মহাঅষ্টমী 2025
চ’ত আৰু শৰতৰ দুয়োটা নৱৰাত্ৰিতেই সপ্তমী, অষ্টমী আৰু নৱমীৰ বিশেষ গুৰুত্ব আছে। এই নটা দিনত দেৱী দুৰ্গাৰ নটা ভিন ভিন ৰূপক পূজা কৰা হয়। এই সময়খিনি আদি শক্তিৰ পৰম কৃপা লাভ কৰিবৰ বাবে সৰ্বশ্ৰেষ্ঠ হয়। অৱশ্যে, নৱৰাত্ৰিৰ অন্তিম দুদিন অৰ্থাৎ অষ্টমী আৰু নৱমীক যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে গণ্য কৰা হয়। এই দিনকেইটাত ঘৰে ঘৰে পূজা, হোম, কন্যা পূজন আদিৰ দৰে ধৰ্মীয় অনুষ্ঠান সম্পন্ন কৰা হয়। অৱশ্যে, ইয়াত আমি কথা পাতিম চৈত্ৰ নৱৰাত্ৰিৰ অষ্টমী তিথি সম্পৰ্কে। এষ্ট্ৰোচেজ এ’আই-ৰ এই প্ৰৱন্ধটোত আপোনাক চৈত্ৰ নৱৰাত্ৰিৰ অষ্টম দিন অৰ্থাৎ ‘অষ্টমী তিথি’ৰ সৈতে জড়িত সকলো তথ্য প্ৰদান কৰিব। লগতে, এই দিনটোত দেৱীৰ কোনটো ৰূপৰ পূজা কৰা হয়? এই দিনটোৰ কি মহত্ব, পূজাৰ মুহুৰ্ত, নিয়ম আৰু কথা আদি সম্পৰ্কে আপোনাক অৱগত কৰিম। তেনেহলে আহক আৰম্ভ কৰোঁ এই লেখাটোৰ আৰু জানোমহাঅষ্টমী2025সম্পৰ্কীয়সকলোবোৰ।
এয়াও পঢ়ক: ৰাশিফল 2025
পৃথিৱীৰ বিদ্বান জ্যোতিষীসকলৰ সৈতে কল/চাট্-ত কথা পাতক আৰু লাভ কৰক আপোনাৰ সন্তানৰ ভৱিষ্য়তৰ সৈতে জড়িত সকলোবোৰ তথ্য
চৈত্ৰ নৱৰাত্ৰি 2025 অষ্টম দিন: তিথি আৰু মুহুৰ্ত
বৰ্ষ 2025 ৰ চৈত্ৰ নৱৰাত্ৰিৰ আৰম্ভণি যথেষ্ট গুৰুত্বপূৰ্ণ কাৰণ ইয়াৰ এদিন পূৰ্বে বৰ্ষটোৰ প্ৰথম সূৰ্য্য গ্ৰহণ লাগিছে। অৱশ্যে, আজিৰ দিনটো অৰ্থাৎ অষ্টমী তিথিত মাতা মহাগৌৰীৰ উপাসনা কৰা হয় আৰু ব্ৰতো পালন কৰা হয়। মান্যতা আছে যে অষ্টমীত দেৱীৰ পূজন মানুহৰ লগতে দেৱ, দানৱ, গন্ধৰ্ব, নাগ, যক্ষ, কিন্নৰসকলেও কৰে। হিন্দু পঞ্চাংগ অনুসৰি, চৈত্ৰ শুক্ল পক্ষৰ অষ্টমী তিথিক মহাঅষ্টমীৰ ৰূপত পালন কৰা হয় আৰু এই বৰ্ষত মাতা মহাগৌৰীৰ পূজন আৰু ব্ৰত 05 এপ্ৰিল 2025 ত কৰা হ’ব। আহক তেনেহ’লে আগবাঢ়ি যাওঁ আৰু চৈত্ৰ নৱৰাত্ৰি 2025 ৰমহাঅষ্টমী2025তিথি সম্পৰ্কে জানো।
চৈত্ৰ নৱৰাত্ৰি 2025 ৰ অষ্টম দিন: 05 এপ্ৰিল 2025, শনিবাৰ
অষ্টমী তিথিৰ আৰম্ভণি: 04 এপ্ৰিলৰ ৰাতি 08 বাজি 15 মিনিটত
অষ্টমী তিথিৰ সমাপ্তি: 05 এপ্ৰিলৰ সন্ধিয়া 07 বাজি 29 মিনিট পৰ্য্যন্ত
টোকা: হিন্দু ধৰ্মত উদয়া তিথিক মহত্ব দিয়া হয় সেয়েহে উদয়া তিথি অনুসৰি, অষ্টমী তিথি 05 এপ্ৰিল 2025 ত পালন কৰা হ’ব।
কুণ্ডলী ত নিহিত হৈ আছে, আপোনাৰ জীৱনৰ সকলোবোৰ গোপন ৰহস্য, জানক গ্ৰহসমূহৰ গতি-বিধিৰ সম্পূৰ্ণ লেখ-জোখ
অষ্টমী তিথিত নিৰ্মাণ হ’ব এই অত্যন্ত শুভ যোগ
চৈত্ৰ নৱৰাত্ৰিৰ অষ্টমী তিথি অত্যন্ত বিশেষ হ’ব কাৰণ এই দিনটোত দুটা অত্যন্ত শুভ যোগ নিৰ্মাণ হ’ব। ক’ব বিচাৰিছোঁ যে অষ্টমী তিথিৰ আৰম্ভণি শোভন যোগত হ’ব আৰু আনফালে এই দিনটোত দুটা যোগ পূৰ্বৰেপৰাই নিৰ্মাণ হৈ আছে। অষ্টমী তিথি অৰ্থাৎ 05 এপ্ৰিল 2025 ত বুধাদিত্য যোগ আৰু পঞ্চগ্ৰহী যোগ নিৰ্মাণ হৈছে সেয়েহে এই শুভ যোগত মাতাৰ পূজা-অৰ্চণা কৰিলে আৰ্থিক সংকটৰ সমস্যা দূৰ হয়। আপুনি দেৱী দুৰ্গাৰ আশীৰ্বাদ প্ৰাপ্ত কৰিব। লগতে এই দিনটোত গ্ৰহৰ শান্তি পূজা কৰোৱাটো শ্ৰেষ্ঠ হ’ব।
কেনে হয় মা মহাগৌৰীৰ স্বৰূপ?
যদিহে ক’বলৈ যোৱা হয় আদিশক্তিৰ অষ্টম শক্তি মাতা মহাগৌৰীৰ স্বৰূপৰ বিষয়ে, তেনেহ’লে ক’ব পাৰি যে দেৱীৰ এই স্বৰূপটো হৈছে সম্পূৰ্ণ শ্বেত। এনেদৰে কোৱা হয় যে বৰ্ষ বৰ্ষ ধৰি দেৱীয়ে কঠোৰ তপস্যা কৰাৰ পিছত গৌৰ বৰ্ণ প্ৰাপ্ত কৰিছিল। এই ধৰণে, মাতাৰ অষ্টম স্বৰূপ মহাগৌৰী হৈছে শ্বেত বৰ্ণৰ, উজ্বল আৰু কোমল আৰু দেৱীয়ে নখন বগা ৰঙৰ বস্ত্ৰ ধাৰণ কৰে। মাতাৰ গীত-সংগীত হৈছে অত্যন্ত প্ৰিয় আৰু তেওঁৰ বাহন হৈছে বৃষভ। মাৰ হাত চাৰিখন আৰু সোঁহাত অভয় মুদ্ৰাত থাকে আৰু ত্ৰিশূল হৈ থাকে আনহাতে বাওঁ হাতত ডম্বৰু ধৰি থাকে আৰু এখন হাত অভয় মুদ্ৰাত থাকে। তেওঁৰ হাতত ডম্বৰু থকাৰ বাবে তেওঁৰ শিৱৰ নামৰ সৈতে সংযুক্ত কৰা হয়।
পৌৰাণিক মান্যতা অনুসৰি, মাতা মহাগৌৰী অৱতৰিত হোৱাৰ সময়ত দেৱীৰ আয়ুস 8 বৰ্ষ আছিল আৰু সেইকাৰণে চৈত্ৰ নৱৰাত্ৰিৰ অষ্টম তিথিত তেওঁৰ পূজা কৰাৰ পৰম্পৰা আছে। চअवतरितত মাহৰ শুক্ল পক্ষৰ অষ্টমী তিথিত মা মহাগৌৰীৰ পূজা-অৰ্চণা আৰু উপাসনা কৰাৰ ফলত ভক্তসকলে ধন-সমৃদ্ধি, সুখ-শান্তি আৰু বৈভৱৰ আশীৰ্বাদ প্ৰাপ্ত কৰে।
পাওক আপোনাৰ কুণ্ডলী আধাৰিত সঠিক শনি প্ৰতিৱেদন
মাতা মহাগৌৰীৰ জ্যোতিষীয় মহত্ব
সনাতন ধৰ্মত মা মহাগৌৰাক দেৱী দুৰ্গাৰ অষ্টম ৰূপ হিচাপে বিবেচনা কৰা হয়। অৱশ্যে, দেৱীৰ জ্যোতিষ শাস্ত্ৰতো বিশেষ স্থান আছে কাৰণ মাতা শক্তিৰ নটা স্বৰূপৰ মাজৰ প্ৰত্যেক স্বৰূপৰ সম্পৰ্ক কোনো এটা গ্ৰহৰ সৈতে আছে। এই ক্ৰমত মা মহাগৌৰীৰ সম্পৰ্ক ছাঁয়া গ্ৰহ ৰাহুৰ সৈতে আছে আৰু এই সম্পৰ্কই ৰাহুক নিয়ন্ত্ৰিত কৰে। যিসকল জাতকৰ কুণ্ডলীত ৰাহু গ্ৰহ অশুভ অথবা যি ৰাহুৰ অশুভ প্ৰভাৱৰ সম্মুখীন হৈ আছে তেওঁলোকৰ বাবে অষ্টমী তিথিত দেৱীৰ অষ্টম ৰূপৰ পূজন কৰাটো ফলদায়ক হয়।
চৈত্ৰ নৱৰাত্ৰিৰ অষ্টম দিন: মহাঅষ্টমী ব্ৰতৰ মহত্ব
দেৱী দুৰ্গাৰ ভক্তসকলে মাৰ কৃপা আৰু আশীৰ্বাদ লাভ কৰিবৰ বাবে নৱৰাত্ৰিৰ ন দিনত একেৰাহে তেওঁৰ পূজা-অৰ্চণা কৰে। কিন্তু যদিহে আপুনি নৱৰাত্ৰিৰ নদিন ব্ৰত ৰাখিব নোৱাৰে, তেনেহ’লে আপুনি অষ্টমী তিথিৰ ব্ৰত কৰিব পাৰে। মান্যতা আছে যে চ’ত মাহৰ দুৰ্গাষ্টমীত উপবাস কৰা জাতকসকলে নৱৰাত্ৰিৰ ন দিনৰ পূজাৰ সমান ফল প্ৰাপ্ত কৰে। জনাব বিচাৰিছোঁ যে অষ্টমী তিথিত দেৱী দুৰ্গাৰ অষ্টম ৰূপ মা মহাগৌৰীৰ উপাসনা কৰা হয় যাক সাক্ষাৎ অন্নপূৰ্ণাৰ ৰূপ হিচাপে গণ্য কৰা হয়। সেয়েহে মহাঅষ্টমীত কন্যাসকলক ভোজন কৰালে দেৱীৰ আশীৰ্বাদ প্ৰাপ্ত হয়।
বিদ্বান জ্যোতিষীসকলক প্ৰশ্ন সোধক আৰু লাভ কৰক আপোনাৰ সকলো সমস্যাৰ সমাধান
চৈত্ৰ নৱৰাত্ৰি 2025 ৰ অষ্টমী তিথিৰ পূজা বিধি
আদিশক্তিৰ অষ্টম স্বৰূপ মাতা মহাগৌৰীক প্ৰসন্ন কৰিবৰ বাবে অষ্টমী তিথিত এই বিধিৰে দেৱী পূজন কৰা হয়।
- মহাঅষ্টমী2025 তিথিতৰাতিপুৱা সোনকালে শোৱাৰপৰা উঠি স্নান কৰি পৰিষ্কাৰ বস্ত্ৰ পৰিধান কৰক আৰু পূজা স্থানত গাংগাজল ছটিয়াই শুদ্ধ কৰি লওক।
- পূজা আৰম্ভ কৰাৰ সময়ত সৰ্বপ্ৰথমে কলহ স্থাপনা কৰক আৰু তাৰপিছত প্ৰথমে পূজ্য শ্ৰী গণেশৰ ধ্যান কৰক।
- ইয়াৰ পিছত পৱিত্ৰ মনেৰে মাৰ মন্ত্ৰ জপ কৰক আৰু তেওঁক ৰঙা চূৰ্ণী অৰ্পণ কৰক।
- যদিহে আপুন অষ্টমী তিথিত কন্যা পূজন কৰিবলৈ ওলাইছে, তেনেহ’লে ৰঙা চূৰ্ণী কন্যাসকলক নিশ্চিতভাৱে প্ৰদান কৰক।
- ইয়াৰ পিছত দেৱীক চাউল, সেন্দুৰ, ফল আৰু ফুল আদি পূজন সামগ্ৰী অৰ্পণ কৰক।
- অষ্টমী পূজাত আপুনি দুৰ্গা যন্ত্ৰও ৰাখিব পাৰে।
- এতিয়া আপুনি হাতত বগা ফুল লৈ পৱিত্ৰ মনেৰে মা মহাগৌৰীৰ ধ্যান কৰক।
- দুৰ্গা সপ্তশতী পাঠ কৰক আৰু পূজাৰ অন্তত আৰতী কৰক।
- সৰ্বশেষত অজানিতে হোৱা ভুল-ত্ৰুটিৰ বাবে মাৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰক আৰু নিজৰ মনোকামনা পূৰ্তিৰ বাবে প্ৰাৰ্থনা কৰক।
মহাঅষ্টমী তিথিত ভুলতেও নকৰিব এই কাম
- চৈত্ৰ নৱৰাত্ৰিৰ অষ্টমী তিথিত দেৱী দুৰ্গাক নাৰিকলৰ ভোগ দিয়া হয়, কিন্তু এই দিনটোত নাৰিকল খোৱাটো বৰ্জিত। বিশ্বাস কৰা হয় যে নৱৰাত্ৰিৰ অষ্টমী তিথিত নাৰিকল সেৱন কৰিলে বুদ্ধি নাশ হয়।
- ইয়াৰ উপৰিও এই দিনটোত ৰঙালাও আৰু জাতিলাও খোৱাটোও মানা কাৰণ কিছুমান স্থানত, লাও কোমোৰা আদি বলি দিয়া হয়।
অষ্টীম তিথিত মাতা মহাগৌৰীক আগবঢ়াওক এই সামগ্ৰীবোৰৰ ভোগ
অষ্টমী তিথিত মাতা মহাগৌৰীৰ পূজনত তেওঁৰ প্ৰিয় বস্তুৰ ভোগ আগবঢ়োৱা হয় কাৰণ এনে কৰিলে আপুনি শুভ ফল প্ৰাপ্ত কৰিব পাৰে বুলি বিশ্বাস কৰা হয়। অষ্টমী তিথিৰ দিনা মহাগৌৰীক নাৰিকল বা নাৰিকলৰপৰা তৈয়াৰী বস্তুৰে ভোগ দিয়া হয়। যদিহে আপুনি মাক নাৰিকলৰ ভোগ দিয়ে তেনেহ’লে সেই নাৰিকল পিছত কোনো ব্ৰাহ্মণক দান কৰক। অথবা সেই নাৰিকল প্ৰসাদ হিচাপে মানুহৰ মাজত বিতৰণ কৰক। অষ্টমী তিথিত কন্যা পূজন কৰাসকলে দেৱীক পুৰি, চবজি, হালোৱা আৰু ৰঙা বুটৰ প্ৰসাদ হিচাপে ভোগ দিব পাৰে।
মহাৰাত্ৰি পূজনৰ বাবে মন্ত্ৰ
মাতা মহাগৌৰীৰ পূজা অষ্টম নৱৰাত্ৰিৰ দিনা নিম্নোক্ত মন্ত্ৰৰে কৰকষ
॥ঔঁ দেৱী মহাগৌৰ্য়ৈ নমঃ॥
প্ৰাৰ্থনা মন্ত্ৰ
শ্বেতে বৃষেসমাৰুঢা শ্বেতাম্বৰধৰা শুচিঃ।
মহাগৌৰী শুভং দধ্যান্মহাদেৱ প্ৰমোদদা॥
স্তুতি
যা দেৱী সৰ্বভূতেষু মা মহাগৌৰী ৰূপেণ সংস্থিতা।
নমস্তস্যৈ নমস্তস্যৈ সনস্তস্যৈ নমো নমঃ॥
স্ত্ৰোত
সৰ্বসংকট হন্ত্ৰী ত্ৱংহি ধন ঐশ্চৰ্য্য প্ৰদায়নীম।
জ্ঞানদা চতুৰ্বেদময়ী মহাগৌৰী প্ৰণমাম্যহম্॥
সুখ শান্তিদাত্ৰী ধন ধান্য প্ৰদায়নীম।
ডমৰুবাদ্যা প্ৰিয়া অধ্যা মহাগৌৰী প্ৰণমাম্যহম্॥
ত্ৰৌলোক্যমণ্ডল ত্ৱংহি তাপত্ৰয় হাৰিণীম।
ৱদদম্ চৈতন্যময়ী মহাগৌৰী প্ৰণমাম্যহম্।
কেৰিয়াৰক লৈ হৈ আছে টেনশ্যন! এতিয়াই অৰ্ডাৰ কৰক কগ্নিএষ্ট্ৰো প্ৰতিৱেদন
অষ্টমীৰ কন্যা পূজনৰ সময়ত এই কথাবোৰৰ প্ৰতি ৰাখক মনোযোগ
চৈত্ৰ নৱৰাত্ৰিৰ অষ্টমী আৰু নৱমী তিথি দুয়োটাতে কন্যা পূজন কৰা হয়। বিশেষকৈ অষ্টমী তিথিত কন্যা পূজনৰ যথেষ্ট গুৰুত্ব আছে। যদিহে আপুনি চৈত্ৰ নৱৰাত্ৰিৰ অষ্টমী তিথিত কন্যা পূজন কৰে তেনেহ’লেমহাঅষ্টমী2025 তএই কথাকেইটাৰ প্ৰতি গুৰুত্ব দিলে কন্যা পূজনৰপৰা লাভ কৰা ফল বৃদ্ধি কৰিব পাৰিব।
- কন্যা পূজনত সদায় 2 বছৰৰপৰা 10 বছৰ বয়সৰ কন্যাৰ পূজা কৰিব লাগে।
- জনাওঁ যে 2 বছৰৰ কন্যাক কুমাৰী, 3 বছৰৰ কন্যাক ত্ৰিমূৰ্তি, 4 বছৰৰ কন্যাক কল্যাণী, 5 वছৰৰ কন্যাক ৰোহিণী, 6 বছৰৰ কন্যাক কালিকা, 7 বছৰৰ কন্যাক চণ্ডিকা, 8 বছৰৰ কন্যাক শাম্ভৱী, 9 বছৰৰ কন্যাক দুৰ্গা আৰু 10 বছৰৰ কন্যাক সুভদ্ৰাৰ ৰূপ হিচাপে গণ্য কৰা হয়।
- কন্যা পূজনত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী কন্যাৰ আপুনি নিজে হাত-ভৰি ধুৱাই দিব লাগে আৰু সন্মান সহকাৰে আসন পাতি তেওঁলোকক তাত বহুৱাব লাগে।
- ইয়াৰ পিছত তেওঁলোকক শ্ৰদ্ধা সহকাৰে ৰালোৱা-পুৰি আৰু ৰঙা বুট খাবলৈ দিব লাগে।
- ভোজন কৰোৱাৰ পিছত কন্যাসকলৰ ভৰি চুই তেওঁলোকক দক্ষিনা দি বিদায় দিব লাগে।
মহাঅষ্টমীত দুখৰ সমাপ্তিৰ বাবে কৰক এই উপায়
- প্ৰেমিক বা প্ৰেমিকাৰ সৈতে নিজৰ সম্পৰ্ক শক্তিশালী কৰি তুলিবৰ বাবে অষ্টমী তিথিত দুটা জমুনিয়া ৰত্ন লৈ গংগাজনত ডুবাই ৰাখক। ইয়াৰ পিছত, পৰৱৰ্তী 11 দিন পৰ্য্যন্ত এই গংগাজল আপুনি নিজৰ ঘৰত ছটিয়াওক। লগতে, এই “বিধেহি দেৱী কল্যাণ বিধেহি পৰমা শ্ৰিয়ম” মন্ত্ৰ জপ কৰক।
- যিসকল জাতকৰ নিজৰ মন পছন্দৰ মানুহৰ সৈতে বিয়াত বহাত সমস্যা আহিছে, তেওঁলোকে অষ্টমীত দেৱী দুৰ্গাক প্ৰসাদ হিচাপে ইলাচীৰ ভোগ দিব পাৰে। ইয়াৰ উপৰিও, দেৱীৰ বাবে “সৰ্বমঙ্গল মাংগল্যে শিৱে সৰ্বাধিকে” মন্ত্ৰ 21 বাৰ জপ কৰক।
- যিসকল লোকে নিজৰ ব্যৱসায় বৃদ্ধি কৰিব বিচাৰে তেওঁলোকে অষ্টমীত স্নান কৰাৰ পিছত দেৱী দুৰ্গাৰ পূজা বিধি-বিধান কৰক আৰ কৰ্পূৰেৰে আৰতী কৰক। ইয়াৰ পিছত, মাতাক হালৱা আৰু বুটৰ ভোগ আগবঢ়াওক।
- যদিহে আপুনি সুখী আৰু প্ৰেমপূৰ্ম বৈবাহিক জীৱন লাভ কৰিব বিচাৰে তেনেহ’লে অষ্টমীত দেৱীৰ বাবে এই মন্ত্ৰ 21 বাৰ জপ কৰক: “বিধেহি দেৱী কল্যাণং বিধেহি পৰমাং শ্ৰিয়ম। ৰূপং দেহি দয়ং দেহি যশো দেহি দ্বিষো জহি।।”
মাতা মহাগৌৰীৰ সৈতে জড়িত পৌৰাণিক কাহিনী
ধৰ্মগ্ৰন্থত মাতা মহাগৌৰীৰ সৈতে জড়িত এটা কাহিনীৰ বৰ্ণনা পোৱা যায় যি কাহিনী অনুসৰি ভগৱান শিৱক পতি ৰূপে লাভ কৰিবৰ বাবে মাতা পাৰ্বতীয়ে প্ৰখৰ গৰমত, ভীষণ শীতত আৰু ভয়ংকৰ বৰষুণতো কঠোৰ তপস্যা কৰিছিল যাৰ ফলস্বৰূপে তেওঁৰ দেহৰ বৰণ ক’লা পৰি গৈছিল। ইয়াৰ পিছত, শিৱ মহাদেৱে মাতা পাৰ্বতীৰ তপস্যাত সন্তুষ্ট হৈ গংগাৰ পৱিত্ৰ জলেৰে তেওঁৰ স্নান কৰাইছিল আৰু এই স্নানৰদ্বাৰাই দেৱীৰ দেহৰ বৰণ গৌৰ হৈ পৰে, সেই সময়ৰপৰাই দেৱীক মাতা মহাগৌৰী নামেৰে জনা যায়।
সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক: এষ্ট্ৰোচেজ অনলাইন শ্বপিং ষ্টোৰ
আমি আশা ৰাখিছোঁ যে আপুনি এই প্ৰৱন্ধটো ভাল পাইছে। এষ্ট্ৰোচেজৰ সৈতে সংযুক্ত হৈ থকাৰ বাবে আপোনাক অশেষ ধন্যবাদ!
সঘনাই সোধা প্ৰশ্ন
1. মহাঅষ্টমী 2025 কেতিয়া আছে?
চৈত্ৰ নৱৰাত্ৰি 2025 ত অষ্টমী তিথি 5 এপ্ৰিল 2025 ত পালন কৰা হ’ব।
2. দেৱী দুৰ্গাৰ অষ্টম স্বৰূপ কোনটো?
মাতা ৰাণীৰ অষ্টম স্বৰূপটো হৈছে মা মহাগৌৰী।
3. অষ্টম নৱৰাত্ৰিত কাৰ পূজা কৰা হয়?
চৈত্ৰ নৱৰাত্ৰিৰ অষ্টমী তিথিত মাতা মহাগৌৰীৰ পূজা কৰা হয়।




