অংক জ্যোতিষ - Numerology In Assamese (26 মে’- 01 জুন, 2024)

এই সপ্তাহটোৱে ভিন ভিন মূলাংকৰ লোকৰ বাবে বহুতো সোণালী সুযোগ কঢ়িয়াই আনিব। যদিহে আপুনি নিজৰ মূলাংকৰ আধাৰত আপোনাৰ প্ৰেম জীৱন, কেৰিয়াৰ, স্বাস্থ্য বা আৰ্থিক স্থিতিৰ বিষয়ে জানিব বিচাৰে তেনেহ’লে এই প্ৰৱন্ধটো শেষলৈকে পঢ়ক। এই লেখাটোত আমাৰ অভিজ্ঞ অংকজ্যোতিষী তথা জ্যোতিষাচাৰ্য্য হৰিহৰণ জীয়ে মূলাংকৰ আধাৰত অংক জ্যোতিষ সাপ্তাহিক ৰাশিফল 26 মে’ৰপৰা 01 জুন, 2024 ৰ বাবে সঠিক ভৱিষ্যতবাণী প্ৰদান কৰিছে।

অংক জ্যোতিষ সাপ্তাহিক ৰাশিফল

ভৱিষ্যতৰ সৈতে জড়িত যিকোনো সমস্যাৰ সমাধান লাভ কৰিব বিদ্বান জ্যোতিষীসকলৰ সৈতে কথা পাতি

কেনেদৰে জানিব আপোনাৰ মূখ্য অংক বা মূলাংক?

আপুনি নিজৰ জন্ম তাৰিখক একক সংখ্যালৈ ৰূপান্তৰ কৰি নিজৰ মূখ্য অংক বা মূলাংক জানিব পাৰিব। মূলাংক 1ৰপৰা 9 ৰ ভিতৰলৈ হয়। উদাহৰণস্বৰূপে, যদিহে আপোনাৰ জন্ম মাহৰ 11 তাৰিখে হৈছে, তেনেহ’লে মূখ্য় অংক বা মূলাংক হ’ব 1+1, অৰ্থাৎ2। এইদৰে আপোনাৰ মূলাংক জানি লৈ আপোনাৰ ৰাশিফল জানিব পাৰিব।

জানক আপোনাৰ মূলাংক আধাৰিত সাপ্তাহিক ৰাশিফল (26 মে’ৰপৰা 01 জুন, 2024)

আমাৰ জীৱনত অংক জ্যোতিষ ৰ যথেষ্ট গুৰুত্ব আছে কিয়নো আমাৰ জন্ম তাৰিখেই অংকৰদ্বাৰা গঠিত। আপোনাৰ জন্ম তাৰিখৰ আধাৰত আপোনাৰ মূলাংক বা ৰূট নম্বৰ নিৰ্দ্ধাৰিত কৰা হয়। নিজৰ ৰূট নম্বৰ জনাৰ পিছত আপুনি অংকজ্যোতিষৰ অধীনত নিজৰ বিষয়ে বহুতো কথা জানিব পাৰিব আৰু নিজৰ ভৱিষ্যতফলৰ বিষয়ে তথ্য প্ৰাপ্ত কৰিব পাৰিব।

1 অংকৰ ওপৰত সূৰ্য্য দেৱতাৰ আধিপত্য থাকে আৰু 2 অংকৰ ওপৰত চন্দ্ৰমাৰ আধিপত্য থাকে, 3 ৰ ওপৰত দেৱ গুৰু বৃহস্পতিৰ, 4ৰ ওপৰত ৰাহুৰ, 5 ৰ ওপৰত বুধৰ, 6 ৰ ওপৰত শুক্ৰ দেৱতাৰ, 7ৰ ওপৰত কেতুৰ, 8 ৰ ওপৰত শনিৰ আৰু 9 অংকৰ ওপৰত মঙ্গল গ্ৰহৰ আধিপত্য থাকে। এই গ্ৰহসমূহৰ পৰিবহনৰ ফলস্বৰূপে জাতকসকলৰ জীৱনলৈ বহুতো পৰিৱৰ্তন আহে আৰু এই গ্ৰহবোৰৰদ্বাৰা শাসিত অংকসমূহে আমাৰ জীৱনত গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰে।

তেনেহ’লে আহক আগবাঢ়ি যাওঁ আৰু মূলাংক অনুসৰি26 মে’ৰপৰা 01 জুন, 2024 পৰ্য্যন্তৰ সময়খিনি আপোনাৰ বাবে কেনে হ’ব সেই সম্পৰ্কে অৱগত হওঁ।

বৃহৎ কুণ্ডলী ত নিহিত হৈ আছে, আপোনাৰ জীৱনৰ সকলো গোপন ৰহস্য, জানক গ্ৰহসমূহৰ গতি-বিধিৰ সম্পূৰ্ণ লেখ-জোখ

মূলাংক 1

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 1, 10, 19 বা 28 তাৰিখে হৈছে)

এই মূলাংকৰ জাতকসকল অধিক দৃঢ় সংকল্পৱদ্ধ আৰু আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হয়। ইয়াৰ ফলত আপোনাৰ চিন্তা-ধাৰা উন্নীত হয় আৰু ইয়াৰ ইতিবাচক প্ৰভাৱ আপোনাৰ জীৱনৰ ওপৰত পৰে। এই সপ্তাহত মূলাংক 1 ৰ জাতকসকলৰ আত্মবিশ্বাস যথেষ্ট বৃদ্ধি হোৱা দেখা যাব। আপুনি নিজৰ কেৰিয়াৰত নতুন প্ৰকল্প আৰু সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। আপুনি সহজভাৱে নিজৰ সিদ্ধান্তসমূহ গ্ৰহণ কৰিব পাৰিব আৰু ইয়াৰদ্বাৰা আপোনাৰ জীৱনৰ উদ্দেশ্যসমূহ পূৰণ হ’ব। এইখিনি সময়ত আপোনাৰ ভিতৰত প্ৰশাসনিক দক্ষতা বিকশিত হ’ব আৰু ইয়াৰ সহাত আপুনি যথেষ্ট সহজভাৱে নিজৰ কামসমূহ কৰিব পাৰিব।

প্ৰেম জীৱন: অংক জ্যোতিষ অনুসৰি এই সপ্তাহত আপোনাৰ জীৱনসঙ্গীৰ সৈতে সম্পৰ্ক যথেষ্ট ভাল হ’ব। আপোনালোক দুয়োৰে মাজৰ মিলা-মিছা আৰু কথা-বতৰা যথেষ্ট ভাল হ’ব। ইয়াৰদ্বাৰা আপুনি যথেষ্ট সন্তুষ্ট অনুভৱ কৰিব। আপুনি নিজৰ জীৱনসঙ্গীৰ সৈতে ক’ৰবাত ফুৰিবলৈ যোৱাৰ সুযোগ লাভ কৰিব পাৰে আৰু এই সময়খিনি আপোনাৰ বাবে সকলোতকৈ মোহনীয় হ’ব। আপুনি নিজৰ জীৱনসঙ্গীৰ প্ৰতি নিজৰ প্ৰেম-ভালপোৱা প্ৰদৰ্শন কৰিব।

শিক্ষা: এই সময়খিনিত শিক্ষাৰ্থীসকলে অধিক বৃত্তিগত ধৰণে অধ্যয়ন কৰিবৰ বাবে কোনো ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিব পাৰে। মেনেজমেণ্ট আৰু পদাৰ্থবিজ্ঞানৰ অধ্যয়ন কৰি থকা শিক্ষাৰ্থীসকলৰ একাগ্ৰতাৰ ক্ষমতা এই সময়ছওৱাত বৃদ্ধি হ’ব আৰু এইদৰে আপুনি ভাল ফলাফল প্ৰাপ্ত কৰিব। আপুনি যি জটিল বিষয় বাছনি কৰিব তাতেই আপুনি সুন্দৰ প্ৰদৰ্শন কৰিব পাৰিব।

বৃত্তিগত জীৱন: আপুনি চাকৰিত উৎকৃষ্ট প্ৰদৰ্শন কৰিব। যদিহে আপুনি পাব্লিক চেক্টৰত কাম কৰে, তেনেহ’লে এই সময়খিনি আপোনাৰ বাবে যথেষ্ট ভাল হ’ব। লগতে ব্যৱসায়ীসকলে আউটচ’ৰ্চিঙৰ জৰিয়তে ভাল লাভ প্ৰাপ্ত কৰিব। আপুনি নতুন অংশীদাৰিত্বতো কাম আৰম্ভ কৰিব পাৰে আৰু এই পদক্ষেপ আপোনাৰ বাবে ফলদায়ক প্ৰমাণিত হ’ব।

স্বাস্থ্য: এই সপ্তাহত আপোনাৰ স্বাস্থ্য ভালে থাকিব আৰু আপুনি উৎসাহ-উদ্যমেৰে পৰিপূৰ্ণ হৈ থাকিব। এইখিনি সময়ত নিয়মিতভাৱে ব্যায়াম কৰাৰ দ্বাৰা আপুনি অধিক স্বাস্থ্যৱান অনুভৱ কৰিব আৰু উত্তম স্বাস্থ্য উপভোগ কৰিব পাৰিব। আপোনাৰ উদ্যম বৃদ্ধি পাব যাৰ ফলত আপুনি অধিক সন্তুষ্ট অনুভৱ কৰিব।

উপায়: দৈনিক 19 বাৰ 'ঔঁ সূৰ্য্যায় নমঃ' মন্ত্ৰ জপ কৰক।

মূলাংক 2

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 2, 11, 20 বা 29 তাৰিখে হৈছে)

এই মূলাংকৰ জাতকসকল সিদ্ধান্ত গ্ৰহণ কৰাৰ সময়ত কিছু ভ্ৰমিত হ’ব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ উন্নতি তথা বিকাশৰ ক্ষেত্ৰত বাধা উৎপন্ন হ’ব পাৰে। আপুনি এই সপ্তাহত প্ৰকল্প প্ৰস্তুত কৰি চলাৰ আৰু আশাবাদী হৈ থকাৰ প্ৰয়োজন আছে। আপুনি এই সময়ত বন্ধু-বৰ্গৰপৰা আতৰি থকাৰ প্ৰয়োজন আছে কাৰণ এইখিনি সময়ত আপুনি তেওঁলোকৰ বাবে সমস্যাত পৰিব পাৰে। ইয়াৰ উপৰিও দীৰ্ঘ দূৰত্বৰ যাত্ৰা কৰাটো আপুনি এই সময়খিনিত পৰিহাৰ কৰা উচিত কাৰণ এই সময়খিনিত আপোনাৰ যাত্ৰাৰ উদ্দেশ্য পূৰণ নহ’ব পাৰে।

প্ৰেম জীৱন: এই সময়খিনিত আপুনি নিজৰ সঙ্গীৰ সৈতে তৰ্কত লিপ্ত হোৱাটো পৰিহাৰ কৰা উচিত। নিজৰ সম্পৰ্কত ৰোমাঞ্চ আৰু সুখ-শান্তি বৰ্ত্তাই ৰাখিবৰ বাবে আপুনি নিজৰ ফালৰপৰা মিলামিছা কৰাৰ প্ৰয়াস কৰা উচিত। নিজৰ সঙ্গীৰ সৈতে কথা-বাৰ্ত্তা কৰক, ইয়াৰদ্বাৰা আপোনালোক দুয়োৰে মাজৰ বুজাপৰা ভাল হ’ব।

শিক্ষা: এই সময়খিনিত অংক জ্যোতিষ অনুসৰি শিক্ষাৰ্থীসকলৰ অধ্যয়নৰপৰা মনোযোগ ভংগ হ’ব পাৰে সেয়েহে আপুনি পঢ়া-শুনাত অধিক মনোযোগ দিবলৈ চেষ্টা কৰা উচিত। আপুনি এই সপ্তাহত অধ্যয়নৰ ক্ষেত্ৰত পেছাদাৰী মনোভাৱেৰে অধিক পৰিশ্ৰম কৰাৰ প্ৰয়োজনীয়তা আছে। পঢ়া-শুনা নিজৰ যুক্তি প্ৰদৰ্শন কৰাৰ আৰু সহপাঠীসকলৰ মাজত নিজৰ সুকীয়া স্থান দখল কৰিবলৈ চেষ্টা কৰক। এই সময়খিনিত আপোনাৰ বাবে পঢ়া-শুনাৰ ক্ষেত্ৰত পৰিকল্পনাৱদ্ধ ধৰণেৰে আগবাঢ়ি যোৱাৰ প্ৰয়োজনীয়তা আছে।

বৃত্তিগত জীৱন: চাকৰিয়াল জাতকসকলৰ নিজৰ কামৰ ক্ষেত্ৰত কোনো ত্ৰুটি ৰৈ যোৱাৰ সম্ভাৱনা আছে আৰু এই কথাটোৱে কৰ্মক্ষেত্ৰত তেওঁলোকৰ বিকাশত বাধাৰ সৃষ্টি কৰিব পাৰে। ইয়াৰপৰা বাছিবৰ বাবে আপুনি এই সপ্তাহত অধিক কষ্ট কৰাৰ প্ৰয়োজন হ’ব যাতে আপুনি নিজৰ সহকৰ্মীসকলতকৈ আগবাঢ়ি যাব পাৰে। আনহাতে ব্যৱসায়ীসকলে নিজৰ প্ৰতিদ্বন্দীসকলৰপৰা সম্মুখীন হোৱা হেঁচাৰ বাবে লোকচানৰ সম্মুখীন হ’ব পাৰে।

স্বাস্থ্য: আপোনাৰ এইখিনি সময়ত কাহ-পানীলগা হোৱাৰ সম্ভাৱনা আছে সেয়েহে আপুনি নিজৰ শাৰীৰিক স্বাস্থ্যৰ প্ৰতি অদিক মনোযোগ দিব লাগিব। আপোনাৰ ৰাতি টোপনি যোৱাৰ ক্ষেত্ৰতো সমস্যাই দেখা দিব পাৰে।

উপায়: সোমবাৰে চন্দ্ৰমাক সন্তুষ্ট কৰিবৰ বাবে যজ্ঞ-হোম কৰক।

মূলাংক 3

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 3, 12, 21 বা 30 তাৰিখে হৈছে)

অংক জ্যোতিষ অনুসৰিএই সপ্তাহত মূলাংক 3 ৰ জাতকসকলৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত সাহস বৃদ্ধি হ’ব। আপোনাৰ হিত বৃদ্ধি কৰিবৰ বাবে এয়া হৈছে অনুকূল সময়। এই সময়খিনিত আধ্যাত্মৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধি পাব পাৰে। আপুনি নিজকে উৎসাহিত কৰিব যাৰ ফলত আপোনাৰ খ্যাতি বৃদ্ধি পাব। আপুনি মুক্ত চিন্তাধাৰাৰ অধিকাৰী হ’ব আৰু ইয়াৰ ফলত আপোনাৰ উন্নতি হ’ব। ইয়াৰ উপৰিও আপোনাৰ বাবে যাত্ৰা কৰাৰ যোগ সৃষ্টি হ’ব আৰু এই যাত্ৰাসমূহ আপোনাৰ বাবে লাভদায়ক প্ৰমাণিত হ’ব।

প্ৰেম জীৱন: এই সময়খিনিত আপোনালোক দুয়োৰে মাজৰ ৰোমাঞ্চ বৃদ্ধি হ’ব। আপোনালোক দুয়োৱে পৰস্পৰৰ সম্মুখত নিজৰ চিন্তাসমূহ মুকলিকৈ প্ৰকাশ কৰিব যাৰ ফলত পাৰস্পৰিক মিলামিছা বৃদ্ধি পাব। আপোনালোক দুয়োৱে পৰস্পৰৰ সৈতে পৰিয়ালত হ’বলগীয়া কোনো শুভ অনুষ্ঠানৰ বিষয়ে আলোচনা কৰিব। এই পাৰিবাৰিক কাৰ্য্যক্ৰমৰ বাবে আপুনি যথেষ্ট উৎসাহিত অনুভৱ কৰিব আৰু ইয়াৰ্দবাৰা আপোনাৰ প্ৰেম জীৱন ইতিবাচক শক্তিৰে পৰিপূৰ্ণ হ’ব।

শিক্ষা: শিক্ষাৰ্থীসকলৰ বাবে এই সপ্তাহটো যথেষ্ট অনুকূল হ’ব। শিক্ষাৰ্থীসকল পেছাদাৰী মনোভাৱৰ অধিকাৰী হ’ব আৰু সুন্দৰভাৱে তেওঁলোকে অধ্যয়ন কৰিব। অৰ্থশাস্ত্ৰ আৰু বিজনেছ এডমিনিষ্ট্ৰেছনৰ দৰে বিষয়সমূহ আপোনাৰ বাবে ফলদায়ক হ’ব।

বৃত্তিগত জীৱন: এই সপ্তাহত আপুনি চাকৰিৰ নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে আৰু এই সুযোগ বোৰ লাভ কৰি আপুনি যথেষ্ট সন্তুষ্ট অনুভৱ কৰিব। চাকৰিৰ নতুন সুযোগবোৰত আপুনি সম্পূৰ্ণ দক্ষতাৰে কাম কৰিব। আনহাতে ব্যৱসায়ীসকলে কোনো নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে য’ত তেওঁলোকে ভাল লাভ প্ৰাপ্ত কৰাৰ সুযোগ পাব।

স্বাস্থ্য: এই সপ্তাহত আপুনি শাৰীৰিক দিশৰপৰা সুস্বাস্থ্যৱান হৈ থাকিব আৰু ইয়াৰ ফলত আপোনাৰ ভিতৰত উৎদ্যম বৃদ্ধি পাব। এইদৰে আপোনাৰ স্বাস্থ্য উত্তম হৈ থাকিব। আপোনাৰ সাহস বৃদ্ধি হোৱাৰ ফলস্বৰূপে আপোনাৰ স্বাস্থ্য ভালে থাকিব।

উপায়: দৈনিক 21 বাৰ 'ঔঁ বৃহস্পতয়ে নমঃ' মন্ত্ৰ জপ কৰক।

বৃহৎ কুণ্ডলী ত নিহিত হৈ আছে, আপোনাৰ জীৱনৰ সকলো গোপন ৰহস্য, জানক গ্ৰহসমূহৰ গতি-বিধিৰ সম্পূৰ্ণ লেখ-জোখ

মূলাংক 4

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 4, 13, 22 বা 31 তাৰিখে হৈছে)

এই মূলাংকৰ জাতকসকল বুদ্ধিমান প্ৰকৃতিৰ হয়। তেওঁলোকে নিজৰ আৱেগৰ বাবে সমস্যাৰ সম্মুখীন হ’বলগীয়া হ’ব পাৰে। আপুনি নিজস্ব বুদ্ধিমত্তাৰদ্বাৰা কোনো নতুন কাম আৰম্ব কৰিব পাৰে আৰু সহজেই নিজৰ লক্ষ্য প্ৰাপ্ত কৰিব পাৰিব। পৰিকল্পনা প্ৰস্তুত কৰি আগবাঢ়িলে আপোনাৰ জীৱনলৈ সুখ-শান্তি আহিব আৰু আপুনি এইসমূহৰ সৈতেই ভৱিষ্যতৰ দিশে আগবাঢ়ি যাব।

প্ৰেম জীৱন: এই সপ্তাহত আপোনাৰ নিজৰ জীৱনসঙ্গীৰ প্ৰতি প্ৰেম-ভালপোৱা বৃদ্ধি পাব।আপুনি এইখিনি সময়ত নিজৰ সঙ্গীক ভালদৰে বুজি পাব। আপুনি নিজৰ জীৱনসঙ্গীৰ সহযোগ প্ৰাপ্ত কৰিব আৰু আপুনি তেওঁৰ সম্মুখত নিজৰ সুখ-দুখৰ কথা প্ৰকাশ কৰিব। ইয়াৰদ্বাৰা আপোনালোকৰ সম্পৰ্ক শক্তিশালী হ’ব আৰু আপোনালোকৰ সম্পৰ্কলৈ মধুৰতা আহিব।

শিক্ষা: আপুনি অধ্যয়নৰ ক্ষেত্ৰত পেছাদাৰী মনোভাৱ পোষণ কৰিব আৰু শীৰ্ষস্থানত উপনীত হ’ব পাৰিব। ভিজুৱেল কমিউনিকেশ্যন আৰু চফটৱেৰ ইঞ্জিনিয়াৰিঙৰ দৰে বিষয়সমূহ আপোনাৰ দৰে লাভকাৰী প্ৰমাণিত হ’ব। শিক্ষাৰ ক্ষেত্ৰত উন্নতি লাভ কৰিবৰ বাবে আপুনি ভাল দক্ষতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ব। আপুনি অধ্যয়নত অধিক পেছাদাৰী মনোভাৱ পোষণ কৰিব আৰু নিজৰ ছাপ সৃষ্টি কৰিবলৈ সক্ষম হ’ব।

বৃত্তিগত জীৱন: অংক জ্যোতিষ অনুসৰিআপুনি চাকৰিৰ নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে যাৰ বাবে আপুনি সন্তুষ্ট অনুভৱ কৰিব। তাৰ উপৰিও আপুনি নিজৰ বৰ্ত্তমানৰ চাৰিত পদোন্নতি লাভ কৰাৰ সম্ভাৱনা আছে। এই কাৰণবশতঃ আপুনি নিজৰ চাকৰিক লৈ সন্তুষ্ট অনুভৱ কৰিব। এই সুযোগ আপোনাৰ বাবে ফলদায়ক প্ৰমাণিত হ’ব। আপুনি নিজৰ জ্যেষ্ঠ্য অধিকাৰীসকলৰ সম্মুখত নিজৰ বিশেষ দক্ষতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ব আৰু আপোনাৰ কামে স্বীকৃতি লাভ কৰিব। আনহাতে ব্যৱসায়ীসকলে বহুতো ব্যৱসায়িক সুযোগ প্ৰাপ্ত কৰিব আৰু এনেবোৰ চুক্তিয়ে আপোনাক ভাল লাভ প্ৰদান কৰিব। অংশীদাৰি ব্যৱসায় কৰাসকলে নিজৰ অংশীদাৰৰপৰা সমৰ্থন লাভ কৰিব।

স্বাস্থ্য: এই সপ্তাহত শাৰীৰিকভাৱে আপুনি যথেষ্ট সুস্থ অনুভৱ কৰিব। আপোনাৰ চৌপাশত ভাল কথা হোৱাৰ বাবে আৰু আনন্দময় পৰিৱেশ বৰ্ত্তি থকাৰ কাৰণে আপুনি উৎসাহ আৰু উদ্যমেৰে পৰিপূৰ্ণ অনুভৱ কৰিব।ইয়াৰ উপৰিও নিজৰ উত্তম স্বাস্থ্য বৰ্ত্তাই ৰাখিবৰ বাবে আপুনি ডায়েটৰ সহায় লওক।

উপায়: দৈনিক 22 বাৰ 'ঔঁ দুৰ্গায় নমঃ' মন্ত্ৰ জপ কৰক।

মূলাংক 5

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 5, 14 বা 23 তাৰিখে হৈছে)

এই সপ্তাহত মূলাংক 5 ৰ জাতকসকলে যিয়েই পদক্ষেপ গ্ৰহণ কৰিব, তাতেই যুক্তি প্ৰদ্ৰশন কৰাৰ চেষ্টা কৰিব। এই সময়খিনিত তেওঁলোকৰ শ্যেয়াৰ মাৰ্কেটৰপৰা লাভ প্ৰাপ্ত কৰাৰ বাবে আগ্ৰহ বৃদ্ধি পাব আৰু তেওঁলোকে শ্যেয়াৰ বজাৰৰপৰা লাব প্ৰাপ্ত কৰাৰ প্ৰৱল সম্ভাৱনা আছে। আপুনি দীৰ্ঘ দূৰত্ব ভ্ৰমণ কৰাৰ সুযোগ লাভ কৰিব পাৰে। আপোনাৰ ভিতৰত কোনো বিষয়ক লৈ প্ৰৱল আৱেগৰ জন্ম হ’ব পাৰে।

প্ৰেম জীৱন: অংক জ্যোতিষ অনুসৰিএই সপ্তাহক প্ৰেম জীৱনত আপোনাৰ প্ৰেমাস্পদৰ সৈতে প্ৰেম আৰু বন্ধুত্ব বৃদ্ধি কৰাৰ বাবে আপুনি চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোক দুয়োৰে মাজৰ পাৰস্পৰিক বুজাপৰা বৃদ্ধি পাব আৰু আপোনাৰ প্ৰেম জীৱনলৈ আনন্দৰ আগমন ঘটিব। আপুনি পাৰিবাৰিক ঘটনাবোৰ সমাধান কৰিবৰ বাবে যথেষ্ট আগ্ৰহী হ’ব। এইখিনি সময়ত আপুনি নিজৰ বুদ্ধিমত্তাৰদ্বাৰা নিজৰ সঙ্গীক মনাবলৈ সক্ষম হ’ব আৰু তেওঁক সুখী কৰি ৰাখিব পাৰিব।

শিক্ষা: আধ্যয়নৰ ক্ষেত্ৰত আপোনাৰ ভিতৰত কথা কোৱাৰ, শুনাৰ, সময় পৰিচালনা কৰাৰ আৰু নেতৃত্ব দিয়াৰ দৰে দক্ষতাসমূহ বিকশিত হ’ব। আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাত ভাল নম্বৰ লাভ কৰিব পাৰিব আৰু নিজৰ দক্ষতা প্ৰদৰ্শন কৰিব। আপুনি মাৰ্কেটিং আৰু লজিষ্টিকৰ দৰে পাঠ্যক্ৰমসমূহত বিশেষজ্ঞতা আৰু ভাল নম্বৰ লাভ কৰিব পাৰিব। ইয়াৰ উপৰিও আপোনাৰ ভিতৰত বিশেষ কোনো দক্ষতা বিকশিত হ’ৎৃব পাৰে যাৰদ্বাৰ আপুনি অধিক সফলতা লাভ কৰিবলৈ মাৰ্গদৰ্শন লাভ কৰিব।

বৃত্তিগত জীৱন: এই সপ্তাহত চাকৰিয়াল লোকসকলে চমৎকাৰী ফলাফল প্ৰাপ্ত কৰিব। আপুনি কৰ্মক্ষেত্ৰত নিজৰ প্ৰদৰ্শনৰ বাবে স্বীকৃতি লাভ কৰিব। আনহাতে ব্যৱসায়ীসকলে আউটচ’ৰ্চিং ব্যৱসায় কৰিব পাৰে যাৰ দ্বাৰা ব্যৱসায়ৰ ক্ষেত্ৰত তেওঁৰ প্ৰদৰ্শন ভাল হ’ব। ইয়াৰ উপৰিও আপুনি ব্যৱসাযত নতুন ৰণনীতি প্ৰয়োগ কৰিবৰ বাবে নিজকে প্ৰস্তুত কৰি তুলিব।

স্বাস্থ্য: স্বাস্থ্যৰ দিশৰপৰা এই সপ্তাহটো অতি সুন্দৰ হ’ব। আপোনাৰ কোনো গুৰুতৰ স্বাস্থ্যজনিত সমস্যা হোৱাৰ সম্ভাৱনা নাই। অৱশ্যে, সময়মতে খোৱা-বোৱা নকৰাৰ বাবে আপোনাৰ পাচন সম্পৰ্কীয় সমস্যা হ’ব পাৰে সেয়েহে স্বাস্থ্য ভালে ৰাখিবৰ বাবে আপুনি সময়মতে খোৱা-বোৱা কৰা উচিত।

উপায়: দৈনিক 41 বাৰ 'ঔঁ নমো ভগৱতে বাসুদেৱায়' মন্ত্ৰ জপ কৰক।

পাওক আপোনাৰ সোঁৱৰণি আধাৰিত সঠিক শনি প্ৰতিৱেদন

মূলাংক 6

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 6, 15 বা 24 তাৰিখে হৈছে)

এই মূলাংকৰ জাতকসকলৰ স্বভাৱ যথেষ্ট মৰমীয়াল হয়।অংক জ্যোতিষ অনুসৰিএই সকলো লোকে যাত্ৰা কৰিবলৈ যথেষ্ট পছন্দ কৰে আৰু তেওঁলোকে দীৰ্ঘ দূৰত্বৰ যাত্ৰা কৰিবলৈ ভাল পায়। এই সময়খিনিত আপুনি উদ্যমেৰে পৰিপূৰ্ণ হৈ থাকিব আৰু ইয়াৰ ফলত আপুনি ভাল পৰিণাম লাভ কৰাৰ সম্ভাৱনা আছে। এই সপ্তাহত আপুনি আৰাম কৰাত আৰু নিজৰ সুখ-সুবিধা বৃদ্ধি কৰাৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰিব।

প্ৰেম জীৱন: এই সপ্তাহত আপোনাৰ জীৱনসঙ্গীৰ সৈতে আপোনাৰ চেন্স অৱ হিউমাৰ যথেষ্ট ভাল হ’ব। এই সপ্তাহত আপোনাৰ মুড ও ভালে থাকিব। আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ সম্পৰ্ক শক্তিশালী হ’ব। এই সময়খিনিত আপুনি নিজৰ জীৱনসঙ্গীৰ সৈতে ব্যৱহাৰিক আচৰণ কৰিব আৰু আপুনি নিজৰ পৰিয়ালত ভাল মূল্যবোধ স্থাপন কৰিব পাৰিব।

শিক্ষা: আপোনাৰ শিক্ষক আৰু আপোনাৰ পৰীক্ষকসকলে আপোনাৰ দক্ষতাৰ প্ৰশংসা কৰিব। ইয়াৰ ফলত আপুনি আৰু অধিক প্ৰয়াস কৰিবৰ বাবে আৰু ভাল নম্বৰ লাভ কৰিবৰ বাবে উৎসাহ লাভ কৰিব। আপুনি কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং আৰু চফটৱেৰ ইঞ্জিনিয়াৰিঙৰ দৰে বিষয়ত যথেষ্ট ভাল প্ৰদৰ্শন কৰিব পাৰিব।

বৃত্তিগত জীৱন: এই সপ্তাহত আপুনি নিজৰ কেৰিয়াৰৰ সন্দৰ্ভত বিদেশলৈ যাবলগীয়া হ’ব পাৰে আৰু এই সুযোগটো আপোনাৰ বাবে লাভজনক প্ৰমাণিত হ’ব পাৰে। আপোনাৰ বাবে বিদেশত থকাৰ স্থিতি উৎপন্ন হ’ব পাৰে। এই সময়খিনি আপোনাৰ বাবে সুন্দৰ আৰু যুগমীয়া হ’ব। আনহাতে ব্যৱসায়ীসকলে নতুন চুক্তি লাভ কৰাৰ সম্ভাৱনা আছে। এই চুক্তি আপোনাৰ বাবে লাভজনক প্ৰমাণিত হ’ব।

স্বাস্থ্য: স্বাস্থ্যৰ দৃষ্টিকোণৰপৰা এই সপ্তাহটো অনুকূল হ’ব। আপোনাৰ ভিতৰত আৰু অধিক শক্তিশালী হোৱাৰ ইচ্ছা শক্তি আৰু দৃঢ় সংকল্প দেখা যাব পাৰে। উৎসাহৰ লগতে আত্মবিশ্বাস বৃদ্ধি হোৱাৰ ফলস্বৰূপে আপোনাৰ স্বাস্থ্য ভালে থাকিব। এই সপ্তাহত আপুনি শক্তিশালী হৈ পৰিব আৰু আপুনি নিজকে ইতিবাচক কৰি ৰাখিব পাৰিব।

উপায়: দৈনিক 33 বাৰ 'ঔঁ ভাৰ্গৱায় নমঃ' মন্ত্ৰ জপ কৰক।

মূলাংক 7

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 7, 16 বা 25 তাৰিখে হৈছে)

এই সময়খিনিত মূলাংক 7 ৰ জাতকসকল আধ্যাত্মিকতাৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব। আপুনি আধ্যাত্মিকতাৰ সৈতে জড়িত যাত্ৰাত যাবলগীয়া হ’ব পাৰে আৰু এই যাত্ৰাসমূহৰপৰা আপুনি অধিক লাভ প্ৰাপ্ত কৰাৰ সম্ভাৱনা আছে। এইখিনি সময়ত আপোনাৰ ভিতৰত বহুতো দক্ষতা দেখা যাব পাৰে।

প্ৰেম জীৱন: এই সময়খিনিত আপোনাৰ আৰু আপোনাৰ সঙ্গীৰ মাজৰ আকৰ্ষণ হ্ৰাস পাব পাৰে আৰু ইয়াৰ ফলস্বৰূপে আপোনাৰ প্ৰেম জীৱনৰ সুখ-শান্তি ভংগ হ’ব পাৰে। ইয়াৰ উপৰিও আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ মাজৰ পাৰস্পৰিক বুজাবুজিও কম হোৱাৰ আশংকা কৰা হৈছে। আপোনাৰ পৰিয়ালত কোনো সমস্যাৰ সৃষ্টি হ’ব পাৰে যাৰ ফলত আপোনাৰ নিজৰ সঙ্গীৰ সৈতে সম্পৰ্ক বৰ্ত্তাই ৰখাত সমস্যাৰ উৎপন্ন হ’ব পাৰে। আপোনালোক দুয়োৰে মাজত বিচ্ছেদৰ পৰিস্থিতিয়ে দেখা দিব পাৰে আৰু আপুনি আধ্যাত্মিক প্ৰবৃত্তিৰ হৈ পৰিব পাৰে।

শিক্ষা: অংক জ্যোতিষ অনুসৰি এই সপ্তাহতঅধ্যয়নৰ পৰা শিক্ষাৰ্থীসকলৰ মনোযোগ ভংগ হ’ব পাৰে আৰু এই কাৰণবশতঃ তেওঁলোকৰ প্ৰদৰ্শন বেয়া হ’ব পাৰে। এই সপ্তাহত আপুনি বৃত্তিগত পাঠ্যক্ৰম যেনে আইন আৰু মেনেজমেণ্টৰ অধ্যয়ন কৰিব পাৰে। এনে হ’ব পাৰে যে মনোযোগ ভংগ হোৱাৰ কাৰণে আপুনি এই বিষয়বোৰত বিশেষজ্ঞতা লাভ কৰিব নোৱাৰিব পাৰে আৰু আপোনাৰ প্ৰচেষ্টাৰো অভাৱ দেখা যাব পাৰে।

বৃত্তিগত জীৱন: এই সময়খিনিত চাকৰিয়াল জাতকসকলৰ বাবে কামৰ হেঁচা বৃদ্ধি পাব পাৰে। সম্ভাৱনা আছে যে আপুনি নিজৰ কৰ্মক্ষেত্ৰত যি কঠোৰ পৰিশ্ৰম কৰিব তাৰ বাবে স্বীকৃতি লাভ নকৰিব পাৰে অথবা সেই কামবোৰক উপেক্ষা কৰা হ’ব পাৰে। আপোনাৰ জ্যেষ্ঠ্য বিষয়াসকলে আপোনাৰ কামত অধিক গুৰুত্ব নিদিব পাৰে আৰু এই কথাই আপোনাক চিন্তাত পেলাব পাৰে। আনহাতে ব্যৱসায়ীসকলে আকস্মিকভাৱে নিজৰ প্ৰতিদ্বন্দীসকলৰ বাবে প্ৰত্যাহ্বানৰ সম্মুখীন হ’বলগীয়া হ’ব পাৰে।

স্বাস্থ্য: এই সপ্তাহত আপোনাৰ স্বাস্থ্য সিমান ভালে নাযাব। সন্তুলিত আহাৰ গ্ৰহণ নকৰাৰ বাবে আৰু সমসয়মতে খোৱা-বোৱা নকৰাৰ বাবে আপুনি পাচন সম্পৰ্কীয় সমস্যাত ভূগিব পাৰে। আপোনাৰ ভৰি আৰু কঁকালৰ বিষ হোৱাৰ আশংকা আছে।

উপায়: দৈনিক 41 বাৰ 'ঔঁ কেতৱে নমঃ' মন্ত্ৰ জপ কৰক।

মূলাংক 8

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 8, 17 বা 26 তাৰিখে হৈছে)

এই মূলাংকৰ জাতকসকল যথেষ্ট প্ৰতিশ্ৰুতিৱদ্ধ হয় আৰু এই সপ্তাহত তেওঁলোকে এই কথাৰ ওপৰতে অধিক গুৰুত্ব প্ৰদান কৰে। আপুনি কেৰিয়াৰৰ ক্ষতেৰ্ত এনেবোৰ নতুন সুযোগৰ সন্ধান কৰিব পাৰে যাৰদ্বাৰা আপুনি সন্তুষ্টি লাভ কৰিব আৰু আপোনাৰ ইচ্ছাসমূহ পূৰণ হ’ব। ইয়াৰ উপৰিও আপুনি জীৱনত উন্নতি আৰু বিকাশ লাভ কৰাৰ কথা ভাবিব পাৰে।

প্ৰেম জীৱন: আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ মাজত প্ৰেম-ভালপোৱা হ্ৰাস পাব পাৰে। পৰিয়ালত চলি থকা সমস্য়া আৰু পাৰস্পৰিক বুজাবুজিৰ অভাৱৰ বাবে আপোনালোক দুয়োৰে মাজৰ দূৰত্ব বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে। এই সপ্তাহত আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ সম্পৰ্ক কিছু দুৰ্বল হ’ব পাৰে আৰু ই আপোনালোকৰ সম্পৰ্কৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে। ইয়াৰ ফলস্বৰূপে আপুনি নিজৰ ফালৰপৰা কিছু সামঞ্জস্য স্থাপন কৰিবলৈ চেষ্টা কৰাটো প্ৰয়োজনীয় হ’ব।

শিক্ষা: যদিহে আপুনি ইঞ্জিনিয়াৰিং বা এৰোন’টিক্সৰ দৰে বিষয় অধ্যয়ন কৰি আছে তেনেহ’লে এই সময়খিনিত আপোনাৰ প্ৰদৰ্শন কিছু দুৰ্বল হ’ব পাৰে আৰু আপুনি অধ্যয়নত নিজৰ দক্ষতাসমূহ প্ৰদৰ্শন কৰাত পিছ পৰি থাকিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত শীৰ্ষস্থানত উপনীত হ’বৰ বাবে আৰু ভাল প্ৰদৰ্শন কৰিবৰ বাবে আপুনি নিজৰ মূল্যায়ন কৰাৰ যথেষ্ট প্ৰয়োজন আছে।

বৃত্তিগত জীৱন: অংক জ্যোতিষ অনুসৰিএই সময়খিনিত আপুনি কৰ্মক্ষেত্ৰত নিজৰ সহকৰ্মী আৰু জ্যেষ্ঠ্য সহকৰ্মীসকলৰ বাবে সমস্যাৰ সম্মুকীন হ’ব পাৰে। ইয়াৰ কাৰণে আপোনাৰ হাতৰপৰা নিজৰ দক্ষতাসমূহ প্ৰদৰ্শন কৰাৰ সুযোগ হেৰাই যাব পাৰে। ব্যৱসায়ত আপোনাৰ প্ৰদৰ্শন বেয়া হোৱাৰ সম্ভাৱনা আছে আৰু আপুনি নিজৰ প্ৰত্যাশা অনুসৰি লাভ প্ৰাপ্ত কৰিব নোৱাৰিব পাৰে।

স্বাস্থ্য: এই সপ্তাহত আপুনি চাপৰ বাবে ভৰি আৰু পিঠিৰ বিষৰ সম্মুখীন হ’ব পাৰে। আপুনি নিজৰ ওপৰত অধিক বোজা নল’ব। স্বাস্থ্যৱান হৈ থাকিবৰ বাবে যোগ আৰু ধ্যানৰ সহায় লওক।

উপায়: দৈনিক 11 বাৰ 'ঔঁ হনুমতে নমঃ' মন্ত্ৰ জপ কৰক।

কেৰিয়াৰক লৈ হৈ আছে টেনশ্যন! এতিয়াই অৰ্ডাৰ কৰক কগ্নিএষ্ট্ৰো প্ৰতিৱেদন

মূলাংক 9

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 9, 18 বা 27 তাৰিখে হৈছে)

এই সপ্তাহত মূলাংক 9 ৰ জাতকসকলৰ মনোযোগ নিজৰ বিকাশ আৰু প্ৰগতিৰ ওপৰত কেন্দ্ৰীভূত হ’ব। আপুনি সম্পত্তিত বিনিয়োগ কৰি নিজৰ সা-সম্পত্তি বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। আপুনি নিজৰ ভাতৃ-ভগ্নীৰ সৈতে নিজৰ সম্পৰ্ক ভাল কৰিবৰ বাবে প্ৰচেষ্টা কৰিব। এই সময়খিনিত আপুনি নিজকে স্বাস্থ্যৱান কৰি ৰখাৰ প্ৰতি আগ্ৰহী হৈ পৰিব।

প্ৰেম জীৱন: আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ মাজত অহংকাৰৰ ফলস্বৰূপে সমস্যাৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ ফলস্বৰূপে আপোনালোক দুয়োৰে মাজৰ প্ৰেম-ভালপোৱা হ্ৰাস পাব পাৰে। এই কাৰণবশতঃ আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ মাজৰ পাৰস্পৰিক বুজাবুজিৰ অভাৱ হ’ব পাৰে আৰু পাৰস্পৰিক মিলামিছাও কম হ’ব পাৰে।

শিক্ষা: এই সপ্তাহত শিক্ষাৰ্থীসকলে শিক্ষাৰ ক্ষেত্ৰত নিজৰ বুদ্ধিমত্তা প্ৰদৰ্শন কৰাত আৰু উন্নতি লাভ কৰাত ব্যৰ্থ হ’ব পাৰে। আপুনি যি মনত ৰাখিছিল সেয়াও পাহৰি যোৱাৰ সম্ভাৱনা আছে। আপুনি চিভিল ইঞ্জিনিয়াৰিং বা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ দৰে বিষয়ৰ অধ্যয়ন কৰিব পাৰে। অৱশ্যে আপুনি এই বিষয়বোৰত উন্নতি লাভ কৰাৰ সম্ভাৱনা যথেষ্ট কম।

বৃত্তিগত জীৱন: এই সপ্তাহত কামৰ বোজা বৃদ্ধি হোৱাৰ বাবে নিজৰ কৰ্মক্ষেত্ৰত কিছু ভুল হ’ব পাৰে। ইয়াৰপৰা বাছিবৰ বাবে আৰু নিজৰ কামৰ নিৰন্তৰতা বজাই ৰাখিবৰ বাবে আপুনি পৰিকল্পনা কৰি আগবঢ়াৰ প্ৰয়োজন আছে। ব্যৱসায়ীসকলে পেছাদাৰী মনোভাৱ পোষণ কৰি কাম নকৰাৰ বাবে আৰু পৰিকল্পনা প্ৰস্তুত নকৰাৰ বাবে লোকচানৰ সম্মুখীন হ’ব পাৰে।

স্বাস্থ্য: এই সময়খিনিত চাপৰ বাবে আপোনাৰ মূৰৰ বিষ হ’ব পাৰে। আপোনাৰ উচ্চ ৰক্তচাপৰ সমস্যাও হ’ব পাৰে। স্বাস্থ্যৱান হৈ থাকিবৰ বাবে আপুনি যোগ আৰু ধ্যান কৰক।

উপায়: মঙ্গল গ্ৰহক সন্তুষ্ট কৰিবৰ বাবে মঙ্গলবাৰে যজ্ঞ-হোম কৰক।

সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক: এষ্ট্ৰোচেজ অনলাইন শ্বপিং ষ্টোৰ

আমি আশা কৰিছোঁ যে আপুনি আমাৰ এই ব্লগটো নিশ্চয় পছন্দ কৰিছে। যদিহে এনে হয় তেনেহ’লেআপুনি ইয়াক নিজৰ শুভাকাংক্ষীসকলৰ সৈতে শ্যেয়াৰ কৰক। ধন্যবাদ!

Astrological services for accurate answers and better feature

33% off

Dhruv Astro Software - 1 Year

'Dhruv Astro Software' brings you the most advanced astrology software features, delivered from Cloud.

Brihat Horoscope
What will you get in 250+ pages Colored Brihat Horoscope.
Finance
Are money matters a reason for the dark-circles under your eyes?
Ask A Question
Is there any question or problem lingering.
Career / Job
Worried about your career? don't know what is.
AstroSage Year Book
AstroSage Yearbook is a channel to fulfill your dreams and destiny.
Career Counselling
The CogniAstro Career Counselling Report is the most comprehensive report available on this topic.

Astrological remedies to get rid of your problems

Red Coral / Moonga
(3 Carat)

Ward off evil spirits and strengthen Mars.

Gemstones
Buy Genuine Gemstones at Best Prices.
Yantras
Energised Yantras for You.
Rudraksha
Original Rudraksha to Bless Your Way.
Feng Shui
Bring Good Luck to your Place with Feng Shui.
Mala
Praise the Lord with Divine Energies of Mala.
Jadi (Tree Roots)
Keep Your Place Holy with Jadi.

Buy Brihat Horoscope

250+ pages @ Rs. 599/-

Brihat Horoscope

AstroSage on MobileAll Mobile Apps

Buy Gemstones

Best quality gemstones with assurance of AstroSage.com

Buy Yantras

Take advantage of Yantra with assurance of AstroSage.com

Buy Feng Shui

Bring Good Luck to your Place with Feng Shui.from AstroSage.com

Buy Rudraksh

Best quality Rudraksh with assurance of AstroSage.com
Call NowTalk to
Astrologer
Chat NowChat with
Astrologer