টেৰ’ কাৰ্ড ভৱিষ্যতবাণী 2024

টেৰ’ কাৰ্ড ভৱিষ্যতবাণী 2024 ৰ এই বিশেষ প্ৰৱন্ধটো আমি আমাৰ পাঠকসকলৰ বাবে লৈ আহিছোঁ যাৰ জৰিয়তে আপুনি টেৰ’ কাৰ্ড অনুসৰি আগন্তুক বৰ্ষটো আপোনাৰ বাবে কেনে হ’ব সেয়াজানিব পাৰিব। জ্যোতিষ, হস্তৰেখা বিজ্ঞান, অংক জ্য়োতিষ আদিৰ দৰেই টেৰ’ ও হৈছে ভৱিষ্যতবাণীৰ বাবে সদায় এক অন্যতম প্ৰাথমিক উপকৰণ।

টেৰ’ৰ ইতিহাস যথেষ্ট প্ৰাচীন যাৰ অস্তিত্ব প্ৰায় 1400 দশকৰপৰা দেখিবলৈ পোৱা যায়। টেৰ’ৰ ইতিহাসৰ বিষয়ে আমি আগলৈ বিস্তাৰিতভাৱে জানিম। এই বিশেষ প্ৰৱন্ধটোত আমি গোটেই 12 টা ৰাশিৰ ওপৰত গুৰুত্ব আৰোপ কৰিম আৰু এই ৰাশিৰ জাতকসকলৰ জীৱনৰ বিভিন্ন ক্ষেত্ৰসমূহ যেনে সম্পৰ্ক, শিক্ষা, বৃত্তিগত জীৱন, স্বাস্থ্য আৰু আৰ্থিক দিশত টেৰ’ৰ ভৱিষ্যতবাণীয়ে কি কয় সেয়া জানিব পাৰিম। টেৰ’ কাৰ্ড ভৱিষ্যতবাণী 2024 প্ৰৱন্ধটো আপোনাৰ বৰ্ষ 2024 ৰ বাবে নিজৰ জীৱনৰ প্ৰধান পৰিকল্পনাসমূহ প্ৰস্তুত কৰিবৰ বাবে সহায়ক প্ৰমাণিত হ’ব। তেতিয়াহ’লে আহক অপেক্ষা নকৰি আগবাঢ়ি যাওঁ আৰু টেৰ’ৰ এই পৃথিৱীখনত প্ৰৱেশ কৰোঁ আৰু2024 বৰ্ষটো আপোনাৰ বাবে কেনে হ’ব সেই বিষয়ে অৱগত হওঁ।

Click Here To Read In English: 2024 Tarot Reading

বৰ্ষ 2024 ত আপোনাৰ ভাগ্য উদয় হ’ব নে বিদ্বান জ্যোতিষীসকলৰ সৈতে ফোনত কথা পাতক আৰু জানক এই প্ৰশ্নৰ উত্তৰ

টেৰ’ৰ উৎপত্তি কেতিয়া আৰু কেনেকৈ হৈছিল সেই বিষয়ে কোনো সঠিক তথ্য পোৱা নাযায় কিন্তু বিশ্বাস কৰা হয় যে ইয়াৰ উৎপত্তি1400 ৰ দশকত ইউৰোপৰ ইটালী আৰু তাৰ আশে-পাশে হৈছিল। টেৰ’ 78 কাৰ্ডৰ এনে এটাডেক য’ত প্ৰধান ভাগটোত 22 খন কাৰ্ড আৰু আনটো ভাগত 56 খন কাৰ্ডৰ হিচাপত ইয়াত দুটা ভাগত বিভাজিত কৰা হয় যাক চুট কাৰ্ড হিচাপে জনা যায়। প্ৰত্যেককে চাৰিটা ভাগত ভাগ কৰা হয় যি ভিন ভিন তত্ত্বক প্ৰদৰ্শিত কৰে যেনে ছড়ী (ব’ণ্ডচ্) য়ে অগ্নিক দৰ্শায়, কাপ (কপ্স) য়ে পানীক দৰ্শায়, তৰোৱাল(শ্বৰ্ডচ্) য়ে বায়ুক দৰ্শায় আৰু পেণ্টাকল্স-য়ে পৃথিৱীক দৰ্শায়। টেৰ’ কাৰ্ডৰ সকলো কাৰ্ডত বিস্তৃত,ৰঙীণ আৰু অৰ্থপূৰ্ণ চিত্ৰ চিত্ৰিত কৰা থাকে।

টেৰ’ই অতি সোনকালেই সেই সময়ত ৰহস্যবাদীসকলৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিছিল। এনে পৰিস্থিতিত, তেওঁলোকে ভৱিষ্যত গণনা কৰিবৰ বাবে টেৰ’ কাৰ্ডৰ ব্যৱহাৰ কৰা আৰম্ভ কৰিছিল। অৱশ্যে, মধ্যযুগত, টেৰ’ক যাদুবিদ্যাৰ সৈতে সম্পৰ্কিত বুলি গণ্য কৰা হৈছিল আৰু ইয়াৰ ফলত টেৰ’ৰ খ্যাতি আৰু বিশৃংখলতা হ্ৰাস পোৱা দেখা গৈছিল কিয়নো বৃহৎ পৰিমাণৰ লোকে ইয়াক ত্যাগ কৰিছিল। অৱশ্যে, একবিংশ শতিকাত, টেৰ’ পুণৰ চৰ্চালৈ আহিছে। ই যোৱা কেইটামান দশকত আৰু অধিক খ্যাতি অৰ্জন কৰিছে আৰু এতিয়া সমগ্ৰ বিশ্বত আৰু আনকি ভাৰততো ৰহস্যবাদী আৰু ভৱিষ্যতবক্তাসকলৰ দ্বাৰা ইয়াৰ সক্ৰিয় ৰূপত শিক্ষা গ্ৰহণ কৰা, বিশ্বাস কৰা আৰু ব্যৱহাৰ হোৱা আৰম্ভ হ’বলৈ ধৰিছে।

টেৰ’ৰ ইতিহাসৰ বিষয়ে জনাৰ পিছত, আহক এই ৰহস্যময় পৃথিৱীখনৰ ভিতৰলৈ আৰু অলপ আগবাঢ়ি যাওঁ আৰুটেৰ’ কাৰ্ড ভৱিষ্যতবাণী 2024 ৰ সহায়ত 12 টা ৰাশিৰ জাতকসকলৰ বাবে আগন্তুক 2024 বৰ্ষটো কেনে হ’ব সেই বিষয়ে অৱগত হওঁ।

मेष राशि

মেষ ৰাশি হৈছে ৰাশিচক্ৰৰ প্ৰথম ৰাশি। ই মঙ্গল গ্ৰহৰ শাসনাধীন আৰু ইয়াৰ শক্তি হৈছে অগ্নি তত্ত্বৰ। ইয়াক প্ৰায়ে ব’ণ্ডচ্ কাৰ্ডৰ দ্বাৰা দৰ্শিতকৰা হয়। মেষ ৰাশিৰ লোকসকল বিপদাশংকা গ্ৰহণকাৰী, দুঃসাহসী স্বভাৱৰ আৰু আত্মবিশ্বাসী হয় আৰু তেওঁলোকৰ মাজত প্ৰাকৃতিকভাৱে এক নেতৃত্ব দিয়া গুণ পৰিলক্ষিত হয় যি তেওঁলোকক দ সম্ৰাট মেজৰ আৰ্কানা কাৰ্ডৰ দৰেআনৰ পৰা পৃথক কৰে। মেষ ৰাশিৰ লোকসকল বিদ্ৰোহী স্বভাৱৰ হয় আৰু সমাজৰ সামাজিক নিয়মৰ বিপৰীতে যাব বিচাৰে।তেনেহ’লে আহক টেৰ’ কাৰ্ড ভৱিষ্যতবাণী 2024 য়ে মেষ ৰাশিৰ জাতকসকলৰ বাবে কি ভৱিষ্যতবাণী কৰিছে সেই বিষয়ে অৱগত হওঁ।

মেষ ৰাশিৰ জাতকসকলে এই বছৰ যথেষ্ট মৰম আৰু পাৰিবাৰিক সম্প্ৰীতি লাভ কৰাৰ যোগ আছে। আপুনি অতি শীঘ্ৰেই এগৰাকী বিশেষ ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা আছে যাৰ সৈতে আপুনি ভৱিষ্যতে একেলগ হ’ব পাৰে, থিতাপি ল'ব বিচাৰে, আৰু বিবাহপাশত আৱদ্ধ হ’ব পাৰে। এই বছৰ, আপোনাৰ বাবে বিবাহৰ শক্তিশালী সম্ভাৱনা দেখা যায়। যিসকল লোক ইতিমধ্যে বিবাহিত তেওঁলোকে এই বৰ্ষটোত সুখময় আৰু আনন্দদায়ক সময় উপভোগ কৰিব।বৰ্ষ 2024 ত আপোনাৰ আৰ্থিক স্থিতি উৎকৃষ্ট হ’ব। এই বৰ্ষটোত আপুনি ঘৰ ক্ৰয় কৰাত বা ৰিয়েল ইষ্টেটত বিনিয়োগ কৰিব পাৰে। মেষ ৰাশিৰ জাতকসকলৰ বাবে গুৰুত্বপূৰ্ণ কথাটো হ’ল যে আপুনি নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব আৰু নিজৰ অন্তৰাত্মাৰ কথা মতে আগবাঢ়িব লাগিব। এই বৰ্ষটো আপোনাৰ বাবে যথেষ্ট লাভ প্ৰদানকাৰী আৰু ফলদায়ক হ’ব। নতুন বৰ্ষটো বিশেষভাৱে সেইসকল লোকৰ বাবে শুভ হ’ব যি সেনা বা পুলিচৰ চাকৰিৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষা প্ৰস্তুতি কৰি আছে। মেষ ৰাশিৰ জাতকসকলে এই বৰ্ষত কামৰ ক্ষেত্ৰত আনন্দ উপভোগ কৰা দেখা যাব। নতুন কাম আৰু প্ৰত্যাহ্বান থকা স্বত্বেও নিজৰ বৃত্তিৰ প্ৰতি আপোনাৰ উৎসাহ আৰু প্ৰেম বৃদ্ধি পাব। এই বৰ্ষত উপাৰ্জনৰো নতুন সুযোগ লাভ কৰিব পাৰে। মেষ ৰাশিৰ জাতকসকলে এই বছৰটোৰ আৰম্ভণিত আৰম্ভ কৰা বৃত্তি, ব্যৱসায় বা পৰিযোজনাৰ শুভ ফল প্ৰাপ্ত কৰিব।

শুভ ৰং : ৰঙা

ভাগ্যশালী ক্ৰিষ্টেল: ব্ৰ’ঞ্জাইট

বৃষ ৰাশি

বৃষ ৰাশি হৈছে ৰাশিচক্ৰৰ দ্বিতীয় ৰাশি আৰু এই ৰাশিটোক যথেষ্ট ব্যৱহাৰিক আৰু স্থিৰ ৰাশি হিচাপে গণ্য কৰা হয়। বৃষ ৰাশিৰ জাতকসকল জেদী আৰু দৃঢ় স্বভাৱৰ হয়।এই ৰাশিৰ জাতকসকল যথাৰ্থবাদী, শিপাৰ লগত জড়িত আৰু বিনম্ৰ স্বভাৱৰ হয়। বৃষ ৰাশিৰ জাতকসকলৰ সৰ্বোচ্চ হেঁপাহ হৈছে স্থিৰতাৰ আকাংক্ষা।

টেৰ’ কাৰ্ড ভৱিষ্যতবাণী 2024 অনুসৰি বৃষ ৰাশিৰ জাতকসকলৰ বাবে এই বৰ্ষটো যথেষ্ট অনুকূল হ’ব। এই সময়ছোৱাত আপুনি আনন্দময় আৰু উৎসাহপূৰ্ণ প্ৰেম জীৱন উপভোগ কৰিব পাৰিব। আপুনি গম্ভীৰ আৰু দীৰ্ঘকালীন সম্পৰ্কৰ সন্ধানত থাকিব পাৰে আৰু কেৱল মনোৰঞ্জন বাবে আপুনি সম্পৰ্ক গঢ়ি নোতোলাৰ সম্ভাৱনা আছে। আৰ্থিক জীৱনৰ ক্ষেত্ৰত দেখা যায় আপুনি প্ৰসিদ্ধ তথা সুসংস্থাপিত সংস্থাত নিজৰ ধন সুৰক্ষিত কৰি ৰখা উচিত। যদিহে আপুনি কোনো ধৰণৰ সমস্যাৰপৰা বাচিব বিচাৰে তেনেহ’লে জুৱাৰ দৰে কামত হাত নিদিব। ইয়াৰ বাহিৰে ধন উপাৰ্জন কৰিবৰ বাবে চাইদ বিজনেচ কৰোঁতে সাৱধান হ’ব। এই বৰ্ষথ আপোনাৰ স্বাস্থ্যও ভালে থাকিব।বৃষ ৰাশিৰ জাতকসকল বিজ্ঞান, তথ্য, আৰু ধৰ্ম আদি বিষয়ত অধিক আগ্ৰহী হৈ পৰিব পাৰে আৰু সেই বিষয়বোৰ শিকিবৰ বাবে ইচ্ছা কৰিব পাৰে। বৰ্ষ 2024 ত আপুনি কোনো কাৰিকৰী আৱিষ্কাৰৰ সৈতে জড়িত হ’ব পাৰে সেয়েহে গুপ্ত বিজ্ঞান বা জ্যোতিষ শিকিব বিচাৰে যদি এই বৰ্ষটো ইয়াৰ বাবে উত্তম হ’ব। বৃষ ৰাশিৰ জাতকসকল 2024 বৰ্ষত অধিকাংশ সময়ত নিজৰ কামৰ ক্ষেত্ৰত বাধাৰ সম্মুখীন হ’ব পাৰে আৰু ইয়াৰ ফলস্বৰূপে আপুনি বহুতো যাত্ৰা কৰিবলগীয়া হ’ব পাৰে। অৱশ্যে যদিহে আপুনি যাত্ৰা নকৰে তেনেহ’লে গোটেই বৰ্ষটো আপুনি কামত যথেষ্ট ব্যস্ত হৈ থাকিব। বৃষ ৰাশিৰ জাতকসকল এই বৰ্ষত নিজৰ কামসমূহ সম্পন্ন কৰিবৰ বাবে অধিক অধিকাৰ আৰু শক্তিশালী হৈ থাকিবয

শুভ ৰং : পাতল গুলপীয়া

ভাগ্যশালী ক্ৰিষ্টেল: পান্না

মিথুন ৰাশি

টেৰ’ কাৰ্ড ভৱিষ্যতবাণী 2024 অনুসৰি মিথুন ৰাশিৰ জাতকসকলৰ জীৱনলৈ 2024 বৰ্ষত বহুতো অপ্ৰত্যাশিত পৰিৱৰ্তন অহাৰ সম্ভাৱনা আছে। বিশেষকৈ যদিহে আপুনি প্ৰৱন্ধনৰ কামৰ সৈতে জড়িত তেনেহ’লে আপোনাৰ জীৱনলৈ এই পৰিৱৰ্তন নিশ্চিত ৰূপত আহিব। আপোনাৰ মুখ্য প্ৰতিদন্দীসকলে গোপনে কোনো ডাঙৰ পৰিৱৰ্তনৰ প্ৰস্তুতি কৰি থাকিব পাৰে আৰু এনে কাৰ্য্যবাহী ঘোষিত হোৱাৰ পিছত আপোনাৰ জীৱনত অপ্ৰত্যাশিত পৰিৱৰ্তন দেখা যাব। উদাহৰণস্বৰূপে ক’ব পাৰি যে নিৰ্দেশক বা উচ্চস্তৰীয় প্ৰৱন্ধকে নিজৰ কাম আনৰ হাতত সপি দি আকস্মিকভাৱে সেৱনিবৃত হ’ব পাৰে।

ৰোমাঞ্চ আৰু পাৰিবাৰিক দিশৰ ক্ষেত্ৰত দেখা যায় যে 2024 বৰ্ষটো অনুকূল প্ৰমাণিত হ’ব। মিথুন ৰাশিৰ অবিবাহিত জাতকসকলে অতি শীঘ্ৰেই কোনো বিশেষ ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা আছে আৰু তেওঁৰ সৈতে আপুনি ঘৰ বন্ধাৰ আৰু বিবাহ পাশত আৱদ্ধ হোৱাৰ আশা কৰিব পাৰে। ইয়াৰ উপৰিও 2024 বৰ্ষত প্ৰেমৰ সম্পৰ্কত থকা জাতকসকলে বিবাহৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। বৰ্ষ 2024 ত মিথুন ৰাশিৰ জাতকসকল স্বাস্থ্যজনিত সমস্যাৰ সম্মুখীন হ’ব পাৰে আৰু এই বৰ্ষত ইটোৰ পিছত সিটো সমস্যাই দেখা দিয়াৰো সম্ভাৱনা আছে। অৱশ্যে ভাল কথাটো হ’ল যে আপুনি এটা এটাকৈ সকলো সমস্যা সমাধান কৰিব পাৰিব। এই বৰ্ষতবৃক্ক বা হাঁওফাঁওৰ সৈতে জড়িত ৰোগ, বাইপ’লাৰ ডিজঅৰ্ডাৰ, এঞ্জাইটি, আদিৰ দৰে সমস্যা আপোনাৰ জীৱনলৈ অহাৰ আশংকা কৰা হৈছে। এই ৰাশিৰ যিসকল জাতকে গণিত বা বিত্তৰ অধ্যয়ন কৰি আছে তেওঁলোকৰ বাবে বৰ্ষ 2024 সাধাৰণ হ’ব কিন্তু যদিহে আপুনি গণসংযোগ আৰু ডিজাইনিঙৰ দৰে সৃষ্টিশীল পাঠ্যক্ৰমৰ সৈতে জড়িত তেনেহ’লে আপুনি নিজৰ বিচাৰসমূহ আনৰ দৃষ্টিগোচৰ কৰিবলৈ কিছু সমস্যাৰ সম্মুখীন হ’ব লাগিব। মিথুন ৰাশিৰ জাতকসকলে বিদেশত চাকৰি লাভ কৰাৰ প্ৰৱল সম্ভাৱনা আছে।এই বৰ্ষত মিথুন ৰাশিৰ জাতকসকলৰ পদ বা বিভাগৰ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে। যদিহে আপুনি চাকৰি বিচাৰি আছে আৰু সেইক্ষেত্ৰত সম্পূৰ্ণ চেষ্টা কৰি আছে তেনেহ’লে কোনো ভাল আৰু নতুন চাকৰিৰ প্ৰস্তাৱ আপোনাৰ সম্মুখলৈ অহাৰ সম্ভাৱনা আছে।

শুভ ৰং : সেউজীয়া

ভাগ্যশালী ক্ৰিষ্টেল: চাৰ্পেণ্টাইন

বৃহৎ কুণ্ডলী : জানক গ্ৰহসমূহৰ আপোনাৰ জীৱনত প্ৰভাৱ আৰু উপায়

কৰ্কট ৰাশি

কৰ্কট ৰাশি চন্দ্ৰমা গ্ৰহৰ শাসনাধিষ্ঠ হয় যাক এক অত্যন্ত শীতল জল তত্ত্বৰ ৰাশি হিচাপে গণ্য কৰা হয়। কৰ্কট ৰাশিৰ জাতকসকলৰ মাজত অন্তৰ্জ্ঞানৰ প্ৰৱল ভাৱনা দেখিবলৈ পোৱা যায় আৰু লগতে তেওঁলোক নিজৰ চৌপাশৰ বস্তুবোৰৰ প্ৰতি সজাগ হৈ থাকে। টেৰ’ কাৰ্ড ভৱিষ্যতবাণী 2024 অনুসৰি কৰ্কট ৰাশিৰ জাতকসকলে এই বৰ্ষত বহুতো উত্থান-পতন দেখা পোৱাৰ সম্ভাৱনা আছে।

কৰ্কট ৰাশিৰ জাতকসকলে নিজৰ সম্পৰ্কৰ ক্ষেত্ৰত বাঘজৰী হাতত লোৱাৰ সময় আহি পৰিছে আৰু এই সময়ছোৱাত আপুনি নিজৰ প্ৰেম জীৱনৰপৰা আচলতে কি বিচাৰে সেয়া সুনিশ্চিত কৰিব লাগিব। প্ৰেম টেৰ’ ৰিডীঙে আপোনাক এই বৰ্ষত নিজৰ উদ্দেশ্য নিৰ্দ্ধাৰিত কৰাৰ পিছতহে কোনো সিদ্ধান্ত গ্ৰহণ কৰিবৰ বাবে সংকেত প্ৰদান কৰিছে। যেতিয়া আপুনি নিজৰ প্ৰেম জীৱনৰ দায়িত্বসমূহ চম্ভালি ল’ব তেতিয়া আপুনি নিশ্চিত ৰূপত লাভাম্বিত হ’ব। এই বৰ্ষত আপুনি নিজৰ আকাংক্ষাসমূহ কিছু নমনীয় কৰাৰ লগতে পুণঃ নিৰীক্ষণ কৰাৰ আৱশ্যকতা আছে আৰু এনেদৰে আপুনি নিজৰ বাবে সুৰক্ষিত আৰ্থিক স্থিতি গঢ় দিয়াৰ ক্ষেত্ৰত সফল হ’ব। অৱশ্যে যদিহে আপুনি নিজৰ আৰ্থিক পৰিস্থিতি চম্ভালি লোৱাত আৰু পৰিকল্পনা প্ৰস্তুত কৰাত অসফল হয় তেতিয়া আপুনি লোকচানৰ সম্মুখীন হ’ব পাৰে। এয়া সম্পূৰ্ণৰূপে ইয়াৰ ওপৰত নিৰ্ভৰ কৰে যে আপুনি নিজৰ সম্মুখলৈ অহা পৰিস্থিতিসমূহ কেনেধৰণে চম্ভালি লয়।এই বৰ্ষত আপুনি নিজৰ মনোযোগ কেন্দ্ৰিত কৰি ৰাখিবৰ বাবে অধিক কষ্ট কৰিব লাগিব কাৰণ আপুনি প্ৰাপ্ত কৰা কাৰ্ডে এনেধৰণৰেই সংকেত প্ৰদান কৰিছে। আপুনি নিজৰ উদ্দেশ্যৰপৰা বিচলিত হোৱাৰ বা ভ্ৰমিত হোৱাৰ প্ৰৱল সম্ভাৱনা আছে। কৰ্কট ৰাশিৰ জাতকসকলৰ বাবে 2024 বৰ্ষটো বৃত্তিগত দিশৰ ফালৰপৰা যথেষ্ট ব্যস্ততাপূৰ্ণ হ’ব। এই বৰ্ষত আপোনাৰ ওপৰত বহুতো কাম ন্যস্ত কৰা হ’ব পাৰে যাৰ ফলত আপোনাৰ কাৰ্য্যভাৰ যথেষ্ট বৃদ্ধি হ’ব। আপোনাৰ নিজৰ সহকৰ্মীসকলৰ সৈতে ভুল বুজাবুজি হ’ব পাৰে।

শুভ ৰং : नींबू पीला

ভাগ্যশালী ক্ৰিষ্টেল: স্ম’কী কোৱাৰ্টজ্

সিংহ ৰাশি

টেৰ’ কাৰ্ড ভৱিষ্যতবাণী 2024 য়ে এই সংকেত প্ৰদান কৰিছে যে সিংহ ৰাশিৰ জাতকসকলৰ বাবে বৰ্ষ 2024 যথেষ্ট ভাগ্যশালী আৰু শুভ হ’ব। এই বৰ্ষটোৱে আপোনাৰ জীৱনলৈ বহুতো পৰিৱৰ্তন লৈ আহিব আৰু আপোনাৰ আকংক্ষাসমূহ বাস্তৱত পৰিণত হ’ব। আপুনি বহু বছৰৰপৰা সঞ্চিত কৰা নিজৰ সম্পত্তিৰপৰা ধন উপাৰ্জন কৰাৰ পৰিকল্পনা এই বৰ্ষত কৰিব পাৰে যাৰ ফলত আপুনি লাভাম্বিত হ’ব।

সিংহ ৰাশিৰ জাতকসকলৰ প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত দেখা যায় নতুন সম্পৰ্ক আৰম্ভ কৰিবৰ বাবে অথবা চলি থকা সম্পৰ্ক সমাপ্ত কৰিবৰ বাবে বৰ্ষ 2024 সহায়ক প্ৰমাণিত হ’ব পাৰে। আপুনি নিজকে অধিক অনুকূল আৰু সহযোগী কৰি তুলিবৰ বাবে নিজৰ পুৰণা ব্যৱহাৰ, দৃষ্টিকোণ আৰু চিন্তা-ধাৰণাৰ কিছু পৰিৱৰ্তন কৰাৰ আৱশ্যকতা আছে। নিজৰ জীৱনসঙ্গীৰ ক্ষেত্ৰত অত্যাধিক কঠোৰ বা সমালোচনাত্মক নহ’বলৈ চেষ্টা কৰক। পাৰিবাৰিক পৰিস্থিতিসমূহ শান্তিপূৰ্ণ আৰু সৌহাদ্যপূৰ্ণ কৰি ৰাখিবৰ বাবে বিবাদ আৰু হাই-কাজিয়াৰপৰা আতৰি থকাৰ চেষ্টা কৰক। এই বৰ্ষত আপুনি আৰ্থিক ক্ষেত্ৰত স্থিৰ আৰু আৰামদায়ক স্থিতিত থকা পৰিলক্ষিত হ’ব। ইয়াৰ অৰ্থ হৈছে আপুনি নিজৰ আৰ্থিক সিদ্ধান্ত আৰু বিকল্পসমূহক লৈ যথেষ্ট বুদ্ধিমান আৰু স্থিৰতাৰে সিদ্ধান্ত গ্ৰহণ কৰা উচিত। আপোনাৰ সিদ্ধান্তসমূহৰ ওপত আপোনাৰ নিয়ন্ত্ৰণ আৰু অনুশাসনে আপোনাক সমৃদ্ধ তথা ইতিবাচক ফল প্ৰাপ্ত কৰাত সহায় কৰিব।অনুসৰি সিংহ ৰাশিৰ শিক্ষাৰ্থীসকলৰ বৰ্ষ 2024 এক আশাব্যঞ্জক আৰু বিকাশশীল বৰ্ষ হিচাপে প্ৰমাণিত হ’ব।যিসকল লোকে আইএএছ আৰু আইপিএছ পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰি আছে অথবা ৰাজনীতি-বিজ্ঞানৰ অধ্যয়ন কৰি আছে তেওঁলোকে এই বৰ্ষটোত সফলতা প্ৰাপ্ত কৰাৰ যোগ আছে। এই বৰ্ষত আপুনি কোনো নতুন সৃষ্টিশীল ব্যৱসায়, প্ৰজেক্ট, বা চাকৰি আৰম্ভ কৰিব পাৰে যাক লৈ আপুনি যথেষ্ট আৱেগিক হ’ব আৰু যাৰ বিষয়ে আপুনি বহুদিনৰপৰা ভাবি আছিল। যদিহে আপুুনি এই সময়ছোৱাৰ যিমান পাৰে সুপ্ৰয়োগ কৰিবলৈ সক্ষম হয় তেনেহ’লেসৃষ্টিশীল চিন্তাই আপোনাক ব্যৱসাত সফলতা প্ৰদান কৰিব আৰু আপুনি যথেষ্ট লাভাম্বিত হ’ব।

শুভ ৰং : ডাঠ কমলা

ভাগ্যশালী ক্ৰিষ্টেল: হালধীয়া কোৱাৰ্টজ্

কন্যা ৰাশি

টেৰ’ কাৰ্ড ভৱিষ্যতবাণী 2024 য়ে সংকেত প্ৰদান কৰিছে যে এই বৰ্ষত কন্যা ৰাশিৰ জাতকসকলে সংশয়, আমনি আৰু অসন্তুষ্টিৰ সম্মুখীন হ’ব পাৰে। বৰ্ষ 2024 ত কন্যা ৰাশিৰ জাতকসকলে সিমান ভাল অনুভৱ নকৰবি পাৰে অথবা তেওঁলোকৰ বাবে যেন একোৱেই ভাল হোৱা নাই সেই অনুভৱ হ’ব পাৰে। আপুনি নিৰন্তৰ ভয়, অসুৰক্ষিত মনোভাৱ আৰু নিয়ন্ত্ৰণ হোৱাৰ প্ৰচেষ্টাত নিজকে পাব পাৰে।ডেভিল কাৰ্ডে এই সংকেত প্ৰদান কৰিছে যে কন্যা ৰাশিৰ জাতকসকল এই বৰ্ষতঅনৈতিক কামত জড়িত হ’লে তাৰ ফলত তেওঁলোক ডাঙৰ সমস্যাৰ সম্মুখীন হ’ব।

2024বৰ্ষত প্ৰেমৰ ক্ষেত্ৰতকন্যা ৰাশিৰ জাতকসকলে ভাগ্যৰ সমৰ্থন নাপাব। এই ৰাশিৰ অবিবাহিত পুৰুষসকলৰ ফেশ্বন আৰু আকৰ্ষণৰ প্ৰতি ভাল জ্ঞান আছে আৰু ফলস্বৰূপে, তেওঁলোকে বিপৰীত লিংগৰ যথেষ্ট মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হয়। কিন্তু কন্যা ৰাশিৰ মহিলাসকলৰ ক্ষেত্ৰত পৰামৰ্শ প্ৰদান কৰা হৈছে যে, নিজৰ জীৱনসঙ্গীৰ সন্মুখত যিমান সম্ভৱ মুকলিকৈ ভালপোৱা আৰু অনুভূতি প্ৰকাশ ৰা উচিত। অৱশ্যে আপুনি এনে লোকৰপৰা সাৱধানে থাকিব লাগিব যিসকলে আপোনাৰ সৈতে সম্পৰ্কত সোমাবৰ বাবে মিছা মাতিব পাৰে। এই ৰাশিৰ বিবাহিত লোকসকলে তেওঁলোকৰ জীৱনসঙ্গীৰ অনুভূতি আৰু মনোভাৱৰ প্ৰতি সাৱধানতা অৱলম্বন কৰা উচিত। এই বছৰ আপোনাৰ আৰ্থিক দিশ সুৰক্ষিত হৈ থাকিব আৰু আপুনি চাপমুক্ত অনুভৱ কৰিব। আপুনি আৰ্থিকভাৱে ভাল সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে নিজকে এক স্থিৰ স্থিতিলৈ আনিবলৈ সক্ষম হ’ব। আপুনি এক সমৃদ্ধ জীৱন যাপন কৰিব আৰু আপুনি ভাল ফলাফল প্ৰাপ্ত কৰিব কিয়নো আপুনি দীৰ্ঘদিন ধৰি নিজকে শৃংখলাবদ্ধ কৰি আহিছে আৰু লগতে নিজৰ সিদ্ধান্ত লোৱাৰ ক্ষমতাকো যথেষ্ট পৰিমাণে নিয়ন্ত্ৰণ কৰিছে। বছৰটোৰ অধিকাংশ সময় আপুনি আপোনাৰ স্বাস্থ্যৰ বিষয়ে চিন্তা কৰাৰ প্ৰয়োজন নহয় আৰু আপুনি কোনো স্বাস্থ্য সম্পৰ্কীয় সমস্যা অবিহনে আৰোগ্য হৈ থাকিবললৈ সক্ষম হ'ব। প্ৰিয় কন্যা ৰাশিৰ শিক্ষাৰ্থীসকল, যদিহে আপুনি বিত্ত আৰু সংখ্যাৰ অধ্যয়ন কৰি আছে, তেনেহ’লে এই বছৰটো আপোনাৰ বাবে অনুকূল হ'ব। অৱশ্যে, যদি আপুনি গণসংযোগৰ দৰে সৃষ্টিশীল বিষয় অধ্যয়ন কৰি আছে তেনেহ'লে আপুনি আপোনাৰ ধাৰণাবোৰ আনৰ সম্মুখত উপস্থাপন কৰাত কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে।

ডেভিল কাৰ্ডে সূচিত কৰে যে কন্যা ৰাশিৰ জাতকসকল তেওঁলোকৰ বৰ্তমানৰ কেৰিয়াৰত অসন্তুষ্ট হৈ থাকিব পাৰে আৰু এনে পৰিস্থিতিত, আপুনি ইয়াৰ পৰা বাহিৰ হোৱাৰ সুযোগৰ সন্ধান কৰিব। এই বছৰ, উদ্বেগ আৰু নিৰাপত্তাহীনতাৰ অনুভূতিয়ে কন্যা ৰাশিৰ জাতকসকলক বিচলিত কৰিব পাৰে, যাৰ বাবে আপুনি নিজৰ বৰ্তমানৰ চাকৰি এৰাৰ কথা ভাবিব।

শুভ ৰং : পাতল সেউজীয়া

ভাগ্যশালী ক্ৰিষ্টেল: অমেঞ্জনাইট

লাভ কৰক আপোনাৰ কুণ্ডলী আধাৰিত সঠিক শনি প্ৰতিৱেদন

তুলা ৰাশি

তুলা ৰাশিৰ জাতকসকলৰ ওপৰত শুক্ৰ গ্ৰহৰ শাসন থাকে আৰু আপুনি সন্তুলনৰ প্ৰতি অধিক মনোযোগ দিয়ে। তুলা ৰাশিৰ জাতকসকলে সন্তুলনৰ প্ৰতীকক যথেষ্ট পছন্দ কৰে যি তুলা ৰাশিৰ প্ৰতিনিধিত্ব কৰে। টেৰ’ কাৰ্ড ভৱিষ্যতবাণী 2024 অনুসৰি তুলা ৰাশিৰ জাতকসকলৰ বাবে 2024 বৰ্ষটো কঠোৰ প্ৰচেষ্টা আৰু অধ্যৱসায়ৰ বৰ্ষ হ’ব। অধিক প্ৰচেষ্টা কৰাৰ ফলত আপোনাৰ সফলতা বৃদ্ধি হ’ব। যথেষ্ট লাভ প্ৰাপ্ত কৰাৰ যোগ আছে। বিশেষকৈ সেইসকল জাতকৰ যিসকল ব্যৱসায়িক ক্ষেত্ৰৰ সৈতে জড়িত। এই বৰ্ষটোত আপুনি চাপমুক্ত হৈ থাকিব নোৱাৰিব। আপুনি বৰ্ষটোৰ অধিকাংশ সময়ত আপুনি অধিক প্ৰচেষ্টা কৰি থকা দেখা যাব। আপোনাৰ ব্যৱসায়ৰ বাবে বা কোনো ব্যৱসায়ৰ বাবে কাম কৰি থকাৰ সময়ত তাক পৰিচালনা কৰাৰ ক্ষেত্ৰত, পৰিকল্পনা বনোৱাৰ ক্ষেত্ৰত আৰু এক ৰূপৰেখা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত এই বৰ্ষটো সহায়ক প্ৰমাণিত হ’ব। অৱশ্যে তুলা ৰাশিৰ জাতকসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ মনোযোগ দিয়াৰ আৱশ্যকতা আছে।

এই বৰ্ষত তুলা ৰাশিৰ অবিবাহিত জাতকসকলৰ জীৱনলৈ প্ৰেম অহাৰ সম্ভাৱনা আছে কিন্তু আপোনাৰ আচৰণে তাত বাধাৰ প্ৰদান কৰাৰো সম্ভাৱনা আছে আৰু আপুনি যাৰ সন্ধানত আছে সেয়া আপুনি প্ৰাপ্ত কৰিব নোৱাৰিব পাৰে। আপুনি কাৰো ওপৰতেই সম্পূৰ্ণ ৰূপে ভৰষা কৰিব নোৱাৰিব। তুলা ৰাশিৰ জাতকসকলে এনে অনুভৱ কৰিব যেন তেওঁৰ সম্পৰ্কলৈ পুণৰ জিলিকনি ঘূৰি আহিছে আৰু তেওঁ নিজৰ জীৱনসঙ্গীৰ সৈতে আনন্দ উপভোগ কৰা দেখা যাব। স্বাস্থ্যৰ ক্ষেত্ৰত দেখা যায় যে এই বৰ্ষটো আপোনাৰ বাবে ভাল হ’ব। এই বৰ্ষত আপুনি বেমাৰৰপৰা সকাহ লাভ কৰিব। সুস্বাস্থ্যৱান হৈ থাকিবৰ বাবে আৰু নিজৰ স্বাস্থ্যজনিত সমস্যাসমূহৰপৰা পৰিত্ৰাণ লাভ কৰিবৰ বাবে আপুনি কিছুমান বাহিৰা কাৰ্য্যকলাপ যেনে খোজকঢ়া, দৌৰা বা কোনো খেলত অংশগ্ৰহণ কৰা আদিবোৰ কৰা উচিত। বৰ্ষ 2024 ত আৰ্থিক দিশতো কোনো সমস্যা অহাৰ সম্ভাৱনা দেখা নাযায়। যদিহে আপুনি শিক্ষাৰ ক্ষেত্ৰত সফল হ’ব বিচাৰে তেনেহ’লে 2024 বৰ্ষত কঠোৰ পৰিশ্ৰম আৰু প্ৰয়াস কৰিব লাগিব। কঠোৰ পৰিশ্ৰম, একাগ্ৰতা আৰু প্ৰয়াসৰদ্বাৰাহে আপুনি নিজৰ পঢ়া-শুনাত মনোযোগ কেন্দ্ৰিত কৰিবলৈ সক্ষম হ’ব আৰু ইয়াৰদ্বাৰা ভৱিষ্যতৰ বাবে আপুনি অধ্যয়নৰ পৰিকল্পনা কৰিব পাৰিব। এই বৰ্ষত আপোনাৰ জীৱনলৈ কেৰিয়াৰৰ ক্ষেত্ৰত বহুতো সুযোগ আহিব। আপুনি কোনো নতুন পদ, নতুন চাকৰি লাভ কৰাৰ অথবা আপোনাৰ কামৰ কোনো পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে। বিদেশলৈ যাবৰ বাবেও এই বৰ্ষটো অনুকূল হ’ব আৰু কোনো সৰু যাত্ৰাত যাবৰ বাবেও এই সময়ছোৱা অনুকূল হ’ব। বিদেশলৈ যাবৰ বাবে বা তাত চাকৰি কৰিবৰ বাবে সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে।

শুভ ৰং : বগা

ভাগ্যশালী ক্ৰিষ্টেল: ৰ’জ কোৱাৰ্টজ্

বৃশ্চিক ৰাশি

টেৰ’ কাৰ্ড ভৱিষ্যতবাণী 2024 অনুসৰি বৃশ্চিক ৰাশিৰ জাতকসকলৰ বাবে 2024 বৰ্ষটো এটা অতি ব্যস্ততাপূৰ্ণ বৰ্ষ হ’ব। আপোনাৰ জীৱনলৈ এই বৰ্ষটোত বহুতো সুযোগ আহিব। মুঠতে এই কথাত নিশ্চিত থাকক যে যোৱাটো বৰ্ষৰ তুলনাত এই বৰ্ষটো বহুগুণে ভাল হ’ব। এই বৰ্ষত পৰিস্থিতি যথেষ্ট ইতিবাচক আৰু আশাব্যঞ্জক হ’ব। ই এই কথাৰো সংকেত দিয়ে যে আপোনাৰ ব্যস্ততা বৃদ্ধি হ’ব। লগতে আপোনাৰ কামৰ বোজা বৃদ্ধি পাব। আপোনাৰ বৃত্তিগত আৰু সামাজিক জীৱন যোৱাটো বৰ্ষৰ তুলনাত অধিক ইতিবাচক তথা সক্ৰিয় হ’ব। কৰ্মক্ষেত্ৰৰ স্থিতি উন্নত হোৱা দেখা যাব।

বৃশ্চিক ৰাশিৰ জাতকসকলে এই বৰ্ষত নিজৰ কোনো পুৰণি প্ৰেমাস্পদ বা পুৰণা বন্ধু/বান্ধৱীক পুণৰ লগ পাব পাৰে। অৱশ্যে আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব কাৰণ এনেধৰণৰ প্ৰেমে সদায় এই কথাৰ সংকেত প্ৰদান কৰে যে এই সম্পৰ্ক স্থায়ী নহয়। বৃশ্চিক ৰাশিৰ অবিবাহিত জাতকসকলৰ বাবে এই বৰ্ষৰ সময়খিনি অনুকূল হ’ব। আপুনি সামাজিক মিলা-মিছা বৃদ্ধি কৰিব যাৰ ফলত আপুনি অধিক মানুহৰ সৈতে মিলিত হ’ব। এনে পৰিস্থিতিত আপুনি প্ৰেমৰ সম্পৰ্কত সোমোৱাৰো অধিক সম্ভাৱনা দেখা যায়। এই বৰ্ষত আপোনাৰ আৰ্থিক দিশটো কিছু প্ৰত্যাহ্বানজনক হ’ব পাৰে। এই কথাৰ অৰ্থ হৈছে যে আপুনি এই বৰ্ষত ধন উপাৰ্জন কৰিব কিন্তু আপুনি সেই ধন সঞ্চয় কৰিব নোৱাৰিব। আপোনাৰ সম্মুখলৈ এই বৰ্ত অপ্ৰত্যাশিত ব্যয় বাৰে বাৰে আহিব পাৰে। বৃশ্চিক ৰাশিৰ জাতকসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি অধিক সচেতন হোৱাৰ আৱশ্যকতা আছে কাৰণ আপুনি পাচন সম্পৰ্কীয় সমস্যা, পেটৰ সংক্ৰমণ, কাহ-পানীলগা, আৰু মেদবহুলতা আদি স্বাস্থ্যজনিত সমস্যাৰ সম্মুখীন হ’ব পাৰে। বৃশ্চিক ৰাশিৰ শিক্ষাৰ্থীসকলক পৰামৰ্শ প্ৰদান কৰা হৈছে যে তেওঁলোকে নিজৰ সময় কোনোপধ্যে অবাবত নষ্ট কৰা উচিত নহয়। অলাগতীয়াল কথাত সময় নষ্ট নকৰিব, এইবোৰৰপৰা আতৰি থাকক আৰু নিজৰ সম্পূৰ্ণ মনোযোগ নিজৰ শিক্ষা আৰু ব্যৱসায়িক বিকাশৰ ওপৰত কেন্দ্ৰিত কৰক। কাৰণ যদিহে আপুনি এই বৰ্ষত কঠোৰ পৰিশ্ৰম কৰে তেনেহ’লে আপুনি ইয়াৰ ফল নিশ্চয় প্ৰাপ্ত কৰিব। বৃশ্চিক ৰাশিৰ জাতকসকলে এই বৰ্ষত কৰ্মক্ষেত্ৰত বহুতো ভাল আৰু সোণালী সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। অৱশ্যে এনে সুযোগে বহুতো উত্থান-পতনো লৈ আহিব পাৰে। কৰ্মক্ষেত্ৰত বিভিন্ন ধৰণৰ যড়যন্ত্ৰ হ’ব পাৰে যি আপোনাৰ ভাৱমূৰ্ত্তি নষ্ট কৰিব পাৰে। অৱশ্যে সূৰ্য্য নিজৰ পক্ষত থকাৰ বাবে বৃশ্চিক ৰাশিৰ জাতকসকলে নিজৰ বচ, জ্যেষ্ঠ্য বিষয়াসকলৰ সমৰ্থন লাভ কৰিব আৰু আপুনি যিকোনো ধৰণৰ সমস্যা বা অপ্ৰিয় পৰিৱেশৰপৰা বাহিৰ ওলাই আহিবলৈ সক্ষম হ’ব।

শুভ ৰং: ক’লা

ভাগ্যশালী ক্ৰিষ্টেল: হালধীয়া গোমেদ

ধনু ৰাশি

ধনু ৰাশিৰ জাতকসকলৰ ওপৰত বৃহস্পতি গ্ৰহৰ শাসন থাকে আৰু ইয়াক এক অগ্নি ৰাশিচিহ্ন হিচাপে গণ্য কৰা হয়। টেৰ’ কাৰ্ড ভৱিষ্যতবাণী 2024 অনুসৰি ধনু ৰাশিৰ জাতকসকলে এই বৰ্ষত নিজৰ ব্যক্তিগত জীৱনত বহুতো পৰিৱৰ্তনৰ সম্মুখীন হোৱাৰ সম্ভাৱনা আছে। আপুনি বৰ্ষটোৰ আৰম্ভণিতে এই পৰিৱৰ্তনসমূহৰ বাবে কিছু চাপপূৰ্ণ অনুভৱ কৰিব পাৰে কিন্তু লাহে-লাহে বৰ্ষটো আগবাঢ়ি যোৱাৰ লগে লগে আপুনি বুজিব পাৰিব যে এই পৰিৱৰ্তনে আপোনাৰ বাবে উন্নতি বা বিকাশ কঢ়িয়াই আনিব।

ধনু ৰাশিৰ জাতকসকলৰ বাবে এই বৰ্ষটো ৰোমাঞ্চৰ ক্ষেত্ৰত অনুকূল হ’ব। কাৰণ এই বৰ্ষত আপোনাৰ বহুকেইগৰাকী প্ৰশংসক থাকিব। এই ৰাশিৰ অবিবাহিত জাতকসকলে নিজৰ ৰূচি আৰু পছন্দৰ মিল থকা কোনো ব্যক্তিক লগ পাব পাৰে আৰু এই সাদৃশ্যই আপোনালোকক পৰস্পৰৰ কাষ চপাই আনিব পাৰে। যিসকল লোক পূৰ্বৰেপৰাই প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোক তৃতীয় ব্যক্তিৰপৰা সাৱধানে থকা উচিত কাৰণ আপোনাতকৈ সৰু কোনো ব্যক্তিয়ে আপোনাৰ প্ৰেম জীৱনত বাধা প্ৰদান কৰিব পাৰে।এই বছৰ আপোনাৰ আৰ্থিক পৰিস্থিতি যথেষ্ট ভাল হ'ব। আপোনাৰ উপাৰ্জনৰ বহুতো উৎস মুকলি হ’ব। স্বাস্থ্যৰ ক্ষেত্ৰত, আপুনি এক ভাল অৱস্থাত থাকিব আৰু সুস্থ তথা সতেজ অনুভৱ কৰিব। যদিহে আপুনি দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল, তেনেহ’লে এই বছৰ আপুনি আপোনাৰ উদ্যম, শক্তি আৰু সুস্বাস্থ্য ঘূৰাই পাব। ধনু ৰাশিৰ শিক্ষাৰ্থীসকলে 2024 বৰ্ষত যদিহে কোনো বিশ্ববিদ্যালয়, বিদেশী বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ বা উচ্চ শিক্ষাৰ অধ্যয়নৰ বাবে নাম ভৰ্তি কৰিব বিচাৰে, তেনেহ’লে আপুনি অনুকূল বাৰ্ত্তা লাভ কৰিব। অৱশ্যে, ধনু ৰাশিৰ শিক্ষাৰ্থীসকলে বছৰৰ প্ৰথমাৰ্দ্ধত পঢ়া-শুনাত অধিক মনোযোগ দিয়া উচিত কিয়নো এই সময়ছোৱাত আপোনাৰ মনোযোগ ভংগ হ’ব পাৰে, যাৰ ফলত আপুনি আপোনাৰ লক্ষ্যত উপনীত হোৱাত ব্যৰ্থ হ'ব পাৰে। ধনু ৰাশিৰ জাতকসকল এই বছৰ নিজৰ বৃত্তিগত জীৱনক লৈ খুব এটা সন্তুষ্ট হ'ব নোৱাৰিব। আপুনি দীৰ্ঘদিন ধৰি কাম কৰি থকা বা সংযোজিত হৈ থকা ক্ষেত্ৰখন বা কোম্পানীৰ পৰা ওলাই আহিব বিচাৰিব। আপুনি নিজাকৈ কোনো কাম আৰম্ভ কৰিব পাৰে। এনে পৰিস্থিতিত, 2024 বৰ্ষটো এক প্ৰকাৰৰ পৰিৱৰ্তনৰ বছৰ হ'ব। এই বছৰত কাৰ্ডে এক নতুন ব্যৱসায়িক উদ্যম, কোনো নতুন চাকৰি, পৰিকল্পনা আৰু বিনিয়োগৰ আৰম্ভণিক সূচিত কৰে।

শুভ ৰং : ডাঠ হালধীয়া

ভাগ্যশালী ক্ৰিষ্টেল: ফিৰোজা

কেৰিয়াৰক লৈ হৈ আছে টেনশ্যন! এতিয়াই অৰ্ডাৰ কৰক কগ্নিএষ্ট্ৰো প্ৰতিৱেদন

মকৰ ৰাশি

মকৰ ৰাশি হৈছে শনি গ্ৰহৰ দ্বাৰা শাসিত এক ৰাশি।টেৰ’ কাৰ্ড ভৱিষ্যতবাণী 2024 অনুসৰি, 2024 বৰ্ষত মকৰ ৰাশিৰ জাতকসকলৰ জীৱনৰ প্ৰায় সকলোবোৰ দিশতে কিছুমান গুৰুত্বপূৰ্ণ পৰিৱৰ্তন পৰিলক্ষিত হ’ব। আপোনাৰ কেৰিয়াৰ বা চাকৰি সলনি হ'ব পাৰে। আপুনি কামৰ সন্দৰ্ভত বিদেশলৈ যাব পাৰে অথবা আপোনাৰ স্থানান্তৰ হ’ব পাৰে বা কৰ্মক্ষেত্ৰৰে আন এটা বিভাগলৈ আভ্যন্তৰীণভাৱে স্থানান্তৰ হ’ব পাৰে, যাৰ ফলত চাকৰিৰ পৰিসৰ সলনি হ'ব। মকৰ ৰাশিৰ লোকসকলক স্বাৰ্থপৰ আৰু তেওঁলোকৰ ধাৰণা চুৰি কৰিবলৈ চেষ্টা কৰা লোকসকলৰপৰা সাৱধান হ'বলৈ পৰামৰ্শ দিয়া হৈছে।

2024বৰ্ষটো ৰোমাঞ্চৰ বাবে বৰ অনুকূল নহ'ব। এই ৰাশিৰ অবিবাহিত লোকসকলৰ বহু লোকৰ সৈতে ৰোমান্টিক সম্পৰ্ক হ'ব পাৰে কিন্তু আপোনাক পৰামৰ্শ প্ৰদান কৰা হৈছে যে আপুনি যাতে কোনো ধৰণে সম্পৰ্কত সোমাবলৈ খৰখেদা নকৰে। যদি আপুনি সম্পৰ্কৰ ক্ষেত্ৰত খৰধৰ কৰে, তেন্তে এই সম্পৰ্ক বেছি দিন নাথাকিব। মকৰ ৰাশিৰ মহিলাসক সম্পৰ্কৰ ক্ষেত্ৰত বিশেষভাৱে সাৱধান হোৱা উচিত কিয়নো আপুনি প্ৰতাৰিত হোৱাৰ সম্ভাৱনা অধিক। বিবাহিত লোকসকলে তেওঁলোকৰ জীৱনসঙ্গীৰ অনুভূতিৰ প্ৰতি অধিক সাৱধান হোৱাৰ প্ৰয়োজন আছে।টেৰ’ কাৰ্ড ভৱিষ্যতবাণী 2024 অনুসৰি, 2024 বৰ্ষটো মকৰ ৰাশিৰ লোকসকলৰ বাবে অত্যন্ত ভাল হ'ব। এই বছৰত আপোনাৰ জীৱনলৈ সম্পদৰ ধাৰাষাৰ আগমন ঘটিব। 2024 বৰ্ষত, আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি কিছু মনোযোগ দিব লাগিব কিয়নো আপুনি স্বাস্থ্যৰ প্ৰতি গুৰুত্বহীন হোৱাটো উচিত নহয়। খাদ্যৰ প্ৰতি অসাৱধান নহ'ব আৰু জাংক ফুডৰ ব্যৱহাৰ সীমিত হিচাপত ৰাখক, এক শৃংখলাবদ্ধ জীৱন অনুসৰণ কৰাৰ লগতে এক স্বাস্থ্যকৰ জীৱনশৈলী গ্ৰহণ কৰিব। অৱশ্যে সৰু-সুৰা সমস্যাই দেখা দিব পাৰে। বছৰৰ দ্বিতীয়াৰ্দ্ধত, মকৰ ৰাশিৰ শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নত অধিক গুৰুত্ব দিব লাগিব কিয়নো আপুনি এইক্ষেত্ৰত অন্যমনস্ক হোৱাৰ সম্ভাৱনা আছে আৰু আপোনাৰ অৱহেলাৰ বাবে ভুল হ'ব পাৰে, যাৰ নেতিবাচক প্ৰভাৱে আপোনাৰ গ্ৰে'ড আৰু আপোনাৰ কঠোৰ পৰিশ্ৰমক পোনপটীয়াকৈ প্ৰভাৱিত কৰিব পাৰে। এই বছৰটো চিকিৎসা বিজ্ঞানৰ অধ্যয়ন কৰি থকা শিক্ষাৰ্থীসকলৰ বাবে ভাল হ'ব। এই বছৰটো আপোনাৰ বাবে কৰা বা মৰা ধৰণৰ বছৰ হিচাপে প্ৰমাণিত হ'ব। নতুন চাকৰি, কেৰিয়াৰ পৰিৱৰ্তন বা নতুন ব্যৱসায় আৰম্ভ কৰিবৰ বাবে এই বৰ্ষটো হৈছে সৰ্বশ্ৰেষ্ঠ সময়। যদিহে আপুনি কোনো নতুন উদ্যোগ, ব্যৱসায় বা শৈক্ষিক পাঠ্যক্ৰম আৰম্ভ কৰিব বিচাৰে বা আৰম্ভ কৰাৰ কথা চিন্তা কৰি আছে, তেনেহ'লে আপুনি এইক্ষেত্ৰত আগবাঢ়ি যোৱা উচিত।

শুভ ৰং : বেঙুনীয়া

ভাগ্যশালী ক্ৰিষ্টেল: মুনষ্ট’ন

কুম্ভ ৰাশি

টেৰ’ কাৰ্ড ভৱিষ্যতবাণী 2024 অনুসৰি, কুম্ভ ৰাশি হৈছে এটা অতি স্বতন্ত্ৰ ৰাশি আৰু ইয়াক অনুশাসনৰ গ্ৰহ শনিৰ সৈতে সম্পৰ্কিত বুলি গণ্য কৰা হয়। ইয়াৰ বাহিৰেও, এই ৰাশিচিহ্নটো সৃষ্টিশীল আৰু এই ৰাশিৰ লোকসকলৰ চিন্তা-ধাৰণাবোৰ যথেষ্ট সুন্দৰ হয়। সাধাৰণতে, এই ৰাশিৰ লোকসকলে ইণ্টেৰিয়ৰ ডিজাইনিং বা তেওঁলোকৰ ঘৰৰ সাজ-সজ্জা সুন্দৰ কৰি তোলাৰ প্ৰতি আগ্ৰহী হয় আৰু ঘৰখনক সদায়ে পৰিস্কাৰ-পৰিচ্ছন্ন কৰি ৰাখে। এখন উন্নত সমাজ গঢ়ি তোলাৰ প্ৰতি তেওঁলোক আগ্ৰহী হয় আৰু তেওঁলোকৰ দৃষ্টিভংগীৰ তেওঁলোকৰ পৰিয়াল আৰু ঘনিষ্ঠ বন্ধু-বৰ্গৰ সৈতে মিল নাথাকে। ইয়াৰ বাহিৰেও, কুম্ভ ৰাশিৰ লোকসকলক এই বছৰ অবিশ্বাস্যভাৱে উচ্চাকাংক্ষী হোৱা দেখা যাব আৰু কেৰিয়াৰৰ উদ্দেশ্য পূৰণ কৰাৰ বাবে তেওঁলোকে সকলোখিনি সম্ভৱপৰ প্ৰচেষ্টা কৰিব।

টেৰ’ কাৰ্ড ভৱিষ্যতবাণী2024অনুসৰি, এই বছৰটো আপোনাৰ বাবে আটাইতকৈ ৰোমান্টিক আৰু আৱেগিক বছৰ হিচাপে প্ৰমাণিত হোৱাৰ সম্ভাৱনা আছে। কুম্ভ ৰাশিৰ অকলশৰীয়া লোকসকলে এই বছৰ ৰোমান্টিক কিন্তু মেজাজী লোকৰ সৈতে লগ হোৱাৰ সম্ভাৱনা আছে। এনে ব্যক্তিসকল সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত কিছু অসাৱধান হ'ব পাৰে। যিসকল লোক পূৰ্বৰেপৰাই সম্পৰ্কত আছে তেওঁলোক অত্যন্ত আৱেগিক হৈ পৰিব পাৰে। এই বছৰ, পুৰুষসকল তেওঁলোকৰ সঙ্গীৰ প্ৰতি অধিক ৰোমান্টিক আৰু মৰমীয়াল হৈ পৰিব পাৰে। অৱশ্যে, দম্পতীসকলৰ মাজত যুক্তি-তৰ্ক হোৱাৰো সম্ভাৱনা আছে। কুম্ভ ৰাশিৰ যুৱকসকলে তেওঁলোকৰ আৱেগ ভালদৰে নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হ’ব পাৰে। কুম্ভ ৰাশিৰ বিবাহিত লোকসকলৰ বিষয়ে ক'ব পৰা যায় যে, আপুনি এই বছৰ পৰিয়ালৰ সৈতে ভাল আৰু মিঠা ফল প্ৰাপ্ত কৰিব পাৰিব। আৰ্থিক দিশৰ ক্ষেত্ৰত দেখা যায়, এই বছৰ আপোনাৰ জীৱনলৈ বিশেষ কোনো সমস্যাৰ আগমন নঘটে কিয়নো আপুনি এই বছৰ আপোনাৰ আৰ্থিক আৰু ভৌতিক লক্ষ্যসমূহ সহজে পূৰণ হ'ব। আপুনি অধিক দৰমহা আৰু ভাল লাভ উপাৰ্জন কৰিব। কুম্ভ ৰাশিৰ কোনো কোনো লোকে শ্বেয়াৰ বজাৰৰ জৰিয়তে ধন উপাৰ্জন কৰিবলৈ সক্ষম হোৱাৰ সম্ভাৱনা আছে। এই ৰাশিচক্রৰ কোনো কোনো লোকৰ স্বাস্থ্য বছৰটোৰ বেছিভাগ সময়ত ভালে হ'ব।কুম্ভ ৰাশিৰ শিক্ষাৰ্থীসকলে 2024 বৰ্ষত নিজৰ প্ৰচেষ্টাৰদ্বাৰা সম্ভৱতঃ আকাংক্ষিত ফলাফল প্ৰাপ্ত কৰিব পাৰিব যি আপোনাক নিজৰ লক্ষ্যত উপনীত হ’বৰ বাবে ভৱিষ্যতে আৰু অধিক প্ৰচেষ্টা কৰিবলৈ অনুপ্ৰাণিত কৰিব। এই বছৰ, ডাটা চায়েঞ্চ, একাউণ্টেন্সি, গণ সংযোগ, থিয়েটাৰ, অভিনয় বা যিকোনো ভাষাৰ পাঠ্যক্ৰম অধ্যয়ন কৰি থকা শিক্ষাৰ্থীসকল লাভান্বিত হ'ব। কুম্ভ ৰাশিৰ শিক্ষাৰ্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাতো অসাধাৰণ প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। কুম্ভ ৰাশিৰ জাতকসকল কেৰিয়াৰৰ বিভিন্ন সুযোগৰ সন্ধান আৰম্ভ কৰিব পাৰে বা তেওঁলোকে নিজৰ বৰ্তমানৰ স্থিতি উপভোগ কৰিব পাৰে। কুম্ভ ৰাশিৰ জাতকসকলে এই বছৰ কৰ্মক্ষেত্ৰত কোনো নতুন চাকৰি বা কাৰ্য্যভাৰ লাভ কৰিব পাৰে। যদিহে কুম্ভ ৰাশিৰ জাতকসকল কোনো নতুন বস্তুৰ সন্ধানত আছে, তেনেহ'লে তেওঁলোকে সম্ভৱতঃ এই বছৰ সেয়া লাভ কৰিব পাৰে।টেৰ’ কাৰ্ড ভৱিষ্যতবাণী 2024 অনুসৰি, কুম্ভ ৰাশিৰ জাতকসকলৰ বাবে এই বছৰটোৱে কৰ্মক্ষেত্ৰত এক শুভ আৰম্ভণিৰ সংকেত প্ৰদান কৰে।

শুভ ৰং : পাতল নীলা

ভাগ্যশালী ক্ৰিষ্টেল: চানষ্ট’ন

মীন ৰাশি

টেৰ’ কাৰ্ড ভৱিষ্যতবাণী 2024অনুসৰি, মীন ৰাশিৰ ওপৰত শক্তিশালী গ্ৰহ বৃহস্পতিৰ দ্বাৰা শাসন থাকে। এই বছৰ 2024-ত মীন ৰাশিৰ জাতকসকলে তেওঁলোকৰ কাম সম্পূৰ্ণ কৰিবলৈ স্বাভাৱিকতকৈ অধিক পৰিশ্ৰম কৰিব লাগিব। আপোনাৰ জীৱনত এনে কিছুমান মুহূৰ্ত থাকিব পাৰে য’ত আপুনি নিজকে আৱদ্ধ হৈ পৰা যেন অনুভৱ কৰিব পাৰে আৰু আপোনাৰ বহুতো বস্তু আৱদ্ধ বা স্তব্ধ হৈ পৰা দেখিবলৈ পাব। সিদ্ধান্ত লোৱাৰ পথতো আপুনি বহুতো বাধাৰ সম্মুখীন হ’ব। আপোচ নকৰাকৈ সৰ্বশ্ৰেষ্ঠ ফলাফল পোৱাটো কঠিন। যদি আপুনি অত্যাধিক ত্যাগ নকৰে তেন্তে আপুনি এই বছৰ নিজৰ লক্ষ্য পূৰণ কৰাত ব্যৰ্থ হ'ব পাৰে।

এই বছৰটো মীন ৰাশিৰ জাতকসকলৰ বাবে সম্পৰ্কৰ ক্ষেত্ৰত ইতিবাচক আৰু এক আনন্দদায়ক বছৰ হ'ব। বছৰটো আগবাঢ়ি যোৱাৰ লগে লগে, আপুনি অনুকূল সময় প্ৰাপ্ত কৰিব। এই ৰাশিৰ অবিবাহিত লোকসকলৰ জীৱনলৈ এক নতুন প্ৰেমৰ আগমন ঘটাৰ দৃঢ় সম্ভাৱনা দেখা যায়। যদিহে আপুনি বৰ্তমান সম্পৰ্কত আছে, তেনেহ’লে আপুনি নিজকে তেওঁৰ প্ৰতি সমৰ্পিত কৰি ৰাখক, তেতিয়াহে পৰিস্থিতি উন্নত হ'ব আৰু আপোনালোকৰ সম্পৰ্ক পৰৱৰ্তী স্তৰত উপনীত হ'ব। বিবাহিত লোকসকলৰ ক্ষেত্ৰত দেখা যায়, আপোনালোকৰ সম্পৰ্কত প্ৰেম পুণৰ জাগ্ৰত হ'ব। আপোনাৰ বৈবাহিক জীৱন শক্তিশালী কৰি তুলিবলৈ, আপোনালোক দুয়ো ক্ৰুজত যোৱাৰ বা এনে কোনো ঠাইলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে য'ত আপোনালোকে পানীৰ সৈতে খেলি আনন্দ লভিব পাৰিব। এই বছৰ আপোনাৰ আৰ্থিক লক্ষ্যবোৰ কোনো সমস্যা নোহোৱাকৈ পূৰণ হ'ব আৰু আপুনি ভাল ধন উপাৰ্জন কৰিবলৈও সক্ষম হ'ব। আপুনি চাকৰিয়ালেই হওক বা ব্যৱসায়ীয়েই হওক, এই বছৰটো আৰ্থিক দিশৰ ক্ষেত্ৰত অনুকূল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত দেখা যায় আপোনাৰ সুস্বাস্থ্য অটুত ৰাখিবৰ বাবে তেলত ভজা খাদ্যৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে কিয়নো এই বছৰ আপোনাৰ বদহজম বা পাকস্থলী সম্পৰ্কীয় সমস্যা হ'ব পাৰে। ইয়াৰ বাহিৰেও, সঠিক ব্যায়াম কৰি থকা উচিত। অধিক পৰিমাণৰ পানী খাই থাকিব। মীন ৰাশিৰ লোকসকলে নিজৰ স্বভাৱৰৰ বাবে যিকোনো বিষয়ৰ গভীৰতালৈ যাব পাৰে আৰু এই কাৰণবশতঃ এই লোকসকল যথেষ্ট ধৈৰ্য্যশীল স্বভাৱৰ হয়। এইকাৰণেই প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অধ্যয়ন কৰি থকা, গৱেষণাৰ কামত জড়িত থকা বা শাস্ত্ৰী সাহিত্য আৰু ইতিহাসত পিএইচডি কৰিব বিচৰা মীন ৰাশিৰ শিক্ষাৰ্থীসকলৰ বাবে 2024 বৰ্ষটো উৎকৃষ্ট হ'ব। যদিহে আপুনি জ্যোতিষ, গুপ্ত বিজ্ঞান বা পৌৰাণিক গৱেষণাৰ প্ৰতি আগ্ৰহী, তেনেহ’লে আপুনি সফলতা লাভ কৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত 2024 বৰ্ষটো 2023 বৰ্ষৰ তুলনাত আপোনাৰ বাবে এক অধিক শক্তিশালী আৰু অনুকূল বছৰ হিচাপে প্ৰমাণিত হ'ব। আপোনাৰ ওপৰত অত্যাধিক কামৰ হেঁচা থাকিব পাৰে আৰু আপুনি কামৰ বাবে সঘনাই ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে। পদোন্নতিৰ বাবে দীৰ্ঘদিন ধৰি অপেক্ষা কৰি থকা মীন ৰাশিৰ লোকসকলৰ বাবে, এই বছৰটোৱে উন্নতি কঢ়িয়াই আনিব। লগতে, এই সময়ছোৱাত আপুনি আপোনাৰ জ্যেষ্ঠসকলৰ সহায় আৰু সমৰ্থন লাভ কৰিব।

শুভ ৰং : সোণালী বা কমলা

ভাগ্যশালী ক্ৰিষ্টেল: ৰঙা জেচ্পাৰ

সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক: এষ্ট্ৰোচেজ অনলাইন শ্বপিং ষ্টোৰ

আশা ৰাখিছোঁ যে আমাৰ এই প্ৰৱন্ধটো আপুনি নিশ্চয় ভাল পাইছে। এষ্ট্ৰোচেজৰ সৈতে সংযুক্ত হৈ থকাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ!

Astrological services for accurate answers and better feature

33% off

Dhruv Astro Software - 1 Year

'Dhruv Astro Software' brings you the most advanced astrology software features, delivered from Cloud.

Brihat Horoscope
What will you get in 250+ pages Colored Brihat Horoscope.
Finance
Are money matters a reason for the dark-circles under your eyes?
Ask A Question
Is there any question or problem lingering.
Career / Job
Worried about your career? don't know what is.
AstroSage Year Book
AstroSage Yearbook is a channel to fulfill your dreams and destiny.
Career Counselling
The CogniAstro Career Counselling Report is the most comprehensive report available on this topic.

Astrological remedies to get rid of your problems

Red Coral / Moonga
(3 Carat)

Ward off evil spirits and strengthen Mars.

Gemstones
Buy Genuine Gemstones at Best Prices.
Yantras
Energised Yantras for You.
Rudraksha
Original Rudraksha to Bless Your Way.
Feng Shui
Bring Good Luck to your Place with Feng Shui.
Mala
Praise the Lord with Divine Energies of Mala.
Jadi (Tree Roots)
Keep Your Place Holy with Jadi.

Buy Brihat Horoscope

250+ pages @ Rs. 599/-

Brihat Horoscope

AstroSage on MobileAll Mobile Apps

Buy Gemstones

Best quality gemstones with assurance of AstroSage.com

Buy Yantras

Take advantage of Yantra with assurance of AstroSage.com

Buy Feng Shui

Bring Good Luck to your Place with Feng Shui.from AstroSage.com

Buy Rudraksh

Best quality Rudraksh with assurance of AstroSage.com
Call NowTalk to
Astrologer
Chat NowChat with
Astrologer