উপনয়ন মুহুৰ্ত 2025
সনাতম ধৰ্মত নিৰ্দ্ধাৰিত কৰা 16টা সংস্কাৰৰ ভিতৰত দশম সংস্কাৰ হৈছে উপনয়ন সংস্কাৰ অৰ্থাৎ লগুণ দিয়নি সংস্কাৰ। সনাতম ধৰ্মত পুৰুষসকলে লগুণ ধাৰণ কৰাৰ পৰম্পৰা প্ৰচলিত হৈ আহিছে। উপনয়ম শব্দৰ অৰ্থ হৈছে নিজকে আন্ধাৰৰপৰা আতৰাই আনি পোহৰৰ দিশে লৈ যোৱা। মান্যতা অনুসৰি কোৱা হয় যে উপনয়ম সংস্কাৰ হোৱাৰ পিছতহে বালকে ধৰ্মীয় কাৰ্য্যত অংশগ্ৰহণ কৰিব পাৰে। এই কাৰণবশতঃ হিন্দু ধৰ্মত উপনয়ন সংস্কাৰক বিশেষ গুৰুত্ব প্ৰদান কৰা হয়। আজি আপোনাক এই লিখনিটোৰ মাধ্যমেৰে শুভ উপনয়ন মুহুৰ্ত 2025 সম্পৰ্কে তথ্য প্ৰদান কৰিম। লগতে উপনয়ন সংস্কাৰৰ সৈতে জড়িত কিছুমান মনোগ্ৰাহী কথাও অৱগত কৰিম।
উপনয়ন সংস্কাৰ দৰাচলতে কি?
উপনয়ন সংস্কাৰত বালকসকলক লগুণ ধাৰণ কৰোৱা হয়। লগুণ হৈছে তিনিডাল জৰীৰ এডাল সূতা যাক পুৰুষে নিজৰ বাঁও কান্ধৰ ওপৰৰপৰা সোঁ বাহুৰ তলেৰে ধাৰণ কৰে। যদিহে আপুনি বৰ্ষ 2025 ত লগুণ ধাৰণ বা উপনয়ম সংস্কাৰ কৰিব বা কাৰোবাৰ বাবে কৰোৱাৰ কথা ভাবিছে তেনেহ’লে উপনয়ন মুহুৰ্ত 2025 সম্পৰ্কীয় সকলোতকৈ সঠিক আৰু বিস্তৃত তথ্য লাভ কৰিবৰ বাবে আমাৰ এই লিখনিটো শেষলৈকে পঢ়ক।
Read in English: Upnayana Muhurat 2025
উপনয়ন মুহুৰ্তৰ গুৰুত্ব
হিন্দু ধৰ্মৰ পালন কৰা লোকসকলৰ বাবে এই পৰম্পৰা বা সংস্কাৰক যথেষ্ট শক্তিশালী আৰু গুৰুত্বপূৰ্ণ হিচাপে গণ্য কৰা হয়। লগুণ দিয়নি সংস্কাৰ বা উপনয়ন সংস্কাৰৰ সৈতে বালকৰ বাল্যাৱস্থাৰপৰা যৌৱন অৱস্থালৈ উদয় হয়। এইখিনি সময়ত পূজাৰী বা কোনো পণ্ডিতে বালকজনৰ বাঁও কান্ধৰ ওপৰেৰে লৈ সোঁ বাহুৰ তলেৰে এডাল পৱিত্ৰ সূতা যাক লগুণ বুলি কোৱা হয় সেইডাল পিন্ধাই দিয়ে। লগুণ মুখ্যতঃ তিনিডাল সূতাৰে নিৰ্মিত হয় আৰু এই তিনিডাল সূতাই ব্ৰহ্মা, বিষ্ণু আৰু মহেশক প্ৰতিনিধিত্ব কৰে। এই সূতাকেইডালে দেৱগণ, পিতৃগণ আৰু ঋষিগণকো প্ৰতিনিধিত্ব কৰে।
ইয়াৰ উপৰিও আন এটা মত অনুসৰি কোৱা হয় যে এই সূতাকেইডালে সত্ব, ৰজঃ আৰু তম গুণক প্ৰতিনিধিত্ব কৰে। চতুৰ্থ মত অনুসৰি কোৱা হয় যে এই সূতাকেইডাল হৈছে গায়ত্ৰী মন্ত্ৰৰ তিনিটা চৰণৰ প্ৰতীক। উপনয়ন মুহুৰ্ত 2025 প্ৰৱন্ধ অনুসৰি পঞ্চম মত অনুসৰি কোৱা হয় যে এই সূতা হৈছে আশ্ৰমৰ প্ৰতীক। লগুণৰ কেইটামান মুখ্য কথা আছে যেনে,
নডাল জৰী: ইয়াত 9 ডাল জৰী থাকে। লগুণৰ প্ৰতিডাল সূতাত তিনিডাল জৰী থাকে যাক যুক্ত কৰিলে 9 ডাল হয়। এনে পৰিস্থিতিত মুঠ সংখ্যা 9 হয়।
পাঁচটা গাঁঠি: লগুণত পাঁচটা গাঁঠি থাকে। এই পাঁচটা গাঁঠিয়ে ব্ৰহ্মা, ধৰ্ম, কৰ্ম, কাম আৰু মোক্ষক প্ৰতিনিধিত্ব কৰে।
লগুণৰ দৈৰ্ঘ্য: লগুণৰ দৈৰ্ঘ্যৰ ক্ষেত্ৰত দেখা যায় যে উপনয়ন মুহুৰ্ত 2025 ত উল্লেখ কৰা অনুসৰি লগুণৰ দৈৰ্ঘ্য 96 আঙুলি হয়। ইয়াত লগুণ ধাৰণ কৰা ব্যক্তিগৰাকীক 64 কলা আৰু 32 বিদ্যা শিকিবৰ বাবে প্ৰয়াস কৰিবলৈ আহ্বান কৰা হৈছে। 32 বিদ্যাত থাকে চাৰি বেদ, চাৰি উপবেদ, 6 দৰ্শন, 6 আগম, 3 সূত্ৰ আৰু 9 আৰণ্যক।
লগুণ ধাৰণ কৰা: যেতিয়া কোনো বালকে লগুণ ধাৰণ কৰে তেতিয়া তেওঁ কেৱল এডাল দণ্ড হাতত লৈ থাকে। তেওঁ কেৱল এটা বস্ত্ৰ ধাৰণ কৰে য’ত কোনো চিলাই নাথাকে, গলত হালধীয়া ৰঙৰ বস্ত্ৰ লয়।
যজ্ঞ: লগুণ ধাৰণ কৰাৰ সময়ত এক যজ্ঞ কৰা হয় য’ত বালক আৰু তেওঁৰ পৰিয়ালৰ লোকে অংশগ্ৰহণ কৰে। তাৰপিছত পণ্ডিতক গুৰু দীক্ষা দিয়া হয়।
জীৱনৰ প্ৰতিটো সৰু-বৰ সমস্যাৰ সমাধান লাভ কৰিবৰ বাবে বিদ্বান জ্যোতিষীসকলৰ সৈতে ফোনত কথা পাতক আৰু চাট্ কৰক
গায়ত্ৰী মন্ত্ৰ: লগুণৰ আৰম্ভণি গায়ত্ৰী মন্ত্ৰৰে হয়। গায়ত্ৰী মন্ত্ৰত তিনিটা চৰণ থাকে।
তৎসবিদূৰ্ভৰেণ্যম- এয়া হৈছে প্ৰথম চৰণ।
ভৰ্গ দেৱস্য ধীমহি- ই হৈছে দ্বিতীয় চৰণ আৰু
ধিয়ো য়ো ন প্ৰচোদয়াৎ॥ তৃতীয় চৰণ হৈছে এয়া।
हिंदी में पढ़े : उपनयन मुहूर्त 2025
লগুণ সংস্কাৰৰ মন্ত্ৰ
য়জ্ঞোপৱীতং পৰমং প্ৰজাপতেৰ্য়্যৎসহজং পুৰস্তাত্।
আয়ুধংগ্ৰ প্ৰতিমুঞ্চ শুভ্ৰং যজ্ঞোপৱীতং বলমস্তু তেজঃ।।
2025 বৰ্ষৰ উপনয়ন মুহুৰ্ত
যদিহে আপুনি নিজৰ সন্তানৰ বাবে অথবা নিজৰ কোনো আপোন মানুহৰ বাবে উপনয়ন সংস্কাৰ মুহুৰ্তৰ সন্ধানত আছে তেনেহ’লে আমি আপোনাক সমস্যাৰ সমাধান প্ৰদান কৰিম কাৰণ এই বিশেষ লেখাটোত আমি আপোনাক উপনয়ন মুহুৰ্ত 2025 সম্পৰ্কীয় সঠিক তথ্য প্ৰদান কৰিবলৈ গৈ আছোঁ। এই মুহুৰ্ত নক্ষত্ৰ আৰু গ্ৰহসমূহৰ গতি-বিধি আৰু স্থিতিৰ ওপৰত গুৰুত্ব দি প্ৰস্তুত কৰা হৈছে।
জীৱনৰ যিকোনো সমস্যাৰ সমাধান লাভ কৰিবৰ বাবে প্ৰশ্ন সোধক
জানুৱাৰী 2025- শুভ উপনয়ন মুহুৰ্ত 2025 |
|
---|---|
তাৰিখ |
সময় |
1 জানুৱাৰী 2025 |
07:45-10:22 11:50-16:46 |
2 জানুৱাৰী 2025 |
07:45-10:18 11:46-16:42 |
4 জানুৱাৰী 2025 |
07:46-11:38 13:03-18:48 |
8 জানুৱাৰী 2025 |
16:18-18:33 |
11 জানুৱাৰী 2025 |
07:46-09:43 |
15 জানুৱাৰী 2025 |
07:46-12:20 13:55-18:05 |
18 জানুৱাৰী 2025 |
09:16-13:43 15:39-18:56 |
19 জানুৱাৰী 2025 |
07:45-09:12 |
30 জানুৱাৰী 2025 |
17:06-19:03 |
31 জানুৱাৰী 2025 |
07:41-09:52 11:17-17:02 |
ফেব্ৰুৱাৰী 2025- শুভ উপনয়ন মুহুৰ্ত 2025 |
|
---|---|
তাৰিখ |
সময় |
1 ফেব্ৰুৱাৰী 2025 |
07:40-09:48 11:13-12:48 |
2 ফেব্ৰুৱাৰী 2025 |
12:44-19:15 |
7 ফেব্ৰুৱাৰী 2025 |
07:37-07:57 09:24-14:20 16:35-18:55 |
8 ফেব্ৰুৱাৰী 2025 |
07:36-09:20 |
9 ফেব্ৰুৱাৰী 2025 |
07:35-09:17 10:41-16:27 |
14 ফেব্ৰুৱাৰী 2025 |
07:31-11:57 13:53-18:28 |
17 ফেব্ৰুৱাৰী 2025 |
08:45-13:41 15:55-18:16 |
মাৰ্চ 2025- শুভ উপনয়ন মুহুৰ্ত 2025 |
|
---|---|
তাৰিখ |
সময় |
1 মাৰ্চ 2025 |
07:17-09:23 10:58-17:29 |
2 মাৰ্চ 2025 |
07:16-09:19 10:54-17:25 |
14 মাৰ্চ 2025 |
14:17-18:55 |
15 মাৰ্চ 2025 |
07:03-11:59 14:13-18:51 |
16 মাৰ্চ 2025 |
07:01-11:55 14:09-18:47 |
31 মাৰ্চ 2025 |
07:25-09:00 10:56-15:31 |
এপ্ৰিল 2025- শুভ উপনয়ন মুহুৰ্ত 2025 |
|
---|---|
তাৰিখ |
সময় |
2 এপ্ৰিল 2025 |
13:02-19:56 |
7 এপ্ৰিল 2025 |
08:33-15:03 17:20-18:48 |
9 এপ্ৰিল 2025 |
12:35-17:13 |
13 এপ্ৰিল 2025 |
07:02-12:19 14:40-19:13 |
14 এপ্ৰিল 2025 |
06:30-12:15 14:36-19:09 |
18 এপ্ৰিল 2025 |
09:45-16:37 |
30 এপ্ৰিল 2025 |
07:02-08:58 11:12-15:50 |
মে’ 2025- শুভ উপনয়ন মুহুৰ্ত 2025 |
|
---|---|
তাৰিখ |
সময় |
1 মে’ 2025 |
13:29-20:22 |
2 মে’ 2025 |
06:54-11:04 |
7 মে’ 2025 |
08:30-15:22 17:39-18:46 |
8 মে’ 2025 |
13:01-17:35 |
9 মে’ 2025 |
06:27-08:22 10:37-17:31 |
14 মে’ 2025 |
07:03-12:38 |
17 মে’ 2025 |
07:51-14:43 16:59-18:09 |
28 মে’ 2025 |
09:22-18:36 |
29 মে’ 2025 |
07:04-09:18 11:39-18:32 |
31 মে’ 2025 |
06:56-11:31 13:48-18:24 |
জুন 2025- শুভ উপনয়ন মুহুৰ্ত 2025 |
|
---|---|
তাৰিখ |
সময় |
5 জুন 2025 |
08:51-15:45 |
6 জুন 2025 |
08:47-15:41 |
7 জুন 2025 |
06:28-08:43 11:03-17:56 |
8 জুন 2025 |
06:24-08:39 |
12 জুন 2025 |
06:09-13:01 15:17-19:55 |
13 জুন 2025 |
06:05-12:57 15:13-17:33 |
15 জুন 2025 |
17:25-19:44 |
16 জুন 2025 |
08:08-17:21 |
26 জুন 2025 |
14:22-16:42 |
27 জুন 2025 |
07:24-09:45 12:02-18:56 |
28 জুন 2025 |
07:20-09:41 |
30 জুন 2025 |
09:33-11:50 |
শনি প্ৰতিৱেদনৰ জৰিয়তে জানক আপোনাৰ জীৱনত শনিৰ প্ৰভাৱৰ বিষয়ে
জুলাই 2025- শুভ উপনয়ন মুহুৰ্ত 2025 |
|
---|---|
তাৰিখ |
সময় |
5 জুলাই 2025 |
09:13-16:06 |
7 জুলাই 2025 |
06:45-09:05 11:23-18:17 |
11 জুলাই 2025 |
06:29-11:07 15:43-20:05 |
12 জুলাই 2025 |
07:06-13:19 15:39-20:01 |
26 জুলাই 2025 |
06:10-07:51 10:08-17:02 |
27 জুলাই 2025 |
16:58-19:02 |
আগষ্ট 2025- শুভ উপনয়ন মুহুৰ্ত 2025 |
|
---|---|
তাৰিখ |
সময় |
3 আগষ্ট 2025 |
11:53-16:31 |
4 আগষ্ট 2025 |
09:33-11:49 |
6 আগষ্ট 2025 |
07:07-09:25 11:41-16:19 |
9 আগষ্ট 2025 |
16:07-18:11 |
10 আগষ্ট 2025 |
06:52-13:45 16:03-18:07 |
11 আগষ্ট 2025 |
06:48-11:21 |
13 আগষ্ট 2025 |
08:57-15:52 17:56-19:38 |
24 আগষ্ট 2025 |
12:50-17:12 |
25 আগষ্ট 2025 |
06:26-08:10 12:46-18:51 |
27 আগষ্ট 2025 |
17:00-18:43 |
28 আগষ্ট 2025 |
06:28-12:34 14:53-18:27 |
ছেপ্তেম্বৰ 2025- শুভ উপনয়ন মুহুৰ্ত 2025 |
|
---|---|
তাৰিখ |
সময় |
3 ছেপ্তেম্বৰ 2025 |
09:51-16:33 |
4 ছেপ্তেম্বৰ 2025 |
07:31-09:47 12:06-18:11 |
24 ছেপ্তেম্বৰ 2025 |
06:41-10:48 13:06-18:20 |
27 ছেপ্তেম্বৰ 2025 |
07:36-12:55 |
অক্টোবৰ 2025- শুভ উপনয়ন মুহুৰ্ত 2025 |
|
---|---|
তাৰিখ |
সময় |
2 অক্টোবৰ 2025 |
07:42-07:57 10:16-16:21 17:49-19:14 |
4 অক্টোবৰ 2025 |
06:47-10:09 12:27-17:41 |
8 অক্টোবৰ 2025 |
07:33-14:15 15:58-18:50 |
11 অক্টোবৰ 2025 |
09:41-15:46 17:13-18:38 |
24 অক্টোবৰ 2025 |
07:10-11:08 13:12-17:47 |
26 অক্টোবৰ 2025 |
14:47-19:14 |
31 অক্টোবৰ 2025 |
10:41-15:55 17:20-18:55 |
নৱেম্বৰ 2025- শুভ উপনয়ন মুহুৰ্ত 2025 |
|
---|---|
তাৰিখ |
সময় |
1 নৱেম্বৰ 2025 |
07:04-08:18 10:37-15:51 17:16-18:50 |
2 নৱেম্বৰ 2025 |
10:33-17:12 |
7 নৱেম্বৰ 2025 |
07:55-12:17 |
9 নৱেম্বৰ 2025 |
07:10-07:47 10:06-15:19 16:44-18:19 |
23 নৱেম্বৰ 2025 |
07:21-11:14 12:57-17:24 |
30 নৱেম্বৰ 2025 |
07:42-08:43 10:47-15:22 16:57-18:52 |
ডিচেম্বৰ 2025- শুভ উপনয়ন মুহুৰ্ত 2025 |
|
---|---|
তাৰিখ |
সময় |
1 ডিচেম্বৰ 2025 |
07:28-08:39 |
5 ডিচেম্বৰ 2025 |
07:31-12:10 13:37-18:33 |
6 ডিচেম্বৰ 2025 |
08:19-13:33 14:58-18:29 |
21 ডিচেম্বৰ 2025 |
11:07-15:34 17:30-19:44 |
22 ডিচেম্বৰ 2025 |
07:41-09:20 12:30-17:26 |
24 ডিচেম্বৰ 2025 |
13:47-17:18 |
25 ডিচেম্বৰ 2025 |
07:43-12:18 13:43-15:19 |
29 ডিচেম্বৰ 2025 |
12:03-15:03 16:58-19:13 |
আপুনি এই কথা জানেনে? অনেক শাস্ত্ৰত নাৰীয়ে লগুণ ধাৰণ কৰাৰ কথাও উল্লেখ আছে। কিন্তু সেয়া পুৰুষৰ দৰে কান্ধৰপৰা বাহুলৈ নহয় বৰঞ্চ ডিঙিৰ হাৰৰ দৰে ধাৰণ কৰা হয়। প্ৰাচীন সময়ক বিবাহিত পুৰুষসকলে দুডাল পৱিত্ৰ সূতা বা লগুণ ধাৰণ কৰিছিল যাৰ এডাল তেওঁলোকে নিজৰ বাবে আৰু আনডাল নিজৰ পত্নীৰ বাবে ধাৰণ কৰিছিল।
প্ৰেম সম্পৰ্কীয় সমস্যাৰ সমাধানৰ বাবে গ্ৰহণ কৰক প্ৰেম সম্পৰ্কীয় পৰামৰ্শ
উপনয়ন সংস্কাৰৰ সঠিক বিধি
এতিয়া কথা পাতোঁ এই এই সংস্কাৰৰ সঠিক বিধিৰ বিষয়ে। উপনয়ন সংস্কাৰ বা লগুণ দিয়নি সংস্কাৰ আৰম্ভ কৰাৰ পূৰ্বে বালকৰ মুণ্ডন নিশ্চিতভাৱে কৰাব লাগে।
- উপনয়ন মুহুৰ্ত 2025 হোৱাৰ দিনাখন বালকক সৰ্বপ্ৰথমে স্নান কৰোৱা হয় তাৰিপছত তেওঁৰ কপাল আৰু শৰীৰত চন্দনৰ লেপন লগোৱা হয়।
- ইয়াৰ পিছত বাৰ হোমৰ প্ৰস্তুতি আৰম্ভ কৰি দিয়া হয়। এইখিনি সময়ত বালকে ভগৱান গণেশৰ পূজা কৰে।
- দেৱ-দেৱীৰ আৱাহন কৰিবৰ বাবে গায়ত্ৰী মন্ত্ৰ 10,000 বাৰ জপ কৰা হয়।
- উপনয়ন মুহুৰ্ত 2025 প্ৰৱন্ধ অনুসৰি এইখিনি সময়ত বালকগৰাকীয়ে শাস্ত্ৰৰ শিক্ষা পালন কৰিবৰ বাবে আৰু ব্ৰত ৰখাৰ সংকল্প গ্ৰহণ কৰে।
- ইয়াৰ পিছত বালকে নিজতকৈ বয়সত সৰু ল’ৰাৰ সৈতে চুৰমা খায় আৰু পুণৰ স্নান কৰে।
- পিতৃ বা পৰিয়ালৰ কোনো জ্যেষ্ঠ্য় সদস্যই বালকৰ সম্মুখত গায়ত্ৰী মন্ত্ৰ পাঠ কৰে আৰু বালকক কয় যে 'আপুনি আজিৰপৰা ব্ৰাহ্মণ হ’ল'।
- তাৰপিছত তেওঁ বালকগৰাকীক এডাল দণ্ড দিয়ে আৰু তাত এডাল জৰী আৰু এটা টোপোলা বন্ধা থাকে।
- ইয়াৰ পিছত বালক ব্ৰাহ্মণগৰাকীয়ে আশে-পাশে থকা লোকৰপৰা ভিক্ষা মাগে।
- বিশ্বাস অনুসৰি কোৱা হয় যে বালকে ৰাতি খাই বৈ উঠাৰ পিছত ঘৰৰপৰা গুচি যায় কাৰণ তেওঁ অধ্যয়নৰ বাবে কাশী অভিমুখে যায়গৈ। কিছু সময়ৰ পিছত ঘৰৰ মানুহ গৈ বিবাহৰ কথা কৈ তেওঁক ওভটাই লৈ আহে।
উপনয়ন সংস্কাৰৰ সৈতে জড়িত বিশেষ নিয়ম
উপনয়ন সংস্কাৰ 2025 সম্পৰ্কীয় কিছুমান বিশেষ নিয়মো নিৰ্দ্ধাৰিত কৰা হৈছে। এই নিয়মসমূহৰ বিষয়ে জানো আহক।
- লগুণ দিয়নি সংস্কাৰৰ দিনা বা উপনয়ন মুহুৰ্ত 2025 হোৱাৰ দিনা যজ্ঞৰ আয়োজন কৰা উচিত।
- যি বালকৰ বাবে উপনয়ন সংস্কাৰ কৰা হয় তেওঁ নিজৰ পৰিয়ালৰ সৈতে এই যজ্ঞত নিশ্চয় অংশগ্ৰহণ কৰিব লাগিব।
- সেইদিনা বালকগৰাকী অৰ্থাৎ যাৰ উপনয়ন কৰা হৈছে তেওঁ নিসিলোৱা বস্ত্ৰ ধাৰণ কৰা উচিত আৰু হাতত এডাল দণ্ড ধৰিব লাগে, ডিঙিত হালধীয়া বস্ত্ৰ আৰু ভৰিত খৰম পিন্ধিব লাগে।
- মুণ্ডনৰ সময়ত বালকৰ কপালত একোছা চুলি নিশ্চয় এৰি দিব লাগে।
- লগুণ হালধীয়া লঙৰ হয় আৰু বালকে এইডাল গুৰু দীক্ষাৰ সৈতে পৰিধান কৰিব লাগে।
- ব্ৰাহ্মণৰ বাবে পৱিত্ৰ লগুণ দিয়নি সংস্কাৰৰ বয়স হৈছে 8 বছৰ, ক্ষত্ৰিয় বালকৰ বাবে 11 বছৰ, বৈশ্যৰ বাবে 12 বছৰ।
মনোগ্ৰাহী তথ্য: কোৱা হয় যে উপনয়ম সংস্কাৰৰ সময়ত লগুণ পৰিধান কৰাৰ ফলত ব্যক্তি আধ্যাত্মিকতাৰ সৈতে জড়িত হৈ পৰে। তেওঁলোক বেয়া কাম, বেয়া চিন্তাৰপৰা আতৰি যায় আৰু নিজৰ জীৱনটো আধ্যাত্মিক কৰি তোলে।
লগুণৰ ধৰ্মীয় আৰু বৈজ্ঞানিক গুৰুত্ব আপুনি জানে নে?
উপনয়ন মুহুৰ্ত 2025 প্ৰৱন্ধ অনুসৰি হিন্দু সংস্কাৰত কোৱা হৈছে যে সকলো সংস্কাৰৰ ধৰ্মীয় গুৰুত্বৰ লগতে বৈজ্ঞানিক গুৰুত্বও আছে। লগুণ দিয়নিৰ ক্ষেত্ৰত দেখা যায় যে ইয়াৰ ধৰ্মীয় আৰু বৈজ্ঞানিক গুৰুত্বৰ লগতে স্বাস্থ্যসন্মত লাভো আছে, লগুণ ধাৰণ কৰাৰ ফলত কিছুমান উচিত নিয়মৰ পালন কৰা হয় আৰু যদিহে কোনো ব্যক্তিয়ে এই নিয়মসূহৰ পালন কৰে তেতিয়া সেই ব্যক্তিগৰাকীয়ে অত্যন্ত সফল জীৱন যাপন কৰিব পাৰে, এনে ব্যক্তিয়ে কোনো দুঃস্বপ্ন নেদেখে কাৰণ লগুণ হৃদয়ৰ সৈতে জড়িত হৈ থাকে।
লগতে এই সূতাডালে ব্যক্তিক দাঁত, পেট আৰু বেক্টেৰিয়াৰপৰা হোৱা সমস্যাৰপৰা আতৰাই ৰাখে। যেতিয়া এই পৱিত্ৰ সূতাডাল কান্ধৰ ওপৰেৰে বন্ধা যায় তেতিয়া ইয়াৰদ্বাৰা সূৰ্য্য নাড়ী দাগ্ৰত হয়। এই সূতাডালে ব্যক্তিক পেটৰ সৈতে জড়িত সমস্যা আৰু ৰক্তচাপৰপৰা দূৰত ৰাখে। লগতে ই ক্ৰোধৰো নিয়ন্ত্ৰণ কৰে।
2025 বৰ্ষৰ উপনয়ন সংস্কাৰ: এই কথাকেইটাৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক
যেতিয়া উপনয়ন মুহুৰ্ত 2025 সম্পৰ্কে গণনা কৰা হয় তেতিয়া ইয়াৰ বাবে কিছুমান কথাৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰিব লাগে যেনে,
নক্ষত্ৰ: উপনয়ন মুহুৰ্তৰ বাবে আৰ্দ্ৰা নক্ষত্ৰ, অশ্বিনী নক্ষত্ৰ, হস্ত নক্ষত্ৰ, পুষ্য নক্ষত্ৰ, অশ্লেষা নক্ষত্ৰ, পুণৰ্বসু নক্ষত্ৰ, স্বাতী নক্ষত্ৰ, শ্ৰৱণ নক্ষত্ৰ, ধনিষ্ঠা নক্ষত্ৰ, শতভিষা নক্ষত্ৰ, মূল নক্ষত্ৰ, চিত্ৰা নক্ষত্ৰ, মৃগশিৰা নক্ষত্ৰ, পূৰ্বফাল্গুনী নক্ষত্ৰ, পূৰ্বষাড়া নক্ষত্ৰ, পূৰ্বভাদ্ৰপদ নক্ষত্ৰক বিশেষ শুভ হিচাপে গণ্য কৰা হয়। এনে পৰিস্থিতিত এই নক্ষত্ৰসমূহৰ প্ৰতি বিশেষ মনোযোগ ৰাখিব লাগে।
বাৰ: বাৰৰ ক্ষেত্ৰত দেখা যায় যে উপনয়ন মুহুৰ্তৰ বাবে দেওবাৰ, সোমবাৰ, বুধবাৰ, বৃহস্পতিবাৰ আৰু শুক্ৰবাৰক বিশেষ শুভ হিচাপে গণ্য কৰা হয়।
লগ্ন : লগ্নৰ ক্ষেত্ৰত দেখা যায় যে লগ্নৰপৰা শুভ গ্ৰহ সপ্তম, অষ্টম আৰু দ্বাদশ গৃহত স্থিত হোৱাটোক যথেষ্ট শুভ বুলি ভবা হয় অথবা শুভ গ্ৰহ কোনো তৃতীয়, ষষ্ঠ, একাদশ গৃহত স্থিত হ’লে ইয়াক শুভ হিচাপে গণ্য কৰা হয়। ইয়াৰ উপৰিও যদিহে চন্দ্ৰমা লগ্ন গৃহত বৃষ ৰাশি বা কৰ্কট ৰাশিত স্থিত হয় তেতিয়া ইয়াক অত্যন্ত শুভ স্থিতি বুলি বিবেচিত কৰা হয়।
মাহ: মাহৰ ক্ষেত্ৰত ক’ব পাৰি যে চ’ত মাহ, ব’হাগ মাহ, মাঘ মাহ আৰু ফাগুন মাহক লগুণ দিয়নি সংস্কাৰৰ বাবে অতি শুভ হিচাপে গণ্য কৰা হয়।
লগুণ ধাৰণ কৰিছে যদি এই কথাকেইটাৰ প্ৰতি বিশেষ মনোযোগ দিয়ক
- লগুণ ধাৰণ কৰাৰ পিছত যেতিয়া ব্যক্তি শৌচ কৰিবৰ বাবে যায় তেতিয়া তেওঁ লগুণডাল নিজৰ কাণত মেৰিয়াই ল’ব লাগে। এনে কৰাৰ ফলত কাণৰ কাষৰ কিছুমান শিৰাত হেঁচা পৰে যাৰ ফলত ৰক্তচাপ নিয়ন্ত্ৰিত হয়
- সোঁ কাণ কাষত শৰীৰৰ এনে কিছুমান স্নায়ু থাকে যাৰ সম্পৰ্ক গুপ্ত ইন্দ্ৰিয়ৰ সৈতে থাকে। এনে অৱস্থাত অজ্ঞাতেই ব্যক্তিৰ শুক্ৰাণুৰ ৰক্ষা হয়।
- মেডিকেল গৱেষণাতো পোৱা গৈছে যে যি ব্যক্তিয়ে লগুণ ধাৰণ কৰে তেওঁলোকৰ হৃদৰোগ, ৰক্তচাপ, আদি হোৱাৰ আশংকা অন্য লোকতকৈ কম থাকে।
- যিসকল লোকে দৈনিক কাণত লগুণ মেৰিয়াই লয় তেওঁলোকৰ স্মৰণ শক্তি তীক্ষ্ণ হয়।
- যজ্ঞোপৱীত বা লগুণ ধাৰণ কৰাৰ ফলত ব্যক্তিৰ শাৰীৰিক আৰু মানসিক দুয়োটা স্বাস্থ্য শক্তিশালী হৈ থাকে। এনে ব্যক্তিয়ে বেয়া কাম নকৰে আৰু এনে ব্যক্তিৰ ওচৰলৈ বেয়া আত্মা নাহে।
সকলো ধৰণৰ জ্যোতিষীয় সমাধানৰ বাবে ক্লিক কৰক: এষ্ট্ৰোচেজ অনলাইন শ্বপিং ষ্টোৰ
আমি আশা কৰিছোঁ যে আমাৰ এই উপনয়ন মুহুৰ্তৰ বিশেষ লিখনিটো আপোনাৰ বাবে নিশ্চয় সহায়ক প্ৰমাণিত হ’ব আৰু আপুনি ইয়াৰপৰা সঠিক তথ্যসমূহ লাভ কৰিব পাৰিব। যদিহে এনে হয় তেনেহ’লে আপুনি ইয়াক নিজৰ শুভাকাংক্ষীসকলৰ সৈতে শ্যেয়াৰ কৰিবলৈ নাপাহৰিব। এষ্ট্ৰোচেজৰ সৈতে সংযুক্ত হৈ থকাৰ বাবে আপোনাক অশেষ অশেষ ধন্যবাদ!
Astrological services for accurate answers and better feature
Astrological remedies to get rid of your problems
AstroSage on MobileAll Mobile Apps
- Rashifal 2025
- Horoscope 2025
- Chinese Horoscope 2025
- Saturn Transit 2025
- Jupiter Transit 2025
- Rahu Transit 2025
- Ketu Transit 2025
- Ascendant Horoscope 2025
- Lal Kitab 2025
- Shubh Muhurat 2025
- Hindu Holidays 2025
- Public Holidays 2025
- ராசி பலன் 2025
- రాశిఫలాలు 2025
- ರಾಶಿಭವಿಷ್ಯ 2025
- ਰਾਸ਼ੀਫਲ 2025
- ରାଶିଫଳ 2025
- രാശിഫലം 2025
- રાશિફળ 2025
- రాశిఫలాలు 2025
- রাশিফল 2025 (Rashifol 2025)
- Astrology 2025