব। এই সময়ছোৱাত আপুনি নিজৰ কঠোৰ পৰিশ্ৰমৰ বাবে প্ৰশংসা লাভ কৰিব। লগতে, আপুনি নতুন চাকৰিৰ সুযোগো লাভ কৰিব যি আপোনাক সন্তুষ্টি প্ৰদান কৰিব। এই সপ্তাহত আপুনি বিদেশলৈ যোৱাৰ সম্ভাৱনা আছে আৰু এনে সুযোগবোৰ আপোনাৰ বাবে লাভজনক প্ৰমাণিত হ'ব। যিসকল লোকৰ নিজা ব্যৱসায় আছে তেওঁলোকে নিজৰ ব্যৱসায়ত ইতিবাচক পৰিৱৰ্তন পৰিলক্ষিত কৰিব।

স্বাস্থ্য: মূলাংক 5ৰ লোকসকল এই সপ্তাহত উৎসাহেৰে পৰিপূৰ্ণ হৈ থাকিব আৰু এই উৎসাহে গোটেই সপ্তাহটোত আপোনাৰ স্বাস্থ্য ভালে থকাত সহায় কৰিব। এই সময়ছোৱাত আপুনি কোনো বিশেষ গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন নহয়। আপোনাৰ শক্তিশালী ৰোগ প্ৰতিৰোধ ক্ষমতাই আপোনাক সুস্বাস্থ্য প্ৰদান কৰিব আৰু স্বাস্থ্য ভালে ৰখাত সহায় কৰিব।

উপায়:"ঔঁ নমো ভগৱতে বাসুদেৱায়" প্ৰতিদিনে 41 বাৰ জপ কৰক।

আপোনাৰ সোঁৱৰণিত আছে নে ৰাজযোগ? এতিয়াই জানক আপোনাৰ ৰাজযোগ যোগ প্ৰতিৱেদন

মূলাংক 6

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 6, 15, 24 তাৰিখে হৈছে)

মূলাংক 6ৰ লোকসকলে এই সপ্তাহত যাত্ৰা কৰিবলগীয়া হ’ব পাৰে, যি আপোনাৰ বাবে লাভজনক প্ৰমাণিত হ'ব আৰু আপুনি ভাল ধন লাভ অৰ্জন কৰিবও পাৰিব। ইয়াৰ লগতে, আপুনি ধন সঞ্চয় কৰাতো সফল হ'ব। এই সপ্তাহত আপুনি নতুন দক্ষতা আয়ত্ব কৰাৰ ক্ষেত্ৰত সফলতা লাভ কৰিব। যদিহে আপুনি সংগীত শিকি আছে তেন্তে এই সময়খিনি এই ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ বাবে অনুকূল প্ৰমাণিত হ'ব।

প্ৰেমৰ সম্পৰ্ক:এই সপ্তাহত আপুনি নিজৰ জীৱনসঙ্গীৰ সৈতে এক মধুৰ সম্পৰ্ক বজাই ৰাখিবলৈ সক্ষম হ'ব আৰু এই সময়ছোৱাত আপোনালোক দুয়োৰে মাজত প্ৰেম বৰ্ত্তি থাকিব। এই সপ্তাহত আপোনালোক দুয়োৰে মাজত পাৰস্পৰিক সমন্বয় আৰু বুজাবুজি যথেষ্ট ভাল হ'ব। আপোনালোক দুয়োৱে পৰস্পৰৰ প্ৰয়োজনীয়তা বুজিবলৈ যথাসাধ্য চেষ্টা কৰিব। আপুনি নিজৰ সঙ্গীৰ সৈতে ভ্ৰমণলৈ যোৱাৰ সম্ভাৱনা আছে যি আপোনাৰ বাবে চিৰস্মৰণীয় প্ৰমাণিত হ'ব আৰু আপুনি তেওঁৰ সৈতে মধুৰ মুহূৰ্ত অতিবাহিত কৰিব।

শিক্ষা: মূলাংক 6 ৰ যিসকল জাতকে যোগাযোগ, অভিযান্ত্ৰিক, ছফ্টৱেৰ আৰু একাউণ্টিং আদিৰ পাঠ্যক্ৰম অধ্যয়ন কৰি আছে সেইসকল শিক্ষাৰ্থীয়ে এই সময়ছোৱাত এই বিষয়বোৰত উৎকৃষ্টতা অৰ্জন কৰিব। আপুনি নিজৰ বাবে নতুন লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ সক্ষম হ’ব আৰু আন শিক্ষাৰ্থীসকলৰ বাবে এক ভাল উদাহৰণ হিচাপে থিয় দিব পাৰিব। এই সময়ছোৱাত আপোনাৰ একাগ্ৰতা ভাল হ'ব, যি আপোনাক নতুন দক্ষতা শিকাত সহায় কৰিব। ইয়াৰ বাহিৰেও আপুনি প্ৰতিটো বিষয়ত অনন্য প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব।

বৃত্তিগত জীৱন:এই সপ্তাহত আপুনি নিজৰ কামত অত্যন্ত ব্যস্ত হৈ থাকিব আৰু ইয়াৰ ফলত আপুনি ভাল ফলাফল লাভ কৰিব। এই সপ্তাহত আপুনি নিজৰ পছন্দ অনুসৰি নতুন চাকৰিৰ সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। যদিহে আপুনি ব্যৱসায় কৰি আছে তেন্তে এই সময়খিনি আপোনাৰ বাবে ভাল হ'ব আৰু আপোনাৰ ব্যৱসায় সম্প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিব। এই সময়ছোৱাত আপুনি অংশীদাৰিত্বৰ নতুন প্ৰস্তাৱ লাভ কৰিব আৰু আপুনি কামৰ সন্দৰ্ভত বাহিৰলৈ যাবলগীয়া হ’ব পাৰে।

স্বাস্থ্য:এই সপ্তাহত আপোনাৰ স্বাস্থ্য ভালে থাকিব আৰু আপুনি সম্পূৰ্ণ স্বাস্থ্যৱান হৈ থাকিব। এই সময়ছোৱাত আপুনি কোনো ধৰণৰ স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন নহয়। আপোনাৰ হাঁহিমুখীয়া আচৰণে আপোনাৰ স্বাস্থ্য ভালে ৰখাত সহায় কৰিব আৰু আপুনি আনৰ বাবে এক উদাহৰণ হৈ পৰিব। এই সময়ছোৱাত আপুনি নিজৰ জীৱনসঙ্গীৰ সৈতে অধিক সুখী হৈ থাকিব আৰু ইয়াৰ ফলস্বৰূপে আপুনি স্বাস্থ্যৱান হৈ থাকিব পাৰিব।

উপায়: প্ৰতিদিনে 33 বাৰ "ঔঁ ভাৰ্গৱায় নমঃ" জপ কৰক।

মূলাংক 7

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 7, 16, 25 তাৰিখে হৈছে)

মূলাংক 7ৰ লোকসকলৰ বাবে এই সপ্তাহটো বৰ বিশেষ উৎসাহজনক নহয় কিয়নো এই সময়ছোৱাত আপুনি নিৰাপত্তাহীনতাৰ অনুভূতি অনুভৱ কৰিব পাৰে। আকৰ্ষণৰ অভাৱৰ বাবে আপুনি জীৱনৰ স্থিৰতা লাভ কৰাত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। সৰু সৰু পদক্ষেপ গ্ৰহণ কৰাৰ ক্ষেত্ৰতো আপুনি যথেষ্ট চিন্তা-চৰ্চা কৰি আগবাঢ়িব লাগিব আৰু পৰিকল্পনা কৰিব আগবাঢ়িব লাগিব। এই সময়ছোৱাত আপুনি আধ্যাত্মিক বিষয়বোৰত অধিক মনোযোগ প্ৰদান কৰিব লাগিব।

প্ৰেমৰ সম্পৰ্ক:মূলাংক 7ৰ লোকসকলৰ প্ৰেম জীৱনৰ ক্ষেত্ৰত দেখা গৈছে যে এই সপ্তাহত আপুনি কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে কিয়নো পাৰিবাৰিক সমস্যাৰ বাবে আপোনাৰ সুখ-শান্তি হ্ৰাস হ'ব পাৰে। এই বিষয়বোৰক লৈ চিন্তা কৰাৰ পৰিৱৰ্তে আপুনি ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ পৰামৰ্শ লৈ বিবাদ সমাধান কৰিবলৈ চেষ্টা কৰা উচিত। আপোনালোক দুয়োৱে পৰস্পৰৰ সৈতে মিলা-মিছা কৰি আপোনালোকৰ সম্পৰ্ক ভাল কৰিবলৈ চেষ্টা কৰা উচিত।

শিক্ষা:শিক্ষাৰ ক্ষেত্ৰত এই সপ্তাহটো আপোনাৰ বাবে অনুকূল যেন দেখা নাযায়। এই সময়ছোৱাত আপোনাৰ মন অধ্যয়নৰ পৰা আতৰি যাব পাৰে আৰু ইয়াৰ ফলত আপুনি ভাল নম্বৰ লাভ কৰাত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে। যদিও আপুনি নিজৰ ভিতৰৰ লুকাই থকা দক্ষতা বজাই ৰখাত সফল হ'ব, কিন্তু সময়ৰ অভাৱৰ বাবে প্ৰদৰ্শন বিশেষ ভাল নোহোৱাৰ সম্ভাৱনা আছে। মূলাংক 7ৰ শিক্ষাৰ্থীসকলে ভাল ফলাফল লাভ কৰিবৰ বাবে এই সপ্তাহত যোগাভ্যাসৰ আশ্ৰয় লোৱা উচিত।

বৃত্তিগত জীৱন:বৃত্তিগত জীৱনৰদৃষ্টিকোণৰপৰা এই সপ্তাহটো আপোনাৰ বাবে সচৰাচৰ হ'ব। ইয়াৰ উপৰিও, আপুনি নিজৰ ভিতৰত থকা অতিৰিক্ত দক্ষতাৰ সহায়ত মানুহৰপৰা ভূয়সী প্ৰশংসা লাভ কৰিব পাৰিব। যদিহে আপুনি ব্যৱসায় কৰি আছে তেনেহ'লে আপুনি পৰিপক্কতাৰে সিদ্ধান্ত গ্ৰহণ কৰা উচিত অন্যথা আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে। এই সময়ছোৱাত আপুনি নিজৰ ব্যৱসায়ৰ ওপৰত তীব্ৰ দৃষ্টি ৰাখিব লাগিব। লগতে, আপুনি যিকোনো নতুন ব্যৱসায়িক অংশীদাৰিত্ব বা চুক্তি এতিয়া নকৰাটো ভাল হ’ব।

স্বাস্থ্য: মূলাংক 7ৰ লোকসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত দেখা গৈছে যে আপুনি এই সপ্তাহত ছাল সম্পৰ্কীয় সমস্যা বা এলাৰ্জিৰ সন্মুখীন হ'ব পাৰে। ইয়াৰ বাহিৰেও, আপোনাৰ হজম সম্পৰ্কীয় সমস্যা হ'ব পাৰে। সময়মতে খাদ্য আৰু পানীয় খাব যাতে আপোনাৰ স্বাস্থ্য ভাল হৈ থাকে। ভজা আৰু তেল-মচলাযুক্ত খাদ্য পৰিহাৰ কৰি চলা উচিক কিয়নো ই আপোনাৰ স্বাস্থ্যৰ সম্পূৰ্ণৰূপে অৱনতি ঘটাব পাৰে।

উপায়: প্ৰতিদিনে 41 বাৰ "ঔঁ কেথৱে নমঃ" জপ কৰক।

মূলাংক 8

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 8, 17, 26 তাৰিখে হৈছে)

এই সময়ছোৱাত ভ্ৰমণ কৰোঁতে মূলাংক 8ৰ লোকসকল অধিক সাৱধান হোৱা উচিত কিয়নো আপোনাৰ কোনো মূল্যৱান সামগ্ৰী হেৰাব পাৰে যি আপোনাৰ বাবে চিন্তাৰ কাৰণ হৈ উঠিব পাৰে, সেয়েহে এই লোকসকলৰ বাবে পৰিকল্পনা কৰি আগবাঢ়ি যোৱাটো ভাল হ'ব। লগতে, এই লোকসকলে এই সময়খিনিত কোনো বিনিয়োগ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাটো উচিত নহ’ব।

প্ৰেমৰ সম্পৰ্ক:মূলাংক 8ৰ জাতকসকলৰ প্ৰেম জীৱনৰ ক্ষেত্ৰত ক’ব পাৰি যেপৰিয়ালত চলি থকা সম্পত্তি সম্পৰ্কীয় বিবাদৰ বাবে আপুনি চিন্তিত হ'ব পাৰে, যাৰ বাবে আপুনি জীৱনসঙ্গীৰ সৈতে মধুৰ সম্পৰ্ক বজাই ৰখাত সমস্যাৰ সন্মুখীন হ'ব পাৰে। ফলস্বৰূপে, জীৱনসঙ্গীৰ সৈতে মিলামিছাৰ অভাৱ হ'ব। এনে পৰিস্থিতিত সম্পৰ্কত প্ৰেম বজাই ৰখাটো আপোনাৰ বাবে কিছু জটিল হ'ব পাৰে। ইয়াৰ বাহিৰেও, আপুনি নিজৰ জীৱনসঙ্গীকো সন্দেহৰ দৃষ্টিৰে চাব পাৰে যিটো আপুনি পৰিহাৰ কৰি চলা উচিত কিয়নো ই আপোনাৰ প্ৰেম জীৱনৰ সুখ-শান্তি নষ্ট কৰিব পাৰে।

শিক্ষা: এই সপ্তাহত আপুনি শিক্ষাৰ ক্ষেত্ৰত উত্থান-পতনৰ সম্মুখীন হ'ব পাৰে কিয়নো এই সময়ছোৱাত আপুনি পৰীক্ষাত ভাল নম্বৰ লাভ কৰিবৰ বাবে যিমানেই কঠোৰ পৰিশ্ৰম কৰিব, তাৰ স্বত্বেও শীৰ্ষস্থানত উপনীত হোৱাটো আপোনাৰ বাবে জটিল হ'ব পাৰে। সেয়েহে, এই সময়খিনিত আপুনি সম্পূৰ্ণ মনোযোগ আৰু নিষ্ঠাৰে তথা ধৈৰ্য্য সহকাৰে অধ্যয়ন কৰিব লাগিব, তেতিয়াহে আপুনি ভাল নম্বৰ লাভ কৰিবলৈ সক্ষম হ'ব। যদিহে আপুনি মেকানিকেল ইঞ্জিনিয়াৰিং, অটোমোবাইল ইঞ্জিনিয়াৰিং আদি অধ্যয়ন কৰি আছে, তেনেহ’লে আপুনি এই ক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰিবলৈ একাগ্ৰচিত্তে অধ্যয়ন কৰিব লাগিব।

বৃত্তিগত জীৱন:আপোনাৰ বৃত্তিগত জীৱন এই সপ্তাহত প্ৰত্যাহ্বানৰে পৰিপূৰ্ণ হৈ থকাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমে স্বীকৃতি লাভ নকৰিব পাৰে আৰু ই আপোনাক চিন্তাত পেলাব পাৰে। এনে পৰিস্থিতিত, আপোনাৰ সুকীয়া পৰিচয় সৃষ্টি কৰিবৰ বাবে আপুনি নিজৰ বিভিন্ন দক্ষতা বৃদ্ধি কৰিব লাগিব। যদিহে আপোনাৰ নিজা ব্যৱসায় আছে, তেনেহ’লেআপুনি এই সপ্তাহত কোনো চুক্তিৰপৰা আকাংক্ষিত লাভালাভ প্ৰাপ্ত কৰিব নোৱাৰিব পাৰে।

স্বাস্থ্য:এই সপ্তাহত অধিক মানসিক চাপৰ বাবে, আপুনি ভৰি আৰু গাঁঠিৰ বিষত ভুগিবলগীয়া হ’ব পাৰে। এনে পৰিস্থিতিত, আপুনি এক স্বাস্থ্যকৰ জীৱনশৈলী গ্ৰহণ কৰাৰ লগতে অসন্তুলিত আহাৰ পৰিহাৰ কৰা উচিত।

উপায়: "ঔঁ বায়ুপুত্ৰায় নমঃ'' প্ৰতিদিনে 11 বাৰ জপ কৰক।

পাওক আপোনাৰ সোঁৱৰণি আধাৰিত সঠিকশনি প্ৰতিৱেদন

মূলাংক 9

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 9, 18, 27 তাৰিখে হৈছে)

মূলাংক 9ৰ জাতকসকলৰ মাজত এই সপ্তাহত এক সকীয়া আকৰ্ষণ দেখা যাব যাৰ সৈতে তেওঁলোকে এই সময়ছোৱাত আগবাঢ়ি যাব। এই সময়ছোৱাত, এই লোকসকলে বহুতো গুৰুত্বপূৰ্ণ আৰু সাহসী সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব যি তেওঁলোকৰ বাবে ফলদায়ক প্ৰমাণিত হ'ব। এই লোকসকলে নিজস্ব যোগ্যতা আৰু সামৰ্থ্য প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। এই সময়খিনিত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হ'ব যাৰ বাবে আপুনি নিজৰ বিকাশ আৰু শক্তিৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা দেখা যাব।

প্ৰেমৰ সম্পৰ্ক:আপুনি নিজৰ জীৱনসঙ্গীক যথেষ্ট মৰম আৰু সন্মান কৰিব। এনে পৰিস্থিতিত, আপুনি নিজৰ সম্পৰ্কৰ বাবে উচ্চ মূল্যবোধ স্থাপন কৰিব। ফলস্বৰূপে, আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ মাজত ভাল বুজাবুজি থাকিব আৰু আপুনি আপোনাৰ সঙ্গীৰ সৈতে ফুৰিবলৈও যাব পাৰে য'ত আপোনালোক দুয়োৱে পৰস্পৰৰ সৈতে সুন্দৰ মুহূৰ্ত অতিবাহিত কৰিব পাৰিব আৰু এই কাৰণবশতঃ আপুনি আপোনাৰ জীৱনসঙ্গীৰ সৈতে এক ভাল সম্পৰ্ক বৰ্ত্তাই ৰাখিব পাৰিব।

শিক্ষা:এই সপ্তাহত যিসকল শিক্ষাৰ্থীয়ে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং বা কেমিকেল ইঞ্জিনিয়াৰিং অধ্যয়ন কৰি আছে তেওঁলোক এই সময়ছোৱাত অধ্যয়নৰ ক্ষেত্ৰত যথেষ্ট দৃঢ়সংকল্পবদ্ধ হৈ থাকিব। এই সময়ছোৱাত এই জাতকসকলে যিয়েই অধ্যয়ন কৰিব সেয়া অতি দ্ৰুততাৰে মনত ৰাখিব আৰু ইয়াৰ ফলত তেওঁলোকে পৰীক্ষাত উৎকৃষ্ট নম্বৰলাভ কৰিবলৈ সক্ষম হ'ব। এই মূলাংকৰ শিক্ষাৰ্থীসকলে নিজৰ আগ্ৰহ অনুসৰি বৃত্তিগত পাঠ্যক্ৰমত নাম ভৰ্তি কৰাৰ সম্ভাৱনা আছে।

বৃত্তিগত জীৱন:মূলাংক 9ৰ লোকসকলৰ বৃত্তিগত জীৱন অতিশয় অনুকূল হ'ব। এই মূলাংকৰ চাকৰিয়াল লোকসকলে এই সপ্তাহত কামৰ ক্ষেত্ৰত সুন্দৰ প্ৰদৰ্শন কৰিব পাৰিব আৰু তেওঁলোকে নিজৰ জ্যেষ্ঠ বিষয়াসকলৰপৰা কামৰ ক্ষেত্ৰত প্ৰশংসা লাভ কৰিব। আপোনাৰ পদোন্নতি হোৱাৰো সম্ভাৱনা আছে।

ইয়াৰ ফলস্বৰূপে আপোনাৰ পদ বৃদ্ধি হ’ব আৰুসহকৰ্মীসকলৰ দৃষ্টিত আপোনাৰ প্ৰতি সন্মানো বৃদ্ধি হ'ব। মূলাংক 9ৰ যিসকল জাতকৰ নিজা ব্যৱসায় আছে তেওঁলোকে ভাল লাভ অৰ্জন কৰাৰ বহুতো সুযোগ প্ৰাপ্ত কৰিব, যাৰ ভিত্তিত তেওঁলোকে নিজৰ প্ৰতিদ্বন্দীসকলক কঠিন প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ সক্ষম হ’ব আৰু তেওঁলোকৰ মাজত আপোনাৰ খ্যাতি বৃদ্ধি পাব। এই সময়ছোৱাত আপুনি নিজৰ ব্যৱসায়ৰ বাবে নতুন ৰণনীতিও প্ৰস্তুত কৰিব পাৰিব।

স্বাস্থ্য:এই সপ্তাহত আপুনি উৎসাহেৰে পৰিপূৰ্ণ হৈ থাকিব আৰু এনে পৰিস্থিতিত, আপোনাৰ স্বাস্থ্যও ভাল হ'ব। লগতে, এই সময়খিনিত আপুনি কোনো ধৰণৰ গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ’বলগীয়া নহয়। আপুনি যথেষ্ট সুখী হৈ থাকিব আৰু এই সন্তুষ্টিৰ বাবে আপুনি উদ্যমী আৰু স্বাস্থ্য়ান হৈ থাকিব।

উপায়: প্ৰতিদিনে হনুমান চালিশা পাঠ কৰক।

সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক কৰক:এষ্ট্ৰোচেজ অনলাইন শ্বপিং ষ্টোৰ

আমি আশা কৰিছোঁ যে আপুনি আমাৰ এই ব্লগটো নিশ্চয় পছন্দ কৰিছে। যদিহে এনে হয় তেনেহ’লেআপুনি ইয়াক নিজৰ শুভাকাংক্ষীসকলৰ সৈতে শ্যেয়াৰ কৰক। ধন্যবাদ!

Astrological services for accurate answers and better feature

33% off

Dhruv Astro Software - 1 Year

'Dhruv Astro Software' brings you the most advanced astrology software features, delivered from Cloud.

Brihat Horoscope
What will you get in 250+ pages Colored Brihat Horoscope.
Finance
Are money matters a reason for the dark-circles under your eyes?
Ask A Question
Is there any question or problem lingering.
Career / Job
Worried about your career? don't know what is.
AstroSage Year Book
AstroSage Yearbook is a channel to fulfill your dreams and destiny.
Career Counselling
The CogniAstro Career Counselling Report is the most comprehensive report available on this topic.

Astrological remedies to get rid of your problems

Red Coral / Moonga
(3 Carat)

Ward off evil spirits and strengthen Mars.

Gemstones
Buy Genuine Gemstones at Best Prices.
Yantras
Energised Yantras for You.
Rudraksha
Original Rudraksha to Bless Your Way.
Feng Shui
Bring Good Luck to your Place with Feng Shui.
Mala
Praise the Lord with Divine Energies of Mala.
Jadi (Tree Roots)
Keep Your Place Holy with Jadi.

Buy Brihat Horoscope

250+ pages @ Rs. 599/-

Brihat Horoscope

AstroSage on MobileAll Mobile Apps

Buy Gemstones

Best quality gemstones with assurance of AstroSage.com

Buy Yantras

Take advantage of Yantra with assurance of AstroSage.com

Buy Feng Shui

Bring Good Luck to your Place with Feng Shui.from AstroSage.com

Buy Rudraksh

Best quality Rudraksh with assurance of AstroSage.com
Call NowTalk to
Astrologer
Chat NowChat with
Astrologer